সমললৈ যাওক

তোমালৈ/তোমালৈ

ৱিকিউৎসৰ পৰা

তোমালৈ
তোমাক ৰূপহী বুলি স্তুতিগান কৰা নাই কিন্তু
বুজিব নোৱাৰা নেকি তুমি ?
মই তো বিচৰা নাই
স্নিগ্ধ নাৰীস্পৰ্শ মাথোঁ,
দু'খনি ননীৰ হাত,
চম্পাৰ পাপৰি সানি গঢ় দিয়া দেহাটি তোমাৰ !
মোক লাগে নির্ঝৰিণী মন
মোৰেই পৰশ পাই সঞ্জীৱিত অহল্যাৰ
শিলচেঁচা বুকু মথি
উৎসাৰিত, গতিময় মন ।
দেহ মোৰ শিহৰিত তোমাৰ দেহৰ সুৰভিৰে ;
ৰোমাঞ্চ, পুলক, স্বেদ :
সি যে মাথোঁ স্থূল পৰশন !
তেও তাৰ আঁৰে আঁৰে জৰাজয়ী অমৃত বিকণ
সি যে এই মন৷


পঞ্চেন্দ্রিয় প্রদীপেৰে দেহৰ আৰতি কৰি
তাকেই পৰম বুলি নাভাবিম মই ।
আশ্লেষৰ ক্লান্তি দূৰ কৰি
শঙ্খৰ নিচিনা বগা দুয়ো স্তন, লৱণু দেহৰ
ভাঁজে ভাঁজে প্রেমময় মনে যেন গীত হৈ বয়,
গীতে যেন পাটৰ মেখেলা হৈ নিতম্ব আৱৰে,
আৰু তাৰ পাতলিত
টুঙ টাঙ, সুৰ হয় কাৰ্শলাবন।
মই ভালপাওঁ এই গীতময় দেহোত্তৰ মন!


সৌন্দৰ্যৰ জোখ যদি নাক, মুখ, চেলাউৰি,
তুমি তো ক্ষণিকা,
শোটোবা শোটোৰ হ'ব দুদিনতে তোমাৰ শ্ৰীমুখ,
চূৰ্ণ হ'ব এই অহমিকা।


সেয়ে দেহৰ পাৰ ভাঙি দি এই দেহোত্তীৰ্ণ মনে
বক্ষৰ বৈকুণ্ঠ ভেদি গীত হৈ বোৱতী হওক!
গীতল মেখেলা হৈ
শঙ্খৰ নিচিনা বগা কৰঙন আৱৰি দিয়ক!
সৰ্বাঙ্গ সাৱটি ধৰি মৰমৰ গান-গোৱা স্নিগ্ধ, শুভ্ৰ মন,
—দেহৰ টবত ফুলা ৰজনীগন্ধাৰ থোক—
সেয়ে মোৰ অতিকে আপোন।