তোমালৈ/তোমালৈ
অৱয়ব
< তোমালৈ
- তোমালৈ
- তোমাক ৰূপহী বুলি স্তুতিগান কৰা নাই কিন্তু
- বুজিব নোৱাৰা নেকি তুমি ?
- মই তো বিচৰা নাই
- স্নিগ্ধ নাৰীস্পৰ্শ মাথোঁ,
- দু'খনি ননীৰ হাত,
- চম্পাৰ পাপৰি সানি গঢ় দিয়া দেহাটি তোমাৰ !
- মোক লাগে নির্ঝৰিণী মন
- মোৰেই পৰশ পাই সঞ্জীৱিত অহল্যাৰ
- শিলচেঁচা বুকু মথি
- উৎসাৰিত, গতিময় মন ।
- দেহ মোৰ শিহৰিত তোমাৰ দেহৰ সুৰভিৰে ;
- ৰোমাঞ্চ, পুলক, স্বেদ :
- সি যে মাথোঁ স্থূল পৰশন !
- তেও তাৰ আঁৰে আঁৰে জৰাজয়ী অমৃত বিকণ
- সি যে এই মন৷
- পঞ্চেন্দ্রিয় প্রদীপেৰে দেহৰ আৰতি কৰি
- তাকেই পৰম বুলি নাভাবিম মই ।
- আশ্লেষৰ ক্লান্তি দূৰ কৰি
- শঙ্খৰ নিচিনা বগা দুয়ো স্তন, লৱণু দেহৰ
- ভাঁজে ভাঁজে প্রেমময় মনে যেন গীত হৈ বয়,
- গীতে যেন পাটৰ মেখেলা হৈ নিতম্ব আৱৰে,
- আৰু তাৰ পাতলিত
- টুঙ টাঙ, সুৰ হয় কাৰ্শলাবন।
- মই ভালপাওঁ এই গীতময় দেহোত্তৰ মন!
- সৌন্দৰ্যৰ জোখ যদি নাক, মুখ, চেলাউৰি,
- তুমি তো ক্ষণিকা,
- শোটোবা শোটোৰ হ'ব দুদিনতে তোমাৰ শ্ৰীমুখ,
- চূৰ্ণ হ'ব এই অহমিকা।
- সেয়ে দেহৰ পাৰ ভাঙি দি এই দেহোত্তীৰ্ণ মনে
- বক্ষৰ বৈকুণ্ঠ ভেদি গীত হৈ বোৱতী হওক!
- গীতল মেখেলা হৈ
- শঙ্খৰ নিচিনা বগা কৰঙন আৱৰি দিয়ক!
- সৰ্বাঙ্গ সাৱটি ধৰি মৰমৰ গান-গোৱা স্নিগ্ধ, শুভ্ৰ মন,
- —দেহৰ টবত ফুলা ৰজনীগন্ধাৰ থোক—
- সেয়ে মোৰ অতিকে আপোন।