সমললৈ যাওক

তোমালৈ/চিলঙৰ উত্তৰ

ৱিকিউৎসৰ পৰা

চিলঙৰ উত্তৰ :
তোমাৰ চিঠিয়ে, মিতা, জানিছিল ইমান মোহিনী,
নিতৌ-নোহোৱা বাহী টিঙপাত বিলাতী মাটিৰ
প্ৰাৰ্থনাত কেতিয়াও পোৱা নাই অকণো আমনি,
কিয় তেনে হ'ব লাগে অলপতে ইমান অধীৰ ?
সময় যে বৰ বেয়া, ময়ো জানো। কাৱৈ মাছৰ
জীয়াতু মৰণভোগ ভাগ্যত লিখিলে বিধাতাই
দিবানিশি খুচি আছে সম্পাদকে সংবাদপত্রৰ,
নতুন দিল্লীত হেমে, চিলঙত শঙ্কৰবোপাই।
দেশপ্ৰেম মোৰে৷ আছে—কতবাৰ খাটিলোঁ দিল্লীত
নেতাই নুশুনে কথা, হাঁহে মোৰ পিঠি চপ'ৰাই,
এইবোৰ দেখি শুনি, বুজিছানে, ওঁঠৰ অমৃত
জিভাত তিতাহে লাগে, অন্তৰত মুঠে শান্তি নাই।
তথাপি আশ্রম-শান্তি নাই মোৰ ললাট-লিপিত।
যত সুঙো, চুমা খাওঁ নিচা লাগে মন্ত্ৰীৰ গাদীত।