সমললৈ যাওক

তোমালৈ/গাঁৱৰ চিঠি

ৱিকিউৎসৰ পৰা

এহাল চনেট
গাঁৱৰ চিঠি:
স্বৰাজৰ সুৱদি সোৱাদ, প্ৰভু, তেৰাৰ কৃপাত
এই অধমেও পালে। নিন্দুকক কেৰেপ নকৰি
কওঁ, এই বজাৰতো নিষ্ঠাবানে পায় টিঙপাত
পাৰ হ'ব জানে যদি বলধৰ নেগুৰত ধৰি
ৰঙাফিটা, ফাইল আৰু পাৰ্টিৰ ভব-বৈতৰণী ।
আছিল জুপুৰিঘৰ, ভাঙি ম‍ই টিঙৰ বঙলা
সজালোঁ কিহৰ গুণে? কৈছিলোঁ তাকেই অথনি
সি যে মোৰ খদ্দৰত দিবানিশি ভকতি অচলা।


ৰাইজে নুবুজে তেওঁ । ডেকামথা বৰ বেয়া হ'ল
পোৱালি-শোধনাগাৰ অকামিলা বুলি কৈ ফুৰে
য'তে ত'তে। কি যে হ'ব, হে ঈশ্বৰ ! মোৰ দিন গ'ল,
পঢ়িবলে' পঠালে৷ ল'ৰাক — সিও-ঝাণ্ডা লৈ ফুৰে।


দেশৰ কামত আৰু ৰুচি নাই, নিমিলে সম্ভ্রম।
আহত চিলঙ্, এৰি দুয়ো মিলি পাতিম আশ্রম।