তোমালৈ/ওর্কা
অৱয়ব
< তোমালৈ
- ওর্কা
- এই বিস্তীর্ণ খলাখপা চাহবাগিছাৰ বণুৱা বস্তিত
- আমি কাহানিও ভুমুকি মৰা নাছিলোঁ।
- কেতিয়াবা জংচনলৈ যাওঁতে
- বাট চমুৱাবৰ হ'লে
- আমি এইবোৰ বস্তি, চকু মুদি, ডেই পাৰ হৈ গৈছিলো।
- কিয়নো, আমাৰ দেউতাহঁতে কৈছিল :
- চাহবনুৱা আৰু তেওঁলোকৰ ল'ৰা-ছোৱালীবোৰ তেনেই অকৰা।
- ৰাতি হ'লে তেওঁলোকৰ চুবুৰিত হেনো মাজে মাজে ওর্কা ওলায় ৷
- কিন্তু এইবোৰ তাহানিৰ কথা। পাছত,
- বৰষুণ-বাদলক কাতি কৰি হ'লেও
- ৰাতি ৰাতি বহুৱা বস্তিবোৰত
- কিহবাৰ পম খেদি মই ফুৰিছিলোঁ।
- এদিন মাজনিশা ওচৰৰ মুণ্ডালাইনৰপৰা
- দুম্ দুম্···নাগৰাৰ শব্দ ভাহি আহিছিল ।
- জংচন-মুৱা ইঞ্জিনে তাৰ আউলী-বাউলী চুলিটাৰি
- বগা কুঁৱলীত মেলি দিছিল ।
- আৰু সেই মুহূৰ্ত্ততে
- বুঢ়া ডালব্রীজ চাহাবৰ এচকুৱা মটৰগাড়ীৰ পোহৰে
- এচকলা ডাঠ এন্ধাৰক খামোচ মাৰি ওফৰাই দিছিল ৷
- শিমলুজোপাৰ আঁৰ লৈ বহি পৰিছিলো তৎক্ষণাৎ ।
- এটা নে দুটা পাত আলফুলকৈ খহি পৰিছিল ওপৰৰপৰা ।
- মাটিত কাণ পাতি মই শুনিলোঁ—
- মোব হৃৎকম্পকো নেওচি কিহবাৰ অসন্তুষ্ট হিস্ হিস্ শব্দ !
- যেন, নোদোকা পৃথিৱীৰ ভাৰ আৰু ব'ব নোৱাৰি
- পাতালৰ বাসুকীয়ে ফোঁচ-ফোঁচাইছে !
- শিমলুৰ উৰুঙা ডালত তিনিটিমাত্র পাত নাচি আছিল তেতিয়া ।
- ভয়াতুৰ ভৰিহালে লৰ মাৰি হেমব্ৰমৰ দুৱাৰমুখ পালেগৈ।
- মেলখোৱা দুৱাৰেদি ছিটিকি ভিতৰ সোমাই
- হেমব্ৰমক সাৱটি ধৰিলোঁ।
- মজিয়াত ঘৈণীয়েক দুগৰাকী, দুহাল ল'ৰা ছোৱালীৰ সৈতে
- কুচি-মুচি শুই আছিল।
- বাহিৰত এক অভিশপ্ত, অসন্তুষ্ট হিসহিস্ শব্দ ।
- ৰাঙাপাৰা জংচনৰপৰা ভাহি অহা যাত্রীট্ৰেণৰ কোলাহল,
- কুকুৰৰ ভুক্ ভুক্,
- টিফাইত সদ্যহতে বহাই-দিয়া কেৎলীৰ পানী উতলা শব্দ—
- সকলো বুৰাই
- ওৰে ৰাতি অস্থিৰ, ফেৰ্ফেৰীয়া, সেয়া হিস্ হিস্ শব্দই
- বৰজুলি বাগিছাত
- এক অসন্তুষ্ট ওৰ্কাৰ আবিৰ্ভাৱৰ আগজাননী দিছিল ।
- মই জানিছিলোঁ, ওর্কা-চোকা একে. নাই
- তথাপি সিদিনা ৰাতি মোৰ কিয় জানো পতিয়ন হ'ল,
- এই বণুৱা বস্তিৰ মানুহবোৰেই
- এদিন ওর্কাতকৈও মহাবলী হৈ
- আকাশ চুবহি॥