সমললৈ যাওক

তোমালৈ/এলবাম

ৱিকিউৎসৰ পৰা

এলবাম
কোনো গধূলিত যদি হঠাতে মৌনী হয় মন
মই উলিয়াই লওঁ সময়ৰ এলবামখন!
সমুখেদি বৈ যায় দীর্ঘ এক ছবিৰ মিছিল,
নানাবৰণীয়া হৈ সময়ৰ ভগা কাচ কৰে জিল্‌ মিল্।


ৰান্ধনি বেলিৰ ৰ'দে বাঁহনি-চূড়াত যেই সোণ ছটিয়ায়
বাৰহলিয়াৰ এই নিজান বাটৰ মুখো শেঁতা পৰি যায় ।
পুৰণি ৰেকৰ্ডবোৰ বাজি থকা ভঙা গ্রামোফোন,
টানি দিলে বাঢ়ি থকা ৰবৰৰ দৰে এই একেটি জীৱন!
ঘূৰাই ফিৰাই যেন একেটাই সাধু শুনি অৱসন্ন মন।


তথাপিতো কোনো কোনো আশ্চর্য মুহূৰ্ত্ত যেন হীৰাৰ আঙঠি হৈ
বাট উজলায়—
সময়-শিপিনীটিৰ চঁপাকলি আঙুলি শুৱায় ।
মনত পৰিছে সেই বিদ্রোহিনী কলিকতা, পছোৱাত খোপা
খুলি যায়,
তেজ বয়, ঝনঝন চিচা ভাঙে, আঁঠু লৈ সাথীৰ মুখত
এটুপি পানী জীৱনৰ পৰম ক্ষণত।


গাৱৰ পৱিত্ৰ বোকা চঞ্চল ভৰিত সানি লৈ
পালোগৈ মিৰিচাঙ্ মত্ত বিহুতলী :
মিৰিয়নী ভনীটিৰ দুচকুত চমকা বিজুলী।
তেতিয়া সেউজীমন—স্বপ্নময়-
গাওখন মায়াসনা, জোনাকবুলীয়া—
তল্‌বল্‌ সোৱণশিৰিৰ বুকু 'তলবল অঘৰীৰ হিয়া।
আনখন ছবি চাওঁ : জাপ জাপ ৰঙা ইস্তাহাৰ
মুহূর্তে বিলাই দিলোঁ, জোলোঙা উজাৰ৷
পঢ়ি পঢ়ি মুখবোৰ দপকৈ জ্বলি উঠিছিল,
প্রতিটি কঠুৱা মুখে হাতীপটি আকাশৰ স্বপ্ন নামিছিল।


বহুতো ষ্টেচন ছুই বৈ গ'ল জীৱনৰ ট্ৰেন
বাটে বাটে পৰি ৰ'ল কত পঁজা ধুনীয়া কাৰেঙ,
নদী, বন, মানিমুনি দুবৰিৰ ঘাঁহ
শিমলু-ডালত নচা কুৰুৱাৰ বাহ।
কঁপি উঠে ছবিখন! কাৰ মুখ জাগে,
স্মৰণৰ দাপোণত বাৰে বাৰে কঁপে অনুৰাগে ?
তেতিয়া উৎসৱমত্ত, মন্দ্ৰিত প্ৰহৰ—
সময় নাছিল মুঠে একাষাৰ কথাও ক'বৰ।
নহল বাচিবলৈ একাঁজলি মৰম-বকুল,
তথাপিতো বিজয়িনী, হৃদয়ৰ চোতালত চাওঁ
ৰজনীগন্ধাৰ বন
উগুলগুল।


গধুলি গধূৰ কৰে এইদৰে সময়ৰ এলবামখনে,
সফল বিফল বহু মুহুৰ্ত-মণিৰে গঁথা জীৱনৰ মালা
দোলে যে সঘনে।
মৌনী হৃদয়খন শান্ত হব : উঠে নামে ঢৌ নিৰবধি,
পাৰৰ বালিৰ গ্ৰাসে শুহি নিয়ে কুমকুমবুলীয়া এক
মদালসা কুহকিনী নদী !