তোমালৈ
- তো মা লৈ
তোমালৈ
অমলেন্দু গুহ
লয়াৰ্ছ বুক ষ্টল
গুৱাহাটী • অসম
TOMALAI : A book of poems composed by Sree Amalendu
Guha and published by Sree Khagendra Narayan Dutta Baruah,
Lawyer's Book Stall. Panbazar; Gauhati-781001, (1977)
Price Rs. 3:50.
প্রথম প্রকাশ : জুন ১৯৬০
দ্বিতীয় প্রকাশ : আগষ্ট ১৯৬৪
তৃতীয় পৰিবৰ্দ্ধিত প্ৰকাশ : মে ১৯৭৭
লয়াৰ্ছ সংস্কৰণ
মূল্য : তিনি টাকা পঞ্চাছ পইচা মাথোন
শ্ৰী খগেন্দ্র নাৰায়ণ দত্ত বৰুৱাৰ দ্বাৰা লয়াৰ্ছ বুক ষ্টল, গুৱাহাটীৰ পৰা প্ৰকাশিত আৰু শ্ৰী আৰ বেনাৰ্জী দ্বাৰা ইন্দুনাৰায়ণ প্রিন্টিং ওৱাৰ্কচ, কলিকতাৰ পৰা মুদ্রিত।
দ্বিতীয় সংস্কৰণৰ ভূমিকা
এই সংকলনৰ কবিতাবোৰ কোনো নিৰ্দিষ্ট ভাবৰ ধাৰাবাহিক প্রবাহ নহয়। প্রতিটো কবিতাই স্বতন্ত্র । বেলেগ বেলেগ মুহূৰ্তৰ সীমাবদ্ধ পৰিসৰৰ মাজত নিজক আৰু আনক চিনি পোৱাৰ খণ্ড- প্রচেষ্টা মাথোন ।
সেই বাবে ব্যক্তিবিশেষলৈ উৎসর্গ নকৰি বেলেগ বেলেগ কবিতাৰ বিশিষ্ট আবেদনৰ লগত একাত্ম হ'ব পৰা ভিন্নৰুচি বেলেগ বেলেগ পাঠকৰ প্ৰত্যেকলৈ এই সংকলনখন নিবেদন কৰা হ'ল । আশা কৰে। নামাকৰণত এই নিবেদন পৰিস্ফুট হৈছে ৷
‘লুইতপাৰৰ গীত’ মোব প্রকাশিত প্রথম অসমীয়া কবিতা হলেও ই মোৰ মৌলিক বাংলা কবিতাৰ অসমীয়া ৰূপান্তৰ ৷ ‘এটি ফৰাছী কবিতাৰ অনুসৰণত' লুই আৰাগঁৰ এটি কবিতাৰ অনুসৰণ। ‘প্ৰথম পোহৰ' আৰু 'জাৰকালিৰ দিঠক' যথাক্রমে এটি ইংৰাজী আৰু ওড়িয়া কবিতাৰ প্ৰভাৱৰ ফল। বাকী কবিতাবোৰৰ ওপৰতো দেশবিদেশৰ কবিতাৰ প্রভাৱ অ'ত ত'ত নপৰাকৈ থকা নাই। তথাপি সিহঁত একান্তভাৱে মোৰেই কবিতা ।
এই সংকলনত স্পন্দিত বিষয়বস্তু আৰু ছন্দসজ্জাৰ নতুনত্বই সহৃদয় সামাজিকৰ ৰসচৰ্বণাত নতুন সোৱাদ আনি দিব পাৰিছে নে নাই, আৰু বাহিৰৰ প্ৰভাৱক থলুৱা ঐতিহ্যৰ সৈতে জীণ নিয়াব পাৰিছোঁ নে নাই, তাৰ বিচাৰৰ ভাৰ সমালোচকৰ হাতত ।
আটাইবোৰ কবিতাই বিভিন্ন অসমীয়া পত্ৰপত্ৰিকাত ইতিপূর্বে প্রকাশিত হৈছে। কিন্তু সংকলনত অন্তর্ভুক্ত কৰাৰ সময়ত কোনো কোনো কবিতাৰ ক্ষেত্ৰত সামান্য সালসলনি কৰা হৈছে ।
কবিতাপুথিৰ দ্বিতীয় সংস্কৰণ ওলোৱাটো মোৰ দৰে অপ্ৰধান কবিৰ ভাগ্যত আজিকালি বৰকৈ নঘটে। সেই কাৰণে 'তোমালৈ’ৰ দ্বিতীয় সংস্কৰণ প্ৰকাশৰ সুযোগ দিয়া বাবে অসমীয়া পঢ়ুৱৈসমাজক ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰিলোঁ। আজিকালি কবিতাই জনপ্ৰিয়তা হেৰুৱাইছে বুলি ঘনাই তোলা অভিযোগটো মানিবলৈ টান পাইছোঁ। কাৰণ, মোৰ নিজা অভিজ্ঞতা বেলেগ। প্ৰকাশিত হোৱাৰ আঢ়ৈ বছৰৰ ভিতৰতে ‘তোমালৈ'ৰ এঘাৰশ কপি নিঃশেষিত হৈছিল আৰু প্ৰকাশকৰপৰা দ্বিতীয় সংস্কৰণৰ পাণ্ডুলিপি সাজু কৰিবলৈ তাগিদ পাইছিলোঁ। মোৰ বিশ্বাস, কবিতাক দুৰ্বোধ্য কৰাৰ কৃত্ৰিম প্ৰচেষ্টা বৰ্জিত হ'লে, কবি আৰু সহৃদয় ৰসগ্ৰাহীৰ পৰস্পৰৰ মাজত সহযোগিতাৰ বাট আৰু বহল হ'ব।
... বন্ধুবৰ শ্ৰী অৰুণ পুৰকায়স্থলৈ কৃতজ্ঞতা জনাবলৈ মোৰ ভাষাৰ নাটনি।...
তৃতীয় পৰিবৰ্দ্ধিত সংস্কৰণৰ ভূমিকা
অৱশেষত ‘তোমালৈ’ৰ তৃতীয় সংস্কাৰণো ওলাল। ইয়াৰ বাবে বন্ধুবৰ শ্ৰীৰণজিৎ নাৰায়ণ ডেকাক আৰু লয়াৰ্ছ বুক ষ্টলৰ কৰ্ত্তৃপক্ষলৈ কৃতজ্ঞতা জনাই থলো। এই সংস্কৰণত তিনিটা নতুন কবিতা সংযোজিত হ'ল। এটি কবিতাৰ ক্ষেত্ৰত কিছু সালসলনিও কৰা হ'ল।
২৩-ই আলিপুৰ ৰ’ড কলিকতা – ৭০০ ০২৭ |
উৎসর্গ : (৺হৰেন কলিতালৈ) : ৯
বাগিছাত দেওবাৰ : ১০
বামুণিপাহাৰ : ১৩
এটি ফৰাচী কবিতাৰ অনুসৰণত : ১৮
কটন কলেজলৈ : ১৯
মোৰ কবিতা : ২১
এহাল চনেট :
গাঁৱৰ চিঠি : ২৩
চিলঙৰ উত্তৰ : ২8
ভালুকপুঙ : ২৫
এলবাম : ২৮
এখনি পোর্ট্রেট ৩০
তোমালৈ : ৩২
প্ৰথম পোহৰ : ৩৪
লুইতপাৰৰ গীত : ৩৫
জাৰকালিৰ দিঠক : ৪১
ভগনীয়াৰ প্ৰাৰ্থনা ১৯৬০ : ৪৩
স্বয়ংবৰা : ৪৫
বনলতা সেন : ৫১
প্রার্থনা : ১০ জানুৱাৰী ১৯৬৬ : ৫২
ওর্কা ৫৩
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলভ্য।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।