সমললৈ যাওক

তেজত শব্দৰ হৈ চৈ‍

ৱিকিউৎসৰ পৰা
 
 তেজত শব্দৰ হৈ চৈ

 

 প্ৰণৱ কুমাৰ গগৈ

 

 তেজত শব্দৰ হৈ চৈ

 

প্ৰণৱ কুমাৰ গগৈ

TEJAT SABDAR HOI SOI A collection of Assamese poems is written by Pronab Kumar Gogoi Chamua, Nakachari (Tel. No. [0376] 2146116) Jorhat, published by Paramananda Chutia, Noihiparia Gaon, Lahing, Jorhat : Assam. First publish March 2003.

Price Rs. 30/- (Thirty Only)


প্রকাশক : পৰমানন্দ চুতীয়া


© প্ৰণৱ কুমাৰ গগৈ


পৰিবেশক : হাঁহচৰা পুস্তকালয়
 এ. টি. ৰোড, হাঁহচৰা চাৰিআলি, যোৰহাট৷


প্রথম সংস্কৰণঃ মার্চ ২০০৩


প্রচ্ছদঃ লেখক


মূল্যঃ ৩০ টকা মাত্র


মুদ্রণঃ বন্তি‍ অফছে্ট প্রিণ্টার্চ
 'মৰিয়ণী, যোৰহাট।

 

তেজত শব্দৰ হৈ চৈ

 

যেনেকৈ চতফটাইছিল মায়ে
মোৰ
জন্মৰ যন্ত্ৰণাত
তেনেকৈ
ময়ো চতফটাই আছো
কবিতাৰ বেদনাত!!
কবিতা এটা জন্ম হ'লে
জোনাক সৰে
মোৰ
আন্ধাৰ কোঠাত’.......

সুৱাগুৰি

 প্ৰণৱ কুমাৰ গগৈৰ কবিতা কৰ'বাত পঢ়িছিলোঁ হয়তো, মনত ৰখা নাছিলোঁ।‘তেজত শব্দৰ হৈ চৈ' শিৰোনামেৰে প্ৰস্তুত কৰা তেওঁৰ কাব্য-সংকলনটিত চকুফুৰাই উঠি ভাৱ হ'ল প্ৰণৱৰ মাজত কবি সত্তা এটি সজীৱ হৈ বিকশিত হ'বলৈ আৰম্ভ কৰিছে। মানুহৰ প্ৰতি এক গভীৰ মমত্ববোধেৰে আৰু দায়িত্ববোধেৰে তেওঁ কৈছে,

‘মই মানুহৰ দুখত কান্দো
মই মানুহৰ প্ৰেমত মৰোঁ
সম্প্রতি এইবোৰেই মোৰ দুখ
এইবোৰেই মোৰ যন্ত্ৰণা৷”

 যিবোৰ ঘটনা ঘটিছে চাৰিওফালে, যি জীৱন চাৰিওফালে তেওঁ দেখিছে, সেই ঘটনাই সেই জীৱনে তেওঁৰ মনত যি অনুভৱ জগাই তুলিছে, প্ৰণৱে তাকে শব্দৰ ৰূপত ধৰি ৰাখিবলৈ যত্ন কৰিছে। কবি 'মূৰত খহি পৰিছে আকাশ/মুখৰ হেৰাইছে‍ মাত/ভৰিৰ হেৰাইছে বাট'৷ মাজুলীক তেওঁ দেখিছে,'সদ্য বিধবা ন-বোৱাৰীৰ দৰে আঁঠুৰ মূৰত মূৰ গুজি তিনিমূৰীয়া হৈ বহি থকা'। তেওঁৰ প্ৰেমৰ কবিতাৰ মাজতো আছে সংযম। সেইবাবে তেওঁ ক'ব পাৰে,‘নিজকে কেতিয়াবা নিলাজ যেন লাগে/বান্ধিবই নোৱাৰোঁ মন/তোমাৰ কাষলৈ ঘনে ঘনে উৰে মোৰ যৌৱন'।

 ‘শোকাকুল পৃথিৱীৰ সকলো দুখ' বুকুত বান্ধি লোৱা কবিৰ দুখেই তেওঁৰ কবিতাৰো উৎস। তেওঁ কৈছে,'অখ্যাত কবি মই/শব্দৰ হাবিত বগাই ফুৰিছোঁ/বেজাৰ মনে'। আৰু তেওঁ মানুহৰ বাবে ‘ডাঙৰ-দীঘল কৰিছে প্ৰতিটো কবিতা'। মানুহক স্বার্থহীনভাৱে ভাল পাব পাৰিলে কবিতাৰ বাবে শব্দয়ে স্বাভাৱিক পথ উলিয়াই দিয়ে৷ প্ৰণৱ কুমাৰ গগৈৰ মাজত থকা এনে অমল প্ৰেমৰ কিছু নির্যাস তেওঁৰ কবিতাই ধৰি ৰাখিবলৈ যত্ন কৰিছে।

 মই আশা কৰিছোঁ শব্দক অধিক ব্যঞ্জনাক্ষম কৰি তুলিবৰ বাবে তেওঁৰ প্ৰচেষ্টা অব্যাহত থাকিব। প্ৰণৱৰ মাজত মই এজন প্ৰচুৰ সম্ভাৱনাময় কবিৰ আৱস্থান অনুভৱ কৰিছোঁ। প্ৰণৱক স্বাগতম।

৯ নবেম্বৰ ২০০২
ডিব্ৰুগড়

(ড° নগেন শ‍ইকীয়া)

প্রাক্তন সভাপতি, অসম সাহিত্য সভা।

 

বাটচ'ৰাত আত্মকথা

 কাব্যচৰ্চা কৰা আজি বহুত বছৰেই হ'ল। ১৯৯৩ চনত মোৰ প্ৰথম যুটীয়া কাব্য সংকলন ‘স্বপ্নশিখা'ক প্ৰকাশ কৰি পাঠকলৈ আগবঢ়াই দিওতে বহুজনে আপোন কৰি লোৱা সংবাদে আনন্দিত কৰিছিল। পুনৰ মোৰ দ্বিতীয় কাব্য সংকলন 'তেজত শব্দৰ হৈ চৈ'ক প্ৰকাশ কৰি পাঠকৰ কোলাত তুলি দিছো মোক যেতিয়াই-তেতিয়াই কবিতাৰ কথা পাতি সংকলন এটা প্ৰকাশ কৰিবলৈ কৈ থকা অগ্ৰজ আৰু অনুজ বন্ধু-বান্ধবী সকলৰ তাগিদাত। কবিতাৰ পাঠক কম বুলি জানি শুণিও এই সংকলনটি প্রকাশ কৰিবলৈ মৰসাহ পালো মোৰ অনুজ প্রতীম বন্ধু পৰমানন্দ চুতীয়াৰ আন্তৰিক সহযোগত৷

 মোৰ কবিতা প্ৰকাশ কৰি পাঠকৰ ওচৰলৈ আগবঢ়াই দিয়াৰ বাবে বাতৰি কাকত, আলোচনী ক্রমে দৈনিক জনমভূমি, পজালি, অন্তৰা, সজাল, জীৱন্ত, শ্ৰীময়ী, পাঞ্চজন্য, কাব্যশ্রী, অনুৰণন, অনামিকা, হেঙুল, সাহিত্য-চিন্তা, কাঁচিজোন, বহ্নিশিখা, ফিৰিঙতি, কবিতাকাশ, শব্দ, প্রভাতী, সেউজপুত্র, পিংগল, উপকণ্ঠ, অকণিৰ অগ্ৰদূত, দীপশিখা, গাণ্ডীব, জাগৰণ, উত্তৰকাল, নতুন কবিতা, নবীন কবিৰ একুকি কবিতা, সুভাস, প্রতিফলন, জনমভূমি আৰু স্থানীয় বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে বিভিন্ন সময়ত প্ৰকাশ কৰি অহা স্মৃতিগ্ৰন্থ আৰু মুখপত্ৰৰ সম্পাদনা বিভাগৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ যোৰহাট চিটি চেনেল আৰু আকাশবাণী কেন্দ্ৰৰ ওচৰত।

 মোৰ কবিতাৰ ওপৰত বিভিন্ন সময়ত আলোচনা-বিলোচনা আগবঢ়াইছিল ড° কুতুবুদ্দিন আহমেদ, উদ্বেন্ধু দাশ, ড' দেবব্ৰত শৰ্মা, যোগেশ কিশোৰ ফুকন, মানিক শ‍ইকীয়া আৰু ড' প্ৰদীপ কুমাৰ বৰুৱাই এইসকলক কৃতজ্ঞতা জনাইছোঁ। মোক কবিতা লিখিবলৈ বহুজনে উৎসাহ দিছিল তাৰ ভিতৰত ৰবীন্দ্ৰ বৰা, অংকুৰ ৰণজন চাংমাই, ৰণজন কুমাৰ ৰেগন, যোগমায়া গগৈ, ভূপেন্দ্ৰ নাথ গোস্বামী, হেমন্ত বর্মন, দুলাল শর্মা, ড' প্রবীণ ভট্টাচাৰ্য, ৰণজিৎ গগৈ, ৰূপালী চুতীয়া, ড° বসন্ত কুমাৰ গোস্বামী, মাধুৰী শৰ্মা সভাপণ্ডিত, হলিৰাম গগৈ, কুমুদ ঘোষ, প্রণীতা শ‍ইকীয়া, কমল কছাৰী, প্ৰবীণ কুমাৰ গগৈ, ৰীতা গগৈ বৰুৱা, প্ৰেম গগৈ, মনোজ কুমাৰ ভট্টাচাৰ্য, জয়ন্ত দেৱ শৰ্মা, গংগামোহন মিলি, নুৰুল হুছেইন, উজ্বল পাওগাম, পল্লবী বৰা, প্ৰতিভা চুতীয়া, কেশব লাহন, ডাঃ থানেশ্বৰ দত্ত, প্ৰবীন বুঢ়াগোহাঁই, ভূবন পাত্ৰ, ৰূপা নেওগ গোসাঁই, উমা পাঁচনী, কৌস্তভমণি শ‍ইকীয়া, টিকেন্দ্ৰজিৎ গগৈ, চৈয়দ মহমদ মহচীন, জিণ্টী সৌকাধৰা, পৰী বৰা, অসীমা বৰআহোম আৰু অন্বেষা গগৈয়ে অন্যতম।

 অতি ব্যস্ত সময়ৰ মাজতে ‘তেজত শব্দৰ হৈ চৈ’ৰ সুৱাগুৰি‍ লিখি মৰম যচা বাবে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্রাক্তন সাংসদ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ব অধ্যাপক ড০ নগেন শ‍ইকীয়া চাৰক কৃতজ্ঞতা জনাইছোঁ।

 শেষত মোৰ এই সংকলনটি প্রকাশৰ দায়িত্ব গ্রহণ কৰা বাবে লাহিঙৰ নবীন প্ৰকাশক পৰমানন্দ চুতীয়াৰ ওচৰত মই আজীৱন ঋণী হৈ থাকিম। ‘তেজত শব্দৰ হৈ চৈ' কাব্য সংকলনটিত বিভিন্ন কাকত আলোচনীত প্ৰকাশিত আৰু অপ্ৰকাশিত মোৰ ত্ৰিশটা কবিতা পাঠকৰ ওচৰলৈ আগবঢ়াই দিছো। আশাকৰো পাঠক সমাজে মৰমৰ চকুৱে চাই আদৰণি জনাই কৃতাৰ্থ কৰিব।

প্ৰণৱ কুমাৰ গগৈ

ক্রমশঃ হৃদয়বোৰ শিল হৈছে

এতিয়া
প্ৰতিজন মানুহৰ ওঁঠেই
মিছা কথা কয়
তোমালোকেও মোক আজি অ'ত দিন
মিছা কথা কোৱা বাবেই
অঘৰী হৈছোঁ মই-

তোমালোকৰ আশ্বাসবোৰ
বিশ্বাসত লোৱা বাবেই
মই হেৰুৱাইছোঁ
মোৰ ভৰিৰ তলৰ মাটি
আৰু হেৰুৱাইছো
মূৰৰ ওপৰৰ
সুনীল আকাশ ........
সময়ো এতিয়া
সঘনে মাতাল হয়
বদনামী নদীবোৰে
পথাৰবোৰ
নিজৰ কৰি লয়

এতিয়া
কোনো কাৰো দুখত নাকান্দে
কোনো কাৰো দুখত নাভাগে

জীৱন অবাটে গৈছে
জীৱন শেষ হৈছে
ক্রমশঃ হৃদয়বোৰ শিল হৈছে
ক্রমশঃ হৃদয়বোৰ শিল হৈছে॥

(প্রকাশিতঃ অনুৰণন)

বুকুত, সপোন এটাই নাচিছে

সন্ধিয়া নামিছে
শৰতৰ সন্ধিয়া শেৱালি ফুলে
গোটেইখন
আমোল-মোলাইছে।
বাহলৈ চৰাই উৰিছে
ঘৰমুখী গৰখীয়াৰ ওঁঠে-ওঁঠে
বাঁহী বাজিছে
বাঁহীৰ মাতত কনেংহঁতৰ
হৃদয় ভাগিছে!

গাৱঁৰে,
কনেং এজনীৰ চকুত
মোৰ
চকু পৰিছে
কওঁ নে নকওঁ লাগিছে
মনৰ কথা . . . . . .
বুকুত, সপোন এটাই নাচিছে
যৌৱনৰ এজাক বতাহ বলিছে!
এয়া
সপোনৰ উৎসৱ হৈছে
হাজাৰ-বিজাৰ সপোন
এই আহিছে
এই গৈছে........
গাৱঁৰে
কনেং এজনীৰ চকুত
মোৰ
চকু পৰিছে।

তুমি মোক নদীৰ দৰে ঠগিছা

তুমি মোক
নদীৰ দৰে ঠগিছা
এবাৰ দুবাৰ নহয়
শতদিন
শতবাৰ ....।

নদীয়ে পাৰ ভঙাৰ দৰে
তুমিও
গচকি গচকি ভাঙিছা
মোৰ, বুকুৰ কলিজা
আৰু
প্ৰেমৰ উপত্যকা!

জীৱন৷
জীৱন মানে কি
তুমি
জানিবলৈ শিকা
জীৱনক নকৰিবা বেচা-কিনা
বাৰিষাৰ নদীৰ দৰে তুমি
খঙাল অথবা
মাতাল নহ'বা
প্ৰেমেই সৃষ্টি কৰে
জীৱনৰ কাল ধুমুহা!
আৰু
প্রেমেই গঢ়িব পাৰে
জীৱনৰ সঠিক ঠিকনা।

(প্রকাশিতঃ দৈনিক জনমভূমি)

আজি বহুত দিন হ'ল

আজি বহুতদিন হ'ল
তোমালোকৰ স'তে ম‍ই
বুকুডাঠি কথা পতা নাই
দুঃ সময়ে বাৰে বাৰে ভেটি হয়
মোৰ
অহা-যোৱা বাট।

কোনো সময়
অথবা
কোনো এটা দিনকে ম‍ই
সহজ ভাৱে ল'ব পৰা নাই
তোমালোকৰ দুঃ সংবাদত
মোৰ বুকুৰ ভিতৰখন
গজ গজকৈ বিষায়..........

বতাহত, কেচেমা-কেচেম গোন্ধায়
বতাহত, কেচেমা-কেচেম গোন্ধায়

আজি বহুতদিন হ’ল
তোমালোকৰ স'তে ম‍ই
বুকু ডাঠি কথা পতা নাই৷

(প্রকাশিতঃ সাহিত্য চিন্তা)

গধূলিতে সোমাবি ঘৰ

কনেং অ'
সাৱধানে থাকিবি তই
দেখিছনে নাই
তোৰ যৌৱন দেখি
ল'ৰাবোৰ কেনেকৈ, বলীয়া হয়!

কনেং অ’
গধূলিতে সোমাবি ঘৰ
কেনেবাকৈ চল পালে সিহঁতে
আঁকুহি-বাকুহি খাব
তোৰ
বুকুৰ বাখৰ ....
সিহঁতে এতিয়া
গুৰু-গোসাঁই একোকে নামানে
সিহঁত সাইলাখ
পাগলৰ দৰে!

কনেং অ’
গা-ধোৱা ঘাটলৈ
সাৱধানে যাবি
বালিত, গাঁত খান্দি থ'ব
কাপোৰ সলাওঁতে
সাৱধান হবি
তোৰ যৌৱন সিহঁতে
জুমি-জুমি চাব!!

কনেং অ’
দিচাং মুখলৈ নাযাবি তই
আপং খাবলৈ দিব
আপং খুৱাই-খুৱাই
সিহঁতে তোক
নিজৰ কৰি লব।

কনেং অ’
গধূলিতে সোমাবি ঘৰ
গধূলিতে সোমাবি ঘৰ।।
(প্রকাশিতঃ শ্রীময়ী)

শোকাকুল পৃথিৱীৰ সৰ্বস্ব দুখ

প্রচণ্ড এজাক ধুমুহাত
মোৰ বুকুৰ সৰ্বস্ব সপোন
হেৰাই গৈছিল
ক্রমশঃ
মই খহি পৰিছিলো
সূৰ্য্য নথকা
এখন পৃথিৱীলৈ .....

ঠিক এবাৰ মৰাৰ পাছত
মই, জী উঠিলো
কাণত বাজি উঠিল
ব’দৰ এটা গান।

এতিয়া ম‍ই
সকলো ধুমুহাৰ স'তেই
যুঁজিব পাৰো
বুকুত বান্ধিব পাৰো
শোকাকুল পৃথিৱীৰ
সৰ্বস্ব দুখ।

(প্রকাশিতঃ জনমভূমি)

কেনেবাকৈ যদি সু-দিন আহে

আজি কালি
তোমাক মোৰ
ইমান
আপোন-আপোন লাগে
যেন
তোমাৰ বুকুৰ ভাজত
মোৰ সপোনৰ
ৰাজ ভঁৰাল আছে।

তোমাৰ বাবেই মই
দুখে-সুখে জীয়াই আছো
কেনেবাকৈ যদি সু-দিন আহে
সপোনবোৰ
সঁচা কথা হ’ব
ন-ছোৱালী
ন-ছোৱালী গোন্ধ এটাই
ঘৰখন
আমোল- মোলাব।

(প্রকাশিতঃ শব্দ)

ব'হাগ এনেকৈয়ে আহে

ব'হাগ
এনেকৈয়ে আহে আৰু যায়
নাহৰ তগৰ ফুলে
গছে-বনে
আমোল-মোলাই

এইহেন পৰতে
বুকুখন
উৰুঙা-উৰুঙা লাগে
তোমাৰ কাষলৈ
মন
চিলনী উৰাদি উৰে।

তোমাৰ খোজত
জুনুক কৈ নুপুৰ বাজে
পলাশৰ মেলেখাৰ খচমচনিত
মোৰ
সপোন সৰে

ব'হাগ
এনেকৈয়ে আহে
সম্প্ৰীতিৰ সাঁকো সাজে
ব'হাগ
এনেকৈয়ে আহে..... ।।

(প্রকাশিতঃ ব'হাগ)

গান এটা গোৱাচোন তুমি

মই
মই বহুতদিন গান শুনা নাই
এটা গানৰ বিনিময়ত মই
বহুত কথা দিব পাৰো
তোমাক
গান এটাৰ বিনিময়ত ম‍ই
বহুত আশা দিব পাৰো
তোমাক ..........৷

আজি ধৰ্ষণ
কালি বহুজনক হত্যা।
এই যে কথাবোৰ
সহ্য কৰিব পৰা নাই, মই
অলপো

তুমি গান এটা গোৱাচোন
গান এটা গোৱা
মানুহক ভাল পোৱা এটা গান
জীপাল হৈ উঠক
জনতাৰ প্ৰাণ
চিৰদিন-চিৰকাল।
ম‍ই
মই বহুদিন গান শুনা নাই
এটা গানৰ বিনিময়ত ম‍ই
সহজতে গ্ৰহণ কৰিব পাৰো
তোমালোকৰ সৰ্বস্ব দুখ, সৰ্বস্ব অসুখ৷

গান এটা গোৱাচোন তুমি
গানৰ লহৰে লহৰে আমি
ইজনে-সিজনৰ কাষ চাপি যাওঁ
হাঁহি-হাঁহি
গান এটা গোৱাচোন তুমি।

মোৰ দুখ : মোৰ যন্ত্ৰণা

সকলো মানুহৰ বুকুতে থাকিব পাৰে
যন্ত্রণা .....
যেনেকৈ
তোমালোকৰ দুখবোৰ
মোৰ যন্ত্ৰণা৷

তোমালোক সকলোকে ম‍ই
আপোন কৰি লৈছো
ইও, মোৰ যন্ত্ৰণা .....

প্ৰতিজন মানুহৰ কুশল প্ৰাৰ্থনাত মই
উজাগৰে কটাও নিশা-নিশা
মই, মানুহৰ দুখত কান্দো
মই, মানুহৰ প্ৰেমত মৰোঁ

সম্প্রতি
এইবোৰেই মোৰ দুখ
এইবোৰেই মোৰ যন্ত্ৰণা৷৷

প্ৰেমৰ চাৰিটা উক্তি

বহুতদিন পোৱা নাই তোমাক
দুচকুত ইমান জোনাক৷

o   o   o   o   o   o

মোৰ বুকুত এটা সপোন পুহিছোঁ
তোমাৰ দুখতে জ্বলিছো-মৰিছো!

o   o   o   o   o   o

তুমি মোক কথা দিয়া পাছত
মই জীয়াই আছো হেঁপাহ এটাৰ সহযোগ

o   o   o   o   o   o

নৈৰ সমান বম মই তোমাৰ প্ৰেমত
লাগে যদি জীৱন দিম অৱশেষত।

লচমীৰ বুকুৰ সপোন

দেবুৱা আৰু চামেলীহঁতৰ
কপালৰ কেঁচা ঘামত
লহ্-পহকৈ বাঢ়িছে
কাকজান চাহ বাগিছা।

বৰচাহাবৰ বঙলাত
লাঞ্চিত হৈ লেৰেলিছে
মাংৰাৰ বৰ জীয়াৰী
লচমীৰ/ওঠৰ বছৰীয়া
তেল পিচলা দেহ ......

চোট চাহাবৰ আঙুলিত
উঠা বহা কৰি আছে
চাহ বাগিছাৰ শতজন শ্ৰমিকৰ
ৰ'দে দকা জীৱন!!
ৰ'দ, বৰষুণ, জীৱন
কোনে বুজিব
দেবুৱা, চামেলী আৰু লচমীৰ মন
পূজা ঘৰত মাদল বাজিছে
মাদলৰ তালে তালে ভাগিছে
লচমীৰ বুকুৰ সপোন৷

(প্রকাশিতঃ দৈনিক জনমভূমি)

মই, ঘাটৰ নাৱৰীয়া

এবুকু দুখৰ মাজতো
সেউজীয়া সপোন এটাৰ স'তে মোৰ
ঘন বুজাবুজি আছে।

কওঁ বুলিও জিভাত ৰৈ থাকে
প্ৰেমৰ গোপন কথা,
কওঁ বুলিও জিভাত ৰৈ থাকে
প্ৰেমৰ গোপন কথা৷

তুমিতো জানা
বাৰিষা নদীৰ অত্যাচাৰ

মই ঘাটৰ নাৱৰীয়া
জীৱনক কৰো
নদীৰ ইপাৰ-সিপাৰ
শত জনক, শতবাৰ -

পানীতে মোৰ
জীৱনৰ বেহা
নাওঁ-বঁঠা/ইপাৰ-সিপাৰ..........

ঠিকনা
মই, ঘাটৰ নাৱৰীয়া।

(প্রকাশিতঃ দৈনিক জনমভূমি)

থৰ থৰকৈ কঁপিছে কলিজা

শোকাকুল পৰিয়াল আমি
ইয়াত এজাক
মৰাশ, ঢাকি থৈছে
উশাহ ল'ব নোৱাৰি
তেজ
কেছেমা-কেছেম গোন্ধাইছে

আমি চাক ঘূৰণি খাইছো
চিনাক্ত কৰিব পৰা নাই
আমাৰ মৃতদেহ৷

কেনেকৈ চিনিবা
বিস্ফোৰণত চিটিকা শ.......

কাক কি সুবিধা
থৰ্‌ থৰকৈ কঁপিছে কলিজা৷

মূৰত, খহি পৰিছে আকাশ
মুখৰ হেৰাইছে মাত
ভৰিৰ হেৰাইছে বাট

কাক কি সুবিধা
থৰ্‌ থৰকৈ কঁপিছে কলিজা।।

আজলী ছোৱালী তই


বুকুত, এবুকু সপোন বান্ধি
অদং দংকৈ ঘূৰি ফুৰিছ
আজলী ছোৱালী তই
ক'চোন ক
বুকুত, কি সপোন পুঁহিচ

শৰৎ আহিলে
তোক ধুনীয়া দেখো
শেৱালি ফুল হৈ
তোৰ, বুকুতে ফুলিব খোজো

আজলী ছোৱালী তই। জান্‌ নাই
তোৰ যৌৱন বাঢ়িছে ক্ৰমে ক্ৰমে
যৌৱনে, আচল খহাইছে বাৰে বাৰে

দে চোন দে
তোৰ বুকুৰ সপোনবোৰ
মোৰ ফালে, নৈ হৈ ববলৈ দে

আজলী ছোৱালী তই
গাভৰু হোৱাদিন পাহৰি গলি
নুৱাই তোলন বিয়াত গোৱা নামবোৰ
কিয় মনত নথলি
আজলী ছোৱালী তই
অদং-দংকৈ ঘূৰি ফুৰিছ
গাত, কথা নাই
তই বাৰু জান নাই

তোৰ যৌৱন চাই চাই
বাটৰুৱাই কেনেকৈ উজায়-ভটিয়াই
চাই হেঁপাহ নপলাই
তোৰ অজানিতে বহুত জন
জ্বলি-জ্বলি নুমাই!

আজলী ছোৱালী তই
শতৰুক নিদিবি চল
আমাৰ বুকুৰ পৰা বুকুলৈ
এনেকৈ বৈ থাকক
প্ৰেমৰ ঢল!

আজলী ছোৱালী তই
শতৰুক নিদিবি চল
শতৰুক নিদিবি চল॥

আকাশ আৰু জোনাক

ক্রমে ক্রমে
আপুনি মোক
আপোন হোৱা ভাও ধৰি
বুকু খুলি পি আছে
কলিজাৰ তেজ!

মই, অজলা মানুহ
অদং-দংকৈ সহি আছো
অসহ্য দুখ

আপুনি
মোৰ মূৰত ভৰি থৈ
চুব বিচাৰিছে
জোনাক আৰু আকাশ
আকাশ আৰু জোনাক।

দিনক দিনে
আপুনি মোৰ ছাঁ যেন হৈ
নিঃশেষ কৰিছে
মোৰ চিন্তা-চেতনা...........
অথবা
প্ৰগতিৰ নতুন শিপা।

ওঠৰটা বসন্ত

শব্দই বাৰে-বাৰে মোক
নিজৰ কৰি লয়
শব্দৰ প্ৰেমত মই
শতবাৰ গৰ্ভৱতী হৈছো
শব্দৰ পৰা ম‍ই
কবিতা প্ৰসৱ কৰিছো
কবিতাৰ, মাক হৈছো।

প্ৰতিটো কবিতাকে ম‍ই
ডাঙৰ-দীঘল কৰিছো
মানুহৰ বাবে
আমি জানো
তুমি মই কৰিব নোৱাৰা কাম
কবিতাই কৰিব পাৰে
কবিতাই মচিব পাৰে
জীৱনৰ দুখ।

কবিতাৰ বাবেই মই এদিন
তোমাৰ হ'লো
তুমি
মোৰ হাতত দি দিলা
জীৱনৰ সৰ্বস্ব
আৰু
ওঠৰটা বসন্ত॥

(প্রকাশিতঃ দৈনিক জনমভূমি)

মাজুলীৰ দুখ

সদ্য বিধবা
এজনী ন-বোৱাৰীৰ দৰে
আঁঠুৰ মূৰত মূৰ গুজি
তিনিমূৰ হৈ বহি থাকে
মাজুলীৰ দুখ

বৰনদীৰ বুকুত আমি
নাওঁ খেল খেলো
নাওঁ খেল খেলি-খেলি পাৰ কৰো
জুই লগা ৰাতি

ৰাতি ৰাতি বতাহৰ দৰে
সোঁ-সোঁৱাই বৈ থাকে
বদনামী নদী

নদীৰ স'তে বৈ যায়
সমনীয়াৰ মৃতদেহ!!
আমি সকলোৱে
বাৰে-বাৰে বুকুত সামৰি থওঁ
আঘোনৰ সোণোৱালী সপোন
সপোন,
সপোন সামৰাতো এটা
ডাঙৰ ৰোগ!
টেলিভিশ্যনত চাই-চাই
তোমালোকৰো এদিন
আমনি লাগে
মাজুলীৰ দুখ৷৷

(প্রকাশিত : শ্রীময়ী)

জীৱনৰ শেষ যুদ্ধ

তোমালোকক কি লাগে
তোমালোকে মোক একো নুখুজিবা
সদ্যহতে
তোমালোকক দিব পৰাকৈ
মোৰ হাতত
একোৱে নাই৷

গান
কবিতা
প্ৰেম
ভালপোৱা
আশ্বাস
প্রতিশ্রুতি, ইত্যাদি-ইত্যাদি।
এই সকলোবোৰেই
মোৰ পৰা আঁতৰি গৈছে
ক্রমশঃ
ম‍ই, নিসংগ হৈছো
সময়, মোৰ শত্ৰু
সময়ে মোক
হত্যা কৰিব লাগিছে
সময়ৰ স'তে মই
যুদ্ধ তৰিছোঁ
জীৱনৰ শেষ যুদ্ধ॥

(প্রকাশিতঃ জনমভূমি)

এটা অচিন ৰোগ

এতিয়া
কাৰো স'তেই আত্মীয়তা গঢ়িব নোৱাৰি
বিশ্বাসত ল'ব নোৱাৰি
নদী, মানুহ, বাট, পথ
অথবা সময়-

কাৰো স’তে
সলনি কৰিব নোৱাৰি
জীৱনৰ গান

এদিন ম‍ই
নদীক বিশ্বাসত ল'লো
ভঁৰাল ভাঙিলে,
মানুহবোৰে, বুকু খহালে
বাট-পথত বোমা ফুটিছে .....

সময়ে মোক
কোনোদিন বুকুডাঠি ক'ব নোৱাৰিলে
এতিয়া মই কুশলে আছো!

সম্প্রতি
এইবোৰেই মোৰ জীৱনৰ দুখ
বুকুত বাঢ়ি আছে
এটা অচিন ৰোগ।

(প্রকাশিতঃ দৈনিক জনমভূমি)

গাঁওখন কাঁহ পৰি জিন যায়

এইবোৰ দুখেই মোক
ক্রমে
নিঃশেষ কৰি আছে
যি দুখৰ কথা ম‍ই
কাকো বুকু খুলি
ক'ব পৰা নাই৷

কোনে বুজিব
যন্ত্ৰণাত ম‍ই
কেনেকৈ পাৰ কৰো
প্ৰতিটো ৰাতি
আজি বহুত দিন
চৰাই মাত শুনা নাই
গাঁওখন
কাঁহ পৰি জিন যায়
মানুহ
বহুত দিন মানুহৰ দুখত কন্দা নাই৷
মানুহ
বহুত দিন মানুহৰ দুখত কন্দা নাই৷

(প্রকাশিতঃ নতুন কবিতা)

বুকুত ওফন্দি আছে কথা

ঘৰতে থাকিনো কি কৰা
এদিন আহিবা
বুকুত ওফন্দি আছে কথা--
তোমাক
বহুত দিন কাষত পোৱা নাই
বহুত সপোন
এই আহে
এই যায়
তোমাক, লগেই নাপাই ........৷

আহিবা
এতিয়া মই ঘৰৰ কামতে লাগিছো
চোতালখন বহল কৰিছো
গোসাঁই ঘৰ এটাও তঁৰিছো
এয়া মুকলি দিন
বাটেও পোৱালি মেলিছে
ৰাতি-ৰাতি জোনাক সৰিছে!

আহিবা
কথাবোৰ বৰ বেছিকৈ লেমলেমীয়া নকৰো
কথা বুলিলেই বতাহ!
দিন-বাৰ মিলিলে
ব'হাগতে কিবা এটা কৰিম হ'বলা.........
আহিবা
সোনকালে আহিবা
বুকুত ওফন্দি আছে কথা॥

ঘনে ঘনে উৰে
মোৰ যৌৱন



তোমাৰ
বুকুৰ ভাজে ভাজে
মোৰ জীৱনৰ সপোন আছে
তোমাৰ হৰিণ দুচকুত
মোৰ
যৌৱন নাচে।

কাৰ বাবে কোন
হেৰাই যাব পাৰে
তোমাৰ দেহলৈ
মোৰ দুচকু
সঘনে আহ-যাহ কৰে।

নিজকে কেতিয়াবা
নিলাজ যেন লাগে
বান্ধিবই নোৱাৰো মন
তোমাৰ কাষলৈ
ঘনে ঘনে উৰে মোৰ যৌৱন৷৷

(প্রকাশিতঃ শ্রীময়ী)

প্ৰসংগঃ জীৱন আৰু নদী

মোৰ বুকুত
এটা সোণ বৰণীয়া সপোন আছে
সপোনৰ বাবেই মই
বহুতবাৰ মৰাৰ পাছতো
জীয়াই আছো।

মই, নৈ পৰীয়া মানুহ
বাৰে বাৰে যুদ্ধ তৰো নদীৰ স'তে
সমস্ত সা-সম্পতি হেৰুৱাও
মথাউৰি টিঙত গৈ
জীৱন বচাওঁ।

তুমি আহিলেহে দেখিবা
আমাৰ জীৱনত কিমান ধুমুহা
তুমি যুঁজিলেহে জানিবা
নদীৰ খং কিমান চোকা

মই, নৈ পৰীয়া মানুহ
জীৱনৰ ওপৰত নদী
নদীৰ ওপৰত জীৱন॥

(প্রকাশিতঃ দৈনিক জনমভূমি)

খোজত বাজে ৰুণ জুন

বুকুত
আঠাইশটা বসন্তৰ সপোন বান্ধি
মই
তোমাৰ কাষ চাপিছো
নহ'ব বুলি
তুমি মোক, কোনো কথাই নক’বা......

সম্প্রতি
মই তোমাৰ প্ৰেমত মাতাল হৈছোঁ।

আহাঁ
এই বসন্ততেই সলনি কৰি লওঁ
তোমাৰ স'তে মোৰ সৰ্বস্ব সপোন!

তুমি নিশ্চয় বুজিবা
তোমাৰ বাবে মই ৰাতিবোৰ কেনেকৈ
উজাগৰে কটাওঁ
তোমাৰ বাবে মই মোৰ বুকুত
কেনেকৈ সপোন সজাওঁ
তুমি মোৰ জীৱনৰ
শস্যৰ সেউজীয়া সপোন
তুমি মোৰ বুকুৰ
একান্ত আপোন!

অ' মোৰ সপোন
খোজত বাজে ৰুণ জুন
খোজত বাজে ৰুণ জুন॥

(প্রকাশিতঃ জনমভূমি)

প্ৰেমৰ উৎসৱ


তোমাক চাই-চাই
কোনোদিন, হেঁপাহ নপলাই
দুদিন মান তুমি
নদীৰ ঘাটলৈ অহা নাই
গৰখীয়া ম‍ই
বাঁহী বাই-বাই
উজাও-ভটিয়াও তোমাক চাই
তুমি, নদীৰ ঘাটলৈ অহা নাই

তোমাক ক'বলৈ
বুকুত, উপছি আছে কথাই
কথাৰ বিষয় নহয়
এলা-পেচা
জীৱন-যৌৱনৰ কথা.....

তুমি, নদীৰ ঘাটলৈ আহিবা
বহুত কথা পাতিম মই
তোমাৰ লগত
চকুত চকু থম, নিজম ঘাটত
নদীৰ সমান ব’ম
তোমাৰ প্ৰেমত--

মোৰ জীৱন তোমাৰ স’তেহে সম্ভৱ
হাজাৰ-বিজাৰ কথা আছে মোৰ
তোমাৰ লগত
মূলতঃ
তুমি মোৰ কথা আৰু
প্ৰেমৰ উৎসৱ॥

যৌৱন ফুলিছে বুকুত

সোণাৰুৰ ফুল
ফুলিছে
ফুল সৰি সৰি হালধীয়া কৰিছে
কনেঙৰ
গা-ধুৱা ঘাট।

আই পেমেনামৰ ঐনিতমত
থৰ লাগে তাই
কাপোৰ সলোৱা হাত!

দিচাঙৰ বুকুৱেদি
সপোন উজাইছে
জোনাক নামিছে চকুত
কনেঙক চাই চাই
হেঁপাহ নপলাই
যৌৱন ফুলিছে বুকুত৷

(প্রকাশিতঃ দৈনিক জনমভূমি)

কবিতা

মোৰ দুখ
এনেকৈয়ে আছে
কামিহাড় টনটন কৰে‍
চকু মুদি বহি থাকো মই
অন্ধৰ দৰে৷

০ ০ ০ ০ ০ ০

মোৰ দুখেই
হয়তো তোমালৈ এদিন
সুখ, আনি দিব পাৰে‍
অখ্যাত কবি ম‍ই
শব্দৰ হাবিত বগাই ফুৰিছো
বেজাৰ মনে।

০ ০ ০ ০ ০ ০

ইচ্ছাৰ বাটত তুমি
গৈ থাকিব পাৰা
স্বাধীনতা!
বিপদক লগ পালে মোক
একো নুসুধিবা
জানো ম‍ই
কোন পথ কিমান আন্ধাৰ৷

গোহাঁইবাৰী চাহ বাগিছা

এনেকৈয়ে আমি
কান্ধত কোৰ আৰু
হাতত কলমকটাৰী লৈ
সেউজীয়া ৰং বোলাও
গোহাঁইবাৰী
চাহ বাগিছাত৷

ৰ'দ বৰষুণৰ
নাই কোনো চিন
বিজুলী ঢেৰেকনীত
নকঁপে আমাৰ দিল

এটি কলি দুটি পাত
দুখৰ মাজতো
গুণগুণাও
আমাৰ জীৱন চাহ বাগিছাত .....।

পূজা পাতো
ঝুমুৰ নাচো
দেহৰ ঘামে বাগান গঢ়ো

এনেকৈয়ে আমি মৰি আছো
এনেকৈয়ে আমি জী আছো
জীৱনৰ ঠিকনা
গোহাঁইবাৰী চাহ বাগিছা৷

(প্রকাশিতঃ দৈনিক জনমভূমি)

দুখৰ চাৰিটা দৃশ্য

দৃশ্য- ১ গধূলি হ'লেই
বুকুখন ধপ-ধপাই
পুৱা, কলমৰ আগে উৰি যায়
কবিতাৰ এজাক
খঙাল চৰাই

দৃশ্য- ২ বাঁহীৰ মাত এটাই
মোৰ
হৃদয়খন ভাঙে
দুখত তল যাওঁ মই
আবেলি হ'লে

দৃশ্য- ৩ কাৰ তেজত নুমাই
তুলসী তলৰ চাকি
ঠিক একেই এতিয়া
কি দিন
কি ৰাতি!

দৃশ্য- ৪ কোনে গুজি দিব
মোৰ মুখত
হাঁহি আৰু বাঁহী
জনাই নাছিলো
জীৱন যে
ইমান আমনি।।

(প্রকাশিতঃ প্রতিফলন)

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলভ্য।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।