তুতি, ঈশ্বৰ-নিৰ্ণয়,শৰণ, নমস্কাৰ, উপদেশ, ছবি, লেছাৰি, মহিমা-যুক্ত উপদেশ, ছবি, লেছাৰি

ৱিকিউৎসৰ পৰা
নামঘোষা
লেখক শ্ৰীমন্ত মাধৱদেৱ
নামঘোষা
  1. ভজন, নমস্কাৰ, উপদেশ
  2. নিন্দা
  3. প্ৰাৰ্থনা আৰু অনুনাথনা
  4. মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ
  5. প্ৰশংসা, অনুধিতা, নাম, পৰমাৰ্থ-সাৰ, সাৰ-নিৰ্ণয়, বৰ্ণাশ্ৰম, হৰবাৰ
  6. নামৰ অন্বয়, দুলড়ি, শৰণ আৰু ভজন
  7. নমস্কাৰ, উপদেশ, খেদ
  8. নিন্দা, প্ৰাৰ্থনা
  9. নাম-মহিমা, নাম, প্ৰশংসা
  10. বস্তু-প্ৰকাশ, নিৱেদন, কলি-ধৰ্ম্ম-নিৰ্ণয়, হৰবাৰ, কৃষ্ণৰ পুৰুষ-লক্ষণ, যুগ-ধৰ্ম্ম-নিৰ্ণয়
  11. ঈশ্বৰ নিৰ্ণয়, শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমাযুক্ত উপদেশ, আত্ম-উপদেশ
  12. নিন্দা, প্ৰাৰ্থনা, নিৱেদন, প্ৰশংসা, কলি-ধৰ্ম্ম, নাম, তাত্‍পৰ্য্য, বিৰকতি
  13. তুতি, ঈশ্বৰ-নিৰ্ণয়,শৰণ, নমস্কাৰ, উপদেশ, ছবি, লেছাৰি, মহিমা-যুক্ত উপদেশ, ছবি, লেছাৰি
  14. নিন্দা, আত্ম-নিন্দা, মহিমা, নাম-মহিমা, তুতি
  15. প্ৰাৰ্থনা, তাত্‍পৰ্য্য, বস্তু-প্ৰকাশ, আশ্ৰয়, প্ৰশংসা, মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা, নামৰ অন্বয়
  16. খেদ, ভাগৱত-প্ৰশংসা, উপদেশ, খেদ, পৰম-পুৰুষাৰ্থ
  17. শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমা, আত্ম-উপদেশ, নিন্দা, আত্ম-নিন্দা
  18. খেদ, মহিমা, কাৰুণ্য
  19. তাত্‍পৰ্য্য, কাকূতি, প্ৰাৰ্থনা, প্ৰাৰ্থনা-নিবেদন
  20. ঘোষা, খেদ

তুতি, ঈশ্বৰ-নিৰ্ণয়,শৰণ, নমস্কাৰ, উপদেশ, ছবি, লেছাৰি, মহিমা-যুক্ত উপদেশ, ছবি, লেছাৰি

তুতি

মুৰাৰি মাধৱ মধু-ৰিপু ৰাম |
তুমি ভকতৰ ধৰ্ম্ম অৰ্থ মোক্ষ কাম ||৫৮৩
মুৰাৰি মনোহৰ ভগৱন্ত দেৱ |
তুমি বিনে পতিতৰ গতি নাহি কেৱ ||৫৮৪
কিনো কৃপাময় দেৱ প্ৰভু যদুৰায় |
মুখ মাজে থৈলা নাম সৰ্ব্বক্ষণে পায় ||৫৮৫


লেছাৰি
ঈশ্বৰ-নিৰ্ণয়

কৃষ্ণ এক দেৱ দুখ-হাৰী         কাল মায়াদিৰো অধিকাৰী

কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ |

সৃষ্টি-স্থিতি-অন্তকাৰী দেৱ         তান্ত বিনে আন নাহি কেৱ

জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ ||৫৮৬

নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন

অনাদি অনন্ত নিৰ্গুণ গুণ-নিয়ন্তা |

পৰম পুৰুষ ভগৱন্ত         নাহি পূৰ্ব্বাপৰ আদি অন্ত

তুমিসে চৈতন্য সমস্তে ভৱ-ভাৱন্তা ||৫৮৭

ব্ৰহ্মা মহাদেৱ লক্ষ্মী দেৱী         কায়-বাক্যে মনে থিৰ কৰি

পৰম আনন্দে চৰণ সেৱন্ত যাৰ |

সদা জন্ম-জৰা-মৃত্যু-হীন শ্ৰীমন্ত সুন্দৰ গুণনিধি

বিষ্ণুত বিনাই কোন দেৱ আছে আৰ ||৫৮৮

যাৰ পাদোদকে দেৱী গঙ্গা         যাৰ বাক্যে হুয়া আছে বেদ

পৰম পতিতো তৰয় যাহাৰ নামে |

সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো         পৰম কাৰণ নাৰায়ণ

হেন ঈশ্বৰক নভজয় কোন কামে ||৫৮৯

অপাৰ সংসাৰ সিন্ধু আৰ         বিষ্ণুসে পৰম পাৰ যত

পাৰ আছে তাতে পৰম্পৰমাত্মা ৰূপে |

তেন্তে তুমি জান ব্ৰহ্ম-পাৰ         পৰ-পাৰ-ভূত যত পাৰ

তাসম্বাৰ পাৰ বিষ্ণুসে পাৰ স্বৰূপে ||৫৯০


শৰণ

শোক-মোহ-মহাপঙ্ক মাজে         অৰ্জ্জুন মগন ভৈলা দেখি

পৰম ঈশ্বৰ দেৱকী-নন্দ-নন্দন |

কৃপায়ে ঈশ্বৰ-তত্ত্ব কহি         উদ্ধাৰিবা নিজ ভকতক

হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ ||৫৯১


নমস্কাৰ

হে কৃষ্ণ ধনঞ্জয় সখা         বৃষ্ণি-কুল-শ্ৰেষ্ঠ দুষ্ট ৰাজা

বংশৰ দহন অনন্ত-বীৰ্য্য গোবিন্দ |

গো-বিপ্ৰ-দেৱ-দুখ-হাৰী         যোগেশ্বৰ সমস্তৰ গুৰু

নমো ভগৱন্ত তযু পদ-অৰবিন্দ ||৫৯২


উপদেশ

সুবাসনা দুৰ্ব্বাসনা দুই         বন্ধৰ মোক্ষৰ মূল হেতু

শুনা যেনমতে উপজয় পুৰুষত |

সন্তৰ কৃপাত সুবাসনা         সুখে পুৰুষত পাৱে জানা

হোৱে দুৰ্ব্বাসনা সন্তৰ মন-কোপত ||৫৯৩

মহন্তৰ বাক্য যিটো কৰে         তাক সুবাসনা অনুসৰে

সন্তৰ কৃপাত ভজে গোৱিন্দৰ পাৱে |

যিটো মহন্তক নিন্দা কৰে         তাক দুৰ্ব্বাসনা বেঢ়ি ধৰে

কৃষ্ণক ভজিবে নপাৰয় মূঢ়ভাৱে ||৫৯৪

কৃষ্ণ-পদ-মাত্ৰ সেৱা কৰে         সমস্তে কামনা পৰিহৰে

বেদ-ব্যৱহাৰ কদাচিতো নলঙ্ঘয় |

কৃষ্ণ-পদ-সেৱা-সুখ-মনে         কৰে অনুভৱ সৰ্ব্বক্ষণে

ইহাক মহন্ত বুলিয় জানা নিশ্বয় ||৫৯৫

শুনিয়ো সজ্জনা শাস্ত্ৰ-সাৰ         সকলে সম্পত্তি জানা তাৰ

হৰি-ভক্তি-ৰসে সন্তোষ মন যাহাৰ |

চৰ্ম্মৰ নিৰ্ম্মিত পানৈজুড়ি         চৰণ ঢাকিল যিটোজনে

যেন সৱে ভূমি চৰ্ম্মাবৃত ভৈল তাৰ ||৫৯৬

অন্তৰত এক ঈশ্বৰক         দেখিয়োক নানা বাহিৰত

অন্তৰত বোধ বাহিৰত জড়-প্ৰায় |

বুদ্ধিত সমস্তে তেজিয়োক         বাহিৰত সঙ্গ দেখায়োক

এহিভাৱে ৰাম লোকত ফুৰা বেঢ়াই ||৫৯৭


ছবি

অবিৰক্ত ভকতৰ         বেদ লঙ্ঘিবাক দোষ

জানিবাহা ইহাক নিশ্চয় |

পৰম বিৰক্ত যিটো         কৃষ্ণৰ ভকত ভৈল

তাৰ একো নাহিকে নিৰ্ণয় ||৫৯৮


লেছাৰি

তাৱত কৃষ্ণৰ ভক্ত নৰে         ভক্তি-অবিৰোধী কৰ্ম্ম কৰে

কৃষ্ণৰ কথাত ৰতি যাৱে নুপজয় |

যেৱে ভৈল কৃষ্ণ-কথা-ৰত         নিত্য নৈমিত্তিক আদি যত

কথাৰ বিৰোধী জানিয়া সৱে তেজয় ||৫৯৯

সমস্তে তপকে আচৰোক         পৰোক পৰ্ব্বতে উঠি যত

তীৰ্থত ভ্ৰমোক পঢ়োক বেদ-নিচয় |

যজোক সমস্তে যজ্ঞচয়         যোগক জানোক সমস্তয়

হৰি বিনে কদাচিতো মৃত্যু নতৰয় ||৬০০

মহন্তসৱৰ সঙ্গ লৈয়া         হৰিত একান্তে চিত্ত দিয়া

পৰম আনন্দে গাৱে হৰি-গুণ-নাম |

সহজে দায়ালু দেৱ হৰি         লৈৱা আপুনাৰ দাস কৰি

হৰি-দাস ভৈলে হৈবা ভাই পূৰ্ণকাম ||৬০১


মহিমা-যুক্ত উপদেশ

ব্যাস নিগদতি লুব্ধমতি         শুনিয়ো আনন্দে কৰ্ণ পাতি

দেওঁ উপদেশ ঊৰ্দ্ধ বাহু উচ্চ কৰি |

এহিমানে মাত্ৰ মহামন্ত্ৰ         সংসাৰ-দুৰ্ঘোৰ-বিষহাৰী

নমো নাৰায়ণ বুলিয়োক মুখ ভৰি ||৬০২

সকলে নিগমে কল্পতৰু         তাৰ ফল মহাভাগৱত

শুক-মুখে আসি ভূমিত ভৈলা বিদিত |

ৰসত চতুৰ যিটোজন         কৃষ্ণৰ চৰণে দিয়া মন

পৰম সন্তোষে পিয়োক ফল-অমৃত ||৬০৩

হৰিক সততে স্মৰা প্ৰজা         সমস্তে পুণ্যৰ ইসে ৰাজা

হৰিক স্মৰণে সিজয় পুণ্য কিঙ্কৰ |

নপাসৰিবাহা কদাচিত         শুনা কথা ইটো বিপৰীত

হৰি পাসৰিলে সিজে পাপ নিৰন্তৰ ||৬০৪

শুনিয়ো পাৰ্ব্বতী তুমি এৱে         ৰাম ৰাম ৰাম বোলা যেৱে

তোমাৰ বদন হৈবেক শ্ৰেষ্ঠ অমূল্য |

ৰাম ৰাম ৰাম ৰাম বুলি         ৰামতে ৰমোহো সৰ্ব্বক্ষণে

জানা ৰাম-নাম সহস্ৰ নামৰ তুল্য ||৬০৫

বেদাগম আদি কৰি যত         বিস্তৰ শাস্ত্ৰত নাহি কাজ

বিস্তৰ তীৰ্থত নাহি কিছু প্ৰয়োজন |

সংসাৰ তৰিতে খোজা যেৱে         আপুন মোক্ষৰ হেতু তেৱে

গোৱিন্দ গোৱিন্দ বেকতে বোলা বচন ||৬০৬

মাধৱে বোলন্ত ধনঞ্জয়         মহা দুৰাচাৰো আতিশয়

আন দেৱ তজি মোকেসে মাত্ৰ ভজয় |

তাকেসে পৰম সাধু বুলি         মানিবা মনত সৰ্ব্বক্ষণে

যিহেতু সম্যকে কৰিল মোক নিচয় ||৬০৭

ভক্তিৰ মহিমা বিপৰীত         অধৰ্ম্ম তেজিয়া ধৰ্ম্ম-চিত

হোৱে শীঘ্ৰে মোক ভজি জানা কুন্তী-সুত |

আক যি কুতৰ্কী নমানয়         তথা গৈয়া বায়ো বাদ্যচয়

বাহু মেলি কৰা অঙ্গীকাৰ অদভুত ||৬০৮

মোহোৰ পৰম ঈশ্বৰৰ         দুৰাচাৰ ভক্তো নুহি নষ্ট

কিন্তু সিটো ভক্ত কৃতাৰ্থ আতি হোৱয় |

তোহ্মাৰ প্ৰগলভ প্ৰৌঢ়ি শুনি         সমস্তে কুতৰ্ক পৰিহৰি

গুৰুত্বে তোহ্মাক কৰিবে সৱে আশ্ৰয় ||৬০৯

আহ্মাৰ নিৰ্ম্মল ভকতিত         দুৰাচাৰো তৰে কোন চিত্ৰ

আহ্মাক ভজিয়া চণ্ডালো তৰে সংসাৰ |

স্ত্ৰী শূদ্ৰ বৈশ্য আদি যত         বিষয়ত মাত্ৰ সদা ৰত

মোক ভজি সুখে ইসৱে হোৱে উদ্ধাৰ ||৬১০

ব্ৰাহ্মণ ক্ষত্ৰিয় পুণ্য-তনু         মোক ভজি তৰিবেক পুনু

আত অদভুত নাহিকে কোনো সংশয় |

ৰাজ-ঋষি-তনু আছা পায়া         অনিত্য অসুখ লোক জানি

আতি শীঘ্ৰে মোক ভজা সখি ধনঞ্জয় ||৬১১

মোতে মাত্ৰ সদা দিয়া মন         মোৰ ভক্ত হোৱা সৰ্ব্বক্ষণ

মোক পূজা মোকে মাত্ৰ কৰা নমস্কাৰ |

কহিলো তোমাত সত্য বাণী         পাইবা সুখে মোক মহামানী

তুমি প্ৰিয়তম সুহৃদ সখি আহ্মাৰ ||৬১২

ভগৱন্ত দেৱ নিগদতি         শুনিয়ো অৰ্জ্জুন মহামতি

তোমাত কৰঞো পৰম ইটো ৰহস্য |

ঐশ্বৰ্য্য বিভুতি বলে সমে         জানে যিটো মোক নৰোত্তমে

সিও ভৈল মোৰ তাৰ ভৈলো মঞি বশ্য ||৬১৩

অসম্মূঢ়ভাৱে যিটোজনে         উত্তম পুৰুষ মোক মানে

তাকে সৰ্ব্ববেত্তা বুলিয় সখি অৰ্জ্জুন |

সিটো সমস্তকে পৰিহৰি         কায় বাক্য মনে যত্ন কৰি

ভজয় আমাক পুৰুষ সিটো নিপুণ ||৬১৪

মোতে হন্তে হোৱে চৰাচৰ         মোতেসে প্ৰৱৰ্ত্তে নিৰন্তৰ

ইহাক অৰ্জ্জুন জানে যিটো মহাজন |

পৰম বিৱেকী সিটোজন         মোৰ ভাবে হুয়া যুক্ত-মন

মোকে মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্ত্তন ||৬১৫

মোতেসে কেৱলে দিয়া চিত         মোতে মাত্ৰ প্ৰাণ অৰ্পি নিত

অন্যোঅন্যে মিলি মোকেসে বোধ কৰাৱে |

মোকে মাত্ৰ কহে সৰ্ব্বক্ষণে         পৰম সন্তোষ লভি মনে

আনন্দ-সাহৰে মজি ৰহে প্ৰেমভাৱে ||৬১৬

ৰহস্যক জানে যিটো লোক         সততে কীৰ্ত্তন কৰে মোক

ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত |

মোৰ সৰ্ব্বোত্তম দুই পাৱে         কৰে নমস্কাৰ ভক্তিভাৱে

তাৰ মোৰ এড়া-এড়ি নাহি কদাচিত ||৬১৭

মাধৱে কহন্ত অৰ্জ্জুনত         শুনা ইটো পৰমাৰ্থ-তত্ত্ব

ভকতেসে মোৰ মহিমা জানে নি:শেষ |

তত্ত্ব-ৰূপে সখি জানি মোক         তৰিবা দুৰ্ঘোৰ দুখ-শোক

অন্ত-কালে গৈয়া আমাত হোৱে প্ৰৱেশ ||৬১৮

কৃষ্ণ নিগদতি সব্যসাচী         পৰমাৰ্থ-তত্ত্ব লৱা বাছি

সুদৃঢ় বিশ্বাসে শৰণ লৈয়ো আমাত |

মোতে মাত্ৰ সদা দিয়া চিত         গায়ো মোৰ গুণ-নাম-গীত

সকলে শাস্ত্ৰৰ কহিলো সাৰ সাক্ষাত ||৬১৯


ছবি

ভগৱন্ত-ভক্তি-যুক্ত         পুৰুষৰ আত্ম-বোধ

মাধৱৰ প্ৰসাদে মিলয় |

কৃষ্ণৰ কৃপাত জানা         গুচয় সংসাৰ-বন্ধ

এহিমানে গীতাৰ নিৰ্ণয় ||৬২০


লেছাৰি

জানা শ্ৰীৰাম নামে নিজ         সমস্তে শাস্ত্ৰৰে মূল বীজ

সঞ্জীৱনী-প্ৰায় যাৰ মনে প্ৰৱেশয় |

যদি হলাহল পান কৰে         প্ৰলয়-বহ্নিত যদি পৰে

মৃত্যুৰ মুখত প্ৰৱেশিলে নাহি ভয় ||৬২১

পূৰ্ণ শশী পূৰ্ণ দুগ্ধ-সিন্ধু         সিমত প্ৰকাশ নকৰয়

কমনীয় লক্ষ্মী বদনো সিমত নয় |

ঈশ্বৰ কৃষ্ণৰ পাদ-পদ্ম         ভজি স্পৃহাহীন ভৈলা সিটো

সিটো মনগোটে যিমতে শোভা কৰয় ||৬২২

শ্ৰীমুকুন্দৰ নাম-গুণ         কীৰ্ত্তন প্ৰকাশে যি দিশত

সি দিশক প্ৰতি নমস্কাৰ যিটো কৰে |

চিদানন্দ-ঘন স্বৰূপত         ঈশ্বৰ কৃষ্ণত নিত্যাগত

পৰম আনন্দ কৰে সিটো সাধু নৰে ||৬২৩

হৰি-ভক্তি ৰাজ-মাৰ্গে গুৰু-         পদ-নখ-চন্দ্ৰ-প্ৰকাশিত

শ্ৰুতি-জননীৰ পদ-পন্থ অনুসৰি |

ফুৰো হুয়া আমি অনন্দিত         স্খলন নাহিকে কদাচিত

মহাজনসৱ জানিবা নিশ্চয় কৰি ||৬২৪