সমললৈ যাওক

তত্ত্ব আৰু তথ্য/পাঠ ৯

ৱিকিউৎসৰ পৰা
 

অসমৰ মুদ্ৰা।

 সমাজৰ আদিতে সালসলনি প্ৰথাহে প্ৰচলিত আছিল। খেতিয়কে খেতিব বস্তুৰে কমাৰ, কুমাৰ, কঁহাৰৰ পৰা নিজ আৱশ্যকীয় বস্তু সলাই আনিছিল। সেইদৰে অন্য ব্যৱসায়ী মানুহে খেতিয়কৰ পৰা খেতিৰ উৎপন্ন বস্তু সলাই আনিছিল। তেতিয়াৰ দিনত টকা কড়িৰ কোনো লেনদেন নাছিল। আজিও সমাজত ধান চাউ- লেৰে বস্তু সলাই নিয়া প্ৰথা আছে। পৰাচিত কৰালে “ধেনুমূল্য” দক্ষিণা দিয়া, ধানপুৰীয়া কঠালটো পাতৰ আঁৰত (অৰ্থাৎ যি কঠালটোৰ দাম এপুৰা ধান ) ইত্যাদি বাক্যাংশৰ পৰাও সমাজৰ বিনিময় বা সাল-সলনি প্ৰথাৰ কথা বুজিব পাৰি। এনে বিনিময়ৰ নানা আহুকাল আৰু অসুবিধা গুছাবলৈ মুদ্ৰাৰ প্ৰচলন হল। পুৰণি ভাৰতত মুদ্ৰা কেতিয়াৰ পৰা প্ৰচলন হল, মুদ্ৰাৰ উদ্ভব কোনে কৰিলে, গ্ৰীক্‌ বা বিদেশী জাতিৰ পৰা মুদ্ৰাৰ প্ৰচলন হলনে ইত্যাদিবোৰ বিষয় লৈ পণ্ডিত সকলৰ মাজত মতভে আছে। কিন্তু একশ্ৰেণীৰ পণ্ডিতে ভাৰতবৰ্ষকে মুদ্ৰাৰ আৰিষ্কাৰৰ স্থল বোলে। “নিষ্ক” আৰু “হিৰণ্যপিণ্ড” বুলি দুই প্ৰকাৰ মুদ্ৰাৰ উল্লেখ আছে। ৰজা চন্দ্ৰগুপ্তৰ দিনত মুদ্ৰাৰ এটা স্বতন্ত্ৰ বিভাগ আছিল। সেই বিভাগত ‘লক্ষ্যণাধ্যক্ষ’ বা ‘ৰূপ্যাধ্যক্ষ’ নামেৰে এজন ডাঙ্গৰ বিষয়াই নিজ তত্ত্বাবধানত মুদ্ৰা কৰাইছিল[]। পিছত এই মুদ্ৰাৰ প্ৰচলন অসমত কোন শতাব্দীৰ পৰা হল?

 অসমত আজিলৈকে সংগৃহীত মুদ্ৰাবোৰ ঘাইকৈ আহোম যুগৰ। কোচৰাজ আৰু কচাৰী ৰজাৰো মুদ্ৰা পোৱা গৈছে। কিন্তু ইবিলাকৰ আগেয়ে অসমত মুদ্ৰাৰ প্ৰচলন আছিলনে নাই? তেজপুৰ পাহাৰৰ শিলৰ ফলিত হৰ্জ্জৰবৰ্ম্মৰ কথা উল্লেখ আছে। এই ফলি গুপ্তাব্দ ৫১০ অৰ্থাৎ ৮২৯-৩০ খৃষ্টাব্দৰ। হৰ্জ্জৰ বৰ্ম্মৰ নিচিনা ৰজাই অসমত যে নিজৰ নামত মোহৰ মৰা নাছিল এনেটো অনুমান কৰিব নোৱাৰি। ইফালে যি কুমাৰ ভাস্কৰবৰ্ম্মাই ভাৰত সম্ৰাট হৰ্ষবৰ্দ্ধনৰ ৰাজ সভাত ইমান সম্মান পাইছিল সেই কামৰূপৰ অধীশ্বৰে অসমত যে মুদ্ৰাৰ প্ৰচলন কৰা নাছিল এনেটোও অনুমান কৰিব নোৱাৰি। যদিও হৰ্জ্জৰবৰ্ম্ম নাইবা ভাস্কৰবৰ্ম্মাৰ কোনো মুদ্ৰা আজিলৈকে আবিষ্কাৰ হোৱা নাই তথাপি আগুৱাই নগৈও তেওঁলোকৰ দিনৰ পৰা অৰ্থাৎ খৃষ্টীয় অষ্টম বা নৱম শতাব্দীৰ পৰা অসমত মুদ্ৰা প্ৰচলন হোৱা বুলি ধৰিলে বোপকৰো যুক্তিৰ পৰা আঁতৰা নহব। কিয়নো খৃষ্টীয় ৬ষ্ঠ বা ৭ম শতাব্দীক পণ্ডিতসকলে ভাৰতীয় মুদ্ৰাৰ যৌৱনাবস্থা বুলিছে।

 অসমৰ মুদ্ৰাবোৰ ঘাইকৈ এই কেই শ্ৰেণীত ভগাব পাৰিঃ-(১) কঠালগুটীয়া টকা (২) গাহৰি মোহৰ (৩) কতিয়াকণীয়া টকা (৪) বান্দী মোহৰ (৫) চিকাৰূপ (৬) কেচাৰূপ (৭) ৰজাৰূপ বা আঠকোণীয়াটক। (৮) নাৰায়ণীৰূপ। কঠালগুটীয়া টকা এডোখৰ লত্‌লতীয়া ৰূপ। কঠালগুটীৰ আকৃতিৰ দৰে, এতেকে সেই নাম। গাহৰি মোহৰত ‘বৰাহ’ বা গাহৰি মূৰ্ত্তি অঙ্কিত থাকে। কতিয়া কণীয়া টকাৰ কাণত কতিয়াকতিকৈ আঁচ আছে। বান্দী মোহৰৰ এপিঠিত হাতত বাঢ়ণী এটাৰে সৈতে এজনী বান্দীৰ মূৰ্ত্তি অঙ্কিত থাকে। কথিত আছে বোলে কোনোবা লিগিৰী এজনী ৰজাৰ বৰ প্ৰিয়পাত্ৰী হৈ উঠিল। সেই লিগিৰীৰ প্ৰাৰ্থনাত ৰজা সন্তুষ্ট হৈ এদিনৰ কাৰণে তাইৰ মুৰ্ত্তিৰে মোহৰ মৰাইছিল। এই মোহৰৰ সংখ্যা নিচেই তাকৰ। চিকাৰূপত ফাৰ্চ্চী লিখা আছে। কেচাৰূপ পকা নহয়, সোনকালে কলা পৰি যায়। এইৰূপ সীহপতাৰ দৰে লেতু-সেতু। ৰজাৰূপ আটাইতকৈ শ্ৰেষ্ঠ। এই ৰূপক আঠকোণীয়া ৰূপো বুলিছিল। যোগিনীতন্ত্ৰত অসমদেশক “অষ্টকোণাঞ্চ সৌমাৰং যত্ৰ দিক্কৰবাসিনী” বোলা হৈছে। দেশখন আঠকোণীয়া দেখি সৌমাৰেশ্বৰ আহোমৰাজে ৰূপ বা মোহৰবোৰো আঠকোণীয়া কৰাইছিল। কোচৰজা সকলৰ মোহৰক নাৰায়ণাৰূপ বোলা হৈছিল।

 আহোম যুগত কোনন স্বৰ্গদেৱৰ দিনৰ পৰা মূদ্ৰা প্ৰচলন হল সেই বিষয় দুইমত। কাশীনাথ তামুলি ফুকনৰ মতে কোচবিহাবৰ নৰনাৰায়ণ ৰজাই নিজ নামত মোহৰ মৰোৱাৰ কথা শুনি স্বৰ্গদেৱ চুচেংফায়ো মোহৰ মৰালে। মিঃ গেইট চাহাবৰ মতে চুক্লেনমুঙৰ দিনৰ পৰাই মোহৰ মৰা হৈছিল। জয়ধ্বজসিংহৰ দিনৰ পৰাহে সৰ্ব্ব সাধাৰণৰ মাজত মুদ্ৰাৰ বহুল প্ৰচলন হবলৈ ধৰিলে।*

 এই মুদ্ৰাবোৰৰ দুয়ো পিঠিতে সংস্কৃত শ্লোকত ৰজাৰ নাম লিখা থাকে আৰু শকাব্দৰ উল্লেখ থাকে। মুদ্ৰাবোৰ ঘাইকৈ সোণৰ আৰু ৰূপৰ কৰা হৈছিল। তামৰ মুদ্ৰাৰ প্ৰচলন এই দেশত মুঠেও নহৈছিল। আগচোৱাত কড়ি চলিত আছিল। চৰতীয়া, আদমহীয়া, মহা, আধলি ইত্যাদি ভাগে ভাগে মুদ্ৰা কৰা হৈছিল। এইবোৰ মুদ্ৰাৰ আকাৰ টকাতকৈ অনুক্ৰমে ক্ষুদ্ৰ আছিল। গতিকে কোনোটোত ৰজাৰ নাম মাত্ৰহে লিখা আছিল। সোণৰ মুদ্ৰাবোৰক মোহৰ বোলা হৈছিল। মোহৰ শব্দ সংস্কৃতমূলক নহয়। তলত কেইটিমান মুদ্ৰাৰ পাঠ[] দিয়া হল:--

শ্ৰীশ্ৰীহৰগৌৰীপদাম্বুজমধুকৰস্য
শ্ৰীশ্ৰীমৎ স্বৰ্গদেৱৰূদ্ৰসিংহস্য শাকে ১৬২২
শ্ৰীশ্ৰীহৰগৌৰীপদাম্বুজমধুকৰস্য
শ্ৰীশ্ৰীমৎ স্বৰ্গদেৱ শিৱসিংহ নৃপস্য শাকে ১৬৩৭
শ্ৰীশিৱসিংহনৃপমহিষী শ্ৰীপ্ৰমথেশ্বৰী দেব্যাঃ
শ্ৰীহৰগৌৰীপদপৰায়ণায়ঃ শাকে ১৬৬২
শ্ৰীশ্ৰীহৰগৌৰীচৰণকমলমধুকৰস্য
শ্ৰীশ্ৰীস্বৰ্গদেৱপ্ৰমত্তসিংহ নৃপস্য শাকে ১৬৬৯
শ্ৰীশ্ৰীহৰগৌৰীচৰণাৰবিন্দমকৰন্দমধুকৰস্য

শ্ৰীশ্ৰীস্বৰ্গদেৱ শ্ৰীলক্ষীসিংহপস্য শাকে ১৬৯৪

শ্ৰীশ্ৰীহৰগৌৰীচৰণকমলমকৰন্দমধুকৰস্য
শ্ৰীশ্ৰীস্বৰ্গদেৱশ্ৰীগৌৰীনাথসিংনৃপস্য শাকে ১৭০৬

 মুদ্ৰাবোৰৰ আখৰৰ গঢ় পুৰণি অসমীয়া। কেতবোৰ মুদ্ৰা আহোম ভাষাতো লিখা হৈছিল। মুদ্ৰাবোৰ ডাঠ আৰু ইয়াৰ সোণ জুইৰ আগ যেন উত্তম। দুই প্ৰকাৰে মুদ্ৰা প্ৰস্তুত কৰা হৈছিল। ডাঠ চটিয়া সোণৰ পাট খণ্ডখণ্ডকৈ জোখমতে কাটি কাটি মুদ্ৰা কৰা হৈছিল। তাৰ পিছত ৰজাৰ নাম আৰু শকাব্দ লিখা হৈছিল। সোণ ৰূপ গলাই সাঁচত ঢালিও মুদ্ৰা কৰা হৈছিল। শেহৰ বিধ মুদ্ৰা প্ৰস্তুত প্ৰণালী উজু আৰু সুচল আছিল। ভিতৰুৱাল বৰুৱাৰ তত্ত্বাবধানত মুদ্ৰা প্ৰস্তুত কৰা হৈছিল।

 কোচৰজা সকলৰ নাৰায়ণী টকাত বাদেও মোৱামৰীয়া বিদ্ৰোহৰ সময়ত ভৰতচিং নামেৰে এজন প্ৰতাপী মোৱামৰীয়াই নিজ নামত মোহৰ মৰাইছিল। মছলমানৰ আক্ৰমণৰ সময়ত মিৰজুমলাই গৰগাওঁত দিল্লীৰ বাদছাহ আৰঙ্গজেবৰ নামেৰে এই দেশত কিছুমান সোণ ৰূপৰ মুদ্ৰা কৰাইছিল। এইবোৰ মুদ্ৰা ঘূৰণীয়া আৰু ফাৰ্চ্চী ভাষাত লিখা। মছলমানৰ আক্ৰমণৰ সময়ত আহোম ৰাজে মিত্ৰতা স্থাপন কৰি বছৰি সোণৰ আৰু ৰূপৰ মুদ্ৰাৰে পেছকছ সোধাৱা কথা বুৰঞ্জীত উল্লেখ আছে। অকল ৰমণী গাভৰুৰ লগত দিল্লীৰ বাদছাহলৈ ২,০০০ সোণৰ মোহৰ আৰু ১২,০০০ ৰূপৰ মোহৰ অন্যান্য বস্তুত বাদেও যৌতক দিয়া হৈছিল। মুদ্ৰাবোৰৰ সোণ ঘাইকৈ সুবনশিৰী নৈৰ পৰা পোৱা হৈছিল। সোনো ৱাল জাতিয়ে নৈৰ বালি ধুই বছৰি ৰজাঘৰত সোণ যোগাব লাগিছিল। ফটীয়া-ই-ইব্ৰীয়াহত লিখা আছে যে দহহেজাৰ মান মানুহ সোণ ধোৱা কামত নিযুক্ত আছিল। এনেকৈ প্ৰতিমানুহে বছৰি গড়ে এতোলাকৈ সোণ পাইছিল। অইন দেশৰ পৰাও যে সোণ ৰপ্তানী নহৈছিল এনেটো সঠিককৈ কব নোৱাৰি।

 সোণৰূপৰ মুদ্ৰাবোৰ অলঙ্কাৰৰূপেও ব্যৱহাৰ হৈছিল। আজিও সোণৰ চৰতীয়া আদমহীয়া আৰু মহাৰ গলপতা সমাজত প্ৰচলিত আছে। টকা আধলিৰ আঙ্গঠি এতিয়াও অলঙ্কাৰৰূপে ব্যৱহাৰ হয়।

 মুদ্ৰ বুৰঞ্জীৰ প্ৰধান উপকৰণ। কাৰ পিছত কোন জন ৰজা হল, কোনবংশৰ ৰজাই কেতিয়া কোন দেশত ৰাজত্ব কৰিলে, কোন ৰজাৰ দিনত কি ধৰ্ম্মৰ প্ৰভাব আছিল, কোন দেৱতাৰ কি আখ্যান কেতিয়া সমাজত কি দৰে চলিছিল—এইবোৰৰ সম্ভেদ মুদ্ৰাৰপৰা পাব পাৰি। কেতিয়াবা নতুন মুদ্ৰাৰ আবিষ্কাৰ হলে বুৰঞ্জীত নতুন যুগৰ প্ৰবৰ্ত্তন হব পাৰে। ভাৰতৰ মুদ্ৰাই নতুন তথ্য আবিষ্কাৰ কৰিব লাগিছে। যি দেশৰ অতীত কাহিনী অতি গৌৰৱময়, যি দেশৰ বিদ্বৎজনে তাহানিৰ নলণ্ড বিশ্ববিদ্যালয়ত আসন পাইছিল আৰু যি ঠাইৰ যুদ্ধ-কৌশলে মোগল সম্ৰাটকো চমক লগাইছিল সেই দেশৰ নতুন নতুন তথ্যই অনুসন্ধিৎসু লোক মাত্ৰৰে মন আকৰ্ষণ কৰিব আৰু ফলত বুৰঞ্জীৰ লুপ্ত ৰত্ন উদ্ধাৰ পাব।

 

  1. প্ৰণমৰাৰ মিলন -পৃঃ ১৯২
  2. ৬ষ্ঠ বছৰ বাঁহী পৃঃ ২৮৬