সমললৈ যাওক

তত্ত্ব আৰু তথ্য/পাঠ ৪

ৱিকিউৎসৰ পৰা
 

জড়বাদ।

 সত্যতা নিৰূপণ কৰা সত্ববৈজ্ঞানিক মতৰ এটা মতক আমি জড়বাদ বোলোঁ। ই কয় যে প্ৰকৃত সত্য জড় বা পদাৰ্থ, ইয়াৰ গুণ প্ৰসাৰণ আৰু অভে- দ্যতা আৰু ইয়াৰ কাৰ্য্যকাৰিকা শক্তি গতি। আমাৰ আত্মসম্বন্ধীয় অৱস্থাবোৰ শাৰীৰিক অৱস্থাৰে বুজাব পাৰি- লেই জড়বাদৰ মতে সত্যতা যে জড় তাক প্ৰমাণ কৰা হয়। আৰু এইবোৰ নো কেনেকৈ ঘটে তাক তলত দেখুৱা হৈছেঃ-

 বহুদৰ্শিতাৰ পৰা আমি জানিব পাৰোঁ যে আত্ম- সম্বন্ধীয় অৱস্থাবোৰ শাৰীৰিক অৱস্থাৰ দ্বাৰাই ঘটি থাকে। আমি জানো যে ইন্দ্ৰিয়বিশিষ্ট জাতি বা প্ৰাণী জাতিহে মাথো চৈতন্য অৱস্থাবিশিষ্ট আৰু এই দুই জাতিৰ আত্মসম্বন্ধীয় অৱস্থাবোৰ স্নায়ুমণ্ডলীৰ কাৰ্য্যাৱলীৰপৰাই ঘটে। কিন্তু এনে এটা বিশ্বাস আছে যে আত্মসম্বন্ধীয় অৱস্থাবোৰ স্নায়ুমণ্ডলীৰ কাৰ্য্যাৱলীৰ পৰা নঘটে। কিবা এটা বেলেগ জীৱনী শক্তি আছে যাৰ দ্বাৰাই আত্মসম্বন্ধীয় অৱস্থবোৰ ঘটি থাকে। এই জীৱনী শক্তিক আমি নেজানো। কিন্তু জড়বিজ্ঞানবিৎ- সকলে কয় যে সকলো ব্যাপাৰকে কিবা এটা নজনা, নুবুজা, নেদেখা, জীৱনী শক্তিৰে ঘটা বুলি কোৱা নিতান্ত ভুল। মেঘৰ গাজনি ইন্দ্ৰৰ কোপৰ চিন, বিজুলী ৰাক্ষসীৰ জিভা, জ্বৰ হােৱা জৰাসন্ধ দেৱতাৰ কোপৰ চিন ইত্যাদিবিলাক কোৱা যেনে অমূলক, আত্মসম্বন্ধীয় অৱস্থাবােৰ কিবা এটা শক্তিৰ দ্বাৰাই ঘটি থকা বুলি কোৱাও তেনে । এনেবােৰ ধাৰণাই বৈজ্ঞানিক তথ্য বাহিৰ কৰাত বা ব্যাখ্যা কৰাত অকণো সহায় নকৰে কেবল বাটত মাথাে ভেটা হে দিয়ে।

 অবৈজ্ঞানিক কথা আৰু বৈজ্ঞানিক কথাৰ পাৰ্থক্য এই যে, অবৈজ্ঞানিক কথাই কাৰ্য্য আৰু কাৰণৰ বিশেষ ধাৰ নেখায় । যেই সেই কাৰ্য্যৰ যেই সেই এটা কাৰণ বুলিয়েই সি ক্ষান্ত থাকে। কিন্তু বৈজ্ঞানিক কথাত কাৰ্য্যৰ প্রকৃত কাৰণ ওলাই পৰে। প্রাকৃ- তিক বিজ্ঞানত ব্যাপাৰ বুজাবলৈ হলে বৈজ্ঞানিকে পূৰ্ব্বানুবৰ্ত্তী ঘটনাৱলী আৰু সমকালীন ব্যাপাৰৰ দ্বাৰাই কাৰ্য্যৰ কাৰণ দেখুৱায় । যেনে বায়ুবিজ্ঞানে ধুমুহা, গাজনি, বিজুলী, ইত্যাদি বুজাবলৈ হলে সংঘর্ষ আৰু নানা প্রাকৃতিক ব্যাপাৰেৰে বুজায়। বিজ্ঞানে কাৰ- ণেৰে কাৰ্য্য বুজায়। তেনেস্থলত মনােবিজ্ঞানৰ আত্ম সম্বন্ধীয় অৱস্থাৱলীৰ কাৰণ শাৰীৰিক কাৰ্য্যাৱলীৰে বুজাব পাৰিলেই বিজ্ঞানৰ কৰ্ত্তব্য শেষ হ’ল।  আমাৰ আত্মসম্বন্ধীয় অৱস্থাবোৰ স্নায়ুমণ্ডলীৰ কাৰ্য্যাৱলীৰপৰা যে ঘটি থাকে তাক আমি তৰ্কবিজ্ঞানৰ যুক্তিৰেও দেখুৱাব পাৰোঁ। আধুনিক প্ৰাকৃতিক বিজ্ঞানত শক্তি ব্যয়শূন্যতাৰ প্ৰতিপদে আৱশ্যক। শক্তি বা গতি সদায় ব্যয়শূন্য। ই সদাই সমানে থাকে। ই কেতিয়াও নষ্ট নাপায়। মুঠতে ইয়াৰ মাথো অৱস্থাৰ ভেদ হয়। পুঞ্জগতি অনুগতিত পৰিণত হয়। কৰ্ম্মঠ শক্তি ফলদায়িকা শক্তিত পৰিণত হয়। অৱস্থা ভেদত এই শক্তি নষ্ট নাপায়। এটা বাজি থকা ঘণ্টাৰপৰা উঠা বতাহৰ ঢৌৱে আমাৰ শ্ৰৱণ শক্তিৰ বিশেষ কোনো যন্ত্ৰক আঘাত কৰে আৰু সম কালতে নানা স্নায়বিক কাৰ্য্যাৱলী ঘটি এক উত্তেজনাৰ বোধ হয় তাৰ ফলত ঘণ্টা বজা শব্দ শুনো। এতিয়া এই উত্তেজনাক যদি স্নায়বিক কাৰ্য্যাৱলীৰ ফল নোবোলোঁ তেনেহলে ই শক্তিৰ ব্যয়শূন্যতা মতৰ বিপৰীতে যাব। ইয়াৰপৰাও দেখা যায় যে আত্মসম্বন্ধীয় অৱস্থাবোৰ স্নায়বিক কাৰ্য্যাৱলীৰপৰাই ঘটে।

 ব্যবচ্ছেদ-বিদ্যাবিৎ সকলেও কয় যে স্নায়বিক উন্নতি অৰুি মগজুৰ উন্নতি সদাই সম সমান্তৰাল। উন্নতিৰ প্ৰত্যেক খোপতে মগজুৰ বিকাশৰ লগত বুদ্ধিৰ বিকাশ হোৱা দেখা যায়। মানুহেই প্ৰাণী জগতত মগজুৰ বিকাশত শ্ৰেষ্ঠ জীৱ আৰু এই বিকাশৰ লগে লগে বুদ্ধিৰ শ্ৰেষ্ঠতা প্ৰকাশ পায়। সভ্যতাৰ বুৰঞ্জীয়েও আমাক দেখুৱায় যে, মগজুৰ উন্নতিতহে সভ্যতাৰ উন্নতি। এতেকে এই সকলোবিলাকে দেখুৱায় যে, মগজুৱেই আচল বস্তু।

 নানা বৈজ্ঞানিক পৰীক্ষা আৰু পৰ্য্যবেক্ষণৰ দ্বাৰা- ইও দেখা গৈছে যে মগজু হানি হলে নানা মানসিক পীড়া ঘটি থাকে। যদি প্ৰাণী জাতিৰ মগজুৰ কোনো খলপ নষ্ট কৰা হয় তেন্তে কিছুমান আত্মসম্বন্ধীয় অৱস্থাও লোপ পায়। যেতিয়া এখুদমান হাৰে মানুহৰ মগজত বিন্ধে আত্মসম্বন্ধীয় অৱস্থাবোৰৰ ইমান পৰিবৰ্ত্তন ঘটে যে সেই মানুহজন সন্দিগ্ধ হয়, কাকো নমতা নোবোলা আৰু উধত হয়। কিন্তু যেতিয়া সেই এখুদ মান হাৰ মগজুৰপৰা আঁতৰ কৰা হয় তেতিয়া মানুহ জন আকৌ পূৰ্ব্বৰ সুস্থ অৱস্থা পায়। বুঢ়া বয়সতো দেখা যায় মগজুৰ হানি হৈ মানুহ ভাল বেয়া বিবেচনা কৰিব নোৱৰা হয়। ব্যবচ্ছেদ প্ৰণালীয়েও বুজাই দিয়ে যে মগজুৰ হানিয়েই নানা পীড়াৰ প্ৰধান কাৰণ। নানা মানসিক পীড়া মগজুৰ পীড়াৰপৰাই ঘটি থাকে। সেই বাৰে অবাধে কব পাৰি যে মগজুৱেই মূল আৰু এই মগজুৱেই জড় বা পদাৰ্থ।  বিশ্ববিজ্ঞান পাঠ কৰিলেও আমি জানিব পাৰোঁ যে এনে এক সময় আছিল যেতিয়া পৃথিবীত কোনো ইন্দ্ৰিয়বিশিষ্ট জীৱ নাছিল। গতিকে কি আত্মসম্বন্ধীয় অৱস্থা কি চৈতন্যাৱস্থা একোৱেই নাছিল। আন কি আজিকালি যি পৃথিবী দেখিছো সিয়েই নাছিল।

 যাক আমি আজিকালি জ্যোতিষ্কমণ্ডলী বোলোঁ সি অতি আদিতে কিছুমান তাপৰ পিণ্ড বা নীহাৰিকা-পিণ্ডহে আছিল। এই নীহাৰিকাপিণ্ড ইয়াৰ কক্ষৰ চাৰিওপিনে ঘূৰি ঘূৰি বিষুবৰেখাত ওফন্দি উঠিল। এই ওফন্দি উঠা পিণ্ড অবিৰত ঘূৰণিত কিছুমান গোলাকাৰ পিণ্ড হৈ চাৰিওফালে চিটিকি পৰিল। আৰু এই বিলাকেও সূৰ্য্যকে কেন্দ্ৰ কৰি অনবৰত ঘূৰি জ্যোতিষ্কমণ্ডলী গঠিত কৰিলে। এই জ্যোতিষ্কমণ্ডলীৰ গ্ৰহৰ ভিতৰত পৃথিবীও এটি গ্ৰহ। এই গ্ৰহ আদিতে জুলীয়া, তপত জলৌষথৌ বস্তুৰ পিণ্ড আছিল। এই তপত পিণ্ড শেহত ক্ৰমান্বয়ে চেচা হৈ আহিল আৰু ওপৰত চামনি পাতি টান মাৰিলে। ইয়াত প্ৰথমতে প্ৰটপ্লেজম্ নামে সৰু সৰু প্ৰাণপঙ্কৰ জন্ম হল। আৰু এইবিলাকৰ অভিব্যক্তি হৈ হৈ আহি সৱাৰো শেষত এজাতি জন্তুৰপৰা মানুহ জাতিৰ উদ্ভৱ হল। আৰু এনেকৈ অসংখ্য অনেক বছৰ অতিবাহিত হল, মানুহৰ মগজুৰ ক্ৰমবিকাশ ঘটিল আৰু মানুহ জীৱন-যুদ্ধত টিকি থাকিব পৰা শ্ৰেষ্ঠতম জীৱ হল। এনেকৈ বিজ্ঞানে দেখুৱালে যে অতীতৰ মনুষ্য বা জীৱ জড় বা পদাৰ্থৰ পৰাই উৎপত্তি হৈছে। কেৱল অতীতত নহয় ভবিষ্য- ততো জড় বা পদাৰ্থতে লয় হব। বৈজ্ঞানিকে ভবিষ্যদ্বাণী কৰে যে সূৰ্য্য়ৰ তাপ ক্ৰমাৎ কমি আহিছে আৰু ক্ৰমান্বয়ে এনেকৈ কমি গৈ চেচা হব। আৰু এই চেচা হওঁ-নহওঁতেই পৃথিবী গোট মাৰিব। জন্তু প্ৰাণী সকলো নাশ হব। কিয়নো সূৰ্য্য়ৰ তাপৰ গুণেই পৃথিবীত চেতন জীৱ। শেহত গৈ এই পৃথিবী গতি- বিহীন কঠিন এটা পিণ্ড হবগৈ। ইয়াৰপৰাও দেখা গল যে এই বিশ্বৰ আদিতে জড় বা পদাৰ্থ আৰু অন্ততো জড় বা পদাৰ্থ।

 এই গল জড়বাদৰ যুক্তি। বহুতে কয় যে এই জড়বাদ ধৰ্ম্মবিশ্বাসৰ প্ৰধান প্ৰতিবন্ধক। কিয়নো এফালে কব পাৰি যদি সত্যতা জড় বা পদাৰ্থ হল তেন্তে আধ্যাত্মিক বস্তুলৈ ঠাই নোহোৱা হয় আৰু গতিকে জড়বাদ গৈ নৈতিক অনুষ্ঠানৰো প্ৰতিবন্ধক হয় গৈ। কিন্তু এই বুলিয়েই আমি জড়বাদ উৰাই দিব নোৱাৰোঁ। এই জড়বাদ আকৌ সমালোচনাবিহীনো নহয়। জড়বাদৰ এটা মত এই যে চৈতন্যাৱস্থাবিলাক শাৰীৰিক অৱস্থা বিনে আন একো নহয় অথবা চৈতন্যা- ৱস্থাবিলাকৰ কাৰণ হৈছে শাৰীৰিক অৱস্থা। সমালো- চকে কয় যে এই দুয়ো মতকে আমি ধৰিব নোৱাৰোঁ৷ চৈতন্যাৱস্থা আৰু শাৰীৰিক অৱস্থাৰ মাজত সম্পূৰ্ণ ঐক্যতা থাকিব পাবে কিন্তু সেই বুলি তাত স্বৰূপতা নাই। ঐক্যতা স্বৰূপতা নহয়। ৰেল এখন চলিবলৈ ধৰাত তাৰ ছাঁটোও চলিবলৈ ধৰে। ৰেল আৰু ছাঁৰ মাজত ঐক্যতা আছে কিন্তু সেই বুলি তাত স্বৰূপতা নাই অৰ্থাৎ ছাঁটো ৰেল নহয়। সেই দৰে চৈতন্যাৱস্থাবিলাক শাৰীৰিক অৱস্থা নহয়।

 দ্বিতীয় কথাটি অৰ্থাৎ চৈতন্যাৱস্থাবিলাকৰ কাৰণ যে শাৰীৰিক অৱস্থা বোলা হৈছে সিও নহয়। শাৰী- ৰিক অৱস্থাবোৰ এটা মাথো অৱস্থা, তাৰ কাৰণ নহয়। অৱস্থা আৰু কাৰণৰ মাজত ডাঙ্গৰ প্ৰভেদ। আকৌ যদি আমি চৈতন্যাৱস্থাক শাৰীৰিক অৱস্থাৰ ফলাফল বুলি ধৰি লওঁ তেন্তে শক্তিৰ ব্যয়শূন্যতা মতৰ বিপৰীতে যায়। ইত্যাদি ৰকমে জড়বাদৰ আমি প্ৰতি- বাদ পাওঁ। আৰু সত্যতা যে জড় তাক প্ৰমাণ নকৰি ভূতবাদীসকলে কয় যে সত্যতা জড় নহয়, সত্যতা এটা প্ৰাণ বা জীৱনী শক্তি। ভূতবাদীসকলৰ এই মতকো আকৌ আন এদলে সম্পূৰ্ণ সত্য বুলি নধৰে। হাৰবাৰ্ট স্পেনচৰকে মুখ্য কৰি আন এদলে কয় যে সত্যতা অকল জড়ো নহয় বা অকল প্ৰাণো নহয়। সত্যতা অজ্ঞাত আৰু অজ্ঞেয়। জড় আৰু প্ৰাণ সত্যতাৰ দুটা মাথোঁ আকৃতি। এনেকৈ আমি জড়বাদৰ বিপক্ষে আৰু সপক্ষে নানা যুক্তি পাওঁ। সি যিয়েই নহওক সত্যতা বুজাবলৈ যোৱা মতৰ ভিতৰত জড়বাদো এটি প্ৰধান মত।