সমললৈ যাওক

তত্ত্ব আৰু তথ্য/পাঠ ৩

ৱিকিউৎসৰ পৰা
 

অভিব্যক্তি বাদ।


 নানা অৱস্থাৰ পৰিবৰ্ত্তনত এক জীৱৰ ৰূপান্তৰ হৈ অন্য জীৱৰ উৎপত্তি হোৱকে অভিব্যক্তিবাদ, ক্ৰমবিকাশ বা বিবৰ্ত্তবাদ বোলে। যিসকল এই মতাৱলম্বী তেওঁলোকক অভিব্যক্তিবাদী, ক্ৰমবিকাশবাদী বা বিবৰ্ত্তবাদী বোলে। বিবৰ্ত্তবাদীৰ প্ৰধান প্ৰতিষ্ঠাপক মহাত্মা ডাৰউয়িন। এই বিবৰ্ত্তবাদীসকলে কয় যে সৃষ্টিৰ মূলত সৰ্ব্বজ্ঞ পুৰুষে এনে এক বস্তুৰ উদ্ভৱ কৰিছিল যে কোটী কোটী যুগত প্ৰত্যেক বিভিন্ন তাৱস্থাত সেই বস্তু স্বতন্ত্ৰৰূপে বিকাশ পাই জগতক সুশোভিত কৰিছে আৰু জগতবাসীৰ নিত্য অভাৱ পূৰ্ণ কৰিছে।

 অভিব্যক্তিবাদীসকল দুই শ্ৰেণীত বিভক্ত। এক শ্ৰেণীয়ে কয় চেতন পদাৰ্থৰ ক্ৰমবিবৰ্ত্তনৰপৰা অচেতন পদাৰ্থ আৰু চেতন পদাৰ্থৰ উৎপত্তি হৈছে। আন শ্ৰেণীয়ে কয় যে সৃষ্টিৰ মূল কেৱল অচেতন পদাৰ্থ; এই অচেতন পদাৰ্থৰ ক্ৰমবিবৰ্ত্তনৰপৰাই অচেতন আৰু চেতন দুয়ো পদাৰ্থৰে উৎপত্তি হৈছে। এই দুই দলে যিহকে নকওক সৃষ্টিৰ মূল যে পদাৰ্থ তাত দুয়োদল সন্মত। অভিব্যক্তিবাদীসকলে কয় যে কোনো জীৱ যি অৱস্থাত উৎপন্ন আৰু পৰিবৰ্দ্ধিত হয় সেই অৱস্থাৰপৰা আন এক বেলেগ অৱস্থাত সেই জীৱক স্থাপন কৰিলে সেই জীৱই সেই তাৱস্থাতে টিকি থাকিবলৈ বা জীয়াই থাকিবলৈ চেষ্টা কৰে, আৰু চেষ্টা কৰাৰ লগে লগে জীৱৰ আগৰ অৱস্থা আৰু প্ৰকৃতিৰ পৰিবৰ্ত্তন ঘটে। সেই জীৱৰ সন্তান- সন্ততিবিলাক পূৰ্ব্ব পুৰুষতকৈ ক্ৰমান্বয়ে আতৰি আহি নতুন গঢ়গঠন আৰু আকৃতি প্ৰকৃতি লৈ এটা সম্পূৰ্ণ বেলেগ জীৱৰ আকাৰ ধাৰণ কৰে। তেতিয়া তাক আৰু বংশধৰবোৰক আগৰ জাতিৰ নাম গুচাই নতুন নামৰে নামকৰণ কৰা হয়। বিবৰ্ত্তবাদীসকলে কয় যে যি অঙ্গ বা যি বৃত্তিৰ চালনা কৰা হয় সেই অঙ্গ বা সেই বৃত্তিৰ পুষ্টি আৰু বিকাশ বেগেতে আৰু অধিককৈ প্ৰকাশ পায়। তেনেস্থলত কোনো এটা জীৱক আগৰ অৱস্থা এৰুৱাই এক নতুন অৱস্থাত স্থাপন কৰিলে স্বভাৱতে তাৰ কোনো অঙ্গৰ বা বৃত্তিৰ বেচি চালনা কৰিব লগাত পৰে। সেই চালনাৰ লগে লগে সেই অঙ্গ বা বৃত্তিৰ বিকাশ পাই আগৰ অৱস্থাতকৈ বিভিন্ন অৱস্থা ধাৰণ কৰে আৰু এনেকৈ জীৱই পূৰ্ব্বাৱস্থা এৰি এক নতুন অৱস্থা পায়হি।

 জীৱৰ অৱস্থাৰ পৰিবৰ্ত্তন সদায় ঘটে। কিন্তু সি ইমান কমকৈ আৰু মণিব নোৱাৰাকৈ ঘটে যে সেই অকণমান পৰিবৰ্ত্তন অনুভৱ কৰিব পৰা হবলৈ বহুত কাল লাগে। বগা আৰু কলা ৰং হঠাতে আমি চিনিব পাৰোঁ। কিন্তু ক্ৰমান্বয়ে বগাক যদি ঈষৎ কলা কৰি অনা হয় তেন্তে বগা আৰু কলাৰ মাজত আমি নিচেই কম পাৰ্থক্য দেখিম। কিয়নো সেই অৱস্থাত বগা আৰু কলা ৰঙৰ পৰিবৰ্ত্তন আমি ক্ৰমান্বয়ে দেখি আহিম। জীৱৰ পৰিবৰ্ত্তনো ঠিক তেনে। এটা জীৱ আন এটা জীৱৰ অৱস্থা পাবলৈ তেনে শত শত অৱস্থা, আৰু পৰিবৰ্ত্তনৰ মাজেদি আহে। কিন্তু সেই নানা পৰিবৰ্ত্তন গুৰিৰপৰা আমি দেখিবলৈ নাপাওঁ বুলিয়েই বান্দৰৰপৰা মানুহ হোৱা বুলিলে আমি অসম্ভৱ বুলি ভাবো। সৰিয়হ যেন গুটি এটাৰ পৰা ভব্য আহঁত গছ এজোপা হয়। কিন্তু গুটিটোৰ আকাৰ আৰু গছৰ প্ৰকাণ্ড আকাৰৰ বিষয় ভাবিলে সেই অকণমান গুটিৰপৰা ইমান এজোপা ডাঙ্গৰ গছ হোৱাটো অসম্ভৱ যেন লাগিব পাৰে। কিন্তু গছজোপা সেই অৱস্থা পাবলৈ কিমান অৱস্থাৰ মাজেদি আহিছে আৰু কত পৰিবৰ্ত্তন ঘটিছে সেইবোৰ বিষয় অবৈজ্ঞানিক চকুত ধৰা নপৰে।

 একলহ মলিয়ন পানী বাহিৰত কিছুদিন পেলাই থলে আমি দেখা পাওঁ যে সেই পানীত সূতাৰ নিচিনা কে তবোৰ সৰু আৰু দীঘল পোকে এবাৰ তল এবাৰ ওপৰ, এবাৰ ইকাতি এবাৰ সিকাতি কৰি পানী কলহত অনাই বনাই ফুৰে কিন্তু কেইদিনমানৰ পাচত আকৌ দেখিবলৈ পাওঁ যে সেই সূতাৰ নিচিনা পোকৰ নানা পৰিবৰ্ত্তন ঘটি পাখি আৰু ঠেং থকা মহ হৈ শব্দকৈ উৰি ফুৰে। মলিয়ন পানীৰ পুখুৰীত বা খালত এবিধ মাছৰ দৰে নেজ থকা জীৱ দেখা যায়। সেই জীৱই পোনতে পানীত সাঁতুৰি থাকে। শেহত সেই জীৱৰ ঠেং গজি উঠি ভেকুলী ৰূপে পৰিণত হয়গৈ। যেতিয়া সেই জীৱৰ সকলো অঙ্গ পূৰ্ণ হয় তেতিয়া পানী এৰি স্থলত বাস কৰিবলৈ ধৰে। আৰু স্থলত বাস কৰা কালত নেজ মাটিত ঘহনি খাই খঁৰা আৰু নাইকিয়া হয়। সামান্য ভেঁকুলী, যাক আদি অৱস্থাত থকা মাছ বুলি ভ্ৰম হয়, সিও অলপ দিনৰ ভিতৰত ইমান পৰিবৰ্ত্তনশীল।

 আগেয়ে কৈ অহা হৈছে জীৱই স্বভাৱতঃ জীয়াই বা টিকি থাকিবলৈ চেষ্টা কৰে আৰু সদায় চেষ্টাত থাকে। তেনেস্থলত নিৰ্ব্বলীৰ মৰণ আৰু বলীৰ জীৱন স্বাভাবিক। বলীয়ে বলেৰে জীয়াই থাকি উচ্চ অৱস্থা প্ৰাপ্ত হয়। নিৰ্ব্বলীয়ে মজলীয়া অৱস্থা নৌ পাওঁতেই মৃত্যু-মুখত পৰে। এনেকৈ কোনো ক্ৰমবিবৰ্ত্তন হোৱা দুটা জীৱৰ মজলীয়া নিৰ্ব্বলী তৰপ মৰি যায় বুলি সেই দুই জীৱৰ পাৰ্থক্য সাধাৰণ চকুত বৰ বেচি যেন লাগে। জীৱৰ যিবোৰে পাৰে জীয়াই থাকে আৰু যিবোৰে নোৱাৰে মৰি যায়। ডাৰউয়িনে ইয়াকে প্ৰাকৃতিক নিৰ্ব্বাচন বুলিছে।

 প্ৰাকৃতিক নিৰ্ব্বাচনৰ দৃষ্টান্ত গোটেই দেশ জুৰি আছে। ঘৰচীয়া জন্তুৰ লগত বনৰীয়া জন্তুৰ, পৰ্ব্বতীয়া জাতিৰ লগত ভৈয়ামৰ জাতিৰ, গ্ৰীষ্মপ্ৰধান দেশৰ জীৱৰ লগত শীতপ্ৰধান দেশৰ জীৱৰ ডাঙ্গৰ প্ৰভেদ। কাল আৰু অৱস্থাৰ পাৰ্থক্য অনুসাৰে প্ৰাকৃতিক পাৰ্থক্য কম- বেচ হৈ থাকে। তিমি মাছ পশু জাতীয় জীৱ। যেতিয়া ই স্থলত বাস কৰিছিল, তেতিয়া ই চাৰিখন হাত ভৰিৰে চলিছিল। তিমি মাছৰ মূৰৰ হাড় স্তন্যপায়ী জীৱৰ দৰে। কিন্তু এতিয়া পানীত সাঁতোৰোতে মূৰৰ আকৃতি মাছৰ দৰে হৈছে। তথাপি ইয়াৰ আগৰ স্তন্যপায়ী অৱস্থাৰ দাঁতবোৰৰ চিন মৰা নাই। এনে অৱস্থা পৰিবৰ্ত্তনৰ লগে লগে শাৰীৰিক প্ৰকৃতিৰ পৰিবৰ্ত্তন ঘটি থাকে। কেৱল শাৰীৰিক পৰিবৰ্ত্তন ঘটিয়েই ক্ষান্ত নহয়, মানসিক পৰিবৰ্ত্তনো ঘটি থাকে।

 আকৃতি আৰু কাৰ্য্যত মানুহেৰে সৈতে অন্যান্য জীৱৰ ইমান সাদৃশ্য আছে যে মানৱ জাতিক ঈশ্বৰে এটা বেলেগে স্ৰজা স্বতন্ত্ৰ জীৱ বুলিব নোৱাৰি। মানুহৰ সাদৃশ্য অন্যান্য জীৱৰ লগত ইমান অধিক যে, যেনেকৈ আন আন জীৱৰ উৎপত্তি হৈছে তেনেকৈ মানুহ জাতিৰো উৎপত্তি হৈছে। উৎপত্তিৰ নিয়ম কাৰণ আন আন জীৱৰ লগত যেনেকুৱা মানুহৰ লগতো তেনেকুৱা। মানুহৰ উৎপত্তি সাধাৰণ নিয়মৰ বাহিৰ নহয়। যদি এটা জীৱৰ অৱস্থা পৰিবৰ্ত্তনৰ বাবে প্ৰকৃতি-পৰিবৰ্ত্তন ঘটি আন এটা জীৱৰ উৎপত্তি হয় বুলি মানি লওঁ, তেন্তে আন জীৱৰ বিবৰ্ত্তনৰ পৰা মানুহ জাতি উৎপত্তি হৈছে বুলি স্বীকাৰ কৰিব লাগিব। আন সকলো জীৱ বিবৰ্ত্তনৰ পৰা হৈছে, কিন্তু মানুহ জাতি নাই হোৱা বুলিলে যুক্তি ভ্ৰমমূলক হব। তলত আমি মানুহৰ আৰু আন আন জীৱৰ সাদৃশ্য দেখুৱাই বিবৰ্ত্তবাদৰ যুক্তি দেখুৱাম।

 জৰায়ু বাসৰ প্ৰথম অৱস্থাত নৰভ্ৰূণে ক্ৰমে মেৰুদণ্ডশালী জীৱৰ আকৃতি লাভ কৰে। চৰাই আদিৰ ডৌকা যি দৰে বাঢ়ি আহে তেনেকৈ মানুহৰো হাত ভৰি নৰভ্ৰূণৰপৰা বাঢ়ি আহে। এটা ডেকা বান্দৰৰ মূৰৰ মগজৰ অৱস্থা আৰু গঠন যেনেকুৱা, সাতমহীয়া কেচুৱা- লৰাৰৰ মূৰৰ অৱস্থা তেনেকুৱা।

 মানুহৰ আকৃতিত কেতবোৰ অলাগতিয়াল অপৈণত আৰু অস্ফুট অংশ দেখিবলৈ পোৱা হয়। এই অংশ বিলাকৰ পুষ্টিৰ বাবে আমাৰ শৰীৰৰ শোণিত অনেক নষ্ট হয়। বিবৰ্ত্তবাদীসকলে কয় যে মানুহ যদি স্বতন্ত্ৰৰূপে সৃষ্ট হলহেতেন, তেন্তে এনে অনাৱশ্যক অংশ মানুহৰ গাত নেথাকিলহেতেন। এই অনাৱশ্যক অংশবিলাক মানুহৰ আগৰ অৱস্থাৰ চিন। ক্ৰমে বিবৰ্ত্তন হৈ গৈ হয়তো এই অংশবোৰ নাইকিয়াও হব পাৰিব।

 বান্দৰ পশু পক্ষী আদি জীৱৰ দেহ নোমেৰে আচ্ছাদিত। এইবিলাক জীৱৰ ক্ৰমবিবৰ্ত্তৰপৰা মানুহ হলে, মানুহৰ গাও নোমেৰে আচ্ছাদিত হব লাগে। কেতবোৰে কয় যে আমাৰ হাতৰ তলুৱা ভৰিৰ তলুৱাত মুঠেই নোম নাই। তদুপৰি কেতবোৰ মানুহৰ গাত নোম নাই। কিন্তু এনে কথা সম্পূৰ্ণ সত্য নহয়। অণুবীক্ষণ যন্ত্ৰেৰে চালে মানুহৰ গাত আসংখ্য অলেখ নোম থকা দেখা যায়। এইবিলাক নোম যদিও আমাৰ অনাৱশ্যক তথাপি এইবোৰ আমাৰ শোণিতৰপৰাই পৰিবৰ্দ্ধিত। বিবৰ্ত্তবাদীয়ে কয় যে এইবোৰ নোম আমাৰ আগৰ ৰূপান্তৰ হৈ অহা অৱস্থাৰ চিন। আন কি জৰায়ু অৱস্থাত নৰভ্ৰূণ নোমৰে আচ্ছাদিত থাকে।

 সৰু মূৰ, চঞ্চল মনৰ, আৰু কথা কব নোৱৰা এবিধ নোমৰে আচ্ছাদিত বান্দৰ মানুহৰ গৰ্ভত জন্ম ধৰা দেখা যায়। এনে জীৱ মানুহৰ গৰ্ভত জন্ম হোৱা দেখি, বিবৰ্ত্তবাদীসকলে কয় যে ইও এক ক্ৰমবিবৰ্ত্তনৰ চিন। বিবৰ্ত্তবাদীসকলে কয় যে উন্নত ব্যৱস্থাৰ সোঁত নানা, কাৰণে অৱনত হৈ পূৰ্ব্বৰ অৱস্থা প্ৰাপ্ত হয়। সাধা ৰণতঃ অসভ্য আৰু বৰ্ব্বৰবিলাকৰ দেহ সৰহীয়া নোমেৰে আচ্ছাদিত। মূৰৰ মগজুৰ ব্যাবৃতি যিমান অলপ হয় অঙ্গ প্ৰত্যঙ্গাদিত সিমান সৰহ নোম থাকে।

 সমালোচকে কয় বোলে মানুহ যদি বান্দৰৰ পৰ উৎপত্তি হলহেতেন তেন্তে মানুহৰ নেজ থাকিব লাগিছিল। এই আষাৰ কথা কওঁতে সমালোচকে চাৰিও পিনে মন নকৰে। কিয়নো বান্দৰ মাত্ৰেই যে নেজবিশিষ্ট এনে নহয়। কেতবোৰ উচ্চ শ্ৰেণীৰ বান্দৰ দেখিবলৈ পোৱা যায় সেই বোৰৰ নেজ মুঠেই নাই আৰু অকণ- মান থাকিলে দেখাও নাপায়। ইফালে মানুহৰ যে নেজ থকাৰ একেবাৰে চিন নাই এনেও নহয়। আমাৰ মেৰুদণ্ডৰ তলৰ ফালে কোঁচ খাই থকা অস্ফুট এক অংশ আছে। সেয়ে আমাৰ নেজ। ভ্ৰূণাৱস্থাত এই নেজ সুন্দৰৰূপে দেখা যায়।

 মানুহৰ কাণৰ ওপৰ ভাগ অলপ থিয়। এই থিয় হোৱা অৱস্থা মানুহৰ আগৰ উৰ্দ্ধকৰ্ণৰ অৱস্থাৰ ৰূপান্তৰ। কিয়নো জন্তুৱে বিপদৰপৰা সতৰ্ক হৈ থাকিবলৈ সদাই কাণ মূৰ থিয়কৈ থাকে। কাণ সদাই থিয়কৈ থকাৰপৰা কাণ থিয় হৈ গৈছে। আৰু সেই জন্তুৰ মানুহ ৰূপান্তৰ বুলিয়েই মানুহৰ কাণ থিয়।

 অণুবীক্ষণ যন্ত্ৰৰ সাহায্যত আৰু ৰসায়ন শাস্ত্ৰৰ বলত স্থিৰ কৰা হৈছে যে, মানুহৰ তেজ যি যি বস্তু আৰু যি যি অনুকৰণ দ্বাৰা গঠিত, অন্যান্য উচ্চ জীৱৰ তেজো প্ৰায় সেই উপকৰণেৰে গঠিত। চন্দ্ৰকলাৰ হ্ৰাস বৃদ্ধিয়ে মানুহৰ জীৱনৰ ওপৰত যেনে প্ৰভাব চলায়, বান্দৰ স্তন্যপায়ী জীৱ

আৰু মেৰুদণ্ডশালী জীৱৰ ওপৰতো তেনে প্ৰভাব চলায়।
 

 মানুহৰ শৰীৰত যিবোৰ বোগ জন্মে, ঋতুপৰিবৰ্ত্তন হলে মানুহৰ যেনেকৈ কফ আৰু পানী লগা হয়, বান্দৰৰো তেনে সময়ত ঠিক তেনেবোৰ ৰোগ হয়। মানুহৰ যেনেকৈ কফ জ্বৰ ইত্যাদি নৰিয়া হয় বান্দৰৰো তেনেবোৰ নৰিয়া হয়। দাঁত গজিবৰ সময়ত লৰাৰ যেনে কষ্ট আৰু গা অসুখ হয় বান্দৰ পোৱালিৰো সেই অৱস্থাত তেনেবোৰ অসুখ হয়। আন আন জীৱ জন্তুৰ বেমাৰ মানুহৰ গালৈ আৰু মানুহৰ বেমাৰ আন আন জীৱ জন্তুলৈ অহা যোৱা কৰে। অৰ্লক ৰোগ কুকুৰৰপৰা আৰু বসন্ত ৰোগ গৰুৰপৰা মানুহৰ গালৈ আহে। আফিং, মদ, কুইনাইন ইত্যাদিয়ে মানুহৰ শৰীৰত যেনে গুণাগুণ দেখায় বান্দৰ আৰু অন্যান্য জীৱৰ গাতো সেই গুণাগুণ খাটে। মানুহে যেনেকৈ মদ খাই বলিয়া হয় আৰু আৰু মুখত যি আহে তাকে কয়, বান্দৰেও তেনেকৈ মদ খাই ঠিক তেনে আচৰণকৰে।

 সুখ দুখ অনুভৱ কৰা শক্তি মানুহৰ যেনে বান্দৰ আৰু আন আন জন্তুৰো তেনে। সন্তান-সন্ততিলৈ স্নেহ, লাজ, ভক্তি, অহঙ্কাৰ ইত্যাদি মানুহৰ যেনে, বান্দৰ আৰু আন আন পশু পক্ষীৰো তেনে। বিভিন্ন মাথোন মানুহত সেই বোৰ গুণ বিশেষভাবে প্ৰতিফলিত হয়,

অন্যান্য জীৱত সিমান নহয়।
 

 কিছুমান সমালােচকে কয় যে মানুহৰ বুদ্ধি আছে কিন্তু অন্যান্য জন্তুৰ নাই; অন্যান্য জন্তুৱে বুদ্ধি খটাই কাম কৰিব নােৱাৰে । তেওঁলােকৰ এই কথা সম্পূর্ণ সত্য নহয়। আমি জন্তুৰ মাজতো বুদ্ধিৰ কাম অনেক দেখোঁ। ছিম্পাঞ্জিয়ে বাদাম শিলেৰে ভাঙ্গি খায়। মার্কিন দেশৰ এটা বান্দৰে শিলেৰে বাকচ ভাঙিছিল। বনৰীয়া বান্দৰে গধুৰ বস্তু তুলিবলৈ লাঠিৰ সাহায্য লয় । এপ্‌ বেবুনে গছৰ ঠাল ভাঙি লৈ মানুহৰ দৰে যুজ কৰে। মানুহ যেনে অনুকৰণশীল বান্দৰো তেনে। সেই বুলি আমি ভাবিব নেলাগে যে কালিদাস আৰু চেক্স- পিয়াৰ, নিউটন আৰু গ্যালিলিও ছিম্পাঞ্জি বা বেবুনৰ শ্ৰেণীৰ। অভিব্যক্তিবাদে ইয়াক নকয়। অভিব্যক্তিবাদে কয় যে অন্যান্য জীৱৰ যেনেকৈ উৎপত্তি হৈছে মানুহৰো তেনেকৈ হৈছে। অভিব্যক্তিবাদৰ যুক্তি হৈছে যে তলৰ শ্ৰেণীৰ জীৱৰ সৰ্ব্ব প্ৰথমটোৰ লগত উচ্চ- শ্ৰেণীৰ জীৱৰ সৰ্ব্বাধমটোৰ লগত বিশেষ সাদৃশ্য আছে।

 ক্রমবিবৰ্ত্তন হৈ জীৱ যেই আহি মানৱ অৱস্থাত পৰিণত হয় তেতিয়া মানৱে আন আন গুণৰ চৰ্চ্চা কৰিবলৈ ধৰে। সেই চেষ্টা বাঢ়ি আহি মানৱ আদিয়ে উন্নত অৱস্থা পাইছেহি। কোটী কোটী, সহস্র সহস্র বছৰ আগৰ মানুহৰ আদিম অৱস্থা যেনে আছিল সেই অৱস্থা অন্যান্য জীৱৰ ক্ৰম বিবৰ্ত্তনৰপৰাহে ঘটিছিল।

 অভিব্যক্তিবাদীসকলে পৃথিবীৰ কাল পাঁচ যুগত বিভক্ত কৰিছে। সেই পাঁচ যুগত কি কি জীৱৰ কেনেকৈ ক্ৰমান্বয়ে বিবৰ্ত্তন ঘটি মানৱ অৱস্থা পাইছেহি, তাক তলত দেখুৱা হল।

যুগ। অধিবাসী জীৱ।
১৷ প্ৰস্তৰ যুগ বা আদি যুগ। মূৰ নোহোৱা জীৱ, মোনেৰা আমিবা প্ৰভৃতি জীৱ, চেনাচী, গানয়িতী প্ৰভৃতি মেৰুদণ্ডহীন জীৱ।
২। প্ৰথম যুগ। মাছ—পানীত থকা আৰু বোকাত থকা পানী আৰু বোকা উভয়ত থকা মাছ, মেৰুদণ্ডী আৰু অমেদণ্ডী জীৱ।
৩। দ্বিতীয় যুগ। সৰীসৃপ, দাঁত থকা নেজে সৈতে চৰাই, স্তন্যপায়ী কোৰবাহী জীৱ।
৪। তৃতীয় যুগ। স্তন্যপায়ী আৰু বৰ্ত্তমান কালৰ বাহিৰে মানুহৰ আন আন জীৱ।
৫। চতুৰ্থ যুগ। মানুহ।
 অভিব্যক্তিবাদীসকলে জীৱ জাতিক এনেকৈ যুগে যুগে ভাগ কৰি আকৌ সেই ভাগৰ শ্ৰেণী বিভাগ কৰি ই যুগৰ জীৱৰ লগত সি যুগৰ জীৱৰ সাদৃশ্য ক্ৰমান্বয়ে দেখুৱাই অভিব্যক্তিবাদ যুক্তি সিদ্ধ কৰিছে। অভিব্যক্তিবাদীয়ে প্ৰথমেই মূৰ নোহোৱা অমেৰুদণ্ডী জীৱৰ সৃষ্টি কৰিছে, তাৰ মেৰুদণ্ডী জীৱ, তাৰপৰা মেৰুদণ্ডীৰ উচ্চ জীৱ স্তন্যপায়ী আৰু শেহত স্তন্যপায়ীৰ উচ্চতম শ্ৰেণী মানুহ জাতিক সৃষ্টি কৰিছে। তেওঁলোকে জীৱক এনেকৈ ভাগ কৰি জীৱৰ ক্ৰমোন্নতি, ক্ৰমবিকাশ দেখুৱাই মানুহ জাতি যে ঈশ্বৰৰ স্বতন্ত্ৰ সৃষ্ট জীৱ নহয় তাক যুক্তিৰে প্ৰমাণ কৰিছে। তেওঁলোকৰ মতে বিবৰ্ত্তনৰ পৰা মানুহ জাতিৰ উৎপত্তি হৈছে।

 এতিয়া দেখা যাওক জীৱৰ ক্ৰমবিকাশ নিয়মাধীন হয় নে নহয়। আমি জীৱৰ ক্ৰমবিকাশত সচৰাচৰ দুই নিয়ম দেখোঁ। এক নিয়ম হৈছে যে সন্তান সন্ততি বাপেক মাকৰ দোষগুণৰ উত্তৰাধিকাৰী হয়। আন এক নিয়ম হৈছে যে যি জীৱ যি অৱস্থাত জন্মে সেই অৱস্থানুযায়ী কেতবোৰ আকৃতি প্ৰকৃতি গঠিত হয়। বিবৰ্ত্তনত এই দুই নিয়ম প্ৰধান। বিবৰ্ত্তনত জীৱজাতি এই দুই নিয়মৰ অধীন।

 আমি আমাৰ দৈনিক জীৱনত দেখোঁ যে সন্তান কেতিয়াবা মাকৰ নিচিনা, কেতিয়াবা বাপেকৰ নিচিনা কেতিয়াবা আকৌ মাক বাপেক উভয়ৰে নিচিনা। সাধাৰণতঃ এই লক্ষণ সন্তান সন্ততিত দেখা যায়। কিন্তু কেতিয়াবা আকৌ সন্তান মোমায়েক বা আজো ককাকৰ নিচিনা হয়। ইত্যাদি ৰকমে সন্তানে যে কেৱল বাপেক মাকৰ গঢ় গঠন লয় এনে নহয় আন কি তেওঁলোকৰ জ্ঞান বৃদ্ধিৰো ভাগ লয়। জীৱই এনেকৈ আধাআধি গুণ বাপেক-মাকৰ পৰা লৈ আৰু আধা-আধি গুণ জীৱৰ যি অৱস্থাত জন্ম হয় সেই অৱস্থাৰ পৰা লৈ জীৱৰ ক্ৰমবিকাশ ঘটে। এই ক্ৰমবিকাশ ঘটাৰ লগত যিবোৰ জীৱৰ অৱনতি হয়, সেইবোৰ জীৱ জীৱন সংগ্ৰামত তিষ্ঠিব নোৱাৰি লোপ পায়।

 আমি কোনো কোনো সময়ত দেখা পাওঁ যে কণা, কুজা বা খোৰাৰ পুতেক কণা, কুজা বা খোৰা হয়। আকৌ সকলো সময়তে সদাই তেনে নহয়। কুন্ধচ, কোঙা বাপেক মাকৰ পৰা সুন্দৰ ধুনীয়া সন্তানৰো জন্ম হয়। অকৰ্ম্মী কুৎসিত বংশত ধুনীয়া কৰ্ম্মী পুত্ৰ জন্মিলে সেই, বংশৰ হঠাৎ এক পৰিবৰ্ত্তন ঘটে আৰু ক্ৰমবিকাশ সম্পূৰ্ণৰূপে বিকাশ পায়।

 মানুহৰ ব্যৱহাৰ অনুসৰিও ক্ৰমবিকাশত নানা পৰিবৰ্ত্তন ঘটে। পৰিশ্ৰম নকৰাকৈ লোকৰ ওপৰত খোৱা মানুহৰ যদি সন্তান সন্ততি লিতা আৰু গেৰেলা হয় তেন্তে সেই সন্তান সন্ততিয়ে হঠাৎ পৰিশ্ৰম কৰিবলৈ ধৰিলে নিচেই অকৰ্ম্মীবোৰৰ মৃত্যু হব আৰু বাকী বোৰৰ অৱস্থা উন্নত হব। লিতা লেৰেলা গুচি নোদোকা আৰু ঠাওকাল হব। তেনেকৈ কমাৰৰ পুতেকে আগহাতে লো কোবাবলৈ এৰি যদি আগহাতে কলম চলোৱা কাজ লয় তেন্তে সেই অঙ্গ লো কোবাওঁতে যিমান বিকাশ পাব কলম চলোৱাত সিমান বিকাশ নাপায়। সেই অঙ্গ বিকাশ নাপায় সঁচা, কিন্তু অন্য এক অঙ্গৰ বিকাশ পাব। মনে কৰক মগজুৰ বিকাশ পালে। এতিয়া কমাৰ-পুত্ৰৰ আগ হাত বিকাশ নাপাই মগজুৰ বিকাশ পাই পুতেক বাপেকৰ পৰা আতৰি আহিল। আৰু এনেকৈ জীৱৰ ব্যৱসায় অনুসাৰে বিবৰ্ত্তন ঘটে।

 এনেবোৰ পৰিবৰ্ত্তন যে কেৱল মানুহ জাতিৰ ভিতৰত এনে নহয়। এই পৰিবৰ্ত্তন পশুপক্ষী সকলোতে সমানে খাটে। বংশানুক্ৰমে নেজ কাটি এজাতি কুকুৰ উৎপন্ন কৰা হৈছে। সিহঁতৰ এতিয়া সন্তানবিলাক মাতৃ-গৰ্ভৰপৰা নেজ খৰা। জেনা নগৰত এজনী নেজ ডাল গৰুৰ দুৱাৰত চেপ খাই ছিগি যায়। সেই জনীৰ গৰ্ভত তেতিয়াৰপৰা যিবোৰ পোৱালি হৈছিল সকলোবোৰ নেজবিহীন হৈছিল। ১৮৭০ খৃষ্টাব্দত কোনো এখন দেশত এজনী শিঙাল গাইৰ গৰ্ভত শিঙাল গৰুৰ ঔৰষৰ পৰা এটা পোৱালি হয়। সেই পোৱালিটোৰ শিং নগজিল। পিচত ডাঙ্গৰ হলত সেই গৰুৰ ঔৰষৰপৰা শিঙাল গাইৰ গৰ্ভত যিবোৰ পোৱালি জন্মিছিল সকলোবোৰ শিং নাইকিয়া হৈছিল। পাৰ, কুকুৰা ইত্যাদিৰ লগত তেজাল আন জাতিৰ পাৰ কুকুৰাৰ জোৰ বান্ধি দি অন্য এক শ্ৰেণীৰ পাৰ কুকুৰা উৎপন্ন কৰা হয়। এনেকৈ সুন্দৰকৈ দেখা যায় যে কেৱল মানুহ নহয়, সকলো প্ৰাণীবৰ্গৰ ভিতৰত দেশ কাল পাত্ৰ আৰু নানা অৱস্থা ভেদে জীৱৰ পৰিবৰ্ত্তন ঘটি থাকে। জীৱৰ এনে পৰিবৰ্ত্তন ঘটে বুলিয়েই অভিব্যক্তিবাদীৰ যুক্তি যুক্তিপূৰ্ণ। জীৱৰ মাজত যদি ইমানেই পৰিবৰ্ত্তন ঘটে তেন্তে মোনেৰা আদি অমেৰুদণ্ডী জীৱৰ ক্ৰমবিকাশৰপৰা মানুহ জাতি সৃষ্ট হোৱা বোলাটো সম্পূৰ্ণ যুক্তিসিদ্ধ।