তত্ত্ব আৰু তথ্য/পাঠ ২
ধৰ্ম্ম আৰু বিজ্ঞান।
এটা বিশ্বাস আছে যে ধৰ্ম্ম আৰু বিজ্ঞান দুটা সম্পূৰ্ণ বেলেগ বস্তু। ধৰ্ম্মৰ উপস্থিতত বিজ্ঞান অনুপস্থিত আৰু বিজ্ঞানৰ উপস্থিতত ধৰ্ম্ম অনুপস্থিত। এই ভাব থকাৰ বাবেই ধৰ্ম্ম আৰু বিজ্ঞানৰ মাজত ঘোৰ বিবাদ থকা যেন দেখা যায়। দৰাচলতে চাবলৈ গলে ধৰ্ম্ম আৰু বিজ্ঞান দুটা সুকীয়া বস্তু যেন লাগে। কিয়নো সাধাৰণৰ বিশ্বাস যে বিহু-সংক্ৰান্তিত দান-দক্ষিণাদি দিয়া, পূজা-সেৱা ইত্যাদি কৰাই ধৰ্ম্ম। ‘অহিংসা সত্যমস্তেয়ং শৌচমিন্দ্ৰিয়নিগ্ৰহঃ’ অথবা ডক্তৰ মাৰ্টিনিওৰ মতে ‘সদাই পৰমেশ্বৰত বিশ্বাস’ ধৰ্ম্ম নহয়। আৰু এই সাধাৰণ ধৰ্ম্ম-বিশ্বাস মানুহৰ মনত ইমান ডাঠকৈ শিপাইছে যে যেতিয়া কোনো যুক্তি-যুক্তৰ ভাব আনি উপস্থিত কৰা হয় তেতিয়া তেওঁলোকে ইয়াক দূৰতে বিদূৰ কৰে। জন্ফিচ্কেও এই বুলি কৈছে যে ধৰ্ম্ম আৰু বিজ্ঞানৰ বিৰোধৰ প্ৰধান কাৰণ, যে ধৰ্ম্মই শিক্ষা দি আহিছিল, যে একো নাছিল হঠাৎ সৃষ্টি হৈ পৰিল। কিন্তু বিজ্ঞানে এনেবোৰ কথা স্বীকাৰ নকৰে। প্ৰকৃততে চাবলৈ গলে ঠিক এনেবোৰ ভাবৰ পৰাহে ধৰ্ম্ম আৰু বিজ্ঞানৰ মাজত বিবাদ। যেনে বিজ্ঞানে কলে বোলে পৃথিবী সূৰ্য্যৰ চাৰিওপিনে ঘূৰে আৰু সূৰ্য্য পৃথিবীতকৈ বহুত দূৰত; কিন্তু ধৰ্ম্মই আহি ভেঁটা দিলে বোলে নহয় সূৰ্য্য ওচৰত৷ বিজ্ঞানে কলে সমুদ্ৰ মাথোঁ এখন, ধৰ্ম্মই আহি মাজতে ভেঁটা দিলে বোলে নহয় ‘সমুদ্ৰ সাতখন’ কিয়নো শাস্ত্ৰত আছে “লবণেক্ষুৰাসৰ্পিদবিদুগ্ধজলান্তকাঃ।” বিজ্ঞানে কলে পৃথিবী শূন্যত আছে, সূৰ্য্যৰ আকৰ্ষণৰ গুণে কক্ষচ্যুত হব পৰা নাই; ধৰ্ম্মই আহি ভেঁটা দিলে বোলে নহয় পৃথিবীখন সাপৰ ওপৰত, পানীৰ ওপৰত। বিজ্ঞানে কলে পৃথিবীৰ ছাঁ সূৰ্য্যৰ ওপৰত পৰি সূৰ্য্যগ্ৰহণ হয়। ধৰ্ম্মই আহি ভেঁটা দিলে বোলে নহয় ৰাহু নামৰ দৈত্যই সূৰ্য্যক গ্ৰাস কৰিবলৈ গলে সূৰ্য্যগ্ৰহণ হয়। ধৰ্ম্মই কলে পৃথিবীখন ৪০০৪ পূৰ্ব্ব খৃষ্টাব্দৰ ২৩ অক্টোবৰ দেওবাৰৰ দিনা সৃষ্টি হল। বিজ্ঞানে আহি কলে বোলে নহয় ক্ৰমবিকাশৰ পৰাহে পৃথিবীৰ সৃষ্টি। পিথাগোৰাচে কলে বোলে সূৰ্য্য ব্ৰহ্মাণ্ডৰ কেন্দ্ৰ। ধৰ্ম্ম-বিশ্বাসে আহি কলে বোলে কিয় হব? আকৌ ধৰ্ম্মই কলে যে “পৃথিবীৰ আৰু সাত পাতালৰ তলত পানী আছে আৰু পানীৰ ওপৰত এটা প্ৰকাণ্ড কাচ, কাচৰ ওপৰত অনন্ত সৰ্প আছে; সেই অনন্ত সৰ্পৰ আঠখন ফণা আঠ দিশলৈ গৈছে; প্ৰত্যেকখন ফণাতে একোটা দিগ্গজ বা হাতী, প্ৰত্যেকটো হাতীৰ ওপৰত একোটা পৰ্ব্বত আছে আৰু সেই আঠ দিশৰ আঠোটা পৰ্ব্বতৰ ওপৰত সসাগৰা মহীখন আলাসতে চাংখনৰ দৰে ৰৈ আছে। যি ফালৰ দিগ্গজে গা লৰায় সেই পিনেই ভূঁইকঁপ হয়।” বিজ্ঞানে আহি ইয়াৰ মূৰতে ডাঙ্ দি কলে বোলে ই কিয় হব; ই হবই নোৱাৰে। বিজ্ঞানে কবলৈ ধৰিলে “পৃথিবীৰ তলখন বৰ তপত। পৃথিবীৰ ওপৰ ভাগৰ পৰা যি ঠাই যিমান তল সেই ঠাই সিমান তপত। বৰ দ খনিত কাম কৰা মানুহে ইয়াৰ প্ৰমাণ কৰিব পাৰে আৰু কৰিছেও। এই আভ্যন্তৰিক তাপৰ বাবেই ইয়াৰ আহ্নিক আৰু বাৰ্ষিক গতিৰ বাহিৰেও ইয়াৰ পৰমাণুবিলাকৰ মাজত মানুহৰ বোধগম্য নোহোৱাকৈ এটা গতি আছে। তাতে পৃথিবীৰ ওপৰ ভাগৰপৰা ৩০।৩৫ মাইলমান তাৰ সকলো ঠাই চেঙ্গচেঙ্গিয়া তপত পনীয়া পদাৰ্থেৰে পৰিপূৰ্ণ হৈ আছে। তপত পানীৰ পুংবিলাকেই ইয়াৰ জ্বলন্ত প্ৰমাণ। নাৰিকলৰ পানী যেনেকৈ টান চোকোৰাৰে ঢকা আছে, পৃথিবীৰ তলৰ জুলীয়া পদাৰ্থবিলাকো টান চামনিৰে ছটা আছে; কোন কাৰণত সেই টান ঢামনি ঢিলা হলে তলৰ মহাসাগৰৰ তপত পানী পৃথিবীৰ চামনিবিলাক ভেদ কৰি উহ লয়; সেয়ে গৰম পানীৰ পুং। সাগৰৰ পানী এনেকৈ কঁপি ঢৌ উঠে, পৃথিবীৰ তলৰ মহাসাগৰতো মাজে সময়ে দুই এটা ঢৌ উঠে। কোনো কাৰণত পৃথিবীৰ আভ্যন্তৰিক তাপ বেচি হলে পৃথিবীৰ ভিতৰৰ খনিত থকা ধাতুবিলাক তাপ লাগি উতলি ওপৰলৈ উঠিবলৈ বা বিস্তাৰ হবলৈ চেষ্টা কৰিলে অথবা ইয়াৰ তলৰ মহাসাগৰৰ ঢৌ উঠি পৃথিবীত লাগি খুন্দা খালে পূৰ্ব্বোক্ত পৰমাণু গতিটো গম্য হয়, তাকেই ভুমিকম্প বা ভূঁইকঁপ বোলে। ইয়াৰ এটা বা এটাইকেওটা হলে ভূঁইকঁপ হয়।” ইত্যাদি ৰকমে প্ৰাকৃতিক ব্যাপাৰ লৈ ধৰ্ম্ম আৰু বিজ্ঞানৰ মাজত বিৰোধ।
ওপৰত লিখা কথাবিলাক লৈ পাশ্চাত্য জগতত বিজ্ঞানৰ দুটা প্ৰবৃত্তি দেখা পাওঁ। এক প্ৰবৃত্তিয়ে ধৰ্ম্মক নিন্দা কৰে আৰু কয় যে ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই আৰু ইয়াৰ কোনো বিজ্ঞানে সৈতে সামঞ্জস্য নাই। আন প্ৰবৃত্তিয়ে ধৰ্ম্মক বিজ্ঞানৰ অনুযায়ী কৰে আৰু বৈজ্ঞানিক তথ্যৰ ওপৰত প্ৰতিষ্ঠিত কৰে। যদি ধৰ্ম্ম আৰু বিজ্ঞান লৈ কিবা বিবাদ আছে তেন্তে এই দুই প্ৰবৃত্তিৰ মাজতে। প্ৰথম প্ৰবৃত্তিয়ে ধৰ্ম্মক নিন্দাৰ কাৰণ এই যে ধৰ্ম্মত কোনো বৈজ্ঞানিক তথ্য নাই; সত্য বাহিৰ কৰা আৰু নৈসৰ্গিক ঘটনাবিলাক ব্যাখ্যা কৰাই ধৰ্ম্মৰ উদ্দেশ্য। কিন্তু এই উদ্দেশ্য ধৰ্ম্মৰ দ্বাৰা সাধন হব নোৱাৰে, কিয়নো ধৰ্ম্মৰ বিশ্বাস যে আগেয়ে একোৱে নাছিল, হঠাৎ সাকাৰ ঈশ্বৰে বিশ্ব ৰচনা কৰিলে এনে ধৰ্ম্ম-ভাব বিজ্ঞান বিৰুদ্ধ। প্ৰাকৃতিক ঘটনাবলীৰ ব্যাখ্যা আমি বিজ্ঞানত সুন্দৰকৈ পাওঁ আৰু প্ৰকৃত সত্যক বিজ্ঞানেও ঢুকি নাপায়, ধৰ্ম্মেও ঢুকি নাপায়। ধাৰ্ম্মিক প্ৰবৰে কবই লাগিছে “প্ৰকৃত সত্য অজ্ঞাত আৰু অজ্ঞেয়।” এতেকে যি দুবিজ্ঞেয় সত্যক বিজ্ঞানেও ঢুকি নাপায় আৰু ধৰ্ম্ময়ো ঢুকি নাপায় সেই সত্য বিচাৰৰ সকাম কি? ইফালে যদি আমি বিজ্ঞান অনুসৰণ কৰোঁ তেন্তে নৈসৰ্গিক ঘটনাবলীৰ ব্যাখ্যা আদিত আমি যুক্তিপূৰ্ণ হম আৰু এদিনতে বিশ্ব ৰচনা হোৱা ইত্যাদি সঙ্কীৰ্ণ ভাবৰো পৰিচয় দিব নলগা হব। এই মতাবলম্বীসকলক সমালোচকে সোধে যে ধৰ্ম্ম এৰি যদি বিজ্ঞান লোৱা তেন্তে নীতি কৰপৰা শিকিবা বা নীতিমান কেনেকৈ হবা? ইয়াৰ উত্তৰত এওঁলোকে কয় যে সমাজত নানা নিয়ম-প্ৰনালী গঠিত কৰি মানুহক নীতি শিকাব পাৰি বা, নীতিমান কৰিব পাৰি কিন্তু নৈসৰ্গিক ঘটনাৰ ব্যাখ্যা বিজ্ঞানৰ বাহিৰে ধৰ্ম্মৰ দ্বাৰা কদাপি হব নোৱাৰে।
এই গ’ল প্ৰথম প্ৰবৃত্তিৰ যুক্তি। দ্বিতীয় প্ৰবৃত্তিয়ে কয় যে ধৰ্ম্ম বৈজ্ঞানিক তথ্যৰ ওপৰত প্ৰতিষ্ঠিত। ধৰ্ম্মৰ কথাবোৰো বৈজ্ঞানিক যুক্তিসিদ্ধ। এওঁলোকে শাস্ত্ৰানুমোদিত কথাবোৰ বিজ্ঞানুমোদিত কৰিবলৈ ধৰ্ম্মশাস্ত্ৰৰ শব্দৰ অৰ্থৰ বিস্তৃতি ঘটায়। যেনে বাইবেলে কলে বোলে এই বিশ্ব ছয় দিনত সৃষ্টি হৈছিল। বিজ্ঞানে কলে বোলে ইয়াৰ সৃষ্টি বহুদিনৰ ক্ৰমবিকাশৰপৰা। এতিয়া ভয়ানক বিপদ। কি উপায়? উপায় আছে। 'দিন, শব্দটোক যদি ‘কল্প’ অৰ্থত ব্যৱহাৰ কৰিব পৰা যায় তেন্তে কাৰ্য্যসিদ্ধি হয়। ঠিক তেনে দৰেই ব্যাখ্যা কৰা হল। এতিয়া সমালোচকে সুধিলে যদি ইয়াত ‘দিনৰ’ অৰ্থ ‘কল্প’ কৰিলা তেন্তে ‘স্যাবাথ’ দিনৰ অৰ্থ ‘স্যাবাথ’ কল্প কৰিবা নেকি? কিন্তু ‘স্যাবাথ’ দিনক ‘স্যাবাথ’ কল্প কৰিব নোৱাৰি। এতেকে সমালোচনাৰ ইয়াতে অন্ত পৰিল আৰু সেই গুণে প্ৰফেচাৰ হক্স্লিয়ে কলে “সৃষ্টিতত্ত্ব ব্যাখ্যাত প্ৰাকৃতিক বিজ্ঞানৰ সামঞ্জস্য নাই, আৰু ধৰ্ম্মৰ বিৰোধ বিজ্ঞানৰ লগত নহয় পৌত্তলিকতা আৰু দৰ্শনৰ অপব্যৱহাৰৰ লগতহে।”
এনেকৈ ধৰ্ম্ম আৰু বিজ্ঞানৰ লগত নানা ওভটা-ওভটি কথা লৈ বিবাদ লাগে। এই বিবাদ একালত ইমান প্ৰবল হৈ উঠিছিল যে আন কি বৈজ্ঞানিকৰ প্ৰাণৰো সংশয় হৈছিল। কিন্তু এনে বিৰোধ ভাব এই পুণ্য ভাৰতত হোৱা নাছিল। আৰ্য্য ঋষিসকল এইবিলাকৰ কোনো বিষয়ত ইয়োৰোপতকৈ বিশেষ অভিজ্ঞ আছিল। ইয়োৰোপত এই ভাবৰ প্ৰাব্যলৰ গুণত সপ্তদশ শতাব্দীত গেলিলিওৱে যেতিয়া পৃথিবী ঘূৰেনে সূৰ্য্য ঘূৰে তথ্য বাহিৰ কৰিলে তেতিয়া তেওঁ ধৰ্ম্মভাবৰ কোপ দৃষ্টিত পৰি জীৱনৰ বাকী দহবছৰ কাৰাগাৰত কটাব লগাত পৰিছিল। আৰু এনেদৰেই ১৬০০ খৃষ্টাব্দত মহাত্মা ব্ৰূনক ৰোম নগৰত দগ্ধ কৰি বিনাশ কৰা হৈছিল। কিন্তু এই বিজ্ঞানবিৎ গুৰুসকলৰ প্ৰকৃত সত্য যেতিয়া ইয়োৰোপে বুজিলে তেতিয়া দেখিলে বিজ্ঞান অৰু ধৰ্ম্মৰ মাজত কোনো বিবাদ বা বিৰোধ ভাব নাই। উভয়েই এক সত্যৰ নিমিত্তে ধাবমান। সত্য সকলোৰে সমানে আদৰণীয়। বিজ্ঞানে প্ৰত্যক্ষ আৰু অনুমানৰ দ্বাৰা, যুক্তি আৰু তৰ্কৰ দ্বাৰা সত্য বিচাৰে। ধৰ্ম্মই কাল্পনিক ধাৰণাৰ সমাবেশ কৰি বৈজ্ঞানিক যুক্তিৰ লগত অসন্মতি ভাব আনি দিয়ে। ধৰ্ম্মই শাস্ত্ৰৰ উপদেশ “কাৰণাৰ্দ্ধম্মন্বিচ্ছেন ন লোকচৰিতং চৰেৎ” ইয়ালৈ বিশেষ কাণ নিদিয়ে। কিন্তু বিজ্ঞানে আখৰে আখৰে পদে পদে ইয়াৰ সত্য অনুসৰণ কৰে। সেইবাবে সূক্ষ্ম বিচাৰ কৰি চালে দেখা যায় যে বিজ্ঞান আৰু ধৰ্ম্ম সদায় বিৰোধভাব শূন্য। বিজ্ঞান আৰু ধৰ্ম্মৰ সত্য এক। হাৰৰ্বাট স্পেন্সাৰৰ ভাষাত কবলৈ গলে ধৰ্ম্ম আৰু বিজ্ঞানৰ মূল সত্য এক, সেই সত্যত ধৰ্ম্ম আৰু বিজ্ঞান মিলি যায়; পৰস্পৰ বিৰোধী বুলি বিদিত হলেও সিহঁতৰ মাজত এটা সামঞ্জস্য আছে আৰু সেই সামঞ্জস্য অলপ কষ্ট কৰিলেই দেখিবলৈ পোৱা যায়।”