তত্ত্ব আৰু তথ্য
তত্ত্ব আৰু তথ্য।
⸻:•:⸻
শ্ৰীসৰ্ব্বেশ্বৰ শৰ্ম্মা কটকী প্ৰণীত।
আৰু প্ৰকাশিত।
গুৱাহাটী।
⸻:•:⸻
প্ৰথম তাঙ্গৰণ।
⸻:•:⸻
শক ১৮৪৭।
বেচ॥৹ অনা মাথোন
পাতনি
“তত্ত্ব আৰু তথ্য”ত আলোচনা কৰা বিষয়বোৰৰ সৰহভাগ আগেয়ে ‘বাঁহী’ আৰু ‘আলোচনীত’ প্ৰকাশ পাইছিল। মাতৃভাষাত এনেধৰণৰ আলোচনাৰ পুথি নাই বুলি ইয়াক এতিয়া পুথিৰ আকাৰে প্ৰকাশ কৰা গল। ইয়াৰ বিষয়বোৰ অৱশ্যে জটিল। পুথিৰ প্ৰথম চাৰিবিধ বিষয় আলোচনা কৰিবলৈ পাৰদৰ্শী লোকসকলে গ্ৰহণ কৰা কেতবোৰ বিশেষ অৰ্থবোধক শব্দ প্ৰয়োগ কৰা হৈছে। এই পৰিভাষা যাতে অপ্ৰয়াসে বুজিব পাৰি সেই উদ্দেশ্যে ইংৰাজী প্ৰতিশব্দৰ এখন তালিকা দিয়া হৈছে। পুথিৰ বুৰঞ্জীমূলক বিষয়বোৰ আলোচনা কৰোতে বহুতখিনি অনুসন্ধান কৰিবলগীয়া হৈছে। দেশৰ অতীত বুৰঞ্জী সৰ্ব্বাঙ্গসুন্দৰ কৰিবলৈ পুৰণি তথ্যৰ আবিষ্কাৰ হব লাগিব। এই কাৰ্য্যত যিবোৰ বিষয়ৰ আলোচনা আৱশ্যক তাক দেখুৱাবলৈ যত্ন কৰা হৈছে। আমাৰ উদ্যোগী ডেকাসকলে ইয়াৰ যেন বিশদ আলোচনা কৰে।
শেহত কবলাগিব যে, এই পুথিৰ বিষয়বোৰ আলোচনা কৰিবলৈ ইংৰাজী, বঙলা আৰু অসমীয়া পুথি আৰু প্ৰৱন্ধাদিৰ আশ্ৰয় লোৱা হৈছে। ‘জড়বাদ’ প্ৰৱন্ধটি জার্ম্মান দার্শনিক পলচেনৰ পৰা সঙ্কলন কৰা হৈছে । শ্ৰীযুত সােণাৰাম চৌধুৰীয়ে অনুগ্ৰহকৈ পুথিৰ প্রুফ চাই দিছে। গতিকে সৰল চিতেৰে সকলােৰে শলাগ লােৱা হল। ইতি
গুৱাহাটী, |
বিনীত |
অভিমত।
অসমীয়া ভাষা-বিজ্ঞানত পৈনত, অসমীয়াৰ মৌলিক
গ্ৰন্থ ৰচোঁতা, প্ৰবীন সাহিত্যিক শ্ৰীযুত সত্যনাথ বৰা বি-এল
ডাঙ্গৰীয়াৰ “তত্ত্ব আৰু তথ্য” সম্পৰ্কে অভিমত :—
“শ্ৰীযুত সৰ্বেশ্বৰ কটকী প্ৰণীত “তত্ত্ব আৰু তথ্য”
বোলা পুথিখন মই পঢ়ি চাইছোঁ। ইয়াৰ ভিতৰত সৰ্ব্বমুঠ
৯ টি প্ৰৱন্ধ আছে।
প্ৰথম চাৰিটা প্ৰৱন্ধৰ বিষয়বিলাক
গভীৰ। মই জনাৰ ভিতৰত এইবিলাক কথা আধুনিক
অসমীয়া সাহিত্যত পোৱা নাযায়। ইংৰাজী নপঢ়িলে
অসমীয়া মানুহে এইবিলাকৰ বিষয়ে একো জানিব নোৱাৰিছিল। কটকীদেৱে এনেবোৰ তথ্য অসমীয়া সাহিত্যৰ
ভিতৰলৈ আনি সেই সাহিত্যক বিশেষৰূপে চহকি কৰিছে
আৰু ইংৰাজী নজনা মানুহে এনেবোৰ কথা জানিবলৈ
উপায় কৰি দিছে। সেইবাবে কটকীদেৱ অসমীয়া
ৰাইজৰ শলাগ পাবৰ পাত্ৰ। বাকী প্ৰৱন্ধ বিলাকতো
জানিবলগীয়া কথা বহুত আছে। ইহঁতৰ বিষয়বিলাক
অৱশ্যে ঐতিহাসিক। কিন্তু আজিলৈকে অসমদেশৰ
যিবিলাক বুৰঞ্জী লিখা হৈছে তাত এইবিলাকৰ বিষয়ে বহুত
কথা পোৱা নাযায়। কিছুমান কথাৰ নাম মাথোন আমাৰ মানুহৰ জনা আছে, বস্তুবোৰ আচলত কি বা কেনেকুৱা
তাক জানিবৰ উপায় নাছিল। কটকীদেৱে তাৰ উপায়
কৰি দিছে। পুথিখনৰ ভাষাও উজু আৰু সুন্দৰ।
ই ওখ খাপৰ স্কুলৰ পাঠ্যস্বৰূপে ব্যৱহাৰ হবৰ উপযুক্ত। মই
আশা কৰো আমাৰ শিক্ষা বিভাগৰ গৰাকীসকলে পুথিখন
তেনেবিধৰ স্কুলত চলাই প্ৰণেতাক উৎসাহিত কৰিব আৰু
এনেবিলাক কথা শিকিবলৈ অসমীয়া ছাত্ৰক সুচল
কৰি দিব। গুৱাহাটী, ২৬।৬।২৫।”
⸺⸺
| বিষয় | পিঠি | |||
| প্ৰকৃতি | ১ | |||
| ধৰ্ম্ম আৰু বিজ্ঞান | ••• | ৭ | ||
| অভিব্যক্তিবাদ | ১৪ | |||
| জড়বাদ | ••• | ২৮ | ||
| অসমৰ পুৰণি বৰতোপ | ৩৭ | |||
| অসমৰ শিলৰ ফলি | ৪৫ | |||
| অসমৰ তামৰ ফলি | ••• | ৫৪ | ||
| অসমৰ পেড়া কাকত | ••• | ৬২ | ||
| অসমৰ মুদ্ৰা | ৬৮ | |||
| পৰিভাষা | ••• | ৭৬ |
