ড্ৰাকুলা

ব্ৰাম ষ্টোকৰ বিশ্ৰু বিশ্ৰুত হ’ৰৰ কাহিনী
ড্ৰাকুলা
DRACULA BY BROM STOKER
ভাষান্তৰ :
চৈয়দ মজিদুৰ ৰহমান
ধাইআলি,শিৱসাগৰ
উদয়ন প্ৰকাশন
শিৱসাগৰ
প্রকাশিকা :
শ্ৰীমতী অনুৰাধা গোহাঞি কোঁৱৰ
উদয়ন প্রকাশন
বৰা ৰ’ড, বাবুপট্টি
শিৱসাগৰ- ৭৮৫৬৪০
অসম
প্রথম প্রকাশ : ২০০৬ চন
মূল্য : ৩৩.০০ টকা ।
ISBN 81-87911-15-8
প্রচ্ছদ :
অৰুণ নাথ, গুৱাহাটী
অক্ষৰ বিন্যাস :
নয়নাজ গ্রাফিকচ্
বাবুপট্টি, শিৱসাগৰ
অসম
মুদ্রণ :
ইম্প্রেছন হাউছ
৬৪ সীতাৰাম ঘোষ ষ্ট্রীট
কলকাতা- ১
আগকথা
ড্রাকুলা হৈছে সৰ্বকালৰ শ্ৰেষ্ঠ হ’ৰৰ কাহিনী। কাহিনীকাৰ ব্ৰাম ষ্টোকৰ ১৮৪৭ চনত ইংলণ্ডত জন্ম হৈছিল। শৈশৱকাল আছিল ৰোগক্ৰান্ত । অধ্যৱসায় আৰু নেৰানেপেৰা প্ৰচেষ্টাত তেওঁ ডবলিন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত শাৰীৰিকভাবে বাধাগ্ৰস্ত হৈও এজন ভাল ফুটবল খেলুৱৈ হ'ব পাৰিছিল।
চাকৰি জীৱনৰ আৰম্ভণিত সাহিত্য চৰ্চা কৰাৰ বিষয়ে তেওঁ একো চিন্তা কৰা নাছিল। কালক্ৰমত চাৰ হেনৰী আৰভিঙৰ সচিব হিচাপে চাকৰি কৰি থকা কালছোৱাত লিখিবলগীয়া হোৱা চিঠি পত্ৰৰ আদান প্রদানতে তেওঁ সাহিত্য চৰ্চাৰ কৌশল আয়ত্ব কৰিছিল। তাৰ পাছতে তেওঁ পাঁচখন উপন্যাস লিখি জগতজোৰা খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁৰ ৰচিত উপন্যাস কেইখন হৈছে - দি স্নেকচ্ পাচ (১৮৯৩), ড্রাকুলা (১৮৯৭), দি মিষ্ট্ৰি অৱ দি চি (১৯০২), দি জুৱেল অব চেভেন ষ্টাৰ্চ্ (১৯০৪) আৰু দি লেডী অৱ দি শ্রাউড (১৯০৯)। ইয়াৰ ভিতৰত ড্রাকুলাখন বিশ্বৰ প্ৰায় সকলোবিলাক ভাষালৈকে অনুদিত হৈছে। জনাথন হার্কাৰে ডায়েৰীৰ আকাৰত লিখা এই উপন্যাসখনৰ আধাৰত হলিউডকে ধৰি বিশ্বৰ বিভিন্ন ভাষাত অনেক বোলছবি নিৰ্মিত হৈছে। ১৯২২ চনত জাৰ্মানীত ‘নচ্কেৰাটু' শিৰোনামাৰে ড্রাকুলাৰ পটভূমিত নির্মিত প্রথম বোলছবিখনৰ আৰম্ভণিতে হৃদৰোগীক এই বোলছবিখন উপভোগ নকৰিবলৈ সঁকীয়াই দিয়া হৈছিল ৷
যুগোশ্লাভ বাসিন্দাৰ লৌকিক আচাৰ-কুসংস্কাৰ আৰু অন্ধ ভৌতিক বিচাৰৰ আধাৰত ৰচিত ড্রাকুলাখনে সঁচা পটভূমি বিচাৰি লৈছিল। উপন্যাসখনে পঢ়ুৱৈৰ মন জয় কৰাৰ লগতে আতংকগ্রস্ত কৰি তুলিবলৈ সক্ষম হৈছে। অসমীয়া ভাষাত ড্রাকুলাৰ অনুবাদ চকুত পৰা নাই বাবে অসমীয়া ভাষাৰ বেদীলৈ ড্রাকুলাৰ অনুবাদ আমাৰ বিনম্র অঞ্জলি। পুথিখন প্ৰকাশ কৰি উলিওৱাৰ বাবে উদয়ন প্ৰকাশনৰ স্বত্তাধিকাৰী আৰু সমূহ কৰ্মচাৰীবৃন্দলৈ আমাৰ আন্তৰিক অভিনন্দন যাচিলোঁ। পাঠকে কিতাপখন আদৰিলে আমাৰ শ্ৰম সাৰ্থক হৈছে বুলি আনন্দ লভিম ।
|
|
চৈয়দ মজিদুৰ ৰহমান
|
হাংগেৰীৰ ৰজা কাউণ্ট ড্রাকুলা আক্ৰমনকাৰী তুৰ্কীৰ সৈতে হোৱা ৰণত নিহত হৈছিল। জীয়াই থকাৰ তীব্ৰ তৃষা আৰু প্ৰতিশোধৰ দাবানলে তেওঁৰ আত্মাক অশান্ত কৰি ৰাখিলে। এক অদম্য লিপ্সা লৈয়ে তেওঁ ড্রাকুলা মহলৰ চাৰিওকাষে কুকুৰনেচীয়া বাঘৰ এটা সৈন্যদল গঢ়ি তুলিলে আৰু নিজে উক্ত মহলতে বসবাস কৰিবলৈ ল'লে। তেওঁৰ মৃত শৰীৰ দিনৰ ভাগত নিৰ্জীৱ হৈ পৰি থাকে, কিন্তু নিশাৰ অন্ধকাৰ নামি অহাৰ লগে লগে তেওঁ নৰৰক্ত লোলুপ পিশাচলৈ ৰূপান্তৰিত হয়। নৰৰক্ত পান কৰি তেওঁ ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰে। কাউন্ট ড্রাকুলা পিশাচৰ বৈশিষ্ট্য এয়ে আছিল যে তেওঁ যিজনৰে ৰক্তপান কৰে, তেৱেঁই অন্য এক পিশাচলৈ ৰূপান্তৰিত হয়। ড্রাকুলাৰ ধাৰণা আছিল - তেওঁ গোটেই মানৱ জাতিকে পিশাচলৈ ৰূপান্তৰিত কৰি, তেওঁ তাৰ ৰজা হৈ বিশ্ব শাসন কৰিব ; দুর্ভাগ্যবশতঃ এই আঁচনি সফল নহ'ল কাৰণ........
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলভ্য।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।