ড্ৰাকুলা
ব্ৰাম ষ্টোকৰ বিশ্ৰু বিশ্ৰুত হ’ৰৰ কাহিনী
ড্ৰাকুলা
DRACULA BY BROM STOKER
ভাষান্তৰ :
চৈয়দ মজিদুৰ ৰহমান
ধাইআলি,শিৱসাগৰ
উদয়ন প্ৰকাশন
শিৱসাগৰ
প্রকাশিকা :
শ্ৰীমতী অনুৰাধা গোহাঞি কোঁৱৰ
উদয়ন প্রকাশন
বৰা ৰ’ড, বাবুপট্টি
শিৱসাগৰ- ৭৮৫৬৪০
অসম
প্রথম প্রকাশ : ২০০৬ চন
মূল্য : ৩৩.০০ টকা ।
ISBN 81-87911-15-8
প্রচ্ছদ :
অৰুণ নাথ, গুৱাহাটী
অক্ষৰ বিন্যাস :
নয়নাজ গ্রাফিকচ্
বাবুপট্টি, শিৱসাগৰ
অসম
মুদ্রণ :
ইম্প্রেছন হাউছ
৬৪ সীতাৰাম ঘোষ ষ্ট্রীট
কলকাতা- ১
আগকথা
ড্রাকুলা হৈছে সৰ্বকালৰ শ্ৰেষ্ঠ হ’ৰৰ কাহিনী। কাহিনীকাৰ ব্ৰাম ষ্টোকৰ ১৮৪৭ চনত ইংলণ্ডত জন্ম হৈছিল। শৈশৱকাল আছিল ৰোগক্ৰান্ত । অধ্যৱসায় আৰু নেৰানেপেৰা প্ৰচেষ্টাত তেওঁ ডবলিন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত শাৰীৰিকভাবে বাধাগ্ৰস্ত হৈও এজন ভাল ফুটবল খেলুৱৈ হ'ব পাৰিছিল।
চাকৰি জীৱনৰ আৰম্ভণিত সাহিত্য চৰ্চা কৰাৰ বিষয়ে তেওঁ একো চিন্তা কৰা নাছিল। কালক্ৰমত চাৰ হেনৰী আৰভিঙৰ সচিব হিচাপে চাকৰি কৰি থকা কালছোৱাত লিখিবলগীয়া হোৱা চিঠি পত্ৰৰ আদান প্রদানতে তেওঁ সাহিত্য চৰ্চাৰ কৌশল আয়ত্ব কৰিছিল। তাৰ পাছতে তেওঁ পাঁচখন উপন্যাস লিখি জগতজোৰা খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁৰ ৰচিত উপন্যাস কেইখন হৈছে - দি স্নেকচ্ পাচ (১৮৯৩), ড্রাকুলা (১৮৯৭), দি মিষ্ট্ৰি অৱ দি চি (১৯০২), দি জুৱেল অব চেভেন ষ্টাৰ্চ্ (১৯০৪) আৰু দি লেডী অৱ দি শ্রাউড (১৯০৯)। ইয়াৰ ভিতৰত ড্রাকুলাখন বিশ্বৰ প্ৰায় সকলোবিলাক ভাষালৈকে অনুদিত হৈছে। জনাথন হার্কাৰে ডায়েৰীৰ আকাৰত লিখা এই উপন্যাসখনৰ আধাৰত হলিউডকে ধৰি বিশ্বৰ বিভিন্ন ভাষাত অনেক বোলছবি নিৰ্মিত হৈছে। ১৯২২ চনত জাৰ্মানীত ‘নচ্কেৰাটু' শিৰোনামাৰে ড্রাকুলাৰ পটভূমিত নির্মিত প্রথম বোলছবিখনৰ আৰম্ভণিতে হৃদৰোগীক এই বোলছবিখন উপভোগ নকৰিবলৈ সঁকীয়াই দিয়া হৈছিল ৷
যুগোশ্লাভ বাসিন্দাৰ লৌকিক আচাৰ-কুসংস্কাৰ আৰু অন্ধ ভৌতিক বিচাৰৰ আধাৰত ৰচিত ড্রাকুলাখনে সঁচা পটভূমি বিচাৰি লৈছিল। উপন্যাসখনে পঢ়ুৱৈৰ মন জয় কৰাৰ লগতে আতংকগ্রস্ত কৰি তুলিবলৈ সক্ষম হৈছে। অসমীয়া ভাষাত ড্রাকুলাৰ অনুবাদ চকুত পৰা নাই বাবে অসমীয়া ভাষাৰ বেদীলৈ ড্রাকুলাৰ অনুবাদ আমাৰ বিনম্র অঞ্জলি। পুথিখন প্ৰকাশ কৰি উলিওৱাৰ বাবে উদয়ন প্ৰকাশনৰ স্বত্তাধিকাৰী আৰু সমূহ কৰ্মচাৰীবৃন্দলৈ আমাৰ আন্তৰিক অভিনন্দন যাচিলোঁ। পাঠকে কিতাপখন আদৰিলে আমাৰ শ্ৰম সাৰ্থক হৈছে বুলি আনন্দ লভিম ।
|
|
চৈয়দ মজিদুৰ ৰহমান
|
হাংগেৰীৰ ৰজা কাউণ্ট ড্রাকুলা আক্ৰমনকাৰী তুৰ্কীৰ সৈতে হোৱা ৰণত নিহত হৈছিল। জীয়াই থকাৰ তীব্ৰ তৃষা আৰু প্ৰতিশোধৰ দাবানলে তেওঁৰ আত্মাক অশান্ত কৰি ৰাখিলে। এক অদম্য লিপ্সা লৈয়ে তেওঁ ড্রাকুলা মহলৰ চাৰিওকাষে কুকুৰনেচীয়া বাঘৰ এটা সৈন্যদল গঢ়ি তুলিলে আৰু নিজে উক্ত মহলতে বসবাস কৰিবলৈ ল'লে। তেওঁৰ মৃত শৰীৰ দিনৰ ভাগত নিৰ্জীৱ হৈ পৰি থাকে, কিন্তু নিশাৰ অন্ধকাৰ নামি অহাৰ লগে লগে তেওঁ নৰৰক্ত লোলুপ পিশাচলৈ ৰূপান্তৰিত হয়। নৰৰক্ত পান কৰি তেওঁ ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰে। কাউন্ট ড্রাকুলা পিশাচৰ বৈশিষ্ট্য এয়ে আছিল যে তেওঁ যিজনৰে ৰক্তপান কৰে, তেৱেঁই অন্য এক পিশাচলৈ ৰূপান্তৰিত হয়। ড্রাকুলাৰ ধাৰণা আছিল - তেওঁ গোটেই মানৱ জাতিকে পিশাচলৈ ৰূপান্তৰিত কৰি, তেওঁ তাৰ ৰজা হৈ বিশ্ব শাসন কৰিব ; দুর্ভাগ্যবশতঃ এই আঁচনি সফল নহ'ল কাৰণ........
জন হার্কাৰৰ ডায়েৰীৰ পৰা
॥ ১॥
৩ জুন । সম্ভৱ গভীৰ জংঘলৰ মাজেদি ৰেলগাড়ীখন গৈ আছিল। হঠাতে ৰেলগাড়ীখন ৰৈ গ'ল। হার্কাৰে খিৰিকীয়েদি মূৰ উলিয়াই ইফালে সিফালে চালে, কিন্তু ঘন আন্ধাৰৰ বাবে একো নেদেখিলে। তেওঁৰ হাতঘড়ীত সময় তেতিয়া ৩ বাজি ২০ মিনিট হৈছিল।
কিছু সময়ৰ পাছত দীঘলীয়া উকি মাৰি ৰেলগাড়ীখন পুনৰ চলিবলৈ আৰম্ভ কৰিলে। তেওঁ হাত-ভৰি মেলি আৰামেৰে বহি ল'লে। বাটত আৰু পলম নকৰিলে ২০ মিনিটৰ পাছত তেওঁ বিষ্টুজ ষ্টেচন পাবগৈ।
জনাথন হাৰ্কাৰ লণ্ডনৰ এজন নামী উকীল। কিছুদিনৰ পূৰ্বে তেওঁলোকৰ কাৰ্যালয়লৈ ৰোমানিয়াৰ পৰা কাউণ্ট ড্রাকুলাৰ স্বাক্ষৰযুক্ত চিঠি এখন আহিছিল। মাটিবাৰী আৰু দালান সম্পর্কীয় লেনদেন আদিৰ বাবে ভাল উকীল এজন পঠিয়াবলৈ ড্রাকুলাই অনুৰোধ কৰি চিঠিখন লিখিছিল। হাৰ্কাৰ নিজেই যাত্ৰালৈ ওলাল ।
চিঠিত উল্লেখ আছিল- বিষ্টুজ চহৰ পাই উকীলজন যেন গোল্ডেন টার্ণ হোটেলত থাকে। হোটেলতে কাউন্ট ড্রাকুলাই তেওঁৰ বাবে মানুহ থৈ দিব ।
ষ্টেচন পাই গাড়ীখন ৰৈ গ'ল। হাৰ্কাৰে ডবাৰ দৰজা খুলি প্লেটফৰ্মলৈ চালে। প্লেটফৰ্মৰ একাষে কেৰাচিনৰ লেম্প এটা জ্বলি আছিল। তেওঁ আন্ধাৰত ভালকৈ ধৰিব পৰা নাছিল— এইটোৱেই সেই বিষ্টুজ ষ্টেচন হয়নে নহয় ? জনশূন্য প্লেটফৰ্মৰ ইফালে সিফালে চাওঁতে তেওঁ দেখিলে আন এটা ডবাৰ পৰা বৃদ্ধ এজন নামিছে। তেওঁ উৎসাহিত হৈ বৃদ্ধক সুধিলে, “ডাঙৰীয়া, এইটো বিষ্টুজ ষ্টেচন হয় নে বাৰু ?”
পিছলৈ ঘূৰি নোচোৱাকৈয়ে বৃদ্ধই উত্তৰ দিলে, “হয়। হয়, এইটোৱে বিষ্টুজ ষ্টেচন। নামিবলৈ আছে যদি সোনকাল কৰা, নহ'লে গাড়ী এৰিবই ।'
ডবাৰ পৰা মাল-বস্তু নমাই হাৰ্কাৰে বুঢ়াক লগ ধৰিবলৈ বেগাবেগিকৈ গ'ল
যদিও, আন্ধাৰতে বুঢ়া ক'ত লুকাল তেওঁ ধৰিবই নোৱাৰিলে। প্লেটফৰ্মত আন
কোনো জনপ্রাণী নাছিল। তেওঁ ষ্টেচনৰ গেটৰ পিনে খোজ দিলে। গেটত ক্ষীণ চেহেৰাৰ টিকেট চেকাৰ এজন আছিল। তেওঁলৈ টিকটটো
আগবঢ়াই দি হার্কাৰে সুধিলে, 'গোল্ডেন টাৰ্ণ হোটেললৈ যাবলৈ কিবা যান-
বাহন পোৱা যাবনে?'-
চেকাৰজনে উচপ্ খাই সুধিলে, 'আপুনি বিদেশী বোধহয়? ক'ৰ পৰা
আহিছেনো?'-
: 'লণ্ডনৰ পৰা আহিছো।' হাৰ্কাৰে ক'লে, 'কাউন্ট ড্রাকুলাই মাতি
পঠিয়াইছে। আজি ৰাতি এইখন হোটেলতে থাকিবলৈ লিখিছিল। কাইলৈ পুৱা
তেখেতে মোক নিবলৈ ঘোঁৰা গাড়ী পঠিয়াব। এতিয়া, কওকচোন - হোটেলখনলৈ
যাবলৈ কিবা বাহন পোৱা যাব নে?’-
: ‘ও, হয়! হয়!’ শেঁতা পৰা মুখেৰে চেকাৰজনে ক'লে,— 'বাহিৰত ঘোঁৰা
বাগী এখন আছে। কিন্তু কাউন্ট! কাউণ্ট!!'-
: 'কিয়, কি হ'ল?' হাৰ্কাৰে মানুহজনৰ চেহেৰা দেখি উচপ্ খাই সুধিলে।-
: 'নাই—এনেয়ে! আপুনি যাওক বাগীখন ৰৈ আছে ।'-
হার্কাৰে একো তৎ ধৰিব নোৱাৰি ষ্টেচনৰ বাহিৰ ওলাল। ঘোঁৰা বাগীখনৰ
চহিচজনক হোটেলখনৰ নাম কোৱা মাত্ৰেই তেওঁ সম্ভ্ৰমেৰে হাৰ্কাৰক বহিবলৈ
ক'লে। ভাগৰুৱা শৰীৰেৰে তেওঁ বাগীখনৰ আসন গ্ৰহণ কৰা মাত্ৰকে চহিচজনে
বতাহত চাবুকেৰে শব্দ কৰি বাগীখন দৌৰাই দিলে।-
৪ বাজি ২৫ মিনিটত তেওঁ হোটেল পালেগৈ। আন্ধাৰ ডাঠ হৈ আহিছিল।
হোটেলখন এটা পুৰণিকলীয়া দালান আছিল। বৃদ্ধা এগৰাকীয়ে হাৰ্কাৰক দেখি
সম্ভ্ৰমেৰে আদৰিলে, 'আলহী লণ্ডনৰ পৰা অহা নহয় জানো?'-
: ‘ও, হয়। হয়। মই লণ্ডনৰ পৰা আহিছো, জনাথন হাৰ্কাৰ।'-
: ‘আহক, স্বাগতম্।' বৃদ্ধাই মানুহ এজনক হাৰ্কাৰৰ বয় বস্তু কঢ়িয়াই
নিবলৈ আদেশ দি ক'লে, 'আপোনাৰ চিঠি এখন আছে, লওক।'-
হার্কাৰে চিঠিখন পঢ়িলে-
'প্রিয় বন্ধু,
বিষ্টুজলৈ আপোনাৰ আগমণ শুভ হওক। মই ড্রাকুলা মহলত আপোনাৰ
বাবে অপেক্ষা কৰি থাকিম। কাইলৈ পুৱা তিনিবজাত বিষ্টুজৰ পৰা বুকোবিনালৈ
যাবলগীয়া ডাক-গাড়ীখনত মই আপোনালৈ আসন এখন সংৰক্ষণ কৰি থৈছো।
সেইখনত আহি আপুনি বোর্গোত নামি যাব, তাতেই মোৰ ঘোঁৰা বাগীখন
আপোনালৈ ৰৈ থাকিব। আশাকৰো লণ্ডনৰ পৰা আহুকাল নোহোৱাকৈ আহি আছে। ড্রাকুলা মহলৰ
পাৰিপাৰ্শ্বিকতাত বিৰাজমান নৈসর্গিক সৌন্দর্যই আপোনাক নিশ্চয় বিমোহিত
কৰিব ।
|
|
|
কাউন্ট ড্রাকুলা'
|
৪ মে'। হার্কাৰে জানিলে যে হোটেলত মালিকনীৰ নামতো ড্রাকুলাৰ চিঠি
এখন আহিছে। তেওঁ বৃদ্ধা মালিকনীক ড্রাকুলাৰ বিষয়ে জানিবলৈ সুধিলে; কিন্তু
বৃদ্ধা আৰু তেওঁৰ পতিয়ে একো ক'ব নুখুজিলে।
: 'ঠিক আছে, আপোনালোকে নক'লেও মই তেওঁৰ পৰাই সবিশেষ
জানি ল'ম।' হার্কাৰে ক'লে ।
: ‘আপুনি সঁচাকৈয়ে ড্রাকুলা মহললৈ যাবলৈ ইচ্ছুক নে ?”
: 'নিশ্চয়। তালৈকে যাবলৈয়ে আহিছো।'
: ‘আপুনি জানেনে আজি কি দিন ?' বৃদ্ধাই সুধিলে।
: 'আজি ৪ মে' বুলি জানো।'
: আপুনি বিদেশী ; সেয়েহে কৈছো – আজি চেণ্ট জাৰ্জৰ উৎসৱৰ দিন । এই দিনটোতে ভূত-প্রেত, পিশাচ আদি একত্ৰিত হৈ মুক্তভাবে বিচৰণ কৰি ফুৰে।
আপুনি এতিয়াও গম পোৱা নাই- আপুনি ক'লৈ গৈ আছে? আপোনাক নো তালৈ কিয় মাতিছে?
: ‘মেডাম! আপুনি মোৰ বাবে এনেয়ে চিন্তিত হৈছে ?' হার্কাৰে সান্ত্বনা
দিবলৈ ক'লে।
: ‘ঠিক আছে, আপুনি তালৈ এই দুদিনত যাব নালাগে।'
: 'আপুনি এনেয়ে মোৰ বাবে চিন্তা কৰিছে। মোৰ একোলৈকে ভয়-ভীত নাই।'
: “ঠিক আছে, বোপা, যাব খুজিছা যোৱা – ভগৱানে তোমাক ৰক্ষা কৰক ।
বৃদ্ধায়ে নিজৰ গলাৰ পৰা ক্ৰুছডাল খুলি আনি হাৰ্কাৰৰ ডিঙিত পিন্ধাই দি ক'লে
বৃদ্ধায়ে হাৰ্কাৰৰ পিঠিত চপৰিয়াই যেন সাহস দিবলৈ চেষ্টা কৰিলে। তেওঁলোকৰ মুখৰ ভাবভংগী দেখি হাকাৰৰ অন্তৰাত্মা কঁপি উঠিল ৷
৫মে’। বাহিৰত ঘোঁৰা বাগী এখন ৰৈ আছিল। বাগীখন সুসজ্জিত আৰু মজবুত আছিল। হাৰ্কাৰৰ বাহিৰেও তাত আৰোহী অন্য কেবাজনো আছিল। তেওঁলোকে বাগীখনৰ আসনবোৰ দখল কৰি ল'লে। হার্কাৰে তেওঁলোকৰ ভাষা বুজা নাছিল যদিও, দুই এটা শব্দ বুজাত অসুবিধা হোৱা নাছিল। হোটেল মালিকৰ পৰা তেওঁৰ গন্তব্যস্থানৰ বিষয়ে অৱগত হোৱা মাত্ৰেই আৰোহী কেইজনে ভীতিবিহ্বল দৃষ্টিৰে তেওঁলৈ চাইছিল। মাজে মাজে তেওঁলোকে বুকুত পবিত্র ক্ৰুছ আঁকি প্ৰাৰ্থনা কৰি আছিল, ‘ভগৱানে ৰক্ষা কৰক !’
কচোৱানজন যথেষ্ট পাৰ্গত আছিল। মসৃণ বাটেদি তেওঁ তীব্ৰ গতিত ঘোঁৰা
চেকুৰাই নিছিল। কিন্তু পাহাৰী এলেকাত সোমোৱাৰ পৰা বাগীখনৰ গতিবেগ
কিছু মন্থৰ হ'ল, কাৰণ ৰাস্তা বৰ ভাল নাছিল। ৰাস্তাৰ দুয়োকাষে বিস্তৃত ঘন অৰণ্য
পৰিব্যাপ্ত হৈ আছিল। চতুর্দিশে ভয়ংকৰ নীৰৱতাই পৰিবেশ আতংকময় কৰি
তুলিছিল। পাহাৰৰ ঢালেদি বাগীখন উঠি যাব লগা হোৱাত ঘোঁৰা কেইটা ফোপাই
গৈছিল। কচোৱানে ঘনে পতি ঘোঁৰাৰ গতি বঢ়াবলৈ চাবুকেৰে কৰি যোৱা উপৰ্যুপৰি
আঘাতৰ শব্দ শুনি বিৰক্ত হৈ হাৰ্কাৰে ক'লে, 'চোৱা ভাই ! পাহাৰৰ এই ঢালটোত
মই নামি খোজ কাঢ়ি যাওঁ । যেতিয়া ঢাল বগাই ওপৰৰ সমতল পামগৈ তেতিয়া
পুনৰ বাগীত বহিম।'
: ‘তেনে ভুল কেতিয়াও নকৰিব ডাঙৰীয়া!' কচোৱানে চীৎকাৰ কৰি
উঠিল। 'ইয়াত এনে ভয়ংকৰ কুকুৰ আছে- পথাচাৰী দেখিলেই তৎক্ষনাত ফালি
চিৰাচিৰ কৰি পেলাব।'
পশ্চিম দিগন্তত সূর্য ডুব গৈছিল। সন্ধ্যাৰ আগমণে চাৰিওদিশে ধূসৰ
আচ্ছাদন পেলাইছিল। হাৰ্কাৰৰ মনত ভয়ৰ বীজ এই প্ৰথমবাৰৰ বাবে অংকুৰিত
হ'ল। খিৰিকীৰ বাহিৰেদি সন্মুখলৈ চাওঁতে তেওঁ দেখিলে অন্ধকাৰৰ মাজত দূৰত
পোহৰৰ স্ফুলিংগ এটা জিলিকিছে। স্ফুলিংগটো দেখি হাৰ্কাৰৰ লগতে তেওঁৰ
সহযাত্ৰীসকলো ভয়ত উচপ খাই উঠিল। সেই পোহৰৰ স্ফুলিংগটো অন্ধকাৰৰ
মাজত কোনো আশাৰ প্ৰতীক নাছিল, আছিল বিভীষিকা উদ্রেককাৰী। কচোৱানে
ঘোঁৰা কেইটা দৌৰাবলৈ চাবুকেৰে ঘনে ঘনে কোবাবলৈ ধৰিলে। প্ৰহাৰৰ ভয়তে
হওক বা বিভীষিকাৰ পৰা মুক্তি পাবলৈকে হওক ঘোঁৰা কেইটাই প্রাণটাকি দৌৰি
পাহাৰৰ ঢাল বগাইছিল। পাহাৰৰ শীৰ্ষৰ সমতলত উপনীত হোৱা মাত্রেই ঘোঁৰা
কেইটাই পূর্ণ উদ্যমেৰে দৌৰিবলৈ ধৰিলে। নির্জন পথত ঘোঁৰাৰ খুৰাৰ শব্দ
আৰু বাগীৰ চকাৰ ঘৰঘৰনিৰ বাহিৰে আন একো শব্দই কাৰো কৰ্ণ গোচৰ হোৱা
নাছিল
কিছুদূৰ যোৱাৰ পাছত তেওঁলোক চাৰিআলিৰ সংযোগ স্থলী এটাত ৰ'লগৈ ৷
কচোৱানজনে হাৰ্কাৰলৈ গভীৰ দৃষ্টিৰে চাই ক'লে, “মহাশয় আপোনাক নিবলৈ
বেলেগ ঘোঁৰা বাগীতো অহা নাই, গতিকে আমাৰ লগতে বুকোবিনালৈ বলক,
সৰু নগৰখনত দুই চাৰি দিন কটাই নিজৰ দেশলৈ ওভতি যাবগৈ।
কচোৱানৰ কথা শেষ নহ'লেই, ঘোঁৰা কেইটাই ভয়ংকৰ চীৎকাৰ কৰি জপিয়াবলৈ ধৰিলে। সহযাত্ৰীসকলে বুকুত ক্রুছ আঁকি মনে মনে প্রার্থনা গাবলৈ ধৰিলে।
হার্কাৰে দেখিলে, ক'ৰবাৰ পৰা তীব্ৰবেগে ঘোঁৰাগাড়ী এখন আহি, এইখনৰ
সন্মুখত ৰৈ গ'লহি। আন্ধাৰৰ বুকু ফালি সেইখন ক'ৰ পৰা আৱিৰ্ভাব হ'ল,
কেৱে তৰ্কিবই নোৱাৰিলে। সেই গাড়ীখনৰ কচোৱানজন হৃষ্ট-পুষ্ট বলীষ্ঠ আছিল,
তেওঁ মূৰত ইমান ডাঙৰ টুপী এটা পিন্ধি আছিল যে, তেওঁৰ চেহেৰা প্ৰায় ঢাক
খাই আছিল। কিন্তু তেওঁৰ চকু দুটা অঙঠাৰ দৰে জ্বলি আছিল। তেওঁ নিজৰ
বাগীখন ৰখাই হাৰ্কাৰ অহা বাগীখনৰ কচোৱানজনক সুধিলে-
: কি হ'ল ? আজি যে মোতকৈ আগতে আহি পালা ? আনকালে
মইহে আগেয়ে আহি পাওঁ।”
: 'কি কৰিম ! এই বিদেশী অতিথিজনৰ কাৰণেই সোনকালে আহিব লগা হ'ল।
: 'সেইকাৰণে তুমি আলহীক লৈ ইয়াৰ পৰা পলাব খুজিছিলা ? ভাই
মোক ঠগা ইমান সহজ নহয়। মই তোমাৰ অন্তৰৰ কথা কৈ দিব পাৰো।'
ক্রোধান্বিত কচোৱানজনৰ চেহেৰা অতি ভয়ংকৰ দেখাইছিল। তেওঁৰ
কোৱাৰিৰ দাঁতিয়েদি জোঙা কুকুৰ দাঁত দুটা বাহিৰ হৈ অহা যেন লাগিছিল।
: 'এইজন মৃত ব্যক্তি, মানে মুর্দা।' সহযাত্রী এজনে হাৰ্কাৰৰ কাণত ফুচফুচাই
ক'লে।
: ‘আলহীৰ মালবস্তুবোৰ মোৰ গাড়ীত তুলি দিয়া, ৰৈ থাকিবলৈ মোৰ
সময় নাই।' কচোৱানজনে হাকিমৰ দৰে আদেশ দিলে।
কিছু সময়ৰ পাছত হাৰ্কাৰ গৈ সেই বাগীখনত বহিলেগৈ। তেওঁ বহাৰ লগে লগে কচোৱানে ঘোঁৰা দৌৰাই দিলে। তেওঁ সহযাত্ৰীসকলক বিদায় সম্ভাষণ জনোৱাৰ সুযোগেই নাপালে। তেওঁ বাগীৰ পাছফালৰ খিৰিকীয়েদি জুমি চাই দেখিলে, তেওঁৰ সহযাত্ৰী আৰু কচোৱানজনে তেওঁৰ ফালে কৰুণাভৰা দৃষ্টিৰে
চাই আছে, লগে লগে প্রার্থনা গীত গাই তেওঁলোকে বুকুত ক্ৰুছৰ চিহ্ন আঁকিছে । ॥ ২॥
ঘোঁৰাৰ পিঠিত চাবুকৰ কোব পৰাৰ লগে লগে বাগীখন তীব্র বেগেৰে চলিছিল। হাকাৰ কুচিমুচি বহি থাকিল। কি যে ভয়ংকৰ ৰাতি আছিল! কিন্তু তাতোকৈ ভয়ংকৰ কচোৱানজনক লাগিছিল। তেওঁৰ মনত ভয় আতংকৰ উদ্ৰেক হ'ব ধৰিলৈ। তেওঁ দেখিলে দূৰৈৰ শূন্যত জ্বলন্ত এঙাৰ উৰি ফুৰিছে। উৰি ফুৰা ফিৰিঙতিৰ মাজেদিয়েই কচোৱানজনে বাগীখন চলাই নিলে।
ক্ষন্তেক পিছতেই কুকুৰনেচীয়াই কন্দাৰ শব্দ ভাহি আহিল। তাৰ লগে লগে সেউজীয়া জুইৰ শিখাই চতুর্দিশে নৃত্য কৰিবলৈ ধৰিলে!
সেউজীয়া শিখাবোৰ কি আছিল- হাকাৰে ধৰিব পৰা নাছিল। তেওঁ আতংকভৰা দৃষ্টিৰে লক্ষ্য কৰিলে – সেউজীয়া শিখাবোৰ কচোৱানজনৰ শৰীৰত প্ৰবেশ কৰিছে। সেই সময়তে ডাৱৰ ফালি ক্ষীণ জোনটো আকাশত ভুমুকি মাৰিলে ।
আৰু লগে লগে যেন বাতাবৰণত বিস্ফোৰণ ঘটিল। কুকুৰনেচীয়াবোৰে বাটলৈ ওলাই আহি বাগীখন ঘেৰি ধৰি ৰাওচি জুৰিবলৈ আৰম্ভ কৰি দিলে। আতংকত হাৰ্কাৰ বিহ্বল হৈ পৰিল। তেওঁ ভাবিলে – এইবাৰ আৰু কুকুৰনেচীয়া- জাকৰ পৰা নিস্তাৰ নাই ! ইহঁতে তৎক্ষণাত জপিয়াই পৰিব। তেওঁ চকু মুদি ঈশ্বৰক প্ৰাৰ্থনা কৰিব ধৰিলে ।
কিন্তু কি আচৰিত ! কচোৱানে অকণো ভয় নকৰি চাবুকডাল বতাহত কোবাই কিবা এটা চিঞৰিলে, লগে লগে কুকুৰনেচীয়াৰ জাকটো কাষৰ পৰা ফৰিংছিটিকা দিলে, বাগীখন আগবাঢ়ি গ'ল। লগে লগে চন্দ্ৰমা ডাৱৰৰ আঁৰত লুকাল। পুনৰ চতুৰ্দিশ আন্ধাৰে আৱৰি ধৰিলে। হার্কাৰে বুজিলে – কচোৱানজন সাধাৰণ মানুহ নহয়, তেওঁৰ কিবা অলৌকিক শক্তি আছে।
কিছুদূৰ সমতল যাত্ৰা কৰাৰ পাছত, বাগীখন পাহাৰী এলেকাত পুনৰ ওপৰলৈ ওখোৰা-মোখোৰা বাটেদি বগাব ধৰিলে। কিছুদূৰ পাহাৰৰ ঢাল বগোৱাৰ পিছত তেওঁ দেখিলে বাগীখন পুৰণা মহল এটাৰ অভিমুখে গৈ আছে। মহলটো যে অতি প্রাচীন আছিল, জোনৰ ধূসৰ পোহৰত তাৰ ভগ্নপ্ৰায় দেৱাল আৰু
চৌহদটো দেখিয়েই ধৰিব পৰা গৈছিল। ॥৩॥
প্রাচীন মহলটোৰ সন্মুখত বাগীখন ৰ'ল। হাৰ্কাৰ নমাত কচোৱানজনে হাতখন আগবঢ়াই সহায় কৰি দিলে। কচোৱানৰ লৌহ কঠিন হাতৰ স্পৰ্শত হার্কাৰে বুজিলে - কচোৱানজন কিমান বলীষ্ঠ ; তেওঁৰ লোহাৰ চেপেনা সুদৃশ আঙুলিৰ জোৰেৰে হেঁচা দিলে হয়তো হাৰ্কাৰৰ তলুৱাখন গুড়ি হৈ গ'লহেঁতেন। বাগীখনৰ পৰা নমাৰ পিছ মুহূৰ্ততে বাগীখন কচোৱানজনে অট্টালিকাটোৰ কাষেদি পাছফাললৈ চেকুৰাই দিলে ৷
কিংকর্তব্যবিমূঢ় হৈ তেওঁ ক্ষন্তেক বস্তু-বাহানিৰ সৈতে তাতে ৰৈ থাকিল ।
মহলৰ চাৰিওকাষে থকা প্ৰাচীৰখন ইমান পুৰণি আৰু জৰাজীৰ্ণ আছিল
যে, তাৰ শিলৰ ফাটবোৰত নানা ধৰণৰ গছ গজি উঠিছিল। জনমানৱহীন ভয়ংকৰ
শূন্যতাৰ মাজত থিয় হৈ হাৰ্কাৰৰ মন অজান আশংকাত কঁপি উঠিছিল। তেওঁ
জৰাজীৰ্ণ মামৰে ধৰা লোৰ মুখ্য দৰজাখনৰ কাষত গৈ ৰ'ল। এনেতে শিকলি
চুচৰি যোৱা ঝনঝননি শব্দ তেওঁৰ কাণত পৰিল। তেওঁ দেখিলে লোৰ জপনাখন
কিঞ্চিৎ খোল খাইছে। তেওঁৰ সন্মুখত থিয় হৈ আছে বগা জপৰা চুলিৰে এজন
শ্বেতকায় বৃদ্ধ। বুঢ়াজন ইমানেই শেঁতা আছিল যেন তেওঁৰ শৰীৰটো মমেৰে
তৈয়াৰী। তেওঁ ক’লা বস্ত্ৰ পৰিধান কৰি আছিল। পুৰণিকলীয়া ৰূপৰ লেম্পটোৰ
মৃদু পোহৰে আন্ধাৰ দূৰ কৰিব পৰা নাছিল, কিন্তু বিভীষিকাৰ কুহেলিকা নিশ্চয়
সৃষ্টি কৰিব পাৰিছিল।
: ‘ভিতৰলৈ আহক।’ বৃদ্ধই সোহাতখন দাঙি ক'লে।
হাকাৰে ক্ষন্তেক ইতস্ততঃ কৰিলে, পাছত সাহস গোটাই বৃদ্ধৰ পাছে পাছে গ'ল।
ক্ষন্তেক পৰৰ পাছত তেওঁলোক বৃহৎ সুসজ্জিত কোঠা এটাত উপস্থিত হ'লগৈ। কোঠাটোৰ চকী মেজবোৰ দামী কাঠৰ আছিল। সন্মুখৰ চকী এখনত বহিবলৈ নিৰ্দেশ দি বৃদ্ধই হাৰ্কাৰৰ লগত কৰমৰ্দন কৰিবলৈ হাতখন আগবঢ়াই ক'লে – 'আপুনি আহিল তেন্তে ?'
বৃদ্ধৰ লগত কৰমৰ্দন কৰি হাৰ্কাৰে অনুভৱ কৰিলে অন্য এক বিচিত্র
অভিজ্ঞতা। লৌহ কঠিন হাতখন বৰফৰ দৰেই চেঁচা, যেনিবা মৃতকৰ হাত হে !
মনৰ সন্দেহ আঁতৰ কৰিবলৈ তেওঁ সুধিলে, 'কাউন্ট ড্রাকুলা আপুনিয়েই
নে ?'
: ‘ও হয়। ময়েই। আপুনি মিঃ হাৰ্কাৰ?'
: ‘হয়, হয়। ময়েই হাৰ্কাৰ। যাক আপুনি মহল বিক্ৰীৰ বাবে আইনগত
কাগজ-পত্ৰ ঠিক কৰিবলৈ মাতিছে।'
: ‘আপুনি ভাগৰি-জুগৰি আহিছে। আহক, আপোনাৰ কোঠাটো দেখুৱাই
দিওঁ। আপুনি সময়মতে আহি পোৱাত মই বৰ আনন্দিত হৈছো।'
কাউণ্টে নিজে হাৰ্কাৰৰ টোপোলাবোৰ দাঙি লৈ খোজ দিলে।
: ‘আৰে! আৰে!! আপুনি কি কৰিছে? টোপোলা কেইটা ময়েই নিব,
পাৰিম।' হাৰ্কাৰে আথেবেথে ক'লে।
: ‘আপুনি মোৰ আলহী । আলহীক সেৱা কৰাটো আমাৰ বংশৰ
পৰম্পৰা,তাতে মহলত এতিয়া লগুৱাবোৰো নাই। আহক, মোৰ একো অসুবিধা
নহয়।' কৈ কৈ ড্রাকুলা আগবাঢ়ি চিৰি বগাই ওপৰলৈ উঠিব ধৰিলে ।
হার্কাৰেও তেওঁৰ পিছে পিছে গৈ থাকিল। তেওঁ সুধিব খুজিছিল- ঘোঁৰা বাগীৰ কচোৱানটোৱেও দেখোন বস্তু কেইটা কঢ়িয়াব পাৰিলেহেঁতেন- সি বা ক'ত গ'ল। প্ৰশ্ন কৰাটো অভদ্ৰামি ভাবি তেওঁ একো নুসুধিলে।
মহলৰ ভিতৰ ভাগ প্ৰকাণ্ড আছিল। নানা ধৰণৰ কথা-বতৰা পাতি ঘূৰি
পকি কাউণ্টে গৈ ওপৰ মহলাৰ প্ৰকাণ্ড কোঠা এটালৈ হাৰ্কাৰক মাতিলে। মম
জ্বলাই কোঠাটো পোহৰাই থোৱা আছিল। ইমান নির্জন হাবিতলীয়া ঠাইত সুসজ্জিত
কোঠাৰে পৰিপূৰ্ণ মহলটো দেখি হাৰ্কাৰ অতি আচৰিত হৈছিল।
: ‘হাৰ্কাৰ চাহাব, আপুনি ভাগৰি-জুগৰি আহিছে, সেয়ে মুখ-হাত ধুই
আহাৰ খাই লওক, আপোনাৰ আহাৰ সৌৱা মেজত সজাই থোৱা আছে। আহাৰ
খাই ৰাতিটো আৰামেৰে শুৱক, কাইলৈ কথা পাতিম।' – কাউণ্টে ক'লে।
ভোকত হাৰ্কাৰৰ অৱস্থা কাহিল হৈ আছিল। ক্ষণ বিলম্ব নকৰি হাত-মুখ
ধুই তেওঁ আহার্য গো-গ্রাসে গিলিবলৈ ধৰিলে। তেওঁৰ আহাৰ গ্ৰহণৰ ব্যতিব্যস্ততা
দেখি কাউণ্টে মিচিকিয়াই হাঁহিলে।
: ‘আহাৰ গ্ৰহণৰ সংগ দিব নোৱাৰি মই দুঃখিত। এতিয়া বিদায়, শুভৰাত্ৰি । '
কৈ কৈ ড্রাকুলা কোঠাৰ পৰা ওলাই গ'ল। যাওঁতে তেওঁ মজবুত কাঠৰ দৰজাখন
বন্ধ কৰি গ'ল।
ড্রাকুলা ওলাই যোৱাৰ পাছত হাৰ্কাৰৰ মন আতংক আৰু বিভীষিকাই আবৰি ধৰিলে। তেওঁৰ ধাৰণা হ'ল, তেওঁ যেন ভুলক্রমে ইয়ালৈ আহিল। জীৱিত অৱস্থাৰে ওভতি যাব পাৰিবনে নোৱাৰে তেওঁৰ সন্দেহ হ'ল। ভয়ত প্ৰায় আধা ৰাতিলৈকে তেওঁৰ টোপনি অহা নাছিল, অৱশেষত ভাগৰে জুৰুলা কৰা দেহটো নিদ্ৰা দেৱীৰ কোলাত ঢলি পৰিল।
ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ আৰু বনৰীয়া চৰাই-চিৰিকটিৰ মাতত তেওঁৰ নিদ্রা
ভাগিল। চকু মেলি উঠি দেখিলে মেজত চাহ সজাই থোৱা আছে, কাষতে এখন
চিঠি।
‘আপুনি চাহ খাওক, মই বিশেষ আৱশ্যকীয় জৰুৰী কামত বাহিৰলৈ
গৈছো।
- ড্রাকুলা।’
৭ মে'। প্রকাণ্ড মহলটোত ইফালে সিফালে হার্কাৰে অকলে ঘূৰি ফুৰিছিল। তেওঁ বুজি পোৱা নাছিল- কাউণ্ট ড্রাকুলাই ৰাতিয়েই তেওঁক এৰি ক'ত অন্তৰ্ধান হ'ল
ৰাতিপুৱা দাঢ়ি খুৰাবলৈ বুলি সন্মুখত আইনা লৈ ব্ৰাচেৰে মুখত চাবোন
সানি আছিল। এনেতে তেওঁ দৰজা খুলি কোনোবা সোমাই অহা গম পালে।
সন্মুখৰ আইনাত কোঠাটোৰ দৰজাকে ধৰি প্ৰায় সকলোবোৰ আচবাব পত্র
প্রতিবিম্বিত হৈছিল। কিন্তু আইনাত প্রবেশ কৰোতাৰ প্ৰতিবিম্ব তেওঁ নেদেখিলে ।
মনৰ ভ্ৰম চাগে ! মনতে ভাবি তেওঁ মুখত পুনৰ ব্ৰাচ ঘঁহিবলৈ ধৰিলে ।
এনেতে তেওঁৰ কান্ধত কাৰোবাৰ স্পৰ্শ পাই তেওঁ চক্ খাই উঠিল। তেওঁ
তৎক্ষণাত পিছলৈ ঘূৰি চালে।
: ‘কোন নো ?’
: ‘মই ড্রাকুলা।' ক’লা পোছাক পৰিহিত ড্রাকুলাই হাঁহি মাৰি ক'লে।
হাৰ্কাৰৰ সৰ্ব শৰীৰ কঁপি উঠিল। তথাপি নিজকে সংযত কৰি তেওঁ হাঁহি
মাৰি ক'লে, “আচ্ছা, আপুনি ! ক্ষন্তেক বহক, মই দাঢ়িকেইডাল খুৰাই লওঁ।'
তেওঁ আইনাৰ সমুখলৈ ঘূৰি বহিল। আইনাত তেওঁ নিজৰ প্ৰতিবিম্বকে ধৰি কোঠাটোৰ সকলোবোৰ বস্তুৰে প্ৰতিবিম্ব দেখিলে, কিন্তু তেওঁৰ পিঠিৰ পাছফালে থিয় হৈ থকা ড্রাকুলাৰ কোনো প্রতিবিম্ব নেদেখিলে। দাঢ়ি খুৰাই খুৰাই হার্কাৰে এই অজান ৰহস্যৰ ভেদ উলিয়াব নোৱাৰি ভয়ত কঁপি উঠিল। বোধকৰো ড্রাকুলাই তেওঁৰ মনৰ ভাব ধৰিব পাৰিলে। তেওঁৰ কান্ধত জোকাৰ মাৰি ড্ৰাকুলাই তৎক্ষণাত সন্মুখৰ আইনাখন বুটলি খিৰিকীয়েদি বাহিৰলৈ দলি মাৰি দিলে । ওপৰ- মহলৰ পৰা সৰি পৰা আইনাখন তলৰ ৰাস্তাত পৰি ঠন্ ঠন্কৈ ভাগি থাকিল । ড্রাকুলাই কান্ধত দিয়া জোকাৰণিৰ ফলস্বৰূপে হাকাৰৰ গলাত ব্লেডে কিঞ্চিত কাটিলে। কটা ঘাত তেজৰ টোপাল বিৰিঙি উঠিল ।
তেওঁৰ ডিঙিত তেজৰ টোপাল দেখি ড্রাকুলাই আচৰিত ধৰণেৰে সেইফালে
চাবলৈ ধৰিলে যেন পিয়াহত আতুৰজনেহে পানীৰ টোপাললৈ চাইছে।
: ‘অ’হ! কাটিলে চাওঁ।' কৈ কৈ ড্রাকুলাই নিজৰ মূৰটো হাওলাই হাৰ্কাৰৰ
ডিঙিৰ ওচৰলৈ আনিল।
: ‘হ'ব গুচক, মই ঠিক কৰি ল'ব পাৰিম।' হার্কাৰে কঠোৰ স্বৰে কৈ
ড্রাকুলাক পিছলৈ ঠেলি দিলে। ড্রাকুলাৰ মুখৰ পৰা ওলোৱা মৰাশৰ দৰে দুৰ্গন্ধই
হাৰ্কাৰৰ শ্বাস ৰুদ্ধ কৰি দিছিল ।
ড্রাকুলাই তৎক্ষণাত আত্ম সম্বৰণ কৰি সন্মুখৰ চোফাখনত বহিল। তেওঁ হাৰ্কাৰক লণ্ডনৰ বিষয়ে বিভিন্ন প্রশ্ন সুধিব ধৰিলে। হার্কাৰেও যথাযথ উত্তৰ দি গ'ল।
ড্রাকুলাই লণ্ডনৰ আইন-কানুন আৰু সম্পত্তি কিনা-বেচা সম্পর্কে সুধিছিল। তেওঁৰ বাবে হার্কাৰে পুৰণা কবৰস্থান এখনৰ কাষত নিৰ্জন ঠাইত লণ্ডনত ডাঙৰ ঘৰ এটা কিনিছিল। ঠাইডোখৰৰ বিৱৰণ আৰু ঘৰটোৰ নক্সা দেখি ড্রাকুলা অতি আনন্দিত হ'ল ।
ড্রাকুলাই অৱশেষত তেওঁৰ লগত লণ্ডনলৈ যোৱাৰ ব্যৱস্থাৰ বিষয়ে কথা
পাতিলে। হার্কাৰে ভাবি আচৰিত হৈছিল, ট্ৰান্সিলোনাৰ পৰা এই অদ্ভুত প্ৰকৃতিৰ
মানুহজনে হাজাৰ কিলোমিটাৰ দূৰৈৰ লণ্ডনলৈ যাবলৈ কিয় ইচ্ছা কৰিছে ? ড্রাকুলাই
তেওঁৰ সকলো সা-সম্পত্তি জাহাজেৰে লণ্ডনলৈ নিবলৈ ইচ্ছা প্রকাশ কৰিছিল।
- ‘আপুনি কি ভাবিছে ?' ড্রাকুলাই সুধিলে।
- ‘নাই, এনেয়ে মানে পত্নীলৈ মনত পৰিছে।' হাৰ্কাৰে ক'লে।
- ‘স্বাভাবিক কথা, আঁতৰত থাকিলে ঘৰলৈ মনত পৰেই। আপুনি চিঠি
লিখক। আপোনাৰ কোম্পানীলৈও চিঠি লিখক। মাত্ৰ ব্যৱসায় সম্পৰ্কীয় আৰু
আপুনি যে ইয়াত কুশলে আছে, সিমানেহে লিখিব। তাতকৈ বেছি আন একো
লিখাৰ আৱশ্যক নাই।' ড্রাকুলাই কৰ্তৃত্বৰ সুৰত ক'লে ।
- ‘তেনেকৈ কিয় ?”
- ‘এইটো মোৰ আদেশ বুলিয়েই ধৰি লওক । আপুনি ইয়াত অন্ততঃ এমাহ
থাকিব লাগিব।'
- ঠিক আছে, হ'ব বাৰু!' হাৰ্কাৰে ক'লে।
: ‘এতিয়া মই যাওঁ। ৰাতি কাম আছে। ৰাতি-বিয়লি আপুনি নিজৰ কোঠাৰ বাহিত ঘূৰি নুফুৰিব। মাত্ৰ নিজৰ কোঠাতহে শুই থাকিব।' ড্ৰাকুলাই কথাখিনি কৈ বাহিৰ ওলাই গ'ল।
হাৰ্কাৰে কিছুসময় তাতে বহি থাকিল। সন্ধ্যা পূৰ্ণিমা জোনটোৰ পোহৰ চৌদিশে উদ্ভাসিত হৈ পৰিছিল। হাৰ্কাৰ কোঠাৰ পৰা বাহিৰ ওলাল। বাহিবৰ শীতল বতাহ আৰু জোনব উজ্জ্বল পোহৰে তেওঁৰ মনৰ ভয় বহুতো লাঘৱ কৰিলে। এনেতে তেওঁৰ অনুভৱ হ'ল, ডাঙৰ নিশাচৰ পক্ষী এটাই ডেউকা কোবাই তেওঁৰ মূৰৰ ওপৰেদি উৰি গৈছে। তেওঁ মূৰ তুলি ইফালে সিফালে চালে, কিন্তু একো নেদেখিলে।
মনত সাহস সঞ্চাৰ কৰি মম এডাল জ্বলাই তেওঁ কাষৰ কোঠাবোৰ চাবলৈ মন মেলিলে। কেবাখনো দৰজা খুলি পুনৰ বন্ধ কৰি এটা এটাকৈ কোঠাবোৰ চাই চাই তেওঁ ডাঙৰ কোঠা এটাত উপস্থিত হ'লহি। কোঠাটো পুৰণি ৰজা-মহাৰজা দিনৰ আচবাব-পত্ৰৰে ভৰি আছিল। খিৰিকীবিলাকত পৰ্দা নাছিল। খিৰিকীৰ কাঁচেদি জোনৰ পোহৰ সোমাই কোঠাটো উদ্ভাসিত কৰি তুলিছিল। কোঠাৰ মজিয়াত জমা হৈ থকা ধূলি-বালিবোৰ কিমান প্ৰাচীন আছিল ভগৱানেহে জানিছিল। কোঠাটোৰ পৰিবেশ শান্ত আছিল যদিও ভয়াৱহ আৰু গহীন আছিল। তেওঁৰ মনত দৃঢ় ধাৰণা হ'ল ড্ৰাকুলা এটা ভণ্ড-মিছলীয়া চয়তান; যদিও তাৰ প্ৰকৃত স্বৰূপ তেওঁ তেতিয়ালৈকে দেখা নাছিল।
ভীতি আৰু উত্তেজনাই তেওঁক কাহিল কৰি আনিছিল। তাত থকা প্ৰাচীন
মূল্যবান সুসজ্জিত পালেং এখনত তেওঁৰ বাগৰ মাৰিবলৈ মন গ'ল। পালেংখনত
শুই শুই তেওঁ ভাবিবলৈ ধৰিলে - বোধকবো এইখন পালেং নিশ্চয় কোনোবা
ৰাজকুমাৰীৰ আছিল। পালেঙখনত ধূলিব তৰপ পৰি আছিল যদিও তেওঁ তাত
শুই আৰাম পাইছিল। তেওঁৰ যেন চিলমিলকৈ টোপনি আহিছিল। তেওঁৰ অনুভৱ
হ'ল কোঠাটোলৈ যেন কোনোবা সোমাই আহিছে। তন্দ্ৰালস দৃষ্টিৰে তেওঁ
দেখিলে—জোনৰ পোহৰত যেন তিনিটা নাৰীমূৰ্তি আলাসতে সৃষ্টি হৈ তেওঁৰ কাষ
চাপি আহিছে। নাৰী মূৰ্তি কেইটাৰ ছাঁ কিন্তু মজিয়াত বা আন ক’তো পৰা নাছিল।
নাৰী মূৰ্তি তিনিটাই তেওঁক গভীৰ দৃষ্টিৰে চাবলৈ ধৰিলে। তাৰ পাছত নিজৰ
ভিতৰতে সিহঁতে ফুচফুচনি তুলি বাৰ্তালাপ কৰিব ধৰিলে; কিন্তু সিহঁতে কি কথা
পাতিছিল, তেওঁ বুজি পোৱা নাছিল। নাৰী মূৰ্তি তিনিগৰাকীৰ ভিতৰত মাজৰ
গৰাকী আছিল অতীব সুন্দৰী, বেশ-ভূষাৰে তেওঁক ৰাজকুমাৰী যেন লাগিছিল,
তেওঁৰ দুয়োকাষে থকা দুগৰাকী যেনিবা তেওঁৰ পৰিচাবিকা আছিল। তেওঁলোকো
মোহময়ী আছিল। পৰিচালিকা দুগৰাকীয়ে মাজৰ লাস্যময়ী যুৱতীক আগলৈ ঠেলি দি ক'লে,
'প্রথমে আপুনিয়ে আৰম্ভ কৰক। আপোনাৰ পাছত আমি আগবাঢ়িম।'
: ‘বাহ ! কি সুন্দৰ-সুঠাম চেহেৰা ! তেজেৰে শৰীৰ তগবগাই আছে।'
কোনোবা এগৰাকীয়ে মন্তব্য কৰিলে।
হাৰ্কাৰৰ মনতো অবুজ আনন্দত ভৰি পৰিল । ভয় আৰু বিভীষিকাৰ মাজত সৃষ্টি হোৱা সুন্দৰী তিনিগৰাকীৰ কথোপকথন আৰু অংগী-ভংগীয়ে তেওঁৰ সুপ্ত জৈৱিক বাসনা জাগ্ৰত কৰি তুলিলে। আগবাঢ়ি অহা সুন্দৰী গৰাকীক আকোঁৱালি ল'বলৈ তেওঁ অধীৰ আগ্ৰহেৰে বিচনাতে পৰি ৰ'ল ।
যুৱতী গৰাকী আগবাঢ়ি আহি হাৰ্কাৰৰ চেহেৰাৰ ওপৰত হাওলি পৰিল । বাকী দুগৰাকী কাষতে থিয় হৈ ক্ষুধাতুৰ দৃষ্টিৰে তেওঁলৈ চাই আছিল। সুন্দৰী যুৱতীৰ মুখৰ পৰা নিঃসৃত মৰাশৰ দুৰ্গন্ধই তেওঁক ক্ষন্তেকৰ বাবে বিহ্বল কৰি তুলিলে ; কিন্তু কিবা এক অবুজ মাদকতাত তেওঁ শিথিল হৈ পৰি ৰ'ল।
যুৱতী গৰাকীৰ পিপাসার্ত ওঁঠ জুৰি ক্ৰমান্বয়ে হাৰ্কাৰৰ ডিঙিৰ ওচৰ চাপি আহিল। তেওঁ অনুভৱ কৰিলে - দুডাল সুতীক্ষ্ণ বেজী তেওঁৰ ডিঙিৰ চৰ্ম ভেদ কৰিবলৈ সাজু হৈছে। তেওঁ কিন্তু যন্ত্ৰণাৰ পৰিবৰ্তে অদ্ভুত মাদকতাতহে ডুব গৈছিল ।
হঠাতে যেন তেওঁ চেতনা ঘূৰাই পালে। তেওঁ দেখিলে যুৱতী গৰাকীৰ পাছত কাউণ্ট ক’ৰবাৰ পৰা আবিৰ্ভাৱ হৈ ক্ৰুদ্ধ দৃষ্টিৰে সুন্দৰী তিনিজনীলৈ চাই তৎক্ষণাত যুৱতীৰ চুলিকোছাত থাপ মাৰি ধৰি তাইক টানি নিলে। হালি থকা যুৱতী একেটানে হাৰ্কাৰৰ দেহৰ পৰা বিচ্ছিন্ন হৈ গ'ল ।
অতৃপ্তজনিত ক্ৰোধত উন্মত্ত হৈ তাই ড্রাকুলালৈ ঘূৰি চালে। খঙত তাইৰ চেহেৰা অত্যন্ত ক্ৰুৰ হৈ পৰিছিল। তাই দাঁত পিহিবলৈ ধৰিলে।
কিন্তু ড্রাকুলাৰ চেহেৰা তাতোধিক ভয়ানক হৈছিল। তেওঁৰ চকুৰ পৰা যেন জুই হে ওলাইছিল। তেওঁ খঙত পগলাৰ দৰে চাই যুৱতী তিনিগৰাকীক গর্জিবলৈ ধৰিলে, “এওঁৰ কাষ চাপিবলৈ তহঁতে মৰ সাহস ক'ৰ পৰা পালি? তহঁতে ভালকৈ জান এওঁ মোৰ অতিথি ! তহঁত তৎক্ষণাত ইয়াৰ পৰা আতৰ হ! খবৰদাৰ! আগলৈ যদি তহঁত এওঁৰ কাষ চাপ, জানিবি ড্রাকুলাৰ শাস্তি অতি ভয়ানক!”
ড্রাকুলাৰ ক্ৰোধত যুৱতী কেইগৰাকী চমকি উঠিছিল যদিও সুন্দৰী শেতাংগ
গৰাকীয়ে সাহসেৰে ক'বলৈ ধৰিলে, “আপুনি ইমান ক্রোধান্বিত হৈছে কিয় কাউণ্ট?
আপুনি কেতিয়াও কাৰো সৈতে প্ৰেম কৰা নাছিল; আপুনি প্ৰেমৰ মূল্য কি
বুজিব! মই এওঁৰ সৈতে প্ৰেম কৰিছো। মোক এই যুৱকজনক দান কৰক কাউণ্ট!
মোক এই পুৰুষজনক দিয়ক !”
যুৱতীৰ প্ৰাৰ্থনাই কাউণ্টৰ মনৰ পৰিবৰ্তন কৰিব নোৱাৰিলে। তাই আঠু
কাঢ়ি বহি উচুপি উচুপি কান্দিবলৈ ধৰিলে।
: “আঁতৰ ইয়াৰ পৰা। মানুহজনক মোৰ প্ৰয়োজন আছে। মোৰ কাম
শেষ হোৱাৰু পাছত তহঁতে এওঁক লৈ যাবি ; তাৰ পাছত যিমান মন যায় প্ৰেম কৰি
থাকিবি। এতিয়া নহয় কিন্তু ! কেইদিনমানৰ পাছত !”
: ‘নহয়, নহয় মোক এতিয়াই লাগে, মই এদিনো অপেক্ষা কৰিব
নোৱাৰো।' যুৱতীয়ে কান্দি কান্দি ক’লে।
: ‘এতিয়া নহয়, কোনোমতেই নহয়। এওঁৰ হতুৱাই মোৰ বহুত কাম
কৰিবলগীয়া আছে।' কাউণ্টে ক্ৰুৰতাপূৰ্ণ সুৰেৰে ক'লে ৷
: ‘তেন্তে আজি ৰাতি আমি একো নেপামনেকি কাউণ্ট ? আপুনি আমাৰ
মুখৰ পৰা চিকাৰ কাঢ়ি নিলে ; আমাক যদি প্রতিদানত একো নিদিয়ে, আমি ক'লৈ
যাম? আপোনাৰ বাহিৰে আমাৰ একো গতি নাই ; আমাক কৰুণা কৰক।' তিনিওগৰাকীয়ে কাবৌ কোকালি কৰিব ধৰিলে ।
ড্রাকুলাৰ ক্ৰোধ কিছু শান্ত হ'ল। তেওঁ সিহঁত তিনিজনীলৈ চাই ক'লে- ‘ল, এইটো টোপোলাত তহঁতৰ আহাৰ আছে; ভগাই খাই ল। তেওঁ কাষলতিৰ তলৰ পৰা টোপোলা এটা উলিয়াই মজিয়াত পেলাই দিলে। লগে লগে টোপোলাৰ ভিতৰৰ পৰা কেচুৱাৰ ক্ৰন্দন ভাহি আহিল।
যুৱতী তিনিজনীয়ে ক্ষুধাতুৰ বাঘিণীৰ দৰে টোপোলাটো তৎক্ষণাত বুটলি, পাঁছ হোঁহকি আধা ছাঁ আধা পোহৰ পৰি থকা ঠাই টুকুৰালৈ আঁতৰি গ'ল। চাওঁতে চাওঁতে হাৰ্কাৰৰ দৃষ্টিৰ সন্মুখতে টোপোলাটো সহিতে যুৱতী কেইগৰাকী শূন্যত বিলীন হৈ গ'ল। মাত্ৰ বতাহত ভাহি থাকিল কেচুৱাৰ টেৱাঁ টেৱাঁ কান্দোন।
হার্কাৰে আৰু সহ্য কৰিব নোৱাৰিলে। কোন মুহূৰ্তত তেওঁ চেতনা লুপ্ত হৈ নিদ্ৰা দেবীৰ কোলাত ঢলি পৰিল। তেওঁ নিজেই ক'ব নোৱাৰিলে।
॥৫॥
ইতিমধ্যে সেই ভৌতিক মহলত হাৰ্কাৰে কেবাদিনো অতিবাহিত কৰিলে । ৫ জুনৰ সুন্দৰ মোহক প্রভাতে হাৰ্কাৰৰ নিদ্ৰা ভংগ কৰিলে। মোহক প্ৰভাত এটা প্ৰকৃতিৰ কি শ্ৰেষ্ঠ অৱদান তাক হাৰ্কাৰৰ দৰে দুঃস্বপ্নৰে ভৰা ৰাত্রি যাপন কৰা ব্যক্তিয়েহে দেহৰ সিৰাই সিৰাই অনুভৱ কৰিব পাৰে। হাৰ্কাৰৰ দুচকুত বিগত নিশাৰ ভয়ংকৰ ঘটনাবোৰৰ স্মৃতিৰ ৰেশ তেতিয়াও লাগি আছিল। ড্রাকুলানো কোন ? তেওঁ কি কৰে ? ক'লৈ যায়, এই ৰহস্য জানিবলৈ তেওঁ উদগ্ৰীৱ হৈ উঠিল যাদিও হার্কাৰে জানিছিল— এই কাম অতি দুৰূহ হয়তো তেওঁৰ প্ৰাণৰ সংশয়ো হ'ব পাৰে! ইতিমধ্যে আৰু কেইটামান দিন তেনেকৈয়ে পাৰ হৈ গ'ল ৷
২১ জুন। বাহিৰত প্ৰখৰ ৰ'দ। তেওঁ জানে কাউন্ট ড্রাকুলা দিনৰ ভাগত মহলত নাথাকে। তেওঁ আহি কোঠাটোৰ সোকাষে থকা ডাঙৰ খিৰিকিখনৰ দাঁতিত থিয় হ'ল। তেওঁ জুমি চাই দেখিলে দূৰত অঘৰী বিলাকৰ তম্বু। তম্বুৰ বাহিৰত মুনিহ তিৰোতাই নিজৰ নিজৰ কাম কৰি আছে। সৰু ল'ৰা-ছোৱালীবোৰে দৌৰা- দৌৰি খেলি আছে। তেওঁ তৎক্ষণাত কোঠালৈ দৌৰি আহি কাগজ-কলমেৰে পত্নী মীনা আৰু বন্ধু হকিন্সলৈ দুখন পৃথকে চিঠি লেখিলে। তেওঁ পত্নী মীনালৈ সাংকেতিক লিপিৰে চিঠিখন লিখিছিল। চিঠি দুখন হাতত লৈ ঠিকনা লিখি তেওঁ পুনৰ খিৰিকীৰ দাঁতিলৈ আহি তললৈ জুমি চাবলৈ ধৰিলে।
তেওঁৰ ভাগ্য ভাল আছিল। কোনোবা এজনে ওপৰলৈ মূৰ তুলি চাওঁতে হার্কাৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ হাত জোকাৰিবলৈ ধৰিলে। অঘৰীজনে টিলা এটাৰ ওপৰত উঠি তেওঁৰ ফালে চালে। হাৰ্কাৰে মুদ্ৰা দুটা লৈ চিঠিৰ খাম দুটা তেওঁলৈ দলি মাৰি দি চিঞৰিলে – 'চিঠি দুখন ডাকত দি দিবা।' মানুহজনে খাম দুটা বুটলি তম্বুৰ ফালে গ'লগৈ। আশাৰ কিৰণে হাৰ্কাৰৰ মন ভৰি পৰিল ৷ তেওঁৰ মুক্তিৰ বাবে পত্নী মীনাই বন্ধু হকিন্সৰ সৈতে নিশ্চয় চেষ্টা কৰিব। তেওঁ কোঠালৈ উভতি আহি বিছনাত দীঘল দিলে ।
সন্ধ্যা লাগি ভাগিলত ড্রাকুলা আহি হাৰ্কাৰক জগাই দিলে। হুৰমূৰকৈ বিছনাত উঠি বহিলত ড্রাকুলাই ক'লে- 'আৱশ্যকীয় কাম এটাত আপোনাৰ ওচৰলৈ আহিছো। মোৰ লগত আহক। '
কেতিয়ানো সন্ধ্যাৰ আন্ধাৰে দশোদিশ আবৰিছিল হাৰ্কাৰে গমেই পোৱা
নাছিল। ইতস্ততঃ কৰি তেওঁ ড্রাকুলাক অনুসৰণ কৰি অন্য এটা কোঠাত প্রবেশ
কৰিলে।
: ‘এই চিঠি দুখন চাওকচোন, মোক অঘৰী এজনে দিছিল। সম্ভৱতঃ
এখন সৰল ইংৰাজীত লিখা আৰু আনখন কিবা ৰেখাৰে আঁক-বাঁক কৰা যাদু-
মন্ত্ৰৰ চিঠি যেন লাগিছে। চাওকচোন।' ড্রাকুলাই চিঠি দুখন তেওঁলৈ আগবঢ়াই
দিলে। হার্কাৰে জানিলে পুৱা তেওঁ ডাকত দিবলৈ দলি মাৰি দিয়া চিঠি দুখনেই ।
ড্রাকুলাই চিঠি দুখন তেওঁৰ হাতৰ পৰা পুনৰ লৈ ক'লে, “ইংৰাজীত লিখাখন মই ডাকত দি দিম বাৰু, এইখন যাদু-মন্ত্ৰৰ ভাষাৰে আঁক-বাঁক কৰাখন ফালি দিয়াই
ভাল হ'ব।' সেইবুলি কৈ মীনালৈ সাংকেতিক ভাষাৰে (শ্বৰ্ট হেণ্ডেৰে) লিখাখন
ফালি পেলাই ক্ৰুৰ হাঁহি এটা মাৰিলে ।
: ‘বাৰু এতিয়া ৰাতি হ'ল। আপুনি খোৱা-বোৱা কৰি বিশ্রাম লওক, মই
যাওঁ। আৱশ্যকীয় কাম আছে।' কথাখিনি কৈ কাউন্ট ড্রাকুলা ঘূৰিবলৈ উদ্যত
হ'ল।
: ‘মহামহিম কাউণ্ট! মই ভাবো সা-সম্পত্তিৰ যাবতীয় আইনৰ কাগজ-
পত্ৰবিলাক কৰা হৈ গ'ল যেতিয়া, ময়ো যাবগৈ পাৰো।' হাৰ্কাৰে ক'লে ।
: “ঠিক আছে, অহা ২৩ জুনত যাবগৈ।' কাউণ্টে ভদ্রভাবে ক'লে।
: ‘মই আজিয়ে এতিয়াই যাব বিচাৰো।' দৃঢ়স্বৰে হাৰ্কাৰে ক'লে।
: ‘মোৰ ঘোঁৰা বাগীখন আজি নাই।'
: 'ঘোঁৰা বাগী নেলাগে। মই খোজকাঢ়িয়ে যাবগৈ পাৰিম।' যিকোনো
প্ৰকাৰে এই ভৌতিক মহলৰ পৰা ওলাব পাৰিলেই যেন ৰক্ষা পৰে, এনে ভাবেৰে
হাৰ্কাৰে ক'লে।
: “তেন্তে ঠিক আছে, আহক !” ড্রাকুলাই তেওঁক মাতিলে।
হাৰ্কাৰে নিজৰ কোঠালৈ গৈ চুটকেছ আদি অনাৰ প্ৰয়োজনবোধ নকৰিলে। তেওঁ লগে লগে ড্রাকুলাৰ পাছ ল'লে। মুখ্য দুৱাৰ খুলি হাতৰ লেম্পটোৰে যিমান দূৰলৈ পৰা যায় পোহৰ পেলাই ড্রাকুলাই বিদায় সম্ভাষণ জনালে, 'ঠিক আছে, বন্ধু, আপুনি যাওঁকগৈ। শুভৰাত্ৰি।'
চৌদিশে ঘোপ মৰা আন্ধাৰ। হাবিৰ জোপোহাবোৰৰ ওপৰে ওপৰে জোনাকী পৰুৱাবোৰ উৰি ফুৰিছে। এনেতে তেওঁ অদূৰত কুকুৰনেীয়াৰ চিঞৰ শুনিবলৈ পালে। আনফালে মূ কৰি দেখিলে, তেওঁৰ চৌপাশে কুকুৰনেচীয়াবোৰে সিহঁতৰ লেলিহান জিভা উলিয়াই তেওঁলৈ চাই আছে আৰু মূৰ তুলি মাজে মাজে চিঞৰিছে। আন্ধাৰত সিহঁতৰ জিঘাংসু চকুবোৰ জোনাকী পৰুৱাতকৈ উজ্জ্বলতাৰে জিলিকিছে।
হাৰ্কাৰৰ সমস্ত শৰীৰৰ তেজ গোট মাৰি বৰফ হৈ গ'ল। তেওঁৰ উৎসাহ, ঘৰলৈ যোৱাৰ হাবিয়াস নিমিষতে কৰ্পূৰৰ দৰে উৰি গ'ল। তেওঁ উলটি মুখ্য দৰজাখনেদি ড্রাকুলা মহলৰ ভিতৰলৈ সোমাই যাওঁতে মাথো বিৰবিৰালে, “ঠিক আছে মই পৰহিয়ে যাম বাৰু, আজি নাযাওঁ।'
উত্তেজনা ভয় সংশয়ত তেওঁ ইমানেই কাহিল হৈ পৰিছিল যে তেওঁ নিজৰ কোঠাত প্ৰবেশ কৰি বিছনাত বাগৰ দিলে। বাহিৰৰ কোনোবা কোঠাৰ পৰা শিশুৰ কান্দোনৰ শব্দ আৰু পিশাচিনীহঁতৰ কিৰীলি, ড্রাকুলাৰ ক্ৰুদ্ধ স্বৰ, পুত্ৰহাৰা অঘৰী মাতৃৰ বিলাপ আহি দুঃস্বপ্নৰ দৰে তেওঁৰ কাণত পৰিবলৈ ধৰিলে। ধীৰে ধীৰে হাৰ্কাৰ নিদ্ৰা দেৱীৰ কোলাত ঢলি পৰিল।
পাছদিনা পুৱা শুই উঠি হাৰ্কাৰে যথেষ্ট সতেজ অনুভৱ কৰিলে। ভয় কৰি থাকিলে নহয়। অদম্য সাহস আৰু বুদ্ধিৰে তেওঁ এই পৰিস্থিতিৰ মোকাবিলা কৰিব লাগিব, তেওঁ মনতে সিদ্ধান্ত কৰিলে। তাৰ বাবে শৰীৰটোকো টনকিয়াল কৰিব লাগি ।
তেওঁ প্ৰাতঃকৰ্ম কৰি ডাইনিং হলত সোমাল। তাৰ আলমাৰীৰ পৰা বিভিন্ন ফল-মূলৰ টেমাবোৰ উলিয়াই গোগ্রাসে ভক্ষণ কৰি ক্ষুধা নিবাৰণ কৰিলে । বীয়েৰ খাই সম্পূৰ্ণ সুস্থ আৰু নিৰ্ভীক হৈ তেওঁ চিন্তা কৰিলে – পৰৱৰ্তী কাৰ্যপন্থা।
তেওঁ থকা কোঠাৰ খিৰিকীয়েদি বাহিৰ হৈ ড্রাকুলাৰ কোঠাৰ খিৰিকীয়েদি জপিয়াই ভিতৰ সোমাল। কোঠাত প্রবেশ কৰিয়ে তেওঁ আশ্চর্যচকিত হৈ গ'ল । প্ৰকাণ্ড কোঠাটোৰ এচুকত সোণৰ মোহৰৰ পাহাৰ লাগি আছে । ৰোম, ইংলণ্ড,তুর্কী, অষ্ট্ৰীয়া আৰু হাংগেৰীৰ তিনিশ বছৰীয়া পুৰণি সোণৰ মুদ্রা সজাই থোৱা শস্যৰ দৰে দ'ম বান্ধি আছে।
সেইবোৰ তাতে এৰি তেওঁ কাষৰ কোঠাটোত সোমাল। সেই কোঠাৰ এচুকৰ পৰা ভূগৰ্ভ গৃহলৈ যাব পৰা চিৰি আছিল। গর্ভগৃহত যথেষ্ট আন্ধাৰ। জেপৰ পৰা সৰু টৰ্চটো উলিয়াই তেওঁ তাৰ পোহৰত তলৰ কোঠালৈ চিৰিয়েদি নামিবলৈ ধৰিলে। যিমানেই তেওঁ তললৈ নামিবলৈ ধৰিলে অস্বস্তিকৰ দুৰ্গন্ধই তেওঁক আমনি কৰিবলৈ ধৰিলে। ভূগৰ্ভ অন্ধকাৰ আলি যদিও দূৰৈৰ কেনিবাদি পোহৰৰ ক্ষীণ ৰশ্মি দেখা গৈছিল। তেওঁ ভাবিলে সম্ভৱ ভূগৰ্ভত সংলগ্নিত সুৰংগইদি গ'লে আন ক'ৰবাত ওলাব পৰা যাব। প্রাচীন কালত এনে প্ৰকাণ্ড মহলৰ পৰা পলাবলৈ ডিউকসকলে গোপন সুৰংগৰ ব্যৱস্থা কৰিছিল। তেওঁ খুপি খুপি সুৰংগইদি আহি বাহিৰত উপস্থিত হ'ল। তেওঁ দেখিলে - সুৰংগটো প্ৰকৃততে কোনো গুপ্ত পথ নাছিল। মহলৰ কাষৰ প্ৰাংগণতহে ই শেষ হৈছে। বাহিৰত চকু চাট মাৰি ধৰা ৰ'দ ।
প্রাণ ভৰি মুক্ত বায়ু সেৱন কৰি ইফালে সিফালে চাওঁতে দেখিলে, সুৰংগ মুখৰ কাষৰ বাৰাণ্ডাখনৰ কিনাৰতে তলা নলগোৱা বৃহৎ দৰজাৰ কোঠা এটা। দৰজাখন কিঞ্চিৎ মেল খাই আছিল। কৌতূহলবশতঃ দৰজাখন হেঁচা মাৰি খুলি তেওঁ কোঠাৰ ভিতৰ সোমাল। কোঠাটো বৃহৎ হল এটাৰ দৰে আছিল। ডাঙৰ খিৰিকীয়েদি ৰ'দ সোমাই হলটো পোহৰাই ৰাখিছিল।
মজিয়াত ধূলিৰ ডাঠ তৰপ আছিল। কোঠাটোৰ ভিতৰত ডাঙৰ ডাঙৰ কাঠৰ চন্দুক চাৰিটা আছিল। যি কেইটা প্ৰায়ে কফিন আকৃতিৰ আছিল। হার্কাৰে দেখিলে দৰজা মুখৰ পৰা চন্দুক চাৰিটালৈ ধূলিৰ ওপৰত পদচিহ্ন স্পষ্টৰূপত জিলিকি আছে। কোঠাটোৰ চৌদিশ ধূলি ধূসৰিত যদিও চন্দুক কেইটাৰ ঢাকনি কেইখন কিন্তু আশ্চর্যজনক ভাবে পৰিষ্কাৰ। কোঠাটোৰ আন চুকত অপেক্ষাকৃত কম দামী কাঠৰ আন কেবাটাও চন্দুক আছিল।
হার্কাৰে চন্দুক এটাৰ ওচৰলৈ গৈ ঢাকনিখন খুলিবলৈ চেষ্টা কৰিলে । আলাসতে ঢাকনিখন খোল খাই গ'ল। চন্দুকৰ ভিতৰখন দেখিয়ে তেওঁ শ্বাস ৰুদ্ধ হৈ পৰিল। নিশ্বাস এৰিবলৈও তেওঁ পাহৰি গ'ল। সুন্দৰ মকমলৰ দলিচাত শুৱাই থোৱা আছে এগৰাকী গাভৰু, যি গৰাকীক তেওঁ সিদিনা ৰাতি জোনৰ পোহৰত তেওঁৰ কোঠাত দেখিছিল। যুবতী গৰাকীৰ দেহ সতেজ হৈ আছিল, যেন ক্ষন্তেক আগতেহে তেওঁ আহি শুইছে। আধাখোলা ৰক্তিম ওঁঠযুৰিত যেন কিবা এক সন্মোহনী মাদকতা। চকুযুৰি আছিল অৰ্দ্ধনিমিলীত।
সন্মোহিত হৈ হাৰ্কাৰে কিছুপৰ যুৱতী গৰাকীলৈ চাই ৰ'ল। হঠাতে তেওঁ যেন সম্বিত ঘূৰাই পালে। লগে লগে চন্দুকটো ঢাকনিখনেৰে বন্ধ কৰি দিলে। তেওঁ বাকী দুটা চন্দুকো ঢাকনি আঁতৰাই চাই ল'লে। তাত সেই যুৱতী দুগৰাকী আছিল। যি দুগৰাকী তেওঁ সিদিনা ৰাতি কোঠাটোত দেখিছিল। দুয়োগৰাকীৰ ওঁঠ দুযোৰ আছিল লালিমা ভৰা, সতেজ – যেন কোনোবাই তাজা ৰক্ত ওঁঠবোৰত সানি থৈছে।
হার্কাৰে ধৰিব নোৱাৰিলে যুৱতী কেইগৰাকী জীৱিত নে মৃত ! কাৰণ তেওঁলোকৰ শৰীৰত প্ৰাণৰ স্পন্দন নাছিল ; নাছিল শ্বাস-প্রশ্বাস লোৱাৰ প্ৰমাণ! অথচ দেহ কেইটা সতেজ-সজীৱ ।
তেওঁ এইবাৰ চতুৰ্থ চন্দুকটোৰ কাষ চাপিল। চতুৰ্থ চন্দুকটো কিঞ্চিৎ আঁতৰত ৰখা হৈছিল। ডাঙৰ লোহাৰ গজাল মাৰিব পৰাকৈ চন্দুকটোত ফুটা কৰি থোৱা আছিল। এইটো আছিল বাকী তিনিটাতকৈ অপেক্ষাকৃত বৃহৎ। হাৰ্কাৰে সাৱধানেৰে ঢাকনিখন খুলি সচকিত হৈ পৰিল। তেওঁ থৰ-থৰকৈ কঁপিব ধৰিলে । উত্তেজনা আৰু ভয়ত সৰ্বশৰীৰ ঘামেৰে জুৰুলা হ'ল। বৃহৎ চন্দুকটো জুৰি শুই আছে কাউণ্ট ড্রাকুলা। আধামেলা চকুহাল জঠৰ হৈ আছিল। জিলিকি থকা চকুৰ বগা অংশ অতি বীভৎস লাগিছিল। যদিও সেইটো মৃত ব্যক্তিৰ শৱদেহ বুলি বুজিব পৰা গৈছিল-তথাপিও তাত কাউণ্টৰ ব্যক্তিত্ব পৰিস্ফুট হৈ আছিল । ওঁঠত লাগি থকা তাজা ৰক্ত দুই কোৱাৰিয়েদি বৈ গোট মাৰি আছিল। মৃতদেহটো চুই চাবলৈ হাৰ্কাৰৰ তীব্ৰ ইচ্ছা হ'ল। কিন্তু তেওঁ সাহস কৰিব নোৱাৰিলে। এই ভৌতিক মহলৰ পৰা পলাবলৈ হ'লে তেওঁক দৰজাৰ চাবি লাগিবই আৰু তেওঁ জানে চাবিকোছা ড্রাকুলাই জেপত লৈ ফুৰে।
তেওঁ মনটো দৃঢ় কৰি কাউণ্ট ড্রাকুলাৰ কাপোৰ খুচৰিবলৈ ধৰিলে। কিন্তু চাবিকোছা নেপালে। হতাশ হৈ তেওঁ কাউণ্টলৈ চালে, তেওঁৰ এনে অনুভৱ হ'ল যেনিবা কাউণ্টে তেওঁলৈ গৰ্বভৰা চাৱনিৰে ভৎসৰ্নাহে কৰিছে। নিৰ্জীৱ চকুহালে তেওঁলৈ এনেদৰে চাই আছে যেন শত্ৰু এজনলৈহে দৃষ্টি নিক্ষেপ কৰিছে। হাৰ্কাৰৰ অনুভৱ হ'ল হয়তো ড্রাকুলা উঠি তৎক্ষণাত তেওঁক ধৰি পেলাব। চন্দুকৰ ঢাকনি পূর্ববত বন্ধ কৰি তেওঁ কোঠাৰ পৰা ওলাই আহিল ৷
মুক্ত প্ৰাংগণত থিয় হৈ হাৰ্কাৰে দেখিলে - সন্ধ্যা লাগিবলৈ বেছিপৰ নাই । তেওঁ সুৰংগৰ বাটেদি নিজৰ কোঠালৈ ওভতি আহিল। ভয়, উত্তেজনা আৰু কিংকর্তব্যবিমূঢ় হৈ অৱশ দেহেৰে তেওঁ বিছনাত ঢলি পৰিল ।
নিশা বাহিৰত অঘৰী জিপসীবিলাকৰ সুমধুৰ গীত আৰু বাদ্যৰ সুৰ ভাহি উঠিল। লগে লগে ঘোঁৰাৰ চিঁচিয়নি আৰু বাগী চলাৰ শব্দও শুনা গ'ল। বাগীখন মুখ্য গেটেদি মহলৰ ভিতৰলৈ সোমাই আহিছিল। ড্রাকুলাই মানুহখিনিক সম্ভৱ আগতেই মাতি থৈছিল। জীৱনৰ সুমধুৰ গীত গাই গাই জিপসীবোৰে চন্দুকবোৰ ঘোঁৰাবাগীত বোজাই কৰি মহলৰ পৰা ওলাই গ'ল। মহলৰ মুখ্য গেটখন সিহঁতে বন্ধ কৰি তলা লগাই দিলে।
হার্কাৰে অনুভৱ কৰিলে তেওঁ এই মহলটোত অকলে আছে। একেবাৰে অকলে। তেওঁৰ পত্নী মীনালৈ মনত পৰিল। বেচেৰীয়ে হয়তো আশাৰে বাট চাই আছে— ইয়াৰ কাম সোনকালে সমাপণ কৰি তেওঁ পত্নীৰ কাষলৈ ঘূৰি যাব ! কিন্তু পাৰিব জানো যাবলৈ? তেওঁৰ এই বন্দীত্বৰ মুক্তি কেতিয়া ?
তেওঁ বিছনাৰ পৰা উঠি খোলা খিৰিকীৰ কাষত থিয় হ'ল। আকাশত ক’লা ডাৱৰে জোনাকৰ লগত লুকা-ভাকু খেলি আছে। বতাহৰ গতিৰ লগে লগে ডাৱৰবোৰে আকৃতি সলাই বিভিন্ন ৰূপ ধাৰণ কৰিছে। প্ৰকৃতিৰ লীলা খেলা চাই চাই হাৰ্কাৰ অভিভূত হ'ল ৷
'মীনা ! মোৰ মৰমী লগৰী! মই তোমাৰ কাষলৈ কেনেকৈ যাওঁ? মই ইয়াত থাকিলে পাগল হৈ যাম, হয়তো ময়ো ইয়াৰ ডাইনী-পিশাচিনীৰ চিকাৰ হৈ এটা নৰপিশাচলৈ ৰূপান্তৰিত হ'ম! কিন্তু মই ভূত হ'বলৈ নিবিচাৰো, মই মানুহ হিচাপেই মৃত্যুক সাৱটিব বিচাৰো, মই মুক্তি বিচাৰি এই খিৰিকীয়েদি তললৈ নামি যাওঁ।'
দৃঢ় মনেৰে হাৰ্কাৰে নিজৰ বয় বস্তুবোৰ সামৰি ল'লে। ড্রাকুলাৰ কোঠাটোৰ পৰা সোণৰ মুদ্রা এসোপা জেপত ভৰাই খোলা খিৰিকীয়েদি ভগা দেৱাল, প্ৰাচীৰৰ গা বগাই তেওঁ তললৈ নামিবলৈ ধৰিলে। তেওঁ ক্ৰমাৎ দেৱালৰ গা বগাই নামি থাকিল, তলত জোঙা প্ৰস্তৰ খণ্ডবোৰে মূৰ তুলি আকাশলৈ চাই আছিল। ভগা প্ৰাচীৰ বগাই নামি থাকোতে হাৰ্কাৰৰ অনুভৱ হ'ল- তেওঁ যেন শৰীৰৰ শক্তি ক্ৰমাৎ হেৰুৱাইছে, তন্দ্ৰাভাবে তেওঁৰ মন-মগজু ক্ৰমাৎ স্থবিৰ কৰি তুলিছে।
তেওঁৰ চকুহাল ভাগৰত মুদ খাই আহিবলৈ ধৰিলে। এনেতে অহা বতাহ এজাকত তেওঁৰ শৰীৰটো দুলিবলৈ ধৰিলে আৰু হঠাতে তেওঁৰ হাতৰ খামোচ দেৱালৰ পৰা এৰাই গ'ল। অন্ধকাৰে তেওঁৰ চকুহাল আচ্ছন্ন কৰি তুলিলে। তেওঁ শূন্যত ওপঙি তললৈ – ক্ৰমাৎ তললৈ সৰি পৰিবলৈ ধৰিলে।
॥ ৬ ॥
সাগৰৰ পৰা অহা শীতল বতাহজাকে মীনাৰ চুলিকোছা অবিন্যস্ত কৰি কোঠাটোত সিঁচৰতি কৰিছিল। আকাশত পাতল ডাৱৰৰ ৰেশ ৷
সন্ধ্যা হ'বলৈ বৰ পলম নাছিল; পাতল আন্ধাৰজাক সন্মুখৰ ফুলনিখনৰ গছৰ আগবোৰত, সন্মুখৰ বননিখনত বিয়পি পৰিছিল। খিৰিকীৰ কাষত থকা মীনাৰ দৃষ্টি দূৰত নিবদ্ধ আছিল।
বাহিৰৰ আন্ধাৰজাকৰ দৰেই মীনাৰ মনটো উদাস আৰু ভাৰাক্ৰান্ত। অতীতৰ মধুৰ স্মৃতি কেতবোৰে তেওঁক সততে আমনি কৰি আছিল। বিগত পাঁচদিন তেওঁ বাকদত্তা হাৰ্কাৰৰ বাবে অতীৱ উৎকণ্ঠাৰে অপেক্ষা কৰি আছে। আজি পুৱাৰে পৰা হাৰ্কাৰলৈ তেওঁৰ খুব মনত পৰি আছে। হার্কাৰে বাহিৰলৈ গৈ কিবা দুৰ্ঘটনাত পতিত হোৱা নাইতো ? কিজানিবা তেওঁ কিবা অসুখ-বিসুখত আক্রান্ত হৈছে ? দুৰ্ভাৱনা-দুশ্চিন্তাই তেওঁৰ অন্তৰাত্মাক মাজে মাজে কঁপাই তোলে।
কেবাদিনো হৈ থকা ৰৌদ্ৰৰ প্ৰখৰতা আৰু গৰমৰ পাছত আজি আকাশত ডাৱৰ দেখা দিছে। বলি থকা বতাহৰ আৰ্দ্ৰতাই জনজীৱনত স্বস্তিৰ ছাঁ পেলাইছে। সম্মুখৰ ৰাজ আলিয়েদি ল'ৰা-ছোৱালী, আদহীয়া-বৃদ্ধ আদি সকলো সমুদ্র তীৰলৈ সান্ধ্য ভ্ৰমণলৈ ওলাই গৈছে। হাৰ্কাৰ থকা হ'লে, তেৱোঁ মীনাৰ লগত সান্ধ্য ভ্ৰমণলৈ গ'লহেঁতেন। হাৰ্কাৰৰ কথা মনলৈ অহাৰ লগে লগে তেওঁক শোকে খুন্দা মাৰি ধৰিলে। চকুৰ কোণত দুটোপাল পানী জমা হ'ল। মনটো পাতলাবলৈ বাহিৰলৈ ওলাই যাবলৈ সাজু হওঁতেই পাছফালৰ পৰা দুখন শীতল তলুৱাই তেওঁৰ দুচকু ঢাকি ধৰিলে।
সচকিত হৈ মীনাই স্পৰ্শৰে তলুৱাদুখন কাৰ অনুমান কৰিবলৈ চেষ্টা কৰিলে। চিনাকি স্পর্শ পাই আনন্দৰে তেওঁ চিঞৰি উঠিল, 'লুচী ! তুমি !' লগে লগে হাতদুখন চকুৰ পৰা আঁতৰাই তেওঁ বান্ধৱী লুচীক সাৱতি ধৰিলে ।
দুয়ো বান্ধৱীয়ে আনন্দাপ্লুত হৈ, ইজনীয়ে সিজনীক জোকাৰিবলৈ ধৰিলে ।
প্রকৃতিস্থ হৈ লুচীক বহুৱাই থৈ মীনাই দুকাপ কফি বনাই আনিল।
: 'শুনা মীনা !' কফিৰ কাপত চুমুক দি লুচীয়ে ক’লে, 'মই ইতিমধ্যে
তিনিজনৰ পৰা বিবাহৰ প্ৰস্তাৱ পাইছো। প্রথমজন হ'ল – পগলাফাটেকৰ ডাক্তৰ
চীৱাৰ্ড, এখেতৰ বিষয়ে আৰ্থাৰে তোমাকো কথা প্ৰসংগত কৈছিল, বৰ ভাল ডাক্তৰ
- মনস্তত্ববিদ; কিন্তু কি কৰিম পগলা ফাটেকৰ ডাক্তৰৰ লগত মোৰ বিয়া হবৰ মন
নাই, গতিকে প্রত্যাখান কৰিলো।'
: ‘দ্বিতীয়জন আছিল মিঃ কিংচী। কিন্তু কি কৰিম, মানুহজন মোৰ পছন্দ
নহ'ল। সেইবাবে না কৰি দিলো।” লুচীয়ে কৈ গ'ল, ‘মই যাৰ অপেক্ষাত
আছিলো- আৰ্থাৰ, সিদিনা গধূলি আহি মাৰ লগত কথা-বতৰা পাতি মোক বিয়া
কৰোৱাৰ প্ৰস্তাৱ দিলে। মোৰ সপোন বাস্তৱত পৰিণত হ'ল।” কৈ কৈ লুচীয়ে
মীনাক সাৱতি ধৰিলে। মীনায়ো লুচীৰ আনন্দৰ সমভাগী হ'ল।
: ‘আৰে মীনা, ময়ে বক্ বক্ কৰি আছো, তোমাৰ খবৰ কোৱাচোন,
হাৰ্কাৰ ৰুমানিয়ালৈ গৈছিল নহয়, কেতিয়া মানে আহিব ?' লুচীয়ে সুধিলে ।
মীনাৰ মুখৰ প্ৰসন্নতা থিতাতে নাইকিয়া হ'ল। বিষন্নতা আৰু উদাহীনতাই
তেওঁৰ মুখৰ সৌন্দৰ্য ম্লান কৰি দিলে।
: ‘কোৱা কি হ'ল? মনে মনে আছা যে?' লুচীয়ে মীনাৰ আঙুলিকেইটা
লিৰিকি-বিদাৰি সুধিলে ।
: ‘নেজানো, তেওঁ কেনে আছে ?' মীনাই উদাস ভাবেৰে ক'লে।
: ‘সাতদিনৰ আগতে তেওঁৰ খবৰ পাইছিলো, তেওঁ লিখিছিল ২৩ জুনত
তেওঁ ড্রাকুলা মহলৰ পৰা ওভতি আহিব। কিন্তু আজিলৈকে একো খা খবৰেই
নাই। মই মিষ্টাৰ হকিন্সকো সুধিছিলো। তেখেতে জনাইছিল এসপ্তাহৰ আগতে
তেওঁৰ পৰা চিঠি পোৱাৰ কথা। কিন্তু তাৰ পাছৰ পৰা একো খা খবৰেই পোৱা
নাই। মানুহজনে মোলৈতো চিঠি এখন দিব পাৰিলেহেঁতেন। সেইবাবে খুব
চিন্তা হৈছে- হাৰ্কাৰৰ কিবা বিপদ-আপদ হোৱা নাইতো ?'
: 'সেইটোনো চিন্তা কৰিবলগীয়া কথানে ? আজিকালিতে হয়তো তেওঁ ওলাবহি ! কিবা অসুবিধাবশতঃ তোমালৈ চিঠি লিখিবলৈ সময় পোৱা নাই চাগে!”
লুচীয়ে সাহস দিবলৈ ক'লে।
: ‘এতিয়া ব’লা অলপ ফুৰি আহো ।'
দুয়ো ওলাই গ'ল।
॥৭॥
দুয়োগৰাকী বান্ধৱী ফুবি প্রাচীন মহল এটাৰ ভগ্নাৱশেষৰ কাষেদি আগবাঢ়ি
গ'ল। প্ৰাচীন মহলটোৰ বিষয়ে জনপ্ৰবাদ আছিল যে – কেতিয়াবা নিশা সুন্দৰী
যুৱতী এগৰাকী মহলৰ খিৰিকীৰ দাঁতিত ৰৈ থকা দেখা যায়। যুৱতী গৰাকীয়ে
অবুজ ভাষাৰে গীত গাই থকাও পথাচাৰীয়ে শুনিছে বুলি জনশ্রুতি আছে।
মহলটোৰ কাষতে দুশ বছৰীয়া পুৰণি গীর্জা এটা আছে। দুয়ো গৰাকী সখীয়েক
হাতত ধৰাধৰিকৈ কথাপাতি গীৰ্জাৰ কাষৰ চমু বাটটোৱে আগবাঢ়ি সমুদ্রতীবলৈ
গৈ তাত সজাই থোৱা পকী বেঞ্চত বহিলে। অদূৰৰ বন্দৰত জাহাজবোৰে লংগৰ
পেলাইছিল। কাষত আছিল নাওবোৰ। হঠাতে তেওঁলোকৰ পাছফালে খহতা
মাতেৰে কোনোবাই সুধিলে – 'অহ্ ! বহুত দিনৰ পাছত এইফালে আহিছাচোন?'
দুয়ো তৎক্ষণাত ঘূৰি চাই দীঘল মোচেৰে বৃদ্ধ এজনক তেওঁলোকৰ ফালে
হাঁহি চাই থকা দেখিলে।
: ‘আহক, ইয়াতে বহক ।' মীনাই সম্মুখৰ বেঞ্চ এখনলৈ আঙুলিয়াই
বৃদ্ধক অনুৰোধ কৰিলে।
বৃদ্ধজন প্রবীণ নাবিক। মীনাই তেওঁক ভালদৰে চিনি পায়। জাহাজত ফুৰি
আৰ্জন কৰা অভিজ্ঞতাৰ ৰসাল বৰ্ণনাৰ সোৱাদ বৃদ্ধই অনেকবাৰ মীনাক দিছে।
বৃদ্ধৰ মতে ভূত-প্ৰেত বুলি একো নাই, এইবোৰ মানুহৰ দুৰ্বল মনৰ কল্পনা মাথো।
: ‘বাতৰিকাকতত যে দিছে- আচৰিত ঘটনা এটাৰ বিষয়ে পঢ়িছা নে
মাজনী?' বৃদ্ধই সুধিলে ।
: ‘যোৱা কেইদিনমান বাতৰি কাকত পঢ়িবলৈ সময়কে পোৱা নাই, কিহৰ
বিষয়ে লিখিছেনো?' মীনাই সৰল ভাবেৰে সুধিলে।
: ‘অহ্ হ ! তুমি তেন্তে বন্দৰত লগা বিধ্বস্ত জাহাজখনৰ বিষয়ে একো
নাজানা?'
: ‘নাই, সঁচাকৈয়ে নাজানো; লুচী তুমি কিবা জানানে?” ব্যাকুলতাৰে
মীনাই লুচীক সুধিলে ।
: ‘যোৱাকালি তেনে খবৰৰ হেড্ লাইন এটা পঢ়িছিলো, পিছে সবিস্তাৰে
পঢ়া নাছিলো, কি হ'লনো ?”
: ‘শুনা, দুৰাতিৰ আগতে যে ভয়ানক ধুমুহা বলিছিল, মনত আছেনে ?
তেনে ধুমুহা মই আশী বছৰীয়া জীৱনত কেতিয়াও দেখা মনত নপৰে। সেই
ধুমুহাই পকী ঘৰবিলাকো কঁপাই দিছিল।'
: ‘হয়৷ মনত ভালকৈয়ে আছে। লুচী, তুমি হোৱা হ'লে ভয়ত বেহুচ হৈ
গ’লাহেঁতেন; বাপৰে ! কি সাংঘাতিক ধুমুহাৰ কোব আছিল ! মীনাই ক'লে।
: ‘সাধাৰণতে ধুমুহা বলাৰ পাছত আকাশ ফৰকাল হয়। স্নিগ্ধ সূৰ্যৰ কিৰণে
প্রভাতক আলোকিত কৰে। কিন্তু আচৰিতভাবে পাছদিনা পুৱাতো ঘন কুঁৱলীয়ে
চৌদিশ আচ্ছাদিত কৰি ৰাখিছিল।'
: “কিছু সময়ৰ পাছত যেতিয়া কুঁৱলী আঁতৰিল সূৰ্যৰ কিৰণে চতুর্দিশ
উদ্ভাসিত কৰি তুলিলে। আমি আচৰিত হৈ লক্ষ্য কৰিলো, ভগ্নপ্রায় জাহাজ এখনৰ
অৱশেষ বন্দৰৰ কিছু আঁতৰত দুলি আছে। আমি সকলো ডেকলৈ উঠি গ'লো ৷
জাহাজখন আনি পাৰত লগাই দিলে। জাহাজখনৰ পৰা ভয়ানক কুকুৰ এটা জাপ
মাৰি নামি, কবৰস্থানৰ ফালে দৌৰ মাৰিলে। কুকুৰটো সম্ভৱ কুকুৰনেচীয়াৰ বংশধৰ
হ'ব। সকলোৱে কুকুৰটোৰ ভয়ানক চেহেৰা দেখি একাষৰীয়া হৈ দিলে।
জাহাজখনত উঠি আমি তাত কোনো জনমানৱৰ চিহ্ন দেখা নাপালো। সন্মুখৰ
মাস্তুলৰ কাষৰ ষ্টেৰিঙৰ লগত মৰাশ এটা বান্ধ খাই আছিল। তেওঁৰ হাতত বটল
এটা আছিল। বটলৰ ভিতৰত কাগজৰ নুৰা এটা ভৰাই থোৱা আছিল। ক্ষন্তেক
পিছতে সমুদ্রী পুলিচে জাহাজখন ঘেৰি ধৰি তালাছী আৰম্ভ কৰিলে। জাহাজখন
কোনোবা ৰুছীয়া কোম্পানীৰ আছিল। 'ব্লাষ্টৰ' নামৰ জাহাজখন হাঙ্গেৰীৰ পৰা
যাত্ৰা কৰিছিল। জাহাজত মালবস্তুৰ নামত কেৱল দামী কাঠৰ কফিন সদৃশ চন্দুক
কেতবোৰত মাটি ভৰাই থোৱা আছিল। চন্দুকবোৰ 'চেমুৱেল এণ্ড ৱিলিংডন এণ্ড
চল' নামৰ উকীল কোম্পানী এটালৈ প্ৰেৰণ কৰা হৈছিল। গতিকে চন্দুকবোৰ
কোম্পানীটোৰ কাগজ-পত্ৰ পৰীক্ষা কৰি সপি দিয়া হ'ল। কিন্তু জাহাজৰ ৰহস্য
উদ্ঘাটন নহ'ল।'
: ‘জাহাজৰ বিষয়ে যোৱা দুদিন ধৰি নানা মুখৰোচক কাহিনী প্ৰলিত হৈ আছে। আৰু এইবোৰেই খবৰ কাগজৰ মুখ্য পৃষ্ঠা ভৰি আছে।' বৃদ্ধই সামৰণি মাৰিলে।
॥ ৮ ॥
'ডেইলী টেলিগ্রাফ’ত ঘটনাৰ সবিশেষ আৰু আৱিষ্কৃত ডায়েৰীখনৰ পৃষ্ঠাবোৰো প্ৰকাশিত হৈছিল। ডায়েৰীৰ পৃষ্ঠাবোৰ কাগজব নুৰাৰ আকৃতিত পোৱা গৈছিল।
১৮ জুলাই। জাহাজখন হাঙ্গেৰী এবাৰ পাছৰ পৰাই নানা বিচিত্ৰ আৰু ভয়ানক ঘটনা সংঘটিত হৈ আছে। মাজে মাজে মোৰ ভয় হয়, হয়তোবা কিবা ভয়াবহ দূর্ঘটনা হ'ব পাৰে। সেইবাবে প্রায় প্রতিদিনে ডায়েৰী লিখি গৈছো।
১৯ জুলাই। কোনোবা ব্যক্তিয়ে জাহাজত ডাঙৰ কফিন আকৃতিৰ চন্দুক কিছুমান বোজাই কৰিছে। আশ্চর্যজনক ভাবে চন্দুকবোৰত মাটি ভৰোৱা আছে।
২০ জুলাই। এই কফিনবোৰৰ কাৰণে জাহাজৰ খালাছী আৰু নাবিকবোৰে বৰ ভয় খাই আছে। প্রত্যেকে বুকুত ক্ৰুছ আঁকি ভগৱানক সঘনাই প্রার্থনা কৰি আছে।
২১ জুলাই। জাহাজৰ নাবিক এজন যোৱা নিশা অন্তৰ্ধান হ'ল। নিজৰ কর্তব্য সমাপ্ত কবি তেওঁ নিশা শুবলৈ গৈছিল। তাৰ পাছৰ পৰা তেওঁৰ একো উৱাদিহ পোৱা নাই।
২২ জুলাই। সহকর্মী এজন এনেকৈ নাইকিয়া হোৱাত বাকী কৰ্মচাৰীসকল যথেষ্ট ক্রোধান্বিত হৈছে। তেওঁলোকৰ মতে এয়া নিশ্চয় কোনোবা অপশক্তিৰ কাম। জাহাজৰ তলত ক'লা বস্তু আচ্ছাদিত ছাঁ এটা ঘূৰি ফুৰা বুলিও কোনোৱে মন্তব্য কৰিছে।
২৩ জুলাই। যোৱা নিশা জাহাজৰ পৰা আন এজন কৰ্মচাৰী নাইকিয়া হ'ল। জাহাজত অজান ভয়ে সকলোকে কাহিল কৰি তুলিছে। কেবাজনো নাবিকে মোক কোৱা মতে জাহাজখনত ক'লা ভূত এটা ঘূৰি ফুৰে। বহুতে দেখিছেও।
২৪ জুলাই। জাহাজখন আমাৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে। জাহাজখন যেন নিজৰ ইচ্ছামতে গৈ আছে। মোৰ সন্দেহ হৈছে – কিবা অজ্ঞাত শক্তিয়ে জাহাজখন যেন চলাই নিছে।
২৫ জুলাই। আমি সকলোৱে ভয়ত একো সুস্থিৰ সিদ্ধান্ত ল'ব নোৱাবা হ'লো। নির্ভীক নাবিক আৰু খালাছীবোৰেও ক'লা ভূতৰ বিষয়ে বৰ্ণনা কৰি ভয়ত কঁপিবলৈ ধৰিছে। এনে লাগিছে যেন ক'লা ভূতে জাহাজখন নিজৰ আয়ত্বলৈ আনিছে।
২৮ জুলাই। জাহাজখন সাগৰৰ ঢৌত দুলি দুলি গৈ আছে। সকলো বিভ্রান্ত।
৩০ জুলাই। ইংলণ্ডৰ কাষ চাপিছো। জাহাজৰ পাল তুলি থোৱা আছে। সমুদ্র শান্ত। বতৰো ফৰকাল। এনেতে মেটজন আহি মোক ক'লে – চকা ঘূৰোৱা নাবিক আক খালাছী দুয়োৰে শুংসূত্ৰ পোৱা নাই। এতিয়া জাহাজত মাত্ৰ মই, মেটজন আৰু খালাছী এই তিনিজনহে বাচি আছো।
১ আগষ্ট। যোৱা দুদিন ঘন নীলা কুঁৱলীয়ে জাহাজখন ঢাকি থোৱা বাবে আমি একো দেখা নাছিলো। ওচৰ পাজৰৰ অন্য জাহাজৰ অস্তিত্বৰ বিষয়েও অনুমান কৰিব পৰা নাছিলো। বতাহৰ গতি প্রবাহৰ লগে লগে আমাৰ জাহাজখনো ইফালে সিফালে উটি গৈ আছিল। সাহসী মেটজনৰ সকলো সাহস আৰু দৃঢ়তা কৰ্পূৰৰ দৰে উৰি গৈছিল । মাত্র খালাছীজনেহে কিঞ্চিৎ সাহসেৰে কাম কৰি আছিল।
২ আগষ্ট। মাজনিশা ডেকৰ পৰা কাৰোবাৰ আর্ত চিৎকাৰ শুনি কেবিনৰ পৰা দৌৰি আহিলো। মেটজনো দৌৰি আহিল। ডেকত আমি কাকো নেদেখিলো। কিন্তু খালাছীজনৰ একো শুংসূত্র নাপালো। বুজিলো, সাহসী খালাছীজনো ক'লা ভূতটোৰ চিকাৰ হ'ল।
৩ আগষ্ট। পাতল বতাহ বলিছে । শান্ত সমুদ্র। ডেকত বহি জাহাজৰ চকা ঘূৰোৱাৰ দায়িত্ব মই লৈছো । এনেতে মেট আহি মোক ভয়ার্ত কণ্ঠেৰে ক'লে- ‘ক’লা ভূতটো মই ক্ষীণ-মীন মানুহৰ আকৃতিৰে ঘূৰি ফুৰা দেখিছো। পহৰা দি থাকোতে তাক সমুদ্ৰৰ ফালে মূ কৰি ৰৈ থকা দেখিছিলো। মই হাতৰ তৰোৱালখনেৰে তাক আক্ৰমণ কৰিলো। কিন্তু আচৰিত মই যেন বতাহৰ মূৰ্তি এটাকহে ঘপিয়াইছিলো। সি তৎক্ষণাত অন্তৰ্ধান হ'ল। মোৰ ধাৰণা, সি নিশ্চয় তলৰ মালখানাত থকা কফিনত সোমাই আছে। মই চাই আহো।’ কৈ কৈ উদভ্রান্তৰ দৰে মেটজন দৌৰি গ'ল। বতাহৰ কোব দেখি মোৰ ধাৰণা হ'ল সম্ভৱ ধুমুহা আহিব। ক্ষন্তেক পিছত তেওঁ পাগলৰ দৰে চিঞৰ-বাখৰ কৰি দৌৰি আহিল – ‘মই ক’লা ভূতটো চন্দুকৰ কফিন এটাত শুই থকা দেখি আহিছো । সি মোকো হত্যা কৰিব। তাৰ ৰক্ত পিপাসাৰ পৰা বাচিবৰ উপায় নাই। মই যাওঁ, নহ'লে সি মোকো মাৰিব।' চিঞৰ-বাখৰ কৰি মেটজনে সাগৰলৈ জাপ মাৰি দিলে। জাহাজত মাত্ৰ ময়ে জীৱিত ৰ'লো ।
৪ আগষ্ট। যোৱা নিশা ষ্টিয়েৰিঙৰ কাষত বহি থাকোতে কেবিনৰ কাঁচৰ খিৰিকিৰ বাহিৰত মই সেই ক'লা ভূতটোক দেখিছিলো। শেঁতা চেহেৰাৰ ৰঙা চকু দুটাৰে সি মোলৈ লোলুপ দৃষ্টিৰে চাই আছিল। ভয়তে মই চিঞৰিবলৈ ধৰিলো। হঠাৎ কুঁৱলীৰ আঁৰত সি নাইকিয়া হৈ গ'ল। মই এই ডায়েৰীৰ কাগজবোৰ বটলৰ ভিতৰত বন্ধ কৰি থৈছো। যাতে মোৰ মৃত্যু হ'লেও কাগজখিনি পঢ়ি পৃথিৱীবাসীয়ে সত্যৰ উমান পায় ।
ক’লা ছাঁ আৰু ক'লা ভয়ানক কুকুৰটোৰ বিষয়ে বাতৰি কাকতত আৰু সৰুসুৰা ঘটনাৰ বিৱৰণীত প্ৰকাশিত হৈছিল। কিন্তু ৰহস্যৰ উদ্ঘাটন কেৱে কৰিব নোৱাৰিলে।
খবৰ কাগজবোৰ পঢ়া হ'লত লুচীয়ে একাষে থৈ দিলে। তাইৰ মুখত অজান আতংকৰ ছাঁ সুস্পষ্ট ৰূপত জিলিকি উঠিল।
॥ ৯ ॥
যোৱা নিশা মীনাৰ বৰ ভাল টোপনি অহা নাছিল। মাজে মাজে লুচীয়ে টোপনিতে চিঞৰ মাৰি বিছনাত উঠি বহিছিল।
‘সেইটো সি আহিছে। সি আহিছে। মই যাওঁ।' বুলি চীৎকাৰ কৰি লুচীয়ে বিছনাত উঠি বহাৰ লগে লগে মীনাবো অশান্তি বঢ়াই তুলিছিল।
মীনাই তৎক্ষণাত লুচীৰ হাতত ধৰি জোকাৰি সুধিলে- 'কি হৈছে লুচী, ক'লৈ যাব খুজিছা?'
সম্বিত ঘূৰাই পাই লুচীয়ে চাৰিওফালে চাই লাজ পাই কৈছিল ‘ক’তা মইতো ক'লৈকো যাব খোজা নাই !”
মীনাই লুচীৰ চকুহাল লক্ষ্য কৰি দেখিলে – তাত যেন ভয় আতংক লুকাই আছে। মীনাই জানে, লুচীৰ টোপনিতে খোজ কঢ়াৰ পুৰণি অভ্যাস আছে। কিন্তু সি যে এনে ভয়ংকৰ ৰূপ ল'ব, তাক মীনাই জনা নাছিল। লুচীৰ অৱস্থা দেখি মীনাৰ অন্তৰতো অজান ক্ৰিয়া কৰিব ধৰিলে। এনেয়ে তেওঁক হাৰ্কাৰৰ চিন্তাই খুলি খাইছে, তাতে আকৌ লুচীৰ এনে অৱস্থা!
হাৰ্কাৰৰ পৰা চিঠি পোৱা পোন্ধৰ দিন অতিবাহিত হ'ল। কিন্তু তেওঁৰ দেখাদেখিয়ে নাই। মিঃ হকিন্সৰ লগত যোগাযোগ কৰাতো তেওঁ এই বিষয়ে একো সদুত্তৰ দিব নোৱাৰিলে। অধিকন্তু মিঃ হকিন্স নিজেও হাৰ্কাৰৰ সম্বন্ধে উদ্বিগ্ন হৈ আছে।
বিগত কেবানিশাও লুচীয়ে অদ্ভুৎ আচৰণ কৰি আছে। ৰাতি শুবলৈ যোৱাৰ পূর্বে মীনাই লুচীক বুজাই-বঢ়াই দৰজাৰ শলখা ভালকৈ বন্ধ কৰিবলৈ পৰামৰ্শ দিয়ে ৷ কিন্তু চঞ্চলা লুচীয়ে সেইবোৰলৈ বিশেষ মনকাণ নকৰি বিছনাত পৰেগৈ। এনিশাটো লুচী গৈ ৰাস্তা পাইছিলগৈ। তেনেতে যেনিবা লিগিৰীজনীয়ে সাৰ পাই চিঞৰ-বাখৰ কৰি লুচীক বাটৰ পৰা ধৰি আনিলেগৈ। দূর্ভাগ্যজনকভাবে প্রতি পুৱা শুই উঠি লুচীয়ে ভাগৰুৱা অনুভৱ কৰে, দিনে দিনে তেওঁৰ চেহেৰা শেঁতা-নিস্তেজ হৈ যাব ধৰিলে। মীনাৰ চিন্তা হ'ল- লুচীৰ এনে অৱস্থা হৈ থাকিলে তেওঁৰ সম্ভাৱ্য বিয়াখন হয়তো ভাগি যাব! লুচীৰ বিষয়ে মীনাই চোফাখনত এৰাতি বহি ভবা- গুনা কৰি থাকোতেই পাছফালে শেঁতা-বিবর্ণ মুখেৰে লুচী আহি থিয় হ'ল। তেওঁ ফোপাই আছিল।
: ‘কি হ’ল লুচী ?' হাতত ধৰি তেওঁক বহুৱাই মীনাই সুধিলে ।
: 'জানো ! মোৰ খুব ভাগৰ লাগিছে। ইয়াতে শোওঁনে ?'
: ‘বিছনাত শুবা ব’লা।' মীনাই লুচীক বিছনালৈ নি শোৱাই দিলে । ক্ষন্তেকতে গভীৰ নিদ্ৰাত তেওঁ আচ্ছন্ন হ'ল। মীনাই কোঠাটোৰ দুৱাৰ ভালকৈ বন্ধ কৰি শলখাত তলা লগাই দিলে।
হাৰ্কাৰ আৰু লুচীৰ চিন্তাই মীনাৰ নিদ্ৰা হৰণ কৰিছিল। চোফাত বহি আগগুৰি ভাবি থাকোতেই তেওঁ লুচীৰ কোঠাৰ পৰা শব্দ এটা ভাহি অহা শুনিলে। হয়তো লুচীয়ে টোপনিতে উঠি দৰজা খুলিবলৈ চেষ্টা কৰিছে! তেওঁ একেজাপে বহাৰ পৰা উঠি লুচীৰ কোঠা পালেগৈ।
লুচীয়ে একেদৰে নিশ্চল হৈ বিছনাত পৰি আছে। কোঠাত কম পোহৰৰ ব্যৱস্থা আছিল। ক’তো কেনিও একো বস্তু পৰা বা লৰচৰ কৰাৰ চিহ্ন নাই। ইফালে- সিফালে চাই তেওঁ কোঠাতে পাইচাৰি কৰিব ধৰিলে। হঠাতে পঁচা মাংসৰ গোন্ধে কোঠাৰ বায়ু দূষিত কৰি তুলিলে। ক্ৰমাৎ এই দূৰ্গন্ধ ইমানেই তীব্ৰ হ'ল যে মীনাই নাকত সোপা দিবলৈ বাধ্য হ'ল। হয়তো ক'ৰবাত মৰা নিগনি-এন্দুৰ মৰি পচি আছে। তেওঁ লিগিৰীজনীক মাতিবলৈ যাব খোজোতে, লুচীৰ শিতানৰ খিৰিকীত কিহবাই জোৰেৰে খুন্দা মাৰিলে। মীনাই তৎক্ষণাত খিৰিকীৰ কাষ চাপি জুমি চাই দেখিলে, ডাঙৰ নিশাচৰ চৰাই এটাই খিৰিকীৰ কাঁচত আঁচুৰি আছে। ভালকৈ লক্ষ্য কৰি দেখিলে সেইটো বৃহদাকাৰৰ বাদুলি। মীনাক দেখি বাদুলিটো বাগিছাৰ ফালে উৰি গ'ল। মীনাই খিৰিকীখন খুলি বাদুলিটোক ভয় খোৱাবলৈ আগলৈ হাওলি হাতচাপৰি বজাই মুখেৰে চিঞৰিবলৈ ধৰিলে। বাদুলিটো কিছুদূৰ উৰি পুনৰ ঘূৰি গৈ পোনে পোনে খোলা খিৰিকীখনলৈ আহিবলৈ ধৰিলে। ভয় খাই মীনা পিছ হোঁহকি আহিল। বাদুলিটো এইবাৰ গৈ গছ এজোপাত পৰিলগৈ। মীনাই লক্ষ্য কৰিলে এই বাদুলিটো সচৰাচৰ বাদুলিতকৈ ডাঙৰ। চকু দুটা ৰঙা। ই ডেউকা কোবোৱা নাই, আলাসত ডেউকা মেলি উৰি ফুৰিছে। মীনাই পুনৰ খিৰিকীয়েদি বাহিৰৰ গছজোপালৈ লক্ষ্য কৰি থাকিল। ক্ষন্তেক পাছত তেওঁ খিৰিকী বন্ধ কৰি ওভতি আহিল।
লুচীয়ে খৰকৈ উশাহ লৈ আছিল। তাৰ লগে লগে ডিঙিৰ সিৰবোৰ ফুলি উঠিছিল। বন্ধ চকুৰ পতা দুটা কঁপি আছিল। মুখত আতংকৰ চিন স্পষ্ট ৰূপত জিলিকি উঠিছিল। ধাৰণা হৈছিল, লুচীয়ে নিশ্চয় ভয় লগা সপোন দেখি আাছে। মুষ্টিবদ্ধ হাত আৰু স্ফীত ভৰি দুখন দেখি মীনাই কি কৰিব ভাবি নেপালে। অথচ লুচীক জগাবলৈও তেওঁৰ সত নগ'ল। আলফুলকৈ লুচীৰ মুখমণ্ডলত হাত ফুৰাই দিওঁতে অনুভৱ কৰিলে— তাইৰ মুখখন যেন হিমৰ দৰে ঠাণ্ডা। গাৰ কম্বলখন ডিঙিলৈকে ঢাকি দি কোঠাৰ পোহৰ নিৰ্বাপিত কৰি মীনা যেতিয়া আহি নিজৰ বিছনাত বাগৰ দিলে, তেতিয়া অদূৰৰ গীর্জাত নিশা এটা বজাৰ ঘণ্টা বাজিছিল ।
হাৰ্কাৰৰ চিন্তাত মীনা বিছনাত বাগৰি আছিল, কেতিয়া নিদ্ৰা দেৱীয়ে তেওঁক নিজৰ কোলাত তুলি ল'লে, তেওঁ গমেই নেপালে। সম্ভৱ তেওঁ টোপনি যোৱা দুঘণ্টামান হৈছিল হঠাতে হিম শীতল বায়ুৱে তেওঁক জগাই দিলে । উচপ খাই সাৰ পাই মীনাই ধৰিব নোৱাৰিলে কোঠাটোলৈ হঠাতে এনেদৰে শীতল বায়ু ক'ৰ পৰা আহিল। শিতানত থকা মমডাল জ্বলাওতে দেখিলে তেওঁৰ আৰু লুচী শোৱা কোঠা দুটাৰ মাজৰ দৰজাখন খোলা। দৰজাত তলা লগাই ৰুমালত বান্ধি থোৱা চাবিটো বিচাৰি মীনাই নেপালে। ধৰফৰাই উঠি লুচী শুৱা বিছনালৈ চাই লুচীক নেদেখি তেওঁ নিচিন্ত হ'ল, লুচী নিশ্চয় বাহিৰলৈ গৈছে। বাহিৰলৈ যোৱা দৰজাখনৰ তলাটো খোলা।
'মীনাই লৰালৰিকৈ গৰম চাদৰখন মেৰিয়াই চেণ্ডেল পিন্ধি বাহিৰলৈ ওলাই আহিল। তেওঁ নিশ্চিত যে, লুচী সম্ভৱ বন্দৰৰ ফালে গৈ পকী বেঞ্চত বহি আছে। ইতিপূর্বে লুচীয়ে তেওঁক কৈছিল, তেওঁ সপোনত প্ৰায়ে গীর্জা ঘৰটো, কবৰস্থানখন আৰু সাগৰ পাৰৰ পকী বেঞ্চ কেইখন দেখে। গতিকে কাল বিলম্ব নকৰি মীনাই গীৰ্জাৰ কাষৰ কবৰস্থানৰ কিনাৰেদি সাগৰ পাৰলৈ চমু বাটটোৱেদি প্রায় দৌৰি গ'ল ।
জোনৰ সেমেকা পোহৰ চতুৰ্দিশে সিঁচৰতি হৈ পৰিছিল যদিও কুঁৱলীৰ বাবে বহু দূৰলৈ দেখা পোৱা নগৈছিল। মীনাই চেণ্টমেৰীজ গীৰ্জাৰ কাষেদি নামি আহোতে ক'লা ডাৱৰ এটুকুৰাই জোনটো ঢাকি দিলে। চতুর্দিশ আন্ধাৰ হৈ পৰিল। লাহে লাহে ডাৱৰ আঁতৰিল। অভ্যস্ত দৃষ্টিৰে মীনাই দেখিলে সাগৰ পাৰৰ পুৰণি বেঞ্চ এখনত কোনোবা হাত ভৰি মেলি বহি আছে। কুঁৱলী পৰি থকাৰ বাবে আকৃতিটো কোন ধৰিব পৰা নাছিল যদিও বহি থকাৰ ভাব-ভংগী দেখি মীনাই অনুমান কৰিছিল এয়া নিশ্চয় লুচীয়েই হ'ব। কিঞ্চিৎ ওচৰ চাপি অহাত মীনাই দেখিলে ওখ-ক্ষীণ দেহৰ ক'লা কাপোৰাবৃত ছাঁ এটা লুচীৰ ওপৰত হাওলি আছে। মীনাই সাহসেৰে আগবাঢ়ি গ’ল।
কাষ চাপি মীনাই লুচীক চিনি পালে, কিন্তু ক'লা আকৃতিটো কোন আছিল ধৰিব নোৱাৰিলে। আকৃতিটো আৰু হাওলি যোৱা দেখি মীনাই চীৎকাৰ কৰিলে- 'লুচী ! কি কৰিছা ?'
মীনাৰ চিঞৰত ক'লা আকৃতিটো পোন হ'ল। সি মীনাৰ ফালে চালে। তাৰ শেঁতা মুখ ঝাৰু ৰঙা জ্বলন্ত চকু দুটা দেখিও মীনা বিচলিত নহ'ল। লুচীয়ে কিন্তু একো উত্তৰ নিদিলে।
হতভম্ব মীনাই বেঞ্চৰ ওচৰলৈ গৈ লুচীক হেচুকি দিলে। লুচী গভীৰ নিদ্ৰাত যেন নিমগ্ন। ক’লা ছাঁটো ক্ষন্তেকতে ক'ত অন্তৰ্ধান হ'ল মীনাই তর্কিবই নোৱাৰিলে ৷ টোপনিতে লুচীয়ে হাতখন নিজৰ গলধনলৈ নি মোহাৰিবলৈ ধৰিলে। মীনাই গৰম চাদৰখনেৰে লুচীক ঢাকি দি গলধনৰ কাষত চেফটি পিন মাৰি দিলে, যাতে ঠাণ্ডা নোসোমায়। কিন্তু লুচীয়ে নিজৰ গলাটো বাৰে বাৰে মোহাৰিবলৈ ধৰিলে যেন কিহবাই তাইক দংশন কৰিছে! মীনাই নিজৰ জোতাযোৰ খুলি লুচীক পিন্ধাই দি তাইক জগাবলৈ ধৰিলে। কিন্তু লুচীয়ে কেতকুতেই নকৰিলে। ধীৰে ধীৰে লুচীৰ সম্বিত ঘূৰি আহিল। গাৰ বিষত কেকোঁৰাৰ দৰে তাই কেঁকাবলৈ ধৰিলে। মীনাৰ নিৰন্তৰ প্ৰচেষ্টাত লুচী সাৰ পালে। তাই ক’ত আছে ধৰিব নোৱাৰি চাৰিওফালে চালে। মীনাৰ পৰা সবিস্তাৰ জানি তেওঁক সাৱতি ধৰি লাহে লাহে ঘৰমুৱা হ'ল। এইবাৰ তেওঁলোক প্ৰধান ৰাস্তাইদি আহিছিল।
কেঁকুৰি এটা ঘূৰোতেই মীনাই দেখিলে জুপুৰি এটাৰ আন্ধাৰৰ পৰা কুকুৰ এটাই ৰঙা চকুৰে তেওঁলোকলৈ চাই আছে। কুকুৰটোৰ বৃহদাকৃতি দেখি মীনাই বুজিলে ই নিশ্চয় কুকুৰনেচীয়াৰ বংশধৰ হ'ব। কুকুৰটোৱে কিন্তু ভুকা নাছিল। হঠাতে খবৰ কাগজত প্রকাশিত ভয়ংকৰ কুকুৰটোৰ বিষয়ে মীনাৰ মনত পৰিল। হয়তো এইটোৱে সেই কুকুৰটো!
এনেতে মীনাই দেখিলে, সন্মুখৰ ঘৰৰ আধাখোলা দৰজাখনৰ আঁৰৰ পৰা আদহীয়া ব্যক্তি এজনে তেওঁলোকক তীক্ষ্ণ দৃষ্টিৰে চাই আছে। মানুহজনক দেখি মীনাৰ সেই ক’লা ছাঁটোলৈ মনত পৰিল। যিটো লুচীৰ ওপৰত হাওলি আছিল। তাক ভালকৈ লক্ষ্য কৰোতে সি তৎক্ষণাত দৰজাৰ আঁৰ হ'ল। গোটেই ঘটনাটো ক্ষন্তেকতে ঘটিল, কুকুৰটোক পাছত আৰু তাত মীনাই নেদেখিলে। লুচীক প্ৰায় চোঁচোৰাই নিয়াৰ দৰে মীনাই ঘৰলৈ লৈ আনিলে।
নিস্তব্ধতাই চাৰিওদিশে ৰহস্যৰ কুহেলিকাৰ সৃষ্টি কৰিছিল। মীনাই লুচীক মনে মনে থাকিবলৈ ইংগিত দি ঘৰত সোমাল। সাৰি শব্দ নকৰাকৈ মীনাই লুচীক তাইৰ
বিছনাখনত শোৱাই দিলে। ॥ ১০ ॥
ডাক্তৰ চীৱাৰ্ড পগলা হস্পিটেলৰ ডাক্তৰ চীৱাৰ্ডে প্ৰত্যেকজন মানসিক ৰোগীৰ কেচ হিষ্টৰী পঢ়ি সেইমতে চিকিৎসা কৰে। লুচীয়ে বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ পাছত তেওঁৰ মনটো বিমৰ্ষিত হৈ আছিল যদিও তেওঁ আত্ম সম্বৰণ কৰিলে। প্রত্যেক নৰ-নাৰীৰ বিবাহৰ ক্ষেত্ৰত ইজনে-সিজনক পছন্দ নকৰিবও পাৰে। ইয়াতো মনস্তত্ব নিহিত আছে। গতিকে তেওঁ বিমৰ্ষতা আঁতৰাই কামত মনোনিবেশ কৰিলে।
যোৱা নিশা নতুন ৰোগী এজন তেওঁৰ মানসিক চিকিৎসালয়ত ভৰ্তি হৈছে। ডাঃ চীৱাৰ্ডে তেওঁৰ লগত বহু দেৰি কথা-বতৰা পাতি আছিল। তেওঁ বুজিলে- পাগলজন ব্যর্থ প্রেমিক। প্ৰেমিকাৰ পৰা বিচ্ছেদ হোৱা বাবেই তেওঁ মানসিক ভাৰসাম্য হেৰুৱাইছে। ঠিক সেই সময়তেই কোঠাৰ মেজত মাখি কেইটামান পৰিল। মাখিবোৰ ধৰিবলৈ চেষ্টা কৰি ৰোগীজনে ক'লে – ' ডাক্তৰ চাহাব, আপুনি অনুমতি দিলে মই আটাইবোৰ মাখি মাৰি পেলাম।
: 'ঠিক আছে, পাৰা যদি মাৰা, মই যাওঁ।' ডাক্তৰে কৈ কোঠাৰপৰা ওলাই আহিল। চীৱাৰ্ডে লুকাই থাকি ৰোগীক পৰ্যবেক্ষণ কৰি আচৰিত হ'ল- সি যি দুই এটা মাখি ধৰিব পাৰিছে, সেইবোৰ মুখত ভৰাইছে। ক্ষন্তেক পিছতে ৰোগীজনে এচুকত আউজি বহি লৈ জেপৰ পৰা ডায়েৰী এখন উলিয়াই পঢ়িবলৈ ধৰিলে। তাক তেনেকৈ এৰি ডাক্তৰ আঁতৰি গ'ল ।
আন এদিন এই ৰোগীৰ কোঠাত সোমাওতে সি ডাক্তৰক অনুৰোধ কৰিলে, 'ডাক্তৰ চাহাব, মোক মেকুৰী এটা আনি দিয়ক, অকলে বৰ আমনি পাইছো।' বিৰক্তিৰে ডাক্তৰে ক’লে, ‘মই তোমাক এতিয়া মেকুৰীটো ক'ৰপৰা আনি দিম ?' লগে লগে খঙত ৰোগীজনৰ চকুহাল ৰঙা হৈ পৰিল। সি হিংস্ৰ মূৰ্তি ধৰি ক'লে – “কিয় আনি নিদিয়া, আনি দিবা নে নিদিয়া ?”
ডাক্তৰে তাৰ পিঠিত থপৰিয়াই মৰমেৰে ক'লে- 'নিশ্চয় আনি দিম। এতিয়া ভাল ল'ৰাৰ দৰে শুই থাকা দেই!' তাক টোপনিৰ বেজী এটা দি বিছনাত শোৱাই থৈ ডাক্তৰে তাৰ জেপৰ পৰা ডায়েৰীখন উলিয়াই নিজ চেম্বাৰলৈ খোজ দিলে। পাছদিনা ডাক্তৰে নিজা চেম্বাৰত বহি ডায়েৰীখন পঢ়ি আছিল। এনেতে চকিদাৰজন দৌৰি আহি ক’লে, 'চাহাব! সেই যে নতুনকৈ অহা পগলাটো, ৰেন্ফিল্ড, সি ফাটেকৰ পৰা ওলাই ৰাস্তালৈ দৌৰ মাৰিছে। তাৰ পাগলামি চৰম সীমাত আছে। চাহাব, হয়তো সি কাৰোবাক হত্যা কৰিবও পাৰে।
লগে লগে ডাক্তৰে চকীদাৰ আৰু দুজনমান ৱার্ড বয় লগত লৈ বাটলৈ ওলাই আহিল। ৰেন্ফিল্ডক বাহিৰত হৃষ্ট-পুষ্ট মজদুৰ দুজনমানে আগুৰি ধৰিছে যদিও কাবু কৰিব পৰা নাই।
তেওঁলোক ৰেন্ফিল্ডৰ কাষ চপাৰ পূৰ্বেই, ৰেনফিল্ডে এজন মজদুৰকক সাৱতি আলাসলৈ দাঙি পকা ৰাস্তাত আচাৰ মাৰি দিলে। বাকী দুজন মজদুৰ ভয়ত পাছ হোঁহকি গ'ল। ডাঃ চীৱাৰ্ডে ৱাৰ্ডবয় আৰু মজদুৰ দুজনক সাহস দি ৰেনফিল্ডক চাৰিওফালৰ পৰা আগুৰি ধৰিলে। এনেতে মাটিত বাগৰি পৰা মজদুৰজন উঠি খঙেৰে গৈ ৰেনফিল্ডক এনে এটা খুন্দা দিলে যে সি চিট খাই মাটিত বাগৰি পৰিল। লগে লগে ডাক্তৰে তাক ৰছীৰে কট্কটীয়াকৈ বান্ধি পেলালে ।
ডাক্তৰক দেখিয়ে ৰেনফিল্ডে ভিজা মেকুৰীটোৰ দৰে মি-মিয়াবলৈ ধৰিলে, 'ডাক্তৰ চাহাব ! মোক এৰি দিয়ক, সিহঁতে মোৰ গিৰিহঁতক লৈ যাব খুজিছে। মালিকক এৰি মই জানো থাকিব পাৰিম? মালিকৰ বাবে কিমান দিনৰ পৰা অপেক্ষা কৰি আছো!'
ডাক্তৰ চীৱাৰ্ডৰ বৰ খং উঠিছিল। তেওঁ চকীদাৰ আৰু ৱাৰ্ডবয়ক কাঢ়া নিৰ্দেশ দিলে- তাক নি কোঠাত বন্দী কৰি থবলৈ। ৰেনফিল্ডৰ চিঞৰ-বাখৰ কাকুতি-মিনতিলৈ কোনেও ভ্রূক্ষেপ নকৰিলে ।
: ‘তোমালোকে ইয়াত কি কৰিছিলা ? পগলাটোৱে তোমালোকক কেনেকৈ আক্ৰমণ কৰিব পাৰিলে ?' ডাক্তৰে মজদুৰ কেইজনক সুধিলে ।
: 'আমি ঘোঁৰাবাগীত মাল লাদি আছিলো। সি আহি আমাৰ ওপৰত জপিয়াই পৰিলহি।' মজদুৰ এজনে ক'লে।
: ‘অহ, মই দুঃখিত ! সি কেনেকৈ নো ফাটেকৰ পৰা ওলাল ক’বই নোৱাৰিলো।' ডাক্তৰে বাগীখনৰ ভিতৰলৈ জুমি চালে। তেওঁ দেখিলে বাগীৰ ভিতৰত দামী কাঠৰ দীঘল চন্দুক ছটা।
: 'এই ছন্দুক কেইটাত কি আছে ?' ডাক্তৰে সুধিলে ।
: 'কি আছে নাজানো, বৰ গধুৰ কিন্তু!' মজদুৰ এজনে ক'লে, 'পুৰণা মহল এটাৰ পৰা এইবোৰ পিকে ভেলীলৈ লৈ যাব লাগে।'
: ‘আচ্ছা, ঠিক আছে, মই যাওঁ। হৈ যোৱা ঘটনাৰ বাবে দুঃখিত।' : ‘চাহাব, পগলাটোৰ ওপৰত ভালকৈ চকু ৰাখিব। আমি ইমান গধুৰ বস্তু দাঙিব পাৰো, কিন্তু পগলাটোক ধৰিব পৰা নাছিলো। সম্ভৱ তাৰ গাত পিশাচ লম্ভিছে।' মাটিত উফাল খাই পৰা মজদুৰজনে ক'লে।
: “অন্ধবিশ্বাস!” মনতে ভাবি ডাক্তৰ ওভতি আহিল।
ৰাতি গোটেই চিকিৎসালয় পৰিদৰ্শন কৰি চীৱাৰ্ড নিজৰ চেম্বাৰলৈ আহি থাকোতে মন কৰিলে ৰেনফিল্ডৰ কোঠাৰ খিৰিকীৰ সিপাৰে ঘন কুঁৱলী এচমকাঁ। কোঠাৰ ভিতৰৰ পৰা ৰেনফিল্ডৰ উচুপনিৰ শব্দ ভাহি আহিছে। উৎসুকতাবশতঃ ডাক্তৰ কোঠাৰ খিৰিকীৰ ওচৰ পাওঁতে হিম শীতল বতাহ এজাকে কুঁৱলীবোৰ ছেদেলি-ভেদেলি কৰি পেলালে। ৰেনফিল্ডে বাহিৰলৈ একেথৰে চাই আছে।
: “কি হ'ল ৰেনফিল্ড, কি চাইছা ?' ডাক্তৰে মৰমেৰে সুধিলে।
: ‘তুমি ইয়ালৈ কিয় আহিছা ? তোমাক দেখিলে মালিকে খুব বেয়া পাব ! সৌৱা মালিক গৈছেগৈ !' ৰেনফিল্ডে অতি খঙেৰে ক'লে।
ইফালে সিফালে চাই চীৱার্ডে কাকো নেদেখিলে। হঠাতে দেৱালৰ কাষত তেওঁ কুঁৱলীৰ মাজত ছাঁৰ দৰে আকৃতি এটা দেখিলে। তেওঁ সেইফালে খেদি গ'ল- ‘সেই কোন সেইটো ?' বুলি কোৱাৰ লগে লগে ছাঁয়া চিত্ৰৰ দৰে অবয়ৱটো শূন্যত বিলীন হৈ গ'ল !
তেওঁ ইফালে সিফালে চালে, ক'তো একো নেদেখি তেওঁ পুনৰ ৰেনফিল্ড ওচৰলৈ ঘূৰি আহিল।
ৰেনফিল্ডে খিৰিকীৰ ফালে থৰ হৈ চাই আছিল। ডাক্তৰ কাষ চাপি অহাত তেওঁ উদ্ভ্ৰান্তৰ দৰে ক'লে, 'বহুত বেয়া কথা হৈছে, ডাক্তৰ, আপুনি সেইফালে কিয় গৈছিল? আপুনি তেওঁৰ চকু কেইটা নেদেখিলে?'
: ‘সেইটোনো কোন আছিল ?' ডাক্তৰে গুৰুত্ব নিদি সুধিলে ।
'নাই- নাই, সেইজন কোন আছিল নাজানো! বাদ দিয়ক সেইবোৰ ! ' ৰেনফিল্ডে কপাল কোঁচ খোৱাই ক'লে। ডাক্তৰে পুনৰ কিবা সোধাৰ পূৰ্বেই তেওঁ উচাৎ মাৰি গৈ বিছনাত দীঘল দিলেগৈ। ডাক্তৰে সেইফালে এবাৰ চাই নিজৰ চেম্বাৰলৈ বুলি খোজ ল'লে ৷
চেম্বাৰত বহি ডাঃ চীৱাৰ্ডে হৈ যোৱা ঘটনাটোৰ বিষয়ে ভাবি একো সিদ্ধান্তলৈ আহিব নোৱাৰিলে। তেওঁ দেখা সেই চকু দুটা নিঃসন্দেহে কুকুৰনেচীয়াৰ আছিল। কিন্তু সি হস্পিটেল চৌহদলৈ ক'ৰপৰা আহিল আৰু কুকুৰনেচীয়াটো হঠাতে কেনেকৈ অন্তৰ্ধান হ'ল !
পাছদিনা পুৱা। চাহৰ কাপত চুমুক দি চীৱাৰ্ডে সন্মুখৰ মেজত পৰি থকা খবৰ কাকত এখন টানি ল'লে। তাৰ প্ৰথম পৃষ্ঠাতে যোৱানিশা চিৰিয়াখানাৰ পৰা পলাই যোৱা কুকুৰনেচীয়া এটাই নগৰত আতংকৰ সৃষ্টি কৰা বাতৰি এটা প্ৰকাশ হৈছিল। ডাক্তৰৰ মুখত হাঁহি বিৰিঙি উঠিল। তেন্তে সেই পলাই অহা জন্তুটোকে মই যোৱা নিশা দেৱালৰ কাষত দেখা পাইছিলো। চিৰিয়াখানা কর্তৃপক্ষলৈ এই বিষয়ে বার্তা পঠিয়াবলৈ মন স্থিৰ কৰি তেওঁ চাহৰ পৰ্ব সমাপন কৰি চেম্বাৰলৈ আহিল ৷
কাৰ্যালয় কক্ষৰ তেওঁৰ মেজত তাঁৰ-বাৰ্তা এখন পৰি আছিল। মিষ্টাৰ আৰ্থাৰ হোমবুকে প্ৰেৰণ কৰা তাঁৰ-বাৰ্তাত লিখা আছিল- 'লুচী অসুস্থ। তৎক্ষণাত আহক।' তেওঁ তাঁৰ-বাৰ্তাখন কেবাবাৰো পঢ়িলে। তাৰ পাছত ভাজ কৰি জেপত ভৰাই কাৰ্যালয় সহায়কাৰীজনক মাতি পঠিয়ালে। যোৱানিশা দেখা কুকুৰনেচীয়াটোৰ বিষয়ে চিৰিয়াখানা কৰ্তৃপক্ষক খবৰ দিবলৈ আৰু তেতিয়াই লিভাৰপুললৈ যোৱা গাড়ীখনত আসন সংৰক্ষণ কৰিবলৈ ডাক্তৰে নিৰ্দেশ দিলে।
॥ ১১ ॥
হাৰ্কাৰ আৰু লুচীৰ চিন্তাই মীনাক খুলি খুলি খাইছিল৷ লুচীৰ ভাষ্যমতে, তেওঁক ক'লা কাপোৰ পিন্ধা হটঙা মানুহ এটাই নিশা সপোনত আহি সম্মোহন কৰে। তাৰ পাছত লুচীয়ে গলধনত বেজী খোঁচৰ দৰে অনুভৱ কৰে। লগে লগে ধাৰণা হয় - লুচী যেন মহাশূন্যত উপঙি ফুৰিছে আৰু জ্বলন্ত ৰঙা চকু এযোৰে তেওঁক অনুসৰণ কৰি আছে। সৰ্বশৰীৰত এক অনামী বিষে আচ্ছন্ন কৰি ৰাখে। বেজীৰ খোঁচৰ যন্ত্ৰণাৰ উপশম হোৱাৰ লগে লগে ক'লাছাঁটো আঁতৰি যায়। লুচীয়ে সম্বিত ঘূৰাই পালেও সৰ্বশৰীৰ বিষত জৰ্জৰিত হৈ থাকে, অত্যন্ত দুৰ্বল হৈ পৰে তেওঁ। শৰীৰত যেন তেজৰ এসোঁতা অৱশিষ্টও নেথাকে এনে অনুভৱ হয় লুচীৰ। তাইৰ বৰ্ণনাৰ পৰা মীনাই ঠিৰাং কৰিব পৰা নাই, লুচীৰ শৰীৰত এয়া কি বেমাৰে বাহ লৈছে।
সিদিনা পুৱা শুই উঠি বাহিৰৰ কোঠালৈ ওলাই আহোতে মীনাই মেজত তাঁৰ- বাৰ্তা এখন পৰি থকা দেখিলে। সেইখন দেখি ক্ষন্তেকৰ বাবে তেওঁৰ বুকুখন ঢক্ কৰি উঠিল। সেইখন নিশ্চয় হাৰ্কাৰৰ পৰা আহিছে। কিন্তু মানুহটো নিজে নাহি টেলিগ্রাম পঠিয়াইছে কিয় ? কম্পিত হাতেৰে টেলিগ্ৰামখন খুলি পঢ়ি চালে তেওঁ। তাত লিখা আছিল, ‘হাৰ্কাৰৰ অৱস্থা ভাল নহয়। সোনকালে আহা।' প্ৰেৰক চিষ্টাৰ আগাথা । চেণ্ট যোচেফ-মেৰী হস্পিটেল, বুডাপেষ্ট। টেলিগ্ৰামখন পঢ়ি তেওঁ লুচীৰ কোঠালৈ দৌৰি গ'ল। কঁপা মাতেৰে লুচীৰ ফালে টেলিগ্ৰামখন আগবঢ়াই দি মীনাই উচুপিবলৈ ধৰিলে ৷
: “কি কৰি আছা, বুডাপেষ্টলৈ তৎক্ষণাত নোযোৱা কিয়?' লুচীয়ে তাঁৰ- বার্তাখন পঢ়ি ক'লে।
: ‘ময়ো তাকে ভাবিছো। তুমি ষ্টেচনলৈ গৈ আসন এখন সংৰক্ষণ কৰিবানেকি? মই কাপোৰ-কানি সামৰি লওঁ।”
লুচীয়ে তৎক্ষণাত মুখ হাত ধুই ষ্টেচনলৈ বেগ দিলে। মীনাই কাঁপোৰ-কানি সামৰিবলৈ ধৰিলে।
অলপ পৰৰ পাছত লুচী টিকেট লৈ ওভতি আহিল। তেওঁৰ হাতত ডাকত অহা চিঠি এখনো আছিল। চিঠিখন তেওঁ মীনালৈ আগবঢ়াই দিলে। মীনাই খামটো খুলি পঢ়িবলৈ ধৰিলে।
“মহোদয়া মীনা,
আপুনি মোক চিনি নাপাব পাৰে। মই আপোনাক দেখা নাই যদিও মিঃ হাৰ্কাৰৰ জৰিয়তে চিনি পাইছো। মিঃ জোনাথন হাৰ্কাৰ বিগত এমাহ ধৰি আমাৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে। চেণ্ট মেৰীৰ কৃপাত তেওঁ পূৰ্বতকৈ যথেষ্ট আৰোগ্য হৈছে। তেখেতে আপোনাক লগ পাবলৈ মাতি পঠিয়াইছে লগত অলপ টকা-পইছা ও অনুগ্রহ কৰি আনিব। যিহেতু হাৰ্কাৰৰ হাতত ফুটা-কড়ি এটাও নাই। আৰোগ্য হ’লে, এখেতক আপুনি ইংলণ্ডলৈ লৈ যাব পাৰিব।
মৰম আৰু আশীর্বাদেৰে,
- চিষ্টাৰ আগাথা
- চেণ্ট যোচেফ-মেৰী হস্পিটেল, বুডাপেষ্ট ।
- ১২ আগষ্ট ।'
পুনশ্চঃ চিকিৎসকৰ মতে আপুনি ইয়ালৈ তৎক্ষণাত অহাটো মিঃ হাৰ্কাৰৰ বাবে অতি প্রয়োজনীয়। যিহেতু তেওঁৰ ৰোগৰ বিষয়ে আপুনি কিছু জনা আৱশ্যক। মিষ্টাৰ হাৰ্কাৰে সম্ভৱ ভীষণ মানসিক আঘাত পাইছে। তেওঁ প্ৰায়ে অচেতন অৱস্থাত ভয়ার্তভাৱে চিঞৰ-বাখৰ কৰে। কেতিয়াবা কুকুৰনেচীয়া, কেতিয়াবা ভূত-ভূত কেতিয়াবা দানব-পিশাচ আদি শব্দ উচ্ছাৰণ কৰি চিঞৰে। সেইবাবে ডাক্তৰে আপোনাৰ লগত পৰামৰ্শ কৰিবলৈ ইচ্ছা কৰিছে। তেখেতৰ নিকটতম বন্ধু সংগী আদিকো পাৰিলে খবৰ দিব ।
আমি তেখেতৰ বিষয়ে মাত্র ইমানকে ক'ব পাৰো তেখেতে ক্লাজেনবাৰ্গৰ পৰা ৰেলেৰে আহিছিল, তেওঁ ইয়াৰ ষ্টেচনত ৰেলৰ পৰা নামিয়েই উদ্ভ্ৰান্তৰ দৰে লণ্ডনৰ টিকট এটা বিচাৰি ষ্টেচন মাষ্টৰৰ কোঠাত সোমাইছিল। ষ্টেচন মাষ্টৰে কিবা সোধাৰ পূৰ্বে তেওঁ অচেতন হৈ ঢলি পৰিছিল। তাৰ পৰাই তেখেতক আমাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বেছি চিন্তা কৰিব নেলাগে, আপুনি ইয়ালৈ আহিলেই সকলো গম পাব।
অ' আৰু এটা কথা পাহৰিয়েই গৈছিলো। মিষ্টাৰ হাৰ্কাৰে উকীল মিঃ পীটাৰ হকিন্সলৈ কিবা চিঠি দিছিল ।
- ভৱদীয়া
- চিষ্টাৰ আগাথা।'
'চিন্তা কৰিবলৈ কি আছে। চিঠিত লিখিছেইতো- মিঃ হাৰ্কাৰ সোনকালেই আৰোগ্য হ'ব। ৰেল যাবৰ হ'লেই, ততাতৈয়াকৈ ষ্টেচনলৈ ব'লা।' লুচীয়ে ক'লে। দুয়ো বান্ধবী ষ্টেচনলৈ ওলাই গ'ল।
হামবার্গ হৈ বুডাপেষ্টলৈ গৈ থকা পথছোৱাত মীনাই ভাবি গ'ল মিঃ হাৰ্কাৰৰ হঠাতে হ'ল কি ? যাত্রাকালত বহু চেষ্টা কৰিও তেওঁৰ চকুপতা জাপ নেখালে।
বুডাপেষ্ট ষ্টেচনত ৰেলৰ পৰা নামিয়ে পোনে পোনে ঘোঁৰাগাড়ীৰে গৈ চিকিৎসালয় পালেগৈ। চিষ্টাৰ আগাথাৰ সৈতে সাক্ষাৎ হোৱা মাত্ৰকে মীনাই চিষ্টাৰক সাৱতি কান্দিবলৈ ধৰিলে। তেওঁ ভাবাবেগত অতি বিহ্বল হৈ পৰিছিল।
'বুকু ডাঠ কৰা মাজনী। কন্দা কটা কৰিলে একো লাভ নাই। হাৰ্কাৰ এতিয়া আগতকৈ বহু সুস্থ হৈছে। আহা তোমাক তেওঁৰ কোঠালৈ লৈ যাওঁ । ' মীনাৰ গায়ে- মূৰে হাতফুৰাই চিষ্টাৰে ক'লে। কৃতজ্ঞতাত মীনাই চিষ্টাৰৰ গালত টপাটপ চুমা খাবলৈ ধৰিলে।
কোঠাত সোমায়ে দেখিলে - শয্যাশায়ী হার্কাৰে একেথৰে দৰজালৈকে চাই আছে। মীনাক দেখি তেওঁ কিলাকুটিৰে ভৰ দি উঠিবলৈ চেষ্টা কৰিছিল। কিন্তু চিষ্টাৰ দৌৰি আহি তেওঁক পুনৰ শোৱাই দিলে।
'আপুনি উঠিবলৈ চেষ্টা নকৰিব, মিঃ হাৰ্কাৰ। উঠিব লগা হ'লে আমি নিজে ধৰি মেলি বহুৱাই দিম।' চিষ্টাৰে ক'লে।
হাৰ্কাৰৰ অৱস্থা দেখি মীনাৰ দুচকু পুনৰ পানীৰে ভৰি পৰিল। হাৰ্কাৰৰ পূৰ্বৰ চেহেৰাৰ উজ্জ্বলতা, চকুৰ দীপ্তি যেন ক'ৰবাত হেৰাই গ'ল। শৰীৰত তেজৰ চিনেই নাই, এনে অনুভৱ হৈছিল মীনাৰ। মীনাক ধৈৰ্যৰে সৈতে কথা পাতিবলৈ সকীয়াই চিষ্টাৰ
আগাথা কোঠাৰ পৰা ওলাই গ'ল। ॥ ১২॥
মীনা যোৱাৰ পিছত লুচী তেনেই অকলশৰীয়া হোৱাত হিলিংগামলৈ গুচি আহিল। যোৱা নিশা তেওঁ পুনব ভয়ানক সপোনটো দেখিছিল। দৰজা-খিৰিকী বন্ধ কোঠাৰ ভিতৰত শুই থকা লুচীয়ে অনুমান কৰিছিল - কিবা জন্তু বা ডাঙৰ চৰাই এটা কোঠাৰ ভিতৰলৈ আহিবলৈ আয়নাত খুন্দিয়াই আছে। হয়তো সি ডেউকাৰে শব্দ কৰি খিৰিকীত কোবাই আছে!
ভয়ত লুচীয়ে বিছনাৰ পৰা উঠিবলৈ অশেষ চেষ্টা কৰিও লৰচৰ কৰিব পৰা নাছিল। এটা সময়ত মোহাবিষ্ট লুচী অচেতন হৈ পৰিছিল।
পাছদিনা পুৱা লুচীৰ ওচৰলৈ অহা আৰ্থাৰে লুচীৰ চেহেৰা দেখি ভয় খাই গ'ল। তেজগোৰা লুচীৰ শৰীৰৰ পৰা তেজখিনি যেন কোনোবাই শুহি নিছে। আৰ্থাৰক যেতিয়া লুচীয়ে নিশা দেখা দুঃস্বপ্ন আৰু তাৰপাছত হোৱা অনুভৱৰ বিষয়ে ক'লে, শুনি আৰ্থাৰ অবাক! এয়া নিশ্চয় যাদু বিদ্যা বা ভূত-প্ৰেতৰ কাম – আৰ্থাৰে ভাবিলে।
ভূত-প্ৰেত ৰসাল গল্প তেওঁ কেবাটাও পঢ়িছে যদিও, এয়া কাল্পনিক কাহিনী বুলি তেওঁ গুৰুত্ব দিয়া নাছিল। কিন্তু আজি লুচীৰ যি অৱস্থা হৈছে, সেয়া তেন্তে কি? তেওঁ লগে লগে ডাঃ চীৱাৰ্ডলৈ চিঠি এখন লিখি তেওঁক মাতি পঠিয়ালে। চিঠি পোৱা পলম হ'ব বুলি ভাবি তেওঁ ডাক্তৰলৈ টেলিগ্ৰাম এখনো কৰিলে।
ডাক্তৰ চীৱাৰ্ড হিলিংগামত উপস্থিত হৈ হোটেলৰ কোঠা এটা বন্দৱস্ত কৰি ল’লে। চাহ-তাহ খাই তেওঁ তাৰ পৰা লুচীৰ ঘৰলৈ গ'ল। দুৱাৰ মুখত লুচীৰ মাক শ্ৰীমতী ৱেষ্টৰ্নীক লগ পালে। মাকে কিন্তু লুচীৰ বেমাৰৰ বিষয়ে একো জনা নাছিল। লুচীয়েও একো জনোৱা নাছিল। মাকৰ পাছফালে ৰৈ থকা লুচীয়ে চকুৰে ডাক্তৰক ইংগিত দিলে মাকক এই বিষয়ে একো নজনাবলৈ।
মাক ভিতৰলৈ যাওঁতে লুচীয়ে ডায়েৰী এখন ডাক্তৰৰ হাতত দি ক'লে, “মোৰ বেমাৰৰ বিষয়ে সম্পূৰ্ণ বিৱৰণ যোৱা এমাহৰ পৰা এই ডায়েৰীত লিখি থৈছো। আপুনি ডায়েৰীখন পঢ়িলেই সকলোবোৰ জানিব পাৰিব। কথা-বতৰা পাতি ডায়েৰীখন জেপত ভৰাই ডাক্তৰ হোটেললৈ ওভতিল।
ডায়েৰী পঢ়ি ডাঃ চীৱাৰ্ডে লুচীৰ শাৰিৰীক অসুস্থতাৰ বিষয়ে নিশ্চিত হ'ব নোৱাৰিলে। তেওঁৰ দৃঢ় ধাৰণা হ'ল- হয়তো এয়া কিবা ভূত-প্ৰেত কুকাৰ্যও হ'ব পাৰে। সেয়ে তেওঁ প্ৰসিদ্ধ মনোবিজ্ঞানী তন্ত্ৰ-মন্ত্ৰৰ ওজা প্ৰাক্তন শিক্ষাগুৰু অধ্যাপক হেচ্লিংগক মাতি পঠোৱাৰ সিদ্ধান্ত কৰিলে। তেওঁ তেখেতক মাতি আমষ্টাডাৰ্মলৈ টেলিগ্ৰাম কৰিলে। পাছদিনা সন্ধ্যা ৰেলত প্ৰফেচাৰ হেচ্লিংগ আমষ্টাডাৰ্মৰ পৰা লিভাৰপুললৈ আহিল। ইতিমধ্যে লুচীৰ বেমাৰৰ সংকটজনক অৱস্থাৰ বিষয়ে মাক শ্ৰীমতী ৱেষ্টৰ্নীক জনাই দিয়া হৈছিল। মাকক লুচীৰ ওচৰত থৈ চীৱাৰ্ড ৰেলৱে প্লেটফৰ্মত প্ৰফেচৰ হেচ্লিংগক আদৰিবলৈ ৰৈ থাকিল ।
প্ৰথম শ্ৰেণীৰ ডবাৰ পৰা বাওঁহাতৰ ঠাৰিত অভাৰকোট ওলমাই হেচ্লিংগ নামিল। ডাঃ চীৱাৰ্ডে আগবাঢ়ি গৈ তেখেতৰ পৰা অভাৰকোটটো আৰু এটাচীকেচ্টো নিজে লৈ ক’লে, ‘ক্ষমা কৰিব চাৰ! এই বয়সত আপোনাক ইমান দূৰৰ পৰা মাতি কষ্ট দিছো। দৰাচলতে কেচটো বৰ জটিল নোহোৱা হ'লে, আপোনাক নামাতি ময়ে আমষ্টাডার্মলৈ গ'লোহেঁতেন।'
: ‘মোৰ বিষয়ে চিন্তা কৰিব নেলাগে। মোৰ অহা-যোৱা চলিয়ে থাকে। তোমাৰ সেই ৰোগীৰ কি নাম লিখিছিলা.....'
: ‘লুচী ৱেষ্টৰ্নী। তেওঁ মোৰ বন্ধু আৰ্থাৰৰ বাকদত্তা। '
: 'অ' হয়, লুচী; এতিয়া তেওঁ কেনে আছে?
: ‘প্রায় অর্ধচেতন অৱস্থাত আছে। শাৰীৰিক দৃষ্টিকোণেৰেতো সম্পূৰ্ণ নিৰোগী। বেমাৰ একো নাই। কিন্তু প্রতি দিনেই শুকাই-খীণাই গৈছে। শৰীৰৰ তেজ প্রায় শেষ হৈ আহিছে।' চীৱাৰ্ডে বর্ণনা কৰিলে ।
: ‘তোমাৰ মতে তাই কিবা মানসিক ৰোগী নেকি? কি চিন্তাই তাইক খুলি খুলি খাইছে, ভালকৈ জানিব লাগিব।'
ষ্টেচনৰ পৰা ওলাই ঘোঁৰাবাগীৰে দুয়ো লুচীৰ ঘৰলৈ গ'ল। বাটত ডাঃ চীৱাৰ্ডে নিজে জনা আৰু দেখা সকলো বিৱৰণ সবিস্তাৰে বৰ্ণনা কৰি গ'ল। হেচ্লিংগে গোটেই কথাবোৰ মনোযোগেৰে শুনি গৈছিল। মাজে মাজে তেখেতে চীৱাৰ্ডক কিবা বুজি নাপালে পুনৰ দোহাৰিবলৈ কৈছিল। কিন্তু নিজে একো মন্তব্য কৰা নাছিল।
শ্ৰীমতী ৱেষ্টৰ্নীৰ ঘৰত উপস্থিত হৈয়ে প্ৰফেচাৰে চীৱাৰ্ডক লৈ পোনে পোনে লুচীৰ কোঠালৈ গ'ল। কোঠাত মাক আৰু আৰ্থাৰৰ বন্ধু কিংচী চোফা এখনত বহি লুচীক পহৰা দি আছিল। ডাক্তৰৰ লগত যোৱা বৃদ্ধজনক দেখি বুজিলে এয়ে বোধকৰো মিঃ হেচ্লিংগ হ'ব, আমাষ্টাডার্মৰ পৰা আহিছে। দুয়ো নমস্কাৰ কৰি বহি থকাৰ পৰা থিয় হ'ল।
হেচ্লিংগে তেওঁলোকলৈ মন নকৰি দুয়োকো কোঠাৰ পৰা যাবলৈ ডাক্তৰ চীৱাৰ্ডক নির্দেশ দিলে। চীৱাৰ্ডৰ পৰামৰ্শমতে শ্ৰীমতী ৱেষ্টৰ্নী আৰু কিংচী ওলাই আহিল।
প্ৰফেচাৰ হেচ্লিংগে লুচীক ওচৰৰ পৰা সুক্ষ্মভাবে পর্যবেক্ষণ কৰি চিঞৰি উঠিল- “হে মোৰ ঈশ্বৰ ! ছোৱালীজনীৰ শৰীৰত দেখোন অলপো তেজ নাই। ডাক্তৰ, তুমি তাইক তৎক্ষণাত তেজ দিবলৈ সাজু হোৱা, নহ'লে তাই বেছিপৰ জীয়াই নাথাকে।'
সেই সময়ত তাত আৰ্থাৰো আহি উপস্থিত হ'ল। লুচীক তেজ দিবলৈ আৰ্থাৰ তৎক্ষণাত সাজু হ'ল। প্ৰফেচাৰে এটেচীকেচটোৰ পৰা আৱশ্যকীয় যন্ত্রপাতি উলিয়াই, লুচীৰ শৰীৰত তেজ দিলে। ক্ষন্তেক পিছতে লুচীৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিল। লুচীয়ে লাহে লাহে চকু মেলি ইফালে সিফালে চালে, প্রেমিকক কাষতে দেখি আনন্দত তেওঁৰ চকুহালি উজ্বলি উঠিল। তেওঁ বিছনাত উঠি বহিবলৈ চেষ্টা কৰিলে ।
লুচীক পৰ্যবেক্ষণ কৰোতে প্ৰফেচাৰে লুচীৰ গলধনত দুটা সৰু দাগ দেখা পালে। তেওঁ ডাঃ চীৱাৰ্ডক দাগ দুটা দেখুৱাই সুধিলে, “সেয়া বেজীয়ে ফুটোৱাৰ দৰে দাগ দুটা দেখিছা— কিবা জীৱ-জন্তুৰ সুক্ষ্ম চোকা দাঁতৰ যেন লগা নাইনে?'
প্ৰফেচাৰ ! এই দাগ দুটা মই আগতেই দেখিছো যদিও বৰকৈ মন কৰা নাছিলো, এতিয়া অলপ অলপ অনুমান কৰিছো, লুচীৰ শৰীৰৰ তেজ এই ক্ষত চিহ্ন জৰিয়তে শুহি নিয়া হয়, কিন্তু কেনেকৈ?' ইটো-সিটো পৰামৰ্শ আৰু ঔষধ আদি দি সিদিনাৰ বাবে লুচীৰ চিকিৎসা সিমানতে সমাপ্ত কৰি দুয়ো হোটেললৈ বিশ্রাম ল'বলৈ গ'ল।
পাছদিনা দুয়ো আহি লুচীৰ অৱস্থাৰ পশ্চাৎতাপত নিজৰ চুলিকে আজুৰিবলৈ মন কৰিলে। কাগজৰ দৰে শেঁতা পৰা লুচীৰ শৰীৰত ৰক্তৰ একো চিনেই নাই। আৰ্থাৰে লুচীক ৰক্তদান কৰাৰ পাছত গুচি গৈছিল। প্ৰফেচাৰে তৎক্ষণাত চীৱাৰ্ডক আদেশ দিলে লুচীৰ শৰীৰত তেজ দিবলৈ। ব্লাড গ্রুপ একে হোৱাৰ বাবে ডাঃ চীৱাৰ্ডে এইবাৰ নিজেই লুচীক ৰক্তদান কৰিলে। শৰীৰত তেজ প্রবেশ কৰা ক্ষন্তেক পাছতে লুচীৰ মুখৰ পৰা কেঁকনিৰ শব্দ বাহিৰ হ'ল। চীৱাৰ্ডে ভাবি থিৰাং কৰিব পৰা নাই - লুচীৰ শৰীৰৰ তেজবোৰ কোনে কেনেকৈ শুহি নিয়ে, কিয়নো শোৱা কোঠাৰ দৰজা খিৰিকী ভালকৈ বন্ধ কৰি যোৱা নিশা কোঠাত থাকি পহৰা দিবলৈ লিগিৰী এজনীকো ৰাখি থোৱা হৈছিল। অথচ লিগিৰীজনীয়ে একো ক'বই নোৱাৰে। ডাঃ চীৱার্ডে ভূত-প্রেতক বিশ্বাস নকৰে । বিজ্ঞানৰ যুগত ভূত-প্ৰেতৰ অস্তিত্ব থাকিবই নোৱাৰে বুলি তেওঁৰ দৃঢ় বিশ্বাস। এনে - ক্ষেত্ৰত লুচীৰ শৰীৰৰ তেজ ৰহস্যজনকভাবে কোনে কেনেকৈ শুহি নিয়ে। সিদিনা ৰাতি দুয়ো নিজে পহৰা দিয়াৰ ব্যৱস্থা কৰিলে। সেই ৰাতি একো অঘটন নঘটিল।
৷৷ ১৩ ৷৷
পাছদিনা পুৱা। লুচীৰ অৱস্থা কিঞ্চিৎ সুস্থ হোৱা দেখি দুয়ো আধাৰুৱা কাম শেষ কৰি আহিবলৈ স্বস্থানলৈ গতি কৰিলে। দুদিনৰ পাছত চীৱাৰ্ড আৰু ৱান হেট্লিংগ যেতিয়া পুনৰ লুচীক পৰ্যবেক্ষণ কৰিবলৈ আহিল, লুচীৰ মৃতবৎ শৰীৰ দেখি হেচ্লিংগে লুচীৰ মুখত দুফুটামান ব্ৰাণ্ডী বাকি দিলে। তেওঁৰ শৰীৰত পূৰ্ববৎ ডাক্তৰে নিজৰ শৰীৰৰ পৰা ৰক্তদান কৰিলে।
: ‘তুমি লুচীক এইদৰে এৰি যাব নালাগিছিল ডাক্তৰ! মই ভয় কৰা বেমাৰটোৱে হৈছে!' প্ৰফেচাৰ হেচ্লিংগে ক'লে।
: ‘কিন্তু তাইৰ বেমাৰটোনো কি প্ৰফেচাৰ! মইতো একো ধৰিব পৰা নাই।' - ডাক্তৰে সুধিলে। চিন্তাক্লিষ্ট প্ৰফেচাৰে কিন্তু একো উত্তৰ নিদিলে।
ৰক্তদানৰ পাছত লুচীৰ শৰীৰত অভূতপূৰ্ব পৰিৱৰ্তন আহিল। তাই লৰচৰ কৰি উঠিল। ডাক্তৰে থিৰাং কৰিব পৰা নাই ৰক্তদানৰ ক্ষন্তেক পাছতে মৃতবৎ লুচীৰ শৰীৰলৈ এনে অভূতপূৰ্ব পৰিৱৰ্তন কেনেকৈ আহে? তাইৰ বেমাৰটোনো কি?
ৰক্তদানৰ পাছত বিশ্ৰাম ল'বলৈ ডাঃ চীৱাৰ্ড কোঠাটোৰ পৰা ওলাই গ'ল। প্ৰফেচাৰে শকত কিতাপ এখন মেলি তাৰ মাজত ডুব গ'ল।
: 'ভাগৰ মৰিলে গুচি আহিবা ডাক্তৰ! বেছি পৰ নকৰিবা। আমাৰ কাম আছে।' প্ৰফেচাৰে ক'লে।
ডাক্তৰ চীৱাৰ্ডে ভাগৰ মাৰি লুচীৰ কোঠাত পুনৰ প্ৰবেশ কৰোতে দেখিলে যথেষ্ট সুস্থিৰ হৈ লুচী টোপনি গৈ আছে আৰু কিতাপৰ মাজত প্ৰফেচাৰ তেতিয়াও মগ্ন হৈ আছে। চীৱাৰ্ডৰ আগমণৰ সম্ভেদ পাই প্ৰফেচাৰ খপজপাই কিতাপখন জপাই ক'লে, “অ! তুমি আহিলা। আমি এতিয়া কাম আৰম্ভ কৰিব পাৰো।'
: ‘লুচীক আৰু তেজ দিব লাগিবনেকি?'
: ‘তেজ দিব নালাগে। আমি বেলেগ প্ৰক্ৰিয়াৰেহে কাম কৰিম। তুমি চাই থাকা।” প্ৰফেচাৰে নিজৰ বেগৰ পৰা দুটা সৰু সৰু কাঠৰ পেৰা উলিয়ালে।
: ‘ইয়াত এবিধ বিশেষ ফুল আছে, ঔষধ বুলিয়ে ভাবা। এই ফুলবোৰ দৰজা খিৰিকীত ভালকৈ আঁৰি দিয়া, যাতে বতাহৰ লগত এই ফুলৰ গোন্ধ কোঠাত বিয়পি পৰিব পাৰে।'
আনটো পেৰাৰ পৰা ফুলৰ মালা এডাল উলিয়াই প্ৰফেচাৰে ক'লে- 'এই মালাডাল লুচীৰ ডিঙিত পিন্ধাই দিয়া। ফুলৰ পৰা নিৰ্গত উগ্ৰ গোন্ধে ডাক্তৰ আৰু লুচী দুয়োকে অবাক কৰি দিলে। নহৰু ফুলৰ তীব্ৰ গোন্ধে বাতাবৰণ ভাৰাক্ৰান্ত কৰিলে।
'যোৱা কাম আৰম্ভ কৰা।' প্ৰফেচাৰে কঠোৰ ভাৱে ডাক্তৰক নিৰ্দেশ দি মালাডাল লুচীৰ গলাত পিন্ধাই দিলে ।
'মোৰ কাম তোমালোকৰ বোধগম্য হোৱা নাই, নিশ্চয়।' প্ৰফেচাৰে কৈ গ’ল, 'আৰু তোমালোকে ইয়াক অন্ধবিশ্বাস বুলি ভাবিব পাৰা। কিন্তু এই সকলোবোৰ তোমাৰ মংগলৰ বাবেই কৰা হৈছে। তুমি এই মালাডাল কেতিয়াও কোনো কাৰণতে নুখুলিবা। মালাডাল তোমাৰ ডিঙিত থকালৈকে কোনো অপশক্তিয়ে তোমাৰ একো অনিষ্ট কৰিব নোৱাৰে। তুমি প্ৰতি পুৱাতে এনে বনৰীয়া নহৰু ফুলৰ মালা পিন্ধিব লাগিব। আমাষ্টাডার্মত থকা মোৰ বন্ধু এজনৰ নহৰু খেতি আছে। তেওঁ পাৰ্চেলেৰে প্ৰতিদিনে পোৱাকৈ তোমালৈ ফুলৰ মালা এডালকৈ পঠিয়াই থাকিব।' প্ৰফেচাৰে লুচীক ক'লে।
ইতিমধ্যে ডাঃ চীৱাৰ্ডে দৰজা-খিৰিকীৰ চৌকাঠত ফুল ৰচীৰে বান্ধি ওলোমাই দিয়া শেষ কৰি প্ৰফেচাৰৰ কাষ চাপিল।
: ‘তুমি সিটো কোঠাত গৈ বহাগৈ। মই লুচীক পহৰা দিম। মোৰ টোপনি ধৰিলে তুমি আহিবা।' প্ৰফেচাৰে ক'লে।
ডাঃ চীৱাৰ্ডে কোঠাৰ পৰা ওলাই যাওঁতে শ্রীমতী ৱেষ্টৰ্নীক দেখিলে। শ্রীমতী ৱেষ্টৰ্ণীক প্ৰফেচাৰে সকলোবোৰ বুজাই দি ক'লে— 'আপোনাৰ চিন্তা আঁতৰিল মহোদয়া। লুচী সম্পূৰ্ণ সুস্থ হৈ উঠিব। ডাক্তৰ চীৱাৰ্ডে দিয়া ঔষধবোৰো নিয়মিত খোৱাই থাকিব আৰু এই মালাবোৰকো উপযুক্ত ব্যৱহাৰ কৰি থাকিব। কাইলৈ পুৱা মই আমষ্টাডার্মলৈ যাম। তিনি-চাৰিদিনৰ পাছত পুনৰ আহিম। ডাক্তৰ হয়তো থাকিব পাৰে, নাথাকিলেও দুদিন-তিনিদিনৰ বাবে অসুবিধা একো নহ'ব। মাত্র মোৰ পৰামৰ্শ মানি চলিব।'
: ‘ময়ো থাকিব নোৱাৰিম। হস্পিটেলত কাম আছে। সম্ভৱ মোৰ ইয়াত এতিয়া প্রয়োজনো নাই। দৰৱবিলাক মাত্ৰ ঠিকমতে খোৱাই থাকিব।' ডাঃ চীৱাৰ্ডে ক'লে।
পাছদিনা পুৱা দুয়ো লুচীৰ ওচৰৰ পৰা যাবলৈ ওলাল। টোপনি, দৰৱ আদিয়ে লুচীক দ্রুতভাবে সুস্থ কৰি আনিছিল ।
: ‘আপোনালোক যায়গৈ নেকি?' বিমর্ষ মনেৰে লুচীয়ে সুধিলে, 'মই' একেবাৰে আগৰ দৰে সুস্থ হ'ম নে ?'
: ‘তুমি তো ভালহৈ আহিছাই। প্ৰফেচাৰৰ উপদেশ মানি চলিবা। অতি সোনকালেই আগৰ নিচিনা হৈ যাবা।' ডাক্তৰে ক'লে।
প্ৰফেচাৰ হেচ্লিংগে লুচীৰ মাকক প্ৰতিটো পালনীয় উপদেশ গম্ভীৰতাৰে যথাযথ ভাবে দিলে। ‘এই ফুলৰ গুণৰ বিষয়ে একো প্রশ্ন বা সন্দেহ নকৰিব। মই যেনেকৈ কৈছে৷, ঠিক তেনেকৈয়ে সকলো নীতি পালন কৰিব।”
'আপোনালোক নিশ্চিন্ত থাকক, আপোনালোকৰ উপদেশ মই আখৰে আখৰে পালন কৰিম। মোৰ মাত্ৰ প্ৰাৰ্থনা- যেতিয়াই সময় হয়, লুচীক চাবলৈ গুচি আহিব।' মাকে কাতৰভাবে ক'লে।
॥ ১৪॥
বাহিৰত সম্ভৱ ধুমুহা বলি আছিল। খিৰিকীৰ কাঁচত হোৱা শব্দত লুচীৰ নিদ্ৰা ভংগ হ'ল। বিচনাত পৰি থাকিয়েই তেওঁ বাহিৰত হোৱা ধুমুহাৰ উমান ল'লে। এনেতে তেওঁৰ ভাব হ'ল কোনোবাই যেন কাঁচত জোৰেৰে কোৱাইছে। এনে ঝনঝননি শব্দৰ লগত লুচীৰ পূৰ্ব পৰিচয় আছে। ঝনঝননি শব্দ শুনাৰ প্ৰথম নিশাৰ পৰাই তেওঁৰ শৰীৰত ৰক্তহীনতা ৰোগে বাহ লৈছিল। প্ৰফেচাৰ হেচ্লিংগ তেওঁৰ কাষত থকা নিশাকেইটাত এনে ধৰণৰ একো শব্দই লুচীক আমনি কৰা নাছিল। এতিয়া এই শব্দই পুনৰ লুচীৰ মনত ভয়ৰ উদ্ৰেক কৰিলে ।
বাহিৰৰ খিৰিকীৰ আয়নাত হোৱা আঘাতৰ শব্দ ক্ৰমাৎ বেছি হৈ আহিবলৈ ধৰিলে যেন আয়নাখন ভাঙি কোনোবাই ভিতৰ সোমাব খুজিছে। কিংকর্তব্যবিমূঢ় লুচীৰ হঠাতে প্ৰফেচাৰ হেচ্লিংগৰ উপদেশ মনত পৰিল। তেওঁ তৎক্ষণাত ডিঙিত পিন্ধি থকা মালাডাল খামোচ মাৰি ধৰিলে। হাতৰ স্পৰ্শত নহৰুৰ গোন্ধে চৌদিশ ভাৰাক্ৰান্ত কৰি তুলিলে। লুচীয়ে হেৰোৱা সাহস যেন ঘূৰাই পালে।
এনেতে দৰজাখন খুলি কাষৰ কোঠাটোৰ পৰা মাক আহি সোমাল।
: 'খিৰিকীত কিহে ঝনঝনাই আছে মাজনী ? মইতো ভয় খাই গৈছিলো। তোমাৰ টোপনি অহা নাই নেকি?' মাকে ব্যতিব্যস্ততাৰে সুধিলে।
খিৰিকীৰ বাহিৰত পুনৰ জোৰেৰে শব্দ হ'ল। লুচীয়ে কিঞ্চিৎ আশ্বস্ত হৈ মাকক জোৰেৰে সাৱতি ধৰিলে। দুয়ো দেখিলে ভীষণাকৃতিৰ বাদুলি এটাই ভিতৰত সোমাবলৈ কাঁচত আঘাত কৰি আছে।
: ‘মা তুমি মোৰ কাষতে শুই থাকা। মোৰ বৰ ভয় লাগিছে।” কাতৰ কণ্ঠে লুচীয়ে ক'লে।
: “ঠিক আছে মই তোমাৰ কাষতে আছো। খিৰিকীখন ভালকৈ বন্ধ কৰি থোৱা আছে,ভয় নকৰিবা।' লুচীক সান্ত্বনা দি মাকো লুচীৰ কাষতে দীঘল দিলে।
সিদিনা পুৱাতে কোঠাৰ বায়ু বিশুদ্ধিকৰণৰ বাবে নহৰুৰ ফুলবোৰ খিৰিকীৰ পৰা আঁতৰাই থোৱাৰ পৰিণামৰ বিষয়ে মাকে এতিয়াহে উপলব্ধি কৰিলে।
সেই সময়তে খিৰিকীত ভীষণ জোৰেৰে শব্দ হ'ল। খিৰিকীৰ কাঁচ ঠন ঠনকৈ ভাগি পৰিল। ভঙা খিৰিকীয়েদি কুকুৰনেচীয়া এটাই মূৰটো সোমোৱাই ভিতৰলৈ আহিবলৈ চেষ্টা কৰিব ধৰিলে ।
: “মা ! মা ! সৌটো চোৱা, কুকুৰনেচীয়া !” লুচীয়ে কঁপি কঁপি ক'লে।
মাকে খিৰিকীত কুকুৰনেচীয়াৰ মূৰটো দেখিয়েই আর্ত চীৎকাৰ কৰি অচেতন হৈ বিছনাত ঢলি পৰিল। মাকৰ হাত লাগি লুচীৰ ডিঙিৰ মালাধাৰ ছিঙি গ'ল। বাহিৰত বহু কুকুৰে একেলগে ৰাউচি জুৰিবলৈ ধৰিলে। ভয়ত লুচী জঠৰ হৈ পৰিল। মাক বেহুচ হোৱাৰ লগে লগে কুকুৰনেচীয়াটোৱে মূৰটো বাহিৰলৈ উলিয়াই নিলে। তাই দেখিছে ভঙা কাঁচেদি অসংখ্য জোনাকী পৰুৱা কোঠাৰ ভিতৰত সোমাই লুচীৰ বিছনাৰ চাৰিওফালে চক্রবৎ ঘূৰিব ধৰিছে। অশেষ চেষ্টা কৰিও লুচীয়ে কিন্তু চিঞৰিব নোৱাৰিলে। তাইৰ মাতষাৰ যেন ডিঙিতে লাগি ধৰিলে মাত্র গোঁ গোঁৱনি এটাহে ডিঙিৰ পৰা বাহিৰ হ'ল।
লাহে লাহে তাইৰ শৰীৰটো শিথিল হৈ আহিল। মন্ত্রমুগ্ধৰ দৰে জোনাকী পৰুৱাবোৰলৈ চাই থাকি অচেতন হৈ লুচী বিছনাত বাগৰি পৰিল। চেতনা বিলুপ্তিৰ পূর্বে লুচীয়ে শুনিলে কুকুৰবোৰে ভয়ত ৰাউচি জুৰিছে। দূৰৈৰ গীৰ্জাত নিশা ১২টাৰ ঘণ্টা মাৰিছে।
কুকুৰনেচীয়াটো খিৰিকীৰ বাহিৰ হৈ যোৱা মাত্ৰে খিৰিকীৰ কাঁচত হৈ থকা ঝনঝননিৰ শব্দ নাইকিয়া হৈ গ'ল। অৰ্ধচেতন লুচীৰ অনুভৱ হ'ল তেওঁৰ চৌদিশ যেন চকা-মকা পোহৰৰ ৰেখা কেতবোৰ ঘূৰি ফুৰিছে। তেওঁ নাকত বনৰীয়া ফুলৰ বিশ্ৰী সুবাস অনুভৱ কৰিলে। হাজাৰ চেষ্টা কৰিও তেওঁ বিছনাৰ পৰা উঠিব নোৱাৰিলে। চকুহাল জোৰকৈ মেলিবলৈ চেষ্টা কৰিও এক তন্দ্রালসভাবে তেওঁক হেঁচা মাৰি ধৰি আছিল। সেই জোনাকী পৰুৱাবোৰ যেন সুক্ষ্ম পোহৰৰ বিন্দুলৈ ৰূপান্তৰিত হৈ তেওঁৰ শৰীৰলৈ সোমাই গৈছে। একো ক'ব নোৱাৰাকৈয়ে লুচী ক্ৰমাৎ গভীৰৰ পৰা গভীৰতৰ নিদ্ৰাত বিলীন হৈ যাবলৈ ধৰিলে।
প্ৰেমিক আৰ্থাৰে লুচীৰ পৰা পোৱা চিঠিখন পঢ়ি অত্যন্ত বিচলিত হৈ পৰিল । তেওঁ চিঠিখন আকৌ পঢ়িলে।
'যদি আজি ৰাতিটো মই বাচি যাওঁ, তেন্তে মোক লগ পাবা, নহ'লে হয়তো মোৰ মৃতদেহহে দেখিবা। প্ৰেমৰ এনে হৃদয়বিদাৰক যৱনিকা কোনো প্রেমিক-প্রেমিকাই নিবিচাৰে। কিন্তু কি কৰিম, ভূত-পিশাচৰ কথা ক'লে কোনেও বিশ্বাস নকৰে। আনকি তুমিও নকৰা। কিন্তু মই যি দুৰাৱস্থাৰ মাজেদি সময় অতিবাহিত কৰিছো, আন হোৱাহ’লে হয়তো পাগলেই হ'লহেঁতেন! ঈশ্বৰৰ ওচৰত মোৰ এটায়ে প্ৰাৰ্থনা নৰ ৰক্তপিপাসু এই প্ৰেতৰ কবলৰ পৰা যেন মানৱ সমাজ ৰক্ষা পৰে।
মোৰ মৃত্যু হ'লে আৰ্থাৰ, মোৰ সোনটো – তুমি নিজ হাতে মোৰ শ’টো কফিনত ভৰাই দিবা। মোৰ আত্মাই শান্তি পাব। পুনৰ জনম হ'লে হয়তো আমি আকৌ লগ পাম।
লিখাৰ শক্তি হেৰাই গৈছে। যদি আজি ৰাতিটো জীয়াই থাকো, তেন্তে লগ পাম, নহ'লে সিপুৰীত তোমাৰ অপেক্ষাত থাকিম
উস্ ! প্ৰতিটো ৰাতিয়ে মোৰ বাবে কি ভয়ংকৰ !
|
|
তোমাৰ, মাত্ৰ তোমাৰ
|
পুৱা ডাঃ চীৱাৰ্ডৰ ঘোঁৰা বাগী আহি শ্ৰীমতী ৱেষ্টৰ্নীৰ ঘৰৰ সন্মুখত ৰওঁতে আন এখন ঘোঁৰা বাগীও আহি তাত ৰ'লহি। দ্বিতীয়খন বাগীৰ পৰা কিংছী নামি আহিল ৷
: ‘সু প্রভাত মিঃ কিংছী, আপুনি আহিল।' ডাঃ চীৱাৰ্ডে ক'লে।
: ‘সু প্রভাত ডাক্তৰ। মই অকলেই নহয়। লগতে আন এজনকো আনিছো।' এনেতে বাগীৰ পৰা প্ৰফেচাৰ হেচ্লিংগ নামিল।
: ‘তুমি মোৰ টেলিগ্ৰাম পাইছা তেন্তে ?' প্ৰফেচাৰে সুধিলে।
: 'নাই একো পোৱা নাই।' ডাক্তৰে ক'লে।
: ‘অহ! মই যোৱাকালি ৰাতিপুৱা তোমাক লিভাৰপুললৈ আহিবলৈ টেলিগ্ৰাম কৰিছিলো। বাৰু যি কি নহওঁক, লুচীৰ অৱস্থাটো চাব লাগিব। মোৰ সন্দেহ হৈছে....' - কৈ কৈ প্ৰফেচাৰ লুচীৰ ঘৰলৈ খোজ দিলে। দুয়োজনে বিনা বাক্যব্যয়ে তেখেতক অনুসৰণ কৰিলে।
কিংচীয়ে মুখ্য দৰজাৰ ঘণ্টা বজাই অপেক্ষা কৰিলে। কিন্তু ভিতৰৰ পৰা একো সঁহাৰি নাহিল। ক্ষন্তেক অপেক্ষা কৰি তেওঁ পুনৰ ঘণ্টা বজালে। কিন্তু দৰজা খোলাৰ বা খুলিবলৈ অহাৰ একো উমঘাম নেপাই তেওঁলোক কিছু অধৈর্য হ'ল। এইবাৰ ডাঃ চীৱাৰ্ড আগবাঢ়ি গৈ দৰজাত জোৰেৰে কৰাঘাত কৰি শ্ৰীমতী ৱেষ্টণী আৰু লুচীৰ নাম ধৰি চিঞৰিবলৈ ধৰিলে। কিন্তু ভিতৰৰ পৰা কাৰো একো সহাঁৰি নেপালে।
: ‘বোধকৰো ভিতৰৰ পৰা আহি দৰজা খুলিব পৰা অৱস্থাত কোনো নাই । আনফালেদি ভিতৰত সোমাব পৰা যায় নেকি চোৱাচোন ! ” প্ৰফেচাৰে ক'লে।
: 'ঠিক আছে প্ৰফেচাৰ। আপুনি এখন্তেক ইয়াতে ৰওক। আমি চেষ্টা কৰি চাওঁ।' কৈয়ে ডাঃ চীৱাৰ্ড আৰু কিংচী ঘৰৰ দুয়োকাষে দুফালে দৌৰ মাৰিলে। তেওঁলোকে দেখিলে সকলোবোৰ খিৰিকী-দজা নিকপীয়াকৈ বন্ধ। এনেতে তলৰ মহলৰ কোঠা এটাৰ খিৰিকী এখনৰ কাঁচ ভঙা দেখি কিংচীয়ে চীৱাৰ্ডৰ দৃষ্টি আকৰ্ষণ কৰিলে। দুয়ো খিৰিকীখনৰ কাষলৈ দৌৰি গ'ল। কিংচীয়ে ভঙা অংশইদি হাত ভৰাই চিটকাণিডাল খুলি জাপ মাৰি কোঠাৰ ভিতৰ সোমাল। তেওঁৰ লগে লগে ডাঃ চীৱাৰ্ডো। কিংচীয়ে মুখ্য দৰজাখন খুলিবলৈ দৌৰ মাৰিলে। চীৱাৰ্ডে কাষৰ কোঠাত চাকৰণী কোনোবা শুই আছেনেকি বিচাৰিবলৈ ধৰিলে।
: কোঠাত সোমায়ে প্রফেচাৰে ক'লে, ‘সৰ্বপ্ৰথমে আমি লুচীক চাওঁগৈ ব’লা।'
এনেতে কাষৰ কোঠা এটাৰ পৰা চীৱাৰ্ড দৌৰি আহি ক’লে, “প্ৰফেচাৰ চাহ্লাব, এইফালে চাওকচোন, কাষৰ কোঠাটোত পৰিচাৰিকা তিনিজনী অচেতন হৈ পৰি আছে। কাষতে কিবা দৰবৰ বটল এটাও পৰি আছে।
: ‘সিহঁত কেইজনী জীৱিত হৈ আছেনে নাই চোৱা; যদি শ্বাস-প্রশ্বাস ঠিকেই লৈ আছে, তেন্তে পাছত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব। এতিয়া লুচীক চাই আহো ব’লা।' প্ৰফেচাৰে কৈ কৈ খৰ খোজেৰে দ্বিতীয় মহলাৰ ছিৰি বগাব ধৰিলে।
দ্বিতীয় মহলাত থকা শোৱনি কোঠাটোৰ সন্মুখ পাই তিনিও এখন্তেক ৰ'ল। তাৰ পাছত উদ্বিগ্নতাৰে দৰজাখন থেলি কোঠাৰ ভিতৰ সোমাল। কোঠাটোকে ধৰি সমগ্ৰ ওপৰ মহলটোত মৃত্যুৰ হিম শীতল নিস্তব্ধতাই বিৰাজ কৰি আছিল।
সন্মুখৰ লুচীৰ বিছনাখনত দুটা মৃতদেহ পৰি আছিল। এটা লুচীৰ আনটো মাকৰ ৷ মাকৰ শৰীৰটো বেৰৰ দাঁতিত আছিল, বগা কাপোৰেৰে আবৃত। মুখখন কাগজৰ দৰে শেঁতা চকু-মুখত ভীষণ আতংকৰ চাপ। লুচীৰ চেহেৰাটোও আতংকগ্রস্ত আছিল । চূণৰ দৰে শেঁতা পৰা মুখমণ্ডল, নহৰু ফুলৰ মালাধাৰ ছিঙি বিছনাত ছেদেলি-ভেদেলি হৈ সিঁচৰতি হৈ আছিল। লুচীৰ সোঁ ডিঙিত সেই সৰু ফুটা দুটা স্পষ্টকৈ জিলিকি আছিল। ফুটা দুটাত গোট মৰা তেজৰ কণিকা তেতিয়াও লাগি আছিল। কোঠাটোৰ চৌদিশে ভঙা কাঁচৰ টুকুৰা সিঁচৰতি হৈ আছিল ।
প্ৰফেচাৰ হেচ্লিংগে থৰ হৈ মৃত শৰীৰ দুটাৰ ফালে চাই ৰ'ল। তেওঁ হাওলি দেহ দুটাৰ হৃদয়ৰ গতি আৰু নাড়ী স্পন্দন পৰীক্ষা কৰিলে। তাৰ পাছত পোন হৈ ক'লে- ‘আমাৰ সকলো পৰিশ্ৰম অথলে গ'ল। যোৱা আৰ্থাৰক খবৰ দিয়া আৰু অন্ত্যোষ্টিক্ৰিয়াৰ বাবে যো-জা কৰা। সকলো শেষ হৈ গ'ল ।’
কিংচী আৰু চীৱাৰ্ডে জঠৰ হৈ ৰৈ আছিল। প্ৰফেচাৰে জোৰেৰে দুয়োকে কোঠাৰ বাহিৰলৈ লৈ আনিলে। বেদনাহত দুয়োকে সান্ত্বনা দি প্ৰফেচাৰে ক'বলৈ ধৰিলে, কৰিবলগীয়াখিনি আমি ঠিকেই কৰিছিলো। এতিয়া অনুতাপ কৰি লাভ নাই। মাত্ৰ মনত ৰাখিবা এতিয়াও কিন্তু এই ক্রিয়া কাণ্ডৰ অন্ত হোৱা নাই।'
: “কি ক’ব খুজিছে প্ৰফেচাৰ।' দুয়ো একেলগে চকিত হৈ প্ৰশ্ন কৰিলে ।
: “যিসকল এতিয়াও বাচি আছে, সেইসকলৰ ৰক্ষা কৰাৰ দায়িত্ব এতিয়া আমাৰ।' : ‘মই আপোনাৰ কথা একো বুজি পোৱা নাই !” – চীৱাৰ্ডে ক'লে।
: ‘দুদিনমান অপেক্ষা কৰা। সকলোবোৰ নিজেই বুজি পাবা। মই এতিয়াই আমাষ্টাডার্মলৈ যামগৈ। আর্থাৰ আহি পালে, মাক-জীয়েকক কবৰ দিবা আৰু শুনা, প্রচলিত ৰীতিমতে আৰ্থাৰে যদি মৃত লুচীক চুম্বন দিয়ে, তেন্তে যেন গাল বা কপালতহে দিয়ে। ওঁঠত চুমা খাবলৈ কেতিয়াও নিদিবা। কথাষাৰ কিন্তু তোমালোকে ভালকৈ মনত ৰাখিবা। লুচীৰ ওঁঠত চুমা খালে আৰ্থাৰৰো প্ৰাণৰ সংশয় হ'ব পাৰে।'
: ‘ঠিক আছে হ'ব।' চীৱাৰ্ডে ক'লে। কিন্তু তেওঁ বৃদ্ধপ্ৰফেচাৰৰ উপদেশৰ আগ গুৰি একো ধৰিব নোৱাৰিলে।
প্ৰফেচাৰ ওলাই গ'ল ।
আশা কৰাতকৈ সোনকালেই আৰ্থাৰ আহি পালে। লুচীৰ মৃত্যুৰ সংবাদ পাই তেওঁ অস্থিৰ হৈ পৰিল। দর্শনাৰ্থীৰ সুবিধাৰ বাবে লুচী আৰু মাকৰ মৃতদেহ দুটা একেটা কোঠাতে পৃথকে ৰাখি থোৱা হৈছিল। আৰ্থাৰে শেষ চুমা যাচিবলৈ অধীৰ হৈ লুচীৰ ওঁঠৰ ফালে হাওলি পৰোতেই ডাক্তৰে তেওঁক কান্ধত ধৰি বাধা দিলে। আৰ্থাৰৰ লগতে ডাক্তৰেও লক্ষ্য কৰিলে – শেঁতা পৰা লুচীৰ ওঁঠ দুটাৰ মাজেদি কুকুৰ দাঁত দুটা যেন আর্থাৰৰ ওঁঠ স্পৰ্শ কৰিবলৈ ওলাই আহিছে। ডাক্তৰৰ হকাবাধাত তেওঁ লুচীৰ কপালতে শেষ চুম্বন যাঁচি আত্মসংবৰণ কবিবলৈ বাধ্য হ'ল।
যথাসময়ত দুটা কফিনত ভৰাই প্ৰাৰ্থনা গীতেৰে কবৰস্থ কৰা হ'ল।
॥ ১৫ ॥ বহুদিন চিকিৎসালয়ত পৰি থাকি হাৰ্কাৰ এতিয়া যথেষ্ট সুস্থ। মীনা হাৰ্কাৰৰ লগতে ছাঁৰ দৰে লাগি থাকে। হাৰ্কাৰ সুস্থ হোৱাৰ কিছুদিনৰ পাছতে তেওঁৰ দেউতাকৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হৈছিল। পিতাকৰ অন্ত্যোষ্টিক্রিয়া সমাপন কৰি মীনাৰ সৈতে হার্কাৰে নিজা গাঁওৰ ওচৰৰে নগৰ এখনত কিছুদিন কটাইছিল। এক্জিটৰ নামৰ এই নগৰতে হার্কাৰে ওকালতিৰ ফাৰ্ম এখনত ভাল চাকৰি এটাও যোগাৰ কৰি ল'লে। বঙলা এটা ভাড়া কৰি দুয়ো আনন্দেৰে কালাতিপাত কৰিবলৈ মনস্থ কৰিলে। হাৰ্কাৰ যদিও এতিয়া সম্পূর্ণ সুস্থ তথাপিও মীনাই লক্ষ্য কৰিছে, কেতিয়াবা তেওঁ টোপনিতে জিকাৰ খাই উঠি ‘ড্রাকুলা ড্রাকুলা' কৈ চিঞৰে। সেই সময়ত তেওঁৰ মুখমণ্ডল ভয়ত বিবৰ্ণ হৈ যায়। মীনাই তেওঁৰ গাত ধৰি জোকাৰি দিলে হার্কাৰৰ স্বপ্ন ভংগ হৈ যায়, গভীৰ নিদ্ৰাত তেওঁ পুনৰ মগ্ন হৈ পৰে। মীনাইও এইবোৰৰ বিষয়ে একো নুসুধে বা হাৰ্কাৰৰো সম্ভৱ বিগত নিশাৰ সপোনৰ বিষয়ে একো মনত নাথাকে। দেউতাকৰ মৃত্যু হৈ যোৱাৰ পৰা যোৱা ডেৰমাহে তেওঁলোক এই নগৰখনতে আছে আৰু এনে ঘটনা তিনিবাৰ ঘটিছে।
এনে এটা সন্ধ্যা দুয়ো নগৰত ফুৰি চাকি হোটেলতে খাই-বই ভাড়া ঘৰলৈ ঘোঁৰাবাগীত উঠি আহি আছিল। বাট-পথ প্রায় জনশূন্য আছিল। এনেতে দুয়োৰে দৃষ্টি গলি এটাৰ মুখত থকা লেম্প পষ্ট এটাৰ তলত অকলশৰীয়াকৈ থিয় হৈ থকা মানৱ আকৃতিৰ এটাৰ ওপৰত পৰিল। বাগীখন ওচৰ চাপোতে মীনাই লক্ষ্য কৰিলে মানুহটোৰ চকু দুটা যেন জ্বলন্ত দুটুকুৰা অঙঠাহে। সি বাগীখনৰ যাত্ৰী দুজনৰ ফালেই চাই আছিল। বাগীখন দেখি মানুহটো দুখোজ আগবাঢ়ি আহিল। তাৰ শৰীৰটো লেম্পৰ পোহৰত পৰিষ্কাৰকৈ দৃশ্যমান হ'ল। তাৰ মুখমণ্ডল শেঁতা পৰা, নাকটো দীঘল জোঙা আৰু মুখৰ কোঁৱাৰিৰ কাষেদি কুকুৰ দাঁত দুটা যেন বাহিৰ হৈ ওলাই আছিল। মানুহটোৱে মীনাহঁতক দেখি কুকুৰ এটাৰ দৰে গোজৰি তৎক্ষণাত আন্ধাৰ গলিটোলৈ সোমাই গ'ল। সি ক'লাপোছাক পিন্ধি আছিল।
: ‘বৰ আচৰিত মানুহ! একেবাৰে ভূতটোৰ দৰে । মইতো ভয়েই খাই গৈছিলো।' মীনাই স্বগতোক্তি কৰিলে ।
হার্কাৰে মীনাৰ কথাৰ একো উত্তৰ নিদিলে বৰং তেওঁ থৰ থৰাই কঁপিবলৈ ধৰিলে।
: ‘কিয়, কি হ'ল?' হাৰ্কাৰৰ কঁপনি অনুভৱ কৰি মীনাই সুধিলে।
হাৰ্কাৰৰ সমস্ত শৰীৰ মুখমণ্ডল ঘামেৰে তিতি গৈছিল। তেওঁ সেই মানুহটো গুচি যোৱা আন্ধাৰ গলিটোৰ ফালে ভয়ার্ত দৃষ্টিৰে চাই আছিল। তেওঁ কঁপি কঁপি সেহাই মাথো মীনাক ক’লে, ‘মীনা দেখিলা, সেইটো, সি মোক বিচাৰিয়ে ইয়ালৈ আহিছে, সি মোক মাৰি পেলাব - হে প্ৰভু! ৰক্ষা কৰা! '
: ‘কোন হয় সি ? তুমি ইমান ভয় খাইছা কিয় ?' হাৰ্কাৰৰ গাত জোকাৰি মীনাই সুধিলে ।
: “কাউন্ট ড্রাকুলা। সি বুঢ়াৰ পৰা ডেকা হৈ আহিছে। হে প্রভু! এই চয়তানটো ইয়ালৈ কেনেকৈ আহিল। সিয়ে মোক মহলটোত বন্দী কৰি থৈছিল। সি মানুহৰ তেজ পি পি যৌৱন ঘূৰাই পাইছে! সি, সি মোৰো তেজ পিব।' কৈ কৈ ভয়তে হাৰ্কাৰ অচেতন হৈ ঢলি পৰিল। মীনাই লৰালৰিকৈ তেওঁক বাগৰি নপৰাকৈ ধৰি ৰাখিলে। কচোৱানটোৱে সম্ভৱ কিবা উমান পাইছিল। সি সুধিলে, 'কি হৈছে, মেম্চাব!'
মীনাই মাথো ক'লে, 'অলপ সোনকালে ব’লা। এওঁৰ মাজে মাজে অচেতন হোৱা বেমাৰ আছে। ঘৰত জিৰণি ল'লেই ভাল পাব।'
ডাক্তৰ চীৱাৰ্ডৰ পৰা পোৱা চিঠিখনেও মীনাৰ মনটো ভাৰাক্ৰান্ত কৰি তুলিলে। সিদিনা চিঠিখন পোৱাৰে পৰা তেওঁ উদাস হৈ পৰিছিল। চীৱাৰ্ডে লিখিছে লুচী আৰু তেওঁৰ মাতৃৰ অকালতে মৃত্যু হ'ল। লুচীৰ মৃত্যুয়ে আৰ্থাৰক ইমান বেদনাহত কৰিছে যে আৰ্থাৰে প্ৰায় স্বাভাৱিক জীৱন-যাত্ৰা ত্যাগ কৰিছে। বিশেষতঃ প্ৰফেচাৰ হেচ্লিংগেও পৰাজয়ৰ গ্লানিত অতি বিমৰ্ষিত হৈ পৰিছে। প্ৰফেচাৰৰ দৃঢ়মত যে লুচীৰ শৰীৰৰ ৰক্ত কোনোবা নৰৰক্ত পিপাসু পিশাচে শোষণ কৰাৰ ফলতে তেওঁৰ অকাল মৃত্যু হ'ল। প্ৰফেচাৰে সেইবাবে সকলোকে সাৱধানে থাকিবলৈ পৰামৰ্শ দিছে। বিশেষতঃ যিসকলৰ লগত লুচীৰ সম্পৰ্ক আছিল। নহ'লে হয়তো অনৰ্থও হ'ব পাৰে।
লিভাৰপুল নগৰৰে উচ্চ-মধ্যবৰ্গীয় লোক বসবাস কৰা সৰু এলেকাটোৰ নাম হেম্পৰষ্টীড। ঠাই টুকুৰাৰ প্ৰাকৃতিক সৌন্দৰ্য অনুপম। সেইবাবে নগৰৰ অন্যপ্ৰান্তৰ লোকে ইয়ালৈ বনভোজ খাবলৈ বা এনেয়ে ফুৰিবলৈ আহে। আহল-বহল ৰাস্তাটোৰ একাষে গীৰ্জাটো। তাৰ বিপৰীত দিশত প্ৰাইভেট নাৰ্চাৰী স্কুলখন। পানী খোৱা ছুটীত ল'ৰা-ছোৱালীবোৰে গীৰ্জাটোৰ পাছফালে লুকাভাকু খেলিবলৈ প্ৰায় আহে। পাছফাল টুকুৰা জোপোহা গছ, বনৰীয়া ফুল আৰু সৰু-ডাঙৰ বিভিন্ন গছ-বিৰিখ দূৰলৈকে বিস্তৃত হৈ আছে।
যোৱা কিছুদিন ধৰি হেম্পষ্টীডক কেন্দ্ৰ কৰি জন-ৰৱ এটাই যথেষ্ট প্ৰচাৰ পাইছে। গৃহস্থসকলে এনে জন-ৰৱত বৰ গুৰুত্ব দিয়া নাছিল যদিও ল'ৰা-ছোৱালীৰ মাজত আৰু তিৰোতা মহলত জন-ৰৱটোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছিল।
ল'ৰা-ছোৱালীবোৰে স্কুল ছুটীৰ পাছত ঘৰলৈ আহি প্ৰায়ে মাকহঁতক অচিনাকি মহিলা এগৰাকীৰ বিষয়ে কয়। এনে অচিনাকি মহিলাৰ সাক্ষাত পোৱা ল'ৰা- ছোৱালীবোৰ প্ৰায়ে পলমকৈ ঘৰলৈ ওভতিছিল। সিহঁতৰ মতে ঘৰলৈ আহি থাকোতে অকলশৰীয়া হোৱা শিশুহঁতক অচিনাকি মহিলাজনীয়ে মৰমেৰে মাতে আৰু আদৰ- সাদৰ কৰি কোলাত তুলি লয় আৰু গীৰ্জাৰ পাছফালে লুকা-ভাকু খেলিবলৈ মাতি লৈ যায়। মানুহগৰাকীৰ সাদৰি মাত কথাত শিশুহঁতে ঘৰৰ কথা একেবাৰে পাহৰি পেলায়। খেলা শেষ কৰি মহিলা গৰাকীয়ে শিশুহঁতক গালে-মুখে চুমা খাই ঘৰমুৱা ৰাস্তাত এৰি থৈ ক'ৰবাত অন্তৰ্ধান হয়। শিশুহঁতে তেওঁক 'ব্লুফাৰ লেডী' নাম দিছে।
ল'ৰা-ছোৱালীবোৰে ব্লুফাৰ লেডীক ইমান ভাল পাই পেলাইছে যে প্ৰত্যেকটোৱে তেওঁক লগ পাবলৈ বিয়াকুল হৈ থাকে। স্কুল ছুটীৰ পাছত শিশুহঁত ঘৰলৈ নাহি গীৰ্জাৰ পাছফালে ব্লুফাৰ লেডীক বিচাৰি ঘূৰি ফুৰে। ল'ৰা-ছোৱালীহঁতৰ ‘ব্লুফাৰ লেডী’ৰ কাহিনীক গৃহস্থহঁতে শিশুমনৰ কাল্পনিক চৰিত্ৰ বুলি প্ৰথমে আওকাণ কৰি আছিল যদিও ব্লুফাৰ লেডীৰ সাক্ষাৎ লভা কেইবাটাও শিশুৰ যেতিয়া অকাল মৃত্যু হ'ল, ঘটনাটোৱে তেতিয়াহে সকলোকে সজাগ কৰি দিলে। তাৰ দুদিনমানৰ পাছৰ পৰা শিশু দুই-এটাকৈ অন্তৰ্ধান হ'বলৈ ধৰিলে। মৃত্যু হোৱা বা অন্তৰ্ধান হোৱা শিশুহঁতক ব্লুফাৰ লেডীৰ সৈতে খেলি থকা দেখিছিল বুলি যেতিয়া সিহঁতৰ লগৰীয়াবিলাকে অভিভাবকক গোচৰ দিলে, তেতিয়া ব্লুফাৰ লেডীক বিচাৰ-খোচাৰ কৰা আৰম্ভ হৈ গ'ল। সন্ধ্যা ঘৰলৈ ওভতি আহি আচম্বিতে মৃত্যু মুখত পৰা শিশুহঁতৰ শৰীৰত কোনো বেমাৰৰ লক্ষণ প্রকাশ পোৱা নাছিল। আনকি ডাক্তৰেও বেমাৰ ধৰিব পৰা নাছিল । ব্লুফাৰ লেডীৰ লগত ৰং-ধেমালি কৰি সন্ধ্যা অকলশৰে ঘৰলৈ ওভতি অহা শিশুবোৰ শেঁতা পৰিছিল। সিহঁতৰ ডিঙিত দুটা সৰু দাগ ডাক্তৰে আৱিষ্কাৰ কৰিছিল। কিন্তু বেজীয়ে ফুটোৱাৰ দৰে দাগ দুটা কিহৰ ঠিক থাৱৰ কৰিব নোৱাৰিছিল। লাহে লাহে তেনে শিশুবোৰ ৰক্ত শূন্য হৈ দুদিনমানৰ পাছত মৃত্যু মুখত পৰিছিল।
এই নতুন ঘটনা প্রবাহে বাতৰিকাকতবোৰক বিক্ৰীৰ বাবে ভাল খোৰাক দিলে । হেম্পৰষ্টীডত বাতৰি সংগ্ৰাহককে ধৰি খবৰ ল'বলৈ অহা বিভিন্ন লোকৰ ভিৰ হ'বলৈ ধৰিলে। অলপ ধতুৱা বহুতে ঘৰ-দুৱাৰ এৰি নিজা সন্তানহঁতক লৈ আঁতৰলৈ গ'লগৈ। বিভিন্ন মুখৰোচক আৰু কাল্পনিক কাহিনীৰ ভিৰত বাতৰিকাকতৰ বিক্ৰী হুৰাহুৰে বাঢ়িবলৈ ধৰিলে। কিন্তু প্রকৃত সত্যৰ সন্ধান কেৱে উলিয়াব নোৱাৰিলে।
৷৷ ১৬ ৷৷
লুচীৰ অকাল বিয়োগৰ পাছত আৰ্থাৰ ফ্ৰান্সলৈ গ'লগৈ। কিংচী আৰ্থাৰৰ সহযোগী হ'ল। ডাঃ চীৱাৰ্ড নিজা চিকিৎসালয়ত ব্যস্ত হৈ পৰিল ।
এনে এদিনতে ডাঃ চীৱাৰ্ড নিজা কক্ষত বহি ৰোগীৰ ৰিপ'ৰ্টবোৰ চাই থাকোতে প্ৰফেচাৰ ৱান হেচ্লিংগৰ পৰা অহা চিঠি এখন পালে। চিঠিখনৰ লগত বাতৰি কাকতৰ কাটিং কেতবোৰো আছিল।
সংক্ষিপ্ত চিঠিখনত প্ৰফেচাৰে লিখিছিল
‘প্ৰিয় চীৱাৰ্ড,
বহুত দিন হ'ল তোমাৰ খা-খবৰ নোপোৱা ! সম্ভৱ কুশলে আছা। লণ্ডনৰ পৰা প্ৰকাশিত বাতৰি কাকত এখনৰ কাটিং কেতবোৰ ইয়াৰ লগতে গাঁথি দিছো। পঢ়ি উঠি কি সিদ্ধান্তত উপনীত হোৱা জনাবা। অতি সোনকালে লগ পোৱাৰ আশাৰে—
- তোমাৰ
- ৱান হেচ্লিংগ।'
ডাঃ চীৱাৰ্ডে বাতৰিকাকতৰ কাটিংবোৰ এখন এখনকৈ পঢ়ি গ'ল। সেইবোৰ প্রতিবেদন বা সংবাদতকৈ ৰহস্য কাহিনীৰ দৰেহে আছিল। পঢ়া শেষ হ'লত আগ-গুৰি একো ধৰিব নোৱাৰি তেওঁ সেইবোৰ মেজৰ দেৰাজত ভৰাই থ'লে। প্ৰফেচাৰে এনে আজগুবি ৰহস্য কাহিনীৰ কিয় গুৰুত্ব দিছে ডাক্তৰে ভাবি একো থিৰাং কৰিব নোৱাৰিলে ।
দুদিনমানৰ পাছত চীৱাৰ্ডক প্ৰফেচাৰে সাক্ষাৎ কৰিলে। : ‘কাগজবোৰ পঢ়িছিলা নে ?” প্ৰফেচাৰে পোনছাটে সুধিলে।
: 'পঢ়িছিলো। পিছে একো ধৰিব নোৱাৰিলো।' চীৱাৰ্ডে ক'লে।
: ‘কিয়? লুচীক হেম্পৰষ্টীডত গীৰ্জাৰ পাছফালে কবৰ দিয়া নাছিল জানো ? শিশুহঁতক দেখোন ব্লুফাৰলেডীয়ে সেই গীৰ্জাৰ ওচৰে-পাজৰেই দেখা দিয়ে! এতিয়াও একো বুজি পোৱা নাইনে ?
: ‘আপুনি কি ক'ব খুজিছে? লুচীৰ কবৰ আৰু শিশুবোৰৰ মৃত্যু হোৱা ঘটনাৰ লগত কি সংযোগ আছে ?”
: “ঠিক আছে। আজি আমি হেম্পাৰষ্টীডলৈ যাম। ৰাতি লুচীক সাক্ষাত কৰিম। হ’বতো?' প্ৰফেচাৰে ৰহস্যৰ হাঁহি মাৰি ক'লে।
: “লুচীৰ লগত?’
: “শুনা, যিবোৰ শিশুৰ অচিন ৰোগত মৃত্যু হৈছে, সিহঁতৰ প্ৰত্যেকৰে ডিঙিত দুটা দাগ দেখা গৈছে। যিদৰে লুচীৰ ডিঙিত দেখা গৈছিল। এয়া ৰিপ'ৰ্টবোৰতে লিখা আছে। গতিকে ঘটনাবোৰ মিলাই চোৱা।'
: “প্ৰফেচাৰ ! বৈজ্ঞানিক যুগত ভূত-প্ৰেতৰ অস্তিত্ব আছে নে ? মই সেইবোৰ একো বিশ্বাস নকৰো।' – চীৱাৰ্ডে অবিশ্বাসৰ ভংগীৰে ক'লে।
: ‘চোৱা ! ময়ো এজন বৈজ্ঞানিক। কিন্তু মানুহৰ মৃত্যুৰ পাছত কি হয়, আত্মাবোৰৰ অস্তিত্ব আছে নে নাই – সেয়া বিজ্ঞানে প্ৰমাণ কৰিব নোৱাৰে। মই এই বিষয়ত যথেষ্ট পঢ়াশুনা কৰিছো। মোৰ বিশেষজ্ঞ বন্ধু এজনৰ লগতো এই সম্পর্কে কথা-বতৰা পাতিছো। লুচীৰ শেঁতা পৰি যোৱা মৃতদেহটো দেখি মোৰ সন্দেহ হৈছিল। গতিকে মই তেওঁৰ লগত এই বিষয়ে সবিস্তাৰে আলোচনা কৰিছিলো। তেতিয়াই মোৰ সন্দেহ বদ্ধমূল ধাৰণালৈ ৰূপান্তৰিত হৈছিল। ভূত-প্রেত, আত্মা আদি আধিভৌতিক শক্তিক বিজ্ঞানে পৰীক্ষাগাৰত প্ৰমাণ কৰিব নোৱাৰে। কিন্তু প্রাচীন যুগত তান্ত্রিকসকলে আত্মবলেৰে এইবোৰৰ অস্তিত্ব ধৰা পেলাই তাৰ আক্ৰমণৰ পৰা ৰক্ষা পৰাৰ উপায়ো উদ্ভাৱন কৰিছিল। আমি প্রয়োজনত তাৰে সহায় ল'ব লাগিব।'
॥ ১৭ ॥
লিভাৰপুল ষ্টেচনত ৰেলগাড়ীখন ৰওতে সন্ধিয়া লাগি ভাগিছিল। ইতিমধ্যে প্ৰফেচাৰৰ টেলিগ্রাম পাই কিংছী আৰু আৰ্থাৰো আহি তাত উপস্থিত হৈছিলহি। ৰেলৰ পৰা নামি আটাইকেইজন হেম্পাৰষ্টীডলৈ ৰাওনা হ'ল। কিংছী আৰু আৰ্থাৰে প্ৰফেচাৰক কিবা সুধিব খুজিও অজ্ঞাতবশতঃ মুখ জপাই থৈছিল। কিন্তু অবিশ্বাস আৰু কৌতূহলে তেওঁলোকৰ মনবোৰ থৌকি বাথৌ কৰিছিল। ৱান হেচ্লিংগে হঠাতে ঘূৰি তেওঁলোকৰ কৌতূহল নিবৃত্তি কৰিবলৈ ক'লে- 'তোমালোকৰ সম্ভৱ মোৰ কথা একেবাৰে বিশ্বাস হোৱা নাই। নোহোৱাৰ কথাই কাৰণ তোমালোক আধুনিক শিক্ষাৰে শিক্ষিত। তোমালোকৰ বাবে ভূত-প্ৰেতৰ অস্তিত্ব মাত্র অন্ধবিশ্বাহে! কিন্তু তোমালোকক মই যিটো দৃশ্য দেখুৱাবলৈ নিছো সেয়া নিজ চকুৰে প্রত্যক্ষ কৰাৰ পাছত অবিশ্বাস নিশ্চয় বিশ্বাসলৈ সলনি হ'ব।' প্ৰফেচাৰে জেপৰ পৰা তিনিডাল পবিত্র ক্ৰছ উলিয়াই প্রত্যেককে এডালকৈ দি ক'লে – ‘এয়া লোৱা, পিন্ধি লোৱা। এই কেইডাল ডিঙিত ওলমি থাকিলে ভূত-প্রেতে আক্ৰমণ কৰিব নোৱাৰে। আৰু এয়া বনৰীয়া নহৰুৰ মালা। লগত থাকিলে ভূত-প্রেত পিশাচ কাষ চাপিব নোৱাৰে। এতিয়া বুজিছানে, মই লুচীক কিয় বনৰীয়া নহৰুৰ মালা পিন্ধিবলৈ দিছিলো। সেই সময়ত মই তোমালোকক সবিস্তাৰে এইবোৰ কোৱা নাছিলো। কাৰণ মই জানিছিলো তোমালোকে মোৰ কথা বিশ্বাস নকৰি হাঁহি উৰুৱাই দিবা।’
মাজনিশাৰ অভিযানলৈ যোৱাৰ পূৰ্বে আহাৰ খাই বিশ্রাম ল'বলৈ আটাই কেইজন হেম্পৰষ্টীডৰ ৰেষ্টুৰা এখনলৈ সোমাই গ'ল।
নিশা ১১-৩০ বজাত তেওঁলোক ৰেষ্টুৰাৰ পৰা ওলাই আহিল। ৱান হেচ্লিংগে অভিযানৰ নেতৃত্ব দিছিল। গহীন ৰাতি তেওঁলোক গীৰ্জাৰ কাষ চাপি আহিল। হেচ্লিংগে গীর্জাৰ মুখ্য দ্বাৰখন নিশব্দে খুলি বাকী তিনিজনক ভিতৰলৈ মাতিলে। সকলো সোমাই আহিলত তেওঁ দৰজাখন পূর্ববত বন্ধ কৰি ক'লে – ‘আমি গীৰ্জাৰ পাছফালৰ দৰজা খুলি কবৰস্থানত প্ৰবেশ কৰিম। মোৰ লগে লগে আহি থাকা। গীৰ্জাৰ পাছফাল টুকুৰা জোপোহা জাৰনিৰে ভৰি আছে। গতিকে সেই ফালেদি গ'লে কাৰো দৃষ্টিত পৰাৰ আশংকা নাথাকে।'
তেওঁলোক গীৰ্জাৰ বাওঁফালৰ দুৱাৰেদি কবৰস্থানত প্ৰবেশ কৰিলে। প্ৰফেচা হেচ্লিংগে জেপৰ পৰা সৰু টৰ্চ এটা উলিয়াই তাৰ ক্ষীণ পোহৰত আগবাঢ়ি যাবলৈ ধৰিলে। টৰ্চৰ পোহৰে গহীন নিশাৰ অন্ধকাৰৰ বিভীষিকা আঁতৰ কৰিব পৰা নাছিল। বৰঞ্চ ক্ষীণ পোহৰে ভয়াবহতা বৃদ্ধিহে কৰিছিল। নৈশ পতংগৰ ৰি-ৰিয়নি শব্দৰ বাহিৰে অন্য ক’তো সাৰি শব্দ নাছিল।
গীৰ্জাৰ পৰা কবৰস্থানলৈ থকা দূৰত্বখিনি ঘন জোপোহা আৰু কাঁইটীয়া বনৰ মাজেৰে নিশব্দে অতিক্ৰম কৰি তেওঁলোক লক্ষ্যত উপনীত হ'ল। প্ৰফেচাৰে এনে সাৱলীল ভংগীৰে গৈ আছিল যেন তেওঁ ইতিপূৰ্বে ইয়ালৈ কেবাবাৰো আহিছে । তেওঁৰ টৰ্চৰ ক্ষীণ পোহৰত কবৰৰ নামফলকবোৰ জিলিকি উঠিল। এটা সৰু নতুন কবৰ ফলকৰ ওচৰত উপস্থিত হৈ তেওঁ ক’লে, ‘লুচীৰ কবৰ এইটোৱে নহয় জানো? চাই লোৱা।'
তিনিওজন উচপ খাই উঠিল। আৰ্থাৰৰ শেঁতা পৰি থকা মুখখন ভয়তে আৰু শেঁতা হৈ পৰিল। কিন্তু কিংছী আগবাঢ়ি গৈ হাওলি ফলকখনৰ নামটো পঢ়িবলৈ ধৰিলে। থিয় হৈ প্ৰফেচাৰক ক'লে, ‘হয় লুচীৰ কবৰ এইটোৱে।'
‘ঠিক আছে’ বুলি কৈ তেওঁলোকে কবৰৰ ওপৰৰ ঢাকনিখন আঁতৰাই দিলে। ভিতৰত কফিনটো আছিল। প্ৰফেচাবে কফিনৰ ঢাকনি খুলিবলৈ নিৰ্দেশ দিলে। কফিন ঢাকনিখন আঁতৰাই দিয়াত তিনিওৰে মুখৰ পৰা চেপা আর্তনাদ ভাহি আহিল। টৰ্চৰ ক্ষীণ পোহৰত তেওঁলোকে দেখিলে - কফিনৰ ভিতৰখন সম্পূর্ণ খালী। যেন তাত কেতিয়াও একো মবাশ থোৱাই হোৱা নাছিল।
: ‘কফিনটো উদং হৈ থকা নাই জানো ?” প্রফেচাৰে সুধিলে।
: ‘হয়। কিন্তু লুচীৰ শৱটো কি হ'ল ? বৰ আচৰিত কথা!' আৰ্থাৰে কঁপা মাতেৰে ক'লে।
: “নিশ্চয় কোনোবা হতভগীয়া ল'বাৰ কেঁচা তেজ পিবলৈ গৈছে। মই তোমালোকক সেইটোকে দেখুৱাবলৈ লৈ আনিছো।
: “কিন্তু এনেওতো হ’ব পাৰে যে, লুচীৰ শৱটো কোনোবাই কিবা উদ্দেশ্যেৰে চুৰি কৰি নিছে ?” আর্থাৰে সুধিলে।
: ‘হ'ব পাৰে।' প্ৰফেচাৰে হাঁহি মাৰি ক'লে, 'শৱটো চুৰি হ'লে সি পুনৰ ইয়ালৈ নাহে। মই তোমালোকক তাকে দেখুৱাবলৈ মাতি আনিছো। এতিয়া পাছলৈ যোৱা, মোক এতিয়া কাম কৰিবলৈ দিয়া।' কৈ কৈ প্ৰফেচাৰে তিনিওজনকে পাছলৈ পঠিয়াই লগত অনা মোনাটোৰ পৰা নহৰুৰ মালা উলিয়াই কফিনটোৰ চাৰিওফালে বান্ধি দিলে। বটলৰ পবিত্ৰ জল চাৰিওফালে ছটিয়াই দিলে।
: ‘লুচীৰ প্রেতাত্মা ওভতি অহাব সময় হৈছে। আৰ্থাৰ আৰু চীৱাৰ্ড তোমালোক সৌ দেবদাৰুজোপাৰ আঁৰলৈ যোৱা। কিংছী আৰু মই এই জোপোহাৰ আঁৰত লুকাই থাকিম। এই কবৰলৈ অহা প্ৰত্যেকটো বস্তুৰ ওপৰত আমি চকু দি থাকিম। সোনকালে কৰা— কুইক!' প্ৰফেচাৰে ক'লে।
আৰ্থাৰৰ ভয়ত শেঁতা পৰা মুখখনলৈ চাই চীৱাৰ্ডে ক'লে, “ভয় নকৰিবা। তোমাৰ ডিঙিত এই ক্রচডাল থকালৈকে একো বিপদ নহয়। তদুপৰি প্ৰফেচাৰ আমাৰ লগত আছেই।' – দুয়ো দেবদাৰু জোপাৰ আঁৰলৈ তৎক্ষণাত গ'লগৈ ।
প্ৰফেচাৰ ৱান হেলিংগ আৰু কিংছী কবৰটোৰ সিদাঁতিত জোপোহাৰ আঁৰত লুকালগৈ। কৃষ্ণপক্ষৰ ক্ষীণ জোনটোৱে আকাশত ডাৱৰৰ লগত লুকা-ভাকু খেলি আছিল। আৰু তাৰফলত কৰস্থানত সৃষ্টি হোৱা ছাঁ-পোহৰে ভয়াবহ ৰহস্য জালৰ সৃষ্টি কৰিছিল। কিছুসময় নিস্তব্ধতাৰ মাজেৰে পাৰ হৈ গ'ল। এনেতে অদূৰৈৰ গীর্জাত দুই বজাৰ ঘণ্টা বাজি উঠিল। প্ৰফেচাৰে লৰচৰ কৰি কিহবাৰ অপেক্ষাত সাজু হৈ ৰ'ল ৷
কিংচীয়ে দেখিলে আঁতৰৰ পৰা কুঁহেলিকাৰ জাল ফালি বগা আকৃতি এটা তেওঁলোকৰ ওচৰৰে কবৰটোলৈ আহি আছে। মূৰ্তিটোৱে কোলাত কিবা এটা টোপোলা ধৰি আনিছিল। মূৰ্তিটোৰ মুখখন স্পষ্ট নাছিল। কিন্তু অনুভৱ হৈছিল সি যেন আলাসতহে আহিছে। কাৰণ মূৰ্তিটো আগবাঢ়ি আহি থাকোতে জোপোহাবোৰ অলপো লৰচৰ কৰা নাছিল। জোনটো ডাৱৰে ঢাকি ৰখাত মূৰ্তিটো আৰু চৌপাশবোৰ অস্পষ্ট হৈ পৰিছিল।
বগা মূৰ্তিটো আহি কবৰৰ কাষ চপাত জোনটো ডাৱৰৰ আঁৰৰ পৰা ওলাই আহিল। চন্দ্ৰমাৰ স্নিগ্ধ কিৰণত কবৰস্থানৰ ভৌতিক জয়াল পৰিবেশ পৰিস্ফুট হৈ পৰিল। সকলোৱে দেখিলে - বগা কাপোৰ পৰিধান কৰা মুক্ত কেশৰ যুৱতী এজনীয়ে কোলাত লৈ থকা শিশু এটাক চুমা খাই আছে। হঠাতে যেন শিশুটো টোপনিৰ পৰাহে সাৰ পালে- সি ভয়ত বিতত হৈ কান্দিবলৈ ধৰিলে।
প্ৰফেচাৰে কিংচীৰ হাতত ধৰি আগবাঢ়ি যাবলৈ ইংগিত কৰিলে। দুয়ো জোপোহাৰ আঁৰৰ পৰা ওলাই আহিল। তেওঁ সুহুৰিৰ সংকেত পাই আন দিশৰ পৰা চীৱাৰ্ড আৰু আৰ্থাৰ আগবাঢ়ি আহিল। বগা কাফন পৰিহিতা মূৰ্তিটোৱে থৰ হৈ সম্ভৱ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰিছিল। হঠাত মূৰ্তিটোৱে লৰচৰ কৰি উঠিল। তাই আগুৱাই গৈ চীৱাৰ্ড আৰু আৰ্থাৰৰ সন্মুখীন হ'ল। দুয়ো দেখিলে মূৰ্তিটো তেওঁলোকৰ পৰিচিতা লুচীৰ।
আৰ্থাৰে গভীৰ হুমুনিয়াহ এটা কাঢ়িলে। উত্তেজনাত তেওঁৰ সৰ্ব শৰীৰ কঁপিছিল। চীৱাৰ্ডে তেওঁক ধৰি নথকা হ'লে হয়তো তেওঁ ভূলুণ্ঠিত হ'লহেঁতেন। তেওঁলোকে পূর্বে দেখা লুচীৰ চেহেৰাৰ মাধুৰ্যতা আৰু কমনীয়তাৰ ঠাইত এইজনী লুচীৰ মুখত প্ৰকাশ পোৱা হিংস্ৰতা আৰু জিঘাংসাই আৰ্থাৰৰো বুকু কঁপাই দিছিল। তাই এখোজ দুখোজকৈ আৰ্থাৰহঁতৰ ফালে আগুৱাই আহি থাকোতেই আনদিশৰ পৰা অহা প্ৰফেচাৰে সৰু লাইটটো জ্বলাই দিলে। পোহৰত লুচীৰ প্রেতাত্মাৰ ভয়ানক মুখখন জিলিকি উঠিল। তাইৰ মুখৰ কোৱাৰিয়েদি বৈ অহা শিশুটোৰ কেঁচা ৰক্তৰ ধাৰাই তাইক ইমান নিৰ্দয়ী আৰু ভয়ংকৰী কৰি তুলিছিল যে প্ৰফেচাৰ হেচ্লিংগো ক্ষণিকৰ বাবে কঁপি উঠিল। লুচীয়ে নৃশংসতাৰে ৰঙা চকুহাল বহলকৈ মেলি যেন পৰিস্থিতি বুজিবলৈ চেষ্টা কৰিছিল। হঠাতে তাই প্ৰফেচাৰৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি বনৰীয়া মেকুৰীয়ে গোজৰাৰ দৰে গোঁ-গোঁৱনী তুলি দুখোজমান পাছলৈ গ'ল। তাইৰ দৃষ্টি অতি ভয়ংকৰ হৈছিল। উপস্থিত চাৰিওজন কিঞ্চিত আতংকিত হৈ পৰিল।
লুচীয়ে নিজৰ অৱস্থিতি সম্পর্কে সচেতন হৈ উঠিল। তাই কোলাৰ শিশুটো নির্দয়তাৰে দলি মাৰি দি প্ৰফেচাৰৰ ওপৰত বনৰীয়া মেকুৰীৰ দৰে জপিয়াই পৰিবলৈ উদ্যত হ'ল। মাটিত পৰি শিশুটোৱে দুখ পাই চিঞৰি কান্দিবলৈ ধৰিলে। তাৰ কান্দোনে মৰিশালীৰ ভয়াবহ নিস্তব্ধতা ভংগ কৰিলে। তাৰ কান্দোনে লুচীৰ দৃষ্টি পুনৰ তালৈ আকৰ্ষণ কৰিলে। সেই ছেগতে প্ৰফেচাৰে তাইৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ নিজৰ গাটো মন্ত্রপূত নহৰুৰে বান্ধি ল'লে। পুনৰ মূৰ তোলোতে তাইৰ দৃষ্টি এইবাৰ আৰ্থাৰৰ ওপৰত পৰিল। তাই থৰ হৈ আৰ্থাৰৰ ফালে চাই থাকিল। তাই যেন কিবা মনত পেলাবলৈ চেষ্টা কৰিছে। হঠাতে তাইৰ মুখমণ্ডলৰ পৰা হিংস্ৰতা-ক্ৰুৰতা অন্তর্হিত হ'ল- তাৰ ঠাই ল'লে পূৰ্বৰ মোহনীয়তাই। তাই আস্তিনেৰে কোৱাৰিৰ তেজ মচি ল'লে। তাইৰ চকু-মুখত অভূক্ত বাসনাই পৰিষ্কাৰ ৰূপত জিলিকি উঠিল। মোহক হাঁহিৰে হাতদুখন আগবঢ়াই আৰ্থাৰৰ চকুত চকু ৰাখি তেওঁক বাসনা জৰ্জৰিত কণ্ঠেৰে মাতিবলৈ ধৰিলে, ‘মোৰ কাষ চাপি আহা আৰ্থাৰ ! তোমাৰ ওঁঠৰ চুমাৰ বাবে মই ব্যাকুল হৈ ৰৈ আছো । আহা মোৰ সোণটো, মোক আকোঁৱালি লোৱা !'
তাইৰ মধুৰ কণ্ঠত মন্ত্রমুগ্ধ হৈ আৰ্থাৰে তাইক আকোঁৱালি ল'বলৈ আগবাঢ়ি আহিল। ডাক্তৰ চীৱাৰ্ডে আৰ্থাৰৰ ফালে চালে। তেওঁৰ অনুভৱ হ'ল- আৰ্থাৰ যেন বাহ্যিক জ্ঞান শূন্য হৈ লুচীৰ ফালে এখোজ-দুখোজকৈ আগুৱাই গৈছে। আৰ্থাৰ আৰু লুচীৰ মাজৰ দূৰত্ব ক্ৰমাৎ কমি আহিবলৈ ধৰিলে। হয়তো আৰ্থাৰে লুচীক নিজ বাহুবন্ধনত আৱদ্ধ কৰিলেহেঁতেন, যদিহে প্ৰফেচাৰ হেচ্লিংগে বাধা প্ৰদান নকৰিলহেঁতেন। তেওঁ একেজাপে আৰ্থাৰৰ সন্মুখত উপস্থিত হৈ হাতত লৈ থকা সোণৰ ক্ৰছডাল ডাঙি ধৰিলে । পবিত্ৰ ক্ৰছ দেখাৰ লগে লগে লুচীয়ে চীৎকাৰ কৰি দুখোজ হোঁহকি গ'ল। তাইৰ দৃষ্টিত যদি ভস্মীভূত কৰাৰ ক্ষমতা থাকিল হয়, তেন্তে প্ৰফেচাৰ নিশ্চিতৰূপে জ্বলি ছাই হৈ গ'লহেঁতেন। হাতৰ চিকাৰ হেৰালে বাঘিণী এজনী যিদৰে হিংস্ৰ হয়, তায়ো তেনে হিংস্র দৃষ্টিৰে প্ৰফেচাৰলৈ চাব ধৰিলে। তাই পাছ হোঁহকি তেওঁলোকৰ কাষেদি কবৰটোলৈ দৌৰি গ'ল। কিন্তু কবৰৰ কাষত তাই পুনৰ থমকি ৰ'ল, যেন তাইক অজ্ঞাত শক্তিয়ে টানি ধৰিছে। প্ৰফেচাৰে নিৰ্ভয়ে এইবাৰ তাইৰ মুখত টৰ্চৰ পোহৰ পেলালে। জালত বন্দী বিষাক্ত সাপৰ দৰে হিচ্ হিচনি তুলি তাই দুই কোৱাৰিয়েদি জোঙা দাঁত দুটা উলিয়ালে । কিন্তু তাই এইবাৰ শেঁতা পৰিছিল আৰু ক্ষন্তেক পূৰ্বতে থকা ভয়ংকৰ চেহেৰাৰ ঠাইত অজান ভীতিহে মুখমণ্ডলত ফুটি উঠিছিল।
প্ৰফেচাৰে আৰ্থাৰৰ কান্ধত হাতখন থৈ সুধিলে, “এতিয়া মই মোৰ কাম আৰম্ভ কৰো। এইজনী লুচী নহয়। তাইৰ প্রেতাত্মা বুজি পালানে?'
আৰ্থাৰে দুয়ো হাতেৰে মুখ ঢাকি উচুপি উঠিল, 'যি ভাল দেখে কৰক ; মই সপোনতো ভবা নাছিলো লুচী যে পিশাচিনীলৈ পৰিৱৰ্তন হ'ব।'
ৱান হেচ্লিংগে কফিনৰ পৰা নহৰুৰ ফুলবোৰ আঁতৰাই দিলে। কবৰত সিঁচি থোৱা মালাবোৰো চীৱাৰ্ডক আঁতৰাবলৈ নিৰ্দেশ দিলে। সেইবোৰ আঁতৰোৱা হ'লত সকলোৱে দেখিলে – লুচীৰ শৰীৰটো যাক তেওঁলোকে ইমানপৰে স্থূলকায়া বুলি ভাবি আছিল, লাহে লাহে কুঁৱলীৰ ৰূপলৈ কফিনটোলৈ সোমাই গ'ল। তাই কফিনটোত প্রবেশ কৰাৰ লগে লগে প্ৰফেচাৰে কফিনটোত আৰু কবৰটোত পবিত্ৰ ফুলবোৰ পুনৰ ছটিয়াই দিলে।
: ‘লুচীৰ আত্মাক প্রেত-যোনীৰ পৰা মুক্তি দিয়াৰ পূৰ্বে মই এটা কথা স্পষ্ট কৰি দিব বিচাৰো, মই এইবিলাক তন্ত্রবিদ্যা ওজা এজনৰ পৰা শিকিছো। ওজাজনে বহু বছৰ ধৰি প্ৰাচীন ভাৰতীয় তন্ত্রবিদ্যা অধ্যয়ন আৰু গবেষণা কৰিছিল। আধুনিক বিজ্ঞানে প্রয়োগশালাত প্ৰমাণ কৰিব নোৱাৰা বহু আধিভৌতিক ঘটনা বিশ্বত ঘটি আছে আৰু প্রেতাত্মাৰ আবির্ভাবো এনেধৰণৰ এটা অপার্থিব ঘটনা। এনে প্রেত যোনী প্রাপ্ত প্রেতাত্মাবোৰ অদ্ভুত আৰু অমানবীয় শক্তিৰ অধিকাৰী হয়। মুক্তি নোপোৱালৈকে সিহঁত অমব হৈ থাকে। গতিকে যিবোৰ দুৰ্বল চিত্তৰ মানুহ, তেওঁলোক প্ৰেতৰ চিকাৰ হয়। সিহঁতেও মৃত্যুৰ পাছত প্রেত-যোনী লাভ কৰে। লুচী নিজেই এনে প্ৰেতৰ ভয়ত প্ৰেতৰ চিকাৰ হৈ মৰিছিল। এতিয়া তোমালোকে যি দৃশ্য দেখিলা সেয়া লুচীৰ প্রেতাত্মাৰ কাৰুকাৰ্য। আর্থাৰে যদি মৃত লুচীৰ ওঁঠত চুম্বন কৰিলেহেঁতেন তেন্তে সহজে আৰ্থাৰো লুচীৰ প্ৰেতৰ চিকাৰ হ'লহেতেন। এতিয়া তোমালোকে লুচীৰ প্রেতাত্মাই আৰ্থাৰক আহ্বান কৰা দৃশ্য দেখিছিলা। মন্ত্রমুগ্ধ হৈ আৰ্থাৰে যদি লুচীৰ বাহুবন্ধনত আবিষ্ট হ'লহেঁতেন তেন্তে নিসন্দেহে লুচীয়ে তেওঁৰ ৰক্তপান কৰি তেওঁকো আন এটা প্ৰেতলৈ ৰূপান্তৰিত কৰিলেহেঁতেন। এতিয়া আহা - আমি লুচীৰ আত্মাক মুক্তি দিয়াৰ ব্যৱস্থা কৰো। আৰ্থাৰ এই পবিত্ৰ কামটো তুমিয়ে কৰিব লাগিব।'
: ‘মই লুচীক অন্তৰেৰে ভাল পাইছিলো। লুচী জীৱিত হওক বা প্রেতাত্মাৰ ৰূপত মই একো পার্থক্য দেখা নাছিলো। সেইবাবে লুচীৰ অবয়ব দেখাৰ লগে লগে মই বাস্তৱজ্ঞান ৰহিত হৈ গৈছিলো।' উচুপনিৰ মাজেৰে আৰ্থাৰে ক'লে ।
: ‘ঠিক আছে - আহা।' কৈ কৈ ৱান হেচ্লিংগ কবৰটোৰ ওচৰলৈ আগবাঢ়ি গ'ল। তেওঁ পুনৰ কবৰৰ ভিতৰত থকা কফিনটোৰ ঢাকনিখন আঁতৰাই দিলে। সকলোৱে আশ্চর্যচকিত হৈ দেখিলে - কফিনটোৰ ভিতৰত হাত-ভৰি মেলি লুচী শুই আছে। তাইৰ চেহেৰাৰ মাদকতাত তিনিও মন্ত্রমুগ্ধ হৈ থৰ লাগি তাইৰ ফালে চাই থাকিল ।
‘আৰ্থাৰ এই পবিত্র শলাডাল লোৱা।' প্ৰফেচাৰৰ মাতত তিনিও সম্বিত ঘূৰাই পালে। প্ৰফেচাৰে মোনাটোৰ পৰা চন্দন কাঠৰ জোং এডাল উলিয়াই আৰ্থাৰক দি ক'লে- 'এই কাঠৰ জোঙডাল পবিত্ৰ জল আৰু মন্ত্ৰেৰে বিধৌত কৰা আছে। লুচীৰ বুকুৰ মাজত এই জোঙডাল বাওঁহাতেৰে ধৰি, সোঁ হাতেৰে হাতুৰিৰে কোব দি জোঙডাল তাইৰ শৰীৰ পাৰ হোৱাকৈ তলৰ মাটিত পুতি দিবা। মই বাইবেলৰ মন্ত্ৰ-উচ্চাৰণ কৰি থাকিম। চীৱাৰ্ড আৰু কিংচীয়ে প্ৰয়োজন হ'লে আৰ্থাৰক সহায় কৰি দিবা। এইটো লোৱা হাতুৰী।' তেওঁ মোনাৰ পৰা হাতুৰী এটাও উলিয়াই আৰ্থাৰক দিলে।
কম্পিত হাতেৰে আৰ্থাৰে হাতুৰী আৰু জোঙডাল ল'লে। চীৱাৰ্ডে কান্ধত থপৰিয়াই আৰ্থাৰক সাহস দিলে। বাওঁহাতেৰে জোঙাল লুচীৰ বুকুত ধৰি তেওঁ হাতুৰীৰ কোব মাৰিবলৈ সাজু হৈ ৰ'ল ।
প্ৰফেচাৰে চকু বন্ধ কৰি প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে। বিৰ্ বিৰ্ শব্দ আৰম্ভ হোৱাৰ ক্ষন্তেক পিছতে আৰ্থাৰে জোঙ্ডালৰ মূৰত হাতুৰীৰে পূৰ্ণহতীয়া কোব দিলে । জোঙ্ডাল মৰাশৰ মাংস ভেদি এটুকুৰা সোমাই গ'ল। লগে লগে লুচীৰ দেহৰ পৰা আর্ত চীৎকাৰ এটা ভাহি আহিল। তাই কুকুৰ দাঁত দুটা উলিয়াই চিঁ-চিঁয়াবলৈ ধৰিলে । প্ৰফেচাৰে কিছু খৰতকীয়াকৈ মন্ত্রপাঠ কৰি গ'ল।
চীৱাৰ্ডৰ সহায়ত আৰ্থাৰে জোঙৰ মূৰত দ্বিতীয়টো কোব দিলে। জোঙডাল আৰু দলৈ সোমাই গ'ল। লুচীৰ মুখৰ পৰা বগা ফেন ওলাই আহিল। তাইৰ ছটফটনি দেখি আৰ্থাৰ আবেগিক হৈ পৰিল। চীৱাৰ্ড আৰু কিংচীৰ উদগণিত তেওঁ জোঙডালৰ মূবত সৰ্বশক্তিৰে শেষ কোবতো মাৰিলে। জোঙ্ডাল কফিন ভেদ কৰি তলৰ মাটিত গোজ খাই পৰিল। লুচীৰ হৃদয়ৰ পৰা ওলাই অহা এজোলোকা তেজে বগা কাফন কাপোৰ ৰাঙলী কৰি তুলিলে। আৰ্থাৰে লুচীৰ দেহৰ দুৰাৱস্থা সহ্য কৰিব নোৱাৰি অচেতন হৈ ঢলি পৰিল। কিংচী আৰু চীৱাৰ্ডে তৎক্ষণাত তেওঁক সাৱতি ধৰিলে। আৰ্থাৰে ফোপাই আছিল।
ইতিমধ্যে প্রফেচাৰৰ প্ৰাৰ্থনা শেষ হৈছিল। 'আমিন' উচ্চাৰণ কৰি তেওঁ গাত ক্ৰছ আঁকিলে। তাৰপাছত ক'লে, 'আৰ্থাৰক ইয়াৰ পৰা লৈ যোৱা । মই এতিয়া কবৰটো চিৰদিনলৈ বন্ধ কৰি দিম।'
আৰ্থাৰক লৈ দুয়ো আঁতৰি গ'ল। প্ৰফেচাৰে মুখেৰে বিৰ্ বিৰাই কবৰটো বন্ধ কৰি তাৰ চাৰিওফালে মন্ত্রপূত জল ছটিয়াই লুচীৰ আত্মাৰ মুক্তিৰ বাবে শেষবাৰলৈ প্ৰাৰ্থনা কৰিলে।
ইতিমধ্যে পূবে ঢলফাট দিছিল।
: ‘তোমালোকৰ ভাগৰ লাগিছে চাগে ব'লা হোটেল এখনত আৰাম কৰোগৈ। মই মীনা আৰু জনাথন হাৰ্কাৰক লগ পাব লাগে। গতিকে সোনকালেই যামগৈ। তোমালোকে লাহে-ধীৰে যাবাগৈ, আমাৰ কাম এতিয়াও শেষ হোৱা নাই বৰঞ্চ এয়া আৰম্ভণিহে।'
: 'এটা কথা ধৰিব নোৱাৰিলো। লুচীৰ মৰাদেহৰ পৰা তেজ কেনেকৈ ওলাইছিল?' কিংচীয়ে সুধিলে। : ‘তাই প্রেত-যোনী প্রাপ্ত হৈ যিমানবোৰ শিশুৰ ৰক্তপান কৰিছিল গোটেইবোৰ তাইৰ শৰীৰত জমা হৈ আছিল। তাই কবৰত পৰি থাকোতে স্থূলকায়া প্রাপ্ত হৈছিল।'
: ‘আমি এই শিশুটোক ক'লৈ লৈ যাম ?” লুচীয়ে দলিয়াই দিওতে কান্দি কাতি অচেতন হৈ পৰা শিশুটোক দেখুৱাই চীৱাৰ্ডে সুধিলে।
: 'তাক ইয়াৰ পুলিচ থানাত গতাই দিবা।'
অচেতন শিশুটোক কোলাত লৈ চাৰিওজন কবৰস্থানৰ পৰা ওলাই গ'ল।
॥ ১৮ ॥
প্ৰফেচাৰ ৱান হেচ্লিংগে লুচীৰ অন্তিম সংস্কাৰৰ দিনা মীনা আৰু জনাথন হাৰ্কাৰক লগ পাইছিল। সিদিনাহে উভয়ে চিনা-পৰিচয় হৈছিল। সিদিনাৰ প্ৰথম পৰিচয়তে প্ৰফেচাৰে উপলব্ধি কৰিছিল হাৰ্কাৰ দম্পতি অতি সুখী আৰু অত্যন্ত সজ্জন।
লুচীৰ কেচটোৰ বাবেই প্ৰফেচাৰে দুয়োকে লগধৰাৰ প্ৰয়োজন হ'ল। গতিকে তেখেতে আগমণৰ বাৰ্তা হাৰ্কাৰ দম্পতিলৈ দুদিনৰ আগতেই পঠিয়াইছিল।
সঠিক সময়ত ৱান হেচ্লিংগে হাৰ্কাৰৰ ঘৰত উপস্থিত হোৱাত পতি-পত্নী দুয়ো প্ৰফেচাৰক আন্তৰিক সম্ভাষণ জনালে।
: ‘মীনা! লুচীৰ বেমাৰৰ সবিশেষ মোক কোৱাচোন ! ' প্ৰফেচাৰে কিছুপৰ জিৰাই শতাই মীনাক সুধিলে ।
: “তাইৰ আচল বেমাৰটো নো কি আছিল, ময়ো ধৰিব পৰা নাছিলো। শিশুকালত তাইৰ টোপনিতে খোজ কঢ়াৰ অভ্যাস আছিল। তাইৰ পাঁচ-ছয় বছৰ বয়সতে আৰম্ভ হোৱা বেমাৰটো কিছুবছৰৰ পাছত নিজে নিজে ভাল হৈ গৈছিল। মোৰ লগত থকা সময়ছোৱাত তাই ভালেই আছিল। পিছত কেনেকৈনো কি হ'ল ধৰিবই নোৱাৰিলো। তাই মন মাৰি থাকিবলৈ ধৰিলে। লাহে লাহে তাইৰ স্বাস্থ্য পৰি আহিবলৈ ধৰিলে। তাই ইমান শেঁতা হ'ব ধৰিলে যে মই ভয় খাই গৈছিলো। আৰ্থাৰৰ চিন্তাত তাইৰ স্বাস্থ্য বেয়া হৈছিল বুলি ভাবি মই তাইক ডাক্তৰৰ ওচৰলৈ যেতিয়াই লগ ধৰো তাই তাল-বাহানা কৰি মোৰ প্ৰস্তাৱ কাটি দিছিল।'
: ‘টোপনিতে লুচীয়ে ক’লৈ গৈছিল বা কি কৰিছিল ?' প্ৰফেচাৰে সুধিলে।
: ‘হয়, দুবাৰমান তাইক বন্দৰৰ পাৰত বেঞ্চত বহি থকা পাইছিলো। দূৰৰ বন্দৰৰ ফালে চাই তাই যেন ভাব-বিভোৰ হৈ আছিল মাতিলেও উত্তৰ নিদিছিল। চকু দুটা অৰ্ধনিমীলিত কৰি তাই মুখেৰে কিবা বুদবুদাই আছিল।'
: 'হুহ্।' কপালত চিন্তাৰ ৰেখা ফুটাই ৱান হেচ্লিংগে ক'লে, 'সাৰ পোৱাৰ পাছত লুচীৰ ঘটনাবোৰ মনত আছিলনে?' : ‘তাই মোক একো কোৱা নাছিল যদিও মোৰ ধাৰণামতে তাইৰ কিছু মনত আছিল যেন লাগিছিল। সেই সময়ছোৱাত তাই কেতিয়াবা সুস্থ আছিল। হাঁহি- ধেমালি কৰি, সময় কটাইছিল। আকৌ পাছদিনাই বিমৰিষ-শেঁতা হৈ পৰিছিল- যেনিবা বহুদিনৰ পৰা বেমাৰত ভূগি আছিল। দিনটো যদি ভালে আছিল ৰাতিৰ ভিতৰতে বেমাৰী হৈ পৰিছিল।'
: “আৰু কিবা বিশেষ ঘটনা মনত পেলাই চোৱাচোন ।' প্ৰফেচাৰে ক'লে।
:'এনে বিশেষ ঘটনাটো মোৰ মনত পৰা নাই– অ' এবাৰ ৰাতি তাই টোপনিতে গৈ সাগৰ পাৰৰ বেঞ্চত বহি থাকোতে মই যেতিয়া তাইক বিচাৰি সেইখিনি পাইছিলোগৈ, মই দেখিলো, নিচামগ্ন লুচীৰ পাছফালৰ বেঞ্চৰ ওচৰত কিবা ছাঁ এটা যেন তাইৰ ওপৰত হাওলি আছিল। মই দৌৰ মাৰি ওচৰ পোৱাৰ আগতে ছাঁটো নাইকিয়া হৈছিল। একো ধৰিব নোৱাৰিলো। আৰু এটা ঘটনা মনত পৰিছে। আন এৰাতি লুচীক বিচাৰি যাওঁতে এজনক স্পষ্টকৈ দেখিছিলো। ওখ ক্ষীণ দেহৰ বিদেশীজন তুর্কী যেন লাগিছিল। বিদেশীজনৰ ওপৰ পাৰিৰ কুকুৰ দাঁত দুটা বাহিৰ ওলাই থকা যেন লাগিছিল যদিও আন্ধাৰত ভালকৈ মনিব পৰা নাছিলো। মানুহজনৰ কাষত কুকুৰ এটাও আছিল। তেওঁ আমালৈ ৰঙা চকুৰে এনেদৰে চাই আছিল যে, দেখিয়ে মোৰ বুকু কঁপি গৈছিল। মই পিছে ভয়ৰ ভাব প্ৰদৰ্শন কৰা নাছিলো, লুচীয়েহে থৰ্ থৰ্ কৈ কঁপিছিল।’
: ‘হেই - এওঁৰ আকৌ কি হ'ল ?' ৱান হেচ্লিংগৰ চিঞৰত মীনাইও ঘূৰি হাৰ্কাৰলৈ চালে। হার্কাৰে বহি থাকোতে অচেতন হৈ এফালে ঢলি পৰিছে। তেওঁৰ মুদ খাই থকা চকু আৰু মুখেৰে ওলোৱা ফেনবোৰ দেখি মীনা বিচলিত হৈ উঠিল।
:‘সোনকালে ব্রাণ্ডী অকণমান লৈ আনা।' প্ৰফেচাৰে মীনাক কৈ হাৰ্কাৰৰ মূৰটো দাঙি ধৰিলে। “চিন্তাৰ কাৰণ নাই, দুৰ্বলতাৰ বাবে এনে হৈছে।’
মীনাই দৌৰ মাৰি গৈ ব্ৰাণ্ডীৰ বটলটো আনিলে। প্ৰফেচাৰে হাৰ্কাৰৰ মুখত "অকণমান ব্রাণ্ডী বাকি দি হাত-ভৰিৰ তলুৱা মোহাৰিবলৈ ধৰিলে।
লাহে লাহে হাকাৰে চকু মেলিলে। তেওঁ থৰ হৈ মীনাৰ মুখলৈ চাই থাকিল । মীনা আহি হাৰ্কাৰৰ কাষত বহিল ।
: 'কি হ'ল আপোনাৰ? মুখেৰে নামাতে কিয় ?' হার্কাৰে লৰচৰ কৰি বহিল। ইফালে সিফালে চাই কিঞ্চিৎ সুস্থ হৈ ক'ব ধৰিলে।
: ‘প্ৰফেচাৰ চাহাব, মোৰ বিগত অভিজ্ঞতাৰ বিষয়ে কিছু কথা আপোনাক ক'ব লগা আছে। মই প্ৰথমতে ভাবিছিলো- মোৰ সেই অভিজ্ঞতাবোৰ আপুনি বিশ্বাস কৰিব নে নকৰে? কিন্তু মীনাৰ লগত হোৱা কথা-বতৰা শুনি মোৰ বিশ্বাস হ'ল – মোৰ ডায়েৰী দুখন আপোনাক পঢ়িবলৈ দি দিওঁ। মোৰ ডায়েৰী দুখন আনকি মীনাকো দেখুওৱা হোৱা নাই। তাত কিন্তু মোৰ সম্পূৰ্ণ অভিজ্ঞতাবোৰ লিখা আছে। মীনাৰ বৰ্ণনা শুনি মোৰ সেই ভয়াৱহ অভিজ্ঞতাৰ বিষয়ে মনত পৰি গ'ল। সিদিনা প্ৰাণৰ মমতাত পুৰণি মহলৰ খিৰিকীয়েদি তললৈ জপিয়াই ঘাঁহ বনৰ ওপৰত নিশাটো অচেতন হৈ পৰি আছিলো। প্রভাতী কিৰণে মোক তাৰ পৰা পলাই আহিবলৈ সাহস দিছিল। যীচুৰ কৃপাত আৰু ভাগ্যৰ বলতহে তাৰ পৰা বাচি আহিলো।'
: ‘তুমি যে মোক ডায়েৰী দুখনৰ বিষয়ে একো কোৱা নাছিলা।' মীনাই ক'লে।
: 'তুমি নাজানা, বুডাপেষ্টৰ পৰা ওভতি আহি বিষ্ট্রিজ পাই তাতে মই সকলোবোৰ ঘটনা লিপিবদ্ধ কৰি থৈছিলো।' হাৰ্কাৰে কৈ কৈ আনটো কোঠালৈ সোমাই গ'ল। ক্ষন্তেক পিছত ডায়েৰী দুখন হাতত লৈ ওলাই আহি হেচ্লিংগক দি ক'লে, 'এয়া লওক, প্রথমতে আপুনি পঢ়ি লওক, তাৰ পিছত আলোচনা কৰিবলৈ সুবিধা হ'ব।' প্ৰফেচাৰে যেন অমূল্য খাজানাহে পালে, তেনেদৰে সযত্নে ডায়েৰী দুখন লৈ বহাৰ পৰা উঠিল।
: ‘এতিয়া যাওঁ। ডায়েৰী দুখন পঢ়ি কাইলৈ পুৱা পুনৰ লগ পাম। ড্রাকুলা নিধনত তোমাৰ সহায় অতীব প্রয়োজন হ'ব।' প্ৰফেচাৰ তাৰ পৰা ওলাই আহিল।
॥ ১৯ ৷৷
ডাক্তৰ চীৱাৰ্ডৰ চিকিৎসালয়ৰ সভাকক্ষত জৰুৰী সভা আহবান কৰা হৈছিল। উক্ত সভাত যথাসময়ত ডাক্তৰ স্বয়ং, আৰ্থাৰ, উলিয়াম কিংচী, হাৰ্কাৰ, মীনা আৰু হেচ্লিংগ উপস্থিত আছিল।
: ‘প্রিয় বন্ধুসকল !' গুৰু গম্ভীৰ কণ্ঠেৰে প্ৰফেচাৰে আৰম্ভ কৰিলে, ‘আপোনালোক প্রতেকেই জনাথন আৰ্থাৰৰ ডায়েৰী পঢ়িলে। তেওঁৰ আয়ুসত চাউল আছিল বাবেই ড্রাকুলা মহলৰ খিৰিকী জপিয়াই অচেতন হৈ জোপোহাৰ ওপৰত পৰি থাকিও পাছদিনা পুৱা তাৰ পৰা জীৱিত ৰূপত পলাই আহিবলৈ সক্ষম হৈছিল। চীৱাৰ্ড আৰু আৰ্থাৰেতো নিজ চকুৰে লুচীৰ প্রেতাত্মাৰ সাক্ষাত লাভ কৰিছে।'
: ‘মোৰ ধাৰণা মতে’, প্ৰফেচাৰে আকৌ কৈ গ'ল, 'ড্রাকুলা বিষ্ট্ৰীজৰ পৰা ইংলণ্ড আহি পালে। তেওঁ মিঃ হাৰ্কাৰৰ দ্বাৰাই যিবোৰ চন্দুক ইংলণ্ডলৈ পাৰ্চেল কৰি পঠিয়াইছিল। সেই চন্দুকবোৰত বিশেষকৈ কফিন ভৰোৱা আছিল। সেই চন্দুকবোৰত তেওঁ অর্থাৎ ড্রাকুলা নিজে আৰু সহায়ক কেতবোৰক তাৰ পৰা ইংলণ্ডলৈ আনিছিল। এতিয়া ড্রাকুলাৰ সংক্ষিপ্ত বিৱৰণি কওঁ শুনা -
‘প্রাচীন মধ্য ইউৰোপীয় দেশবোৰত জেকেলী নামেৰে প্ৰখ্যাত যুঁজাৰু আৰু নিৰ্ভীক জাতি এটা আছিল। বহুতো বীৰ যুঁজাৰু জাতিৰ ৰক্ত সংমিশ্ৰণত জেকেলী জাতিৰ জন্ম হৈছিল। এতিয়াৰ পৰা দুশ বছৰৰ পূৰ্বে মগয়াৰ জাতিয়ে হাংগেৰী জয় কৰাৰ পাছত তেওঁলোকে জেকেলী জাতিৰ সৈতে বিবাহ সম্বন্ধ ঘটাই, মধ্য ইউৰোপৰ সীমা ৰক্ষাৰ ভাৰ জেকেলীৰ যুৱকৰে গঠিত সৈন্য দলৰ ওপৰত অৰ্পণ কৰিছিল। জেকেলীৰ এজন বীৰ যোদ্ধা ৱাপৰাডেঁ ডেনিয়ুব নদী অতিক্ৰম কৰি আক্ৰমণকাৰী তুৰ্কীৰ বিশাল বাহিনীক এনেদৰে পর্যুদস্ত কৰিলে যে তুর্কীয়ে বহু বছৰলৈকে মধ্য ইউৰোপৰ দেশলৈ মূৰ তুলি চাবলৈও সাহস নকৰিছিল। সেই বীৰ যোদ্ধা ৱাপৰাডেঁই হৈছে আজিৰ ড্রাকুলা অর্থাৎ সামন্ত। দূর্ভাগ্যবশতঃ তেওঁৰে জাতিৰ এজনে বিশ্বাসঘাতকতা কৰি ড্রাকুলাক অর্থাৎ ৱাপৰাডোঁক শ্বহীদ কৰি টকাৰ বিনিময়ত নিজ দেশক তুৰ্কীৰ ওচৰত বিক্ৰী কৰি দিলে। পাছৰ পৰ্যায়ত অৱশ্যে ড্রাকুলা বংশৰে এজনে মোহাবৰ যুদ্ধত তুৰ্কীৰ পৰা হাংগেৰীখন পুনৰ মুক্ত কৰিলে আৰু তেতিয়াৰ পৰাই ড্রাকুলা বীৰযোদ্ধা হিচাপে হাংগেৰীত পূজিত হৈ আহিছিল।'
: “মই বুডাপেষ্ট বিশ্ববিদ্যালয়ৰ অধ্যাপক বন্ধু এজনৰ পৰা ড্রাকুলাৰ ইতিহাস সংগ্ৰহ কৰিছো। এইজন ড্রাকুলাই আজি মানৱ জাতিৰ মূৰৰ বিষত পৰিণত হৈছে। ড্রাকুলাৰ অতৃপ্ত আত্মা পিশাচলৈ ৰূপান্তৰিত হৈ নৰৰক্ত পান কৰি শক্তিশালী হৈ উঠিছে। তেওঁ জীৱিত ব্যক্তিৰ ৰক্ত পান কৰি নিজে শক্তিশালী হোৱাৰ লগে লগে আনজনকো মৃত্যু মুখলৈ ঠেলি দি পিশাচলৈ ৰূপান্তৰিত কৰি, নিজ বংশ বৃদ্ধি কৰে। ড্রাকুলা এতিয়া ইমান শক্তিশালী পিশাচ যে, তেওঁ যি কোনো মৃতকৰ আত্মাক নিজৰ ওচৰলৈ আহ্বান কৰিব পাৰে। পিশাচ জগত তেওঁৰ আদেশত উঠাবহা কৰে। হৃদয়হীন নিষ্ঠুৰ পিশাচে যি কোনো ৰূপ ধাৰণ কৰি, য'লৈ-ত’লৈ যাব পাৰে। ড্রাকুলাই ধুমুহা, কুঁৱলী, ডাৱৰ,বিজুলী আদি কৃত্রিমভাবে তৈয়াৰ কৰিব পাৰে। তদুপৰি ইহঁতে নিগনি, ফেঁচা, কুকুৰ, শিয়াল, কুকুৰনেচীয়া আনকি সৰু-সুৰা কীট-পতংগৰ ৰূপো ধাৰণ কৰিব পাৰে বা ইহঁতক এনে ৰূপত ৰাখি চিকাৰ কৰিব পাৰে। পিশাচৰ আদেশ পশু-পক্ষীয়েও পালন কৰিবলৈ বাধ্য হয়।”
: 'হাৰ্কাৰে ড্রাকুলাক কেতিয়াও আহাৰ খোৱা দেখা নাছিল বা তেওঁৰ সৈতে কেতিয়াও একেলগে আহাৰ গ্ৰহণ কৰা নাছিল। শক্তিশালী নৰৰক্তপিপাসু পিশাচ হ'লেও, ড্রাকুলাৰো কেতবোৰ দুৰ্বলতা আৰু বাধ্যবাধকতা আছে। মাজনিশাৰ পৰা প্ৰাতঃ চাৰিবজালৈকে অৰ্থাৎ প্ৰভাত হোৱাৰ মুহূৰ্তলৈকে তেওঁলোক শক্তিধৰ হ'ব পাৰে ! দিনৰ সূৰ্যৰ পোহৰত সিহঁত নিস্তেজ হৈ থাকে। তদুপৰি মানবীয় শক্তিৰ সন্মুখত পৈশাচিক শক্তিয়ে সদায় হাৰ মানে। সিহঁতে আশ্ৰয় লৈ থকা কবৰবোৰ যাতে সংৰক্ষিত হৈ থাকে তালৈ সদায় লক্ষ্য ৰাখিহে কাম কৰে। নহৰুৰ গোন্ধ, পবিত্ৰ ক্ৰছ, চন্দন আদি পবিত্র কাঠ, সুগন্ধি ধূপৰ ধোঁৱা আদি পিশাচে সহ্য কৰিব নোৱাৰে তাৰ ক্ৰিয়া লুচীৰ ওপৰত কেনেদৰে হৈছিল চীৱাৰ্ড আৰু আৰ্থাৰে নিজে দেখিছিলা। গতিকে পৈশাচিক শক্তি নষ্ট কৰিবলৈ পবিত্ৰ কাঠৰ শূলেৰে তাৰ বুকু ভেদ কৰি তাৰ দেহৰ পৰা মস্তক ছিন্ন কৰিব লাগিব। তেহে ড্ৰাকুলা পিশাচ যোনীৰ পৰা মুক্তি পাব। মই প্ৰাচীন মিচৰীয় তন্ত্ৰ শাস্ত্ৰ আৰু ভাৰতীয় তন্ত্ৰ শাস্ত্ৰ অধ্যয়ণ কৰিছিলো, তাৰ পৰাহে এই বিষয়ে জানিব পাৰিছো।' প্ৰফেচাৰে কৈ গ'ল।
: ‘জনাথন হাৰ্কাৰৰ ডায়েৰীৰ পৰা এইটো স্পষ্ট হৈছে যে, ড্ৰাকুলাই বৃটিছ কোম্পানীৰ জাহাজত মাটিৰে ভৰা পঞ্চাশটা চন্দুক হিটৰীলৈ পঠিয়াইছিল। মোৰ ধাৰণা তাৰ কেইটামান চন্দুক কাৰফেক্স মহলত নিশ্চয় পৰি আছে। তাৰ পৰা আন কেইটামান চন্দুক আন ক'ৰবালৈ পঠিয়াইছে— কিন্তু ক'লৈ? কাৰফেক্স মহলটো ডা: চীৱাৰ্ডৰ পগলা চিকিৎসালয়খনৰ লগতে লাগি আছে। মিঃ কিংচীয়ে হাৰ্কাৰৰ লগত গৈ খবৰ কৰা -- বাকী চন্দুক কেইটা ক'ত আছে?'
প্ৰফেচাৰৰ কথা শেষ নহ'লেই, পিস্তলেৰে গুলী মৰাৰ শব্দই সকলোকে চকিত কৰি তুলিলে। গুলীটোৱে কোঠাৰ খিৰিকীয় আইনা এখন ঝনঝনাই ভাঙিলে। মীনাই ভয়তে জোৰেৰে চিঞৰি দিলে। তেতিয়াই কোঠাৰ মুখ্য দৰজা খুলি কিংচী সোমাই আহিল।
'আমনি কৰাৰ বাবে ক্ষমা কৰিব। দৰাচলতে মই চকীখনত বহি প্ৰফেচাৰৰ বক্তৃতা শুনি থাকোতে মন কৰিলো সন্মুখৰ খিৰিকীৰ আইনাৰ বাহিৰত ছাঁ এটা লৰচৰ কৰি আছে। এনেতে দেখিলো বৃহদাকাৰ বাদুলী এটাই খিৰিকীৰ কাঁচ ভাঙি যেন সোমাবলৈ চেষ্টা কৰি আছে। মই সেইফালে মু কৰি বহি থকাৰ কাৰণে দৃশ্যটো মোৰ চকুত পৰিছিল। আনসকলে মন কৰা নাছিল। সকলোৱে প্ৰফেচাৰৰ কথা একমনে শুনি থকাৰ বাবে মই একাগ্ৰতা ভংগ নকৰি মনে মনে দৰজা খুলি ওলাই গৈ বাদুলিটোক গুলীয়াই দিলো। সম্ভব বাদুলীটোৰ গাত গুলী নালাগিল। বৰঞ্চ, গুলীটোৱে খিৰিকীৰ কাঁচ ভাঙি প্ৰফেচাৰৰ মূৰৰ ওপৰেদি আহি বেৰত আঘাত কৰি পৰি গ'ল। বাদুলীটো কিন্তু ফৰফৰাই কাৰফেক্সৰ সেই পুৰণি মহলটোলৈ উৰি গ'ল।'
হেচ্লিংগ আৰু হাকাৰে এজনে আনজনৰ চকুলৈ চালে। তাৰপাছত দুয়ো তলমূৰকৈ গভীৰ চিন্তাত নিমগ্ন হ'ল।
॥ ২০॥
ড্ৰাকুলা লুকাই থকা কফিন বাকচ কেইটাৰ সন্ধানত কিংচী আৰু হাৰ্কাৰ লণ্ডনলৈ পাছদিনা পুৱা যাত্ৰা কৰিলে। তেওঁলোকে বিখ্যাত উকিল মিঃ ৱিলিংটনক সাক্ষাৎ কৰি জাহাজত অহা পঞ্চাশটা বাকচৰ বিষয়ে যেতিয়া সুধিলে- উকিলজনে সকলোবোৰ কাগজ-পত্র,চালান আদি হাকাৰৰ সন্মুখত মেলি ধৰিলে। সেই কাগজ পত্ৰসমূহৰ মাজত হার্কাৰে ড্রাকুলা মহলত মেজৰ ওপৰত পৰি থকা চিঠি এখন দেখি শিহৰি উঠিল। হার্কাৰে এই চিঠিখনৰ বিষয়ে আলোচনা প্ৰসংগত আৰ্থাৰহঁতক কৈছিল। প্রায় তিনিঘণ্টা কাগজ পত্ৰবোৰ পঢ়ি, উকিলৰ লগত কথা-বতৰা পাতি তেওঁলোক নিশ্চিত হ'ল যে কাউণ্ট ড্রাকুলাই অতি কৌশলেৰে নিজৰ আৰু সংগীসকলৰ শৱদেহ থকা কফিন বাকচবোৰ ইউৰোপৰ ইফালে-সিফালে কঢ়িয়াই ফুৰিছে। আইনৰ অকণো সুৰুঙা যাতে নাথাকে তালৈ তেওঁ তীক্ষ্ণ দৃষ্টি ৰাখিছে। কথাবোৰ বুজি-বাজি দুয়ো হিটবীলৈ ৰাওনা হ'ল। তাতো তেওঁলোকে এই বিষয়ে ব্যাপক অনুসন্ধান কৰিবলৈ মিঃ পেটাৰচনক লগ ধৰিলে। পেটাৰ্চনে জনালে— ৱাটাৰ পৰা অহা বাকচ পঞ্চাশটা কাৰফেক্সৰ পুৰণা মহলত সযত্নে ৰাখি থোৱা হৈছে।
যদি বাকচবোৰ ইফাল-সিফাল কৰা নাই, তেন্তে কাৰফেক্সৰ মহলত পঞ্চাশটা কফিন বাকচ ঠিকেই পোৱা যাব - হার্কাৰে মনতে ভাবিলে। হাৰ্কাৰ আৰু কিংচী দুয়ো হেলিংগমলৈ ওভতি আহি, প্ৰফেচাৰ হেচ্লিংগক যেতিয়া সবিশেষ বর্ণনা কৰিলে প্ৰফেচাৰে আনন্দতে চিঞৰি উঠিল।
‘আমাৰ আধা কাম সমাপ্ত হ'লেই বুলি ধৰি লোৱাচোন। আজি ৰাতি আমি মহলটোত অভিযান আৰম্ভ কৰিম। যদি সুবিধা হয়, হয়তো ড্রাকুলা-পিশাচৰ পৰিসমাপ্তি আজি নিশাতে ঘটিব। ডাঃ চীৱাৰ্ড আৰু আৰ্থাৰকো মাতি আনা। মাজনিশাৰ আগতেই আমি অভিযান আৰম্ভ কৰিম।'
নিশা দহ বজাত কাৰফেক্স মহলত অভিযান চলাবলৈ সকলো একগোট হ'ল। মহলত সোমোৱাৰ পূৰ্বে প্ৰফেচাৰে বেগটো খুলি তাৰ পৰা সামগ্ৰী কিছুমান উলিয়াই সকলোৰে মাজত ভগাই দি ক'লে – “আমি যিটো পিশাচৰ বিষয়ে অভিযান আৰম্ভ কৰিছো, সি বল বিক্ৰমত আমাৰ দহজন মানৰ সমান হ'ব। তদুপৰি ৰূপ বদলি কৰিব পৰা শক্তিৰো সি অধিকাৰী। সেই বাবে আমি তান্ত্রিক মন্ত্ৰৰ সহায়েৰে আৰু জ্ঞান- -বুদ্ধিৰে তাক পৰাস্ত কৰিব পাৰিম। তেওঁ সংগীসকলক তান্ত্রিক মন্ত্র -পূত নহৰু মালা আৰু পবিত্ৰ ক্ৰছ ডিঙিত পিন্ধি ল'বলৈ দিছিল যাতে পিশাচৰ মায়াজাল আৰু আক্ৰমণৰ পৰা তেওঁলোক ৰক্ষা পৰিব পাৰে ।
মহলৰ প্ৰধান দৰজাত ওলমি থকা পুৰণিকলীয়া গধুৰ তলাটো খুলিবলৈ ডাঃ চীৱাৰ্ডে যথেষ্ট কষ্ট কৰিবলগাত পৰিল। তেওঁ চাবি দুকোচা এই সংক্রান্ততে লগত লৈ আনিছিল। তলাটো খোল খোৱাত সকলোৱে গধুৰ দৰজাখন থেলি মুকলি কৰিলে। প্ৰথমে প্ৰফেচাৰ হেচ্লিংগ পাছে পাছে অন্যসকলেও কোঠাটোৰ ভিতৰত প্ৰবেশ কৰি দৰজাখন পুনৰ বন্ধ কৰি দিলে। বিকট কেৰ্ কেৰণি শব্দ প্রতিধ্বনিত কৰি দৰজাখন পূৰ্বাবত বন্ধ হৈ গ'ল। তেওঁলোকে লগত অনা টর্চ জ্বলাই ল'লে। মহলটোৰ প্ৰাচীন কোঠাটোৰ ধূলি মকৰা জাল আদিবে ভবা আছিল। তথাপিও তেওঁলোকৰ অনুভৱ হৈছিল, মহলটোত তেওঁলোক কেইজনৰ বাহিৰে যেন আন অশৰীৰি অস্তিত্ব আছে ! মৰণত শৰণ দি তেওঁলোক ক্ৰমাৎ আগুৱাই গ'ল। কোঠাটোৰ একোণত থকা নাতি বৃহৎ মেজ এখনত এতৰপ ধূলিব মাজত চাবি একোচা পৰি থকা সকলোবে দৃষ্টি গোচৰ হ'ল। হেচ্লিংগে চাবিকোচা বুটলি ল'লে।
কোঠাবোৰ এটাৰ পাছত আন এটা অতিক্ৰম কৰি তেওঁলোক বিশেষ কোঠাটো বিচাৰি গৈ থাকিল। প্ৰফেচাৰে জেপৰ পৰা সৰু মেপ এখন উলিয়াই পকেট টৰ্চৰ পোহৰত চাই ক’লে, ‘আমি এই বিশেষ কোঠাটো বিচাৰি উলিয়াব লাগিব ।' তেওঁ হাৰ্কাৰৰ কান্ধত হাত এখন থৈ পুনৰ ক'লে, 'তুমিতো ড্রাকুলাক ভালদৰে দেখিছা। গতিকে তাক চিনাক্ত কৰাত তুমি আগ-ভাগ ল'ব লাগিব।'
'আপোনাৰ আদেশ পালন কৰাত মোৰ আপত্তি নাই, প্ৰফেচাৰ চাহাব।— হার্কাৰে কৈ আগবাঢ়ি প্রকাণ্ড কোঠা এটাৰ দৰজা মুখত উপস্থিত হ'লগৈ । দৰজাৰ তলাটো লগত অনা চাবিকোচাৰে খুলিলে। দৰজাখন থেলা মাৰি দিয়াৰ লগে লগে কোঠাৰ ভিতৰৰ পৰা অহা দুৰ্গন্ধই সকলোকে কাহিল কৰি তুলিলে। তেওঁলোকে নাকত ৰূমাল ল'বলৈ বাধ্য হ'ল।
কোঠাটোত বহুতো কফিন আছিল। কফিনবিলাক যেন পিশাচবোৰৰ বিশ্ৰাম থলী। হার্কাৰে সৰু টৰ্চৰ পোহৰ ইফালে সিফালে পেলাওতেই দেখিলে - ড্রাকুলাই ক্ৰদ্ধ দৃষ্টিৰে তেওঁলৈ চাই আছে। তেওঁ পুনৰ টৰ্চৰ ৰশ্মি সেইফালে পেলাওতে তাত কাকো নেদেখিলে। ড্রাকুলাৰ ছাঁয়া চিত্ৰ টৰ্চৰ পোহৰত অদৃশ্য হৈ গ'ল। হাৰ্কাৰৰ সমস্ত শৰীৰ ক্ষন্তেকৰ বাবে কঁপি উঠিল। তেনেতে ডাক্তৰ চীৱাৰ্ডে হাৰ্কাৰৰ কান্ধত হাতখন থৈ ক’লে, ‘ভয়ংকৰ চেহেৰা এটা ময়ো দেখা যেন লাগিছিল। পাছত ভালকৈ লক্ষ্য কৰোতে একো নেদেখিলো। সম্ভৱ আমাৰ মনৰ ভ্ৰম আছিল।'
চন্দুকবোৰ গণনা কৰিবলৈ কিংচী আগবাঢ়ি যাব খুজি হঠাতে থমকি ৰ'ল ! সকলোৱে তেওঁৰ ফালে চালে । কিংচী যিটো চন্দুকৰ ওচৰত ৰৈ আছিল তাৰ পৰা জুই ফিৰিঙতিৰ দৰে ক্ষুদ্র কণা ওলাই ওলাই কোঠাটোত সিঁচৰতি হৈ পৰিল। সকলোৱে ভয় খাই পাছ হোঁহকি আহিল। তেওঁলোক কিংকর্তব্যবিমূঢ় হৈ ৰৈ থাকোতে দেখিলে, চন্দুক সদৃশ কফিনবোৰৰ পৰা আৰু কোঠাটোৰ চুক-কোণবোৰত অসংখ্য এন্দুৰ জপিয়াই জপিয়াই তেওঁলোকৰ ফালে আহিছে। চকু পচাৰতে এন্দুৰৰ সংখ্যা ইমান বৃদ্ধি হ'ল যে মজিয়াত ভৰি থবলৈকে ঠাই নাইকিয়া হ'ল। চাৰিওজন তৎক্ষণাত কোঠাটোৰ পৰা কৰিডৰলৈ ওলাই আহিল।
প্রাচীন মহলটোৰ চৌহদৰ পাছফালৰ বেৰখনৰ সিপাৰেই ডাঃ চীৱাৰ্ডৰ পগলা হস্পিটেলৰ পাছফাল । ডাক্তৰে নিশা চৌদিশ পহৰা দিবলৈ ডাঙৰ জাতৰ কুকুৰ কেইটামান প্রশিক্ষণ দি পুহিছিল। আজিৰ এই সংকটাৱস্থাত সেই কুকুৰকেইটাৰ সহায় ল'বলৈ ডাক্তৰে জেপৰ পৰা হুইছেলটো উলিয়াই জোৰেৰে বজাবলৈ ধৰিলে। ক্ষন্তেক পাছতে বিকট ৰৌ-ৰৌৱনি তুলি পাঁচ-ছটা চিকাৰী কুকুৰ পগলা ফাটেকৰ দেৱাল জপিয়াই পাৰহৈ মহলটোলৈ দৌৰি আহিল। চীৱাৰ্ডে সিহঁতক হলঘৰটোৰ ফালে ইংগিত কৰিলে। কুকুৰ কেইটাই জপিয়াই কোঠাটোৰ ফালে আগবাঢ়ি গৈয়ে দৰজামুখ পাই ৰৈ গ'ল। লগে লগে ওপৰলৈ চাই দীঘলীয়াকৈ ৰি-ৰিয়াই কান্দিবলৈ ধৰিলে। সম্ভৱ সিহঁতে ভয়লগা কাৰোবাক দেখি আতংকিত হৈ কান্দিছিল। ইতিমধ্যে কোঠা ভর্তি এন্দুৰবোৰ কৰিডৰত বগাবলৈ আৰম্ভ কৰিছিল। চীৱাৰ্ডে দুটা কুকুৰ কোলাত লৈ হাতফুৰাই কোঠাৰ মাজত থুপ খাই থকা এন্দুৰবোৰ আক্ৰমণ কৰিবলৈ আদেশ দি ভিতৰলৈ দলি মাৰি দিলে৷ কুকুৰ দুটা কিছু সময় থৰ হৈ ৰৈ আছিল। পুনৰ সিহঁতৰ প্ৰভুৰ আদেশ পাই বীৰ বিক্ৰমেৰে এন্দুৰবোৰৰ ওপৰত জপিয়াই পৰিল। দৰজামুখত ৰৈ থকা কুকুৰ কেইটাইও এইবাৰ ভয়-ভীত পাহৰি কোঠাৰ ভিতৰত জপিয়াই এন্দুৰৰ বিৰুদ্ধে ৰণ আৰম্ভ কৰি দিলে। চিকাৰী কুকুৰ কেইটাৰ ৰৌ-ৰৌৱনীয়ে নিশাৰ আন্ধাৰৰ নিস্তব্ধতা ফালি ছিৰাছিৰ কৰিলে । এন্দুৰবোৰ যেনেকৈ হঠাতে ওলাইছিল, ঠিক তেনেকৈয়ে দৌৰাদৌৰি কৰি ক্ৰমাৎ অদৃশ্য হ'ব ধৰিলে ।
কোঠাটো এন্দুৰ মুক্ত হোৱাৰ পাছত প্ৰফেচাৰে পুনৰ চন্দুকবোৰ দেখুৱাই ক'লে, 'আমাৰ হাতত সময় অতি কম। ইয়াৰ মাথো ঊনৈশটা চন্দুকহে আছে। আমি এতিয়া এই চন্দুক সদৃশ কফিনবোৰ পবিত্ৰ কৰিব লাগিব। যাতে পিশাচবোৰে পুনৰ জীৱন ল'ব নোৱাৰে।'
চন্দুকবোৰ ঢাকন আঁতৰাই প্ৰত্যেকটোতে তন্ত্ৰ-মন্ত্ৰ নহৰু আৰু পবিত্ৰ ক্ৰছ এটাকৈ থব ধৰিলে। পুনৰ প্ৰাৰ্থনা কৰি ঢাকনবোৰ বন্ধ কৰি দিলে। কোঠাৰ কাম সমাপ্ত কৰি চাৰিওজন তাৰ পৰা ওলাই আহিল। প্ৰফেচাৰে আহি থাকোতে ক’লে, “এই ঊনৈশটাৰ কাম যেনিবা সমাপ্ত হ'ল। এতিয়া বাকী একৈশটা চন্দুক ক'ত আছে কাইলৈ বিচাৰ-খোচাৰ কৰিব লাগিব।'
হাৰ্কাৰ পোনে পোনে ঘৰলৈ গ'লগৈ। মীনা ঘৰত অকলেই আছিল।
॥ ২১ ॥
ডাঃ চীৱাৰ্ড যেতিয়া আহি নিজা চিকিৎসালয়খনৰ সন্মুখ পাইছিল, তেতিয়া ভিতৰৰ কোঠা এটাৰ পৰা ভাহি অহা চিঞৰ-বাখব হৈ হুলস্থূল শুনি তেওঁ দৌৰ মাৰি ভিতৰলৈ সোমাই গ'ল। 'সম্ভৱ ৰেনফিল্ডে পাগলামী আৰম্ভ কৰিছে।' যাওঁতে তেওঁ ভোৰ ভোৰাই গ'ল। ৰেনফিল্ডৰ কোঠাৰ বাহিৰত নাৰ্চ-ৱাৰ্ডবয় আদিৰ ভীৰ দেখি ডাক্তৰে চিঞৰি সুধিলে, ‘কি হ'ল ?”
: ‘আমি তাৰ চিঞৰ শুনি দৌৰি আহিছিলো। আহি দেখো সি মজিয়াত পৰি ছটফটাই আছে। মুখেৰে সেয়া তেজ ওলাই আছে।' নাৰ্চ এগৰাকীয়ে ডাক্তৰক ৰিপ'ৰ্ট দিলে।
: ‘চাওঁ ! ভীৰ নকৰিবা, মোক চাবলৈ দিয়া।' ডাক্তৰে কৈ ৰেনফিল্ডৰ কাষ চাপিল। তেওঁ তাক বিচনাত শুৱাবলৈ নিৰ্দেশ দি ইনজেকচন এটা দিলে।
ক্ষন্তেক পিছতে সি চেতনা ঘূৰাই পালে। তাৰ ওঁঠ দুটা কঁপি থকা দেখি ডাক্তৰৰ নিৰ্দেশত নাৰ্চ এগৰাকীয়ে তাৰ মুখত ব্রাণ্ডী দুচামোচ বাকি দিলে। ব্রাণ্ডী গলাধঃকৰণ কৰাৰ পাছতে সি লাহে লাহে চকু মেলিলে । তাৰ পাছত ইফালে সিফালে চাই ক'লে, ‘ডাক্তৰ চাহাব! মোৰ শেষ সময় আহি উপস্থিত হ'ল। বিদায়— ডাক্তৰ— মৰাৰ আগতে আপোনাক দুষাৰমান কৈ যাওঁ শুনক, যোৱা নিশা পিশাচটো আকৌ আহিছিল। খিৰিকীয়েদি কুঁৱলীৰ ৰূপত সি কোঠাত সোমাই নৰদেহ ধাৰণ কৰিলে। তাৰ ৰঙা চকু দুটাৰে যেন জুইহে ওলাইছিল- তাৰ জোঙা কুকুৰ দাঁত দুটাৰ চেহেৰাতো অতি ভয়ানক আছিল।'
: ‘আপোনালোকে মোৰ কথা বিশ্বাস কৰে নে নকৰে নাজানো ! সি কিন্তু সঁচাকৈয়ে আহিছিল। তাক অত্যন্ত ভয়ানক লাগিছিল।' সেহাই সেহাই ৰেনফিল্ডে কথাখিনি কৈ গ'ল। ‘মোৰ কোঠাত সোমাই সি চয়তানী হাঁহিটো মাৰি ক'লে, ৰেনফিল্ড, তোমাৰ সাহাৰ্যত আজি নাৰী এগৰাকীৰ তাজা তেজ পিবলৈ সুবিধা পালো। সিহঁতে মোক ধ্বংস কৰিবলৈ চেষ্টা কৰিছে, কিন্তু সিহঁতে বুজা নাই— মই কি বস্তু !‘
: ‘ড্রাকুলাৰ কথাৰ পৰা বুজিলো – সি নিশ্চয় মীনা হাৰ্কাৰৰ বিষয়ে কৈছে । তাৰ কথা শুনি খঙতে মই তাক আক্ৰমণ কৰিলো। সি মোক দুহাতেৰে দাঙি ইমান জোৰেৰে মজিয়ালৈ দলিয়াই দিলে যে মূৰটো থেতেলা খাই ফাটি গ'ল। মুখেদি তেজ ওলাল। মই ...’
ডাঃ চীৱাৰ্ডে তৎক্ষণাত গৈ ব্ৰাণ্ডীৰ বটলটোৰ পৰা আৰু দুটোপালমান তেওঁৰ মুখত ঢালি দিলে। ৰেনফিল্ডে বহু কষ্টৰে চকু আধা মেলি চালে। ক্ষীণ কণ্ঠেৰে সেহাই সেহাই ক’লে, “ডাক্তৰ চাহাব, মীনা হাৰ্কাৰক পাৰিলে ৰক্ষা কৰক।' বাক্য শেষ নৌহওতেই তেওঁ দুবাৰ হোকটি খালে, তাৰ পাছত ডিঙিতো বেঁকা কৰি থৰ হৈ গ'ল।
ইতিমধ্যে প্ৰফেচাৰ হেচ্লিংগো আহি উপস্থিত হৈছিল। ৰোগীৰ কথা-বতৰা শুনি তেওঁ মন্তব্য কৰিলে, ‘সকলো শেষ হৈ গ'ল। এওঁক কবৰ দিয়াৰ ব্যৱস্থা কৰা। ডাক্তৰ চীৱাৰ্ড, তুমি ইয়াতে থাকা। আৰ্থাৰ, কিংচী হাৰ্কাৰৰ ঘৰলৈ যাওঁ ব'লা।'
: ‘তেওঁলোক এতিয়া শুই থাকিব পায় !” কিংচীয়ে ক'লে। : “কি ঠিক, এবাৰ গৈ চাই আহোগৈ ব'লা ।'
ক্ষন্তেক পাছতে হাৰ্কাৰৰ ঘৰৰ দৰজাত তেওঁলোকে উপস্থিত হৈ দৰজা খুলিবলৈ যেতিয়া ঢকিয়ালে ভিতৰৰ পৰা কাৰো সহাঁৰি নেপালে।
: ‘দৰজা ভাঙিব লাগিব যেন পাইছো।' প্ৰফেচাৰে ক'লে ৷ কিংচী আৰু আৰ্থাৰে দৰজাখনত জোৰেৰে হেঁচা দি খুলিলে। সন্মুখৰ বিছনাখন আৰু কোঠাৰ কিছু অংশ খোলা খিৰিকীয়েদি অহা জোৎস্নাত সকলোৱে দেখিলে, বিছনাৰ এচুকত জনাথন হাৰ্কাৰ অচেতন হৈ পৰি আছে। তেওঁৰ মুখখন ৰক্তাভ হৈ আছে। দীঘল দীঘলকৈ তেওঁ জোৰেৰে উশাহ লৈ আছে। বিছনাৰ আন মূৰত মীনা আঠুকাঢ়ি বহি আছে আৰু তেওঁৰ পাছফালে মজিয়াত ক'লা কাপোৰ পৰিহিত ক্ষীণ মানুহ এজন মীনাৰ হাত দুখন পাছফালে জপটিয়াই ধৰি কিঞ্চিৎ হাওলি মীনাৰ কান্ধত মুখ দি আছে। তাৰ পৰা ৰক্তপ্ৰবাহৰ ক্ষীণ ধাৰা এটা বৈ আহি মীনাৰ স্কার্ট তিয়াই দিছে । মানুহজনৰ কোৱাৰি দুটাও ৰক্তাক্ত হৈ আছে।
উপস্থিত তিনিওজনে বুজিলে – এয়াই কাউন্ট ড্রাকুলা। মানুহৰ আগমণৰ উমান পায়ে তেওঁ পোন হৈ থিয় হৈ খঙতে গোজৰিবলৈ ধৰিলে। তেওঁৰ ৰঙা হিংস্ৰ চকুযোৰৰ বর্ণনা হাৰ্কাৰে নিজৰ ডায়েৰীত লিখিছিল। ৰক্তাক্ত ওঁঠ কোঁচ খুৱাই ড্রাকুলাই জোঙা চকচকীয়া কুকুৰ দাঁত দুটা উলিয়াই তেওঁলোকলৈ চালে। তাৰ পাছত মীনাক বিছনাতে গতা মাৰি কুকুৰনেচীয়াৰ দৰে আক্ৰমণৰ ভংগী কৰি জপিয়াবলৈ সাজু হ'ল। ইতিমধ্যে প্ৰফেচাৰেও নিজকে সাজু কৰি লৈছিল। তেওঁ মোনাৰ পৰা নহৰুৰ মালাডাল উলিয়াই ড্রাকুলালৈ দলি মাৰি দিলে। মালাডাল দেখি ড্রাকুলা থৰ হৈ গ'ল। যিটো বেগত তেওঁ আক্ৰমণ কৰিবলৈ আগুৱাইছিল, সেই বেগতে তেওঁ তৎক্ষণাত পাছ হোঁহকি গ'ল। প্ৰফেচাৰৰ নিৰ্দেশত বাকী দুজনেও পবিত্র ক্রছ কেইডাল দাঙি লৈ ড্রাকুলাৰ ফালে আগুৱাব ধৰিলে। ড্রাকুলাৰ মুখৰ পৰা ইতিমধ্যে ক্ৰুৰতা অন্তৰ্ধান হৈছিল। তাৰ ঠাইত স্পষ্টকৈ প্ৰকাশ পাইছিল – ভীতি বিহ্বলতা। ড্রাকুলা ক্রমাৎ পিছ হোঁহকি যাবলৈ ধৰিলে ।
সেই মুহূৰ্ততে চন্দ্ৰমাক ক'লা ডাৱৰ এটুকুৰাই আঁৰ কৰি ধৰিলে। কোঠাটো ক্ষণিকৰ বাবে আন্ধাৰ-পোহৰৰ কুহেলিকালৈ ৰূপান্তৰিত হ'ল। কিংচীয়ে জেপৰ পৰা তৎক্ষণাত জুইশলা উলিয়াই কাঠি এডাল জ্বলালে। কাঠীৰ ক্ষীণ পোহৰত তিনিও বিস্ময়েৰে লক্ষ্য কৰিলে – কোঠাটোত ড্রাকুলাৰ চিন-মোকামেই নাই। সি থিয় হৈ থকাৰ স্থানৰ পৰা ধোঁৱাৰ পাতল ৰেখা এডাল খোলা খিৰিকীয়েদি বাহিৰলৈ বৈ যোৱাৰ চিন হে সকলোৱে দেখিলে।
ইতিমধ্যে বিছনাত পৰি থকা মীনাই চেতনা ঘূৰাই পাই আৰ্তনাদ কৰি উঠিল ৷ সকলোৱে সেইফালে চালে। সেই সময়তে বাহিৰৰ বাৰাণ্ডাত কাৰোবাৰ পদধ্বনি শুনা গ'ল। : ‘কোন হয় ?” কিংচীয়ে চিঞৰি সুধিলে ।
: 'মই, ডাক্তৰ চীৱাৰ্ড ! কি হৈছেনো? কৈ কৈ তেওঁ কোঠালৈ সোমাই আহিল। 'হে প্রভু! ইহঁত হালৰ কি হ'ল?' চীৱাৰ্ডে আচৰিত হৈ সুধিলে।
মীনা হাৰ্কাৰৰ মুখমণ্ডল শেঁতা হৈ গৈছিল। ড্রাকুলাই জোৰেৰে ধৰি থকাৰ বাবে তেওঁৰ হাতৰ ঠাৰিত চিন বহি গৈছিল। ডিঙিৰ পৰা ৰক্তধাৰা বৈ তেওঁৰ কাপোৰ ৰক্তাক্ত কৰি তুলিছিল। চেতনা ঘূৰাই পাই তেওঁ দুয়ো হাতেৰে মুখ ঢাকি উচুপিবলৈ ধৰিলে।
: ‘ড্রাকুলাই হার্কাৰক বেহুছ কৰি থৈছে। সি ক'লৈ গৈছে মই জানো । তুমি ইহঁত হালক চোৱা-চিতা কৰা । মই পিশাচটোক বিচাৰি যাওঁ।' প্ৰফেচাৰে ডাক্তৰক কৈ কোঠাৰ পৰা ওলাই গ'ল।
॥২২॥
বিছনাত মীনা এনেয়ে বাগৰি আছিল। বাৰে বাৰে নিদ্রা দেবীক আহ্বান কৰা স্বত্ত্বেও নিদ্রা দেবীয়ে তেওঁক লগ দিয়া নাছিল ।
মীনাৰ চকু পটা দুটা বহু চেষ্টাৰ পাছত লগ লাগিছিলহে । এনেতে পগলা ফাটেকৰ পৰা একেলগে বহু কুকুৰে ভুকাৰ শব্দ তেওঁৰ কাণত পৰিল। ভুক-ভুকনিৰ শব্দ কিছুপৰ ভাহি অহাৰ পাছত হঠাতে সকলো নীৰৱ হৈ পৰিল। মীনা শোৱাৰ পৰা উঠি খিৰিকী মুখলৈ গৈ বাহিৰলৈ জুমি চাই কি হৈছে বুজিবলৈ চেষ্টা কৰিলে।
বাহিৰত ইতিমধ্যে ৰহস্যময় নীৰৱতাই বিৰাজ কৰিছিল। বাহিৰত অস্তমিত চন্দ্ৰৰ ক্ষীণ পোহৰে কুঁহেলিকাৰ সৃষ্টি কৰিছিল। এনেতে মীনাই দেখিলে কুঁৱলীৰ চলমান ৰেখা এডাল কঁপি কঁপি ঘৰটোৰ ফালে আহি আছে। কুকুৰৰ ভুকনি ইতিমধ্যে নোহোৱা হৈছিল। খিৰিকীয়েদি বাহিৰলৈ মূৰ উলিয়াই সেই কুঁৱলীৰ চলমান ৰেখাডালনো কি, অনুধাৱন কৰিবলৈ চেষ্টা কৰোতে ৰেখাডাল অদৃশ্য হৈ গ'ল। বতাহত সৃষ্টি হোৱা কঁপনিৰ ফলত দৃষ্টি ভ্ৰম হৈছে বুলি নিশ্চিত হৈ আন সন্দেহজনক একো নেদেখি মীনা বিছনালৈ ওভতি আহি দীঘল দি পৰিল। কিন্তু নিদ্রা দেবীয়ে মীনাক অকণো অনুকম্পা নকৰিলে।
পগলা ফাটেকৰ পৰা ৰেনফিল্ডৰ চিঞৰ-বাখৰ আৰু হট্টগোল আহি ৰিণিকি- ৰিণিকি মীনাৰ কাণত পৰিব ধৰিলে। নিদ্ৰাৰ আশা ত্যাগ কৰি তেওঁ পুনৰ শোৱাৰ পৰা উঠি খিৰিকীৰ কাষলৈ গ'ল। আকাশত ইতিমধ্যে পাতল ডাৱৰৰ টুকুৰা থুপ খাইছিল। ডাৱৰবোৰ যেন বিল্ডিঙটোৰ ওপৰতে থুপ খাই থিৰ হৈ ৰৈছিল। ইতিমধ্যে ৰেনফিল্ড চিঞৰ-বাখৰ আৰু ভয়াৱহ ধৰণে কন্দাৰ শব্দই মীনাকো আতংকিত কৰি তুলিলে । তেওঁৰ ধাৰণা হ’ল, এই বিৰাট ঘৰটোত তেওঁ অকলে শোৱনি কোঠাত আছে। ভয়তে তেওঁ খিৰিকী দাঁতিৰ পৰা দৌৰ মাৰি বিছনালৈ আহি চিৎ খাই পৰি দিলে। তেওঁৰ প্ৰথমবাৰ অনুভৱ হ'ল— ঠিক টোপনি নহয়, বৰং এক ধৰণৰ নিচাই হে তেওঁক জড়াগ্ৰস্ত কৰি আনিছে। নিদ্ৰালস চকুৰে মোহাচ্ছন্ন হৈ তেওঁ দেখিলে পুৰুষাকৃতি এটাই যেন তেওঁৰ ওপৰত হাওলি পৰিছে। আকৃতিটোৰ মুখখন চিনি পাবলৈ চেষ্টা কৰিও তেওঁ অসফল হ’ল, কাৰণ আকৃতিটো অতি অস্পষ্ট আছিল।
ক্ৰমাৎ মীনাৰ জাৰ লাগিবলৈ ধৰিলে। গাত কাপোৰ ল'বলৈও তেওঁৰ অংগ- প্ৰতংগবোৰ যেন জঠৰ হৈ ৰ'ল। তেওঁ চকু দুটা ঘূৰাই ইফালে সিফালে চালে- কোঠাটোৰ বয়-বস্তুবোৰ অস্পষ্টকৈহে চকুত পৰিল। তেওঁৰ মনত পৰিল, খিৰিকীখন বন্ধ নকৰাকৈয়ে তেওঁ আহি বিছনাত পৰিছিল। তেওঁ উঠিবলৈ চেষ্টা কৰিও হাৰ মানিলে। অংগ-প্ৰতংগৰ লগতে ইচ্ছা শক্তিও জঠৰ হৈ গৈছিল। খিৰিকীখন তেওঁৰ শিতানৰ ফালে আছিল। তথাপিও তেওঁ অনুভৱ কৰিলে, খোলা খিৰিকীয়েদি এচমকা কুঁৱলী ধীৰে ধীৰে সোমাই কোঠাৰ মজিয়াত স্তম্ভ এটাৰ আকাৰ লৈছে। চকুহাল বহলকৈ মেলি অলৰ- অচৰহৈ পৰি থকা মীনাই দেখিলে - স্তম্ভটো হঠাতে জোৰেৰে ঘূৰিবলৈ ধৰিছে আৰু তাৰ মাজতে ৰক্ত বৰ্ণৰ চকু এহাল জিলিকি আছে। সেই ভয়ানক চকুহাল যেন ক্ৰমশঃ মীনাৰ ফালে আগুৱাই আহিছে। অশেষ চেষ্টাৰে তেওঁ বিছনাত উঠি বহিল।
আৰ্তনাদৰ শব্দটো ভিতৰৰ পৰা ওলাই আহি মীনাৰ গলাত লাগি ধৰিল। তেওঁৰ মনত পৰিল,হাৰ্কাৰেও এনেদৰে কুঁহেলিকাৰ মাজৰ পৰা পিশাচিনী আবিৰ্ভাৱ হোৱাৰ বিষয়ে মীনাক কৈছিল। আতংকিত মীনাই কুঁৱলীৰ ফালে চকু মেলি চাই থাকোতে দেখিলে- কুঁৱলীবোৰ ভয়ানক চেহেৰাৰ পিশাচ এটাৰ ৰূপ লৈছে। পিশাচটো মীনাৰ ফালে আগুৱাই আহোতেই কোনোবাই কোঠাৰ দুৱাৰখন খুলি সোমাই আহিল। সম্ভৱ নৈশ অভিযান সমাপ্ত কৰি হাৰ্কাৰ সোমাই আহিছিল। তাৰ লগে লগে মীনাৰ স্নায়ুতন্ত্ৰত যেন বিস্ফোৰণ ঘটিল। বাহ্যিক চেতনা লুপ্ত হৈ তেওঁ অন্ধকাৰৰ গভীৰতালৈ সোমাই গ’ল। সেই মুহূৰ্ততে তেওঁ অনুভৱ কৰিলে তেওঁৰ হাতদুখন পাছফালে টানি নি কোনোবাই তেওঁক বাগৰি নপৰাকৈ ধৰি ৰাখিছে।
॥২৩॥
ডাঃ চীৱাৰ্ডৰ চেষ্টাত মীনা আৰু হাৰ্কাৰ পুৱাৰ ভাগলৈ সুস্থ হৈ উঠিল। তেওঁলোকৰ ঘৰতে প্ৰফেচাৰ হেচ্ লিংগ, কিংচী, আৰ্থাৰ আৰু ডাক্তৰৰ লগত গভীৰ বিষয়ক আলোচনাত মগ্ন হৈ আছিল। কাষতে গিৰিহঁত হাৰ্কাৰ বহি আলোচনাবোৰ শুনি আছিল। তেওঁলোকলৈ চাহ সাজু কৰিবলৈ মীনা পাকঘৰত ব্যস্ত হৈ আছিল।
এনেতে হাতত চাহৰ ট্ৰেখন লৈ মীনা সোমাই আহিল। ডাক্তৰে থিয় হৈ মীনাৰ হাতৰ পৰা ট্ৰেখন লৈ ক'লে, 'আপুনি মিছাতে কষ্ট কৰিছে?” ট্ৰেখন মেজত থৈ চাহ বকাত ডাক্তৰে মীনাক সহায় কৰি দিলে। তেওঁৰ দৃষ্টি কিন্তু মীনাৰ কপালৰ বাওঁ চুকত থকা দগদগীয়া ৰঙা ঘা টুকুৰাতে নিৱদ্ধ হৈ আছিল। প্ৰতিশোধৰ জ্বালাত যোৱা নিশা ড্ৰাকুলাই মীনাক এৰি যাবৰ পৰত বাওঁ কপালৰ চুকটো জ্বলাই দি গৈছিল।
সকলোৱে মনে মনে চাহ খাবলৈ ধৰিলে। কিন্তু প্ৰত্যেকৰে মূৰত চিন্তাৰ পাকঘূৰণি খাই আছিল। সকলোৱে হেচ্লিংগলৈ আগ্ৰহেৰে চাই আছিল যদিও তেখেত যে গভীৰ চিন্তাত ডুব গৈ আছিল, সেয়া তেখেতৰ মুখৰ অভিব্যক্তিৰ পৰাই ধৰিব পৰা গৈছিল। সম্পূৰ্ণ নিস্তব্ধভাবে প্ৰায় দহমিনিট অতিক্ৰম হ'ল। এনেতে মীনাই কাঁহ মাৰি নিস্তব্ধতা ভংগ কৰিলে। প্ৰফেচাৰে চিন্তাৰ গভীৰতাৰ পৰা মূৰ তুলি তেওঁলৈ চালে। তাৰ পাছত কিংচীক আদেশ দিলে, 'খিৰিকীৰ পৰ্দাবোৰ মেলি দিয়া।' আৰ্থাৰেও বুজিলে, প্ৰফেচাৰে কিবা আলোচনা কৰিব খুজিছে। গতিকে কিংচীৰ সৈতে তেওঁ লৰালৰিকৈ পৰ্দাবোৰ মেলি দিলে। পাতল আন্ধাৰে কোঠাটো আবৰি ধৰিলে।
: ‘মোৰ কথাবোৰ সকলোৱে মনোযোগেৰে শুনা। ক'বলগীয়া কথাবোৰ ডাঃ চীৱাৰ্ডে অৱশ্যে বুজি পাব, বাকী কিজনেও বুজিবলৈ চেষ্টা কৰিবা। যোৱা নিশা ড্ৰাকুলাই মীনাক আক্ৰমণ কৰাৰ পাছৰ পৰা তাৰ পৈশাচিক শক্তিৰ এটা ক্ষুদ্ৰ অংশ মীনাৰ শৰীৰত এৰি গৈছে। মীনাৰ কপালত থকা ৰঙা ঘা টুকুৰা অপবিত্ৰতাৰ প্ৰতীক। সেইকাৰণে অৱশ্যে মীনাই ভয় খাব নালাগে।' মীনাক আশ্বস্ত কৰি প্ৰফেচাৰে কৈ গ'ল, “কিন্তু এই চিনটো আমি ড্ৰাকুলাক ধ্বংস কৰাত প্ৰযুক্ত কৰিব পাৰিম। ড্ৰাকুলা আৰু মীনাৰ শৰীৰৰ মাজত এক সুক্ষ্ম সম্বন্ধ আছে। মই যদি মীনাক হিপ্ন'টিমাইজড্ কৰো, অৰ্থাৎ যাদু বিদ্যাৰে অচেতন কৰি দিওঁ, তেতিয়া মীনাৰ অৱচেতন মনত ড্ৰাকুলাই সৃষ্টি কৰা তৰংগৰ মাধ্যমেৰে পিশাচটোৰ গতি বিধিৰ উমান ল'ব পাৰিম। যোৱানিশা ধূৰ্ত পিশাচটোৱে অতি চালাকিৰে আমাৰ চকুত ধূলি মাৰি এই অঞ্চলৰ পৰা পলাল। এতিয়া সি মীনাৰ শৰীৰত এৰি যোৱা পৈশাচিক তৰংগৰ সহায়তহে তাৰ গতিবিধিৰ সন্ধান পাম।'
কথাখিনি কৈ তেওঁ মীনালৈ চালে। ‘তুমি ভয় কৰিব নেলাগে। মই মাথো দহ- পোন্ধৰ মিনিটহে মোহাচ্ছন্ন কৰিম। তুমি দুখ-কষ্ট একো নোপোৱা। এতিয়া ব'লা - সৌ চকীখনত আৰামেৰে বহাগৈ।' প্ৰফেচাৰে মীনাক আঁতৰত থকা আৰামী চকীখন দেখুৱাই ক'লে।
মনত সাহ গোটাই মীনা গৈ সেই চকীখনত বহিলগৈ।
: ‘এতিয়া মনৰ পৰা আন সকলো চিন্তা, ভয় আঁতৰাই আৰামেৰে বহা আৰু মোলৈ চোৱা।' প্ৰফেচাৰে মীনাৰ কাষ চাপি নিৰ্দেশ দিলে। তেওঁ মোহাচ্ছন্ন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি ক'লে, 'এতিয়া মোৰ চকুলৈ চোৱা, আনফালে নাচাবা, মোৰ চকুলৈ একেৰাহে চাই থাকা।' প্ৰফেচাৰ হেচ্লিংগে বুদ বুদাই মন্ত্ৰ উচ্চাৰণ কৰি হাতেৰে মীনাৰ মুখৰ আগত কিছু অংগী-ভংগী কৰিলে। মীনা ক্ষন্তেকপৰ ছটফটাই এসময়ত স্থিৰ হৈ ৰ'ল ।
: ‘চকু বন্ধ কৰা, মাজনী।' প্ৰফেচাৰে আদেশ দিলে। ‘এতিয়া টোপনি যোৱা, যোৱা— টোপনিত গৈ থাকা – যোৱা ভয় নকৰিবা মোৰ কথামতে গৈ থাকা— মই যিদৰে ক'ম তেনেকৈ কৰিবা, শোৱা হৈছে— গভীৰ নিদ্ৰা যোৱা....' প্ৰফেচাৰৰ আদেশৰ লগে লগে মীনাৰ শৰীৰটো কিঞ্চিৎ লৰচৰ কৰি গভীৰ নিদ্ৰাত মগ্ন হ'ল। টোপনিতে কিন্তু মীনাৰ চকুৰ পটা দুটাৰ ভিতৰত লৰচৰ কৰি থকা প্ৰফেচাৰৰ দৃষ্টি গোচৰ হৈছিল।
পাতল আন্ধাৰে আবৰা কোঠাটোত কেৱল নিশ্বাসৰ শব্দৰ বাহিৰে আন একো শব্দ নাছিল। প্ৰফেচাৰে পুনৰ ক'ব ধৰিলে, 'তুমি এতিয়া ড্রাকুলাৰ লগতে গৈ আছা । মোক কোৱাচোন, ড্রাকুলা এতিয়া ক'ত আছে, কি কৰিছে ?”
মীনাই মাত্ৰ অস্থিৰতাৰে গাটো জোকাৰিলে। প্ৰফেচাৰে প্ৰশ্ন কেইটা পুনৰ দোহাৰিলে। তেওঁৰ চেহেৰাৰ কিছু পৰিৱৰ্তন হ'ল। কোঠাত থকা বাকী কেইজনে উশাহ বন্ধ কৰি মীনাৰ ফালে চাই ৰ'ল। মীনাই ওঁঠ দুখন লৰাই কিবা বুদবুদালে। তাৰ পাছত কিঞ্চিত স্পষ্ট ভাষাৰে ক’ব ধৰিলে – ‘গলি এটা আছে— নহয়, আনটো গলি
: “কৈ যোৱা মাজনী— তাৰ পাছত ?' প্ৰফেচাৰে পুনৰ আদেশ দিলে। কিছুসময় নীৰৱতাৰ পাছত মীনাই ক’বলৈ ধৰিলে, 'ড্রাকুলা ভয়ত পলাইছে ...
: “কৈ যোৱা, হৈছে ।'
: “পিকেডেলী, জমৈকা, জমৈকা লেন ... কফিন তাত আছে।'
: ‘ঘৰ, পুৰণা মহল দেখিছানে ? তালৈ সোমাই যোৱা – চোৱা – ড্রাকুলাৰ কফিনটো ক'ত আছে ?” প্ৰফেচাৰে অধৈৰ্য হৈ সুধিলে।
: ‘পুৰণা মহল, বহুত কফিন। আন্ধাৰ কোঠা— ভীষণ আন্ধাৰ, পোহৰ নাই। ড্রাকুলা ইয়াৰে এটা চন্দুকৰ কফিনত আছে–।'
: ‘কফিন কেইটা গণিব পাৰিবা নে ? ' প্ৰফেচাৰে সুধিলে ।
উত্তৰত মীনাই বুদবুদালে, তাৰ পাছত নিশ্চুপ হৈ ৰ'ল। প্ৰফেচাৰে প্ৰশ্নটো পুনৰ সুধিলে, কিন্তু মীনাই একো উত্তৰ নিদিলে। তেওঁ বুজিলে, মীনাক আৰু অধিক হিপ্ন'টিমাইজড্ কৰি থ'লে তাইৰ প্ৰাণৰ সংশয় হ'ব পাৰে।
: ‘ওভতি আহা, তোমাৰ জগত খনলৈ ওভতি আহা, জাগা, সাৰ পোৱা’ প্ৰফেচাৰে কৈ কৈ মীনাৰ মুখৰ আগত হাতেৰে পুনৰ অংগী-ভংগী কৰিব ধৰিলে।
মীনা হাৰ্কাৰৰ শৰীৰ ক্ৰমাৎ শিথিল হৈ আহিল। ক্ষন্তেক পিছতে তেওঁ চকু মেলিলে। সন্মুখত থিয় হৈ থকা প্ৰফেচাৰে হাঁহি মাৰি ক'লে, “ভাল সাহস দেখুৱালা মাজনী, আমাক বহুত সম্ভেদ দিলা। ভাগৰ লাগিছেনেকি ?‘
: ‘নাই লগা।‘ মীনাই মিচিকিয়াই ক'লে যদিও, তেওঁৰ মুখমণ্ডলত বিৰিঙি উঠা ঘামৰ টোপালবোৰৰ পৰা স্পষ্ট হৈছিল যে, তেওঁ যথেষ্ট মানসিক কষ্ট সহ্য কৰিব লাগিছিল।
: ‘এতিয়া যোৱা, ঘৰৰ কাম-কাজত লাগাগৈ। আমি পৰৱৰ্তী যোজনাৰ বিষয়ে চিন্তা কৰো।'
নিশা দহ বাজি যোৱাৰ পাছত প্ৰফেচাৰে তেওঁৰ দলটোৰ সৈতে ওলাই আহিল। ডাঃ চীৱাৰ্ডৰ ঘৰৰ বাহিৰত দুখন ঘোঁৰা বাগী ৰৈ আছিল। প্ৰফেচাৰে কিংচী আৰু আৰ্থাৰক পিকাডেলী চাৰ্কাচলৈ যাবলৈ নিৰ্দেশ দি ক'লে, 'ড্রাকুলা পিকাডেলী চাৰ্কাচৰ কোনোবা পুৰণা ঘৰত অথবা জমাইকা লেনৰ ক'ৰবাত লুকাই আছে। তোমালোক দুজন পিকাডেলীলৈ গৈ মই নির্দেশ দিয়া মতে কফিনবোৰ পবিত্ৰ কৰি মোক জামাইকা লেনত লগ ধৰিবা। ড্রাকুলা এতিয়ালৈকে চিকাৰত বাহিৰলৈ গ'লেই, তাক লগ পোৱা নাযাব । '
প্ৰফেচাৰৰ বাগীখন গৈ পুৰণা মহল এটাৰ পাছফালে - ৰ'লগৈ। চতুর্দিশে ভয়াৱহ নিস্তব্ধতা। জামাইকা লেনৰ চৰকাৰী ঘণ্টাটোত নিশাৰ বাৰ বজাৰ সংকেত বাজি উঠিল।
: ‘এইটো মহলেই নেকি ?' প্ৰফেচাৰে সুধিলে ।
: হয়, কালি দিনটো খোজ-খবৰ কৰি আমি এই মহলটোৰ সম্পৰ্কে নিশ্চিন্ত হ'লো। ড্রাকুলা ইয়াতে লুকাই আছে। এয়া মহলৰ পাছফাল, পাছফালৰ ভঙা দেৱালেদিয়ে সৰকি মহলত সোমাব লাগিব।' হাৰ্কাৰে ক'লে ।
ঘোঁৰা বাগীৰ পৰা নামি তিনিও নিজৰ বেগ কেইটা লৈ মহলটোৰ পাছফালেদি প্ৰবেশ কৰিলে। হার্কাৰে টৰ্চৰ পোহৰত জেপত লৈ অনা চাবি একোচাৰে কোঠাৰ তলা খুলিবলৈ চেষ্টা কৰি, অৱশেষত সফল হ'ল। কোঠাৰ ভিতৰত সোমোৱা মাত্ৰকে ভেকেটা- ভেকেট গোন্ধৰ তীব্ৰতাত তিনিও নাকত ৰুমাল দিবলৈ বাধ্য হ'ল। কোঠাটোত কিন্তু একো নাছিল। কফিনৰ সন্ধানত তেওঁলোকে কোঠাৰ তলাবোৰ খুলি গৈ থাকোতে হঠাতে কোঠা এটাৰ ভিতৰৰ পৰা এজাক কুকুৰৰ ভুকভুকনি কাণত পৰিল ।
: “এই কোঠাতে কিবা থাকিব পায়।” প্রফেচাৰে ক'লে। হার্কাৰে লৰালৰিকৈ তলা খুলি কোঠাটোৰ দৰজাখন খুলি দিলে। ভুকনি শব্দ মাৰ গলত তিনিও টৰ্চৰ পোহৰত দেখিলে - আবনুচ কাঠৰ ওঠৰটা ডাঙৰ চন্দুক তিৰবিৰাই আছে। তিনিও কোঠাত সোমাই নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিল। হাৰ্কাৰ আৰু চীৱাৰ্ডে এখন এখনকৈ ঢাকনিবোৰ আঁতৰাই গ'ল আৰু প্ৰফেচাৰে প্ৰত্যেকটো চন্দুক থকা কফিনবোৰ পবিত্ৰ কৰি গ'ল ।
তিনিও লক্ষ্য কৰিলে, কোঠাটোৰ বয় বস্তুবোৰ য'তে-ত'তে বিশৃংখলভাবে পৰি আছে। কোঠাৰ মেজত কিছু ঘৰ-সম্পত্তি কিনা-বেচাৰ দলিল আছিল। মেজখনত কলম-দোৱাত কাগজৰ লগতে সোণ-ৰূপৰ মোহৰ ভৰ্তি মোনাও আছিল। এনেতে মুখ্য দৰজাত কাৰোবাৰ কৰাঘাত আহি তেওঁলোকৰ কাণত পৰিল ।
: ‘সম্ভৱ কিংচী আৰু আৰ্থাৰ আহিছে।' মনতে ভাবি হার্কাৰে দৰজাখন খুলি দিলে। দুয়ো হাঁহি হাঁহি সোমাই আহিল।
: ‘সাফল্যৰ হাঁহি মাৰি আহিছা, কাম হ'লনে?' প্ৰফেচাৰে সুধিলে।
: ‘হয়, আপুনি কোৱা মতেই পিকাডেলীৰ মহলত থকা বাৰটা চন্দুক পবিত্ৰ কৰি আহিছো।' কিংচীয়ে ক'লে।
প্ৰফেচাৰে আঙুলিৰ পাবত গন্তি কৰি ক'লে,‘বাৰ যোগ ওঠৰ যোগ ঊনৈশ মুঠ ঊনপঞ্চাশটা কফিন নষ্ট কৰা হ'ল। মাত্ৰ বাকী থাকিল এটা আৰু সেইটোৱে ড্রাকুলাৰ ড্রাকুলা ইয়ালৈ নিশ্চয় আহিব। কাৰণ মেজত থকা দৰকাৰী কাগজ-পত্ৰখিনি আৰু সোণ-ৰূপৰ মোনাটো তাক লাগিবই।‘
ঠিক তেনেতে কাৰোবাৰ গধুৰ পদশব্দ শুনি সকলো সচকিত হ'ল। তেওঁলোকে সাজু হ'বলৈ নৌ পাওঁতেই ড্রাকুলা একেজাপে কোঠাত সোমাল। সকলোকে একেলগে দেখি খঙত সি গুজৰিবলৈ ধৰিলে। তাৰ গুজৰণি ঠিক কুকুৰনেচীয়া এটাৰ দৰে আছিল।
কিংচীয়ে প্ৰফেচাৰৰ লগত পবিত্ৰ ক্ৰছ লৈ ড্রাকুলাৰ ফালে আগবাঢ়োতেই তাৰ মুখমণ্ডলৰ পৰা ক্ৰুৰতা আৰু ক্ৰোধ অন্তর্হিত হৈ তাৰ ঠাই ল'লে ভয় আৰু দূৰ্ভাবনাই। সুযোগ চাই হাৰ্কাৰে হাতৰ ছুৰি খনেৰে ড্ৰাকুলাক তেতিয়াই আক্ৰমণ কৰিলে। ড্রাকুলাই নিপুণ যুঁজাৰুৰ দৰে আক্ৰমণৰ পৰা একাষৰীয়া হৈ আত্মৰক্ষা কৰিলে। খঙত তাৰ চেহেৰা অধিক ভয়ানক হৈ উঠিল। হাৰ্কাৰে দ্বিতীয়বাৰ আক্ৰমণ কৰিবলৈ সাজু হোৱাৰ পূৰ্বে ডাঃ চীৱাৰ্ডে হাতত নহৰুৰ মালা আৰু পবিত্ৰ ক্ৰছলৈ ড্রাকুলাৰ ফালে ক্ৰমশঃ অগ্ৰসৰ হ'ব ধৰিলে। তেওঁ নহৰুৰ মালাডাল তাৰ ডিঙিত পিন্ধাবলৈ ছেগ চাই আছিল। ডাক্তৰৰ মনোভাব বুজি আৰু পবিত্ৰ ক্ৰছ দেখি ড্রাকুলা পাছ হোঁহকিবলৈ আৰম্ভ কৰিলে। ড্রাকুলাৰ মুখত ভয়ৰ লগতে ঘৃণা আৰু ক্ৰোধৰ সন্মিলিত ভাব প্রকাশ পাইছিল। অন্যফালে প্ৰফেচাৰ আৰু আৰ্থাৰেও পবিত্ৰ ক্ৰছ আৰু নহৰুৰ মালা লৈ ড্রাকুলাক ঘেৰি ধৰিবলৈ আগবাঢ়ি আহিল। ড্রাকুলাই পলাবলৈ সুযোগ বিচাৰি চাৰিওফালে চালে, একমাত্র হাৰ্কাৰৰ হাতত ক্ৰছ বা নহৰুৰ মালা নাছিল। পিশাচটোৱে জাপ মাৰি হাৰ্কাৰক বগৰাই খিৰিকীয়েদি বাহিবলৈ জাপ মাৰি দিলে। আয়না ভাঙি ঝনঝনাই মাটিত পৰিল। সকলো দৌৰ মাৰি খিৰিকিৰ কাষলৈ আহিল। তেওঁলোকে দেখিলে - ড্রাকুলা সীমাৰ দেৱালখনলৈ লৰ দিছে। সি হঠাতে ৰৈ তেওঁলোকলৈ ঘূৰি চাই হুংকাৰিলে, ‘মোৰ পাছত লগাৰ ভীষণ পৰিণাম ভূগিবলৈ সাজু হৈ থাক। মই হাজাৰ বছৰ জী আছো, হাজাৰ বছৰ জীয়াই থাকিম। তহঁত বলীয়া কুকুৰৰ দৰে আওমৰণে মৰিবি।' কথাখিনি কৈয়েই বতাহত উৰি যোৱাৰ দৰে ওখ দেৱাল পাৰ হৈ সি অদৃশ্য হৈ গ'ল ।
তেওঁলোক সকলো যেতিয়া ভৌতিক মহলৰ পৰা ওলাই আহিল, তেতিয়া পূবে
ঢলফাট দিছিল। ৷৷ ২৪ ॥
: ‘ড্রাকুলাই আমাৰ ওপৰত প্ৰতিশোধ যে ল’ব সেয়া নিশ্চিত, কিন্তু তাৰ আগেয়ে সি আত্মৰক্ষাৰ সুবন্দৱস্ত কৰি ল'ব। আমি বিচাৰি উলিয়াব নোৱাৰা পঞ্চাশ নম্বৰ চন্দুক কফিনটোতে সি আশ্ৰয় লৈ আছে। সেই চন্দুকটো বুদ্ধিৰে আমাৰ অগোচৰে লুকুৱাই সি নিজে ইংলণ্ড ত্যাগ কৰি গৈছে।' জনাথন হাৰ্কাৰৰ ঘৰৰ কোঠাত বহি প্ৰফেচাৰে অন্য সংগীসকলৰ আগত কৈ গ'ল ।
: ‘ভূত-পিশাচ সিহঁতৰো আত্মৰক্ষা প্ৰবণতা আছে আৰু সেই প্রবণতা অতি প্ৰখৰ নিৰাপদ আশ্রয়স্থলী এডোখৰ পালেহে, সিহঁতে প্ৰতি আক্ৰমণৰ চেষ্টা কৰে। গতিকে সি কফিনত সোমাই ক'ত আশ্ৰয় লৈছে, জানিব লাগিব।'
: ‘ড্রাকুলা যদি ইংলণ্ডৰ পৰা পলাই গৈছে, আমি তাক ক'ত বিচাৰি পাম ?'
: “মীনাৰ সহায়ত। যদি মীনাই সন্মতি প্রকাশ কৰে।
সন্মুখৰ চকী এখনত মীনা বহি আছিল। প্ৰফেচাৰৰ মন্তব্য শুনি সকলোৱে মীনালৈ চালে।
: ‘জন-কল্যাণৰ হকে মই যিকোনো ধৰণে সহায় কৰিবলৈ সাজু আছো।' মীনাৰ কণ্ঠস্বৰৰ দৃঢ়তাই সকলোকে সকাহ দিলে। প্ৰফেচাৰে তেওঁক চকীত বহুৱাই পূৰ্বাপৰৰ দৰে সন্মোহন কৰি সুধি গ'ল। মীনাই বৰ্ণনা কৰি গ'ল, 'পানী — সকলো দিশতে পানী— জাহাজ চলাৰ শব্দ, হয় পুৰণা কাঠৰ চন্দুক এটা আছে— মানুহৰ মাত- কথা— '
:“তুমি ক'ত আছা ?’
: ‘নাজানো। পানী- চাৰিওফালে পানী, চপ-চপনিৰ শব্দ....’
প্ৰফেচাৰে আৰু অধিক প্ৰশ্ন নুসুধি মীনাক স্বাভাবিক স্থিতিলৈ ঘূৰাই আনিলে।
: ‘মই ঠিকেই সন্দেহ কৰিছিলো। ড্রাকুলা জাহাজেৰে পলাইছে। সি নিশ্চয় পূৰ্বৰ বন্দৱস্ত মতেই সুযোগ বুজি বন্দৰ এৰি গৈছে।' প্ৰফেচাৰে ক'লে।
: ‘তেন্তে উপায় ?’ উদ্বিগ্নতাৰে জনাথন হাৰ্কাৰে সুধিলে।
: ‘আমিও ড্রাকুলাক অনুসৰণ কৰি ভ্ৰমণলৈ যাব লাগিব। সি সুযোগ লোৱাৰ পূর্বেই আমি তাক ধ্বংস কৰিব লাগিব।'
সিদিনা আবেলি তাতে আকৌ সকলো একত্ৰিত হ'ল। কিংচী আৰু আৰ্থাৰে
বন্দৰলৈ গৈ খবৰ লৈ আহিল যে, 'জৰীনা কেথৰীন' নামৰ জাহাজ এখন পুৱাতে লণ্ডনৰ
পৰা গৈলাজলৈ যাত্ৰা কৰিছে। সকলো ৰেলেৰে তালৈ যাত্ৰা কৰিবলৈ সাজু হ'ল।
আসন সংৰক্ষণ কৰা হ'ল আৰু নিৰ্দিষ্ট সময়ত ৰেলেৰে পেৰিছ আহি পাই তেওঁলোক তাৰ পৰা অৰিয়েণ্ট এক্সপ্রেছেৰে ৱাৰ্ণা হৈ গৈলাজত উপস্থিত হ'ল। গৈলাজত নামি তেওঁলোকে গৈ 'কেথৰীন' জাহাজৰ কেপ্তেইনক লগ ধৰিলে। তেওঁলোকে কেপ্তেইনক জাহাজত অনা কফিন সদৃশ চন্দুকৰ বিষয়ে যেতিয়া সুধিলে, মুখ ভয়ত বিবৰ্ণ হৈ গ'ল।
: ‘আপোনালোকে যিটো কফিন থকা বাকচৰ বিষয়ে সুধিছে, সেইটোৱে গোটেই জাহাজত আতংকৰ সৃষ্টি কৰিছিল।'
: কেনেকৈ ?'
: “জাহাজৰ মালখানাত কফিনটো থোৱাৰ পাছতে জাহাজখন প্রথমতে ঢলংপলংকৈ পাছত ইমান তীব্র বেগেৰে চলিবলৈ ধৰিছিল যে মোৰ নিয়ন্ত্ৰণৰ প্ৰায় বাহিৰেই হৈ গৈছিল। যাত্রী এজনে মোক ভয়ত কঁপি কঁপি কৈছিল, ৰহস্যময় কফিনটো জাহাজত বুঢ়া এজনে দোকমোকালিতে থৈ যোৱাৰ পাছতে জাহাজখনত অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কফিন থকা চন্দুকটো মাজে-সময়ে নিজেই লৰচৰ কৰি থাকে। মোৰ সান্ত্বনা বাণীত যাত্ৰীসকলে নিজা কেবিনলৈ গ'লগৈ যদিও পাছদিনা ৰাতিপুৱা সকলোবোৰ গোট খাই সমস্বৰে চিঞৰ-বাখৰ কৰি ক'বলৈ ধৰিলে - জাহাজৰ পৰা কফিনৰ বাকচটো সাগৰত পেলাই দিয়ক।'
: ‘ওঁ তাৰ পাছত ?'
: ‘তাৰপাছতনো আৰু কি হ'ব, আমি ইতিমধ্যে গৈলাজ বন্দৰত লংগৰ পেলাইছিলো। তাতে মানুহ এজনে শ্লিপ এখন লৈ মোক দিলে, তাত লিখা আছিল, ‘কাউণ্ট ড্রাকুলাৰ নামাংকিত কফিনটো পত্রবাহকক দিয়া হওঁক।”
: ‘মই ভগৱানক ধন্যবাদ দি কফিনটো লৰালৰিকৈ মানুহজনক দি দিলো।’
: “আপুনি সেই মানুহজনৰ কিবা নাম ঠিকনা আমাক দিব পাৰিব নেকি ?” চীৱাৰ্ডে সুধিলে।
: ‘হয়, আমি ৰচিদ বহীত লিখি থোৱা মতে— তেওঁৰ নাম হিলডাচীম, ঠিকনা- বোৰজিয়ন, ষ্ট্ৰীট নং- ১৬।
কেপ্তেইনক ধন্যবাদ দি প্ৰফেচাৰ আৰু ডাক্তৰে হিলডাচীমক বিচাৰি গ'ল । তেওঁক লগ ধৰি কফিনটোৰ বিষয়ে সোধাত হিলডাচীমে চতুৰভাবে উত্তৰ দিলে -
: ‘আপোনালোক আহি পোৱা পলম কৰিলে। আজি পুৱাতে কাউণ্টৰ মানুহে কফিনটো লৈ গ'ল। মোৰ কাম হৈছে কমিচন লৈ মাল উঠোৱা নমোৱা কৰি ঠিকনালৈ প্ৰেৰণ কৰা। গতিকে মোৰ কাম মই কৰিলো।'
: ‘কফিন নিয়া মানুহজনৰ নাম-ঠিকনা আপুনি জানিব নিশ্চয় !”
: ‘ৰুছী বেপাৰী পত্ৰোৱিস্কীয়ে কফিনটো লৈ গৈছে। তেওঁ ইয়াৰে বৰ- বজাৰত কোঠা এটা ভাড়া কৰি আছে।' কমিচন এজেন্টক ধন্যবাদ দি প্ৰফেচাৰ আৰু ডাক্তৰ লৰালৰিকৈ তাৰপৰা ওলাই আহিল ৷
তেওঁলোকে বিচাৰি-খোচাৰি পত্ৰোৱিস্কীৰ ঠিকনাত উপস্থিত হৈ দেখিলে, কোঠাৰ বাহিৰত মানুহৰ ভীৰ। পত্ৰোৱিষ্ঠীৰ নিস্পন্দ শৰীৰটো মজিয়াত পৰি আছে । শৰীৰৰ সমস্ত তেজ ভোকাতুৰ বাঘে যেন পিহে খালে- শৰীৰটো তেনেধৰণে শেঁতা পৰি আছিল।
: ‘এয়া নিশ্চয় জিপচীবোৰৰ কাম।” বাহিৰৰ মানুহবোৰে চিঞৰ-বাখৰ কৰি কৈ আছিল। ‘সিহঁতে টকা-পইচাৰ লোভতে হত্যা কৰিব পায় !”
: “হে ঈশ্বৰ! এতিয়া কি কৰিব ?' চীৱাৰ্ডে হতাশা ভৰা কণ্ঠেৰে ক'লে ৷
: ‘ড্রাকুলাই নিশ্চয় আমাক ফাঁকি দি পুৰণা মহলটোলৈকে গৈছে। আমি তাক তালৈকে বিচাৰি যাব লাগিব।' প্ৰফেচাৰে ক'লে। 'সি তালৈ বাদুলি বা কুকুৰনেচীয়াৰ ৰূপ ধাৰণ কৰিও যাব পাৰে। গতিকে আমি অত্যাধিক সাৱধান হ'ব লাগিব। সি নিৰাপদ আশ্রয়স্থলী হিচাবে অদূৰত থকা ড্রাকুলা মহললৈ যোৱা প্ৰায় নিশ্চিত।'
একমাত্র জনাথন হার্কাৰেহে যিহেতু ড্রাকুলা মহলৰ বাটপথ চিনি পাইছিল, সেইবাবে তেওঁৰ নেতৃত্বত তালৈ যাবলৈ ঘোঁৰা বাগী বন্দৱস্ত কৰা হ'ল। কিন্তু কোনো কচোৱানে তালৈ যাবলৈ সন্মতি প্ৰকাশ নকৰাত ঘোঁৰা বাগী চলোৱাৰ দায়িত্বও হার্কাৰে ল'লে। দিনটো একাবেকা আৰু ভয়াবহ অৰণ্যৰ মাজেৰে যাত্ৰা কৰি সন্ধ্যা তেওঁলোকে পাহাৰী টিলা এটাত ৰাতিৰ বাবে বিশ্ৰাম কৰিবলৈ ঠিক কৰিলে। প্ৰফেচাৰ হেচ্লিংগে মীনাৰ বিশেষ সুৰক্ষাৰ বাবে তেওঁৰ চাৰিওফালে লোৰ শলাৰে বৃত্ত আঁকি তাত মন্ত্রপূত নহৰুৰ পাত কিছুমান ছটিয়াই থলে, যাতে ড্রাকুলাই নিশা আহি মীনাক আক্ৰমণ কৰিব নোৱাৰে। নিশাৰ আহাৰ্য গ্ৰহণ কৰি পাল পাতি একোজন পুৰুষক পহৰা দি থকাৰ ব্যৱস্থা কৰি সকলো নিদ্ৰা দেবীৰ কোলাত আশ্ৰয় ল'লে। মীনাই মন্ত্ৰত বৃত্তৰ ভিতৰত গাত কোট এটাৰে ঢাকি লৈ শুই থাকিল। প্ৰফেচাৰে নিদ্ৰামগ্ন হৈও মীনাৰ সুৰক্ষাৰ প্ৰতি সচেতন হৈ আছিল।
ৰাতি সম্ভৱ ২টা বাজিছিল। মীনা উচপ খাই উঠি বহি বৃত্তৰ বাহিৰলৈ যাবলৈ উদগ্ৰীৱ হ'ল। প্ৰফেচাৰে তৎক্ষণাত সাৰ পাই মীনাক সুধিলে, “কি হ'ল, মীনা ? ক'লৈ যোৱা ?”
মীনাই যেন সম্বিত ঘূৰাই পালে। তাই কিবা উত্তৰ দিয়াৰ পূৰ্বেই ঘোঁৰা কেইটাই ভয় খাই হিঁ হিঁয়াবলৈ ধৰিলে। ইতিমধ্যে সকলো সাৰপাই উঠি বহিছিল। মীনাৰ প্ৰতি চকু ৰাখিবলৈ কৈ প্ৰফেচাৰ আগবাঢ়ি গৈ ঘোঁৰা কেইটা শান্ত কৰিবলৈ সিহঁতক লাহে লাহে থপৰিয়াবলৈ ধৰিলে। ঘোঁৰাকেইটা ঠৰ্ ঠৰ্ কঁপিছিল। প্ৰফেচাৰে বুজিলে - আশে-পাশে ড্রাকুলা বা অশৰীৰি পিশাচ ঘূৰি ফুৰিছে। তেওঁ আন্ধাৰলৈ দৃষ্টি নিক্ষেপ কৰিলে যদিও প্ৰথমাৱস্থাত একো নেদেখিলে। তম্বুৰ বাহিৰত বতাহৰ হো-হোৱনিয়ে পৰিস্থিতি অধিক ভয়ানক কৰি তুলিছিল। কিন্তু ভাৰতীয় আৰু মিচৰীয় তন্ত্ৰৰ ওজা প্ৰফেচাৰ হেচ্লিংগ আছিল বেলেগ ধাতুৰে গঢ়া। তেওঁ ভয় কাক কয়— নাজানিছিল ।
হঠাতে তেওঁৰ দৃষ্টি আন্ধাৰত ৰৈ থকা তিনিজনী ক'লী ডাইনীৰ ওপৰত পৰিল। সিহঁতে মীনাৰ ফালে চাই ফুচফুচাই আছিল। ডাইনী কেইজনীৰ ভয়ানক চেহেৰা দেখি আন কেইজনো আতংকিত হৈ উঠিছিল। প্ৰফেচাৰে মীনালৈ চালে। তাই অকণো ভয় নকৰি, বৃত্তৰ মাজত নিৰুদ্বেগ চিত্তেৰে বহি আছিল। আনপিনে ঘোঁৰাকেইটাই হি হিয়াবলৈ ধৰিলে। ইতিমধ্যে বতাহৰ বেগ কিছু কমিছিল। প্ৰফেচাৰে বিৰ্ বিৰাই মশাল এডাল জ্বলালে। তাৰপাছত জ্বলন্ত মশালডাল লৈ ডাইনী কেইজনীৰ ফালে খেদি গ'ল। প্ৰফেচাৰক খেদি অহা দেখি সিহঁতে কুঁৱলীৰ ৰূপ লৈ অদৃশ্য হৈ গ'ল। আনহাতে ঘোঁৰা এটাই ভয়ানকভাবে হিঁ হিঁয়াই মাটিত ঢলি পৰিল। প্ৰফেচাৰে ঘোঁৰাটোৰ কাষ চাপি দেখিলে, সি ধৰফৰাই স্থিৰ হৈ গৈছে। ড্রাকুলাই প্ৰফেচাৰক ডাইনী কেইজনীৰ লগত ব্যস্ত ৰাখি ঘোঁৰাটোৰ ৰক্তপান কৰি শক্তি সঞ্চয় কৰি ল'লে। তেওঁলোকে ৰাত্রি যাপন কৰা কেম্পৰ পৰা ড্রাকুলাৰ ভৌতিকমহলৰ চূড়াবোৰ ৰিণিকি ৰিণিকি দেখা গৈছিল। প্ৰফেচাৰে নিশ্চিত আছিল ড্রাকুলাৰ আশ্রয়স্থলী কফিনটো স্থলপথেৰে নহয়, জলপথেৰেহে আহি আছে। যাতে স্থলপথেৰে আহি প্ৰফেচাৰৰ মুখামুখি হ'বলগীয়া নহয়। সেয়েহে তেওঁলোকে ড্রাকুলাৰ শৱ থকা কফিনটো মহল আহি পোৱাৰ অপেক্ষাত আছিল।
৷৷ ২৫ ৷৷
:সৌৱা - সেইফালে চাওঁক।' মীনাই দেখুৱাই দিয়াৰ ফালে চাই প্ৰফেচাৰে দেখিলে জিপচী অঘৰী দল এটাই নদীঘাটৰ পৰা ড্রাকুলা মহললৈ চিঞৰ-বাখৰ কৰি গৈ আছে।
ঘন কুৱঁলী পৰি থকাৰ বাবে বস্তুবোৰ অস্পষ্ট ৰূপত দেখা গৈছিল। ৱান হেচ্লিংগে টিলাৰ পৰা নামি আহি লক্ষ্য কৰিলে জিপসী কেইজনমানে ঠেলা গাড়ী এখনত বাকচ এটা লাদি ঠেলি-হেচি দৌৰাদৌৰিকৈ গৈ আছে। যেন কিঞ্চিৎ পলম হ'লেই সিহঁতক কোনোবাই ধৰিব।
প্ৰফেচাৰে দূৰবীন লগাই ভালকৈ চালে। অঘৰী দলৰ দলপতিয়ে চিঞৰ-বাখৰ কৰি সিহঁতক বেগাই যাবলৈ নিৰ্দেশ দি আছে। তেওঁ তৎক্ষণাত কিংচী, চীৱাৰ্ড আৰু আৰ্থাৰক জিপসী দলটো অনুসৰণ কৰিবলৈ পঠিয়াই দিলে। হার্কাৰে ঠিকেই সন্দেহ কৰি প্ৰফেচাৰক কৈছিল, 'ঠেলাগাড়ীখনত থকা কফিনটোৱে নিশ্চয় ড্রাকুলাব হ'ব !
জিপসী দলটোৱে ঠেলি অনা গাড়ীখন তেওঁলোকৰ কেম্প থকা টিলাটোৰ পৰা আধা কিলোমিটাৰ আঁতৰত আছিল। প্ৰফেচাৰে ভাবিলে যদি বতাহত গুলী ফুটাই জিপসী দলটোক ভীতি প্রদর্শন কৰা হয় আৰু ডাঙৰ শিল দুটামান টিলাটোৰ পৰা বগৰাই দলটোৰ ৰাস্তা ৰুদ্ধ কৰা হয়, তেন্তে আৰ্থাৰহঁতে গৈ সিহঁতক লগ ধৰিব পাৰিব। তেওঁ কথাষাৰ চিন্তা কৰোতেই কুকুৰনেচীয়াৰ গোজৰণি তেওঁৰ কাণত পৰিল। প্ৰফেচাৰে চাৰিওফালে লক্ষ্য কৰোতে দেখিলে - পিশাচ সম্রাটক স্বাগতম জনাবলৈ কুকুৰনেচীয়া জাক এটা বাটৰ ফালে আহি আছে ।
প্ৰফেচাৰে সময় অপব্যয় নকৰিলে। টিলাৰ ওপৰত থকা গধুৰ শিল এটা তেওঁ গাৰ জোৰেৰে ঠেলিলে। প্রকাণ্ড শিলটো কিঞ্চিৎ লৰচৰ কৰি পুনৰ স্থিৰ হৈ ৰ'ল। তেওঁ আকৌ গাৰ জোৰেৰে ঠেলিলে, এইবাৰ শিলটো ঘৰঘৰণি তুলি তললৈ বাগৰিবলৈ ধৰিলে। খন্তেকৰ পাছত সি মাজবাটত আহি পৰিল ।
জিপসী দলটোৱে ভয়তে ওপৰলৈ চালে। টিলাত প্ৰফেচাৰক দেখি দলপতিজনে চাবুকডাল ঘূৰাই খঙত গালি পাৰিবলৈ ধৰিলে। গতি বিষম দেখি প্রফেচাৰে পিস্তল উলিয়াই ল'লে। ইতিমধ্যে বাকী সংগী কেইজনো আহি পাইছিল।
প্ৰফেচাৰ টিলাটোৰ পৰা নামি আহি জিপসী দলপতিক ঘোঁৰাৰ পৰা নামি আহিবলৈ আদেশ দিলে। কিন্তু সি ওলোটাই প্ৰফেচাৰক আক্ৰমণ কৰিলে। প্ৰফেচাৰৰ পিস্তলৰ গুলী গৈ ঘোঁৰাটোৰ পেটত লাগিল। হিঁ-হিঁয়নি তুলি ঘোঁৰাটো লুটিখাই পৰাৰ পূৰ্বেই দলপতি জাপ মাৰি মাটিত নামিল। তেওঁৰ আদেশত জিপসীবোৰে চুৰী-ডেগাৰ, যাঠি লৈ চাৰিজনীয়া দলটোক আক্ৰমণ কৰিবলৈ খেদি আহিল। ইতিমধ্যে প্রত্যেকেই নিজৰ পিস্তলকেইটা প্ৰতি আক্ৰমণ কৰিবলৈ সাজু কৰি লৈছিল ।
মাটিত নামিয়ে দলপতিয়ে প্ৰফেচাৰক আক্ৰমণ কৰিবলৈ খেদি আহিল। ঠিক এনেতে গুলী এটা আহি তাৰ কান্ধ ভেদ কৰি গ'ল। সি ক্ষতস্থান ডোখৰ ধৰি পলাবলৈ যাওঁতেই হার্কাৰে তাৰ ভৰি লক্ষ্য কৰি গুলী এৰিলে, লগে লগে হুংকাৰিলে, “খবৰদাৰ! পলাবলৈ চেষ্টা নকৰিবি !' গুলী খাই দলপতি হামখুৰি খাই পৰিল ।
আৰ্থাৰে ঠেলা গাড়ীৰে ঘেৰি থকা জিপসীবোৰক উদ্দেশ্য কৰি চিঞৰি উঠিল, 'আৰত! আঁতৰ ইয়াৰ পৰা, নহ'লে আটাইকেইটা গুলী খাই মৰিবি।' কৈ কৈ পিস্তলটো জোকাৰি তেওঁ গাড়ীখনৰ কাষ চাপিল। ৰক্তাক্ত দেহেৰে দলপতি ভূলুণ্ঠিত হোৱা দেখি বাকী অঘৰীবোৰৰ জোশ ঠাণ্ডা হৈ গ'ল। সিহঁতে গম পালে যে- বন্দুক পিস্তলৰ আগত দা-যাঠিৰে যুঁজিব পৰা নহব ।
ইতিমধ্যে সূৰ্যটো অস্তাচলত জিলিকিছিলগৈ। জিপসী দলটোৰ দুটামানে মৰসাহ কৰি চিঞৰি উঠিল, ‘ভয় নকৰিবি, আগুৱাই ব'ল। সূর্যাস্তৰ আগেয়ে কফিনটো ড্রাকুলা মহল পোৱাবগৈ লাগিব।' কথাৰ লগে লগে কেবাটাও তপ্ত সীহ পিস্তলবোৰৰ পৰা ওলাই আহি গাড়ীৰ ওচৰত ঠেলা-হেঁচা কৰি থকা জিপসীৰ শৰীৰ ভেদ কৰিলে। হার্কাৰে লৰমাৰি গাড়ীখনৰ কাষ চাপি কফিনটো মাটিত বগৰাই দিলে। তেওঁ তাৰ ঢাকোন খুলিবলৈ ধৰোতেই কাষৰ হাবিৰ পৰা কুকুৰনেচীয়াৰ কান্দোন ভাহি আহিল। হার্কাৰে বুজিলে— এই সুযোগ হাতৰ পৰা এৰাই গ'লে ড্রাকুলাৰ প্ৰতিশোধৰ পৰা ৰক্ষা পোৱা কঠিন হ'ব।
প্ৰফেচাৰ, হাৰ্কাৰ আৰু চীৱাৰ্ডে কফিনটো আগুৰি ধৰিলে। হাৰ্কাৰে ঢাকনখন আজুৰি খুলি দিলে, প্ৰফেচাৰে মন্ত্ৰপাঠ কৰি আছিল। তেওঁলোকে দেখিলে - বাকচটোৰ ইমূৰ-সিমূৰ জুৰি ড্রাকুলা শুই আছে। তেওঁৰ অৰ্দ্ধ নিমীলিত চকু আৰু বিকৃত চেহেৰাই মানৱ জাতিৰ প্ৰতি ঘৃণা-প্রতিশোধৰ ভাব প্ৰতিফলন কৰিছিল। তেওঁ যেন কফিনটোত আশ্ৰয় লৈ শত্ৰুক মষিমূৰ কৰিবলৈ শক্তি সঞ্চয় কৰিছিল।
হাৰ্কাৰে আৰু ৰৈ নাথাকিল। তেওঁ খোলা তৰোৱাল এখন লৈ ড্রাকুলাৰ ডিঙি একেঘাপে কাটি মূৰটো দেহৰ পৰা বিছিন্ন কৰি দিলে। ৰবৰৰ পুতলাৰ দৰে মূৰটো উফৰি গৈ দূৰৈত পৰিল। প্ৰফেচাৰে হেচ্লিংগে মন্ত্রপুত দীঘল ছুৰী এখন হাতত লৈ পশ্চিম আকাশলৈ চালে। অস্তাচলৰ সূৰ্যৰ হেন্দুৰীয়া ৰশ্মি পৰি চুৰীখন তিৰবিৰাই উঠিল। তেওঁ দুয়ো হাতেৰে মুঠি মাৰি ছুৰীখন ড্রাকুলাৰ বুকুত সজোৰে সোমোৱাই দিলে। ছুৰীখন পাৰ হৈ আগটো সম্ভৱ সিপাৰৰ মাটিত লাগিলগৈ। লগে-লগে বিচ্ছিন্ন শিৰটোৰ মুখমণ্ডলত পৰম শক্তিৰ ভাব বিৰিঙি উঠিল। সম্ভৱ ড্রাকুলাৰ আত্মাই মুক্তি পালে।
জিপসীৰ ওপৰত চকু ৰখা আৰ্থাৰে যেতিয়া চন্দুকটোলৈ চালে, তেওঁ হতভম্ব হৈ গল। চন্দুক সদৃশ কফিনটোত ড্রাকুলাৰ অবয়বটো নাই। অভিশাপ মুক্ত ড্রাকুলাৰ শৰীৰ বতাহত বিলীন হৈ গ'ল। কফিনটোত পৰি থাকিল মাত্ৰ মাটিৰ গুড়ি।
এনেতে পাহাৰৰ পৰা কোনোবা নামি অহা পদ শব্দ শুনি সকলোৱে, মূৰ তুলি চাই দেখিলে– মীনা ওপৰৰ কেম্পৰ পৰা নামি আহিছে। তেওঁলোকে দিনটোৰ ব্যস্ততাত মীনাৰ কথা পাহৰিছিলেই। হঠাতে কাৰোবাৰ আৰ্ত চীৎকাৰ আৰু ভূলুণ্ঠিত হোৱাৰ শব্দ শুনি, সচকিত হৈ সকলোৱে ঘূৰি চাই দেখিলে – পলাই যোৱা জিপসী এজনে সুযোগ বুজি একাষৰীয়াকৈ থকা কিংচীৰ পেটত চুৰিকাঘাত কৰি গ'ল। তাক ধৰাৰ পূৰ্বে সি তীব্র বেগী ঘোঁৰাৰ দৰে দৌৰি পলাল। সকলোৱে কিংচীৰ শুশ্রূষাৰ বাবে ব্যতিব্যস্ত হৈ পৰিল। আচৰিত ধৰণে আৰাও কৰি থকা কুকুৰনেচীয়া বাঘজাক ড্রাকুলাৰ মুক্তিৰ লগে-লগে যেন শূন্যত বিলীন হৈ গ'ল।
: ‘আজি নিশা আমি গৈ ড্রাকুলাৰ মহলটোও অভিশাপ মুক্ত কৰিব লাগিব । ' প্ৰফেচাৰে ক’লে,‘তেহে ড্রাকুলাৰ অনুগামীবোৰৰো মুক্তি হ'ব, জিপসীবোৰ আছিল ড্রাকুলাৰ প্ৰজা, সিহঁতে হাজাৰ বছৰ ধৰি ড্রাকুলাকে সিহঁতৰ ঐতিহ্যমণ্ডিত একচ্ছত্রী সম্রাট হিচাবে মানি আহিছে। ইহঁতৰ সহায় লৈয়ে ড্রাকুলাই পৃথিৱীৰ ইমূৰ-সিমূৰ ভ্ৰমণ কৰি আছিল। প্ৰজা হোৱা বাবেই ড্রাকুলাই নিতান্তই আৱশ্যক নহ'লে জিপসীবোৰৰ অপকাৰ নকৰিছিল।'
মীনা আৰু হাৰ্কাৰে প্ৰফেচাৰক চৰণ স্পৰ্শ কৰি ক'লে- 'আপোনাৰ এই মহান কাৰ্য সমগ্র মানবতাৰ বাবেই আশীৰ্বাদ স্বৰূপ, তত্রাচ আমাৰ মূৰৰ ওপৰত ওলমি থকা বিভীষিকাৰ পৰা আমাক মুক্তি দিয়াৰ বাবে আমি আপোনাৰ ওচৰত বিশেষভাৱে ঋণী।
- * * * * * *
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলভ্য।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।