সমললৈ যাওক

ডিম্বেশ্বৰ নেওগৰ জনকাব্য

ৱিকিউৎসৰ পৰা

ডিম্বেশ্বৰ নেওগৰ

জনকাব্য

শুৱনী প্ৰকাশ
গুৱাহাটী

“নেওগ দেৱ এজন উঠি অহা
কবি। তেওঁৰ ৰচনাৰ মধুৰ ভাৱ
আৰু সুৱলা ছন্দ সঁচাকৈয়ে মোহ
লগা। এতিয়া তেওঁ “আকুল
পথিক” ৰাইজলৈ আগ বঢ়াইছে।
অসমীয়া সাহিত্যই শ্ৰীমান
নেওগৰ পৰা বহুত আশা কৰে।”

অৰ্ঘাঃ (১ম বছৰ,
৫ম-৬ষ্ঠ সংখ্যা);
১ বহাগ, ১৮৪৫।

“আমি আজিকালি যাক শিক্ষা
বুলিবলৈ শিকিছোঁহঁক তেনে
শিক্ষাত অশিক্ষিত অসমীয়া
স্বভাৱ-কবি ‘বিয়াকুল বাটৰুৱা’ৰ
বন-ঘোষাৰ এই ক্ষুদ্ৰ সমষ্টিটি
পাই আমি নথৈ সন্তোষ লাভ
কৰিছোঁহঁক। কিতাপৰ পাতনিত
নেওগদেৱে গীতবোৰৰ চমুকৈ যি
বিশ্লেষণৰ চেষ্টা কৰিছে, সিও
সন্তোষজনক হৈছে। .....অসমীয়া
সাহিত্য তেওঁৰ ওচৰত ধৰুৱা।"

—শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা।
বাঁহীঃ ফাগুন, ১৮৪৪ শক।

 

ডিম্বেশ্বৰ নেওগৰ

জনকাব্য

(বন-বেনু, পুতলি, ৰহৰহী-পানীমিঠৈ)

একত্ৰিত সঙ্কলন

 

শুৱনী প্ৰকাশ

গুৱাহাটী

 
 

'DIMBESWAR NEOGAR JANA KABYA' a collection of Folk Literature (Bon-benu, Putali and Rahrahi-Panimithai) written by Dimbeswar Neog and published by Xuwani Prakas, G.S. Road, Guwahati - 781005.


 

© শুৱনী প্ৰকাশ

 

প্ৰকাশক : শুৱনী প্ৰকাশ
 গুৱাহাটী-শ্বিলং পথ
 গুৱাহাটী - ৭৮১০০৫

 

মূল্য : ৭৫.০০ (পয়সত্তৰ) টকা

 

মুদ্ৰক: শৰাইঘাট ফটো টাইপছ্‌
 উদ্যোগ পাম, বামুণীমৈদাম,
 গুৱাহাটী - ৭৮১০২১

 
শুৱনী প্ৰকাশৰ পৰা—
 

 প্ৰথিতযশা সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ লোক সাহিত্যৰ অনুপম সংগ্ৰহ বিহুনামৰ পুথি ‘বন-বেনু’, নিচুকনি গীতৰ পুথি ‘পুতলী’ আৰু পটন্তৰ আৰু সাঁথৰৰ ‘ৰহৰহী-পানীমিঠৈ’ এই তিনিখন পুথি একত্ৰিত কৰি ‘ডিম্বেশ্বৰ নেওগৰ জনকাব্য’ নামে প্ৰকাশ কৰিবলৈ লৈছোঁ। বাক্য আৰু বানান হুবহু একেই ৰখা হৈছে। আগৰ কিতাপখনত ছপাৰ ভুল আছিল যদিও এই তাঙৰণত শুধৰোৱা হোৱা নাই। পুথিকেইখনৰ ইতিমধ্যে কেইবাটাও তাঙৰণ প্ৰকাশ হৈছে যদিও তিনিওখন একত্ৰিত কৰা এইখনেই প্ৰথম পুথি।

 এই কাম হাতত লওঁতে বিশিষ্ট লেখিকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° লীলাৱতী শইকীয়া বৰাৰ পৰা পোৱা দিহা-পৰামৰ্শৰ বাবে তেখেতলৈ আন্তৰিক ধন্যবাদ জনালোঁ।

 শৰাইঘাট ফটো টাইপছৰ স্বত্বাধিকাৰী শ্ৰীযুত যোগেশ শৰ্মাৰ সহায়- সহযোগত কম সময়ৰ ভিতৰতে পুথিখন সুন্দৰকৈ ছপা হৈ ওলোৱাত তেখেতলৈ আৰু প্ৰতিষ্ঠানটোৰ সমূহ কৰ্মকৰ্তালৈ আমাৰ শলাগ জনালোঁ।

 নেওগ ডাঙৰীয়াৰ অন্যান্য পুথিসমূহৰ দৰে এইখন পুথিয়েও পঢ়ুৱৈ সমাজৰ সমাদৰ পাব বুলি আশা কৰিলোঁ।

জীৱনমাধুৰী নেওগ বৰা
আগষ্ট, ২০০৫ 

বন-বেনু

আকুল পথিক

(ডেকাৰ বন-ঘােষা)

 

ফাগুনী

(গাভৰুৰ বন ঘােষা)

 

বিহুৱতী

(হুচৰি-বিহুনাম)

 

শ্রীডিম্বেশ্বৰ নেওগ

সংগৃহীত আৰু সম্পাদিত

 

স্বত্বাধিকাৰী
শুৱনী প্ৰকাশ
দিশপুৰ, গুৱাহাটী
১৯৬১

প্রথম প্রকাশঃ পুহ, ১৮৪৪ শক
 দ্বিতীয় প্রকাশঃ চ’ত, ১৮৫০ শক
 তৃতীয় প্রকাশঃ ফাগুন, ১৮৫৫ শক
 চতুর্থ প্রকাশঃ ফাগুন, ১৮৬৭ শক
 পঞ্চম প্ৰকাশঃ চ’ত, ১৮৬৯ শক
 ষষ্ঠ প্রকাশঃ আষাঢ়, ১৮৭৪ শক
 সপ্তম প্রকাশঃ আঘােণ, ১৮৮৩ শক

খাৰঘূলি, গুৱাহাটীঃ ১২ পুহ, ১৮৪৪ শক; ২৮ ডিছেম্বৰ, ১৯২২

উছর্গা

সৰুকণ,
আহিলি পিছত, পাছে গলি আগবাঢ়ি।
ভাগ্যৱান জীৱ তােৰ লই গল কাঢ়ি
দয়ালু সুজনে তুলি নিজৰ কোলাত,
থই মােক সংসাৰৰ তপত খােলাত।
যৌৱনৰ মৰীচিকা তাপ-ক্লেশময়,
দেখি ভৱ-বিভীষিকা কঁপিছে হৃদয়।
উঠিছে প্রাণত মােৰ শতেক ৰাগিনী,
যুগ-যুগান্তৰ ভৰা বিৰহ-কাহিনী।
‘আকুল পথিক’ মােৰ অনন্ত পথত;
উছর্গিলোঁ তাকে তােৰ পৱিত্ৰ নামত।

আগকথা

প্ৰথম প্ৰকাশ

এফালে জনম আৰু মৰণৰ মাজত জীৱনটো যেনেকৈ পদুম পাতৰ পানীটোপাৰ দৰে টলবল কৰিব লাগিছে, আনফালে হাঁহি-চকুলো, আশা-নিৰাশা, প্ৰেম-ঘৃণা, ভয়-ভক্তি আৰু আবেগ-উদ্বিগ্নতাৰ মাজত তেনেকৈ সদৌ বিশ্ব-সাহিত্যৰ সুত্ৰপাত হৈছে। অনন্ত পথৰ যাত্ৰী মানুহৰ ইহাতে যিদৰে অনুভূতি, প্ৰেম, দয়া; সিহাতে সিদৰে কঠোৰ কৰ্ত্তব্য-জ্ঞান; ইপিনে মানুহ যেনে কৰ্মশীল, সিপিনে তেওঁ তেনে স্বপ্নময়। বুৰঞ্জী টুকি থোৱা সেই বাহিৰৰ মানুহটিৰ চলন-ফুৰণ আৰু কাৰ্য্যৱলীৰ বিৱৰণ যেনে আৱশ্যকীয়, তেওঁৰ ভিতৰত লুকাই থকা মানুহটিৰ কল্পনাখিনিৰ লেখ-বুজো ঠিক তেনে লাগতিয়াল; কিয়নো বাহিৰ-জগতৰ কাৰ্য্যসমূহৰ নিজৰা ভিতৰ-জগতৰ এই কল্পনাত। যি ভাষাত মানৱ প্ৰকৃতিৰ এই প্ৰধান অল্প প্ৰেম-ভক্তি আনি পিছৰ জগতৰ বাবে সাঁচি ৰখা হয় সেয়ে সাহিত্য,—সুকুমাৰ কলাৰ সহায়ত সত্য আৰু সুন্দৰৰ সাজ পিন্ধি ওলোৱা জীৱনৰ অভিব্যক্তি।

 সকলোৱে ভাব-প্ৰকাশৰ কিছুমান সঙ্কেত বা ভাষা আছে, পিছে আটাইৰে সাহিত্য নাই; সেইদেখি সদৌৱে নিজৰ মনৰ ভাববোৰ স্থাৰী কৰি পিছৰ জগতলৈ সাঁচি-সামৰি যাব নোৱাৰে৷ কিন্তু অসমীয়া চহা জীৱনৰ দৰে জগতৰ অনেক জাতিৰ নিৰক্ষৰ সমাজৰ ভিতৰত সাহিত্যৰ সম্পূৰ্ণ উপযোগী এনে ভালেমান গীত-মাত যোজনা-ফকৰা আছে যিবোৰ লিপিবদ্ধ হোৱা নাই আৰু যিবোৰ প্ৰকাশ কৰিলে বিশ্ব-সাহিত্যৰ কলেবৰ আৰু মূল্য বহুত বাঢ়ে। সভ্যতাৰ পোহৰ আগবঢ়াৰ লগে লগে ইফালে মানুহ যেনেকৈ প্ৰাকৃতিক অৱস্থাৰ পৰা ভালেখিনি আঁতৰি আহিছে, সিফালে সেইদৰে সাহিত্যতো নানা কৃত্ৰিমালি সোমাইছে; সেইদেখি এইবোৰ মাৰ্জিত সাহিত্যত অকপটতাৰ অভাৱৰ গুণে প্ৰকৃত মানুহৰ ভিতৰ-জগতখনৰ ভাল বিশ্বাসযোগ্য দাপোণ আমি নাপাওঁহঁক। মূল মানৱ প্ৰকৃতিৰ স্বৰূপ ইতিহাস সেইবাৰে ধৰা পৰে এই গীত-মাতবোৰৰ মাজেদিহে, যিবোৰ প্ৰচলিত আছে এতিয়াও এনে সমাজত যি এতিয়ালৈকে সভ্যতা-বৃক্ষৰ গুটিৰ জুতি পোৱা নাই।  পাছে, ইহাতে, হাজাৰো এই গীত-মাতবোৰ এনে আওহতীয়া চুকত সোমই থাওক, বাহিৰৰ কোলাহল আৰু সাল-সলনিৰ একোটি খীণ প্ৰতিধ্বনি গৈ তাতো সেইবোৰক নোজোকোৱাকৈ থকা নাই; আৰু সেইবোৰেও ঘূৰি ইয়াক ঠাই এৰি নিদি পৰা নাই। এনে হোৱাই সম্পূৰ্ণ স্বাভাৱিক; কিয়নো ভাষাৰ গঢ়ৰ এনে অলপ-অচৰপ সালসলনিৰ পৰাইহে, অৰ্থাৎ এখন সমাজ আৰু এটা জাতিৰ ওপৰৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰভাৱৰ সাঁচৰ পৰাইহে, তাত বুৰঞ্জীৰ উঁহ উলিয়াব পৰা হয়। অসম যেতিয়াই নানা বিদেশী আক্ৰমণ আৰু শাসনৰ সংস্পৰ্শত আহিছে, তেতিয়াৰে পৰা আমাৰ ভাষাত সেইবোৰ মানুহৰ ভাষাৰ শব্দ সোমাই তাতে লাহে লাহে মজি গৈ আমাৰ ভাষাৰ সম্পদ বঢ়াইছে; তাৰ চিন স্বৰূপে, টাইম্, অফিছ, আফিল্ আদি ন ন শব্দ আমি পাইছোঁহঁক। পোনতে যেতিয়া ইংৰাজসকল ইষ্ট্ ইণ্ডিয়া কম্পেনীৰ বেপাৰী আছিল, তেতিয়াৰে পৰা ইংৰাজ ৰাজত্বক কুম্পানীৰ দিন আৰু তেওঁলোকৰ বস্তুক কুম্পানীৰ বস্তু বুলি কোৱা হয়। বনঘোষাতো আমি বহুত তেনে শব্দ পাইছোঁহঁক; যেনে, ভাটিলৈ ভটিয়াই যামগৈ, লাহৰী, নাথাকোঁ কুম্পানীৰ দেশত’। আকৌ, বিদেশী যেই সেই লোককে অসমীয়া সাধাৰণ মাত-কথাত “বঙাল” বোলা হয়; আৰু সেই অনুসাৰেই অসমত ইংৰাজ আমোলৰ আৰম্ভত অহা হিন্দুস্থানী ছিপাহীক “ৰণুৱা বঙাল্” (আৰু স্বয়ং শ্বেতাঙ্গসকলক “বগা বঙাল্”) বোলা হয়; যেনে,

“মাৰক ধৰি নিলে ৰণুৱা বঙ্গালে, কান্ধতে বন্দুকটো দি।”

 কোনো বিৰাট সাহিত্যই যিদৰে জাতীয়তাত বান্ধ খাই নাথাকে আৰু মনুষ্যত্বৰ বিনে একোৰে বাধা নামানে; অসমীয়া এই বন-ঘোষাবোৰো সিদৰে একাধাৰত যেনেকৈ জাতীয় তেনেকৈ বিশ্বজনীনো। সেইদেখি ইয়াৰ অতি সৰহখিনি গীতে, অকল অসমীয়াৰে নহয়, সদৌ বিশ্ব-মানৱৰ হৃদয়-দুৱাৰত খুন্দিয়াব যে সন্দেহ নাই। শেক্সপীয়েৰৰ ৰমাঞ্চ্, ইউৰপৰ ৰমাঞ্চ্, তাৰ গছৰ ছাল- বাকলিত প্ৰেম কবিতা লিখা আছিল। কিন্তু অসমীয়া চহা-কবিৰ ৰমাঞ্চ্, অসমৰ ৰমাঞ্চ, সেইবোৰতকৈ কোনো গুণে হীন নোহোৱা প্ৰেম-কবিতা অসমৰ হাবিয়ে- নিয়ে, আকাশে-বতাহে “কমোৱা তুলাবোৰ যেনেকৈ উৰিছে, তেনেকৈ উৰি” ফুৰিছে। শেক্সপীয়েৰৰ “ধুমুহা” নাটকত এৰিয়েলে গাইছে—

‘মৌ-মাখি সৈতে  কৰা মউ পান,
  ফুলৰ বুকুত পৰোঁ;
নিয়তি পখীৰ  মাত শুনি শোওঁ,
  বাদুলি বোকোচা’ উৰোঁ।

ডালত ওলমা  ফুলৰ তলত
  ৰঙেৰে থাকিম মই;
বসন্ত গলেই  উলাহেৰে ময়ো
  উৰি উৰি যামগই।”

এৰিয়েল্ মানুহ নহয়, মানুহৰ ৰূপ ধাৰণ কৰিছিল মাথোন; পাছে অসমীয়া চহা-
কবিয়ে তেজ-মঙহৰ শৰীৰ হৈও সেই শক্তিতকৈ হীন উলাহেৰে উৰা মৰা নাই-

“হাঁহ হৈ চৰিমগৈ  তোমাৰ পুখুৰীত,
  পাৰ হৈ পৰিমগৈ চালত।
ঘাম হৈ সোমামগৈ  তোমাৰ শৰীৰত,
  মাখি হৈ চুমা দিম গালত॥

ইংৰাজ কবি কুপাৰৰ নিৰ্জন দ্বীপবাসী ছেল্ কাৰ্কেও—

“সমাজ, বন্ধুত্ব, আৰু   প্ৰণয়-বান্ধোন,
  আশিস-নিৰ্মালি দেৱতাৰ;
কপৌৰ দুখনি পাখি  থকা হলে মোৰ
  ললোঁ হয় স্বাদ ঘূৰি তাৰ।’

বোলোঁতে কল্পনাৰ সিমান সবল ডেউকাৰে যেন উৰা মাৰিব পৰা নাই।

 অসমীয়া ডেকা-গাভৰুৰ জাত-কুলৰ প্ৰভেদটোতকৈ শেক্সপীয়েৰৰ কেপুলেট আৰু মন্টেগু পৰিয়ালৰ বিৰোধটো গুৰুতৰ হব নোৱাৰে; পাছে, য’ত ইংৰাজ গাভৰু জুলিয়েটে এটা ভৰি নাৱত আৰু এটা ভৰি বামত দি প্ৰেমিকাক কৈছে- ‘ৰমিও, ৰমিও, তুমি ৰমিও কিয়নো? প্ৰত্যাখ্যান কৰাঁ তুমি পিতাৰাৰ নাম, আৰু নিজ নাম; নহলে বা, অঙ্গীকাৰ কৰা মোৰ পতি হবা বুলি, কেপুলেট নাম তেৱে ময়ে তিয়াগিম।’ তাৰ ঠাইত অসমীয়া গাভৰুৱে স্বাৰ্থৰ এফেৰিও খুকুৰি নাৰাখি কৈছে—

তোমাৰে লগতে  মৰোঁ যদি মৰিম ঐ,
  এৰি যাম নিজৰে কুল।”

এনে অলেখ বিতোপন গীত যে অসমৰ আকাশে-বতাহে উৰি ফুৰিছে, তাকে
দেখুৱাবলৈহে এই গীতৰ থুপিটি ৰাইজক জয়ে জয়ে উপহাৰ দিয়া হল।

গুৱাহাটী : ১২ পুহ, ১৮৪৪; ২৮ ডিশেম্বৰ, ১৯২২।

⸻⸻

দ্বিতীয় তাঙৰণ

১৯২১-২২ৰ “চেতনাত” (২য় বছৰ, ১২শ সংখ্যা) আমাৰ প্ৰথম আলোচনা আৰু তাৰ পাছতে “আগকথা”ৰে সৈতে সেই প্ৰথম সংগ্ৰহটি পাই বন-ঘোষাব অশ্লীলতা সম্বন্ধে কুসংস্কাৰ বহুত পালিছে নিশ্চয়; তথাপি সাধাৰণ সাহিত্যৰ দৰে ইয়াক ঘৰৰ ঘৰোৱালে মুকলিকৈ পঢ়িব নোৱাৰি বুলি সন্দেহ জন্ম স্বাভাৱিক। কিন্তু এই লেখত অকল বন-ঘোষাহে নালাগে জগতৰ এজন কবিগুৰু কালিদাস আৰু শেক্সপীয়েৰক মুখ্য কৰি বিশ্ব-কবিসকলৰ, সৰহ নালাগে শ্ৰীশঙ্কৰদেৱৰ তথা ভাৰতীয় বৈষ্ণৱ সাহিত্যৰে কোনো কোনো ছোৱা ঘৰব সকলোৰে আগত নিসঙ্কোচে পঢ়িব নোৱাৰি। গতিকে এই বিষয়ত গ্ৰাম্য দোষ আৰোপ কৰি হাত সাৰিবৰ উপায় নাই।

 আমাৰ মনেৰে, এটি জীৱৰ প্ৰতি আন এটিৰ আত্মিক আকৰ্ষণতকৈ সত্য আৰু সুন্দৰ কথা ক'তো নাই। য’তে মানুহৰ গভীৰ প্ৰেম আৰু অকৃত্ৰিম প্ৰীতি, ত’তেই তেওঁৰ প্ৰকৃত দেৱ-পূজা আৰু স্বৰূপ ঈশ্বৰ-উপাসনা। এই আধ্যাত্মিক আকৰ্যণ মানৱ সমাজ তথা জীৱ-জগতৰ যে কথাই নাই; প্ৰতি গ্ৰহ, প্ৰতি নক্ষত্ৰ, প্ৰতি অণু-পৰমাণুৰ মাজত বিৰাজ কৰি আমি সদৌৱেই যে সেই অখণ্ডৰ একোটি পবিত্ৰ খণ্ড, এই পৰম সত্য সজীৱ কৰি ৰাখিছে। অৱশ্যে ইয়াত শাৰীৰিক আকৰ্ষণ ছিটাও অত তত নপৰাকৈ থকা নাই; ইয়াৰ হেতু হ'ল আমি মানুহ; দেৱতাও নহওঁ, পশুও নহওঁঃ কিন্তু দুইৰে দোমোজাত পৰা পুতৌ-লগা প্ৰাণী। আমি দেৱতা হোৱা হলে তৰাৰ প্ৰতি তৰাৰ যি আকৰ্ষণ, সেয়ে মাত্ৰ থাকিলহেঁতেন; আৰু আমি পশু হোৱা হলে দৈহিক আকৰ্ষণেই আমাক আবৰি ৰাখিলহেঁতেনঃ কিন্তু এই দুই অৱস্থাৰ সঙ্গমত থকা হেতুকে আত্মিক আৰু দৈহিক উভয় প্ৰভাৱেই আমাৰ ওপৰত জিলিকি পৰে যে তাক নুই কৰিব নোৱাৰি।

 এই নামবোৰতো আমি মন কৰিছোঁ, যতেই ভাবৰ গভীৰতা আৰু প্ৰেমৰ তন্ময়তা আছে, ত’তেই সিহঁত তুতি-গীতৰ কাষ চাপিছে; আৰু য’তেই সেই গভীৰতা আৰু তন্ময়তাৰ অভাৱ ত’তে সিহঁত তলৰ শাৰীলৈ নামি পচা দেহৰ পচা ভাব-ৰাশি মাথোন উগাৰি দিছে। আমি জানি-শুনি এই পিছৰ শাৰীৰ নাম ইয়াত ঠাই দিয়া নাই, পাছে, অলপো আত্মিক আকৰ্ষণ নথকা দৈহিক আকৰ্ষণ বিৰল বুজি আধ্যাত্মিকতাৰ অনুপাত অনুসৰি যিবোৰত চিৰত্বৰ ভাগ আছে, তেনেবোৰ গীতো চালি-জাৰি চাই ইয়াত ঠাই দিছোঁ। দৈহিক বৰ্ণনা বা মিলন- ইঙ্গিত আছে, অথচ তাৰ বাবে বহিস্কৃত কৰিলে সুকুমাৰ কলা-সৃষ্টিৰ এপাহি ধুনীয়া ফুল গচকত পৰে, তেনে গীতো আমি সতৰ্কতাৰে অ’ত ত’ত ঠাই দিছোঁ; সেইবোৰ গীতৰ সহজ সৌন্দৰ্য্যই তাৰ কৈফিয়ৎ' হ'ব বুলি আমি আশা কৰোঁ।

 বিবিধ ঠাইৰ বিবিধ সময়ৰ বিবিধ কবিৰ এই বিবিধ গীতৰ ভিতৰত এটি ঐক্য-সূত্ৰ বিচাৰি উলিয়াই তাৰে গুঁথি নিদিয়া হ’লে ই বন-ঘোষাৰ এটা দ’ম হলহেঁতেন, গ্ৰন্থ নহয়। পাছে সি ভবাত যিমান সহজ, কামত তেনে নাছিল; তথাপি যৎপৰোনাস্তি চেষ্টাৰে আমি ইয়াক যিমান সুচাৰুৰূপে সম্পাদন কৰিব পাৰি তাৰ ত্ৰুটি কৰা নাই। আৰু এটি কথা, পদুম পাতত ৰহন সানিবলৈ যোৱাৰ নিচিনা দুঃসাহস আমি কৰা নাই; কেৱল য’ত একেটা গীতকে অলপ ভিন্‌ভাৱে শুনিবলৈ পোৱা হয়, আমি তাৰ শ্ৰেষ্ঠটি স্বভাৱতে বাচি লৈছোঁ। প্ৰকৃতিৰ ফুল বুলি তুলাপাতৰ ফুল বেচিবৰ চেষ্টা কৰা নিৰ্বোধৰ কাৰ্য্য দেখি আমি তাৰ পৰা আঁতৰত আছোঁ; তথাপি আমাৰ সম্পাদনাটি এনেবোৰ ঘাতি নলগোৱাকৈ যিমান পাৰো নিখুঁত কৰিবৰ যত্নৰ ক্ৰটি কৰা নাই আকৌ।

 ধুবুৰীঃ ১৫ ফাগুন, ১৮৫০; ফেব্ৰুৱাৰী, ১৯২৮।


সপ্তম সংস্কৰণ


“বৰ্ত্ম কৰ্ষতি পূৰঃ পৰমেকস্তদ্ গতানুগতিকো ন মহাৰ্ঘঃ।” আগতে বাট কাটে এজনে; পাছত সেই বাটেদি আহোঁতা-যাওঁতাৰ আকাল নাই। নানান বাধা- বিঘিনি লঙ্ঘি, নিন্দা-গৰিহনালৈ শিৰ পাতি দুকুৰি বছৰৰ আগত বন-ঘোষা বিহু- নামৰ এই প্ৰথম থুপিটি যেতিয়া উলিয়াওঁ, সেয়ো এদিন; আৰু আজি বিনা- স্বীকৃতিৰে অনীতিমূলকভাৱে আমাৰ সংগৃহীত আৰু সম্পাদিত সেই গীতবোৰকে মুঠেই আইনৰ হাত সাৰিবলৈ মাজে মাজে ছটিয়াই একেবোৰ গীতকে একেদৰে বা দুই-এটা শব্দ সাল-সলনি কৰি চাৰি-পাঁচ ঠাইত সুমুৱাই আৰু নিজৰ “গোজামিল" ৰচনাৰো ভেজনি দি আগ-গুৰি আৰু লাগ-বান্ধ নথকা গীতৰ দ’মেৰে ধন-মানৰ খোকা পতা প্ৰকাশক— ’সংগ্ৰাহক’ৰ কাল, এয়ো এদিন।

 দুকুৰি বছৰৰ আগতে জয়ে জয়ে আমাৰ বন-ঘোযাৰ আলোচনা “চেতনা’’ত আৰু এই পুথিৰ প্ৰথম-দ্বিতীয় তাঙৰণৰ “আগকথা’’ত পঢ়ি অধিনায়ক বেজবৰুৱা প্ৰমুখ্যে সুধী-সমাজে উচ্চ প্ৰশংসা কৰিছিল। এতিয়া আমি আচৰিত হোৱাতকৈ আমোদহে উপভোগ কৰিছিলোঁ, সৌ সিদিনা অসমৰ সাংস্কৃতিক ৰাজধানীত পতা এখন ৰাজহুৱা বিহু-সন্মেলনত আমাৰ উপস্থিতিতে এজন শক্তিধৰ বক্তা-সাহিত্যিকে বাহু আস্ফালি ঢকিয়াই মেজ ভাঙে যেন কৰি এই বাণী শুনাই সভাসদসকলক স্তম্ভিত কৰি দিছিল,—“দুৰ্ভাগ্যৰ কথা, লাজৰ কথা, অসমীয়া বন-গীতৰ আজিলৈকে কোনো আলোচনাই হোৱা নাই, বা আলোচনা কৰিব পৰা লোকৰ জন্মই হোৱা নাই” ইত্যাদি। আমাৰ তেতিয়াই এই বিশ্বাস দৃঢ় হৈছিল, বাপেকক “এইজননো কোন মানুহ” বুলিবৰ যুগ এয়ে। “জালকে বুলিলে জকাই আন্ধাৰে-মোধাৰে চিনিব নোৱাৰি, পৈয়েকক বুলিলে ককাই॥” অসমৰ এই চিৰকলীয়া আন্ধাৰ কেতিয়াবা দূৰ হ’ব নে?

 আমাৰ সম্পাদিত হৈ ওলোৱা বন-ঘোষাৰ লেখ আমাৰ সংগৃহীত গীতৰ আধাখিনিহে বুলিব পাৰি। কুৰুচিৰ বাহিৰেও কলামূলক সৌন্দৰ্য্য নথকা “মামুলি” গীতবোৰ আমি উকলিয়াই পেলাইছোঁ; হাঁহি উঠা কথা, সেইবোৰ আৰু তেনে আন কিছুমান ঢোকা-ভেজা দিয়া নামেৰেও দ’ম ডাঙৰ কৰি ঘূণীয়া হ’লেও ধুনীয়া কিতাপ ওলাইছে। তদুপৰি দুৰ্নীতিপৰায়ণ কোনো কোনো ‘পণ্ডিতে’ অসমীয়া গীত সাহিত্যৰ আলোচনা কৰিবলৈ গৈ বিনা স্বীকৃতিৰে আমাৰ সম্পাদিত গীতবোৰ উদ্ধৃত কৰাৰ উপৰিও, নতূন বিষয়ত দাঁত বহুৱাব নোৱাৰি “চোবাত সেলেঙি লগোৱা” অভ্যাসেৰে, অকল আমাৰ আলোচনাৰে পুনৰাবৃত্তি কৰি এৰা নাই; পোন প্ৰথমে আমাৰ আলোচনাত উদ্ধৃত বিদেশী ভাষাৰ উদ্ধৃতিবোৰ পুনঃ উদ্ধৃত কৰি ‘পাণ্ডিত্য’ৰ পৰকাষ্ঠা দেখুৱাইছে। ইহাতে দুকুৰি বছৰ কিয়, কুৰি বছৰৰ আগৰ অসমীয়া সাহিত্যৰ ভূ নথকা পঢ়ুৱৈ সমাজে সেইবোৰকে পঢ়ি অসমীয়া সাহিত্যৰ আকাশত ধূমকেতুৰ আবিৰ্ভাৱ দেখি তেওঁলোকৰ পিঠিত চপৰিয়াইছে। অসমীয়া সাহিত্যৰ এনেবোৰ বেমেজালি কেতিয়াবা আঁতৰিব নে “যি নাছিল মোচত। সি ওলায় চিপৰাঙৰ খোচত॥”

আঘোণ, ১৮৮৩।

প্ৰথম
আকুল পথিক
[ডেকাৰ বন-ঘোষা]

 

(ক) বন্দন
প্ৰথম অধ্যায়

 

(খ) পূৰ্বৰাগ
দ্বিতীয়ৰ পৰা চতুৰ্থ অধ্যায়লৈ

 

(গ) অনুৰাগ
পঞ্চমৰ পৰা দশম অধ্যায়লৈ

 

(ঘ) বিৰাগ
একাদশৰ পৰা পঞ্চদশ অধ্যায়লৈ

 
 

ডিম্বেশ্বৰ নেওগ
সংগৃহীত আৰু সম্পাদিত
সপ্তম সংস্কৰণ

 

স্বত্বাধিকাৰী–শুৱনী প্ৰকাশ
দিশপুৰ, গুৱাহাটী
১৯৬১

বন্দন
প্ৰথম অধ্যায়

প্ৰথমে প্ৰণামো দেৱী সৰস্বতী,
 দ্বিতীয়ে প্ৰণামো হৰি।
তৃতীয়ে প্ৰণামো গাঁৱৰ বুঢ়া-মাথা,
 ধৰি যাওঁ নামৰে গুৰি॥১।

নামৰে কঠিয়া ঈশ্বৰে দিছিল
 ব্ৰহ্মায়ে সৰজা নাম৷
বেয়া নাম ওলালে খেমিবা সদৌৱে,
 পোনতে পিৰিতি গাম॥২।

পিৰিতি প্ৰাণৰ ধন,  ভাবি চোৱাঁ, ঐ মন,
 পিৰিতি আন্ধাৰৰ চাকি।
পিৰিতিয়ে নিদিলে  দিওঁতা নাইকিয়া,
 ভোকৰ ভাত পিয়াহৰ পানী॥৩৷

পিৰিতি ইয়াকুল, পিৰিতি বিয়াকুল,
 পিৰিতি গলৰে জৰী।
যিমান মেৰ খুৱাবা সিমান মেৰ খাব,
 পিৰিতি নপৰে সৰি॥৪।

পিৰিতি শুদা গুণ, মহঙৰ কেঁচা লোণ৷
 থবা যতনেৰে বান্ধি৷
কিবা মায়া কৰি  হেৰাব লাগিলে
 বিচাৰি নাপাবা কান্দি॥৫৷

পিৰিতিৰ দৰে আৰু কিবা ধন
 আছে নে চোৱাঁচোঁ গমি।
পিৰিতি নহ’লে দিনতে আন্ধাৰ ঐ,
 পিৰিতি চকুৰে মণি॥৬।

প্ৰথমৰ পিৰিতি আঁজলি-কাঁজলি,
 পিৰিতিত মজি যায় মন।
পেটত ভোক-পানী  নালাগে অকণি,
 পিৰিতি ভকতৰ ধন॥৭।

পিৰিতি পিৰিতি  প্ৰাণৰ ধন পিৰিতি,
 পিৰিতিৰ নপৰে ওৰ।
আথানি-আবানি দেহাৰে দুখনি,
 পিৰিতিয়ে পাতে যোৰ॥৮

উজাই যাবলৈ ৰঙ কৈ ধেমালি,
 ভটিয়াই যাবলৈ টান।
আইকে বোপাইকে এৰিব পাৰি ঐ,
 পিৰিতি এৰাটো টান॥৯।

পিৰিতি নকৰাঁ কিয়, ঐ মোৰ ধন,
 পিৰিতি নকৰাঁ কিয়।
ব্ৰহ্মা মহেশ্বৰ পিৰিতি কৰিছে,
 তুমি কোন ৰাজৰে জীৱ॥১০।

ছাগৰ ছাল ছেলাবৰ ডবুৱা কটাৰি,
 পহুৰ ছাল ছেলাবৰ মিত্।
গাঁৱৰ বুঢ়া-মাথা, দায় নধৰিবাঁ,
 গাই যাম বতৰৰ গীত॥১১।

আই সৰস্বতী মাৱ পাৰবতী,
 তোমালৈ বান্ধি যাওঁ শৰাই।
পাহৰা পদকে সোঁৱৰাই দি যাবাঁ,
 যেন পাঁজিকটা শলাই॥১২।

আই সৰস্বতী ৰংফুল মালতী,
 তোমালৈ মানি যাওঁ পাৰ।
পাহৰা নামকে  সোঁৱৰণ কৰিবাঁ,
 যেন উজনীয়া নাৰ॥১৩।

আই সৰস্বতী ৰংফুল সেউতী,
 তোমালৈ মানি যাওঁ চিতল।
পাহৰা নামকে সোঁৱৰণ কৰিবাঁ,
 ডিঙি কৰি যাবা শীতল॥১৪।

আই সৰস্বতী ৰংফুল তগৰী,
 তোমালৈ মানি যাওঁ চাউল।
পাহৰা নামকে সোঁৱৰণ কৰিবাঁ,
 গীতৰ ভাঙি যাবাঁ আউল॥১৫।

আই সৰস্বতী ৰংফুল খৰিকা,
 তোমালৈ মানি যাওঁ পিঠা।
পাহৰা নামকে সোঁৱৰণ কৰিবাঁ
 যেন পাঁজিকটা সূতা॥১৬।

আই সৰস্বতী  ৰংফুল বকুলী,
 তোমালৈ মানি যাওঁ কি।
তোমালৈ মানি যাওঁ শুকুলা ছাগলী,
 মাহ-পৰসাদ দি॥১৭।

আই সৰস্বতী দেৱী পাৰবতী,
 তোমাক বুলি যাওঁ আই।
বতৰৰ গীতকে আমি গাই যাম,
 যি যাবাঁ মনত পেলাই॥১৮।

আই সৰস্বতী দেৱী পাৰবতী,
 তোমাৰ কিএ কিএ নাও।
কণ্ঠৰ গোলাপী, ভোগৰ বিলাসী,
 আমি বুলি যাওঁ মাও॥১৯।

আই বাগ্‌দেৱী  তুমি বীণাপাণি,
 তোমালৈ বঢ়াই যাওঁ শৰাই।
পাহৰা গীতকে তুমি দয়া কৰি
 দি যাবাঁ মনতে পেলাই॥২০।

পূৰ্বৰাগ

দ্বিতীয় অধ্যায়

কেলৈ ফুলিলি,  ৰূপহী মদাৰ ঐ,
 কেলৈ পেলালি কলি।
গুৰুতো নালাগ,  ভকততো নালাগ,
 থাক তল ভৰি সৰি॥২১।

বতাহৰ ঢালতে গোন্ধায় মল্‌-মলি,
 কাৰ বাৰীৰ জনীয়া আম।
হাবিয়ে হাবিয়ে বিচাৰি ফুৰিলোঁ,
 কেচাই হক, পকাই হক, খাম॥২২।

তোৰ বাৰীত ফুলিলে  ইন্দ্ৰজিত মালতী,
 মোৰ বাৰীত পৰিল ছাঁ
ফুলৰ গোন্ধ পাই,  মনত মোৰ তৎ নাই,
 দেই-পুৰি মাৰিছে পা॥২৩।

মেঘত জিলিকিল বিজুলী চমক ঐ,
 শূইনত জিলিকে তৰা।
পৃথিবীত জিলিকে  আমাৰে মইনা,
 তাতকৈ একাচি চৰা॥২৪।

পানীত জিক্‌মিকায় পানীৰ পৰুৱা,
 ফুলৰ জিক্‌মিকায় পাহি।
চেনাই জিক্‌মিকায় দুগালৰ তেজেৰে,
 মুখত মিচিকিয়া হাঁহি॥২৫।

মুখলৈ কি চাবা,  দোলা-দাপোণ যেন,
 কঁকালটি বীণৰ গোট।
হাতলৈ কি চাবা  হাতীৰ শুড় যেন,
 কি নো কলাফুলৰ গোট॥২৬।

দলনিৰ ওপৰে কি চৰাই উৰিলে,
 কিনো খাই মলঙিল্‌ ঠোঁট।
একে বগীতৰা সোণৰ গিলিপ মৰা
 দাপোণ চাই মাৰিছে ফোঁট॥২৭।

হাতৰ শুৱনী হাতৰ গামখাৰু,
 কঁকালৰ শুৱনী ৰিহা।
শিৰৰে শুৱনী  দীঘলকৈ সেওঁতা,
 গলধনৰ শুৱনী খোপা॥২৮।

জাংফাই কেৰুযোৰ, পনিয়লী বাখৰবোৰ,
 কাণত জিক্‌মিক কৰে।
চেনাইটীৰ ফাললৈ চাবকে নোৱাৰি,
 জালুক জলকীয়াই পোৰে॥২৯।

দেহী ঐ লাহৰী,  দেহী ঐ সাদৰী,
 কোনে চাই থাকিব পাৰে।
সোণতে সুৱগা মুগাৰে মেখলা,
 মোৰ মন কেনেবা কৰে॥৩০৷

কিনো মনমোহা ডবহা-ডাবহি
 লহঙা-লহঙি হাত।
কোনটো সতৰে  পাহৰি থাকোঁ ঐ
 চেনাইৰে সুৱলা মাত॥৩১।

লুইতৰ এসুতি, দিছৈৰে এসুতি,
 ধন কোন সুতিয়ে যায়।
চকু ভাঙি চাওঁ, বুকুৱে নসহে,
 হাবি ভাঙি ভাঙি যায়॥৩২।

চৰাইৰ কপটীয়া শেন, সমনীয়া,
 চৰাইৰ কপটীয়া শেন।
আগতকৈ দুগুণে জেউতি চৰিছে,
 দেখোঁ চাঁদ-সূৰুয হেন॥৩৩।

জোতা পিন্ধিবলৈ লাগে লাজ-বিজ,
 সাজি লওঁ কঠালৰ খৰম।
তোমাৰ মুখখনিত  কিনো ফুল ফুলিছে,
 দেখি মোৰ লাগিছে মৰম॥৩৪।

চৰাই মনোমতী মনকে মুহিলি,
 কোটাহী বেঙেনাৰ তলত।
কিনো মোহনিৰে  আমাৰ মন মুহিলি,
 থাকিব নোৱাৰোঁ ঘৰত॥৩৫।

মহতকৈ মোহনি নাই, মোৰ চেনাই ঐ,
 মহতকৈ মোহনি নাই।
তাতোকৈ মোহনি তুমি যে শুৱনী,
 আছিলোঁ এবেলা চাই॥৩৬।

উৰি গল কণুৱা, কৈ গল বাতৰি
 চেনাই কোন হাতে আছে।
বৰ ঘৰৰ মূধতে চেনাইৰ তাঁতশাল,
 বহি গুটি-ফুল বাচে॥৩৭।

সলগুৰি বাগিচা অননি বননি,
 তাত নবহিল মন।
সুমলাৰ তাঁতশাল সোণাপুৰ নগৰখন
 তাতেহে বহি গল মন॥৩৮।

পানী পাই বাঢ়িলে পানীৰ কলমৌ,
 তেল পাই বাঢ়িলে চুলি।
যৌৱন পাই বাঢ়িলা তুমি, প্ৰাণেশ্বৰী,
 যেন ৰামকলৰ পুলি॥৩৯।

দিনৰে দিনটো  ফুৰোঁ অনাই-বনাই,
 পেটত নাইকিয়া ভাত।
নাখাই চাৰি সাঁজি  থাকিব পাৰোঁ মই
 শুনিলে মোৰ ধনৰ মাত ॥৪০৷

তৃতীয় অধ্যায়

নামৰো আছিলোঁ ঘাই মই, বান্ধৈ ঐ,
 গীতৰো আছিলোঁ ঘাই।
নামো পাহৰিলোঁ, গীতো পাহৰিলোঁ
 তোমাৰে বাতৰি পাই॥৪১।

তোমাৰে মুখনি  পূৰ্ণিমাৰ জোন যেন,
 সুৱল তোমাৰ মাত।
তাঁতৰ শালত  দেখিবৰ পৰা
 পেটলৈ যোৱা নাই ভাত॥৪২।

নৈ দেখি লাগিলে  পানীৰ পিয়াহটি,
 তোমাক দেখি লাগিল দয়া।
হাতৰ কটা তামোল  হাতত মৰহিল,
 নহলা নিজৰ গঞা॥৪৩।

মাটিত বহি থেৰেজু লেখোঁ, ঐ লাহৰী,
 পাটিত বহি থেৰেজু লেখোঁ।
তোৰ ঘৰ সিপাৰে,  মোৰ ঘৰ ইপাৰে,
 ৰাতি সমাজিকত দেখোঁ॥৪৪।

তোমাৰ মুখলৈ  চাবকে নোৱাৰি,
 মাৰি দিয়া মিচিকাই হাঁহি।
এদিন দুদিন কৰি  আমাৰ মন মুহিলা
 পদূলি-মুখলৈ আহি॥৪৫।

চকুৱে চকুৱে  কি চাৱ, মইনা,
 মই চালে তলমূৰ কৰ।
তই নৌ মাতোঁতে মাতিব পাৰোঁ মই,
 জানোবা কেটেৰা মাৰ॥৪৬।

পূবৰে অৰুণ  পছিমত ঘূৰিলে,
 মলয়াত ঘূৰিলে বগ।
মনৰ কথাষাৰি  মনতে ঘূৰিলে,
 কবলৈ নাপালোঁ লগ॥৪৭।

শালে ভূমুকিয়ায়,  শলে ভূমুকিয়ায়,
 চেঙাই ভূমুকিয়ায় খালত।
পৰাণৰ ভিতৰত  ধনে ভূমুকিয়ায়,
 তালৈ পৰি থাকে মনত॥৪৮।

হাতৰে আঙুলি  পবালি পবালি,
  ভৰিৰে আঙুলি ঘন।
কোন কটাৰ জীয়ে  জীয়ৰী তুলিলে
  চাই থাকিবৰহে মন॥৪১।

বাঁহৰ আগলৈ  চাই পঠিয়ালোঁ,
 বাঁহৰ কোনডালি পোন।
শহুৰৰ ঘৰতে  দেখি থৈ আহিছোঁ
 সাক্ষাৎ পূৰ্ণিমাৰ জোন॥৫০।

ওলায় জকমকী আকাশী চন্দ্ৰমা,
 ওলায় জকমকী তৰা।
ওলায় জকমকী আমাৰ প্ৰাণেশ্বৰী
 শহুৰৰ ঘৰৰ পৰা॥৫১।

হাঁহে বাট বুলে লুডুৰে-পুডুৰে,
 পাৰই বাট বুলে ৰৈ।
চেনাই বাট বুলে চেউনি আলিতে
 লগৰ সমনীয়া লৈ॥৫২।

টিনপাতৰ বঙলা, তলেদি ভমলা,
 নিয়ে তুলাপাতৰ সোপা।
ধনক চিনিবলৈ লাগে কত বেলি,
 মূৰত আছে নেঘেৰি খোপা॥৫৩।

ধনশিৰি ভেটিলে জেঙে-জাবৰে,
 সোৱণশিৰি ভেটিলে কোনে।
ভগা খোলাকটি কুমাৰে গঢ়িলে,
 যৌৱন গঢ়ি দিলে কোনে॥৫৪।

কিনা খুৱাই বঢ়ালা মটা মহৰ গলধন,
 আলিৰ কাটি আবালি দল।
কিনো খুৱাই বঢ়ালা চেনেহৰ চুলিটাৰ,
 হাজাৰীৰ গোলাৰে তেল॥৫৫।

দিনৰে চিকুণ   আকাশী সবিতা,
  ৰাতিৰ চিকুণ জোন।
তাতােকৈ চিকুণ   আমাৰে মইনা,
  নাচাই বা পাৰিব কোন।।৫৬।

জিলিকি আহিছে  মােৰ ধনৰ চ’ৰা নাও,
 জিলিকি আহিছে চৈ।
ত’তে দেখিলোঁ,  এখেতে চিনিলোঁ,
 মােৰ ধনৰ মু’খনি ঐ।।৫৭।

আকাশত উৰিলে কালিন্দ্ৰী ভমৰা,
 পৃথিবীত পৰি গল ছঁয়া।
তােমাক লাহৰী দেখোঁ সমাজিকত,
 কোনে কৰি যাব দয়া।।৫৮।

উজাই চালোঁ মই,  ভটিয়াই চালোঁ মই,
 তােমাৰ মান শুৱনী নাই।
কেচা কলা কাটি কৰোঁ দেৱ-পূজা,
 তেও তোমাক পাবলৈ নাই।।৫৯।

চাওঁ তিনি বেলি  মাটিৰে মঙল ঐ,
 মাতোঁ তিনি বেলি গণক।
গধূলি ওলায়ে  মাৰোঁ গিৰিপনি,
 এবেলি নেদেখোঁ ধনক।।৬০।

চতুৰ্থ অধ্যায়

ই বোলে মইনা,  সি বোলে মইনা,
  মই বোলোঁ বুকুৰে সোণ।
মইনাৰ মুখলৈ   চাবকে নোৱাৰি,
  সাইলাখ পূৰ্ণিমাৰ জোন॥ ৬১।

বৰ ঘৰৰ মূধতে  তাঁত বই আছিলে,
  মূৰত নেমুটেঙাৰ ভৰণ।
গজেকৈ মুকুতা  চিনিব নোৱাৰি,
  হেঙুল হাইতালৰ বৰণ॥৬২।

আহতে সলাবৰ পাত,  মোৰ বান্ধৈ ঐ,
  আহতে সলাবৰ পাত।
তুমি যে লাহৰী,  বৰণটি সলালা,
  মুগা ৰিহা মেৰালা গাত॥৬৩।

ক’লা চোলাই নুশুৱায়  তোক, ঐ লাহৰী,
  বগা চোলাই নুশুৱায় তোক।
ৰংপুৰ জিলাতে  আছে, ৰঙা চোলা,
  সেয়েহে শুৱাব তোক॥৬৪।

হাতৰে লাহেৰে   খাৰুযোৰ পিন্ধিলা,
  ভৰিৰ লাহৰে কৰি।
গলধনত পেলায়ে   খোপাটি বান্ধিলা
  এহাত এমুঠন কৰি॥৬৫।

শুৱায় যে নুশুৱায়  সোণ-পোৱালমণি
 উলিয়াই উলিয়াই চাওঁ।
শুৱায় নে নুশুৱায়  মোৰ ধন লাহৰীক
 আগ-পিছ কৰি চাওঁ॥৬৬৷

নাও হেঙুলীয়া,  বঠা হেঙুলীয়া,
 আৰু হেঙুলীয়া ছৈ।
চেনাইৰে মূৰৰে  জাপি হেঙুলীয়া,
 বিজুলী বাঁহৰ দৈ॥৬৭।

আবেলি বেলিকা  জিকা ফুল ফুলিলে,
 মাৰে মোৱা মাছে জাকি।
আমাৰে লাহৰী  গাৱঁলৈ ওলালে,
 লগৰ সমনীয়া সাখী॥৬৮।

কিনো হাত দুখনি,  কিনো ভৰি দুটি,
 কিনো ঐ সুৱলা মাত।
ৰ’দ পাই জিলিকে  তোমাৰ গাল দুখনি,
 হাঁহিটিত জিলিকে দাঁত॥৬৯।

ডিঙিৰে গেজেৰা,  মুখৰে চকলা,
 বুকুতে এতোলা সোণ।
জীৱনে-মৰণে  কেনেকৈ পাহৰিম
 সৰুটী চেনাইৰে গুণ॥৭০।

চকুলৈ চালেই যে  হাঁহাঁ মিচিকিয়া,
 হাঁহিতে লগোৱা বেথা।
তোমাক পাবলৈ  মনে লিক্ লিকায়,
 সৰু হৈ লগলা লেঠা॥৭১৷

চৰাই হালধীয়া,  পাখি বিনন্দীয়া
 অৰণ্যৰ ভিতৰৰ টোপ।
দিনটোৰ ভিতৰত  এবাৰ নেদেখিলে
 পেটতো নালাগে ভোক॥৭২।

আহোঁ এড়ি এড়ি  যাওঁ এড়ি এড়ি,
 এড়া গছত মাতিলে জিলি।
নেদেখি থাকিলে  থাকিব পাৰোঁ মই
 আকৌ গা-দেখা দি গ’লি॥৭৩।

তেল পৰি পিচলে  তোমাৰ বৰণটি
 ৰ’দত তিৰবিৰ কৰি।
তোমাৰ নিচিনা  ক’তো নেদেখিলোঁ
 উজনি-নামনি ফুৰি॥৭৪।

আহোঁতে দেখোঁ ধন,  যাওঁতে দেখোঁ ধন,
 বগী জামুকৰে পুলি।
খোৱাৰো নহলি,  পিন্ধাৰো নহলি,
 চকুৰ পোৰণি হলি॥৭৫।

সেউতী এপাহি,  মালতী এপাহি,
 কেতেকীৰ ঠোৰালি পাহি।
তোমাৰে দেহাটি  পদুমৰ পাহি যেন
 মাণিকি-মধুৰি হাঁহি॥৭৬।

তোক চাই ৰাঙলী,  বান্ধি যাওঁ দাঙৰি,
 নড়া চাই চপাই যাওঁ নাও।
বুকু চমচমায়,  দেহা টনটনায়,
 তোমাক কাহানিকৈ পাওঁ॥৭৭।

দেখিবলৈ শুৱনী  ক’লাকৈ জাৰণি,
 চিৰিলি চিৰিলি পাত৷
তাতোকৈ শুৱনী  চেনাইৰে দুখনি
 কোমল কুমলীয়া হাত॥৭৮।

দিখৌ নৈৰ পাৰতে  কলপাত কাটিলোঁ
 আগলি আগলি চাই।
বিহুৰ তলীতে  তোমাক বাচি লৈছিলোঁ
 ককাল-খামুচীয়া চাই॥৭৯।

গা কিনো চাবা  মালি মাছ যেনে,
 কঁকালটি বীণৰে নলা।
মুখ কিনো চাবা  পূৰ্ণিমাৰ জোন যেন,
 চকু সৰগৰে তৰা॥৮০৷

অনুৰাগ

পঞ্চম অধ্যায়

তোমালৈ চাই চাই  চকু দুটি বিষালে,
 ঠিয় হৈ বিষালে ভৰি।
কোনজন ঈশ্বৰে  তোমাক সৰজিলে
 মৰম নাইকিয়া কৰি॥৮১৷

উজাই নাৱৰীয়াই  বালিত ভাত খালে,
 গছকি পুতিলে ছুৱা৷
কিনো দায়-জগৰ  লগালোঁ, চেনাই ঐ ,
 নেদেখোঁ গধূলি পুৱা॥৮২৷

হাললৈ লিখিলে  মোক, ঐ লাহৰী,
 কোৰলৈ লিখিলে মোক।
চাৰি আঙুল কপালত দুখকে লিখিলে,
 তোলৈ নিলিখিলে মোক।৷ ৮৩।

নলনিত কান্দিলে  হেঁটুলুকা চৰাইটি,
 হেঁটুলুক কৰিলে বনত।
হাতৰ বন সৰি  চিতনি ধৰেহি,
 চেনাইৰ কথা পৰিলে মনত।৷৮৪।

নৈৰ ঘূৰণীয়া ডবক, সমনীয়া,
 নৈৰ ঘূৰণীয়া ডবক।
ফুল চ’তি লগাই, শোৱা ঘৰ সাজিলোঁ,
 মোৰ ধন নাইকিয়া লগত॥৮৫।

ৰিব্ ৰিব্ কৰি  বতাহ জাকি মাৰিলে
 উৰুৱাই চোতালৰ ধূলি।
তোমাৰ পদূলিলৈ  কৰোঁ অহা-যোৱা
 মটা মহ হেৰালে বুলি॥ ৮৬।

কাৰ আগত কৈ যাম  দুখৰ কথাষাৰি,
 কোনে পাতি যাব কাণ।
চকুত নাই টোপনি,  তোমালৈ চিতনি,
 দেহালৈ পৰিছে টান॥ ৮৭।

মইনা লৰি মৰে  পানীয়ে পানীয়ে,
 মই লৰি মৰোঁ বামে৷
চকুৰে পানীৰে  দুগাল তিতি গলে,
 চেলেং তিতি গল ঘামে॥ ৮৮।

হাঁহ হৈ চৰিমগৈ  তোমাৰ পুখুৰীত,
 পাৰ হৈ পৰিমগৈ চালত।
ঘাম হৈ সোমামগৈ  তোমাৰ শৰীৰত,
 মাখি হৈ চুমা দিম গালত॥ ৮৯।

উজাই চালোঁ মই,  ভটিয়াই চালোঁ মই,
 তোমাৰ মান শুৱনী নাই।
দেৱে হৰিলে নে  মনিছে হৰিলে,
 মাতি মাত পাবলৈ নাই॥ ৯০।

কিনো তামোলখনি  দিলি, ঐ মইনা,
 দুখনি হাতেৰে ললোঁ।
সেই তামোলখনি  খাবৰ-এ পৰা
 তোমাৰ লগত বলিয়া হলোঁ॥ ৯১।

নাখায়ো নোৱাৰোঁ,  খালেও নামুৱায়
 বান্ধৈৰ ঠুৰি তামোখনি।
ঠুৰীয়া তামোলত  আহুদি কৰিলা,
 মটা হাঁহে পাৰিছে কণি॥ ৯২।

জপা গৰকিল  জপাৰ বৰ কাপোৰে,
 দেহা গণকিল প্ৰেমে।
প্ৰেমৰ জালতে  মৰোঁ কলমটিয়াই,
 মাৰিও নিনিয়ে যমে॥ ৯৩।

চুঙাৰে বাদুলি  কান্দ কি-এ বুলি
 কান্দ কি-এ বুলি জিলি।
এবাৰৰ পোৰণি  মাৰিব পৰা নাই,
 আকৌ গা দেখা দি গলি॥ ৯৪।

তামোলত বগালে  বাৰী জালুক জুপি,
 মদাৰত বগালে পাণ।
নেদেখি থাকিলে  থাকিব পাৰোঁ মই,
 দেখিলে থকাটো টান॥ ৯৫।

গৰু চৰাবৰ কঠিয়া তলীখন,
 মহে চৰাবৰ দল।
মুঠিৰ কটা তামোল  মুঠিতে শুকালে,
 দিবলৈ নাপালোঁ চল॥ ৯৬।

উজাই গৈ আছিলোঁ,  ধনৰ মাত শুনিলোঁ,
 কাষলৈ চপালোঁ নাও।
ধনৰে বাতৰি  নাপাওঁ ভাল কৰি,
 ভাটিলৈ ভটিয়াই যাওঁ॥ ৯৭।

উজাই আহিলে  কুম্পানীৰ জাহাজখন,
 পৃথিবী টলবল দেখোঁ৷
চপাই দে, চপাই দে  কুম্পানীৰ জাহাজ ঐ,
 মনোমতীৰ বাতৰি সোধোঁ॥ ৯৮।

কাকিনী তামোলত  কপৌ বাহ ললে,
 পৰে যেন পৰে যেন দেখোঁ৷
সৰুটী মনমা  নৰিয়া পৰিলে,
 মৰে যেন মৰে যেন দেখোঁ॥। ৯৯।

তোমাক নেদেখি  থাকোঁ কেনে কৰি
 সন্তাপে মাৰিছে খাই।
দেহৰ ভিতৰত  প্ৰেমাগ্নি জ্বলিছে,
 নুমুৱাই দিওঁতা নাই॥ ১০০।

আকুল পথিক

ষষ্ঠ অধ্যায়

বিলাতী সূতাৰে বানি  মোৰ বান্ধৈ ঐ
 বিলাতী সূতাৰে বানি৷
সূতা পকোৱাদি   মোৰ মন পকালি,
 চিতৰ কথা নকলি ভাঙি॥ ১০১।

শৰীৰ ক’লা হ’ল  ৰদে-বৰষুণে,
 কাপোৰ ক'লা হল ঘামে।
তোমাৰে সন্তাপত   হৃদয় ক'লা হল,
 নাখায় বনৰীয়া বাঘে॥ ১০২।

পধূলি পধূলি  মই ফুৰোঁ গধূলি,
 বাঘে খায় ঘোঙে খায় খক৷
নেৰোঁ মই নেৰোঁ মই   সৰুটী কলিজা,
 যায় যদি দেহাটি যক॥ ১০৩।

লুইতৰ বালি  বগী ঢক্ঢকী,
 কাছই কণি পাৰে লেখি৷
গাত জুই জ্বলিছে  সৰিয়হ ফুটিছে,
 চেনাইক পানি-ঘাটত দেখি॥ ১০৪।

চ’তে চ’তে গৈ   বহাগো পালেহি
 ফুলিলে নাহৰৰ ফুল৷
তোমাৰ লগত  মৰোঁ যদি মৰিম ঐ,
 এৰি যাম নিজৰ কুল॥ ১০৫।

ডিবুৰৰ ৰণখন  সদিয়াত লাগিলে,
 মিৰিয়নী কান্দিলে ডালত।
সৰুৰ-এপৰা পিৰিতি কৰিলোঁ,
 নেৰিবা দুখৰ কালত॥১০৬।

শিৱসাগৰ পুখুৰী  ন-কৈ খনালে,
 ইটাৰে বন্ধালে পাৰ।
এনেকুৱা পিৰিতি  এৰিব লাগিলে,
 নগা-যাঠি মাৰিয়ে মাৰ॥ ১০৭।

কামলৈ যাবলৈ,  টাইম্ চিনি পাবলৈ
 আনি লম কুম্পানিৰ ঘৰি।
এনেকুৱা পিৰিতি  এৰিব লাগিলে
 মৰিম পকা নাদত পৰি॥ ১০৮।

দিখৌ নৈ এৰিব  পাৰোঁ, ঐ লাহৰী,
 জাজী নৈ এৰিব পাৰোঁ৷
আইকে-বোপাইকে  এৰিব পাৰোঁ মই
 তোমাক কেনেকৰি এৰোঁ॥ ১০৯।

দিহিঙৰ আগালি  তিনি ভেঙুৰীয়া,
 দিচৈতে উটুৱাওঁ ভুৰ।
তোমাৰ ঘাটতে  ভুৰ চাপ খাব,
 চেনেহ বুজি লবা মোৰ॥ ১১০।

বৰঘৰৰ মূধতে  চেনাইৰ তাঁতশাল,
 দি যাওঁ হাতী দাঁতৰ মাকো৷
দুয়ো লগ হবলৈ  লাগে কত বেলি,
 পাৰি দিয়া প্ৰেমৰে সাঁকো॥১১১।

হাতীৰ হিমেজু  খুৱালা লাহৰী,
 ঠুৰিয়া তামোলত ঘঁহি।
যেতিয়া তোমালৈ  মনত পৰি যাব,
 কান্দো ঢাৰি-পাটিত বহি॥ ১১২।

সিপাৰৰ বাওধান  পানীয়ে মাৰিলে,
 চৰাইৰ নগজিলে পাখি।
উৰনীয়া চৰায়ে  ফুৰে যোৰ পাতি,
 তাৰো মন নহলোঁ আমি॥ ১১৩।

লীলাই পথাৰতে  চিলাই ধান দাইছিল
 ঘিলা-চকলীয়া মুঠি।
আটাইকে দেখোঁ মই  চেনাইটীক নেদেখোঁ,
 চাওঁ চতিয়নাত উঠি॥১১৪।

হাঁহ হৈ চৰিমগৈ  তোমাৰ পুখুৰীত,
 পাৰ হৈ পৰিমগৈ চালত।
ঘাম হৈ সোমামগৈ  তোমাৰ শৰীৰত,
 মাখি হৈ চুমা দিম গালত। ১১৫।

নৈলৈ হালিলে  নদালী ভলুকা,
 হালে পথাৰলৈ মকাল।
খোজতে হালিছে,  খোজতে জালিছে,
 ধনৰ খামুচীয়া ককাল॥ ১১৬।

আইৰ আলসুৱা,  বোপাইৰ আলসুৱা,
 চেনাইৰ আলসুৱা মই।
চেনাইলৈ বাট চাই  দুপৰৰ ৰ’দতে,
 আছোঁ গছৰ তলত শুই॥ ১১৭।

হাবিত নাম গালোঁ,  বোপায়ে শুনিলে,
 ঘৰতো নিদিলে ঠাই।
সৰুৰ-এ পৰা  ইমানটি হলোঁহি
 লোকৰ কটা তামোল খাই॥ ১১৮।

উজাই আহিলে  বাগিচাৰ ছাহাবটি,
 ছৰাপ খাই পেলালে ছিছা৷
অতক ধনবস্তু  কেহেলই লাগিছে,
 ঘইনী নহলে মিছা॥ ১১৯।

হাতীৰ পোৱালি  শিয়ালে লৈ গল,
 মাউতক লৈ গল শেনে।
তোমাৰে দেহাটি  যেনে হেন দেখিবা,
 আমাকো দেখিবা তেনে॥ ১২০।

সপ্তম অধ্যায়

জোনৰ সাৰথি  তৰা, সমনীয়া,
 জোনৰ সাৰথি তৰা।
আমাৰ সাৰথি  আনিম বিয়া কৰাই
 শহুৰৰ ঘৰৰ পৰা॥ ১২১।

জোনৰ লগতে  তৰাটি ওলালে
 আকাশখন শুৱনী কৰি৷
আমাৰ লগত  চেনাইটী ওলালে
 আলি-বাট শুৱনী কৰি॥ ১২২।

শহুৰৰ জীয়েকত  মোৰ মন খালে,
 আহিছোঁ নিবৰ মন।
দিবা নে নিদিয়া  কোৱাঁচোন শহুৰ ঐ,
 তোমাৰ আমাৰ চেনেহৰ ধন॥ ১২৩।

ৰিঙ্ কৈ পহুৰ  শিঙ্, ঐ ৰঙিলী,
 ৰিঙ্ কৈ পহুৰ শিঙ্৷
চেনাইলৈ কপৌ ফুল  পালোঁগৈ বিচাৰি
 চটাই পৰবতৰ টিঙ্॥১২৪।

মইনাৰ গালত চুমা পিচলিল,
 হাতৰ পিচলিল কাঁহী।
এই পাহি ফুলকে  মইনাক দি যাবাগৈ,
 পেলাব মিচিকাই হাঁহি॥ ১২৫।

উজনিৰ জিয়া  ধোঁৱাকৈ চন্দীয়া,
 ন-জোনৰ মুখৰে পানী।
সৰুকৈ কাটিবা  মুগাৰ বটিয়া,
 দিম সোণ-পোৱালৰ মণি॥১২৬।

বাঁহৰ তলে তলে  বাঁহী বজাইছিলোঁ
 চেনায়ে শুনকগৈ বুলি।
শাহু আয়ে শুনিলে,  মিচিকাই হাঁহিলে,
 জোঁৱাই ধেমেলীয়া বুলি॥ ১২৭।

কেলৈ আমন-জিমন  কৰি থাকাঁ, আইকণ,
 কেলৈ মাৰি থাকাঁ মন।
আমাৰ ঘৰ-বাৰী  তোমাকে গতালোঁ,
 তুমি হলা হৃদয়ৰ ধন॥ ১২৮।

চাহ-পাত ছিঙিলোঁ,  চটাইতে মেলিলোঁ,
 তেতেলি-পতীয়া হল।
শহুৰৰ জীয়েকক  আনিবৰ-এ পৰা
 খুটিৰ মহ বিকৰে গল॥ ১২৯।

দকৈ পথাৰত  ধান দাই আছিলে,
 ঘিলা-চকলীয়া মুঠি।
আটাইকে দেখিলোঁ,  ধনক নেদেখিলোঁ,
 চালোঁ চতিয়নাত উঠি॥ ১৩০।

পথাৰৰ মূৰতে  ধান দাই আছিলে,
 হাতত হেঙুলীয়া কাচি।
বায়েক-ভনীয়েক  দুইজনী সমানেই,
 আনিম কোনজনী বাচি॥ ১৩১।

চুটি-মুটি নাওখন  নাকাটিবাঁ, শহুৰ ঐ,
 গুৰি দি আমনি লাগে।
অবুজন জীয়েৰক  নিদিবা, শহুৰ ঐ,
 কথাই আমনি লাগে॥ ১৩২।

উড়িয়ামৰ নাওখন  নাকাট, সমনীয়া,
 গুৰি ধৰি যাবলৈ টান।
যোৰহাট জিলাৰে  ছোৱালী নানিবা,
 কথা বুজাবলৈ টান॥ ১৩৩।

পৰ্বতে পৰ্বতে  বগাব পাৰোঁ মই,
 লতা বগাবলৈ টান।
বনৰীয়া হাতীকো  বৰাব পাৰোঁ মই,
 চেনাইক বৰাবলৈ টান॥ ১৩৪।

হাবিব লাও-কাও  হাতী, ঐ বনৰী,
 হবিৰ লাও-কাও হাতী।
কাৰ তই লগ পাই  হলি ঐ লাও-কাও,
 আগেয়ে আছিলি জাতি॥ ১৩৫।

আলি-বাট ঘেলাতী  চাকী ফুল পিন্ধতী,
 কথালৈ নকৰ কাণ।
মা ৰেই আছিলে  ৰূপত ৰং-চৰাতী,
 তই নো কি হবি আন॥ ১৩৬।

জাকৈয়া ওলালে,  খালৈয়া ওলালে,
 মাৰোঁ কোন বিলৰ মাছ।
সৰুজনী জাকৈয়াক  শিঙিয়ে খুটিলে,
 পৰিল ডেকা-লৰাৰ পাছ॥ ১৩৭।

আহু ধান দাবলৈ  মাতি পঠিয়ালোঁ
 লোকৰ বাও ধাননি দালে।
কাচি দলি মাৰি,  সোমাল হাবিয়নি,
 শৰীলত বৰলে খালে॥ ১৩৮৷

আহু ধান দাবলৈ  মাতি পঠিয়ালোঁ,
 শালি ধান গেৰুলী হল।
হাটলৈ চাওঁতে,  বাটলৈ চাওঁতে,
 তোমাৰ বহ-বতৰ গ'ল॥ ১৩৯।

চ’তত চকৰী,  বহাগত বগৰি,
 জেঠতে আমনা ধান,
বৰলা ভকতত  কন্যা-দান কৰিবাঁ,
 পাবা বৈকুণ্ঠত থান॥ ১৪০।

অষ্টম অধ্যায়

গা ধুই বামুণে কৰে গোসাঁই-সেৱা,
 কোনে সেৱা কৰে নাও।
পধূলি ওলায়ে  মনত চিন্তা কৰোঁ
 আজি কোন পোনে যাওঁ॥ ১৪১।

চিতায়ো মাৰিছে খাই, সমনীয়া,
 চৰ্চায়ো মাৰিছে খাই।
যৌৱনৰ কালতে  ফুৰোঁ অনাই-বনাই
 ছোৱালী খোজোঁতা নাই॥ ১৪২।

আয়ে নোখোজে  জীয়ৰী ছোৱালী,
 বোপায়ে নোখোজে গপত৷
মই, সমনীয়া,  যিজনীক ছান্দিছোঁ
 আনি যাম চকুৰে টিপত॥ ১৪৩।

কুঁহিয়াৰ কাটি যাওঁ  পাবত, লগৰীয়া,
 কুঁহিয়াৰ কাটি যাওঁ পাবত।
এজনী আনি যাওঁ  ধনে' বিয়া কৰাই,
 এজনী আনি যাওঁ লাভত॥ ১৪৪।

ছৰ্কাৰী চাকৰি নালাগে লাহৰী,
 নালাগে তলপৰ ধন।
ছোৱালী আনিলে  হব মটা লৰা,
 পথালি-কোলাতে লম॥ ১৪৫।

নৈ-কাষৰীয়া  পকা জলকিয়া,
 তললৈ মেলিলে শিয়া।
বামুণক চোৱালোঁ,  গণকক চোৱালোঁ
 হব বহাগত বিয়া॥ ১৪৬।

বৰ ঘৰ সোমায়ে  চিঠিখন লিখিলোঁ
 দি গলোঁ পিয়নৰ হাতত।
চিঠিৰে ভিতৰত  যি কথা লিখিলোঁ
 নপৰে আনৰে কাণত॥ ১৪৭।

পথাৰে পথাৰে  কলৈ যোৱা, গাভৰু,
 লগত ভনীয়েৰাক লৈ।
তোমাক এটি কথা  কবলৈ নাপালোঁ
 মুখতে মুখখনি থৈ॥ ১৪৮।

মোৱা মাছ মাৰোঁতে  পিঠিৰ ছাল ছিগিলে,
 বিচাৰি নাপালোঁ বেজ।
হাতৰে আঙুলিত  কামুৰি গলি তই,
 ৰখাব নোৱাৰোঁ তেজ॥ ১৪৯।

শালিকী চৰায়ে  দদাইদেৱ বুলিলে,
 মই বোলোঁ ভাতিজা-জী।
তাই, নিদাৰুণী  মৰম লগাই গৈছে,
 বুকুৰ সুমথিৰা দি॥ ১৫০।

এই জেঠ মহীয়া  কুলিয়ে মাতিলে,
 শুনিলোঁ অমাতৰ মাত।
পৰকে দেখুৱাই  দদাইদেউ বুলিবাঁ,
 ভিতৰি বুলিবা নাথ॥ ১৫১।

বাৰীৰ আম গছ  তিনি ফেৰেঙীয়া,
 তাতে বহি মাতিলে কুলি।
গধূলি বেলিকা  আহিবাঁ, লাহৰী,
 চালনি আনোগৈ বুলি॥ ১৫২।

আঠিয়া কলৰে  পাত নাকাটিবা,
 চিটিকি পৰিব এঠা।
লোককে দেখুৱাই  কেটৰা মাৰিবাঁ,
 ভিতৰি নেৰিবা বেথা॥ ১৫৩।

বছৰি বছৰি  আম মলিয়ালে,
 খুচৰি খুচৰি খাওঁ।
আমি পাৰিবলৈ  আমাক নামাতিলাঁ,
 কোনোবা কেনিবা যাওঁ॥ ১৫৪।

চৰাইলৈ বুলি  চিটিকা পাতিলোঁ
 চিটিকাৰ ভাগিলে খুটি।
পাম খাম বুলি  পিৰিতি মাগিছোঁ
 পিৰিতিৰ পোৱা নাই জুতি॥ ১৫৫।

হাত মেলি হালধি  নঘঁহিবি, মালতী,
 ভৰিত নঘঁহিবি তেল৷
চুবুৰীয়াৰ ঘৰলৈ  নাযাবি, মালতী,
 আটাই বেয়া কথাৰ মেল॥ ১৫৬।

আগটি নাচালোঁ,  গুৰিটি কাটিলোঁ
 অচিন পৰবতৰ বাঁহ।
মিৰি-মিচিমিৰো  দোৱান বুজি পালোঁ
 নাপালোঁ চেনাইৰে আঁহ॥ ১৫৭।

জকাই ঘূৰি ঘূৰি  বাবাঁ, ঐ বান্ধবী,
 পল ঘূৰি ঘূৰি বাবাঁ।
কোনোবা শতৰু  কিবাটো কৰিব,
 তাকে ঘূৰি ঘূৰি চাবাঁ॥ ১৫৮।

দীঘলী বিলতে   দি যাওঁ বালি-ভেটা
 লাগে চেনী-কুহী মাছ।
তোমাক কেনেবাকৈ  নাপাব লাগিলে
 লম জৰী গছত ফাঁচ॥ ১৫৯।

চাউল ছাটি মাৰি  পাৰ-জাক ধৰিলোঁ,
 ফান্দত ধৰিলোঁ হাতী৷
কি দি ধৰিলে   শহুৰৰ জীয়েকে,
 টোপনি নাহিলে ৰাতি॥ ১৬০।

নৱম অধ্য়ায়

বয়সৰ লগতে  মই বাঢ়ি গলোঁ
 তুমি দিলা যৌৱনত ভৰি৷
সৰুৰ এপৰা  পিৰিতি কৰিলোঁ,
 এতিয়া নাযাবা এৰি॥ ১৬১।

পিৰিতিৰ দৰে,  হেৰা প্ৰাণেশ্বৰী,
 কিবা সুখ আছেনে আৰু৷
যদি মিছা কৈছোঁ  হেৰা প্ৰাণেশ্বৰী,
 নিজে গুণি চোৱাঁ বাৰু। ১৬২।

কাঁহৰ বাটিতে  সৰিয়হ পিচলে,
 নিয়ৰত পিচলে ভৰি৷
কথাৰ লাচতে  কথাটি পিচলে,
 কথাত ৰবাঁ খোপনি ধৰি॥ ১৬৩।

মাৰে নিদিয়ে,  বাপেৰে নিদিয়ে,
 তোমাৰ আহিবৰ-এ মন।
তোমাক আনিবলৈ  মোৰ মন আছিলে,
 হাতত নাইকিয়া ধন॥ ১৬৪।

পৰলৈ নিদিবা  মন, ঐ লাহৰী,
 পৰলৈ নিদিবা মন।
হাড়ক পানী কৰি,  তেজক পানী কৰি,
 তোমালৈ ঘটিছোঁ ধন॥ ১৬৫।

উজাই নাৱৰীয়াই  বালিত ভাত খালে,
  কুজা হৈ বোটলে ছুৱা।
তোমাৰে বাপেৰক   কৈ থৈ আহিছোঁ,
  পৰৰ নাভাঙিবা গুৱা॥ ১৬৬।

হাতত গোট-খাৰু   কোনে দিলে, লাহৰী,
  বহিলে জুনুকাই বাজে৷
তোমাৰ বাপেৰে  আমাক মাৰিবলৈ
  বাটত ধনু কাঁড় পাতে॥ ১৬৭।

হাবিৰ হেৰপতা,   দি যাওঁ বালি-ভেটা,
  জোনপৈ শামুকৰ চূণ৷
খুৱাই পাহৰিলা  ঠুৰি তামোলখনি,
  প্ৰেমৰ পাহৰিলা গুণ। ১৬৮।

ৰেলৰ আলিৰ   দুবৰি বন, ঐ বনৰী,
  ৰেলৰ আলিৰ দুবৰি বন।
হাড়ক মাটি কৰি,   তেজক পানী কৰি
  মিছাতে ঘটিলোঁ ধন॥ ১৬৯।

নৈৰ ৰঙা গড়া  দলনি-দপনি,
  হৰিণা চিঞৰে বনত।
তোমাৰ সন্তাপত  থাকিব নোৱাৰি
  মৰিমগৈ সদিয়াৰ ৰণত॥ ১৭০৷

অলিয়া হলোঁ মই,  বলিয়া হলোঁ মই,
  কৰাকে ঘূৰায়ে কৰোঁ।
ৰাতিৰে ৰাতিটো  টোপনি নধৰে,
  দিনত ছাটি-ফুটি কৰোঁ॥ ১৭১।

আলিয়ে আলিয়ে   যায় সমনীয়া,
  হাতত কলা খোৱা চৰাই।
চকু চাই চকু চাই  পিৰিতি কৰিলোঁ,
  বিধাতাই নিদিলে জোৰাই॥ ১৭২।

গৰুটি কজলা,  মনটি অজলা,
  নুবুজোঁ একোকে মই।
কিয় ভাল পাইছিলি,   কিয় ভাল পাইছিলোঁ
  শৰীলত জ্বলিছে জুই॥ ১৭৩।

হাতী হেৰুৱালোঁ  লিহিৰি বনতে,
  ঘোৰা হেৰুৱালোঁ দোপত।
পাই, হেৰুৱালোঁ  শহুৰৰ জীয়েকক
  চোতালৰ দুবৰি বনত॥ ১৭৪।

পাতোঁ কলা বাৰী   লৰাই খাব বুলি,
  মেলিলে জাহাজী ঠোক।
দেখি কলা বাৰী  ধৰে খুন্দা মাৰি
  সন্তাপে দহিছে মোক॥ ১৭৫।

আই নাইকিয়া,  ভাই নাইকিয়া,
 আৰু নাইকিয়া পিতা৷
কপটী বিধিয়ে দুখকে লিখিলে,
 মনৰ নুগুচিল চিতা॥ ১৭৬।

মুদিৰ গোলাত কিনিলোঁ  ৰেছমৰ ৰুমালখন
 ৰেল গাড়ী ভটিয়াই গল৷
তোমাক আনিম বুলি  বৰঘৰ সাজিলোঁ,
 গৰু-বন্ধা গোহালি হল॥ ১৭৭।

কুকুৰাই কৰিবৰ কেও, সমনীয়া,
 কুকুৰাই কৰিবৰ কেও।
গছৰ ডাল ভগাদি  আমাৰ মন ভাগিলে,
 জোৰাওঁতা নহলে দেও॥ ১৭৮৷

আহোঁতে জিলিকিল  দীঘলী সেওঁতা,
 হাঁহোঁতে জিলিকিল দাঁত।
দুইলৈকো বুলি  ঢাৰি-পাটি সাজিলোঁ,
 শুবলৈ নাপালোঁ তাঁত॥ ১৭৯।

তোমালৈ এ বুলি  গঢ়না গঢ়ালোঁ
 হাতলৈ গঢ়ালোঁ খাৰু।
দুয়ো শুম বুলি  তুলীখন কৰালোঁ
 মাদুৰী তুলাৰে গাৰু॥ ১৮০।

দলনি পথাৰত খেতি কৰিছিলোঁ,
 ভঁৰাল ভাঙি খালে চোৰে৷
তোমাৰ সন্তাপত  থাকিব নোৱাৰোঁ,
 জালুক জলকিয়াই পোৰে॥ ১৮০।

দশম অধ্যায়।

ভাটিলৈ ভটিয়াই  যামগৈ, মইনা,
 ধৰিমগৈ সন্ন্যাসীৰ ভেশ।
তোমাৰ লগতে  এৰিম আই-বোপাই,
 এৰি যাম অসমৰ দেশ॥ ১৮১।

বাৰীৰ মাজে মাজে  গোলাপ ফুল ফুলিলে,
 তিতা ফুল ফুলিলে ঢাপত।
তোমাৰে আমাৰে  যোৰা নাপাতিলে,
 কোনোবা জনমৰ পাপত॥ ১৮২।

এৰিলা একুৰি,  এৰিলা চুবুৰি,
 এৰিলা নদীৰ কূল৷
একে চঁহায়, লাহৰী,  পিৰিতি এৰিলা,
 মোহাৰি পেলালা ফুল॥ ১৮৩।

চোতালৰ আগৰ  বেল, মোৰ বান্ধৈ ঐ,
 চোতালৰ আগৰ বেল।
তোমাৰ বেজাৰত  ফুৰোঁ অনাই-বনাই,
 মূৰত মোৰ দিয়া নাই তেল॥ ১৮৪।

কিয় এনে হলি,  মইনা লাহৰী,
 কিয় হলি জনমৰ কাল।
হাবি বননিয়ে  ফুৰি ভাল লাগে,
 ঘৰত মোৰ নালাগে ভাল৷॥ ১৮৫।

পুৱাও নেদেখি তোমাক, ঐ লাহৰী,
 নেদেখি গধূলি পৰে।
দিনতো আবেলি  নেদেখি, লাহৰী,
 বুকু ধৰফৰ কৰে॥ ১৮৬।

তোমাৰ কথা ভাবোঁতে,  চকুপানী টোকোঁতে,
 হাতত সিৰামূৰি ধৰে।
বুকু খুন্দা মাৰে  কান্দিব নোৱাৰোঁ,
 দেহে ঠনৰ্ ঠনৰ্ কৰে॥ ১৮৭।

ৰাতি পৰে পৰে  তোলৈ মনত পৰে
 চকুৰ পানী দুধাৰি বয়।
তললৈ মূৰ থৈ  ধৰোঁ গুণিবলৈ
 আগতে চাকগছি লই॥ ১৮৮।

লুইত পাৰ হলোঁ,  দিখৌ পাৰ হলোঁ,
 জিৰাই গলোঁ কলীয়াবৰত।
তোমাক বিচাৰি  এৰোঁ ঘৰ-বাৰী
 নাথাকোঁ ডিবুৰুগড়ত॥ ১৮৯।

নগাঁৱৰ বাতৰি  গড়গাঁৱত শুনিলোঁ,
 কাষতে চপাই, যাওঁ নাও৷
তোমাৰ সন্তাপত  নাথাকোঁ অসমত,
 ভাটিলৈ ভটিয়াই যাওঁ॥ ১৯০।

কাম কৰি কৰি  আমনি লাগিলে,
 মনত পৰি পৰি কান্দো৷
তোমাৰ সন্তাপত  থাকিব নোৱাৰি,
 গোসাঁই ঘৰত টোপোলা বান্ধো॥॥ ১৯১।

তোমাৰ গুণৰ কথা  কাহানি পাহৰিম,
 যম ৰজাই নিনিয়ে মানে।
মোৰ দুখৰ কথা  কাৰ আগত কৈ যাম,
 আত্মা-শৰীলেহে জানে॥ ১৯২।

ওপৰে উৰিলে  গঙাকৈ চিলনি,
 পাখিয়ে নললে ঘোৰ।
তুমিয়ে আমিয়ে  একেটি আছিলোঁ,
 কোনে ভাঙি গলে যোৰ॥ ১৯৩।

অৰ্জ্জুনৰ গছতে  ভাটৌটি পৰিলে,
 কোনে ভাঙি গল পাখি।
তোমাৰে আমাৰে  কোনে যোৰ ভাঙিলে,
 ঈশ্বৰক কৰিছোঁ সাক্ষী। ১৯৪।

আয়ো আছিল মোৰ,  বোপায়ো আছিল মোৰ,
 আটাইৰে আতাৰি হলোঁ।
মনে-খনা পুখুৰীত  কোনে বিহ ঢালিলে,
 পানী খাব নোপোৱা হলোঁ॥ ১৯৫।

ভাবোঁতে ভাবোঁতে  ভাবনা লাগিলে,
 পেটতো নালাগে ভোক৷
কণা বিধাতাই ঐ কপালত লিখিলে,
 লোকে-হঁহা কৰিলে মোক॥ ১৯৬৷

নৈৰ সিপাৰে  নাৰায়ণ শিমলু,
 তাতে ললে কুৰুৱাই বাহ।
এই নাৰী জাতি  মৰম নাইকিয়া,
 চিনিব নোৱাৰি আঁহ॥ ১৯৭।

মনৰো ঠিকনা  নাই, প্ৰাণেশ্ববী
 চিতৰো ঠিকনা নাই।
ঘৰত মন পাৰি  থাকোঁ কেনেকৰি
 সন্তাপে মাৰিছে খাই॥ ১৯৮।

লোৱকে বিন্ধিলে  লোৱৰে মামৰে,
 ছাতিৰ নালত বিন্ধিলে ঘূণে।
চাৰি আঙুল কপালত  বিধাতাই লিখিলে,
 চাঁচি বা গুচাব কোনে॥ ১৯৯।

তোমালৈ চিতনি, তোমালৈ গুণনি,
 থাকোঁ অনাহাৰে শুই৷
কোনোবা জনমত   মহা পাপ কৰিলোঁ,
 দি গলা শৰীলত জুই॥ ২০০।

বিৰাগ

একাদশ অধ্যায়

পূবেদি ওলালে  পূবৰে অৰুণ ঐ,
 পছিমে ওলালে জোন।
সইতে শপতে  মিছা নামাতিবা,
 তোমাৰ মৰমীয়া কোন॥ ২০১।

লাওৰ আগ বঢ়াদি  বাঢ়িলি লাহৰী,
 কোমোৰাৰ আগলৈ চাই।
মোৰ মৰম-চেনেহ  পাহৰি পেলালি
 কাৰ মৰম-চেনেহ পাই॥ ২০২।

ৰোৱা ৰুই গলা,  পিছলৈ নাচালা,
 ৰোৱাত ধৰি গল পোকে৷
আজি অত দিনে   পিৰিতি কৰিলোঁ,
 এতিয়া লৈ যাব লোকে॥ ২০৩।

ধান দাই গলা,  পিছলৈ নাচালা,
 নৰাত এৰি গলা ঠোক।
আজি অত দিনে  পিৰিতি কৰিলোঁ
 এতিয়া এৰিলা মোক॥ ২০৪।

ৰৈ ৰৈ কান্দিলে  চাকৈকৈ চকোৱা,
 ৰৈ ৰৈ কান্দিলে জিলি।
এনেয়ে মৰিছোঁ  তোমাৰ সন্তাপত,
 আকৌ গা দেখা দি গলি॥ ২০৫।

ফুলাম চেলেঙৰ দহী, তই চেনাই ঐ,
 ফুলাম চেলেঙৰ দহী।
কোন টুটকীয়াই শতুৰু শালিলে,
 মুখত নাই মিচিকি হাঁহি॥ ২০৬।

এনে কাঠচিতীয়া  কিয় হলা, মইনা,
 মাতিলে নমতা হলা।
কাৰ খোচনীয়া  কথা পাই আমালৈ
 চকু নুঘূৰোৱা হলা॥ ২০৭।


ধান বহাবৰে  গোটোঙা টোটি,
 সুৱৰ্ণ বিৰিখৰ খৰি।
কোনে মন ভঙালে,  কোনে মন ছিগালে
 দুইকো দুফালি কৰি॥ ২০৮।

বৰ ঘৰৰ মূধতে  খৰি ফালিছিলোঁ
 উফৰি পৰিলে চলি।
কিনো দায়-জগৰ  লগালোঁ লাহৰী,
 মুখেৰেও নমতা হলি॥ ২০৯।

বাৰীৰ পিছফালে  হাঁহ খেদিছিলোঁ,
 চোতালত আৰৈ ধান খালে৷
চকুলৈ চালে তই  মুখলৈ নাচাৱ,
 তোকে টুটকীয়াই পালে॥ ২১০।

আপুনি নাখায়ে  মোলৈ সাঁচিছিলি
 নল-চুটি চাউলৰ ভাত।
এতিয়া, মইনা,  কোনে কি খুৱালে,
 কেটেৰা-জেঙেৰা মাত॥২১১।

চকু চাই চকু চাই  মনকে মুহিলি,
 হাঁহি মাৰি লগালি লেঠা।
তোক আনিম বুলি  আশা পালি আছিলোঁ,
 শতুৰুৱে লগালে লেঠা॥ ২১২।


কেলৈ এনেকুৱা হলি  তই, বান্ধৈ ঐ,
 চকু টেৰোৱাকৈ চালি৷
আমাৰ কপালে  যি হৈছে হইছে,
 তই নো কেই কাল খাবি॥ ২১৩।

চকুলৈ চালে তই  মুখলৈ নাচাৱ,
 ঈশ্বৰক কৰিছোঁ সাখী৷
মই যদি তোলৈ  অহিত চিন্তিছোঁ,
 ঈশ্বৰে নথব ৰাখি॥ ২১৪।

ঠুৰিয়াই ঠুৰিয়াই  তামোল কাটি দিছিলি,
 তাৰ মাজত দিছিলি লঙ্।
মোলৈ আহিম বুলি  কাপোৰ ধুই দিছিলি,
 মনত লগাইছিলি ৰঙ॥ ২১৫।

পুৰণি জেওৰা নববি, মইনা,
 লোকে খৰি পুৰি খায়।
লগনীয়া কথা  নলবি, আমাৰ
 জোৰা ভাঙিবলৈ চায়॥ ২১৬।

লগনীয়া কথা  নলবি, লাহৰী,
 সি কথা তোমাৰ যম৷
হাজাৰ আশা কৰা  পাম-খাম বুলি,
 সি আশা কৰিব ভঙ॥ ২১৭।

লগনীয়া কথাকে  নলওঁ নলওঁ বুলি
 লগনীয়া কথাকে ললি৷
মোকে আগত থৈ  শতুৰুক লগত লৈ
 তামোল কাটি অকলে খালি॥ ২১৮।

চ’তৰ বাৰ খৰত  শিমলু ফুলিলে,
 ওপৰে উৰিলে তুলা।
কাৰ নো বুধি পাই  নাহাঁ কাষ চাপি,
 জনমৰ শতৰু হলা॥ ২১৯।

কেলৈ এনেকুৱা  হলি, প্ৰাণেশ্বৰী,
 কেলৈ এনেকুৱা হলি।
চকুলৈ চালে তই  মুখলৈ নাচাৱ,
 জনমৰ শতুৰু হলি॥ ২২০।

দ্বাদশ অধ্যায়

হাতৰে আঙুলি চিৰিলি চিৰিলি,
 ভৰিৰ আঙুলি ঘন৷
ভৰিৰ আঙুলিৰে  মাটি খুচৰিছ,
 কালৈ বা কৰিছ মন॥ ২২১।

চ’তকৈ মহীয়া  নাহৰ ফুল ফুলিলে,
 বহাগত পেলালে কলি।
আমাৰ সুখৰ দিন  আহিল, ঐ লাহৰী,
 চকুলৈ নোচোৱা হলি॥ ২২২।

আৰৈ ধান লেচিয়া  বানিবি কেতিয়া,
 কুলাতকৈ চালনি ঘন।
চকুৰে চাইছ  মুখেৰে নামাত,
 জানোবা কাৰোবাত মন॥ ২২৩।

জৰি গছৰ তলতে  খৰি লুৰিছিলোঁ,
 আজুৰি ছিঙিলোঁ লতা।
চকুলৈ চাইছ  মুখেৰে মতা নাই,
 ল’লি টুটকীয়াৰ কথা॥ ২২৪।

ইমান দিন মোৰ ধনঐ,  মনকে বুজালোঁ
 তোমাৰ মুখখনিলৈ চাই।
তোমাৰ সন্তাপত  মৰিব পাৰোঁ মই,
 মিচিমিৰ বৰ বিহ খাই॥ ২২৫।







84

ছাহাবৰ বঙলা   দেখিবলৈ সুৱলা,
 দুৱাৰত ইংৰাজী লিখা।
মনৰ বাঞ্ছিতকে  পূৰাব নোৱাৰোঁ,
 থাকি গল তোমালৈ আশা॥ ২২৬।

স্কুল পঢ়িবলৈ  এৰিলোঁ, লাহৰী,
 ললোঁ ৰখিবলৈ গৰু।
আগেয়ে, মইনা,  পিৰিতি কৰিলোঁ,
 এতিয়া কেনেকৈ এৰোঁ॥ ২২৭।

কিনো ক’ম কম, লাহৰী,  দুখৰে বাতৰি,
 ক’লে চকু-পানী সৰে।
কৈনো কৈ থাকিলে  ওৰকে নপৰে,
 শোকে খুন্দামাৰি ধৰে॥ ২২৮।

যাওঁ বেগ ধৰি  ভৰি যায় পিচলি,
 বদতি মুখৰে আলি।
কিনো নিদাৰুণী  হলি তই, আইজনী,
 তামোল কাটি অকলে খালি॥২২৯।

পথাৰৰ মাজৰে  এজাৰ, ঐ লাহৰী,
 পথাৰৰ মাজৰে এজাৰ।
চেঙেলীয়া কালতে  পিৰিতি এৰিলা,
 মনত দিয়ে গলা বেজাৰ॥ ২৩০।

বগাকৈ বগলী  উৰে জাকি মাৰি,
 পাখিতে লগালে পাখি।
আমি উৰণীয়া  উৰিবলৈ নাপালোঁ
 মুখতে মুখখনি যাচি॥ ২৩১।

সৰুৰ এ পৰা,  হেৰা প্ৰাণেশ্বৰী,
 আছিলোঁ তোমাকে ধিয়াই।
আথানি-আবানি  কৰি এৰি গলা,
 লগনীয়া কথাকে পাই॥ ২৩২।

ন-আলি বন্ধালে  ন-জন কোঁৱৰে,
 টেক্সি আলি বন্ধালে কোনে।
একেখন হাঁচতিত  তামোল খাই আহিলোঁ,
 তাৰো মন ভঙালে কোনে॥ ২৩৩।

বাৰীৰ আমখৰি  ফালিম কেনেকৰি,
 জ্বলাম কেনেকৰি জুই।
মনৰ আশাটি  মনতে মাৰ গল,
 টোপনি নধৰে শুই॥ ২৩৪।

ডিবুৰুগড়তে  কিনো নাইকিয়া,
 আছে মুগা-বোৱা ৰাঁচ।
তোমাক ভাবি-চিতি মৰোঁ কলমতিয়াই,
 যেন বিহলগা মাছ॥ ২৩৫।

মহ-গুৱাল নিদিবি মোক,  মোৰ ককাইঐ,
 গৰু-গুৱাল নিদিবি মোক।
ৰ’দেও দাকিছে,  পানী-জলা ফুটিছে,
 চেনাইটীক আনি দে মোক॥ ২৩৬।

উজনিমুৱাকৈ  নাও নেমেলিবি,
 নাৱৰ টিঙত নাযাবি শুই।
কিনো ডোম জ্বৰে  পালে মোক, লাহৰী,
 বুকুত দিয়ে গলা জুই॥ ২৩৭।

জুইৰে পোহৰত,  চাকিৰে পোহৰত,
 পদুমী নাচিছে বিলত।
শৰীলৰ ভিতৰত  প্ৰেমাগ্নি জ্বলিছে,
 এফেৰি নুগুচে মনত॥ ২৩৮।

আশাতে নিৰাশা  কৰালা, সাদৰী,
 তুমি কত কাল খাবা।
মোক দি-এ গলা  জীয়া জুই একুৰা,
 তুমিও সেই কুৰা পাবা॥ ২৩৯।

আশাতে নিৰাশা  কৰালা, লাহৰী,
 তুমি খাবা কতবা কাল।
ঠনৰ ঠনৰ কৰি  ভাগে বুকুখনি,
 যেন বিৰিখৰহে ডাল॥ ২৪০।

ত্ৰয়োদশ অধ্যায়

গাখীৰৰ টেকেলি  ভাগিল, ঐ লাহৰী,
 গাখীৰৰ টেকেলি ভাগিল।
পকা সুমথিৰাৰ  চেপি ৰস খালোঁ,
 বাকলিত বহনা লাগিল॥ ২৪১।

একোতে নাপাওঁ মই  সুখ, ঐ সাদৰী,
 একোৱে নিদিয়ে সুখ।
ভাল পাওঁ লাহৰীৰ  হাঁহিৰে মলঙা,
 মাণিকি-মধুৰি মুখ॥ ২৪২।

কিনো খাই পাহৰিম  তোক, ঐ লাহৰী,
 কিনো খাই পাহৰিম তোক।
মিছিমিৰ দেশতে  আছে বৰ বিহ,
 তাকে খাই পাহৰিম তোক॥ ২৪৩।

তোমাৰ সন্তাপত,  হেৰা প্ৰাণেশ্বৰী,
 এবেলা আছিলোঁ মৰি৷
একেটি দেহাকে  কোনে ফালি দিলে,
 দুইকো দুফালি কৰি॥ ২৪৪।

পৰ্বতত মৰিলে  হৰিণা পহুটি,
 সুগৰি মৰিলে বনত৷
তোমাৰ বেজাৰত  মৰিমগৈ মৰিমগৈ,
 ডিবুৰুৰ জয়ন্তী ৰণত॥ ২৪৫।

হায় ঐ বিধাতা, ভাগ্যত লিখোঁতা,
 কপালত লিখিলি ভাল।
অবুজন মনক বুজাব নোৱাৰোঁ,
 নিজে চপাই ললোঁ কাল॥ ২৪৬।

চৰাই কুমলীয়া উৰিব নোৱাৰে,
 ঘূৰি ঘূৰি ডালতে পৰে।
মন কুমলীয়া  পাহৰিব নোৱাৰে,
 ঘূৰি ঘূৰি মনতে পৰে॥ ২৪৭।

বাৰীত জাহাজী কল ৰুই গলোঁ,
 মেলিলে আঠিয়াই থোক।
চেনেহৰ পিৰিতি  ঢোপাত মৰহিলে,
 সন্তাপে দহিছে মোক॥ ২৪৮।

আজি কি-এ বাৰ,  শনি, সমনীয়া,
 আজি কি-এ বাৰ, শনি।
আমাৰে কপালত  বিধাতাই লিখিলে,
 মটা হাঁহে পাৰিছে কণি॥ ২৪৯।

সৰুৰ-এপৰা,  হেৰা প্ৰাণেশ্বৰী,
 আছিলোঁ তোমাকে ধিয়াই।
দেখিলোঁ বুলিয়ে  পাম কেনে কৰি,
 মোৰ যে কপালত নাই॥ ২৫০।

পিৰালিয়ে ওলালোঁ,  পিৰালিয়ে সোমালোঁ,
 তোমাৰ পিৰালিয়ে বাট।
ওলাওঁতে মাতিলোঁ,  সোমাওঁতে মাতিলোঁ,
 ওলাই তেও নিদিলা মাত॥ ২৫১।

ইবাৰীত ওলায়ে  সিবাৰীত সোমালোঁ,
 বাটত আছিল বগৰীৰ জেং৷
তোমালৈ চাওঁতে  জেঙে আঁচুৰিলে,
 ভাগিলে দুখনি ঠেং॥ ২৫২।

ব্ৰহ্মপুত্ৰৰ পাৰতে বৰ্হমথুৰি জুপি,
 ধনে খৰি লোৰা ঠাই।
উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেবতা,
 তামোল দি মাতোঁতা নাই॥ ২৫৩।

ভাটিলৈ ভটিয়াই  যামগৈ, লাহৰী,
 নাথাকোঁ কুম্পানীৰ দেশত।
মোৰ যেই গতি,  তোমাৰ সেই গতি,
 দুই গতি মিলামগৈ শেষত॥ ২৫৪।

হাফলুৰ আঁৰতে  চৰে ক’লা গৰু,
 উলুৰে গজালি খাই।
তোমালৈ যেতিয়া  মনত পৰি যাব,
 দেহা ক’লা পৰি যায়॥ ২৫৫।

প্ৰেমৰ ডোলেৰে  বান্ধিলা, লাহৰী,
 প্ৰথমৰ পিৰিতি জৰী।
কেলেই এৰিলা  এনেকুৱা পিৰিতি,
 আথানি-আবানি কৰি॥ ২৫৬।

তোমালৈ যিমানটি  চিতনি-ভাবনি,
 আইলৈ-বোপাইলৈ নাই৷
আশা কৰাই কৰাই  নিৰাশাত পেলালা,
 তোমাৰ মান নাৰকী নাই॥ ২৫৭।

মৰি যাওঁ মৰণে  তোমাৰ কাৰণে,
 নাচাওঁ সমনীয়াৰ মুখ।
গাত জুই জ্বলিছে,  সৰিয়হ ফুটিছে,
 ক’তো ঐ নিমিলে সুখ॥ ২৫৮।

চ'তিয়ে বগালে  চ’তিৰ বৰ চেলা,
 মাৰলিয়ে বগালে সাপ।
আমাৰ কপালে  যি হবৰ হৈছে,
 মইনা, তই কুশলে থাক॥ ২৫৯।

এটা বাতিত নহৰু,  এটা বাতিত পনৰু,
 এটা বাতিত খুটৰা শাক৷
মুৰৰ চুলি ছিঙি  আশীৰ্ব্বাদ কৰিছোঁ,
 মইনা, তই কুশলে থাক॥২৬০৷

চতুৰ্দশ অধ্যায়

প্ৰথমে প্ৰণামো  জয় সৰস্বতী
 দ্বিতীয়ে প্ৰণামো হৰি।
কোনজন ঈশ্বৰে  আমাক সৰজিলে
 আথানি-আবানি কৰি॥ ২৬১।

গাল কাতি কৰি  নাচাবা, লাহৰী,
 মোৰ শপত লাগিব বেয়া।
জনমে জনমে  মিলিম বুলিছিলোঁ,
 ঈশ্বৰে নকৰিল দয়া॥ ২৬২।

ধনে ভাত-খোৱা  কাঁহী পান-ধোৱা,
 চাপৰি বোটলে ছুৱা।
আহিবৰ বেলিকা  কৈ আহিছিলোঁ,
 লোকৰ নাভাঙিবা গুৱা॥ ২৬৩।

হাটতে কিনি মই  বাটতে ভাঙিলোঁ
 শালমৰা কুমাৰৰ চৰু।
নতুন তাঁতি ভাঙি  খালে পকা ধান ঐ,
 সৰুটী চেনাইৰে গৰু॥ ২৬৪।

আজি ৰুই গলে  কাচি ৰোৱা ডৰা,
 কোনে গছকিলে আলি।
খোজত চিন পালোঁ মই   শহুৰৰ জীয়েক ঐ,
 পাৰোঁ কোন সতেৰে গালি॥ ২৬৫।

ভৰালৰ টুপতে  কেৰেলা বগালে,
 কোমোৰা বগালে চালত।
কৈ আহিছিলোঁ  শহুৰৰ জীয়েকক,
 নেৰিবা দুখৰে কালত॥ ২৬৬।

জাকৈ খালে খালে  বালি, ঐ লাহৰী,
 খালৈ খালে খালে বালি।
বিৰিনাৰ তলতে  তামোল থৈ আহিলোঁ,
 হেৰা পালোঁ বুলি খালি॥ ২৬৭।

এঙনি-জেঙনি  দেখিবলৈ শুৱনী,
 কাকিনী তামোলৰ ঠোক।
মুখৰ তিৰবিৰনি  গাৰ জিলিকনি,
 কেনেকৈ পাহৰোঁ তোক॥ ২৬৮৷

আহোঁ কেঞাবনে,  যাওঁ কেঞাবনে,
 কেঞাবনে কাটিলে গা।
ঠুৰিয়া তামোলত আহুদি কৰিলাঁ,
 পানীত পৰি নুজুৰায় গা॥ ২৬৯।

আগলৈ এখুজি  কৰোঁ, ঐ মইনা,
 পিছলৈ এখুজি কৰোঁ।
যেতিয়া তোমালৈ  মনত পৰি যাব,
 খোজত হুমুনিয়া কাঢ়োঁ॥ ২৭০।

কোনেনো মাৰি গল  হাৰুৱা কপৌটি,
 কোনে উঘালিলে নেজ।
মইনাৰ গালতে  কোনে আঁচুৰিলে,
 দুগালে বাগৰে তেজ॥ ২৭১।

মইনাজানৰ দুখন গাল  দেখিবলৈ এনে ভাল,
 আনিবলৈ নাপালোঁ থাপত।
দুয়ো একেলগে   শুবলৈ নাপালোঁ,
 এড়িয়া কাপোৰৰ জাপত॥ ২৭২।

তুমি প্ৰাণেশ্বৰী  প্ৰেমৰে পুতলি,
 কোলাতে বহুৱাই ল’ম।
বাৰ শতৰুলৈ  ভয় নকৰিবা,
 কাপোৰ দি লুকুৱাই থ’ম॥ ২৭৩।

ছাগে বে-বেৱাব,   কোৱাই কেল্ কেলাব,
 কাকে পেটৰ কথা ক’ম।
এনে মনে ধৰে  তোমাক যেন, লাহৰী,
 শৰীলত সুমুৱাই থ’ম॥ ২৭৪।

কিয় মোৰ, মইনা,  আহিলা এতিয়া,
 গল চ'তৰ বিহু আজি।
তোমাৰে আমাৰে  যোৰা নিমিলিলে,
 পণ্ডিতে মেলিছে পাঁজি॥ ২৭৫।

তৰানি হাবিলৈ  চাই পঠিয়ালোঁ,
 পাত তিৰবিৰ কৰে।
তোমাৰ ফাললৈ  চাই পঠিয়ালোঁ,
 জালুক-জলকীয়াই পোৰে॥ ২৭৬৷

হাতী পানী খালে  দৰিকা দলঙত,
 কাঠত খোপনি লৈ।
আমাৰ নপলালে  পানীৰ পিয়াহটি,
 চেনাইক আগত লৈ॥ ২৭৭।

চৰায়ে খাই গল  ধান, সমনীয়া,
 উফৰি পৰি গল কণ!
কল-ঠৰুৱাৰে  ফুল গুঁথিছিলোঁ,
 মইনাৰ নাখালে মন॥ ২৭৮।

দকৈ পথাৰত  হাতী পানী খালে,
 নেগুৰে মাৰিলে ছাটি।
শহুৰৰ জীয়েকক  মালা পিন্ধাবলৈ,
 দিয়াঁ চাৰি চাকি গাঁথি॥ ২৭৯।

পাণ দিয়াঁ পাণদৈ,  চূণ দিয়াঁ চূণদৈ,
 তামোল দিয়াঁ তামোলদৈ খাওঁ।
মনৰ দুখ-কষ্ট   মনতে মাৰিবাঁ,
 এতিয়া ঘৰলৈ যাওঁ॥ ২৮০।

পঞ্চদশ অধ্যায়

চতিয়নাৰ ওপৰে  বেলি ঘূৰে দুপৰে,
 মেলেঙত গধূলি হল।
সৰুটী মনমা  ফাটকত পৰিছিল,
 আফিলত মুকলি হল॥ ২৮১।

আজি বহুত দিনে  দেখা নাই, চেনাইকে,
 মনতে লগা নাই ভাল।
যাক চাই ফুৰোঁ  তাক ঐ নেদেখোঁ,
 কিনো জুই লগা কপাল॥ ২৮২৷

গাত জিলিকিল  হীৰাকৈ মুকুতা,
 হাঁহিত জিলিকিল দাঁত।
ধনৰ লগত পিৰিতি  কৰোঁ, শাহু আয়ে
 আকাশত শুনিলে মাত॥ ২৮৩।

চ’ত চতে গৈ  বহাগো পালেহি,
  ফুলিলে ভেবেলি লতা৷
কৈনো কৈ থাকিলে  ওৰকে নপৰে,
 আটাইবোৰ চেনাইৰে কথা॥ ২৮৪৷

বোকাৰ গৰৈ মাছ  বোকাত সোমালে,
 বিচাৰি মৰিলে বগ৷
পেটৰে কথাটি  পেটতে থাকিলে,
 কবলৈ নাপালোঁ লগ॥ ২৮৫।

তোমাক চাই আমনি  নালাগে, লাহৰী,
 পেটতো নালাগে ভোক।
এইনো গঢ়ে-পিতে  কোনে সাজি দিব,
 চেনেহৰ পুতলি মোক॥ ২৮৬।

তুমিয়ে আমিয়ে  পিৰিতি কৰিলোঁ,
 তাৰো নগজিল পাখি।
মই যদি তোমাৰ  অহিত চিন্তিছিলোঁ,
 ঈশ্বৰক ৰাখিছোঁ সাখী॥ ২৮৭।

কুহু কুহু কৰি  কপৌটি বিনালে,
 ডাউকে কান্দিলে ৰৈ।
মাকৰ ডিঙিত ধৰি  জীয়েকে কান্দিলে,
 ধনৰ লগত আতাৰি হৈ॥ ২৮৮।

ওলায়ে দেখিলোঁ  ছিছি মুখৰ কল-ঘৰ,
 দুৱাৰখন মুকলি হল।
মোৰ যে লাহৰী  মোক যে পাহৰি
 নেদেখা ৰাজলৈ গল॥ ২৮৯।

মা ৰো সদিয়াৰ,  বাপেৰো সদিয়াৰ,
 তোমাক সদিয়ালৈ দিলে।
আহিব-যাবলৈ  লগ নাইকিয়া,
 ঠিয়-বৰলালৈ দিলে॥ ২৯০।

মাকে চাউল চালে  চালনি নুঘূৰে,
 বোপাই তামোল কাটে সৰু।
মৰমৰ জীয়েকক  দিলে ধৰম-বিয়া,
 উছৰগত দিছিলে গৰু॥ ২৯১।

কি চাইছ ভেলেঙী,  মেলি সৰু ডিঙি,
 ৰঙতে মগনা হৈ।
ওচৰৰ জোপাতে  শতুৰু আছেহি
 হাতত ধনু-কাঁড় লৈ॥ ২৯২।

ছাহাব যায় ছুটি লৈ,  মই যাওঁ ভাটিলৈ,
 অকলে থাকিবা শুই।
আমাৰে পিৰিতি  লোকক নিবিলাবাঁ,
 শৰীলত নিদিবা জুই॥ ২৯৩।

দুচকু মুদিও তোক  দেখোঁ প্ৰেমৰ মইনা,
 দুচকু মুদিলেও দেখোঁ।
কোন জন ঈশ্বৰে  এনেকৈ স্ৰজিলে,
 একেটি দেহা যেন দেখোঁ॥ ২৯৪।

ই তিনি পৰীয়া  দলৌ কান-মাৰি
 ছকুৰি কুকুৰাৰ ভাৰ।
জনমে জনমে  শুজিব নোৱাৰোঁ
 ঠুৰিয়া তামোলৰ ধাৰ॥ ২৯৫।

কেলেই সৰজিলি   সৰজন দেৱতা,
  কেলেই তুলিলি আই।
মনৰে কামনা  পূৰাব নোৱাৰি
  মৰোঁ বৰ বিহ খাই॥ ২৯৬।

চকলা কাঠৰে  ফণি মই কাটিলোঁ,
 লেদেঙৰ খোপালৈ চাই।
কালি নিশা সপোনত  বেয়াকৈ দেখিলোঁ,
 ফণিখন হেৰাব পায়॥ ২৯৭।

গৰু লৰ মাৰি  ভাঙে শল মাৰি,
 গাহৰিয়ে ভাঙিলে গৰাল।
শনিবাৰৰ দিনাখন  কুলক্ষণ লাগিলে,
 চেনাই পানীত পৰি হেৰাল॥ ২৯৮।

এই বেলি আহুধান  পানীয়ে মাৰিলে
 আৰু-বেলি আহুধান পাম।
মোৰ যে চেনাইটী  গল সিপুৰীলৈ,
 আকৌ কোন কালে পাম॥ ২৯৯।

নকৰিবি ভয় ঐ,  নাকান্দিবি চেনাই ঐ,
 মনত শোক নলবি তোৰ।
ইপুৰী যে এৰি থৈ  পামগৈ সিপুৰী,
 দুখৰো পৰিব ওৰ॥ ৩০০।

দ্বিতীয়

ফাগুনী

[ গাভৰুৰ বন-ঘোষা ]


(ঙ) নৱৰাগ

ষোড়শৰ পৰা বিংশ অধ্যায়লৈ


(চ) প্ৰীতিৰাগ

একবিংশ আৰু দ্বাবিংশ অধ্যায়


(ছ) অভিসাৰ

ত্ৰয়োবিংশ অধ্যায়

(জ) বিৰহ

চতুৰ্বিংশ আৰু পঞ্চবিংশ অধ্যায়

ডিম্বেশ্বৰ নেওগ

সংগৃহীত আৰু সম্পাদিত

সপ্তম সংস্কৰণ


স্বত্বাধিকাৰী—শুৱনী প্ৰকাশ

দিশপুৰ, গুৱাহাটী

ষোড়শ অধ্যায়

ই নৈত বুৰ মাৰি  সি নৈত ওলালে,
 কাৰ পোহনীয়া উদ্।
মাটি ফুটি ওলালে  তৰাৰে গজালি,
 বুকু ফুটি ওলালে দুদ্॥ ৩০১।

গাৰে জুৰনি  ৰি-ৰিয়া বতাহ ঐ,
 পেটৰে জুৰনি ভাত।
বুকুৰে জুৰনি  চেনাইৰে দুখনি,
 কোমল কুমলীয়া হাত॥ ৩০২।

হাত কুটকুটায়  আঙুলি বটিয়ায়,
 নবওঁ এনেকুৱা তাঁত।
ফুৰি থৈ আহোঁগৈ  মোৰ ধনৰ চুবুৰিত,
 লগাই থৈ আহোঁগৈ মাত॥ ৩০৩।

চাউলৰ চিকুণ  খুদ, লগৰীয়া,
 চাউলৰ চিকুণ খুদ।
ডেকাৰ চিকুণ  ভৰিৰ কলাফুল,
 গাভৰুৰ চিকুণ দুদ্॥ ৩০৪।

ঘৰতো নপৰে  মন, সমনীয়া,
 পৰতো নপৰে মন।
কমোৱা তুলাবোৰ  যেনেকৈ উৰিছে,
 তেনেকৈ উৰিবৰ মন॥ ৩০৫।

নৈৰে শুৱনী  গঙাকৈ চিলনি,
 পৰ্বতৰ শুৱনী মিৰি।
ভৈয়ামৰ শুৱনী  কেঁকাই পথাৰখনি
 পাটিৰে শুৱনী তিৰি॥ ৩০৬।

সৰু হৈ আছিলোঁ,  গৰু ৰখিছিলোঁ,
 বৰ হৈ লগালোঁ তাঁত।
তাঁতৰ শালতে  দেখিবৰ-এপৰা,
 পেটলৈ যোৱা নাই ভাত॥ ৩০৭।

আৰ্ছিৰ কেনুৱা  গণ, লগৰীয়া,
 আৰ্ছিৰ কেনুৱা গণ।
ৰাখিব পাৰোঁ মই  হাতৰ পানীচলু,
 ৰাখিব নোৱাৰোঁ মন॥ ৩০৮।

তাঁত বাতি কৰোঁতে  নাহিবি বুলিলোঁ,
 বহি বৈ আছিলোঁ তাঁত।
মোৰ মূৰ-খোৱা,  তই যে সোণামুৱা,
 পিছৰ পৰা লগালি মাত॥ ৩০৯।

মাছ মাৰিবৰ  কত ছেও জানা,
 দীঘলকৈ কাটিবৰ লোৰ।
ছোৱালী চাবৰে  কত ছেও জানা,
 জোপাৰ তলে তলে খোৰ॥ ৩১০।

মহ মেলি গুৱালটি   চাপৰি পালেগৈ,
 বাটত কিনি খালে কলা।
পিছৰটি গুৱালে  সুহুৰি মাৰিলে,
 নুঘূৰে যঁতৰৰ শলা॥ ৩১১।

নৈ গুম্‌গুমায়  কুম্পানিৰ জাহাজখন,
 ঢেকি গুম্‌গুমায় ঠোৰা।
বুকু চম্‌চমাই  মৰোঁ, সমনীয়া,
 গাভৰু হবৰে-এপৰা॥ ৩১২।

মহৰ গুৱালটি  কাতিৰাম ককাইটি,
 মহৰ কিএ কিএ নাও।
এজনী হাৰলী,  এজনী পাৰলী,
 এজনীৰ নুমলী নাও॥ ৩১৩।

হাৰলীয়ে খুজিছে  হাৰ-কটা মাদলি,
 পাৰলীয়ে খুজিছে মণি।
বুকুৰ নুমলীয়ে  খুজি পঠিয়াইছে,
 এখন হাতী-দাঁতৰ ফণি॥ ৩১৪।

হাৰলীলৈ কিনিলোঁ  হাৰ-কটা মাদলি,
 পাৰলীলৈ কিনিলোঁ মণি।
বুকুৰে নুমলীক  বুজাবাঁ-বৰাবাঁ,
 নাপাওঁ হাতী-দাঁতৰ ফণি॥ ৩১৫।

হাতী চাই কিনিবাঁ  হাতীৰে লেঙেচি,
 ঘোৰা চাই কিনিবাঁ জিন্।
মুগাৰ মেখেলা  ভাল চাই কিনিবাঁ,
 তেহে ঐ নুমলীক দিম॥ ৩১৬।

মিকিৰ বৰ চাঙত  বজায় বৰ কাঁহী,
 ভৈয়ামত বজালে ঢোল।
চেঙেলীয়া মনকে  বান্ধিব নোৱাৰোঁ,
 ছিঙে মৰাপাটৰ ডোল॥ ৩১৭।

তই যে কলীয়া  অলীয়া-বলিয়া,
 মোকো কৰি গলি বাউল৷
জালি-কটা বেৰেদি   সুহুৰি মাৰিলি,
 হোৱা ভাতক কৰিলি চাউল।৷ ৩১৮।

কি ফুল দি গলি  লুকাই তই, পিলিঙা,
 কি ফুল দি গলি লুকাই।
সমনীয়াৰ আগতে  পিন্ধিব নোৱাৰোঁ,
 থাকে কৰণিতে শুকায়॥ ৩১৯।

খাই খাই আমনি  লতাকৈ পনিয়ল,
 বৈ বৈ আমনি তাঁত৷
কৈ কৈ আমনি  তোকে ঐ পিলিঙা
 দিয় ঘনে ঘনে মাত॥ ৩২০৷

সপ্তদশ অধ্যায়

বাট বুলিবৰ  লহৰে পহৰে
 তুমি কোন গাৱঁৰে ডেকা।
ঠুৰিৱা চুৰিয়া  নুৰিয়াই পিন্ধিছা,
 তোমাৰে হাঁচটি ফটা॥ ৩২১।

হয় কি অহয়  হয়, ঐ পৰুৱা,
 হয় কি অহয় হয়।
হাঁচটি এখনি  খুজিব খুজিছোঁ,
 দিবা নে নিদিবা বই॥ ৩২২।

হাই দি তুলিবৰ  লাই, সোণামুৱা,
 হাই দি তুলিবৰ লাই।
তুমি যে ডেকাটি  খুজিছা হাঁচটি,
 ববলৈ টোলোঠা নাই॥ ৩২৩।

ভাত ৰান্ধি দিয়া  খাওঁ, ঐ পৰুৱা,
 পানী আনি দিয়া খাওঁ।
চাউল মুঠিচাৰেক  বান্ধি দিয়াঁ, পৰুৱা,
 টোলোঠা বিচাৰি যাওঁ॥ ৩২৪।

শালি ধানৰ মৰণা  মাৰিলোঁ পৰুৱা,
 কঠিয়াৰ নথলোঁ সঁচ।
উজনি নামনি  কেই ৰাজ মাৰিলোঁ,
 টোলোঠাৰ পালোঁগৈ গছ॥ ৩২৫।

আহুৱে-শালিয়ে  মৰণা মাৰিলোঁ,
 জোকাৰি পেলালোঁ খেৰ।
উজনি ৰাজতে  টোলোঠাৰ গছৰে
 ষোল হাত এমুঠন বেৰ॥ ৩২৬।

ভাত ৰান্ধি দিয়াঁ  খাওঁ ঐ পৰুৱা
 পানী আনি দিয়াঁ খাওঁ৷
গাৱঁৰ চুবুৰীয়াক  মাতি দিয়াঁ, পৰুৱা,
 টোলোঠা কাটোগৈ যাওঁ॥ ৩২৭।

হাবিত উৰিবৰ  তুলা, সোণামুৱা,
 হাবিত উৰিবৰ তুলা।
এটি দুটি কৰি  আহিল চুবুৰীয়া,
 টোলোঠা কাটিবৰ বেলা॥ ৩২৮।

ছাগ কিনি আনা,  দি যাওঁ বলি কাটি,
 চৰাওঁ মহেশ্বৰক ভোগ৷
নাম-গুৰু-ভকতক  শিৰত তুলি ললে,
 গছত মাৰিলে কোব॥৩২৯৷

নাওখন বাবৰ  উঠাৰ, ঐ পৰুৱা,।
 নাওখন বাবৰ উঠাৰ৷
পৰুৱা শিপিনীৰ  টোলোঠা কাটোতে,
 ছঅঁৰা ভাগিলে কুঠাৰ॥ ৩৩০৷

কি মাছ মাৰিবৰ  এলেঙ, সোণামুৱা,
 কি মাছ মাৰিবৰ এলেঙ।
পৰুৱা শিপিনীৰ  টোলোঠা কাটোঁতে,
 ফাটিল সৰু সূতাৰ চেলেঙ্॥ ৩৩১।

পথাৰৰ মাজৰে  মূঢ়া, সোণামুৱা,
 পথাৰৰ মাজৰে মূঢ়া।
পৰুৱা শিপিনীৰ  টোলোঠা কাটোঁতে,
 গাৱঁৰ মৰিল চাৰি বুঢ়া॥ ৩৩২।

কি মাছ মাৰিবৰ  শ'ল, সোণামুৱা,
 কি মাছ মাৰিবৰ শ’ল।
পৰুৱা শিপিনীৰ  টোলোঠা কাটোঁতে,
 এমাহে এটি যুগ গ’ল॥ ৩৩৩।

খুৱাই পঠিয়ালোঁ  দেৱা কৰকৰা,
 ধুৱাই পঠিয়ালোঁ ভৰি।
চাকিৰে পোহৰত  সজাই পঠিয়ালোঁ,
 সোণামুৱাক পিলিঙা কৰি॥ ৩৩৪।

পৰুৱাই ৰান্ধিলে,  পৰুৱাই বাঢ়িলে,
 পৰুৱাই নাখালে ভাত।
ৰাতিৰে ৰাতিটো  কাটে সৰুসূতা,
 পুৱালৈ তৰি যায় তাঁত॥ ৩৩৫।

মুঠি মুঠি কৰি  টোলোঠা ঘূৰিলে,
 তাঁততে হাঁচটি বওঁ।
চকুলৈ নাচাবি,  হেৰ সোণামুৱা,
 সম্বন্ধত বৌৱেৰহে হওঁ॥ ৩৩৬।

দীঘলে-বানিয়ে  তাঁত বাতি কৰোঁ মই,
 লেখে বুঢ়ী আয়ে বিহা।
ভালকৈ লেখি  বুকুৰে বুঢ়ী আই,
 সতিনী-অঁহীয়া ৰিহা॥ ৩৩৭।

হাঁচটি হাঁচটি   কৰ তই, ডেকাটি,
 হাঁচটি ৰাখিছোঁ বই।
হাঁচটি পাবি তই,  মোকহে নাপাৱ,
 কান্দিবি আগতে লই॥ ৩৩৮।

ওপৰৰ পৰা  তললৈ হালিলে,
 মামৈ তামোলৰ ঠোক।
লাগে চাৰি কুৰি  ভৰিব পাৰোঁ মই,
 এৰিব নোৱাৰোঁ তোক॥ ৩৩৯।

ঘৰৰো ওপৰে  ঘৰ, সোণামুৱা,
 ঘৰৰো ওপৰ ঘৰ।
ঘৰৰ ওপৰে  দি যাওঁ তামোলখনি,
 দুই হাত পাতিয়ে ধৰ॥ ৩৪০।

অষ্টাদশ অধ্যায়

তামোলৰ ঢকুৱা  জোনাকী পৰুৱা,
 কিয় মন মাৰি থাক।
থাকোঁ মন মাৰি,  লোকৰ ঘৰ-বাৰী,
 কাইলৈ উলিয়াই দিব॥ ৩৪১।

চৰায়ে তুলিলে ছঅঁৰা পোৱালী,
 গছৰ ডাল শুৱনী কৰি।
আমাকো তুলিলে  আয়ে-বোপায়ে,
 লোকৰ ঘৰ শুৱনী কৰি॥ ৩৪২।

আগ বাৰী শুৱনী  কাকিনী তামোল ঐ,
 পিছ বাৰী শুৱনী পাণ।
বৰ ঘৰ শুৱনী  জীয়ৰী ছোৱালী,
 উলিয়াই দিবলৈ টান॥ ৩৪৩।

সৰুতে পিতাদেউ  জকাই সাজি দিছিলা,
 নালতো বিন্ধিলে ঘূণে।
দিখৌ পাৰ কৰি  দিবা বিয়া পাতি,
 সৰু মাছ মাৰিব কোনে॥ ৩৪৪।

নাও সাজিবলৈ  লাগে কত বেলি,
 বঠা সাজিবলৈ টান।
বোৱাৰী হবলৈ  লাগে কত বেলি
 জীয়ৰী হবলৈ টান॥ ৩৪৫।

আমাৰো যৌবন কাল,  তোমাৰো যৌবন কাল,
 যৌবন কাল নাথাকে ৰৈ।
তুমি মন কৰি  চোৱাঁ, প্ৰাণেশ্বৰী,
 পাটিত নাই তোমাৰে পৈ॥ ৩৪৬।

কাঁহীতো নাখাওঁ মই,  বাটিতো নাখাওঁ মই,
 সঁফুৰাত নাখাওঁ মই গুৱা।
মনৰে হেপাহৰ  নাপাওঁ মানে ডেকাটি,
 দেহাটি নকৰোঁ ছুৱা॥ ৩৪৭।

দিখৌৰ দঁড়িয়লিত  পল বাইছিলোঁ,
 চাবত ধৰি গ’লোঁ কাছ।
একেজন ঈশ্বৰে   আটাইকে স্ৰজিছে,
 কতক ভাল-বেয়া বাচ॥ ৩৪৮৷

ইৰিনা-বিৰিনা  গোহাঁইদেৱৰ লিগিৰা,
 ৰঙাকৈ বিচনি লৈ।
কঁকালৰ গামোচা  কৰে তিৰ-বিৰ,
 তামোল দি-এ যোৱাঁ ৰৈ॥ ৩৪৯।

ফুলামকৈ গামোচা   ৰঙা শেল দিয়া,
 আমাৰ কটা তামোল খোৱাঁ৷
লাহৰী হাতেৰে   ঠুৰিয়াই নুৰিয়াই,
 আমাকো এখনি দিয়াঁ॥ ৩৫০৷

তোমাৰ কটা তামোল  নাখাওঁ, ঐ লাহৰী,
 আমাৰ মৰি যাব কুল।
অজাতি নহওঁ মই,  বিজাতি নহওঁ মই,
 তোমাৰ আমাৰ একেটি কুল॥ ৩৫১।

তামোলৰ আমোল- মোল, লগৰীয়া,
 তামোলৰ আমোল-মোল।
ক’ৰ পৰা আহিলি  দেৱা চালি খোৱাটো,
 তামোলৰ নাজান মোল॥ ৩৫২।

তিতাকৈ কেৰেলা  লহঙে-পহঙে,
 মিঠানো নহলি কিয়।
তইনো পিলিঙা  লহঙে-পহঙে,
 একে কুলৰ নহলি কিয়॥৩৫৩৷

কাপোৰত বাচিলোঁ  ইলাচি-বিলাচি,
 ৰিহাত বাচি গলো কেচ্।
কটা তামোলখনি  খোৱাঁ লাহে কৰি,
 লাগিছে কি গুণে পেচ॥ ৩৫৪।

ফুলনি বাৰীলৈ  চাই পঠিয়ালোঁ,
 ধুনৰ কোন পাহি ফুল৷
তোমাৰ লগতে  দেহা দিলোঁহেঁতেন,
 তুমি হলা অজাতি কুল॥ ৩৫৫।

গাভৰু কালতে  এজনী আছিলোঁ,
 কুলক নুবুলিলোঁ কুল।
ঠুৰিয়া তামোলে  কোঁচ নধৰিছিল,
 খোপাই নধৰিছিল ফুল॥ ৩৫৬।

তোলৈ চাওঁতে,  জপনা ডেওঁতে
 বিন্ধিলে অঘৈয়া হুলে।
তোৰো মন গলে,  মোৰো মন গলে,
 কি কৰিব কলিতা কুলে॥ ৩৫৭।

তুমি চোৱাঁ আমালৈ,  আমি চাওঁ তোমালৈ,
 চাইনো চাই কৰিবা কি।
বুকুৰে পোৰনি  মাৰি থৈ যোৱাঁহি,
 বুকুৰ সুমথিৰা দি॥ ৩৫৮৷

চাইনো চাই থাকিলে  হাবিয়াহ নপলায়,
 নাখালে নুগুচে ভোক।
কিনো খাই যাবা  বালি-বাটিৰ বেঙেনা,
 দলিয়াই দি যামগৈ তোক॥ ৩৫৯।

কপৌ কুৰুলিয়ায়,  ৰাতিকে নুপুৱায়,
 ফেঁচাই কুৰুলিয়ায় ডালত।
মোৰ ধন কুৰুলিয়ায়  জেৰেঙা পথাৰত,
 শুনি যাওঁ বতাহৰ ঢালত॥ ৩৬০৷

উনবিংশ অধ্যায়

আয়ে তুলিলে  কটনা কাটিয়ে,
 কৰি খাব নাজানো কাম।
আমোলা নহলোঁ,  মহৰি নহলোঁ,
 তোমাক কেনে কৰি পাম॥ ৩৬১।

দিলীহ-দৰিকাত  উজায় পাভ মাছ,
 দিখৌৱে উজাবৰ নাৰ।
মোক নিব খোজ  তই, ঐ পিলিঙা,
 কিমান ধন দিব পাৰ॥ ৩৬২।

কিনো ফুল বাচিলি  তই, ঐ ৰচকী,
 আটাইবোৰ বাবৰি-চকা।
অকলে লগ দি  বলিয়া কৰিলি,
 হাতত নাইকিয়া টকা॥ ৩৬৩।

হালৰো বেচিম মই  ক'লাকৈ কপিলা,
 গোহালিৰ বেচিম মই গৰু।
তেও যদি ধনেৰে  জোৰাব নোৱাৰোঁ,
 বেচিম ভাই আপোনাৰ সৰু॥ ৩৬৪।

হালৰা বেচিবা  ক’লাকৈ কপিলা,
 গোহালিৰ বেচিবা গাই।
চেনেহৰ সৰু ভাই বেচিব নালাগে,
 সাৰথি পাবলৈ নাই॥ ৩৬৫।

চৰায়ে চৰায়ে  আলচখন পাতিছে,
 গছৰ গুটি খাবৰ মন।
মাৰা-বাপেৰাই  আলচখন পাতিছে,
 তোমাক বেচি খাব ধন॥ ৩৬৬।

নৰাই বেচিলে নৰা জাংফাই,
 মিৰিয়ে বেচিলে কি।
মাতলৈ তুলিলে  মাতৰে মইনা,
 ধনলৈ তুলিলে জী॥ ৩৬৭।

ধনলৈ কৰিলা মন, মোৰ শহুৰ ঐ,
 ধনলৈ কৰিলা মন।
একহি পুৰুষক  নৰকত পেলালা,
 জীৱৰো মাৰিলা কণ॥ ৩৬৮।

জাপি সৰুদৈয়া  টুপ, ঐ লাহৰী,
 জাপি সৰুদৈয়া টুপ।
তোমাক সৰু দেখি  আনিব খুজিলোঁ,
 বাপেৰে নললে ৰূপ॥ ৩৬৯।

মাৰে নিদিয়ে,  বাপেৰে নিদিয়ে,
 বোৱা-ৰোৱা গুণলৈ চাই।
তুমি প্ৰাণেশ্বৰী,  চোৱাঁ মন কৰি,
 যৌৱন কাল ভটিয়াই যায়॥ ৩৭০।

বেলি ভাটি দিলে  ভোক মৰহিলে,
 ভোক গলে নালাগে ভাত।
বয়স ভাটি দিলে  ছোৱালী নালাগে,
 বহনা নাথাকে গাত॥ ৩৭১।

নহওঁ কলা গছৰ  বূঢ়া মই, পিতাই ঐ,
 নহওঁ চেৰা গছৰ মূঢ়া।
আজি কালি কৰি  বয়স ভাটি দিব,
 লোকে বুলি যাব বুঢ়া॥ ৩৭২।

উজাই নাৱৰীয়াই  বালিত ভাত খালে,
 গছকি পুতিলে টো।
আই নাকান্দিবা,  বোপাই নাকান্দিবা,
 আমি জিৰনীয়া মৌ॥ ৩৭৩।

জিৰনীয়া মৌৱে  জিৰাইছে, দেহী ঐ,
 গছৰে ডালত পৰি।
আজি জিৰণীয়া  জিৰাবলৈ পোৱা নাই,
 চেনাইৰে ডিঙিতে ধৰি॥ ৩৭৪।

বোপায়ে মাৰিলে,  দুৱাৰ দাং ভাঙিলে,
 ঘৰতো নিদিলে ঠাই।
সৰুৰ-এ পৰা  ইমানটি হলোঁহি
 লোকৰ কটা তামোল খাই॥ ৩৭৫।

মাৰো নৰকী, বাপেৰো নৰকী,
 দিলে নৰকত বুৰ।
তাতোকৈ নৰকী  সৰুটো ককায়েৰ,
 ৰাতি খেদি ফুৰে চোৰ॥ ৩৭৬।

গধূলি ভাত খাওঁ,  পধূলি ওলাই যাওঁ,
 গাত মাৰি চেলেঙৰ ছাটি।
তোমাক নেদেখি  কৰোঁ ছাটিফুটি,
 দেহে কৰে উজনি-ভাটি॥ ৩৭৭।

তেলৰ বাটিত  তেল মলঙিল,
 গাত মলঙিল ঘাম।
পদূলি মুখতে  সুহুৰি মাৰিবা,
 দুয়ো একেলগে যাম॥ ৩৭৮।

ভাতৰ কাঁহী আগত লৈ  তোলৈ মনত পৰে,
 মাগুৰি ধানৰে ভাত।
পদূলি মুখতে  সুহুৰি মাৰিলোঁ,
 ওলাই তেও নিদিলা মাত॥ ৩৭৯।

তুমি যত বেলি  সুহুৰি মাৰিলা,
 মই তত বেলি কান্দো।
কেচা খৰি বুলি  আফালি-সাফালি,
 ধোঁৱাই খালে বুলি কান্দো॥ ৩৮০।

বিংশ অধ্যায়

চটাই পৰবত ঐ  ধুৱঁলি-কুঁৱলী,
 কোনে ভাত ৰান্ধি খায়।
মাক নাই মাউৰা,  তিৰি নাই বৰলা,
 হাতী ধৰিবলৈ যায়॥ ৩৮১।

আই নাই, বোপাই নাই,  সমনীয়া ককাই নাই,
 কোনে কৰি যাব মৰম।
বৰলা ভকতক  কন্যা দান কৰিব,
 লব কলি কালৰ ধৰম॥ ৩৮২।

এই চ'ত মহীয়া  ৰ’দ চৌ-এ চৌ-এ,
 পেটতো লাগিছে ভোক।
তিয়ঁহো নহলি,  চিৰালো নহলি,
 কেচাই খালোঁহেতেন তোক॥ ৩৮৩।

কোৱাই কা নকৰা,  জিলি জা নকৰা,
 বদতি মুখৰে আলি।
কেচাই খাওঁ, পকাই খাওঁ,  নকৰ ডেকা লৰা,
 নহওঁ মই তিয়ঁহৰ জালি॥ ৩৮৪।

আমৈ টেঙাৰ চকলা  অকলে নাখাবা,
 আমাকো এচকল দিবা।
যোৰহাট জিলালৈ  অকলে নাযাবা,
 আমাকো লগতে নিবা॥ ৩৮৫।

চিৰিপ্‌ চিৰিপ্ কৰি  কাপোৰ ধুই আছিলোঁ,
 চিৰি লুইতলৈ চাই।
চিৰি লুইততে  সুহুৰি মাৰিলে,
 চেনাই নাও মেলি যায়॥ ৩৮৬।

তেল পৰি পিচলা,  ভৰি দিব নোৱৰা,
 ৰঙাজানৰ তেলীয়া সাঁকো।
দিনটো নেদেখি  থাকিব নোৱাৰোঁ,
 ৰাতি কেনে কৰি থাকোঁ॥ ৩৮৭।

চিৰিপ্ চিৰিপ্ কৰি  কাপোৰ ধুই আছিলোঁ,
 ওপৰে উৰিলে টুনি।
টুনিৰে লগতে  উৰিম যেন লাগিলে,
 লগত নাইকিয়া তুমি॥ ৩৮৮।

পৰবতত মাৰিবৰ  ঢাপলিকা চৰাইটি,
 ভৈয়ামত মাৰিবৰ টুনি।
খোৱা ভাত-পানী  তেনেই হল আথানি,
 মোৰ ধনৰ বাঁহী মাত শুনি॥ ৩৮৯।

পদূলি মুখৰে  তামোল তিনি জুপি,
 বাঁহনি ঢাপৰে পাণ।
হাতৰে বাঢ়নি  দি যাওঁ দলি মাৰি,
 শুনি যাওঁ মোৰ ধনৰ নাম॥ ৩৯০৷

ঠেকেচি ভাঙি যাওঁ  ৰূপহী যঁতৰটি,
 ভুকুৱাই ভাঙি যাওঁ মাকো।
আমাৰে লগৰী  যায় নগৰীলৈ,
 আমি কাৰ লগত থাকোঁ॥ ৩৯১।

লগৰীয়ে বগৰি   খায়, লগৰীয়া,
 লগৰীয়ে বগৰি খায়৷
কিয় লগৰীয়ে শতৰু শালিলা,
 জাপি কাতি কৰি চাই॥ ৩৯২।

মন হ’ল অলিয়া,  চিত হ'ল বলিয়া,
 দেহা হ’ল দিহিঙৰ গড়া।
তোমাৰ লগত ঐ,  হলোঁ মই বলিয়া
 চিনাকি হবৰে পৰা॥ ৩৯৩।

কাহানি ছিগিলে,  বতাহত উৰিলে,
 এইডালি মইনাৰ চুলি।
তোমাৰ বাতৰি নাপাওঁ ভালকৰি,
 আহিলোঁ চাবলৈ বুলি॥ ৩৯৪।

চমকত চাবলৈ  নহওঁ মই বিজুলী,
 নহওঁ মই বোৱতী নৈ।
চৰায়ে নহওঁ মই থিতাতে উৰি গৈ
 থাকিম যে সাবটি লৈ॥ ৩৯৫।

ৰাঙলী হৰিণীৰ  জিবা, সমনীয়া,
 ৰাঙলী হৰিণীৰ জিবা।
ঘৰত মন পাৰি  থাকিব নোৱাৰোঁ,
 কোনোবাই খুৱালে কিবা॥ ৩৯৬।

হাবিত জুই লাগিলে, কুকুহা উৰিলে,
 দৰিকে খুচৰি খায়।
বনৰ পশু-পখী  দিছে যোৰ পাতি,
 আমাৰ যোৰ পাতোঁতা নাই॥ ৩৯৭।

তোমাৰ চুলিটাৰি  মেঘ-বৰণীয়া,
 জামুকে বোলোৱা দাঁত।
ওচৰ চাপি চাপি  নাহিবা, লাহৰী,
 অগনি জ্বলিছে গাত॥ ৩৯৮।

ৰদৰ কাঁচলিত  ৰৌ মাছ বাচিলোঁ,
 কমাৰৰ ঘৰৰে দা।
আমাৰ কাষ চাপি  নাহিবা, সাদৰী,
 কমোৱা তুলাৰে গা॥ ৩৯৯।

হাঁতী দাঁতৰ থুৰিয়া,  নেজ বাখৰ পতোৱা,
 কাণে লওঁ মূৰে লওঁ কৰে।
নখত তেল ঘঁহি  নাহিবা, বান্ধৈ ঐ,
 মন মোৰ কেনেবা কৰে॥ ৪০০।

(চ) প্ৰীতি-ৰাগ

একবিংশ অধ্যায়

ধান কাটিবৰ  হেঙুলীয়া কাচিখন,
 এখনিয়ে নাকাটে বন।
ঘৰতে আছে মোৰ  নুমলীয়া পিলিঙা,
 পথাৰত নপৰে মন॥ ৪০১।

ঠুৰিয়াই কাটিলা  তামোল তিনিখনি,
 নুৰিয়াই বান্ধিলা পাণ।
পথাৰে পথাৰে  বিচাৰি ফুৰিলোঁ,
 ক’ত দাই আহিলা ধান॥ ৪০২।

কেলৈ আহিলা  দিনৰে দুপৰত,
 দেখি মৰম লাগে মোৰ।
এই দুপৰীয়া  যৌৱন কুমলীয়া,
 লোৱাঁহি প্ৰেমৰে জুৰ॥ ৪০৩।

শিলৰ খটখটি  বগী চক্চকী,
 লুইতে খেড়ি খেলায়।
বুকৰে মাজতে ফটিকৰ ডম্বৰু,
 মন উৰি উৰি যায়॥ ৪০৪।

ইয়ে বোলে বেপাৰী,  সিয়ে বোলে বেপাৰী,
 নালাগে বেপাৰৰ ধন।
ঘৰতে থাকিবা  ৰামায়ণ পঢ়িবা,
 শুনি থাকিবৰ মন॥ ৪০৫।

লুইতৰ বালি  বগী চক্চকী,
 কাছই কণী কণি পাৰে লেখি।
গাত জুই জ্বলিছে,  সৰিয়হ ফুটিছে,
 চেনাইক পানীঘাটত দেখি॥ ৪০৬।

লুইতৰ বালি  বগী চক্চকী,
 কাছই কণী পাৰে লেখি।
হাঁহিবৰ চলেৰে  কান্দি পঠিয়ালোঁ,
 চেনাইক পানীঘাটত দেখি॥ ৪০৭।

তুমি যে যাবাঁগৈ  ডিবুৰু জিলালৈ,
 আমালৈ আনিবা কি।
আমালৈ আনিবা  বন-কৰা মেখেলা
 মাজত বুটা বাচি দি॥ ৪০৮।

কিনো তোৰ অমাতৰ  মাত, ঐ লাহৰী,
 কিনো তোৰ অমাতৰ মাত।
তোৰে মাত শুনি  আথানি-আবানি,
 এৰি যাওঁ পেটৰে ভাত॥ ৪০৯।

ঠুৰিয়া তামোলক  নুৰিয়াই দি যাম,
 তাক মেলি খাবা বাটত।
দুটি সুমথিৰাৰ  এটি দি পঠিয়াম,
 উমলি যাবাগৈ লগত॥ ৪১০

বিৰ দি মাৰি যাওঁ  বিঢ়াকৈ ওকণি,
 খেপিয়াই মাৰি যাওঁ লেখী।
এখনি হাঁচতি  লগত দি পঠিয়াম,
 পাণতে বাবৰি বাচি॥ ৪১১।

আষাঢ়ে-শাওণে  আম-কঠাল পকিলে,
 কলীয়া হলৌৱে খায়।
ছৰ্কাৰী কামলৈ  ওলালা যাবলৈ,
 মোৰ বহ-বতৰ যায়॥ ৪১২।

আলিৰে কেকুৰি,  চেনাই যায় ফেকুৰি,
 কাণৰে কঁড়িয়া লৰে।
চেনাইৰ কথা ভাবি  শোকে খুন্দা মাৰি
 দেহা উজান-ভাটি কৰে॥ ৪১৩।

পিয়াহৰ সুৱদি  দিখৌৰ পানীচলু,
 ভোকৰ সুৱদি ভাত।
তাতকৈ সুৱদি  সৰু চেনাইজনী,
 লগাই যাওঁ এষাৰি মাত॥ ৪১৪।

কিতাপ পঢ়ি পঢ়ি  কান্দ তই মইনা,
 চিঠি পঢ়ি পঢ়ি কান্দ।
ভাতৰ পাতত বহি  অময়া গুণন্তী,
 কেলৈ চিতা কৰি থাক॥ ৪১৫।

ৰাতি পৰে পৰে  তোলৈ মনত পৰে,
 মই আহোঁ বাজলৈ ওলাই।
তোমাৰ কথা ভাবি  ওলায় চকুপানী,
 কাহানিকৈ ঈশ্বৰে মিলায়॥ ৪১৬।

জেনেৰু চকলা  জিম, ঐ পিলিঙা,
 জেনেৰু চকলা জিম্।
তুমি যে গলাগৈ  ডিবুৰু জিলালৈ
 কাৰ আগত বাতৰি দিম॥ ৪১৭।

বৰ ঘৰৰ মুধতে  ভৰালৰ টুপতে,
 চৰাই ফুট-কলা খায়।
মোৰ জানো মনতে  পৰে ঘনে ঘনে
 তোৰ জানো মনতে নাই॥ ৪১৮।

কি চৰাই কান্দিলে  হেটুলুক হেটুলুক,
 কণিবোৰ পাৰিলে বনত।
সূতা কটা এৰি যাওঁ,  পাঁজি কটা এৰি যাওঁ,
 ধনলৈ পৰিলে মনত॥৪১৯।

আহঁতৰে পাতে  কৰে তিৰবিৰ,
 মই পাতোঁ সান্দহৰ খোলা।
কেতিয়া আহিব  মোৰ ধন, ঠানুৱা,
 দিবহি সাদৰী কোলা॥ ৪২০।

দ্বাবিংশ অধ্যায়

বাইৰে নিচিনা  মেখেলা পিন্ধিলোঁ,
 আইৰে নিচিনা খোপা।
একেটি বটাতে  তামোল খাই আহিছোঁ,
 তোমাৰে নিচিনা ডেকা॥ ৪২১।

ঢাপৰ জলকীয়া  চাপৰ, মোৰ চেনাই ঐ,
 ঢাপৰ জলকীয়া চাপৰ।
লোকৰ লগৰীয়া  দীঘলে-ডাঙৰ ঐ,
 আমাৰ লগৰীয়া চাপৰ॥ ৪২২।

টেমিটি পৰিলে,  ঘিটিঙাই বাজিলে,
 কটাৰি পৰিলে ধাৰে।
চিয়াঁৰৰ কথাকে  বুজিব নোৱাৰাঁ,
 কেলৈ তুলিলে মাৰে॥ ৪২৩।

তুমি থাকাঁ সিপাৰে,  মই থাকোঁ ইপাৰে,
 দিখৌত নাইকিয়া সাঁকো।
কোনে আনি দিব  ৰাঁচ-দোৰপতি,
 কোনে দি-এ যাব মাকো॥ ৪২৪।

ঢাৰি পাৰি থেৰেজু  লেখোঁ, ঐ লাহৰী
 পাটি পাৰি থেৰেজু লেখোঁ।
তোমাৰে নিচিনা  মিঠা বৰণীয়া
 ৰাতি সমাজিকত দেখোঁ॥ ৪২৫।

আজি যোৱা ৰাতি  সপোনত দেখিলোঁ,
 লগত খাই আছিলে ভাত।
তোমাৰে নিচিনা  মিঠা বৰণীয়া,
 গাত দি আছিলোঁ হাত॥ ৪২৬।

উলু বনৰ সিহৰি,  ডিবুৰুৰ জীয়ৰী,
 কেনেকৈ মিহলি হলা।
লখীমপুৰ চহৰৰ  পিলিঙা ডেকাটি,
 কেনেকৈ চিনাকি হলা॥ ৪২৭।

ভাটিলৈ ভটিয়াই  নাযাবা অকলে,
 শুকান পিঠাগুড়ি খাই।
কোনোবা দেশতে  হুলে-জোঙে ফুটিব,
 তোমাৰ লগত কান্দোতা নাই॥ ৪২৮।

মোৰ লগত কান্দিব  আয়ে বোপায়ে
 কান্দিব সোদৰৰ ভাই।
বেইতা তিৰিয়ে  ডিঙিত ধৰি কান্দিব,
 পৰৰে দেশতো পায়॥ ৪২৯।

তোমাক যে লাহৰী,  কলোঁ ভাল কৰি,
 কপাহৰ বাচিবাঁ জোলা।
লবলৈ লাগিব  জপাৰ বৰ কাপোৰ,
 নিবলৈ লাগিব দোলা॥ ৪৩০৷

চোতালৰ আগৰে  জুতুলা বগৰি,
 পছিমলৈ মেলিলে ডাল।
দিয়া বা নিদিয়া  চিৰপিতা আঙঠি,
 ওফন্দাই পেলালা গাল॥ ৪৩১।

বাইৰে মৰম ঐ  নুবুজাঁ, ভিনিহি,
 ঘপৰাই মাৰিলা ভুকু।
বাইৰে সলনি  মোক লৈ যোৱাঁ,
 সোণেৰে বন্ধোৱা বুকু॥ ৪৩২।

এডালি ভাঙিলে  আহে চাৰি ডালি,
 লুইতৰ খাগৰি খৰি।
এজনী মাতিলে  আহে চাৰি জনী,
 হাতত ধৰাধৰি কৰি॥ ৪৩৩।

কলৈ যাৱ কলীয়া,  গধূলি বেলিয়া,
 মাৰকো নোবোল আই।
অত গৰু-মহ তই  হেদাঙি মেলিলি
 কাৰ নো বাতৰি পাই॥ ৪৩৪।

নগাঁৱৰ নলনি,  দগাঁৱৰ দলনি,
 কুঁহিয়াৰ চাপৰিৰ মাটি।
লৰামতীয়া যেন  আমাক যে দেখিছা,
 খপি যাব পাৰোঁ মই ৰাতি॥ ৪৩৫।

মখনা নহওঁ মই,  মাখুন্দী নহওঁ মই,
 শুড় মেলি মলহা খাওঁ।
তাঁতত কি-এ ফুল  বাচিম মই, লাহৰী,
 ঘনাই মূৰ দাঙি চাওঁ॥ ৪৩৬।

ককিলা মুখৰে  কুমাৰ গাঁওখনি,
 কোনেনো সাজি গল চৰু।
চেঙেলীয়া মনকে  বান্ধিব নোৱাৰোঁ,
 যেনেকুৱা দমৰা গৰু॥ ৪৩৭৷

কিনে মাত আষাৰি  লগালা, চেনাই ঐ,
 মন মোৰ কেনেবা কৰে।
বহোঁ তাঁতৰ পাতত,  চকু আলিবাটত,
 মাকো সৰি সৰি পৰে॥ ৪৩৮।

ৰাজগড় হাবিতে  মাটি মই খোৱা নাই,
 মোৰ নামে আহিছে পটা।
তোমাৰ লগত মই  পিৰিতি কৰা নাই,
 মিছাতে ওলাইছে কথা॥ ৪৩৯।

চেলু চাই পিৰিতি  কৰিবা, লাহৰী,
 ছেগ চাই লগাবা মাত।
লোককে দেখুৱাই  দদাইদেউ বুলিবা,
 ভিতৰি বুলিবা নাথ॥ ৪৪০।

(ছ) অভিসাৰ

ত্ৰয়োবিংশ অধ্যায়

কলৈ যাৱ কলীয়া,  গধূলি বেলিয়া,
 মোক গৰু-বাটত থৈ।
মায়া-ছলনাৰে  ছলিলি কলীয়া,
 কালিন্দ্ৰী ভোমোৰা হৈ॥ ৪৪১।

নাও হল এলেঙী,  তামোলৰ সেলেঙি,
 টিঙত হল আঁকোৰা দৈ।
ৰাজ আলিবাটত  মানুহে দেখিব,
 থাকিম কেনেকৰি ৰৈ॥ ৪৪২।

নঙলা, নঙলা,  পধূলিৰ নঙলা;
 দিয়াঁ বাট, লাহৰী, যাওঁ।
অতি চেনেহেৰে  লাহৰী মাতেৰে,
 দিয়া তামোল কাটি খাওঁ॥ ৪৪৩।

আই থাকে আখলত,  ভাই থাকে চোতালত,
 তুমি থাকা ভৰালৰ মূধত।
বোপাই বাৰীত থাকে,  ককাই বাটত থাকে,
 সোমালা কোন বা পাকত॥ ৪৪৪।

গাতে গা লাগিলে,  তোৰ ককায়েৰে
 পদূলিত আছিলে ৰৈ।
ফালৰি কাটি দি  সৰকি আহিছোঁ,
 কালিন্দ্ৰী ভমৰা হৈ॥ ৪৪৫।

অনা-বতাহতে  লৰিল থুৰিপাত ঐ,
 মাটি সবলৰ লাই।
ক’ৰ বায়ু ছা  বুলি ককায়েৰে
 এবেলা আছিল চাই॥ ৪৪৬।

লাহৰী বুলিয়ে  নাহৰে মাতিলে,
 হেপাহত মুখলৈ চাই।
কেলৈ আহিলা,  ধুনীয়া নাহৰ ঐ,
 চৰুতো পঁইতা নাই॥ ৪৪৭।

ছাটিৰে পানীৰে  চেলেং তিতি গল,
 দুৱাৰ মেলি দিয়া সোমাওঁ।
জাৰো লাগিছে,  বতাহ লাগিছে,
 জুই ধৰি দিয়া ফুৱাওঁ॥ ৪৪৮।

খৰি আনি দিয়া  ধনক, ঐ লিগিৰা,
 জুই ধৰি দিয়া ফুৱাওঁ।
গাখীৰৰ টেকেলি  নমাই আনি দিয়াঁ,
 ধনক আখৈ-চিৰা খুৱাওঁ॥ ৪৪৯।

শোৱনীত দেখিলোঁ  সোণৰ খাট-পালেং,
 মজিয়াত চামৰে পিৰা।
গেলা-পঁইতা মুঠি  বিচাৰি আহোঁতে,
 পালোঁ দোৱা ভজা চিৰা॥ ৪৫০৷

আমাৰ ঘৰ ইপাৰে,  তোমাৰ ঘৰ সিপাৰে,
 মাজত কুঁহিয়াৰৰ বাৰী।
আহোঁ বুলি নাহিলা,  তামোলখন কটালা,
 সান্দহ-চিৰা কৰালা বাহি॥ ৪৫১।

নৈৰ ঘূৰণীয়া,  মূৰ ফুৰণীয়া,
 আনি দিয়া জুৰনি খাওঁ।
ধন মোৰ যোৱাঁগৈ  দুৱাৰ মেলি দিয়াঁগৈ,
 আমি ভিতৰলৈ যাওঁ॥ ৪৫২।

ভৌ ভৌ কৰি  ভুক, তই ভতুৱা,
 দেখিলি কোন দেশৰ চোৰ।
শতৰু নিচিন,  মিতিৰো নিচিন,
 দেহীটীক নিচিন মোৰ॥ ৪৫৩।

কাঁহৰ বাটিটি  ঘিটিঙাই বাজিলে,
 নাজানি বুলিলোঁ কোন।
আহিব দিলোঁ মই  ফুটকৈ গধূলি,
 ভটিয়াই গলগৈ জোন॥ ৪৫৪।

কাউৰীৰ শতৰু  মুগাকৈ চুঙীয়া,
 পৰিব নিদিয়ে গছত।
আমাৰ শতুৰু  আই কৈ বোপায়ে
 ফুৰিব নিদিয়ে পৰত॥ ৪৫৫।


আয়ে মাতিলে  গাজৰে-গাথৰে,
 ককায়ে কলিজা খায়।
তাৰে পাছতে  চেনায়ে মাতিলে
 শৰীৰ জুৰ পৰি যায়॥ ৪৫৬

বোপাইৰে শপনি  পঁইতা-পোতনি,
 চাঙৰে আঠিয়া কল।
খাই ল, খাই ল,  তই ঐ পিলিঙা,
 কঁকালত বন্ধাই ল বল॥ ৪৫৭।

তোমাৰ তিনিখনি,  আমাৰ তিনিখনি,
 ছখনি কাপোৰৰ জাপ।
তোমাৰ তিনিখনি  লোৱাঁ বাচি-কুচি,
 শুনিছোঁ কুকুৰাৰ ডাক॥ ৪৫৮।

ডালৰে গোলাপ  ঢোপাত মৰহিলে,
 ঘিলা মাৰ গ’ল ফাকত।
তোমাৰে আমাৰে  কথা মাৰ গল,
 প্ৰথম কুকুৰাৰে ডাকত॥ ৪৫৯।

কুকুৰা, কুকুৰা,  অজাতি কুকুৰা,
 ভুকুৱাই মাৰি যাওঁ তোক।
ৰাতি নৌ পুৱাওঁতে  কিয় ডাক দিলি,
 দেহীটীয়ে এৰি গল মোক॥ ৪৬০।

(জ) বিৰহ

চত্বাবিংশ অধ্যায়

কেচা মৰী টেঙাৰ  জিম্ ঐ ঠানুৱা,
 কেচা মৰী টেঙাৰ জিম্।
একাষাৰ মাতেৰে  কন্দুৱাই পেলালা,
 কিনো উত্তৰ আষাৰ দিম॥ ৪৬১।

বাঁহৰ আগলিত  পৰে কাম চৰাই,
 উভতি কোটালে পাখি।
কোনেনো খুৱালে  ঠুৰি তামোলখনি
 পাণতে বাবৰি বাচি॥ ৪৬২।

উৰাই মাৰিলা,  ঘূৰাই মাৰিলা,
 হাতত মণিছালৰ গুটি।
খঙৰ ভমকত  মাৰি পঠিয়ালা
 ঠুৰিয়া তামোলৰ মুঠি॥ ৪৬৩।

যোৰহাট জিলালৈ  নাযাবাঁ বুলিলোঁ,
 কাৰে বুধি পাই গলা।
কাৰে লগ পাই,  মোৰ ধন চেনাই ঐ,
 আমাৰ লগত আতাৰি হলা॥ ৪৬৪।

আখৈ খাই আখৈ খাই  পেটকে নভৰে,
 নিয়ৰত নিতিতে ভৰি।
কেচা কৌ পাতত  ঘূণে যে পিন্ধিলে,
 হলোঁ জীয়াই জীয়াই বাঁৰী॥ ৪৬৫।

কি কথা কৰিলোঁ,  কি বুধি কৰিলোঁ,
 বাৰীত ৰামকল ৰুই।
আগেয়ে নাজানো  এতিয়া জানিলোঁ,
 শৰীলত একুৰা জুই॥ ৪৬৬।

অতি চেনেহৰ  ফুলবাৰী পাতিলোঁ,
 তাৰ মাজে খৰিকা-জাঁই।
অতি হেপাহৰে  পিৰিতি কৰিলোঁ,
 ঢোপাতে মৰহি যায়॥ ৪৬৭।

ৰঙত দিয়ে গলা  ৰঙৰে হাঁচতি,
 খঙত লৈ গলা কাঢ়ি।
গাত দি-এ গলা  জীয়া জুই একুৰা,
 মুখৰ লৈ গলা হাঁহি॥ ৪৬৮৷

কাৰ আগত কৈ যাম  দুখৰ কথাষাৰি
 কোনে পাতি যাব কাণ।
চকুত নাই টোপনি,  তোমালৈ চিতনি,
 দেহালৈ পৰিছে টান॥ ৪৬৯।

দৰিকা-দিছাঙত  পানী শুকাই গল,
 দিখৌ এৰা সুতি হল।
আমাৰ পিৰিতি  জানোচা হেৰালে,
 বুকু চমচমাই গল॥ ৪৭০।

গধূলিৰ-এ পৰা  পুৱালৈ লগালোঁ
 এপোৱা তেলৰ চাকি।
তোমাক লাহৰী,  দিবলৈ নাপালোঁ,
 দেহাতে দেহাটি বাকি॥ ৪৭১।

চুলিৰে আলৈ ঐ,  চুলিৰে বিলৈ ঐ,
 থাকোঁ চুলি পাৰি শুই।
তামোলটি হব যেন  ফালি দেখুৱাম ঐ,
 শৰীলত কিমানৰ জুই॥ ৪৭২।

দীঘলী বজাৰৰ  পাভ মাছ আনিলা,
 পকা নেমু দিয়ে ৰান্ধো।
আগত ভাত বাঢ়ি,  হুমুনিয়া কাঢ়ি
 বুকু ভুকুৱাই কান্দো॥ ৪৭৩৷

পৰ্বতে পৰ্বতে  খালোঁ বিৰা জৰা,
 খোপাত গুজি নিছিলোঁ লোণ।
হাড়ৰ মাজে মাজে  সুমুৱাই আনিছোঁ
 সৰুটি চেনাইৰে গুণ॥ ৪৭৪।

গা ধুই শালিকী  ৰ’দতে জিৰালে,
 ছাঁতে জিৰালে গৰু।
সৰুৰ-এ পৰা  পিৰিতি কৰিলোঁ,
 এতিয়া কেনেকৈ এৰোঁ॥ ৪৭৫।

খাওঁ সুমথিৰা,  গোন্ধায় বিৰা জৰা,
 জেনেৰু চকলা জিম।
মোৰ ধন আছেগৈ  নেদেখা ৰাজতে,
 কাৰেনো বাতৰি দিম॥ ৪৭৬।

তিল ফুল পাহি যেন  নাকটি তোমাৰ ঐ,
 তোমাৰে কঁকালটি চিয়াঁ।
মনতে ভাঙিলোঁ,  মনতে পাঙিলোঁ,
 বহাগত পাতি যাম বিয়া॥ ৪৭৭।

শতৰুৰ কথাকে  নলবা, লাহৰী,
 সি কথা আমাৰে যম৷
যত আশা কৰা  পাম-খাম-এ বুলি,
 সি আশা কৰিব ভঙ্॥ ৪৭৮৷

শতৰুৰ শতুৰুৰ কথাকে  নলওঁ নলওঁ বুলি
 শতৰুৰ কথাকে ল’লা।
আমাকে আঁৰকৈ  শতৰুক লগত লৈ
 তামোল কাটি অকলে খালা॥ ৪৭৯।

এই চ’ত মহীয়া  নাহৰ ফুল ফুলিলে,
 ফাগুনত পেলাইছিল কলি।
কিনো দায় জগৰ  লগালোঁ, লাহৰী,
 চকুলৈ নোচোৱা হলি॥ ৪৮০।

পঞ্চচত্বাবিংশ অধ্যায়

মৰ নৈ শুকালে  মাছৰ বেজাৰত,
 লুইত শুকাই মৰে কিয়৷
আমি যে খীণালোঁ  তোমাৰে সন্তাপত,
 তুমি শুকাই মৰা কিয়॥ ৪৮১৷

নৈ লৈ হালিছে  নদালী ভলুকা,
 হালে পথাৰলৈ কাক৷
বুকুৰে কামিহাড়   হ’ল ডালি ডালি,
 কালৈ চিতা কৰি থাক॥ ৪৮২৷

তোৰ ঘৰ সিপাৰে, মোৰ ঘৰ ইপাৰে,
 মাজত বৰতানি হাবি৷
খৰি শুকুৱাদি  শুকালি লাহৰী,
 কাক দিনে ৰাতি ভাবি॥ ৪৮৩৷

ভাত খাই গ’লা  তপতে তপতে,
 খুটি থৈ গলা চুকত৷
যাবৰ বেলিকা  মাত নলগালা,
 কথা থৈ গলা বুকত॥ ৪৮৪৷

ভাত খাই যোৱা নাই  তপতে তপতে,
 খুটি থৈ যোৱা নাই চুকত৷
যাবৰ বেলিকা  মাত লগাইছিলোঁ,
 নপৰিল তোমাৰ কাণত॥ ৪৮৫৷

ধনসিৰি ভেটিলে  জেঙে-জাবৰে
 সোৱণসিৰি ভেটিলে কোনে॥
একেখন হাঁচটিত  তামোল খাই আহিলোঁ
 তাৰো মন ভঙালে কোনে॥ ৪৮৬৷

কোনেও ভঙা নাই,  কোনেও ছিঙা নাই,
 আপুনি বিগৰিল মন৷
মূৰ-গা ধুবলৈ  ঘিলা খুজিছিলোঁ
 সিওনো কিমানৰ ধন॥ ৪৮৭৷

মাহৰ বান্ধি গলোঁ  টোপোলা-টাপলি,
 ঘিলাৰ বান্ধি গলোঁ ফাক৷
উজনি নামনি  আমাৰে শতুৰু,
 ঘিলা দি পঠিয়াওঁ কাক॥ ৪৮৮৷

আগেয়ে আছিলোঁ  দালিমৰ পোহাৰী,
 সদৌৱে বুলিছিল বাই৷
দালিম সৰি গ’ল,  যৌবন পৰি গল,
 এতিয়া সোধোঁতা নাই॥ ৪৮৯৷

লুইতে নাযাবা  বালি, ঐ বাইটী,
 লুইতে নাযাবা বালি৷
পুৰুষৰ কথাকে  নলবা, বাইটী,
 তিৰি হৈ জন্মিছোঁ আমি॥ ৪৯০৷

নৈৰ ধাৰে ধাৰে  গলি তই, মইনা,
 পানীৰ ধাৰে ধাৰে গলি।
মইনা, মইনা বুলি  মাতোঁ তিনি বেলি
 উভতি নোচোৱা হলি॥ ৪৯১।

ধনৰ ছেওমণি  বটিয়া পুৰণি,
 মহৰ শিঙৰ হাকোটাত থলোঁ॥
নিগনি শলিয়াই  শতুৰু শালিলে,
 ধনৰ লগত আতাৰি হলোঁ॥ ৪৯২।

লুইতৰ শুৱনী  মাজুলি চাপৰি,
 আকাশৰ শুৱনী তৰা।
কোনটো চিতেৰে  আমাকে এৰি থৈ
 খালা দোৱা-ভজা চিৰা॥ ৪৯৩।

বাৰীৰ পিছ ফালে  কজলা উৰহী,
 পাতে তিৰবিৰ কৰে।
তোমাৰ বাতৰি  নাপাই ভালকৰি
 শোকে খুন্দা মাৰি ধৰে॥ ৪৯৪।

ধনক ভাবি-গুণি  নধৰে টোপনি,
 থাকোঁ মই লঘোণে শুই।
ৰাতিৰে ৰাতিটো  কৰোঁ ছাটিফুটি,
 শৰীলত জ্বলেহি জুই॥ ৪৯৫।

বকুল বৰা ধানৰ  আখৈ ভাজিছিলোঁ
 ছপোৱা গাখীৰৰ দৈ।
তুমি যে নহলে  খাবকে নোৱাৰোঁ,
 থাকোঁ মই আগতে লৈ॥ ৪৯৬।

হাবিৰ লতা-পাতে  বালিকে ভেটিলে,
 বেলিয়ে মেলিলে ঠেং।
তোমাৰে ঘৰলৈ  যাবকে নোৱাৰোঁ
 বাটত দিলা বগৰি জেং॥ ৪৯৭।

ধনহীন দেখিলি  মোক তই, বান্ধৈ ঐ,
 বিতহীন দেখিলি মোক।
লুটিটোৰ বাগৰত  হেৰায় যেন দেখিলি
 কাক পাই এৰিলি মোক॥ ৪৯৮।

পুখুৰী থাকোঁতে  পুখুৰী খনালি,
 মটা হাঁহ চৰাবৰ মনে।
এজনী থাকোঁতে  এজনী আনিলি,
 সতিনী খাটিব কোনে॥ ৪৯৯।

টিনপাতৰ টিঙিৰি  জুই তই, লাহৰী,
 টিনপাতৰ টিঙিৰি জুই।
দপ্ দপ্ জ্বলিছে,  পানী-হিলৈ ফুটিছে,
 টোপনি নধৰে শুই॥ ৫০০।

তৃতীয়

বিহুৱতী

[ হুচৰি-বিহুনাম ]


(ঝ) হুচৰি ঘোষা

ষষ্ঠবিংশৰ পৰা একত্ৰিংশ অধ্যায়লৈ


(ঞ) বিহু-ঘোষা

দ্বাত্ৰিংশ আৰু ত্ৰয়োত্ৰিংশ অধ্যায়


(চ) বিহু-তলীৰ নাম

চতুত্ৰিংশৰ পৰা চত্বাবিংশ অধ্যায়লৈ


শ্ৰীডিম্বেশ্বৰ নেওগ

সংগৃহীত আৰু সম্পাদিত

সপ্তম সংস্কৰণ


স্বত্বাধিকাৰী—শুৱনী প্ৰকাশ

দিশপুৰ, গুৱাহাটী

হুচৰি-ঘোষা

ষষ্ঠবিংশ অধ্যায়

শঙ্কৰ এ’, আমাৰ নিজৰ গুৰু
দৈৱকী-নন্দন দেৱ,এ। ৫০১।

কৃষ্ণাইৰ মূৰৰে বকুল এপাহি
নিয়ৰ পাই মুকলি হল, ঔ গোবিন্দাই ৰাম॥ ৫০২।

ৰাধাই বোলে কৃষ্ণাই, আমাক পাৰ কৰাঁ,
এই যমুনাৰ জল, ঔ গোবিন্দাই ৰাম॥ ৫০৩।

মথুৰাৰ ঘাটতে কানাই পাৰ কৰে,
ৰাধাৰ মুকলি চুলি॥ ৫০৪।

অৰ্জ্জুনৰ ৰথৰ সাৰথি, নাৰায়ণ,
হে অ’ দুৰ্যোধন॥ ৫০৫।

কলমৌ খাওঁতে বুঢ়া হনুমন্তই
নগৰি কৰিলে চন, ঔ গোবিন্দাই ৰাম॥ ৫০৬।

দেউতাৰ পদূলিত গোন্ধাইছে মধুৰি,
কেতেকী মলমলায়॥ ৫০৭।

হুৰাই ল’, সৰগৰ তৰা।
চাই থাক অ’ নিলগৰ পৰা॥ ৫০৮।

হুৰাই ল’, নাহৰৰ কলি।
ৰৈ থাক অ’ আহোঁগৈ ঘূৰি॥ ৫০৯।

হুৰাই ল’ হাঁচটি বাই।
অতি চেনেহৰ বহাগৰ বিহুটি
হাততে মলঙি যায়॥ ৫১০।

ৰঙালী ঐ, টঙালী ঐ!
বহাগৰ বিহুৰ ধেমালি ঐ॥ ৫১১।

ৰৈ বৈ যায়, পিন্ধোতা নাই।
চম্পা-নাহৰৰ কলি না ৰৈ॥৫১২।

হুচৰি বাই ঔ, দলৌ চৰাই।
আমি যে আহিছোঁ হুচৰি গাই॥ ৫১৩।

ই বাৰীৰ বাঁহ ঔ, সিবাৰীৰ বাঁহ।
দুই মাহ ঠেকা খাই গ’ল চ’ত মাহ॥ ৫১৪।

লাও দিবৰ হেডালি, জিকা দিবৰ জেং।
নতুন বছৰ আহি, মেলি দিলে ঠেং॥ ৫১৫।

একোটা জাতী বাঁহৰ তেৰটা কামি।
বহাগ বিহুৰ দিনাখন আহিছোঁ আমি॥ ৫১৬।

ওপৰ ফালে বৰষুণ, তল ফালে বোকা।
হুচৰি গোৱা লৰাহঁতৰ বিলৈখন দেখা। ৫১৭।

ওপৰেদি বৰষুণ, তলেদি বোকা!
চিনা জোকে খাই মাৰে আঁঠুৰ জোখা॥ ৫১৮।

দকৈ পথাৰত পৰিছে, বগ।
মূৰৰ পাগুৰিয়ে খুজিছে লগ॥ ৫১৯।

দ পথাৰৰ শিপা, ইয়াতে মাৰিলোঁ টিপা।
দ পথাৰৰ শিয়া, আমাক সমিধান দিয়াঁ॥ ৫২০।

সপ্তবিংশ অধ্যায়

হুচৰি বাই ঔ, দলৌ চৰাই।
তামোল ঠুকি, পাণ গুছি, ৰূপৰ শৰাই॥ ৫২১।

হুচৰি বাই ঔ, চেপা নিলে চোৰে।
কেনেকৈনো পাতিছিলি বাপেৰ-পুতেৰে॥ ৫২২।

হেচি হেচি পাতিছিলোঁ চপৰা দলি দি।
চোৰ শনিয়ে লৈ গল, মই কৰিম কি॥ ৫২৩।

হুচৰি বাই ঐ, গৰু নিলে চোৰে।
কেনেকৈনো বান্ধিছিলি বাপেৰ-পুতেৰে॥ ৫২৪।

বান্ধিছিলোঁ বান্ধিছিলোঁ গলগাঁঠি দি।
চোৰ শনিয়ে লৈ গল মই কৰিম কি॥ ৫২৫।

হুচৰি বাই ঐ, ধন নিলে চোৰে।
কেনেকৈনো থৈছিলি বুঢ়ী মামীয়েৰে॥ ৫২৬।

থৈছিলোঁ থৈছিলোঁ, দুৱাৰ-চুকত।
চোৰ শনিয়ে লৈ গল চুৰিয়া কোঁচত। ৫২৭।

হুচৰি বাই ঐ, জপা নিলে চোৰে।
কেনেকৈনো থৈছিলি বুঢ়ী মামীয়েৰে॥ ৫২৮।

থৈছিলোঁ থৈছিলোঁ নাওৰা তলত।
চোৰ আহি লৈ গল দিন দুপৰত॥ ৫২৯।

হুচৰি বাই ঔ, লৰা নিলে চোৰে।
কেনেবাকৈ শুৱাইছিলি মাৰে-বাপেৰে॥ ৫৩০।

শুৱাইছিলোঁ শুৱাইছিলোঁ জাপ কাপোৰ দি।
চোৰ শনিয়ে লৈ গল ঠেং তলেদি॥ ৫৩১।

হুচৰি বাই ঔ, চোলা নিলে চোৰে।
কেনেকৈনো থৈছিলি বাপেৰ-পুতেৰে॥ ৫৩২।

থৈছিলোঁ, থৈছিলোঁ খুটাৰ কেপত।
চোৰ শনিয়ে লৈ গল নিজৰ জেপত॥ ৫৩৩।

চৰু নিলে, হাড়ি নিলে, আৰু নিলে খৰি।
সোপাসোপে লৈ গ’ল মৰাপাটৰ জৰী॥ ৫৩৪।

চা চা বোৱাৰী কি কি নিলে।
দাখন সোলোকাই নালটো নিলে॥ ৫৩৫।

জুই ধৰ, ছাই ধৰ, লৰা-লুৰি লেখোঁ।
চোৰে নিলে হব পায়, নিছেই তাকৰ দেখোঁ॥ ৫৩৬।

জুই ধৰ, ছাই ধৰ, কাঁহী-বাটি লেখোঁ।
চোৰে নিলে হব পায়, নিছেই তাকৰ দেখোঁ॥ ৫৩৭।

জুই ধৰ, ছাই ধৰ, মুৰৰ চুলি লেখোঁ।
চোৰে নিলে হব পায়, নিছেই তাকৰ দেখোঁ॥ ৫৩৮।

কেৰুকো নিয়ালি তই, মণিকো নিয়ালি।
ঢাৰিকো নিয়ালি তই, পাটিকো নিয়ালি॥ ৫৩৯।

হুচৰি বাই, তই জীয়ৰী ছোৱালী।
বোৱাৰী, বোৱাৰী ঐ! গাকে ৰোৱালি॥ ৫৪০।

 

অষ্টাবিংশ অধ্যায়

হুঁচৰি এ, হাওঁ হাওঁ।
দুই ঘৰৰ মাজতে গাওঁ॥ ৫৪১।

হুঁচৰি এ, হাওঁ হাওঁ।
পানীৰামে ভাঙিলে গাঁও॥ ৫৪২।

আকাশৰ দেৱতা  শুনা কাণ পাতি,
 আমি যে হুচৰি গাওঁ।
বিহুৰ বৰঙণি  আজি ভাল কৰি
 খুচৰি খুচৰি খাওঁ॥ ৫৪৩।

আজি বাৰ বছৰ  হুচৰি গোৱা নাই,
 ডিঙি চেং চেং কৰে।
ঢোলত ভাল কৰি  কোবকে নপৰে,
 কাষৰে-পাঁজৰে পৰে॥ ৫৪৪।

আকাশৰ দেৱতা,  শুনা কাণ পাতি,
 তালেও নিদিয়ে মাত।
ডিঙিটো খজালি  গাবলৈ ধৰিছোঁ,
 তেও জানো উঠিছে জাত॥ ৫৪৫।

আজি বাৰ বছৰ  হুঁচৰি গোৱা নাই
 হুঁচৰি ভটিয়াই গ’ল।
হাত মেলি মেলি  নাচিব খুজিছোঁ,
 কঁকাল মূৰ ঠৰঙা হ’ল॥ ৫৪৬।

আমি যে হুঁচৰি  গাইছোঁ খুচৰি,
 গাওঁ ঘূৰি ঘূৰি নাম।
ডিঙি ফালি ফালি  গাইছোঁ আফালি,
 জানো কুৰি টকা পাম॥ ৫৪৭।

আমি যে হুচৰি,  পেলাম ঐ মুচৰি,
 নাহিবা কাষলৈ চাপি।
নিলগৰ পৰা  চাবা ভাল কৰি,
 মূৰত সৰু দৈয়া জাপি॥ ৫৪৮।

বিহুৱা চৰায়ে  কৰে বিহু বিহু
 গছৰ ডালত পৰি।
আমি যে ৰচকী,  খুজিছোঁ পচকি,
 ডিঙিতে ঘুনুচা জৰী॥ ৫৪৯।

বিহুৱা চৰায়ে  কৰে বিহু বিহু,
 বীণৰ নলা যেন মাত।
গছৰে লতাই ঐ  হালিছে জালিছে,
 ধৰি সেউজীয়া পাত॥ ৫৫০।

মাধৈ তেল ঘঁহিলোঁ, সেওঁতা ফালিলোঁ,
মোলানদৈ ঐ,আহ যাওঁ ওমলোঁ গৈ॥ ৫৫১।

দীঘলী পুখুৰী  খনালোঁ, লাহৰী,
 বন্ধালোঁ সেন্দুৰী আলি।
দাঁতিয়ে দাঁতিয়ে  ফুলনি পাতিলোঁ,
 ৰাখিলোঁ কাজুৱা মালী॥ ৫৫২।

কেৰেপা-কেৰেপি  ছিলিঙি দিয়ালোঁ,
 ওপৰে বগালে লতা।
চিৰিলি চিৰিলি দীঘলী বহলী
 পাতত পাণকটা কটা॥ ৫৫৩।

চম্পা গুৱামালী  আছে ফুলি ফুলি,
 গোন্ধতে মলয়া বলে।
নিলগৰ পৰা  সৰগৰ তৰা
 জানো বিমানত জ্বলে॥ ৫৫৪।

বকুল বন্দুলি  আছে ফুলি ফুলি,
 ফুলিছে মাধৈ মালতী।
জাতি যূথী জাঁই  মৰুৱা মধাই,
 টগৰ ৰাঙল সেউতী॥ ৫৫৫।

বটলে বটলে  গোন্ধ তেল ঘঁহিলোঁ,
মোলান দৈ ঐ, আহ যাওঁ ওমলোঁগৈ৷ ৫৫৬।

ঢোল ঢোল ঢোল।
মাদৈ মদাৰৰ ফুল॥ ৫৫৭।

 ফুল ফুল ফুল।
তোমাৰ নো কি জাতি কুল॥ ৫৫৭।

হুৰাই ল’ বিৰা-জৰা।
নাজিৰা হাটৰে ফুলৰ মলা॥ ৫৫৮।

হুচৰি এ চ’ত।
আমি যে ওমলোঁ য’ত, দুবৰি নগজে ত’ত॥ ৫৫৯।

 হুচৰি এ দুবৈ।
আঁহ যাওঁ, আহ যাওঁ, ওমলোঁগৈ॥ ৫৬০।

উনত্ৰিংশ অধ্যায়

হাবিত আছিল কেঁকোৰা কাঠ।
বাঢ়ৈয়ে পাই তাত লগালে চাঁচ॥ ৫৬১।

নাঙলে বোলে মোৰ পিঠিতে কুজ।
পুৱা হলে ধৰি যাওঁ পৃথিবীৰে যুজ॥ ৫৬২।

ফালে বোলে মই হওঁ বাঁহৰ চেঁচু।
পুৱা হলে উলিয়াওঁ বৰ বৰ কেচু॥ ৫৬৩।

ডিলা মাৰি’ বোলে মই সবাতকৈ পোন।
মোৰ’ মান বয় কোন, হবও বা কোন॥ ৫৬৪।

বেঙাই বুলিলে মই বাঁহৰহে আখী।
মইহে ডিলা-নাঙলক ধৰি আছোঁ ৰাখি॥ ৫৬৫।

স’ল মাৰি বোলে আমি চাৰি ভাই-ককাই।
আমি যে ৰৈ থাকোঁ সৰগ ধিয়াই॥ ৫৬৬।

আঁত জৰীয়ে বুলিলে মই তৰাৰ ফিটা।
মই নহলে যুৱলী-ডিলা নহয় জোঁটা॥ ৫৬৭৷

গৰুৱে বোলে আমি দীঘল নেজা।
আমাৰ ওপৰত যে সকলো ৰজা॥ ৫৬৮৷

এচাৰিয়ে বোলে মই সবাতকৈ সৰু।
মই যে নহলে নচলে গৰু॥ ৫৬৯।

যোত জৰী’ বোলে আমি দীঘলকৈ ফয়।
আমি যে নহলে গৰু নৰয়॥ ৫৭০৷

মৈয়ে বোলে মই সবাতকৈ বলী।
মই যে নহলে নাভাগে দলি॥ ৫৭১।

মৈ-টকাই বোলে মোৰ আঙুলি বেকা।
মই যে নহলে নহয় বোকা॥ ৫৭২।

ন ঘৰ ঐ, পুৰণি কামি।
হুচৰি গাবলৈ আহিছোঁ আমি॥ ৫৭৩।

হুচৰি ঐ, ঠৰুৱা লাই।
চাউল চালিবলৈ চালনি নাই॥ ৫৭৪।

ৰংপুৰ ঐ, ৰঙাপুৰ ঐ।
গড়গাঁও ঐ, কিমান দূৰ ঐ॥ ৫৭৫।

গিৰিপ্ গিৰিপ্ ঔ, কাঠৰ শৰাই।
কি ফুল ফুলিছে লতা বগাই॥ ৫৭৬।

কেৰেলা ঐ, বেঙেনা ঐ।
তোৰ বহ-বতৰ যায় না ঐ॥ ৫৭৭।

নিলাজী চ’ত, আছিলি ক’ত।
বহাগী ৰাম, নাথাকোঁ যাম॥ ৫৭৮।

হুৰাই ল, কলীয়া চোলা।
দেউতাৰ শুৱনী কেঁকোৰা দোলা॥ ৫৭৯।

ধনসিৰিৰ বাগৰি শুকান সিৰি ঐ।
আহ যাওঁ লগৰী ওমলোঁগৈ॥ ৫৮০।

ত্ৰিংশ অধ্যায়

সৰুজনী' বুলিলে বৰজনী বাই।
পিজলী কপাহ, ক’ত ক’ত পায়॥ ৫৮১।

পিজলী কপাহৰ মই জানো বুধি।
চাউল ছপুৰা আন পিঠাগুড়ি খুন্দি॥ ৫৮২।

মৰুৱা হাতৰ কপাহ আন কিনি।
কপাহ কিনি আনি তাই আছিলেক গুণি॥ ৫৮৩।

নেওঠনি আনি তাই পেলালে নেওঠি।
নেওঠা কপাহ তাই চুঙাত থলে তুলি॥ ৫৮৪।

ধনুখন আনি তাই পেলাইলেক ধুনি।
ধুনা কপাহ লৈ তাই আছিলে গুণি॥ ৫৮৫।

এসেৰা কাটিলে ৰেতেও-তেও।
এসেৰা কাটিলে পচলাৰ কেও॥ ৫৮৬।

এসেৰা কাটিলে বহি মাজ-ৰাতি।
তাৰে বান্ধিলে দঁতালকৈ হাতী॥ ৫৮৭।

এসেৰা কাটিলে সবাতকৈ সৰু।
তাৰে বান্ধিলে ভটৰা গৰু॥ ৫৮৮।

সূতাখিনি কাটি তাই চাঙত থলে তুলি।
হালোৱাই লৈ গল মৈ-জৰী বুলি॥ ৫৮৯।

লৰাহঁতৰ বাপেক, তুমি বহি কি কৰাঁ।
চাঁচখন ধৰি পেলাই সূতা সৰু কৰাঁ॥ ৫৯০।

ওচৰ-চুবুৰীয়াই নুলুৰিলে খৰি।
ছমাহলৈ পুৰি খালে সেই সূতাৰ খৰি॥ ৫৯১।

গধূলি বেলিকা তৰিলে তাঁত।
উজুতিত লৈ গল পৈয়েকৰ দাঁত॥ ৫৯২।

তাঁতখন তৰি তাই নঘঁহিলে তেল।
তাৰ মাজে সৰকিল যুৰীয়া বেল॥ ৫৯৩।

কত দিনৰ মূৰত তাইৰ কাপোৰখন হল।
হেন কালে মিকিৰে কাপোৰ বিচাৰি গল॥ ৫৯৪।

কাপোৰ দেখি মিকিৰৰ গাত উঠিল জ্বৰ।
একে চাবে উঠিয়েই দিলে মাৰি লৰ॥ ৫৯৫।

দাঙি-পাৰি কাপোৰ তাই থলে চাঙত তুলি।
ডালশলিয়াই লৈ গল বাহ বান্ধোঁ বুলি॥ ৫৯৬।

ঘূৰি ঘূৰি চ’ত ঐ, ঘূৰি ঘূৰি চ’ত।
পালেহি চ’ত ঐ, ধাননো ব’ম ক’ত॥ ৫৯৭।

কেতিয়া বান্ধিবা কপাহৰ জোলা।
কাহানিকৈ বৈ দিবা আমালৈ চোলা॥ ৫৯৮।

পালেহি বহাগ, চ’ত গৈ গৈ।
নাযাবা ঘৰলৈ গুচি না ৰৈ॥ ৫৯৯।

ফুলিলে ভেবেলী লতা না ৰৈ।
মোলান দৈ ঐ, আহ যাওঁ ওমলোঁগৈ॥ ৬০০

ঊনত্ৰিংশ অধ্যায়

চোতালৰ আগৰ কুমটি।
এই ঘৰ মানুহৰ ঘুমটি॥ ৬০১।

চোতাল আগৰ কেঞা বন।
এই ঘৰ মানুহৰ বেয়া বন॥ ৬০২।

চোতালৰ আগৰ তুলসী।
মনবোৰ আহিছে উলসি॥ ৬০৩।

পোৱালী হাতীৰ শুঁৰ এ।
জপাৰ মেলাঁগৈ মূৰ এ॥ ৬০৪।

তৰণিৰ কুছিয়া হৰহৰায়।
জপাটো মেলিছে, মৰমৰায়॥ ৬০৫।

দুৱাৰ-দলি বাই ঐ, অগা আৰু বগা।
বৰঘৈণী বাইৰ ককালটি ভগা॥ ৬০৬।

সৰুঘৈণী বাই, সবাতকৈ চুটি।
ধানবোৰ নমাইছে, উধানত উঠি॥ ৬০৭।

আম গছৰ পাণ ঐ, কঠাল গছৰ পাণ।
ডখৰীয়া সান্দহ-লডা চোবাবলৈ টান॥ ৩০৮।

গোহালিত আছে বুঢ়া-ডেকা গৰু।
চেলেংখন নালাগে, সূতাবোৰ সৰু॥ ৬০৯।

লাও বিচাৰোঁতে হেৰ, লাওৰ ডিঙি ভাগিল।
বুঢ়া-বুঢ়ী হালৰে কিলাকিলি লাগিল॥ ৬১০।

আম মুচি মুচি ঐ, কঠাল মুচি মুচি।
ধনবোৰ আনিছে জপাটো চুচি॥ ৬১১।

মাছ ধৰা চেপা ঐ, মাছ ধৰা খোকা।
ধন কুৰি নাপালে চোতাল কৰিম বোকা॥ ৬১২।

ৰঙালী ঐ, টঙালী ঐ।
বহাগৰ বিহুৰে ধেমালি ঐ॥ ৬১৩।

পাত ঐ পচলা, মাধৈ ফুলৰ মলা।
মলামুঈ ঐ! সোনকালে পঠিয়াই দিয়াঁ॥ ৬১৪।

হুঁচৰি এ, হাওঁ হাওঁ।
হালি জালি গছে, কি কথা পাতিছে,
বিহু-বলিয়া যেন পাওঁ॥ ৬১৫।

যমুনাৰ পাৰতে কোনে পেঁপা বজায়।
পানী আনিবলৈ যাওঁ॥ ৬১৬।

হাবি-বননিয়ে কিনো ফুল ফুলিছে।
ফুলৰে নাপাওঁ মই নাও॥ ৬১৭৷

চম্পা নাগেশ্বৰে, ফুলে দশেদিশে,
সুগন্ধি বলিছে বাও॥ ৬১৮৷

হেৰা, হেৰা, থেৰেজু কলীয়া,
বঙালী ম’হৰে শিঙ্ ঐ, গোবিন্দাই ৰাম॥ ৬১৯।

হেৰা হুচৰি, গাইছোঁ খুচৰি,
পৰ্ব্বতত শুনি যাওঁ ৰিঙ্‌ ঐ, গোবিন্দাই ৰাম॥ ৬২০।

বিহু-ঘোষা

দ্বাত্ৰিংশ অধ্যায়

দেউতাৰ বৰঘৰ  দেখোঁতেই ভয়ঙ্কৰ,
 শৰণ খেৰ-এ মেলি চায়।
ন শ গাঠনিত  মুগাৰে বটীয়া,
 সৰিয়হ পিচলি যায়॥ ৬২১।

দেউতা ওলালে  বৰ চ’ৰাৰ মুখলৈ,
 দুলীয়াই পাতিলে দোলা।
কাণত জিলিকিল  নৰা-জাংফাই,
 গাত গোম্‌চেঙৰ চোলা॥ ৬২২।

জোনৰ তামুলী  তৰা, লগৰীয়া, .
 জোনৰ তামুলী তৰা।
স্বৰ্গদেৱৰ তামুলী  গন্ধীয়া ফুকনে
 মাতে তাওকাকৰ পৰা॥ ৬২৩।

পূবেদি ওলাবৰ  ৰণু, সমীয়া
 পূবেদি ওলাবৰ ৰণু৷
সুন্দৰ বৰগোঁহাই  ৰণলৈ ওলালে,
 আটাই ঘূনে খোৱা ধনু॥ ৬২৪৷

ৰজালৈ এটকি  দিয়ক, ডাঙৰীয়া,
 প্ৰজালৈ এটকি দিয়ক।
আমি সমনীয়াই  বিহুখন পাতিছোঁ
 আমাকো এটকি দিয়ক॥ ৬২৫।

শুকান ঢেকিয়াৰ  কাপ, ডাঙৰীয়া,
 শুকান ঢেকিয়াৰ কাপ।
জীয়াই থাকে মানে  ভকতক শুধিব,
 মৰিলে শুধিব কাক॥ ৬২৬।

ধনে ধনে কৰি  ধনকে ঘটিলে
 পৰম যতন কৰি।
ধন ৰব পৰি  দেহা যাব চলি
 লগত যাব দুচলি খৰি॥ ৬২৭।

উলিকৈ তামোলৰ  পুলি, ডাঙৰীয়া,
 উলিকৈ তামোলৰ পুলি।
খুৰা লগা বটাটো  যায় বাট বুলি
 চিকা ৰূপ আনোগৈ বুলি॥ ৬২৮।

চৰাইৰে চিকুণ  তেলীয়া সাৰঙ্ ঐ,
 মাছৰ চিকুণ মালী৷
দেউতাৰ চিকুণ  কেকোঁৰা দোলাখন,
 শুৱায় গজপুৰৰ আলি॥ ৬২৯।

মাখিৰ মূৰ কাটি  ঢোলটি সাজিলোঁ,
 পিপৰাৰ ছালেৰে ছালোঁ।
জেলুকৰ ছালেৰে  বৰতি কাটিলোঁ,
 ফৰিঙৰ ঠেঙেৰে বালোঁ॥ ৬৩০।

ঢোলৰ নাম উৰুলি,  ঢোলৰ নাম কুৰুলি,
 ঢোলতো বিন্ধিলে ঘূনে।
মৰাণৰ মুছিয়াৰ  ঘৰত নাইকিয়া,
 ঢোল ছাই দিব কোনে॥ ৬৩১।

কৰদৈৰ চকলা  পাত, ঐ দেউতা
 কৰদৈৰ চকলা পাত৷
ৰূপৰে চকলা  হুঁচৰিক নিদিলে
 হুঁচৰিয়ে নিদিয়ে বাট॥ ৩৩২।

কেলৈ লাগিছে  তামৰে পইছা,
 চুকত পৰি পৰি আছে।
দিয়াঁ ঐ দিয়াঁ ঐ  চিকাৰূপ দুটকা,
 আগলৈ যশস্যা আছে॥ ৬৩৩।

তিতা ধান-খেৰৰ  ছাই, ঐ দদাইদেউ,
 তিতা ধানখেৰৰ ছাই।
ত’ৰ-এ পৰা  শবদত শুনিলোঁ,
 তোমাৰ ‘মান চহকী নাই॥ ৬৩৪৷

খুটিতে পৰিব জীয়াঁ  ঐ ককাইদেউ,
 খুটিতে পৰিব জীয়াঁ।
তললৈ মূৰকৈ  গুণিব নালাগে,
 চিকা ৰূপ উলিয়াই দিয়াঁ॥ ৬৩৫।

ঢোলকে বাবৰে  তিনিটি আঙুলি,
 মাজৰে আঙুলি লৰে।
কালিৰ-এ পৰা  ভাত নাইকিয়া,
 কাচুটি সুলকি পৰে॥ ৬৩৬।

এনেকৈ নাচিবি,  তেনেকৈ নাচিবি,
 তোকে ঐ কিহবাই পাব।
জীবটি যাবগৈ  যম ৰজাৰ থানলৈ,
 ভেলটি শগুনে খাব॥ ৬৩৭।

এইনো কি-এ মাহ,  কাতি, ঐ ককাইদেউ,
 এইনো কি-এ মাহ, কাতি।
আছে লিখা কপালত,  তোমাৰে চোতালত
 আমাৰ পুৱাই যাৰ ৰাতি॥ ৬৩৮।

গুৰুকো কৰিবা  দান, মোৰ দেউতা,
 ভকতক কৰিবা দান।
নমৰা কালতে  অ' ৰাম বুলিবা,
 তেহে পাবা বৈকুণ্ঠত থান॥ ৬৩৯।

ভলুকা বাঁহৰে  আখি, ঐ দেউতা,
 ভলুকা বাঁহৰে আখি।
বতাহ-বৰষুণে  ওন্দোলাই আনিছে
 আমাকে নথবা ৰাখি॥ ৬৪০।

ত্ৰয়োত্ৰিংশ অধ্যায়

বিহুৱতী চৰায়ে  কৰে বিহু বিহু,
 আমাৰ বিহু কাপোৰ নাই।
সমনীয়াই সুধিলে  কম কি-এ বুলি,
 সৰুতে ঢুকালে আই॥ ৬৪১।

ই বোলে শিপিনী,  সি বোলে শিপিনী,
 শিপিনী কিমানৰ কাজী।
ফুলামকৈ হাঁচটি  উলিয়াই নিদিলে
 শিপিনীক ঠেকেছিম আজি॥ ৬৪২।

নৈৰে চাপৰিত  কুঁহিয়াৰ শালখন,
 মূঢ়াকৈ কুঁহিয়াৰ পেৰোঁ।
শবদত শুনিলোঁ  বৌদেৱ ফুলতী,
 খনীয়া নাপালে নেৰোঁ॥ ৬৪৩।

আগফালে এখনি,  পিছফালে এখনি,
 শিপিনীৰ দুখনি শাল।
আমাৰ শিপিনীয়ে  হাঁচটি যাচিছে,
 লাঙিজাল বাবলৈ ভাল॥ ৬৪৪।

হাত মেলি হাঁচটি  ব’লা, ঐ শিপিনী,
 ভৰি মেলি হাঁচটি বলা।
ৰাইজক এখনি  হাঁচটি নিদিলা,
 কালৈ সামৰি থ’লা॥ ৫৪৫।

শিয়ালে কৰিবৰ  ‘হোৱা’, ঐ শিপিনী,
 শিয়ালে কৰিবৰ ‘হোৱা’।
তোমাৰ যই পেৰাতে  চেলেং নাইকিয়া,
 আমাৰ পৰাই এখনি লোৱাঁ॥ ৬৪৬।

কেলৈ সাঁচিলা  জপাৰ বৰকাপোৰ,
 কেলৈ সাঁচিলা ধন।
জপাৰ বৰকাপোৰ  জপাতে পচিব,
 ধনতো গজিব বন॥ ৬৪৭৷

বৰ আইৰ বৰ  ৰং হ’ল, সমনীয়া,
 বৰ আইৰ বৰ ৰং হল।
আঁচুৱলী ৰিহাখনা  কানতে পেলাই লৈ
 চিকা ৰূপ বিচাৰি গল॥ ৬8৮৷

আমাৰ শিপিনী  চুটিকৈ চাপৰে,
 নাপায় চাঙৰ পেৰা ঢুকি।
যেনে তেনে কৰি  জপাৰ মূৰ মেলিছে,
 তামুলী পিৰাতে উঠি॥ ৬৪৯।

আৰু-বেলি বিহুতে  গামচা খুজিলোঁ,
 এই বেলি কাটিছা পাঁজি।
কেহেলৈ লাগিছে  এনেখন গামচা,
 আনি লম তোমাতকৈ কাজী॥ ৬৫০।

পৰি হাঁহকণি  ভাগিল, সমনীয়া,
 পৰি হাঁহকণি ভাগিল।
বৰ ঘৰৰ ভিতৰত  চিকা ৰূপ হেৰালে,
 বিচৰা-বিচৰি লাগিল॥ ৬৫১।

ৰিহাত পদুমৰ  চকা, ঐ আইতা,
 ৰিহাত পদুমৰ চকা।
তোমাৰে ধনেৰে  কিনো দৌল বান্ধিবা,
 বচনেই এহেজাৰ টকা॥ ৬৫২।

পোৱালী হাতীৰ  শুড়, ঐ দেউতা,
 পোৱালী হাতৰে শুড়।
তললৈ মূৰকৈ  গুণিব নালাগে,
 জপাৰে মেলাগৈ মূৰ॥ ৬৫৩।

চেলেং কাপোৰৰ  পুতল, ঐ আইটী,
 চেলেং কাপোৰৰ পুতল।
খৰকৈ যোৱাঁগৈ,  পিতাৰাক কোৱাঁগৈ,
 ভাতৰো আহিছে উতল॥ ৬৫৪।

ঢোলে যে বুলিব  ঢিনিকি ঢিনদাও,
 মিদঙে বুলিব তাও।
কাটনি তাঁতে যে  আমনি কৰিব,
 বিদায় দিয়া ঘৰলৈ যাওঁ॥ ৬৫৫।

হাতো পদুমী,  ভৰিও পদুমী,
 ছোৱালীৰ পদুমী নাও।
ওলাই সমিধান ঐ  দিয়াঁ মোৰ পদুমী,
 আমি ৰাইজ ঘৰলৈ যাওঁ॥ ৬৫৬৷

চ’তৰে চকৰি,  বহাগৰ বগৰি,
 জেঠতে আমনা ধান।
গৰু-বিহু দিনাখন  লবাঁ আশীৰ্ব্বাদ,
 তেহে পাবা বৈকুণ্ঠত থান্॥ ৬৫৭।

ঢাপতো নুৰুবা  সিজু, সমনীয়া,
 ঢাপতো নুৰুবা সিজু।
ওলটাই ওভতাই  বিহু-নাম জুৰিছা,
 কিয় খাই যাব ৰিজু॥ ৬৫৮।

পৰ্বতৰ ঢেকিয়া  চিৰিলি চিৰিলি,
 মেকুৰী কৰিবৰ মাও।
ইবাৰৰ দোযকে  খেমা, সমনীয়া,
 হস্তীৰো পিছলে পাও॥ ৬৫৯।

আলি ঢাকি পৰিলে  কাণকুৰিকা চৰাইটি,
 পথাৰ ঢাকি পৰিলে কাম।
আমাৰে গীতৰে  অধ্যায় পৰিলে,
 ডাকি বোলা কৃষ্ণ ৰাম॥ ৬৬০।

বিহুতলীৰ নাম

চতুত্ৰিংশ অধ্যায়

বিহুলৈ কেই দিন  আছে, লগৰীয়া,
 বিহুলৈ কেই দিন আছে।
উজনি-নামনি  মাৰোঁ কেইওখনি,
 বিহুলৈ বাৰ দিন আছে॥ ৬৬১৷

ইয়ো বোলে উৰুকা,  সিয়ে বোলে ভুৰুকা,
 নাহৰ ফুল ফুলিবৰ বতৰ।
শিৱসাগৰ জিলাতে  ঢোলৰ মাত শুনিলে,
 ঠেকেচি ভাঙি যাওঁ যঁতৰ॥ ৬৬২।

আজি বিহু বিহু,  কালি বিহু বিহু,
 কেতিয়া ফুলিলে নাহৰ।
কেতেকী চৰায়ে  কাটে সৰু সূতা,
 মৰুৱা কাঠৰে যঁতৰ॥ ৬৩৩।

বিহুৰে ভমকে  ৰমকে-জমকে,
 নাহৰ ফুল ফুলিবৰ বতৰ।
নাহৰ ফুলৰ গোন্ধ পাই  লাহৰীৰ তৎ নাই,
 গচকি ভাঙি যায় যঁতৰ॥ ৬৬৪।

কাহানিকৈ আহিব  বহাগৰ বিহুটি,
 কাহানিকৈ কান্দিব কুলি।
কাহানিকৈ ধৰিবা  হাতত মুঠি মাৰি,
 মোকে প্ৰাণেশ্বৰী বুলি॥ ৬৬৫।

ন পানী বঢ়া নাই,  নাহৰ ফুল ফুলা নাই,
 বিহু বিহু লগা নাই গাত।
গাঁৱৰ ডেকা লৰা  জুমেৰে ফুৰা নাই,
 গোন্ধ তেলৰ লোৱা নাই ছাট্॥ ৬৬৬।

এই বেলি বিহুটি  চেৰেঙে-বেৰেঙে,
 চ’ত বিহুত যুজাবৰ কণি।
গোন্ধ তেল এবটল  আনি দিবা, সাদৰী,
 দিবা মহৰ শিঙৰ ফণি॥ ৬৬৭।

বাঢ়ি গল, বাঢ়ি গল  ভলুকাৰ গাজটি,
 কাউৰী পৰিয়ে ভাগে৷
সৰুটি পিলিঙা,  টকা সাজি দিবা,
 বিহু মাৰিবলৈ লাগে॥ ৬৬৮।

ইফালে টকাৰ মাত,  সিফালে টকাৰ মাত,
 মাজত শোলেঙগুৰি সুতি৷
টকাৰ মাত শুনি বাঢ়িল চতিয়না,
 পুলিয়ে ধৰিলে গুটি॥ ৬৬৯।

বজাৰলৈ যোৱাঁগৈ,  লংগুটি আনাগৈ,
 দুয়ো মঘা মাৰি খাম।
মহৰ শিঙৰ পেঁপাটি  বনকাই আনাগৈ,
 তোমাৰ লগত বিহুলৈ যাম॥ ৬৭০।

এই বেলি বিহুটি  লৰকে-ফৰকে,
 গুৰিলৈ টানিলে খৰ।
বিহুৰে নাচনি  নৰীয়া পৰিলে,
 ঢুলীয়া পৰিলে জ্বৰ॥ ৬৭১।

নগাৰ চাঙতে  পেঁপাটি বাজিলে,
 ডফলাই বজালে টকা।
জীয়ৰী-বোৱাৰী  বিহুতে বলিয়া,
 তুমি ক’ৰ বিহুৱা ডেকা॥ ৬৭২।

কলীয়া কচুৰে  শিয়া, ঐ বহনা,
 কলীয়া কচুৰে শিয়া।
জীয়াই থাকোঁ মানে  তোমাৰে তিৰুতা,
 বিহুলৈ পঠিয়াই দিয়াঁ॥ ৬৭৩।

কেঁহকলী নিকালী,  কপাহ সূতা ক’ত থলি,
 ঠেহ পাতি নাখালি ভাত।
এপুৰা সেন্দুৰৰ  যোৰ-ফোঁট মাৰিলি,
 ৰঙা ৰিহা মেৰালি গাতি॥ ৬৭৪।

এড়িয়াৰ এখনি,  কপাহৰ এখনি,
 মই বোলোঁ বিহুলৈ যাওঁ।
ইয়ে নিলে এখনি,  সিয়ে নিলে এখনি,
 তাকে ঐ বিচাৰি যাওঁ॥ ৬৭৫।

চটাই পৰবতত  পহুৰ জাল পাতিলোঁ,
 অঠাইতে গধূলি হ’ল।
সমনীয়াই সুধিলে  কম কি-এ বুলি,
 জাল ফালি হৰিণা গ’ল॥ ৬৭৬।

চৰায়ে খাবৰ  ধান, সমনীয়া,
 উফৰি পৰিবৰ কণ।
অতি চেনেহৰে  আমাৰ বিহুতলীত
 গজিলে দুবৰি বন॥ ৬৭৭।

শিলে বালি চৰাই  গিলে, ঐ লগৰী,
 শিলে বালি চৰাই গিলে।
আৰু-বেলি বিহুখন  পাতিবলৈ নাপালোঁ,
 মটা মহ ৰখীয়া দিলে॥ ৬৭৮।

তাৱৰ চুৰিয়া  লেটাই নামাৰিবা,
 মাটিত নুবুলিবা শো।
কোনোবাই কৰবাত  কঁড়িয়াই মাৰিব,
 বাঁৰী দুখুনীৰ পো॥ ৬৭৯।

ভঁৰালৰ আগতে  মইনাৰ তাঁতশালে
 চৰায়ে ছিঙিলে সূতা।
ফেকুৰি ফেকুৰি  নাকান্দা, মইনা,
 আনি দিম বজাৰৰ সূতা॥ ৬৮০।


পঞ্চত্ৰিংশ অধ্যায়

বিহুতলীৰ নাচনী কোন, সমনীয়া,
 বিহুতলীৰ নাচনী কোন।
বিহুতলীৰ নাচনী  আমাৰ সৰু ভনী,
 খোপাত গুজি- লৈছে সোণ॥ ৬৮১।

পোৱালি কাছৰে  চলং, লগৰীয়া,
 পোৱালি কাছৰে চলং।
কেনি পাৰ হব  আমাৰে নাচনী,
 দিখৌত নাইকিয়া দলং॥ ৬৮২।

কোনে দি-এ যাব  কাঠৰ দোৰপতি,
 কোনে দি-এ যাব মাকো।
কোনে দি-এ যাব  দিখৌৰ দলংখনি,
 কোনে দি-এ যাব সাঁকো॥ ৬৮৩।

ইটো পৰবতত  কুকুৰা কাটিলোঁ,
 সিটোত পৰিলেগৈ তেজ।
নাচনীৰ মূৰৰে  গুটি ফুলৰ গামচা,
 যেন ম’ৰা চৰাইৰ নেজ॥ ৬৮৪।

ঢোলৰ নাজান  ছেও, ঐ ঢুলীয়া
 পেঁপাৰ নাজান ছেও।
নাচনী ছেওকে  মাৰিব নাজান,
 কানেদি মাৰি যাওঁ ডেও॥ ৬৮৫।

পেঁপা ছেও ধৰি  বাবি, ঐ পেঁপুৱা,
 পেঁপা ছেও ধৰি বাবি।
বৰকৈ নাবাবি,  খৰকৈ নাবাবি,
 নাচনী ছেওকে বাবি॥ ৩৮৬।

নাচোঁতে উৰিবৰ  ধূলি, ঐ বহনা,
 নাচোঁতে উৰিবৰ ধুলি।
বেইতা পৈয়ে মোৰ  চায় জুমি জুমি,
 মোৰ জনী আহিছে বুলি॥ ৬৮৭।

ঢোলৰ হেঙুলীয়া  মাৰি, ঐ লাহৰী,
 ঢোলৰ হেঙুলীয়া মাৰি।
লুইতত চাপিলে  ভাপ-নাও এখনি,
 চলায় পৰবতত গাড়ী॥ ৬৮৮।

ঢোল বায় ঢুলীয়া,  তাল বায় তালীয়া,
 কাৰ ঘৰৰ নাচনি নাচে।
ওচৰ চাপি চাপি  নাহিবা, নাচনী,
 তোমাৰ গাত মোহনি আছে॥ ৬৮৯।

টেকেলি পৰিলে  নাদত, সমনীয়া,
 টেকেলি পৰিলে নাদত।
আমাৰে নাচনী  লৰ মাৰি সাৰিলে,
 ঢুলীয়া পৰিলে ফান্দত॥ ৬৯০।

বাঁহৰে আগতে  পৰে কাম চৰাই,
 পৰে হেন পৰে হেন দেখোঁ।
আমাৰে নাচনী  নৰিয়া পৰিলে,
 মৰে হেন মৰে হেন দেখোঁ॥ ৬৯১।

ঢোলত চাপৰ মাৰি  ঢুলীয়া ওলালে,
 বহি বৈ আছিলোঁ তাঁত।
সেন্দুৰৰ পুৰিয়া,  গোন্ধ তেলৰ ছিছা
 আৰু হল আথানি ভাত॥ ৬৯২।

চামগুৰিৰ হাটতে  ঢোলে গিৰ্‌গিৰায়,
 ঢোলৰ কি-এ কি-এ নাও৷
এটা আমৰি,  এটা চামৰি,
 বাঁহৰ টকা সাজি বাওঁ॥ ৬৯৩।

টকাৰ সৰু সৰু  মাত, সমনীয়া,
 টকাৰ সৰু সৰু মাত।
টকাৰ মাত শুনি  ৰবকে নোৱাৰোঁ,
 এৰি যাওঁ পেটৰে ভাত॥ ৬৯৪।

বিহুৰে বিৰিণা  পাত, লগৰীয়া,
 বিহুৰে বিৰিণা পাত।
বিহু থাকে মানে  বিহুকে বিনাবি,
 বিহু গলে বিনাবি কাক॥ ৬৯৫।

ৰৈ ৰৈ ধেমালি  কৰ, প্ৰেমৰ মইনা,
 ৰৈ ৰৈ ধেমালি কৰ।
গাৰ ফটাকানি  জিৰিলি-জিপিৰি,
 তেও যে ধেমালি নেৰ॥ ৬৯৬৷

বিহু কৰি থাকিবি,  বিহু কৰি থাকিবি,
 বিহু কৰি থাকিবৰ মন॥
বিহু কৰি থাকিবি,  পলুৱাই নিনিবি,
 ভৰি যে মৰিবি ধন॥ ৬৯৭।

আইটি নাযায় ঐ,  কোৱাঁগে বুজাই ঐ,
 লাগে ফুল-বচা ৰিহা।
আনা হাত ধৰি,  দিয়াঁ আগ কৰি,
 ডেকালৈ দি যাম বিয়া॥ ৬৯৮।

ৰাতি দুপৰলৈ  কাটি সূতলাহি,
 ধনলৈ বিহুৱান বলোঁ।
ৰঙাকৈ আঁচুৰে  বাচি পানকটা,
 টিপতে লুকুৱাই থলোঁ॥ ৬৯৯৷

ধনে সাজি দিয়া  লাহৰী গগনা
 বহি বড়ৰ তলত বাওঁ।
ধনো নাহিলে,  গগনা ফাটিলে,
 খৰিকাত মঙলখন চাওঁ॥ ৭০০।


ষষ্ঠত্ৰিংশ অধ্যায়

ওপৰে উৰিলে  কালিন্দী ভোমোৰা,
 ঠিয় হৈ আছিলোঁ চাই।
তোমাৰে আমাৰে  পিৰিতি লাগিলে
 চকুৱে চকুৱে চাই॥ ৭০১।

সজাত বন্দী হলে   সজাৰে মইনা,
 শালত বন্দী হল হাতী।
মোৰ ধন বন্দী হল  ছৰ্কাৰী কামতে,
 টোপনি নধৰে ৰাতি॥ ৭০২।

সজা ভাঙি মোকলাওঁ  সজাৰ মইনা,
 শাল ভাঙি মোকলাওঁ হাতী।
মোৰ ধনক মোকলাওঁ  ছৰ্কাৰী কামতে,
 টোপনি অহাই যাওঁ ৰাতি॥ ৭০৩।

ৰাতি পৰে পৰে  তোলৈ মনত পৰে,
 মই আহোঁ বাজলৈ ওলাই।
তোৰে কথা ভাবি  ওলায় চকুৰ পানী,
 কাহানিকৈ ঈশ্বৰে মিলায়॥ ৭০৪।

হাত মেলি নাপালোঁ  আকাশী চন্দ্ৰমা,
 ভৰি মেলি নাপালোঁ পাটি।
অতি চেনেহৰে  পিৰিতি কৰিলোঁ,
 শুবলৈ নাপালোঁ ৰাতি॥ ৭০৫।

জোন যেন দেখোঁ মই  তোক, ঐ মইনা,
 তৰা যেন দেখোঁ মই তোক।
কেচা ঘূমটিতে  হেৰায় যেন দেখোঁ মই,
 কাক পাই এৰিলি মোক॥ ৭০৬।

এই পিনে কোন গ’ল,  মোৰে ধন গ’ল,
 খোজত ঠন ধৰি গ’ল বন।
চকু কেৰাহিকৈ  এবাৰো নাচালে,
 কেনেবা কৰিছে মন॥ ৭০৭।

এই পিনে কোন গ’ল,  মোৰে ধন গ’ল,
 মূৰত পহু ছালৰ টুপি।
শতৰুৰ আগতে  মাতিব নোৱাৰোঁ
 চাওঁ বেৰ-জলঙাই জুপি॥ ৭০৮।

হাঁচতি লাহৰে,  টেমিটি কাঁহৰে,
 বঙালী মহৰে শিঙ।
আমাৰে পদূলিত  তামোল নাকাটিবা,
 বাকলিত ধৰিব চিন॥ ৭০৯।

মটা মহত উঠি  চাপৰ নামাৰিবা,
 জোকাৰি নাবাবা বীণ।
শহুৰৰ পদূলিত  তামোল নাকাটিবা,
 বাকলিত ধৰিব চিন॥ ৭১০।

কেলৈ আহিলা  দিনৰে দুপৰত,
 লগাব নোৱাৰোঁ মাত।
তোমাৰো খতি হল  হাতৰ কাঠি-কামি,
 মোৰো খতি হল তাঁত॥ ৭১১।

হেৰা মোৰ লাহৰী,  নাপাওঁ মই আহৰি,
 তোমাক যাচিবলৈ গুৱা।
কাবৌটি কৰিছোঁ,  দুটি ভৰিত ধৰিছোঁ,
 ঘৰলৈ উভতি যোৱাঁ॥ ৭১২।

শুকানকৈ কলাপাত,  ধোঁৱা চাঙৰ মৰাপাট,
 থুৰিয়া তামোলত বান্ধো।
হেপাহৰ টোপোলা  দিবলৈ নাপাই মই
 বুকতে বান্ধিয়ে কান্দো॥ ৭১৩।

মহৰে টিলিঙা,  মোৰ ধন পিলিঙা,
 কাক বুলি যোৱাঁ শাহু।
ৰ'দলৈ পিঠিকৈ  মূৰতে ৰিহা লৈ
 আমি বহাই গৈছোঁ আহু॥ ৭১৪।

ধনে দি পঠিয়ায়  ধনৰে টোপোলা,
 আমি দি পাঠিয়াওঁ কি।
ভালকৈ বুজাবা,  ধনৰে কটকী,
 আমি দুখীয়াৰে জী॥ ৭১৫।

থুৰিয়াই দি গলোঁ  তামোল তিনিখনি,
 বাটতে উলিয়াই খাবাঁ।
যেতিয়া পাবাগৈ  সোণাপুৰ নগৰখন,
 জানোচা পাহৰি যাবা॥ ৭১৬৷

ন পানী বাঢ়িলে  ঢেকনি লাগিলে,
 বহনাই বৰশি বায়।
মোৰ যে ভৰিতে  শিঙৰাই ফুটিলে,
 ধনে বেজ বিচাৰি যায়॥ ৭১৭।

আইটী বোলোঁ তোক,  এবেলি চাবি মোক,
 জেতুলি পকাৰে তলত।
এতোলা সোণৰে  বিৰি মই গঢ়াই দিম,
 পিন্ধি যাবি শুৱনী গলত॥ ৭১৮।

ঔ-তলৰ ঢেকীয়া  নিছৈ কুমলীয়া,
 ভৰি লাগি মুচুকাই ভাগে।
কঁকাল খামুচীয়া,  খোপা উধনীয়া,
 চাই থাক চাই থাক লাগে॥ ৭১৯।

সিপাৰৰ হাবিতে  কোনে জুই দিলে,
 ইপাৰে পৰেহি ছাই।
মোৰে হিয়াতে  কোনে জুই জালিলে,
 জুৰনি দিওঁতা নাই॥ ৭২০।

সপ্তত্ৰিংশ অধ্যায়

ভাটিৰে বঙালে  কঠিয়া তুলিলে,
 বেতৰ বকতুৰে বান্ধে।
আলসুৱা কঠিয়া  নাবান্ধিবি, বঙাল ঐ,
 জানো দুখ পাই কান্দে॥ ৭২১।

বঙাল ঐ, বঙাল ঐ,  লেতেৰা বঙাল ঐ,
 বঙালক নিদিবা ঠাই।
এৰাতি থাকিলে  কাললৈ শিকাব,
 সেইহে বঙালী ভাই॥ ৭২২।

কালিয়ে আহিলা,  কানি পান কৰিলা,
 ঘৰত বা হৈছে কি।
মাৰক লৈ গৈছে  ৰণুৱা বঙালে,
 কান্ধতে বন্দুকটো দি॥ ৭২৩।

কানীয়ালৈ নিদিবা,  কানি দিব লাগিব,
 তাকো দিব লাগিব মাৰি।
কানিৰ তিতা মাৰোঁতে  গুৰ দিব লাগিব,
 পিৰা দিব লাগিব পাৰি॥ ৭২৪।

জাকৈয়া, জাকৈয়া,  মূৰতে টকৈয়া,
 কঁকালত ওদালৰ ফই।
হেৰা জাকৈয়া,  এটি মাছ দি যোৱাঁ,
 ৰজাই পতা বৰলা মই॥ ৭২৫।

জাতী বাঁহৰ জকাই ঐ,  নালাগে ককাই ঐ,
 নাখাওঁ দৰিকণা মাছ।
ৰজাই পতা বৰলাক  ছোৱালী নিদিবা,
 কথাৰো নাপাবা সাঁচ॥ ৭২৪৷

কলৈ যাৱ এলনী,  কলৈ যাৱ পেলনী,
 ঘৰতো নুশুনো মাত।
কলৈকো যোৱা নাই  বুকুৰে বহনা,
 বহি বৈ আছিলোঁ তাঁত॥ ৭২৭।

কৰঙাৰ ছোৱালী  থৰঙা-মৰঙা,
 ৰান্ধি খাব নাজানে ভাত।
বৈ খাব নাজানে  ৰিহাকৈ মেখলা,
 লগাই যাব নাজানে মাত॥ ৭২৮।

কিনো মাহী আইৰ  সাদৰ, ঐ বহনা,
 কিনো মাহী আইৰ সাদৰ।
ধান বানি খুৱালে  মাণিকি মধুৰি,
 পানী আনি খুৱালে নাদৰ॥ ৭২৯।

হাত মেলি মেলি  দাবলৈ নাপালোঁ
 পথাৰৰ মাগুৰি ধান।
শহুৰৰ লৰালৈ  যাবলৈ নাপালোঁ,
 পৰে শাহুৱতি টান॥ ৭৩০।

আমলৈ-এ বুলি  মাৰোঁ ফৰমুটি,
 কি বুলি তেতেলি সৰ।
ভনী-জোঁৱাই বুলি  দি যাওঁ তামোলখনি,
 কি বুলি হাততে ধৰ॥ ৭৩১।

ঔ ফুল ফুলিলে  পিন্ধোতা নহলে,
 ঠেকেৰা ফুলিলে ৰাতি।
আমাৰে বহনাক  কিনো চাই যাবা,
 কেচা হালধিৰে গাঁথি॥ ৭৩২।

চাইনো চাই বুলিবি  বাট, ঐ বহনা,
 চাইনো চাই বুলিবি বাট।
দেহৰে ভিতৰত  আছে খাল-বাম,
 পিচলি পৰিবি তাত॥ ৭৩৩।

পকি নেমু টেঙা  সৰিল, ঐ লাহৰী,
 পকি নেমু টেঙা সৰিল।
তোমালৈ-এ বুলি  ধিয়াওঁতে ধিয়াওঁতে
 যৌৱনৰ পৰালি পৰিল॥ ৭৩৪।

শিমলু লেলেঙা,  ডালটি পোলোঙা,
 শিমলুৰ লেলেঙা ডাল।
গাভৰু লেলেঙা,  ভৰিটি পোলোঙা,
 জানো দেখিবলৈ ভাল॥ ৭৩৫।

মাকৰী ঘিলাৰ  ফাক, ঐ বহনা,
 মাকৰী ঘিলাৰ ফাক৷
মূৰ-গা ধূবলৈ  ঘিলা খুজিছিলা,
 ঘিলা দি পঠিয়াম কাক॥ ৭৩৬।

আলি বাটে বাটে  মহে লালি পাতে,
 ওৱাল বা কেহেলৈ গল।
ওদালৰ তলতে নাকী- জৰী বাটোঁতে,
 মহ বনৰীয়া হল॥ ৭৩৭৷

আউলী ধানকে  দাবলৈ যাওঁতে
 বাউলী বতাহে পালে।
কাচি দালি মাৰি  হাবিতে সোমালোঁ,
 গোটগাত বৰলে খালে॥ ৭৩৮৷

চেনেহৰ চুমায়ে  নাকটি ছিঙিলে
 ৰখাব নোৱাৰোঁ তেজ।
খৰকৈ যোৱাঁগে,  বহনাক কোৱাঁগৈ,
 তেৱেঁ লাগকহি বেজ॥ ৭৩৯।

আলি ঢাকি পৰিলে  শালিকা চৰাইটি,
 বালি ঢাকি পৰিলে কাম।
বহনাৰ লগতে  নাচোঁতে নাচোঁতে
 বৈ গল জুৰুলি ঘাম॥ ৭৪০।

অষ্ট্ৰত্ৰিংশ অধ্যায়

ভটিয়াই যাবাগৈ,  কলবাৰী পাবাগৈ,
 চপাই নাকাটিবা পাত।
আলহীৰ নিচিনা  খাবাঁ চাউল সিধা,
 কাৰো গাত নিদিবা হাত॥ ৭৪১।

পিন্ধিবৰ মন গল  জালিকটা ৰিহাখন,
 হাতেৰে নহলোঁ কাজী।
সোমবৰ মন গল  আমোলা-মহৰিত,
 ভাগ্যেৰে নাহিলোঁ সাধি॥ ৭৪২।

লাহৰ চুলি মেলি  তেলকে নাপালোঁ,
 পাতি পাৰি নাপালোঁ ভাত।
পাটি পাৰি নাপালোঁ  মোৰ ধন বহনাক,
 কাণ পাতি নাপালোঁ মাত॥ ৭৪৩।

জয়খাম্দাং খাতৰে  জহা চাউল নাপালোঁ,
 মালৌ পথাৰৰ দৈ।
মোৰ ধন কলিজাক  চাবলৈ নাপালোঁ,
 পথালি কোলাতে লৈ॥ ৭৪৪।

পৰ্বতত মাৰিবৰ  লুডুমা গাহৰি,
 ভৈয়ামত মাৰিবৰ গড়।
আমাকে পাবলৈ  গঙাচান্ কৰাঁগৈ
 বিধাতাত মাগাঁগৈ বৰ॥ ৭৪৫।

তোমাৰ আশয় আমি নাপাওঁ ভাল কৰি,
 সতিনী-অঁহীয়া পৈ।
এবেলা হঁহুৱায়,  এবেলা কন্দুৱায়,
 পথালি কোলাতে লৈ॥ ৭৪৬।

তোমাৰে মৰমত  মৰোঁ, ঐ লাহৰী,
 তোমাৰে মৰমত মৰোঁ।
প্ৰেমৰে পুখুৰীত  বুৰ দি, লাহৰী,
 দেহাটি শীতল কৰোঁ॥ ৭৪৭।

গুণৰ গুণজৰী  বটিয়া পুৰণি,
 বহি গুঁথিছিলে মণি।
দুইৰো দুখৰ কথা  হবলৈ নাপালোঁ,
 পিছতে ওলালহি শনি॥ ৭৪৮।

বাৰীৰ পিছফালে  পাতো তাঁতশাল,
 ওভতাই মাৰি যাওঁ মাকো।
ইফালে টকাৰ মাত,  সিফালে টকাৰ মাত,
 মাজত কেনেকৰি থাকোঁ॥ ৭৪৯।

গছত লাগিছিল মাকৰী ঘিলাটি,
 তলত পৰি পৰি ঘূৰে।
ককাল-খামুচীয়া  ছোৱালী নানিবা,
 পখিলা উৰাদি উৰে॥ ৭৫০।

হাবিতে গোজৰে  ঢেকিয়া-পতীয়া,
 যঁতৰত গোজৰে শলা।
মাছৰে গোন্ধ পাই  বিড়লি গোজৰে,
 পিন্ধি ভকতীয়া মালা॥ ৭৫১।

কাৱৈজনী কাঞৰী,  খলিহনা বনৰী,
 গৰৈয়ে টোকাৰী বায়।
দীঘল দৰিকণা  পিন্ধি গলপতা
 লগৰী বিচাৰি যায়॥ ৭৫২।

শালে ভূমুকিয়ায়,  সলে ভূমুকিয়ায়,
 আৰু ভূমুকিয়ায় চেঙা।
শহুৰৰ পদূলিত  ধনে ভূমুকিয়াই,
 মনত মোৰ লগালে জেঙা। ৭৫৩৷

বৰঘৰৰ মূধতে  কপৌ কুৰুলিয়ায়,
 সাইলাখ মদনৰ মাত।
খেদি দে, খেদি দে,  অজাতি কপৌ ঐ,
 শৰণ খেৰ মাৰিছে গাত॥ ৭৫৪৷

ই নৈও আমাৰে,  সি নৈও আমাৰে,
 ব্ৰহ্মপুত্ৰ আমাৰে নৈ।
আঙুঠি হেৰালে  বিচাৰিব নালাগে,
 ঘৰতে সোণাৰি পৈ॥ ৭৫৫।

নাচনী নৰিয়া  পৰিল, সমনীয়া,
 নাচনী নৰিয়া পৰিল।
নাচনীৰ দেওলৈ  কুকুৰা কাটিলে,
 নাচনী উঠিয়ে বহিল॥ ৭৫৬।

পৰ্ব্বতত মৰি গল  ৰাঙলী হৰিণা,
 ভৈয়ামলৈ পেলালোঁ টানি।
হাঁহিবৰ চলেৰে  কান্দি পঠিয়ালোঁ,
 চেনাইৰ বিয়া হব শুনি॥ ৭৫৭।

ঢোলকে বাবৰে  তিনিটি আঙুলি,
 মাজৰে আঙুলি লৰে।
যতকে লৰে ঐ  মাজৰে আঙুলি,
 ততকে জেউতি চৰে॥ ৭৫৮।

তোক আনিবলৈ  মোৰো মন গৈছিলে,
 তোকে কেনে কৰি পাম।
ৰবি পানীঘাটত, নিবি ধৰি হাতত,
 দুয়ো একেলগে যাম॥ ৭৫৯।

ধন ধেমেলীয়া, মোৰ মন বলিয়া,
 থাকে ঘিলা খেলি বাটত।
মনৰ কথাষাৰ  কবলৈ নাপালোঁ
 শতুৰু থাকিল আগত॥ ৭৬০।


উনচত্বাবিংশ অধ্যায়

কত কেল্ কেলাৱ ভদীয়া কাউৰী,
 বাতৰি আনিছ কি।
তাই নিদাৰুণী  মৰম লগাই গৈছে,
 বুকৰ সুমথিৰা দি॥ ৭৬১।

আলিবাটে যাৱতী  মোৰ মানুহজনী,
 উলটি নাচাৱ কিয়। .
মোলৈ আহিম বুলি  পিৰিতি কৰিলি,
 এতিয়া এৰিলি কিয়॥ ৭৬২।

উলটি নাচাবি  মোক তই বান্ধৈ ঐ,
 পালটি নাচাবি মোক।
গড়া কুমলীয়া  পিচলি পৰিবি,
 মোৰ গাত নিদিবি দোষ॥ ৭৬৩।

চৰাই-হাবি বিলতে  চৰাইজাক-পৰিলে,
 মাছ পৰিলেহি বিলত।
সপোনত দেখিলোঁ,  গাত হাত দিছিলোঁ,
 মুখ দি আছিলোঁ গালত॥ ৭৬৪।

সিফালে নাহিবা,  ছৰ্কাৰী ছিপাহী,
 নৈত নাইকিয়া সাঁকো।
ইফালে নাহিবা,  ছৰ্কাৰী ছিপাহী,
 তিতা তিয়নিৰে আছোঁ॥ ৭৬৫।

কলীয়া খাগৰি  কাট ছেও ধৰি,
 কুন্দতে কটালি কেৰু॥
বাটলু তিৰুতাক  ডাঙৰ যেন দেখিলা,
 আমাকে দেখিলা সৰু॥ ৭৬৬।

উজনি ৰাজতে  কান্দে ভীমৰাজে,
 মৈৰাই কান্দিলে সাঁজত।
হালৰ গৰু বেছি  ছোৱালী আনিলোঁ,
 চকু চাই নামাতে লাজত॥ ৭৬৭।

ক’লৈ লৰ মাৰি  পলাবি, বহনা,
 ক’লৈ লৰ মাৰি যাবি।
কোনোবাই কৰবাত খেঁকেৰু পাতিছে,
 তাতে লাগি ৰবি চাবি॥ ৭৬৮।

বগৰি ডালতে  কুপতি বিনালে,
 ঠেও ধৰি বিনালে কুলি।
মাকৰ গলত ধৰি  জীয়েকে বিনালে,
 ধনক আনি দিয়াঁ বুলি॥ ৭৬৯।

পথাৰৰ মাজতে  আহত গছ এজুপি,
 তাতে দিলে কপৌৱে ৰুন্।
আই মোৰ মৰমৰ,  বোপাই মোৰ মৰমৰ,
 তাতোকৈ মৰমৰ কোন॥ ৭৭০।

দিখৌৰে বালিতে  দীঘল দৰিকনা,
 ডেও দি উফৰি যায়।
আই মোৰ মৰমৰ,  বোপাই মোৰ মৰমৰ,
 তোমাতকৈ মৰমৰ নাই॥ ৭৭১।

বন্দী হৈ আছিলোঁ  কোনোবা ধুবুৰীত
 মানসিং বঙালৰ ৰণত।
হাতৰ বৰ হিলৈ  নচলে, লাহৰী,
 তোমালৈ পৰিলে মনত॥ ৭৭২।

আকাশৰ চন্দ্ৰমা  ৰাহুৱে গিলিলে,
 কেতুৱে গিলিলে বেলি।
তোমাৰে ভাবনাই  মোকে ঐ গিলিলে,
 নোৱাৰোঁ থাকিব এৰি॥ ৭৭৩।

লাহীকৈ কেতেকীৰ  পাহি, ঐ মইনা,
 লাহীকৈ কেতেকীৰ পাহি।
বুকত দি-এ গলা জীয়া জুই একুৰা,
 মুখৰ হৰি নিলা হাঁহি॥ ৭৭৪।

মোকে নিওঁ নিওঁ  কৰ তই, পিলিঙা,
 মেৰো যে যাবৰে মন।
বোপাই নৰকীয়ে  নকয় মুখ ফালি,
 নলয় হাত মেলি ধন॥ ৭৭৫।

কেলৈ স্ৰজিলা  সৰেজন দেৱতা,
 কেলৈ তুলিলা আই।
মনৰে কামনা  পূৰাব নোৱাৰি,
 মৰোঁ বৰ বিহু খাই॥ ৭৭৬।

এই চ’ত মহীয়া  শিমলু ফুলিলে,
 ওপৰে উৰিলে তুলা॥
কাৰে বুদ্ধি পাই  আমাকে এৰিলা,
 জনমৰ শতৰু হ’লা॥ ৭৭৭।

লুইতে এৰিলে  দীঘলী এসুতি,
 দিহিঙে এৰিলে কূল।
আয়ে-বোপায়ে  ধৰম বিয়া দিলে,
 নুগুচিল হালধিৰ বোল॥ ৭৭৮।

তিতিক তিয়নি  যুৱনৰ শুৱনী,
 তাঁতশাল শুৱনী তাঁত।
লাহৰী শুৱনী  চকুৰ চেলাউৰি,
 জামুকে বোলোৱা দাঁত॥ ৭৭৯।

এনে কাঠে-চিতে  কেলৈ হ’লা, লাহৰী,
 পিৰিতি নকৰা কিয়?
ব্ৰহ্মা ইন্দ্ৰদেৱে  পিৰিতি কৰিছে,
 তুমি কোন ৰাজৰে জীৱ॥ ৭৮০৷

 

পুতলি

 

শ্ৰীডিম্বেশ্বৰ নেওগ

সংগৃহীত আৰু সম্পাদিত

 

সৰ্বস্বত্ব সংৰক্ষিত

 

প্ৰথম তাঙৰণ — ধুবুৰী, ১৮৫০ শক
দ্বিতীয় তাঙৰণ — যোৰহাট, ১৮৬৫ শক
তৃতীয় সংস্কৰণ — গুৱাহাটী, ১৮৮৩ শক

চতুৰ্থ সংস্কৰণ — গুৱাহাটী, ১৮৮৭ শক
 

আমাৰ প্ৰথমা কন্যা

শ্ৰীমতী মাণিকি মধুৰি নেওগ

—“কেতেকী’’—

প্ৰাণাধিকাসু

তৃতীয় তাঙৰণৰ

আগকথা

‘যেনে পালোঁ, তেনে ছপালোঁ’,—সি সম্পাদনা যে হয়েই, সংগ্ৰহো নহয়। পোৱাবোৰ চালনিৰে চালি কুলাৰে জাৰি অকল মলখুখিনি লব লাগিব; আৰু ভাব অনুসৰি যিমান পাৰি তাক জুকিয়াই ৰাহ লগাই দিব লাগিব যাতে পঢ়োঁতাই গুটীয়া লেখকৰ মৌলিক ৰচনাৰ নিচিনাকৈ পঢ়ি সুখ পায়। কায়মনোবাক্যে কৰিবলৈ হলে সেই বাবে সম্পাদনাৰ কাম মৌলিক ৰচনাতকৈ উজু যে নহয়েই, কেতিয়াবা টানহে।

 ইমানেই নহয়, একোটা শব্দকো কেতিয়াবা আহুকালত পেলায়। ‘শুনা কথাত নিদিবা কাণ’; অথচ শুনা কথাৰ পৰাই শ্ৰুতি। একে জনেই এবাৰ কোৱা কথা দুনাই কলে লৰে; বেলেগ মুখৰ যে কথাই নাই। গতিকে ‘দেখিও তিনি প্ৰমাণ’ লব লগা হয়। ‘পিতেক’ গ্ৰাম্য দোষ; জনা মানুহৰ মুখত, আৰু ঘাইকৈ সাহিত্যত, ঠাই পাবৰ ই অযোগ্য : ‘পুতেক’হে শুদ্ধ আৰু গ্ৰহণীয়। সেইবুলি ‘পুত্ৰ’ই অনধিকাৰ প্ৰবেশ কৰিব নোৱাৰে।

 ইয়াতোকৈ বৰ কথা ৰুচি। অসমীয়াৰে পুৰণি-নতুন সমাজৰ ৰুচিৰ বহুত প্ৰভেদ; চাব লাগিব যাতে পুৰণি ৰুচি বুলি বৰ্তমান ৰুচিক আঘাত দিয়া নহয়। শাৰীৰিক কোনো বিসঙ্গতি বা অঙ্গৰ উল্লেখ আগৰ সমাজে দোষ নুবুলিছিল, আজি বোলে; এনে ঠাইত আজিৰ পৰিমাৰ্জিত ৰুচিক সম্মান দেখুৱাবই লাগিব, আৰু আৱশ্যকমতে আজি সুৰুচি নোবোলা কথা বাদ দিব লাগিব।

 সংগ্ৰহ-সম্পাদনাৰ এনে নানা বিধি-নিষেধ মানি ছাত্ৰ-জীৱনতে আমি এই ল’ৰা-নিচুকোৱা আৰু ল’ৰা-ওমলোৱা নামবোৰৰ কাম হাতত লৈছিলোঁ, আৰু ছপোৱা নছপোৱা সকলো নামৰ বাচ-বিচাৰ কৰি ছাত্ৰ-জীৱনৰ সামৰণিত, প্ৰায় দুকুৰি বছৰৰ আগত, ইয়াৰ প্ৰথম বাচনি উলিয়াওঁ। যথেষ্ট আদৰ পোৱা সত্ত্বেও তাৰ পোন্ধৰ বছৰৰ পাছত দ্বিতীয় আৰু এতিয়াহে তৃতীয় তাঙৰণ উলিয়াবৰ সুবিধা পোৱা হ’ল।


গুৱাহাটী
জেঠ, ১৮৮৭

শ্ৰীডিম্বেশ্বৰ নেওগ

পুতলি

(ল’ৰা নিচুকোৱা নাম)

‘জোনবাই এ’! এটি তৰা দিয়াঁ।
এটি তৰা নালাগে, দুটি তৰা দিয়াঁ।
‘পাত নাই, চোত নাই, কিহতকৈ দিম?
হালধীয়া চৰায়ে বাওধান খায়।
শহুৰৰ পুতেকে নাও মেলি যায়॥
 নাৱে বোলে টুলুং ভুটুং!
 বঠাই বোলে টুলুং ভুটুং!
 গধূলিতে দবা কোবায়॥
 
‘জোনবাই এ’! বেজী এটি দিয়াঁ।’
‘বেজী নো কেলেই?’ —‘মোনা সীবলই।’
‘মোনা নো কেলেই?’— ‘ধন ভৰাবলৈ।’
‘ধন নো কেলেই?’ — ‘হাতী কিনিবলৈ।’
‘হাতী নো কেলেই?’ — ‘উঠি ফুৰিবলৈ।’
‘উঠি ফুৰিলে কি হয়?’ — ‘বৰ মানুহ হয়’।
 ‘বৰ মানুহ হ'লে কি হয়?’ —
‘গধূলিতে ডুডুম্-ডুম্ ডবা কোবাবলৈ পায়।’
 
‘শুন, মোৰ পুতলি, শুন!
 হাতত কঙ্কন লৈ, তই হলি ঘৈণী?
মোক পাতিলি বেটী? —
 ‘হয়! আইদেউ, হয়’!!
 
‘অ’ ফুল! অ’ ফুল!
 নুফুল কিয়?’
‘গৰুৱে যে আগ খায়,
 মইনো ফুলিম কিয়?’

‘অ’ গৰু! অ’ গৰু!
 আগ খাৱ কিয়?
‘গৰখীয়াই যে গৰু নৰখে,
 মইনো নাখাম কিয়?’
‘অ’ গৰখীয়া! অ’ গৰখীয়া!
 গৰু নৰখ কিয়?’
‘ৰান্ধনীয়ে যে ভাত নাৰান্ধে,
 মইনো ৰখিম কিয়?’
‘অ’ ৰান্ধনী! অ’ ৰান্ধনী!
 ভাত নাৰান্ধ কিয়?’
‘খৰিকটীয়াই যে খৰি নোলোৰে,
 মইনো ৰান্ধিম কিয়?’
‘অ’ খৰিকটীয়া! অ’ খৰিকটীয়া!
 খৰি নোলোৰ কিয়?
কমাৰে যে দা নগঢ়ে,
 মইনো লুৰিম কিয়?’
অ’ কমাৰ! অ’ কমাৰ!
 দা নগঢ় কিয়?’
এঙেৰুৱাই যে এঙাৰ নিদিয়ে,
 মইনো গঢ়িম কিয়?’
অ’ এঙেৰুৱা! অ’ এঙেৰুৱা!
 এঙাৰ নিদিয় কিয়?’
“মেঘে যে বৰষে মইনো দিম কিয়?’
 ‘অ’ মেঘ! অ’ মেঘ! বৰষ কিয়?’
ভেকুলীয়ে যে টোৰ্টোৰায়, মইনো নবৰষিম কিয়?’
 ‘অ’ ভেকুলী! অ; ভেকুলী! টোৰ্টোৰাৱ কিয়?’
বোপা-ককাৰ বৃত্তিটো এৰিম বা কিয়?
 
শালিকী এ’! লথৌ-থৌ!!
ভাত হল, শাক হল, ডালত পৰি খা।
ডাল-ডুল ভাঙি-ছিঙি অ’লৈ ত’লৈ যা॥

তেলীয়ে দিব তেল-তুল মালীয়ে দিব ফুল।
অ’ মালী! অ’ মালী! বাপেৰ কলৈ গ’ল?
বৰবৰুৱাই মাতি নিলে কাঁহ কোবাই গ'ল।
কাঁহ দিলে, পিতল দিলে, আৰু দিলে জৰা।
তাৰ মাজত সোমাই গ’ল হাবুঙীয়া বৰা॥
হাবুঙীয়া বৰাৰ পেটত লাগিল ভোক।
একেমুঠি আঢ়ৈ চাউল, ডেৰ শ লোক॥
ডেৰ শ লোকে বোলে উৰোঁ উৰোঁ কৰে।
উৰিব নোৱাৰি আঁচলত ধৰে॥
আঁচলৰ ডক্ মক্ পদুমৰ চকা।
ওলাই চাই আহোঁগৈ গড়গঞা বুঢ়া॥


শালিকী ঔ! ৰটৌ-টৌ!!
 কণী পাৰি দিয়া খাওঁ।
ইকৰা পাতেৰে নাও সাজি দিয়া,
 বঙাল মাৰিবলৈ যাওঁ।
বঙালো মাৰিলাঁ, ভালকো কৰিলাঁ,
 আমালৈ আনিছাঁ কি?
তোমালৈ আনিছোঁ পৰলা ঘোৰাটি,
 সোণৰে শিকলি দি॥
সোণৰে শিকলি, তামে নাই পিতলি,
 ঘাঁহীয়ে নোযোগায় ঘাঁহ।
ঘাঁহিয়াল বৰুৱাৰ আলৈয়ে-বিলৈয়ে,
 পানীতো নচৰে হাঁহ॥
পানীতকৈ ডাঙৰে পানীৰে পৰুৱা,
 শালতকৈ ডাঙৰে হাতী।
ঘাঁহিয়াল বৰুৱাৰ জীয়েক পাঁচজনী,
 তাৰে সৰুজনী কাজী॥
মাটিয়ে মিদঙে গামে চাই সাজিলোঁ,
 মই বোলোঁ কত বা কাজী।
আলেঙে আলেঙে চাই পঠিয়ালোঁ,
 ধৰিব নাজানে পাঁজি॥

মেধি! মেধি! কুকুৰে নিলে খেদি
 মেধি পৰিল খালত।
 কুকুৰে কামুৰিলে গালত॥

আমাৰে মইনা শুব।
বাৰীতে বগৰি ৰুব॥
বাৰীৰে বগৰি পকি সৰিব।
মইনাই বুটলি খাব॥

 ‘মালী, ঔ মালী! বাপেৰ কলৈ গ’ল?
 বৰবৰুৱাই মাটি নিলে কাঁহ কোবাই গ’ল।
 কাঁহ দিলে, পিতল দিলে, আৰু দিলে জৰা।
 তাৰ মাজত সোমাই গ’ল হাবুঙীয়া বৰা।
 হাবুঙীয়া বৰাৰ পেটত লাগিল ভোক।
 একে মুঠি আৰৈ চাউল ডেৰ কুৰি লোক॥’
 ‘ডেৰ কুৰি লোকে কি কি খায়?’
 ‘হাবুঙীয়া বৰাই পহু মাৰিবলৈ যায়॥’
‘কেইটা কেইটা পালে?’—‘ডেৰকুৰি পালে।’
 ‘কাক কাক দিলে?’ ‘ভঁৰালী বৰুৱাক দিলে॥’
 ‘ভঁৰালী বৰুৱাই কি কি দিলে?'
 ‘গেঁৰা হাতী গেঁৰা মহ দিলে।’
 ‘গেঁৰা হাতী গেঁৰা মহে কি কি খায়?’
 ‘দালিম চিৰি চিৰি খায়॥’

 ‘চিৎ পখিলা!
তিনি মূৰ দহ ঠেঙ্ ক’ত দেখিলা?’
‘দেখিলোঁ দেখিলোঁ বাটে যাওঁতে।
ফুলৰে হাঁচটিত তামোল খাওঁতে॥’
‘ফুলৰে হাঁচটিত কি কি আছে?’
‘শাখে-সেন্দুৰে সমস্তে আছে॥’
‘শাখে-সেন্দুৰে কালৈ লাগে?’

 ‘ৰজাৰ জী মাদৈ শুভাইলৈ লাগে॥’
 সাগৰৰ মাজতে শুভাই থাকে।
 কটীয়া শিঙৰাই গুৱা-পাণ কাটে॥
 তিনটি কাঁকলাই বেই-ঘৰ সাজে।
ভেচেলী খলিহাৰ নাকত ধৰে লাজে
তিনটি ককিলাই বেই-ঘৰ সাজে॥
 মাগুৰৰ হাততে ফুলাম কটাৰী॥
 পুঠী মাছ আহিছে গুণা জোকাৰি॥

হায় ঔ! হায় ঔ! মালী বাই ঔ!
মালী বাইতকৈ চিকুণ নাই ঔ!!
 বজাৰৰে সেন্দুৰ গুড়া।
মালী বাইৰে কপাল ফুলা॥
 পৰ্বতৰে কেচা খৰি৷
ভাত ৰান্ধো কেনে কৰি॥
 ভাত ৰান্ধি কৰোঁ চেঁচা।
সূতা কাটো তিনি নেচা॥
সূতা কাটি বলোঁ কাপোৰ।
তাকে নিলে গোবিন্দ ঠাকুৰ॥

শিয়ালি ঐ! নাহিবি ৰাতি।
তোৰে কাণে কাটি লগাম বাতি॥
 শিয়ালিৰ মূৰৰে মৰুৱা ফুল।
 শিয়ালি পালেগৈ ৰতনপুৰ॥

ৰদালি এ'! ৰ’দ দে।
আলি কাটি জালি দিম,
চামৰ পীৰা পাৰি দিম,
তাতে বহি বহি ৰ’দ দে॥
ৰ’দালি মাকৰ কূট্কুৰা চুলি।
কাহানিকৈ পামগৈ বিৰিণাৰ গুৰি॥

 আবেলিৰ বেলি
আবেলিৰ মাকে সূতা! কাটে ৰঙা চুলি মেলি॥

বা-বৈচ্! বা-বৈচ্! বা-বৈচ্ মাকৰ দুখন কাণ
 হুৰ্ হুৰ্ কৰে বতাহ আন॥
হাতী কাণ, মাটি কাণ।
 হুৰ্ হুৰ্ কৰে বৰষুণ আন॥

বৰষুণ দে, বৰষুণ দে, ভজা চাউল খাওঁ।
বাঁহৰ আগে পানী যক, চৰাইৰ ৰং চাওঁ॥
 চৰাই-চিৰ্কতি পশু-পতঙ্।
 নগাই ধান বানে ঘটং ঘটং॥

ধিন্ঢৌ মালী, বান্দৰ পোৱালী।
বাঢ়ৈটোকাই লৈ যায় টিকা জোকাৰি॥

ধিন্ঢৌ তৰা  তাধিন্ঢৌ তৰা।
খাৰী নাকী ছোৱালী, পেটুৱা দৰা॥

যোৰৰো যোৰ, বিপৰীত যোৰ৷
এটি কাণকটা,  এটি চোৰ॥

বাঁহৰ আগত  বগলী নাচে।
আইদেউৰ বিয়ালৈ তিন দিন আছে॥

জোনবাইৰ আগৰে একেটি তৰা॥
 আয়ে বিয়া দিলে গঁঠীয়া দৰা।
 হেৰ তই গঁঠীয়া নাপাৰ গালি।
আইৰ ঘৰলৈ যামগৈ ভৰি পখালি॥
আয়ে বুলিব⸺ মোৰ জী আহিছে,
 ভাল ভাত এগালি ৰান্ধো।

বোপায়ে বুলিব–মোৰ আই আহিছে,
 চুকৰে হাঁহিনী মাৰোঁ॥
ককায়ে বুলিব–মোৰ ভনী আহিছে,
 ভাল তামোল এথুকি পাৰোঁ।
বৌৱে বুলিব—মোৰ ননদ আহিছে,
 মূৰতে তলিয়া ফালোঁ॥
আইলৈ আনিছোঁ শালৰ বৰ কাপোৰ,
 বোপাইলৈ আনিছোঁ খাৰ।
ককাইলৈ আনিছোঁ মুগাৰ বৰ চুৰিয়া,
 বৌলৈ বাঢ়নিটাৰ॥

মোৰ বোপাই লাহৰী, ঘিলা গল পাহৰি,
 কিহেৰে ওমলে গই।
চেনেহৰ ককাইদেউ আছে ঘিলা খেলি,
 তাতে ওমলা গই॥
মোৰ বোপায়ে সৰু, ৰাখে বৰে গৰু,
 এচাৰি হেৰুৱাই কান্দে।
এচাৰি হেৰুৱাই ঘৰলৈ ৰিঙিয়ায়,
 দিয়কহি এচাৰি সৰু।
লোকৰ ধানে খাব, মৰিয়াই মাৰিব,
 লৰুৱাই নিবগৈ গৰু॥
লাই হালে জালে আবেলি বতাহে,
 লফা হালে-জালে পাতে।
আমাৰে বোপাটি হালিছে জালিছে,
 কালি দুপৰীয়াৰ ভাতে॥

ৰাধাই বোলে, কৃষ্ণাই! আমাক পাৰে কৰা,
এই যমুনাৰে জল, ঔ গোবিন্দাই ৰাম॥
তেতেলি তলতে  কৰোঁ তাঁতে বাতি,
 পাহৰি আহিলোঁ কুঁচি।

কুঁচিৰে লগতে  পগলাই কিলাব,
 যাওঁ আইৰ ঘৰলৈ গুচি॥
মাৰৰ ঘৰলৈ  যাৱ তই, পাগলী,
 বাটত খাপে দিয়ে ধৰিম।
বাটত খাপে দিয়ে  ধৰ তই পগলা,
 হাবিয়ে পলাই সাৰিম॥
হাবিয়ে পলাই  সাৰ তই, পাগলী,
 হাবিত জুয়ে লগাই দিম।
হাবিত জুয়ে লগাই  দিয় তই, পগলা
 ধোঁৱাৰে লগতে উৰিম॥
ধোঁৱাৰে লগতে  উৰ তই, পাগলী,
 হাঁকুটি জোৰায়ে ধৰিম।
হাঁকুটি জোৰায়ে  ধৰ তই, পাগলা,
 তোৰে বৰ বিলত পৰিম॥
মোৰে বৰ বিলত  পৰ তই, পাগলী,
 জকাই-জুলুকি বাম।
জকাই জুলুকি  বাৱ তই, পগলা,
 শামুকে শেলায়ে হম॥
শামুক শেলাই  হৱ তই, পাগলী,
 তোকে চূণে পুৰি খাম।
মোকে চূণ পুৰি  খাৱ তই, পগলা,
 দুয়ো মুখে দাকি পেলাম॥
দুয়ো মুখে দাকি  পেলা তই, পাগলী,
 তেলে দি জৰাই পেলাম।
তেল দি জৰাই  পেলাৱ তই, পগলা,
 সৰিয়হ জনম ধৰিম॥
সৰিয়হ জনমে  ধৰ তই, পাগলী,
 বেতেৰি চেপা দি মাৰিম।
বেতেৰি চেপা দি  মাৰ তই, পগলা,
 খলিহৈ জনম ধৰিম॥

খলিহৈ জনম  ধৰ তই, পাগলী,
  তোক বাৰী চুকত পেলাম।
মোকে বাৰী চুকত  পেলা তই, পগলা,
  বাৰীৰ বৰ গছে হম॥
বাৰীৰ বৰ গছ   হৱ তই, পাগলী,
  তোকে নাৱ কাটি বাম।
মোকে নাৱ কাটি   বাৱ তই, পগলা,
  মাজতে বুৰাই পেলাম॥
জৰাৰ কুমলীয়া   পাতে ঐ পগলা,
  জৰাৰ কুমলীয়া পাত।
এৰাওঁ এৰাওঁ বুলি  এৰাব নোৱাৰোঁ,
  তোৰে কুমলীয়া হাত॥

(ল’ৰা ওমলোৱা নাম)

তাই, মাই, লোণে-মাছে ভাত খায়।
বৰ ঘৰৰ মেকুৰি সৰু ঘ’লৈ যায়॥
ঢাকোন পেলাই পঁইতা খায়।
এইটো তই খা। এইটো মই খাওঁ।
এইটো ঘৰ-ৰখীয়া বুঢ়ালৈ থক॥
(হাতখন মুঠি মাৰি, আকৌ মেলি)
‘ঘৰ ৰখীয়া বুঢ়াৰ ভাগ কোনে খালে?’
‘তই খালি বুঢ়া?’ —‘নাই খোৱা, দেউতা!’
‘তই খালি বুঢ়া?’ —‘নাই খোৱা দেউতা!’
তেনেহ’লে ঘৰ-ৰখীয়া বোন্দাইহে খালে॥
বৰ ঘৰৰ মেকুৰী সৰু ঘ’লৈ যায়।
ঢাকোন পেলাই পঁইতা খায়॥
ভাকুট্‌-কুট্‌! ভাকুট্ কুট্‌!!

উকুলি-মুকুলি দুকুলি কাঁহী।
আদৌ-দৌ ডোমৰ ডাহী॥

 আমপাতে চাম যায়।
 কঠাল পাতে হুৰহুৰায়॥
 কি কি চৰাইৰ কি কি নাও
 সোণৰ চৰাইৰ নাও পাওঁ॥
 বুঢ়ী-মাজী কঠাল পাত।
 এইখন এৰি এইখন কাট্॥
চূণটি, পাণটি। ৰজাৰ ঘৰৰ ভুকুটি॥

‘এইটি কাৰ দৌল?’— ‘ৰজাৰ৷’
‘ভাঙিবলৈ দিয়ে নে?’—‘নিদিয়ে৷’
’কলীক মাতিম নে?’—‘নামাতিবা৷’
‘বগীক মাতিম নে?’— ‘নামাতিবা৷’
কলী ঔচ্‌! বগী ঔচ!! ঘেকেচ্‌!!!

‘বগলী ঐ! তোৰ হাত কিহে নিলে?’
‘আম পাৰোঁতে আমে নিলে।’
‘সেই আম কি হল?’ — ‘হাবিত পৰিল।’
‘সেই হাবি কি হ'ল?’ — ‘জুয়ে পুৰিলে।’
‘সেই ছাই কি হ'ল?’— ‘ধোবাই নিলে।’
‘ধোবাই নি কি কৰিলে?’ —‘ৰজাৰ কাপোৰ ধুলে।’
‘সেই ৰজা কি হ'ল? —‘পহু মাৰিবলৈ গ’ল।’
‘সেই পহু কি হ’ল?’— ‘নৈ পাৰ হল।’
‘সেই নৈ কি হল?’ — ‘শুকাই গ’ল।’
‘তাৰ মাছ কি হ’ল?’— ‘বগলীয়ে খালে।’
‘সেই বগলী কি হ'ল?’— ‘ডালত পৰিল।’
‘আমাৰ আটাইৰে হাত ওলাই পৰিল।’

অলৌ গুটি, টলৌ গুটি, কচু গুটি লাই।
এইখন হাতৰ গুটিটো এইখন হাতে পায়॥

বগলী এ'! সবাহলৈ নগলি কিয়?
গৈছিলোঁ গৈছিলোঁ; বাটত বৰষুণে পালে

ৰংদৈৰ ঘৰতে সোমাব খুজিলোঁ,
 চেংদৈ কুকৰে খালে।
 চেই! কুকুৰ, চেই।
 নাহিবি জপনা দেই॥
 বাঁহৰ মুঢ়া; বগৰিৰ গুড়া।
ক’ৰ পৰা পালেহি চকু-চেলোৱা বুঢ়া?

 ইৰকিচি মিৰকিচি বাঁহৰ শলা।
 মোমাইৰ পদূলিত বান্ধিলোঁ ঘোৰা॥
বুঢ়ী ঐ! ৰজাৰ জীয়েকে গাধুবলৈ যাওঁতে
 পহু-পোৱালি এটি পালে।
তাকে খাবলৈ জালি চাই কোমোবা এটি দিয়াঁ৷
 পুলি ৰুইছোঁ। (ইত্যাদি)

 চিকিমিকি, লোণ জালুকী।
মোমায়ে আনিলে  কেৰোলাজুকি॥
 মায়ে ৰান্ধিলে খাৰ।
তাৰে এহেঁতা  খুজিব খোজোঁতে
 হেঁতাৰে ধৰিলে মাৰ।

 শালিকি এ’! ৰটৌ টৌ!
ভাত হল, শাক হল; শালিকিৰ মাক কলৈ গ’ল?
 এইখিনিতে আছিলে গোবৰ খুচৰি।
 হালোৱাই লৈ গ’ল ডিঙি মুচৰি॥

‘বেজী সাওঁ? সীওঁ?’ — ‘নিসীবাঁ, নিসীবাঁ।’
‘এই পিনে যাওঁ?’— ‘গেলা গৰু আছে।’
‘এই পিনে যাওঁ?’— ‘গেলা মহ আছে।’
‘এই পিনে যাওঁ?’ — ‘ৰজাৰ বাট।’
 ঘেকেচ!!

কপউ, কু কু! খুদ চাউল খাহি।
বোকা আছে, পানী আছে, কেনেকৈ যাম?
বেঙেনা গছত পোৱালি থৈ দেও দি দি আহ॥
কৰপৰা আহিছ? – চুৱনি পাতৰ পৰা। (ইত্যাদি)
চেই! চেই!! চেই!!!

 হঁয়কলি! হঁয়কলি!
অতক ধানে-চাউল কি কৰিলি?
‘পোৱে খালে, জীয়ে খালে'—‘থক্, খক্‌ খক্‌’।

 হুৰ্ হুৰ্ বঁটা চৰাই!
মোৰ ধান নাখাবি, তোক দিম গোটা-কড়াই॥
 ধানো খাম, চাউলো খাম।
 তোক বিয়া কৰাই ঘৰলৈ যাম॥

 খাগৰিজানৰে বঙাল।
 অপইতা বাঁহৰে টঙাল
 পুঠী মাছৰ পোৱালি।
 তয়ো এজনী ছোৱালী॥
সৌৰা গছৰ মূঢ়া। তয়ো এটা লৰা॥
 দত বগলী, বামত গছ।
কিয় মোক জোকাই লৱ, অগিয়ানৰ সঁচ॥

আয়ে বোলে লাহৰী এ! খৰিলৈ যা।
বায়ে বোলে লাহৰী এ! খৰিলৈ যা॥
কটাৰ পো হজুৱাই খৰি লুৰি নিদিলে,
 বাঁহপাতে কাটিলে গা৷
কৰণীতে কাপোৰ থৈ, বননিতে নাচাঁগৈ,
গোবিন্দ্ গোবিন্দ্ ঔ টোকাৰী বা॥

 এটি লৰাৰ গৰু গ'ল।
কলীয়া পানীৰ সিফাল হ’ল॥
নকবি দেইবা, নকবি দেইবা,
কাকৰ ফুল এমলা দিম॥

  কাম চৰাইৰ ৰঙা ঠোঁঁট।
 তাতে দিলে সেন্দুৰ ফোঁট॥
পিতাদেৱ ঐ! দূৰৈকৈ নিদিবা মোক।
 ইবাই বোলে ভাতৰ দুখ,
 সিবাই বোলে মাতৰ দুখ;
পিতাদেৱ ঐ! খেজালি মাৰিব মোক॥

ধিনিকি ধিন্দৌ দাও। ভেচেলীমৰালৈ যাওঁ॥
ভেচেলীৰ জীয়েকৰ বিয়াখন পাতিছে
 ভগা ঢোল বিচাৰি যাওঁ॥

 অ' আই লীলা! বৰদৈচিলা!
কচুখাতী পাৰকৈ, লীলাক দিলে বিয়াকৈ,
 মাকে ঢাকুৰায় হিয়া॥
তিতিকি তিতা পাত, ৰুক্মিণীৰ শুদা হাত,
 কৃষ্ণলৈ বাতৰি দিলে।
দহ অঁৰা আধলি, ছয় অঁৰা মাদলী,
 ৰুক্মিণীৰ হাতলৈ দিলে॥

চেংকলী নিকলী, কাঁহী-বাতি নুধুলি,
 ঠেহ পাতি নাখালি ভাত।
সাতপুৰা সেন্দুৰৰ যোৰ-ফোঁট মাৰিলি,
 গোন্ধ তেল ঘঁহিলি গাত॥

কুট্ কুট্ কুট্! লাহতী হাতৰে ফোঁট।
কুলি কুলি কুলি! মেঘ-বৰণীয়া চুলি॥

এচেনটি পেচন চৰাই। লাহে লাহেৰে মূৰ মেলাই।
 লাহে লাখুটি, পাণ পৰা হাঁকুটি,
 কেশতাৰি, কেশতাৰি, মুকলি হ’ল॥

 টিপচি এ' টিপ্ টিপ্!!
 টিপচিৰ সিপাৰে এখনি নৈ।
 তাতে চোৰে গা ধুলে গৈ,
 পাৰতে ভেকুলী থৈ॥
সেইজনী ভেকুলী মই হে পাম।
 লেমধেমকৈ লৈ ফুৰাম॥

বুঢ়ী আই এ’! এইবেলি মৰিবি জাৰত।
 ফটা কঁঠা ধুই দিম পুখুৰী পাৰত।
 চোৰে লৈ গ’ল খলহু আঁৰত॥

বুঢ়ী আই এ’! নাহিলি সুখৰ কালত
 সাতজনী নিগনী খীৰাই খাইছিলোঁ,
 গেৰেলাক বাইছিলোঁ হালত॥

লাইমাক লাহৰী, নাপাইছোঁ আহৰি,
 ঢেঁকিতে জুৰিছো আহু।
সেই ধানে বানি পিঠাগুড়ি খুন্দি
 বান্ধি যাওঁ জোঁৱাইলৈ লাৰু॥

তাত্ তিতা এতিতা, তিতা কলি।
 দা হেৰুৱালি কেনে কৰি॥
 কেচেৰুে গছতে মাৰিলে ঘা।
 সুলকি পৰিলে ফাকৰ পৰা দা॥

 ৰদে বৰষুণে খৰা শিয়ালৰ বিয়া।
ঘৰ-চিৰিকাই তামোল কাটে আমাকো এখন দিয়াঁ॥

বৰবৌ, সৰুবৌ, ধুন্দুলি পাৰি দিয়া খাওঁ।
ধুন্দুলি পাৰোঁতে, কঁকালটো ভাগিলে,
 তাকে জোৰাবলৈ যাওঁ॥

লিকিলিকি ডিমৰুৰ চিকিচিকি পাত।
 ডিমৰুৰ ওখ গছ, ডেৰশ হাত॥

একৈ দুকৈ লৰা ধৰা। বেত বাঁহৰ যতৰ-শলা॥
শ্যাম চুম, চৰাই দিম। কাঠৰ নাঙল, মহৰ শিং॥
 খাপি থুৰি। ঊনৈশ কুৰি॥

 সবাও, সবাও! চুণ-পাণ লগাওঁ।
একে মুঠি আৰৈ চাউল, ভকত জনাওঁ॥
এই তিনটি আৰৈ চাউল, এইতিনটি কল।
তালৈকে হালিজালি চাপৰিখন ধৰ॥

খৰি খৰি খৰি।  বজ্ৰৰ খৰি।
 খৰিয়ে মেলিলে পাত।
 আই সৰস্বতী কণ্ঠত থাক॥

সৰস্বতী, সৰস্বতী, কণ্ঠৰ গোলাপী, ভোগে বিলাসী।
 লোকে বোলে সৰস্বতী, আমি বোলোঁ আই।
  যিখিনি পাহৰোঁ দিবা সোঁৱৰাই।

কলে মেলিলে ঠোৰ। কথাৰ পৰিল ওৰ॥
কঠালে মেলিলে মুচি। যাওঁ ঘৰাঘৰি গুচি॥
তামোলে পেলালে ডাবি। কোন কলৈ যাবি॥

কাউৰী গ’ল, গধূলি হ’ল।
 আমাৰ চাউলকঠি মুকলি হ’ল॥

টোপনি, টোপনি,  অ’ আই টোপনি,
 তোৰ ক’লে তলত ঘৰ।
সকলো ৰাজৰে  টোপনি আহিছে,
 আমাৰে চকুতে ধৰ॥


  কপৌটি এ’ মোৰ তালৈ যাবি?
 লোণে-মাছে ভাত দিম, ডালত পৰি খাবি।
 ডাল-ডুল ভাঙি পাছে তেলীয়াৰ তালৈ যাবি॥
 তেলীয়াই দিব তেল-তুল মালিনীয়ে দিব ফুল।
 অ’ মালিনী, অ’ মালিনী, সোণাই ক’লৈ গ’ল?
 জোনবায়ে মাতি নিছে, বীণ বজাই গ’ল॥
 জোনৰ বৰণ, সোণাই চিকণ, গধূলিৰ তৰা।
 চকু টিপিয়াই মাতে জোনে আকাশৰপৰা॥
 দেহি ঐ! সোণাইকণ গ’ল কেনেকৈ?
 বাদুলিৰ বোকোচাত উঠি উৰি গলগই॥
 কিবা খায়, কিবা লয় থাকে কেনেকই?
 ফুলৰ মৌ নিয়ৰৰ পানী পায় খাবলৈ॥
 জোনবায়ে কোলাত লৈ সোণক নিচুকাব।
 তৰাবোৰে বেৰি-কুৰি নাম-গুণ গাব॥
অকণি হাতেদি ধৰিব সোণায়ে চাপৰি তেথেই-থেই।
তাক্-ধিন্-ধিন্ তাক্ ধিন্-ধিন্‌, ধেই-ধেই-ধেই॥

⸻অসমীয়া জাতীয় কাব্য-মালা⸻

ৰহৰহী

(বাচকবনীয়া অসমীয়া পটন্তৰমালা)

অসম সাহিত্য সভাৰ বঁটা পোৱা

দুহাজাৰমান উৎকৃষ্ট যোজনা

আৰু

পানীমিঠৈ

(বচা বচা অসমীয়া সাঁথৰমালা)


শ্ৰীডিম্বেশ্বৰ নেওগ

সংগৃহীত আৰু সম্পাদিত


সৰ্বস্বত্ব সংৰক্ষিত

যোৰহাট বাতৰি প্ৰেছত মুদ্ৰিত


প্ৰথম তাঙৰণ; ভাদ, ১৮৭০

যোৰহাট, অসম

আগকথা

 দহৰ জ্ঞান, একৰ বাণী ("The wisdom of many and the wit of one." – Russell), এয়ে জগতৰ সাহিত্যত পটন্তৰ বা যোজনা-ফকৰাৰ মূল কথা। অযুত অযুত যুগৰ নিযুত নিযুত জন-গণৰ অভিজ্ঞতাৰ ৰস এইদৰে ঘনীভূত হৈ এনে একোটি বচন-মুকুতা হৈছে; সেইহে বিশ্বৰ সকলো জাতিৰ পটন্তৰ-মালা যুগ-যুগান্তৰৰ সঞ্চিত ধন (accumulated wisdom of ages’’) বুলি ধৰা হয়। “বঙহে মঙহ খায়, বঙহ নহলে মঙহ পেলনি যায়; “খাব জানিলে চাউলেই চিৰা, বহিব জানিলে মাটিয়েই পিৰা;" “লাগনি নহলে জুই নজ্বলে, টুটকীয়া নহলে গাঁও নবহে; “আপদত ঔৱেও গল খজুৱায়;"এনে বুৰি বুৰি পটন্তৰৰ সত্যতা যুগে যুগে দিনে দিনে সুপ্ৰমাণিত হৈ সেইবোৰক কষটিত যেন সোণাৰ ৰেখা" স্বৰূপে শুৱাই ধৰিছে।

 শব্দৰ মিতব্যয়িতা আৰু সাৰগৰ্ভ কথাৰে বাক্যৰ হ্ৰস্বতা (economy of words in brief pregnant sentences) এয়েই বিশ্বসাহিত্যলৈ এই বচন সাহিত্যৰ (aphorisms) বিশেষ দান আৰু তাতেই সেইবোৰৰ শিল্প সৌন্দৰ্য৷ উদাহৰণ স্বৰূপে, ইংৰাজী গদ্যলেখক বেকন আদিৰ বিশিষ্ট ৰচনা-ৰীতি এই বচন-সাহিত্যৰ কাষত ঋণী। “আপুতৰ পুত, কোলাতে মুত", “উদৰ মুখত শালপোনা,” “এৰি দি বেৰি ধৰ,’’ অঁৰাই অঁৰাই এনে যোজনাই জনগণৰ মুখত আখৈ ফুটাদি ফুটিব লাগিছে। ডাকৰ বচন, খনাৰ বচন আদি এই বিষয়ত পটন্তৰৰ শাৰীৰ সাহিত্য, কিন্ত আন আন বিষয়ত সেইবোৰৰ লগত ইয়াৰ মূলগত প্ৰভেদ আছে। গতিকে সম্প্ৰতি সেইবোৰৰ পৰা ইয়াক সাৱধানে বাছি সুকীয়াকৈ দেখুৱাবলৈ যত্ন কৰা হৈছে।

 জীৱনৰ জ্বলা সমালোচনা (pungent criticism of life) পটন্তৰবোৰৰ আন এটি বৈশিষ্ট্য। “আই গৈছিল গোঁসাই ঘৰলৈ, মই গৈছিলো লগত। মাহ-চাউল খাবলৈ পাই তাতে হলো ভকত॥” দুখীয়াই কথা কয়, কথাত নিদিয়ে কাণ। চহকীয়ে কথা কয়, গাখীৰে-গুৰে সান।” “বাই বাইলুঙনী। উঠি পিৰা এখন দিলোহেঁতেন, মই হলোঁ শইকীয়ানী।” এনে এপোন ছঅঁৰা যোজনাত জীৱনৰ যেনে তীব্ৰ বিচাৰ কৰা হৈছে, 'আন এবুৰি দহ অঁৰাত সেইদৰেই ধেমালিৰ চলেৰে ছুইহে গৈছে-“আগত এটা পিছত এটা হ’লে অকলে যাব পাৰি। গাখীৰে-গুৰে হ'লে শুদায়ে খাব পাৰি॥” “যাৰ নাই গৰু, বৃন্দাবনত চাৰে। যাৰ নাই তিৰি, একে কিলেই মাৰে॥”—কোনো ফালেই কাকো শুদাই এৰা হোৱা নাই।

 অসমীয়া ভাষা আৰু ছন্দৰ বিকাশত পটন্তৰৰ ঠাই সম্পৰ্কে আমি “অসমীয়া পটন্তৰমালা" প্ৰৱন্ধত (বাঁহী, ১৫ শ বছৰ, ৯ম সংখ্যা; পুহ, ১৮৪৭ শক, ৫০৭-১০ পিঠি; “অসমীয়া সাহিত্যৰ জেউতি’’ ১ম তাঙৰণ, ১-৪ পিঠি) বহলাই আলোচনা কৰি আহিছোঁ। পুৰণি গ্ৰীক আৰু লেটিন ভাষাৰ কবিসকলৰ লিখাত ছন্দৰ পূৰ্বসূচনা, কবি ভাৰ্জিলৰ (Virgil) লিখা আৰু খৃষ্টান ভিক্ষু লিয়নিয়ছৰ (Leonlius) বাইবেলৰ (Old Testament) বুৰঞ্জীত “লিয়নিন্ছ ন্দ”ৰ ব্যৱহাৰত শব্দাংশৰ (Syllable) ধ্বনি-সামঞ্জস্য আদিৰ পৰা পুৰণি (Anglo-Saxon) যুগৰ মাজেদি ইংৰাজী ছন্দৰ আঁতিগুৰি বিচৰাৰ দৰে আমিও “কিনো পৈ হুতাই-তাই,” “ঘৰৰ বুঢ়া, পথাৰৰ মূঢ়া, “যেতেকতে নাটিছে,তেতেকতে মাটিছে'—এনেবোৰ গঢ়ৰ পৰাই অসমীয়া পদ, দুলৰী, লেচাৰী আদি ছন্দৰ উৎপত্তি বিচাৰিব লাগিব।

 পটন্তৰ (অং পট, প্ৰতিমূৰ্তি; সং অন্তৰ, আঁতৰ) যোজনা (সং,যোজনা, যোৰা দিয়া) আৰু ফকৰা (ফাং ফিকৰা, এষাৰি কথা) মূলত একে বস্তুৱেই বুলি মনে ধৰে। “অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰি সিজোৱা" বোলাতে আগৰটো কথাৰ পট পিছৰটোত আন দৃষ্টান্তৰ সহায়েৰে দাঙি ধৰা হৈছে; ইয়াক যথাৰ্থতে পটন্তৰ বুলিব পাৰোহঁক। আকৌ “কহয় মাধৱ দাসে, মানুহে মানুহে আছে।”বোলোতে সেইদৰে আগৰ ফাকি কথা পিছৰ ফাকি পুৰাবলৈহে যেনে যোৰা দিয়া হৈছে; গতিকে ইয়াক যোজনা বোলা হয়। কিন্তু “ঠাই দিবৰ গুণ, টপটপনি শুন"বুলি এফাকি সাধাৰণ কথাকে ছন্দত যেন সুৱলাকৈ কোৱা হৈছে; এতেকে ইয়াক ফকৰা বুলিব পাৰি। কিন্তু ব্যৱহাৰত এনে প্ৰভেদ নাই; কেবল “কথিলেই কথা,মথিলেই ঘিউ। ভাতত দিয়া হাঁহ কণীৰ কেনি যায় জীউ,” বা “বাৰ হাত জালৰ তেৰ হাত ফটা, ভাল মাৰিলি বাপৰ বেটা। ৰৌ-বৰালি সৰকি গ'ল, পুঠি-খলিহনা পাহে পাহে ৰল’’—আদি ধৰ্মব্যাখ্যা দিয়া বচনবোৰক ফকৰা বোলা হয়।

 পৃথিৱীৰ আন আন জাতিৰ দৰে অসমীয়া জাতিৰো পটন্তৰমালাত গ্ৰাম্য দোষ (Vulgarity) থকা পটন্তৰ কিছু আছে, সেইবোৰ ইয়াত ঠাই দিয়া নাই। কিছুমান যোজনা লঘু (Slang) শব্দৰ ব্যৱহাৰ থকা বুলিও বাদ দিয়া হৈছে। আধুনিক ৰুচিবিগৰ্হিত কথাৰ নানা ফকৰাও স্বভাবতে ইয়াত এৰা পৰিছে। আৱশ্যক নেদেখিলে কোনো পটন্তৰৰ ভিন ৰূপো আমি লোৱা নাই। মুঠতে অযথা কলেৱৰ বঢ়োৱাতকৈ সংগ্ৰহটি বাচকনীয়া কৰিবলৈহে যত্ন কৰিছোঁ, আৰু তাৰ বাবেই আমাৰ মূল সংগ্ৰহৰ তিনি ভাগৰ এভাগমান পটন্তৰ খহি পৰিল। ইয়াক যুগুত কৰোতে অৱশ্যে কৰ্ণেল গৰ্ডনৰ “A Few Assamese Proverbs" আদি কৰি হাতে ঢুকি পোৱা আটাইকেখন অসমীয়া পটন্তৰৰ পুথি আৰু কেবাখনো ইংৰাজী পটন্তৰৰ পুথিৰ সম্পাদন-নীতি মন কৰিছোঁ, আৰু সদৌৰে আন্তৰিক শলাগ লৈছোঁ৷

 উজনি-নামনিৰ পটন্তৰৰ এই সংগ্ৰহৰ কাম হাতত লোৱা ২৫ বছৰ হৈ গ’ল, নানা আহুকালত ইমান দিনে ই পোহৰৰ মুখ দেখা নাছিল। ১৯৩৪ ত ৰায় বাহাদুৰ ৺আনন্দ চন্দ্ৰ আগৰৱালাই অসম সাহিত্য সভাৰ যোগে উৎকৃষ্ট অসমীয়া পটন্তৰ সংগ্ৰহৰ বাবে এটি বঁটা ঘোষণা কৰে। তাৰ বাবে এই পুথি ১৪/১০/৩৫ত দি ২২৷১২৷৩৭ত ঘূৰাই পাওঁ, আৰু সেই বঁটা লাভ কৰোঁ;পিছে তাৰ পৰা এই সংগ্ৰহ প্ৰকাশ কৰাত বিশেষ সহায় নহ'ল। তথাপি তুলাপাত আৰু চেপাকলৰ এই মহাৰ্ঘৰ মাজতো অসমীয়া-প্ৰাণ আগৰৱালাদেৱৰ সোঁৱৰণত সদৌৰে সহায়-ভাৰসাত ইয়াক উলিওৱা হ'ল।

শুৱনী পজা, যোৰহাট
ভাদ, ১৮৭৫ শক

ডিম্বেশ্বৰ নেওগ


অসমীয়া কবিতাৰ প্ৰসিদ্ধ ভাঙনি-কোঁৱৰ

স্বৰ্গীয় আনন্দচন্দ্ৰ আগৰৱালা

ডাঙৰীয়াৰ পৱিত্ৰ সোঁৱৰণত

পটন্তৰ-মালা

অমাতৰ মাত। আকালৰ ভাত॥
অনো নাই। বনো নাই॥
অজ্ঞানীক জ্ঞান দিয়া। গৰুচোৰক বোধ দিয়া॥
অসতীৰ সদ্ জ্ঞান। গৰুচোৰৰ গঙ্গাস্নান॥
অবুজনক বুজোৱা। ঢেৰুৱা ঠাৰি সিজোৱা॥
অলপ জুইৰে ধপাত নাখাবা,
সৰু মানুহৰে কথা নহবা॥
অমানুহে মানুহ নিন্দে, জোনাকীয়ে সূৰুয নিন্দে॥
অতি কথা নুযুৱায়। দুখৰ ৰাতি নুপুৱায়॥
অশালাগী আউনী পাণ। খালেও নধৰে ৰাঙ॥
অভ্যাসৰ নৰ। কৰ্ণপথে কৰে শৰ॥
অধিক মাছত বগলি কণা॥
অতি-শ্ৰী হত-শ্ৰী। অতি ভক্তি চোৰৰ লক্ষণ॥
অচিন কাঠৰ থোৰাও নলবা॥
অতিদৰ্পে হতালঙ্কা। অহুকাণে পহুকাণে শুন॥
অতিকৈ গাল মাৰিলে মুখ ফাটে॥
অভাৱত স্বভাব নষ্ট॥ অনাভ্যাসে হতা বিদ্যা॥
অলপ অৰ্জন, বিস্তুৰ ভোজন।
সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ॥
আঠাই সাগৰত কাঠিজাল॥ অকৰা মৈত উঠিল।
অজান ফকীৰেও কয়। দিন গ’লে ৰাতি হয়॥
অভাগীৰ কপাল। হাঁহকণীতো কুহুম নোলাল॥
অলপ ধনৰ গিৰি। শোভা মানুহৰ শ্ৰী॥
অমৰ মৰে, অজ্বৰ জ্বৰে, মৰাই বায় হাল। লক্ষ্মীৰ
টিকাত ফটাকানি, মোৰ নাম নিধনীয়েই ভাল।
অ’ত ঠিয়, ত’ত ঠিয়।
আলহী আহিছে নোসোধ কিয়॥

অৰি কুমাৰৰ ঘৰী। কোনে বুলি যাৱ জহৰা
ল’ৰাটো, বাপেকৰ নিচিনা ভৰি॥
অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট।
কণীবোৰ ভাঙি পেলাই বাহকে কৰিলোঁ নষ্ট॥
অ’ত কৰিবা হৰক-তৰক, ত’ত কৰিবা কি।
দাঁড়েকৰ বাতৰি তিলেকে যোগাব, যাতনা ভুঞ্জাব নি॥
অবহুতী কন্যাৰ বহিবৰ মন নাই, ধৰে ওঁঠৰতা ৰাৱ।
অতি কথকীক কথাই খায়। বৈদ্যক খায় সাপে॥
সাতখন ভাগৱত যি পঢ়ে, ছোৱে কিঞ্চিৎ পাপে।৷
অধিক ওজা হ’লে গুৰ ধমনা হয়॥
অতিৰ লগত যতি মৰে। উলুৰ লগত বগৰি পোৰে॥
অ-তামূলী তামুলী হ’ল, মুখেদি বোৱালে ৰাং।
অঘৈণী ঘৈণী হ’ল, দুপৰীয়া বগালে চাং॥
অকলশৰীয়া পহু। টিকায় মূৰে খহু॥

আই গৈছিল গোঁসাই ঘৰলৈ, মই গৈছিলোঁ লগত।
মিঠৈ-কল খাবলৈ পাই তাতে হলোঁ ভকত॥
আগৰ কমলাবৰীয়াই ধুই খায় খৰি।
এতিয়াৰ কমলাবৰীয়াই খাওঁতে নিতিয়ায় ভৰি॥
আগ দাঁত সৰিল। দুনাই জেউতি চৰিল॥
আঁহ লুকাব, পাহ লুকাব, গাল শোতোৰা ক’ত লুকাব।
আৰ ছিগা চুলি, তাৰ ছিগা চুলি, মাৰি যাওঁ
নেঘেৰী খোপা। আৰ ফটাকানি, তাৰ ফটাকানি,
পিন্ধি যাওঁ গেৰোৱা লেটা॥
আপোনাৰ ফালেই টেকটেকীয়া।
লোকৰ ফাললৈ পানী চটিয়া॥
আউনী পাণেৰে তামোলখন খাওঁ।
মেল চপাবলৈ মানুহ নাপাওঁ॥
আহিছ সতিনী থ’ম চুকত।
তুৰিমুৰি কৰিলে গোৰ দিম বুকত॥

আলচা কথা নহয় সিধি। বাটত আছে কণা বিধি॥
আগত এটা পিছত এটা হ’লে অকলে যাব পাৰি।
গাখীৰ গুৰ লগত হ’লে, শুদায়ে খাব পাৰি॥
আঁৰিৰ মূৰা ঘিউৰ চপৰা জোঁৱাইৰ পাতত দে।
ৰৌৰ মূৰা গছৰ মূঢ়া মোক আনি দে॥
আলহীলৈ বুলি হাঁহ মাৰে, গোটঘৰে খায়॥
আগেয়ে আত্মতুষ্টি, পাছত জগত তুষ্টি।
আগেয়ে আত্মাকৰম, পাছত পিতৃকৰম॥
আচৰণ বিচৰণ ফেঁটীগোম সাপ।
আচৰিব নাজানিলে খাই মাৰে তাক॥
আলহী নাই, আহুকালো নাই। বিষয়ো নাই,
জঞ্জালো নাই॥ আলহী হ’লে আহুকাল,
বিষয় হ’লে জঞ্জাল, তিৰি হ’লে ঘোচামৰ জৰী॥
আহুৰ আৰৈ, শাকৰ পুৰৈ, মাছ পাতত দিয়া ছাই॥
পাণৰ মকৰা চূণৰ চোকোৰা বছৰে মানুহটো খায়॥
আইটী! ছোৱালীয়ে কচু খায়।
আপুনি এৰিব সোৱাদ পাই॥
আগেয়ে আছিলোঁ দালিমৰ পোহাৰী, সদৌৱে
বুলিছিল বাই। গছো লেৰেলিল, দালিমো শুকাল,
এতিয়া সোধোতা নাই॥
আমৰ গছত জাম লাগিল, তেতেলি গছত বেল।
সৰিয়হৰ আঞ্জা কৰি, মাহৰ পেৰে তেল॥
আমৰ গছত ডাব-নাৰিকল, তামোলৰ গছত বেল।
সাতোটা হাতীয়ে আলচখন পাতিছে,
এন্দুৰৰ গাঁতত মেল॥
আলিয়ে আলিয়ে ফুৰো গা ঘেলাই, হাতত
কলখোৱা চৰাই। চকুৱে চকুৱে দৰশন নহলোঁ,
বিধতাই নিদিলে মিলাই॥
আম পাৰিবলৈ হাঁকুতি নালাগে, দালিম খাই
যাওঁ হাতে। আমালৈ ছোৱালী নালাগে,
কটকী, আপুনি নোসোমায় মানে॥

আয়ে ক’লে বাটত, বায়ে ক’লে তাঁতত।
মই শুনি আহিলো পানী-অনা ঘাটত॥
আইক যে ওলগিলি, মোক নোলগিলি।
তই যে তিৰোতা! —আই জানো মটা॥
আপোনাৰ দায় ফুটছাই। পৰৰ দায় খুচৰি খায়॥
আপোনাৰ মন যেনে, সংসাৰকো দেখে তেনে।
আপোন যি আপোন। শশৈয়া দাপোণ॥
আগেয়ে আছিলোঁ যেন তেন।
ভকত ভূঞ্জোৱাত হ’ল পেন্ পেন্॥
আছে দান, নাই সমিধান॥
আকালো নাই, ভঁৰালো নাই॥
আছোঁ বগলি আছোঁ চাই। ক’ৰ পানী কলৈ যায়॥
আকৰী নকৰিবি হেলা।
আকৰীয়েহে জানে বা-বৰষুণৰ বেলা॥
আহোমৰ চকলং, হিন্দুৰ বেই।
তোমাৰ পাতলিত পৰিছোঁ, যেই কৰা সেই॥
আইৰ ঘৰলৈ যাম, দুই হাতে খাম।
বিধিয়ে বোলে মই পিছে পিছে যাম॥
আই সীতা পাতাললৈ যাব।
কাক নিব, কাক থ’ব॥
আছে গৰু নবয় হাল, হোৱাতকৈ নোহোৱাই ভাল॥
আকাল হ’ল বুলি কোনেও গৰু নাখায়॥
আমলৈ ফৰ্ম্মুটি মাৰে। আমো নাই, ফৰ্ম্মুটিও নাই॥
আচলে পিছলে। হস্তীৰো পাৱ পিছলে॥
আঁঠুৱা তলৰ ম’হ, মোহাৰিলেই মৰে॥
আপোন লগুণ পৰক দি। বামুণ মৰে হুতাশন হুই॥
আউসী পূৰ্ণিমাত বহি থাক।
তেও নেমাৰিৱি জোৰৰ চাট॥
আঘোণমহীয়া কাচি। তামোলো নালাগে,
পাণো নালাগে, আপুনি ফুৰিছে যাচি॥
আখৈহে ফুটিল, টিকাৰ ধান গুচা নাই॥

আগলৈ চাই মাৰো হাই।
পিছলৈ চালে সাৰথি নাই॥
আৰু নো কি আঘোণ পুহ।
পাচীয়ে পাচীয়ে বিলাম তুঁহ॥
আলু খালে ভোলানাথে, কল খালে জগন্নাথে।
বাকলি চুহিলে যি। ধন ভৰি মৰিলে সি॥
আবতৰীয়া বেঙেনাৰ মোক তোল, মোক তোল।
আভোকৰ ন-মুঠি॥ আঁঠুৱা চাই ঠেং মেল॥
আঁচুকাঠত পৰি শিয়াল ৰঙা হ’ল।
আমে নিন্দে চামক। দ ভূঞে নিন্দে বামক॥
আৰৈতকৈ উখুৱাৰহে খচখচনি চাৰ॥
আঁউসীৰ ধাৰ পূৰ্ণিমাত শুজ॥
আৰ্জে মুকুতা, খায় শোকোতা॥
আহক বাৰিষা কাটক পাত।
ৰৈ যোৱা ভিনিহি, খাই যোৱা ভাত॥
আপাদৰ কালত ঔৱেও গ'ল খজুৱায়॥
আইলৈ যেই হাত। বাইলৈ সেই হাত॥
আপোনাৰ মুখ বেঁকা। দাপোণত চাৰি লাঠি॥
আৰ্জ্জে নন্দ গোৱালে। খায় বোন্দা শিয়ালে॥
আম কঠাল দুমাহ। মাত-বোল নাই ছমাহ॥
আশয় পোৱা কুকুৰে গললৈকো জপিয়ায়॥
আয়ে চায় মুখলৈ। তিৰুতাই চায় হাতলৈ॥
আপোন ভালেই জগত ভাল॥
আশা-শুধীয়াক ভাতে নাটে॥
আমে বান, কঠালে ধান॥
আহাৰ নিদ্ৰা ভয়। যতই কৰা ততই হয়॥
আশা পৰম দুখ। নিৰাশা পৰম সুখ॥
আগৰ আগ ভাগ। পাছৰ পৰম কপাল॥
আগফালে তেতেলি, পিছ ফালে ঔ।
সেই গিৰিৰ মৰণ হ’ল নে নৌ॥
আহোঁতে শূইন, যাওঁতে শূইন।

লগত যাব পাপ পুইণ॥
আগৰ গৰু বাঘে খায়।
টোক্ টোকাওঁতে জনম যায়॥
আপৰলিৰ বৰ কথা, শৰতৰ পানী।
শোকোতাৰ বৰ টোম, দাঙিলেই জনি॥
আহিছা আলহী বহিবা শিলত।
তামোল-পাণ খুজিলে মৰিবা কিলত॥
আগে ক’ল, পিছে বাঁহ। সেই গিৰিৰ কিমান সাহ॥
আঁউসীত বাতে, পূৰ্ণিমাত কাটে।
সেইখন কাপোৰ শ্মশানশালিলৈ লাগে॥
আত্মীয় জাতীয় যত বন্ধুগণ।
মাতৃৰ স্নেহতকৈ নাই কোনো জন॥
আছে কাপোৰ, আছে জাৰ।
নাই কাপোৰ, নাই জাৰ॥
আপদৰ কালত বুধি হয় হত।
নুসুধিলে উগ্ৰসেনে বুধি মাধৱত॥
আহাৰে-বিহাৰে নকৰা লাজ।
লাজ কৰিলে নিসিজে কাজ॥
আম চনকা হিজল ভাই।
তেতেলি গছত মৰণ নাই॥
আছে সুখ দুখ শৰীৰৰ প্ৰতি।
তাক খণ্ডাব, কাৰ বাপৰ শকতি॥
আৰ্জ্জিলে ফল ভুঞ্জিবলৈ পায়॥
আপুতৰ পুত, কোলাতে মুত॥
আপডালৰ গৰু মহ, কিৰ্পিনৰ ধন॥
আহৰে-পোহৰে তৰিছে তাঁত।
উজুটিত ছিঙিছে পৈয়েকৰ দাঁত॥
আহিল কণা গ’ল কণা। খাগৰি কাটিলে তিনি কণা॥
আইৰো বাৰ্ত্তা। গঙ্গাৰো যাত্ৰা॥
আগ নিশা ভাত খালে, পেট কৰিলে টান।
শেষ নিশা ভাত খালে, গৃহস্থই নকৰে কাণ॥

আঁতৰত বৰ কথা। ঘৰত হ’লে ফটা কঁঠা৷৷
আয়ে বোলে লাহৰী ঐ! বোপায়ে বোলে লাহৰী ঐ!
কটাৰ পো হজুৱাই খৰি কাটি নিদিলে,
বাঁহপাতে কাটিলে গা॥
আইৰ সমান হ’ব কোন। নৈৰ সমান বব কোন৷৷
আগল, পাগল, ছাগল।
এই তিনিয়ে কৰে ব্যাধি পাগল॥
আচুতত নিদিবা হাত।
লৰালুৰিকিটা লঘোনে নথবা, দিবা গধূলিতে ভাত৷৷
আটাইতকৈ তিতা নেমুটেঙাৰ পাত।
তাতোকৈ তিতা মাহী আইৰ মাত৷৷
আনৰ আন চিন্তা। বুঢ়ী বামুণীৰ দুখন কাণৰ চিন্তা।
আলহীয়ে বিচাৰে শাকত লোণ।
ধান কিনোতাই বিচাৰে সাত সেৰীয়া দোন॥
আহোম টেলেঙা ডোম ভেলেঙা হিন্দুৰ ঘন ঘন গাঁঠি॥
আগত ইচ্ছাই গোৰ। ঢেকিয়া ইচ্ছাই থোৰ॥
আহক নাহক বৰ। সেওঁতা ফালি মৰ॥
যেতিয়া আহিল বৰ। কন্যাৰ উঠিল জ্বৰ॥
আগেয়ে আছিলোঁ দোৱেনী-মোৱেনী,
গোৱালে বুলিছিল আই।
এতিয়া হলোঁ নেজ-গুবৰী, পালতো নিদিয়ে ঠাই॥
আগেয়ে আছিলোঁ লাগী। ভাল খাইছিলো বাছি।
এতিয়া হলোঁ চেৰেলী গাই। জাকতো নিদিয়ে ঠাই॥
আগেয়ে আছিলোঁ ভাটীত।
চুণ-ধপাত আছিল গাঁঠিত।
এতিয়া হলোঁ উজনীয়া। মুখখন হ’ল খোজনীয়া॥
আগেয়ে নাহিলা আগবাঢ়ি। কাৰ পৰা দিম কাঢ়ি॥
আছোক লাভ লোভতী। মূলৰো হ’ল হতাহতি॥
আই মৰিলে বোপাইক ক’ম।
বোপাই মৰিলে কাক ক’ম॥
আহিছে চাপনী। গুচিব আপুনি॥

আইৰ কুৰ্ম্মা ঢেকুৰা। তিৰিৰ কুৰ্ম্মা বপুৰা॥
আমাক নিদিবা দেখা। আমি ধৰো অনেকটা ভেষা॥
আদা বেপাৰীৰ কি জাহাজৰ ভু।
আদাক দেখি উঠিল গা।
কেটুৰীয়ে বুলিছে মোকা খা॥
আহে বোৱাৰী এমুঠি ক্ষয়। নাহে বোৱাৰী এমুঠি ৰয়॥
আবেলি আবেলি বৰষে দেও।
তেহে চাবা পানীৰ ছেও॥
আদা চুৰুণী বাই। মনে উদগুদায়॥
আষাঢ় গ’ল, শাওণ গ’ল, ভাদৰ পৰিল পখ।
লৰালুৰি চাপি আহ, খেতিৰ কওঁ লখ॥
আলেকৰ পালেক। কুকুৰাচোৱাৰ ভাগিনীয়েক॥
আলাহত নাকাটে চুলি।
লোকে মাতে সন্ন্যাসী বুলি॥
আক দেখি তাক। বৰ কাপোৰৰ দীঘল দহি,
তামেৰে বন্ধালে নাক॥
আটাইতকৈ আগ হৰিকথা,
তাতোকৈ আগ চাউলকঠা॥
আধি মাটি মৰকিয়া হাল।
তাকে নকৰি বহি থকাই ভাল॥
আগ নুগুণে গুণ পাছ।
লোভত মনে বৰশীৰ মাছ।
আন্ধাৰত তৰিছোঁ তাঁত। ফুৰি থৈ আহোঁগৈ মোৰ
ধনৰ চুবুৰীত, লগাই থৈ আহোঁগৈ মাত॥
আলাগী লাগিল গলত। পৈ-সুৱাগী কান্দিব লাগিছে
কোটাহী বেঙেনাৰ তলত॥
আটাইতকৈ অশুচি বামুণৰ ভাত।
তাতকৈ অশুচি নাপিতৰ হাত॥
তাতকৈ অশুচি নদীয়ালৰ নাও।
তাতকৈ অশুচি তিৰিৰ পাৱ॥
যাচি দিলে শুচি বামুণৰ ভাত।

ধন দিলে শুচি নাপিতৰ হাত॥
কৰ্ষাল দিলে শুচি নদীয়ালৰ নাও।
শয্যাত শুচি তিৰিৰ পাৱ॥
আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰাভঙ্গ॥
আভোকৰ ন-মুঠি॥ আকাশী চৰগ ভাগিপৰ॥
আলিবাটত চালি ধৰ। আশাত নিৰাশ কৰ॥

ই, ঈ, উ


ইকাণ, সিকাণ, সহস্ৰ কাণ।
ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি॥
ই ডালত ছমাহ, সি ডালত ছমাহ।
মই নো বান্দৰী জীম কেইমাহ॥
ই দেও, সি দেও। এইহে লোটা নিবৰ ছেও॥
ইমানতে সিমান! বাণিজ্যলৈ গ’লে বেহাবি কিমান॥
ইপাৰে আটি-মুটি। সিপাৰে মহ-খুটি॥
ইজনমতে তিনি জনমৰ বিচাৰ॥
ইয়াতে থাকিবা ৰৈ। এখনি হাঁচতি আহোঁগৈ বৈ॥
ঈশ্বৰে যি কৰে ভালকৈহে কৰে॥
ঈশ্বৰৰ হ’লে লীলা। মনিচক ধৰি বান্ধি কিলা॥
উদৰ মুখত শালপোনা॥ উদক ভেটাৰখীয়া দে॥
উৰি গ’ল কতীয়া কপৌ, খেদি নিলে শেনে।
একে কাঠি কাঁড়ে সাত ঠাই ভেদিলে,
ই কথা হৈছে কেনে॥
উঠতীক বহতীয়া পাঁচে।
শুই থকা জনী বাৰুকৈয়ে আছে৷৷
উদৰ সাত পুৰুষ মৰিল কেঁচা মাছ খাই।
বান্দৰৰ সাত পুৰুষ মৰিল ডাল কোবাই॥
উদৰ ভৰিবা গুণি গুণি। তেহে পাবা উদৰ উনি।
একেলগে উদৰ দিলে ভৰা৷
আছোক জীয়া ছাৰি, দেহৰ আশা এৰা॥
উলুৰ বৰ চৰি, নদৰ মোচৰ।
মাক নোহোৱাকৈ জীয়েকৰ ষোল্ল বছৰ॥

উহুৰ-মুহুল বিয়া। ঢেকীথোৰাটো পাতত দিয়া॥
উভতি নাচিলে যখে পায়॥
উৰহৰ খঙত ভগা ঢাৰি কোবা।
উঠুৱাই মাৰিলে কাঠী। জালোৱা কৈৱৰ্তৰ
সাতজনী তিৰোতা, শুবলৈ নাটিলে পাটি॥
উৰুখা ঘৰত বাৰিষা থাকে।
যুৱতী কন্যা বাপৰ ঘৰত ৰাখে॥
তিনি চাৰি খায় গোট। শ চাৰেক ভৰায় ৰূপ॥
উপকাৰীক অজগৰে খায়। হৰি বিনে কেও নাই॥
উপায় গ’ল ওপৰক। বুদ্ধি গ’ল ভিতৰক॥
উইচিৰিঙাৰ জুইত পৰি মৰিবলৈ পাখি॥
উচটাই গাই গৰু হাল বোওৱা॥
উপজিয়ে গোট ভাত গোটে গিলা॥
উভলা গছ দেখি আটায়ে বাগী কুঠাৰ মাৰ॥
উলুৰ লগত বগৰি পোৰ।
উৰহি গছৰ ওৰ॥ উৱাই ৰাতি পুৱাই॥



এনেয়ে মৰিছোঁ ঋষিৰ শাপত।
তাতে দিছে ধানৰ ভাপত॥
এনেয়ে বিৰলী গেলা। তাতে পৰিছে চাঙৰ পৰা॥
এটীয়া মুগাৰ কিহৰ ভৰপক॥
এডোখৰ কুটা দুডোখৰ নকৰ।
এড়িমূৰী জাপৰী, খৰেখাতী ফাপৰী, নাপাই হে
আনিলো তোক। সমনীয়াৰ আগলৈ
নোলাবি ফাপৰী, খেজালি মাৰিব মোক॥
একে কাঠি কাঁড়ে সাতোটা হৰিণা মাৰিলোঁ,
লোকক নকলো লাজে। ছমাহ খাপ দি নিগনি
এটা মাৰিলো, তাতে ধনঞ্জয় ঢোল বাজে॥
একেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া॥
এতিয়াহে পালেহি ঘৰ-পতা পৈ।

কিলাবলৈ আহিছে ঢেকীথোৰাটো লৈ॥
এহাতৰ হুল, দুহাতে কাঢ়িব লাগে।
এঘৰৰ পাটনাদ, এঘৰৰ জৰী।
এঘৰে পানী তোলে ঘটং ঘটং কৰি॥
এক বৰাই খায় ধান। এক বৰাই খায় হান॥
একে আহিনে ধান। তিনি শাওণে পাণ॥
এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ।
এটা নিগনিৰ সাতখন পাম॥ এৰি দি বেৰি ধৰ॥
একে গছৰ পাণ, সি কি হ’ব আন॥
এৰাই খালে টোপ। নেঘেৰীৰ গাত লাগিল খোপ॥
এইবেলি বানেহে বান। বাৰীৰ ভালুকা কাটি,
ওখকৈ চাঙ পাতি, তাতেহে থৈ যাম ধান॥
এইবেলি কেনেকৈ তৰোঁ। বাপাৰ মাকে টেঙা শাক
ৰান্ধাগৈ, কোনোবা ক’ৰবাত মৰো॥
এন্দুৰৰ কি সেন্দূৰ। নগাৰ কি গোন্ধ তেল॥
কুকুৰৰ কি তাম-তুলসী, বেটীৰ কি পভুৰা লৰা॥
এঠাইত কাটিলে সাত ঠাইত গজে॥
এইবেলি শেনৰ এজাত॥ এক গাঁৱৰ, এক মাৱৰ॥
এহাত কাপোৰৰ দুহাত দহি। কেহেলৈ যোৱা
ফোপজহি॥ এই ওনা দেলে॥
এড়িয়া কাপোৰ তিয়াই, তোমালৈ আছো ধিয়াই।
এঠাইত লাগে এঠাইত নালাগে সতৰামৰ নাঙল।
এখন ফলিয়ায় এখন নফলিয়ায় বাইলুঙনীৰ মঙ্গল॥
এসাজ খায় এসাজ নাখায় ন চহকীয়ে লোণ।
সাত কঠাতকৈ সৰহ নাখায় চাপৰিয়ালৰ দোণ॥
এঙনিতে জেঙনি লাগিল। ইজনে সিজনে যি বোলে
বোলক, আমাৰ কিহত লাগিল।
এটিঙ আছে এটিঙ নাই, নদীয়ালৰ নাও।
পুৱা-গধূলি হাই নুগুচে, নদীয়ালৰ গাঁও॥
এগাল বাচে, এগাল খায়, নদীয়ালৰ চিৰা।
এঠেঙ আছে, এঠেঙ নাই, নদীয়ালৰ পিৰা॥

এক পুৰুষত গৰু খায়। সাত পুৰুষলৈ নাম যায়॥
এচৰু ভাতৰ এটি পিতিকিলেই গম পায়॥
এবাৰ মৰিয়েই তিনিজনী তিৰুতাৰ মন বুজা॥
এক তিৰিৰ পৈ লোদোৰ-পোদোৰ। দুই তিৰিৰ গাঁতৰ এন্দুৰ॥
তিনি তিৰিৰ নাপায় ভাত। চাৰি তিৰিৰ মূৰত হাত॥
এবুৰি ছ-অঁৰা ভৰ॥
একোটা বাঁহৰে জাপি বাঢ়ণি। একোটা বাঁহ
বাঢ়নিৰো অযোগ্য। এহেও নাই, তেহেও নাই॥
এনে ভকতৰ বল। নি মৰিব, খাই তৰিব,
যেনে ধৰমৰ ফল॥ এখনি তাল নাবাজে॥
একত বিশ্বাস, দুইত মেল। তিনি হ’লেই চেলবেল।
এদিন হাঁহিবা, এদিন কান্দিবা। এহাতলৈ চোঁচ॥
এক চাৰি ঘৰ, এক চাৰি বৰ॥
এন্নাৰ ঘৰকইনা,বেন্নাৰ বেৰা। তাত বহি গণ কইনা
স্বৰগৰ তৰা। এশখন মুখেৰে ক॥
এচকুৱে তেল বেচা, এচকুৱে পানী বেচা॥
এশ গৰু মাৰিলে বাঘৰো মৰণ॥
এচৰু কচুশাকত এজেবা লোণ॥
এক বুঢ়ী দুই কাম। ধান বানে, চোহে আম॥
এহাত কাঠ, বাৰহাত ডাঠ। তিনি শ তিনি কুৰি
যতৰ-যতৰী। দুটা ভীম, এডাল কাতৰি॥
এডেও দুডেও। এইহে লোটা নিবৰ ছেও॥
এক কলো দেখি। এক কলো লেখি॥
হাঁ-দৈ বোলোতে ওলাল হাৰডাল।
এতিয়াহে পালেহি বুঢ়া ফৰিঙাৰ মৰণৰ কাল॥
এচাৰিত টিকটিকায়, নাঙলত সেও।
একুৰি এটা পিঠা খালে, নাজানিলে কেও॥
একঠা, খোৱাই দুকঠা ৰান্ধিলে, শুকতি দিছিল
ভাতত। এৰে এৰে বুলি বাট চাই আছিলো,
এটিও নেৰিলে পাতত॥
এবাৰ সাপে খুটিলে লেজুলৈকো ভয়॥

এলাতকৈ চেলাৰ বিষ টান॥
এহাতৰ হুল দুহাতেও কাঢ়িব নোৱাৰি॥
এন্দুৰে মাটি খনা, ঘৰতে কথা হোৱা॥
এফলীয়া ভাৰ। ভাঙে কামিহাড়।
এনেই উৰ্বসী তাতে, দিছে দুৱাৰে বাটে॥
এক বামুণৰ লোটা। সাত বামুণৰ জোটাপোটা॥
একে গছৰ তামোল। বেল্টি পৰিল বামুণ॥
এদোন বৰা। শাহুৰ লৰা-চৰা, বোৱাৰী আধামৰা॥
এডালি কাটিলো বেতেও-তেও৷ তাৰে বান্ধিলো
বোন্দা মেও॥ এডালি কাটিলো সোঁ-মাজ ৰাতি।
তাৰে বান্ধিলো দঁতাল হাতী। এডালি কাটিলো সৰু
তাৰে বান্ধিলো দমৰা গৰু॥ উনৈশত বা বলা॥
ঐদেহি বৈদেহি গা॥ ঐয়া হৈয়া কৰ॥

ও, ঔ

ওদা দেখি চোৱা যাচে॥ ওফন্দি গঙাটোপ হ॥
ওজাৰ ঘৰৰ বোন্দায়ো ৰাগ দিয়ে! ওজাৰ নাকত খৰ।
ওলাই দেখিবা যাক। শত্ৰু নাভাবিবা তাক॥
ওজা লগা বিদ্যা, পাখি লগা কাঁড়।
ওৰকতে ভোৰক। কেৰোলাটো সুমুৱাই দিয়া,
বেঙেনাটো পোৰক॥ ওঁঠ চেপিলে পিয়াহ ওলায়॥
ওপৰ মাতোতাৰ বাটত ঘৰ। আহোঁতে লাঠি,
যাওঁতে চৰ॥ ওঁঠৰখন মুখেৰে ক॥
ওঁঠে তিতা, দাঁতে লোণ, কৰ্ণে কচু , নাভিত তেল।
সেই ঘৰ গৃহস্থৰ তালৈ বেজ গ’ল বা নগ’ল॥
ওৱাক নিন্দে কোৱাই। পুঠি-খলিহনাক নিন্দে
ভেৰপেটী মোৱাই॥  ওঁঠৰটা নামি দে॥
ওৰণীয়ে-বাৰণীয়ে দেখিবলৈ ভাল।
ওৰণীখন গুচালে ওফোন্দা গাল॥
ওলা নাৱৰ বোলা বঠা। ভটিয়াই যামগৈ।
জোনাক নিশা॥ ওভতাই মোট চেলা॥

ওপৰলৈ চালে দেখে স্বৰগ। তললৈ চালে
দেখে নৰক। ওচৰৰ আলহী নকৰে কাণ।
নৰীয়া পৰিলে উঠাটো টান॥ ওপৰ চকুৱা লোক॥
ওচৰৰ পুঠি-খলিহা, দুৰৈৰ ৰৌ-বৰালি॥
ওলোকৰ মাদলী, থোলোকৰ বিয়া।
ধান পুৰাদিয়েক উধাবলৈ দিয়া॥
ওঁঠ চেলেকি মৰ॥ ওঁঠৰ পানী পৰ॥
ঔটো পৰি কপৌটো মৰিল, বগে নিৰামুহি খায়।
সখীয়তী চৰায়ে ছমাহলৈ বিনালে, সমধৰ
একোডাল নাই॥ ঔচ বুলিলে ওচৰ চাপ॥

কিনো পৈ হুতাই তাই। লোণ সানিবলৈ
তত নাপায়॥ কঁকাল চাই মেখেলা॥
কবলৈ নাই একো। ডাকি বোলে হেকো-হেকো॥
কিনো ভমকৰ তালি। ভালখন থৈ ফটাখন পালি॥
কাক নো বুলিবা ককা। আটাইৰে ডাঢ়ি-চুলি পকা॥
কাউৰী টেঙৰ নে মাউৰী টেঙৰ॥
কেও নোপজোতে মই উপজিলোঁ, বোপাই উপজিল
পাছে। খেচমেচ কৰোতে বুঢ়ী আই উপজিল,
ককা উপজিবলৈকে আছে॥
কুমলীয়া আদা দেখি, টিকাত মচি খায়॥
কুমলীয়া তামোলৰ কেওঁ। বৰকৈ চলাইছে
আমাৰ তেওঁ॥ কাহী পাতে গা কাট॥
কলীয়াবৰত পৈয়েক মৰিল। ঢেকী দিওঁতে
মনত পৰিল॥ কেঁকোৰা গাঁত বিচাৰ॥
কেঁকনি গোঠনি নৰিয়া টান। নৰিয়াই খায়
উনি মান॥  কেঁকোৰা খোলা দে॥
কৌৰৱৰ চাউল খায়। পাণ্ডবৰ গীত গায়॥
কুকুৰ চিকুণ, গিৰিহঁতৰ যশ॥
কৈ থাক কুকুৰণী, শুনি থাকোঁ ঠাকুৰণী॥

কোনটোৰ কোনজনী? ফপৰীয়াটোৰ তিনিজনী,
ভালটোৰ এজনীও নাই॥
কালৰো কাল, বিপৰীত কাল।
হৰিণাই চেলেকে বাঘৰ গাল॥
কি কৈ মৰিলো কিহত। দুহাতে দুমুঠি
খাৰু পাইছিলোঁ, আগেয়ে নিয়াটোৰ যহত॥
কিহত কৰিলো কি। ধান দোণ দি পৈটো আনিলোঁ,
নিতৌ কিলায় সি॥
কথা কওঁতেই লাগিল পাক। বাৰজনী গৈছিল
পানী আনিবলৈ, তেৰজনীৰ কাটিলে নাক॥
কওঁতেই কলা। যতৰত শলা॥
কথাৰ মূৰত কঠিয়া, সৰিয়হৰ মূৰত তেল।
যাৰ ঘৰত জীয়ৰী আছে, তাৰ ঘৰত মেল॥
কথাৰ গুণে কঠিয়া। যতৰৰ গুণে বটীয়া॥
কিহৰ জগৰত মৰো। চটাই পৰ্বতত গাটো
দেখা দি আধলি পাঁচোটা ভৰো॥
কথা বা ক’ত? ভেকুৰী তলত।
কাৰ জহত কোনে পিয়ে পানী॥
কাৰ ভগিনী মৰে কাৰ হয় হানি॥
কলি কালৰ লৰাই বলী ভাত খায়॥
কটাৰি ধৰাবা শিলত। তিৰিক চলাবা কিলত॥
কথাৰ দুআষাৰ, বান্ধৰ দুমেৰ॥
কণা কুজা লেঙুৰ ভেঙুৰ।
এই তিনি-চাৰি হাৰামৰ নেগুৰ॥
কঁকালত কাঁচি। বুঢ়ী ফুৰে নাচি॥
কণী পাৰে হাঁহে। খায় ভকত-ডাঁহে॥
কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ।
মাকৰ ঘৰত জীয়েক বাঢ়ে, পথাৰত বাঢ়ে ধান॥
কি ক’ম, কি নক’ম? পৈৰ নাম বটালি!!
কুটুমে ৰান্ধিলে, কুটুমে বাঢ়িলে, কুটুমে কুটুমক খালে।
কুটুমৰ তেজেৰে বন্তি লগালে, মজিয়া ভকেভকালে॥

কৰপৰা আহিলি, ক’ত দিলি ভৰি।
চোতালখন ফাটি গ’ল চট্ চট্ কৰি॥
কূটৰ ঘৰৰ কূটী।
লোকলৈ বুলি হুল চাঁচি আপুনি মৰে ফুটি॥
কেওঁ নাই যাৰ। ঈশ্বৰ সহায় তাৰ॥
কুজৰ মূৰত কিলটো। তিথিৰ মূৰত পিণ্ডটো॥
কাউৰীয়ে আটাইৰে খায়।
কাউৰীৰ খাওঁতা কেও নাই॥
কলাই জপে, কালৰীয়ে জপে।
যেনে তেনে ৰাতি খপে॥
কুকুৰৰ নেজ দীঘল, নিজে পাৰি বহে॥
কথা নকবি ৰাতি। কথা নকবি বনৰ গাঁতি॥
কথাও হৈছে, কথাও নহৈছে, কথাত বিন্ধিছে ঘূণে।
বিবাহৰ কন্যা পাটীত মৰিছে, ই কথা শুনিব কোনে॥
কেৰপাই। ধান মাৰিলেহে খেৰ পায়॥
কি মাহী আইৰ গুণ। এহাতে খাৰণি, এহাতে লোণ॥
কটা কাণ চুলিৰে ঢাক। কটা বান্ধ দে॥
কিনো মাহীআইৰ গুণ। খোজো খাৰণি, দিয়ে লোণ॥
কেঁচু খোচৰোতে সাপ ওলাল॥
কেলেহুৱা ওজা, চপনীয়া পালি।
ওৰে ৰাতি নাম লয়, খেৰৰ জুই জালি॥
কিনা হাঁহৰ ঠোটলৈকে মঙহ!!
কুকুৰক নিদিবা ঠাই। ল’ৰা-তিৰুতাক নিদিবা লাই॥
ক’লে কথা ওলাই পৰে। ঘৰ ভাগি মানুহ মৰে॥
কণা কুকুৰাক পতান ধান দি ভাৰ॥
কেলেহুৱা কুকুৰৰ কমললোচন নাম৷
কোলাৰটো এৰি বোকাৰটো আশা কৰ॥
কঠিয়াহে চুটি, জেঠতে পৰা॥
কঠিয়া ধানৰ ভাত৷ ময়ো নহওঁ ভাল মানুহৰ জাত॥
কৰাক নকৰিলে পিতৃয়েও পানী নাপায়॥
কাৰ খাওঁ, কাৰ বওঁ। দুভাগ নিশা ঘৰ নাপাওঁ॥

কৈছো নকৰ কাণ। ন জনী তিৰুতা
বিয়া কৰি আনিছোঁ, দিছো এদোন ধান॥
কৰাৰ হাড়মূৰ ভাগে।
নকৰাৰ দেখিয়েই আমনি লাগে॥
কাঁহৰ খাৰুৱে শুৱায় কি নুশুৱায়, হাত দাঙি দাঙি
চায়। গাৰ সাজে নো শুৱায় কি নুশুৱায়,
পিছলৈ উভতি চায়॥
কি মণি, কলীয়া কাঁচ। ঘৰত দ্বন্দ লগাই নাখাই
ভাত-পানী, গা হ’ল কঁকিলা মাছ॥
কাকো নোদোষো কপালক দোষো।
চাৰি কড়াৰ মাছ আনি কাঁইট-মূৰ চোঁছোঁ॥
কৰিবৰ পৰত মই গৰিয়া, হেঁচুকি হেঁচুকি নে।
খাবৰ পৰত মই পোঁৱাতী, হেঁচি হেঁচি দে॥
কাতিমহীয়া পিতে, পুহমহীয়া শীতে।
জেঠমহীয়া খৰে, সেইহে ল’ৰা মৰে॥
কিনো মাহী-আইৰ সাদৰ। ধান খুন্দি দিয়ে
মাণিকি-মধুৰি, পানী আনি দিয়ে নাদৰ॥
কাঁহীত নাখাওঁ, বাটিত নাখাওঁ, নাখাওঁ সঁফুৰাত গুৱা
মনৰ জোখায় নাপাওঁ মানে দেহকো নকৰো ছুৱা॥
কণটো হেৰালে মনটো হেৰায়॥
কাটা যি কাটা, ৰেপা কেলেই।
কল ইচ্ছাই পুলি, মাক ইচ্ছাই ছলি॥
কুকুৰৰ ছাইমুৱা। মানুহৰ গাইমুৱা।
কুকুৰ হ’ল শিয়ালৰ শতৰু, বাঘৰ শতৰু ফেউ।
কচিৎ কচিং ব্যভিচাৰী, মাইকী ছাগলীৰ মুখে ডাঢ়ি।
কামৰ বেলিকা কুৰীয়া, খাবৰ বেলিকা যম॥
কলাৰ আগত কথা কয়। কলাই বোলে হয় হয়॥
কলাই শুনে, বেঙাই কয়, বোবাই হৰি বোলে॥
কাঁহী হেৰাল, বাটি হেৰাল, তাক পাছেও পাম।
লা যেন ধপাত হেৰাল, তাক হে ক’ত পাম॥
কটনা কটা ভাত। বৰশী বোৱা মাছ॥

কাঁজীৰ টিকাত পাঁজী।
অকাজীৰ টিকাত মুগাৰ মেখেলা, যায় খম্ খম্ বাজি॥
কথাৰ মাজত কানি। ৰূপহী ধানৰ আগ তল গ’ল,
গুৰিয়ে নাপালে পানী॥
কোন কিমানৰ কাজী। ধেনু ভিৰালেহে আজি॥
কলীয়াবৰীয়া মাকো। দিব নোৱাৰো খাব পাৰোঁ,
হোৰাষা-হোৰোষে বাকোঁ৷ কোৱাৰপৰা বগলৈ গ’ল।
ধোবাই ধোৱা কাপোৰ যেন হ’ল॥
ক’ত পাম লোটাটো, ক’ত পাম বাটিটো, ক’ত পাম
পিতলৰ বঁটা। কাইলৈ আহিব ফটুৱাই ফটাটো
ক’ত পাম কঠালৰ এঠা॥
কটাৰী শিলিখা লৰিল। বুঢ়াৰ জেউতি চৰিল॥
কেনেটোৱে কেনে কৰে।
আউনি পাণেৰে মেলখন তৰে॥
কব জান কাণী। কঠিয়াতলিত বৱ শালিধান,
বোৱাব নাজান পানী॥
কি ক’ম বিয়নি, দুখন চালৰ ঘৰ৷
দাঁত নিকটাই পৰি আছে, তাকে বোলে জ্বৰ॥
কুঁহিয়াৰ চিকুণ মুগী। কথাৰ চিকুণ যুগী॥
মাছৰ চিকুণ নেৰিয়া। মানুহৰ চিকুণ বৰিয়া॥
কিলো খাবা, নাৱো বাবা। সেই নাৱত উঠি যাবা॥
কলঙৰ কাষৰি। কতক কেলকেলাৱ চটাই পাখৰী॥
কান্ধত ম’হৰ পীৰা, কুচিয়াটো ঘোক বুঢ়া॥
কথাৰ নাভাঙে থোৰ,
আদখিনি তোৰ আদখিনি মোৰ॥
কথিলেই কথা, মথিলেই ঘিউ।
ভাতত দিয়া হাঁহকণীৰ কেনি যায় জীউ॥
কহয় মাধৱ দাসে। মানুহে মানুহে আছে॥
কাহানি আহিলা? কালি। টিকাৰ ওপৰত
হাঁচতি বান্ধি লৈ চোবাই যাওঁ ডিমৰু চালি॥
কাপ কাঠি পাত। তেহে চাবা আখৰৰ জাত॥

কুচ কুচ্ কৰে খজুৱাই কচুৰ মুঢ়া।
কথা নাকাটিছে কটাৰি বুঢ়া॥
কিয় কৰ অগিয়া-বগিয়া। ৰূপ এটকা দিবই লগীয়া॥
কি কৰি মৰিলো চাপনীক চপাই।
ডাৱৰীয়া বাদলীয়া কিলাবলৈ নাপায়॥
কটাৰী নালৰ সীমা। এমুখে উলিয়াই
পো-পোৱালি, এমুখে উলিয়াই ডিমা॥
কাঠৰে বিৰলী হওক। এন্দুৰ মাথোন মৰক॥
কি বস্তু? মৰা শাক।
লোণ নোহোৱাকৈ খাওঁ তাক॥
ক’ৰ পৰা আহিলি শাখিনী তেজা।
আহিয়েই ভাঙিলি ঘৰৰ সেজা॥
কাতিৰ বিহু কঙালি, মাঘৰ বিহু ভোগালি,
বহাগৰ বিহু ৰঙালি॥ কিঞ্চিত হক, বঞ্চিত নহক॥
কাটক নাকাটক লোৱে।
পোহক নেপোহক পোৱে॥
কল তলে বাঁহ তলে থাক। কচু শাকৰ ভেটি দে॥
কাতিমহীয়া নাকাটিলে সুত।
ষোল্ল বছৰলৈ নাসাধিলে পুত॥
কেঁচুৱে এবাৰ গাঁত এৰিলে ঘূৰাই পাবলৈ টান॥
কচু হ’লে খজুৱায়। ল’ৰা হ’লে নচুৱায়॥
ছোৱালী হ’লে পাঁচে। খুৰ হ’লে চাঁছে॥
কচুত কটাৰি ভাগিল। মোৰ গাত জগৰ লাগিল॥
কুকুৰে যিমানেই কামোৰক তেওঁ আঠুৰ তল॥
কোনো কালে কদাচিত। বামুণ মৰিলে পৰাচিত॥
কুটকুৰা চুলি, খজুৱাবৰ গুৰি।
কণাৰ কি দিন-ৰাতি। নগাৰ কি সংক্ৰান্তি।
কুকুৰৰ নেজত ধৰি গঙ্গা পাৰ হ॥
কুঁহিয়াৰ কাটি যাওঁ পাবত। এজনী আনি যাওঁ
ধনে বিয়া কৰি, এজনী আনি যাওঁ লাভত॥
কেৰ্কেটুৱাই তামোল খায়। নেউলক বান্ধি কিলায়॥

ক বুলিব নাজানে, ৰত্নাৱলী পঢ়ে॥
কানীয়াই কানী খায় কড়াইগুড়িৰ লোভত।
দীঘলকৈ হোঁপা মাৰে ঘৈণীয়েকৰ আগত॥
কথাৰ মূৰত বটা পায়। কথাৰ মূৰতে কটা যায়॥
কি কথা কোৱা লহৰ-পহৰ।
মুকুটি মাৰি দিম ঠহৰ-ঠহৰ॥
কালৈ কৰি যাম ডৰ। আটিমুটিকৈ খোপাটো বান্ধি
যাম, গধূলিকৈ সোমাই যাম ঘৰ॥
কিহত কিটো হ’ল। বিৰিঙা মূঢ়াত টিকাটো মচি
সিকিটোত টকাটো গ’ল॥
কাৰ ধানখুন্দা খাওঁ, কাৰ পানী অনা খাওঁ। দলি
চপৰাত টিকাটো মোহাৰি দোলাত যোৱাদি যাওঁ॥
কি আছিলোঁ, কি হলোঁ। মায়াত পৰি মুগ্ধ হলোঁ॥
কচুপাতৰ পানী টলবল কৰে, পৰিলে পাবলৈ নাই॥
কব জানে যি, ৰব জ্ঞানে সি॥ কব লাগে মহাদেউৰ
কথা। কয় ভগা লাওৰ কথা॥
কমাৰৰ ঘৰৰ বুঢ়া দা, কুমাৰৰ ঘৰৰ ভগা চৰু।
হিৰাৰ ঘৰত ভগা হাড়ি, চহকীৰ ঘৰত ভগালৰু॥
কথাখিনি কয় ভাল। ৰাতি লিগে ফটাজাল॥
কুঁহীৰ মূৰা মুনিহে নাখায়, মাজ ডোখৰ লাগে
মোকে। ফিচা ডোখৰ আছে যাচি চাম,
খায় নে নাখায় লোকে॥
কথাত নহয় বাদী। ঢেকীয়ে মৰে চাউল কোবাই,
কতৰাই মৰে কান্দি।
কল্পতৰু বৃক্ষ সবাতে সমান।
মাগন্তাজনক দিয়ে ফল দান॥
কথাৰ নাই নাও। আহাঁ বৰডেকা ভোজলৈ যাওঁ॥
কোৰ শালোতে মাহৰ বতৰ গ’ল॥
কোন কপালত সধিম। পোৰ বিয়া পাতিম॥
কাৰ বাপেকক ডৰ৷ মথুৰাপুৰত ঘৰ॥
কৰিব নোৱৰাৰ বৰ কথা। খাব নোৱৰাৰ বৰ হেঁটা॥

কলৰ ভেজাত ঢোকা। ঢোকাৰ ভেজাত কল॥
কথা বুলিলে বতাহ॥ কল পুলিৰে বিয়া হোৱা॥
কাজীক কাজী বুলি জগতে জানে।
কাজীক বিয়া কৰাই ঘৰলৈ নানে॥
কাজীয়ে পালে কৰে দহিকটাকো বাণি।
আকাজীয়ে পালে কৰে মূলৰো হানি॥
কণ-কঠিয়া মাৰ॥ কণা বেহা কৰ॥
কুকুৰা বাহৰ উমি। নেচেলাবা তুমি॥
কটা গাত খাৰনি॥ কটা ঘাত চেঙা তেল॥
কথাৰ ওপৰত কথা বাঢ়ে, চালে বেৰে মাৰে ঘা৷
চৰু ফুটি মঙহ গ’ল, জোলেৰে গালচাৰেক খা॥
ক’লে আয়ে মাৰ খায়।
নকলে বোপায়ে চুৱাত খায়॥
কোনো ৰুলে তুলসী, খানিলে মাটি।
শুবলৈ নাপালোঁ পাৰিলে পাটি॥
কলৈ যাওঁ গোপাল। কলৈ যাওঁ কৃপাল।
কুকুঁৱা জ্বৰ। ভালকৈ যত্ন কৰ॥
কাণ কাটি ভোৰ তাল বা॥ কাণে নাকে মাত যা॥
কওঁতেই কলা। যঁতৰতে শলা॥
কথাত পটু ৰিহাবাৰীৰ মণি।
গীতত পটু সাতোয়ালৰ ধনী॥
কুলাৰ আগৰ খুদু॥ কুকুৰ-ধূলি জীৱ॥
কথা নহয় লপঠপ। এদোণ এমূৰীয়া চপচপ॥
কুকুৰা ঠেং কাটি মঙ্গল চা, কুকুৰা কাটি শপত খা॥
কাকো দেখি ৰান্ধে-বাঢ়ে, কাকো দেখি দুৱাৰ মাৰে॥
কন্দা-কটাতকৈ লগত যোৱাই ভাল॥
কণী বিহৰ গুটি। কণাৰ কি দিন ৰাতি॥
কোৱাই কা নকৰা, জিলীয়ে যা নকৰা॥
কাৰ হাল ক’ত বাওঁ। নিশা হ’লে শুবলৈ নাপাওঁ॥
কপালৰ ঘাম মাটিত পেলা॥ কৰ পানী কলৈ যায়।
কেঞা আঙুলিৰ যোৰ॥ কেহেলি-কেন্দেলি কৰ॥

কুকুৰ টোপনি॥ কুকুৰে কাঁহট নোখোৱা কৰ॥
কুঠাৰে চিৰা৷৷ কান্দোনত গছৰ পাত সৰা॥
কাণকটা, কাণনি-নাকনি, কাণে কাণমাৰিয়ে সাৰ॥
কাঠৰ কঠুৱা, কাঠৰ পুতলা, কাণ-সৰালি মাৰ॥
কাঁহ পৰি জীণ যা॥ কড়াই খোলাত দে॥
কলতলে বাঁহতলে ফুৰ॥ কলখোৱা ধাতু ওলা॥
কাউৰী শগুণে নাখা। কলীয়া পানীত মেল॥

খায় মহাৰজা গুণ হব।
নাখায় মহাৰজা ধৰম নো কলৈ যাব॥
খাবলৈ নোহোৱাৰ পেট ডাঙৰ।
পিন্ধিবলৈ নোহোৱাৰ কঁকাল ডাঙৰ॥
খাই কাৰশলা ডালত উঠিল।
কাঠি চেলেকাৰ মৰণ মিলিল॥
খন পেলাই খন খাওঁ। বছৰেকত তামোলটো ঢুকুৱাওঁ॥
খঙত পেট কাটি ছমাহলৈ শুকনি খায়।
খন্তেকৰ ভোজ খাওঁতা নাই॥
খাওক ভকতে, ঢুকাওক লগতে।
খাবলৈ নাপালো জহা ধানৰ ভাত।
শুনিবলৈ নাপালো অমাতৰ মাত॥
খাইছে আখৈয়া গোম। ধান দিছে এদোণ॥
খাবৰ-লবৰ যাৰ মন। বহোঁতেও আজোৰে বন॥
খাবলৈ দাম-দুম, কৰিবলৈ গৰিয়া।
পিন্ধিবলৈ লাগে আঁচুৱলীয়া চুৰিয়া॥
খায়ো খাওঁ কেটুটি, লৈয়ো যাওঁ কেটুটি,
আহি যেন কেটুটি পাওঁ৷৷
খকুৱাই পাত কাটিব যায়, নিখকুৱাই মাটিতে খায়৷৷
খাব জানিলে চাউলেই চিৰা।
বহিব জানিলে মাটিয়েই পিৰা॥
খং নামে চণ্ডাল৷৷ খুটি পুতি উজুটি খা॥

খাই যাওঁ এখন, পেলাই যাওঁ এখন, থোপাত
চাৰিখন শুকায়। নাখালেও নোৱাৰোঁ।
খোৱা মানুহটো, বছৰেকত তামোলটো ঢুকায়॥
খুজি আনি বিলাই খায়। হাতে হাতে স্বৰ্গ পায়॥
খুজি আনি কৰিবা দান। তেহে পাবা বৈকুণ্ঠ স্থান॥
খৰ ৰান্ধনী, খৰ বাঢ়নী, পৈয়েক লঘোণে যায়।
ওদা ৰান্ধনী, ওদা বাঢ়নী, পৈয়ে তিনিসাজি খায়॥
খুদ মগনিয়াৰৰ কুকুৰ শতুৰু॥
খোৰাৰ খোজেপতি অপৰাধ॥
খুৱাইছো হাতী যেন। শুকাইছে মাখি হেন।
খাই-বৈ হলো শকত। কলৈ যোৱা কেঁহাই ভকত॥
খালো যেন তেন কৰি। উঠো কাৰ গাত ধৰি॥
খাই উঠি খাবৰ মন। তাকে বোলে ৰাক্ষস গণ॥
খাবৰ সময়ত শুবৰ চিন্তা। খাবলৈ পালে শোৱা॥
খাই ল, খাই ল, নৌ শাহুৰীলৈ যাওঁতে।
শুই ল, শুই ল, নৌ পো-জী পাওঁতে॥
খৰ হ’লে খৰিয়াল, ওদা হ’লে ভাগে।
জুতিয়ে-বুধিয়ে পৰিলে সদৌতে লাগে॥
খাব-নোৱৰাৰ পাতত ৰৌ-বৰালী।
খাৱৈয়াৰ পাতত কাঁইট দুডালি॥
খাতী বহতী তই। লগত মৰতী মই॥
খচখচকৈ কাটিছা গুৱা। তুমিনো আমাৰ কি হোৱাঁ॥
যাওঁ মাটি-ঘৰত। শোওঁ চাং-ঘৰত॥
খুচুৰ-মুচুৰ খানা গাতা। কলৈ যোৱা শিয়ালী আতা॥
খেটোৱে দিয়ে উচটাই, খেটোৱে দিয়ে তুলি।
পাচীয়ে পাচীয়ে ধন ভৰে, ৰজা হওঁ বুলি।
খুৰ হ’লে চাঁচে। ল’ৰা হ'লে পাঁচে॥
খালেহে জানে ফুল তিতা নে মধুৰ। গ’লেহে জানে
পথ দূৰ নে বিদূৰ॥ যুজিলেহে জানে কাৰ কিমান
বল। নামিলেহে জানে নদীত কিমান জল॥
খাবলৈ লাগে দুধ-ভাত। খাব নোৱাৰিলে উৎপাত॥

খোজনীয়া ভকতৰ কিহৰ আটিমুটি।
খঙৰ দুখীয়া কেও নাই॥ খাটনি নে লোটনি॥
খোৰাৰ ঠেঙ্ খালত॥ খাই পাত ফলা॥
খুৱাই-বুৱাই কোলাত লম, তেওঁ বুলিব ‘তাই’।
মাৰি-ধৰি বাটত থম, তেওঁ বুলিব ‘আই’॥
খাগৰিজানৰে বঙাল। অপইতা বাঁহৰ টঙাল॥
পুঠি মাছৰ পোৱালি, তয়ো এজনী ছোৱালী॥
সৌৰা গছৰ মূঢ়া। তয়ো এটা ল’ৰা॥
দত বগলি বামত গছ। কিয় জোকাৱ অগিয়ানৰ সচ
খাবলৈ নাই কণটো। বৰ সবাহলৈ মনটো।
খালৰ পানী বাঁহপাতে শোহে॥
খা ভাত খা গোফৰ যহত॥
পাত পেলাওঁতে পাহৰ গোফৰ মহৎ॥
খাৰে-উখোৱায় দুখনি খাবাঁ।
বুঢ়ায়-ঠেৰায় দুহালি বাবাঁ॥
খাবৰ পৰত সাত ভাই। কৰিবৰ পৰত কেও নাই॥
খোৱা আবুৰ, শোৱা আবুৰ॥ খৰলি খাই মৰ॥
খৰা দা জোকাৰ॥ খুটি খাব পৰা কৰ॥
খায় নে কাণত পিন্ধে॥ খত-বান্ধ দি ধৰ॥
খঙত একো নাই হ॥ খঙে মূৰৰ চুলি পা॥

গড়গাঁৱৰ পিছল বাট। বুঢ়াকো নিচিনি,
ডেকাকো নিচিনি, হতেপতি লাখুটিপাট॥
গৰু মৰিল। পোক সৰিল॥
গপত মৰিল গজ হস্তী, ফোপাউৰিত মৰিল গোম।
শৱ খাওঁতে শগুন মৰিল, আজুৰি মৰিল ডোম॥
গাত নাই ছাল-বাকলি। মদ খায় তিনি টেকেলি॥
গাত নাই বল৷ নাও সোমায় জোপাৰ তল॥
গাত নাই কাপোৰ-কানি।
চুতীয়া শালিকাই লৈ যায় টানি॥

গৰুৰ আগত টোকাৰী বায়। শিং জোকাৰে, ঘাঁহ খায়॥
গালো, বালো, খোলাকতিৰ তাল।
অৰিহণা দিলে মাহ-চাউল গাল॥
গোন্ধাইছে গা। তেহেলৈকে যা॥
ঢোল যেন পেটত মৃদংটো বা॥
গৰু হ’ল গৰিয়া, পো হ’ল চোৰ।
জী হ’ল নটিনী, উপায় হেৰাল মোৰ॥
গড়গাঁও। কথা শুনি তল যাওঁ॥
গড়গঞা কটাৰিৰ ডাবেও কাটে॥
গছত গৰু উঠা। হোলোঙাৰে কাণ বিন্ধা॥
গছত কঠাল, ওঁঠত তেল। নৌ-খাওঁতেই চেলভেল॥
গিৰিয়েকে বোলে ভোক ভোক।
ঘৈণীয়েকে বোলে পুৱা-গধূলি একে সাজ হোক॥
গছ নোহোৱা দেশত এড়াই বৰ গছ।
গঙ্গাৰো যাত্ৰা। মাহীৰো বাৰ্তা॥
গছত উঠা মৰে। লগা-হোৱা ভৰে॥
গড়গঞা হাতী। টিকায়ো নকৰে কাতি।
গধূলি হ’লে সাতহাল বায়। পুৱা হ’লে এহালো নাই॥
গো চিকণ পৰৰ। পো চিকণ ঘৰৰ॥
গুড়ি পৰুৱাবৰ অলপ পানীয়েই বান।
খোলা মুখত এচৰ সহাই টান॥
গাহে গেন্ধেলা! ছকুৰি টেকেলা॥
গা-টিহে মৰি। পোৱালিটি পাখৰী॥
গৃহ-দানে পায় নাৰী সুন্দৰী।
কন্যা-দানে পায় ইন্দ্ৰৰ পুৰী॥
গাই গৰু বায়। ৰত্নাৱলী চায়॥
গড়গঞা মিতিৰৰ ভাও।
মুখেৰে বোলে থাক থাক, ভৰিৰে হেঁচোকে নাও॥
গাখীৰৰ গোন্ধেৰে খাবা। মিতিৰৰ গোন্ধেৰে যাবা॥
গৰু মৰে ঘূৰি। মানুহ মৰে ফুৰি॥
গাত চাই পাতিবা পাত। খাবা প্ৰবাসত ভাত॥

গজমূৰী গাই। পৰৰ নাপালে নিজৰে খায়॥
গণকে গণিলে। তললৈকে মণিলে॥
গাৰ নাপায় গম-গতি।
জালুক বুলি গাল মাৰিলে টিকলতিৰ গুটি॥
গাটো দেখিলোঁ ভাল। উঠি জুই কুৰা জাল॥
গোপাল। আটাইৰে একো পাল॥
গাত আছে, গোধ। লোক শোধে শোধ॥
গেন্ধেলা মুখখন গাখীৰেৰে ধোৱে।
কঁকাল ভগা বিৰলী মণিকূটত শোৱে॥
গোন্ধ তেলৰ টেকেলি, নমাই দে ফেদেলী,
খৰে-খোৱা পৈয়েৰে ঘঁহক॥
গতাত ৰাজবাট পালে। গোৰ মাৰি গঙাত পেলালে॥
গুটি নোহোৱা গছত বান্দৰো নুঠে।
গুটি লগা গছে বিদ্যাৱন্ত মানুহে সমান॥
গছৰ গুটি খাবা। নাম নকবা॥
গৰুড়ে ই পৰ্বতৰ পৰা সি পৰ্বতলৈ উৰাও কৰে,
টিপচীয়ে ইডালি সিডালি॥
গাভৰুৱে বিচাৰে দৰা। বামুণে বিচাৰে মৰা॥
গুৰুতকৈ শিচ শিয়ান। খুচৰি খুচৰি লয় জ্ঞান।
গৰখীয়া নাইকিয়া গৰু। ঢাকোন নাইকিয়া চৰু॥
গাঁৱৰ নে মাৱৰ॥ গাঁৱৰ হ’লেই মাৱৰ॥
গৰু মৰে এৰালত। মানুহ মৰে সজালত।
গালি দি গালি খায়। নামাতিলে একো নাই॥
গাঁঠিত নাই ধন। কি হ’ব কৰিলে মন॥
গৰুৰ বাছা, উলটি নাচা। মানুহৰ বাছা মলত পচা।
গাখীৰতকৈ শুকুলা হলে কুঠীয়া বোলে॥
গোপাল গোবিন্দ। হ’লে বা কৰ কিয় নিদিম?
গণকৰ জোলোঙা নেদেখিবা সৰু।
চাউল ধৰে, চৰু ধৰে, আৰু ধৰে গৰু॥
গৰু চোৰে নিব। অতো ব’ব, ততো ব’ৱ॥
গা-গাৰী শকত। বল নাই বান্দীৰ ৰকত॥

গছত তুলি গুৰি কাট। ৰথত তুলি জখলা কাট॥
গপে সিদ্ধি তপে সিদ্ধি॥ গা গোট পেটে ভৰাল।
গাটোৰ লগত ছাঁটো॥ গাৰ নোমেই শত্ৰু॥
গাখীৰতে মহৰ খুটি। গুৰি কঠাল পৰ॥
গাখীৰৰ নামে পানীকে খাবাঁ।
দোলাৰ নামে সিকিয়াতে যাবাঁ॥
গুৰু ভকতৰ আঁৰ॥ গুৱাল-গালি পাৰ॥
গোৰ মাৰি গঙাত পেলা॥ গেলাত টেঙা দে॥
গোম সাপৰ কণী ভাঙ॥ গালি, যায় আলি॥
গাৰফালে পৰ-পৰালি॥ গাত গোঁসাই নাই॥
গাৰ গোন্ধত সাতখন বিলৰ মাছ মৰ্॥

ঘৰৰ বুঢ়া। পথাৰৰ মূঢ়া।
ঘৰত নাই কণটো। বৰ সবাহলৈ মনটো॥
ঘৰ নাৰ কৰে ঢোকাই। মেল নাৰ কৰে হোকাই।
ঘোৰাক চিনি কাণত, তিৰিক চিনি টানত, খুৰক
চিনি শানত॥ ঘিউৰ চৰুত হাত দি আহ॥
ঘৰে পতি ঘৈণী। খালে পতি যখিনী॥
ঘঁহি থাকিল শিলো ক্ষয় যায়॥
ঘিউ দি সেকিলেও কুকুৰৰ নেজ পোন নহয়॥
ঘৰতে শকত। কেলেই লাগিছে পৰৰ ভকত॥
ঘোক্ বাই ঘোক্। সাপে খুটিলে তোক। মাছটি
পালে মোক॥ ঘোৰা শিঙৰ কৰিয়া পিন্ধা॥
ঘৰৰ কথা নকবা পৰক। ক’লে হয় লৰক-ফৰক॥
ঘৈণীয়েই ঘৰ। ঘৈণী নহ’লে ঘৰেই অথৰ॥
ঘৰৰ ঘৈণী লৰাহঁতৰ মাক।
তোমাক নুসুধি সুধিমনো কাক॥
ঘৰখনৰ ভিতৰত একেটি গৰু, তাক দিছিলোঁ এৰাল॥
আবেলি বেলিকা বতাহজাক মাৰিলে,
সিও লৰ মাৰি পলাল।

ঘৰ চাবলৈ জৰী। বিয়া চাবলৈ কড়ি॥
ঘহন্তি পিহন্তি খুড়া মাজন্তি।
তুমি কি কৰিব খোজন্তি আমি জানন্তি॥
ঘন ছাতি উত্তম ঢাল॥ ঘনাই খুটিলে শিঙৰাও মাছ।
ঘনঘনকৈ দিবা আলি। পৰ্বতৰ টিঙত কৰা শালি॥
ঘৰতো নাহিলো খাই। পৰতো পাবলৈ নাই।
ঘনমুৰী আহু। তলমুৰী শাহু॥
ঘোৰা ইচ্ছাই ঘূৰী। বিশ্বকৰ্মাই থৈছে যুৰি॥
ঘৰ চাই দিওঁ বুলি খেৰো নদলিয়ালি॥
ঘনচিৰিকাই ৰাজহাঁহৰ বুলন ধৰ॥
ঘোৰা নৌ ঘাটোতে চাবুক ঘটিবলৈ যা॥
ঘৰ গুচি বাঁহতল॥ ঘৰৰ ল’ৰা ঘৰলৈ আহ॥

চিকুণ শ্যাম। পানী আনোতে ওলাল ঘাম।
চল পালে চাপৰি। চাপৰি যোৱাই কুজা।
চন্দৰতে চন্দৰী, ওঁঠত লাগিল সেন্দুৰ।
গাৰ গোন্ধত মৰিছে ওঠৰটা এন্দুৰ॥
চোৰ গ’লে বুধি। বৰষুণ গ’লে জাপি॥
চল পালে বিয়নি। নিতউ তিয়ায় তিয়নি।
চৰণেহে জানে মৰণৰ ঠাই॥
চৰু-ছোৱা কুকুৰৰ টাঙোনেহে গতি।
চোৰে নেৰে চোৰ পৰ্কিতি কুকুৰে নেৰে ছাই।
যাৰ যি পৰ্কিতি মৰিলেও লগত যায়॥
চুৰ কৰি ভগাই খা। কাটি মাৰি গঙ্গালৈ যা॥
চোৰেহে চোৰৰ ঠেং দেখে॥
চোৰে নিয়া গৰুৰ বাটে বাটে ঘাঁহ।
চহাই বেহা শিকিলে। ৰাতিকে দিন যেন দেখিলে॥
চকুৰ আঁতৰেই মনৰ আঁতৰ॥ চাপৰিলে মেঘ নেৰায়॥
চোৰক মোৰে পালে। তাতীকো বৰলে খালে॥
চৰাইটিহে সৰু। লয় হোলোং গছত বাহ॥

চোৰে নেৰে চোৰ পৰ্কিতি, শহাই নেৰে শৰ।
যিমানেই নদীয়াল চহকী নহক, নৈৰ কাষত ঘৰ॥
চকুত খোচ খাইছে। কান্দিবৰ মন গৈছে॥
চিত হৈ মাৰলি লেখে। দিনতে সপোন দেখে॥
চাওঁতে চাওঁতে চকু বিষাল।
নাই ভাত-পানী, হৃদয় শুকাল॥
চেনেহৰ সোঁতা। ধনে পানী-খোৱা তিনটা লোটা॥
চোৰক বোলে চুৰ কৰ। গৃহস্থক বোলে সাৰে থাক॥
চাৰি বেদ চৈধ্য শাস্ত্ৰ। খাব নাপালে দুপৰ মাত্ৰ॥
চিকাই কৰিলে চিক্। এড়িয়ে মুগাই যি লাগে
কৰিলে, জোঠা কাটিবলৈ শিক্॥
চ’তৰ বিহুলৈ ছমাহ আছে।
দাঁত চেলাই চেলাই পটুৱা বাচে॥
চাপি আহা চুমা খাওঁ। পেট ডাঙৰ ঢুকি নাপাওঁ॥
চিত পখিলা। আমাৰ তেওঁক ক’ত দেখিলা॥
চাকৰি নাই, বাকৰি নাই, গোঁফভৰা ওঁঠ।
জপৰ লগত সম্বন্ধ নাই, চন্দনৰ ৰঙা ফোঁট॥
চোৰ বুলিলেই ওৰ॥ চোৰ পোৰ মুখখনি॥
চকৰী আছে মূৰ মেলাই। চকৰা আহে গা ঘেলাই॥
চামৰু লতা। ভাত খাওঁতে পানী, সিও এটা কথা॥
চতৰ বিহুৰ চকলা। হাতেপতি বকলা॥
মাঘৰ বিহুৰ কঢ়াই, সাত-শতৰুকো দিয়ে গৰাই॥
চেলায় চামৰু লতা৷
গাখীৰৰ ধৰুৱাক ধৰি লৈ গ’ল গতাৰ উপৰি গতা।
চতৰ বিহুৰ জুলীয়া গুৰ। নিজেও নাখায়,
লোককো নিদিয়ে, দিয়ে নৰকত বুৰ॥
চিনৰ চাউল খায়, গা যায় সাৰি।
অচিনৰ চাউল খায়, তিনিও যুগৰ ভাৰী।
চোৰ বিদ্যা উত্তম বিদ্যা। ধৰা পৰিলে শিলৰ খুন্দা॥
চিন ভাই চিন। চিনিব নোৱাৰিলে হ ভিন্ ভিন্॥
চোৰক চোৰ বুলিলে খং। নিচোৰক চোৰ বুলিলে ৰং॥

চুঙা চাই সোপা। মানুহ চাই খোপা।
চহকীৰ নাও, বামেই যায়।
দুখীয়াৰ নাও, পানীতো নাযায়॥
চন্দা এটা, বোন্দা নটা।
বাটিবলৈ নাটে, গোজৰণিত পতাল ফাটে॥
চোৰে চায় ভঙা বেৰা। চকুত ধুলি মাৰ॥
চ’ৰা নাৱে ভৰা শ’লে। লুইতৰ কি গা বিষালে।
চেলোৱাকে চেলায়।
ফটা পিৰাত টিকা সোমাই একেবাৰে নেৰায়।
চোৰক মোৰে পালে। লোহাক মামৰে খালে॥
চিলৰপৰা আনি বিলত পেলালোঁ॥
চোতালৰ বন-গুটি। ঘৰত নপৰে মন-বুধি॥
কপাহ সূতা নকৰে তাই। নিতৌ মাকৰ ঘৰলৈ যায়
চোৰে নিয়ে লফা দাই। গিৰিহঁত মাৰে খৰলি খাই॥
চালে নাৰাখে, বাৰে নাৰাখে, নাৰাখে ত্ৰিদশৰ দেও।
গুৰু-ভকতে নাৰাখে মানে, ৰাখোঁতা নাই কেও॥
চিকাক মাৰিলে হাতহে গোন্ধায়।
চহকীৰ মিছা। শুনিবলৈ ইচ্ছা।
দুখীয়াৰ উচিত। শুনিবলৈ কুৎসিত॥
চাবতে চবকা, দলিমৰা জবকা, নাঙলতে ফাল।
সৰুজনী ঘৈণীয়েকে চৰটো মাৰিলে,
ছমাহলৈ বিষালে গাল॥ চেনেহে দোক্দোক্।
চৰুত ভাত নাই, শহুৰ গা ধোক৷
চকা বহিল পাটত। গিৰিহঁতনী উঠিল খাটত॥
চুৰ কৰি আনিলো এদোণ ধান।
সিন্ধিৰ মুখত ৰ’ল এড়ি কাপোৰখন॥
চোৰে চোৰে পিতল গঢ়। চোৱা চেলেক্॥
চূণৰ চৰুত হাত দি আহ॥ চেৰপেটী বেং॥
চেনেহৰ চুমাত নাকটি ছিঙ॥ চিলাই থাপ মাৰ॥
চিঞৰত গগন ফাল৷ চালে পানী কাট॥
চৰাইটি হৈ ধানটি নোখোট॥ চিলিম ছিগ॥

চৰুক সুধি চাউল বহা॥ চকু মুদা কুলি॥
চকুৱে সৰিয়হ ফুল (বা জুই-আঙনি) দেখ॥
চকু থাকি খালত পৰ॥ চেঁচুকৰ ডামডেউকা॥
চকুৰ কুটা, দাঁতৰ শাল॥ চৰখৰীয়াত পৰ॥
চকুৰে নেদেখা কাণেৰে নুশুনা দেশ॥
চতৰ বিহুলৈ ছমাহ আছে, হাত মেলি মেলি নাচে॥
চিকুটি লাও বুঢ়া কৰা॥ চিকা মাৰি হাত গোন্ধা।
চুলি ছিঙি কাতৰ কৰা॥ চুলিৰ আগে জীৱ যোৱা॥
চুকত থাকি বুকত কামোৰ॥ চৈধ্য ভুৱন দেখ॥
ছাগলে নাখায় কি। পাগলে নবলকে কি॥
ছোৱালী আনিবা মাক ভাল।
মাটি কিনিবা মাজ খাল॥
ছয় পো বাৰ নাতি। তেহে কৰিবা কুঁহিয়াৰ খেতি॥
ছুৱা চৰিয়াটো তেহেলৈ নে।
তামোলৰ বঁটাতো এহেলৈ দে॥
ছকুৰি ৰূপৰ ধাৰ। তেওঁ নাখাওঁ পচলাৰ খাৰ॥
ছবুৰি মহুৰা বৱতী। খোপাত ফেঁচু চৰাই ৰৱতী॥
ছাগলী কিনিবা এচাৰিশিঙীয়া, গৰু কিনিবা গাই।
ভাল মানুহৰ ছোৱালী আনিবা, তাই ঘৰ ধৰি খায়॥
ছাঁ টোকে বাঘটো দেখ॥ ছাঁ চাই নাচ॥



জনাৰ ভাত-মাছ, নজনাৰ গলগ্ৰহ।
জালকে বুলিলে জকাই। আধাৰে-মোন্ধাৰে চিনিব
নোৱাৰি, পৈয়েকক বুলিলে ককাই॥
জাপ মাৰি ডেইছিলো উঁই-হাফলু, তিলিকিতে মাৰিছিলোঁ বগ।
খেদা মাৰি ধৰিছিলোঁ মটা হৰিণা,
এতিয়া নাপাওঁ মটা হাঁহৰ লগ॥
জুইশালত গঢ়িলেহে কমাৰশালত গঢ়িব পাৰি॥
জয় কালত ভয় নাই। মৃত্যু কালত ঔষধ নাই।
জীয়াতে নিদিলে কাণী পুঠি।

মৰিলে দিব কি বিৰি-আঙঠী॥
জোৰৰ আগত কি বাতিৰ পোহৰ॥
জোৰ পুৰি বৰলাৰ হাত পালেহি॥
জ্ঞানীক ভাত দিলে তলমূৰ কৰি খায়।
অজ্ঞানীক ভাত দিলে চাল-বেৰ চায়॥
জীৰ সম্বন্ধে জোঁৱাই। পোৰ সম্বন্ধে বোৱাৰী॥
জোঁৱাই, লগত টোৱাই এই তিনটি কোন।
তিনি মেৰীয়া বামী মাছ, চাঙত নাই লোণ॥
জগৰ বা লগালোঁ কি। মাতোঁ হাঁহকণী দি॥
জল্ জল্ পট্পট্ দৈৱকীৰ গভুৰা ল’ৰা॥
জীৱন্তে নকৰিলে দয়া।
মৰিলে কি কৰিব গঙ্গা গয়া॥
জেঠেৰি বৈনাই হাল। কিহৰ পাল-এপাল॥
জানই যদি ধন তাকৰ।
কিয় ছোৱ আহোমণীৰ কাপোৰ॥
জী তুলিলোঁ, জোঁৱাইৰ বুকত।
পো তুলিলোঁ, বোৱাৰীৰ বুকত॥
জাপিয়ে টুপিয়ে, সৰু ঘৈণী গোপীয়ে।
ঢেকীয়ে থোৰায়, বৰ ঘৈণী খোৰায়॥
জুই-আঙঠা কাপোৰেৰে ঢাকিব নোৱাৰি॥
জীৰ লগত এড়িয়াৰ সাৰ। পোৰ লগত মাধ-মাৰ॥
জীয়ৰী বহে গা উলহে। জীয়ৰী নবহে পাঁজৰি খহে॥
জুহাল নষ্ট কৰে জেওৰাৰ খৰি।
ঘৰ নষ্ট কৰে ডকৰীয়া বুঢ়ী॥
জীয়েই যাওক বা জোঁৱায়েও যাওক।
পো-বোৱাৰীৰ মাথোন ঘৰখন হওক॥
জীৰ নাতি, জপনা কাতি। পোৰ নাতি, ধৰে আঁতি॥
জীটী লোকৰ পোটি বুকৰ॥
জীৰ জোঁৱায়ে নুপুহিলে নাতীৰ জোঁৱাইলৈ আশা।
নাতীৰ জোঁৱায়ে নুপুহিলে কলৰ তলত বাসা॥।
জী ভালেই জোঁৱাই ভাল।

আপোন ভালেই জগত ভাল॥
জানোবা উজান-ভাটী, নাইবা গুৱাহাটী॥
জনমত নাই কৰম। কুৰীয়াৰ ভৰিত খৰম॥
জাত লৈ পাত। কঠিয়া ধানৰ ভাত॥
জপজপ্ কৰে জপীয়া।
নিতৌ যি গা ধোৱে, সি হয় মহা পপীয়া॥
জাতি আছে কুল নাই, আচাৰ আছে বিচাৰ নাই॥
জটৰী কেৰকেৰায়। বেইতা পৈয়ে নিয়ে বিয়া কৰায়॥
জোনে-বেলিয়ে যিমান। তোমাৰে মোৰে সিমান॥
জীৱ দিছে যেয়ে। আহাৰো দিব সেয়ে॥
জেঠ মহীয়া পকা আম, যেই সেই জোপাই সোৱাদ॥
জানা কুন্তীৰ সুত। কলিত ভকতেই ভূত॥
জ্ঞাতিৰ সমান শত্ৰু নাই, দৈৱৰ সমান বল নাই।
জুপুৰা হাবিত হে বাঘ থাকে।
জল, যোনী, ভাত। এই তিনি হিন্দুৰ জাত॥
জ্বৰে এৰিলেও কৰ্পটীয়ে নেৰে।
জ্ঞানীৰ কি সৰু-বৰ। গুৰুৰ কি ভিন্-পৰ॥
জীয়ৰী চাবা মাক ভাল। মাটি কিনিবা মাজ খাল॥
জলা, জোল, জাল। এনে নহ'লে আঞ্জা নহয় ভাল॥
জাপি, লাঠি, টনা। ইয়াক নিনিলে দিনতে কণা॥
জোৱায়ে নিলেও নিয়া। যমে নিলেও নিয়া॥
জুতিৰ হাল, জুতিৰ ফাল, জুতিৰে বাবা সৰ্বতিকাল॥
জাত ইচ্ছাই পাত। বিধান ইচ্ছাই ভাত॥
জ্বৰৰ দাঁহত বেৰত লঠিয়ায়॥ জী মৰা জোৱাই॥
জহৰা তিৰীৰ বহৰা কথা জাত গুণে কঠিয়া॥
জোনাকত হেৰাল। আন্ধাৰত বিচাৰ॥
জানোতেও জানে। খেকেৰু নি পোৰামাছত সানে॥
জলকীয়াৰ ফুলে বোলে মই প্ৰাণৰ বৈৰী। নোখোৱা
ভাতক, খুৱাওঁ চাৰি গাল, জিবা লৰফৰ কৰি॥
জেওৰা দি বেৰোঁ। কথাষাৰি নোকোৱা মানে নেৰোঁ॥
জাজৰি-জোজোৰা খাওঁ। বুঢ়ীকাৱৈৰ লগ নাপাওঁ॥

জগত-জননী পতিত-পাৱনী লোক॥
জলকীয়াৰ জালেই সোৱাদ। জুলুকি জুলুকি শিকা॥
জুই দিলে নোপোৰা মুখ॥ জুইত যাহ যা॥
জুইপানী অসঞ্চাৰ। জোকৰ মুখত চূণ দে॥
জ্ঞাতিয়ে অগা-ভেটা নিদিলে গঙ্গা পাব পাৰোঁ।

ট, ঠ, ড



টোপনি চিকুণ পুৱা, কটাৰী চিকুণ গুৱা।
জকাই বাওঁতে ছোৱালী চাবা দেখি কেনেকুৱা॥
টোপনিয়ে জানে কি বতা-বকৰা।
ভোকে জানে কি দেৱা-কৰকৰা॥
টেঙৰী বাই, তোতকৈ টেঙৰী ভিতৰত আই॥
টান পালে ৰাম॥ টিকনিৰ আগত খং॥
টিকাৰ টোপা খহুৰ লগত স্বৰগৰ তৰাৰ কি ৰিজনি।
টোপোলা দেখিলে টোপোলা যাচে।
ৰ ৰ টোপোলা তোলৈকো আছে।
টোপনি নাই ৰোগীৰ, টোপনি নাই ভোগীৰ।
টোপনি নাই নিধনীৰ ধনীৰ॥
টেৰা-বেকা হ’লে কিহৰ ধৰণী।
ভাল-বেয়া নাজানিলে কিহৰ ঘৰিণী॥
টেকেলি পৰিল নাদত।
ভিনিহি নোবোলো লাজত॥
টেঙা আম এবাৰহে বেচিব পাৰি॥
টিক্ বলধা ওলায় মাটি।
মাক ভালেহে জীয়েক জাতি॥
টুনি। গোঁসাইৰ লগত যাব লাগে হৰি-কথা শুনি॥
ঠন্ ঠন্ মদন গোপাল।
একেটা বৰলাৰ ন খন চোতাল॥
ঠাই দিবৰ গুণ। টপটপনি শুন॥
ঠেং মেলি ফুৱালি জুই।
মৰিলে থাকিবি বাহী শ হুই॥

নদীয়াল চহকী হ’ল, চুকত পাৰিলে তুলি।
উলিয়াই পেলাই দিলে গা শুংশুঙায় বুলি॥
ডোমৰ লগত মাৰো চিতল।
মৰিয়াৰ লগত খুন্দো পিতল॥
ডাইনী গঞা ডোম৷ ক’লা বিৰলীৰ নোম॥
ডোম, সাজিব নাজানে টোম৷
যি এটা সাজে, সিও লোধোম-ধোম॥
ডলাৰ বগৰি যেনে, বগৰাৰ গতি তেনে।
ডেকা কালত ল’ৰা হ’লে কান্ধৰ লয় ভাৰ
বুঢ়া কালত ল’ৰা হ’লে চুমা ছ’টাই সাৰ॥
ডাঙৰ মাছ জাল ফালি যায়।
সৰু মাছক ধৰা পেলায়॥
ডেকা কালত আৰ্জিবা। বুঢ়া কালত ভূঞ্জিবা॥
ডিঙিত ফটাকানি, মূৰত পাগ।
তাইহে হৈছে সবাতকৈ আগ॥
ডালৰ কপটীয়া শেন্। সিফালৰ বাতৰি কেন্।
ডাবিত সুৰাসুৰ কঁপা॥ ডবনি পিটি খা॥
ডৰিত বান্দৰ নাচ॥ ডাল জোৰা দে॥


ঢেকীটো লৰক-ফৰক, কতৰাটো বেঁকা।
কোন কেহেলৈ গ’ল, আমি তাৰহে লগা॥
ঢাপত গজা। সবাহলৈ গ’লে মিঠৈ নোপোৱা॥
ঢোলে কৰিলে দাঁও॥ ইয়াত থাকিলে গা জুৰ নকৰে,
বিহু মাৰিবলৈ যাওঁ॥
ঢেকীত ম’হে খালে। উৰালত ফৰফৰালে,
কটৰাই সাদিনলৈ জৰালে॥
ঢেকীশাল ফুৰিলে খুদৰ কি আকাল॥
ঢাপত ঢপলিয়াওঁ। কটনা কাটি পৈটো পাইছোঁ,
কলৈকো নপঠিয়াওঁ॥ ঢোলৰ লগত টেমেকা॥
ঢকাক বুলি যাওঁ ছেৰপেটী পিঠা, ভুকুক বুলি যাওঁ

লাৰু। জাপ এচাৰি গাত ছিঙিলে তেহে লাগে
গাটো বাৰু॥ ঢেকী স্বৰ্গলৈ গ’লেও ধান বানে॥
ঢামনী তিৰুতা নানিবা ঘৰক।
ঘৰখন ভাঙি, কৰে লৰক-ফৰক॥
ঢোল বায় ঢুলীয়া। টিকাত নাই চুৰিয়া॥
ঢেই বোলোতে মণিকূট পায়, নাবা বুলিলে সাত
চাপৰ বায়। বা বুলিলে এচাপৰো নাই॥
ঢিলা পালে ঠিলা॥ ঢিলে কিল, টানে মান!!
ঢাৰিৰ আঁৰত ৰজাকো চৰ্চে।
ঢোলহে বায় যেনেকৈ। নানাচিনো কেনেকৈ॥
ঢোলৰ মাত শুনি নিতৌ হওঁ বিয়া।
শাহু-শহুৰৰ মাত শুনি আজুৰি পেলাওঁ হিয়া॥
ঢেৰঢেৰকৈ ঢেৰুৱা পেৰপেৰকৈ লাই।
লফা ডালচাৰকেৰে গালদিয়েক যায়॥
ঢেকী কৰে হেকেৰ-পেকেৰ, মৌলা বাৰী লৰে।
এওঁৰ ঘৰত তিনটা মুনিহ, ঢেকী পাতিব ন’ৰে॥

ত, থ


ত’তো নাহিলা খাই। এখেতো পাবলৈ নাই।
জানোবা দিনটো লঘোণে যায়। তিলকে তাল কৰ।
তেলীয়াই কান্দে তেল পেলাই৷
কপহুৱাই কান্দে লেটপেটাই॥
তাঁচ গল্প পাশা। এই তিনি কৰ্ম নাশা॥
তিৰি হন্তে গিৰি। তিৰি হন্তে হতচিৰি॥
তিৰিয়ে-পুৰুষে হৈবা এক মতি।
তেৱেসে সিজিব হৰিত ভকতি॥
তিনি মোলোনাই আছিল চাই।
খোদাইটো ওলাল ভোৰোকাই॥
তামোলৰ কেও। বৰকৈ চেলাইছে আমাৰ তেওঁ॥
তোৰ জনম জাতি জানো মই কঠিয়াতলিত ঘৰ।
আষাৰচেৰেক কৈ দিলেই ভিৰাই মাৰিবি লৰ॥

তই মাকৰ জী, মই মাকৰ জী৷
তপত ভাতক চেঁচা কৰো হেচাঁ-পোতোকা দি॥
তিনটাতে তেতেৰা বাঁহপাতৰ জুই।
কোনজনী আহিছ মোৰ সতিনী হুই॥
ত’তে থাওক, এখেতে কান্দো৷
ভৈয়াইক আনি দিয়া বুকুতে বান্ধো॥
তোৰ, মোৰ। মোৰ, বাপেৰেও নাপায় তোৰ॥
তিনি মুনিহে জপনাখন দিলে।
হাঁহিনীয়ে মূৰত তুলি নিলে॥
তিনি বেঙা, তিনি চেঙা, তিনি কঠা চাউলৰ ভাত।
হাতত খৰা কাচী, টিকাত ফটাকানি, কোব মাৰি
কটি আনে পাত। তপত ভাতৰ ধোৱাই খায়॥
তিৰিৰ চুটি। বাঢ়নীৰ বুটি॥
তিৰিয়ে বিচাৰে ধনৱন্ত পৈ।
নদীয়ালে বিচাৰে মাছ থকা নৈ।
তুলিত আছিলোঁ শুই, খাটত আছিলোঁ শুই।
খাটৰ পৰা বাগৰি পৰিলোঁ লাগিল টিকায়-মূৰে জুই॥
তিনি সাজি খাই বোৱাৰী কঁপে।
তেওঁ যেন বোৱাৰী দেওহে জপে॥
তামোলে দিওঁ খা, পাণ দিওঁ খা।
আৰু এখন দিওঁ মেললৈ যা॥
তিনি গধুলি তৰিছে, তাঁত।
উজুতিত ছিঙিছে পৈয়েকৰ দাঁত॥
তিনি ঘৰ-জোৱাইৰ মাটিত শগুণেও শ নাখায়।
তেলে-টেকেলিয়ে মিল। খলিয়ৈহে ভিন॥
তামোলৰ লগত নাখায় চূণ।
তাৰ তামোলৰ কিবা গুণ।
তিৰিৰ মেল, কলৰ ভেল॥ তিলকে তাল কৰ॥
তাঁতৰ চাৰি বাতি ব। কথা কোৱাদি ক’ব নোৱাৰ,
চোলোকত কোৱাদি ক৷ তিথিৰ মুৰত পানীচলু।
তিন্ দিনীয়া টেঙা-পঁইতা চাৰিদিনীয়া গাঁজি৷

মাহৰ খাৰত লোণ পাইছোঁ; ল’ৰাহঁতৰ মাক,
বিহুনে কি আজি॥ তলৰ মাটি ওপৰ কৰ॥
তোমাৰ কথা চেলিল। বেঙেনাৰ ভিতৰত পোক
সোমাই, ভিতৰে ভিতৰে গেলিল৷৷
তপত ঘ ঘ, ছুই মাত্ৰ যোৱাহি।
তেওঁ বৰ কাঁজী৷ এসেৰ কপাহৰ এসেৰা পাঁজি॥
তোৰ মাটিত মোৰ ঘৰ। যি লাগে তাকে কৰ॥
তলে যায় মোনা। গিৰিহঁতে বোলে কুকুৰী কণা!!
তুলসীৰ কি সৰু-বৰ। গুৰুৰ কি ভিন-পৰ॥
তোমাৰ বাৰীৰ বাঁহ-গাঁজ খুন্দি তাৰে কৰিছোঁ খৰিচা।
তাকেদি তোমাৰে ধান সলাওঁ, কথাটো মন কৰিছা॥
তিনি শ ষাঠি বছৰে ইটা হয় মাটি।
খোলাই চি-চিয়ায়, এঙাৰে চকু মেলি চায়,
বোলে বছৰেকৰ এদিনহে যায়৷৷
তামোল আন, পাণ আন, মুখ ভৰি খাওঁ।
বেজী আন, বটিয়া আন, চোতালখন সী যাওঁ॥
তলে ফুটছাই, ওপৰে জকাই। ইয়াতকৈ সুখ
কি আছে ককাই৷৷ তলে ফুটছাই, ওপৰে নৈ৷
ইয়াতকৈ সুখ পাইছিলোঁ গৈ॥
তেলো একোহা, পেটুও একোহা৷
তিনিদিনীয়া জ্বৰ, ভাতলৈ যতন কৰ৷৷
তই কলা, মই কলা, যোৰ পাইছোঁ ভালা ভালা৷৷
ততুৱাই থাকে ততকৈ, নিততুৱাই থাকে চায়৷
ফটা আঁঠুৱাই মহ সোমাই ভুলুং ভুলুং খায়৷৷
তালুত চুলি নাই, তাকে বোলে টপা।
কথাৰ সাঁচ নাই, তাকে বোলে লপা॥
তিনি জোৰা দিয়া নাঙল-যুঁৱলি তিনি জোৰা দিয়া মৈ।
তিনি জোৰা বাতলু তিৰুতা, তিনি জোৰা দিয়া পৈ॥
তিৰি, ধৰি, কড়ি। এই তিনি প্ৰাণৰ বৈৰী।
তিনি যুটিয়া জেতুকা বতা।
চোৰ-গৰুৰ বিৰিণাৰ পঘা॥

তিৰিৰ লেনিৱা, বৰষুণৰ কণিৱা।
ঘৰ চাই নকৰে মূধচ, তিনিওৰ মান নাই কুন্ধচ॥
তুলসীৰ লগত কলপতুৱাৰ মুক্তি।
তয়ো আল্লা, ময়ো মোল্লা। লগ পালো ভালা ভালা৷৷
তিনি মূৰীয়াত কথা সুধিবা।
তোমাৰ মৰমতে মৰোঁ। আধলি পাঁচোটা ভৰো॥
তোমাৰ মৰমতে মৰোঁ। খলিহনা মাছৰ এপিঠি খাই
এপিঠি তোমালৈ এৰোঁ॥ তেলীৰ মূৰত তেল ঢলা॥
তাল পৰিমাণে বাঢ়ে। তিল পৰিমাণে টুটে॥
তামোলত দিলা লঙ জাই, পাণত দিলা চূণ॥
কোন দিনা পাহৰিম তোমাৰ গুণ৷৷
তাহানিয়ে খালো টেঙা।
এতিয়াহে পালেহি জেঙা॥
তিৰিৰ চুটি, বাৰ্হনিৰ বুটি॥ তামোল আমোল-মোল॥
কৰপৰা আহিলি দেৱাচালি খোৱাটো,
তামোলৰ নাজান মোল৷৷
তিৰি পিয়নে, মুনিহ ৰণে॥ তিলকে তাল কৰ॥
তলত ফুটছাই, ওপৰে জাকে। এনে দুখত
বাই কোন থাকে৷৷ তলত খাল, ওপৰত জাল।
মোতকৈ ভনী তোৰ অলপমান ভাল॥
তই নাজান বুলি জগতে কয়। মাছ বাচিবলৈ
মৈদানখন লয়॥ তোৰ মুখখন আছিল অসুৰৰ খুৰ।
এতিয়াহে হ’লহি বুটি কোৰ॥ তোৰ মুখখন আছিল
কপি-দা চোকা। পচলাত মাৰিহে কৰিছ ভোটা॥


থৈ গলোঁ নৰীয়াৰ ওচৰত।
আহি পালো নৰীয়াৰ ওপৰত॥
থলত থল ৰজা। পোতা-পুখুৰীত বাকেই ৰজা॥
থোৰতে কথাষাৰ ঢাক। তিৰুতা বুলিহে মাকক
মাৰিলে, চকুত নাই অকণিও পাক॥

থুপৰীৰ পৈ, মাজে-ফুটা ছৈ, কাটি খায় কটনা।
এই তিনিৰ যমৰ যাতনা। থেকেৰাৰ কি কেঁচা-পকা॥
থোক ক’ল থোকে খালে, মধুনাত দিলে পৰ।
কলী কুকুৰৰ এৱাঁ নামিল, ফপৰীয়া কুকুৰৰ জ্বৰ॥
থাকে ঘৰ-গৰু, নাথাকে বন-গৰু॥
থাক যদি ঘৰত। কেলেই খাবি পৰত॥ থাক যদি
থাক মনে মনে। গাখীৰ দি খুৱাম, ভাত ঘনে ঘনে॥
থেকেৰা ঠহা দে॥ থেকেচ নেকেচ কৰ॥
থালিভগা জুয়ে খেদ্॥ থেন্ থেন্ মেন্ মেন্॥


দ পথাৰৰ ভেঁট। চিনিব নোৱাৰি চকৰা-চকৰী,
আটাইৰে ঢোল যেন পেট॥
দায় নাই দেৱলীয়া। তিৰি নাই কেৱলীয়া॥
দুৰ্কপলীয়া যলৈ যায়।সাগৰ শুকায়, মাণিক লুকায়॥
দুখীয়াই কথা কয়, কথাত নিদিয়ে কাণ।
চহকীয়ে কথা কয়, গাখীৰে-গুৰে সান॥
দহো আঙুলীয়ে খায়। বুঢ়াই, হেঁচুকিলেহে যায়॥
দূৰৈৰ ৰৌ-বৰালী। ওচৰৰ পুঠি-খলিহা॥
দিন পালে খেণ পায়। খেণ পালে অজৰ-অমৰ হয়॥৷
দৰা দেখি সুৱাগুৰি তোল। দহ ভকতক সোধ॥
দেখাত দেখিছা ভেটগুটি। কথা আছে ডেৰকুৰি॥
দেখিছাহে বেঙা, জুই যেন টেঙা॥
দানক কৰিলে মান। পেলোৱা চোৱাক বোটলাই
খুৱালে, পথাৰত দোৱালে ধান॥
দেখিবলৈ পালোঁ, চাবলৈ নাপালোঁ॥
দেখিব নোৱাৰো যাক, দেখোঁ ঘনে ঘনে তাক।
চাবলৈ বিচাৰোঁ যাক, এবাৰো নেদেখোঁ তাক॥
দুখৰ উপৰি দুখ। কুকুৰে কামোৰে,
ছৱালে দলিয়াই, ক’তো নিমিলে সুখ॥

দিলো লাও, বগালে পুৰৈ; লাগিল কোৱা-ভাতুৰী।
কাউৰী বাহত কুলিয়ে কণী পাৰিলে,
জগিল চুঙা-বাদুলি॥ দখিণা লোৱা খোজ॥
দোলাৰ নামে সিকিয়াতে যাবা।
গাখীৰৰ নামে পানীকে খাবা॥
দহৰ লাখুটি, এটাৰ বোজা। দহৰ লাঠি, একৰ ভাৰ॥
দুখীয়া হ'লে লেতেৰা ভাৰ্য্যাই নেদেখে হিত। বাটত
লগ পালে মিতিৰে নোসোধে, জানো দিব লাগে বিত॥
দাতাৰ তিনটা গুণ। দিব পাৰে, নিদিব পাৰে,
দি কাঢ়িও নিব পাৰে॥ দন্তে তৃণ ধৰ॥
দিনৰ পৰ্বত ৰাতিৰ জুই।
তাক নেখেদি থাকিবা শুই॥
দুখ নকৰিলে মুখ নভৰে॥ দোলা দেখি খোৰা॥
দুখৰ দিনত দুখ। তিনি মোকোটা খাই কুকুৰ শোৱে,
নেজৰ ফালে মুখ।৷
দেহাই বেহা। দেহা মাৰি কিহৰ ভকতি॥
দেখিলেহে লেখিম, ঢেলীয়ে কি লৰা পায়।
দেখোঁতেই চিতল। পিঠিতেই কাঁইট।৷
দোযত দণ্ড। গুণত পূজা॥
দুই মহৰ যুজ লাগিল। ইকৰাৰ মৰণ মিলিল॥
দৰিদ্ৰ যায় লঙ্কাৰ পাৰ। তেওঁ নুগুচে কান্ধৰ ভাৰ॥
দেখিব নোৱাৰি কৰিবা কি।
আগতে থাকিম হেকেৰা দি॥
দিয়ে ধানখেৰৰ ছাই। তেওঁ কোঁচ্ মোচ্ খায়
দহ বুলিলে দহ, পঁচি বুলিলে পঁচি॥
দৰ্জি দগলা সীয়ে।
অ’ৰ কথাটি ত’ত লগাই তিনি প্ৰাণী জীয়ে॥
দৈৰ আগ, ঘোলৰ শেষ॥ দিন যায়, খেণ নাযায়॥
দিনটো যায় আলেজালে। ৰাতিটো যায় ভোমানলে॥
দুখৰ ৰাতি নাযায়-নুপুৱায়॥
দহো-আঙুলী সমান নহয়।

দিলেও নাখাৱ চাকলি। খুজিও নাপাৱ বাকলি॥
দখিণ দুৱৰী ঘৰৰ ৰজা, পূৱ দুৱৰী তাৰ প্ৰজা। পছিম
দুৱৰীৰ মুখত ছাই। উত্তৰ দুৱৰীৰ কাষলৈ নাযায়॥
দুডাল সূতা এডালকৈ। লহলহ কৰে নিয়ে বৈ॥
দা পৰি ঘা হ’ল। কুঠাৰ পৰি বখলাই গ’ল।
দেখাক, দেখি, কুকুৰেও কৰে একাদশী।
দলনিৰ পোনা। বামুণৰ মোনা।৷
দেখিছাহে বুঢ়া, অগ্নিকুৰা॥ দেখিছাহে বেঙা।
থম্-থম্ টেঙা॥ দমদমকৈ লাগে। ততালিকে ভাগে॥
দিন-শামুকী, মাহিলী ভুৰুকী, বছৰি কলহী গাই।
চকুত শেপ দি গিৰিয়ে কান্দিলে,
গোহালি চদকা যায়॥
দেহা বুঢ়া হয়, বেহা বুঢ়া নহয়॥ দুখীয়া বুলিলে
কুঠীয়া। দুষ্টক দমন, শিষ্টক পালন॥
দাঁত দেখা, আঁত দেখা॥ দৈৱবাসনা তল গল॥
দিওঁতাক বাধে যি। সাত কপিলাক বাধে সি॥
দানৰ দখিণা, বামুণৰ ভোজনি, মানুহৰ ওলগনি॥
দেশ ফুৰি বাৰ। ঘৰত বহিয়ে তেৰ॥
দাতাই দিয়ে। তিৰুতাই নিদিয়ে। বিধাতাই নিয়ে॥
দমৰা গৰু হ’লেও অনেকে বায়।
গাভৰু ছোৱালী হলেও অনেকে চায়॥
দেৱৰ উৎপত্তি ক’লে ৰং। মানুহৰ উৎপত্তি ক’লে খং॥
দিব পাৰিলে ভাই-ভনী। দিব নোৱাৰিলে কাৰ কুনি॥
দাঁতিনীয়ে নাতিনী পায়। পিৰায় টিকায় লাগি যায়।৷
দেহত তৰণি নাই। বলিয়া কুকুৰে খায়॥
দিন ভিক্ষা। প্ৰাণ ৰক্ষা॥ দূৰতে বিদূৰ হয়॥
দেখা কথাত পাট-মঙ্গল॥ দুপতীয়াতে জঁয়॥
দাৰ নাম পখীৰাজ, কিছু কাটে বাঁহগাঁজ।
কচুত দেদেৰিয়ায়, পকা কলত ভাগে।
পানীত মাথোন লগাই দিবহে লাগে।৷
দুখৰ দুখীয়া হলোহি ককাই, সাজি লব

নোৱাৰো ঘৰ।
পটীয়াৰ পাটী, কিনি লব
নোৱাৰো, ছকুৰি কৰিছে দৰ॥
দল টানে যি, মাগুৰ খায় সি॥
দুই, নাৱত দুই ভৰি, ৰক্ষা কৰা হে হৰি॥

ধন আহিছে পল-বোকাত পৰি।
ধপাত লগাই দে এচিলিম কৰি॥
ধানপুৰীয়া কঠাল। পাতৰ আঁৰত লুকাল॥
ধানটোৱে পতি কণটো। মানুহটোৱে পতি মনটো॥
ধন লবা লেখি, বাট বুলিবা দেখি॥
ধন বাঢ়িলে মন বাঢ়ে। ধনেৰে মৰিশালি বান্ধ।
ধাৰেৰে নামাৰি গদিৰে মাৰিছে।
ধন মহঙলৈ গ'ল। লোণভাৰ পেলাই,
মাটিভাৰ অনিলে, ঠাই মচিবলৈ হ’ল॥
ধনলৈ কৰিলি মন। অকহি পুৰুষক নৰকত পেলালি,
জীৱৰো মৰিলি কণ॥ ধান পকে মানে
টুনীৰ মৰণ॥ ধৰ্মৰ জয়। অধৰ্মৰ ক্ষয়॥
ধাৰ কৰা ধানেৰে খুন্দা পিঠাগুড়ি,
মাৰো বুঢ়ীগৰু চুঁচি। ধনেই ধৰ্মৰ মূল॥
ধিনদাও ভদৰ কলি। মাটিতো নোশোৱে,
পাটীতো নোশোৱে, তাক থম কেনে কৰি॥
ধোবাই নাজানে কাৰ কপোৰেৰে মৰিব॥
ধন দিল ধোবাই। মেখেলাকো কোবায়॥
ধনতকৈ ঢেকীঠোৰাটো ডাঙৰ নহয়।
ধৰ্মৰ সূক্ষ্ম গতি॥ ধুতিত বিধুতি হল।
শৌচকৰা গাৰে ভাতগাল ৰান্ধিলে ঔ-বখলীয়া হ;ল॥
ধিন্ দাও বগৰি পাত। এইপিনে নাহিবা,
ফুকনৰ টেকেলা, ৰিহা নাইকিয়া গাত॥
ধন মহঙলৈ গ'ল। কথা দু-আষাৰমান

কব খুজিছিলো, ওচৰত মানুহটো হ’ল॥
ধুনমাৰে ধুনীয়া, পকা তামোল পনীয়া,
ঘনাই তামোল খায়। আৰ্চিৰে মুখখন চায়,
ভাৱে বোলে মোৰ মান ধুনীয়াই নাই॥
ধুতীহে, লেংচেং, দহিহে নাই।
জোতাইহে কেৰেপ্ কেৰেপ্, ধনহে নাই॥
ধুন মাৰে ধুনীয়া, তুলি মাৰে খোপা।
সেইজন ধুনীয়াৰ বাঁহৰ তলত জোপা।
ধোদৰ পচলা, ধুন ছিটিকা, ধানখেৰৰ জুই॥
ধোওঁ কলী, নোধোওঁ কলী।
তেওঁ নুগুচে গাৰ মলি॥
ধনৰ যহত। খাইছো দেৱা-কৰকৰা,
শুইছোঁঁ ফলীয়া তুঁহত।
ধান হ’ল চাউল হ'ল, হ’ল মৰমিয়াল পো।
ঢাৰি নাই, পাটী নাই, কিহত শোৱ শো॥
ধান বৈ থৈছো এলেঙী দত।
চুৰকৈ খাইছোঁ তাৰে যহত॥
ধৰিবা, নেৰিবা। এৰিলেই মৰিবা॥
ধৰুৱাৰ বন্ধা-চটা। মৰাৰ কন্দা কটা।৷
ধন, জন, মন। শত্ৰু তিনিজন॥
ধন, জন, সম্পদ। এই তিনি মহা আপদ॥
ধন, জন, সম্বল। সি নাথাকে অৱিৰল॥
ধন দি মনাইৰ ক'ত আকাল॥ ধনেই ধৰ্মৰ ফল॥
ধনৱন্ত লোকৰ সিজে সৱ কৰ্ম।
দিব থব পাৰিলে শত্ৰুয়েও বুজে মৰ্ম॥
ধৰমৰ বান্ধিলোঁ দ'ল। হেৰোষাই তললৈ গ'ল॥
ধনৱন্তৰ সদায় ৰঙ। নিধনীৰ সদায় খঙ॥
ধিনিকি ধিন্দাও দাও৷ ধন দি বন্ধা সোমাওঁ॥
ধাৰ কৰি খাওঁ। ধৰুৱাই নিলে আগে আগে যাওঁ॥
ধানেই সাৰ নে ধনেই সাৰ।
ধান নহলে মৰণে সাৰ।

ধনাই, কেলেহুৱা, মনাই কেলেহুৱা, মাদুৰী বনৰে
কঠ। নোম টেঙৰৰ সঁচ॥
তিনি কেলেহুৱা গোটখাই মোৰ ঘৰখন কৰিলে নঠ॥
ধুমুৰদুমুৰ কাটতী, ভাইৰ বিয়াত নাচতী।
লিহিপিহি কটতী, বেৰ জুমি চাৱতী।
ধাই-ধুই ধপাত। বুঢ়ী লাগিল চেপাত॥

নাইহে নখাওঁ। লঘোণেও নাযাওঁ॥
নেজ-গুবৰীয়া গো। সেঙেনু-নকা পো॥
নোম-নেগুৰ বৰ্জিত। কুকুৰে গায় বৰগীত॥
নিজ বুদ্ধি, সৰ্বসিদ্ধি। লোকৰ বুদ্ধি, পেট উদি।
নাহাঁহিবি মোক। খুচৰিব তোক॥
নাম লৈছে ভোগাই। পানী কাঁহুদীৰে খায়॥
নকটা খেৰৰ ন শ গোটোৱা আঁটি।
নল বগৰি তল ঢাকি সৰিল।
নোখোজা ছোৱালী ন জনী মৰিল॥
নমো নমো পাৰিজাত। কুকুৰে ছুলে বাহী গাত॥
নামতি জিকে, নোচোবাই গিলে॥
নাকটি কাটিলে আহিব আলে-জালে।
চুলিটাৰ কাটিলে আহিব কোন কালে।
নাই বুলিলে সাপতো বিষ নাই।
নাই খুলিলে নেৰে। কুঁহিয়াৰ পেৰাদি পেৰে॥
নীচ লোকে উচ্চ পদ পায়॥
টেৰীয়াকৈ পাগ মাৰি ঘূৰি ঘূৰি চায়॥
নমৰে মানে চাবা, নুবুৰে মানে বাবা॥
নগৰত জগৰ লাগিল। নিলগতে চেই চেই।
নাই পো গোফাল, নাই পো মুখাল।
নাই পো লনী। তাই পো ধনী॥
নোধোওঁ গা ধুৱালি, নাখাওঁ ভাত খুৱালি,
নিগিলো কি কৰ কৰ॥ নাওবৈচাৰ পোৱলি হ'লে,

ডালত টোকৰ মাৰিলেই গম পায়॥
নেগুৰ কাটি বাঘ চোঙত মেল॥
কটাৰি দি লৰাক কুহিয়াৰনিত মেল॥
নাদৰ পানীয়ে গা জুৰ নকৰে, নৈত নপৰে মানে।
নিলগৰ চেনেহ গা জুৰ নকৰে ওচৰত নহ’লে মানে॥
নবঞ্চিবৰ কন্যাৰ ওঁঠৰটা মত॥
নগৈ গড়গাঁৱৰ বাতৰি॥ ন-মহীয়া ছোৱালীৰ
দহমহীয়া পেট। পৰ পুৰুষেৰে নাই ভেটাভেট॥
নিজ হাত, জগন্নাথ। পৰ হাত, ছুৱা পাত॥
নিলগৰ পৰা চুমাটো দিছে।
গালৰ আদ্খন ছিঙি নিছে॥
নাচ বগী নাচ, ঘাটৰ চেলেকনা মাছ।
তয়ো বগী, ময়ো বগী, একেখন বিলৰে মাছ॥
নোপোৱাৰ সময়ত গোঁসায়েও চেঙা মাছ খায়।
নিয়ে থয় কৰে হিত। তাকে বোলে পুৰোহিত॥
দিয়ে থয় কাৰে মান। তাকে বোলে যজমান॥
নাকান্দ লৰা, পাবি। বাপেৰ গৈছে কল ৰুবলৈ,
থোক মেলিলে খাবি। নেগুৰত ধৰি ওলম॥
নাজানি খালোঁ আঁঠিয়া কল। হে প্ৰভু, ৰক্ষা কৰ॥
নাচিব নাজানে চোতালখন হাৰামগৰীয়া॥
নাও বুৰি তলি পালেগৈও টিঙৰপৰা নানাম॥
নিজ দেশত ঠাকুৰ। পৰ দেশত কুকুৰ॥
নাই মোমাইতকৈ কণা-মোমায়োই ভাল।
নাৱৰ গৰ্ভে মাৱৰ গৰ্ভে সমান।
নকলে নোৱাৰি ফটা মুখ। কলে পায় ভকতে দুখ॥
নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভঙ্গ কৰ॥
নাখাওঁ তাইৰ হাতে ভাত, ঘূৰি পাতোঁ তাইতে হাত॥
নাগিনীয়ে লৰা পায়, নগাই জাল খায়॥
নগা, নিৰ্মালি ল। হোৰাতে থ॥
নাকত লাগিল পাক। মহা ভকতৰ ছিদ্ৰ লাগিল,
মেধি পাতিম কাক॥ নিলগৰ টো নিলগতে মাৰ॥

নাহৰতকৈ সুকাঠী॥। নজনাৰ মূৰত ভজনা॥
নুছুই ডুমুনী তুলি দিলে বোজা।
নপঢ়ি নুশুনি হলহি ওজা॥
ন ন ঋষিৰ ন ন মত। নিশ্বাস, তাত কিহৰ বিশ্বাস॥
নাই চাউল-পাত, কেনেকৈ খোৱা তপত ভাত। নাই
চাউল-পাত, ৰান্ধ শুদা ভাত, গাখীৰে পানীয়ে খাওঁ॥
নিধনী যেনি যায়, আছোক ভাত-মাছ হৃদয় শুকায়।
নিলগলৈ নাযাবা গা পুৰি মৰো।
ওচৰতে থাকা গা জুৰ কৰো॥
নাখাওঁ শালী ধানৰ ভাত। বোকাতো নিদিওঁ হাত।
নিজনামা উত্তমা, পিতৃনামামধ্যমা, শহুৰনামা অধমা।
নোহোৱাৰ লৰা হ'ল, নাম থলে গোপাল॥
নেগুৰ কটা নিলাজৰ বাৰীয়ে বাট।
নাকৰ এপাহি কাটিলি বান্ধৈ কাণৰ এপাহি কাট
নেদেখাই দেখিলে, ঢাৰি পাৰি লেখিলে।
বৰলাই তিৰুতা আনি মাহী আই যেন দেখিলে॥
নকলে বোপায়ে ছুৱাত খায়। ক’লেও আয়ে
কিল খায়॥ তেওঁৰে নহলো ভেত।
তেওঁৰ কথা শুনি মোৰ উখহি আহিছে পেট॥
নেৰিবা আদিমূল, নেৰিবা জাতি-কুল, নেৰিবা
বোলা বচন॥ নামৰ মুখেৰেই, থাক্॥
নামৰ পৰিলে সাং। দুৱাৰত মাৰাহি দাং॥
নাবা বুলিলেও চাৰি চাপৰ বায়।
বা বুলিলে যে লেখ-জোখেই নাই॥
নহাৰ নটা গুণ, আহাৰ দহোটা গুণ॥
নগাটো চাই হোৰাটো। নিন্দিলে বন্দিব লাগে॥
নগৈ গলোঁ, বেটি, পাগাল ডেকা পালোঁ। কি দিনো
খাম, বেটি, শুদাই থেকেৰা দি চাৰিগৰ্হা খালো।
ন’তে ন বুৰি, পুৰণি হ'লে ছ’বুৰি॥
ন’তে ন অঁৰা। পুৰণি হ'লে ছ-অঁৰা।
নৰকৰ কন্যা উদ্ধাৰিলেই শুচি॥ নান্নং নবস্ত্ৰং।

নিলগৰ পৰা পৰ্বতটো শুৱনি দেখি॥
নাৱৰ বাণিফটা, পুৰুষৰ কাণ কটা॥
নিজৰ পোৱে মাছ মাৰিছে, মুখ জুবুৰিয়াই খা।
লোকৰ পোৱে মাছ মাৰিছে, বেৰৰ জলঙাই চা॥
নিজেই পৰৰ খাওঁ। শুনিব নোৱাৰোঁ আলহী নাও॥
নোপোৱাই পাইছে। চপাই ধান দাইছে।
নোপাৱাই পাইছে। পাখিয়ে-চাখিয়ে গিলিছে॥
নাৱত নুঠিবা ভগা। দুখীয়া মিতিৰৰ নহবা লগা॥
নাকত লৈ চাকত ঘূৰাই। খঁৰা টেকেলিৰ
পানী খুৱায়৷ নাভূত-নাশ্ৰুত কথা॥
ন-কৈ ওলালে জোন৷ কথা কৈ থকাটো কোন॥
নকৰিবা হাই হুই, কাজি। ঘৰলৈ যাব লাগে আজি॥
নবই পিন্ধে জালি। নুৰুই নাদাই খায় শালী॥

পৈয়েকে বুলিলে কাজী। মন ভাল কৰিছে আজি।
পাপীৰ পিঠাত মন॥ পৰত আশ, বনত বাস।৷
পৰৰ মূৰত খাওঁ। ভটীয়া পানীত যাওঁ॥
পালিব নোৱৰাৰ ৰুদ্ৰাক্ষৰ মালা জোটা জোট।
পৈয়েকক বুলিলে হই৷ ক’তনো মৰোগৈ মই॥
পছোৱাই দুৱাৰ মেলে৷ বৰলাত জগৰ লাগে॥
পাপীৰ লগত যমদূতৰো শাস্তি॥ পৰ দেশ, মৰ ভেশ॥
পালেহি চ'ত। ধান ব’ম কত॥
পঢ়ায়,পঢ়ে, ৰোৱে পাণ। এই তিনিয়ে নিচিন্তে আন॥
পাপৰ ধন পৰাচিতত। পেটক আটে, চকুক নাটে॥
পঁইতা পালমৰা৷ কৰকৰা লৰমৰা॥
তপত, দিনটোলৈ গাটো শকত॥
পেটৰ ভোকে যি কৰে। মুখৰ লাজে কি কৰে॥
পৰ্বতত কাছকণী, ভৈয়ামত বান।
বৰলাত বিচাৰিছে শুকান ধান॥
পকা আমৰ বেলিকা কিহৰ কুজা মোহা।

পানীৰ বাটত নহবা আগা। দুখী কুটুম্বৰ নহবা
লগা॥ দুষ্টা ভনীৰ নহবা ভাই।
ঘন-পোৱাতীৰ নহবা জোঁৱাই॥
পিতা-পুত্ৰৰ কন্দল বাজে। পুত্ৰক দণ্ডে পণ্ডিতৰাজে
টিকাত নাই মূৰত পাগ। সি হয় দেহতকৈ আগ॥
পেটত নাই ভাত। ৰজাই কৰে উৎপাত।
পাৰ পালে যুবয়াই মূৰত মাৰে লাঠি।
আৰু নো কি যুবয়াৰ উজান-ভাটী॥
পাটকাপোৰে কঁকাল কাটে, কানি পিন্ধিবৰ মন॥
পানী পাই বাঢ়িলে পানীৰ কলমৌ,
তেল পাই বাঢ়িলে চুলি।
মাকৰ ঘৰত জীয়াৰী বাঢ়িলে যেনে দাম কলৰ পুলি৷
পাণৰ গুচালে পোক। শোৱা ঢাৰিপাটীত
ধুলি-মাটি পালে, সেইহে এৰিলে তোক॥
টিকাত খালে উয়ে। আহ, পলাই যাওঁ দুয়ে।
পাটীয়ে পাটীয়ে শোৱে, গায় গায় নালাগে।
পুৰা, ভিতৰতে ঘূৰা। আঁঠিয়া, বাহিৰলৈ দলিয়া॥
পানীত হাঁহ নচৰা॥ পেটত হাত-ভৰি লুকা॥
পথাৰৰ মাজৰ মুঢ়া। পেপা বলি অহা ডেকা॥
পচলাত দাঁত ভাগ। পছোৱাৰ লগত লৰ॥
পথালি চকুৱা মনিচ॥ পনিয়ল পিটিকা দে॥
পোহাৰী-পৈয়েক সাক্ষী॥ পোঁতনি থেকেচা দে॥
পণ্ডিত, তপে-জপে খণ্ডিত, ভোজনত ব্যাঘ্ৰ অৱতাৰ।
পাণৰ নাকাটিবা চান। সাতখন কোৰৰ কঁড়িয়া
গঢ়াই দিম, জোকাৰিবা লেৰেলা কাণ॥
পাই পৰৰ ধন, বাপেকে-পুতেকে কৰে কীৰ্ত্তন॥
পোক লগা বিৰলী ওপৰ-চাঙত শোৱে॥
পোলৈ বোৱাৰী চাওঁ। ঘূৰি ঘূৰি মোলৈহে পাওঁ॥
পদ আপদ, কীৰ্ত্তনে মূৰ টিংটিঙায়, ঘোষাই ৰায়জায়।
পিপৰাত দিলে গুলি। এটা পিপৰাই নটা হাতী
গিলিলে, তলপেট খজুৱাইছে বুলি॥

পৰৰ ঘৰৰ দাৱনী। নিজৰ ঘৰৰ ৰাণী॥
পানীৰ চৰখৰীয়া ভাল, মাতৰ চৰখৰীয়া টান॥
পৰ-ভতুৱা হবা, পৰ-ঘৰুৱা নহবা॥
পকা থাকোঁতে কেঁচাই। তেল থাকোঁতে নুমায়॥
পলাই-উৰাই গঙ্গালৈ। চুৰ-তাৰিকৈ বামুণলৈ॥
প্ৰথম প্ৰহৰত আটাই জাগে দ্বিতীয় প্ৰহৰত ভোগী।
তৃতীয় প্ৰহৰত চোৰ জাগে, চতুৰ্থ প্ৰহৰত যোগী॥
প্ৰবাসে নিয়মো নাস্তি॥ পৰৰ পালে, জ্বৰতে খালে।
পোৱাতীয়েহে জানে পোৱালি পাওঁতে কিমান দুখ।
পৰ্বতত উজায় নাৰ মাছে, চাকোলা পললৈ যায়।
কণাই দেখিলে, কলাই শুনিলে, কোৱাই মৃদং বায়॥
পখীৰ টোক্ টোকী। পছৰ নোক্ নোকী॥
পাবা চৰাই ভাঙিবা পাখি। সিজাসা ভাত নথবা ৰাখি॥
পৰৰ পো মৰক। শিমলুৰ নাও বুৰক॥
পিতাৰ ভনীয়েক পেহী, সেইটো বুকৰ দেহী।
আইৰ ভনীয়েক মাহী, দাঁত চেলায় হাঁহি॥
পানীত কেকোৱা মোমা। কলৈ যাৱ গিৰি কণা॥
ধাৰে-বান্ধে খা তই। একে মৰণাৰে শুজিম মই॥
পিন্ধিলে-উৰিলে বান্দৰীও সুন্দৰী॥
পঁইতা ভাতত খৰিক মাৰ॥ পানীয়ে পানীয়ে শিকা॥
পতান ধানেৰে ভৰাল ভৰ॥ পাবত গজা॥
পাৰ পালে ইপাৰ, পাৰ পালে সিপাৰ॥
পানী খোৱা পুখুৰীত বিহ ঢলা॥ পানীৰ ঔটেঙা।
পানীয়ে মৰা বাও!! পাহৰা ধানৰ ভাত॥
পানীৰ তলৰ কাঁইট॥ পাগৰ বাহিৰ হ।

ফটাকঁঠা তিতে মানে গালৈহে গধূৰ৷
ফাঁপৰি কঠিয়াৰ সচ ল॥ ফেদেলি পুৰাণ মেল॥
ফস্তিত বঙাল মৰে তিৰুতা বেচি কাজ-কাম কৰে।
ফটা হক, ছিটা হক, পাতৰ টঙালি।

ভাল হক, বেয়া হক, ভূঞাৰ পোৱালি॥
ফোপদাং, ধান-নাইকিয়া শুদা চাং॥
ফুটা চকুতহে কুটা পৰে। ফোপজহি ৰঙাই।
এদোন ধানৰ পিঠাগুড়ি খুন্দি দেশখনকে জনায়॥
ফাঁকডেমা চাই লুৰিবা খৰি।
তাৰে কাণমাৰি তাৰে জৰী॥
ফটা কঁঠাতহে সোণ॥ ফলেন পৰিচীয়তে।
ফুলেশ্বৰী আই, তোৰ ফুলৰ তলত ঘৰ।
পৈয়েৰ আহিলে কবি বোলে পানীলগা জ্বৰ॥
ফুটছাইৰ খাৰণি তেলৰ মেদনি বৰুৱাৰ খাৱনে খাওঁ।
পকা দলি-চপৰাত টিকাটো চোচোৰাই,
দোলাত যোৱাদি যাওঁ॥
ফলীয়া তুঁইৰ জুই। আয়ে চৰজিলে,
বোপাৰে স্ৰজিলে, আগৰে কলীয়া-মুঈ।
ফেদফেদকৈ ফেদী, গালৈ আহিছে খেদি॥
ফেঁচাৰ ফেঁচী, ইন্দ্ৰৰ শৰ্চী।
চোৰ খোৰেঙত মইনাৰ মাত।
ঘনে ঘনে তামোল খাই নিকটাইছে দাঁত॥

বুঢ়াৰ কথা নুশুন ডেকা। টানত পৰি কিয় কেকা।
বনৰ বাঘে নাখায়, মনৰ বাঘে খায়॥
বাও বান্ধিলো তিনি যুৰীয়া গাঁঠি দিছিলো লেখি।
নিলগৰ পৰা চাই পঠিয়াওঁ, কাঁহৰ বাটি যেন দেখি।
বান্ধৈৰ নৰীয়া টান। খাব পাৰে, শুব পাৰে,
বানিব নোৱাৰে ধান॥ বাই বাইলুঙনী! উঠি পীৰা
এখন দিলোহেঁতেন, মই হলোঁ শইকীয়ানী॥
বান্দৰৰ ডিঙিত মুকুতাৰ হাৰ।
বাটি খালে আঁটি যায়। লুকাই খালে ঢুকাই যায়॥
বাহিৰত বৰচুৰীয়াৰ ফেৰ৷ ভিতৰত ঢকুৱাৰ বেৰ॥
বেলিয়ে আঁটে মানে। কাচিয়ে কাটে মানে॥

বেজীৰ জলাও মনি। কুঠাৰৰ জলাও নমনি।
বেটীয়ে ভাঙিলে কতৰা। গাড়গাওঁ পালেগৈ বতৰা।
ঘৈণীয়ে ভাঙিলে কাঁহী॥ থলে মুচুকাই হাঁহি॥
বাৰী বামুণীৰ ধন। নিজেও নাখায়,
লোককো নিদিয়ে, চাই থাকিবৰ মন॥
বাৰটা মাহৰ তেৰটা জগৰ। সদায় নুগুচে এটা লগৰ॥
বুকত থাকি চুকত কামোৰ॥ বিষম দৈৱৰ গতি॥
বাপৰ ধনে নাটে, পাপৰ ধনে নাটে।
বিধতাই দিলেও তিৰুতাই নিদিয়ে।
বুঢ়ী আই ঐ, নাহিলি সুখৰ কালত। সাতজনী নিগনি
খিৰাই খাইছিলো, গেৰেলাক বাইছিলো হালত।
বুঢ়ীৰ কি বন আছে। শাকত বন পেলাই বাচে॥
বাপ দিয়া কন্যা, ৰজা দিয়া ভূমি।
বলীয়ে নিৰ্বলীয়ে কিহৰ হতাহতি।
ধনীয়ে নিৰ্ধনীয়ে কিহৰ মিত্ৰৱতী।
বাপুৰ ডাড়িত ছুৱা লাগিল, আচাৰ মাৰিলেই শুধি।
শূদিৰৰ গাত চুৱা লাগিল, পৰাচিত হ'লেহে শুধি॥
বাৰীৰ ঘাঁহে গোহালিৰ গৰুৱে ৰাহি নাহে।
বৰাৰ ঘৰত তৰা গাঁঠি। বৰা থাকিব কেই ৰাতি॥
বামুণে শগুণে চায় মৰা৷ গণকে চায় নৰিয়া পৰা।
বগৰি গছৰ জিকা। যেতেকে মাৰিবি তেতেকে চৰিম,
জানো কেনে কৰি শিকা॥ বুকুৱে ধান বনা॥
বুধ, বৃহস্পতি, শুকুৰ। কাহানি আহিলা জোঁৱাই কুকুৰ
আহিবৰ হল দিনচাৰেক। শাহুৰ গালত চৰচাৰেক॥
বোপাই আছিল চোৰ। সেই পৰ্কিতি মোৰ॥
বাহিৰে ৰংচং। ভিতৰে কোৱাভাতুৰী॥
বঙহে মঙহ খায়। বঙহ নহলে মঙহ পেলনি যায়॥
বাৰ হাট জালৰ তেৰ হাট ফটা৷ ভাল মাৰিলি
বাপৰ বেটা॥ ৰৌ-বৰালি পাহে পাহে গল৷
পুঠি-খলিহা পাহে পাহে ৰল॥
বাঘ চাব নালাগে বিৰলীকে চোৱা৷

ভাল মানুহ চাব খুজিলে আলিবাটলৈ যোৱা॥
বেতনিত ঔ পৰিল বাসুদেৱায় নমঃ॥
বিকিলি, এতেক কথা ক’ত শিকিলি৷ বিলাই,
মহাপ্ৰভুৱে শিকায়॥ বৰলাক উখুৱা ধান॥
বনো নাই আহৰিও নাই॥ বুঢ়ী মৰিল ভালেই হল৷
দুয়োখন কঁঠা মোৰেই হল॥
বাটৰ বগৰি জেং কোনে গুচালে॥
বনিয়াৰ দিম দিম, কমাৰৰ কালি৷
নদীয়ালৰ ৰৌমাছ হাততেই পালি॥
বাটত পালোঁ কমাৰ দা গঢ়ি দিয়াঁ আমাৰ॥
বাস কৰিবা নগৰত৷ থাকিবাগৈ সাগৰত॥
বামুণ গণক কোৱা৷ এই তিনি পৰৰ খোৱা॥
বৈচৰ গৰু বালেও বুঢ়া, নাবালেও বুঢ়া॥
বাগী দেখি ঠেং খোৰা৷ বুঢ়া শালিকাই মাত লোৱা॥
বল নাইকিয়া সাপৰ ফোপাউৰিয়েই সাৰ॥
বুঢ়াৰ হাতত চেঙেলি॥ বলীৰ হাতত পৃথিৱী॥
বাৰীৰ তামোল কেৰ্ক্কটুৱাই খায়৷
আমাক দিলে জানো অথলে যায়॥
বৰগছ কাটিলে ঘিটিঙাই পৰিলে,
চিটিকি পৰিলে এঠা৷ লোকক দেখুৱাই কেটেৰা
মাৰিবা ভিতৰি নেৰিবা বেথা॥
বাছি খাবা জাগি শুবা৷ তাৰ ফল পাছে পাবা॥
বাৰ ভতৰাৰ নাম জানে৷ বেইতা পৈৰ নাম নাজানে॥
বৰৰ দায় পিছলি যায়৷ সৰুৰ দায় খুচৰি খায়॥
বন ছিঙোতে মোহা মৰিল৷
মই বোলো মোহা ৰণতহে পৰিল॥
বায় আগ হালত৷ বান্ধে হেৰেমৰ তলত॥
বাঘৰ আগতেল খোৱা॥
বাৰ হাত কেৰেলাৰ তেৰহাত গুটি৷
বাজ টেঙৰ বনীয়া৷ আধেৰ কপাহৰ নখন খনীয়া॥
বাজ ভেলেঙী৷ ভিতৰ টেঙৰী৷

দেখাত দেখিছা ভেটগুটি, কথা আছে, ডেৰ কুৰি॥
বান্ধত বগৰা, ফান্দত ওফৰা॥ বাৰ জোৰা দিয়া॥
বুঢ়ী হলো, ঠেৰী হলো, দাঁতত ধৰিলে পোকে।
আৰু নো কি গাভৰু হম, তামোল দিব লোকে॥
বনৰ নাই কূটা এগচি। খাবলৈ বিচাৰে পাচী পাচী॥
বাৰ মুনিৰ তেৰ মত॥ বিয়ৈ, দেখোন ঠিয়ৈ ঠিয়ৈ॥
বাছোতে বাছোতে গেলা বৰালীত হাত।
বেটীৰ খং বাঢ়নিত॥ বাৰ-বাহতুৱা লোক॥
বাছোতে বাছোতে লাগিব পোক।
মোতকৈ অধমে নিবহি তোক॥
বাহিৰে লট্‌পট্‌, ভিতৰি কপট, নাই ভকতৰ আশ॥
বুঢ়াৰ টিকাত ৰাঙৰ কেৰু। শোতোৰা টিকাত কড়াই,
লাৰু॥ বুধি আছে, বৰা ধান নাই॥
বাপৰ জন্মত ঘোৰা নাই। টিকাত লেকাম লগায়॥
বগৰাক নিদিবা ঠাই, বাৰীৰ পাত-পাচলা খায়॥
বৰ ভাই যায় যেনি, সৰু ভায়ো যায় তেনি॥
বৰ-বৌ কিমানৰ কাজী৷ বেৰৰ জলঙাই চাই
পঠিয়ালো, ধৰিব নাজানে পাঁজি॥
বছৰেকত ৰেও, ছমাহত ঘেও, এইজনী কাজী কাৰ
বুকুত দেও॥ বুৰেপতি সেলুক॥
বব নাজানো কাটিব নাজানো , হলোৱাৰ চহাৰ জী।
এখন গামোচা বৈ থৈ আহিছো, পদুম সাত শাৰী দি॥
বামুণ ভো ভো দেৱতা, শুদিৰ চেলোৱা দঁতা।
বোপাইতো লহৰ-পহৰ। মুকুতি মাৰিব ঠহৰ্‌ ঠহৰ্‌॥
বিশ্বকৰ্ম্মা কিমানৰ কাৰিকৰ জগন্নাথৰ মূৰ্ত্তিতেই চিন।
বেঙো ওলাল, সাপেও দেখিলে॥ বৌৱে পতা বৰা॥
বামুণৰ গৰু শুদিৰে বায়। তাৰ কি আগ-গুৰি চায়॥
বাঘে-ঘোঙে লগে চৰে। কাকো পালে কেৱে নেৰে॥
বৌ, এদোণমান ধান আনিছো ককাইৰ আগত কৌ॥
বাটৰ ভঙুৱা ডোম। তাইৰ পৈয়েক নাই কোন॥
বৈকুণ্ঠতো ফাপৰে খোৱা থাকে॥ বৈকুণ্ঠৰ বোন্দা॥

বাজিব লাগে টেমি-কটাৰী, বাজিছে হাঁচতি।
বুঢ়া কঠালৰ মুঢ়া। জাকৰুৱা ঘৰলৈ ছোৱালী
নিদিবা, ঢেঁকীয়ে কৰিব বুঢ়া॥
বুঢ়া শালিকাই মাত লোৱা॥
বাঁহ চিত দৰুৱা কাতি। বাতা তেৰডাল খাগৰি মুঠি॥
বহি খাই থাকিলে কুবেৰৰ ভৰালো উদং হয়॥
বাপ, ঢোৰা সাপ॥ বাপেক চাই পুতেক॥
বাৰীৰ চুকত বুঢ়ী যোগিনী থাকে।
সময়ত তাইকো পতিয়াহ কৰিব লাগে॥
বৰগছৰ গুৰিত আশ্ৰয়, টোপালে তিয়াই মাৰে।
বামুণৰ ক’লা ডোমৰ বগা দুইৰো আশয় নোপোৱা।
বনিয়া বামুণ। চল পালে লয় নগুণ॥
বাৰ্হনীৰ বুটি, পুৰুষৰ চুটি॥ বিয়াৰ বামুণ,
তৰ্পণৰ কুশ। চেঁচুকৰ ডামদেউকা, বৰষুণৰ তুঁহ॥
বেজৰ ভায়েক ভেকো। মই নাজানো একো॥
বোলা বাক্য এৰণ নাযায়। এৰিলে জাত-কুল যায়॥
বেশ্যাৰ পৰাচিত আছে, মিছাৰ পৰাচিত নাই॥
বান্দৰৰ ঘা, খুচৰিলে বহল হয়।
ব্ৰহ্মা বিষ্ণু ত্ৰিদশ দেৱ। নাখালে নিজীয়ে কেও॥
বাঁহৰ এফাল, মানুহৰ একাল॥
বাপ মৰক, মাইকী থক। চেই চেই উৰুলী পৰক।
বুজিয়া-সুজিয়া বান্ধিবা আঁৰি।
শত্ৰুজনক তেহে চিনিতে পাৰি॥
বলে-নোৱৰা শিলক পৰি নমস্কাৰ॥
বৰকৈ ভৰিত ধৰা মানুহে চল পালে কান্ধত উঠে।
বগী চক্‌চকী ৰূপৰ পিঠি। কাউৰীয়ে ভৰ্ছে পিঠিত উঠি॥
বাঘৰ টিকাত আঙুলি বটিওৱা।
বিষ নাইকিয়া সাপৰ ফোপাউৰিয়েই সাৰ।
বাঁহ বাঢ়িলে, গিলিলে বৰাই, পঘাই গিলিলে গৰু।
হাতত পঘালৈ ৰান্ধনী লৰিলে, খেদি লৈ গল চৰু॥
বাঁহপাতে কাটিলে গা। কৰণিতে কাপোৰ থৈ,

বননিতে নাচাঁগৈ, গোবিন্দ গোবিন্দ ঔ টোকাৰী বা৷
বাঁহৰ আগত উজায় পুঠি মাছ,
চিনাই কি খাই জীয়ে৷
বেজী আগত ৰান্ধন-বাঢ়ন, উধানে কি কাপোৰ সীয়ে।
বোকাত গৰৈ মাছ ধৰো। হিয়া-মূৰ ভুকুৱাই মৰো॥
বহিব জানিলে মাটিয়েই পিৰা৷
খাব জানিলে চাউলেই চিৰা॥
বহু তিৰিৰ ঘৰ ফেদেলা। বহু মটাৰ ভূঁই ফেদেলা।
বামুণে চায় কালক। গণকে চায় ভালক।
বাঘৰ চিত বুজিব পাৰি। বামুণৰ চিত নোৱাৰি।
বুজাক বুজাবা ঠাৰে-চিঞাৰে। নুবুজাক কিল-মাৰে॥
বহোঁ তাঁতপাটত। চকু আলিবাটত॥
বামুণৰ চিকুণ ফোঁটে-লগুণে, হোমৰ চিকুণ ধোঁৱা
পানীৰ চিকুণ পানীপৰুৱা, মাছৰ চিকুণ মোৱা।
বাৰ দেশ ফুৰে যি৷ বাৰ কথা শিকে সি।
বছৰ-দিনে যাবি, বৰপিৰাখন পাবি।
যদি দেখে নিত নিত, চকু কৰে পিট্‌পিট্‌॥
বাটৰ দুবৰি, ঘাটৰ পানী॥ বিয়া নে দিয়া।
বাঁহৰ বিচনি, বেতৰ জেলেপ।
মই মৰো কেলেপ কেলেপ॥
বেঙেনাৰ ফুলে বোলে মোৰ ফুল গুটি।
ভাল ভাল লোকে তাতে পায় জুতি॥
ৰক্। অলপ পানীতে কক্ বক॥
বৰজনী ঘৈণী, সৰুজনী চুটি। তাই পাঁচে উধানত উঠি॥
বাই-ভনী, খেৰৰ শনি। ভাৰ্য্যা হল গলৰ মণি॥
বজ্ৰবটালিৰ মূৰত টাঙোন॥ বামত সাঁতোৰ॥
বগা ভাত দেখিলে ক'লা কাউৰীৰ কি আকাল।
বাঘৰ আগত ছাগৰ ডেৱা-ডেৱি॥
বাঘ-ককা নে বৰা-ককা॥ বালিচাহিৰ পৰা গজহস্তী॥
বান্দৰে কি বুজে নাৰিকলৰ মোল॥
বান্দৰৰ মুখৰ কল ভুকুৱালেহে সৰে॥

বামুণৰ বৰুৱা, শূদিৰৰ পঢ়ুৱা॥ বাৰ জোৰা দিয়া॥
বুলিব জানিলে মজিয়াই ডেৰ পৰৰ বাট॥
বান্দীৰ কান্তা যোগ॥ বিনা মেঘে বজ্ৰপাত॥
বেল পৰিমাণে বাঢ়ে, তিল পৰিমাণে টুটে
বেঙেনা গছত হাঁকুটি লাগা॥ বেঙৰ ওঠৰখন পাম।


ভালৰ ভাল সৰ্ব্বতি কাল। বেয়াৰ ভাল ক্ষণকাল॥
ভালহে বুজে ভালৰ মোল।
আমাৰ গঙ্গাধৰ বোপা নে কোন॥
ভোকত ভাত পিয়াহত পানী।
তাক নাখালে বল হয় হানি॥
ভাত খোৱা ভতুৱা, কড়াই খোৱা গাধ।
আধা-খুন্দাৰ যি লডা খাৱ, সিহে বুকুৰ বান্ধ॥
ভাতৰ ভতুৱা মেখেলা ভাৰী।
ভাত বাঢ়ি থৈছো খোৱাহি আহি॥
ভাঙি আন মুচৰি খাওঁ। পুৱা হলে নাও মেলি যাওঁ॥
ভাল বুলি বন্ধালো সখি। পিছলৈহে কেনেবা দেখি॥
ভাল ভাল ঘোঁৰাই নাপায় ঘাঁহ।
বটুৱা ঘোঁৰাই বিচাৰে মাহ॥
ভাং কানি আফু। তাক নাখালে কিহৰ বাপু॥
ভাত খাই উঠি তিনি শিলিখা।
তাৰ মানত যম তিলিকা॥
ভুকুতে কলটো নপকে॥ ভোকহে, ভাতৰ আঞ্জা।
ভোজৰ ভাত দেখি চাঙৰ কঠিয়া দলিয়াই পেলা॥
ভাতৰ তিতা খাব পাৰি। মাতৰ তিতা খাব নোৱাৰি॥
ভাৰীক নেৰে ভাৰে। যুৱয়াক নেৰে পচলা খাৰে॥
ভাল খাটিলো বাঘক। পহু মাৰি দিলে আগত॥
ভাত হলে পুত নাই, পুত হলে ভাত নাই॥
ভাগৰ আগনি। ধপাতৰ শেহনি॥
ভাতৰ দামদুম, মাতৰ হেনা-হুচা॥

ভোজৰ ভাতেৰে আকাল নাতৰে॥
ভালে-বেয়ায় গীত৷ গোঁসায়ে বোলে মোৰে হিত॥
ভাতপাতত জাত বিচৰা। ভোজনত বহি কুলৰ বতৰা॥
ভিতৰে গৰল, বাহিৰে সৰল॥
ভায়া কেন? ভায়া আগেয়ে যেন্‌ এতিয়াও তেন্‌।
দেখোতেহে দেখিছা মোক সাধু হেন্‌॥
ভতুৱা কুকুৰৰ ভুক-ভুকনিহে সাৰ॥
ভকত মৌ-গুটি, নাখায় টকৌ-গুটি, শুধভকত কায়।
কেটুৰী পাতত ভকত বহিছে, পিছলি পিছলি যায়॥
ভকত ভোমোৰা। আৰৈ চাউল কোমোৰা॥
ভাৰীয়ে ভাৰ বয়, বাটৰুৱাৰ কেকো-জেকো॥
ভাটিক্‌টিকাৰ পাত। ধান বানিলেহে ভাত॥
ভটীয়া পানীত লচঙা নাও। শুৱনী তিৰি লৰাৰ মাৱ॥
ভাল আহিলি আজি। ঘৰত মগু মাহৰ গাজী॥
ভাই ভাই ঠাই ঠাই, ভাইৰ মান মিত্ৰ নাই।
ভাইৰ মান শত্ৰু নাই, ভাই হেন বন্ধু পাবলৈ নাই॥
ভগা নাৱত নিদিবা ভৰি। তাত নাই বিস্তৰ কড়ি॥
ভাই ভাই লগে নমৰে। গছৰ পাত লগে নসৰে॥
ভাবিলে ভাবক পায়। নাভাবিলে একো নাই॥
ভাল আমৰ এচকলা। সজ্জনৰ লগত এবেলা॥
ভূতক ভূতে পায়। ভোকৰ ভাতত কুকুৰ বৈৰী॥
ভঙা জাখে ভঙা কুক্ বস্তু মুলি মানে।
সাতাম-পুৰুষীয়া কোমোৰা মোৰ ঈশ্বৰেহে জানে॥
ভাৰৰ লৰফৰ সাঙী, মাছৰ লৰফৰ বামী।
মাতৰ লৰফৰ বোবা, জাতৰ লৰফৰ ধোবা॥
ভুৰা (গাহৰি) চাই ভুৰী। বিধতাই থৈছে যুৰি॥
ভালে পায় ভালক। জাবৰে পায় খালক॥
ভুঁই লবা কোঙা। মহ কিনিবা মেনা॥
বেটী কিনিবা মেচী। বোজা দিবা হেঁচি॥
হালোৱা বিভঞ্জমুৱা। দুভাগ নিশা বিচাৰে গুৱা॥
ভয়ত ভগৱন্ত পলায়। কিললৈ বাসুদেৱে ডৰায়॥

ভাৱেৰে কলে পকা ধানেও বাট দিয়ে।
ভোজন মিঠা নে বচন মিঠা॥ ভগা সবাহত ৰাগ নিয়া॥
ভেটিত হুডু পৰা॥ ভেটিত তিতা লাও গজা॥
ভকত ভাগেনে দায় ভাগে॥ ভয়ত বনৰ বাঘ কঁপে॥
ভকতেহে বৰ৷ ভকতক ভূঞ্জালে গুচে কৰ্ম্ম-জ্বৰ॥
ভাত দিব পাৰি। আঙুলি খাবলৈ দিব নোৱাৰি॥
ভকতক কৰিবা দান। তেবেসে পাবা বৈকুণ্ঠত থান॥
ভাদ মহীয়া ৰোৱা পোকে খায়।
বুঢ়া দিনৰ পো লোকে বায়॥
ভায়ে ভায়ে দ্বন্দ্ব লাগে পৰে পায় আশ।
তিৰিয়ে-পুৰুষে দ্বন্দ লাগে ঘৰেই প্ৰবাস॥
ভাল মানুহৰ খালৈ চালে মাছ খুজিব নালাগে॥
ভেকুলিৰ পিঠিত নোম গজা॥ ভাদত কলীগৰু জগা॥
ভালৰ বান্দীও আনিবা। নীচৰ ঘৈণীও নানিবা॥
ভোজনৰ ওপৰত ভোজন কৰে, সাউদক কৰে দান।
জলৰ ওপৰত জল বৰিষে, শুদা অকাৰণ॥

মাক মৰা মাউৰা। বাপেক মৰা কোঁৱৰ॥
মাক তিতিৰী বান্দী। পুতেক ছুলটান গাজী।
মাছৰ বেলিকা নদীয়াল কণা॥
মাকৰ নাম বৰ পোহাৰী। পুতেকৰ নাম ৰণজিৎ॥
মিছা কথাৰ ঠেং চুটি, সচাক ঢোকা নালাগে॥
মৌ-পিয়া চটকে পৰ্ব্বত লয় তুলি।
ঢোল যেন কণী পাৰে চুঙাৰ বাদুলী।
মোমাইৰ সাতজনী গাই। মোৰ নাম দুধকোঁৱৰ॥
মাউখে উটিলে গুড়িপৰুৱাৰো মৰণ নাই॥
মৰিও চালো তিনিবাৰ৷ তেওঁ নুগুচে দুখ-নিকাৰ॥
মৰিলেও নুগুচে ধনঞ্জয় বায়ু॥
মুধে মুধে একেঘৰ। সোধো বুলি হল দেড় বছৰ
সখি, হেনো তোমাৰ জ্বৰ॥ মিছা কথা সিচা পানী॥
মিতিৰৰ টোপোলা। ভিতৰি ফোপোলা॥

মৰে উৰুলি-পুঙা। মৰে পদূলি শুঙা॥
মৰে অলপ পানীৰ মাছ। মৰে নদীৰ ফুলৰ গাছ॥
মাতিলে ৰণলৈকো যাবা।
নামাতিলে ভোজলৈকো নাযাবা॥
মিতিৰৰ খোৱা-লোৱা। গৰুৰ চেলেকা-চেলেকি॥
মানীয়ে জানে মান। কাঠৰ ঢেকীয়ে বানি মৰে ধান॥
মাহেক-পষেকে যাবি। বৰপীৰাখন পাবি॥
দিনে দিনে যাবি, চৰ-লাঠি খাবি॥
মহাদেউৰ ধন। কুবেৰ ভৰালী॥
মুখৰ মূৰতে বঁটা পায়। মুখৰ মূৰতে কটাও যায়॥
মানুহৰ গাইমুৱা। কুকুৰৰ ছাইমুৱা॥
মানুহৰ বুঢ়া পৰ্কিতি লৰে। কুকুৰৰ বুঢ়া ফাপৰে ধৰে॥
মুনিনাঞ্চ মতিভ্ৰমঃ॥ মানুহে পাঙে, ঈশ্বৰে ভাঙে॥
মেধি। কুকুৰে নিলে খেদি॥ মেধি পৰিল খালত।
কুকুৰে কামুৰিলে গালত॥
মনে-খনা পুখুৰীত পানী খাবলৈ নাপায়॥
মাহ-গোটকড়াই খাওঁ। ৰজা-ৰণ দিবলৈ যাওঁ॥
মাছ মৰাৰ মোচাৰা, পহু মৰাৰ ডোখোৰা,
চৰাই মৰীয়াই শুদা ভাত খায়॥
মোৰ নহয় সতিনীৰ পো। পাটী নাই মাটিতে শো॥
মই খাওঁ আনৰ মোৰ খাই আনে।
বেজীৰ সলনি কুঠাৰখন হানে॥
মাকতকৈ কাজী। ঢেকীথোৰা লৈ বাট পাঁজী।
মই মৰিম, মোৰ পো ৰজা হব॥
মুখেৰে সাত হাল বায়। পুৱা হালে এহালো নাই।
মৰিয়াক ধন কেলেই। গৰীয়াক কাণ কেলেই॥
মই আছিলো ঢাৰি বৈ। মোক আনিলে বামুণটোকৈ॥
মোমায়ে কাঠ কাটে। মায়ে পানী যেন দেখে॥
মোৰ বোৱাৰী হব। চুলিত ধৰি বাটত থব॥
মাছে গৰকা পাচলি। শাহুৱে গৰকা বোৱাৰী॥
মিতিৰো ৰওক। চাউলো সিজক॥

মাজমূৰত নাই চুলি। পৈয়েকে মাতিছে ৰূপহী বুলি॥
মাজ মূৰত নাই গাই। কড়িয়া লৈ খীৰাবলৈ যায়॥
মাহৰ মাৰ দেখি। তিলে বেঁত মেলিলে॥
মইবৰ হস্তী বনত। মাখিয়ো কণী পাৰে নাকত॥
মুনিহৰ বণ, তিৰিৰ বিয়ন। মৰিও যাম, মাৰিও যাম॥
মই কওঁ ৰাজ-ভগনৰ কথা।
সি কয় কল থোকা বাদুলিয়ে খালে॥
মূৰত ল'ম পাচি। খাম ভাল ভাল বাছি॥
মৰক গৰু, হওক ধান। বছৰে বছৰে কিনি আন।
মুকুতা পেলাই শোকোতা। মাছ নে জিজি॥
ম'হ মাৰোতে গালত চৰ॥ মূৰ্খ বৈদ্য যম সম॥
মূৰত ললে ওকণীয় খায়, মাটিত থলে পৰুৱাই খায়।
‘মোমাই?” ‘কিহৰ ভোমাই হেৰ' কিহৰ ভোমাই।'
‘আঁঠিয়া কলে বোকা-চাউলে।’ ‘ওঁ আহা সোমাই॥
মাকে নাজানে তাঁতৰ বিহা। জীয়েকৰ ফুলাম ৰিহা॥
মোতে শিকিলি, মোতে বিকিলি।
ঢোৰা কাউৰী হৈ মোকে খুটিলি॥
মাকে শলাগে জী, বাপেকে শলাগে জী।
চা-চুবুৰীয়াই যাক শলাগিব, সেইহে মাকৰ জী॥
মাছ-পাহাৰীৰ গোন্ধাল গা।
চূণ-পোহাৰীৰ ফাতিহা চা॥
মূৰত পাগ, কাণত কাপ, তাকে বোলে আমোলা।
লেখিব পাৰি পঢ়িব নোৱাৰি, তাকে বোলে বঙলা॥
মুখলৈ চালে লাগে বেথা। পিছলৈ চালে কন্দা-কটা॥
মোৰ পৈ মৰদ, চোৰ ধৰিলে ঘৰত॥
মটা নাইকিয়া, বাঁৰী। ধুমধূমকৈ ধৰে গাৰি॥
মোমাইলৈ মাই, দদাইলৈ খুৰী।
ককাইলৈ আনিছোঁ ডেকেৰী বুঢ়ী॥
মটা গাহৰিৰ জিভা। ঘৈণীয়েকে খুৱালে কিবা॥
মুকুন্দ মুৰাৰি। কথাৰ মূৰত কথা নকৈও নোৱাৰি॥
মতে পৰি, মাতে লৰি। মাত নহয় খাগৰি খৰি॥

মাৰো বঠাৰ কোব। নাপাওঁ বঠাৰ চোট্‌॥
মনে জানে পাপ। মাকেহে জানে কোন কাৰ বাপ॥
মৌনং সন্মতি লক্ষণম্॥ মাটিত মৈ, পাটিত পৈ॥
মাছৰ নানিবা সৰু কুটা। তিৰিৰ নানিবা বজাৰ-লুটা॥
মনে ৰজা, মনে প্ৰজা। মনে খোজে সাত ভাৰ্য্যা॥
মাছে নিচিনে নৈ, তিৰিয়ে নিচিনে পৈ॥
মালিনীয়ে নাপাহৰে ফুলৰ শোক।
সৰ্পে নাপাহৰে কঁকালৰ কোব॥
মহ, বামুণ, বৰা। পানী নহ'লে জীৱন্তে মৰা॥
মাৰিলে যম, জীয়ালে ঈশ্বৰ! মান দিলে দান॥
মন্ত্ৰৰ সাধন কিম্বা শৰীৰ পতন॥
মুখে ৰাম-নাম। হাতে কৃত্য কাম॥
মনক বান্ধিবা, মনক চাটিবা, মনক নিদিবা লাই।
দুৰ্জ্জয় মনক বন্দীকৈ ৰাখিবা, যেনে গজমূৰী গাই॥
মৰণত শৰণ। তেৱেসে জানা জীৱৰ তৰণ॥
মাৰিব নোৱৰাৰ বৰকাৱৈ॥ মৰা হাতীত লাখ টকা॥
মানুহ মৰে কৈ। চৰাই মৰে ৰৈ॥ মূধতনে পানীপাছত॥
মানুহটোৱে পতি মনটো। ধানটোৱে পতি কণটো॥
মুগাৰ চুৰিয়া লেটাই নিপিন্ধা চটাই বনগুটি লাগে।
গোন্ধতেল ঘঁহি নোলোবা, কোনোবা গৰাকী লাগে।
মুখৰ ফালে চোৱা যদি এদোণ চাউল খোৱা।
পিছফালে চোৱা যদি হতচিৰি হোৱা॥
মাটি লবি চিটা বন্ধনি, গৰু আনিবি গাই॥
ছোৱালী আনিবি এলাই-জাৱৰী, ঘৰ ধৰিব তাই॥
মাঘ গৈ পৰিল ফাগুন। কি খাবি বুঢ়া শগুন॥
মনে খোজে ৰজা হব। বিধিয়ে নিদিয়ে খুজি খাব॥
মেলত থাকি নামাতে উচিত। দোষে পায় কিঞ্চিৎ কিঞ্চিৎ॥
মাৰো বেটী গমহ। কপাহ-সূতা নকৰাৰ বঙহ॥
মাটি লবা মাজখাল। ছোৱালী আনিবা মাক ভাল॥
মাছৰ খাবা বটিয়া। পহু খাবা খটিয়া॥
মাকে চায় মুখলৈ। তিৰুতাই চায় হাতলৈ॥

মহলৈ নমৰো যহলৈ মৰো।
ফটা আঁঠুৱাখন টিঙালিকৈ তৰো॥
মাৰি খোৱা হাঁহৰ কিহৰ মুখলৈ চোৱা॥
মাজ তালুত সাপে খুটিলে। ধৰণিলৈ ঠাই নহলে॥
মেলত ঘাটি ঘৰত ৰোহ॥ মাছৰ তেলেৰে মাছ ভাজ॥
মোৰ জী বিকৰে যায়। ৰাইজে পিঠাগুড়ি খায়॥
মহন্তৰ চিন মাহনিত। বুঢ়া গৰুৰ চিন ঘাঁহনিত॥


যাৰ যহত শাখ-সেন্দুৰ। তাক পাতে ভোকোৰা এন্দুৰ॥
যমে নাজানে একেটি পো।
কমাৰে নাজানে দুখীয়াৰ লো॥
যি কৰে পৰত, তাৰ মিলে ঘৰত॥
যাৰ নাই ঋণ, বুঢ়া গৰু কিন।
যেতেকতে নাটিছে। তেতেকতে ফাটিছে॥
য’তে ৰাতি। ত'তে কাতি॥ যাবে বল। তাৰে চল॥
যেত ল'ৰা তেত বুধি। চুটি চোলাৰ পেট উদি॥
যাৰ নাই কেচুৱা। ঢেকী-ঠোৰাকে নচুৱা॥
যাৰ নাই গৰু। সবাতকৈ সৰু॥
যাৰ নাই বাঁহ। তাৰ নাই সাহ॥
যাৰ নাই ধান, তাৰ নাই মান॥
য'ত শঙ্কা নাই, তাতহে নাও বুৰে॥
যাৰ নাই পাত্ৰ, সি সৱাৰো অপাত্ৰ॥
যি নাপায় চৰণৰ ধূলি। সি মাতে কটাৰ পো বুলি॥
যাচি দিলে নাই সুবৰ্ণতে দৰ। যি দেশ, সি ৰীতি॥
যোৰৰো যোৰ, বিপৰীত যোৰ।
এটি কাণ কটা, এটি চোৰ।
যেতিয়া পাবহি কালৰ বেহা।
পাটীৰ তিৰুতায়ো বুলিব পেহা॥
যেতিয়া মাৰিব ঢোলত চাপৰ।
তেতিয়াহে ল’বা মূৰত কাপোৰ॥

যি পুখুৰীৰ পানী নাখাওঁ। তাৰ পাৰতো ভৰি নিদিওঁ॥
যেনে হক মুনিজন। তেও সোধে তিনিজন॥
যমপুৰী নিদান ঠাই। এখেত দিলে ত’ত পায়॥
যাৰ পিনে বৃহস্পতি পোন। তাৰ পথাৰত নবয় কোন॥
যাৰ নাই গৰু, বৃন্দাবত চাৰে।
যাৰ নাই তিনি, একে কিলে মাৰে॥
যেনে দেৱ, তেনে সেৱ॥ যেন কুকুৰ তেন টাঙোন॥
যি পহু মাৰিবা বনত। সি কথা ৰাখিবা মনত॥
যেতিয়া আহিব ভাতাৰ ঢৌ।
তেতিয়াহে লব যতৰ ঢৌ॥
য’তে বাঘৰ ভয়। ত'তে ৰাতি হয়॥
যাৰ লাঠি, তাৰ মাটি॥ যাৰে বল, তাৰে থল॥
যাক নোৱাৰিলে পখৰা শিলে।
তাক কৰিব কি ধদুৱাৰ কিলে॥
যি মূলা বাঢ়িব, দুপাততে চিন॥
যেতিয়াহে পাব কালে। কি কৰিব বেজৰ মেলে॥
যি নাৰী নুবুজে ন্যায়। স্বামীৰ নাজানে অভিপ্ৰায়॥
ভাল বুলিলে কৰে খঙ। তাইৰ লগত নিমিলে ৰঙ্‌॥
যাক বোলে আপোন। সিয়ে ভৰায় ছপোন॥
যাৰ ঘৰত পৰিম। তুলি-কাচি ধৰিম॥
য’তে যায় যোগী। ত’তে কোবাকুবি॥
যি পাতত খায়। সেই পাতকে ঘিণায়॥
যাৰ গৰু মৰে। সিহে নেজত ধৰে॥
যি বোৱাৰীৰ বাহিবৰ মন। সাৰোতে আজোৰে বন॥
যি নাছিল মোচত। সি ওলাল চিপৰাঙৰ খোচত॥
যাব নালাগে ৰহক্‌। পিৰা পাৰি দিয়া বহক॥
যাৰ বাপ মেলত নাই, তাৰ পো গোধীয়া॥
যাৰ নাকটো আধৰুৱা পাঁজি।
সি দিব খোজে বঙলাত আজি॥
যেতিয়া চোৰে চুৰ কৰিব, গিৰিহঁতে সাৰকে নাপাব।
যত কৰক ঘতৰমতৰ। তেল নিদিলে নুঘূৰে যঁতৰ॥

যাক সেৱা কৰা, তাক নবুলিবা গোধা।
যাৰ লোণ খোৱা, তাক নুবুলিবা শুদা॥
যিমান গুড়, সিমান মিঠা॥ যি থাকিব ধৈৰ্য্যক ধৰি।
পিছলালে তাৰ নিপিছলে ভৰি॥
যিমান ধুনীয়া। সিমান ঘুনীয়া॥
যি কৰে মোত আশ। তাক কৰো সৰ্ব্বনাশ॥
তেও নেৰে মোত আশ। মই তাৰ দাসৰো দাস॥
যাৰ সখা বৃহন্নলা। তাৰ কি ভয়ৰ কথা॥
যেতেকে কাট্‌ তই। উলটি নাচিম মই॥
যাৰ নোৱাৰে নাম শুনিব। তাক দিছে ধান কিনিব॥
যখ ইচ্ছাই যখিনী। কৃষ্ণৰ ইচ্ছাই ৰুক্মিণী॥
যি নাজানে পচলাখাৰৰ জুতি।
তাক পাতে ভোজ-ৰান্ধনি॥
যি যিমান নামে, সি সিমান তিতে॥
যুজৰ কুকুৰা যুজত মৰে॥
যি কৰে পাপ। সি পাঁচ বেটাৰ বাপ॥
যি কৰে পুইণ। তাৰ ঘৰত শূইন॥
যাৰ কিলাওঁতা নাই। ঔৰ তলত গৈ একিল খায়॥
যাৰ ঘৰত মটামুৱা তিৰি॥ তাৰ ঘৰত নাই চিৰি॥
যক বেলা, হক ভাত। দুয়ো বেলাৰ একে পাত॥
যাচিলেও নলৱ চাকলি। খুজিলেও নাপাৱ বাকলি॥


ৰজাৰ কোঁৱৰো কোঁৱৰ, বাঁৰীৰ কোঁৱৰো কোঁৱৰ।
ৰাম ভাল, ৰাম ভাল। ৰাম নহয় যমকাল॥
ৰহাৰ ৰহদৈ, টিপামৰ ভাদৈ, শলগুৰিৰ আঘনী বাই।
তিনিওৰ ডিঙিত ধৰি তিনিয়ে কান্দিছে,
সমধৰ কূটাগছ নাই॥ ৰাজহুৱা শৱ বাহী শৱ॥
ৰাইজেই ৰজা। জ্ঞাতিয়েই গঙ্গা॥ ৰূক্ষক নে ভক্ষক॥
ৰেচত লাগিল পেঁচ। ধান পুৰা দি ককালটো হেঁচ॥
ৰৌটোকে ঢৌটো। ফটা মেখেলাকে টৌটো॥

ৰাজহুৱা কথাই ফটাজালে একে॥
ৰাখে হৰি মাৰে কোনে। মাৰে হৰি ৰাখে কোনে॥
ৰঙৰ কিল গুৰুলাগুৰুল। খঙৰ কিল লপাথপা॥
ৰামো নাই, অযোধ্যাও নাই॥
ৰজাৰ ধন, ভোট গিৰিহঁত।
ৰজাই ভাল বোলে যাক। ভেটিও নালাগে তাক॥
ৰণত পৰি কলীয়া হলো। তেল নাই ফপৰীয়া হলো॥
ৰজাৰ ধনত ভোট গিৰিহঁত॥ নখ জোকাৰিলে নদী॥
ৰামকো হৰি। ডোখোৰাকো নোবোলো খৰি॥
ৰামৰ কাৰ্য্যত লাগি বৈদ্যে কৰে হেলা॥
ৰান্ধনীক উচটাই জোল খা॥ ৰাতিটোতে হাতীটো॥
ৰজাক চিনিবা দানত। হাতীক ফানত, ঘোৰাক কাণত॥
ৰাজহংসৰ গতি ধৰি ঘনচিৰিকা ফেৰেকা হল॥
ৰূপে ঢলি ঢলি পৰে, সোণে ঢলি ঢলি পৰে।
চাই থাকোতেই বাতি অহা যেন কৰে॥
ৰুলো শিলিখা ফল। শিপা নাযায় মাটিৰ তল॥
ৰাম নৌহওঁতেই ৰমায়ণ॥ ৰথত তুলি জখলা কাট॥
ৰাতি আলে জালে। দিনত কাটে ভোমা-নালে॥
ৰান্ধিব নাজানো, বাঢ়িব নাজানো, লোকক সুধি
সুধি ফুৰো। ব’ব নাজানো, কাটিব নাজানো,
লোকৰ শালে শালে ফুৰো॥ ৰাইজ ঔ, ৰজাৰ শৰণ।
ঘৈণীয়ে মাছ খায়, বোন্দাৰ মৰণ॥
ৰহতৰ বহত। খাই ল সিন্ধিচোৰ পৈয়েৰৰ যহত॥
ৰজাৰ এঘৰ, প্ৰজাৰ এঘৰ, তাৰ মাজত তোৰো এঘৰ
ৰবি ৰবি সুখীয়াৰ জীয়ৰী, আহুধান পকিলেহে ভাত।
ৰণমুখে চিপাহী। ঘৰমুখে বঙালী॥
ৰুলে খায়, দিলে পায়॥
ৰোটোক টোকাওঁ। শেন মেলি চকুত খোটাওঁ॥
ৰজাই বিচাৰে জগৰ। দোকানীয়ে বিচাৰে নগৰ॥
ৰোহ কৰি নাখায় বালকজন। দুখ পায় সৰ্ব্বক্ষণ॥
ৰজা হলে এটা চকু কণা, এখন কাণ কলা॥

ৰূপ হলে সোণ। সোণ হলে ৰজাৰ জীয়ৰীও পোন॥
ৰাতি হলে সাতহাল বায়। পুৱা হলে এহালো নাই॥
ৰূপে কি কৰে। গুণে সংসাৰ তাৰে॥
ৰণত পৰি নাপাওঁ দিহ। খাই মৰো বৰ বিহ॥
ৰাৱণৰ খায়, ৰামৰ গীত গায়॥ ৰসতে নাম থবা॥
ৰূপকে চাবানে, গুণকে চাবানে, যেন সৰগৰ তৰা।
একোতেই নিন্দিব নোৱাৰি, নাকটো অলপ খৰা॥
ৰজাৰ ডৰি, বনত বাস॥ ৰজাই কাটে, সমুদ্ৰই বুৰায়॥
ৰজা নাই পাটত। ধৰি কিলায় বাটত॥
ৰৰৈৰ উঠে নাও। নিবুকীয়ে ভাঙে গাঁও॥
ৰোহ পাতিলে, ঠেহ পাতিলে, জিকা দিলো ভাতত।
টপটপকৈ খাই নিলে, এটিও নেৰিলে পাতত॥
ৰাম কৃষ্ণ বাণী। লঠাই শালি ধানৰ
আগ তল গল, গুৰিয়ে নাপালে পানী॥

লোৰ গুড়িকড়াই গালে গালে খাওঁ।
খুদৰ গুড়িকড়াই দেখি ডৰে পলাওঁ॥
লিলিয়া বৰষুণ সিসিয়া জোক।
কথা দি কথা লয় উজনিৰ লোক॥
লুইতেহে জানে বঠা কিমানলৈ বহে॥
লওঁ বাকলি ছাল। সাতোটা সুখৰ এটাও নাপালো,
ঢেকীটোও নাপালো ভাল॥
লেজুত ধৰে বল নিদিয়ে॥ লৌলৌ বিঢ়া ওকণি॥
লবৰ মন গল আঁচুৱলীয়া ৰিহা, হাতেও নহলো কাজী
যাবলৈ পিলিঙা ডেকালৈ, কপালত নাহিলো সাধি॥
লৰা নষ্ট হাটত। বোৱাৰী নষ্ট ঘাটত॥
লাজত নবয় ভাৰ। জোলোঙাই ছিঙে কামিহাড়॥
লগৰ বুঢ়ীয়ে পিণ্ড খায়। মই কিনো আছো চাই॥
লৰাই পানী পেলায়। বৰ পিছলি পৰে।
লাহতী মৰিছে লাহত। পৈয়েক মৰিছে কাহত॥

লাগনি নহলে জুই নজ্বলে। টুটুকীয়া নহলে গাঁও
নবহে॥ লাগী তিৰুতাই শিতানত কাহে।
পৈয়েক বোলে মোৰ অমৃত যেন লাগে॥
লৰাই-লুৰিয়ে ঘৰখন। ডোখোৰাই-ডুখৰিয়ে জুহালখন॥
লালুকিলৈ কি তপত পানী॥ লাও-পাতলৈ বৰা বনা॥
লগ লৈ মৰিলে বগ।
যাউতী-যুগীয়া অকলশৰীয়া কত পামগৈ লগ॥
লগৰীয়াই বগৰি খায়।
কিনো অপৰাধী হলো লগৰীয়া, জাপি আঁৰ দি যায়॥
লেনী ভাদৈ। পকা কৰ্দৈ॥ খোলাত দিলে পুঠি।
লৰ মাৰিলে উঠি॥ লাটিম বৰুৱাক চাটিম।
লাগে চাৰি কড়া ভৰিমেই তেও,
তাইৰে সতিনী খাটিম॥
লাভৰ থাওক পৰি, মূলৰে হতাহতি।
লাগি থাকিলে মাগি নাখায়॥
লচ্পচ্ ঘৈণীৰ খচ্‌মচ্ বন॥
লৰা ধান, ছোৱালী পতান।
লাওমান, কচুমান, যতৰেও ৰাও ৰাও কৰে॥
লাজ হলো হলো, লঘু হলো হলো।
একুৰি লৰাৰ মাইকী হৈ পাটীতে কিবাকৈ থলো॥
লাভৰ ঘিট্‌ঘিট্‌ ওপৰৰ চালত।
বাইৰ মেখেলা ভিনিহিৰ কান্ধত॥
লচপচ কটাৰী খচমচ কাটে, দৰিকী সজীয়া পাণ।
এখন তামোলত বাখৰ পতাইছে, লাখ টকাৰ মান॥
লেনীয়াই লেনীয়াই জিকা দিলে ভাতত।
খাব নোৱৰা গোঁসায়ে এটিও নেৰিলে পাতত॥
লাজতে মৰে, হাত পাতি ধৰে।
একাঁহী ভাতক এগৰাহ কৰে॥
লোকৰ সবাহলৈ যাবা। আমাৰ দিয়ন-থোৱন চাবা॥
লুকাই হে বঁৰিয়া, দেখাই নহয়॥
লেৰেলা হাঁহৰ লোথোৰা কণী॥

লোণে আমলখি খালো। কোনোবা জনমত তপস্যা
সাধিলো, ভোলানাথ পুৰুষক পালো॥
লাই পালে কুকুৰে গললৈকে জপিয়ায়॥
লেখা-পঢ়াৰ নাই কাজ। মাছ মাৰি খাবা সাজ॥
লোকৰ পো, মোৰ লৰা। খাওঁতে বোপাই বোলা॥
লোণ ঢুকায় চাকোঁতে। তেল ঢুকায় বাকোঁতে।
লৰাক চাবা, বুঢ়াক চাবা ঢুকালে লগ নাপাবা॥
লগাওঁতে লগাওঁতে কেচা খৰিও লাগে।
ভঙাওঁতে ভঙাওঁতে মহামিত্ৰও ভাগে॥
লোকৰ আঁহ, লোকৰ বাঁহ। নাক কাটো চাপি আহ॥
লাজত নবয় ভাৰ। জোলোঙাই ভাঙে কামিহাড়॥
লাই মৰিল আলেজালে, লফা মৰিল খৰে৷
এচাঙ ধান পানী কৰিলে কুঁকুঁইয়া জ্বৰে॥
লেখত আছে, জোখত নাই, সাতজনী তিৰি।
ভাত খায় পাচী পাচী, পেলাবৰ গিৰি॥


শৱদত মউপিয়া। কেচা গেৰগেৰীয়া॥
শাকত নাখায় লোণ। পিতিকাত যায় তিনি গুণ॥
শুন, কাণকটা, শুন। এখন তামোলক সাঙি বান্ধি
আনিলো, কোৰা বান্ধি আনিলো চূণ॥
পায় কি নাপায় বনৰ পহু, মাৰি দে গোহলিৰ গৰু॥
শিক্ষাই-বুজাই হাটলৈ যায়। আহি দেখে চৰুত খায়॥
শালগ্ৰামৰ বহি থকা যেই। শুই থকাও সেই॥
শুন শুন শুন। লাখুটি ডালৰ নটা গুণ॥
পালা সাপ পেলালা মাৰি। নাই পিৰা বহিলা পাৰি॥
নাই বঠা, হলা পাৰ। নাই কাণমাৰি বান্ধিলা ভাৰ॥
হাতৰ সখা। পানী জোখা॥ শত্ৰু-মিত্ৰই নাপায়
ঠাই। সি হল তোমাৰ লগৰ ভাই। বাটৰ কুকুৰেও
নাপায়া লাই॥

শাহুৰ লাই মাত পালো। বছৰেকৰ মূৰত কটাৰ জী
বুলিলে, স্বৰগখন ঢুকি পালো। শালক শিঙীয়ে হাঁহে।
তয়ো কাজী, ময়ো কাজী, ভালেতো গৰাকি নাহে॥
শামুকে কি জানে মাণিকৰ মোল॥
শুকুৰবাৰে টেকেলি শনিবাৰে বিয়া। খাবলৈ নাই,
বিয়ৈ, ধান পুৰাচেৰেক দিয়া॥
শালিকাই চোঁচোতে-মাজোতে ফেঁচু ৰজা হল॥
শোকোতানে মুকুতা। শাল শেলেকা, কোঁচ ভেলেকা
শাহুৰী কেনে। লোণে আমেলখী যেনে॥
শাল মাছ দেৱৰ বলি। সি মাতে ভেদেঙী বুলি॥
শালেগ্ৰামক থৈ। দে নাতিনীক বৰপিৰা গৈ॥
শগুনৰ শাৱত বুঢ়া গৰু মৰা॥ শক্তি চাই ভক্তি॥
শাহুৱে সোন্দাকল খায়। আপুনি যেনে জোঁৱাই-
ভটৰী, লোককো সেই সহজে চায়॥
শিয়ালৰ কাণত মঙহৰ ভাৰ॥ শালৰ মাজত শিঙী॥
শাহু-বোৱাৰীৰ মাজত এঘাৰটা পৈ।
কথমপি আছে শান্তি ধৰমটো লৈ॥
শইচো টুটিল, মৎসো টুটিল, টুটিল বিৰিখৰ গুটি।
ভাল ভাল লোকৰ বাইক্‌ লৰিল, লৰিল ধৰমৰ খুটি॥
শুন শিশুপাল ভাই। ধানৰ ধূলি, গোত্ৰৰ গালি,
দুইকো সহন নাযায়॥ শত্ৰুক বৰ পিৰা॥
শিয়ালৰ জাক, সিংহৰ এটা। শালক ঘিণায় শিঙীয়ে॥
শনিবৰীয়া তই। কিনো কৰিম মই॥
শুদাই পাই পানীদি নাখায়, এনেয়ে তিনিগৰ্হা খায়॥
শত্ৰু যেন বান্ধিবা, মিত্ৰ যেন নিবা।
শিমলু নহয় চন্দন, পৰ নহয় আপোন॥
শিয়াল ঘুকৰ ছাৱ। মূৰ দুপিয়াই আহাৰ খায়,
ফান্দত নিনিয়ে পাও॥ শুকান জেওৰাৰ ৰস॥
শাক-পাচলি ভক্ষণ। সেই পুৰুষৰ লক্ষণ॥
শিকাই বুজাই নাপাওঁ দিহ। খাই মৰো বৰ বিহ॥
শহ চিকুণ পৰৰ। পো চিকুণ ঘৰৰ॥

শালশিঙৰী কৈৰৰ এফাল।
ইকৰাই বোলে নিতিতিলে যাম কতকাল॥
শিয়ালৰ হোৱা। কৰপৰা আহিছে, দুৱাৰ মেলি চোৱা
শাহু-বোৱাৰীৰ ঘৰ। কোনে খায় গাখীৰৰ সৰ॥
শেনটো যোৱাদি যায়, ফেঁচাটো অহাদি আহ॥

সন্তৰ শ কাল৷ দুষ্টৰ একাল॥
সাত পুৰুষত নাই গাই। কঁড়িয়া লৈ খীৰাবলৈ যায়॥
সুবাট দুৰগমন, তাক নিদিবা এৰি।
বুঢ়ী হলেও বিয়া কৰাবা, তেওঁ নানিবা বাঁৰী।
সাপেও তিনবাৰি হাঁচে৷ সাপেহে সাপৰ ঠেং দেখে।
সজৰ লগত সজ সঙ্গতি, মধুক কৰিলো পান॥
বিক্ৰমাদিত্যৰ মূৰত উঠি গঙ্গাত কৰিলো স্নান॥
সাগৰত মৌ, পৰ্ব্বতত ঢৌ। বোপাইলৈ ছোৱালী
নৌ আনোতে, ককাইৰ সাতজনী বৌ॥
সন্ধিৰ বাঁহ বুদ্ধিৰে কাট॥ সাতসাগৰ তেৰ নৈ পাৰ হ
সাধিলে বান্দৰী মধুফল পায়। নাসাধিলে বান্দৰী
ভালে ভালে যায়। সাচনিত নিদিবা হাত।
লৰা-লুৰিকেটা লঘোনে নথবা, দিবা গধূলিতে ভাত॥
সোতমোচ ধোপোচ, সোণৰূপৰ মুখ, সোণৰ ষোলং।
সকলো মগনিয়াৰ মৰক। মোৰ জোলোঙাটো ভৰক॥
সত্য ত্ৰেতা দ্বাপৰ কলি। চাৰিযুগ জোলোঙা জৰী।
চাৰিযুগ আহে যায়। আৰু চাৰিযুগ পাবলৈ নাই॥
সঙ্গ ল সঙ্গ ল জ্ঞাতিৰ। কুল ল কুল ল নদীৰ॥
সৰুকৈ কাটি ঘনকৈ খাবা। তামোলৰ বিলাহ পাবা॥
সতিনী-ৰহীয়া পৈ, এবেলা হহুৱায় এবেলা কন্দুৱায়
পথালি-কোলাতে লৈ। সূৰ্য্যৰ মুখত সোপা॥
সাদৰৰ সেলাই। নাঙলেৰে ধূই, যৱকাৰে মেলায়॥
সোলা মুখত মাখি পৰে, লাভৰহে ভিতৰ।
সমানেৰে কৰিবা কাজ। হাৰিলেও নাই লাজ॥

সাপ মাৰি নেগুৰত বিষ থোৱা অযুগুত॥
সৱাতকৈ হৰিকথা। তাতোকৈ আগ চাউলকঠা॥
সাত বিহুৰ সৈয়া কণী॥ সাত ঘাটৰ চেঙেলি॥
সাত ঘাটৰ পানী খোৱা। সাত ভতৰাৰ বল॥
সাপে খায়, বাঘে খায়, যদি মৰে জলে।
যাৰ যি হব লাগে নিজ কৰ্ম্মফলে॥
সাঁতোৰ সাঁতোৰ বাউসীৰ বলে।
সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে॥
সু-বাঁৰী নষ্ট হয় মাজে লয় বাট, সু-তিৰি নষ্ট হয়
নিতৌ বেহায় হাট। সু কাপোৰ নষ্ট হয় যদি লয়
জাপত। সু-পুত্ৰ নষ্ট হয় নুসুধিলে বাপত॥
সচি গৃহস্থৰ লোণ-তেল বয়, মিছাৰ বাকলি নাযায় ক্ষয়
সমান সতিনীৰ পো। ঘুমতি নাহে, চকুত লো॥
সোধ-পোচ নাই। বৰডেকা ভোজখাবলৈ যায়॥
সাত হাল হাতী এফালে। অদৃষ্টই টানে এফালে॥
সাপে খায় লেখি। বাঘে খায় দেখি॥
সখি, মৰো। শাহ খাই যে বাক্‌লি দিছিলা,
তাৰ উপকাৰ কৰো। সৰুকৈ মাৰিলে বৰকৈ
কান্দে। নিতৌ চাপনী টোপোলা বান্ধে।
সুখীতৰ নাৰী। ধান-শুঙে বিন্ধে, ফুৰে আটাহ পাৰি॥
সেইটি কোন? পূৰ্ণিমাৰ জোন।
চাকি চাৱ যদি উজনীয়া লোণ॥
সোণ কোমোৰা শোৱে মাটিত। ধদুৱা শোৱে পাটীত
সোতোৰা গালত ঠিয় খোপা॥
সাগৰত থাকে দুমুখীয়া শঙ্খ।
নেগুৰীয়া শামুকে বোলে ময়ো তাৰ বংশ॥
সোণৰ কঁৰিয়াৰ থোপ। তোলৈ নাযাওঁ,
যাম বাপেৰলৈ, মাহী আই বুলিবি মোক॥
সাত সেৰীয়া কাহী, খুদ চাউলৰ ভাত।
খোৱাৰ ধিক জীৱন, শুনাৰো লাজ॥
সেহাই সেহাই মাতিছে মটা হাঁহে।

নিচেইকৈ নামাতিছে বোন্দা কাঁহে॥
সূতা-চুৰণী মই, পৈয়েৰৰ মূৰখাতী তই,
গোঁসাই তুমি পখৰা কুঠীয়া হ’বা॥
সাজে-পাৰে তিৰি, বাঘে-চাটে মিৰি॥
সুখীয়াৰ ঘৰত চাউল চোবায় খকত।
দুখীয়াৰ ঘৰত চাউল চোবায় ভোকত॥
সাচি খায়, মৰণ নাই। সৰুটোৱে বৰটোক
পেলায়। বলে নোৱাৰি দাঁত কেপাৰি চেলায়॥
সাগৰত পাতিলে তিনটা ডিঙৰা
ঘট্ঘট্কৈ লাগি আছে তিনটা শিঙৰা॥
সৰু নাৱত বৰ ভৰা। মহা প্ৰভু ৰক্ষা কৰা॥
সোণাৰীয়ে সোণ চিনে, বৰাই চিনে কচু।
কথা চহকীয়ে কথা চিনে, হাঁহে চিনে কেচু॥
সেও দিলে সেও নলয়, কুকুৰা-ঠেঙীয়া বাহ
সিজালেও নিসিজে হেকতীয়া মাহ॥
সুফল কদলী, সুতিৰি ফেদেলী। সুজল বৰিষণ,
সুপুৰুষ কিৰিষণ। সুপুৰুষ ৰামা, সুতিৰি শ্যামা॥
সাৰ সাৰ সাৰ ঘিউ ভোজনত সাৰ।
সাৰ সাৰ সাৰ আদৰ-সম্ভাষণত সাৰ॥
সাৰ সাৰ সাৰ ৰাতি জাগৰণত সাৰ।
সাৰ সাৰ সাৰ তিৰিৰ তাড়নত সাৰ॥
সাত ভতৰাই নোৱাৰে যাক।
টোপনি ভগৰাই পাৰে তাক॥
সপোন দেখিলে বুঢ়াইও মুতে।
ধাৰত পৰিলে শিলো উটে।
সম্পদ কালৰ ভাই-ভনী, আপদ কালৰ মিতা।
ধন-লোভী তিৰি, বেতন লোভী ৰজা॥
স্বামীৰ দোষত ভৃত্যৰ দণ্ড
স্ত্ৰীৰ দোষত স্বামীৰ লণ্ডভণ্ড॥
সিংহ নষ্ট যায় তিপচীক পুৰি
মানুহ নষ্ট যায় কৰি দোষাদোষী।

সময়ৰ ছ কড়া ন কড়াৰ সমান॥
সৰু কথাই বৰ। ফটা কঠাই জ্বৰ॥
সাগৰৰ পানী বান্দৰে খায় ঢুকায়।
সাপেহে দেখে সাপৰ ঠেং৷
সাপ হৈও খোটে। বেজ হৈও জাৰে৷।
সাপে খায় কাপে খায়
সহিলে সম্পদ পায়। সৰু সৰু কৰি সাজিবা ঘৰ।
যেতেকে লাগে তেতেকে কৰ॥
সজালো পৰালো নগাই নিয়ে বুলি
নগায়ো নিনিলে মাজডাঙৰী বুলি॥

হয় বেটী হয়। এড়ীয়া মেখেলাৰ তিনটা সিয়নি,
বাপেৰৰ বুঢ়ীমাৰ মই॥ হৰিনামৰ ওপৰত টিংখোপ॥
হাজাৰী বৰুৱাৰ নাতি। টিকায়ো নকৰে কাতি॥
হাতত নাই বিত। মনে কৰে পিত্ পিত্‌॥
হলা গছ দেখিলে আটায়ে বাগী কুঠাৰ মাৰে।
হাঁহচোৰৰ মূৰত পাখি। কঠালচোৰৰ এঠাই সাক্ষী।
হাঁহ মেলি শিয়াল খেদ॥ হাতে নামাৰে, ভাতে মাৰ॥
হাতীৰ গালৈ তৰাৰ ফৰ্ম্মূতি।
হাতত ধৰি নিওঁতা নাই, পথালি কোলালৈ কান্দে॥
হাতীৰ সুৰত নাই বুলিও সাত কলহ পানী থাকে॥
হাতীয়ে খায় যিমান। লাদেও সিমান॥
হেঁপাহত কপাহ কাটে। হাঁহিয়েই বিঘিনি।
হাল বায় ৰাতিৰ পৰা। ভাতে নাটে কাতিৰ পৰা॥
হাৰিয়েনে জৰীয়ে॥ হাড় নাইকিয়া জিভা।
ওলায় কিবা কিবা॥ হাতে খালে পাতে খোৱা॥
হোমৰ মুখ নেদেখিলেও ৰভা তলখন দেখিছো॥
হ'বৰ দিনত কুকুৰেও মৈ টানে॥
হালোৱাৰ লচপচ্ মৈত লৰে গৰু।
শিপিনীৰ লচপচ্ বয় সূতা সৰু॥

হৰিণাৰ নিজৰ মঙহেই বৈৰী। হল বিয়া উৰুলি দিয়া॥
হাতী চুৰ কৰি নিয়ে বাটে, বেঙেনা চোৰক ধৰে।
নাকাটো কাটিলে লাজ নালাগে, নখটো কাটিলে মৰে॥
হাতো পদুমী ভৰিও পদুমী ডিঙিত নাকৌকুৱা।
তাকে চাই জোঁৱাই ছোৱালী নিয়ানে নিনিয়া॥
হাৱাঙত লোণ সস্তা। দেহাৰ বা কি অৱস্থা॥
হৰিৰ নামতো নাই ৰতি। ঘৰৰ বনো হয় খতি॥
হব ছলি বুলিব বাপ। তেহে গুচিব মনৰ সন্তাপ॥
হেঁপাই আনিলে তিৰি। বোন্দা হল গিৰি॥
হাজাৰ কৰ মোৰ মোৰ, বুকুৰ মঙহ খাম তোৰ॥
হাতী দাঁতৰ ৰুৱা, ৰ’দ জিলিকে পুৱা॥
দুহাল বাবলৈ তিনটা লাগে, তাকে চাই
শহুৰ ছোৱালী দিয়া নে নিদিয়া॥
হাতৰ নিব, কাণৰ নিব, দহো আঙুলি কোনে নিব?
হাতীৰ শুৰত যায়। হাম্বা দেখি দূৰৈতে পলায়॥
হাতত খালে হাতী পোকে ভৰিত খালে উঁয়ে।
এখন এখন তামোল দিছে ঢেকীথোৰা-মুয়ে॥
হাত ডাঙৰ ভৰি ডাঙৰ, ডাঙৰ মানুহৰ জী।
থুৰীয়া তামোলে মুখ নভৰে, এখন দি কৰিবি কি॥
হৰিয়ে দিব হৰিণা, পুৰুষে দিব বৰা।
গুৰুৱে ভকতে দিব লাগিলে খাবা নো কেইচপৰা॥
হাঁহ পোৱালি নিলে শেনে। তুমি যেনে ময়ো তেনে॥
হাতত নাই পইছা-কড়ি। বিহুৰ হাটত লৰালৰি॥
হাঁহি মাতে, কাটি সোমায়॥ হাঁতে শুকায়॥
হিন্দুৰ গুৰু, মুছলমানৰ পীৰ। নামানিলে হয় কাফিৰ।
হাতত পিন্ধে মণি-মাদলি, গলত পিন্ধে খাৰু।
পিঠাগুড়ি হালবাই চপৰাৰ বন্ধালে লাৰু॥
হালতকৈ কোৰত টান। তেওঁ নহয় বাহীবনৰ মান॥
হওক নহওক ৰোৱনী। পথাৰখন শুৱনী॥
হাতৰ কটাৰীয়েও হাত কাটে॥
হাঁহৰ লচপচ্ চোতালত পানী।

লৰা-ছোৱালীৰ লচপচ্ ডিঙিত ফটাকানি।৷
হাল বালে উঠে দলি মঙল চালে লাগে বলি॥
হাতত নহলে সম্বল, সকলো কাৰ্য্য নিষ্ফল॥
হাতৰ লাখুটি বাটৰ সাৰথি, বিপদৰ সাৰথি ভাই।
ভাৰ্য্যা শুৱনী বেইতা তিৰুতা, গোহালি শুৱনী গাই॥
হাত এৰি হেঁতালি খেদিব নালাগে॥
হাতী খাওনেৰে খুৱাবা, বাঘৰ চকুৰে চাবা॥
হাঁহিনী মৰে কাটি, গৃহস্থই বোলে কণী পাৰি দি॥
হৃদয়েহে জানিছে। ধান বনাদি বানিছে॥
হাতী হৈ মাখি হলো। লালিত পৰি বন্দী হলো।
হাতীৰো পিছলে পাৱ। সজ্জনৰো বুৰে নাও॥
হাতত নাই কণটো। বৰ সবাহলৈ মনটো॥
হাতীয়ে ধান খায় সিপাৰে। আটিমুটি কৰিছে
ইপাৰে॥ হাঁহৰ ওপৰত শিয়াল ৰজা।
হওঁতে হয় চকলা নেমু। যেনি পোনোৱা তেনি চমু॥
হাঁহ নিলে হেঁপাই। এনে কথা কব নাপায়॥
হাতত আছে কাচি। বুঢ়ি ফুৰে নাচি॥ হাবিৰ লতা।
সান্দহ খাই পানী গাত পেলালে, কেনেকুৱা মটা।
হাঁপাই আনিলে তিৰি। বোন্দা হল ওপৰত গিৰি॥
হাতে-মুখে আছো মই। ৰোৱনী-কাটনী আন তই॥
হাজাৰ লাও ডাঙৰ হক, তেও পাতৰ তল॥
হাতী-ঘোৰাই নাপায় ঠাউনি। ভেৰাই বোলে
কিমান পানী॥ হাঁ বোলোতে হুমুনিয়াহ॥
হাতত সাৰে ভৰিত সাৰে॥ হোলাৰ ভাই মোলা॥

 

অসমীয়া জাতীয় কাব্যমালা

পানীমিঠৈ

বা

সাঁথৰমালা

শ্ৰীডিম্বেশ্বৰ নেওগ

সংগৃহীত আৰু সম্পাদিত


“কৰতল কমল কমলদল নয়ন।
ভৱদৱ দহন গহন বন শয়ন॥
নপৰ নপৰ পৰ সতৰত গময়।
সভয় মভয় ভয় মমহৰ সততয়।
খৰতৰ বৰশৰ হত দশ বদন।
খগচৰ নগধৰ ফণধৰ শয়ন॥
জগদঘ মপহৰ ভৱ ভয় তৰণ৷
পৰপদ লয়কৰ কমলজ নয়ন॥’’

শ্ৰীশঙ্কৰদেৱ

⸺⸺

 


আমাৰ জ্যেষ্ঠপুত্ৰ

শ্ৰীমান বসন্ত মঙ্গল নেওগ

⸺চন্দন⸺

প্ৰাণাধিকষুে

পানীমিঠৈ বা সাঁথৰমালা

চিনাকি

 সাঁথৰ প্ৰাচীন জগতৰ সৃষ্টি। পুৰণি গ্ৰীক সাহিত্যত দেখিবলৈ পোৱা হয়, ৰাক্ষসী স্ফিঙ্কছে প্ৰশ্ন কৰিছিল— কোন জীৱ আছে সৰুতে চাৰি ঠেঙীয়া, ডাঙৰত দুঠেঙীয়া আৰু বুঢ়া হলে তিনঠেঙীয়া? এই পানীমিঠৈ গিলিব নোৱাৰি কিমান মানুহে প্ৰাণ দিব লগা হৈছিল! সৱশেষত ঈদিপুছে, এই সমস্যা-পূৰণ কৰিলে,—সেই জীৱ মানুহ। আৰু তেৱেঁ সেই ৰাক্ষসীৰ প্ৰাণ ললে।

 প্ৰচীন ভাৰততো সাঁথৰৰ ঐতিহ্য পুৰণি। ঋক্‌বেদত এনে সমস্যা-পূৰণ বহুত আছে, তাৰে এটি (১৷১৬৪৷৪৮)—“দ্বাদশ প্ৰধয়শ্চক্ৰমেকং ত্ৰীণি নভ্যানি ক উ তচ্চিকেত। তস্মিনিৎসাকং ত্ৰিশতা ন শংকৱো’ৰ্পিতাঃ ষষ্টিৰ্ন চলাচলসঃ॥’’অৰ্থাৎ বাৰটা নেমি (= মাস), এক চকা (= বছৰ), তিনটি ফুটা (= ঋতু);কোনে চিনে? তাত ৩৬০ টা চলাচল অৰ (spoke = দিন) আছে।

 পুৰণি অসমতো সাঁথৰৰ জন্ম প্ৰাচীন কালৰ, সন্দেহ নাই। হিতোপদেশ আদি সংস্কৃত সাহিত্যৰপৰা অহা সমস্যা-পূৰণবোৰৰ কথা এৰিও, পুৰণি অসমীয়া গ্ৰন্থকাৰসকলে প্ৰায়ে নিজ নাম আৰু ৰচনাৰ কালো সাঁথৰ ৰূপেহে দেখুওৱা কথাও মন কৰিব লগীয়া। ইয়াৰ বাহিৰেও জন-গণৰ মুখে মুখে চলি অহা সাঁথৰ অনেক আছে। সেইখিনিকে ইয়াত সজাই দিয়া হৈছে।

পানীমিঠৈ বা সাঁথৰমালা

১। আগ খঁৰা, গুৰি খঁৰা। যায় গুম্গুম্ নাহৰ বৰা॥
২। আগ তিতা গুৰি মৌ। কি কৰিছা ভাবলী বৌ॥
৩। আমতলৰ পানীখিনি চাম্তলে যায়।
 ধোবাই ধোৱা কাপোৰখনি খম্খমাই যায়॥
৪। আম্ লতা লতা, চাম লতা লতা।
 সাতখন কুঠাৰেৰে কাটিব নোৱাৰি সি কি বৰগছৰ লতা।
৫। আইৰ ভায়েক মোৰ হয় মোমাই।
 মোমাইৰ ভিনিহীয়েক, মোৰ হয় কি॥
৬। আঁটি আঁটি আঁটি। সাতখন কাপোৰৰ গাঁঠি॥
৭। ইয়াতে মাৰিলে টিপা। গড়গাঁও পালেগৈ শিপা॥
৮। ইফালেও ঢাপ, সিফালেও ঢাপ। মাজত কাৰ্শলা সাপ॥

৯। উলুৱনিৰ বাম, তাৰে চাৰিজুপি আম, পকিলেও নসৰে॥
১০। এদঁতীয়া হাতী। ধান খায় পাচি পাচি॥
১১। একভাই জলত, একভাই থলত দুইভাই আকাশত॥
১২। একেজনী কলী গাই। ঘাটে ঘাটে পানী খায়॥
১৩। একেজনী চেৰেলী গাই। সাতখন পথাৰৰ ধান খায়॥
১৪। এফালে ন ঘৰ। এফালে ছঘৰ। পহু পৰিল
 সাতোটা। ঘৰে পতি একোটা॥
১৫। একুৰি ম’হৰ দুকুৰি শিং। পৰ্ব্বতে পৰ্ব্বতে মাৰে ৰিং॥
১৬। একুৰি ম’হৰ দুকুৰি পঘা। জাকত হেম্বেলিয়ায় বৰবগা!!
১৭। এঙেনাতে হেঙেনা।
 একে জোপা গছতে মাহ, কপাহ আৰু বেঙেনা॥
১৮। একেটি মাৰলি, দুখন ছাল৷
 নবন্ধাকৈ আছে সৰ্ব্বতিকাল॥
১৯। এঙনিতে জেঙনি, তাইৰ নাম ৰতি।
 গধূলিতে একুৰি এটা লৰা ফুকায়, পুৱা হলে গৰ্ভাৱতী।
২০। এলি গুম্ টেলিগুম্।
 ৰা-শালিকাই কণী পাৰে। পানীত নায়ায় মিল।
২১। এঠেঙীয়া বগলি। নিতৌ নাচে গধূলি॥
২২। এঠেঙীয়া পহু৷ টিকায়-মূৰে খহু॥
২৩। এঙা, এঙা, এঙা। একেটা ঠালতে পাঁচটা চুঙা॥
২৪। ওপৰৰ পৰিল চিলা। গোটে গোটে মানুহ গিলা।
২৫। ওপৰৰ পৰা পৰিল লাটিম। পায়ে তাৰ টিকা কাটিম॥
২৬। কলিঙ্গৰ লিঙ্গ কাটি পাঠাৰ কাটি পা।
 লৱঙ্গৰ বঙ্গ কাটি মজা মাৰি খা॥
২৭। কিৰিং পৰ্ব্বতত চৰে। হস্তী গমনে লৰে।
২৮। খায় মূঢ়ামূঢ়ি। হাগে চূণগুড়ি।
২৯। গছৰ ওপৰত গুটি গুটিৰ ওপৰত গছ।
 সিনো কি নিলাজৰ সচ॥
৩০। চৰাই নহয় দীঘল ঠোঁট। মঙহ নাই, নাড়ীগোট॥
৩১। চিং পখিলা। তিনি মূৰ দহ ঠেং ক’ত দেখিলা॥
৩২। টি-টি-টিঁয়া। কঁকালটি চিয়া॥
 হনুমাপ্ত ভাই। মানুহ খেদি খায়॥

৩৩। টিলিকি নাদৰ পানী খায়। উলুৱনিত জপজপায়।
৩৪। টুপ্‌ টুপ্‌ টুপলি। পানী পালে মুকলি।।
৩৫। ডিঙি আছে মূৰ নাই। পেট আছে ভুৰু নাই৷৷
৩৬। নাখান্তি কন্যা, নুফুলন্তি শাক।
 কি কি মাহৰ ওঠৰটা নাক৷৷
৩৭৷ বৰ সাপ যায়। চিন-চকোৰ নাই৷৷
৩৮। মাক জুতুলি-পুতুলি। পুতেক চোকা টেকেলা৷৷
৩৯। মাকে বৰশী বায়। পুতেকে স্বৰগ চায়৷৷
৪০। মুখ আছে, জিভা নাই। পেট আছে পেটু নাই৷৷
৪১। ৰজাই ভাত খায়। কাঁহীৰ তলে সাপ যায়।।
৪২। ৰজাৰ কাপােৰ। তিয়াব পাৰি, শুকাব নােৱাৰি৷৷
৪৩। ৰজাৰ কাপােৰ। শুকাব পাৰি, তিয়াব নােৱাৰি৷৷
৪৪। ৰজাৰ জৰী। মেলিব পাৰি, চপাব নােৱাৰি।।
৪৫। লৰা কালত দুই শিং, ডেকা হলে সৰে।
 বুঢ়া হলে দুনাই গজে, আকাশত চৰে৷৷
৪৬। লিকিলিকি ডিমৰু, চিকিমিকি পাত।
 পালেং বাবৰি, মাণিকৰ দাঁত৷৷
৪৭। লােগুটি লােফাল, বেঙেনাটি চাৰি ফাল
 সোমাল কাকতী, ওলাব কোন কাল।।
৪৮। লােৱৰ কৰাইগুড়ি খায়।
 সাতখন দেশ ভাঙি যুজিবলৈ যায়।।
৪৯। শোৎমোছ ধুমুচ৷৷
৫০। হাবিত কাহে। ওলাই নাহে৷৷
৫১। হাবিব পৰা ওলাল ডোম্ । তাৰ টিকাত এডাল নােম৷৷
৫২। হাবিৰ পৰা ওলাল বাঘিনী।
 চাৰি ঠেং মেলি হল গাভিনী।।
৫৩। হাতীৰ পেটত মাখিৰ ভােন্-ভােননি।

উত্তৰ

১৷ ফৰ্ম্মুটি৷ ২। কুঁহিয়াৰ।
৩। তালযোৰ। ৪৷ ছাঁ৷
৫। বােপাই ৬৷ কলডিল
৭। ভূইকঁপ। ৮৷ মাকো৷
৯৷ওহাৰ৷ ১০৷ ঢেঁকি
১১, চূণ, ধপাত, তামোল, পাণ ১২, বৰশি৷
১৩৷ কাঁচি৷ ১৪৷ ন নতুন৷
১৫৷ কুঁহিয়াৰ শাল ১৬৷ ঢোল৷
১৭৷ শিমলু গছ৷ ১৮৷ কলপাত৷
১৯৷ যতৰ৷ ২০৷ তেল৷
২১৷ বিছনি ২২৷ কঠাল৷
২৩৷ আঁঙুলি৷ ২৪৷ চোলা৷
২৫৷ তামোল৷ ২৬৷ কঠাল৷
২৭৷ মুগা৷ ২৮৷ জুই৷
২৯৷ মাটিকঠাল৷ ৩০৷ এপতীয়া কোল (মাছখোচা)
৩১৷ হালোৱাৰ সৈতে গৰুহাল ৩২৷ বৰল৷
৩৩৷ খুৰ৷ ৩৪৷ জাল৷
৩৫৷ কলহ৷ ৩৬৷ চকৰি, ঢেকিয়া, নাদনি মাছ৷
৩৭৷ নাও৷ ৩৮৷ জলকীয়া৷
৩৯৷ বাঁহগাজ৷ ৪০৷ কলহ৷
৪১৷ নিসনি৷ ৪২৷ জিবা৷
৪৩৷ পদুম পাত৷ ৪৪৷ আলিবাট৷
৪৫৷ জোন৷ ৪৬৷ ডালিম৷
৪৭৷ মৰা মানুহ৷ ৪৮৷ হিলৈ৷
৪৯৷ চুৱাপাত৷ ৫০৷ কুঠাৰ৷
৫১৷ বেজী৷ ৫২৷ আঁঠুৱা৷
৫৩৷ ঘৰ

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলভ্য।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।