সমললৈ যাওক

ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত

ৱিকিউৎসৰ পৰা
 

ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ
সংক্ষিপ্ত
জীৱন-চৰিত।



শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা প্ৰণীত।
“লৰেলচ”
হাওড়া।
শক ১৮৩০। খৃষ্টাব্দ ১৯০৯।
⸻০⸻
প্ৰকাশক
এইচ, বেজবৰুৱা
আসাম-বেঙ্গল ষ্টোৰ্চ্
২ নং লালবজাৰ,
কলিকতা।

বেচ আঠ অনা।

 

ASSAM-BENGAL STORES,
2, Lall Bazar Street,
CALCUTTA.
Printed by
NAFAR CHANDRA DUTT
AT
THE BALKIA PRINTING WORKS,
Kaldanga Lane, Salkia,
HOWRAH.


উছৰ্গা।


পৰম পূজনীয়া আই
শ্ৰীমতী ঠানেশ্বৰী দেবীৰ • কৰ কমলত
পৰম পূজনীয় পিতৃ দেৱতাৰ এই সংক্ষিপ্ত
জীৱন চৰিত অৰ্পণ কৰিলোঁ।
শ্ৰীলক্ষ্মীনাথ।

"অনন্ত কন্দলি ঘৰে যাৰ জন্ম ভৈল।
তযু বৰপূজাৰি তাহাৰ নাম ৰৈল॥
পৰম বিশিষ্ট বিপ্ৰ গুণে অতিশয়।
তান সুতা ঠানেশ্বৰী বিবাহিলোঁ মই।”
ডাঙ্গৰীয়া দীননাথ বেজবৰুৱা ৰচিত "বেজবৰুৱা বংশাৱলী।”

ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ
সংক্ষিপ্ত জীৱনচৰিত।


 আসামত বেজবৰুৱাবংশ সংস্থাপক আদিপুৰুষ জনৰ নাম কলিবৰ বৰুৱা। তেওঁ কান্যকুব্জ দেশৰ ব্ৰাহ্মণ আছিল। তীৰ্থ পৰ্য্যটন কৰিবৰ মনেৰে তেওঁ কনৌজৰপৰা ওলাই আহি অনেক তীৰ্থ ফুৰি, শেহত হয়গ্ৰীৰ মাধৱ, কামাখ্যা আদি তীৰ্থ দৰ্শন কৰিবৰ মনেৰে আসাম পায়হি। কলিবৰ বেদ বেদাঙ্গাদি শাস্ত্ৰত প্ৰগাঢ় পণ্ডিত, আৰু আয়ুৰ্ব্বেদ শাস্ত্ৰত পৰম নিপুণ আছিল। তেওঁৰ পাণ্ডিত্য আৰু আয়ুৰ্ব্বেদ শাস্ত্ৰত পাৰদৰ্শিতাৰ বিষয়ে, সেইকালৰ আসামৰজা জয়ধ্বজসিংহ সৰ্গদেৱে (যাক বুঢ়াভগণীয়া ৰজা[] বুলিছিল। খৃষ্টাব্দ ১৬৪৮-১৬৬৩।) জানিবলৈ পাই তেওঁক বৰ সমাদৰ কৰি আসামতে ৰাখি ৰজাৰ ধাই বেজবৰুৱাৰ পদ দিলে,আৰু উত্তৰ লক্ষীমপুৰ আৰু গৰগাওঁ আদি অনেক ঠাইত ১০০০ পুৰা অৰ্থাৎ ৪০০০ বিঘা নিকৰ মাটি আৰু ধন-ধান্য দাস-দাসী আদি দি পাতিলে। ১৭৬৬ শকত (১৮৪৪ খৃষ্টাব্দত) ডাঙৰীয়া দীননাথ বেজবৰুৱাই ৰচনা কৰা “বেজবৰুৱা বংশাৱলী” পুথিত সেই কথা এইদৰে লেখিছে।

"এহিটো আসামদেশ যদ্যপি বিশিষ্ট।
তথাপি নাছিল পূৰ্ব্বে বিজ্ঞ সাধু শিষ্ট॥
ইন্দ্ৰবংশী ৰাজা নাম বুঢ়া ভগণীয়া।
ভুঞ্জন্ত বিপুল ভোগ ৰাজ্যক লভিয়া॥
সিকালত আমাৰ উপৰি খ্যাতিমন্ত।
কলিবৰ নাম বেদবিদ মহাসন্ত।
আয়ুসবেদত অতি পৰম প্ৰবীন॥
দানী মানী বৈষ্ণৱ যে বিদ্যাত নিপুণ॥

কান্যকুব্জ দেশে যিটো জনম লভিয়া।
বৈষ্ণৱ-যোগক কৰে সদা অভ্যাসিয়া॥
নানা তীৰ্থক্ষেত্ৰ সেবি ফুৰন্তে যে পাছে।
মাধব কামাখ্যা আদি তীৰ্থ সব আছে॥
লোক মুখে শুনি তাৰ প্ৰভাৱ সকল।
মনত মানিলা ভৈল জনম সাম্ফল॥
সি সব দৰ্শন অৰ্থে আইল ইটো দেশ।
ৰাজা শুনি তাঁৰ গুণ নাম যে বিশেষ॥
আপোন স্থানক আনি সাদৰে ৰাখিলা।
ধন ধান্য দাস দাসী নানা ভূমি দিলা॥
উত্তৰৰ লক্ষীমপুৰ আদি তিনি স্থানে।
হাজাৰেক ভূমি দিয়া ৰাখিলা যতনে॥
ইদেশৰ যত বৈদ্যগণ আছিলন্ত।
তাহাৰ বৰুৱা পাতি মান্যক দিলন্ত॥
সিটো কালহন্তে আমাসাৰ ঘৰে আতি।

বেজৰ বৰুৱা নাম ভৈলন্ত প্ৰখ্যাতি॥”

 ১৭৩৫ শকত (খৃষ্টাব্দ ১৮১৩)[] জোৰহাট নগৰত, বেজবৰুৱা বংশৰ পদ্মফুল ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ জন্ম হয়। তেওঁৰ পিতাকৰ নাম কৃষ্ণৰাম বেজবৰুৱা, পিতামহৰ নাম অঙ্গদদেৱ বেজবৰুৱা, আৰু প্ৰপিতামহৰ নাম জগন্নাথ বেজবৰুৱা আছিল। তেওঁলোক কেউজনাই অসমৰৰজাঘৰীয়া বেজবৰুৱাৰ পদত আছিল। ডাঙৰীয়া : দীননাথ বেজবৰুৱাই বংশাৱলী পুথিত নিজৰ বিষয়ে যি লিখিছে, তাক তলত দিলোঁ।

“আবে মই মতিহীন অনাথৰ কথা।

যথারূপে নিবন্ধন কৰিবোঁহো এথা॥
চতুৰ্থ বৰ্ষত মোৰ অভাগ্যৰ বশে।
মাতৃ পৰলোকে গৈল কালৰ বিপক্ষে॥
দুৰ্ব্বী নামা মোহোৰ ভগিণী যিটো সতী।
আৰু অগ্ৰজৰ পত্নী দেবী মহামতি॥
তাহাৰাৰ প্ৰতিপাল ক্ৰমে বৰ হৈলোঁ।
যথামতি শাস্ত্ৰ সব কিঞ্চিত পঢ়িলোঁ॥
ঊনবিংশ বৰ্ষে পিতৃদেৱৰ সাক্ষাত।
জ্যেষ্ঠৰ উদ্যোগে মই ভৈলোঁ বিবাহিত॥
সিটো বৰ্ষে পিতৃ বিষ্ণুলোকে গৈল মৰি।
গৃহ এৰি গৈলোঁ ৰুজি-বৃত্তিক বিচাৰি॥
মহাৰাজ পুৰন্দৰ সিংহ নৃপমণি।
ঈশ্বৰ ইচ্ছায় পাইলে ইটো ৰাজ্য তিনি॥
পঞ্চতীৰ্থ মধ্যে তাক সাক্ষাত কৰন্তে।
তাহাৰ প্ৰসন্ন দৃষ্টি মোত পৰিলন্ত॥

মোৰ ইষ্টদেৱ গুৰু প্ৰসাদত তৈতি।
বেজৰ বৰুৱা মোক সিটো স্থানে পাতি॥
সঙ্গে আনি বৰ সমাদৰত ৰাখিয়া।
মান্য যশ বিভূতিক দিলে সমৰ্পিয়া॥
বিশেষত মোৰ জ্যেষ্ঠ মই ব্যতিৰেকে।
কাহাৰো ঔষধ ৰাজা নাখায় সম্যকে॥
তাহাৰ কৃপাত তাৰ দৰ্ব্বাৰত ৰই।
ফৌজাদাৰী চিন্তাৰ অধিপতি হই॥
থাকন্তে ৰাজ্যৰ চ্যুত ভৈলেক ৰাজাৰ।
কোম্পানীৰ হস্তগত জানিবা সুসাৰ॥
দেৱানীৰ বিচাৰক স্থানে আনি মোক।
মহাফেজ নাম দিয়া ৰাখিল প্ৰত্যক্ষ॥
বৰতি নামত যিটো চাহাব প্ৰধান।
তেওঁ ভৈল ভাৰাক্ৰান্ত ইটো পায়া স্থান॥
তৃতয় বৎসৰ থাকি তাহাৰ আশ্ৰয়।

তেবে ইটো চিৰস্তাৰ চিৰদ্দাৰী পাই॥”

 বংশাৱলীৰপৰা তুলি দিয়া পদ কেইফাকিৰ পৰা দেখা যায়, যে ডাঙৰীয়াৰ চাৰি বছৰ বয়সতে মাক ধুকায়; আৰু তেওঁৰ বৌৱেক আৰু বৰ-বাইদেৱেক দুৰ্ব্বী দেবীয়ে তেওঁক তুলি-তালি ডাঙৰ-দীঘল কৰে। তেওঁৰ উনৈশ বছৰ বয়সত[], তেওঁৰ পিতৃদেৱতা কৃষ্ণৰাম বেজবৰুৱা জীয়াই থাকোঁতেই, ককায়েক হলিৰাম বেজবৰুৱাৰ উদ্যোগত তেওঁ প্ৰথম বিবাহিত হয়; আৰু সেই বছৰতে তেওঁৰ পিতৃদেৱতাৰ মৃত্যু হয়। পিতৃবিহীন হৈ সংসাৰৰ গুৰু ভাৰ তেওঁৰ গাত পৰিলত, ৰুজি-বৃত্তিৰ চেষ্টা কৰিবৰ নিমিত্তে তেওঁ ঘৰৰপৰা ওলাই বিদেশলৈ যায়। মহাৰাজ পুৰন্দৰ সিংহই বৃটিচ গবর্ণমেন্টৰপৰা আসাম দেশ পাই তেতিয়া পঞ্চতীর্থ গুৱাহাটীত আছিল। দীননাথ বেজবৰুৱাই ৰজাৰ সৈতে তাতে সাক্ষাৎ কৰিলত, সৰ্গদেৱৰ সুপ্রসন্ন দৃষ্টি তেওঁৰ ওপৰত পৰিল; আৰু কামাখ্যাৰ মন্দিৰত সৰ্গদেৱে তেওঁক শপত খুৱাই বেজবৰুৱা পাতি নিজৰ চিকিৎসক নিযুক্ত কৰি লগতে উজনিৰ ৰাজধানীলৈ লৈ আহিল ৷ সৰ্গদেৱে ডাঙৰীয়া দীননাথ বেজবৰুৱাই আৰু ককায়েক হলিৰাম বেজবৰুৱাই দিয়া দৰবৰ বাহিৰে আন কোনো বেজৰ দৰব নাখাইছিল। ৰজাৰ দৰ্কাৰত ডাঙৰীয়াই ফৌজদাৰী চিৰস্তাদাৰৰ বিষয় পাইছিল। পুৰন্দৰ সিংহ সৰ্গদেৱক ৰজা ভাঙ্গি যেতিয়া আসামদেশ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গবর্ণমেণ্টে নিজৰ হাতলৈ আনিলে, ডাঙৰীয়াক কোম্পানীয়ে দেৱানী বিভাগত মহাফেজ কাম দিলে৷ তেওঁ তিনি বছৰ সেই কামত থকাৰ পিছত, বৰতি চাহাবে তেওঁক দেৱানী চিৰস্তাদাৰ পাতিলে।

 আসাম ৰজাৰ আজ্ঞাধীন জোৰহাটৰ যাদু অধ্যাপকৰ সংস্কৃত বিদ্যালয়ত দীননাথ বেজবৰুৱাই শিক্ষা পাই, সেই বিদ্যালয়তে, তেওঁৰ ষোল বছৰ বয়সত, দ্বিতীয় অধ্যাপকৰ কামত নিযুক্ত হৈ কিছুদিন শিক্ষা দিছিল। তেওঁৰ পিতৃদেৱতা কৃষ্ণৰাম বেজবৰুৱা আৰু ককায়েক হলিৰাম বেজবৰুৱাৰ ওচৰত, আৰু সেই কালৰ আন আন বৈদ্যবিদ্যাবিশাৰদসকলৰ ওচৰত তেওঁ আয়ুৰ্ব্বেদ, বিদ্যা শিক্ষা কৰি আয়ুৰ্ব্বেদ শাস্ত্ৰত পাৰদর্শিতা লাভ কৰি, তাৰ শেষ পৰীক্ষাত সম্মানেৰে সৈতে উত্তীৰ্ণ হৈছিল। তেওঁৰ ১৯ বছৰ বয়সত আসামৰ শেষ ৰজা পুৰন্দৰ সিংহই[] তেওঁক ৺কামাখ্যাৰ মন্দিৰত শপত খুৱাই ৰজাৰ ঘাই বেজবৰুৱা পদত নিযুক্ত কৰিলে। আন বেজবৰুৱাসকলে ৰজাৰ নৰীয়া চাই কোনো দৰব-জাতিৰ ব্যৱস্থা কৰিলে, সেই দৰব ডাঙৰীয়াই ভালকৈ পৰীক্ষা কৰি চাই হাতেৰে ছুই নিদিলে বজাই নাখাইছিল। এইদৰে ডাঙৰীয়া দীননাথ বেজবৰুৱাই আসাম ৰজাৰ দিনত ৰজাঘৰীয়া ঘাই বেজবৰুৱাৰ পদত নিযুক্ত থাকি সুখ্যাতিবে কাম কৰি আছিল। ইয়াৰ উপৰিও ৰজাৰ দৰ্কাৰত তেওঁৰ গাত ফৌজাদাৰী চিৰস্তাদাৰৰ বিষয়টো আছিল। মহাৰাজা পুৰন্দৰ সিংহ সৰ্গদেৱৰ হাতৰপৰা আকৌ আসামদেশ কোম্পানীৰ হাতলৈ গলত[] গবৰ্ণমেণ্টে ডাঙৰীয়াক, প্ৰধান এচিষ্টেণ্ট কমিশ্যনৰৰ (যাক পিছত ডেপুটি কমিশ্যনৰ বোলা হল,) তলত, প্ৰথমতে দেৱানী বিচাৰ বিভাগত মহাফেজ নাম দি ৰাখি, তাৰ পিছত দেৱানী চিৰস্তাদাৰ পাতিলে। সেই কাম তেওঁ ১৮৬১ খৃষ্টাব্দলৈকে বৰ সুখ্যাতিৰে কৰি আছিল। বঙ্গদেশৰ লাট চাহাব স্যাৰ চিচিল বিডন শিৱসাগৰলৈ অহাত তাত যি দৰবাৰ হৈছিল, সেই দৰবাৰত বিডন চাহাবে ডাঙৰীয়াৰ কাৰ্য্যকুশলতা দেখি, তেতিয়াৰ কমিশ্যনৰ হটন চাহাবক সুধিলে যে ডাঙৰীয়াৰ নিচিনা এনে এজন উপযুক্ত লোকক মুনচেফৰ কাম কিয় দিয়া হোৱা নাই? হটন চাহাবে “এইবাৰ খালি হলে দিয়া যাব” বুলি উত্তৰ দিলে, আৰু সেই মাহতে ১৮৬১ চনত তেওঁ ডাঙৰীয়াক নগাৱঁৰ মুনচেফ পাতি তালৈ পঠিয়ালে। নগাৱঁত ডাঙৰীয়াই তিনি বছৰ মুনচেফৰ আৰু ডেপুটি কলেক্টৰৰ কাম কৰাৰ পিছত তেওঁ বৰপেটালৈ বদলি হল। বৰপেটাত তেওঁ তিনি বছৰ কাম কৰি তেজপুৰলৈ, আৰু তাৰ পিছত উত্তৰ লক্ষীমপুৰলৈ, আৰু শেহত গুৱাহাটীলৈ বদলি হল। ১৮৭১ চনত মুনচেফৰ নাম “একষ্ট্ৰা এচিষ্টেণ্ট”লৈ সলনি কৰাত ডাঙৰীয়াই সেই নাম পালে। গুৱাহাটীতে ১৮৭৩ চনত তেওঁ পেন্সন লৈ কামৰপৰা অৱসৰ গ্ৰহণ কৰিলে।

 প্ৰায় ৩৭ বছৰ ডাঙৰীয়া দীননাথ বেজবৰুৱাই সুখ্যাতিৰে গবৰ্ণমেণ্টৰ চাকৰি কৰি পেন্সন লৈ তেওঁৰ ঘাই ঘৰ শিৱসাগৰলৈ উভতি গল; আৰু ২২ বছৰ গবৰ্ণমেণ্টৰ পেন্সন ভোগ কৰি ১৮৯৫ চনৰ ২৭ মেইত (শক ১৮১৭, ১৪ জেঠ, শুক্লা তৃতীয়া তিথি) কমলাবাৰী সত্ৰত স্বৰ্গী হল। গবৰ্ণমেণ্টৰ কামত থাকোঁতে আৰু কামৰপৰা অৱসৰ লৈও ডাঙৰীয়াই চিকিৎসা কাৰ্য্যত সকলোকে সহায় কৰিছিল। শিৱসাগৰ জিলাত তেওঁৰ দিনত ধৰ্ম্মবিষয়ক আলোচনা আৰু দেশৰ আৰ্থিক আৰু সামাজিক উন্নতি হোৱা আদি সজ কাৰ্যবিলাকত তেওঁ নিজৰ সময় আৰু যত্ন অকাতৰে নিয়োজিত কৰিছিল; আৰু সেই বিধৰ সকলো কামতে তেওঁ আগৰণুৱা আছিল। লৰা আৰু ডেকাবিলাকৰ ভিতৰত ধৰ্ম্ম আৰু সুনীতি প্ৰচাৰ কৰিবৰ নিমিত্তে তেওঁ ধৰ্ম্মসভা বাল্যাশ্ৰম স্থাপন কৰি অদম্য উৎসাহেৰে সেই বিলাকত বক্তৃতা আৰু উপদেশ দিছিল, আৰু সেই কাৰ্য্য তেওঁ তেওঁৰ জীৱনৰ শেষ কাললৈকে কৰিছিল। ধৰ্ম্ম সংক্ৰান্ত সকলো কাৰ্যতে তেওঁৰ উৎসাহ, যত্ন আৰু অকাতৰে অৰ্থব্যয় দেখি সকলোৱে আচৰিত মানিছিল। ডাঙৰীয়া পৰলোকলৈ যোৱাৰ পিছৰপৰা উজনিৰ সমাজৰ বান্ধোন ঢিলা-সোলোকা হল, আৰু ডেকা তৰপৰ ভিতৰত ধৰ্ম্মকৰ্ম্মৰ অনুষ্ঠান আদি হ্ৰাস প্ৰাপ্ত হল। অকল উজনিতে নহয়, গোটেই আসামতে ডাঙৰীয়া দীননাথ বেজবৰুৱা, কি ৰজাঘৰীয়া কি প্ৰজাঘৰীয়া সকলো কাৰ্য্যতে ধৰণীস্বৰূপ আছিল। ৰাজনৈতিক আন্দোলনতো তেওঁ সদায় উৎসাহেৰে সৈতে যোগদান কৰিছিল; কিন্তু গবৰ্ণমেণ্টৰ বিৰুদ্ধে চলা কোনো কথা আৰু কামত কেতিয়াও তেওঁ মত নিদিছিল; বৰং প্ৰজাপালক ৰজাক ঈশ্বৰৰ প্ৰতিনিধি স্বৰূপে দেখিবলৈ সকলোকে উপদেশ দিছিল।

“সোঽগ্নিৰ্ভবতি বায়ুশ্চ সোহৰ্কঃ সোমঃ সধৰ্ম্মৰাট।
স কুবেঃ সঃ বৰুণঃ স মহেন্দ্ৰঃ প্ৰভাবতঃ॥
বালোঽপি নাবমস্তব্যো মনুষ্য ইতি ভূমিপঃ।
মহতী দেবতা হ্যেষা নৰৰূপেন তিষ্ঠতি॥”

অৰ্থাৎ ৰজা প্ৰভাৱত সাক্ষাৎ অগ্নি, বায়ু, সূয্য,

চন্দ্ৰ, যম, কুবেৰ, বৰুণ, ইন্দ্ৰ। ৰজা বালক হলেও তেওঁক সামান্য মনুষ্য বুলি জ্ঞান কৰা উচিত নহয়। তেওঁ মহতী দেৱতা, নৰরূপে বিৰাজ কৰিছে।

 ৰজাৰ বিষয়ে কথা ওলালেই ডাঙৰীয়াই মনু-সংহিতাৰ এই শ্লোকটো মাতি তাৰ ব্যাখ্যা কৰি ৰজাক ভক্তি কৰিবলৈ লোকক শিকাইছিল। তেওঁৰ অন্তঃকৰণ বৰ সৰল আছিল। যিটো তেওঁ ধৰ্ম্মতঃ ভাল বুলি বিবেচনা কৰিছিল, সেইটো কাৰো কথা বা মতামতলৈ অপেক্ষা নকৰি সাহেৰে প্ৰকাশ কৰিছিল। কোনো কুটিল আৰু পাকচক্ৰৰ কথাৰ কাষলৈ তেওঁ কেতিয়াও নগৈছিল। গবৰ্ণমেণ্টৰ চাকৰি কৰোঁতে তেওঁৰ ওপৰৰ য়ুৰোপীয়ান বিষয়াসকলৰ সৈতে ব্যৱহাৰ কৰোঁতেও তেওঁ লুক্‌ঢুক্‌ নকৰি নিৰ্ভয়ে নিশঙ্কোচে নিজৰ মতামত প্ৰকাশ কৰি, বৰং অনেক সময়ত তেওঁলোকৰ ভিতৰৰ সৰু মনৰ কোনো কোনো বিষয়াৰ বিৰাগভাজন হৈছিল আৰু তাৰ ফলস্বৰূপে তেওঁলোকে শত্ৰুতাচৰণ কৰি তেওঁক কষ্ট দিছিল। মানুহে সত্য, সুনীতি, সচ্চৰিত্ৰ আৰু স্বধৰ্মৰ নিয়ম প্ৰতিপালন কৰা বিষয়ত তেওঁৰ শাসন বৰ কট্‌কটীয়া আছিল; আৰু কাকো অবাটে যোৱা দেখিলে, তৎক্ষণাৎ তেওঁ সেইজনক সেই দোষ কথা মুখৰ ওপৰতে কৈ দিছিল; আৰু সেই দোষ শুধৰাবলৈ চেষ্টা কৰিছিল। য়ুৰোপীয়ানসকলক তেওঁ সন্মান দেখুৱাইছিল; আৰু তেওঁলোকৰ বল বীৰ্য্য পৰাক্ৰম আৰু ঘাইকৈ ন্যায়নিষ্ঠতা আৰু যথাৰ্থ বিচাৰৰ নিমিত্তে তেওঁলোকক আন্তৰিক শ্ৰদ্ধা কৰিছিল; কিন্তু সেইবুলি তেওঁলোকৰ কোনোৱে অন্যায় আচৰণ কৰিলে, তেওঁ নিৰ্ভয়ে আত্মসন্মান ৰাখি স্পষ্ট উত্তৰ দি মনৰ নৈতিক বলৰ চিনাকী দিছিল। ডাঙৰীয়া লক্ষীমপুৰত মুনচেফ হৈ থাকোঁতে, কিছুমান দুষ্ট মানুহে ষড়যন্ত্ৰ কৰি ডাঙৰীয়াৰ ওপৰত এটা মিছা অভিযোগ আনে; আৰু সেই অভিযোগৰ বিচাৰৰ নিমিত্তে তেওঁ ডিবুৰুগড়লৈ আহিব লগীয়াত পৰে। তেতিয়৷ ডাকজাহাজ বা ৰেল আসামত নাছিল; গতিকে তেওঁ নাৱেৰে আহিছিল। ডাঙৰীয়া বাটত থাকোঁতেই কিবা স্বৰূপে জুই লাগি ডিবুৰুগড়ৰ কাছাৰীঘৰটো পুৰি যায়। তেওঁৰ ওপৰত অভিযোগ আনোতা দুষ্ট মানুহ কেইটাই চেলু পাই তেওঁ মানুহ লগাই দি কাছাৰীঘৰ পোৰালে বুলি ডেপুটী কমিশ্যনৰ কৰ্ণেল ক্লাৰ্কক কৈ দিলে কৰ্ণেল ক্লাৰ্কে কোনো বিচাৰ আৰু বিবেচনা কৰি নাচাই, সিহঁতৰ সেই মিছা কথা বিশ্বাস কৰি, দণ্ডবিধি আইনৰ “ঘৰ-জ্বালানি” অভিযোগৰ ধাৰাত ডাঙৰীয়াক পেলাই, তেওঁ ডিবুৰুগড় পালতে তেওঁক হাজোতত দিলে। এই মোকদ্দমাই সেইকালত আসামৰ ইমূৰৰপৰা সিমূৰলৈকে সকলো মানুহৰ মনত তোলপাৰ লগাই পেলাইছিল; আৰু সকলোৱে ডাঙৰীয়াৰ নিচিনা ধাৰ্ম্মিক আৰু পুণ্যাত্মা মানুহৰ দ্বাৰাই তেনে ঘৃণণীয় কাম হোৱাটো অসম্ভৱ বুলি বুজি, বেজাৰ আৰু শোকত মগণ হৈছিল; আৰু যাতে ডাঙৰীয়া সেই অগ্নি-পৰীক্ষাৰপৰা নিষ্কলঙ্ক হৈ সন্মানেৰে সৈতে উদ্ধাৰ হৈ ওলায় তাৰ অৰ্থে ঈশ্বৰৰ ওচৰত কায়মনোবাক্যে প্ৰাৰ্থনা কৰিছিল। এই বিপদৰ গোটেই ডোখৰ কালত, ডাঙৰীয়া দীননাথ বেজবৰুৱা স্থিৰ, ধীৰ, অটল হৈ আছিল; আৰু তেওঁৰ নিষ্পাপ নিৰ্ম্মল অন্তঃকৰণত এক মুহুৰ্ত্তৰ নিমিত্তে ভয়ৰ সঞ্চাৰ হোৱা নাছিল। তেওঁৰ নিৰ্ভয় উত্তৰ, ঈশ্বৰ বিশ্বাসেৰে বলী পৌৰুষ পূৰ্ণ ব্যৱহাৰে কৰ্ণেল ক্লাৰ্ককে প্ৰমুখ্য কৰি তেওঁৰ শত্ৰুদলৰ প্ৰাণত আতঙ্ক, আৰু ডিব্ৰুগড়ৰ প্ৰজাৰ মনত বিস্ময়বিমিশ্ৰিত আনন্দ উৎপাদন কৰিছিল। বিচাৰৰ শেহত ডাঙৰীয়া মেঘমুক্ত শশধৰৰ দৰে নিজৰ যশয্যাৰ জেউতিৰে আৰু উজ্জ্বল হৈ ওলাল, আৰু গবৰ্ণমেন্টে তেওঁক আকৌ আগৰ কামত নিযুক্ত কবি তেওঁ কামৰপৰা স্থগিত (চচ্‌ পণ্ড) হৈ থকা কেইমাহৰ পুৰা বেতন তেওঁক দিলে। ইয়াৰ পিছত তেওঁৰ শত্ৰুদলৰ নানা লটি-ঘটি হল। এই মোকৰ্দ্দমাত ডাঙৰীয়াৰ বিস্তৰ ধন ভগণ হৈছিল। ব্ৰেন্সন নামে এজন ইংৰাজ ডাঙৰ বেৰিষ্টৰক, আৰু শৰৎচন্দ্ৰ বানুৰ্জী নামে এজন ওখ খাপৰ বঙ্গালী উকিলক ডাঙৰীয়াৰ পক্ষ সমৰ্থন কৰিবৰ নিমিত্তে কলিকতাৰপৰা অনোৱা হৈছিল। ব্ৰেন্সনৰ আগেয়েই উকিল শৰৎচন্দ্ৰ বানুৰ্জীয়ে ডিবুৰুগড়ৰ পাই মোকৰ্দ্দমা খণ্ড বিখণ্ড কৰি উৰাই দিলে। ব্ৰেন্সন আহি গুৱালপাৰ পাওঁতেই তাৰ পৰা, ডাঙৰীয়াৰ নাতিয়েক সুবিখ্যাত হাকিম পূৰ্ণানন্দ বৰুৱা “ছোট চাহাবে” তেওঁক ওভোতাই পঠিয়ালে। এই মোকৰ্দ্দমাত অহা সুযোগ্য উকিল বাবু শৰৎচন্দ্ৰ বানুৰ্জীয় তাৰ পিছত, আসাম গবৰ্ণমেণ্টৰ চাকৰি লৈ “একষ্ট্ৰা এচিষ্টেণ্ট” হৈ আসামতে থাকিল।

 ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ বৰ আশা আছিল, যে তেওঁ যেন জীৱনৰ শেষ ভাগ, গবৰ্ণমেণ্টৰ কামৰপৰা অৱসৰ লৈ শিৱসাগৰৰ ঘৰত থাকি শ্ৰীমদ্ভাগৱত আদি শাস্ত্ৰ পাঠ আৰু আলোচনা কৰি কটাবলৈ পায়। ঈশ্বৰৰ অনুগ্ৰহত তেওঁৰ সেই আশা পূৰ্ণ হৈছিল। শিৱসাগৰত তেওঁ পেঞ্চন ভোগ কৰি থকা ২২ বছৰ কালত, দিনৌ আবেলি ৩ মান বাজিলেই, তেওঁ তেওঁৰ চৰাঘৰত নাইবা গোসাঁইঘৰৰ টুপত, ঠাই মছোৱাই লৈ, শুচী সংযত হৈ, ঠগাত শ্ৰীমদ্ভাগৱত শাস্ত্ৰ মেলি লৈ, শ্ৰোতাসকলৰ আগত পাঠ আৰু ব্যাখ্যা কৰিছিল। তেওঁ আবেলি আন সকলো কাম পৰিত্যাগ কৰি শুচী হৈ সেই কাৰ্য্য কৰিছিল, আৰু কোনো প্ৰতিবন্ধকতা বা আসোঁৱাহ নামানিছিল৷ শিৱসাগৰৰ অনেক সন্ত সাধু লোকে নিতৌ আবেলি ডাঙৰীয়াৰ ঘৰলৈ গৈ সেই শাস্ত্ৰব্যাখ্যা শুনি পাৰমাৰ্থিক জ্ঞান লভিছিল। পিতৃ ডাঙৰীয়াৰ এই সংক্ষিপ্ত জীৱনচৰিত্ৰ লিখকে যি অলপ-অচৰপ শাস্ত্ৰজ্ঞান লভিছে, তাৰ ঘাই ভেটি, নৈমিষাৰণ্যৰ বিখ্যাত সৌতি-শৌনকৰ ধৰ্ম্মসত্ৰৰ নিচিনা ডাঙৰীয়াৰ সেই ক্ষুদ্ৰ শাস্ত্ৰ-সত্ৰই হে বুলিব লাগে।

 গবৰ্ণমেণ্টৰ কাম কৰি থকা কালত, আৰু তাৰ পিছত অৱসৰ লৈ ঘৰত থকা ডোখৰ কালতো ডাঙৰীয়া দীননাথ বেজবৰুৱাই সৰহ ভাগ সময় ধৰ্ম্ম কাৰ্য্য, শাস্ত্ৰালোচনা, নাম-প্ৰসঙ্গ আদি কাৰ্যত অতিবাহ কৰিছিল। তেওঁ বাতিপুৱাই প্ৰত্যূষে শোৱাপাটীৰপৰা উঠিছিল, আৰু ঘৰৰ লৰা ছোৱালী কাকো বেলিকৈ শুই থাকিব নিদিছিল। আন মানুহকো বেলি কৰি শুই থকা দেখিলে তেওঁ বিৰক্ত হৈছিল। টোপনি গধুৰ মানুহৰ প্ৰতি তেওঁ ঘৃণা প্ৰকাশ কৰিছিল। ডাঙৰীয়াৰ দৈনিক জীৱনৰ সময় তলত লেখা দৰে ব্যৱহৃত হৈছিল। প্ৰত্যূষে তেওঁ নিদ্ৰা পৰিহাৰ কৰি শোৱাপাটীৰপৰা নমাৰ আগেয়ে, পাটীতে বহি ক্ষন্তেক কাল ঈশ্বৰোপাসনা কৰিছিল; আৰু তাৰপৰা নামি দাপোণত মুহুৰ্ত্তৰ নিমিত্তে মুখ চাই তেতিয়াই গোসাঁই-ঘৰৰ দুৱাৰ মুখলৈ গৈ আঠুকাঢ়ি বাহিৰৰপৰা দুৱাৰদলিৰ কাষত মূৰ থৈ গোসাঁইসেৱা কৰি উঠি আহি হাত মুখ ধোৱা আদি প্ৰাতঃকৃত্য সমাপন কৰিছিল তাৰ পিছত কাপোৰ-কানি পিন্ধিঘৰৰ বাহিৰত ঠিয়াঠিই কৰি, প্ৰভাত কালৰ বালসূৰ্য্যৰ নবীন কিৰণেৰে মিহলি সুবতাহ কিছুমান বেলি উপভোগ কৰি, ঘৰুৱা মানুহক নিজ নিজ কাৰ্য কৰিবলৈ শঁকিয়াই, হয় বাহিৰলৈ ফুৰিবলৈ ওলাই গৈছিল, নহয় দৰব-জাতি আদি কৰা কাৰ্য্যৰ তত্ত্বাবধাৰণ কৰিছিল। তাৰ পিছত নিজৰ লৰাহঁত বা আন কাকো আয়ুৰ্ব্বেদ শাস্ত্ৰ শিক্ষা দিছিল, নতুবা, তেওঁৰে সৈতে দেখা কৰিবলৈ অহা কোনো লোকৰ সৈতে আলাপ কৰিছিল। সেই ডোখৰ কালত তেওঁ বাতৰি কাকত পঢ়িছিল, নাইবা লোকৰ হতুৱাই পঢ়াই শুনিছিল, নাইবা চিঠি-পত্ৰাদি লেখিছিল। দহমান বজাত তেওঁ গা ধুই গোসাঁইঘৰত সন্ধ্যা পূজা কৰিবলৈ সোমাইছিল; আৰু পূজাৰ আদিতে শ্ৰীশঙ্কৰদেৱ বা শ্ৰীমাধৱ দেৱ ৰচিত পূৱাৰ বৰগীত এটা বা দুটা গাই, পূজা সমাপন কৰি, তাৰ অন্তত পুৱাৰ প্ৰসঙ্গত বহি হৰিনাম গাইছিল। প্ৰসঙ্গৰ অন্তত তেওঁ শঙ্কৰদেৱ বা মাধৱদেৱ বা বদুলা আতাৰ জীৱনৰ অলপ চৰিত্ৰ তুলি, ৺থাপনাৰ ফালে সেৱা কৰি আশীৰ্ব্বাদ লৈ আৰু আনকো আশীৰ্ব্বাদ দি, শঙ্খ ঘণ্টা, বৰকাঁহ আদি বজোৱাৰ পিছত তাৰপৰা ওলাই আহি বান্ধনি-ঘৰত সোমাই, খুৰা-দিয়া পীৰাৰ ওপৰত বহি, বেঢ়া-কাঁহীত ভাত খাইছিল। সেই সময়ত একে মজিয়াতে বহি খাওঁতা লৰা ছোৱালী আৰু মিতিৰ কুটুমৰ সৈতে তেওঁ পৰিবৃত হৈ সেইসকলৰ সৈতে কথাবাৰ্ত্ত৷ পাতি- ছিল; আৰু অন্তত চেনি সন৷ গাখীৰ ভাতেৰে আহাৰ “মধুৰেণ সমাপয়েৎ” কৰি হাত মুখ ধুই উঠি, অলপ পিছত বানবাটিৰে এবাটি চাহ খাই কাছাৰীলৈ যাব লগীয়া ডোখৰ কালত কাছাৰীলৈ গৈছিল, আৰু পেঞ্চন লৈ ঘৰত থকা কাল ডোখৰত, কিছুমান বেলি চৰাঘৰত খোজ চলাই, মালঘৰত নাইবা বৰঘৰৰ টুপ্‌ত থকা বাহিৰৰ শোৱাপাটীত পৰি জিৰাইছিল। বিশেষ কোনো কাম নাথাকিলে, দুইমান বজাত তেওঁ সেই পাৰ্টীৰপৰা উঠি হাত মুখ ধুই, বিয়লিৰ প্ৰসঙ্গৰ নিমিত্তে গোসাঁই-ঘৰত সোমাই ঘোষা গাই, তাৰ পিছত প্ৰসঙ্গ শেষ কৰি ওলাই আহি চাহ আৰু অলপ জলপান খাইছিল। ইয়াৰ পিছত তেওঁ নিজৰ ঔষধালয়ত দৰব-জাতিৰ কাম অলপমান পৰ চাই, তিনি বাজি আধা ঘণ্টামান যোৱাৰ সময়ত ভাগৱত পঢ়িবলৈ বহি, ভাগৱত শুনিবলৈ গোটখোৱা শ্ৰোতাসকলৰ আগত, সন্ধ্যা লগাৰ আগলৈকে ভাগৱত পাঠ আৰু ব্যাখ্যা কৰিছিল। কোনো দিনা তেওঁৰ শৰীৰ অসুস্থ থকাৰ নিমিত্তে তেওঁ নিজে ভাগৱত ব্যাখ্যা কৰিব নোৱাৰিলে, অসমীয়৷ মহাভাৰত, ৰামায়ণ আদি পুৰাণ পুথি লোকৰ হতুৱাই পঢ়াই শুনিছিল। “সেহিটো দিনক ভাই দুৰ্দ্দিন বুলিয়া মানো, মেঘাচ্ছন্ন নোহয় দুৰ্দ্দিন। হৰিকথা অমৃতৰ সম্যকে অমৃত পান যিটো দিন হোৱয় বিহীন॥” যি দিনা দৈবাৎ ভাগৱত বা পুৰাণাদি পাঠ বন্ধ হৈছিল, তেওঁ এই ঘোষা ফাকি মাতি আক্ষেপ কৰিছিল। সন্ধ্যা লাগিলেই ডাঙৰীয়াৰ গোসাঁই ঘৰত তেল-বন্তি আৰু ঘিউ-বন্তি জ্বালি দি শঙ্খ, ঘণ্টা, কাঁহ আদি বাদ্য বজোৱা হৈছিল; আৰু সেই সময়ত তেওঁ তাত উপস্থিত থাকি গোসাঁই সেৱা কৰি ঈশ্বৰৰ স্তুতি বন্দনাবিলাক গাইছিল। ইয়াৰ পিছত লৰাহঁতে গোসাঁই ঘৰত “লৰা-নাম” গাইছিল; তাৰ অন্তত তাৰ অন্তত “ গুণমালা ভটিমা ” গাইছিল; আৰু ডাঙৰীয়াই চৰাঘৰৰ পৰা সেই নাম আৰু গুণমালা ভটিমা শুনিছিল। কোনো কোনো দিনা তেওঁ সেই সময়ত এঘণ্টামানৰ নিমিত্তে ফুৰিবলৈ বাহিৰলৈ ওলাই গৈছিল। ফুৰি আহি ডাঙৰীয়াই তেওঁৰে সৈতে সাক্ষাৎ কৰিবলৈ অহা কোনো যানুহ থাকিলে সেই মানুহৰ সৈতে চৰাঘৰত বহি কথাবাৰ্তা কৈছিল; নাথাকিলে আগেয়ে কৈ অহা বাহিৰৰ সেই শোৱাপাটীত পৰি জিৰাইছিল; আৰু ঘৰুৱা মানুহ-দুনুহৰ সৈতে কথাবাৰ্ত্ত৷ পাতিছিল। ৰাতি ৯ মান বজাত গোসাঁইঘৰত ৰাতিৰ প্ৰসঙ্গৰ তালৰ কোব পৰিলেই, ডাঙৰীয়াই সেই পাটী এৰি গা ধুবলৈ গৈছিল আৰু গা ধুই ধুতি হৈ গোসাঁইঘৰলৈ গৈ প্ৰসঙ্গত বহিছিল। পুৱাৰ প্ৰসঙ্গৰ দৰে ৰাতিৰ প্ৰসঙ্গো পুথি পাঠ, চৰিত্ৰ তোলা আৰু আশীৰ্বাদেৰে তেওঁ সমাপ্ত কৰি, ৰান্ধনিঘৰত পুৱাৰ দৰে সকলোৰে পৰিবৃত হৈ আহাৰ কৰিছিল। আহাৰ শেষ কৰি উঠি আহি তেওঁ চৰাঘৰত আধাঘণ্টামান খোজ চলাই, হাজাৰীঘোষা পুথিৰ কাকৃতিৰ ঘোষাবিলাক সুৰ ধৰি গাইছিল। ইয়াৰ পিছত তেওঁ, লৰা ডেকা সকলোৱে গোট খাই গোসাঁইঘৰত গোৱা “পিছনাম” শুনিছিল। এই নামৰ অন্তত তেওঁ আহি আকৌ সেই বাহিৰৰ শোৱাপাটীত পৰি, ওচৰতে বহি ৰামায়ণ বা মহাভাৰত পুথি পঢ়োঁতাৰ পুথি পঢ়া শুনিছিল। এই সময়তে লগুৱাই তেওঁ ভৰিত তেল-টেঙা ঘঁহিছিল আৰু ভৰি পিটিকিছিল। এইদৰে এঘণ্টামান পুথি শুনাৰ পিছত তেওঁ ভিতৰলৈ শুবলৈ উঠি গৈছিল। শুবৰ আগেয়ে তেওঁ মুখ ধুই শোৱাপাটীত উঠি তাতে বহি “গুৰুসেৱা" ঈশ্বৰৰ উপাসনা কৰি অঁতাই তাৰ পিছতহে শুইছিল। ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ দৈনিক জীৱনৰ এয়েই চমু বিবৰণ।

 ঈশ্বৰত দৃঢ়বিশ্বাস আৰু নিজ গুৰুঘৰত অচলা ভক্তি ডাঙৰীয়াৰ ইমান আছিল যে দেখি আচৰিত মানিব লগীয়া। নিজৰ মৰমৰ পুতেক, ঘৈণীয়েক মৃত্যুশয্যাত, সকলো মানুহ শোকত বিহ্বল, কিন্তু তেওঁ অচল অটল ধীৰ স্থিৰ; অস্তিম কালৰ যি কৰ্ত্তব্য, ধীৰ স্থিৰ ভাৱে তেওঁ সেইবিলাকৰ দিহা কৰিব লাগিছে; কান্দোতাসকলক সান্ত্বনা দিছে, থল বুজি দাবি দিছে, আক অন্তকৰ ওচৰ চপাজনক এঘণ্টা দুঘণ্টা কাল নিৰবচ্ছিন্ন ঈশ্বৰৰ নাম সোৱঁৰাইছে; এক মূহুৰ্ত্তৰ নিমিত্তে তেওঁ বিচলিত হোৱা নাই, এটোপা চকুৰ পানী উলিৱা নাই, ঈশ্বৰৰ ইচ্ছাত সকলো হৈছে বুলি মনত শাস্তি লভিছে। ঘৰৰ লৰা ছোৱালীৰ বা আন কাৰো নৰীয়া হলে, বা কাৰো ওপৰত কোনো বিপদ আহি পৰিলে, তেওঁ গোসাঁইঘৰত “মহাপুৰুষ গুৰুজনৰ থাপনাৰ” ওচৰত গলবস্ত্ৰ হৈ পৰি, সেই নৰীয়া বা বিপদত পৰাজনৰ উদ্ধাৰৰ অৰ্থে প্ৰাৰ্থনা কৰিছে, গুৰুঘৰলৈ আগ-ভাগ কৰিছে, নিজৰ ঘৰত শান্তি স্বস্ত্যয়ন আৰু হৰিকীৰ্ত্তন আদি কৰোৱাইছে। কিন্তু বিপদ আহি গাত যেতিয়া পৰিল, তেতিয়া তেওঁ এক মূহুৰ্ত্তৰ নিমিত্তেও ঈশ্বৰৰ ওপৰত, তেওঁৰ গুৰু-ঘৰৰ ওপৰত বিশ্বাস আৰু নিৰ্ভৰতাৰ পৰা নিপিছিল। সেই বিপদ ঈশ্বৰৰ ন্যায় দণ্ড ন্যায় বিচাৰ বুলি আনন্দমনে আলিঙ্গন কৰিলে।

 বেজবৰুৱা ডাঙৰীয়া মহাপুৰুষীয়া পথৰ বৈষ্ণৱ ধৰ্ম্মৰ ধৰণীস্বৰূপ আছিল। মহাপুৰুষীয়া ঘাই সত্ৰ তিনিখনত, অৰ্থাৎ মধুপুৰ, বৰপেটা, কমলাবাৰীত তেওঁৰ অচলা ভক্তি আছিল। তেওঁ সেই সত্ৰবিলাকলৈ গলে, দূৰৰপৰা ৰিণিকি ৰিণিকি সত্ৰৰ গছ-গছনি দেখিলেই মাটিত আঠুকাঢ়ি পৰি তেতিয়াই সত্ৰৰ উদ্দেশে সেৱা কৰিছিল, আৰু সত্ৰ পায়েই কৰাপাটৰপৰা আৰম্ভ কৰি প্ৰত্যেক ঠাইৰ ধূলি নিজৰ মুৰত লৈছিল। তেওঁৰ মানত মধুপুৰ, বৰপেটা, কমলাবাৰী সত্ৰ জাগ্ৰত জীৱন্ত দেৱতা; "মহাপুৰুষ গুৰুজনৰ থান” "বদুলা আতাৰ থান” বৈকুণ্ঠ বা গোলোকধামৰ তুল্য। কমলাবাৰী সত্ৰৰ বৈষ্ণৱ উদাসীন ভকত তেওঁৰ ঘৰলৈ আহিলেই, যথাৰীতি তেওঁ ঠগি আগবঢ়াই, সত্ৰৰ অধিকাৰ গোসাঁই প্ৰভুকে আদি কৰি “চাৰিউ হাটীৰ সমুহবাপু” ভকত সকলৰ বাৰ্ত্তা সুধিছিল; আৰু সেই ভকতক “মোৰ আতাৰ থানৰ ভকত” বুলি মান্য কৰি, সীধাপাতি দি যত্ন কৰি সোধ-পোছ কৰি ৰাখিছিল। ডাঙৰীয়াৰ ঘৰৰপৰা সত্ৰৰ উদাসীন ভকত প্ৰায়ে নুগুচিছিল; আৰু কোনো কোনো জন দীঘলীয়াকৈ অনেক বছৰ তেওঁৰ ঘৰত "হৰিগুণ গাই সুখে” বাস কৰিছিল। ভকতৰ নিমিত্তে "আতাৰ থানৰ নিমিত্তে” তেওঁ যথাসৰ্বহ আগবঢ়াই দিছিল; আৰু লাগিলে নিজৰ প্ৰাণ পৰ্য্যন্ত দিবলৈ সাজু আছিল। কমলাবাৰী সত্ৰ সংস্থাপক পদ্ম আতাই (যি বদুলা আতা বুলি বিখ্যাত) নিজৰ ভৰা নাৱৰপৰা “যথা সৰ্ব্বহ পেলাই দি ভক্ত-বস্তুক” তুলি আনিছিল বুলি আতাৰ চৰিত্ৰত আছে; ডাঙৰীয়াই সেই কথা সদাই কৈ, নিজে চলিবৰ নিমিত্তে সেই আৰ্হি আগত ৰাখিছিল। বাৰীত ভাল কল এথোকা হলে, কোনো ভাল ন ফল বা শষ্য উৎপন হলে, অথবা ঈশ্বৰৰ আগত নিবেদন কৰিব পৰা কোনো ভাল বস্তু বাহিৰৰপৰা আহিলে, ডাঙৰীয়াই প্ৰথমতে তাক গোসাঁই-ঘৰলৈ আগ কৰিছিল, আৰু গোসাঁইৰ আগত নৈবিদ্য নকৰি কোনো নতুন বস্তু নাখাইছিল। তেওঁ তাত খাবলৈ বহি, প্ৰথম গৰাহ ভাত মূৰৰ ফাললৈ তুলি ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিহে নিজৰ মুখত দিছিল। বেজবৰুৱা ডাঙৰীয়াৰ উপৰি পুৰুষ মহাত্মা পুৰুষোত্তম বৰুৱাই * প্ৰথমতে মহাপুৰুষীয়া ধৰ্ম্ম


বেজবৰুৱা বংশৱালী পুথিত লেখিছে,—
“কলিবৰ বৰুৱাৰ পুত্ৰ মহামতি।
গোবিন্দ বৰুৰা নাম নানা স্থানে খ্যাতি॥
ৰজাৰ ঘৰত মহা মান্যক লভিলা।
একাচেকা বৰুৱা ৰজাই নাম দিলা॥
তাহান তৃতয় পুত্ৰ ভৈল শ্ৰেষ্ঠতম।
জয়হৰি বৰুৱা জ্যেষ্ঠ ছোট অনুপম॥
মধ্যম তনয় জানা পুৰুষউত্তম।
আমাৰ বংশৰ জানা পদ্মফুল সম॥
যাৰ যশ গুণ আছে লোকক বিয়াপি।
মহা সত্ত শিষ্ট সবে কহয় অদ্যপি॥

কলিবৰ বৰুৱা। (আসামত বেজবৰুৱা বংশ সংস্থাপক।)
গোবিন্দ বৰুৱা (একাচেকা বৰুৱা। )
জয়হৰি বৰুৱাপুৰুষোত্তম বৰুৱাঅনুপম বৰুৱা
গ্ৰহণ কৰে; তেতিয়াৰেপৰা বেজবৰুৱা বংশৰ

সতি-সন্ততিসকল মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম্মৰ শুদ্ধসত্ব সেৱক বুলি প্ৰখ্যাত। ডাঙৰীয়া দীননাথ বেজবৰুৱাই সেই সুখ্যাতি সম্পূৰ্ণ ৰূপে ৰক্ষা কৰিছিল।

 তীৰ্থ পৰ্যটনতো বেজবৰুৱা ডাঙৰীয়া অদ্বিতীয় আছিল। চাৰিবাৰ তেওঁ পুৰুষোত্তম ক্ষেত্ৰলৈ গৈ জগন্নাথ দৰ্শন কৰিছিল; আৰু মথুৰা বৃন্দাবন আদি তীৰ্থ কৰিবলৈ গৈছিল। প্ৰথম দুবাৰ তেওঁ অশেষ ক্লেশ আৰু পৰিশ্ৰম স্বীকাৰ কৰি সেই কাৰ্য্য কৰিছিল; কাৰণ, সেই কালত আসামৰপৰা বিদেশলৈ যাবলৈ ৰেল আৰু জাহাজ নাছিল। ব্ৰহ্মপুত্ৰত নাৱেৰে ভটীয়াই গৈ, তাৰ পিছত খোজকাঢ়ি তেওঁ পুৰী পাইছিলগৈ। জগন্নাথ ক্ষেত্ৰত তেওঁৰ দৃঢ় ভক্তি আৰু বিশ্বাস আছিল; আৰু প্ৰথমতে জগন্নাথ দৰ্শন কৰিবলৈ গৈ তাৰ পিছতহে আনবিলাক তীৰ্থলৈ তেওঁ গৈছিল। জগন্নাথৰ নাম ওলালেই তেওঁ স্কন্দ পুৰাণৰ এই শ্লোকটা, মাতিছিল, আৰু সেই মতে চলিছিল।

           

ভ্ৰমন্ত্যন্যানি তীৰ্থানি ত্যক্তা তৎ ক্ষেত্ৰমুত্তমং।
ফলসোমোদকৈ তৃপ্তা লভন্তে শ্ৰমজং ফলং॥

অৰ্থাৎ, তীৰ্থৰ ভিতৰত শ্ৰেষ্ঠ পুৰুষোত্তম ক্ষেত্ৰ এৰি যি আনবিলাক তীৰ্থ ভ্ৰমণ কৰে, সি তীৰ্থফলৰ দ্বাৰা তৃপ্তি নলভে, মাথোন তাৰ শ্ৰমইহে সাৰ হয়।

 সদাচাৰৰ সম্পৰ্কে ইমান কটকটীয়া তেওঁ জগন্নাথলৈ গৈ তাত মহাপ্ৰসাদ ভক্ষণ বিষয়ত এক ধনিষ্টামানো মনত খুকুৰী নাৰাখি, আনন্দ-মনে বামুণ শূদিৰ সকলোৰপৰা, আন কি নিজৰ লগুৱাই খোৱা পাতৰ পৰাও, কীৰ্ত্তন ঘোষাৰ এই পদ মাতি, মহাপ্ৰসাদ ভক্ষণ কৰিছিল।

“মহাপ্ৰসাদত যত্নে এৰিবা বিচাৰ।
নাহিক কিঞ্চিত জানা ব্ৰহ্মত বিকাৰ।
বিষ্ণুৰ নৈবিদ্য যত অন্ন পিঠা-পনা।
ভক্ষাভক্ষ তাহাত বিচাৰে যিটোজনা॥
হোৱে মন্দৰোগী তাক ভাৰ্য্যা পুত্ৰে এৰে।
নাহিক নিস্তাৰ ঘোৰ নৰকত পৰে॥
অন্ত্যবৰ্ণে হীনবৰ্ণে যিটো অন্ন ছোৱে।
তাক ভুঞ্জি সমস্ত পাতক মুক্ত হোৱে॥
ছোৱা-গঞ্জা বুলি যিটো অন্ন নাখায় মোৰ।
বিপদক পাৱে তাক কৰে। দণ্ড ঘোৰ॥
নাহি কাল নিয়ম ব্ৰতত দোষ নাই।
পাইলে মাত্ৰ খাইবে অন্ন তেবে মোক্ষ পায়॥”

ডাঙৰীয়াৰ ঘৰত নিত্যকৰ্ম্ম হৰিনাম প্ৰসঙ্গ আদিৰ উপৰিও, পালনাম, গোপিনী সবাহ, তিল-হোম, শান্তিকৰম আদি কাৰ্য্য সততে হৈছিল। তেওঁ তেওঁৰ পিতৃশ্ৰাদ্ধ মাতৃশ্ৰাদ্ধৰ বাহিৰেও, ককাদেউতাক, বৰবাইদেৱেকেৰ শৰাধ নিয়মিতৰূপে কৰিছিল। ভাদৰ তিনি কীৰ্ত্তন, আৰু বাৰজনা আতাৰ তিথি, কমলাবাৰী সত্ৰত কৰাদি তেওঁৰ ঘৰত তেওঁ নিয়ম মতে কৰিছিল। বাস্তবিকতে কবলৈ গলে, তেওঁ নিজৰ ঘৰক কমলাবাৰী সত্ৰৰ এখন সৰু চানেকীযেন কৰি ৰাখিছিল। শিৱসাগৰত ৰাজহুৱা নামঘৰত ৰাজহুৱা বৰ সবাহ, হোম, পূজা আদি যেনে জ্বলন্ত উৎসাহেৰে ডাঙৰীয়াই সমাধা কৰিছিল, তাক সকলোৱে দেখি আচৰিত মানিছিল৷ ৰাজহুৱা বৰসবাহ বা পূজাব দিনা, ডেকাবিলাক কৰবাতে থাকে, বুঢ়া ডাঙৰীয়াই ৰাতিপুৱাই গা ধুই গুচী হৈ আহি ককালত কাপোৰ বান্ধি, তাৰ আয়োজনত লাগি যায়। তেওঁ শিৱসাগৰত থকা কালত, তাত সেই বিলাক ৰাজহুৱা কাম আগৰ পৰা গুৰিলৈকে তেওঁৰ অদম্য উৎসাহ যত্ন আৰু পৰিশ্ৰমেৰে অনুপ্ৰাণিত হৈ সম্পাদিত হৈছিল। ধৰ্ম্ম কাৰ্য্যত ওৰেদিনটো পৰিশ্ৰম কৰিও তেওঁ ক্লান্তিবোধ নকৰিছিল।

 ডাঙৰীয়াই মুক্তহস্তে দান কৰিছিল। ভিক্ষুকক তেওঁ কেতিয়াও তেওঁৰ ঘৰৰপৰা শুদাহাতে ওভোতাই নপঠিয়াইছিল; আৰু বামুণ বৈষ্ণৱ ফকিৰ সন্ন্যাসী আৰু দুখীয়া মানুহক সততে সাধ্য মতে দান কৰিছিল। দেশৰ সকলো সজ কাৰ্য্যত তেওঁৰ হাতৰ মুঠি মুকলি আছিল। তেওঁৰ নিজৰ আৰ্থিক অৱস্থা যদিও সচ্ছল নাছিল, তথাপি তেওঁ দানৰ সময়ত কৃপণতা নকৰিছিল; বৰং সেই সময়ত তেওঁ নিজৰ অৱস্থালৈ একপ্ৰকাৰ পাহৰিছিল বুলিলেহে ঠিক কোৱা হয়। অনেক দুখীয়া লৰাক তেওঁ সহায় কৰি স্কুলত পঢ়ুৱাইছিল। লৰাক বিদ্যাশিক্ষা দিয়াত তেওঁৰ প্ৰগাঢ় অনুৰাগ চিৰকাল দেখা গৈছিল। প্ৰথমতে ইংৰাজী শিক্ষা আসামত প্ৰচলিত হোৱা ডোখৰ কালত যদিও তেওঁ ইংৰাজী শিক্ষাৰ বিৰোধী আছিল, আৰু নাতিয়েক পূৰ্ণানন্দ বৰুৱাক ইংৰাজী শিকিব নিদিছিল, আৰু পূৰ্ণানন্দই লুকাই-চুৰকৈ ইংৰাজী পঢ়িব লগীয়াত পৰিছিল; কিন্তু পিছত তেওঁ সেই শিক্ষাৰ উপকাৰিতা সম্পূৰ্ণৰূপে হৃদয়ঙ্গম কৰিব পাৰি, সকলোকে ইংৰাজী ভালকৈ পঢ়িবলৈ উৎসাহ দিছিল; আৰু নিজৰ পুতেকহঁতক “কলেজত” ইংৰাজী পঢ়িবলৈ কলিকতালৈ পঠিয়াইছিল। তেওঁ লক্ষীমপুৰত একষ্ট্ৰা এচিষ্টেণ্ট হৈ থাকোতে তাত এটা ইংৰাজী স্কুল পাতি দি অসমীয়া লৰাই ইংৰাজী পঢ়িবলৈ সুচল কৰি দিছিল; আৰু শিৱসাগৰত তেওঁ অৱসৰ লৈ থকা কালৰ শেহ ডোখৰত নিজে অনেক ধন ভাঙ্গি ইংৰাজী হাইস্কুল এটা স্থাপন কৰি দিছিল; আৰু সেই হাইস্কুল এতিয়াও তেওঁৰ সুযোগ্য পুত্ৰ আসামৰ বিখ্যাত “এডুকেচনিষ্ট” অৰ্থাৎ শিক্ষাৰ ব্যৱস্থাপক শ্ৰীযুত গোবিন্দচন্দ্ৰ বেজবৰুৱাৰ তত্বাৱধানত তেওঁৰ নিজস্বৰূপে চলি আছে।

 সংস্কৃত শিক্ষাতো বেজবৰুৱা ডাঙৰীয়াই বৰ উৎসাহ দিছিল, আৰু নিজে পুতেকহঁতক আৰু আন অনেক ছাত্ৰক সংস্কৃত পঢ়াইছিল। তেওঁৰ পুতেকহঁতক আৰু বাহিৰৰ কোনো কোনো লোককো তেওঁ আয়ুৰ্ব্বেদ শাস্ত্ৰ নিজে শিক্ষা দিছিল; আৰু নিজৰ ঘৰতে ঔষধালয় পাতি দি দৰব আৰু চিকিৎসা কৰিবলৈ শিকাইছিল। তথাপি তেওঁৰ হেপাহৰ জোখায় আয়ুৰ্ব্বেদ শাস্ত্ৰ শিকাবলৈ কাকো নাপাই তেওঁ সদায় আক্ষেপ কৰিছিল। লক্ষ্মণচন্দ্ৰ নামে তেওঁৰ এজন পুতেকক তেওঁ অতি যতন কৰি আয়ুৰ্ব্বেদ শাস্ত্ৰ পঢ়াই, দৰব-জাতি প্ৰস্তুত কৰিবলৈ আৰু চিকিৎসা কৰিবলৈ শিকাই এক ৰকম পৈণত কৰি তুলিছিল, কিন্তু দৈবদুৰ্ব্বিপাকত লক্ষ্মণ তেওঁৰ চকুৰ আগতে অকালত কালৰ হাতত পৰিলত তেওঁৰ ভবিষ্যত আশা ভৰসাৰ ঘৰ ভাগি কাটি হৈ পৰিল। এই ঘটনাৰ দ্বাৰাই ডাঙৰীয়াই বুজিলে যে, পুৰণি কালৰপৰা আসামত চলি অহা আয়ুৰ্ব্বেদ বিদ্যা লোপ পাব লাগে। এই কথা ডাঙৰীয়াই লোকৰ আগত কৈছিল; আৰু বাস্তৱতে তেনে ঘটিলও। অসমীয়াৰ ভিতৰত আয়ুৰ্ব্বেদ শাস্ত্ৰ ৰীতিমতে জনা প্ৰকৃত বেজ বুলিবলৈ আৰু নাইকিয়া হল; আৰু পঞ্জাবত দশম শিখগুৰু গোবিন্দৰ লগতে শিখ গুৰুৰ ওৰ পৰাদি ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ লগতে আসামত প্ৰকৃত বেজবৰুৱাৰ ওৰ পৰিল। দুৰ্ভগীয়া আসামৰ কপালেই এনে।

 নাড়ীজ্ঞান বিদ্যাত বেজবৰুৱা ডাঙৰীয়া অতিশয় প্ৰাজ্ঞ আছিল। সেই সম্পৰ্কে তেওঁৰ আচৰিত ক্ষমতাৰ বিষয়ে অনেক কথা প্ৰচলিত আছে এই প্ৰবন্ধলেখক নিজ চকুৰেই দেখা এটা ঘটনাৰ উল্লেখ এই খিনিতে কৰিব খোজে। বেজবৰুৱাৰ বংশৰে, শিৱসাগৰ নিবাসী এজন প্ৰাচীন ভদ্ৰলোক কিছুদিন নৰীয়া পৰি আছিল। এদিন পুৱা ডাঙৰীয়া ৰোগীজনক চাবলৈ গৈছিল। ডাঙৰীয়াই দেখিলে যে ৰোগীয়ে শোৱাপাটীতে বহি হোকাত ধপাত খাব লাগিছে; আৰু তেওঁক দেখি ৰোগীয়ে আস্তবেস্তকৈ কথাবাৰ্তা কবলৈ ধৰিলে। বেজবৰুৱা ডাঙৰীয়াই ৰোগীক সুধিলে, তুমি কেনে আছা?” ৰোগীয়ে উত্তৰ দিলে, “আজি গাটো অলপ বাৰু পাইছোঁ।” ইয়াৰ পিছত ডাঙৰীয়াই ৰোগীৰ হাতটোত ধৰি অলপ পৰ নাড়ী চাই, বাহিৰলৈ উঠি আহি, নৰীয়াৰ পতি কৰোতাসকলক ওচৰলৈ মাতি নি কলে যে "তোমালোকে তেওঁক বাহিৰলৈ উলিয়াবলৈ কাৰবাৰ কৰা, আৰু আধাঘণ্টাৰ পিছতে তেওঁ ধুকাব।” ডাঙৰীয়াৰ কথা শুনি তেওঁলোক অবাক হৈ ৰলত, তেওঁ ইয়াকে মাথোন কৈ তাৰপৰা গুচিগল, – “মই তো কৈ গলোঁ, তোমালোকে যি ভাল বুজা কৰিবা।” আচৰিত কথা যে, ঠিক আধাঘণ্টাৰ পিছত ৰোগীৰ মৃত্যু হল।

 আৰু এটি ঘটনা লেখকে, স্বনামধন্য পুৰুষ শ্ৰদ্ধাস্পদ বন্ধু শ্ৰীযুত ভোলানাথ বৰুৱাৰপৰা শুনিছিল। বেজবৰুৱা ডাঙৰীয়া গুৱাহাটীত থাকোঁতে এদিন তেওঁক – বৰাৰ নৰীয়া চাবলৈ মাতি অনা হৈছিল। বৰা ডাঙৰীয়া গ্ৰহণী ৰোগত পৰি দিনচেৰেক মানৰপৰা ভুগি আছিল। বেজবৰুৱা ডাঙৰীয়া গধূলি বেলিকা ৰোগীক চাবলৈ আহিছিল। ৰোগীয়ে বেজবৰুৱা ডাঙৰীয়াক দেখিয়েই উঠি সম্ভাষণ কৰি ডাঙৰীয়াৰ সৈতে আলাপ কৰিবলৈ ধৰিলে। কি দৰব আৰু কি পথ ৰোগীক খুউৱা হৈছে, এই কথা ডাঙৰীয়াই প্ৰশ্ন কৰিলত উত্তৰ পালে যে চিকিৎসাভিজ্ঞ দুলাল চন্দ্ৰ চৌধাৰীৰ ব্যৱস্থামতে ৰোগীক থেকেৰাৰ জোলেৰে এমুঠি ভাত দিয়া হৈছে, আৰু এই এই দৰব খুউৱা হৈছে। ইয়াৰ পিছত ডাঙৰীয়াই ৰোগীৰ হাতটোত ধৰি কিছুমান বেলি নাড়ী চাই হাতটো এৰি দি কলে যে "যি দৰব দিয়া হৈছে, সেই দৰবেই চলি থাওক; আৰু যদি নতুন কিবা দৰদ দিবৰ আৱশ্যক বোধ কৰোঁ তেন্তে তাৰ ব্যৱস্থা মই দুলালে সৈতে পৰামৰ্শ কৰি কৰিম।” এই বুলি ডাঙৰীয়া বাহিৰলৈ ওলাই আহি, নৰীযাৰ পতি কৰোঁতা শ্ৰীযুত ভোলানাথ বৰুৱা আৰু আন সকলোকে তেওঁ কলে যে "তোমালোক আজি ৰাতি সাৱধান হৈ থাকিবা; ৰাতি চাৰিমান বজাৰ সিফাললৈ ৰোগী আৰু নাথাকে। ডাঙৰীয়াৰ কথা শুনি তেওঁলোকে অবিশ্বাস কৰা যেন দেখি ডাঙৰীয়াই ইয়াকে কৈ গুছি গল যে "অবিশ্বাস কৰিবৰ কাৰণ নাই; মই যি কৈ গলোঁ সেইদৰেই ঘটিব; তোমালোক সাৱধানে থাকিবা।" আশ্চৰ্য্যৰ বিষয়, যে ঠিক বাতি চাৰি বজাত ৰোগী ধুকাল।  ডাঙৰীয়া দীননাথ বেজবৰুৱা সংস্কৃত ভাষাতো সুপণ্ডিত আছিল। ব্যাকৰণ কাব্য আৰু অলঙ্কাৰ শাস্ত্ৰ তেওঁৰ ভালকৈ পঢ়া আছিল। অলপ-অচৰপ সংস্কৃত ৰচনাও তেওঁ কৰিব পাৰিছিল। লেখক এবাৰ পিতৃদেৱতা ডাঙৰীয়াৰ সৈতে দক্ষিণপাট সত্ৰলৈ গৈছিল। দক্ষিণপটীয়া অধিকাৰ গোসাঁইৰ শৰীৰ অসুস্থ থকাৰ নিমিত্তে, ডাঙৰীয়াক গোসাঁই প্ৰভুৱে নৰীয়া চাবলৈ মাতি নিছিল। তেতিয়া দক্ষিণপাট সত্ৰত, অসমীয়াৰ গৌৰৱ বিখ্যাত সংস্কৃতজ্ঞ পণ্ডিত শ্ৰীযুত ধীৰেশ্বৰ ভট্টাচাৰ্য্যই অধিকাৰ গোসাঁইৰ অনুজ্ঞা আৰু ব্যয়ত ছাতৰক সংস্কৃত শিক্ষা দি আছিল। চিকিৎসাৰ নিমিত্তে অধিকাৰ প্ৰভুক শাস্ত্ৰবিহিত প্ৰায়শ্চিত্ত কৰিবৰ থিৰ হলত, ডাঙৰীয়াই প্ৰায়শ্চিত্তৰ সঙ্কল্পটো এনে সুন্দৰৰূপে সংস্কৃতত ৰচনা কৰি দিলে, যে পণ্ডিত ধীৰেশ্বৰ ভট্টাচাৰ্য্যই আচৰিত মানি ডাঙৰীয়াক সাধুবাদ প্ৰদান কৰিবলৈ ধৰিলে।

 আগৰ কালত শিক্ষাৰ বিশেষত্ব এই আছিল যে, যি ছাতৰে যিখন পুথি পঢ়ে, সেইখন ইমান তন্নতন্নকৈ সেই ছাত্ৰক পঢ়োৱা হয় যে তাৰ শ্লোক টীকা, ব্যাখ্যা আৰু তাৎপৰ্য্যবোৰ পৰ্য্যন্ত আগৰ পৰা গুৰিলৈকে ছাতৰৰ কণ্ঠস্থ হৈ পৰে। সেই কালৰ শিক্ষা যদিও পুতলে কম, কিন্তু বৰ দ আছিল; আজিকালিৰ শিক্ষা বহল, কিন্তু তৰাং। তেতিয়াৰ বিদ্যা কণ্ঠস্থা, এতিয়াৰ বিদ্যা পুস্তকস্থা। তেতিয়াৰ বিদ্যা গৰাকীৰ হাতনি-পেৰাৰ ভিতৰত, এতিয়াৰ বিদ্যা "পৰহস্ত গতং ধনং”ৰ নিচিনা, লাগিল বুলিলেই কিতাপৰ পাত নেমেলিলে নচলে। ডাঙৰীয়া দীননাথ বেজবৰুৱাই পঢ়াশালিত অধ্যাপকৰ মুখে যিবিলাক পুথি পঢ়িছিল, সেইবোৰ তেওঁৰ কণ্ঠস্থ আছিল; আৰু যেতিয়া যিটো শ্লোক যত প্ৰয়োগ কৰি নিজৰ মত বা শাস্ত্ৰৰ মতৰ সমৰ্থন কৰিব লাগে, তাক সহজে তেওঁ কৰিব পাৰিছিল৷ অনেক লোকে শাস্ত্ৰ পঢ়ি পণ্ডিত হৈও, শাস্ত্ৰৰ শ্লোক বা বচনবিলাক, মহাবীৰ কৰ্ণই সময়ৰ শৰ পাহৰাদি পাহৰি, আৱশ্যকীয় সময়ত ব্যৱহাৰ কৰিব নোৱাৰে; কিন্তু ডাঙৰীয়া হলে তেনে নাছিল। নিদান, ভাবপ্ৰকাশ, সুশ্ৰুত, চৰক আদি আয়ুৰ্ব্বেদীয় গ্ৰন্থৰ শ্লোকবোৰ তেওঁৰ জিভাৰ আগত আছিল, আৰু উচিত সময়ত তেওঁ সেইবোৰৰ সদ্ব্যৱহাৰ কৰিব পাৰিছিল। লেখকৰ মনত আছে, তেওঁ তেওঁৰ আন ককায়েকহঁতে সৈতে, পিতৃদেৱতাৰ ওচৰত নিদান, ভাবপ্ৰকাশ আদি পুথি পঢ়োঁতে, তেওঁ লোকৰ আগতহে পুথি মেলা থাকিছিল, পিতৃদেৱতাই আঁতৰত বহি সেই পুথিৰ শ্লোকবিলাক মনৰপৰা সুৱৰি অনৰ্গল মাতি ব্যাখ্যা কৰি গৈছিল।

 ডাঙৰীয়াই মুনচেফৰ কামত থাকোতে অলপ-অচপৰ ইংৰাজী শিকিছিল, আৰু নিজৰ নামটো ইংৰাজীত চহি কৰিব পাৰিছিল। ৰামায়ণ, মহাভাৰত, গীতা, শ্ৰীমদ্ভাগৱত, আৰু আন আন পুৰাণ শাস্ত্ৰত তেওঁৰ গভীৰ জ্ঞান আছিল। গীতা আৰু শ্ৰীমদ্ভাগৱত শাস্ত্ৰৰ সুন্দৰ ভক্তিপূৰ্ণ ব্যাখ্যা তেওঁ কৰিব পাৰিছিল। শ্ৰীমদ্ভাগৱতৰ ব্যাখ্যা সম্বন্ধে সদায় তেওঁ এই শ্লোকটো মাতিছিল, — "ভক্ত্যা ভাগবতং বেত্তি, ন বুদ্ধ্যা নচ টিকয়া। ”

 স্কন্দপুৰাণৰ অন্তৰ্গত “উৎকলখণ্ড” পুথি ডাঙৰীয়াই অসমীয়া পদলৈ ভাঙ্গনি কৰিছিল। সেই পুথি এতিয়াও হাতে লেখা অৱস্থাতে আছে। ৰূদ্ৰযামালৰ অন্তৰ্গত হৰগৌৰি সংবাদৰ “আচাৰ্য্য সংহতি” নামে পুথিৰও অসমীয়া পদ ভাঙ্গনি ডাঙৰীয়াই কৰিছিল। ডাঙৰীয়া জীয়াই থাকোঁতেই সেই পুথি ছাপা হৈ ওলাইছিল। "গুৰু চৰিত্ৰ” নামে শঙ্কৰদেৱ আৰু মাধৱদেৱৰ জীবন-চৰিত্ৰ পুথি তেওঁ পছন্দত ৰচনা কৰি, অনেক পৰিশ্ৰম আৰু অৰ্থব্যয় কৰি, হাতেৰে তাৰ একো-খন নকল কৰোৱাই, কমলাবাৰী, বৰপেটা, মধুপুৰ আদি মহাপুৰুষীয়া ঘাই সত্ৰবিলাকত দিছিল; আৰু সেই থানবিলাকত সেই পুথি বৰ আদৰৰ বস্তু হৈ আছে। গুৰুচৰিত্ৰ পুথি এতিয়াও ছপা হোৱা নাই। ১৭৬৬ শকত ( ১৮৪৪ খৃষ্টাব্দ ) তেওঁ “বেজৱৰুৱা বংশাবলী” পুথি ৰচনা কৰিছিল। সেই পুথিও এতিয়া হাতে লেখা অৱস্থাতে।

তাৰ পাতনিত তেওঁ এইদৰে লিখিছে :—

"কৃষ্ণৰ ভৃত্যৰ ভৃত্য দ্বিজ দীননাথ।
অজ্ঞানত মজি আছোঁ পৰম অনাথ॥
     
     
ৰস ৰস ঋষিচন্দ্ৰ বৰ্ষে চৈত্ৰ মাস
বংশাৱলী পৱাৰ কৰিতে কৰোঁ আশ॥
     
সিটো কথা ভবিষ্যত কালত অখণ্ডে।
থকাৰ আশায়ে নিবন্ধিলে। পদছন্দে॥”

সামৰণিৰ ফালে তেওঁ সেই পুথি ৰচনাৰ কাৰণ এইদৰে দিছে।—

“যিহেতু ভৈলোঁহোঁ মই অতি বুদ্ধিহীন।
আনকো নেদেখো মনে কেহোঁ ৰাখে চিন॥
কিজানি ইমত ছন্দে ৰাখিলে যতনে।
গোত্ৰৰ বালকগণে ৰাখে পঢ়ি মনে॥

যদিবা নপঢ়ে কেহো অকৰ্ম্মণ্য বুলি।
তথাপিতো পুথি হৈয়া থাকিব সমুলি॥
সময়ত অশৌচাদি সম্বন্ধৰ কালে।
কাৰ্য্যাৰ্থীসবক লাগিবেক অবিকলে॥”

 বেজবৰুৱা ডাঙৰীয়া ৰচিত “গুৰু চৰিত্ৰ” পুথিখন বহুমূলীয়া বস্তু। তেওঁ শঙ্কৰদেৱ, মাধৱদেহ, বদুলাআতা আৰু আন আন সন্ত সাধুসকলৰ জীৱন-চৰিত্ৰ ইমান জানিছিল যে কমলাবাৰী, বৰপেটা আদি সত্ৰৰ মুখ্য সন্ত সাধুসকলেও তেওঁৰে সৈতে “বহা সুখত বহি” সেই চৰিত্ৰবোৰ তেওঁৰ মুখৰ পৰা শুনি শিকিছিল, আৰু নিজৰ মনৰ সন্দেহৰ খৰচি মাৰি লৈছিল।

 পিতৃদেৱতা ডাঙৰীয়াৰ মুখে শুনিছিলোঁ যে তেওঁ “উৎকলখণ্ড” পুথিৰ ভাঙ্গনি কৰোঁতে,

“ভ্ৰমন্ত্যন্যানি তীৰ্থানি, তক্তা তৎক্ষেত্ৰমুত্তমং |

ফলসোমোদকৈ তৃপ্ত্বালভন্তে শ্ৰমজং ফলং॥”

 এই শ্লোকটো পাই, অতি পুৰুষাৰ্থ কৰিও ভাৰ সন্তোষজনক অৰ্থ উলিয়াব নোৱাৰি হতাশ হৈ, ভুল ভাঙ্গনি কৰা অনুচিত ভাবি, সেই খিনিতে তাৰ পদ কৰিবলৈ এৰি দি, ভালেমান দিনলৈকে পুথিখন সামৰি থৈ দিছিল। মহামহোপাধ্যায় উৰ্ব্বীধৰ শিৱসাগৰীয়া বৰুৱাকে প্ৰমুখ্য কৰি অনেক পণ্ডিতক সেই শ্লোকৰ মানে তেওঁ সুধি কাৰোপৰা সস্তোষজনক উত্তৰ নাপালে। এদিন ৰাতি ডাঙৰীয়াই স্বপ্ন দেখিলে, যে তেওঁ যেন বহি উৎকলখণ্ড পুথিৰ পদ কৰি থাকোঁতে সেই শ্লোকটো পাই তাৰ অৰ্থ কৰিব নোৱাৰি ভাবি মূৰ ঘমাব লাগিছে। এনেতে এজন বিশিষ্ট পণ্ডিতৰ নিচিনা লোক তেওঁৰ ভাগত উপস্থিত হৈ তেওঁক সুধিলে “সেইয়া কি কৰিছা?”  ডাঙৰীয়াই উত্তৰ দিলে, “উৎকলখণ্ডৰ পদ কৰিছোঁ।”

 পণ্ডিতজন। “ৰৈ আছা কিয়?”

 ডাঙৰীয়া। “এই শ্লোকটোৰ মানে কৰিব নোৱাৰি।”

 পণ্ডিতজন। “শ্লোকটো কি মাতাছোন?”

 ডাঙৰীয়াই শ্লোকটো মাতিলে। শ্লোকটো শুনি মানুহজনে কলে, "কিয়, ইয়াৰ অৰ্থটো দেখোন ওলাই আছে। তস্ প্ৰত্যয়, আৰু এটা সন্ধিৰ লেঠ৷ মাথোন।” এই বুলি তেওঁ ডাঙৰীয়াক সেইটো ভাঙ্গি বুজাই দিলে, আৰু ডাঙৰীয়াই সাৰ পালে। সাৰ পাই তেওঁ আৰু নুশুই ৰাতি পুৱালতে উৰ্ব্বীধৰ শিৱসাগৰীয়া বৰুৱাৰ ঘৰলৈ গৈ শিৱসাগৰীয়া বৰুৱাক সেই স্বপ্নত পোৱা ব্যাখ্যাৰ কথা কলে। ব্যাখ্যাটো শুনি বৰুৱাদেও আচৰিত হৈ কলে, "ঠিক ব্যাখ্যা! অথচ আমাৰ মনত ইমান দিন ই খেলোৱা নাছিল।” ইয়াৰ পিছত ডাঙৰীয়াই সেই পুথিৰ ভাঙ্গনি সম্পূৰ্ণ কৰিলে।

 বেজবৰুৱা ডাঙ্গৰীয়াই আসামৰ বুৰঞ্জী এখন লেখিবলৈকো কাৰবাৰ কৰি তাৰ নিমিত্তে সজুলি গোটাইছিল। কিন্তু দুখৰ বিষয় সি হৈ নুঠিল। তেওঁৰ দ্বাৰাই ৰচিত আসাম বুৰজী নিশ্চয় এখন অমূল্য গ্ৰন্থ হলহেঁতেন; কাৰণ তেওঁ আসাম দেশৰ বিষয়ে ইমানবিলাক পুৰণি বৃত্তান্ত জানিছিল যে, তেওঁ আসাম বুৰঞ্জীৰ ভঁৰাল আছিল বুলিলেও সৰহ কোৱা নহয়। ডাঙৰীয়া লোকান্তৰ হোৱা বাতৰি শুনি ১৮৯৫ খৃষ্টাব্দৰ জুন মাহৰ “আসাম টাইমচ” বাতৰি কাকতে যি লেখিছিল, তাৰ অসমীয়া ভাঙ্গনি তলত দিলোঁ। "আমি বৰ শোকেৰে, শিৱসাগৰত অৱসৰ লৈ থকা একষ্ট্ৰা এচিষ্টেণ্ট কমিচনৰ ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ মৃত্যুৰ বাতৰি লেখিব লগীয়াত পৰিলোঁ। মেই মাহৰ ২৭ তাৰিখে সোমবাৰৰ দিনা পুৱা ৮ বজাত তেওঁৰ দেহান্তৰ ঘটিল। পূজনীয় ডাঙৰীয়া কিছু দিনৰপৰা নৰীয়া পৰি আছিল; আৰু চিকিৎসকৰ পৰামৰ্শ মতে জল-বায়ুৰ পৰিবৰ্ত্তনৰ নিমিত্তে, তেওঁৰ গুৰু-ঘৰ কমলাবাৰী সত্ৰলৈ গৈছিল, আৰু তাতে তেওঁৰ মৃত্যু হল। পূজ্যপাদ ডাঙৰীয়াৰ মৃত্যু, আসামৰ জাতীয় হানি বুলিব লাগে; কাৰণ, তেওঁৰ লগতে অসমত আগৰ কলীয়া অসমীয়া ডাঙৰীয়াসকলৰ ভিতৰত বাকী জীয়াই থকা কেইজনৰ এজন গল। তেওঁ প্ৰায় এক শতিকাৰ চাৰি ভাগৰ এভাগ কাল গবৰ্ণমেণ্টৰ ঘৰৰ পেঞ্চন ভোগ কৰি, অতি সন্মানেৰে কাল কটাই, আশীবছৰ বয়সত লোকান্তৰ হল। যদিও তেওঁ বয়সত ভৰ বুঢ়া হৈছিল, কিন্তু কামত ডেকা আছিল; আৰু ৰাজহুৱা সকলোবিষয়ত উৎসাহ দেখুৱাত আৰু আগৰণুৱা হোৱাত ত্ৰিশ বছৰীয়া ডেকাকো চেৰ্ পেলাইছিল তেওঁৰ স্বাস্থ্য বৰ ভাল আছিল; আৰু তেওঁ শুদ্ধ-সত্ব বৈষ্ণৱ আছিল, আৰু সকলোৰে শ্ৰদ্ধা ভক্তি আকৰ্ষণ কৰিছিল। ডাঙৰীয়াৰ মৃত্যুৰ বাতৰি লেখি আমালৈ পঠিৱ৷ সংবাদদাত৷ এজনৰ চিঠিৰ পৰা আমি তলত এই কেইষাৰ তুলি দিলোঁ— ‘তেওঁ নিজ গুৰুৰ আগত, ঈশ্বৰৰ ইচ্ছাত ধীৰ আৰু প্ৰশান্ত ভাৱে আত্মসমৰ্পণ কৰাৰ দৃশ্য অতি মহৎ, অতি হৃদয়স্পৃক। তেওঁ যেতিয়া অন্তকক ওচৰ চাপি অহা দেখিলে, তেতিয়া তেওঁ ঈশ্বৰৰ ইচ্ছাত নিজক সম্পূৰ্ণ সমৰ্পণ কৰি দি, এনে প্ৰশান্ত আৰু প্ৰফুল্ল মনেৰে ইহসংসাৰ পৰিত্যাগ কৰিলে,যে দেখি আমাৰ মনত হল যেন তেওঁ কোনো বন্ধু দৰ্শন কৰিবৰ নিমিত্তেহে গৈছে। শেহ সময়লৈকে তেওঁ সজ্ঞান আছিল,আৰু নৈষ্ঠিক হিন্দুৰ অন্তিম কালত কৰ্ত্তব্য শাস্ত্ৰবিহিত সকলোবোৰ কাৰ্য্য সমাপন কৰিছিল। সেই কাৰ্য্যবোৰৰ অন্তত তেওঁ স্বৰ্গৰ ফালে এক থিৰে চকু ৰাখি, ক্ষীণকণ্ঠেৰে ঈশ্বৰৰ নাম উচ্চাৰণ কৰি, যেন “হে পৰমেশ্বৰ! তোমাৰ হাতত মোৰ এই আত্মা সমৰ্পণ কৰিলোঁ; কাৰণ, তুমি মোক উদ্ধাৰ কৰিলা! হে মোৰ যুক্তিদাতা পৰমেশ্বৰ!” এইদৰে বুলি, চিৰকালৰ নিমিত্তে চকু মুদিলে।'

              

 “আমি আশা কৰোঁ ৺ বেজবৰুৱা ডাঙৰীয়াৰ কোনো এজন পুতেকে যেন ডাঙৰীয়াৰ জীৱনৰ ইতিহাস লেখে।”[]

 ১৮৯৫ খৃষ্টাব্দৰ ৯ জুনৰ “ষ্টেটচ্ মেন” বাতৰি কাকতে ডাঙৰীয়াৰ মৃত্যু সম্বন্ধে এইদৰে লেখিছিল :-“ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ ৮৪ বছৰ বয়সত মৃত্যুত আসামে এজন সুবিখ্যাত লোক হেৰুৱালে। তেওঁৰ মৃত্যুটো জাতীয় ক্ষতি; আৰু সেই মৃত্যুত য়ুৰোপীয় আৰু ভাৰতীয় সকলো মানুহ শোকাকুল। তেওঁ আসাম ৰজাসকলৰ দিনৰ সামাজিক ৰাজনৈতিক আৰু ধৰ্ম্মসম্বন্ধীয় সকলো বিষয়তে জীৱন্ত বুৰঞ্জী স্বৰূপ আছিল। গত বৃহস্পতি বাৰৰ দিনা তেওঁৰ শ্ৰাদ্ধ বা সমাৰোহেৰে সমাপিত হল। মৃতকৰ সন্মান দেখুৱাবৰ নিমিত্তে ডেপুটি কমিচনৰ মিষ্টৰ মনাহানে সেইদিনা এক বজাত কাছাৰি আৰু আফিচবিলাক বন্ধ কৰিছিল। []  আসাম দেশৰ পুৰণি কলীয়া বৃত্তান্ত, ৰজাৰ দিনৰ কথা, আচাৰ, ব্যৱহাৰ, ৰীতি, নীতি আদি জনা বিষয়ত ডাঙৰীয়া দীননাথ বেজবৰুৱা প্ৰধান আছিল। আসামৰ পুৰণি কলীয়া ঘটনাবিলাক তেওঁ কবলৈ ধৰিলে শুনি মুগ্ধ হব লাগে। শঙ্কৰদেৱ, মাধৱদেৱ, আৰু আতাসকলৰ জীৱন চৰিত্ৰ তেওঁৰ ওঠৰ আগত আছিল। ভাদ মহীয়া তিনি কীৰ্ত্তনৰ অন্তৰ দিনা তেওঁ চৰিত্ৰ তুলিবলৈ বহি অনৰ্গল সুৱলাকৈ সেই মহাপুৰুষসকলৰ জন্মৰ পৰা “বৈকুণ্ঠ প্ৰয়াণ” পৰ্য্যন্ত জীৱন চৰিত্ৰ মনৰ পৰা এনেকৈ কৈছিল যে শ্ৰোতাসকলে শুনি আচৰিত মানিছিল। মহাপুৰুষীয়া সত্ৰৰ গোসাঁই, মহন্ত, ভকতসকলেও ডাঙৰীয়াৰপৰা শঙ্কৰদেৱ মাধৱদেৱৰ চৰিত্ৰ শুনি শিকিছিল বুলি আমি ওপৰত কৈ আহিছোঁ।

 বেজবৰুৱা ডাঙৰীয়াৰ চৰিত্ৰ বৰ নিৰ্ম্মল আৰু শুদ্ধ আছিল। সদাচাৰ তেওঁৰ প্ৰধান লক্ষণ আছিল। অপবিত্ৰ বস্তু, অশুচী কাৰ্য্য আৰু নীতিবিগৰ্হিত আচৰণৰ পৰা তেওঁ আপোনাক অনেক আঁতৰত ৰাখিছিল। তেওঁ সদায় কৈছিল, “সদাচাৰে মুক্তি, অনাচাৰে সংসাৰ।” কোনে৷ ৰাগী লগা বস্তু তেওঁৰ ওচৰ চাপিব নোৱাৰিছিল। কোনো প্ৰকাৰৰ ধপাত তেওঁ নাখাইছিল; বৰং লোককো ধপাত থোৱা দেখিলে তেওঁ খং কৰিছিল। হোকা আদি ধপাত খোৱা যতন তেওঁৰ ঘৰত সোমাব নোৱাৰিছিল; আন কি, তেওঁৰ টোলৰ ভিতৰত থকা কেনো মানুহক আৰু ঘৰৰ লগুৱা লিক্‌চৌক ধপাত থোৱা তেওঁ দেখিলে দাবি-হুকি দি সিহঁতৰ হোক| ভঙ্গাই পেলাইছিল। ভাং, কানি, ধপাতক তেওঁ “সাত সুৰাৰ” লগৰ এক সুৰা বুলি ধৰিছিল। মদাহী মানুহৰ ওপৰত তেওঁ খড়্গহস্ত আছিল, আৰু মদাহীক সহজে ক্ষমা নকৰিছিল। মদাহী, বেশাশক্ত আৰু অগম্যাগমনকাৰীৰ প্ৰতি তেওঁৰ বিচাৰ আৰু শাস্তি কঠোৰ আছিল। "নামাৰিব গালে, নধৰিব চুলে, চৰণেৰে প্ৰহাৰ নকৰিব কোনো কালে,” এই “গুৰু-বাইক” ডাঙৰীয়াই যতনেৰে পালন কৰিছিল, আৰু লোককো পালন কৰিবলৈ দঢ়াই দঢ়াই কৈছিল। আগৰ কালৰ গৱৰ্ণমেণ্টৰ ঘৰত চাকৰী কৰোঁতা অসমীয়া বিষয়াসকলৰ ভিতৰত, গুচৰীয়া পদকীয়াৰপৰা ভেটী খোৱা দস্তুৰ যে প্ৰচলিত নাছিল এনে বুলিব নোৱাৰি; কিন্তু ডাঙৰীয়া দীননাথ বেজবৰুৱাই সেই দস্তুৰ বৰ ঘিণ কৰিছিল, আৰু সেই কলঙ্কই তেওঁক কেতিয়াও নপৰশিছিল। স্বৰূপতে কবলৈ গলে, তেওঁৰ নিচিনা নিৰ্দোষ আৰু নিৰ্ম্মল চৰিত্ৰৰ লোক অতি বিৰল; আৰু সেই নিমিত্তে তেওঁৰ যশষ্যাৰ সৌৰভ আসামত চাৰিউফালে বিয়াপি পৰিছিল।

 ৰাম কৃষ্ণ নামামৃত পানত তেওঁ মতলীয়া আছিল। ৰাম কৃষ্ণ নাম লোৱাজনক তেওঁ বুকুত চপাই লৈছিল। ৰামনাম ভজনা কৰোঁতা “ৰামাওৎ” সন্ন্যাসীসকলে তেওঁৰ শ্ৰদ্ধা ভক্তি বৰকৈ আকৰ্ষণ কৰিছিল; আৰু সেইদেখি অনেক সময়ত অনেক ভণ্ডইও সেই চলতে তেওঁৰ ওপৰত সুধিবা লবলৈ সক্ষম হৈছিল। "কলিযুগে ৰাম নাম সাৰ। ৰাম নামে জগত উদ্ধাৰ।” এই ঘোষা তেওঁৰ জিভাৰ আগত আছিল।

 বঙহ পৰিয়ালৰ ভিতৰত ডাঙৰীয়া "পিতামহ ভীষ্ম” যেন আছিল। "সৰ্ব্বকালে পিতামহ আছা ৰক্ষা কৰি। শিশু চটকক যেন পখায়ে আবৰি॥” এই বচন ডাঙৰীয়াৰ গাত, তেওঁৰ বঙহ পৰিয়ালৰ মানুহৰ প্ৰতি ব্যৱহাৰত, নিগাজীকৈ খাটিছিল। তেওঁৰ পাখিৰ তলত থাকি, ঘৰৰ পুত্ৰ পৰিবাৰ, দূৰ আৰু ওচৰ সম্পৰ্কীয় লৰা ডেকা বুঢ়া সকলো সদায় নিৰ্ভয় নিশ্চিন্ত হৈ আছিল। বঙহৰ মানুহ দূৰ সম্পৰ্কীয়ই হওক বা ওচৰ সম্পৰ্কীয়ই হওক, সদায় সেইসকলক তেওঁ চপাই ধৰিছিল। মমতা তেওঁৰ অন্তৰত বৰ প্ৰবল আছিল। সন্তান-সন্ততিৰ প্ৰতি স্নেহেৰে তেওঁৰ মন ভৰ-পূৰ আছিল। কিন্তু সেইবুলি তেওঁ যে বিষয় সংসাৰ পুত্ৰ পৰিবাৰৰ বান্ধোনত একেবাৰেই বান্ধখাই আছিল এনে নহয়; পদুমপাত পানীত থাকিও যেনেকৈ পানীত নিৰ্লিপ্ত, বিষয় সংসাৰত থাকি নিজৰ কৰ্ত্তব্য কায়মনোবাক্যে পালন কৰিও তেওঁ বিষষত সেইদৰে নিৰ্লিপ্ত আছিল। ৰজা জনকৰ আৰ্হি সদায় তেওঁ নিজৰ আগত ৰাখি চলিছিল। লোকৰ লবা ছোৱালীৰ প্ৰতিও তেওঁৰ স্নেহৰ ভাব প্ৰবল আছিল, আৰু তেওঁ সিহঁতৰ সুখত সুখী আৰু দুখত দুখী হৈছিল। লোকৰ লৰাৰ কান্দোন শুনিলেও তেওঁৰ মন ব্যথিত হৈ পৰিছিল। লেখকৰ মনত আছে, তেওঁ এবাৰ পিতৃদেৱতা ডাঙৰীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত নাৱেৰে উজাই যাওঁতে, নৈৰ পাৰৰ মিৰি গাৱঁৰপৰা কোনোবা মিৰিব লৰাৰ কান্দোন ডাঙৰীয়াৰ কাণত পৰিলত ডাঙৰীয়াই সেইখিনিতে নাও ৰখাই, মিৰি গাৱলৈ মানুহ পঠিয়াই দি সেই লৰা নকন্দুৱালৈ কোৱাই পঠিয়াইছিল।

 জীৱৰ প্ৰতি দয়াৰ ভাব তেওঁৰ মনত ইমান প্ৰবল আছিল যে জীৱহিংসা কৰাটো তেওঁ সমূলী সহিব নোৱাৰিছিল। তেওঁ ঘৰৰ কাকো কেতিয়াও মাছ পহু চৰাই আদি জন্তু মাৰিব নিদিছিল, আৰু লুকাই-চুৰকৈ কোনোবাই তেনে কৰা গম পালে সেইজনৰ ওপৰত বৰ ক্ৰোধ প্ৰকাশ কৰিছিল। আন মানুহেও চৰাই পহু আৰু মাছ মৰা দেখিলে তেওঁ বিৰক্ত হৈছিল। ডাঙৰীয়াই দেখাকৈ কোনেও বৰষি বাই মাছ ধৰিব নোৱাছিল, আৰু হিলৈ, কাড়, বা বাতলু-গুটিৰে চৰাই পহু মাৰিব নোৱাৰিছিল। আন কি, বজাৰৰপৰা লগুৱাই মাগুৰ কাৱৈ আদি জীয়া মাছ ঘৰলৈ অনা ডাঙৰীয়াৰ চকুত পৰিলে, সেই মাছ তেওঁ তৎক্ষণাত পুখুৰীত বা নৈত মেলাই দিয়াইছিল।

 ডাঙৰীয়াৰ ঘৰত লগুৱাৰ কাম কৰি বুঢ়া হোৱা আৰু ডাঙৰীয়া গবৰ্ণমেণ্টৰ চাকৰীত থাকোঁতে তেওঁৰ লগত অনেকদিন টেকেলা বা ছাপৰাচীৰ কাম কৰোঁতা মানুহক তেওঁ যাবজ্জীৱন দুই চাৰি টকাকৈ পেন্সন দিছিল; আৰু সেই বিষয়ত হিন্দু আৰু মছলমানক তেওঁ সমান চকুৰে দেখিছিল। নদাই নামে হিন্দু টেকেল৷ এটাক, আৰু হায়েৎ নামে মছলমান ছাপৰাচী এটাক সিহঁত নমৰালৈকে ডাঙৰীয়াই মাহে মাহে পেন্সন দিয়া আমি দেখিছিলোঁ। ডাঙৰীয়াৰ ঘৰৰ বান্দীৰ লৰাই,ডাঙৰীয়াৰ লৰাক “পিৰেম্বোলেটৰ” গাড়ীত উঠি ফুৰা দেখি কন্দা বাবে, বান্দীৰ লৰালৈকে৷ ডাঙৰীয়াই কাঠৰ ঘিলা দিয়া গাড়ী কৰাই দিয়া আমি দেখিছিলোঁ।

 পুতেকহঁতলৈ যদিও ডাঙৰীয়াৰ বৰ মৰম চেনেহ আছিল তথাপি তেওঁ তেওঁলোকক কঠোৰ শিক্ষা সংযম আৰু শাসনৰ তলত ৰাখিছিল। তেওঁলোকে তেওঁৰ আগত তুৰি-মূৰি কৰিব নোৱাৰিছিল আৰু অবাটে যাব নোৱাৰিছিল।

 ধৰ্ম্ম আৰু সমাজ বিষয়ে তেওঁৰ মত আৰু বিশ্বাস যদিও কট্‌কটীয়া আছিল, তথাপি সি যে স্থল-বিশেষে একেবাৰেই লেতুসেতু আৰু উন্নতিশীল নাছিল এনে নহয়। ডাঙৰীয়াৰ মনটো উন্নতিশীল হোৱাৰ ঘাই কাৰণ, ধৰ্ম্মশাস্ত্ৰত তেওঁৰ প্ৰগাঢ় পাণ্ডিত্য আৰু বহুদৰ্শিতা। সেই দুটা গুণ তেওঁৰ গাত থকা বাবে তেওঁ চিন্তা কৰি শাস্ত্ৰৰ ব্যৱস্থা বিলাকৰ প্ৰকৃত মৰ্ম্ম আৰু উদ্দেশ্য বুজিব পাৰিছিল; আৰু সেইবাবে তেওঁ আন অনেক “গোৰা হিন্দুৰ” দৰে ঠৰঙা হৈ নাথাকি, নতুন অৱস্থা আৰু নতুন কালেৰে সৈতে নিজক মিলাই সামঞ্জস্য কৰি লব পাৰিছিল। আমি ওপৰত কৈ আহিছোঁ, যে গুৰিতে তেওঁ বামুণ সজ্জনৰ সন্তানসকলক ম্লেচৰ ভাষা ইংৰাজী শিকিবলৈ দিয়াৰ ঘোৰ বিৰোধী আছিল; কিন্তু লাহে লাহে যেতিয়া তেওঁ ইংৰাজী শিক্ষাৰ উপকাৰিত| বুজিলে, তেতিয়া তাক নিজেও শিকিবলৈ চেষ্টা কৰিছিল, আৰু নিজৰ লৰাহঁতকো শিকিবলৈ দিছিল। তেওঁৰ জীৱনৰ শেহ ডোখৰত তেওঁ নিজে পৰিশ্ৰম কৰি নিজৰ খৰচত ইংৰাজী “হাইস্কুল” পাতি দিছিল। প্ৰথমতে তেওঁ নিজৰ পুতেকহঁতে কলিকতালৈ গৈ লেখা পঢ়া শিকাৰ বিৰোধী আছিল, পিছত তেওঁ পুতেক হঁতক উৎসাহেৰে কলিকতাত পঢ়িবলৈ পঠিয়াইছিল। তেওঁৰ উন্নতিশীল মনৰ বিষয়ে ভালেমান উদাহৰণ দিব পাৰি, কিন্তু সেইবোৰৰ দ্বাৰাই এই প্ৰবন্ধৰ কলেবৰ বঢ়াবৰ সকাম নেদেখোঁ। ডাঙৰৰ সৈতে সৰুৰ কথা ৰিজাবলৈ গলে কব পাৰি যে বিলাত বিখ্যাত মহামন্ত্ৰী গ্লেডস্টোনে যেনেকৈ তেওঁৰ বুঢ়া বয়সতো নতুন অৱস্থাৰে নিজক মিলাই সামঞ্জস্য কৰি চলিব পাৰিছিল, আশীবছৰীয়া বুঢ়া ডাঙৰীয়া দীননাথ বেজবৰুৱাইও সেইদৰে অনেক বিষয়ত চলিব পাৰিছিল।

 বেজবৰুৱা ডাঙৰীয়াই কেতিয়াও ঔষধত - কৃত্ৰিমতা নকৰিছিল; আৰু তেনে কৰাটো পাপ আৰু অন্যায় বুলি তেওঁৰ দৃঢ় বিশ্বাস আছিল। বঙ্গদেশৰ সৰহখিনি কবিৰাজৰ কথাকে নকওঁ, আসামৰো অনেক বেজে নিজৰ ব্যৱসায়ৰ সুবিধাৰ নিমিত্তে দৰবত কৃত্ৰিমতা কৰে; যেনে, সোণৰ অভাৱত স্বৰ্ণমাখি দিয়ে, অৰ্থাৎ জানিবা মধুৰ অভাৱত গুৰ দি গ৷ সাৰে। দীননাথ বেজবৰুৱা ডাঙৰীয়াই যদিও বেজৰ ব্যৱসায় চলাই অৰ্থোপাৰ্জ্জন কৰিছিল তথাপি সৰ্ব্বসাধাৰণক আৰু ঘাইকৈ দুখীয়া মানুহক বেচ নোলোৱাকৈ দৰব দিছিল আৰু চিকিৎসা কৰিছিল। তেওঁ যি দৰব কৰিছিল তাৰ সৰহভাগ সৰ্ব্বসাধাৰণক বেচ নোলোৱাকৈ বিলাওঁতেই গৈছিল। ডাক্তৰ আৰু আন বেজে ভাল নহয় বুলি এৰি দিয়া অনেক ৰোগীক তেওঁ দৰব দি নৰীয়া চাই ভাল কৰিছিল। এবাৰ পিতৃদেৱতা কলিকতালৈ আহোতে, কলিকতাৰ প্ৰসিদ্ধ বুঢ়া কবিৰাজ ৺ চন্দ্ৰকিশোৰ সেনৰ সৈতে তেওঁৰ দেখা হৈছিল। চন্দ্ৰকিশোৰে ডাঙৰীয়াৰ সৈতে আলাপ কৰি আয়ুৰ্ব্বেদ শাস্ত্ৰত ডাঙৰীয়াৰ পাণ্ডিত্য দেখি অবাক হৈছিল; আৰু অনেক অনুনয় বিনয় কৰি তেওঁ ডাঙৰীয়াক কলিকতাত মাহচেৰেক থাকি তেওঁৰ জনচেৰেক ডাঙৰ মানুহ ৰোগীক চিকিৎসা কৰিবলৈ ধৰিছিল। পিতৃদেৱতাই “মই তীৰ্থ কৰিবলৈ হে কলিকতালৈ আহিছোঁ, চিকিৎসা কৰিবলৈ নহয়; আৰু কলিকতাত দীঘলীয়াকৈ থকাটো মোৰ পক্ষে সুবিধাজনক নহয়” বুলি কৈ অস্বীকাৰ কৰিলে। পিতৃ-দেৱতাৰ সৈতে কবিৰাজ মহাশয়ৰ কথাবাৰ্ত্তাৰ সময়ত এই প্ৰবন্ধ লেখক কাষতে থাকি সেই কথা শুনিছিল।

 ‘বামুণৰ টিকনিৰ আগতে খং' বুলি কয়। ডাঙৰীয়াৰো যে সেই বামুনীয়া খং নাছিল এনে নহয়। কিন্তু সেই খং তৃণাগ্নিৰ দৰে ভমক্‌-কৰে জ্বলি ক্ষন্তেকতে যাব গৈছিল। তেওঁৰ নিজৰ মন সৰল আছিল গুণে লোকৰ বেঁকা কথাত তেওঁৰ খং উঠিছিল।

 বেজবৰুৱা ডাঙৰীয়া শকত আবত আৰু ওখ পুৰুষ আছিল। তেওঁ এশজনৰ ভিতৰত থাকিলেও তেওঁৰ গহীন গম্ভীৰ প্ৰশান্ত মূৰ্ত্তি আৰু সভা-শুৱনি ৰূপ আপুনি ফুটি ওলাইছিল। তেওঁৰ বচন গম্ভীৰ, চলা-ফুৰা গম্ভীৰ, আৰু কাৰ্য্যৰ প্ৰণালী গম্ভীৰ আছিল। তেওঁৰ বৰণ দেখিবলৈ তেজগোৰা আৰু গা শকত অথচ আৰ্টিল আছিল। তেওঁৰ গাত খুব বল আছিল। দুটা তিনটা বলী মানুহে ডাঙ্গি তুলিব নোৱাৰা গধূৰ বস্তু তেওঁ অকলৈ অলপ আয়াসতে তুলিব পাৰিছিল। নিয়মিত সাত্বিক আহাৰ, নিয়মিত পৰিশ্ৰম আৰু সদাচাৰ তেওঁৰ চিৰসঙ্গী থকাৰ নিমিত্তে তেওঁ ইমান দীৰ্ঘকাল সবল আৰু সুস্থ শৰীৰে জীয়াই আছিল; কেতিয়াও তেওঁৰ কোনো ৰোগ নহৈছিল। জীৱনৰ ভিতৰত তিনি কি চাৰিবাৰ মাথোন তেওঁৰ জ্বৰ হৈছিল। বুঢ়া বয়সত তেওঁ বিতচকু যদিও ব্যৱহাৰ কৰিছিল, তথাপি চকু পিন্ধি ৰাতিও চাকিৰ পোহৰত দিনৌ তেওঁ ডেকা মানুহৰদৰে সৰ্ সৰ্ কৰে পুথি পঢ়িব পাৰিছিল।

 ডাঙৰীয়াই ভালকৈ ঘোৰাত উঠিব পাৰিছিল। ইংৰাজসকলে তেওঁৰে সৈতে সমানে ঘোৰা চেকুৰাই তেওঁক ছেৰ পেলাব নোৱাৰি বাহাদুৰী দিছিল। তেওঁ ঘোৰাত উঠিবলৈ ইমান ভাল পাইছিল, যে তেওঁৰ ঘোৰা শালৰপৰা সদায় ঘোৰা নুগুচিছিল। তেওঁৰ নিষ্কৰ “গ্ৰান্ট” সিংদুৱাৰ চাহবাগিছালৈ তেওঁ বুঢ়া বয়সতে৷ ঘোৰাৰে সততে গৈছিল। ঘোৰাত উঠিব নজনা মানুহে ঘোৰাৰ পৰা পৰেই; কিন্তু ভালকৈ উঠিবজনা মানুহেও ঘোৰাৰ পৰা অনেকবাৰ নপৰি নাথাকে; আৰু নপৰিলে সেই কামত পৈণত নহয় বুলি কোৱা কথাও প্ৰচলিত আছে। ডাঙৰীয়াৰ গাটে৷ সেই কথা খাটিছিল। যদিও ডাঙৰীয়াই অনেক বাৰ ঘোৰাৰপৰা পৰি হাত ভৰি ঘূণীয়া কৰিছিল তথাপি ঘোৰাত উঠা কাৰ্য্যত তেওঁৰ উৎসাহ অলপো নকমিছিল। তেওঁ ধুকাবৰ দহ বাৰ বছৰ মানৰ আগৰ পৰাহে লোকৰ অনুৰোধত সেই ব্যায়াম পৰিত্যাগ কৰিছিল। কিন্তু তেওঁ ঘোৰাত উঠিবলৈ এৰেছিল বুলিও খোজকটা ব্যায়াম শেহলৈকে নেৰিছিল; আৰু পুৱা গধূলি দুই বেলা নিয়মমতে খোজ কাঢ়িছিল। বাগি, টম্‌টম্ তেওঁ নিজে ভালকৈ চলাব পাৰিছিল, আৰু চৰ্কাৰৰ ঘৰৰ চাকৰিত থাকোতে সততে বাগি চলাই ফুৰিছিল। নাও বোৱাতো ডাঙৰীয়াক কোনেও পেলাব নোৱাৰিছিল। ব্ৰহ্মপুত্ৰৰ ভৰা সোতত নাৱেৰে উজাওঁতে বা ভটীয়াওঁতে, বিশেষকৈ টান পানীত পাৰি দিওঁতে, নাৱৰ গুৰিয়ালে গুৰিধৰাত ডাঙৰীয়া সন্তুষ্ট নহৈ নিজে গুৰি-বঠা লৈ সেই নাৱৰ গুৰিধৰা, এই প্ৰবন্ধ লেখকে অনেক বাৰ দেখিছে৷ ডাঙৰীয়া হাতীত উঠি অলৈ-তলৈ যাওঁতে, অনেক সময়ত ভাল হাতী-মাউতেও ডাঙৰীয়াৰপৰা হাতী চলোৱা আৰু হাতীক শাসনত ৰখা বিষয়ে শিকনি পোৱা এই লেখকে দেখিছে৷ উঠা-নাম বা হীৰানাম গোৱাত ডেকা লৰাৰ মাজত সোমাই হাতত ভোৰ-তাল লৈ আশী বছৰীয়া বুঢ়া ডাঙৰীয়াই ডেকাতকৈও এশ গুণ তেজেৰে ঘুৰি ঘূৰি নাম গোৱা দেখি আমি অনেক সময়ত তবধ মানিছিলোঁহঁক।

 সাহ, ধৈৰ্য্য আৰু ক্ষমাগুণ ডাঙৰীয়াৰ গাত খুব প্ৰবল আছিল। ঈশ্বৰৰ চৰণত প্ৰকৃত নিৰ্ভৰ, অটল আৰু সুগভীৰ বিশ্বাসেই তাৰ মূল কাৰণ যেনেকি গুৰুতৰ কাৰ্য্য হওক, তেওঁ সাহ আৰু তেজেৰে তাৰ সমুখ হৈছিল। যেনেকি বিপদ আৰু শোকে তেওঁক আক্ৰমণ কৰক, তেওঁ পৰ্ব্বতৰ নিচিনা থিৰ, অচল, অটল। যেনেকি দোষ কৰি কোনোবা তেওঁৰ আগত উপস্থিত হওক, সেইজনক অনুতপ্ত আৰু ক্ষমা মগণিয়াৰ দেখিলে ততালিকে তেওঁ ক্ষমা কৰিছিল।

 আগৰ কালৰ ডাঙৰীয়াসকলৰ প্ৰথা অনুসাৰে ডাঙৰীয়াৰো দুই ভাৰ্য্যা আছিল। প্ৰথমজনা স্ত্ৰীৰ গৰ্ভত ছজন লৰা আৰু চাৰিজনী ছোৱালী; আৰু দ্বিতীয়জনাৰ গৰ্ভত সাতজন লৰা আৰু দুজনী ছোৱালী হয়। ডাঙৰীয়া জীয়াই থাকোতেই তিনিজন লৰাৰ আৰু তিনিজনী ছোৱালীৰ মৃত্যু হয়। সুপ্ৰসিদ্ধ ডাক্তৰ গোলাপচন্দ্ৰ বেজবৰুৱা এল, আৰ, চি, পি,; এল, এফ, পি, এচ, তেওঁৰ বৰজনা ভাৰ্য্যাৰ চতুৰ্থ পুতেক আছিল। জোৰহাটৰ সাৰ্ব্বজনিক সভা সংস্থাপক আসাম গৌৰব ৰায় জগন্নাথ বৰুৱা বাহাদুৰৰ সেই কাৰ্য সোঁহাত, আৰু চিকিৎসা বিদ্যাত সুনিপুণ ব্ৰজনাথ বেজবৰুৱা তেওঁৰ প্ৰথম পুতেক আছিল। তেওঁৰ দ্বিতীয়জনা সহধৰ্ম্মণীৰ প্ৰথম পুতেক: - বিখ্যাত "এডুকেচনিষ্ট ” ( শিক্ষাৰ ব্যৱস্থাপক ) শ্ৰীযুক্ত গোবিন্দ বেজবৰুৱা, যি মিষ্টৰ জি, বেজবৰুৱা নামেৰে সকলোৰে ওচৰত চিনাকী। ডাঙৰীয়া জীয়াই থাকোতেই তেওঁৰ প্ৰথমজনা ভাৰ্য্যা লোকান্তৰ হয়; দ্বিতীয়জনা এতিয়াও জীয়াই আছে।

 বেজবৰুৱা ডাঙৰীয়াৰ সোৱৰণীত যিবোৰ কথা লিখা আছে সেইবোৰৰ সৰহ ভাগ তেওঁৰ গাত ফলিয়াইছিল। সেই সোৱঁৰণীৰপৰা গোটা-চেৰেক বচন তলত দিলোঁ। —

“বিপুলাঞ্চ ভোগী, চিৰায়ুমুগ্ৰং,
বিপুলং বলঞ্চ, পিতৃ অৰ্থহানি,
সপক্ষমানী, বহুশাস্ত্ৰযুক্ত, ক্ৰোধী,
সুবুদ্ধিঃ, সুবঃ, প্ৰতাপী, জিতবৈৰঃ,
প্ৰজ্ঞাধিকঃ, প্ৰমত্তদেহ গুণৈৰুপেতঃ,
তীৰ্থবতঃ, প্ৰবাসী * * ইত্যাদি।

 বেজবৰুৱা ডাঙৰীয়া আন আন ডাঙৰীয়াসকলৰ দৰে বহি থাকি সুখ বিচাৰি এলাহৰ আশ্ৰয় লৈ থকা স্বভাৱৰ নাছিল। তেনে সুখক তেওঁ সুখ বুলি নাভাবিছিল। “কৰ্ম্মণ্যেবাধিকাৰন্তে মা ফলেষু কদাচন।” “অনাশ্ৰিতঃ কৰ্ম্মফলং কাৰ্য্যং কৰ্ম্ম কৰোতি যঃ। স সন্ন্যাসী চ যোগী চ ন নিবন্ধি নৰ্চাক্ৰিয়ঃ॥” কৰ্ম্মৰ কথা ওলালেই তেওঁ গীতাৰ এই শ্লোকবিলাক মাতিছিল আৰু সেই দৰে চলিবলৈ চেষ্টা কৰিছিল। কৰ্ম্ম মানে ঘাইকৈ তেওঁ ঈশ্বৰৰ সুপ্ৰীতিকৰ কৰ্ম্ম বুজিছিল ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষ এই চতুৰ্ব্বৰ্গ লাভৰ হে বুজিছিল; দেৱ দ্বিজ গুৰু আৰু বিষ্ণুভক্তৰ সেৱা শুশ্ৰূষা বুজিছিল; পৰৰ দুখ মোচন আৰু উপকাৰৰ চেষ্টা বুজিছিল। ডাঙৰীয়া এনে মুক্তিপ্ৰাৰ্থী আছিল যি মুক্তি হলে জীৱ আকৌ এই পৃথিবীলৈ উভতি আহিব নালাগে।

“ভয়হাৰী হৰি তাৰহু মুকুন্দ মুৰাৰি।
জনন মৰণ ক্লেশ সহিবে নাপাৰি।”

তেওঁৰ এই প্ৰাৰ্থনা আছিল।

“মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ।
এতেকে মুকুতি পাইবা কহিলে। স্বৰূপ॥”

 এইটো যুক্তিৰ প্ৰধান উপায় বুলি তেওঁ জানিছিল। মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম্মত “অহেতুকী ভক্তি” আৰু “হনুমন্তী কাস্তা” তেওঁৰ প্ৰধান লক্ষণ আছিল। মহাপুৰুষীয়া ধৰ্ম্মত “শৰণ” লোৱাটো, সংসাৰৰ শোক তাপ ক্ষুধা তৃষ্ণাৰ দ্বাৰাই জৰ্জৰিত জনে নিৰ্ম্মল স্নিগ্ধ সৰোবৰত জাঁপ মাৰি পৰি ডুব দি স্নান কৰি শাস্তি লভা জনৰ সৈতে তেওঁ সদায় তুলনা কৰিছিল। তেওঁ ৰাতি আহাৰ খাই উঠি শুবলৈ যোৱাৰ আগেয়ে মন প্ৰাণ ঢালি “কাকূতিৰ ঘোষা” গাইছিল, আৰু তাক শুনোতাজনৰ মনত ভক্তি প্ৰেমৰ নিঝৰা নবৈ নাথাকিছিল।

(১) “হে হৰি হৰি লৈলে৷ শৰণ ইবেলি।

মই অধমক পাৱে নেপেলাইব। ঠেলি॥”

(২) “কি মতে ভকতি কৰিবে৷ তোমাত হৰি এ,
মই মূঢ়মতি নাজানো তাৰ উপায়।

মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ,

আমাৰ মনক ত্যজিয়া দূৰ নাযায়॥”
(৩) “হৰি হৰি, হৰি হৰি, হৰি হৰি হৰি
কি কাম কৰিলোঁ আমি।

সাধুসঙ্গ লৈয়া তোমাক নভজি ভৈলোঁ

কিনো অধোগামী

 ইত্যাদি ঘোষা গাই ডাঙৰীয়াই যেতিয়া ঈশ্বৰৰ ওচৰত দিনৌ কাকৃতি কৰিছিল তাক শুনি, হৃদয়ত যাৰ অলপো ধৰ্মভাব আছে তাৰ মন ভক্তি-ৰসত দ্ৰৱ নহৈ নাথাকিছিল।

 ডাঙৰীয়াই তেওঁৰ শেষকাল ওচৰ চাপি অহা বুজিব পাৰি, তেওঁৰ গুৰু-ঘৰ কমলাবাৰী সত্ৰত পাৰ্থিব শৰীৰ পেলাবলৈ মনতে থিৰ কৰি, নাৱেৰে কমলাবাৰীলৈ গুচি গল। তেওঁৰ পুতেকহঁতে তেওঁৰ নৰীয়া বাঢ়িব বুলি ভয় কৰি, সেই সময়ত ঘৰ এৰি কষ্ট কৰি কমলাবাৰীলৈ ডাঙৰীয়াৰ যোৱাটো উচিত নহয় বুলি আপত্তি কৰিছিল; কিন্তু ডাঙৰীয়াই সেই আপত্তিলৈ কাণ নকৰি, নিজৰ মনৰ সংকল্পৰ পৰা বিচলিত নহৈ, আন বন্ধু মানুহৰ দ্বাৰাই নাও-দুনিৰ বন্ধৱস্ত কৰাই লৈ কমলাবাৰী পালেগৈ। কমলাবাৰী সত্ৰত তেওঁ কুৰি পচিশ দিন থাকি, নিজগুৰু, ভকত, বৈষ্ণৱ আৰু স্ত্ৰী পুত্ৰাদিৰে পৰিবৃত হৈ, অন্তকালৰ সকলো কৰ্ত্তব্য কাৰ্য্য সমাপন কৰি, শেহলৈকে সজ্ঞানে থাকি, ঈশ্বৰৰ নাম উচ্চাৰণ কৰি, একান্ত চিত্তে ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰি, ১৮১৭ শকৰ ( ১৮৯৫ খৃষ্টাব্দ, ২৭ মেই) জেঠৰ ১৪ তাৰিখে শুক্লা তৃতীয়া তিথিত পুৱি ৰাতি ৮ বজাত তনুত্যাগ কৰিলে।


অস্ত।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )

 
  1. ১৬৬২ খৃষ্টাব্দত যেতিয়া বঙ্গদেশৰ শাসনকৰ্ত্তা নবাব মিজুৰ্মলাই আসাম আক্ৰমণ কৰি আসামৰ ৰজা জয়ধ্বজ সিংহৰ সৈন্যক পানীৰ যুজত আৰু বামৰ যুজত হৰুৱাই, ৰজাৰ ৰাজধানী গৰগাৱত সোমালহি, জয়ধ্বজ সিংহই নবাব গৰগাওঁ সোমোৱাৰ আগেয়েই ৰাজভঁৰালৰ ধন বস্তু লৈ পলাই প্ৰথমতে চৰাইদেও পৰ্ব্বতত আৰু তাৰ পিছত অসমত যমৰ দক্ষিণ দুৱাৰ স্বৰূপ নামৰূপত আছিল গৈ। জয়ধ্বজসিংহ ৰাজধানীৰপৰা এইদৰে ভাগি পলাই গৈছিল দেখি, আৰু তেওঁ বয়সত বুঢ়া আছিল দেখি, তেওঁক বুঢ়াভগণীয়া ৰজা বোলে। এইজন ৰজাই আউনীআটীৰ নিৰঞ্জন বাপুৰ ওচৰত শৰণ লৈ শিষ্য হৈছিল, আৰু এৱেঁই জখলাবন্ধা সত্ৰ সংস্থাপক বিখ্যাত বনমালী গোসাঁইক কুচবিহাৰৰপৰা আনি জখলাবন্ধাত পাতিছিল।
  2.  অসমত চন্দ্ৰকান্ত সিংহ সৰ্গদেৱৰ দিনত।
    বৃটীচ ভাৰত গঢ়োঁতাসকলৰ তৃতীয়জন (ক্লাইব প্ৰথম, ৱেলেচ্‌লি দ্বিতীয়, হেষ্টিংচ তৃতীয়, আৰুডেল্‌হাউচি চতুৰ্থ,) অৰ্থাৎ সপ্তমজন গবৰ্ণৰ জেনেৰেল লৰ্ড হেষ্টিংচ এই বছৰতে গবৰ্ণৰ জেনেৰেল হৈ ভাৰতবৰ্ষলৈ আহে।
  3. ভাৰতত ঠগীবিলাকক দমন কৰোঁতা, সতীযোৱা প্ৰথা ৰহিত কৰোঁতা, ভাৰতৰ মানুহে গবৰ্ণমেণ্টৰ ডাঙৰ বিষয় পাবৰ বাট মোকোলাওঁতা; আৰু ভাৰতৰ মানুহক ইংৰাজী শিক্ষা দিবৰ নিমিত্তে ভাৰতবৰ্ষত ইংৰাজী স্কুল পাতিবলৈ আদেশ দিওঁতা জ্ঞানী, দয়ালু আৰু সজ, নৱমজন গবৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়েম বেণ্টিঙ্ক তেতিয়া ভাৰতবৰ্ষত আছিল।
  4. ১৬২৬ খৃষ্টাব্দত ইংৰাজ গবর্ণমেণ্ট আৰু ব্ৰহ্মদেশৰ ৰজাৰ ভিতৰত য়াণ্ডাবুত সন্ধি হয়। সেই সন্ধিমতে ব্ৰহ্মদেশৰ ৰজাৰপৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আসাম দেশ পালে। আসাম হাতলৈ আহিলত বৃটিচ গবর্ণমেণ্টে তাৰ এডোখৰ, অর্থাৎ কামৰূপ, নগাওঁ, আৰু দৰং বিভাগ নিজৰ শাসনৰ তলতীয়া কৰি ৰাখিলে। ১৮৮২ খৃষ্টাব্দত হে ডিব্ৰুগড় বিভাগ বৃটিচ গবর্ণমেণ্টৰ হাতলৈ আহে। শিৱসাগৰ আৰু লক্ষীমপুৰ বিভাগ বছৰি ৫০,০০০ টকা কৰত বৃটীচ গবর্ণমেণ্টে পুৰন্দৰ সিংহক দিলে।
  5. ওপৰত কোৱামতে, ১৮৩৯ খৃষ্টাব্দলৈকে সেই বন্ধবস্তু অনুসৰি পুৰন্দৰ সিংহই বৃটিচ গবৰ্ণমেণ্টক ছবি ৫০,০০০ টকাকৈ কৰ দি আহিছিল, কিন্তু পিছত তেওঁ আৰু তেনে বন্ধবস্তুত ৰাজ্য শাসন কৰিব নোৱাৰোঁ বুলি কলত, তেওঁক ৰজা ভাঙ্গি সেই দুখন বিভাগো বৃটিচ গবৰ্ণমেন্টে নিজৰ হাতলৈ আনিলে।
  6. It is with extreme pain that we have to record the death of Dangoria Dinath Bezbaroa of. Sibsagar, retired Extra Assistant Commissioner, which sad event took place at 8 A. M. on Monday last the 27th may. The venerable gentleman was ailing for sometime past, and under medical advice went for a change to Komalabari Satra, the seat of his spiritual guide, and it was at this place that he breathed his last. The death of the venerable Bezbaroa is a national loss to Assam, as with him passed, one of the only few remaining and scions of the older generation. He died at the ripe good old age of eighty and full of honurs and enjoyed Government pension for nearly quarter of a century. Though full of years, but young in deeds, always active, and taking the lead in all matters of public interest in a way that bids defiance to a young man of thirty, and having an enviable constitution and a true vashnaviti, the old Bezbaroa was respected and loved by all classes. We make no apology for quoting the following lines from letter of a correspondent sending us the news of the Bezbaroa's death :-  'His calmness and resignation to the will of God were, no doubt, noble and pathetic in the presence of his Guru.
  7. When he saw the King of Terror's approach, he was all resignation to the devine will and left this world in such a cheerful way as if he was going to visit a friend. He had his senses up to the last moment and performed. all the rites that are necesary before the death of a devout Hindu. Atlast fixing his eyes towards heaven he faint- ly repeated the prayer similar to 'unto thy hands I commit my soul, for thou hast redeemed me, O thou God of my salvation! and then closed his eyes never to be opened again. '.
     "We hope some one of the sons of the late Bezbaroa will write out the history of his life" Times of Assam. "The Death of + Dangoria Din- nath Bezbaro at the age of 84 has deprived Assam of one of its best known inhabitants. His loss is nation- al, and is mourned by all, both Euro- pean and natives. He was a living his- tory of reference on all subjects social, religious and political, of the time of the Kings of Assam. His obsequies were performed with great solemnity on Thrusday. Mr. Monahan the Deputy Commissioner, closed his court and offices at I P.M. as a mark of respect for the deceased." Statesman, June 9. 1895.