টেটোন তামুলি - প্ৰথম অঙ্ক তৃতীয় পট

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
টেটোন তামুলি
লেখক পদ্মনাথ গোহাঞি বৰুৱা
টেটোন তামুলি
  1. সূচীপত্ৰ আৰু চৰিত্ৰাৱলী

প্ৰথম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

দ্বিতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট
  4. চতুৰ্থ পট
  5. পঞ্চম পট

তৃতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

চতুৰ্থ অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

পঞ্চম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

ধনাইৰ আগচোতাল ধনাই –(অকলে) উঃ কটা, ল’ৰাটোৰ ভেঙ্গুচালিখন! কটা, ওঁঠ চেপিলে গাখীৰ ওলোৱা কালিৰ ফুকলীয়া ল’ৰাটোৰ কেনে আঁহে আঁহে কথা। নহ’বনো কেলেই – যেনে বাপেকি, তেনে পোৱালি! বাপেকপাটো সেই; বাপেকৰ চালত হে পুতেক চলে। মোক মাতি নি এইদৰে লঘু কৰাটো বাপেকৰ বুধি নহ’লেনো ফুকলীয়া ল’ৰাই ইমান কথা ঢুকি পায়নে? আৰু মাকজনীও হ’ব পায় সেই একে গছৰে পাণ। জীয়েকতে তাৰ পৰিমাণ পাইছোঁ নহয়। সেইদিনা দুপৰীয়া পথাৰৰ পৰা আহি খকা-খুন্দাকৈ শুদা ভাতগৰ্হা গিলোতে টেঁটুত লাগি মৰোঁ আৰু! তথাপি তাই জানো কৈ দিলে, পানী এঢোক পি দিয়া বুলি। সেইহে কয়, বোলে, ‘টিক্ বলধা, ওলাই মাটি; মাক ভালেহে জীয়েক জাতি।’ মই যেনিবা নুগুণি-নেমেলি ভাল গলগ্ৰহটো চপাই ললো।

(মনাইৰ প্ৰৱেশ) মনাই – (আতৰৰ পৰা) এঃ দেহি! ল’ৰাটিয়ে বৰ বেজাৰ পাই আহিল। বেজাৰ পাবৰ কথাও হয়, বাঘেখোৱা ল’ৰাটোৰ কথাত মোৰো খং-বেজাৰ গৈ মূৰত উঠিছিল। হেজাৰো হওক, পৰৰ ল’ৰা; পৰৰ তিতা মাত কেনেকৈ সহিব! সেইবোৰ বাৰু এৰিছোঁ এতিয়া; মই আগবাঢ়ি আহি কিন্তু ভাল কৰিলোঁ। নহ’লে আকৌ উপযাচি আমাৰ ঘৰলৈ যাবলৈ ল’ৰাই বেয়া পালেহেঁতেন। এতিয়া মই মিঠা মুখেৰে দু-আষাৰ ক’লেই পাহৰি যাব আটাইবোৰ কথা। (ফুটাই) এ বোপাই, ঘৰলৈ গৈ আকৌ গুচি আহিলিনো কিয়?

ধনাই – (জ্বলি উঠি) ঔ, কটা, বিটলিয়া সোলা! তই আকৌ কি চেলাবলৈ আহিছ? ঘৰলৈ মাতি নি, পিতেৰৰ হতুৱাই যি জলপান খুৱালি সেয়ে আটিছে, আকৌ বাপেৰটোও খেদি আহিছ ইয়ালৈকে নহয়নে? মই ওলটি জলপান নৌ খুৱাওঁতেই ভালে ভালে আতৰি গুচি যা এতিয়াই।

মনাই – এ, বোপাই, কিয়নো খং কৰ? সেইটো তোৰ ভায়েৰ নহয় জানো? নজনা ল’ৰাৰ কথাতে লাগিব লাগেনে?

ধনাই – এৰা, নজনা ল’ৰা – পানীকেঁচুৱা!

মনাই – বাৰু, খুলশালিয়েৰ ল’ৰা নহয়, যেনিবা বুঢ়া; এতিয়া মোলৈ চাই তাৰ কথা এৰি পেলা বোপাই! ব’ল ব’ল, শাহুৱেৰে বাটলৈ চাইহে আছে চাগৈ।

ধনাই – আকৌ শাহুৰ কথা! জুইত ঘিঁউ ঢালি নল’বিদেই এতিয়া। জীয়েকতো পাইছো শাহুটিৰ কথা! তহঁতৰ বাপেৰ চাই পিতেৰ, আৰু মাক চাই জীয়েক, ৰজিতা খাই মিলিছে। বিধাতাই একেখন সাঁচতে ভাল মাৰিলে তহঁত চাৰিওকো। যা যা, জীয়েৰ নে মাৰ সেইজনীক পঠিয়াই দেগৈ এতিয়াই। নহ’লে, মই যাবলৈ পালে, তাৰে পৰা চুলিত ধৰি চোঁচৰাই আনিমগৈ।

মনাই – এৰা, ভালক ভালে নেপায় নহয়।

ধনাই – (জাঁপ মাৰি উঠি) ঐ, কটা, লাপুং! ইমানতো আকৌ বোলে ইহে ভাল, মইহে বেয়া; হেৰ, গতাত মূৰ নৌ চিঙ্গোতেই গুচি যা এতিয়াই ইয়াৰ পৰা।

মনাই – (আটিমুটি কৰি) অ’, কটা, চল পাই কুকুৰে দেখোন গললৈকে জঁপিয়াব; চকুচাওতেই ইয়াতে তাও কৰিব পাৰোঁ বুলি জনা নাইনে?

ধনাই – (চোঁচা লৈ) হয় নে লাপুং! তোৰ ইমানতো পিতনে? হেঁচা এটাৰ বহত নহ’বি হ’বলা।

মনাই – কটা গোলামৰ ল’ৰা, বন্দী কটা! খোপে খোপে চৰিহে গৈছ দেখোন! কটা, গচকি পেটু কাঢ়িব দিছ নে বাপেৰে? (খেদা মাৰি যায়)

ধনাই – (চোঁচা লৈ) সঁচাই নে বন্দী, সোলা বান্দৰ! বৰকৈ অতপালি কৰচোন! (দুইৰো দবৰা- দবৰিত মনাই তলত পৰে)

মনাই – (লৰালৰিকৈ উঠি) বাৰু তই থাক, দেখুৱাম মই বাপেৰ কেনেটো! (উচাট মাৰি গুচি যায়)

ধনাই – (মুখ বিদৰাই) বাৰু যোৱা, আমাক বৰশিত দিবাগৈ নি! তালৈকে অমুকাই ভয় কৰিছো! (একে চাবে ভিতৰলৈ সোমাই যায়।)