টেটোন তামুলি - দ্বিতীয় অঙ্ক প্ৰথম পট

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
টেটোন তামুলি
লেখক পদ্মনাথ গোহাঞি বৰুৱা
টেটোন তামুলি
  1. সূচীপত্ৰ আৰু চৰিত্ৰাৱলী

প্ৰথম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

দ্বিতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট
  4. চতুৰ্থ পট
  5. পঞ্চম পট

তৃতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

চতুৰ্থ অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

পঞ্চম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

ৰাজ-আলি

টেটোন – (অকলশৰে বহি) অহ, আজি এই পৃথিৱীখন মোৰ ফুৰা-চকাৰ ঠাই গোটেই জগতখনেই মোৰ বন্ধু। জোন, বেলি, তৰা সকলোৱেই মোৰ সুখ-দুখ দেখোতা। ইমানত আৰু অমুকাৰ ভয় কি? বোপাইৰ বল নাপালেও, অমুকা তৰিব পাৰিব পায় দেখোন। কিন্তু, (অলপ পৰ টলকা মাৰি পেটৰ উমান লৈ) ওঁ হুঁ-হঁ, গাতক বিষম! মোৰ ভেমটো নৰজিবগৈ যেন পাইছো। পুৱাৰ পঁইতা যে পেটতে পানী হ’লেই, বাটত খোৱা আঠীয়া কল আষিৰো বল নোপোৱাত পৰিছেগৈ। এতিয়ানো ক’ত কি পাও, পেটৰ জুইকুৰা কিহেৰে নুমাও। হওঁতে এই পেটাৰিটো লৈহে লেঠা, নহ’লে অমুকাক পায় কোনে? (পেট মোহাৰে) এৰা, তাহানিৰ ফুল-কোঁৱৰৰ পিতেক নগৰা-জগৰাৰ দশাহে মিলিছে মোৰো। সিহঁতে দুখত আনন্দ কৰা শুনি হেনো মেনী ম’হে গাখীৰ পিয়াইছিল, শুকুলী হাতীয়ে পিঠিত তুলি লৈ ফুৰিছিল। মোলৈকো তেনে কোনোবা আছে বা? ময়োচোন সেই গটকে এবাৰ ধৰি চাও। - কি বুলি? (অলপ ভাবে) এঃ যি বুলি আহে, মাৰি দিও, বাপেকে, সেই বুলিয়েই –

‘অ’, বোপায়ে খেদিলে দুপৰীয়া ভোকত,

আই নাছিলে ঘৰত।

অ’, কোন, ক’ত আছাঁহক, এই জগতত,

এমুঠি দিয়াহি মুখত?।।’

-সৌৱা নহয়, বাপেকে, চাপিছেহি আনমাৰো কোনোবা। পিঠিত তুলি নি খুৱাবগৈ এতিয়া (মূৰে-কপালে হাত দি নিটাল মাৰে)

(দুই চোৰৰ প্ৰৱেশ)

১ম চোৰ – এঃ গৃহস্থ সাৰ পায় বুলিহে ভয়! নহ’লে, মোৰ দৰে উমানত বস্তু বাছিব জানে কেইটাই?

২য় চোৰ – এৰা, মোৰ হ’লে দুৱাৰ মেলোতেই গম পায় যেন লাগি যায়! অ’, সিদিনা আকৌ জানিছ, বৰচাঙৰপৰা বোন্দাটো নামি অহা দেখিয়েই মানুহ বুলি বৰ ভয় খালোঁ ককাই! কিনো কম, দুদিনলৈকে মোৰ বুকুখনে ধান বনাদি বানি আছিল। সেইহে বোলো, মোক আগ নকৰিবি, বাহিৰতে থ’বি মুঠেই, ভাৰ ল’বৰ বেলিকা মোক বিচাৰিবি।

১ম চোৰ – অ’, ইয়ালৈকে মতাটো হৈ উপজিছিলি? ভয়ৰ গোট ইমানটো হ’লে ইমান ডাঙৰ কামলৈ ওলাবই নালাগে। হেৰ, বুদ্ধি জানিলে ভয় নাই। শুন, আন একো নেপালে দুৱাৰ-চুকৰ গাঁঠিত চালৰ কুটা গুজি লব লাগে, তেতিয়া আৰু দুৱাৰ কেৰ্ নেকেৰাই। মনত ৰাখিবি।

২য় চোৰ – এৰা, এইদৰে বিদ্যাটো শিকাবি আকৌ, তেহে পাৰোঁ, এতিয়াৰপৰা চাবিচোন তেন্তে। আজি ৰাতিয়েই দেখিবিচোন।

১ম চোৰ – সঁচা হয়। মাকৰ পেটতে কোনেও শিকি নাহে। তই বাৰু মোৰ চালত চলিবিচোন, তোক মই মানুহ কৰিহে এৰিম। নিছয় বুজিবি।

টেটোন – (আপোনা-আপুনি) এৰা, মোৰ মন্ত্ৰফাঁকিয়ে হাতে হাতে গুণ দিলে। ইহঁতেই মোক দুখত আনন্দ কৰাব যেন পাইছোঁ। এতিয়া ইহঁতৰ লগৰ এটা হৈ লব পাৰিলেই কাম সাধিলোঁ – আন নহ’লেও তেওঁ মোৰ পোটজনাৰ জঞ্জালটো ভাঙ্গিব পৰা হ’ব। কিন্তু এই ফেৰাই মেনী ম’হৰ গাখীৰৰহে কাম দিব; শুকুলা হাতীৰ পিঠিত উঠা সুখ ফেৰাওতো লাগে। বাৰু, দেখা যাওক, ক’ৰ পানী ক’লৈ যায়। আছে তাৰো উপায়! (কেঁকাই কেঁকাই) হে মোৰ কপাল! বোলে, দৰিদ্ৰ লঙ্কালৈ যায়, লঙ্কাত জুই লাগে! – ওঁ-হুঁ-হুঁ!

২য় চোৰ – (উচাপ খাই) ঐ ককাই, এতিয়াহে মৰিলোঁ! এইটো মানুহ! কেনি পলাও মই!

টেটোন – অ’, নেলাগে পলাব, মইহে। বোলো, এৰি নগ’লে লগ ধৰিবহে খোজোঁ।

১ম চোৰ – হেৰ, ই ধৰে হেনো ঔ!

টেটোন – ভয় নাই। লগহে ধৰিব খুজিছোঁ।

১ম চোৰ – কিনো কিয় অ’! ই আমাক চোৰ বুলি চিনিছে হবলা?

টেটোন – অ’, নিচিমনো কিয় হেৰা? সাপেহে সাপৰ ঠেং দেখে। সেইহে লগ ধৰিব খুজিছোঁ। ককাইহঁত ঐ, যি ঘৰত সোমাইছিলোগৈ! কি হ’ব ক’লে! মই অকল দেখিহে! যিহে বস্তু বাজ কৰি লৈছিলোঁ। পিছে, কপাল! ভাৰ কান্ধত তুলি লওঁতেই ককাঁল-মোচোকা খালোঁ। কোনোমতে বগুৱাবাই আহি এইখিনিতে বহি আছোঁ।

২য় চোৰ – কি কথা আছে, ভাৰ লোৱাত মই আছোঁ নহয়। ককাইটি, নকৈছিলোঁ, বোলো, ভাৰ ল’বলৈকো এটা লাগে।

১ম চোৰ – বাৰু ৰ’বিচোন তই! এওৰে সৈতে সোধা-পোছা কৰি চাও।

টেটোন – সোধা-পোছাৰ সকাম নাই, আমি উঠিবহে লাগে! যাও ব’লহঁক। সৰহ দূৰৈ নহয়, সৌ ঢাপ-মৰা বাৰীখনেই। বৰ চহকী মানুহ দেও সেই ঘৰ।

১ম চোৰ – বেছ কথা। ভাল ছেগ মিলিছে। উঠা তেন্তে।

টেটোন – এ, কওতেই কলা, বোলে, যঁতৰতে শলা। উঠিবলৈ নেদেখিছা, চিপ্ মাৰি কঁকালটো লৰাবই পৰা নাই! উস্ উস্ উস্!

২য় চোৰ – পিছে?

টেটোন – জানো, এতিয়া কাৰ পিঠি পাও?

২য় চোৰ – কি ‘পিঠি পাও?’

১ম চোৰ – এ, নহয় অ’, অৰ্থাৎ তেওঁক বোকোচাত ল’ব লাগে; – নহয়নে হে?

টেটোন – হয়, ঠিক ধৰিলা কথাটো। তোমাৰ বুধিটো বৰ চোকা।

২য় চোৰ – কিয়, মই আছোঁ নহয়। কি কথা আছে, ময়ে ল’ম বাৰু বোকোচাত।

১ম চোৰ – বেছ কথা। সেইটো হ’ল বাৰু, পিছে ভিতৰত সোমাব কোনটো?

টেটোন – সেইটো মোকে ধৰি থোৱাচোন।

১ম চোৰ – বাৰু, সোমোৱা তুমিয়েই। কিন্তু বস্তু বাছিব জানিবা জানো?

টেটোন – সেইটো নজনাকৈয়ে নো চোৰৰ বৃত্তিটো মূৰত লৈছোনে? তথাপি, শুনোচোন তোমাৰ বুধিটোও।

১ম চোৰ – মই হ’লে কৰোঁ কি, এন্ধাৰত খেপিয়াই পোৱা বস্তুবোৰ নিয়মীয়াকৈ বজাই চাও, তেহে কেনে দৰৰ বস্তু বুজিব পাৰি।

টেটোন – উঃ ভাল মিলি গল দেও কথাটো। ময়ো তাকে কৰোঁ।

২য় চোৰ – নিমিলিব কেলেই, দপয়োজন পকা মানুহ।

টেটোন – এৰা, এতিয়া আৰু পলম কৰাৰ সকাম নাই। ৰাতি ভালেখিনি হৈছে। উঠিবহে লাগে।

১ম চোৰ – হয়, উঠিবহে লাগে।

টেটোন – এৰা, উঠোৱা আকৌ?

২য় চোৰ – (পিঠি পাতি) এয়া নহয়!

টেটোন – মন্ত্ৰই গুণ দিছে বাপেকে! (স্ফূৰ্তিৰে সৈতে বোকোচাত উঠে)

(টেটোনক বোকোচাত লৈ তিনিওৰে প্ৰস্থান)