টেটোন তামুলি - দ্বিতীয় অঙ্ক পঞ্চম পট

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
টেটোন তামুলি
লেখক পদ্মনাথ গোহাঞি বৰুৱা
টেটোন তামুলি
  1. সূচীপত্ৰ আৰু চৰিত্ৰাৱলী

প্ৰথম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

দ্বিতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট
  4. চতুৰ্থ পট
  5. পঞ্চম পট

তৃতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

চতুৰ্থ অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

পঞ্চম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

হাটৰুৱা বাট

(কল-বেঙেনা, পাণ-তামোলৰ পোহাৰ লৈ এজনী পোহাৰী)

পোহাৰী – (আপোনা-আপুনি) আলুল- আপচু দিবলৈ বহি! কোন্ নো বিজতৰীয়াক দেখি আহিলো ঐ আজি! পইছা এটাৰো কিবা বেচিবলৈ পালোঁহেঁতেন যদি! কিমাননো হাটৰুৱা-বাটৰুৱা আগেদিয়েই পাৰ গৈ গ’লহি, চোৱাচোন ফুটাকড়ি এটাও নেবেহালে! লোণজেবাকে নো কিনি নিও কিহেৰে আজি! কিনো কৰিম আই, ঘৰত আৰু খাৰণি সৰালেগৈহে হ’ব। তাকো জানো পাৰোঁতে নকৰোঁ; ল’ৰা-পোৱালিটোৱে আকৌ লোণ নহলে একোকে মুখত নিদিয়ে নহয়! (মূৰে-কপালে হাত দি টলকা মাৰি ৰয়) অ, বাৰু, সৌৱা কোনোবা গোটাদিয়েক এই বাটেদি আহিছেচোন। (গৃহস্থ, হালোৱা আৰু টেটোনৰ প্ৰৱেশ)

টেটোন – অ’, ৰ’বাচোনহক। মোৰ হাত আৰু ভৰি নচলাই হ’ল! কাছুটিখনো তোমালোকৰ বান্ধকেইটাহে ৰাখি থৈছে। বোলো, কল-কুঁহিয়াৰ যি পোৱা অলপ কিনি কুটি খুৱাই লোৱাহঁক; নহ’লে আৰু মোক কানতকৈ নিলেহে হ’ব। (থপৰাই বহি পৰে)

গৃহস্থ – এ হে! বাৰুটো অ! চোৰ আকৌ কানত উঠিহে যায় হেনো!

টেটোন – হুঃ পিঠিত উঠি গৈ চোৰ সোমালোঁ, এতিয়া ৰজাৰ আগলৈ যাওতে কানত উঠাটো টানহে পালানে?

হালোৱা – হেৰ অধৰমী, মনে মনে থাক। ঘিউত জুই ঢালি নল’বি দেই এতিয়া! চোঁচৰাই নিম বুলি জনা নাইনে?

টেটোন – জানিছো। ঘিউত জুই ঢাল নেখায়, তোমাৰ খং-জুইকুৰাহে ঘিউত জুবুৰিয়াই দি চেঁচানি পেলাই ল’ব খুজিছোঁ।

হালোৱা – কটা, সচাঁই বুলিছনে? (খেদা মাৰি) হালোৱা এছাৰিৰ কোবত বেবাকৰাই পেলাম বুলি জনা নাইনে?

টেটোন – নেজানিমনো কিয় হেৰা। জানিছো দেখিতো কও বোলো, তেওঁৰ কানখনহে বিছাৰিছোঁ, তোমাৰ আকৌ মূৰত ভৰি থ’বলৈ নেপালে অমুকাক লৰাব পাৰিম বুলি ভাবিছো জনো? সেইটি নেচেল!

গৃহস্থ – ৰ’বা, হেৰা। এইটো ক’ৰবাৰ অহৌ বলিয়া আধাকটা ল’ৰা। ইয়াৰে চুপতি মাৰি কি অন্ত পাবা? এতিয়া ইয়াক উলমূলাই কোনোমতে ৰজাৰ আগত দিবগৈ পাৰিলেই হয়। হেৰা, আছে যদি গাঁঠিত, পইছা এটা দি সৌ পোহাৰীজনীৰ পৰা কল দুটামানকে আনি দিয়াহে।

হালোৱা – এ, মোৰ গাঁঠিত নাই দেও! মই পথাৰলৈ আহিছিলো, পইছা কেলেই আনিছোঁ!

গৃহস্থ – এৰা মোৰ হাতো শুদা।

টেটোন – টোকোনা চিকটা ককাইহঁত। বোলো, গোচৰলৈ আহিছাহঁক, হাতত পইছা এটি নাই! বাৰু তোমালোকৰ জৰী কেগছকে লেজুৱাকৈ এৰি দিয়াহঁকচোন, মোক বুধিৰ মোনাটোকে মেলি চাওঁ।

হালোৱা – অঁ, অঁ, অঁ, মই বাৰু দিছোঁ ঢিলাই।

গৃহস্থ – বাৰু, ময়ো দিছোঁ এৰি, যক কেনেকৈ পাৰে মাৰকগৈ খঁকটো আপুনি।

পোহাৰী – এৰা তো, ভোকত কল-বন এটা খাবলৈ এৰি দিব লাগেতো। হেজাৰ হ’লেও মানুহৰ পোৱালীহে দেহি।

টেটোন – (পোহাৰীৰ কাষ চাপি) ইয়ে! আমাৰ জাপৰী বাইটি দেখোন। সঁচা, বাইটি, তুমি মোৰ দুখ নপতিয়ালে কোনে পতিয়াব? বাইটি! কলবোৰ বাৰুনে? দিয়াচোন এটা খাই চাওঁ। (কল ছিঙিবলৈ হাত মেলে)

পোহাৰী – (হাত-মুখ জোকাৰি উঠি) এ-হে! বাৰুটি ঐ! বোলে, ক’ৰপৰা আহিলি ক’ত দিলি ভৰি, চোতালখন ফাটি গল চাঁট্ চাঁট্ কৰি। কিনক – নিকিনক ইয়াক এচোন এনেই কল খুৱাই লওঁ! নেদেখিছা। গুচ্ গুচ্ ইয়াৰ পৰা ভালে ভালে। মনত বিষাদ লাগি আছে। এতিয়ালৈকে পইছা এটাও বহনি হোৱা নাই।

টেটোন – এ, বাইটি, কেটেৰা-জেঙেৰানো মাৰা কিয় আকৌ? মোলৈ দেখোন তোমাৰ বৰ মৰম! বাইটি! পাক এটাকে দি দেখুৱাও দেই, কল এটা দিবা – (নাম গাই গাই নাচে)

খেমটা

বৰ ভাল পাওঁ তোমাক মই,

বৰ ভাল শুনো তোমাৰ ‘হঁই’।

হাটে-বাটে শুনি আৰু

তোমাৰেহে হয়-বয়,

বৰ ভাল পাওঁ মই।।

শুনিলা? দিয়া কল এটি এতিয়া বাইটি!

পোহাৰী – (মুখ বিদৰাই) কেনেখন কৰে এই ভেচেলী মুৱাটোৱে! গুচ্ এতিয়া ভালে ভালে, নহ’লে, দিম বুঢ়ীমাৰে ভালদৰে। মন-চন বেয়া লাগি আছে।

টেটোন – বাৰু ভালদৰে দিব খুইছা যদি চাইটাও দিয়া। দিলে, আমি দহোটাও বলে পৰা হ’ব।

পোহাৰী – হেৰ, কটাযোৱা পো, বোলো পইছাটো পেলাবি, কল আষি ল’বি, বুকুত গোৰ মাৰি গুচি যাবি; কিহৰ আকৌ এইখন লেৰেলা সাদৰ চেলাবলৈ আহিছ?

টেটোন – বাৰু তেন্তে তোমাৰ কথাই কথা। (মেৰ্-তলীৰ পৰা পইছা এটা উলিয়াই পাচিলৈ দলি মাৰি দি) হোঁ, ল, সেইটো পইছা। মোক আৰু এনে নিছলা যেন দেখিছিলিনে? (পাচিৰ পৰা কল একাষি তুলি লৈ, পোহাৰীক বুকুত গোৰ মাৰি চিট্ খুৱাই পেলাই কল খাবলৈ ধৰে)

পোহাৰী – (টিকচি-বিকচি উঠি) ঔ! বন্দী চুৱাসোৱা সেকাৰসোৱা বেটীৰ ধাৰসোৱা পো! তইচোন মোৰ কল খাই মোকে গুৰিয়াৱ! বুঢ়ীমাৰে এতিয়াই তোকে ৰজাৰ আগত নিদিমগৈ বুলি জানিছনে? (বাউলি হৈ টেটোনৰ কঁকালত গামোচা লগায়)

টেটোন – কিনো বোলে ঐ! কথামতে চলিলে ইহঁতে আকৌ জগৰহে ধৰে। বাৰু, লগাই থাক্ কেইডাল হয় কঁকালত জৰী। মোক মুঠেই পেটৰ ওজৰটো মাৰি ল’বলৈ দে। (টেটোনে চোঁচা মাৰি গৈ কল-কুঁহিয়াৰ আৰু যি পালে খাই লৈ কাযলতি বজায়; পোহাৰীয়ে ডেও-দোপাল পাৰি হায় ঔ-বি ঔ লগায়!)