টেটোন তামুলি - দ্বিতীয় অঙ্ক তৃতীয় পট

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
টেটোন তামুলি
লেখক পদ্মনাথ গোহাঞি বৰুৱা
টেটোন তামুলি
  1. সূচীপত্ৰ আৰু চৰিত্ৰাৱলী

প্ৰথম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

দ্বিতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট
  4. চতুৰ্থ পট
  5. পঞ্চম পট

তৃতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

চতুৰ্থ অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

পঞ্চম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

বৰঘৰৰ ভিতৰ

(শোৱা-কোঠাত চাকি এটি মিটমিটকৈ জ্বলি আছে; চোৰ দুটাই দুৱাৰ মেলি টেটোনক ভিতৰলৈ সুমাই দি চোৰাং চাই থাকে)

টেটোন – (আন্ধাৰতে বগুৱাবাই বস্তু বিচাৰে) আন বস্তু মোক নালাগে; সান্দহৰ কলহ এটা বিচাৰি পালেই হয় এতিয়া। (খেপিয়াই ফুৰি) অ, বহালো বাপেকে, এইটো গুৰৰ টেকেলিয়ে ধৰা দিছে! এটিয়া সান্দহৰ কলহটো লগ পালেই মোৰ গা ৰব বাপেকে। (খেপিয়াই ফুৰে) এঃ নেপাওঁচোন! আও! এই ঘৰৰ গৃহস্থ বৰ কটকিন মানুহ দেও! পেট মাৰি পইছা সাঁচিছে! চহকী হ’বলৈ বৰ মন ঔ! বাৰু, অলপ ৰবি, চহকী কৰিম বাপেৰে! মোৰ পেটৰ জুইকুৰা নুমাই ল’বলৈহে চাইছোঁ। (খপিয়াই ফুৰোতে এটা ভগা ঢোলত হাত পৰে।) অ এইবাৰ হে বহালো বাপেকে! (লুটিয়াই বগৰাই হাত ফুৰাই চায়) এঃ নহয় হ’বলা সান্দহৰ কলহ। কিনো এইটো ঔ? অ, ভাল কথা, লগৰীয়াই বজাই চাবলৈ শিকাইছিল নহয়। বাৰু, চাওঁচোন বজাই কিনো এইটো।

(ঢোলত চাপৰ ধৰে)

(ঢোলৰ মাত শুনি শোৱাচাঙৰপৰা ‘কোন’ বুলি গৃহস্থ আহি টেটোনক গবা মাৰি ধৰে। ই দুটা চোৰে ভিৰাই ধৰি লৰ মাৰে)

গৃহস্থ –হেৰ কটা, কোন তই?

টেটোন – কোন্ হই! কিনো অঁকৰা ঔ! বোলে, ‘হাতত পুথি, মঙ্গলবাৰ’, সুধিবলৈ লাগিছে নে মই কোন?মই ৰাতিফুৰা।

গহস্থ – কটা বন্দী, তই চোৰ?

টেটোন – (ভোৰভোৰাই) আৰু নো কি বুলি ভাবিছিল! (ফুটাই) বোলো, চকু নাইনে? এই মাজনিশা চোৰ নহৈ আলহী সোমাইছোহিনে?চোৰ নে আলহী চিনিব পাছত; আগেয়ে মোক বাৰু সান্দহৰ কলহটো দেখুৱাই দেচোন।

গৃহস্থ – অ, এইটোৱে কয় কি!

টেটোন – ভাল কৈছো। পেটৰ জঞ্জালটো বোলো আগেয়ে মাৰি লও, পাছতো তোমাৰ সৈতে মেল মাৰি থাকিম।

গৃহস্থ – কটা, চোৰ বুলিলে ওৰ পৰে। ইয়াৰচোন মটমটনি বাঢ়িছেহে!

টেটোন – বাৰু, মোক পাছেও ওৰ পেলাবা। আগেয়ে ওৰ পেলাও সান্দহৰ কলহ এটা, দেখুৱাই দিয়া।

গৃহস্থ – কটা, এইটো কৰবাৰ বলিয়া মানুহ। ই সান্দহ বলিয়া। বাৰু ৰজাক খুজি খাবিগৈ সান্দহ কাইলৈ। এতিয়া বান্ধি থওগৈ ব’ল। (টেটোনৰ কঁকালত পঘা লগায়) ব’ল, কটা, ব’ল।

টেটোন – বাৰু ব’লা। কিন্তু কঁকালৰ বান্ধটো এফেৰি টানি দিয়া। নহ’লে, কাছুটিখন নৰও নৰওকৈ ওজৰ কৰিছে। কালিৰেপৰা মোৰ পেটত লখিমীৰ সঞ্চাৰ হোৱা নাই।

গৃহস্থ – তোৰ কেলকেলনি শুনি থাকিলে গা নৰয় আৰু। উঠ যদি উঠ, নহ’লে চোঁচৰাই নিম এতিয়া।

টেটোন – বাৰু, উঠিছো ব’লা। কিন্তু, মোৰ পেটজনাক পূজা এভাগি নিদিলে তোমাক পাপে চুব, জানিবা দেই।

(প্ৰস্থান)