টেটোন তামুলি - দ্বিতীয় অঙ্ক চতুৰ্থ পট

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
টেটোন তামুলি
লেখক পদ্মনাথ গোহাঞি বৰুৱা
টেটোন তামুলি
  1. সূচীপত্ৰ আৰু চৰিত্ৰাৱলী

প্ৰথম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

দ্বিতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট
  4. চতুৰ্থ পট
  5. পঞ্চম পট

তৃতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

চতুৰ্থ অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

পঞ্চম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

পথৰুৱা আলি

(কান্ধত নাঙল লৈ এটা হালোৱাৰ প্ৰৱেশ)

হালোৱা - (কান্ধৰ পৰা নাঙ্গল নমাই থৈ) হেৰ ৰঙা, সও সও। উঃ দেখিছা এতিয়া, সি ঢাপলিহে ধৰিছে আকৌ! (উলটি চাই) অ, ভাল হ’ল এতিয়াহে! ইটোক খেদোতে সিটোও যায় সিফালে। (উলটি খেদা মাৰি) হেৰ, সও, বগা সও, সও। হাই-আই, নৰয়, দেখিছা বাৰু! যক বাঘৰ বুকুত যোৱা গৰু ক’লৈ যায়, নেবাও হাল! কি কৰিম, মই অকলে ইটোক খেদিম নে সিটোকে খেদিম! (আঁঠুত বাহু পেলাই বহি) মই কানি-খোলাৰ পৰা নকৈছিলোঁ সিজনীক, বোলো সাঙোৰৰ পঘাৰ খান্দৰিত গুণঠিটো ভালকৈ সুমুৱাবি। গৰু চেঙ্গা বুলি তাই নেজানে জানো! ভাল ল! আজি ৰুবিহি দুই হাতে! (কঁকালত ৰচা লগোৱা টেটোনক লৈ গৃহস্থৰ প্ৰৱেশ)

টেটোন – ইজন বা কোন? এওকো লগৰীয়া কৰি লোৱা হওকচোন ৰজাৰ আগলৈ।

হালোৱা – (আথে-বেথে) হে দেউতাটি!

টেটোন – কিবা হ’ল, বিধাতাটি?

হালোৱা – মোক এফেৰি উপকাৰ কৰক দেউতাহে। ঈশ্বৰেহে মিলাইছে আপোনালোকক ইখিনি পৰত।

টেটোন – ভাল, আমি সাজু আছো। পৰৰ উপকাৰ কৰাটি আমাৰ পিতৃধৰ্ম। বাৰু, বাটতে ধৰম ফেৰি আৰ্জি লও। কি কৰিব লাগে কোৱা মাথোন।

হালোৱা – হে, দেউতা হে, লৰ মাৰি গৈ সৌ বাঘৰ বুকুলৈ যোৱা গৰুটো মাৰ এটা মাৰি ৰাখি দিয়াগৈ দেওহে। আৰু ইগৰাকীয়ে ইটোলৈ খেদা এটা মাৰা দেউতাহে।

গৃহস্থ – অঃ সেইটো হ’ব নোৱাৰে। মই এইটো চোৰ ধৰি ৰজাৰ আগলৈ আনিছোঁ। ইয়াক মই এৰি দিব নোৱাৰো; ই মোৰ হাতত বন্দী।

টেটোন – এ, মই বন্দীহে, তুমি যে আকৌ মোৰ লেজুত ধৰা বন্দীৰো বন্দী। বাৰু; তুমি এৰিব নোৱাৰা, থাকা। তোমাৰতো ধৰমলৈ মতি নাই। আৰু, মোৰ পেটজনাক পূজা নিদি তুমি ঘৰতে পাপ লগাই আহিছাই। মোৰ হ’লে পাপলৈ বৰ ভয় দেও। চাওঁ, এৰা লৰ মাৰি ধৰম ফেৰা আৰ্জি আহোঁ। (গৃহস্থৰ হাতৰ পৰা আজোৰ মাৰি এৰাই আগবাঢ়ে)

গৃহস্থ – (অবাক্ হৈ ভোৰভোৰাই) উঃ কটা, চোৰৰো ধৰমলৈ মতি! মইহে অকল ধনতে মজিছোঁ! বাৰু ইয়াক যাবলৈ দিও। তাৰ পূণ্যৰ এভাগ কিজানি ময়ো পাম। কিয়নো, মই এৰি দিলেহে সি যাবলৈ পাব। (ফুটাই) বাৰু যা, নপলাবি আকৌ।

টেটোন – বাৰু সেইটিলৈ ভয় কৰিব নেলাগে। অমুকাই পলৰীয়া নাম নলয়। চাই থাকা, এটা লৰত পূণ্য আৰ্জিমগৈ; আৰু উলটি ইটো লৰত পৰৰ গাত পাপ থ’মহি।

হালোৱা – এৰা, যোৱা দেউতাহে, বেগাই যোৱা। গুণ নহয় তেও ধৰম হ’ব। পাকতে মই ইটো আগচি আনোগৈ।

টেটোন – কিয়, গুণ নো নহ’ব কিয়? মই দুইটা আৰ্জিম, চাই থাকিবা এতিয়া – (গৃহস্থৰ হাতৰ পৰা টোকোনডাল টান মাৰি লৈ, লৰ মাৰি গৈ, গৰুটো একে মাৰে বধি, উলটে আহে)

হালোৱা – ক’তা, গৰুটো ওভতাই নানিলা দেখোন?

টেটোন – তুমি জানো আনিবলৈ কৈছিলা? ৰাখি থৈ আহিবলৈহে কৈছিলা? সৌটো নহয়, একেটা মাৰতে ৰাখি থৈ আহিছোঁ।

হালোৱা – কি কোৱা!

টেটোন – ভাল কৈছো। যেনেকৈ কৈ পঠিয়াইছিলা, তেনেকৈ কৰি থৈ আহিছোঁ। চোৱাগৈ মিছা কৈছো যদি, জিভা মেলি দীঘল দি পৰি আছে সৌটো।

হালোৱা – ঐ কটা, তই দেখোন মোক মৰিয়াই মাৰিলি একা?

টেটোন – অ, তোমাক মৰিয়াই মাৰিলো আকৌ কেতিয়া? গৰুটোহে মাৰিবলৈ কৈছিলা; তাকহে মাৰিলোঁ। তুমি নোকোৱাকৈ আকৌ তোমাক কিয় মাৰিম?

হালোৱা – অ, মই ইবোৰ-সিবোৰ কথা নেজানো। ব’ল, ৰজাৰ আগত দিওগৈ। ময়ো এগছ লগাও জৰী (টেটোনৰ কঁকালত জৰী লগায়)

টেটোন – ই-এ! এইটো কেনে মানুহ ঔ! ইয়েই মাৰিবলৈ কয় গৰুটো, ইয়েই হেনো গোচৰ দিয়েগৈ! অ’, উচটাই গো-বধ কৰাই এতিয়া পৰাচিতৰ ধন দিব লাগে বুলি এইখন টাং-বাং কৰিছ। বাৰু, ব’ল ৰজাৰ আগলৈ। কাৰ ভাগ্যত কি আছে দেখা যাব। এটাতকৈ বঢ়াই মাৰ মাৰিছোঁ যদি, মোৰ গাত ঘাটি।

(প্ৰস্থান)