টেটোন তামুলি - তৃতীয় অঙ্ক প্ৰথম পট

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
টেটোন তামুলি
লেখক পদ্মনাথ গোহাঞি বৰুৱা
টেটোন তামুলি
  1. সূচীপত্ৰ আৰু চৰিত্ৰাৱলী

প্ৰথম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

দ্বিতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট
  4. চতুৰ্থ পট
  5. পঞ্চম পট

তৃতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

চতুৰ্থ অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

পঞ্চম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

ৰজাৰ বিচাৰ চৰা

(ৰজা, ন্যায়সোধা ফুকন, গৃহস্থ, হালোৱা, পোহাৰী, টেটোন আৰু কটোৱাল)

ৰজা – কিহৰ গোচৰ আজি এইখন ডাঙৰীয়া?

ফুকন – গোচৰ তিনিখন স্বৰ্গদেৱ! চুৰি, ডকাইটি আৰু গো-বধৰ গোচৰ।

ৰজা – কিন্তু, অপৰাধী দেখোন এটাহে?

ফুকন – হৈছে, স্বৰ্গদেৱ! সেই এটাৰ কঁকালতে তিনিটাৰ তিনিগছ জগৰৰ ডোল।

ৰজা – ইনো কেনে কথা! একেটা মানুহেই একেবাৰতে তিনিখন গোচৰত কেনেকৈ পৰিল?

ফুকন – সঁচা, স্বৰ্গদেৱ! এখন গোচৰত এটাৰ হাতত বন্দী হৈ, আকৌ ই দুখনত সি কেনেকৈ পৰিবলৈ পালে সেইটো অলপ আচৰিত মানিবলগীয়া কথা। এতিয়া বিচাৰতহে ইয়াৰ তত্ত্ব পোৱা যাব।

ৰজা – বাৰু, সোনকালে বিচাৰ আৰম্ভ কৰাচোন।

ফুকন – ভাল, স্বৰ্গদেৱ! হেৰ, গুচৰীয়াহঁত, এফলীয়া হৈ থিয় দে। (গৃহস্থ, হালোৱা আৰু পোহাৰীয়ে টেটোনৰ কঁকালৰ ৰচা এৰি দি এফলীয়া হয়) বাৰু এতিয়া প্ৰথম গোচৰীয়া কোন?

গৃহস্থ – (আঁঠু লৈ) দেউতা ঈশ্বৰ! মই।

ফুকন – বাৰু, তোৰ গোচৰ কি?

গৃহস্থ – দেউতা-ঈশ্বৰ! ই মোৰ ঘৰত ৰাতি চোৰ সোমাইছিল। পিছে মালবস্তু লৈ ওলাবলৈ নৌ পাওতেই মই সাৰ পালোঁ। আৰু ৰাতিটো তাক বান্ধি থৈ পুৱাতে স্বৰ্গদেৱৰ আগলৈ লৈ আহিছোঁ। ই অতি গভাইত্ চোৰ দেউতা ঈশ্বৰ!

ফুকন – (টেটোনৰ প্ৰতি) হয় নে কটা, তই গৃহস্থৰ ঘৰত চোৰ সোমাইছিলি?

টেটোন –হৈছে, দেউতা-ঈশ্বৰ, চোৰ বুলিয়েইতো আনিছে ধৰি।

ফুকন – পিছে?

টেটোন –পিছে, প্ৰমাণ লওক, দেউতা-ঈশ্বৰ!

গৃহস্থ – সি আৰু কি প্ৰমাণ দিব, দেউতা-ঈশ্বৰ! হাতে হাতে ধৰি, বান্ধি লৈ আহিছোঁ, ইয়াৰ উপৰি আৰু তাৰ কি ক’বলৈ আছে।

ফুকন – সঁচানে? অপৰাধীৰ আৰু কিবা ক’বলৈ আছেনে?

টেটোন –দেউতা-ঈশ্বৰ, মোৰ বেছি ক’বলৈ নাই সঁচা। কিন্তু ৰাতিৰ কাল বুলি তেৱেঁই কৈছে, বাহিৰত মানুহ-দুনুহ নাই তেওঁ; যে মোক বাটৰ পৰা ধৰি নি বান্ধি থোৱাহৈ নাই, তেৱেইচোন তাৰ প্ৰমাণ দিয়ক আগেয়ে।

ৰজা – সঁচা এইয়াতো সম্ভৱপৰ কথা। অৱশ্যে দুয়োটাতে প্ৰমাণৰ প্ৰয়োজন।

ফুকন – বাৰু, (গুচৰীয়াৰ প্ৰতি) তই যে বাটৰপৰা ধৰি অনা নাই, ভিতৰতহে পাইছিলি, সেইটো কোনে কোনে দেখিছিল? সাক্ষী দিব পাৰিবিনে?

গৃহস্থ – তেতিয়া আন কোনো নাছিল, দেউতা-ঈশ্বৰ! আমাৰ সিজনীয়েহে মাথোন দেখিছিল।

ফুকন – (হাঁহি হাঁহি) কটা, ভাল সাক্ষী বিচাৰি পালিগৈ। ঘৈণীয়েৰেতো নহয় নোবোলে।

গৃহস্থ – তেন্তে শপতলৈকে দিয়ক, দেউতা-ঈশ্বৰ! য’তে ধৰিবলৈ কয়, মই ত’তে ধৰিব পাৰোঁ।

টেটোন – বাৰু, সেইটো এৰিছো। দেউতা-ঈশ্বৰে সোধকচোন তেওঁনো সাৰ পালে কেনেকৈ?

ফুকন – বাৰু, গুচৰীয়া কচোন কেনেকৈ সাৰ পালি?

গৃহস্থ - দেউতা-ঈশ্বৰ, সি মোৰ ভিতৰত সোমাই, বেৰত আঁৰি থোৱা ভগা ঢোলটো বজাই দিয়াত, মই সাৰ পাই উঠি চাও দেখোন, এইটো চোৰ সোমাইছে।

ৰজা – কি আচৰিত! কাণত নোসোমোৱা কথা!

টেটোন – (মুখত কাপোৰৰ সোপা দি হাঁহি) শুনক দেউতা-ঈশ্বৰ। স্বৰ্গদেৱ-ঈশ্বৰেও শুনিছে। চোৰে হেনো ঢোল বজাই গৃহস্থক সাৰ পোৱাই লয়। ইয়াৰ উপৰি কিবা প্ৰমাণ লাগিবনে, দেউতা-ঈশ্বৰ?

ফুকন – নালাগে আৰু প্ৰমাণ! গোচৰৰ কথা মোৰ মনত প্ৰলাপ যেনহে লাগিছে।

টেটোন – স্বৰূপ কৈছে দেউতা-ঈশ্বৰ! মোৰ মনেৰে এই কিৰ্পিণ গৃহস্থই দিঠকতে সপোন দেখিছিল। বাজ নে ভিতৰ সেইফেৰা জ্ঞান বপুৰিৰ গাত নাছিল যেন পাও। নহ’লেনো বাটৰ বাটৰুৱাক ঘৰি-বান্ধি ৰজাৰ আগত দিয়েহিনে? ময়ো পিছে একা নক’লো, মনে মনে বোলো, এই চলতে ৰাজদৰ্শন লাভ কৰি আহোঁগৈ।

ফুকন – উঃ হয় দেও, এইটো শ-টকীয়া কথা!

টেটোন – ভাল, সোইফেৰা দেউতা-ঈশ্বৰৰ অনুগ্ৰহ। নেপাহৰে যেন।

ফুকন – গুচৰীয়া যে ভ্ৰমত পৰিছে, তাৰ বিশিষ্ট প্ৰমাণ পোৱা গ’ল। মোৰ মনেৰে গোচৰ সম্পূৰ্ণ মিছা। স্বৰ্গদেৱৰ যি আজ্ঞা।

ৰজা – অপৰাধীক এটা গোচৰৰ পৰা মুক্তি দিয়া গ’ল।

টেটোন – (গৃহস্থৰ কাষ চাপি কাণে কাণে) এতিয়া কেনে! ভেচভেচীয়া নহ’লা! মই নকৈছিলোঁ, বোলো, মোৰ পেটজনাক পূজা এভাগি নিদিয়াৰ বাবে তোমাক পাপে চুইছে। তেতিয়া মোক বলিয়া বুলিছিলা? এতিয়া বলিয়া কোনহে?

গৃহস্থ – সঁচা, বোপাই, মোৰ ধন-বস্তুৱেই মোক বলিয়া কৰিবগৈ যেন পাইছোঁ।

ফুকন – (হালোৱালৈ চাই) বাৰু, কটা, এতিয়া তোৰ গোচৰৰ কথা কৱ।

হালোৱা – (আঁঠু লৈ) দেউতা-ঈশ্বৰ! ই মোৰ হালৰ বলধী এটা মৰিয়াই মাৰি থৈ আহিছে। মই বন্দী নিৰুপায়, দেউতা-ঈশ্বৰ!

ফুকন – (টেটোনৰ প্ৰতি) হেৰ কটা, সঁচানে?

টেটোন – সঁচা, দেউতা-ঈশ্বৰ। সঁচা কথা কৈ কটা যাও সিও ভাল! মই কেতিয়াও মিছা নামাতো।

ফুকন – তেনেহ’লে তই নিজ মুখে ঘাটি। এতিয়া তই ক্ষতিপূৰণ দিলে হে হ’ব।

হালোৱা – হৈছে, দেউতা-ঈশ্বৰ! মই সেইটো গৰু একুৰি-এটকা দি কিনিছিলোঁ।

ফুকন – (টেটোনক) তই তেন্তে সেইখিনি ধন তাক দিব লাগিব।

টেটোন – ভাল, দেউতা-ঈশ্বৰ, দিব লগা হয়গৈ যদি দিয়া যাব। কিন্তু, মই সঁচা কথাহে স্বীকাৰ কৰিছো, দোষী বুলি সৈ লোৱা নাই নহয়, দেউতা-ঈশ্বৰ।

ফুকন – কিয়নো নহ’বি দোষী? তোৰ নিজৰ কথাই তোক দোষী কৰিছে দেখোন।

টেটোন - দেউতা-ঈশ্বৰ! তেওঁ কোৱা কথা মতে কাম কৰাৰ বাবেও মই দোষী হ’ব লাগেনে?

ফুকন – তাৰ কথা মতে চলিছিলি যদি, তই শলাগহে পাব লাগিছিল। পিছে, কিয়নো অপৰাধী বুলি সি ধৰি আনিছে? বাৰু কিনো কথা ভাঙ্গি কচোন।

টেটোন – ভাল, দেউতা-ঈশ্বৰ, শুনক তেন্তে। এই গৃহস্থই মোক ধৰি আনি আছে, এনেতে বাটত এই হালোৱাক আমি লগ পাও। সি হাল বাবলৈ নিয়া গৰু দুটাই সাঙোৰ ছিঙ্গি দুটা দুফালে লৰ মাৰে। পিছে সি আথে-বেথে ক’লে, বোলে, ‘যোৱা দেউতাহে সৌ বাঘৰ বুকুলৈ যোৱা গৰুটো মাৰ এটা মাৰি ৰাখি দিয়াগৈ।’ মই চালো, বাঘৰ বুকুলৈ যোৱাতকৈ মাৰ এটা মাৰি ৰাখি দিয়াই ভাল। এই ভাবি, দেউতা-ঈশ্বৰ, লৰি গৈ মাৰ এটা মাথোন মাৰি গৰুটো বাঘৰ বুকুৰ পৰা ৰাখি দিলো। এটাতকৈ সৰহ মাৰ মাৰিছো যদি, সোধক তাকে দেউতা-ঈশ্বৰ! এই গৃহস্থই সাক্ষী।

ফুকন – (হালোৱাৰ প্ৰতি) হেৰ কটা, সঁচানে? মাৰ এটা মাৰি ৰাখিবলৈ কোৱা হয়নে?

হালোৱা – হয়, দেউতা-ঈশ্বৰ, সেইবুলি কোৱা হয়।

ফুকন – পিছে, সি কেইটা মাৰ মাৰিলে?

হালোৱা – একেটা মাৰতে মাৰি থলে, দেউতা ঈশ্বৰ!

টেটোন – এতিয়া মোৰ গাত কিবা দায় আছেনে দেউতা-ঈশ্বৰ?

ফুকন – নাই, নাই তোৰ গাত দোষ নাই! উঃ এইটো হেজাৰ টকীয়া কথা দেও!

টেটোন – ভাল, সেই ফেৰাও দেউতা-ঈশ্বৰৰ কৃপাহে। মনত থাকে যেন। কিন্তু ক্ষতিপূৰণ এতিয়া পায় কোনে? উচটাই গো-বধ কৰোৱা পৰাচিতৰ বাবে মই ক্ষতিপূৰণ নেপাওনে, দেউতা-ঈশ্বৰ?

ৰজা – ঠিক কথা। ক্ষতিপূৰণ ইহে পাৰ লাগে। গুচৰীয়াই তাক পৰাচিতৰ ধন দিব লাগিব।

টেটোন – ধইন্! ভালেহে স্বৰ্গদেৱ-ঈশ্বৰক ধৰ্মাৱতাৰ বোলে। (হালোৱাৰ কাষ চাপি কাণে কাণে) ব’ল আজি ঘৰলৈ, তোৰ ইয়োটো গৰু বেছিমগৈ, বাপেৰে।

হালোৱা – অ, শুনিছে, দেউতা-ঈশ্বৰ, ই এতিয়া কি কয়!

ফুকন – (পোহাৰীৰ প্ৰতি) বাৰু, এতিয়া তোৰ গোচৰ কি? কৈ যা।

পোহাৰী – দেউতা ঈশ্বৰ! ই কটাযোৱাই মোৰ পাচিৰে কল খায়, আকৌ মোকে বুকুত গুৰিয়াই পেলায়। এনে দিন-ডকাইত হ’লে বাঁৰী দুখুনী মানুহ আমি কেনেকৈ তৰিম, দেউতা।

টেটোন – (কথাৰ লাচতে) তৰিব নোৱাৰ যদি মৰিবতো পাৰিবি?

ফুকন – (টেটোনৰ প্ৰতি) তইনো তাইৰ পাচিৰে কল খাই তাইকে বুকুত গুৰিয়ালি কিয়? কথা সঁচা নে মিছা?

টেটোন – মিছা নকও বুলিছো নহয়, দেউতা। বুকুত গোৰ মৰাটো সঁচা। কিন্তু কথামতে চলিলেও জগৰ ধৰিব পায়নে? আৰু, পইছা দি বস্তু ল’লেও ডকা দিয়া হয়নে, দেউতা-ঈশ্বৰ?

ফুকন – কথামতে চলিলে জগৰ ধৰিব কিয়? আৰু পইছা দি বস্তু ল’লে ডকা দিয়া নহয়। হেৰ বেটী, তোক সি কলৰ পইছা দিছিলেনে?

পোহাৰী – দিছিল, দেউতা-ঈশ্বৰ!

ফুকন – পিছে, তেন্তে?

টেটোন – তাৰ পিছে, দেউতা, ময়ে কও। মই কল কিনিবলৈ দৰ-ভাও কৰাত, তাই ক’লে, ‘বোলে, পইছাটো পেলাবি, কল আষি লবি, বুকুত গোৰ মাৰি গুচি যাবি।’ তাতকৈ এক ৰতিও বেছি কৰিছো যদি, মই সমুলঞ্চে ঘাটি, দেউতা-ঈশ্বৰ!

পোহাৰী- ইঃ সিনো বাৰু কথাটোতে লাগি বুকুত গুৰিয়াব পায়নে? ক’ত দেখিছা, এনে কথা!

টেটোন – হেৰ কথাত নেলাগি নো লাগে কিহত? বাৰু তয়ে কচোন, তোৰ কথামতেই মই চলা নাইনে? তোৰ পাকলগা কথাৰ ধাৰ আকৌ নুবুজোঁ নহয়; আমি পোনপটীয়া মানুহ।

ফুকন – উঃ এইটো আকৌ লাখটকীয়া কথা দেও! বাৰু সোণামুৱা ডেকাটো হয়!

টেটোন – এইফেৰা দেউতা-ঈশ্বৰৰ অনুগ্ৰহৰ উপৰি অনুগ্ৰহ। দেউতাৰ অনুগ্ৰহলৈ যথা সময়ত অৱশ্যে মনত পেলোৱা যাব, এতিয়া গোচৰৰ ৰায় শুনিবলৈ প্ৰাৰ্থনা কৰোঁ।

ৰজা – অপৰাধী এটা দোষৰৰো দোষী নহয়। এতেকে, তাক কেয়োখন গোচৰৰ পৰা মুক্তি দিয়া গ’ল। এতিয়া গোচৰৰ ডোল নিজ নিজ হাতে মোকলাই লৈ, গুচৰীয়াবিলাক ঘৰে ঘৰে যাব লাগে। তাৰ পাছত, পদকীয়াও যাব পাৰে।

গুচৰীয়াবিলাক – যি আজ্ঞা, স্বৰ্গদেউ-ঈশ্বৰ!

(টেটোনৰ বান্ধ সোলকাই লৈ, তিনিওৰে প্ৰস্থান)

টেটোন – যে হুকুম, স্বৰ্গদেউ-ঈশ্বৰ! ময়ো তেন্তে পিছ লাগো। (পিছে পিছে ভেঙ্গুচালি কৰি) ব’ল আজি বাপেৰে! বাটত আকৌ এসেকা নিদিম বুলি জানিছনে?

(প্ৰস্থান)

ৰজা – উঃ আজিৰখন গোচৰ শুনিবলগীয়া দেও!

ফুকন – হৈছে, স্বৰ্গদেউ! অপৰাধীৰ যুক্তিবোৰ মই অকাট্য পালোঁ।

ৰজা – সচাঁ, সি বৰ বিচক্ষণ বুদ্ধিৰ ডেকা। তাৰ যুক্তি ময়ো শলাগিছোঁ। বাৰু, ডাঙৰীয়া, আজিলৈ আৰু ইমানতে উঠা যাওক, কি বোলে?

ফুকন – ভাল, স্বৰ্গদেৱ! বিদায়হে এতিয়া।

( দুইৰো দুইফালে প্ৰস্থান)