টেটোন তামুলি - তৃতীয় অঙ্ক দ্বিতীয় পট

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
টেটোন তামুলি
লেখক পদ্মনাথ গোহাঞি বৰুৱা
টেটোন তামুলি
  1. সূচীপত্ৰ আৰু চৰিত্ৰাৱলী

প্ৰথম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

দ্বিতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট
  4. চতুৰ্থ পট
  5. পঞ্চম পট

তৃতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

চতুৰ্থ অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

পঞ্চম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

গাঁওবাট

(দুটা হাটৰুৱা)

১ম – উঃ! অতি টান পালোঁ হয় দেও! মোৰ পৰাই কিনি আকৌ মোকে বেচিবলৈ বিচাৰে! বুপাইঔ! কিনো টেটোন ওলালেহিঔ!

২য় – হেৰ, কিন্তু অজলা ককাই! তই কিন্তু কথাতহে টেটোন বুলিছ, সচাঁকৈয়ে হেনো টেটোন এটা কিন্তু ওলাইছেহি। তই কিন্তু শুনা নাইনে?

১ম – ওঁ-হুঁ, মই একো শুনা নাই বোপাই! অ, আজি মোক পোৱাটোৱেইনে কি? আও! সেইটোৱে পালে হ’লে জীয়াই জীয়াই বেচি খাব বোপাই ঐ!

২য় – সেইটোৱেই কিন্তু হব পায়। মই কিন্তু চিনি নেপাও, শুনিছোঁহে। আও, নামে-গাঁৱে কিন্তু টেটোন হেনো ককাই! কথাৰে কেৱে কিন্তু বলে নোৱাৰে, মন্ত্ৰীও কিন্তু বিগৰে। সিদিনা কিন্তু তিনিটা কথাৰে তিনিখন গোচৰ টিলিকিতে উৰাই দিলে।

১ম – বাৰু, কোনেনো নামে-গাঁৱে টেটোন? কচোন ক, বাৰু শুনিয়েই থও।

২য় – এৰা, কিন্তু কথাতহে যোজনা দিয়া কিন্তু শুনিছিলো টেটোন বুলি, এতিয়া কিন্তু সঁচাকৈয়ে টেটোন নামেৰে কিন্তু চেঙ্গেৰা ডেকা এটা কিন্তু ফুৰিছেহি। ককাইটি ঐ! তাৰ কিন্তু কথা কিন্তু শুনিয়েই কিন্তু তল যাও।

১ম – কেনেনো, হেৰ, কচোন। ভাঙ্গি ক’লে কিবা দায় লাগে নেকি? থোৰতে নো থৱ কিয়?

২য় – ক’লে কিন্তু দায় নাই। কিন্তু নাম লওতেই, ভূতে পোৱাদি কিন্তু পায়হি যেন লাগে কিন্তু।

১ম – বাৰু, কচোন। আমি এতিয়া দুটা আছো। ভয় নাই; নাইবা মেনে মেনে কৈ যা শুনি থাকো।

২য় – এঃ কিন্তু তই আকৌ দুটাকৈ কিন্তু গপাইছ। এশটায়ো কিন্তু বলে পৰা নাই। সিদিনা কিন্তু মন্ত্ৰী ডাঙৰীয়াৰ চকুতে ধুলি মাৰি কিন্তু কাম সাধিলে।

১ম – ঔ আই! হেৰ, কেনেকৈ পালে মন্ত্ৰী ডাঙৰীয়াৰ চকুত ধুলিছাতি মাৰিবলৈ।

২য় – এঃ, তই কিন্তু নিচেই ভোদা মানুহ কিন্তু অ! হেৰ, কিন্তু চকুত ধূলি দিয়া অৰ্থত কিন্তু ভুৱা দিয়া বুজায়।

১ম – কেনেকৈ, কেনেকৈ? কচোন, কেনেকৈ?

২য় – কেনেকৈ কিন্তু কও শুন। সেই টেটোনটো কিন্তু ডাঙৰীয়াৰ পদূলিৰ আগেদি কিন্তু গৈছিল।

১ম – পিছে পিছে?

২য় – পিছে, সি কিন্তু গাভৰু-টোলৰ ফালে চাই কিন্তু চকু টিপিয়াইছিল।

১ম – পিছে, উঃ ইমানটো সাহ! পিছে, পিছে?

২য় – পিছে; কিন্তু ডাঙৰীয়াই শুনি তাক কিন্তু তেতিয়াই ধৰাই নিয়ালে।

১ম – তাৰ পিছে? তেতিয়াই তাক চাগৈ শালত দিবলৈ হুকুম দিলে। উঃ ইমানটো পিত! হ’ব তো তাৰ তেনে দশা!

২য় – ইঃ ক’ত কিন্তু শালত দিয়ে! শুনচোন কিন্তু শুনি ল কিন্তু আগেয়ে। ডাঙৰীয়াৰ চ’ৰালৈ ধৰি নিওতে কিন্তু বাটতে কিন্তু সি ঘনাই চকু পিৰিকিবা কিন্তু স্বভাৱৰ মানুহটো কিন্তু হৈ পৰিল। তাৰ পাছত, কিন্তু ডাঙৰীয়াৰ আগত কিন্তু থিয় কৰালত সি কিন্তু কথাইপতি চকু টিপিয়াবলৈ কিন্তু ধৰিলে।

১ম – আও, বুপাঐ! কিনো বুধিঐ! হেৰ, সচাঁকৈয়ে কৈছনে? উঃ থিতাতে ভাল ফাকটিখন তৰিলে!

২য় – সঁচা কিন্তু আকৌ। তোৰ কিন্তু ল’ৰাটিৰ মূৰ খাবলৈকে কিন্তু সঁচা।

১ম – ঐ, বুপাঐ! মন্ত্ৰী ডাঙৰীয়াকে ভুৱা দিলে। আমি কোন কুটা তাৰ মানত?

২য় – তোকতো কিন্তু কৈছো! বোলো, ভাল সাৰিলোহঁক কিন্তু আজি! এতিয়া কিন্তু ভালে ভালে কিন্তু ঘৰ সোমাওগৈ ব’ল কিন্তু ককাই! কেনেবাকৈ ইয়াতে কিন্তু পৰুৱাই পোৱাদি পাই কিন্তু কৰবালৈ উৰুৱাই কিন্তু নিবহি পিছে!

১ম – হয়, বোপাই, ব’ল ব’ল, দিনে-পোহৰে ঘৰ সোমাওগৈ। ইস্! ইস্!! ইস্!!!

(প্ৰস্থান)