টেটোন তামুলি - তৃতীয় অঙ্ক তৃতীয় পট

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
টেটোন তামুলি
লেখক পদ্মনাথ গোহাঞি বৰুৱা
টেটোন তামুলি
  1. সূচীপত্ৰ আৰু চৰিত্ৰাৱলী

প্ৰথম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

দ্বিতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট
  4. চতুৰ্থ পট
  5. পঞ্চম পট

তৃতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

চতুৰ্থ অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

পঞ্চম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

ৰজাৰ ভিতৰ চৰা

(ৰজা আৰু ন্যায়সোধা ফুকন)

ৰজা – ৰাজ্যৰ কুশল নে ডাঙৰীয়া?সকলো পিনে শান্তি ৰক্ষা পৰিছেনে?

ফুকন – হৈছে স্বৰ্গদেৱ! মই জনাত, ক’তো কোনো অশান্তিৰ চিন নাই। স্বৰ্গদেৱৰ নো অবিদিত কি আছে?

ৰজা – নহয় ডাঙৰীয়া, তোমালোকৰ মুখে ৰাজ্যত শান্তি ৰক্ষা পৰিছে বুলি শুনিলে, মই বিশেষ শান্তি উপভোগ কৰোঁ। মোৰ তিনিজনা ডাঙৰীয়া আৰু তোমালোক ডাঙৰ বিষয়াকেইজনেই ৰাজ্যৰ ঘাই ধৰণী।

ফুৰন – সেইটো স্বৰ্গদেৱৰ অনুগ্ৰহ। কিন্তু, আমি বিষয়াবিলাক স্বৰ্গদেৱৰ হাতৰ অস্ত্ৰ মাথোন। স্বৰ্গদেৱৰ নিজ গুণেই চাৰিওফালো যশস্যা ৰৈ-বৈ গৈছে। চৌদিশে স্বৰ্গদেৱৰ সাধুবাদ শুনা যায়।

ৰজা – কাৰ মুখে শুনা যায় সাধুবাদ, ডাঙৰীয়া?

ফুকন – সকলোৱে স্বৰ্গদেৱৰ গুণ গায়। তথাপি, বিশেষকৈ নিজৰ প্ৰজাবৰ্গৰ মুখত সেই গুণ-গান সততে শুনা যায়।

ৰজা – ময়ো তাকেহে বাঞ্ছা কৰোঁ ডাঙৰীয়া! প্ৰজাৰ প্ৰশংসাত মোৰ হিয়া আনন্দেৰে উপচি পৰে। কিন্তু! কি বিষয় লৈনো প্ৰজাই আমাৰ গুণ গায়?

ফুকন – স্বৰ্গদেউৰ অশেষ গুণ! গতিকে, গুণ-গানৰ বিষয়ে অলেখ। তথাপি, স্বৰ্গদেৱৰ ন্যায় বিচাৰ মন্ত্ৰীক চলিম সমন্ধে বিশেষকৈ প্ৰশংসা কৰা শুনা যায়। সবাৰে মুখে।

ৰজা – হ’ব পাৰে। কিন্তু, ময়ো তাৰ অকল গৰাকী নহয়। তাত তোমাৰো ভাগ আছে।

ফুকন – সেই সেইটো স্বৰ্গদেৱৰ অনুগ্ৰহ!

ৰজা – অনুগ্ৰহ নহয়। ভাবি চাবা, ন্যায় সোধাৰ বাব তোমাৰ গাতহে; মই সোধাৰ শেষত আজ্ঞা দিওতা মাথোন।

ফুকন – স্বৰ্গদেৱৰ আগত আৰু বঢ়াই কি ক’ম, মই হ’লে নিজলৈ টান পৰিলেও ন্যায়ৰ পৰা পিছলি নাযাও।

ৰজা – সঁচা, ময়ো মন কৰিছোঁ।

(দুটা উদং টোমৰ ভাৰ লৈ টেটোনৰ প্ৰৱেশ)

টেটোন – (আঁঠু লৈ) স্বৰ্গদেৱ-ঈশ্বৰ! আৰু ডাঙৰীয়া দেউতা!

ফুকন – হেৰ, মই কোন? তোক কোনে ভেটালে?

টেটোন – মই, সেই মই, দেউতা ঈশ্বৰ! আৰু মোক কোনেও নেভেটিলে। ভেটা হ’লেনো আৰু এইখিনি পাবহি পাৰোঁনে?

ফুকন – হেৰ, কোন ‘মই’? কটা, তইনো ইমান বৰ মানুহ নে মই বুলি চিনাকি দিয়!

টেটোন – এ, দেউতা কিনো ক’ব লাগে পিছে? মই জানো মই নহয়, দেউতা?

ৰজা – অ, তাক মই চিনিছো। এইটো সিদিনা তিনিখন গোচৰত পৰি মুক্তি পোৱা ডেকাটো।

টেটোন – হৈছে স্বৰ্গদেৱ-ঈশ্বৰ! হেজাৰো হওক, এখাপ ওখ যি ওখ! স্বৰ্গদেৱে টপ্ কৰে ধৰিলে। সেই মই!

ফুকন – হেৰ কটা, তই ইয়ালৈ কেনেকৈ আহিলি?

টেটোন – দেউতা-ঈশ্বৰ, মই খোজ কাঢ়ি আহিলো।

ফুকন – কটা, কি গজমূৰ্খ এইটো! হেৰ, তই নো খোজকাঢ়ি নাহি দোলা-ঘোঁৰাত উঠি ইয়ালৈ অহাৰ সাধ্য আছেনে?বোলো, কাকো নোসোধা-নেমেলাকৈ তই অকলে এইখিনি কেনেকৈ পালিহি?

টেটোন – (ভোৰভোৰাই) সঁচা, গজমূৰ্খ নহ’লে নো ৰজা কেনেকৈ! (ফুটাই) কিয়, দেউতা, সিদিনা গোচৰত আহোতে মই বাট চিনি গৈছো নহয়।

ৰজা – (হাঁহি মাৰি) বাৰু, কেনেকৈ আহিলি সেইটো এৰি দিয়া; কিয় আহিছে তাকে সোধাচোন।

ফুকন – হেৰ কটা, কিয় আহিছ তই, কচোন; কি লাগে?

টেটোন – ডাঙৰীয়া-দেউতাকে বিচাৰি বিচাৰি এইখিনি পাইছোঁহি। মোৰো কপাল ভাল, স্বৰ্গদেৱৰ সৈতে একে লগতে পালোহি।

ৰজা – হেৰ কটা, তই নো বাৰু ডাঙৰীয়াক ইমানকৈ কিয় বিচাৰিছ? আৰু মোৰ ওচৰত পোৱাত নো তোৰ কি কপাল ভাল হ’ব। ভাঙ্গি কচোন!

টেটোন – স্বৰ্গদেৱ-ঈশ্বৰ! ডাঙৰীয়া দেউতাই যে সেইদিনা এশ-এহেজাৰ-এখ লাখ টকা দিম বুলিছিল, তাকে নিবলৈ বুলি এই টোম দুটা সাজি লৈ তেখেতক বিচাৰি ফুৰিছোঁ। ঘৰত নাপাই ইয়ালৈকে আহিছোঁ।

ফুকন – কি! মই? মই তোক দিম বুলিছিলো অতবোৰ টকা?

টেটোন – হৈছে, দেউতা-ঈশ্বৰ! পিছে, অতবোৰ টকা এই দুটা টোমত নধৰিব হ’বলা? আৰু ধৰিলেও মই বলে পৰাটো টান দেখিছো। সেই দেখি, দেউতা-ঈশ্বৰে টকাকৈ নিদি মোহৰকৈ দিয়ে। এয়ে গোহাৰি।

ফুকন – হেৰ কটা, বলিয়া হৈছ নেকি? মই তোক কেতিয়া টকা দিম বুলিছিলো?

টেটোন – সঁচা, দেউতা, দুখীয়া-নিছলা দেখি মোক আটায়ে বলিয়াহে পাতে। সিদিনা বলিয়া পাতি অনা গোচৰকেইখন দেউতায়ে সুধিছিল নহয়! ডঙৰীয়া ডাঙৰ লোক, ডাঙৰ ডাঙৰ কথাত থাকে, এইবোৰ সৰু কথালৈ পাহৰিছে হব পায় এতিয়া। কিন্তু, সেইদিনা এয়াতে, স্বৰ্গদেৱৰ সাক্ষাততে ডাঙৰীয়া-দেউতাই নিজ মুখে সেই টকাৰ কথা বেকত কৰে!

ৰজা – হেৰ কটা, মোৰ সাক্ষাতে?

টেটোন – হৈছে, স্বৰ্গদেৱ-ঈশ্বৰ!

ৰজা – কতা! মোৰ দেখোন মনত নপৰে!

টেটোন – (গহীনাই) এৰা, স্বৰ্গদেৱ আকৌ ডাঙৰীয়াতকৈও এখাপৰ ডাঙৰ, সেই দেখি অলপ ডাঙৰকৈ পাহৰিছে। নেপাহৰিবলৈ, এখন বাজ্যৰ কথা মূৰত; এই সামান্য কথালৈনো স্বৰ্গদেৱৰ হঠাতে কেনেকৈ মনত পৰিব? স্বৰ্গদেৱ-ঈশ্বৰ! সেইদিনা – সেই গোচৰ সুধিবৰ দিনা – ডাঙৰীয়া-দেউতাই নিজ মুখে স্বীকাৰ পাইছিল, প্ৰথমখন গোচৰৰ বাবে এশ, দ্বিতীয়খনৰ বাবে এহেজাৰ আৰু তৃতীয়খনৰ বাবে এক লাখ টকীয়া কথা বুলি। এতিয়া স্বৰ্গদেৱৰ মনত পৰিব পায়?

ফুকন – হেৰ কটা, সেইটো মুখৰ কথাহে?

টেটোন – সঁচা, দেউতা, কথা বুলিলেই সি মুখৰহে। তাতে আকৌ দেউতাৰ লাখ টকীয়া সোণ-ৰূপৰ মুখৰ কথা।

ফুকন – (চিন্তাযুক্ত হৈ) উঃ কটা‍! কথাতে এতিয়া অতবোৰ টকা ভৰিবগৈ লাগিব নেকি!

ৰজা – কথাটো কিন্তু মিছা নহয় ডাঙৰীয়া। যুক্তিমতে ই টকা পাবগৈ পাৰে হয়।

টেটোন – ধইন্ ধইন্ স্বৰ্গদেৱ-ঈশ্বৰ! হয়তো, যুক্তিমতেহে চুক্তি। চুক্তি এৰাবলৈ হ’লে আগতে যুক্তি ভাঙ্গিব লাগিব।

ৰজা – পিছে, ডাঙৰীয়া কি কোৱা এতিয়া?

টেটোন – ক’ব কি আৰু স্বৰ্গদেৱ! ন্যায়সোধাত ডাঙৰীয়া এজন জগতে জনা লোক। প্ৰাণ গ’লেও কথা নেৰে নহয়। এনেজন পুৰুষ নহ’ব আৰু!

ফুকন – (হুমুনিয়াহ কাঢ়ি) জানো স্বৰ্গদেৱে কি উপদেশ দিয়ে। মই হ’লে –


ৰজা – মই হ’লে আন উপায় নেদেখো। নিজৰ গালৈ টান পৰিলেও ন্যায়ৰ পৰা পিছলিব নালাগে। সেইটো দেখোন তোমাৰেই মত।

ফুকন – (মূৰ খজুৱাই) এৰা, গৈ-থৈ এতিয়া দিব লগাতহে পৰিলোগৈ যেন পাইছো অতবোৰ টকা!

টেটোন – হয়তো, সজলোকৰ সজ কথা। নিদিব নো কেলেই, ডাঙৰীয়া হেন ডাঙৰ লোক এজনৰ মুখখনতকৈ এক লাখ টকা নো কি ডাঙৰ বস্তু!

ফুকন – বাৰু, দিব লগা হ’ল যদি, বল দিওগৈ!

টেটোন – ভাল দেউতা-ঈশ্বৰ! কিন্তু টকাকৈ বলে পৰা নহ’ব। ৰূপৰ সলনি সোণৰ মোহৰ দিবলৈ গাত লওক দেউতা-ঈশ্বৰ!

ৰজা – বাৰু, দিব যা। ৰূপ হ’লেও, সোণ হ’লেও সেই একেই। তাৰ মূল্য লৈহে কথা।

ফুকন – এতিয়া বিদায়হে স্বৰ্গদেৱ! উঃ কটা, কি কুক্ষণত ওলাইছিলো আজি।

টেটোন – আজি নহয়, ডাঙৰীয়া-দেউতা, সেই দিনাহে।

ৰজা – বাৰু, যোৱাহঁক এতিয়া। আশা কৰো মিলা-প্ৰীতিৰে আৰু যুক্তিসঙ্গতকৈ বিষয়টোৰ মীমাংসা হ’ব।

(প্ৰস্থান)