টেটোন তামুলি - চতুৰ্থ অঙ্ক দ্বিতীয় পট

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
টেটোন তামুলি
লেখক পদ্মনাথ গোহাঞি বৰুৱা
টেটোন তামুলি
  1. সূচীপত্ৰ আৰু চৰিত্ৰাৱলী

প্ৰথম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

দ্বিতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট
  4. চতুৰ্থ পট
  5. পঞ্চম পট

তৃতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

চতুৰ্থ অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

পঞ্চম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

(চম্পাৱতীৰ বুলনি ঘৰ)

চম্পা – (প্ৰৱেশ) কিনো কথা ঐ! ক’ৰনো ডেকা ওলালেহি এইটো? অতবোৰ সোণৰ মোহৰ সি পাব ক’ত? মিছা বুলিবলৈকো, ৰংদৈৰ মুখৰ কথা। তাই কেতিয়াও মোৰ আগত মিছা কথা নকয় আৰু তাই তেনে চতৰ-বতৰ তিৰোতা নহয়। (টলকা মাৰি ৰৈ) বাৰু, সঁচাই-যেনিবা; মতাইছো নো কিয়? সামান্য মানুহৰ দৰে আমিতো আৰু বাটৰুৱা এটাক ভাত এসাঁজ খুৱাই ধন লব নোৱাৰো। লোকে শুনিলে কি বুলিব! নাক-কাণ কটা কথা!

(টেটোনৰ সৈতে ৰংদৈৰ প্ৰৱেশ)

ৰংদৈ – এইটো, আইদেউ, চাওক, মিছা ভাবিছিলে।

টেটোন – (কানৰ পৰা ধনৰ ভাৰখন পেলাইছে) উঃ! হৰি গুৰু বান্ধৱ কৃষ্ণ গোৱিন্দা মোৰ স্বৱামী! ৰাম, ৰাম, ৰাম! এ, এই ঘৰত বহিবৰো দিহা নাই! (ওচৰতে তুলি থোৱা বৰপীৰাখন নিজে পাৰি লৈ বহে।)

চম্পা – (সামান্য মানুহ টেটোনক বৰপীৰাত বহা দেখি লাজ পাই আতৰি যাব খোজে) হৈছে আৰু, দেখিলো। ৰংদৈ, তাক যাবলৈ ক।

টেটোন – ই এ! ‘যাবলৈ ক’ আকৌ কি! ভাত এসাঁজ খুৱাই ধনখিনি ল’বলৈ মাতিছে বুলি মাতি আনিছে। এতিয়া আকৌ টাং-বাংখন কিহৰ? মানুহক এইদৰে লাঞ্ছনা কৰাটো জানো ভাল মানুহৰ দস্তুৰ? নেলাগে যদি অইন এঘৰত দিমগৈ, কি আছে! এক লাখ সোণৰ মোহৰ দিনো ভাত এসাঁজ নেপাম বুলি জানিছানে? তথাপি, বাটৰুৱা মানুহক এইদৰে লঘু কৰিবহি নালাগে। মই হ’লে এই কথা ঘৰে ঘৰে বিকাই ফুৰিম!

চম্পা – (মনতে) ঔ আই! ইয়াৰ মুখখন দেখোন লাওপাত-কচুপাত! ই বিকাব লাগিলে মোৰ নাক-কাণ নাথাকে আৰু! তাতকৈ দেউতাই শুনিব লাগিলেহে মৰিলো! (ফুটাই) বাৰু, ৰংদৈ, সোধচোন, সিনো কত পালে ইমানখিনি ধন।

টেটোন – ‘ই’ ‘সি’ কৰাটো ভাল নেদেখায়! লাখ টকীয়া ভাত এসাঁজ খোৱা মানুহ এজনৰ মান-মৰ্যাদালৈ চাব লাগে। এই ধনেৰে কোনে মান ধৰিছে জানিছানে? ন্যায়সোধা ফুকন ডাঙৰীয়াই।

ৰংদৈ – ঔ আই! আইদেউ, ঘৰৰে ধন দেখোন।

চম্পা – (ৰংদৈৰ প্ৰতি) বাৰু, তই থাক মনে মনে! (টেটোনৰ প্ৰতি) ডাঙৰীয়াইনো অতখিনি ধন দি কিয় মান ধৰিলে? ন্যায়সোধা ফুকনৰ মান খোৱা মানুহ আজিহে দেখিলো।

টেটোন – (হাঁহি মাৰি) হুঁ, ইমানতে আচৰিত হ’ব নালাগে। ডাঙৰীয়াই ইয়াতকৈও ডাঙৰ মান আমালৈ থৈছে হ’বলা।

ৰংদৈ – বাৰু, থেৱা সেইবোৰ কথা। তুমি এতিয়া ইমানবোৰ ধনেৰে কৰিবা কি?

টেটোন – কৈছো নহয়, বোলো যেয়ে আজি মোক মনৰ জোখাই ভাত এসাঁজ খুৱাব, তাকে ধনভাৰ দি যাম।

ৰংদৈ – আইদেউ! ঘৰৰে ধনখিনি! অলপ কথাতে যায় এতিয়া!

চম্পা – এইজনী পাগলী হ’ল নেকি? ঘৰৰ ধন হলে বুলি এতিয়া বাটৰুৱা এটাক ভাত এসাঁজ খুৱাই ল’ব পাৰিনে? তাৰ মুখেই কাইলৈ গোটেইখনত ফাটি-ফুটি নোলাবনে?

টেটোন – সন্তোষ মনেৰে যাচি দিয়া হয় যদি, বাটৰুৱাৰ ধন ল’লে নো কি দায় আছে? আৰু, এইটো বিকাবলগীয়া কথা নহয়। ভাতসাঁজ মনোমত হয় যদি বিকাম কিয়?

ৰংদৈ – এৰা, আইদেউ, কোনেনো জানিব? তেওঁ ভাৰ লৈ ভিতৰলৈ অহা কোনেও দেখা নাই!

টেটোন – আৰু, এই ভাৰখনত ধনেই হৈছে নে বস্তুৱেই আছে, মই কাকো ক’বলৈকে পোৱা নাই নহয়। পোনাই ওলাই আহিয়েই তোকেহে দেখা পাইছিলোহি বাই! ভাতসাঁজ আৰু ধনগালৰ কথা ইয়াতেহে যি ওলাল, আনক ক’বলৈ নো কি দৰকাৰ পৰিছে?

চম্পা – (মনতে) আন কেৱে নাজানিলে ৰাখিব পাৰি হবলা ধনখিনি। (ফুটাই) বাৰু, দে দিহা লগাই খাওক এসাঁজ।

ৰংদৈ – বাৰু, কওগৈ তেনেহ’লে চাংমাইক ভাত দিবলৈ।

টেটোন – ঔ ৰাম! পোনেই ভাত বুলিয়েই ভাতনে? এইফালে মানুহৰ গা-পা ধোৱাৰ দস্তুৰ নাই হ’বলা?

চম্পা – ৰংদৈ, পানী দে বাৰু, গা ধুই লওক।

ৰংদৈ – সৌৱা নহয় পানী। চোতালৰ আগত দিয়াই আছে। ধুলেগৈয়ে হয়।

টেটোন – ধুলেই হয় নুবুলি, ধুৱালেই হয় বুলিলেহে আছিল ভাল। লাখটকীয়া ভাতৰ পাতত বহিবলৈ আকৌ নিজে গা ধুব লাগিবনে?

ৰংদৈ – অ, মই ধুৱাই দিব লাগে?

টেটোন – বাৰু, তয়ে লাখ টকীয়া আইদেউ হ’ব পাৰ যদি, দেহি ধোৱাই একো কথা নাই।

ৰংদৈ – এ, আমি কেনেকৈ হম আইদেউ! আমাৰ ইমানটো ভাইখ্ কাহানি হ’ব! পিছে আইদেউ! কি বোলে এতিয়া! মোৰ মনেৰে দিয়কগৈ পানীকলহ ঢালি, কোনেনো দেখিবলৈ আহিছে? (টেটোনক) ভকত! যোৱা বহাগৈ সৌ গা-ধোৱা পীৰাতে। মই যাও, ভাত আনিবলৈ কওগৈ।

(ৰংদৈৰ প্ৰস্থান, টেটোন গাৰ কাপোৰ-কানি থৈ গা ধুবলৈ ভিতৰ সোমাই বহেগৈ)

চম্পা – (নেপথ্যত, চম্পাই ইফালে সিফালে চাই লৰালৰিকৈ গৈ পানী ঢালি দি আহি লাজত তলমূৰকৈ এফলীয়া হৈ ৰয়)

টেটোন – (নেপথ্যত) অহ! আজিহে শুচি হ’লো! আজি মোৰ শিৰত শান্তিপানী পৰিল। (ডাঙৰকৈ) এইখন দেশত তিতা-তিয়নীৰেই থাকে হ’বলা মানুহ? (ৰংদৈ আৰু চাংমাইৰ প্ৰৱেশ। ভাত সজাই থৈ চাংমাইৰ প্ৰস্থান)

ৰংদৈ – (বাহিৰৰ পৰা) কি হৈছে, কি হৈছে?

টেটোন – (নেপথ্যৰ পৰা) বোলো, তিতা-তিয়নীৰেই ভাতৰ পাতত বহিবলৈ লাগিবনে?

চম্পা – ৰংদৈ. তাৰ চুৰিয়াখন আনি দে।

ৰংদৈ – (চুৰিয়া নি নেপথ্যত দাঙি ধৰি) সলোৱা এইখন।

টেটোন – (নেপথ্যত) ইঃ! লাখটকীয়া ভাতৰ পাতত বহিবলৈ মই এতিয়া নিজেহে তিয়নী সলাই যাম?

ৰংদৈ – (নেপথ্যত) অ, মই সলাই দিবগৈ লাগে?

টেটোন – লাখ টকীয়া আইদেউ হ’বলৈ তোৰ ভাইগ্ নাই বুলিছ, নহয়?

ৰংদৈ – (নেপথ্যত) আইদেউ! শুনিছেই নহয়? গা ধুৱাই দিলেহি; দিয়কহি চুৰিয়াখনো সলাই, কোনেনো দেখিবলৈ আহিছে? (চম্পাই চুচুক-চামাককৈ কাষ চাপি গৈ চকু-আঁখি মুদি তিয়নী সলাই দি আহি লাজত মুছকাঁছ যায় আৰু পট দাঙ্গি দিয়া হয়)

ৰংদৈ – সৌৱা, বহাগৈ এতিয়া ভাতৰ পাতত। (টেটোনে পলম কৰা দেখি) যোৱা আকৌ, কি গুণিছা? এতিয়া ধনলৈ মোহ লাগিছে হ’বলা?

টেটোন – বহোগৈ বাৰু। ধনৰ মোহ নাই আৰু, মোহ বাঢ়িছে ধনৰ গৰাকীয়নীলৈহে। (লাহে লাহে গৈ ভাতৰ পাতত বহি ৰৈ থাকে)

ৰংদৈ – খোৱা আকৌ, ৰৈ আছা কেলেই? তোমাৰ আল-পৈচান ধৰি আৰু আমনি লাগিছেহি দেও।

টেটোন – ইমানতে আমনি! এক লাখ টকাৰ ভাতগাল আগত পাইছো, তাকো এতিয়া মই নিজেই খাব লাগে?

ৰংদৈ – কিনো বিলায়ে পালে! আইদেউ, কি কৰে এতিয়া? গোটকড়াই গোটে গোটে চোবাই গুৰি কড়াইত দাঁত ভাঙ্গে নে এতিয়া? দিয়কগৈ খুৱাই এগৰ্হা, কোনেনো দেখিবহি?

চম্পা – (আপোনা-আপুনি) আজি মোৰ গ্ৰহ মন্দ। (অগত্যা এখুজি-দুখুজিকৈ গৈ ভাত এগৰ্হা কটিয়াই দি আঁতৰি আহে)

টেটোন – (বাকী ভাত ভাত নিজে খাই উঠি তিনিটা ফুটাই উগাৰ মাৰি, তামুলী পীৰাখন পাৰি বহেগৈ) উঃ ৰাম। খুৱালে ভাতসাঁজ যি খুৱাব লাগে। আজিহে মোৰ আত্মা তুষ্ট হ’ল। এক লাখ টকাতকৈও লাখগুণে দৰৰ ভাতসাঁজ পোৱা গ’ল।

ৰংদৈ – (বটালৈ আঙ্গুলিয়াই) সেয়া তাৰে এখন খোৱা। যাবাগৈহে এতিয়া দেই।

টেটোন – এৰা, গৰু-চোৰ হ’বলৈ ভাল হ’ল, পঘা ধৰিবলৈ লাজ লাগিছে? ভাত খুৱাই দি তামোলখন খুৱাবলৈ টান পাব নালাগে। নহ’লে এফেৰি মানতে এতিয়া ভাতসাঁজ মোৰ মনৰ জোখাই নহ’ব পিছে।

ৰংদৈ – আইদেউ! তেনে হ’লেতো সোপাই গ’ল। দিয়কহি খুৱাই নেদেখে কোনেও।

চম্পা – (চকু-আঁখি মুদি তামোল এখন টেটোনৰ মুখত গুজি দি আঁতৰি ভিতৰলৈ লৰ মাৰে)

ৰংদৈ – এৰা, আইদেউ গ’লেই। ময়ো যাও, খং কৰিব দেও! তুমি যাবাগৈহে এতিয়া ভকত!

টেটোন – বাৰু, ময়ো যাও, আকৌ আহিম। সেই ধনৰ টোম দুটা সুমুৱাই থ’বলৈ ক’বি আইদেৱৰাক? (প্ৰস্থান)

ৰংদৈ – ঔ আই! এতিয়াহে মৰিলো! আকৌ আহিব হেনো!

(চম্পাৰ পুনঃ প্ৰৱেশ)

চম্পা – হেৰ ৰংদৈ, গ’লনে? গ’লনে? সেই আপদটো গ’লনো?

ৰংদৈ – আইদেউ। আপদ বেগাই নেৰাইছে এথোন। আকৌ আহিব বুলিহে কৈ গৈছে।

চম্পা – বাৰু, আহকগৈ, এইবাৰ সি বাটচ’ৰাৰে পৰা গতা খাব।

ৰংদৈ – এৰা, কিনো আপদটো চাপিছিলহি জানো। খাবলৈ পাই তাৰ নটা লাগিল।

চম্পা – বাৰু, থ এইবোৰ কথা। চুৱা ধুই ঠাইখন সাৰি-পুছি চফা কৰ। চাও ধনখিনি মই থৈ দিওগৈ। ইয়াৰ বাবেই আজি অত লাঞ্ছনা। (টোম এটা দাঙ্গি চাই) আও লৰাবই নোৱাৰি। (কেঁকো-জেকোকৈ ধনৰ টোম দুটা দুবেলি ভিতৰলৈ চোঁচৰাই লৈ যায়।)

ৰংদৈ – (চুৱা ধুই, ঠাই সাৰি, বাটি-কাঁহী, ঢৰা-পীৰা এটা এটাকৈ ভিতৰলৈ নি ভোৰ-ভোৰায়) ভাল জানিবা বেলি-দুপৰলৈকে পেটু-নাড়ী ছিঙ্গি মৰিবলৈ কণা-বিধাতাই লেখিলে! নেওচা-কেওচা দিবলৈ বহি, মৰিও নেযাও।

(প্ৰস্থান)