টেটোন তামুলি - চতুৰ্থ অঙ্ক তৃতীয় পট

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
টেটোন তামুলি
লেখক পদ্মনাথ গোহাঞি বৰুৱা
টেটোন তামুলি
  1. সূচীপত্ৰ আৰু চৰিত্ৰাৱলী

প্ৰথম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

দ্বিতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট
  4. চতুৰ্থ পট
  5. পঞ্চম পট

তৃতীয় অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

চতুৰ্থ অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

পঞ্চম অংক

  1. প্ৰথম পট
  2. দ্বিতীয় পট
  3. তৃতীয় পট

ৰজাৰ বিচাৰ-চৰা

(ৰজা আৰু ন্যায়সোধা ফুকন)

ৰজা – ডাঙৰীয়া, আজি কেইদিনমানৰ পৰা তোমাক বৰ চিন্তাযুক্ত দেখিছো দেখোন?

ফুকন – সঁচা স্বৰ্গদেও! আজি কিছুমান দিনৰপৰা মোৰ গ্ৰহ মন্দ হোৱা যেন পাইছো। আৰু কেইদিনমানৰ পৰা তাৰ অশুভ ফল ফলিয়াবলৈ ধৰিছে। সেই কাৰণে, আজিকালি মোক গা-মন ভাল পোৱা নাই।

ৰজা – হওতে হয়, দিন চাৰেকৰপৰা তোমাক ম্লান পৰি অহা দেখিছো। কিয়নো গা-মন বেয়া ভাল নাথাকে তাৰ কাৰণ বুজিব পৰা নাইনে?

ফুকন – কিয় নুবুজিম স্বৰ্গদেৱ। দেখিছেই নহয়, সিদিনা অবাবত সিমানখিনি ধন ভৰণি হ’ল।

ৰজা – অ, নহয়, সেইবাবে তুমি খেদ নকৰিবা। তুমি অবাবত ভৰণি বুলিছা, নহয় কিন্তু তাৰ কিবা এফেৰি মহৎ উদ্দেশ্য আছে। ‘যি কৰে ঈশ্বৰে, মানুহৰ ভাললৈহে।’ এই কথাৰ ওপৰত বিশ্বাস ৰাখি চলিবা, অৱশ্যে গা-মন ভাল পাবা।

ফুকন – স্বৰ্গদেৱৰ বুজনি অতিশয় সাৰুৱা। কিন্তু মনে যে নামানে।

ৰজা – মানিব লাগিব মনে। তুমি বেছিকৈ বুজিবা, ডাঙৰীয়া সকলো অভ্যাসৰ তল।

ফুকন – ভাল, স্বৰ্গদেৱৰ উপদেশ শিৰেধাৰ্য।

ৰজা – তোমাৰ সংকল্প যেন সফল হয়।

(টেটোনৰ প্ৰৱেশ)

টেটোন – (আঁঠু লৈ) স্বৰ্গদেৱ-ঈশ্বৰ! আৰু ডাঙৰীয়া-দেউতা!

ফুকন – (চক্ খাই উঠি, মনে মনে) পালেহি আকৌ আপদটোৱে! আজি বা আছে কপালত কি, ঈশ্বৰহে জানে। (ফুটাই) হেৰ, কোন তই? কিয় আহিছ?

টেটোন – (মনতে) ঔ ৰাম! আজিচোন একেটা উশাহতে দুটা প্ৰশ্ন। (ফুটাই) ডাঙৰীয়া- দেউতাই ওপৰলৈ উধাইছে মানে তললৈ নমনা হৈহে গৈছে! দেউতাই মোক চিন ধৰিব পৰা নাইনে? মই সেই যে মই। এইবাৰৰ সৈতে তিনিবাৰে নিবাৰ কৰোগৈ বুলি আহিছো।

ৰজা – অ, মই চিনিছো তাক। সেই তিনিখনীয়া গোচৰত পৰা টেটোন বোলা ডেকাটো আৰু, সিদিনা ডাঙৰীয়া তোমাৰ পৰা যে এক লাখ টকা লাভ কৰিছিল, সেই ডেকাটোৱেই এইটো।

টেটোন – এৰা! স্বৰ্গদেৱ-ঈশ্বৰ হ’লে উধাইছে মানে তললৈ মনা গুণটি চৰিহে আহিছে। স্বৰ্গদেৱে বন্দীৰ মানটোও মনত ৰাখিছে। মোৰ বৰ ভাগ্য।

ৰজা – হেৰ, কটা, তোৰ নামেই টেটোন নহয়নে?

টেটোন – হয়, স্বৰ্গদেৱ-ঈশ্বৰ! আগলৈকো বন্দীৰ নাম নেপাহৰে যেন।

ফুকন – (মনতে) আজি ই তিনিবাৰে নিবাৰ কৰে নে, মোক নিপাত কৰে বুজিব পৰা নাই। ই মাত মাতিলেই মোৰ মতি ভ্ৰম হ’বলৈ ধৰে দেখোন। যি হওক, বিপদত ধৈৰ্য ধৰাহে যুক্তি। (ফুটাই) কটা, তই ঘনাই আহিছ কিয়? তোৰ উদ্দেশ্য কি?

টেটোন – এ, শুনিছো স্বৰ্গদেৱৰ দিনত বোলে প্ৰজাই ‘ৰামৰ ৰাইজ’ পোৱাদি পাইছে। যাৰ যি বিচাৰ কৰাব লাগে, তাক ততালিকে আৰু নিয়াৰিকৈ সুধিবৰ নিয়ম হৈছে বোলে। পিছে, এবাৰতকৈ যে আৰুবাৰ আহিবৰ নিয়ম নাই, সেইটো মই নেজানো। নিয়ম নাই যদি, এতিয়াও গুচি যাও তেন্তে কি আছে!

ৰজা – অ, নহয়। বিচাৰৰ নিমিত্তে মোৰ চ’ৰালৈ কুৰিবাৰ আহিলেও হানি নাই। ডাঙৰীয়া, সোধা, তাৰ কি ক’বলৈ আছে।

ফুকন – (আতঙ্ক চিতেৰে) বাৰু, কচোন হেৰ, তোক কি লাগে।

টেটোন – (মনতে) লাগে ডাঙৰ বস্তুকে। সিবাৰতকৈ লাখ লাখ গুণে ডাঙৰ। (ফুটাই) খৰ-ধৰ নকৰিব দেউতা, ধীৰে-শাঁতে শুনক। মই গোটাচেৰেক আউল-লগা কথা মীমাংসা কৰাবলৈ আহিছো।

ফুকন – (অধৈৰ্য আৰু আওকণীয়া হৈ) বাৰু কৈ যা কি ক’ব লগা আছে।

টেটোন – এটা এটাকৈহে জনাব পৰা হ’ব। বাৰু, এটা এটাকৈহে মীমাংসা কৰিব লাগিব।

ফুকন – বাৰু, তই কৈ যাচোন।

টেটোন – ভাল দেউতা-ঈশ্বৰ! পোনেই সোধো কাক কোনে গা-ধুৱাই দিয়ে।

ফুকন – আপদে-বিপদে বা ৰঙ্গে-ধেমালিয়ে ঘৈণীয়েকে নিজৰ গিৰীয়েকক গা ধুৱাই দিব পাৰে। কিনো বৰ কথাটো তাকে ৰজাৰ আগত বিচাৰিবলৈ আনিলি?

টেটোন – নহয় দেউতা, ৰজাৰ আগত কোৱা কথা বুলিলে শিলৰ ৰেখা যেন হয়। সেইহে –

ৰজা – বাৰু সোধাত বেয়া হোৱা নাই।

ফুকন – আৰু তাৰ পিছে?

টেটোন – তাৰ পিছে, দেউতা-ঈশ্বৰ, কোনে কাক তিয়নী সলাই দিয়ে?

ফুকন – (অলপ হাঁহি) সেইটো আৰু নিজৰ ঘৈণীয়েকত বাজে কোনে কৰিব?

টেটোন – ভাল দেউতা, আমনি নেপাব, আকৌ সোধো, কাক কোনে ভাত খুৱাই দিয়ে?

ফুকন – সেইটোও একে লগৰে কথা।

টেটোন – তাৰ পিছে দেউতা-ঈশ্বৰ! কাক কোনে তামুলী পীৰাত বহুৱাই তামোল খুৱাই দিয়ে?

ফুকন – এঃ একেবিধ কথাকে কি পাগুলি থাকে এইটোৱে! হেৰ! সেইটো ব্যৱহাৰ বিষয়ানীয়ে বিষয়াক কৰে।

টেটোন – আৰু এটাহে আছেগৈ, দেউতা আমনি নেপাব, বোলে, কাৰ ধন-সোণ কোনে সামৰি থয়। হ’ল আৰু, দেউতা খতম্।

ফুকন – হেৰ, সেইটো নিজৰ গৃহিণীৰ কৰ্ম। তাকো সুধিব লাগিছেনে?

টেটোন – ভাল, এতিয়া সোধো, মোৰ প্ৰতিও ওপৰত কোৱাৰ নিচিনা ব্যৱহাৰ কোনোবাই কৰে যদি তেওঁ মোৰ কি হ’ব?

ৰজা – (হাঁহি মাৰি) কটা, ই বৰ ধেমেলীয়া ডেকা! হেৰ, ময়ে কৈছোঁ, তেনেজনী তোৰ ঘৈণী হ’ব।

টেটোন – ভাল, স্বৰ্গদেৱৰ কথা যেতিয়া শিলৰ ৰেখা হল। পিছে, মাৰক বা কাটক, এতিয়া আচল কথা কও, ডাঙৰীয়া- দেউতাৰ লগত বন্দীৰ জোঁৱাই সম্বন্ধ ঘটিছে।

ফুকন – (জ্বলি উঠি) ঐ কটা, চুৱাখোৱা কুকুৰে চল পাই চুবলৈকে আহ দেখোন!

টেটোন – দেউতা, খং কৰে কিয়? মই ইয়াৰ আগেয়ে কৈ অহা কথাখিনিৰ সম্ভেদ লৈ চালেই বুজিব, এই নিছলা ডাঙৰীয়াৰ ঘৰ-জোঁৱাই হও নে নহও। সৰহ নকও, ডাঙৰীয়াৰ পৰা মই সিদিনা নিয়া এক লাখ এহেজাৰ এশ মূল্যৰ সোণৰ মোহৰ কাৰ পেৰাত ওলায়, ঘৰলৈ গৈ চালেই হ’ব।

ফুকন – (উগ্ৰমূৰ্তি) ঔ কটা, তই ইমান পালিহি। ইমান কথা ক’বলৈ তোৰ সাহ। এতিয়াই যমপুৰীলৈ পঠিয়াম বুলি জনা নাই তই।

(মাৰিবলৈ উঠি যায়)

ৰজা – ক্ষান্ত হোৱা ডাঙৰীয়া। মোৰ কথা শুনা। সি ভালেই কৈছে। তুমি আগেয়ে কথাবোৰৰ আচল তত্ত্ব লৈ চোৱা। যদি তাক কথা সত্য হয়, তেন্তে তুমি খং কৰা মিছা।

ফুকন – কিনো ক’ম স্বৰ্গদেৱ। এতিয়াহে মোৰ ভাল খ্যাতি আছিল। ইয়াতকৈ মই মৰি যোৱাই ভাল।

ৰজা – আক্ষেপ নকৰিবা ডাঙৰীয়া। মই কৈছো নহয়, বোলো, যি কৰে ঈশ্বৰে, মানুহৰ ভালৰ নিমিত্তেহে। ইয়াৰ পৰা কি জানি তোমাৰ কিবা ভাল হ’বলৈহে আছে। অধৈৰ্য নহ’বা।

ফুকন – (উলপ শান্তমুৱা হৈ) যি বোলে স্বৰ্গদেৱে। মই নো কি মাতিম আৰু!

ৰজা – আৰু এটা কথালৈ মন কৰিছানে? ডেকাটিৰ কেনে বিচক্ষণ বুদ্ধি। বুদ্ধিৰ বলত অসম্ভৱ সম্ভৱ হয়। আৰু, ইয়াৰ নিচিনা অকাট্য যুক্তি কেইটাৰপৰা শুনিবলৈ পাইছিলা? মোৰ বোধেৰে ই সাধাৰণ মানুহ নহয়। ই নিশ্চয় বকৰাণিত গজা ভাল আমৰ পুলি। আৰু, ই বুদ্ধিৰ বলত যে তোমাৰ ঘৰত গৈ তামোলী-পীৰা পালে, সেইবাবে ইয়াক আজিৰপৰা মই ‘তামুলি’ খিতাপ দিলো। এতিয়াৰ পৰা ইয়াৰ নাম ‘টেটোন-তামুলি’ হ’ল। আশা কৰোঁ, এতিয়া আৰু তোমাৰ আইদেউক এই ডেকালৈ বিয়া দিয়াত তোমাৰ কোনো আপত্তি নাথাকিব। লোক নিন্দালৈকো নহ’ব। কিয়নো এইটো ৰাজ উপদেশ হ’ল।

ফুকন – (আনন্দ মনেৰে) ভাল, স্বৰ্গদেৱে ভাল বুলিলে নো আৰু বেয়া বোলোতা কোন আছে। বোলে, ‘ৰজাই ভাল দেখে যাক, ভেটিও নেলাগে তাক।’ মোৰ মন এতিয়া মুকলি লাগিছে, স্বৰ্গদেৱ।

ৰজা – ডেকা-তামুলিয়ে এতিয়া ডাঙৰীয়াৰ লগতে তেওঁৰ ঘৰলৈ গৈ, যথাবিধি শুভকাৰ্য সমাধা কৰিবলৈ ধৰাগৈ।

টেটোন – ভাল, স্বৰ্গদেৱ ঈশ্বৰ! আগলৈকো এই অনুগ্ৰহৰ ধাৰ নিছিগে যেন! ডাঙৰীয়া দেউতা আজিৰ পৰা মোৰ ধৰম পিতৃ-দেৱতা হ’ল।