জোন-বিৰি/যেনে চোৰ তেনে টাঙ্গোন
যেনে চোৰ তেনে টাঙোন
প্ৰথম আধ্যা।
কটীয়া মোমাই চৰকাৰী মোমাই। সকলোৰে সৈতে তেওঁৰ মোমাই সম্বন্ধ লাগে। বগৰিগুটিৰ এটাৰ সমান ঘুট্মুট্ কৰে মোমাইটিক লৰালৰিৰ বেলিকা চোলাৰ মোনাত সুমাই লৈ যাবলৈকো তুমি সাহ কৰিব পাৰা। তেওঁৰ বয়স কিমান আমি কব নোৱাৰোঁ, আৰু কোনে কব পাৰে, তাকো কব নোৱাৰোঁ। আমি সদায় তেওঁক একে চিন একে ছাবেই দেখিছোঁ, এই মাত্ৰ। এটা উপমা দিওঁ। তোমাৰ সেই জগন্নথীয়া পকা ৰঙালাওটো বৰচাঙত তুলি তুমি যেনে থৈছা তেনে আছে; আমাৰ এই কটীয়া মোমাইটীও, এই পৃথিবীৰূপ বৰচাঙত, বিধাতাই তুলি থোৱা ভাবেই গৰ্গৰিয়া দি পৰি আছে। সৰিয়হৰ ডুলিৰ বাওৰ মাজত সোমোৱা সৰিয়হটো ভালেমান কাললৈকে তাতে ৰৈ যায়, জাৰিলে জোকাৰিলেও নোলায়, আৰু সতকায় লোকৰ চকুতো নপৰে। এই সংসাৰ-ডুলিৰ বাওৰ মাজত আমাৰ মোমাইকণে৷, সেই দৰে বিধতাৰ চকুত নপৰাকৈ ৰৈ গৈছে। মোমাই বৰ টক্টকীয়া; এলাহ কাক বোলে তেওঁ ভুকে নেপায়। দহ মাইল পোন্ধৰ মাইল বাটক তেওঁ বাট যেনকে নেদেখে। সমান বাটত ৰথৰ ঘিলা ঘূৰাদি তেওঁ ঘূৰি গৈ থাকে। তেওঁৰ ঘৰ যিখন গাৱঁত তাৰপৰা জিলালৈ পোন্ধৰ মাইলৰ ওপৰ হব। তেওঁৰ হেনো সেই ফেৰা বাট বুলনিঘৰৰপৰা বৰঘৰলৈ অহা যেনহে লাগে। ইয়াতেই বুজিবা। দুদিনে চাইদিনে মোমাই জিল্লালৈ আহি আহি থাকে। মোমাই আহিলে আমাৰ বৰ ৰং হয়। আমি বাহ-লৰাই বেঢ়ি ধৰি “মোমাই আমালৈ কি আনিছা?” “মোমাই অমুক, মোমাই তমুক,” ইত্যাদি কথাৰে তেওঁক নথৈ আমনি কৰোঁ। মোমায়ে কিন্তু সেইবোৰত আমনি নাপায়। তেওঁ বৰৰ এঠাৰ আঙঠি; লৰা, ডেকা, বুঢ়া সকলোৰে আঙুলিত কাপ খাই যায়।
কুহ্কুহীয়া জাৰ। এদিন পুহমহীয়া গধূলি মোমাই জুহালৰ ওচৰত ডুখৰিপীৰা পাৰি বহিছে; তেওঁৰ সৈন্যসামন্ত সভাসদ পাৰিষদ আমি লৰাবোৰো সেই জুহালৰ চাৰিউপিনে একোডোখৰ তেনে ডুখৰিপীৰা পাৰি বহিছোঁ। মোমায়ে হাচটি মেলি বাহঁৰ চুঙাৰ টেমাটোৰ ভিতৰৰপৰা এটা ভেকুৰী গুটিৰ সমান, মেচ্ মেচ্ কৰে কলা কানী উলিয়াই কোঁট-কৰে গিলি, তামোল-ছালিত কটাৰি বহুৱাইছে। এনেতে আমি গহীনকৈ মাত লগালোঁ “মোমাই, এটা সাধু—” গোটেই কথাষাৰ আমাৰ মুখৰপৰা ওলাবলৈ নৌপাওঁতেই লগে লগে মোমাইৰ মুখৰপৰা এনে এটা ডাঙৰ ভেকাহীয়ে ঢেৰেকনি মাৰিলে যে, একে ভেকাহীতেই আমি বালক-মণ্ডলী, নিয়াৰিৰ ওপৰত থকা ৰঙা লোৰ পৰা হাতুৰিৰ মাৰত ফিৰিঙতি ওফৰাদি ওফৰি পৰিলো। কিন্তু মোমাইৰ গঢ়-গতি আমাৰ জনা আছে, প্ৰথম খুন্দাত খোপনি ৰখাব পাৰিলে, আৰু তুমি ৰৈ গলা। গতিকে, চকু চাওঁতেই আমি গিৰ্জনি মাৰি হাঁহি, আকৌ তেওঁক বেঢ়ি ধৰি “সাধুকথা” “সাধুকথা” কৰি চিয়ৰিবলৈ ধৰিলো। অলপমান টলকা মাৰি থাকি মোমায়ে মাত লগালে; “তহঁত বৰ দুষ্ট লৰা বুজিছনে? কি সাধু শুনিবি?”
আমি আহ্লাদত গদগদ হৈ কলো “মোমাই তোমাৰ যিহকে কবৰ মন যায়।"
মোমাই।—“এটাই মোৰ আঙুলি কেইটা ফুটাই দে।”
মোমাই এই কথা কোৱা মাত্ৰকতেই আমি এটাইমখাই একেবেলিয়েই আঙুলি ফুটাবলৈ ওলালোঁ। আমাৰ ভিতৰৰ সুযোগ্য দুজন সেই কাৰ্য্যত মনোনীত হল; আৰু নিমিষতে, এটাৰ ঠেঙুলি ভাঙোতে উঠাদি উঠা ফুট্ ফুট্ শব্দ কাণ জুৰাই মোমাইৰ আঙুলিৰ গাঁঠিৰপৰা উঠিবলৈ ধৰিলে। মোমায়ে সাধু আৰম্ভ কৰিলে:—
“মই যি সাধু কব খুজিছোঁ, তাৰ নাম, ‘যেনে চোৰ, তেনে টাঙোন’। সেই তাৰ নামটো কি? আঃ কুলক্ষণীয়াৰ নামটোৱেই মনত নপৰে। সেই—সেই—আঃ—সেই গৰিহাখোৱাৰ নামটো কি?”
আমি।—“কাৰ নাম মোমাই?
“তাৰ।—বোলো, সেই তাৰ, যাৰ নামটোৱেই মনত নপৰা হৈছে। মুখত গুটিসাঁচেৰে এচকু কণা, সেই আমতলত ঘৰ যাৰ। বোলো, সেই আমাৰ গাৱঁৰ মোলোকা বহুৱাৰ পুতেক, ৰুদ্ ৰুদ ৰুদাই—ঠিক মনত পৰিছে। মোলোকা বহুৱাৰ পুতেক ৰুদ্ৰামে, আজি এবছৰ হল, ভকলুৰ ছোৱালীজনী বিয়া কৰাই আনিছে। তাইৰ দুখ (আহা! বপুৰী তাই পৰজন্মত কি পাপ কৰিছিল!) কুলায়-পাচিয়ে নধৰে। বপুৰী বৰ বিতোপন ছোৱালী। সি দুৰাচাৰ। পুৱা-গধূলি নিতৌ সি তাইক ঢেকিঠোৰাৰে মৰিয়ায়। মাৰ খাই খাই তাই ঘুগুলাপছলা। দোষত? নহয়, নহয় মোৰ কুটুম, বিনাদোষত, বিনাদোষত। কোনো জগৰ নাই তথাপি সি তাইক মাৰে। মিছাকৈয়ে দায় খুচৰি উলিয়াই সি তাইক কিলায়। ন দোষ নেপালে পুৰণি দায় খুচৰি উলিয়াই লৈ সি তাইক খুন্দে। বেছেৰীয়ে পিঠি পাতি দি সহি থাকে। দিনৌ ইমান মাৰ কিল খায়, তথাপি বেছেৰীয়ে গিৰিয়েকক সুখে সন্তোষে ৰাখিবলৈ মৰিমুজি যতন কৰে। তাইক মৰাটো কুলাধমৰ নিত্যকৰ্ম্ম। নহলে তাৰ হাত খজুৱায়, সুখ নেলাগে, সুত নেলাগে। নহলে পাপীক পোকে কামোৰে। পাষণ্ড! নৰাধম! তাই কন্দাকটা কৰিলে কিলৰ জাউৰি আৰু বাঢ়ে। সেই মাৰকিলৰ কথা যদি কেনেবাকৈ তাই লোকক কলে, বা তাইৰ চিয়ৰ-বাখৰ কান্দোন কাটোন লোকে শুনিবলৈ পালে, তেন্তে মাৰ-কিলৰ জাউৰি সেই দিনা নথৈ বাঢ়ে। ওচৰ চুবুৰীয়াই মাৰকিলত হকাবধা কৰিলে তাৰ হোৰ ঘৈণীয়েকৰ পিঠিত দুগুণ উঠে। ইফালে পাঁজীৰ, লোকে শুনিলে লাজটোও আছে। নিলাজ! নিধক! নিলাজৰ আকৌ লাজ, কেকোৰাৰ আকৌ মূৰ! তোম ডেম ফুল পাজী। তোমাৰা লাজ হ্যায়? তোমৰা চৰম হ্যায় নন্চন্! ইষ্টপিট!”
আমি—“মোমাই, কাক ইমানবোৰ গালি পাৰিছা?”
“সেই তাক। সেই ঘৈণীয়েকৰ মঙহ খোৱাক। ৰুদাই নে কি সেইটোক। উস! এদিন নহয় দুদিন, নহয় মাহেক নহয়, পষেক নহয়, গোটেই বছৰটো সি তাইক খুন্দিছে বিয়া কৰি আনিবৰ দিনচেৰেকৰ পিছৰপৰাই বুলিব লাগে, পাপীয়ে তাইক কলাগুটিবাদ্যং কৰিব লাগিছে। এনে কথা ক’ত দেখিছা ক’ত শুনিছা! গাৱঁৰ মানুহে পোনতে হকাবধা কৰিছিল! পাছে এৰি দিলে, তোৰ যি মন যায় কৰ বুলি! তাইক কুটি বাছি খা বুলি! কিয়নো, তাৰ ফল বিপৰীত হয় দেখি। লোকে হকাবধা কৰিলে তাইৰ পিঠিৰ কিলৰ জাউৰি বাঢ়ে, আৰু হকাবধা কৰা সকলৰ বঁটা গালি-শপনি হয়!
“দৈ কলঙীয়ানী বাই দৈকলঙীয়া গাৱঁৰ নাম-জ্বলা মাছ-পোহাৰী। বৰ বুধিয়ক। তহঁতে তাইক দেখা নাই হবলা? তাই দেখিবলগীয়৷ তিৰুতা; জিল্লালৈ মাজে-সময়ে আহে। এদিন তহঁতক দেখুৱাম। দৈকলঙীয়া গাওঁ, ওচৰৰে গাওঁ। এদিন মাছ বেচিবলৈ আহি দৈকলঙীয়ানী ৰুদাইৰ ঘৰত উপস্থিত। ৰুদাই ঘৰত নাস্তি। ঘৈণীয়েকে চোতালতে বহি চকুৰ লো টুকিব লাগিছে। দৈকলঙীয়ানীয়ে মাত লগালে।—সাবেলেই ভাল মাছ আছে, লবি নে আই?—কি হল আই হে কিয় কান্দিছ?”
“ৰুদাইৰ ঘৈণীয়েক— মাছ নালাগে। একো হোৱা নাই—মোৰ আকৌ কি হব দেও হে।
দ, ক,।—“এনে কথা কিয় কৰ মোৰ আই হে, একো নোহোৱাকৈ মানুহে কান্দে? কি হৈছে মোৰ আই ক?”
“গিৰিয়েকৰ কিল মাৰৰ সকলো কথা দৈকলঙীয়ানীয়ে তাইৰ পৰা উলিয়াই লৈ দুখ পতিয়াই কলে,—‘আই শুন। আজি মই গধূলিকৈ এবাৰ আহিম, আহি তোক মই যিহকে কওঁ তাকে যদি কৰ তেন্তে তোৰ গিৰিয়েৰে নিচয় তোক আৰু নমৰা হব’। বাৰু বাই তুমি আহিবা গধূলিকৈ; মোক যিহকে কৰিবলৈ কোৱা তাকে কৰিম’ এই বুলি ৰুদাইৰ ঘৈণীয়েকে দৈকলঙীয়ানীক কৈ বিদায় দিলে।
এইখিনিতে দেখোন আমাৰ কটীয়া মোমায়ে মৌনাৱলম্বন কৰিলে। আমি কাৰণ বিচাৰি মোমাইৰ মুখৰ ফালে নিৰীক্ষণ কৰি পালো তেওঁৰ চকু মুদ-খোৱা আৰু মূৰে বৰশী বোৱা। আমি মাত লগালো ‘মোমাই দেখোন তুমি থিতাতে চেঙেলি টোপাবলৈ লাগিলা? তাৰ পিছত?’ মোমায়ে লাহেকৈ চকু দুটা মেলি উত্তৰ দিলে, “কিহৰ পিছত?”
আমি।—‘দৈকলঙীয়ানী বিদায় হোৱাৰ পিছত?
মোমাই।—‘কটীয়া মোমায়েৰে চেঙেলি টোপাবলৈ লাগিল।’
আমি।—‘তাৰ পিছত?’
মোমাই।—‘চেঙেলি এটা ধৰা পৰিছিল।’
আমি।—‘তাৰ পিছত?’
মোমাই।—‘তহঁতৰ কেপ্কেপনিত থাকিব নোৱাৰি এতিয়াই হাতৰপৰা পুলকি গল।’
আমি।—‘যোৱাঁ মোমাই, তুমি কি ধেমালি কৰিবলৈ লাগিলা।দৈকলঙীয়ানী বিদায় হোৱাৰ পিছত কি হল কোৱাঁ?’
মোমাই।—‘কি হব আৰু; আধ্যা পৰিল।’
আমি।—‘বাৰু আধ্যা পৰিল পৰক, আকৌ নকৈ একাধ্যা আৰম্ভ কৰাঁ মোমাই, নহলে আমি নেৰোঁ; বোলো কেতিয়াও নেৰোঁ।’
মোমাই।—নেৰ যদি কৰিলো আৰম্ভ এই
“দ্বিতীয় আধ্যা।”
‘গৰু-গাই ঘৰ চাপিল; সন্ধ্যা লাগিল; লাগি ভাগিল; ভাগি এন্ধাৰ হল; আৰু ৰুদাইৰ ঘৰৰ পাছচোতালত দৈকলঙীয়ানীৰ ডিঙিৰ মাত শুনা গল—‘অ আইটী’! মাত শুনি ৰুদাইৰ ঘৈণীয়েক ওলাই আহিল। তাৰ পিছত দৈকলঙীয়ানীয়ে তাইৰ হাতত এটা বস্তু দি, কাণে কাণে অলপমান বেলি ফুচ্ফুচাই কিবা বুধি দি, গুচি গল।’
আমাৰ মোমাই ডোখৰে আকৌ টলকা মাৰিলে। আৰু এই দোক্মোকালিতে চেলু পাই তেওঁৰ নাকে ওপৰাওপৰিকৈ দুবাৰ মাতিও ললে।
আমি।—‘মোমাই মোমাই! তুমি আকৌ কি টোপনিয়াবলৈ লাগিলা?যোৱাঁ! তাৰ পিছত কি হল কোৱাঁ? মোমাই! মোমাই।’
মোমাই—‘কি হল?’
আমি।—‘তাৰ পিছত?’
মোমাই।—‘কিহৰ পিছত?’
আমি।—‘দৈ কলঙীয়ানী যোৱাৰ পিছত।’
মোমাই।—‘দৈকলঙায়ানী যোৱাৰ পিছত কি হল, কলো নহয়!’
আমি!—‘কেতিয়া কলা?’
মোমাই।—‘এতিয়াই।’
আমি।—যোৱাঁ মোমাই, টোপনিৰ জালত তুমি কি কৈছা একো ঠিক নাই! একো নোকোৱাকৈয়ে বুলিছা কলো।
মোমাই।—‘তহঁত নিতান্ত বুধি-নাইকিয়া লৰা বুজিছনে। দৈকলঙীয়ানী যোৱা কথা কোৱাৰ পাছত মই কি কৰিছিলো?
আমি—‘তুমি নাক ডকাই টোপনিয়াইছিলা,।
মোমাই।—তেন্তে? বুজিব নোৱাৰিলি? দৈকলঙীয়ানী যোৱাৰ পিছত গিৰিয়েকে ঘৈণীয়েক দুয়ো খাই বৈ শুই থাকিল । আৰু এই খিনিতে এই আধ্যা পৰিল ।’
আমি—'পৰিল পৰক, আকৌ নতুন আধ্যা উঠক ৷
মোমাই ।—‘মোৰ মুখৰ তামোলখন ভালকৈ পাগুলি নললে নুঠে ।" চুণ ধপাত ডেৱাছালিৰে পাগ-লগা তামোলখন ভালকৈ পাগুলি, সাধু-কথাটোৰ ঘিলা চাইটাত ভালকৈ তেল সানি লৈ মোমায়ে দুনাই লেজু ধৰি ঘৰ্ঘৰকৈ সাধুটো টানি লৈ যাবলৈ ধৰিলে !
"লৰাহঁত, এই পালোহি’
“তৃতীয় আধ্যা।”
"পিছ দিনা হালোৱতলিৰপৰা সোনকালে হাল মেলি ঘৰলৈ উভতি আহি ৰুন্দ্ৰামে ঘৈণীয়েকক মাত লগালে “ঐ অ । বোলে। শুনিছনে হয় ! বেগাই আহ !”
“ঘৈণীয়েক ।— ‘শুনিছো ! কি হল ? আজি দেখোন ইমান সোনকালে হাল মেলি আহিলা ? সেইটো ৰৌ মাছ কত পালা ?’
ৰুদ্ৰাম। – ‘সেই উৰিআমজোপাৰ তলত হাল বাওঁতে নাঙলৰ ফালত এই ৰৌ মাছটো উঠিল । কেনেকৈ মাটিৰ তলত ৰৌ মাছটো ওলাল গৈ কব নোৱাৰে৷ ৷ চাচোন, ডক্ ডক্ কৰে জীয়া মাছটো ৷ কাকো নকবি । ওচৰ চুবুৰীয়াই গম পালেই ভাগ, বিচাৰি ওলাবহি ! হোঁ, লৈ যা, ভালকৈ টেঙা দি এখন আঞ্জা ৰান্ধ । খুটুৰাচেৰেক ভাজিবিও । মূৰটোৱে সৈতে অলপ মাছ গধূলি সাজলৈকো থবি ৷ থাকে যদি দুটুৰামান কাইলৈকো থলে ভালেই ।— ভালেই কি, কাইলৈকে৷ থবই লাগিব।’ "ঘৈণীয়েকে আনন্দ প্ৰকাশ কৰি লাহেকৈ উঠি মাছটো লৈ ভিতৰলৈ গল।”
আমাৰ কটীয়া মোমায়ে আকৌ টলকা মাৰিলে। আমি মাত লগালো ‘মোমাই ৰলা কেলৈ আকৌ টোপনিয়াইছা নে কি? নোটোপনিয়াবা মোমাই, তোমাৰ দুটি ভৰিত ধৰিছোহঁক, বেগাই কৈ অন্ত কৰি পেলালে আৰু তোমাক আমি দিগ দাৰি নকৰোঁ?’
মোমাই——তহঁত, বৰ উতনুৱা লৰা বুজিছনে। ততকে নিদিয়। হুতাইতাই। এই আধ্যা পৰিল দেখি ৰৈছো। এতিয়া পালোহি।’
“চতুৰ্থ অধ্যা।”
“এই আধ্যাৰ আদিতে, ৰুদাইৰ ঘৈণীয়েকে, ‘ৰাইজ চোৱাঁ- হঁত ঔ। মোক বিনাদোষত এই দিন-দুপৰত মাৰি ঘুগুলাপছলা কৰিলে। হে ৰজাৰ শৰণ! ৰাইজ আহাহঁক ঐ! কিলত মোৰ হাড় মূৰ ভাগি গুড়ি হল। এই বুলি চিয়ঁৰত গছৰ পাত সৰাইছে। আৰু, নিচিয়ৰিবি মোৰ ৰৌ মাছটো নেৰান্ধি কি কৰিলি ক, তোক মই আজি ডোখৰ ডোখৰকৈ কাটিম’ এই বুলি কদায়ে ঘৈণীয়েকৰ পিঠিত হাত ভৰি সমানে চলাবলৈ ধৰিছে।
কিলৰ জাউৰি আৰু চিয়ৰ-বাখৰ আন দিনতকৈ বেছি হোৱা শুনি চাৰিউফালৰ মানুহ বাধ্য হৈ চাপি আহিল। ‘ৰ, ৰ, কিয় ইমানকৈ তাইক মাৰিছ? নেমাৰিবি’ বুলি ৰুদ্ৰামৰ ওপৰত ৰাইজৰ হুকুম পৰিল।
ৰুদাই —কিয় নেমাৰিম? এইক আজি কাটি ডোখৰ ডোখৰকৈ শিয়াল-কুকুৰক দিম। এই মোৰ ৰৌ মাছটো কি কৰিলে?”
“ৰাইজ।—‘হেৰ কি ৰৌ মাছ অ?’
“ৰু, ঘৈণীয়েক।—'কি ৰৌ মাছ, দেউতাসকল আপোন৷ সকলে তেওঁক শোধকচোন?”
“ৰুদাই।——‘কি ৰৌ মাছ! চুৰুনী, কি ৰৌ মাছ! মই আজি ৰাতিপুৱা সেই উৰিআমৰ তলত হাল বাওঁতে পোৱা ৰৌ মাছটো, তোক যে ৰান্ধিবলৈ দিছিলো। এতিয়া কি ৰৌ মাছ বুলি আসৈ মাতিছ!’
"ৰাইজ।—‘হাল বাওঁতে কেনেকৈ ৰৌ মাছ পালি হেৰ ৰুদাই?"
ৰুদাই।—‘হাল বাওঁতে মাটিৰ ভিতৰৰপৰা নাঙলৰ ফালত উঠিছিল।"
"ৰু, ঘৈ,!—‘শুনিলে দেউতাসকল, ৰাইজ, শুনিলে এতিয়া? এনে অদ্ভুত কথা শুনিলে? শুকান মাটিৰ তলত কৰবাত ৰৌ মাছ থকাটো আপোনাসকলে শুনিছে নে দেউতাসকল, মই আপোনা- সকলৰ চৰণত দান্তে তৃণ ধৰি চুলি ছিঙি কাতৰ কৰি শুধিছোঁ? দেউতাসকল, এওঁৰ মূৰৰ ঘিউ বেয়া হৈছে, নহলে এনে নাভূত- নাশ্ৰুত কথা কৈ কিয় মোক এই দৰে চোৰ-কিলোৱা দিব? ঠিক, ঠিক, ই বলিয়া। ইয়াক বান্ধ; নহলে ই মানুহদুনুহ মাৰিব এই বুলি ৰাইজে ৰুদাইক ভালকৈ হাতে ভৰিয়ে বান্ধি এন্ধাৰ ঘৰ এখোটালিত পেলাই থৈ দিহাদিহি গুচি গল।’
আমি।—‘মোমাই তাৰ পিছত?’
মোমাই।—‘তাৰ পিছত আৰু কি, সি বলিয়া সাব্যস্ত হল, আৰু গৰুৰ পঘা আৰু হাতীৰ ফইত বান্ধ খালে। আৰু এই আধ্যা পৰি গল।”
আমি।—‘নাই পৰা আধ্যা মোমাই, তোমাৰ দুটি ভৰিত ধৰিছোঁ, আৰু তাৰ পিছত কি হল কোৱা?’
মোমাই।—‘নাই পৰা কিয়? পৰিল, পৰি আকৌ একাধ্যা উঠিল, যাৰ নাম—
“পঞ্চম অধ্যা।”
“এই আধ্যাত ৰুদাইৰ ঘৈণীয়েকে, বান্ধ খাই পৰি থকা গিৰিয়েকক অকলৈ পাই, ওচৰ চাপি আহি কাণৰ কাষত লাহেকৈ মাত লগাইছে⸺‘কেনে? মোক নিতৌ মাৰিবানে? আজিৰ পৰা যদি মোক আৰু নামাৰোঁ বুলি সৈ কাঢ়াঁ, তেন্তে এতিয়াই মই ৰাইজক কৈ তোমাক মুকলি কৰাই দিয়াম। আৰু যদিহে সৈ নেকাঢ়া তেন্তে সদাই এই বলিয়াৰ বান্ধত পৰি থাকিব লাগিব। মাছটো তেওঁ ময়েহে, ৰাতি নৌপুৱাওঁতেই হালোৱাতলিত পুতি থৈ আহিছিলো।”
“ৰুদাই।—‘মই তোৰ আগত সৈ কাঢ়িছোঁ, গুৰুঘৰৰ শপত খাই কৈছোঁ, আজিৰপৰা তোক কেতিয়াও কেতিয়াও নেমাৰো। মোৰ দোষ তই ক্ষমা কৰ। মোক মুকলি কৰি দে।
“ইয়াৰ পিছত, নানা দৰবজাতি দি ভাল কৰিছোঁ বুলি ৰাইজক বুজাই ৰুদাইৰ ঘৈণীয়েকে গিৰিয়েকক মোকোলাই দিয়ালে। তহঁতৰ কটীয়া মোমায়েৰৰ গাৰ কানি কাপোৰ সোপাই ক’লা হল দেখি তেওঁ টুক্টুক্কৰে নগৰলৈ গুচি আহিল।”
⸺::⸺