জোন-বিৰি/মোৰে সৈতে মনাইৰ দন্দ
মোৰে সৈতে মনাইৰ দন্দ
কালি গধূলি ভাত-পানী খাই পাইপ টো হুপি মোৰ ঘৰতে অকলৈ বহি আছিলো, এনেতে ভাল মানুহ এজন ঘপহ কৰে মোৰ আগত ওলালহি । মানুহজন ইমান দীঘল যে এই কলিকালত আমাৰ দেশত এনে দীঘল মানুহ এজন আছিল বুলি মই আগেয়ে নাজানিছিলো। মই নিজেই ইমান ডাঙৰ-দীঘল মানুহটো, কিন্তু সেইজনৰ আগত দেখিবলৈ মই যেন এটা বাউনা হলো।
ক’ৰ পৰা লেংলেংকৰে ইমান দীঘল কটাৰী-নালীয়া মানুহজন খামাখা মোৰ ওচৰত ওলালহি তাৰ একো উৱাদিহ নাপাই যদিও মই থৎমৎ খাই গৈছিলো, তথাপি অতিথিক সৎকাৰ কৰাটো গৃহস্থৰ কৰ্ত্তব্য বুলি ভাবি, মোক সমুখত খালি হৈ পৰি থকা চকিখনত তেওঁক বহিবলৈ চিয়াৰ দিলো । তেওঁ মুখখন টিপা মাৰি হাঁহি লাহেকৈ সেই চকিখনত তিনি পাক খাই বহি মোৰ মুখলৈ চাই এনেকৈ মিচিকীয়া হাঁহি এটা মাৰিলে যেন তেওঁ মোৰ কোনোবা কালৰ চিনাকি মানুহজন হে। তেওঁ বহিয়েই মোক শুধিলে, “ডাঙৰীয়া, আপুনি কেনে আছে ?” মই “ভালে আছো” বুলি সমিধান দি উভতি তেওঁক শুধিলো, “আপোনাক মই চিনি পোৱা নাই দেখোন ?” মোৰ প্ৰশ্নটো শুনি আলহীজনে ডাঙৰকৈ হাঁহি উত্তৰ দিলে, “কি আপুনি মোক চিনি নোপোৱাই হল নে কি ? আপুনি তো বঢ়িয়া মানুহ।” তেওঁৰ হাঁহি আৰু কথাত মই অপ্রতিভ হৈ ভাবিলো যে নিশ্চয় তেওঁ মোৰ কেতিয়াবাৰ চিনাকি মানুহ, মইহে তেওঁক চিনিব পৰা নাই । ইয়াকে ভাবি মই মাত লগালো, “মোৰ দায় মৰিষণ কৰিব, মই সঁচাকৈয়ে আপুনি কোন পাহৰিলো।” আলহীয়ে মোৰ কথাৰ আন একো উত্তৰ নিদি আকৌ এবাৰ হৌ-হৌ-কৰে হাঁহিলে ৷ তেওঁৰ এই বাৰৰ হাঁহিয়ে মোৰ মুখৰ বৰণ এনেকৈ শুহিলে যে মই শেতা পৰি গলো। মই দেখিলো, মোৰ মহা মস্কিল উপস্থিত। যি হওক, মোৰ মনৰ ভাব ততালিকে ঢাকি মই মাত লগালে৷ “মোৰ ওচৰলৈ অহাৰ সকাম বা কি?”
আলহী। “সকাম আছে; নহলে কিয় আহি আপোনাক আমনি কৰিম ? কম লাহে লাহে । তাৰ আগেয়ে কওঁ, আপুনি যে অকলৈ ফচ্ ফচ্ কৰে পাইপৰ ধোৱী উৰাব লাগিছে, আল- হীকো তাৰ অলপ-অচৰপ ভাগ নিদিয়ে নে ?”
“নিশ্চয় নিশ্চয় দিম” এই বুলি মই উঠি হাত মেলি আলমাৰিটো মেলি চেলেউ দুটা উলিয়াই জিয়াচলি এটাৰে সৈতে তেওঁৰ ফালে আগবঢ়াই দিলো । তেওঁ বিশেষ আড়ম্বৰ নকৰি জিয়াচলিৰ কাঠী এটা ভ্ট কৰে মাৰি চেলেউটোত জুই লগাই লৈ নিঃশঙ্কচিত্তে হুপিবলৈ ধৰিলে ৷ ক্ষন্তেকৰ পিছতে দুইৰো মুখৰ ধোৱা গোটখাই আমি বহি থকা খোটালিটোৰ এখোটালি হল, আৰু ধুৱঁলি- কুৱঁলিত চেলেউ দুটাৰ জ্বলা মুখ দোডোখৰৰ বাহিৰে আন একো নেদেখা হল ।
তিনি মিনিটমান এইদৰে চেলেউ আৰু পাইপৰ ধোৱাঁই যাগ দি থোৱাৰ পিছত কলা পকাদি হয়ে৷ পকি উঠিলো । মোতকৈ ক্ষন্তেক মানৰ আগেয়ে তেওঁ পকিছিল হবলা ; সেইদেখি তেওঁ আগেয়ে মাত লগালে। “বৰুৱা ডাঙৰীয়া, আপোনাক এটা কথাৰ খাটনি ধৰোঁ, অনুগ্ৰহ কৰি খাটনিটো ৰাখিব নে ?”
মই। “সাধ্য হলে ৰাখিম, অসাধ্য হলে কেনেকৈ ৰাখিম ?”
আলহী । “সেইদৰে কলে নচলিব ; আপুনি মোৰ খাটনিটো ৰাখিবই লাগিব, নিশ্চয় নিশ্চয় ।”
মই ৷ “কিনো খাটনিটো আগেয়ে শুনোৱেইচোন ?”
আলহী। “শুনিব তো। শুনাম বুলিয়েই আহিছোঁ। অৱশ্যে আপুনি জানেই যে আলহী শোধাটো গৃহস্থৰ কর্তব্য কাম । সেইটো কথা আৰু আপোনাৰ নিচিনা বিজ্ঞ লোকক কোৱাটো সৰহৰ ভাগ ৷ অতিথিক বিমুখ কৰাটো যে পাপ সেইটোও আপো নাক সোৱঁৰাই দিবলৈ গলে অসম্মান কৰা হব। অতিথি বিফল-মনোৰথ হৈ উভতি গলে যে সেই পাপে গৃহস্থক ৰৌ ৰৌ নৰক পৰ্যন্ত “পহুচাই” দিয়ে সেইটোও মই বিশেষকৈ আপোনাক সকিয়াব নোখোজো । সেইদেখিহে কৈছো, আপুনি মোক বিমুখ কৰিব নোৱাৰে।”
মই ৷ “নোৱাৰিলে নকৰো, পাৰিলেও কৰিবৰ মোৰ ইচ্ছা নাই । সেইদেখি আপুনি কি কব খুজিছে সোনকালে কওক, ইমান পাতনি কৰিবৰ সকাম বিশেষ মই দেখা পোৱা নাই ৷ মই পোনপটিৰ ভোটা মানুহ ৷ আপোনাক কি লাগে ?”
আলহী । "ময়ো বেকা পতিৰ মানুহ নহওঁ ; গতিকে, পাতনি-ফাটনি একো নকৰাকৈয়ে কওঁ যে, মোক বৰকৈ লৰা- লৰিকৈ এগাল ৰূপ লগা হৈছে । কমপক্ষেও চাৰি পাঁচ লাখ । নহলেই নচলে। মই থাকিবলৈ ডাঙৰ টোলেৰে সৈতে ভাল পকি ঘৰ এটা মোক লাগে । ঘৰটোৰ সমুখত ফুলেৰে শুৱনি বাগিছা এখন থাকিব লাগিব । বাগিছাখনৰ ভিতৰত বগা শিলৰ খট্থটিৰে ডাঙৰ সৰু মাছেৰে ভৰি থকা পুখুৰী এটা লাগিব। পিছফালে অলপ দূৰত নানাবিধ ফলৰ বাগিছা এখন লাগিব, যাৰ গছবোৰত পকা সোৱাদ ফল দমাই ওলমি লাগি- থাকিব লাগিব । দেখিবলৈ সুন্দৰ গাড়ীখনচেৰেক, ঘোৰাশালত একুৰিমান তাজী ঘোৰা, গোহালীত এগোহালী খীৰতী গাই —”
এইখিনিতে তেওঁৰ চেলেউটোৰ জুই নুমাই যোৱা দেখি তেওঁ অলপ ৰৈ আকৌ জিয়াচলিৰ কাঠী এটা মাৰি চেলেউটোত জুই লগাই ললে । তাৰ ভিতৰতে লাহেকৈ মই মাত লগালো,— “কৈ যাওক, কৈ যাওক, নৰব, শুনিবলৈ ভাল লাগিছে ৷ এইবোৰৰ লগতে দিপ্ লিপ্ ৰাজকন্যা এটীৰ “দাবিটো” নাপাহৰিব ।”
মোৰ কথাষাৰ শুনি আলহীয়ে টানকৈ চেলেউটোত হোপা মাৰি ধোৱাঁ টানি লৈ সেই ধোৱাঁ নাকেদি দীঘলীয়াকৈ উলিয়াই কলে, “কিয় পাহৰিম ? দিপ্ লিপ্ কণ্যা তো লাগিবই । সেই কথালৈ যাব লাগিছোঁ ।”
মই । “যাওক ; বাটতে থমকি নৰব ; সেইটোও কৈ পেলাওক, বাকী নথব ।”
আলহী । “কলে কিবা নৰজিব বুলি ভাবিছে নে কি ? কম ; কৈছোঁ ; কলে' ; এশবাৰ কম : হাজাৰবাৰ কম; পৰত কম ; ঘৰত কম, লাগে যদি বৰ ঘৰৰ চালৰ মুধত উঠি কম, যে মোক ৰজাৰ জীয়াৰীৰ নিচিনা বঢ়িয়া আৰু অপেচৰাৰ নিচিনা ধুনীয়া ছোৱালী এজনী এইবোৰৰ সৈতে লাগিবই লাগিব ৷ নহলে, এনে ঘৰ বাৰী বাগিছা টকা পইচা কাৰে সৈতে মই ভোগ কৰিম ? এই কথাটো কবলৈ যদিও মই পিচলৈ থৈছিলো, এইটো কিন্তু ঘাই কথা ।”
মই । "জকৰ, জৰুৰ, অল্ বৎ অল্ বৎ !"
আলহী ৷ “পেংলাই নকৰিব । ই পেংলাইৰ কথা নহয় । গধূৰ কথা ঠাট্টা কৰি উৰাই দিবলৈ যোৱাটো অভদ্রতা । আৰু সি কেতিয়াও নুৰেও । মানুহক টুটুৱাই থাকি সুখ উপভোগ কৰাটো কোনো কোনোৰ পক্ষে ৰঙৰ কথা হব পাৰে, কিন্তু যাক টুটুৱাই থকা যায় তাৰ প্ৰতি সেইটো ভয়ঙ্কৰ নিষ্ঠুৰতা । আপুনি পাহৰিলে নে কি কত, বাৰ কত দিন তেনে ছোৱালীৰ ফালে আকুল প্রাণেৰে হেঁপাহৰ চকুৰে লোভ টুকি টুকি চাবলৈ আপুনি মোক উচটাই দিছিল ? সেইবোৰ কথা আজি পাহৰিলে বৰ দুখৰ কথা হব। আন নহলে আপোনাৰ নিজৰ সন্মান ৰক্ষাৰ নিমিত্তেও সেই কথা আপুনি পাহৰাটো উচিত নহয় । আপুনি ভদ্রলোক, ধাৰ্ম্মিক, সত্যবাদী বুলি আপোনাৰ সুখ্যাতি আছে ; এনে স্থলত বহু পৰিশ্ৰমেৰে উপার্জিত সেইবোৰ থিতাতে আপুনি দলিয়াই পেলোৱাটো উচিত নে ? আপুনি মোক গছত তুলি তাৰ গুৰিডাল কাটিবলৈ যোৱাটো যে অধমৰ কথা হব, সেইটো আপোনাৰ মনত খেলোৱা নাই নে ?
মই । “আপুনি কি বলকিছে ? কিবা ৰাগী-টাগি লগাই আহিছে নেকি ? মই আপোনাক তেনে কামলৈ কেতিয়া উচ টাইছিলো ? কি ভয়নাক মিছা কথা !”
আলহী । “অলপো মিছা নহয় । এধানমানো মিছা নহয় । উচটাইছিল! উচটাই মোক পাঁচি দিছিল ! কত দিন কত বাৰ, তাৰ লেখ-জোখ নাই ৷ আপুনি এটাইবোৰ পাহৰিছে ; পাহৰা উচিত নহয় । মই কেতিয়াও মিছা নকওঁ, আৰু কোৱা নাই ৷ মই মিছা কথাৰ মানুহ নহওঁ ৷ আপুনিও মিছা কৈছে বুলি মই নকওঁ ; আপুনি মাথোন পাহৰিছে । অকল সেইটোলৈ মোক উচটোৱা হে নালাগে, কত কামলৈ, তেনেকুৱা আৰু আন কত বিধৰ কামলৈ আপুনি মোক সততে উচটাই পঠিয়াই আগবঢ়াই দি আতৰত থিয় হৈ ৰং চাইছিল তাৰ সীমা সংখ্যা নাই। সেই বোৰ এতিয়া কৈ কি লাভ ? এই সামান্য কথাটোকে আপুনি
সৈ কাঢ়িবলৈ কেকোজেকে৷ কৰিছে যেতিয়া সেইবোৰ এটা এটাকৈ মই উলিয়াবলৈ গলে কিজানি আপুনি মোক কিলায়েই মাৰিব ।”
মই । “চাওক, আপুনি মোৰ ঘৰলৈ আহি বৰ বেয়া বেয়াকৈ মোৰ গাত বদনাম দি কিবা কথাবিলাক কবলৈ ধৰিছে । এইবোৰ ভাল কথা নহয় । লোকে শুনিলে কি বুলিব ?
আলহী । “লোকে কি বুলিব সেইটো মোক কেলৈ লাগিছে ? মোৰ কাম মই কৰিম, লোকৰ কাম লোকে কৰিব । সঁচা কথাত আপুনি অসন্তুষ্ট হবৰ কোনো কাৰণ নাই । কিবা বোলেনে দেৱতাৰ উৎপত্তি কলে ৰং, মানুহৰ উৎপত্তি কলে খং।”
আলহীৰ এই গঢ়ৰ কথা আৰু মোৰ অসহ্য হৈ উঠিল ৷ মোৰ ভয় সঙ্কোচ আদি ভাবৰ ঠাই খঙে অধিকাৰ কৰিলে । মই কর্কশভাৱে তেওঁক শুধিলো—“তুমি কোন হে ? মোৰ ঘৰলৈ আহি তুমি এইবোৰ মিছা কথা কবৰ কোন ?”
আলহী । “মই ময়েই । এইবোৰৰ এতিলমানো মিছা নহয়, তেহেলৈ আপুনি মানকেই বা নামানক ৷ আপুনি বৰকৈ গপ নামাৰিব । আপোনাৰ বিষয়ে মোৰ একো অবিদিত নাই । মই আপোনাৰ পেটৰ কথা সোপাকে জানো । মোৰ আগত লুক্টুক্ কৰাটো গোটেই মিছা ; আৰু ফাইদাং মৰাটোও তথৈবচ।”
মই ৷ “কি, মই তোৰ আগত লুক্ঢুক্ কৰিছো ? তই কি মোৰ পেটৰ কথা জান হেৰ ? তোক মই কোনো কালে দেখা নাই, নিচিনো নাজানো । তই হে মিছা কথা কৈছ মই মিছলীয়া- নহওঁ ।” আলহী। মই মিছলীয়া নহওঁ ; যদি কোনোবা সেইজন আপুনি হে হবৰ সম্ভৱ। ”
মই ৷ “চুপ ৰও! আকৌ তই সেইবাৰ কথা মুখত উলিয়ালে মোৰ ঘৰৰপৰা তোক গতিয়াই উলিয়াই দিম। তই আলহী হলি বুলি মোৰ ঘৰলৈ আহি মোক গালি পাৰি যাবলৈ তোক নিদিওঁ ।"
আলহী। “মই আপোনাক গালি পাৰিবলৈ অহা নাই । আপুনি একেবাৰেই সোপাকে অস্বীকাৰ কৰি টুপুংকৰে বুৰ মাৰিছে দেখি হে সেইবোৰ কথা মোৰ মুখত ওলাইছিল । আপোনাৰ পেটৰ কথা সোপাকে মই জানো ; মোৰ আগত আপুনি সৈ নকঢ়াটো আপোনাৰ পক্ষে সুবিধাৰ কাম হোৱা নাই ।”
মই ৷ “তই ইমান গপ গপকৈ কথা কৈছ কি সাহেৰে ?”
আলহী । “নিজৰ - সাহেৰে । গপ-গপ কি ? মই যি জানো তাকে কৈছোঁ । সঁচা কথা কবলৈ ভয় কি ?
মোৰ আৰু অসহ্য হল ৷ মই ঘাহকৰে উঠিলোঁ ! এহা তেৰে মই আলহীৰ টেটুটোত চেপামাৰি ধৰি, আনটো হাতেৰে, যিখন চৰিত মই বহি আছিলে। সেইখন চকিৰ খুৰা এটাত ধৰি চকিখন তুলি লৈ আলহীৰ মূৰৰ ওপৰত দি তাৰে তাক হেচা মাৰি ধৰিলো । কিন্তু মই দেখি আচৰিত মানিলো, যে সি চিয়ৰ-বাখৰ বা সেই অৱস্থাৰ পৰা মুকলি হবলৈ বিশেষ একো চেষ্টা নকৰি মাথোন গোঁ গোঁ শব্দ কৰিবলৈ ধৰিলে। সেই অদ্ভুত আলহীক সেইদৰে মই মোৰ আয়ত্বৰ ভিতৰলৈ আনি ডবিয়াই শুধিলো, “ক, তই কোন? কিয় তই আহি মোক এইদৰে অপমান কৰিছিলি? নকলে তোক মই নেৰোঁ, মাৰি পেলাম।”
আলহীয়ে চকিৰ চেপাৰ তলৰ পৰা লাহেকৈ উত্তৰ দিলে, “আপুনি মোক মাৰিব নোৱাৰে; যিমান মন যায় সিমান চেপিব হে পাৰিব। আপুনি মোক যিমান চেপিব সিমান মই চেপা খাই সৰু হৈ চেপেটা হৈ যাম, চেপিবলৈ এৰি দিলেই আকৌ বৰৰ এঠাৰ নিচিনাকৈ আগৰদৰে হম। আপুনি মোক মাৰিবলৈ চেষ্টা কৰা বৃথা। মই আপোনাৰ সৈতে একেলগে হে মৰিম, আপোনাৰ মৃত্যুৰ এক মূহুৰ্ত্তৰ আগেয়েও নহয়। মই কোন যদি আপুনি জানিব খুজিছে, তেন্তে কওঁ শুনক,—মই আপোনাৰমানস-পুত্ৰ। মোকে বোলে মন।
⸻