সমললৈ যাওক

জোন-বিৰি/ভোকেন্দ্ৰ বৰুৱা (আদিলীলা)

ৱিকিউৎসৰ পৰা

ভোকেন্দ্ৰ বৰুৱা

 গোন্ধাই গুৱাল।—“ভোকোন্দাইৰ মাক ঔ, ভোকোন্দাইৰ মাক! বোলে৷ কলৈ গল ঔ এইজনী! শুনিছ নে ঐ শুনিছ! বাঘেখাতীক বিচাৰিলেও পাবলৈ নাই! বোলো শুনিছ নে!”

 ঘৈণীয়েক জেতুকীয়ে লাওৰ হেদালিৰ তলত সোমাই লাও পাৰিবলৈ বিচাৰিছিল : গিৰিয়েকৰ মাত শুনি হেদালিৰ তলৰপৰা ওলাই আহি উত্তৰ দিলে, “কি হল নো? চিয়ৰ বাখৰ- খন বা লগাইছে কেলৈ? মোক নেদেখি কিবা এাৱাঁ চৰিল- নে কি?

গোন্ধাই।—“এৱা চৰা নাই; শুনহি। তোৰ কলিকতীয়া পুতেৰে এইখন কলিকতাৰ পৰা কি লেখি টিকচ্ মাৰি ডাকত দি পঠিয়াইছে, চাহিচোন চাহি!”

 কলিকতীয়া পুতেকৰ নাম শুনিয়েই জেতুকী উছাহত উত্তলি লৰালৰিকৈ গিৰিয়েকৰ ওচৰ পালেহি। জেতুকী—“মোৰ ভোকোন্দায়ে নো কি লেখিছে? মোৰ বোপাই ভালে আছে নে? মোৰ বোপাই ভালে আছে বুলি শুনিলেই মোৰ বুকুখন শীতল পৰি যায়। মোৰ দেহিডুখৰিক কিবা ধন-বিত লাগে নে? ধন-বিত লাগে যদি একুৰি মান ৰূপ পঠিয়াই দিয়া। মোৰ দেহি- ডুখৰিয়ে পঢ়ি থাওক, পঢ়ি থাওক, বৰ মানুহ হওক, মোক আন একো নেলাগে।”


 গোন্ধাই।—“বাঘেখাতী। তোৰ দেহি ডুখৰিক ধন-বিত নালাগে, বৰুৱা ফুকন হবলৈ হে লাগে। তাৰ এইখন চিঠি আজি

ডাকত পাই, তাত নো কি লেখিছে পঢ়াই আনিবলৈ আমাৰ বেথাৰাম ভাগতীৰ ওচৰলৈ গৈছিলো। চিঠিখনত ইংৰাজী দেশী দুই কলম আছে। ভাগতী বাপুৱে ইংৰাজী সোপা এৰিও আমাৰ মাতত লেখা সোপা যি পঢ়িলে তাক শুনি মোৰ গা গোটেইটোত জ্বৰ উঠিছে। তাৰ হেনো ভোকোন্দি নামটো কিবা অসইভ হৈছিল, সেইদেখি সি সেইটো নাম ঘহি মাজি সইভ কৰিলে। হেনো এতিয়াৰপৰা মই তালৈ চিঠি লেখিলে কিবা ভোকইন্দ্ৰ বুলি লেখিব লাগিব; আৰু বৰুৱা কথাষাৰো হেনো তাৰ পিছতে যোৰাই দিব লাগিব। অৰ্থাৎ আমাৰ ভোকোন্দাই ভোকোন্দি গুচি ভোকইন্দ্ৰ বৰুৱা হৈছে হেনো।”

 জেতুকী।—"বুজিছোঁ, মোৰ বোপায়ে হাড়-মুৰ ভাঙি দুখকৈ পঢ়িছে দেখি মহাৰাণীয়ে তাক বৰুৱা পাতিছে। বোলো, মোৰ এই গেন্ধেলা মুখখনেৰেই তোমাক কওঁ, দেখি থাকিবা, মোৰ ভোকোন্দাইক মহাৰাণীয়ে মন্‌চুপু নাপাতিও নেৰে। হওক, হওক, মোৰ বোপায়ে সাত-শতুৰুৰ মুখত ছাই দি মন্‌চুপ সদৰামিন এটাইবোৰ হওক। মই দিনৌ গোসাঁইক খাটি আছো, সেইদেখি তাৰ ভাল হৈছে। তাৰ হকে আমাৰ আতাৰ থানত মই পাল-নাম এভাগি গোৱাবলৈকো আগ কৰি থৈছোঁ।”

 গোন্ধাই।—“তই নো এইখন কি বলকিছ? মহাৰাণীয়ে তাক বৰুৱা পাতিছে বুলি তোক কোনে কলে? তোৰ পুতেৰে হে আপোনা আপুনি বৰুৱা হৈছে, আৰু মোকো সি বৰুৱা পাতিছে। তাৰ আগৰ নামটো হেনো বেয়া, সেইদেখি সি সেইটো সলাই কিবা ভোকইন্দ্ৰ হৈছে। মোৰ ও হেনো সি কিবা চৰিত্র লেখাইছে, সেইদেখি মোৰ নামটোও সলাই মোক গোন্ধেশ্বৰ বৰুৱা পাতিছে । তই নো কথামখাৰ আহমখা নুবুজাকৈ কি কব লাগিছ ?”

 এনেতে গোন্ধাইৰ ঘৰৰ আগেদি বগীৰাম ডাকবাবু যাওক । বগীৰামক দেখি গোন্ধায়ে মাত লগালে,—“ডাকবাবু ডাঙৰীয়া ! ডাকবাবু ডাঙৰীয়া ! ভো ভো কৰে নো কলৈ যাব লাগিছে ? এইপিনে এখন্তক আহকচোন, তামোলছালি এখনকে খাই যাওকহি।” এই কথা শুনি বগীৰাম আহি তেওঁলোকৰ ওচৰতে বহিলত, জেতুকীয়ে লৰালৰিকৈ তামোলৰ বঁটাটো উলিয়াই আনি তামোল কাটিবলৈ লাগিল ৷

 গোন্ধাই ।—“বোলো ডাকবাবু ডাঙৰীয়া, আমাৰ কলিকতীয়া লৰাটোৰপৰা এই চিঠিখন আহিছে, আমাৰ তাইক এবাৰ কিৰ্পা কৰি চিঠিখন পঢ়ি শুনাই দিয়কচোন ।” এই বুলি চিঠিখন গোন্ধায়ে বগীৰামৰ হাতত দিলত বগীৰামে ডাঙৰকৈ মাতি পঢ়িবলৈ ধৰিলে :—

“মাই ডিয়েৰ ফাদৰ,

 “আজি তোমালৈ যি কথা লেখিছোঁ, ম‍ই হপ্ (hope } কৰোঁ তুমি তাত মনযোগ কৰিবা । আজি এবছৰ হবলগীয়া হল মই কলিকতালৈ আহিলো । কিন্তু আহিবৰেপৰা মোৰ মনত এটা কথাই বৰকৈ উখল-মাখল লগাই আছিল । সম্প্ৰতি তাৰ এটা মীমাংসা কৰিছোঁ । বৰ লাজৰ কথা যে মোৰ নামটো ভোকোন্দি হৈছিল । really really বাস্তবিকতে এইটো বৰ shameful লাজৰ কথা ৷ ইয়াৰ কলেজৰ লৰাই এই নামটো লৈ মোক বৰ ঠাট্টা কৰে। ময়ো দেখিছোঁ যে ভোকোন্দি বৰ অসভ্য নাম Monstrous! তাক সভ্য কৰি লোৱাটো মোৰ duty অৰ্থাৎ কৰ্ত্তব্য। সেইদেখি মই আমাৰ কজেলৰ হাজিৰা-বহিত আজি মাৰ্চ মাহৰ ২০ তাৰিখে তাক কটাই ভোকেন্দ্ৰ কৰিলো। আৰু মোৰ নামৰ পিছত এটা উপাধি নোহোৱাৰ বাবেও বৰ হাঁহিয়াতৰ কথা হৈছে; সেইদেখি তাত বৰুৱা লগাই দিয়ালো। তুমিও আজিৰপৰা তোমাৰ নামটোৰ উন্নতিবিধান কৰি তাক গোন্ধেশ্বৰ কৰিবা আৰু তাত বৰুৱা কথাষাৰ লগাই দিবা; আৰু লোককো সেইদৰে তোমাক address কৰিবলৈ অৰ্থাৎ মাতিবলৈ কৈ দিবা। মই remember কৰে৷ অৰ্থাৎ মোৰ মনত আছে, তুমি এদিন কৈছিলা, মোৰ পেহী এজনা দুলীয়া বৰুৱাৰ ঘৰৰ সতৰাম বৰুৱাৰ হৰিভকত কানুৰামলৈ পৰিবৰ কথা হৈছিল। যদি সেইটো সঁচা তেন্তে সেই সূত্ৰতে আমিও বৰুৱা লেখাত কোনো ব্যাঘাত নেদেখোঁ। বিশেষ Ram gone, Ajodhya gone, অৰ্থাৎ ৰাম গল, অযোধ্যাও গল; আহোমো গল, আহোমৰ ৰাজত্বও গল।সেইদেখি আহোমে পতা বৰুৱা ফুকনসকল সেই সেই উপাধিৰ ওপৰত Copy-right also gone, অৰ্থাৎ স্বত্ত্বও গল। এতিয়া যি যোগ্য সিয়েই ইচ্ছামতে সেহ উপাধি ব্যৱহাৰ কৰিব পাৰে। This is according to Law of Equity অৰ্থাৎ ইকুইটি আইন মতে সত্য। আৰু “যোগ্য ভোগ্য বসুন্ধৰা” বুলি শাস্ত্ৰত আছে; এই সংস্কৃত কথাফাকিৰ মানে তুমি আমাৰ ভাগতী বাপুক শুধি লবা। এই বিষয়ে in detail অৰ্থাৎ বাহুল্যকৈ তোমালৈ লেখাৰ সকাম নাই; কাৰণ তুমি ignorant, সেইবোৰ বুজিব

নোৱাৰিবা । মুঠতে কওঁ, যে আজিৰপৰা তুমি মোৰ ins- truction follow কৰি ম‍ই কোৱা মতে কাৰ্য্য কৰিবা । আৰু এট৷ কথা ম‍ই তোমাক কওঁ । তুমি লাহে লাহে তোমাৰ Shame- ful গুৱালৰ ব্যৱসায়টো এৰিবলৈ চেষ্টা কৰিবা ; কাৰণ সেইটো লাজ লগা বুলি ম‍ই think অর্থাৎ বিবেচনা কৰিছোঁ । তুমি আগয়ে যি আছিলা, এতিয়া, you are my father, তুমি মোৰ পিতাই; therefore you must behave like a gentleman, অর্থাৎ ভদ্রলোকৰ দৰে তুমি চলিব লাগিব। আইক কবা, তেওঁ

যেন ঘৰে ঘৰে ঢেং ঢেং কৰে আৰু নুফুৰে । She must keep her respect অর্থাৎ এতিয়া তেওঁ নিজৰ মান সম্ভ্রম ৰাখি ফুৰিব লাগিব । I hope অর্থাৎ আশা কৰে৷, তোমালোকে মোৰ কথাৰ অন্যথা নকৰিবা । ইতিঃ—

Yours affectionately

শ্রীভোকেন্দ্ৰ বৰুৱা ৷

 পুঃ—মোলৈ লেখা চিঠিৰ ওপৰত মোৰ বিজুগ এইদৰে লেখাবা।-

Mr. B. K. Boroah.

First year Class, Metropolitan Institution

Calcutta-

 পুঃ পুঃ—মোৰ সৰু ভনীজনীৰ ভুভুৰী নামটো সলাই ভ্ৰমৰিণী কৰিবা । কাৰণ, সময় থাকোঁতেই সেই কাম কৰা উচিত ; নাইবা, পিছত too lete হৈ পৰিলে তাক শুধৰাবলৈ মোৰ নিচি - নাকৈ বৰ কষ্ট পাব লাগিব । ভ্ৰমৰিণীক মোৰ kiss অৰ্থাৎ চুমা দি কথা, যে এই নামটো তাইৰ কলিকতীয়া ককায়েকে তাইক Birthday present অর্থাৎ জন্মদিনৰ উপহাৰ দিছে। আৰু এটা কথা, — মই দ-কৈ ভাবি দেখিছোঁ, যে আইৰ নামটোও নসলালে নচলিব । তোমাৰ জীৱন-চৰিতত আইৰ জেতুকী নামটো নিশ্চয় হাস্যাস্পদ হব ; সেইদেখি আইৰ জেতুকী নামটো গুচাই যতিকেশ্বৰী দিলো । আমাৰ গাৱঁৰ নামটোও বদলাব পাৰিলে ভাল। অৱশ্যে সেইটো কাম তুমি অকলৈ কৰি উঠিব নোৱাৰিবা। অনেক লোকক influence কৰি অৰ্থাৎ ৰাজহুৱা মত সংগঠন কৰি গবর্ণমেণ্টক “মেমোৰিয়েল” অর্থাৎ দৰ্খাস্ত দি হে সেই কাম কৰিব পৰা হব। সেইদেখি সেইটো কাম ম‍ই উভতি যোৱালৈকে স্থগিত থাকক ; মই গৈ agitation অর্থাৎ এটা আন্দোলন কৰি তাক হাতত লম। ভবিষ্যতৰ ইতিহাসলৈ এইদৰে বাট পোনাই ৰখাটো অত্যাৱশ্যক হৈছে ৷ মই শ্যেলি, কীটচ্,ৰবি কবিৰ নিচিনাকৈ এখন বহুমূলীয়া কবিতা গ্রন্থ লেখিছোঁ, সি প্রায় শেষ হবলগীয়া হৈছে। তাৰ পাতনিত মোৰ ছবিৰে সৈতে মোৰ সংক্ষিপ্ত জীৱনী ও ওলাব। সেই বাবে ম‍ই দীঘলকৈ চুলি ৰাখিছোঁ, জ্ঞাত কাৰণ লেখিলো । তোমাৰ বিস্মৃত জীৱন- চৰিত্র এখন লেখা নিতান্ত প্রয়োজন হৈ উঠিছে। ম‍ই তাৰ যো- যা কৰিছোঁ । তোমাৰ জীৱন-চৰিত্ৰৰ নিমিত্তে কিছুমান material অর্থাৎ সজুলি অর্থাৎ ঘটনা মই সংগ্ৰহ কৰি ডাঙৰ মানুহ এজনৰ হাতত দিছো, তেওঁ তোমাৰ জীৱন চৰিত লেখিবলৈ গাত লৈছে, আৰু তাৰ পাতচেৰেক লেখিছেও। কিন্তু কেই কিতাপৰ front page অত অর্থাৎ সমুখৰ পাতত তোমাৰ ছবি এটা দিবৰ বৰ দৰ্কাৰ, সেইদেখি তুমি এই চিঠি পোৱা মাত্ৰকতে তোমাৰ ছবি এটা তোলাই মোলৈ পঠিয়াই দিবা। যোৰহাটত photo- grapher অৰ্থাৎ ছবি তোলোতা মানুহ নাই যদি ডিবুৰুলৈ গৈ গোহাঁই ব্ৰদৰ্চৰ তাত তোমাৰ ফটোগ্ৰাফ এটা তোলাবা; ইয়াত মই “হাফ্ টোন ব্লক কৰাই” এন্লাৰ্জ কৰিব লাগিব। ফটোখন সোনকালে মোক লাগে। ডিবুৰুলৈ যাবলৈ সম্প্ৰতি তোমাৰ হাতত cash অৰ্থাৎ নগদ ধন নাই যদি আমাৰ সেই গাখীৰতী বগী মহজনী বেচি দিবা; অলপ cheap অৰ্থাৎ সস্তাকৈ দিলে থিতাতে বহুৎ কিনোতা ওলাব। আৰু তোমাৰ travelling expenses অৰ অৰ্থাৎ - ডিবুৰুলৈ যোৱাৰ খৰচৰ পিছত ছবিৰ নিমিত্তে জোৰাকৈ হাতত ৰূপ নথকাটো যেন দেখিলে, আৰু এজনী মহ বেচিবা। মুঠতে এই কাম বৰ জৰুৰী জানিবা।

বি, কে, বি,”

 গোন্ধাই।—“দেখিলি, দেখিলি, বাঘেখাতী দেখিলি এতিয়া, তোৰ পুতেৰ কেনেকৈ ভোকইন্দ্ৰ হল, কেনেকৈ বৰুৱা হল? সি বান্দৰে মোকো হোনো বৰুৱা পাতে, তোকে৷ বৰুৱানী পাতে। গুৰুজনৰ অনুগ্ৰহত মহ গৰু দুটা মান ৰাখি এগাল ভাত খাই আছোঁ, সি বৰুৱা হৈছে দেখি তাকে৷ হোনো এৰিব লাগে, তাকো বেচি দিব লাগে!”

 জেতুকী। “মই দেখোন তোমাক কৈছোঁ, যে মোৰ বোপায়ে হাড়-মূৰ ভাঙি তেজ পানী কৰি কলিকতাত পঢ়িছে দেখি বৰুৱা হৈছে। মহাৰাণীৰ পেটৰ কথাটো সি পাইছে; নাপালে তেনে কেতিয়াও নকৰে। সি কত হেপ ( Hope ) কৰিছে, থিং ( think ) কৰিছে, চেম (shame ) কৰিছে, ৰেচ্পে চ (respect ) কৰিছে, কৰিহে তেনে কৰিছে ৷ ম‍ই এতিয়াও কওঁ যে মোৰ বোপাইক মহাৰাণীয়ে বৰুৱা পতাদি মনচুপ সদৰামিনো পাতিব, তুমি চাই থাকিবা ; মই আমুকী হওঁ যদি মোৰ কথা ফলিয়াবই ফলিয়াব ৷ মোৰ বোপাইৰ হকে মই এই একাদশীতে থানত পাল-নাম গোৱাম । মোৰ বোপায়ে ভনীয়েকক কি হাৰ ( উপহাৰ ) দিছে চাওঁ ? কোন ধাৰ ? অ ভুৰ্ভুৰী ! অ ভুৰ্ভুৰী ! তোৰ কলিকতীয়া ককায়েৰে তোলৈ কিবা কলিকতীয়া হাৰ পঠিয়াইছে, চাহি! কলৈ গল নো এই জনী ?”

 গোন্ধাই ।—“বাঘেখাতী ! তোৰ পুতেৰৰ লগতে তয়ো বলিয়া হৈছ নে কি ? বোলে, সাত পুৰুষত নহল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায় । সি দুটা ইংৰাজী পঢ়ি ক-ক-ম-ম-কৰিলে বুলি গোন্ধাই গুৱালে তাৰ সাত পুৰুষীয়া বৃত্তি এৰি বৰুৱা হব লাগিব । সি বৰুৱা হয়, ফুকন হয়, বান্দৰ হয়, শিয়াল হয় যি হয় হৈ থাওক, তাৰ লগতে ম‍ই বুঢ়াই ও নাচিবলৈ যাব লাগিল নে কি ? তই নাচিব খুজিছ নাচ। কিন্তু ৰাইজে তোৰ মুখত চুণ সানি মূৰত ঘোল ঢালিব চাবি”।

 জেতুকী।—“মোৰ লৰাৰ সুখ সম্পদ দেখি ৰাইজৰ হিংসা লাগিছেই, সেইবুলি মোৰ লৰাই নপঢ়িব নে কি ? ৰাইজে হিংসা কৰিলে বুলি মোৰ লৰা মন্‌চুপ সদৰামিন নহব নে কি ? - মোৰ একেটা লৰা, তাক এই দৰে সকলোৱে হিংসা কৰে। উ—উ—উ—!”

এই বুলি জেতুকীয়ে ৰাও জুৰি কান্দিবলৈ ধৰিলে। গিৰিয়েক ঘৈণীয়েকৰ চুপতাচুপতি লাহে লাহে এইদৰে বাঢ়ি গৈ শেহত গোন্ধায়ে জেতুকীক এখুন্দ৷ দিবলৈ ঢেকি-ঠোৰা বিচৰা দেখি বগীৰাম ডাক-বাবু তাৰপৰা লাহেকৈ উঠি প্ৰস্থান কৰিলে।

 এইখিনিতে আমি এই আখ্যানটোৰ অলপ আগৰেপৰা ধৰি তাক মুকলি কৰি দিওঁ। গোন্ধাই গুৱালৰ ঘৰ মাজুলিত। ম’হ গৰু ৰাখি, গাখীৰৰ ব্যৱসায় কৰি সি লাহে লাহে চহকী হৈ পৰিছিল। তাৰ এটা ল’ৰা, নাম ভোকোন্দি; আৰু এজনী ছোৱালী, নাম ভুৰ্ভুৰী। ভোকোন্দিৰ বুধিটো সৰুৰেপৰা চোকা আছিল দেখি তাক গোন্ধায়ে পঢ়াশালিত পঢ়িবলৈ লগাই দিলে। জোঙাল বুধীয়া ভোকোন্দিয়ে সোনকালে পঢ়াশালিৰ শিক্ষা শেষ কৰিলে দেখি বাপেকে উৎসাহিত হৈ দহ-চাৰিৰ পৰামৰ্শ মতে তাক যোৰহাটত থৈ গবৰ্ণমেন্ট হাইস্কুলত ইংৰাজী পঢ়িবলৈ নাম লগাই দিলে। ভোকোন্দিৰ অদৃষ্ট সুপ্ৰসন্ন; গতিকে বুদ্ধিৰ সুবতাহ তেওঁৰ বিদ্যাৰ পালত লাগি, পাল ফুলি উঠি, দোপত- দোপে স্কুলীয়া জীৱন-নাও আগবাঢ়ি এণ্ট্ৰেচ পৰীক্ষা পাৰ হৈ গল। গবৰ্ণমেণ্টৰ কুৰিটকীয়া বৃত্তি এটা ভোকোন্দিৰ কপালত উঠিলত বাপেক মাকৰ আৰু উৎসাহ বাঢ়িল; সেইদেখি ভোকোন্দিক কলিকতাত “ফাষ্ট আৰ্টচ” পঢ়িবলৈ তেওঁলোকে পঠিয়াই দিলে। ফলত, ভোকোন্দিক আমি আজি মেট্ৰপলিটান ইন্‌ষ্টিটিউচনৰ প্ৰথম বাৰ্ষিক শ্ৰেণীত পাই, তেওঁ বৰুৱা হোৱা এই ইতিহাস ঘুটিবলৈ পাইছে৷।