সমললৈ যাওক

জোন-বিৰি/ধৰ্ম্মধ্বজ ফয়ছলানবিচ

ৱিকিউৎসৰ পৰা

​

ধৰ্ম্মধ্বজ ফয়চলা-নবিচ

 “অজাতিৰ সন্তান! আহি মোৰ পুখুৰীটো ছুৱা কৰি গলিহি। কাইলৈ গোসাঁইৰ মূৰত পানী এচলু দিয়াৰ মূৰ মাৰি থলিহি। মোৰ লৰাই-ছোৱালীয়ে ঘৰে ঘৰোৱাহ মানুহ আজি এটোপা পানীৰ আটকত গধূলিকৈ লঘোনে ভোকে থাকিব লাগিব। এই অজাতিহঁতলৈ মাউৰ জহনীও নাইকিয়া হল নে কি?”

 ওপৰত তুলি দিয়া এই কেইষাৰ কথাই ক’ত, কেতিয়া আৰু কিয় জন্ম গ্ৰহণ কৰিছিল কোনোবাই কব পাৰে নে? আনে পাৰক নোৱাৰক এই আখ্যান লেখোঁতাই পাৰে।

 ১৮১৫ শকৰ চত মহীয়া দুপৰীয়া গহপুৰৰ বামুণ গাঁৱত শ্ৰীযুত ধৰ্ম্মধ্বজ পেঞ্চন প্ৰাপ্ত ফয়চলানচিবৰ মুখৰপৰা এই কেই- আষাৰ কথাই জন্মগ্ৰহণ কৰে। তাৰ কাৰণ,—ওচৰ-চুবুৰীয়া জয়চন্দ্ৰ ভূয়াৰ দহ বছৰীয়া পুতেক নোমলচন্দ্ৰই ফয়চলানবিচৰ এঘাৰ বছৰীয়া পুতেক সোমেশ্বৰৰে সৈতে দুপৰীয়া ৰদত ধেমালি কৰি থাকোতে পিয়াহ লাগি ফয়চলা নবিচৰ ঘৰৰ আগৰ পুখুৰী- টোত নামি তাতে হাত ভৰি ধুই পানী একাজলি খালে। জয়চন্দ্ৰৰ বংশত এটা বৰ ডাঙৰ চেকা অনেক কালৰ পৰা আছিল, যাক তেওঁ লোকৰ তিনি পুৰুষেও ঘহি-পিহি কোনোমতে গুচাব পৰা নাছিল। সেই চেকাটো হৈছে এইঃ— আসামত মানৰ দৌৰাত্ম্যৰ দিনত জয়চন্দ্ৰৰ বাপেক কৃষ্ণচন্দ্ৰক মানে ধৰি লৈ গৈছিল। তেওঁ মানৰ হাতৰ পৰা চিংফৌৰ হাতত পৰি, কোনোমতে পলাই সাৰি উভতি ঘৰ পালেহি। মানে তেওঁক ধৰি লৈ যাওঁতে বাটত কৃষ্ণচন্দ্ৰই ​অগত্যা মানৰ ভাত খাব লগীয়াত পৰিছিল; এই বাবে কৃষ্ণচন্দ্ৰৰ হেনো জাত গল।

 কৃষ্ণচন্দ্ৰ ঘৰলৈ উভতি আহিল হয়, কিন্তু গাঁৱৰ মানুহে তেতিয়াৰে পৰা তেওঁক জাত যোৱা বুলি এঘৰীয়াকৈ থৈ দিলে। এনে অৱস্থাতে কৃষ্ণচন্দ্ৰ ভূয়াৰ পুৰুষ গল, আৰু পুতেক জয়চন্দ্ৰৰ পুৰুষো যাব লগীয়া হলহি তথাপি তেওঁলোকৰ গাৰ পৰা সেই চেকাটো নুগুচিল — তেওঁলোক হিন্দু সমাজৰ চকুত সদায় অজাতি হৈয়েই ৰল। কৃষ্ণচন্দ্ৰই মৰিবৰ দিনলৈকে নৈষ্ঠিক হিন্দুৰ আচাৰ ব্যৱহাৰ নীতি নিয়ম ৰাখি হিন্দুতকৈও হিন্দু হৈ আছিল; জয়চন্দ্ৰয়ো পিতৃপথৰ অনুগামী হৈ চুলি এডালৰ সমানো সেই আচৰণৰ পৰা আতৰা নাছিল; কিন্তু হলে কি হব? তেওঁৰ জ্ঞাতি কুটুম্ব ওচৰ চুবুৰীয়া গঞা-গিৰি কোনেও তেওঁৰ ঘৰৰ মানুহেৰে সৈতে সোঁ-বাটে আচাৰ ব্যৱহাৰ নকৰে। অতকাল হিন্দু সমাজৰ পৰা পোৱা এই অপমান জয়চন্দ্ৰই বিনা বাক্যব্যয়ে সহি আহিব লাগিছে; কাৰণ অদৃষ্টত তেওঁৰ অটল বিশ্বাস, আৰু পিতৃ-পিতামহৰ ধৰ্ম্মত অচলা ভক্তি। কিন্তু আজি দুপৰীয়া যেতিয়া তেওঁৰ নাবালক পুতেক নোমলচন্দ্ৰই ধৰ্ম্মধ্বজ ফয়চলা নবিচৰ হাতত, ওপৰত কোৱা দৰে লাঞ্ছিত হৈ সেই কথা চকুৰ লোৰে সৈতে বাপেকৰ আগত কলে, তেতিয়া জয়চন্দ্ৰৰ বেজাৰ আৰু অপমানত হিয়া ভাগি গল। অতকাল তেওঁক বান্ধি থোৱা হিন্দু- ধৰ্ম্মৰ কট্কটীয়া জৰীডাল আজি হঠাৎ ভটৰ্ কৰে ছিগি গল; আৰু জন্মচন্দ্ৰই ভাবিবলৈ ধৰিলেঃ—সঁচাকৈয়ে আমাৰ ধৰ্ম্ম আৰু সমাজৰ অন্তৰ এনে কঠোৰ নে? ধোবা নাপিত চমাৰ কমাৰ ​ সকলোৱে সেই পুখুৰীত গা ধোৱে, তাৰ পানী খায়, অথচ মোৰ নাবালক লৰাটোৱে দুপৰীয়া ৰদৰ পিয়াহত তাৰ পানী এচলু খালত হে পুখুৰীটো ছুৱা হল? ধোবা নাপিত চমাৰ কথাৰ হিন্দু সমাজৰ চকুত সকলোবোৰ, শুধ, কিন্তু আমাৰ ঘৰ মানুহ হিন্দু ধৰ্ম্ম আৰু হিন্দু আচাৰ ব্যৱহাৰৰ পৰা আজি ইমান দিন চুলি এভাগৰ সমানে৷ লৰচৰ নোহোৱাকৈ থাকিও অশুধ অজাতি। এয়েই নে মই খামোচ মাৰি ধৰি থকা হিন্দু সমাজৰ, হিন্দু ধৰ্ম্মৰ উদাৰতা? এয়েই নে ভো-ভো-পণ্ডিত হিন্দু ধৰ্ম্মধ্বজসকলৰ বিচাৰ?

 ইত্যাদি প্ৰকাৰে জয়চন্দ্ৰ ভূয়াই এঘণ্টামান টলকা মাৰি ভাবি আছিল। তাৰ পিছত তেওঁ বাহিৰলৈ ফুৰিবলৈ ওলাই গল।

 পিছদিন৷ গাৱঁত খবৰ ওলাল যে মানে জাত মৰা ঘৰৰ জয়- চন্দ্ৰ ভূয়াই সপৰিবাৰে মহম্মদীয় ধৰ্ম্ম গ্ৰহণ কৰি মুছলমান হল; আৰু তেওঁৰ নাম জহিৰুদ্দিন, পুতেকৰ নাম নুৰুদ্দিন, আৰু ঘৈণী য়েক সাবিত্ৰীৰ নাম চেলিমা বিবী হল।

 যি ধৰ্ম্মত চহকী-দুখীয়া, ৰজা প্ৰজা, শিক্ষিত-অশিক্ষিত, সকলো সমান যি ধৰ্ম্মত বৰ-সৰু, ৰজা-প্ৰজা হুজুৱা বাদচাহ-সকলো একে, আৰু সকলোৱে একে ঠাইতে একেদৰে উপাসনা কৰি শান্তি লভে, যি ধৰ্ম্মত আৰু যি ধৰ্ম্মৰ শাস্ত্ৰত সকলো মুছলমানৰে সমান অধিকাৰ, যি ধৰ্ম্মক অৱলম্বন কৰি সকলো দেশৰ ওখ সৰু সকলো শাৰীৰ সকলে৷ মাজৰ মুছলমানে একেলগে একে ঠাইতে, আন কি একে পাততে খোৱা লোৱা কৰে, যি ধৰ্ম্মত সকলে৷ মুছলমানে (উপযুক্ত হলে) ধৰ্ম্মযাজকৰ কাম পৰ্য্যন্ত কৰিবৰ অধিকাৰ পায়, যি ধৰ্ম্মত সকলো মুছলমান ভাই ভাই আৰু সকলে৷ মানুহ সমান, আজি ​

জয়চন্দ্রই সেই ধৰ্ম্মৰ আশ্ৰয় পাই ক্ষন্তেকৰ ভিতৰতে মানুহৰ প্ৰাপ্য অধিকাৰ লাভ কৰিলে।

 জয়চন্দ্ৰ মুছলমান হোৱা কথা শুনি তেওঁৰ গাৱঁৰ অনেক সহৃদয় মানুহে নিজৰ সমাজৰ কঠোৰ ব্যৱহাৰৰ ওপৰত ধিক্কাৰ দি হিন্দু সমাজে যে অন্ধ সংকীৰ্ণতাৰ আশ্ৰয় লৈ নিজৰ শৰীৰলৈ নিজে দুর্ব্বলতা আনিব লাগিছে, এই কথা কৈ দুখ প্ৰকাশ কৰিবলৈ ধৰিলে ৷ কিন্তু আমাৰ ফয়চলানবিচে হলে এই বাতৰি শুনি জয়চন্দ্ৰৰ ওপৰত তেওঁ জয়লাভ কৰিলে এনে ভাব প্রকাশ কৰি কলে—“বেছ হল! আমাৰ সনাতন হিন্দুধৰ্ম্মৰ গৌৰব অক্ষুন্ন হৈ ৰল।”

 কোৱা বাহুল্য যে, ধৰ্ম্মধ্বজ ফয়চলানবিচৰ দলত পোন্ধৰ অনা তিনি পইচা মানুহ আছিল, গতিকে তেওঁ ডিঙি মেলি ডাঙৰকৈ এই কথাষাৰ কোৱাত কোনো বিঘিনি নঘটিছিল ।

( অন্ত )