সমললৈ যাওক

জোন-বিৰি/ঘণ্টাকৰ্ণ শৰ্ম্মা

ৱিকিউৎসৰ পৰা

ঘণ্টাকর্ণ শৰ্ম্মা ।

প্রথম আধ্যা।

 একুৰি পাঁচ বছৰ আগেয়ে ৰংখং চাহ বাগিচাৰ ‘ঘিচ্ মিচ্’ হোৱা বৰমহৰী শ্ৰীযুত ঘণ্টাকর্ণ শৰ্ম্মা যে কলিকতালৈ আহিছিল এই কথা অনেকে নাজানে । যি জানিছিল সেইসকলৰ ভিতৰত অনেক কালক্ৰমত মৰি-হাজি ঢুকাই নাইকিয়া হল; আৰু যি এজন-আদজন আছে তাৰো লেখ ঢুকুৱাৰ নিচিনাই হলহি। ঘণ্টাকৰ্ণৰ কলিকতা পৰিভ্ৰমণ আৰু পৰিদৰ্শনৰ বিবৰণ জানি, নমৰি থকাৰ শাৰীৰ এজন স্বয়ং এই উপাখ্যান লেখক। কোনে জানে কিজানি এই উপাখ্যানটো চুম্বককৈ লিপিবদ্ধ কৰিবৰ নিমিত্তে হে এই কেইটা দিন ঈশ্বৰে লেখকক জায়াই ৰাখিছে। একেবাৰেই উপাখ্যানটোৰ মাজতে জপিয়াই পৰি কোৱা যাওক যে শ্ৰীযুত ঘণ্টাকৰ্ণ শৰ্ম্মা বৰমহৰী এছোৱা বাট জাহাজেৰে আৰু আনছোৱা বাট ৰেলেৰে কলিকতালৈ আহিছিল। তেওঁক অনা ৰেলগাড়ীখন যেতিয়াই কলিকতাৰ শিয়ালদহ ষ্টেচনত হুচ্ হুচ্ ভচ্ ভচ্ কৰে ওলালহি, ঠিক কাক-তালী সংযোগৰ দৰে, অসমীয়া ছাত্ৰৰ “মেচ” নিবাসী শ্ৰীমান বিদ্যাধৰ শ‍ইকীয়াও সেই গাড়ীৰ দুৱাৰ মুখত ততালিকে থিয় হলগৈ। অৱশ্যে এই সংযোগ বিজুলী ডাকৰ বাতৰিৰ ফল, দৈবিক বা আকস্মিক ঘটনাৰ নহয়। বিদ্যাধৰ ঘণ্টাকৰ্ণৰে সৈতে চিনাকী বিষয়ত ঘণ্টাকৰ্ণৰ পৈতৃক সম্পত্তি বুলিব পাৰি। বিদ্যাধৰৰ বাপেকক ঘণ্টাকৰ্ণ ই চিনে, সেই সূত্ৰতে বাপেকৰ পুতেক বিদ্যাধৰকো ঘণ্টাকৰ্ণ ই নিচিনি নাসাৰে! খোলা কথা, বিদ্যাধৰে ঘণ্টাকৰ্ণ অহাৰ বাতৰি বাপেকৰ পৰা বিজুলী-ডাকত আগেয়ে পাইছিল। সি যি নহওক, বিদ্যাধৰক ঘণ্টাকৰ্ণই ষ্টেচনত দেখিয়েই ৰং পাই মাত লগালে- “হঃ বোপা বিদ্যাধৰ! তুমি আহিছা?” বিদ্যাই উত্তৰ দিলে – “হয় আহিছোঁ। আপোনাৰ লগত আৰু কোনোৱা আহিছে নে? মাল-বস্তু কত?”  ঘণ্টাকৰ্ণ — “মোৰ লগত মোৰ লগুৱাটো আহিছে। সেই মধুৱা। তাক তুমি চিনাই হবলা। সি আমাৰ গাড়ীৰ নামনি ফালৰ তৃতায় শ্ৰেণীতে থম্ থম্ কৰে নিশ্চয় বহি আহিছে। ম‍ই দ্বিতীয় শ্ৰেণীতে আহিলোহে বোপা; তৃতীয় শ্ৰেণীত বহুত সৰু মানুহ আহে, সিহঁতৰ গাৰ ভেকেটা-ভেকেট গোন্ধত তাত সোমাবই নোৱাৰি। আৰু তাত আহিলে মানো নাথাকে। তাক মাত লগোৱাঁচোন মঘুৱা বুলি ”

 বিদ্যাধৰে মঘুৱাক বিচাৰি যাওঁতেই ঘণ্টাকৰ্ণই তেওঁৰ কোঠা- লিৰ পৰা নামি ৰিঙিয়াবলৈ ধৰিলে— “মঘুৱা ঔ! মঘুৱা ঔ! কটা নামি আহ কটা তোৰ বাপেৰৰ ঘৰৰ গাড়ীখন পাইছ নে কি যে তাৰ পৰা নামিবই নোখোজ?”

 ঘণ্টাকৰ্ণৰ চিয়ৰ মঘুৱাৰ কাণত পৰাৰ আগেয়েই ৰেলৰ পুলিচৰ কনিষ্টবলৰ কাণত পৰিল। কনিষ্টবলটোৱে ঘণ্টা কৰ্ণৰ ওচৰলৈ আহি কেৰকেৰীয়াকৈ মাত লগালে— “হেই অও বাবু, কাহে হাল্লা কৰতা? চুপ ৰহ।” কনিষ্টবলৰ কথাষাৰ শুনি ঘণ্টাকৰ্ণৰ মুখ ৰঙা পৰিল, খঙত গাটো ঠক্‌ঠক্‌ কৈ কঁপিবলৈ ধৰিলে। তেওঁ কনিষ্টবলটোৰ মুখৰ ফালে চাই কলে— “তহঁতৰ কলিকতাত মানুহে নিজৰ লগোৱাকো মাতিব নাপায় নে কি অ? আও তোৰ দেখোন বৰ গপ-গপ কথা একা! মোৰ তলত এহেজাৰ বঙালী কুলিয়ে কাম কৰে বুলি তোম জানতা নাহি হোগা কি? ”

 এনেতে বিদ্যাধৰে মঘুৱাক লগত লৈ তাতে ওলাই কনিষ্ট- বলেৰে সৈতে ঘণ্টাকৰ্ণৰ লাগিব খোজা খকাখুন্দাখনৰ ওৰ পেলাই দিলেহি। ঘণ্টাকৰ্ণই বিদ্যাধৰক কলে- “বোপা, তোমাৰ কলিক তাৰ কনিষ্টবল এটাৰো ভীমটোকা গপ দেখিলে ভয় লাগে। আমাৰ বাগিচাৰ ওচৰত ইয়াক নাপালোঁ; পোৱাহেঁতেন ম‍ই কি পদাৰ্থ সি বুজিব পাৰিলেহেঁতেন। এতিয়া কি বোলে নে ৰণত পৰি কলীয়া হলো, তেল নাপাই ফপৰীয়া হলো।”

 বিদ্যাধৰ।– “বলক, বলক, ইয়াত হাই কৰিব নাপায়।” এই বুলি বিদ্যাধৰে ঘণ্টাকৰ্ণক তেওঁৰ মাল বস্তু কত আছে শুধিলত ঘণ্টাকৰ্ণই বিদ্যাধৰ ক উত্তৰ দিলে- “মোৰ মাল-বস্তু কি ৰাখিছে! এইখন চোৰৰ মলুক বুজিছানে বোপ৷? কালি গোৱা- লণ্ডত কিবা মুটীয়া বঙালে মোৰ মাল-বস্তুবোৰ গাৰীত তুলি দিওঁ বুলি মূৰত তুলি লৈ কৰবালৈ গুচি গল। এইখন দেশৰ মানুহ চোৰ কিন্তু তোমাক কওঁ। তোমালোকে ইয়াত কেনেকৈ থাকা কব নোৱাৰোঁ।”

 বিদ্যা।— “বস্তুবোৰ আৰু নাপালে নে?”

 ঘণ্টা।— নাপালো! গল! যাওক দিয়া; বামুণৰ ব্ৰহ্মস্ব খাই বঙাল চোৰহঁতৰ পখৰা ওলাব বুজিছা নে, তুমি দেখি থাকিবা। মোৰ নো কি হব হেঁ? ভাগ্যে মই এহেজাৰ টকাৰ লোটসোপা মোৰ চোলাৰ বুকুৰ জেপত আনিছিলো। বলা, বোপা চিন্তা নকৰিবা, যি বস্তু লাগে, ইয়াতে, এটাইবোৰ কিনি-কুটি লম্‌হঁক।”

 বিদ্যাধৰে এই কথা শুনি লগুৱাটোৰে সৈতে ঘণ্টাকৰ্ণ বৰ মহৰীক ঘোৰাৰ গাড়ী এখনত তুলি লৈ তেওঁলোকৰ “ মেচৰ” বহা পোৱালেহি।

 এই খিনিতে কোৱা আৱশ্যক যে ঘণ্টাকৰ্ণ বৰ মহৰীয়ে ৰংখং বাগিছাত তিনি কুৰি টকা দৰমহা পাই তিনি বছৰ কাম কৰি ছিল। কিন্তু তেওঁৰ হাতটো বৰ খোৰ; সেই, দেখি, খোৰলৈ পানী বাগৰি আহি তাত ডোঙা বন্ধাদি চাৰিউফানৰ টকা বাগৰি আহি তেওঁৰ হাতত গোটখাই পৰিলহি। তিনি বছৰতে এই দৰে তেওঁৰ হাতত তিনি হাজাৰ টকা গোটখালে। গতিকে ঘণ্টাকৰ্ণ বৰমহৰী উজনীত এজন বৰ চহকী মানুহ। সকলোৱে ঘণ্টাকৰ্ণৰ সৌভাগ্যক শলাগে। কিন্তু বাগিচাৰ বৰ চাহাবজন কিবা আওপকীয়া মানুহ। তেওঁ ঘণ্টাকৰ্ণৰ সৌভাগ্যৰ বাটত হঠাৎ কিবা দেখোন বিধি-পথালি হৈ পৰিল। ঘণ্টাকৰ্ণ ইমান সোনকালে চহকী হোৱা কথাটো তেওঁৰ মনঃপুত নহল হবলা; সেইদেখি তেওঁ এদিন কিবা অলপ “কচুৰ” এটাতে ঘণ্টাকৰ্ণক ধৰি “ডিচ মিচ কৰি থলে, অৰ্থাৎ কামৰপৰা গুচাই দিলে! এতিয়া ঘণ্টাকৰ্ণই সেইবাবে, বাগিচাৰ বৰ চাহাবৰ ওপৰত আপিল কৰিবলৈ বুলি আৰু লগতে কলিকতাখন ফুৰি-চাকি চাই যাবলৈ বুলি আহিছে।

দ্বিতীয় আধ্যা।

 অসমীয়া ছাতৰৰ “মেচত” দুদিন থাকি ঘণ্টাকৰ্ণৰ আৰু ভাল নলগা হল। তাৰ কাৰণ কেইবাটাও। সেইবোৰৰ ভিতৰৰ মুখ্য মুখ্য গোটাচেৰেক বাছি এই খিনিতে উল্লেখ কৰোঁ :- প্ৰথমতে ঘণ্টাকৰ্ণই দেখিলে যে অসমীয়া লৰাবোৰে কিতাপ একোটা আগত লৈ সদায় জোমা-ভাগতী হৈ বহি থাকে, ঘণ্টা- কৰ্ণৰে সৈতে ভালকৈ মন খুলি কথাকে নাপাতে। কাৰ্য্যৰ ভাও দেখি তেওঁ ভাবিলে, “মই ভাল ঠাইত সোমালোহি আহি; ঢোৰা- কোৱাই কণী একোটা উমাই বহি থকাদি ইহঁতে কিতাপ একোটা লৈ উমাই বহি থাকিব লাগিলে মোৰ ফালে হৈছে আৰু, ইহত কেতিয়া উমনিৰপৰা উঠিব, আৰু মই কেতিয়া ইহঁতৰে সৈতে দুখ সুখৰ কথা একেষাৰ পাতিম!” দ্বিতীয়ত,— ঘণ্টাকৰ্ণই ভাবিলে যে তেওঁ ইমান ধনী মানুহটো যাৰ লগত এতিয়াও এহে জাৰৰ ওচৰা ওচৰি ধন আছে, তেওঁক এই লৰাখনে ভালকৈ মান সৎকাৰকে নকৰে দেখোন? ইহঁত নো কেনে মানুহ ঐ? যেনেই হওক, ইহঁত পঢ়িশুনি উঠি ঢোৰাকোৱাই হওক বা “ঢোৰা ওজাই” হওক, ইহঁতৰ লগত আৰু থকা নাযায়। তৃতীয়ত—ঘণ্টাকৰ্ণই পুৱা গধূলি চিলিম চেৰেক ভাং খায়; সেই কামত তাত তেওঁৰ লগৰীয়া নাইকিয়া | লগৰীয়া নাথাকিলে ৰাগি লগা বস্তু খোৱাৰ আনন্দৰপৰা যে সমানে এফাল বঞ্চিত হব লাগে সেই কথা ঘণ্টা- কৰ্ণই সম্পূৰ্ণৰূপে হৃদয়ঙ্গম কৰিলে। চতুৰ্থ, – তেওঁ ৰাতি বেহেলা বজাই, দেৰগঞা গান সুৰ ধৰি গায়; লৰাহঁতে তাক আপত্তি কৰে। তেওঁ ভাবিলে, “মোক কি আপদে পালে একা! কলিকতাত অসমীয়া লৰাহঁতৰ বহাত, গধূলি দুখে ভাগৰে আহি, ৰাগ ৰাগিনী এষাৰো, টানিব নোপোৱা হল নেকি? এই অসমীয়া লৰাখন কলিকতালৈ আহি এটাইখন দেখোন পুৰন্দৰ ৰজাৰ নাতি হলহি!” পঞ্চমতঃ— ঘণ্টাকৰ্ণই শনিবাৰে বুধবাৰে থিয়েটৰলৈ যাবলৈ লৰাহঁতক লগ ধৰিলে সিহঁত যাব নোখোজে। থিয়েটৰ চাবৰ মন নোযোৱা এইখন শুকান জেওৰাখৰি লৰাৰ লগত ঘণ্টাকৰ্ণ থাকে কেনেকৈ? যষ্ঠত,—এটা বৰ আহুকালৰ কথা হল যে, সিহঁতে ঘণ্টাকৰ্ণক "ভাল" "ভাল" চাব লগীয়া ঠাইবোৰ নেদেখুৱায় ) “ভাল” কথা- টোৰ মানে দেখোন সিহঁতে ঘণ্টাকৰ্ণই বুজা দৰে নুবুজে! ইত্যাদি মহা আহুকালত পৰি শ্ৰীযুত ঘণ্টাকৰ্ণ বৰমহৰীয়ে অসমীয়া ছাতৰৰ “মেচ” এৰি আন কৰবালৈ উঠি যাবলৈ উচ- পিচাবলৈ ধৰিলে। ঈশ্বৰে নিৰুপায়কো এটা উপায় উলিয়াই দিয়ে; এই ক্ষেত্ৰতো সেয়ে হল শ্ৰীযুত ঘণ্টাকৰ্ণৰ উচপিচ নিতো ঈশ্বৰে বলাই-ঘটাই নি শ্ৰীমান যজ্ঞৰাম শ‍ইকীয়ৰ কাণত পেলাই দিলেগৈ। যজ্ঞৰাম এজন অসমীয়া ছাতৰ, এফ্ এ্ পঢ়িবলৈ বুলি তেওঁ কলিকতাত আছেহি – অৱশ্যে গবৰ্ণমেণ্টৰ ২০ টকীয়া বৃত্তি ভুঞ্জি। মহাৰাণী ভিক্টোৰিয়াৰ “জুবিলি”ৰ বছৰত এওঁ তৃতীয় বিভাগত এণ্টে ঞ্চ "পাছ” কৰি কলিকতালৈ আগবাঢ়ি আহে। আমাৰ ঘণ্টাকৰ্ণই সম্প্ৰতি আহি থকা অসমীয়া ছাতৰৰ “মেচ”তে এৱোঁ থাকে। যজ্ঞৰামৰ ঘৰ উজনিত ; বাপেকৰ নাম জানো যদিও, বিশেষ কাৰণৰ বশবৰ্ত্তী হৈ তাক গুপু তকৈ ৰখা গল। ঘণ্টাকৰ্ণৰ উচ্চ পিচনিৰ নিফুট মাত যজ্ঞৰামৰ কাণত পৰিলত তেওঁৰ হিয়াৰ সহানুভূতিৰ সোত ঘণ্টাকৰ্ণৰ ফালে ধাৰ নিছিগাকৈ ববলৈ ধৰিলে। ৰতনে ৰতনক চিনাৰ দৰে যজ্ঞাৰামে বৰমহৰীক চিনি পেলালে। তিলেকতে দুইৰো সাবটা সাবটি আৰু আকোঁৱলা-আকুলি জাতৰ প্ৰণয় হল।

 যজ্ঞৰামৰ বিষয়ে উল্লেখ কৰিবলৈ গলে কোৱা উচিত যে কলিকতাৰ কলেজে যজ্ঞোৰাম শ‍ইকীয়াক সমুলি নুসুজিছিল। কলেজৰ পঢ়া শুনাৰে সৈতে যজ্ঞৰামৰ কোনোমতেই ৰাহি নাহিছিল। আসাম গবৰ্ণমেণ্টে তেওঁক বিশ্বাস কৰি ২০ টকা বৃত্তি দি কলিকতাত পঢ়িবলৈ পঠিয়াইছিল হয়, কিন্তু কলেজৰ পঢ়াৰে সৈতে তেওঁৰ ৰাহি জোৰা নাহিলে নো তেওঁ কি কৰিব আৰু কত নো মুৰটো খুন্দিয়াই ভাঙিব হেঁ? যি হওক, তেওঁ গবৰ্ণমেণ্টৰ ঘৰৰ অবিশ্বাসৰ কাম কৰিব নোৱাৰিলে। নোৱাৰেও। সেই দেখি তেওঁ দেখা-শুনাকৈ কলেজেৰে সৈতে “ডাইভৰ্চ” প্ৰাৰ্থনা নকৰি ‘জুডিচিয়েল চেপেৰেচনৰ নিচিনা এটা লোক-হাঁহিয়াত নোহোৱা বিচ্ছেদ স্বীকাৰ কৰি ললে; আৰু চৰকাৰে বৃত্তিৰ টকাটো, তেওঁৰে সৈতে ৰাহি-জোৰা অহা আন আন কাৰ্য্যত ব্যয় কৰিবলৈ কৃতসঙ্কল্প হৈ তাকে কৰিবলৈ ধৰিলে। যদিও কলেজত পঢ়া খৰচতকৈ এই গুৰুতৰ কাৰ্য্যৰ ব্যয়ভাৰ বেচি; আৰু ২০ টকা ৰূপক ৩ৰে পূৰি ললেও নাটনি হয়, তথাপি যজ্ঞৰাম পিছ-ভৰি হোৱা মানুহ নহয়; তেওঁ তেওঁৰ ঘৰৰ পৰা নানা উপায়েৰে ধন আনি জোৰা-ফোন্দা মাৰি সেই কাৰ্য্য সম্পাদন কৰিবলৈ ধৰিলে। কিন্তু গোলাপত কাঁইট থকাটো যেনে আহুকালৰ কথা, মাক বাপেকৰ টকাৰ মোনাত তলি থকাটোও তেনে আহুকালৰ কথাই; সেইদেখি এনে আহুকাল নুগুচে, আৰু সেইদেখি সি উদং হবই হব; আৰু অচিৰতে হলও। যজ্ঞৰামৰ এনে ভোকৰ অৱস্থা। এনে সময়তে কৃপালু ঈশ্বৰে এহেজাৰ টকাৰে ঘণ্টাকৰ্ণ বৰ মহৰীক জানিবা টোপোলা বান্ধি তেওঁৰ আগত টুপুৰ কৰে পেলাই দিলে। ভগৱন্তই নিৰুপায়ৰ যে এটা উপায় কৰে ইও প্ৰমাণ এক। কোৱা বাহুল্য যে সেই দিন৷ আৰু তাৰ আগৰ দিনাও যজ্ঞৰামে “I am seriously ill, wire thirty" অৰ্থাৎ মোৰ শঙ্কটজনক নৰীয়া, ত্ৰিশ-টকা বিজুলী ডাকত পঠিয়াই দিয়া; আৰু “Jajnaram attacked with cholera wire twenty” অৰ্থাৎ যজ্ঞোৰাম মাউৰত পৰিছে, কুৰি-টকা বিজুলী-ডাকত পঠিয়াই দিয়া, ইয়াকে লেখি দুখন টেলিগ্ৰাম বাপেকলৈ কৰিও তাৰ কোনো ফল লাভ নকৰাকৈ আছিল, আৰু লাভ কৰিবৰ আগন্তুকো নাছিল। কাৰণ যজ্ঞৰামৰ বাপেকে পুতেকৰ গুণ-গৰিমাৰ কথা ভালকৈ বুজ পাই, পুতেকক ঘৰলৈ ওভোতাই নিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু তেওঁৰ সকলো চেষ্টা বিফল হল, যজ্ঞৰামক কলিকতাই কামোৰ মাৰি ধৰি নেৰিলে। সেইবাবে, বাপেকে যজ্ঞৰামৰ বিজুলী ডাকৰ বাতৰিৰ ওপৰত আৰু পতিয়ন এৰি দিছিল।

 যি হওক, এতিয়া সোণত সুৱগা মিলি যোৱাদি যজ্ঞৰাম ঘণ্টা- কৰ্ণত মিলি গল। কাৰণ অনেক; তাৰে ভিতৰত : গোটাচেৰেক এই যে—যজ্ঞৰামেও গান বাজনা ভাল পায়, ঘণ্টাকৰ্ণয়ো ভাল পায়। ঘণ্টাকৰ্ণই ভাং ভাল পায়, যজ্ঞৰামেও যে নাপায় এনে নহয়; বৰং সেই বস্তুৰ শাৰীৰ ডাঙৰ সৰু সকলো বিধতে তেওঁৰ অচলা প্ৰীতি। বামা জাতিৰ প্ৰতি যজ্ঞৰামৰ যেনে পক্ষপাতিতা ঘণ্টা কৰ্ণৰো তেনেকুৱাই। তাৰ উপৰি ঘণ্টাকৰ্ণৰ ইচ্ছাৰ সাৰথি টকা লগত আছে, যজ্ঞৰাম সেই সাৰথি বিহীন। এনে স্থলত এই দুজনৰ হৃদ্যতা আৰু আত্মীয়তা৷ অনিৰ্ব্বাৰ্য্য।

 যজ্ঞৰামে ঘণ্টাকৰ্ণ বৰ মহৰীক অসমীয়া ছাতৰৰ “মেচৰ” পৰা আনি মিৰ্জ্জাপুৰ ষ্ট্ৰীটৰ “হিন্দু হোটেল” এটাত থাকিবলৈ বন্দৱস্ত কৰি দিলে। হোটেললৈ আহি ঘণ্টাকৰ্ণই উশাহ পালে, কাৰণ তেওঁ তেওঁৰ friend, philosopher and guide যজ্ঞৰামৰ সহায়ৰ ষোল অনা সুবিধা লাভ কৰিব পৰা হল। ঘণ্টাকৰ্ণ বৰমহৰী হিন্দু হোটেল নিবাসীৰ বিস্তাৰিত বিবৰণ দিবলৈ আমাৰ ধৈৰ্য্য নাই; ধৈৰ্য্য ধৰি কোনো মতে দিবলৈ গলেও, এইটো নিশ্চয়, যে তাৰ দ্বাৰাই কাৰো এক ধনিষ্ঠামানো উপকাৰ নহয়; বৰং অনেক চঞ্চল চিত্তৰ মানুহৰ মানসিক চাঞ্চল্য ঘটি অপকাৰ হোৱাৰ হে সম্ভাৱনা। চমুকৈ ইয়াকে মাথোন কওঁ যে, ঘণ্টাকৰ্ণ বৰমহৰী - থকা হোটেলত এদিন বৰ হাই-উৰুমি শুনা গৈছিল। ভু লৈ জনা গল যে ঘণ্টাকৰ্ণৰ হাতনি-পেৰাৰ পৰা ৫০০৲ টকা কোনোবাই চুৰ কৰিলে।

 ইয়াৰ পিছত এদিন শুনা গল যে গল ৰাতি ঘণ্টাকৰ্ণই হোটে- লৰ ঘৰৰ চিৰিৰ পৰা বাগৰি পৰি তেওঁৰ সোঁ ভৰিৰ সৰু-গাঁথিটো মোছোকা খুৱালে। আৰু কপাল আৰু কুমত ঘা লগালে।

 ইয়াৰ পিছত শুনা গল যে হোটেলৰ বঙালী মেনেজৰটোৰে সৈতে এদিন ঘণ্টাকৰ্ণৰ কিলৰ আদান প্ৰদান চলা বাবে মেনেজৰে ঘণ্টাকৰ্ণক হোটেলৰ পৰা ওলাই যাবলৈ “নটিচ” দিলে।

 ইয়াৰ আগেয়ে এদিন শুনা গৈছিল ঠিকাগাড়ীৰ গাৰোৱান এটাৰে সৈতে ঘণ্টাকৰ্ণই কলিকতাৰ বাটত মাল-যুঁজ কৰিলে আৰু পুলিচকোৰ্টত দুয়ো পাঁচ টকাকৈ জৰিমানা ভৰিলে।

 তাৰ আৰু আগেয়ে শুনা গৈছিল যে এদিন যজ্ঞৰামে ঘণ্টাকৰ্ণক টকাৰ নিমিত্তে এঠাইত “বন্ধক” দি আহিছিল, আৰু অনেক পৰৰ মূৰতো যেতিয়া যজ্ঞৰামে টকা দি ঘণ্টাকৰ্ণক মোকোলাই নিবলৈ নাহিল, তেতিয়া ঘণ্টাকৰ্ণক সেই বন্ধক লওঁতাই জৰীৰে তাতে ৮ ঘণ্টা বান্ধি থৈ দিছিল।

 মুঠতে ঘণ্টাকৰ্ণ শৰ্ম্মা বৰ মহৰীৰ কলিকতা ভ্ৰমণ আৰু পৰি- দৰ্শন সুখকৰ নহয়। শেহত ঘণ্টাকৰ্ণই এদিন পুৱা দেখিলে যে তেওঁ আসামৰ পৰা লৈ অহা এহেজাৰ টকাৰ ভিতৰৰ, এতিয়া তেওঁৰ “মনিবেগত” এটা আধাপইচা বাকী আছে মাথোন । সেই আধাপইচাটোও কেৱল আগনিশাৰ তেওঁৰ “ইকনমি” অর্থাৎ টানি ধৰি চম্ভালি খৰচ কৰা ইচ্ছা আৰু কাৰ্য্যৰ ফল। সেই “ইকনমিৰ” ইতিহাসটো এই,–তেওঁ বহুবজাৰ ষ্ট্ৰীটৰ মূৰত বিৰি-চেলেউ বেচা দোকানী এটাৰ দোকানত পইচা এটা ভঙাই আধাপয়চা এটাৰ বিৰি চেলেউ কিনি বাকী খিনি বেগত ভৰাই থৈ দিছিল, এই সূত্ৰতে সি ৰক্ষা পৰিল ।

 ইয়াৰ পিছত অসমীয়৷ ছাত্ৰৰ সকলে পচা তুলি ঘণ্টাকর্ণৰ আৰু তেওঁৰ চাকৰটোৰ টিকিট কিনি দি তেওঁলোকক গাড়ীত তুলি আসামলৈ পঠিয়াই দিলে। কবলৈ পাহৰিছোঁ যে ঘণ্টাকর্ণই যাবৰ দিনা পুৱা গঙ্গাস্নান কৰিছিল, আৰু তেওঁৰ “মনিবেগত থকা সেই আধাপইচাটোও গঙ্গাৰ ঘাটত, তেওঁক স্নান কৰোৱা বামুণক দক্ষিণা দিছিল। শিয়ালদহ ষ্টেচনৰ গাৰীত উঠোতে ঘণ্টাকর্ণ বৰমহৰীয়ে আমাক এষাৰ তেওঁৰ শেষ বাইক কৈ গৈছিল সেইষাৰ আমি এতিয়াও পাহৰা নাই।— যথা,— “শুনিছানে বোপা, কলি- কতাখন বৰ ঠগৰ মলুক !”

 এই উপাখ্যানটো শেষ কৰাৰ আগেয়ে ঘণ্টাকর্ণ বৰমহৰীৰ লগুৱা মঘুৱাৰ বিষয়ে এষাৰ কথা কোৱা আৱশ্যক হৈ পৰিছে । কলিকতাত দিন চেৰেক থাকি, মঘুৱাৰ বৰ পৰিবৰ্ত্তন ঘটিল । হোটেলত থাকোঁতে এদিন সি তাৰ গৰাকী বৰমহৰীৰ “মনিবেগৰ” পৰা ২০ টকা ৰূপ চুৰ কৰি, তাৰে এজোৰ জোতা এজোৰ মোজা কিনিলে ; এখন চুৰিয়া, এটা কামিজ আৰু এখন চাদৰ কিনি ললে ; আৰু ঘণ্টাকর্ণই যজ্ঞোৰামৰে সৈতে বাহিৰত ফুৰা সুযোগতে সি সেই জোতা মোজা চুৰিয়া চেলেং পিন্ধি গা-ঘেলাই অনাই ফুৰিবলৈ ধৰিলে। হোটেলৰ বঙ্গালী চাকৰ এটাৰে সৈতে মঘুৱাৰ বৰ বন্ধুত্ব হল, আৰু তাৰ সহায়তে তাৰ চকু গজিল, আৰু বহুদৰ্শিতা লাভ হল। শেহত ইয়াৰ ফলত কলিকতাৰ ৰূপ গুণত সি ইমান মোহ গৈছিল যে সি ঘণ্টাকৰ্ণৰ সৈতে আসামলৈ উভতি নাযাবলৈকে থিৰাং কৰি কলিকতাতে এঠাইত “নিকা” কৰি গৃহস্থী হৈ থাকিবৰ বন্দবস্ত পাতিছিল। মূৰামূৰি সময়ত অসমীয়া ছাতৰ সকলৰ জন দিয়েকে অতি কষ্টেৰে হে তাক কলিকতাৰ কামোৰ এৰুৱাই ঘণ্টাকৰ্ণৰ লগত পঠিয়াব পাৰিলে। এই খিনিতে কোৱা উচিত যে এই কেই দিনতে মঘুৱাৰ অসমীয়া ভাষাৰ মাটিডৰাৰ আয়তন জোখত অনেক কম হৈ পৰিছিল; কাৰণ বঙলা ভাষাই তাৰ সীমা ঠেলি নি সৰহভাগ নিজৰ ঢাপৰ ভিতৰুৱ৷ কৰি পেলাইছিল। মঘুৱাৰ উদ্ধাৰ কৰি আনিবলৈ যোৱা অসমীয়া ছাতৰ কেইজনক সি বঙলা-মিহলি অদ্ভুত অসমীয়া ভাষাত উত্তৰ দিয়াটো যুক্তিসঙ্গত বুলি ভাবিছিল। অৱশ্যে ইচ্ছাপূৰ্ব্বক -যে এনে বুলিব নোৱাৰি। শেহত যেতিয়া তাক এক ৰকম বলেৰে ৰেল গাৰীত তুলি দিয়া হল, তেতিয়া সি এই উপাখ্যান-লেখকক “ সেৱা” কৰিবলৈ পাহাৰি “প্ৰণাম” কৰি কৈছিল—মই আবাৰ ফিৰি আসিব দেউতা মোৰ বাড়ীত আৰু মন বহিবে না।” দুখৰ বিষয় আজিলৈকে মঘুৱা কলিকতালৈ উভতি অহা নাই।