সমললৈ যাওক

জোন-বিৰি

ৱিকিউৎসৰ পৰা
 

জোন-বিৰি

⸺::⸺

 

লক্ষীনাথ বেজবৰুৱা

প্রণীত

 

নতুন তাঙৰণ
গুৱাহাটী
১৯৪৯

 

বেচ ২৲ টকা

 

প্ৰকাশক :—
সাহিত্য প্ৰকাশ
ট্ৰিবিউন বিল্ডিংচ্
ট্ৰিবিউন পোঃ
গুৱাহাটী

 


শ্ৰীমতী ৰত্নাৱলী বৰুৱাৰ
দ্বাৰা
সৰ্ব্বস্বত্ব সংৰক্ষিত



 

প্ৰিণ্টাৰ—শ্ৰীকুঞ্জলাল থাপা
গুৱাহাটী, ট্ৰিবিউন প্ৰেছ

 

উৎসর্গ

———

শ্রীযুক্ত গোবিন্দ
ককাইদেৱৰ


 শ্ৰীচৰণ কমলেষু।


লৰেলচ, হাওৰা।
শ্রীপঞ্চমী, ২৯ মাঘ,
১৮৩৪।


শ্রীলক্ষীনাথ
 

সূচী

বিষয় পৃষ্ঠাঙ্ক
আমাৰ সংসাৰ  ...  ...  ...  
যেনে চোৰ তেনে টাঙ্গোন  ...  ...  ...  
কনকলতা  ...  ...  ...  ১৬
নাঙলুচন্দ্ৰ দাস  ...  ...  ...  ২৪
জগৰা মণ্ডলৰ প্ৰেমাভিনয়  ...  ...  ...  ৩৮
মৈদাম  ...  ...  ...  ৪৫
মোৰে সৈতে মনাইৰ দন্দ  ...  ...  ...  ৫৩
লোভ  ...  ...  ...  ৬১
কাশীবাসী  ...  ...  ...  ৬৫
ভোমকেৰোলা  ...  ...  ...  ৭০
ভোকেন্দ্ৰ বৰুৱা (আদিলীলা)  ...  ...  ...  ৮২
ভোকেন্দ্ৰ বৰুৱা (মধ্যলীলা)  ...  ...  ...  ৯১
ভোকেন্দ্ৰ বৰুৱাৰ (অন্তলীলা)  ...  ...  ...  ১০৮
এৰা বাৰী  ...  ...  ...  ১১৬
ঘণ্টাকৰ্ণ শৰ্ম্মা  ...  ...  ...  ১২৮
ধৰ্ম্মধ্বজ ফয়ছলানবিচ  ...  ...  ...  ১২৮

জোন-বিৰি।

⸺:•:⸺

আমাৰ সংসাৰ

 

প্ৰথম দৰ্শন।

 (ভৱানীৰ বয়স ২২। স্বামী শম্ভূনাথৰ বয়স ৩০। জীয়েক চেনেহীৰ বয়স ৩ বছৰ। পুৱা ৯ বজা। বৰঘৰৰ ভিতৰ। ভৱানী শোৱাপাটীত। শম্ভূ পাটীৰ কাষত ঠিয় হৈ।)

 শম্ভূ।—পিছে তুমি আজি নুঠা নে? ৯ বাজিল। মোৰ কছাৰীলৈ যাবৰ সময়ও হলহি; এতিয়ালৈকে ভাত-পানীৰও একো দিহা নহল দেখোন?

 (উস্! আস্! কৈ ভৱানীয়ে কেকায়।) কি হৈছে? কেকাইছা কিয়?

 (আকৌ দীঘল দীঘল কেকনি) নোকোৱা নো কিয় কি হৈছে?

 ভৱানী!— কি হব, একো হোৱা নাই। আমি মৰিলেও কিবা কোনোবাই আমাৰ বুজ লওঁতা আছে নে? সকলোৰে কেৱল খাওঁ খাওঁ মুৰ্ত্তিহে। উস্‌! উস্—দেউতা ঐ—। শম্ভূ।—কি, জ্বৰ হৈছে নে? চাওঁ।

[ শোৱাপাটীত বহি ভৱানীৰ ককালত হাত দিয়ে।]

 ভৱানী!—সেই ফেৰাইহে বাকী আছে। —উস্‌! —আস্‌! ইস!—

(চেনেহীৰ প্ৰবেশ )

 চেনেহী।—আই, হেল আই, মোল ভোক আগিছে, দলপান দে।

[পাটীত উঠি মাকৰ গাৰ ওপৰত পৰে]

 ভৱানী।—উস্‌! উস্‌! তইও আহিছনে মোক খাবলৈ? জলপান বুলি মোৰ মূৰটোকে খা। গাৰ বিষত লৰচৰ কৰিব পৰা নাই মই মানুহজনীয়ে, আটায়ে খাওঁ খাওঁ লগাইছে!

 শম্ভূ।—গা বেয়া যদি উঠিব নালাগে, শুই থাকাঁ। মই আজি বেজবৰুৱাৰ ঘৰৰ পৰা বিষৰ তেল আনি দিম, সেই তেল ঘহিলেই ভাল হব। চেনেহী আহ, মাৰক আমনি নকৰিবি; মাৰৰ নৰীয়া হৈছে নেদেখিছ। মই জলপান খাবলৈ দিম আহ।

[ ঠোন্-ঠোনাই কন্দা চেনেহীক কোলাত তুলি লৈ শম্ভূ বাহিৰলৈ আহে।

দ্বিতীয় দৰ্শন

(পুৱা ১০ বজা। আলিবাট।)

 ঘিণাৰাম পেস্কাৰ—সেইটি নকলনবিচ ডাঙৰীয়া নে? ৰব মইও গৈছোঁ। আজি আমি গৰহাজিৰ হমহঁক যেন পাওঁ। হাকিম যে খুব সোনকালে কছাৰীলৈ আহিবলৈ ধৰিছে।

 শম্ভূ।—আহক, গৰহাজিৰ নহওঁ, দহহে বজিছে।  ঘিণাৰাম।—আজি আপোনাৰ মুখখন শুকান কিয়? গা ধুবলৈ নহল হবলা?

 শম্ভূ।—এৰা, আজি আমাৰ ঘৰ-ঘৈণীৰ গা ভাল নহয়, সেই দেখি ভাত পানী ৰন্ধা নহল; বাহী গায়ে কছাৰীলৈ আহিলো।

 ঘিণাৰাম।—আপুনি আজি এই চ’ত-মহীয়া দিনটো এই দৰেই কটাব নে কি? নিজেই এমুঠি চাউল বহাই নাখালে কিয়?

 শম্ভূ।—কিবা বাঙ্কৰা কাকত এসোপা চাই থাকোঁতেই পলম হল, নোৱাৰিলো।

 ঘিণাৰাম।—আপোনাসকল বামুণৰ জীৱ দুৰাকাছৰ নিচিনা লেকেতা; বতাহ খাইও আপোনালোকে তিন দিন কটাব পাৰে। আমি শূদিৰ মখাইহে এসাঁজ খাবলৈ নেপালে পেটৰ পোৰণিত ত্ৰাহি মধুসুদন দেখোঁ! সৌৱা হাকিম এতিয়াহে আহিছে।

[ প্ৰস্থান।]

তৃতীয় দৰ্শন

(দুপৰীয়া ১২ বজা। ৰান্ধনি ঘৰ। ভৱানীয়ে বহি ভাত ৰান্ধিছে। চেনেহীয়ে কাষতে থিয় দি কল্-কল্ কৰে কথা কৈছে।)

 চেনেহী।—আই, এই বল ফুটী মাঠটো মোল, নহয় নে বালু আই?

 ভৱানী—হয়, এই বৰ পুঠি মাছটো তোৰে; মোক ভাজি অতাবলৈ দে; আগৰপৰা আহুকাল কৰি নেথাকিবি।

 চেনেহী।—হেল আই হেল, মোল ফালে ঠা ঠোন, আন্দাত আজি জেল নেমাল নে?

 ভৱানী।—কেপ্‌কেপাই নেথাকিবি দেই, কোনে কলে আঞ্জাত তেল নেমাৰোঁ বুলি তোক? চাওঁ গুচ, মোক তেলৰ চুপিটো আনিবলৈ দে।

 চেনেহী।—আই হেল, ভাতে বক্‌বক্ কলে কিয়?

 ভৱানী।—উতলি কৰে।

 চেনেহী।—নহয়, নহয়, তই মোল দেউতালে সৈতে দন্দ কলে।

চতুৰ্থ দৰ্শন।

(ৰান্ধনিঘৰ মজিয়া। ভৱানী আৰু চেনেহীৰ একেখন কাঁহীতে ভোজন।)

 চেনেহী।—মোল বল ফুটী মাঠটো তই নেকাবি, হেল আই।

 ভৱানী।—নেখাওঁ।

 চেনেহী।—(কান্দি) নেকাওঁ বুলি তই মোল বল ফুটি মাঠ টোৰ আদখিনি কালি। দেউতা কেছালিল পলা আহিলে আজি মই কৈ দিম।

⸺⸺

যেনে চোৰ তেনে টাঙোন

প্ৰথম আধ্যা।

 কটীয়া মোমাই চৰকাৰী মোমাই। সকলোৰে সৈতে তেওঁৰ মোমাই সম্বন্ধ লাগে। বগৰিগুটিৰ এটাৰ সমান ঘুট্মুট্‌ কৰে মোমাইটিক লৰালৰিৰ বেলিকা চোলাৰ মোনাত সুমাই লৈ যাবলৈকো তুমি সাহ কৰিব পাৰা। তেওঁৰ বয়স কিমান আমি কব নোৱাৰোঁ, আৰু কোনে কব পাৰে, তাকো কব নোৱাৰোঁ। আমি সদায় তেওঁক একে চিন একে ছাবেই দেখিছোঁ, এই মাত্ৰ। এটা উপমা দিওঁ। তোমাৰ সেই জগন্নথীয়া পকা ৰঙালাওটো বৰচাঙত তুলি তুমি যেনে থৈছা তেনে আছে; আমাৰ এই কটীয়া মোমাইটীও, এই পৃথিবীৰূপ বৰচাঙত, বিধাতাই তুলি থোৱা ভাবেই গৰ্‌গৰিয়া দি পৰি আছে। সৰিয়হৰ ডুলিৰ বাওৰ মাজত সোমোৱা সৰিয়হটো ভালেমান কাললৈকে তাতে ৰৈ যায়, জাৰিলে জোকাৰিলেও নোলায়, আৰু সতকায় লোকৰ চকুতো নপৰে। এই সংসাৰ-ডুলিৰ বাওৰ মাজত আমাৰ মোমাইকণে৷, সেই দৰে বিধতাৰ চকুত নপৰাকৈ ৰৈ গৈছে। মোমাই বৰ টক্‌টকীয়া; এলাহ কাক বোলে তেওঁ ভুকে নেপায়। দহ মাইল পোন্ধৰ মাইল বাটক তেওঁ বাট যেনকে নেদেখে। সমান বাটত ৰথৰ ঘিলা ঘূৰাদি তেওঁ ঘূৰি গৈ থাকে। তেওঁৰ ঘৰ যিখন গাৱঁত তাৰপৰা জিলালৈ পোন্ধৰ মাইলৰ ওপৰ হব। তেওঁৰ হেনো সেই ফেৰা বাট বুলনিঘৰৰপৰা বৰঘৰলৈ অহা যেনহে লাগে। ইয়াতেই বুজিবা। দুদিনে চাইদিনে মোমাই জিল্লালৈ আহি আহি থাকে। মোমাই আহিলে আমাৰ বৰ ৰং হয়। আমি বাহ-লৰাই বেঢ়ি ধৰি “মোমাই আমালৈ কি আনিছা?” “মোমাই অমুক, মোমাই তমুক,” ইত্যাদি কথাৰে তেওঁক নথৈ আমনি কৰোঁ। মোমায়ে কিন্তু সেইবোৰত আমনি নাপায়। তেওঁ বৰৰ এঠাৰ আঙঠি; লৰা, ডেকা, বুঢ়া সকলোৰে আঙুলিত কাপ খাই যায়।

 কুহ্কুহীয়া জাৰ। এদিন পুহমহীয়া গধূলি মোমাই জুহালৰ ওচৰত ডুখৰিপীৰা পাৰি বহিছে; তেওঁৰ সৈন্যসামন্ত সভাসদ পাৰিষদ আমি লৰাবোৰো সেই জুহালৰ চাৰিউপিনে একোডোখৰ তেনে ডুখৰিপীৰা পাৰি বহিছোঁ। মোমায়ে হাচটি মেলি বাহঁৰ চুঙাৰ টেমাটোৰ ভিতৰৰপৰা এটা ভেকুৰী গুটিৰ সমান, মেচ্ মেচ্ কৰে কলা কানী উলিয়াই কোঁট-কৰে গিলি, তামোল-ছালিত কটাৰি বহুৱাইছে। এনেতে আমি গহীনকৈ মাত লগালোঁ “মোমাই, এটা সাধু—” গোটেই কথাষাৰ আমাৰ মুখৰপৰা ওলাবলৈ নৌপাওঁতেই লগে লগে মোমাইৰ মুখৰপৰা এনে এটা ডাঙৰ ভেকাহীয়ে ঢেৰেকনি মাৰিলে যে, একে ভেকাহীতেই আমি বালক-মণ্ডলী, নিয়াৰিৰ ওপৰত থকা ৰঙা লোৰ পৰা হাতুৰিৰ মাৰত ফিৰিঙতি ওফৰাদি ওফৰি পৰিলো। কিন্তু মোমাইৰ গঢ়-গতি আমাৰ জনা আছে, প্ৰথম খুন্দাত খোপনি ৰখাব পাৰিলে, আৰু তুমি ৰৈ গলা। গতিকে, চকু চাওঁতেই আমি গিৰ্জনি মাৰি হাঁহি, আকৌ তেওঁক বেঢ়ি ধৰি “সাধুকথা” “সাধুকথা” কৰি চিয়ৰিবলৈ ধৰিলো। অলপমান টলকা মাৰি থাকি মোমায়ে মাত লগালে; “তহঁত বৰ দুষ্ট লৰা বুজিছনে? কি সাধু শুনিবি?”

 আমি আহ্লাদত গদগদ হৈ কলো “মোমাই তোমাৰ যিহকে কবৰ মন যায়।"

 মোমাই।—“এটাই মোৰ আঙুলি কেইটা ফুটাই দে।”

 মোমাই এই কথা কোৱা মাত্ৰকতেই আমি এটাইমখাই একেবেলিয়েই আঙুলি ফুটাবলৈ ওলালোঁ। আমাৰ ভিতৰৰ সুযোগ্য দুজন সেই কাৰ্য্যত মনোনীত হল; আৰু নিমিষতে, এটাৰ ঠেঙুলি ভাঙোতে উঠাদি উঠা ফুট্ ফুট্ শব্দ কাণ জুৰাই মোমাইৰ আঙুলিৰ গাঁঠিৰপৰা উঠিবলৈ ধৰিলে। মোমায়ে সাধু আৰম্ভ কৰিলে:—

  “মই যি সাধু কব খুজিছোঁ, তাৰ নাম, ‘যেনে চোৰ, তেনে টাঙোন’। সেই তাৰ নামটো কি? আঃ কুলক্ষণীয়াৰ নামটোৱেই মনত নপৰে। সেই—সেই—আঃ—সেই গৰিহাখোৱাৰ নামটো কি?”

 আমি।—“কাৰ নাম মোমাই?

  “তাৰ।—বোলো, সেই তাৰ, যাৰ নামটোৱেই মনত নপৰা হৈছে। মুখত গুটিসাঁচেৰে এচকু কণা, সেই আমতলত ঘৰ যাৰ। বোলো, সেই আমাৰ গাৱঁৰ মোলোকা বহুৱাৰ পুতেক, ৰুদ্ ৰুদ ৰুদাই—ঠিক মনত পৰিছে। মোলোকা বহুৱাৰ পুতেক ৰুদ্ৰামে, আজি এবছৰ হল, ভকলুৰ ছোৱালীজনী বিয়া কৰাই আনিছে। তাইৰ দুখ (আহা! বপুৰী তাই পৰজন্মত কি পাপ কৰিছিল!) কুলায়-পাচিয়ে নধৰে। বপুৰী বৰ বিতোপন ছোৱালী। সি দুৰাচাৰ। পুৱা-গধূলি নিতৌ সি তাইক ঢেকিঠোৰাৰে মৰিয়ায়। মাৰ খাই খাই তাই ঘুগুলাপছলা। দোষত? নহয়, নহয় মোৰ কুটুম, বিনাদোষত, বিনাদোষত। কোনো জগৰ নাই তথাপি সি তাইক মাৰে। মিছাকৈয়ে দায় খুচৰি উলিয়াই সি তাইক কিলায়। ন দোষ নেপালে পুৰণি দায় খুচৰি উলিয়াই লৈ সি তাইক খুন্দে। বেছেৰীয়ে পিঠি পাতি দি সহি থাকে। দিনৌ ইমান মাৰ কিল খায়, তথাপি বেছেৰীয়ে গিৰিয়েকক সুখে সন্তোষে ৰাখিবলৈ মৰিমুজি যতন কৰে। তাইক মৰাটো কুলাধমৰ নিত্যকৰ্ম্ম। নহলে তাৰ হাত খজুৱায়, সুখ নেলাগে, সুত নেলাগে। নহলে পাপীক পোকে কামোৰে। পাষণ্ড! নৰাধম! তাই কন্দাকটা কৰিলে কিলৰ জাউৰি আৰু বাঢ়ে। সেই মাৰকিলৰ কথা যদি কেনেবাকৈ তাই লোকক কলে, বা তাইৰ চিয়ৰ-বাখৰ কান্দোন কাটোন লোকে শুনিবলৈ পালে, তেন্তে মাৰ-কিলৰ জাউৰি সেই দিনা নথৈ বাঢ়ে। ওচৰ চুবুৰীয়াই মাৰকিলত হকাবধা কৰিলে তাৰ হোৰ ঘৈণীয়েকৰ পিঠিত দুগুণ উঠে। ইফালে পাঁজীৰ, লোকে শুনিলে লাজটোও আছে। নিলাজ! নিধক! নিলাজৰ আকৌ লাজ, কেকোৰাৰ আকৌ মূৰ! তোম ডেম ফুল পাজী। তোমাৰা লাজ হ্যায়? তোমৰা চৰম হ্যায় নন্‌চন্! ইষ্টপিট!”

 আমি—“মোমাই, কাক ইমানবোৰ গালি পাৰিছা?”

 “সেই তাক। সেই ঘৈণীয়েকৰ মঙহ খোৱাক। ৰুদাই নে কি সেইটোক। উস! এদিন নহয় দুদিন, নহয় মাহেক নহয়, পষেক নহয়, গোটেই বছৰটো সি তাইক খুন্দিছে বিয়া কৰি আনিবৰ দিনচেৰেকৰ পিছৰপৰাই বুলিব লাগে, পাপীয়ে তাইক কলাগুটিবাদ্যং কৰিব লাগিছে। এনে কথা ক’ত দেখিছা ক’ত শুনিছা! গাৱঁৰ মানুহে পোনতে হকাবধা কৰিছিল! পাছে এৰি দিলে, তোৰ যি মন যায় কৰ বুলি! তাইক কুটি বাছি খা বুলি! কিয়নো, তাৰ ফল বিপৰীত হয় দেখি। লোকে হকাবধা কৰিলে তাইৰ পিঠিৰ কিলৰ জাউৰি বাঢ়ে, আৰু হকাবধা কৰা সকলৰ বঁটা গালি-শপনি হয়!

 “দৈ কলঙীয়ানী বাই দৈকলঙীয়া গাৱঁৰ নাম-জ্বলা মাছ-পোহাৰী। বৰ বুধিয়ক। তহঁতে তাইক দেখা নাই হবলা? তাই দেখিবলগীয়৷ তিৰুতা; জিল্লালৈ মাজে-সময়ে আহে। এদিন তহঁতক দেখুৱাম। দৈকলঙীয়া গাওঁ, ওচৰৰে গাওঁ। এদিন মাছ বেচিবলৈ আহি দৈকলঙীয়ানী ৰুদাইৰ ঘৰত উপস্থিত। ৰুদাই ঘৰত নাস্তি। ঘৈণীয়েকে চোতালতে বহি চকুৰ লো টুকিব লাগিছে। দৈকলঙীয়ানীয়ে মাত লগালে।—সাবেলেই ভাল মাছ আছে, লবি নে আই?—কি হল আই হে কিয় কান্দিছ?”

 “ৰুদাইৰ ঘৈণীয়েক— মাছ নালাগে। একো হোৱা নাই—মোৰ আকৌ কি হব দেও হে।

 দ, ক,।—“এনে কথা কিয় কৰ মোৰ আই হে, একো নোহোৱাকৈ মানুহে কান্দে? কি হৈছে মোৰ আই ক?”

 “গিৰিয়েকৰ কিল মাৰৰ সকলো কথা দৈকলঙীয়ানীয়ে তাইৰ পৰা উলিয়াই লৈ দুখ পতিয়াই কলে,—‘আই শুন। আজি মই গধূলিকৈ এবাৰ আহিম, আহি তোক ম‍ই যিহকে কওঁ তাকে যদি কৰ তেন্তে তোৰ গিৰিয়েৰে নিচয় তোক আৰু নমৰা হব’। বাৰু বাই তুমি আহিবা গধূলিকৈ; মোক যিহকে কৰিবলৈ কোৱা তাকে কৰিম’ এই বুলি ৰুদাইৰ ঘৈণীয়েকে দৈকলঙীয়ানীক কৈ বিদায় দিলে।

 এইখিনিতে দেখোন আমাৰ কটীয়া মোমায়ে মৌনাৱলম্বন কৰিলে। আমি কাৰণ বিচাৰি মোমাইৰ মুখৰ ফালে নিৰীক্ষণ কৰি পালো তেওঁৰ চকু মুদ-খোৱা আৰু মূৰে বৰশী বোৱা। আমি মাত লগালো ‘মোমাই দেখোন তুমি থিতাতে চেঙেলি টোপাবলৈ লাগিলা? তাৰ পিছত?’ মোমায়ে লাহেকৈ চকু দুটা মেলি উত্তৰ দিলে, “কিহৰ পিছত?”

 আমি।—‘দৈকলঙীয়ানী বিদায় হোৱাৰ পিছত?

 মোমাই।—‘কটীয়া মোমায়েৰে চেঙেলি টোপাবলৈ লাগিল।’

 আমি।—‘তাৰ পিছত?’

 মোমাই।—‘চেঙেলি এটা ধৰা পৰিছিল।’

 আমি।—‘তাৰ পিছত?’

 মোমাই।—‘তহঁতৰ কেপ্‌কেপনিত থাকিব নোৱাৰি এতিয়াই হাতৰপৰা পুলকি গল।’

 আমি।—‘যোৱাঁ মোমাই, তুমি কি ধেমালি কৰিবলৈ লাগিলা।দৈকলঙীয়ানী বিদায় হোৱাৰ পিছত কি হল কোৱাঁ?’

 মোমাই।—‘কি হব আৰু; আধ্যা পৰিল।’

 আমি।—‘বাৰু আধ্যা পৰিল পৰক, আকৌ নকৈ একাধ্যা আৰম্ভ কৰাঁ মোমাই, নহলে আমি নেৰোঁ; বোলো কেতিয়াও নেৰোঁ।’

 মোমাই।—নেৰ যদি কৰিলো আৰম্ভ এই

“দ্বিতীয় আধ্যা।”

 ‘গৰু-গাই ঘৰ চাপিল; সন্ধ্যা লাগিল; লাগি ভাগিল; ভাগি এন্ধাৰ হল; আৰু ৰুদাইৰ ঘৰৰ পাছচোতালত দৈকলঙীয়ানীৰ ডিঙিৰ মাত শুনা গল—‘অ আইটী’! মাত শুনি ৰুদাইৰ ঘৈণীয়েক ওলাই আহিল। তাৰ পিছত দৈকলঙীয়ানীয়ে তাইৰ হাতত এটা বস্তু দি, কাণে কাণে অলপমান বেলি ফুচ্‌ফুচাই কিবা বুধি দি, গুচি গল।’

 আমাৰ মোমাই ডোখৰে আকৌ টলকা মাৰিলে। আৰু এই দোক্‌মোকালিতে চেলু পাই তেওঁৰ নাকে ওপৰাওপৰিকৈ দুবাৰ মাতিও ললে।

 আমি।—‘মোমাই মোমাই! তুমি আকৌ কি টোপনিয়াবলৈ লাগিলা?যোৱাঁ! তাৰ পিছত কি হল কোৱাঁ? মোমাই! মোমাই।’

 মোমাই—‘কি হল?’

 আমি।—‘তাৰ পিছত?’

 মোমাই।—‘কিহৰ পিছত?’

 আমি।—‘দৈ কলঙীয়ানী যোৱাৰ পিছত।’

 মোমাই।—‘দৈকলঙায়ানী যোৱাৰ পিছত কি হল, কলো নহয়!’

 আমি!—‘কেতিয়া কলা?’

 মোমাই।—‘এতিয়াই।’

 আমি।—যোৱাঁ মোমাই, টোপনিৰ জালত তুমি কি কৈছা একো ঠিক নাই! একো নোকোৱাকৈয়ে বুলিছা কলো।

 মোমাই।—‘তহঁত নিতান্ত বুধি-নাইকিয়া লৰা বুজিছনে। দৈকলঙীয়ানী যোৱা কথা কোৱাৰ পাছত ম‍ই কি কৰিছিলো?

 আমি—‘তুমি নাক ডকাই টোপনিয়াইছিলা,।

 মোমাই।—তেন্তে? বুজিব নোৱাৰিলি? দৈকলঙীয়ানী যোৱাৰ পিছত গিৰিয়েকে ঘৈণীয়েক দুয়ো খাই বৈ শুই থাকিল । আৰু এই খিনিতে এই আধ্যা পৰিল ।’

 আমি—'পৰিল পৰক, আকৌ নতুন আধ্যা উঠক ৷

 মোমাই ।—‘মোৰ মুখৰ তামোলখন ভালকৈ পাগুলি নললে নুঠে ।"  চুণ ধপাত ডেৱাছালিৰে পাগ-লগা তামোলখন ভালকৈ পাগুলি, সাধু-কথাটোৰ ঘিলা চাইটাত ভালকৈ তেল সানি লৈ মোমায়ে দুনাই লেজু ধৰি ঘৰ্ঘৰকৈ সাধুটো টানি লৈ যাবলৈ ধৰিলে !

 "লৰাহঁত, এই পালোহি’


“তৃতীয় আধ্যা।”

 "পিছ দিনা হালোৱতলিৰপৰা সোনকালে হাল মেলি ঘৰলৈ উভতি আহি ৰুন্দ্ৰামে ঘৈণীয়েকক মাত লগালে “ঐ অ । বোলে। শুনিছনে হয় ! বেগাই আহ !”

 “ঘৈণীয়েক ।— ‘শুনিছো ! কি হল ? আজি দেখোন ইমান সোনকালে হাল মেলি আহিলা ? সেইটো ৰৌ মাছ কত পালা ?’

 ৰুদ্ৰাম। – ‘সেই উৰিআমজোপাৰ তলত হাল বাওঁতে নাঙলৰ ফালত এই ৰৌ মাছটো উঠিল । কেনেকৈ মাটিৰ তলত ৰৌ মাছটো ওলাল গৈ কব নোৱাৰে৷ ৷ চাচোন, ডক্ ডক্ কৰে জীয়া মাছটো ৷ কাকো নকবি । ওচৰ চুবুৰীয়াই গম পালেই ভাগ, বিচাৰি ওলাবহি ! হোঁ, লৈ যা, ভালকৈ টেঙা দি এখন আঞ্জা ৰান্ধ । খুটুৰাচেৰেক ভাজিবিও । মূৰটোৱে সৈতে অলপ মাছ গধূলি সাজলৈকো থবি ৷ থাকে যদি দুটুৰামান কাইলৈকো থলে ভালেই ।— ভালেই কি, কাইলৈকে৷ থবই লাগিব।’ "ঘৈণীয়েকে আনন্দ প্ৰকাশ কৰি লাহেকৈ উঠি মাছটো লৈ ভিতৰলৈ গল।”

 আমাৰ কটীয়া মোমায়ে আকৌ টলকা মাৰিলে। আমি মাত লগালো ‘মোমাই ৰলা কেলৈ আকৌ টোপনিয়াইছা নে কি? নোটোপনিয়াবা মোমাই, তোমাৰ দুটি ভৰিত ধৰিছোহঁক, বেগাই কৈ অন্ত কৰি পেলালে আৰু তোমাক আমি দিগ দাৰি নকৰোঁ?’

 মোমাই——তহঁত, বৰ উতনুৱা লৰা বুজিছনে। ততকে নিদিয়। হুতাইতাই। এই আধ্যা পৰিল দেখি ৰৈছো। এতিয়া পালোহি।’

“চতুৰ্থ অধ্যা।”

 “এই আধ্যাৰ আদিতে, ৰুদাইৰ ঘৈণীয়েকে, ‘ৰাইজ চোৱাঁ- হঁত ঔ। মোক বিনাদোষত এই দিন-দুপৰত মাৰি ঘুগুলাপছলা কৰিলে। হে ৰজাৰ শৰণ! ৰাইজ আহাহঁক ঐ! কিলত মোৰ হাড় মূৰ ভাগি গুড়ি হল। এই বুলি চিয়ঁৰত গছৰ পাত সৰাইছে। আৰু, নিচিয়ৰিবি মোৰ ৰৌ মাছটো নেৰান্ধি কি কৰিলি ক, তোক মই আজি ডোখৰ ডোখৰকৈ কাটিম’ এই বুলি কদায়ে ঘৈণীয়েকৰ পিঠিত হাত ভৰি সমানে চলাবলৈ ধৰিছে।

 কিলৰ জাউৰি আৰু চিয়ৰ-বাখৰ আন দিনতকৈ বেছি হোৱা শুনি চাৰিউফালৰ মানুহ বাধ্য হৈ চাপি আহিল। ‘ৰ, ৰ, কিয় ইমানকৈ তাইক মাৰিছ? নেমাৰিবি’ বুলি ৰুদ্ৰামৰ ওপৰত ৰাইজৰ হুকুম পৰিল।

 ৰুদাই —কিয় নেমাৰিম? এইক আজি কাটি ডোখৰ ডোখৰকৈ শিয়াল-কুকুৰক দিম। এই মোৰ ৰৌ মাছটো কি কৰিলে?”

 “ৰাইজ।—‘হেৰ কি ৰৌ মাছ অ?’

 “ৰু, ঘৈণীয়েক।—'কি ৰৌ মাছ, দেউতাসকল আপোন৷ সকলে তেওঁক শোধকচোন?”

 “ৰুদাই।——‘কি ৰৌ মাছ! চুৰুনী, কি ৰৌ মাছ! ম‍ই আজি ৰাতিপুৱা সেই উৰিআমৰ তলত হাল বাওঁতে পোৱা ৰৌ মাছটো, তোক যে ৰান্ধিবলৈ দিছিলো। এতিয়া কি ৰৌ মাছ বুলি আসৈ মাতিছ!’

 "ৰাইজ।—‘হাল বাওঁতে কেনেকৈ ৰৌ মাছ পালি হেৰ ৰুদাই?"

 ৰুদাই।—‘হাল বাওঁতে মাটিৰ ভিতৰৰপৰা নাঙলৰ ফালত উঠিছিল।"

 "ৰু, ঘৈ,!—‘শুনিলে দেউতাসকল, ৰাইজ, শুনিলে এতিয়া? এনে অদ্ভুত কথা শুনিলে? শুকান মাটিৰ তলত কৰবাত ৰৌ মাছ থকাটো আপোনাসকলে শুনিছে নে দেউতাসকল, ম‍ই আপোনা- সকলৰ চৰণত দান্তে তৃণ ধৰি চুলি ছিঙি কাতৰ কৰি শুধিছোঁ? দেউতাসকল, এওঁৰ মূৰৰ ঘিউ বেয়া হৈছে, নহলে এনে নাভূত- নাশ্ৰুত কথা কৈ কিয় মোক এই দৰে চোৰ-কিলোৱা দিব? ঠিক, ঠিক, ই বলিয়া। ইয়াক বান্ধ; নহলে ই মানুহদুনুহ মাৰিব এই বুলি ৰাইজে ৰুদাইক ভালকৈ হাতে ভৰিয়ে বান্ধি এন্ধাৰ ঘৰ এখোটালিত পেলাই থৈ দিহাদিহি গুচি গল।’

 আমি।—‘মোমাই তাৰ পিছত?’

 মোমাই।—‘তাৰ পিছত আৰু কি, সি বলিয়া সাব্যস্ত হল, আৰু গৰুৰ পঘা আৰু হাতীৰ ফইত বান্ধ খালে। আৰু এই আধ্যা পৰি গল।”

 আমি।—‘নাই পৰা আধ্যা মোমাই, তোমাৰ দুটি ভৰিত ধৰিছোঁ, আৰু তাৰ পিছত কি হল কোৱা?’

 মোমাই।—‘নাই পৰা কিয়? পৰিল, পৰি আকৌ একাধ্যা উঠিল, যাৰ নাম—

“পঞ্চম অধ্যা।”

 “এই আধ্যাত ৰুদাইৰ ঘৈণীয়েকে, বান্ধ খাই পৰি থকা গিৰিয়েকক অকলৈ পাই, ওচৰ চাপি আহি কাণৰ কাষত লাহেকৈ মাত লগাইছে⸺‘কেনে? মোক নিতৌ মাৰিবানে? আজিৰ পৰা যদি মোক আৰু নামাৰোঁ বুলি সৈ কাঢ়াঁ, তেন্তে এতিয়াই মই ৰাইজক কৈ তোমাক মুকলি কৰাই দিয়াম। আৰু যদিহে সৈ নেকাঢ়া তেন্তে সদাই এই বলিয়াৰ বান্ধত পৰি থাকিব লাগিব। মাছটো তেওঁ ময়েহে, ৰাতি নৌপুৱাওঁতেই হালোৱাতলিত পুতি থৈ আহিছিলো।”

 “ৰুদাই।—‘মই তোৰ আগত সৈ কাঢ়িছোঁ, গুৰুঘৰৰ শপত খাই কৈছোঁ, আজিৰপৰা তোক কেতিয়াও কেতিয়াও নেমাৰো। মোৰ দোষ তই ক্ষমা কৰ। মোক মুকলি কৰি দে।

 “ইয়াৰ পিছত, নানা দৰবজাতি দি ভাল কৰিছোঁ বুলি ৰাইজক বুজাই ৰুদাইৰ ঘৈণীয়েকে গিৰিয়েকক মোকোলাই দিয়ালে। তহঁতৰ কটীয়া মোমায়েৰৰ গাৰ কানি কাপোৰ সোপাই ক’লা হল দেখি তেওঁ টুক্‌টুক্‌কৰে নগৰলৈ গুচি আহিল।”

⸺::⸺

কনকলতা

(ঐতিহাসিক উপন্যাস )

 তেতিয়া আসামৰ ৰাজপাটত জয়ধ্বজ সিংহ ; দিল্লীৰ ৰাজ- পাটত আউৰংজেৰ; পুৰন্দৰ-দুৰ্গত শিবজী; পুৰন্দৰৰ স্বৰ্গত শিবজীৰ “বাবাজী”; ইংলেণ্ডৰ "থ্ৰণত” চাৰ্লচ দ্বিতীয়; হলেণ্ডৰ থ্ৰণত উইলিয়েম তৃতীয়; ৰোমৰ বেদীত পোপ পায়চ; আউনী- আটীৰ গাদিত দেৱ নিৰঞ্জন; পিকিন নান্ কিনত কোন আছিল নাজানো ; কিন্তু তিব্বতত হলে তিব্বত এতিয়া যেনেকৈ আছে তেতিয়াও তেনেকৈয়ে আছিল নিশ্চয় ।

 দিল্লীশ্বৰ আউৰংজেবৰ দুৰ্দ্ধৰ্ষ সেনাপতি বঙ্গৰ নবাব মিৰ- জুমলাই আসাম আক্রমণ কৰিবৰ অভিপ্ৰায় কৰি যুদ্ধযাত্ৰা কৰি আহিল। দুর্গম পথ। গহন বন। বনৰীয়া জন্তুৰে পৰিপূৰ্ণ অটব্য অৰণ্য। কিন্তু মহাবীৰ মিৰজুমলাৰ গতিৰোধ কৰে কিহে? ডাঠ হাবি তহিলং কৰি, বৰটাৰ পাতেৰে গা কাটি, নল খাগৰি ভৰিৰে গচকি জোল কৰি লাহে লাহে বাটকুৰি বাই, দিনটোত পাঁচ- ছয় মাইলকৈ আহি মিৰিজুম্ লাই যেতিয়া বীৰদৰ্পেৰে গুৱালপাৰত উপস্থিত হলহি, তেতিয়া আসাম ৰজাৰ অসমীয়া সৈন্যই অৱজ্ঞা- ভাৱেৰে যৱনক যুদ্ধ নিদি বাট এৰি দিলে। অসমীয়াৰ হাতত মোগল সৈন্যৰ এই প্রথম ঘাট। মোগল সৈন্যই অপমানিত আৰু লাঞ্ছিত হৈ “বিমনমুখে অধোবদনে” ভৰিৰ দহো আঙ্গুলি ঘনে ঘনে লেখি, মহাবাহু ব্রহ্মপুত্ৰৰ পাৰে পাৰে বাহুদমফি লাহে লাহে এপথে আহি, বেলি পৰোঁ পৰোঁ হোৱা সময়ত গুৱাহাটী নগৰত ভৰি দিলেহি। সূৰ্য্য অস্তাচলৰ টিঙত। নবাবে সসৈন্যে পশ্চিম ফালে মুখ কৰিলে আৰু সন্তৰ্পণে আঠুকাঢ়ি আল্লাৰ নাম কৰিলে। কোৱা বাহুল্য যে মীৰজুমলাই যথাসম্ভৱ আৰু যথাবিহিত কোপ্তা-কাবাব আৰু মোগলাই-ৰোষ্ট ভোজন কৰি সেই ৰাতি শয়ন কৰিলে। পিছ দিনা পুৱা হল আৰু মীৰজুলাই গুৱাহাটী এৰি উজাই গল। বাটত চিল্লাগড় আৰু চামধুৰা নামে দুটা অসমীয়া দুৰ্গত মীৰজুলাই উজুটি খাই পৰি দুইটা দখল কৰি থলে। গৰগাঁৱৰ ওচৰত মীৰজুমলাৰ ঘোৰাই হেঁসান পাৰিলে, দঁতালে চিঞৰিলে, চিপাহীয়ে দুপ দুপালে, হিলৈয়ে ধুম্‌ ধুমালে। জয়ধ্বজ সিংহই এইবোৰ শুনি বৰ আমনি পাই, “ আঃ বৰ দিগ কৰিবলৈ লাগিল।” এই বুলি কৈ গৰগাঁও আৰু দুৰ্জ্জনক দূৰতে পৰিহাৰ কৰি, নামৰূপ নামৰ ঠাইলৈ প্ৰস্থান কৰিলে।

 এনে হুলস্থূল গৰগাওঁ চহৰত; আন এবিধৰ হুলস্থূল চোলাধৰা ফুকনৰ ঘৰত। চোলাধৰা ফুকনৰ নাম ডম্বৰুধৰ; অৰ্থাৎ‍ তেওঁ বিষয়ৰ হিচাপত দিঠকত ৰজাৰ চোলা ধৰে, আৰু নামৰ হিচাপত সপোনত হৰৰ ডম্বৰু ধৰে। তেওঁৰ জীয়েকৰ নাম কনক- লতা; জোঁৱাই পদৰ উমেদাৰ জনৰ নাম কেশৱচন্দ্ৰ। কুমাৰী কনকলতাৰ মনৰ মানুহ কিন্তু গগনচন্দ্ৰহে। কেশৱচন্দ্ৰৰ উপাধি বৰুৱা; গগনচন্দ্ৰৰ উপাধি অজ্ঞাত। —সম্ভৱতঃ শ‍ইকীয়াই কি হাজৰিকাই কিবা এটা; অপাৰগ পক্ষত বৰা নহৈ নাসাৰে।

 চোলাধৰা ফুকনৰ ঘৰ গৰগাঁৱতে। ৰজা জয়ধ্বজ সিংহ আৰু ৰাইজৰ লগতে তেৱোঁ চকু মুদি নবাবৰ আগমন দেখি, গৰগাঁৱৰ পৰা বহিৰ্গমন কৰিলে।  এটাৰ পিছত এটাকৈ কুমাৰী কনকলতাই তেওঁৰ জীৱনত ষোলটা বসন্ত দেখিলে, লেখিলে আৰু খেদিলে। জ্ঞান প্ৰাণ অনু ভূতি সহানুভূতিৰ তেওঁ সোৱাদ ললে। স্বাধীনতাৰ ৰ’দ কাচলিত বহি আপোন ইচ্ছাশক্তিৰ এঢোকা-দোঢোক৷ তেওঁ পান কৰিলে। গতিকে তেওঁ দেউতাকৰ চকুৰে বাট নুবুলিবলৈকে মনত থিৰাং কৰি পেলালে।

 ওপৰত কোৱা হৈছে, যে জয়ধ্বজ সিংহৰ লগত তেওঁৰ বিশ্বাসী বৰুৱা ফুকন আদি বিষয়াসকলো পলায়ন-পৰায়ণ হৈছিল। ৰজাৰ বিশ্বাসী বিষয়া ডম্বৰুধৰ ৰজাৰ লগত সপৰিবাৰে যেতিয়া, তেওঁৰ পৰিবাৰভুক্তৰ অৰ্থে ৰক্ষিত কেশৱচন্দ্ৰও তাতে। কঠাল-এঠা গগনচন্দ্ৰও তেওঁলোকৰ পিছে পিছে; – অৱশ্যে কনকলতাৰ- সঙ্কেতত আৰু তৰবৰীৰ সহায়ত। তৰ্ বৰী ডম্বৰুধৰৰ বেটী;— গতিকে কনকৰো। তাই কনকলতাৰ প্ৰিয়পাত্ৰী; বয়সত কনকৰ ওচৰাউচৰি; স্বভাৱত মৃদু; বুধিত টেঙৰী।

 ডম্বৰুধৰৰ প্ৰতিজ্ঞা আছিল যে গগনে তেওঁৰ চাৰিঢাপৰ ভিতৰত ভৰি দিলে, তেওঁক ধৰাই নি ৰজাক কৈ চাওডাঙৰ হাতত সমৰ্পন কৰাব। সেইদেখি গগনৰ গতিবিধি আতৰে আতৰে।

 বাৰিষা মীৰজুমলাৰ সৈন্য গৰগাঁও আৰু মথুৰাপুৰৰপৰা ইফালে সিফালে চলাচল কৰি ফুৰিব নোৱাৰা হল; আৰু অসমীয়া ৰণুৱাবিলাকৰ martial spirit অৰ্থাৎ যুদ্ধৰ তেজ বাঢ়ি উঠিল। জসহঁতক অসমীয়াই চাৰিউ ফালৰপৰা চেপি আনিলে। অসমীয়া হিলৈদাৰীৰ হিলৈগুটিৰ আৰু কাঁড়ীৰ কাঁড়ত মীৰজুমলা সসৈন্যে জলাকলা হল! ১২,০০০ মুছলমান সৈন্যক এমুঠি অসমীয়া সৈন্যই ছমাহলৈ গৰগাঁৱতে বেঢ়ি ধৰি চেপিলে আৰু খুন্দিলে। কোনো কোনো দিনা জয়ধ্বজ সিংহই নিজে আহি আক্ৰমণকাৰী অসমীয়া ৰণুৱাৰ সেনাপতিত্ব কৰিছিল।

 তিনিজন লোকে তিনি প্ৰকাৰে ভাবিছিল, — ডম্বৰুৱে ভাবিছিল মীৰজুমলা-ব্যাপাৰৰ এটা মীমাংসা হৈ গৈ দেশত শান্তি স্থাপিত হলে, তেওঁ গৰগাঁৱৰ ঘৰলৈ উভতি গৈ কেশৰচন্দ্ৰৰ হাতত কনকলতাক সম্প্ৰদান কৰিব। গগনচন্দ্ৰই ভাবিছিল, তেওঁ তাৰ আগেয়েই কনকলতাক হস্তগত কৰিব। কনকলতাই ভাবিছিল, তেওঁ গগনক সেই কাৰ্যত সহায়তা কৰিব। সেইদেখি এই গোলমলীয়া গোচৰটো সম্প্ৰতি এতিয়া নিৰ্ব্বন্ধকাৰ প্ৰজাপতি “ফাইলত মলতবি” হৈ ৰল।

 গগনচন্দ্ৰই জানে, ডম্বৰুৰ কট্কটীয়া মুঠিৰপৰা তেওঁ কনকক সৰকোৱা টান। ডম্বৰুৰ ওচৰত তেওঁৰ কোনো আশা ভৰসা নাই, সেই দেখি গগনে দুখীয়া হিয়াৰ বোজাটো হিয়াতে ভাৰ বান্ধি লৈ, নিজৰ আৰু দুখৰ এই দুইটাৰ তাৰ এক দৈবৰ ওপৰত দি, ডম্বৰু থকা ঠাইৰ ওচৰ নাচাপি আতঁৰে আতঁৰে ফুৰিবলৈ ধৰিলে। ডম্বৰুৰ জ্ঞান নাই যে তেওঁ তেওঁৰ নেজত অজ্ঞাতসাৰে গগনক নামৰূপলৈ বান্ধি নিছে। এদিন দূৰত গগনৰ নিচিনা মানুহ এটাৰ ছা দেখি তেওঁৰ সন্দেহ হ’ল কিজানি সেইটো গগন। সেই দিনাৰেপৰা ফুকনে কনকৰ ওপৰত সাৱধানৰ চকু কট্ কটীয়া কৰিলে। কিন্তু কনকলতাৰ হাতত গগনৰ দাঁড়ৰ বাতৰি দাঁড়ে।

 তৰবৰি কনকৰ ৰিপুৱা। কনক-গগনৰ বই-বাতৰি খা-খবৰ আম্দানি-ৰপ্তানিৰ সুতী তৰবৰীয়েই। কনকলতাই তৰবৰীক আশা দিছিল – “গোসায়ে যদি মোৰ মনৰ বাঞ্ছা সিদ্ধি কৰে তেন্তে তোৰ কাণত বাখৰ-পতোৱা সোণৰ লোকাপাৰ আৰিম। গগনে কৈছিল— ‘তৰবৰী বাই, মোৰ মনস্কামনা সিদ্ধি হলে, তোৰ হাতত সোণ-খটোৱা খাৰু পিন্ধাম।’ তৰবৰীয়ে গগনক আশ্বাস দিছিল —“কৃষ্ণই ৰুকুণী পোৱাদি তুমি আমাৰ আইটীক পাবা।”

দ্বিতীয় অধ্যায়।

 আন্ধাৰ ৰাতি। টিপ টিপ বৰষুণ। এনেহে ঘোপমৰা এন্ধাৰ যে মূৰে হাত নেদেখে, হাতে ভৰিৰ উমান নাপায়, ভৰিয়ে মাটি নমনে।

 এনে ৰাতি এপৰ যোৱাত জয়ধ্বজ সিংহই ছ-অৰা হিলৈ দাৰী, আৰু এপোন কাঁড়ীৰে সৈতে আহি, জোপাৰ মাজত সাৱধানে লুকাই থাকি, মথুৰাপুৰীয়া মীৰজুমলাৰ শিবিৰৰ ওপৰত হিলৈৰ গুটি চলাইছে, আৰু বাণ বৰিৰ্ষণ কৰিছে। মীৰজুমলা নিৰুপায়। আন্ধাৰত শত্ৰুৱে কৰপৰা লুকাই তেওঁক এইদৰে বিতত কৰিছে তাৰ উৱাদিহ নাই, দুৰ্গৰপৰা ওলাই আহি কণামুনাকৈ এই আক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ তেওঁ অক্ষম। মীৰজুমলা ভাবি অস্থিৰ। এনেতে তুৰবক খাঁ সেনাপতিয়ে তেওঁক চেলাম দি সমুখ হৈ কলে —‘নবাব চাহাব! গোলামৰ অসহ্য হৈছে। গোলামক হুকুম দিয়ক, দুৰ্গৰপৰা ওলাই গৈ কাপুৰুষহঁতক এসে কা দিওঁ।’ মীৰজুমলাই মৌনং-সন্মতি-লক্ষণং প্ৰকাশ কৰিলে। তুৰ্বকে পাঁচোটা চিপাহী লগত লৈ কোঠৰপৰা ওলাই আহি আন্ধাৰে আন্ধাৰে খুপি খুপি জয়ধ্বজ সিংহৰ ৰণুৱাসকলৰ ফালে খোজ ললে। অসমীয়া ৰণুৱাসকলে তাৰ গম পালে; আৰু তিলকতে অন্তৰ্দ্ধান হল। সিহঁত লৰি পলোৱা শব্দ তুৰবকৰ কাণত পৰিল; কিন্তু কেনি কলৈ গল, তুবকে ঠিক কৰিব নোৱা- ৰিলে। কিংকৰ্ত্তব্যবিমূঢ় হৈ পঞ্চবীৰেৰে সৈতে তুৱবক থিয় হৈ ৰৈ আছে, এনেতে তেওঁৰ সোঁহাতৰ ফালৰপৰা সোঁ সোঁ শব্দ কৰি এডাল কাঁড় আহি তেওঁৰ বাহুত পৰিল। কাঁড়ডাল বাহুতে লাগি ৰল। তুৰ্ব্বকে উস্, উস্, কৰিবলৈ ধৰিলে। তেওঁৰ লগৰীয়া চিপাহী এটাই সেনাপতিৰ বিপদ দেখি জাপ মাৰি ওচৰ পাই, আজোৰ মাৰি কাড়ডাল তেওঁৰ বাহুৰ পৰা উঘালি পেলালে। সেনাপতিৰ বাহুৰ পৰা বোম্বানলে তেজ ববলৈ ধৰিলে! তুৰ্ব্বক মুৰ্চ্ছিত হৈ মাটিত পৰিল। কাঁড়ৰ মুখত বিহু দিয়া আছিল; গতিকে তুৰ্ব্বকে বিষত জৰ্জ্জৰিত হৈ অনন্ত কাললৈ চকু মুদিলে। সেনাপতিৰ অৱস্থা দেখি উন্মত্ত বাঘৰ নিচিনাকৈ পাঁচ ৰণুৱাই কাঁড় অহা ফালে বিদ্যুৎ সঞ্চাৰে চোঁচা ললে। নিমিষতে সিহঁত অসমীয়া ৰণুৱা জন দিয়েকৰ আগত ঘপহ কৰে পৰিল। অসমীয়া যুজাৰু কেইজনে আকস্মিক বিপদ দেখি কিংকৰ্তব্যবিমূঢ় হল। তেওঁলোকে কি কৰিব কি নকৰিব থিৰ কৰাৰ আগেয়েই, মুছলমান সৈনিক এজনৰ তৰোৱালৰ কোবত তেওঁলোকৰ এজনৰ মূৰ উৰি গল। দ্বিতীয় অসমীয়াজনৰ ফালেও আন এটা মহম্মদীয় চিপাহীয়ে কোব মাৰিব খোজোতেই, দহ হাতমান দূৰত লুকাই থকা অসমীয়া ডেকা এজনে বায়ুবেগে লৰি আহি দীঘল দাৰে কোব মাৰি সেই চিপাহীৰ মূৰটো তাৰ গলধনৰ ওপৰৰপৰা খহাই মাটিত পেলাই দিলে আৰু এক মূহুৰ্ত্তৰ ভিতৰতে বাকী চিপাহী কেইটাৰো অৱস্থা তেনে কৰিলে।  পাঠক, এক মূহুৰ্ত্তৰ ভিতৰতে পট পৰিবৰ্ত্তন কৰি দিয়া এই ডেকা বীৰ পুৰুষজন কোন জানা নে ? তেওঁ চৌলাধৰা ফুকনৰ কন্যা সেই কনকলতাৰ প্রিয়পাত্র গগনচন্দ্র । আৰু যাৰ মূৰ মুছল- মান সৈনিকৰ তৰোৱালৰ কোবত ধৰাশায়ী হল, তেওঁ কোন জানা নে ? –তেওঁ ডম্বৰুৰ প্ৰিয়, কনকৰ অপ্ৰিয় কেশৱচন্দ্ৰ । আৰু সেই দ্বিতীয় অসমীয়া যোদ্ধাজন, যাক মুছলমান চিপাহীয়ে অস্ত্রা- ঘাত কৰিব খোজোতেই মুছলমান চিপাহীৰ মূৰ গগনৰ দাৰ কোবত উৰি গল, কোন শুনিবা নে ?— তেখেত মহাৰাজ জয়ধ্বজ সিংহ । জন্মধ্বজৰ ভৰি দুটি বৰ পাতল, বৰ চলে ; গতিকে এই দুৰ্ঘটনাত তেওঁ আত্মবিস্মৃত নহৈ উলটি লৰ দিলে । লৰ, লৰ, লৰ, আৰু লৰ !

 এইখিনিতে কোৱা আবশ্যক যে জয়ধ্বজ সিংহৰ পিছে পিছে আলেঙে আলেঙে গগনচন্দ্রই ও হাতত ধনু কাঁড় তৰোৱাল লৈ যুদ্ধ চাবৰ মনেৰে আহিল । বুকুৰ বিত গগন সেই দৰে অহা দেখি, চোৰাং কৰি তেওঁক চাই থাকি নজৰৰ ওপৰত ৰাখিবলৈ বুলি কনকেই তৰবৰীক পিছে পিছে পঠিয়াই দিছিল । তৰবৰী হিচাপী । তাই তাৰ লগতে আৰু এটা কাম কৰাই ভাল ভাবি, ভাত খাবলৈ পুঠিমাছ গোটাচেৰেক ধৰিবৰ মনেৰে জকাই খনো কান্ধত তুলি আনিছিল ।

 জয়ধ্বজ উধাতু খাই লৰ দি এখন হোলাত পৰিল গৈ । দৈৱক্ৰমে তৰবৰীয়ে সেই হোলাতে জকাই বাই আছিল । ধুপ্ কৰে পানীত কিবা পৰা শুনি তৰবৰীয়ে এন্ধাৰে-মুধাৰে, কিবা ডাঙৰ মাছ ওলাইছে বুলি জকাইৰে তাতে ছাব মাৰি দিলে ;- মাছ নুঠিল, উঠিল জয়ধ্বজ !  ঈশ্বৰৰ অনুগ্ৰহত সেইদিনা জয়ধ্বজ সিংহ দুটা শঙ্কটৰপৰা সাৰিল। মুছলমান চিপাহীৰপৰা গগনচন্দ্ৰৰ যহত; পানীত বুৰি মৰাৰপৰা তৰবৰীৰ যহত!

তৃতীয় আধ্যা।

 নামৰূপলৈ উভতি গৈ জয়ধ্বজ সিংহই তেওঁৰ প্ৰাণৰক্ষা কৰোঁতা দুজনাক বিচাৰি উলিয়ালে। তেতিয়াই তেওঁ গগনক ছকুৰি পাইক, তিনি কুৰি কাঁৰী, একুৰি হিলৈদাৰীৰ ওপৰত বৰুৱা পাতিলে; আৰু মুছলমানক খেদাই তেওঁ আকৌ গৰগাঁও ল’ব পাৰিলে, গগনক বৰ-বৰুৱা পাতিবলৈ গাত ললে। তৰবৰীক জয়ধ্বজে নিজৰ লিগিৰী পাতি কৃতজ্ঞতা পাশেৰে বান্ধ খালে।

চতুৰ্থ অধ্যা।

 মীৰজুমলাৰে জয়ধ্বজৰ সন্ধি স্থাপিত হল। দিল্লীৰ বাদশাহলৈ অসমীয়া ৰাজকন্যা, দাস, দাসী, হয়, হস্তী, ধন, সোণ উপঢৌকন গল। সসৈন্যে মীৰজুমলাই গৰগাঁও এৰি গুচি গ’ল; আৰু যাওঁতে বাটতে বেজাৰত মৰি থাকিল।

পঞ্চম আধ্য।

 গৰগাঁৱত কনকলতাৰে সৈতে গগনচন্দ্ৰ বৰবৰুৱাৰ বিয়া সাদিনীয়াকৈ সম্পাদিত হল, - সম্পাদক সৌমাৰেশ্বৰ শ্ৰীশ্ৰীজয়ধ্বজ সিংহ মহাৰাজ। সহকাৰী সম্পাদক শ্ৰীডম্বৰুধৰ চোলাধৰা ফুকন। সহকাৰী সম্পাদিকা ডাঙৰীয়ানী চোলাধৰা ফুকননী। প্ৰকাশক, একৈশ জোৰা কালুগঞা ঢুলীয়াৰে শ্ৰীমান গম্ভীৰচন্দ্ৰ ঢুলীয়া

ওৰফে “গেৰেলা ঢুলীয়া ।” কোষাধ্যক্ষ,— শ্ৰীযুত নিদিওঁৰাম বৰভণ্ডাৰৰ বৰুৱা ৷ বুৰঞ্জী বা উপন্যাস লেখক এই মই ।

 বিয়াৰ অন্তত মধুরেণ সমাপয়েৎ কৰি জলপান খাই গুচি অহা হল ।—অৱশ্যে পূৰ্ব্বজন্মত; আৰু কিজানি আশীর্ব্বাদ দিও আহিছিলোঁ “দৰা কন্যাৰ হৰগৌৰী বসতি হওক” বুলি ।

 কনকলতা আৰু গগনৰ দাম্পত্য জীৱন নিশ্চয় সুখৰ হৈছিল বুলি অনুমান কৰিছোঁ ; কাৰণ ইহজীৱনতো সিদিনা আমি লক্ষীমপুৰৰ কাছাৰীত চোলধৰা ফুকনৰ ঘৰৰ বীৰুচন্দ্ৰক কেৰাণীৰ মাচিয়াত বহি কলম ধৰা দেখি আহিছোঁ ; ডম্বৰু নিৰ্ব্বংশ হোৱা- হেঁতেন এইটো হোৱ৷ অসম্ভৱ ৷

নাঙলুচন্দ্র দাস

 নাঙলুচন্দ্ৰৰ চিনাকীৰ নিমিত্তে দৰ্কাৰী তিনিটা কথা, —বাপে— কৰ নাম; মাকৰ নাম ; আৰু ঘৰ ; এতেকে সেইবোৰ তলত দিয়া গল :- বাপেকৰ নাম লয়না; মাকৰ নাম দেওবৰী ; আৰু ঘৰ উত্তৰ- লক্ষীমপুৰত । এই ত্রিবেণীৰ সঙ্গমত নাঙলুচন্দ্ৰৰ উদ্ভৱ । লয়না বংশৰ আগৰ ইতিবৃত্তৰ তত্ত্ব লয়না পৰিবাৰৰ গুহা-গহ্বৰত নিহিত আছিল দেখি আগেয়ে আমাৰ জানিবৰ উপায় নাছিল ; সম্প্রতি নাঙ্গলচন্দ্র বৰুৱাই ( আগৰ নাঙল দাসে) সেই গুপ্ত ইতিবৃত্তৰ তত্ত্ব প্ৰকাশ কৰি যি কৈছে, মুঠতে তাৰ সাৰাংশ তলত দিলো :— তেওঁলোকৰ আদি পুৰুষজনৰ নাম আৰ্য্যকুমাৰ ৷ তেওঁ জাতিত বৰ কায়স্থ আছিল । খৃষ্টীয় একাদশ শতাব্দীত তেওঁক কান্যকুব্জৰ নৰপতি অৰিমৰ্দ্দনে ৰাজদূত কৰি আসামৰ ৰজাৰ ওচৰলৈ কোনো ৰাজকাৰ্য্যৰ গুৰুভাৰ দি প্ৰেৰণ কৰে। তেওঁ সেই কাৰ্য্য সুচাৰুৰূপে সম্পাদন কৰি প্ৰত্যাগমন কৰিবৰ আয়োজন কৰোঁতেই আসাম ৰজাই তেওঁৰ যোগ্যতাৰ প্ৰমাণ আৰু বদনকান্তি পৰিদৰ্শন কৰি তেওঁক ৰাখি স্বৰাজ্য উজ্জ্বল কৰিবৰ মনেৰে অতি অনুনয় বিনয় কৰি ৰাখি উত্তৰ-লক্ষীমপুৰ অঞ্চলত দাস দাসী ভূমি আদি দান কৰি স্থাপন কৰিলে। শাস্ত্ৰত কয়, কমলা সদায় চঞ্চলা। “সমা- য়াতি যদা লক্ষ্মী নাৰিকেলফলাম্বুবৎ। বিনিৰ্যাতি যদা লক্ষ্মী গজভুক্তকপিত্থবৎ॥ লক্ষ্মী আৰ্য্যকুমাৰৰ ঘৰত তেওঁলোকৰ তিনি পুৰুষলৈকে থাকি শেহত উৰু উৰু চাটি-ফুটি কৰিবলৈ ধৰিলে। গতিকে তেওঁ এদিন ডফলাৰ উপদ্ৰৱৰ চেলু লৈ এই প্ৰাচীন পৰি- বাৰ পৰিত্যাগ কৰি অন্যত্ৰ গতি কৰিলে। এই পৰিয়ালৰ নাম নিৰ দশম পুৰুষ লয়নাত আকৌ লক্ষ্মীয়ে “ঈষদ্ধাস্যপাত” কৰিলে। লয়নাই জীৱনৰ প্ৰথম ভাগত হাতী-মাউতৰ বিষয় ভোগ-দখল কৰি তাৰ পিছত ওপৰৰ খাপলৈ উঠি ফান্দী হয়। ফান্দী হৈ খেদা-চিকাৰত তেওঁ অনেক দন্তী ধৰি তেওঁৰ গৰাকীক দিছিল বুলি কিম্বদন্তি আছে। লয়নাই ৫৲ পাঁচ টকা চিকাৰূপ বেতনৰ পৰ৷ আৰম্ভ কৰি পোন্ধৰ টকা ঢুকি পাইছিলগৈ বুলি উজনি অঞ্চলত প্ৰচাৰ।

 ১৮৯১ চনত কমলেশ্বৰ বৰুৱা মুন্‌চুপ লক্ষীমপুৰলৈ বদলি হৈ যায়। তেওঁ যদিও আগৰ গঢ়-গতিৰ মানুহ আছিল, তথাপি বৰ্ত্তমান প্ৰথানুসাৰে ইংৰাজী বিদ্যা শিকাৰ পক্ষপাতী আছিল। সেইদেখি তেওঁ লক্ষীপুৰলৈ গৈয়েই তাত ইংৰাজী স্কুল এটা পাতি দি ৰাইজৰ হিত চিন্তিলে। অনেক কাল হাতী ফন্দিয়াই ফন্দিয়াই ফান্দী লয়নাই আমনি পাই বয়সৰ লগতে লগ লাগি ভাগৰি পৰি ঘৰতে বহি আছিল, এনেতে মুন্চুপ ডাঙৰীয়া লক্ষীমপুৰলৈ গলত তেখেতক উপাসা-ভৰসা কৰি কেছাৰীত তেওঁ তেখেতৰ টেকেলাৰ বাবটো ললে; আৰু সেই নতুন স্কুলতে পুতেক নাঙলুক নাম লগাই দি ইংৰাজী শিকিবলৈ লগাই দিলে।

 ইয়াৰ পিছত অনেক কথা অনেক বতৰা হয়, যিবোৰ এৰি দি চমু কৰি লৈ আমি আগ বাঢ়ি যাম। কালক্ৰমত লয়নাই স্বৰ্গাৰোহণ কৰিলে, আৰু তাৰ পিছত চোকা বুধীয়া নাঙলুৱে ডিব্ৰুগৰৰ ইস্কুলত এণ্টেঞ্চ পঢ়িবলৈ আহিল। ডিব্ৰুগৰত তেওঁ মীনকান্ত পেস্কাৰৰ ঘৰত থাকি লাচনি-পাচনি কৰি পঢ়িবলৈ ধৰিলে।

 মানুহৰ শৰীৰৰ ভিতৰৰ শিৰডালেপতি একো একোটা ক্ষমতাৰ সোঁত অন্তৰ্বাহিনী সৰস্বতী নৈৰ দৰে লুকাই বৈ থাকে, আৰু সেই বিশেষ শিৰডাল কোনো কাৰণত ফুটিলে সেই ক্ষমতাৰ উহ ওলাই পৰে। সম্প্ৰতি আমাৰ এই উপাখ্যানৰ ঘাই ভাৱৰীয়া নাঙলু চন্দ্ৰৰো শিৰ এডালত আজি প্ৰথমতে ঘঁহনি এটা লাগি ফুটা হৈ তাৰপৰা কিবা শকতি এটাৰ উহ ওলাই পৰিল। মীনকান্ত পেস্কাৰৰ শিৰীষ নামে আঠ বছৰীয়া জীয়েক এজনী আছিল। ছোৱালীটী দেখিবলৈ বৰ ধুনীয়া। পেস্কাৰৰ ঘৰ পাই নাঙলুৱে প্ৰথমতে এই ছোৱালীটী দেখিলে। দেখা মাত্ৰকতে বিদ্যুত সঞ্চাৰে তেওঁৰ ধমনিত প্ৰবাহিত কাব্যৰসৰ উহ উঠিল; অৰ্থাৎ উজুকৈ কলে কথাটো এনেকুৱা হয়, – ৰূপহী শিৰীষৰ ৰূপে নাঙলুৰ কবিতাৰ শিৰডালত টান টোকৰ এটা মাৰি ফুটাই দিলত তাৰপৰা তেওঁৰ কবিতাৰ ৰস ফি ফি কৰে ওলাবলৈ ধৰিলে। লাভৰ ভিতৰত, নাঙলুৰ দু-অনা পইচা খৰচ হল। অৰ্থাৎ তেতিয়াই নাঙলুৱে শ্ৰীৰামপুৰীয়া কাগজ এক দিস্তা কিনি আনি চতুৰ্দশপদী, দ্বিপদী, ত্ৰিপদী, আপদী, বিপদী, নানাবিধৰ প্ৰেম, প্ৰণয়, বিৰহ, বিচ্ছেদ, মিলন, মিশ্ৰণ আদি কবিতা লেখিবলৈ ধৰিলে। তেওঁৰ সেই জতুৱা কবিতাৰ নমুনাৰ নিমিত্তে পাঠকসকলৰ ক্ষুধা বাঢ়িব পাৰে, সেইদেখি তলত টুকি দুশাৰী দিলো -

“শিৰীষ সেউতী, তমাল মালতী, লবঙ্গ বাগী গুলাল।
এতিয়াই দেখা দি, প্ৰাণ হৰি নি, বাগি দিন কলৈ পলাল।”

 এদিন এটা ক্ষুদ্ৰ ঘটনা ঘটিল, যাৰ বৃহৎ ফল বা কুফলত নাঙলুৰ জীৱনত প্ৰথম আথান্তৰ মিলিল। সেইদিনা দেওবাৰ। দুপৰীয়া খাই-বৈ উঠি নাঙলুৱে শিৰীষক আদৰকৈ মাতি নি তেওঁৰ পঢ়া খোটালীত সুমাই-কবিতাৰ বহিটো মেলি স্বৰচিত কবিতা এটিত তেওঁৰ প্ৰাণৰ সোপাকে আবেগ আৰু উদ্বেগ ঢালি দি পঢ়ি শুনা- ইছে; এনেতে দৈবাৎ সেইফালেই মীনকান্ত পেস্কাৰ যাওক! নাঙলু কবিৰ কাব্য ভুমুকৰ ধ্বনি তেওঁৰ কাণত পৰিলত, তেওঁ কি হৈছে চাওঁ বুলি হঠাৎ সেই খোটালীত সোমালগৈ। নিলাজীফুলৰ পাতত হাত লাগিলে পাতবোৰ জাপ খাই যোৱাদি ততালিকে নাঙলুৰ বহিৰ পাত জাপ খাই গল, আৰু মূৰে সৈতে মুখ লাজত ওলমি পৰিল। মীনকান্তই, নাঙলুৰ হাতৰপৰা বহিটো থাপ্ মাৰি কাঢ়ি আনি তাত চকু ফুৰাই চালে। তেওঁ দেখি অবাক হল যে সি প্রেম কবিতাৰে ভৰা, আৰু কবিতাৰ শাৰীয়ে শাৰীয়ে তেওঁৰ একণিমান জীয়েক শিৰীষৰ নাম ৷

 ঘটনাটোৱে এনেকৈ মেৰপাক লোৱা দেখি শিৰীযে খিল- খিল্ কৰে হাঁহি মাত লগালে “এতিয়া কেনে! নাঙলু ককাইদেও, এতিয়া কেনে ! মই নকৈছিলো, দেউতাক কৈ দিম বুলি ?” এই বুলি জাপ মাৰি শিৰীষে দেউতাকৰ ডিঙিত সাবট মাৰি ধৰিলে আৰু কলে “দেউতা, নাঙলু ককাইদেৱে সদায় মোক মাতি আনি, বহিটো মেলি এইবিলাক কিবা পদ পঢ়ি শুনায় । আৰু মোৰ নাম কাঢ়ি ফোচ্ ফোচ্ কৰি দীঘলকৈ উশাহ টানে, আৰু চকুৰ পানী টোকে । ম‍ই তোমাক কৈ দিম বুলি ভাবি থাকোঁতেই আজি তুমি দেখিলাই ।”

 তেতিয়াই মীনকান্তই নাঙলুৰ কবিতাৰ বহিটো ক্রোক কৰি অগ্নিদেৱতাক অর্পণ কৰি তাৰ পাঞ্চভৌতিক দেহৰ কাঠসংস্কাৰ কৰিলে ; আৰু নাঙলুক তেওঁৰ ঘৰৰপৰা বহিষ্কৃত কৰি দি তেওঁৰ ঘৰৰ পানীপাচত লগা কবিতাৰ অগনি এই ব্যৱস্থাৰ পানীৰে নুমাই পেলাই নিশ্চিন্ত হল ।

 মীনকান্ত পেস্কাৰৰ ঘৰৰপৰা খেদা খাই নাঙলুৱে মনটোত এমনকৈ বেজাৰ ভৰাই লৈ গৈ ডিব্ৰুগৰৰ আন এজন চিনাকি মানুহৰ ঘৰত আশ্ৰয় ললে । শিৰীষৰ অদৰ্শন-অগনিয়ে যদিও তেওঁৰ হৃদয় দহি অন্ধৰা-খৰি যেন কৰিছিল, তথাপি বুদ্ধিমান দৃঢ়প্রতিজ্ঞ নাঙলুৱে অলপ দিনৰ পিছতে ঠন ধৰি ভালকৈ মন পুঁতি দি পঢ়ি এণ্টেঞ্চৰ মহলাত উঠিল । তেতিয়া এন্টেঞ্চত উঠিলেই কুৰি টকা জলপানী পোৱাৰ ব্যৱস্থা আছিল । নাঙলুৱে ও সেই জলপানীৰ আলমত কলিকতাত এফ, এ, পঢ়িবলৈ গল ৷  কবিতা কেয়াবনৰ নিচিনা ; তাৰ জইন মৰা বৰ টান । চোতালৰ কেয়াবন যিমানকে তুমি চুৰুকি পেলোৱা, দুদিনৰ মূৰত আকৌ তাত তাৰ গজালি দেখিবলৈ পাবা। কলিকতাত অসমীয়া ছাতৰৰ “মেচ”ত থাকি নাঙলুৱে এফ, এ, পঢ়োতে পঢ়োতে আকৌ লাহে লাহে তেওঁৰ কবিতাই গজালি মেলিলে । আকৌ তেওঁ বাইৰণ, শ্যেলিৰ আৰ্হিৰে ক্ষুদ্ৰ ক্ষুদ্র খণ্ড কবিতা ৰচনা কৰিবলৈ ধৰিলে । তেওঁৰ বহি কবিতাৰে পূৰ হল ।

 পুৰণি “শিৰীষ”ৰ ঠাইত তেওঁৰ কবিতাৰ “হিৰইণ” (Heroine) “এইবাৰ “কামিনী” হল । এই কামিনীৰ চাৰিউফালে তেওঁৰ কবিতাবোৰে গ্ৰহ উপগ্রহ স্বৰূপে মণ্ডালাকাৰে পৰিভ্ৰমণ কৰিবলৈ ধৰিলে। কামিনী কোনো বিশেষ শৰিৰী ৰমণী নহয় : মাথোন নাঙলুৰ কল্পনাৰ পদুমৰ চকাত কামিনীৰ জন্ম। এদিন কাব্য ৰসত নিমগন হৈ থাকোঁতে নাঙলুৰ মনত হঠাৎ এই নামটো ওলাল, আৰু তৎক্ষণাত কবিয়ে তাক আদৰি হৃদয় মন্দিৰত থাপনা কৰিলে । সেই দিনাৰেপৰা তাত কল্পনাৰ অলঙ্কাৰ আভৰণ পিন্ধাই প্রাণ প্রতিষ্ঠা কৰি তেওঁ তাক পূজা কৰিবলৈ ধৰিলে ।

 নাঙলুৱে গম হে পোৱা নাছিল, কিন্তু দুর্দশা-শনিগ্রহ নাঙলুৰ পাছে পাছে কলিকতালৈকে আহিছিল । কবিতাৰ বহিখন নাঙলুৰ কিৰ্পিণৰ ধন । তেওঁ অতি সাৱধানে লুকাই থোৱা কবিতাৰ বহিটো এদিন দৈবদুৰ্ব্বিপাকত কেনেবাকৈ তেওঁৰ “মেচ”ৰে সঙ্গী লগৰীয়া লৰা এজনৰ হাতত পৰিল আৰু তৎক্ষণাত সি মেচৰ আন আন লৰাৰ হাতে পতি বগাই ফুৰিবলৈ ধৰিলে । নাঙলুৰ বৰ দুৰ্কপাল, যে মেচৰ ঝী অৰ্থাৎ চাকৰণীজনীৰ নাম কামিনী আছিল। ঝীজনীৰ সেই নামটো মেচত যদিও সিমান জনাজাত নাছিল, তথাপি মেচৰ মেনেজাৰকে প্ৰমুখ্য কৰি জন- চেৰেকে তাক যে নাজানিছিল এনে নহয়। এতিয়া তেওঁলোকৰ পৰা সেই কথা প্ৰচাৰিত হলত মেচত জানিবা জুইহে লাগিল। সকলেৱে ভাবিলে যে নাঙলুৱে ঝী কামিনীক উদ্দেশ কৰি এই কবিতাবোৰ লেখিছে। নাঙলু বৰ বেয়া স্বভাৱৰ লৰা; সি মেচৰ কলঙ্ক আনিলে। সকলোৱে এই সিদ্ধান্তত উপস্থিত হল গৈ।

 কামিনী ঝীৰ বয়স ৪০ বছৰৰ কম কোনোমতেই নহয়। তাইৰ বৰণ ক’লা, দাঁত উজলা, মুখ গুটীসাঁচেৰে ভৰা। তেনে জনী “মহিলা” কাব্যৰস-বিনোদিত সুৰুচিপূৰ্ণ শিক্ষিত নাঙলুৰ কবিতাৰ অধিষ্ঠাত্ৰীদেবী হোৱাটো সপোনতো ভাবিবলৈ কেনেবা যেন লাগে। কিন্তু হলে কি হব? “জল্ জ্ল পট্ পট্ দৈবকীৰ গভুৱা লৰা” কবিতাৰ বহি আগতে পৰি আছে!

 এই কথা লৈ, “মেচৰ” ছাত্ৰসকলৰ ভিতৰত ইমান আন্দো- লন হবলৈ ধৰিলে, যে অচিৰতে কামিনী ঝীৰ কাণত সেই কথা উঠিল গৈ। তাই লাজ অপমানত চকুৰ লোৰে সাৰীৰ আচল তিয়াই কান্দি তেতিয়াই মেচৰ "মেনেজাৰক” কলে- “হেগা বাবু, আমি গেৰস্ত ঘৰেৰ মেয়ে। আম্‌ৰা ভদ্ৰলোক। বলি আমাৰ নামে তোমাদেৰ সেই লাঙ্গুল বাবুটি কেনে এমন সব কথা ৰটায়? আমাৰ মাহিনা-পত্ৰ এখনই সব চুকিয়ে দাও আমি থাকবো না।” এই কথাৰ লগে লগে কামিনী ঝীয়ে নাঙলুক “যমেৰ বাড়ী যা!” "তোৰ মৰণ দশা!” ইত্যাদি শাও আদাখনি ফুটাই আদখিনি মুখৰ ভিতৰতে ৰাখি পাৰিবলৈ পাহৰা নাছিল।  ইয়াৰ পিছত নাঙলুক অসমীয়া ছাত্ৰৰৰ মেচৰপৰা “নটিচ” দি উলিয়াই দিয়া হল । তেওঁ যে নির্দোষ, সেই কথা নাঙলুৱে বাৰে বাৰে কোৱাতো কোনেও বিশ্বাস নকৰিলে । মুঠতে ঘটনা- টোৰ প্ৰকৃত বিচাৰ নহল । বেচেৰা নাঙলু অবিচাৰত পৰি লাজ অপমানত জৰ্জৰিত হৈ দেশী ভাই অসমীয়াৰ “মেচ” এৰি গুচি গল ।

 নাঙলুৱে কলেজ স্ট্রীটৰ এটা বঙ্গালী ছাতৰৰ “মেচত” আশ্ৰয় ললে গৈ । কিন্তু জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰাৰ দৰে শনি গ্রহে তেতিয়াও তেওঁক এৰা নাছিল । দুর্ভাগ্যবশত সেই মেচৰে বঙ্গালী ছাত্ৰ এজনেৰে সৈতে অসমীয়া মেচৰ অসমীয়া ছাতৰ এজনৰ চিনাকি থকাত, এদিন তেওঁলোকৰ মাজত কথাতে নাঙলুৰ বিষয় ওলোৱাত, অসমীয়াজনৰপৰা বঙ্গালীজনে সকলো কথাৰ সম্ভেদ পালে । ফলত, নাঙলুৰ কথা নাঙলুৱে আশ্রয় লোৱা বঙ্গালী মেচতো ৰাষ্ট্ৰ হল । মেচৰ মেনেজৰে ভদ্রভাৱে নাঙলুক কলে যে, তেওঁ নাঙলুক মেচত ৰাখিবলৈ হলে নাঙলুৱে ভবিষ্যতলৈ well behave অর্থাৎ ভাল ব্যৱহাৰ কৰি চলিব বুলি এখন gua- rantee অর্থাৎ “গিৰমিট”ৰ নিচিনা চিঠি লেখি দিব লাগিব ; নতুবা তেওঁ তেওঁক ৰাখিলে তেওঁলোকৰ মেচৰ বদনাম হব। নাঙলুৱে নিৰুপায় হৈ তেনে ‘গৰাটি’ এখনকে লেখি দি, তাতে থাকি পঢ়াশুনা কৰিবলৈ ধৰিলে ।

 নাঙলুৰ দুৰ্দশাৰ অন্ত তেতিয়াও পৰিছে বুলি ভাবিছা হবলা ? ওঁহো, নাই পৰা ; শনিগ্ৰহৰ কোপ সাপৰ নেগুৰত বিষ বাকী থকাৰ দৰে তেতিয়াও তেওঁৰ গাত অৱশিষ্ট আছিল । নাঙলু অসমীয়া ছাতৰৰ মেচ এৰি গলত, কামিনী ঝীৰ ভাবৰ সোঁত উভতি বব- লৈ ধৰিলে। অসমীয়া ছাতৰবিলাকে কলিকতাত এনে ভাবে খায়, পিন্ধে, থাকে আৰু চলে, যে কলিকতাৰ সাধাৰণ মানুহে আৰু বিশেষকৈ অসমীয়া মেচৰ ছাকৰ ছাকৰণীবিলাকে ভাবে যে একো একোজন অসমীয়া ছাতৰ একো একোজন ভইব জমিদাৰৰ পুত্ৰ। কামিনীয়ে ভাবিলে যে মই মূৰ্খামি কৰি হঠাৎ কি ভুল কামটোকে কৰিলো। মোৰ জীৱনত এটা ডাঙৰ chance অৰ্থাৎ সৌভাগ্যৰ সুযোগ ওলাইছিল; হায়! সেই সুযোগ মই বলিয়ালি কৰি হেৰুৱালো। মোৰ হাতত আহি পৰা লক্ষ্মীক মই ভৰিৰে ঠেলি পেলালে৷! এই অসমীয়া বাবুবিলাক এটাই বোৰেই পয়চা কড়ি-থকা ডাঙৰ মানুহৰ “বেটা”, “খোদ” একো একোজন জমিদাৰ। মোৰ সুকপালৰ গুণে “লাঙ্গুল বাবুৰ ” সুদৃষ্টি মোৰ ওপৰত পৰিছিল। মোৰ যাৱজ্জীৱনলৈ দুখৰ ওৰ পৰিলহেঁতেন। মই মনে মনে থাকিলেই হৈছিল। — অদৃষ্ট মন্দ হলে মানুহৰ এনেকুৱাই হয়। ইত্যাদি প্ৰকাৰে কামিনী ঝীয়ে ভালেমান ভাবি চিন্তি এদিন বিচাৰি বিচাৰি নাঙলু থকা সেই বঙ্গালী মেচটো উলিয়ালেগৈ। নাঙলুৰ কলেজলৈ যোৱা বন্ধ হৈছিল; কাৰণ, বি, এ, পৰীক্ষা ওচৰাচৰি। অধ্যাপকে কলেজ ক্লাচ ভাঙি দি পৰীক্ষা দিওঁতা সকলক ঘৰতে ভালকৈ পঢ়িবলৈ সুবিধা দিছিল। আমাৰ নাঙলু সেইদেখি পঢ়াত বৰ ব্যস্ত আছিল।

 সেইদিনা অনুসন্ধান কৰি কামিনীয়ে নাঙলু থকা মেচটো আৰু সেই মেচৰ ঘৰৰ খোটালিটো উলিয়ায়েই গুচি আহিল। পিছ

দিনা দুপৰীয়া কামিনীয়ে মেচৰ কাম বন কৰি অতাই ভাত খাই উঠি, হাতত চাৰিখন “পাণ” অৰ্থাৎ তামোল, আৰু বজাৰৰ পৰা চাৰি পইচাৰ “জল-খাবাৰ” অৰ্থাৎ এপইচাৰ “কচুৰি”,এপইচাৰ “নম্কি” এপইচাৰ “পানতোৱা ”আৰু এপইচাৰ "বসগোল্লা” কিনি, শালপাতৰ “থোঙা” অৰ্থাৎ খুৰি এটাত লৈ একেবাৰেই গৈ নাঙলুৰ খোটালিৰ দুৱাৰ মুখত থিয় দিলে। সেই সময়ত নাঙল “চেলিৰ চাইকোলজি” পঢ়াত নিমগন আছিল। হঠাৎ দুৱাৰ মুখলৈ কোনোবা অহা তেওঁ গম পাই মূৰ ডাঙি চাই দেখিলে যে, তেওঁৰ আগৰ অসমীয়া মেচৰ সেই কামিনী ঝী! দুপৰ ৰাতি তোমাৰ আগত হঠাৎ এটা ভূত ওলালে তুমি যিমান ভয় খালা- হেঁতেন, নাঙলুৱে কামিনীক দেখি তাতকৈও সৰহকৈ ভয় খালে। তেওঁৰ জিবা খৰ খৰীৱা হল, ডিঙি শুকাই গল, আৰু মাত হৰিল। তেওঁ ডাঙৰকৈ চিয়ৰ মাৰি দি মানুহ মাতিবলৈ বুলি এবাৰ চেষ্টা কৰিলে, কিন্তু তেওঁৰ বাক্ যন্ত্ৰ বাজিবলৈ ৰাজী নহল। কি কৰিব কি নকৰিব তেওঁ একোকে থিৰ কৰিব নোৱাৰি, কিতাপটো এৰি খপ্ কৰে উঠিল। তেওঁক উঠা দেখি কামিনীয়ে সাৰীৰ আঁচলৰ ওৰণীৰে মুখখন আদখিনি ঢাকি, হাতত থকা জলপান আৰু পাণৰ ভেটি এহাতে নাঙলুৰ ফালে আগবঢ়াই দি, আন হাতে আচলৰ আগটোত ধৰি তাৰে চকুৰ পানী টুকিবলৈ ধৰি, খন্তেকৰ মূৰতে আধা-ভগা মাতেৰে কবলৈ ধৰিলে :- "বাবু, আমাৰ ঘাট হয়েছে, আমাৰ মাফ কৰো। আমি বড় আহম্মকি কৰেছি বাবু, তুমি নিৰ্দ্দয় হয়ে চলে আসবাৰ দিন থেকে, তোমাৰ কথা ভেবে ভেবে আমি এক দিনও ঘুমোতে পাৰিনি। কাল ক'ত কষ্টে তোমাৰ এই বাড়ীৰ — তাইৰ কথাই গৈ এই খিনি পাওঁতেই নাঙলুৱে লৰ মাৰি “গোচলখানাত” অর্থাৎ গা-ধোৱা ঘৰৰ ভিতৰত সোমাই দুৱাৰ-দাং মাৰি পেলালে । কামিনী অলপ পৰ সেই অৱস্থাতে তাত থিয় দি থাকি, কিংকর্তব্যবিমূঢ় হৈ লাহে লাহে তাৰ পৰা নামি ওলাই গুচি আহিল । তাই চিৰিত নামি যাওঁতে কুঞ্জলাল নামেৰে বঙালী ছাতৰ এজনে তাইক দেখি, তাই কোন বুলি শুধিলত, কামিনীয়ে “আমি ওদেৰ বাড়ীৰ ঝী, তোমাদেৰ মেচেৰ ঝীৰ সঙ্গে দেখা করতে এসেছিলুম” বুলি হুচ- হুচ কৰে নামি গুচি গল । বঙ্গালী ছাত্ৰজনৰ কিন্তু তাইৰ কথাত মনৰ খুকুৰি নুগুছিল, কাৰণ তাই সেই নাঙলু থকা খোটালি টোৰ ফালৰপৰা অহা যেন তেওঁ দেখিছিল ।

 সেইদিনা নাঙলুৰ মনৰ অৱস্থা কেনে হৈছিল আমি বর্ণনা নকৰোঁ। মুঠতে কওঁ, কামিনীৰে সৈতে তেওঁৰ সাক্ষাৎ হোৱা সেই অশান্তিকৰ ঘটনাৰ পিছত তেওঁ আৰু সেই দিনা অলপো পঢ়াশুনা কৰিব নোৱাৰিলে।

 কামিনীরে বেজাইৰ বোজা মনত বান্ধি লৈ মেচৰ বনবাৰি কৰি অতাই অনেক ভাবি অনেক চিত্তি শেহত “জান, আমি হাতেৰ লক্ষ্মী পায়ে ঠেলে ফেলিছি, এখন দুঃখু কৰলে কি হবে ?” নিজকে এই দৰে ডাঙৰকৈ ফুটাই মাতি সম্বোধন কৰি প্রবোধ দি শুই থাকিল । মেচৰ ঝীবোৰে মেচত কাম কৰি আহি ৰাতি নিজৰ ঘৰত শুই থাকে। সেইদিনা ৰাতি কামিনীয়ে শুই থাকোঁতে সমাজিকতে এবাৰ এফাকি গান গাই পেলাইছিল । তাই কেতিয়াবা শুনি থোৱা গান এটাৰ এই দুফাকি গুৰি ।– “এত

এত এত দিন কেটে গেল। এখন দুঃখেৰ নিশা প্ৰভাত হইল৷” কামিনীৰ লগতে তাইৰ বুঢ়ী-মাক শুইছিল। বুঢ়ীৰ ভালকৈ টোপনি অহা নাছিল দেখি, বুঢ়ীয়ে খপজপকৈ উঠি পাটীতে বহি শুধিলে, “অ কামিনী, ঘুমেৰ ঘোৰে কি গাচ্ছিস্? স্বপ্ন দেখ্ছিস নাকি?” কামিনীয়ে উত্তৰ নিদি নাক ডাকাই শুই থাকিল।


 ইয়াৰ দিনছেৰেকৰ পিছত এটা লেফাফাৰ ওপৰত এইদৰে বিজুগ লেখা চিঠি এখন আনি ডাক-হৰ্ কৰাই মেচৰ চিঠিৰ বাকচত থৈ গল। “পুজনিয় স্ত্ৰীযুক্ত লাঙ্গুলচন্দ্ৰ বাবুৰ শ্ৰীচৰণ কমলেসু"— নং কালেজ ইষ্ট্ৰীট মেছ। মুটীয়া কালেজেৰ পুৰ্ব্ব।” সেইদিনা সেই চিঠিৰ বাকচটো মেলি চিঠি উলিয়াইছিল কুঞ্জ- লালে। তেওঁ অদ্ভুত আখৰ আৰু বৰ্ণবিন্যাসেৰে লেখা সেই চিঠিখন দেখি লোভ সামৰিব নোৱাৰি নিজৰ কৌতুহল চৰিতাৰ্থ কৰিবৰ মনেৰে চিঠিখন নাঙলুক নিদি লুকাই থৈ নিজৰ খোটা- লিলৈ লৈ গৈ মনেমনে মেলি পঢ়িবলৈ ধৰিলে। তাত লেখা আছিল -

 “বাবু! শ্ৰীচৰণেৰ, দাসিৰ দোস খমা কৰো। তুমি বৰ লোক। জমিদাৰ মানুষ। অধিনিকে দয়া কৰো। যা হবাৰ হইয়া গেছে; আৰ দাসিকে শ্ৰীচৰণে ষ্ঠান দাও। তুমি আমাৰ প্ৰতি বিমুখ হইলে, আমি বাঁচবো না। শেষে গলায় দড়ী দিয়া মৰিব; আৰ তা নাহোলে আফিং খাইয়া পেৰাণ তাইজ কৰিবো, আৰ তোমাৰ গায়ে নাৰিবোধ পাপ নাগবে!  অধিণি

শ্ৰীমোতি কামিনিমোণি দাসি। ” ৰি

 কুঞ্জই চিঠিখন পাই বুজিলে যে নাঙলুৱে তেওঁলোকৰ মেচলৈ আহিও সেই আগৰ মেচৰ ঝী কামিনীৰ আকৰ্ষণৰ হাত সাৰিব পৰা নাই; আৰু এতিয়াও দুইৰো মাজত চিঠি চলাচল হব লাগিছে। সেই কিছু দিনৰ আগেয়ে চিৰিত নামি যাওঁতে তেওঁ দেখা পোৱা ঝীজনীৰ কথা এতিয়া তেওঁৰ মনত পৰিল। তেওঁ বুজিলে যে সেই জনীয়েই সম্ভৱতঃ কামিনী ঝী! কিন্তু কুঞ্জলালে এই চিঠিৰ কথা কাকো নকৈ মনে মনে থাকিল; কাৰণ পৰীক্ষা ওচৰাউচৰি, প্ৰায় সকলো ছাতৰেই পঢ়াত ব্যস্ত; বাজে কথা এটাৰ আন্দোলন এতিয়া তেওঁলোকৰ মাজত প্ৰীতিকৰ হলেও, সি পঢ়া-শুনাৰ হানিকাৰক হব।

 ইয়াৰ দহ দিন মানৰ পিছত সেই মেচৰে জনচেৰেক বঙালী ছাতৰ বন্ধুৰে সৈতে, নাঙলুৱে অতিৰিক্ত পঢ়াৰ পৰিশ্ৰম পাতলাবৰ মনেৰে, “ইম্পিৰিয়েল বেঙ্গল থিয়েটৰত” বিখ্যাত অশ্ৰুমতীৰ অভিনয় চাবলৈ গৈছিল।

 অশ্ৰুমতীৰ ভাও দেখি নাঙলুৰ শুকান কবিতা-কদম গছৰ ডালত কুঁহিপাত মেলিলে আৰু তাৰ তলত আনন্দ-ম’ৰাই চালি ধৰি নাচিবলৈ ধৰিলে। নাঙলুৱে মেচৰ বহালৈ ৰাতি ১ বজাত উভতি আহি অশ্ৰুমতীক উদ্দেশ কৰি এটা ‘চনেট’ অৰ্থাৎ চৈধ্য ফকীয়া কবিতা লেখিলে। কবিতাটো লেখি শেষ কৰা সময়ত নাঙলুৰ চকু টোপনিত মুদ খাই গৈছিল, সেইদেখি তেওঁ তাক নাসামৰি মেজতে পেলাই থৈ শুই থাকিল। আগ ৰাতি টোপনি খতি হোৱা বাবে পুৱা নাঙলু উঠাত পলম হল। মেচৰ এজন ছাতৰে নাঙলুক জগাবলৈ আহি সেই অসমীয়া কবিতাটো তেওঁ মেজৰ ওপৰত পাই একো বুজিব নোৱাৰি, বাহিৰলৈ আনি আন দুজন এজনৰে সৈতে অসমীয়া কথা বঙ্গলা সুৰ আৰু উচ্চাৰণেৰে পঢ়ি থাকোঁতেই মেচৰ মেনেজৰ সেই পিনেদি যাওক। সেইটো কি বুলি তেওঁ ৰৈ, সেইটো নাঙলুচন্দ দ্বাৰাই ৰচিত কবিতা বুলি জানিব পাৰি, আগৰ কথা সুৱঁৰি নাঙলুক জগাই মাতি আনি কলে— “নাঙলু বাবু আপনি আমাকে কবিতা লিখিবেন না বলিয়া গৰান্টি দিয়াছিলেন। আবাৰ দেখছি, কবিতা লিখিতে সুৰু কৰিয়াছেন; আৰ প্ৰেম কবিতা! দেখছি আপনি আমাদেৰ মেচেতেও একটা কুকাণ্ড কৰিয়া ছাড়িবেন।”

 এনে সময়তে কুঞ্জলাল আহি তাত ওলালহি। কি কৈছে, কিহৰ বিচাৰ চলিছে, তেওঁ তাৰ উৱাদিহ লৈ, তেতিয়াই লৰি গৈ নিজৰ খোটালিৰপৰা সেই কামিনী ঝীৰ চিঠিখন লৈ আহি মেনে- জৰব হাতত দিলে। মেনেজৰে চিঠিখন পঢ়ি অবাক! মেনেজৰে “নাগুলু বাবু, এইখানা কি?” বুলি নাঙলুৰ হাতত চিঠিখন দিলত নাঙলুৱে পঢ়িলে, আৰু মুখৰ বৰণ হেৰুৱালে। মুঠতে তেওঁৰ দুখৰ বৰণ কেহেৰাজ-বটা যেন হল; তেওঁৰ কণ্ঠৰোধ হল। মেনেজাৰ তেতিয়া দৃঢ়ভাবে নাঙলুক কলে “আপুনি আজকেৰ মধ্যেই আমাদেৰ মেচ ছাড়িয়া অন্য কোথাও যান। আপনাকে আমি নটিশ দিলাম”।

 নাঙলুৱে নিৰুপায় হৈ বঙ্গালী মেচ এৰি এটা বঙ্গালী হোটেলত ঠাই ললে। ইয়াৰ পিছত নাঙলুৰ প্ৰতি বিধাতা সুপ্ৰসন্ন হল। তেওঁ বি, এ, পৰীক্ষাত উঠা বাতৰি পালে। এই বাতৰি পায়েই তেওঁ কলিকতাক আৰু কবিতাক নেওঁচা-কেওঁচা দি এৰি গুচি গৈ, আসামত গবৰ্ণমেণ্টৰ ডাঙৰ কাম এটা লৈ হাকিম হৈ বহিল গৈ। হাকিম হৈ নাঙলুৱে আৰু কবিতা নেলেখে। লোকে শুধিলে তেওঁ কয় যে তেওঁৰ কবিতাৰ পুং শুকাল। তেওঁ আজি- কালি তেওঁৰ হাতৰ খজুৱতি উঠিলে এবাৰ আদ্ বাৰ প্ৰতত্বৰ দুৱাৰখনৰ দাংডাল মেলি লৈ মামৰে-ধৰা দুটা এটা বস্তুৰ বিষয়ে “গবেষণা” কৰি “মুল্যবান” প্ৰবন্ধ লেখি কাকতত ছপাই জ্ঞানৰ পিয়াহ পলুৱায়।

জগৰা মণ্ডলৰ প্ৰেমাভিনয়।

 মাজতে চাওখাট মৌজাৰ মণ্ডল জগৰাৰ এটা বৰ বিপদ গল। কুগ্ৰহ! কুগ্ৰহ! ভাগ্যে দুপতীৰাতে ডাইল দৰৰ গুণত তাৰ জইন মৰিল, নতুবা বপুৰাক সি জোলোকা জোলোকে - পানী খুৱালেহেঁতেন।

 মণ্ডলে এদিন জোৰহাটৰপৰা গধূলি উভতি আহি, ঘৰ পাই হাত ভৰি ধুই, ভাত খাই উঠি, চোতালতে পাৰ্টী-ঢৰা এখন পাৰি বহি, ঘৈণীয়েকে ওচৰতে বহি আগত বটাটো লৈ কাটি দিয়া তামোল খনচেৰেক একেবেলিয়েই এমোকোৰাকৈ মুখত সুমাই, জোনাক আকাশলৈ একেথৰে অলপমান পৰ চাই থাকি মাত লগালে, “শুনিছ নে বোলো নিচলীৰ মাক শুনিছ নে, আমাৰ জীৱন সমূলি মিছাতে গল! আমাৰ একোটো নহল?”

 জগৰাণী। - "কিয়নো মিছাতে গল?

 জগৰা – “কি কম নিচলীৰ মাক কি কম, আৰু কবলৈ বেজাৰ লাগে!”  জগৰাণী। -“কোৱাঁচোন কোৱাঁ কি হল ?”

 জগৰা ৷—“আজি আমাৰ জোৰহাটৰ ন উকিল সৰুৰাম শৰ্ম্মা ডেকা ডাঙৰীয়াই তেওঁৰ লগৰীয়া ডেকালৰা জনচেৰেকৰে সৈতে গোটখাই বহি, কলিকাতাত, ছেপাত মাৰি অহা এখন অসমীয়া কিতাপ বৰকৈ মাতি পঢ়ি থাকোতেই ম‍ই তাতে ওলালোগৈ ৷ উকিল ডাঙৰীয়াই মোক সৰ্ব্বতিকালে ‘চেঁহ’ মৰম কৰে, ম‍ই গলেই মোৰে সৈতে ভালকৈ মাত-কথা কৈ মোক মাতি বুলি বহুৱায় । তেওঁলোকে থুপ-থুপীয়াকৈ বহি মেল পাতি ইমানকৈ মন দি নো কি পঢ়িছে শুনোৱেইচোন বুলি ময়ো তেওঁলোকৰ কাষতে বহিলো । তাৰ পিছত অলপমান বেলি টলকা মাৰি থাকি লাহেকৈ শুধিলো’- ‘ডাঙৰীয়াই নো কি পঢ়িছে, মই মহামূৰুখকো অলপ তাৰ ভাগ দি গিয়ান দিবনে ?’ উকিল ডাঙৰীয়াই সমিধান দিলে এইখন আমি নেভেল পঢ়িছোঁহঁক ।’ মই শুধিলো, ‘ডাঙ- ৰীয়া নেভেল নো আকৌ কাক বোলে ? তাত নো কি লেখিছে, বন্দীয়ে জানিব খুজিছোঁ ।’ উত্তৰ পালো ‘নেভেল এবিধ কিতাপ এইবিধ কিতাপত পেমৰ কথা লেখা থাকে।’ ম‍ই শুধিলো ‘ঈশ্বৰ কৃষ্ণৰ ভকতি পেম নে কি ডাঙৰীয়া ?’ উকিল ডাঙৰীয়াই কলে, ‘নহয়, এক ডেকা আৰু এক ডেকেৰীৰ পেম।’ মই শুধিলো, ‘ঈশ্বৰ কৃষ্ণৰ সৈতে গোপিনী সকলৰ পেমৰ কথা শুনিলে পুইণ হয়। ডেকাৰে সৈতে ডেকেৰীৰ পেমৰ কথা শুনিলে কি পুইণ হব ডাঙৰীয়া ? বৰং সেই কথা লৈ গোচৰ লাগিলে আমাক সাক্ষী দিবলৈহে টনা-আজোৰা কৰিব পাৰে।’ মোৰ কথা শুনি উকিল ডাঙৰীয়াই মাত লগালে, ‘কিবা বোলেনে মণ্ডল, তুমি কোৱা কথা সঁচা, কিন্তু তেনেকুৱা পুইণ নহলেও নেভেলত লেখা পেম স্বৰ্গৰ পেম, শুধ পেম ;তুমি আঙুলিয়াব খোজা ছোৱালী- চুৰি মকৰ্দ্দমাৰ পেম নহয় ।’ মই কলো ‘ডাঙৰীয়া, দয়া কৰি মোক ভালকৈ বুজাই দিয়কচোন এই পেম কেনে ?’মোৰ কথা শুনি তেখেতে এবকলা বক্তৃতা দি পেম কাক কয় মোক বুজাই দিলে! অৱশ্যে মই সেই এটাইবোৰ ভালকৈ বুজিব নোৱাৰিলো ; তথাপি তেখেতৰ বাইখা মোৰ শুনি থাকিবলৈ ভাল লাগিছিল, আৰু সচাকৈ কবলৈ গলে মই তাৰপৰা অনেক গিয়ান পালো । অন্তত মই শুধিলো, ‘ডাঙৰীয়া, গিৰিয়েক ঘৈণীয়েকৰ ভিতৰত পেম হব নোৱাৰেনে ?’ তেওঁ কলে, ‘কিয় হব নোৱাৰিব ? কৰিলেই হব পাৰিব; বস্তু যিমানেই সোৱাদ হওক, লৰালৰিকৈ একেবাৰেই গিলি পেলালে তাৰ সোৱাদৰ উমান ভালকৈ পোৱা নাযায় : ছোৱাই চুহি লাহে লাহে সোৱাদ লৈ খালেহে ভাৰ ভালকৈ সোৱাদ পোৱা যায় ।’ ‘তেওঁৰ কথাষাৰ মোৰ মনত বৰকৈ খাই গল । আমি বিয়া কৰিলো, লৰা-ছোৱালীৰ বাপেক মাক হলোইক, ঘোৰাত উঠি ছুটি মেলাদি মেলিলো, কিন্তু পেম কি বস্তু ভাৰ ভূ-ভা লবলৈ কতো এখোজ ৰবলৈ নহল । সেইদেখি আমি স্বৰ্গৰ পেমৰপৰা বঞ্চিত হলো ! গৰু মহেও পোৱালি ফুকাইছে, আমিও লৰা ছোৱালী ওপজাইছোঁ ; কিন্তু সৰগৰ প্ৰেমৰ ভু গৰু মহেও নাপালে আমিও নাপালো ! দেখ নিচলীৰ মাক ! মই মনতে ভাবি থিৰ কৰিছোঁ যে আমাৰ জীৱনৰ যি ছোৱা এইদৰে গল গল, কিন্তু বাকী ছোৱা আৰু এইদৰে যাবলৈ নিদিওঁ; পেম কৰি পেমৰ সোৱাদ লৈহে তাক পঠিয়াম ।’

জগৰাণী।—“কিবা বোলেনে উডৰ সাত পুৰুষ মৰি গল কেঁচা মাছ খাওঁতেই, এতিয়া তাৰ মাছ পুৰি খাবৰ বতৰ আহিল ! তিনি কাল গল একাল আছে, এতিয়া বৰুৱা ফুকন উকিল মনচুপৰ লৰাৰে সৈতে জোৰ মাৰি কিবা পেম কৰিব লগীয়া হল! নকবা সেইবোৰ দেওহে, সেইবোৰ আমাক নালাগে, আমি এতিয়া পেম- ভেম কৰিব নোৱাৰোঁ ।”

 জগৰা। “নহয় নহয় নিচলীৰ মাক, তই বুজিব পৰা নাই, সেইবোৰ আমাক এতিয়া লগা হৈছে। আমি আগেয়ে আছিলো এক, এতিয়া হৈছো এক। চৰ্কাৰৰ ঘৰৰ মণ্ডলৰ বিষয়খন পাবৰে পৰা আমি ডাঙৰৰ শাৰীলৈ উঠিলো ৷ ৰজাঘৰে প্ৰজাঘৰে এতিয়া আমি লেখৰ মানুহ হলো। এতিয়া আমি আগৰ গঢ়-- গতি নসলালে নহয়। বধ লাগে নিচলীৰ মাক তই বিধি পথালি নকৰিবি ; ম‍ই তোৰে সৈতে আজিৰ পৰা পেম কৰিম ।’

 জগৰাণী ।—“শপত দিব লাগিছে কেলৈ, কি পেম কৰিব খুজিছা কৰা; মই কিন্তু সেইবোৰ একো বুজ নাপাওঁ ; কি কৰিব লাগে কৈ দিবা, দেখুৱাই দিবা, সেইদৰেই কৰিম। তুমি সন্তোষ পালেই যোৰে৷ সন্তোষ।”

 জগৰা । – “বেছ কথা, ভাল কথা, সুন্দৰ কথা, চন্দৰ-বন্দনী বধু-মুখী, সুৱলা কথা। আমি এতিয়াই আৰম্ভ কৰি দিওঁহঁক আহ । কিয়নো, শুভ কাৰ্য্যত বিলম নকৰাই ভাল।”

 এই বুলি জগৰা মণ্ডলে জগৰাণীৰ থুটৰিটোত লাহেকৈ ধৰি জোনৰ ফালে জগৰাণীক ঘুৰাই দি মাত লগালে – “এ হে কোনটি জোন ? এইটি নে সেইটি ?”  জগৰাণী।- “যোৱা দেও হে, চুৱা-চৰুৰ তলি যেন মোৰ মুখৰ বৰণ, তাক পাতিছা জোন! ইমানকৈ ঠেটা কৰিব লাগিছে নো কেলৈ? গোসাঁয়ে যাক যেনেকৈ চৰ্জিছে সি তেনেহে হব।”

 জগৰা। – ‘কি ঠেটা কৰিছোঁ; নাই কৰা; কাইব হে কৰিছোঁ। পেম কৰিবলৈ গলে পোনতে কাইব কৰি লব লাগে।’

 জগবাণী।- ‘কি কৰি লব লাগে সোনকালে কৰি লোৱা দেওহে; মোৰ আখল মছিবলৈ আছে, চুৱা কাঁহী বাটি ধুবলৈ আছে।’

 জগৰা! — ‘কেনে ফুফুৰ্ৰকৈ জুৰ বতাহ বলিছে, যেন ইন্দ্ৰই সৰগত বহি ৰূপ খটোৱা ধোৱাঁ-খোৱাত মচলা-দিয়া মলা ধপাতৰ হোপাটোহে মাৰি সেই ধোৱাবোৰ নাকৰ বিন্ধাইদি লাহে লাহে ফুফুৰ্ৰকৈ আমাৰ ফাললৈ এৰি দিছে! সঁচাকৈ কৈছোঁ, নিচলীৰ মাক চন্দ-বন্দনী, এই বতাহ মোৰ গাত লাগি গাটো শাত কৰি গৈছে। সখি! তোমাৰ নাকৰ নিশাহটোও তেনে জুৰ; আৰু সি মোৰ গাত লাগিলে মোৰ গাটো জুৰাই যায়।”

 জগৰাণী। – “অতদিনৰ মূৰত ম‍ই সখী হলো! বঢ়িয়া হৈছে! দিনৌ কথায় কথায় অমুকৰ জীয়েক, তমুকৰ জীয়েক, অমুক, খাতী, তমুক খাঁতী, হতচিৰীহঁতী মাত পাই আছিলো, আজি আমুকা উকিলৰ যহত পেমত পৰি সখী হলো। মোৰ নাকৰ নিশাহ কোনোবা কাচিৎ যাৰ মুখত পৰিলে গালি খাই তৎ এৰিছিলো এতিয়া সি খন্তেকতে ফুফুৰ্ৰীয়া বতাহ হল। এই বাৰেভচহু কথাখনকে তোমাৰ উকিল ডাঙৰীয়াই কাইব পেম বোলেনে? বলিয়া গছত নালাগে দেওহে, এইদৰেইহে ওলায়।”  জগৰা। —“পিয়া! পিয়ত্তমা! তুমি এতিয়াও একোকে বুজি নাপালা, লাহে লাহে পাবা; ম‍ই পাব লাগিছো। আহা পেম কি সোৱাদ, কি মউ!”

 জগৰাণী। —“মাখি-মৌ! আৰু কি কব লাগে সোনকালে কৈ লোৱাঁ, মোৰ পলম হৈ গৈছে। ভালেমান কাম আছে। তুমি তো এতিয়াই গোণা মহে ফোঁচ, ফোঁচোৱাদি ফোচ্-ফোঁচাই শুই থাকিবা, মই ৰাতি দুপৰলৈকে থাকি বন কৰি মৰিব লাগিব।”

 জগৰা। —“মই কি শুম? নোশোওঁ। মই শোৱাপাটীত পৰি তোমাৰ মউ যেন ৰূপ সমাজিকত চুহিম হে।”

 জগৰাণী। – “এইখন পেম নহয় দেওহে, কিবা ঠেটা মস্কৰাহে। পেম নকৰিলে যদি ডাঙৰ মানুহ হব নোৱাৰি, আৰু বৰুৱা ফুকনৰ লৰাৰ শাৰীত চলিব নোৱাৰি, তেন্তে তুমি কাইলৈ গৈ কেনেকৈ পেম কৰে, উকিল ডাঙৰীয়াক ভালকৈ শুধি শিকি আহাঁ; এইখন অলিয়া বলিয়া গাই নাথাকিবা।”

 জগৰা| — “পিয়া কি কৈছা? ম‍ই কি বকিছো? পেমিক কবিয়ে কাইব কৰি পেমৰ ভাবত বুৰি থাকিলেহে সঁচা পেম হয় বুলি মোক উকিল ডাঙৰীয়াই ভালকৈ বুজাই কৈছে। পিয়া তোমাৰ মউ যেন মাতে মোৰ কাণৰ দুইটা বিন্ধা ভৰি গৈছে। মই পেমৰ গুম গুমনিৰ বাহিৰে আন একো শুনিবলৈ পোৱা নাই আৰু নুশুনো।"

 জগৰাণী। “মই এইখন তোমাৰ ফাকতি বুজিলো এতিয়া মোক ঠেটা-মস্কৰা কৰি ৰং চাবলৈ তুমি আজি বুধি কৰি আহিছা? মই একেষাৰ ডাঙৰকৈ মাত মাতিলেই ৰাওমুঈ গৰুৱাগালী বুলি মোক গালি নপৰাকৈ নথকা মানুহটোৱে আজি মোৰ মাতত মৌ পালে ! এনেখন ঠেটা কৰি থাকিব নালাগে, জোৰহাটত গৈ কৰিবাগৈ, ইয়াত নহয়, মই উঠিলো ।”

 জগৰা – “নাযাবা পিয়া নাযাবা । বিৰহৰ-অগ্নিয়ে মোক পুৰি মাৰিব, মই সহিব নোৱাৰিম, মোৰ প্ৰাণ যাব । নিচলীৰ মাক চন্দৰ-বন্দনী ! মই তোমাৰ শ্ৰীচৰণৰ নিকিনা গোলাম । মোক তোমাৰ ৰঙা চৰণত ঠাই দিয়া ।"

 এই বুলি জগৰাই জগৰাণীৰ ভৰিত ধৰিব খোজোতেই জগৰাণী একেচাবেই উঠি আতৰিল ; আৰু গিৰিয়েকৰ গতি দেখি তাই ভাবিলে যে নিশ্চয় গিৰিয়েকে আজি কৰবাত ভাং ধুতুৰা খাই আহি এইখন বলিয়ালি কৰিছে । ইয়াকে মনত সিদ্ধান্ত কৰি জগৰাণীয়ে লৰালৰিকৈ গৈ একলহ পানী আনি, শোধ-পোছ নাই জগৰাৰ মূৰত হুৰ-হুৰ কৰে ঢালি দিলে ! জগৰা নিৰ্ব্বাক ! শেহত জগৰাই তিতি-বুৰি শিকি একোকে নামাতি গা মছি তিতা চুৰিয়া সলাই পাটীত পৰিলগৈ ; আৰু ঘৈণীয়েকে লৰালৰিকৈ এখুৰি তেল-পানী আনি জগৰাৰ মূৰত থপিয়াই দি বিচনীৰে বিচিবলৈ ধৰিলে ।

 জগৰাই কিছুমান পৰ শোৱাপাটীত টলকা মাৰি থাকি মাত লগালে – “শুনিছনে, নিচলীৰ মাক মই বলিয়া হোৱা নাই, তই ভয় নাখাবি । যি হল হল, এই কথা তই আৰু কাকো নকবি। মই তোৰে মুৰ খোৱা শপত খাই কৈছো, আজিৰ পৰা এনে কাম নকৰো ।”

মৈদাম

 ভ্ৰাম্যমান পৃথিবীত পৰিভ্ৰমণ লেখকৰ ভাগ্যত বিধিৰ লিখন। ফুৰোঁতে ফুৰোঁতে এদিন শিৱসাগৰ জিলাৰ অভয়পুৰ মৌজাত এডোখৰ মুকলি পথাৰৰ মাজত এটা টিলা দেখা পালো। টিলাটোৰ ওপৰত গৰখীয়া লৰা গোটাচেৰেকে এজাক গৰু চৰাব লাগিছে। টিলাটো কিহৰ মোৰ জানিবৰ মন গল। লাহে লাহে গৈ মই ও টিলাটোৰ ওপৰত উঠি গৰখীয়া লৰাহঁতক শুধিলো, “এইটো কি?” এটা লৰাই উত্তৰ দিলে “উই হাফলু।” মই কলো ইমানটো ডাঙৰ উই-হাফলু কৰবাত হব পাৰেনে?” আন এটাই মাত লগালে “হব নোৱাৰে যদি নহয়; হব পাৰে যদি হয়।” তাৰ কথাষাৰ যে সুৰীয়া হৈ ওলোৱা নাই, তাক কোৱাৰ গঢ়তে মই বুজিলো। আৰু বুজিলো যে সিহঁত বৰ চেঙা; পোনপটিয়ে সিহঁত মোৰে সৈতে আলাপ কৰিবলৈ অনিচ্ছুক। ইয়াকে ভাবি থাকোঁতেই দেখিলো, সিহঁতৰে ভিতৰৰ এটাই চেঙা দমৰা এটাৰ পিছে পিছে লৰি গৈ তাক আগছিব নোৱাৰি, অলপ ঘূৰি গৈ হে তাক আগছিলে। সেই আৰ্হি ততালিকে লৈ মই ও সিহঁতক আগছিবৰ প্ৰণালী সলালো। মোৰ চোলাৰ মোনাত “চিগাৰেট” অৰ্থাৎ তুলাপাতেৰে মেৰোৱা চেলেউ আছিল। তাৰে গোটা- চেৰেক উলিয়াই ললো। চিগাৰেটৰ মোহিনী শক্তি আৰু অখণ্ড প্ৰভাৱৰ কথা মোৰ জনা আছিল; গতিকে, সি যে আসামৰ এচুকৰ অভয়পুৰ মৌজাৰ আবৰ গৰখীয়া লৰাক বৰাব পাৰিব সেই কথাত মোৰ সন্দেহ নাছিল। এটা চেলেউত জুই লগাই লৈ মই দোহোপামান মাৰি সিহঁতৰ ভিতৰৰ বৰ মুৰীয়া টোক চেলেউ এটা যাচিলো। বৰলৰ টোপৰ বৰশীত চেঙেলি মাছ লগাদি টপকৰে সি মোৰ চেলেউ টোপৰ বৰশীত লাগিল আৰু তাক মোৰ আয়ত্তৰ ভিতৰুৱা কৰোঁতে-নৌকৰোঁতেই বাকী কেউটাই মোৰ ওচৰত চেলেউমগনিয়াৰ হৈ হাত পাতিলে । মই তেতিয়াই চেলেউ-কল্পতৰু হৈ পৰি “সবাতে সমান ভাৱ” প্ৰকাশ কৰি মাগন্তাসকলক চেলেউ-ফল দান কৰিলো ।

 চেলেউ পাই প্রসন্ন হৈ ডাঙৰ গৰখীয়া লৰাটোৱে আকৌ মই নোশোথাকৈয়ে মাত লগালে, – “দেউতা, এইটো কিছৰ টিলা সঁচাকৈয়ে আমি কব নোৱাৰো; আমাৰ গাৱঁৰ আন কোনো- ৱেও কব নোৱাৰে । কিন্তু তাহানি এদিন মোৰ বুঢ়া ককাই মোক কোৱা মোৰ মনত আছে, যে এইটো হেনো কোনোবা বুদ্ধি স্বৰ্গনাৰায়ণ ৰজাৰ দিনৰ মৈদাম । ককা ধুকাবৰ আজি ছ বছৰ হল। তেওঁ জীয়াই থকাহেঁতেন ইয়াৰ বিষয়ে আৰু কিবা কব পাৰিলেহেঁতেন কিজানি।” লৰাটোৰ কথা শুনি মোৰ মনত ক্ষন্তেকতে নানা ভাব খেলালে । কিন্তু এটাইবোৰ কিবা খেলি- মেলি লাগি থকা ভাৱ, সতকাই সেইবোৰ জুকিয়াই লব পৰা নহয় ৷ সি যিহওক, এইটো ভালকৈ বুজিলো যে সেই মৈদাম- টোৰ বিষয়ে সিহঁতৰপৰা নাইবা সেই ঠাইৰ আন কোনো লোকৰ পৰা কোনো কথা জানিৰ উপায় নাই । গতিকে অলপমান পৰ মৈদামটোৰ ওপৰতে বহি থাকি লাহে লাহে তাৰপৰা নামি গুচি আহিলো ৷

 মই অভয়পুৰত যি গৃহস্থৰ ঘৰত “গধূলিৰ অতিথি সাক্ষাৎ দামোদৰ” ৰূপে থিতি কৰিছিলো সেই ঘৰ ঘৈণীৰ সেইদিনা নেঃ-নেঃ-ঠেঃ ঠেঃ বিধৰ গা বেয়া হোৱা গতিকে আলহী শুধিবৰ ভাৰ চাউল-সিজোৱাৰ ওপৰত নপৰি লোওৱা পিঠাগুৰিৰ ওপৰত পৰিল। পিঠাগুৰিয়ে সেই বাব পাই গধূলি মোৰ খাবৰ সময়ত এটা বাটিৰ ভিতৰত বহি গপতে ওফন্দি এবাটি হৈ লগত এটা আঠীয়া-কল এখামোচ গুড় আৰু আদপোৱামান এৱা গাখীৰ লৈ মোৰ আগত ঘপহ-কৰে ওলালহি। পিঠাগুৰিৰ সৈতে ভালে মান দিনৰপৰা মোৰ অসদ্ভাৱ চলি আহিছিল; সৰহ নকওঁ, সেই অসদ্ভাৱ ইমান দূৰ পকি উঠিছিল যে পিঠাগুৰিৰে সৈতে মোৰ মাত-বোল দূৰৰ কথা দেখা-সাক্ষাতো একপ্ৰকাৰ বন্ধ হৈছিল গৈ। আজি অযাচিত ভাৱে অম্লানবদনে সি আহি মোৰ আগত প্ৰকাশ হোৱা দেখি পোনতে যদিও মই তাৰ সেই “বিয়াদপিত” বিৰক্ত হৈ উঠিছিলো, কিন্তু পিছত. ভোকৰ পৰামৰ্শমতে সপৰিবাৰে তাকে মোৰ পেটত ঠাই দিবলৈ বাধ্য হলো। ভোকৰ পৰামৰ্শ নুবুলি— ভোকৰ খচ্ খচনি বোলাই উচিত, কিয়নো প্ৰথমে যদিও ভোকে নিজৰ গুমৰ ৰাখি সেই পিঠাগুড়িৰ ওপৰত খং নকৰিবলৈ মোক গহীনভাৱে উপদেশ দিছিল, কিন্তু মই সেই উপদেশ ভালকৈ কাণপাতি নুশুনা যেন দেখি, পিছত সি প্ৰথমে পিন্ধি কথা কোৱা মুখাটো· খহাই থৈ বৰং ভয়বিহ্বলতা প্ৰকাশ কৰি খচ্ খচনি লগাই দিলে, আৰু অন্তত মোৰ ওপৰত খৰকৈ ভাবি আৰু টানকৈ৷ হুকুম জাৰি কৰিবলৈ ধৰিলে। সঁচা কথা কবলৈ গলে, ভালেমান দিন বিচ্ছেদৰ মূৰত মিলনৰ বাবেই নে কি কব নোৱাৰোঁ, মোৰ জিভাই সেই পিঠাগুৰিৰ সঙ্গজনিত প্ৰীতি অনুভৱ নকৰি নাথাকিছিল। প্ৰথম ঘূমটিৰ অন্তত সাৰ পালো। মোৰ টেঙা পানী উঠা আৰু বুকুত অলপ খোচা-বিন্ধা কৰা যেন পালো। বুজিলো, যদিও বন্ধুভাৱে পিঠগুৰি মোৰ অন্তঃপুৰত প্ৰবেশ কৰিছিল, তথাপি সি “পূৰ্ব্ব শত্ৰু মনে জানি” মোৰ বুকুত “শৰ হানি” শত্ৰুতাচৰণ কৰিবলৈ পাহৰা নাই। “স্বভাৱো যাদৃশো যস্য ন জহাতি কদাচন” এই পুৰণি শ্লোক মাতি মনৰ ক্ষোভ মিটাই পাটীতে আকৌ লুটি-বাগৰ দি টলকা মাৰি ৰলো। সেই ভাৱে পৰি থাকোঁতেই মোৰ টোপনি আহিল! কিমান পৰৰ মূৰত কব নোৱাৰো, তলত লেখা সমাজিকটো দেখিলোঃ—

 ম‍ই গৈ ৰাতিপুৱা দেখা সেই মৈদামটো পালো। তাৰ ওপৰত আগৰ দৰেই বহি থকাৰ পিছত দেখিলো, মৈদামটো শামুক এটা মেল খোৱাদি মেল খালে। তাৰ ভিতৰত কি ভয়ঙ্কৰ দৃশ্য!

 দুটা হাতীৰ জকা। পাঁচোটা ঘোৰাৰ জকা। এমখা মানুহৰ জকা ( লৰা আৰু ডাঙৰৰ )। দুটা মানুহৰ জকাই হাতেৰে দুটা আৰিয়া ধৰি আছে; আৰু জ্বলি থকা সেই আৰিয়া দুটাই মৈদামটোৰ ভিতৰখন পোহৰাই থৈছে। দেখিলো তাৰ ভিতৰ খন ছালপীৰা, বৰপীৰা, মেৰঢৰা, বঁটা, শৰাই, পিকদানি, লোটা, বাটী, কাঁহী, কলহ, খাবৰ বস্তু, পিন্ধিবৰ কাপোৰ কানি ইত্যাদিৰে ভৰপূৰ! সেইবোৰ মই চাই থাকোঁতে থাকোঁতেই হঠাৎ দেখিলো, জকাবোৰে, হুচৰি গোৱা মানুহৰ দৰে ঘূৰি ঘূৰি নাচিবলৈ ধৰিলে, অথচ সিহঁতৰ মুখত মাত নাই। সেই অদ্ভুত নাচ দেখি ভৰত যোৰ মুখখন শুকাই গল, বুকখন ঢপ ঢপাবলৈ ধৰিলে, গাৰ নোমবোৰ শিয়ঁৰি উঠিল, আৰু হাত-ভৰিবিলাক অৱশ হল। ভাৱনাৰ বৰধেমালিৰ ওৰ পৰাদি অলপমান বেলিৰ পিছত সেই উৎকট নাচৰ ওৰ পৰিল; আৰু দেখিলো, জকাবোৰ ইমান খেলিমেলি লগাই নচাৰ আগয়ে যত যি যেনে ভাৱে আছিল, আকৌ ততে সি ঠিক তেনে ভাৱেই ৰল। ক্ষন্তেকৰ পিছতে সেই দৃশ্য পৰি- বৰ্ত্তিত হল, দেখিলো জকাবোৰে মানুহ হাতী ঘোৰাৰ স্বাভাবিক অৱস্থা পালে; এটাইবোৰ তেজ মঙহ আৰু অঙ্গ-প্ৰত্যঙ্গাদিৰে সজীৱ হল। ভোজবাজীৰ নিচিনা ক্ষন্তেকতে পৰিবৰ্ত্তনশীল সেই দৃশ্ব্যবোৰ ম‍ই অবাক হৈ চাই আছোঁ, এনেতে এজন বয়সিয়াল মানুহে মোক হাতবাউলি দি মৈদামৰ ভিতৰলৈ মাতিলে। মোৰ- তো নৰিব-চৰিবৰ শক্তি নাছিল; আৰু থাকিলেও, পৰা- পক্ষত যে মৈদামৰ ভিতৰত নোসোমাওঁ সেইটোও নিশ্চয় কৰি- ছিলো। ম‍ই নামি মৈদামৰ ভিতৰলৈ যাবলৈ অনিচ্ছা প্ৰকাশ কৰি মূৰ জোকৰা দেখি সেই মানুহজনেই মৈদামৰ ভিতৰৰপৰা ওপৰলৈ উঠি আহি মোৰ ওচৰতে বহিল। ভয়ত মই ঠক্ ঠক্ কৰে কঁপিবলৈ ধৰিলো। মোৰ শোচনীয় অৱস্থা দেখি দয়াপৰবশ হৈ মৈদামবাসীয়ে মাত লগালে, – “বোপাদেও! তুমি ইমান ভয় কৰিছা কিয়? ভয়ৰ কোনো কাৰণ নাই। তুমি ভয় কৰি মৈদামৰ ভিতৰলৈ নগলা বুলি বুজি মেয়ে তোমাৰ ওচৰলৈ আহিলো। আঃ! বাহিৰত কি নিৰ্ম্মল বতাহ! উশাহ লৈ জীলো যেন লাগিছে! কি বিমল আকাশ! কি সুন্দৰ পৃথিবী! কত কালৰ মূৰত ম‍ই আজি তোমালোকক পালে৷! হে পৰমেশ্বৰ, তোমাৰ ধন্য সৃষ্টি, ধন্য জগৎ ৰচনা। এককালত মইও এইবোৰ ভোগ-সুখৰ অধিকাৰী আছিলো। হায়! সূৰ্য্যৰ উত্তাপ, চন্দ্ৰৰ পোহৰ, বায়ুৰ নিৰ্ম্মল হিল্লোল একালত মইও অবাধে ভোগ কৰিবলৈ পাইছিলো! এতিয়া ম‍ই সেই অধিকাৰৰপৰা চিৰবঞ্চিত!!! যাওক সেইবোৰ কথা। বোপাদেও, আমি কোন তুমি জানিবলৈ নিশ্চয় উৎসুক হৈছা, নতুবা এই নিজান ৰাতি তুমি ইয়ালৈ নাহিলাহেঁতেন। আমি কোন, সেই কথা তোমাক কওঁ বুলিহে মই তোমাক মৈদামৰ ভিতৰলৈ মাতিছিলো; তুমি ভয় কৰি নাযাৱৰ দেখি ময়েই উঠি তোমাৰ ওচৰলৈ আহিলো।

 সি আজি অনেক কালৰ আগৰ কথা। —বুঢ়া ৰজা প্ৰতাপ সিংহৰ দিনৰ। প্ৰতাপসিংহক বুদ্ধিস্বৰ্গনাৰায়ণো বুলিছিল। তেওঁৰ তিনিজন কোৱঁৰ আছিল। বৰজন কোৱঁৰৰ নাম চুৰাম্ফা, মাজুজনৰ নাম চুটিয়ান্‌ফা, আৰু সৰুজনৰ নাম চাই আছিল। বুঢ়া ৰজা স্বৰ্গনাৰায়ণৰ বৰ নৰিয়া হলত, তেওঁৰ সৰু- জন কোৱঁৰ চাইয়ে কিছুমান ৰণৱা মানুহ গোটাই লৈ বাপেক মৰাৰ পিছত সিংহাসন অধিকাৰ কৰিবৰ নিমিত্তে সাজু হল। বৰকোৱঁৰ চুৰাম্ফাই মাজু ভায়েক চুটিয়ান্‌ফাক কলে যে তেওঁ নিজে নিঃসন্তান; গতিকে, তেওঁৰ পিছত চুটিয়ান্‌ফাই যে ৰাজ্য পাব এইটো ধুৰুপ। এই বুলি তেওঁ চুটিয়ান্‌ফাক বুজাই প্ৰবোধ দি নিজৰ ফলীয়া কৰি লৈ, দুয়ো মিলি ষড়যন্ত্ৰকাৰীসকলৰ সৈতে চাইক নগৰৰপৰা বাজ কৰি খেদাই দিলে; প্ৰতাপ সিংহ ঢুকালত ডাঙৰীয়াসকলে চুৰাম্ফাক ৰজা পাতি সেৱা কৰিলে। তাৰ পিছত চাইয়ে যদিও আকৌ ষড়যন্ত্ৰ কৰিছিল, কিন্তু অকৃত- কাৰ্য্য হৈ ধৰা পৰি চুৰাম্ফাৰ হাতত প্ৰাণ হেৰুৱালে। চুৰাম্ফা অতি জঘন্য স্বভাৱৰ লোক আছিল। ৰজা হৈয়েই তেওঁ বাপেকৰ কুৱঁৰী মাহীয়েক এজনাক নিজৰ কুৱঁৰী কৰি ললে। তাৰ পিছত চেটিয়া জাতৰ তিৰুতা এজনীক, তাইৰ গিৰিয়েকক বিহু খুৱাই মাৰি, নিজৰ কুৱঁৰী- কৰিলে। চেটিয়া কুৱঁৰী ৰজাৰ বৰ লাগী হৈ পৰিল। তেওঁ আগৰ গিৰিয়েকৰ ভতিজা লৰা এটি তোলনীয়া পে৷ কৰি ললে, আৰু ৰজাৰ হতুৱাই সেই লৰাক যুবৰাজ মনোনীত কৰাই ৰজাৰ পিছত ৰাজপাটত বহুৱাবলৈ থিৰ কৰিলে। চুৰাম্ফাই ৰজা হবৰ আগেয়ে মাজু ভায়েক চুটিয়ান্‌ফাৰ আগত কৰা অঙ্গীকাৰ এই দৰে ভঙ্গ কৰিলে। ইয়াৰ কিছু দিনৰ পিছতে ঈশ্বৰৰ ইচ্ছাত সেই তোলনীয়া লৰাটো মৰি থাকিল। তোলনীয়াক বিহু- খুৱাই মাৰিলে বুলি চুটিয়ান্‌ফাৰ পুতেক এজনৰ গাত বদনাম পলিত, সেই কোৱঁৰক প্ৰাণদণ্ডৰ নিমিত্তে চাওদাঙৰ হাতত দিবলৈ ৰজাই চুটিয়ান্‌ফাক আদেশ কৰিলে। পুতেকৰ জগৰত ( যদিও সেই জগৰৰ কোনো প্ৰমাণ নাছিল) চুটিয়াফাৰ ধন সম্পত্তি কাঢ়ি লৈ ৰাজ ভৰাললৈ পঠিওৱা হল। ইয়াৰ লগে লগে চেটিয়ানীৰ ইচ্ছামতে আৰু এটা ৰাজ-আজ্ঞা প্ৰচাৰিত হল যে প্ৰত্যেকজন ডাঙৰীয়াৰ একোটিকৈ লৰা সেই তোলনীয়া লৰাৰ শৱেৰে সৈতে মৈদামত দিব লাগে, যাতে সেই লৰাবোৰে সৈতে তোলনীয়া কোৱঁৰে মৈদামত উমলি থাকিব পাৰে। যেনে আদেশ তেনে কাম হল। চাই পঠিৱাচোন সেই আঠোটি লৰা। তেওঁলোকে তোলনীয়াক বেঢ়ি বহি আছে। সেই আঠোটিয়েই আঠজন ডাঙৰীয়াৰ লৰা। পূব ফালৰ তিনটি— বৰগোহাঁই, বুঢ়াগোহাঁই, আৰু বৰপাত্ৰগোহাঁইৰ লৰা। পশ্চিম ফালৰ তিনটিৰ, এটি বৰবৰুৱাৰ, এটি বৰফুকনৰ, আৰু এটি নাওবৈচা ফুকনৰ। দুকাষৰে দুটিৰ এটি ডিহিঙীয়া ফুকনৰ,আনটি ভিতৰুৱাল ফুকনৰ লৰা। খোৱা বস্তুৰ কাষত বহি থকা সেইটো চাংমাই তোলনীয়াক ভাতপানী ৰান্ধি খুৱাবলৈ দিয়া হৈছিল। হাতত জোৰ লৈ থকা সেই দুটা আৰিয়া-ধৰা, বন কৰি দিবলৈ সেই দুটা লিক্‌চৌ, তোলনীয়া উঠি ফুৰিবলৈ সেই দুটা হাতী, সেইকেইটা ঘোৰা, সেইখন কেকোৰা দোলা সেইবোৰ বাটি, কাঁহী, শৰাই, মেৰঢৰা, বৰপীৰা, ছালপীৰা আদি নানান বস্তু দেখিছাই; সেই এটাইবোৰ তোলনীয়া কোৱঁৰৰ ব্যৱহাৰৰ নিমিত্তে দিয়া হৈছিল। মই কোন, মোকো কিয় ইয়াত দিয়া হৈছিল, সেইটোও তোমাক ভাঙি কৈ থওঁ। মই তোলনীয়া কোৱঁৰক লেখাপড়া শিকোৱা অধ্যাপক আছিলো। লৰাটিয়ে মোক বৰ ভাল পাইছিল, সেইদেখি লৰাটিক লেখা পঢ়া শিকাবলৈ চেটিয়ানীৰ বুধি শুনি ৰজাই মোক মৈদামত দিলে। আহোম ৰজাৰ ন্যায় বিচাৰ, বিবেচনা, ধৰ্ম, ৰীতি আৰু নীতিৰ এই চিনাকি, বোপাদেও, তোমাক দিলো। এওঁলোকৰ কাৰ্য্য দেখিলে, এই পৃথিবীত ঈশ্বৰৰ কিবা হাত আছে যেন মনে নধৰে। এওঁলোকে নিজক স্বৰ্গদেও অৰ্থাৎ স্বৰ্গৰ দেৱতা বোলে। এনেবোৰ ব্যৱস্থা যদি স্বৰ্গৰপৰাহে এওঁলোকে নমাই লগত লৈ আহিছিল তেনেহলে তেনেখন স্বৰ্গলৈ জন্ম জন্মান্তেৰেও যেন কোনো নাষায়। তেনে স্বৰ্গলৈ যোৱাতকৈ এই ভয়ঙ্কৰ মৈদামৰ দুৰ্ঘোৰ যন্ত্ৰণা সহিও যেন চিৰকাল আমি থাকো। বোপাদেও, এই স্বৰ্গদেও সকলৰ সঁচ এতিয়াও আসামত আছেনে?” মই মূৰ জোকাৰি নাই বুলি উত্তৰ দিলো । মোৰ উত্তৰটো শুনি তেওঁ আকাশৰ ফালে চাই কলে “তেনেহলে হে ঈশ্বৰ তুমি আছা ৷ আৰু এই পৃথিবীত ধৰ্ম্মও আছে ।”

 এনেতে বহুৎ দূৰৰপৰা প্রথম-কুকুৰাৰ ডাক শুনিলো । কুকুৰাৰ ডাক শুনি তেওঁ জিকাৰ মাৰি উঠি মোক কলে “বোপা- দেও, অদৃষ্টৰ লিখন কোনে খণ্ডাব ? ম‍ই আৰু বাহিৰত থাকিব নোৱাৰোঁ।” এই বুলি বৰ শোকৰ চকুৰে মোৰ ফালে তেওঁ চাই লাহেকৈ নামি ভিতৰ পালতে, মানুহ হাতী ঘোৰাবোৰ আকৌ আগৰ নিচিনা জকাবোৰ হল; আৰু সেই জকাবোৰৰ চকুবোৰ জ্বলি তাৰপৰা জুইৰ ফিৰিঙতিৰ নিচিনা ওলাবলৈ ধৰিলে । ক্ষন্তেকতে সেই জঁকাবোৰে আগৰদৰে পৈশাচিক তাণ্ডৱ নৃত্য কৰিবলৈ ধৰিলে ৷ তাৰ ক্ষন্তেকৰ পিছতে মৈদামটোৰ মুখখন জাপ গৈ আগৰ নিচিনা হল ৷ ম‍ই সাৰ পাই দেখিলো, মই মোৰ শোৱাপাটীতে পৰি আছো, আৰু বুকুৰ খোচা-বিন্ধা অলপো কমা নাই ৷

মোৰে সৈতে মনাইৰ দন্দ

 কালি গধূলি ভাত-পানী খাই পাইপ টো হুপি মোৰ ঘৰতে অকলৈ বহি আছিলো, এনেতে ভাল মানুহ এজন ঘপহ কৰে মোৰ আগত ওলালহি । মানুহজন ইমান দীঘল যে এই কলিকালত আমাৰ দেশত এনে দীঘল মানুহ এজন আছিল বুলি ম‍ই আগেয়ে নাজানিছিলো। মই নিজেই ইমান ডাঙৰ-দীঘল মানুহটো, কিন্তু সেইজনৰ আগত দেখিবলৈ মই যেন এটা বাউনা হলো।

ক’ৰ পৰা লেংলেংকৰে ইমান দীঘল কটাৰী-নালীয়া মানুহজন খামাখা মোৰ ওচৰত ওলালহি তাৰ একো উৱাদিহ নাপাই যদিও মই থৎমৎ খাই গৈছিলো, তথাপি অতিথিক সৎকাৰ কৰাটো গৃহস্থৰ কৰ্ত্তব্য বুলি ভাবি, মোক সমুখত খালি হৈ পৰি থকা চকিখনত তেওঁক বহিবলৈ চিয়াৰ দিলো । তেওঁ মুখখন টিপা মাৰি হাঁহি লাহেকৈ সেই চকিখনত তিনি পাক খাই বহি মোৰ মুখলৈ চাই এনেকৈ মিচিকীয়া হাঁহি এটা মাৰিলে যেন তেওঁ মোৰ কোনোবা কালৰ চিনাকি মানুহজন হে। তেওঁ বহিয়েই মোক শুধিলে, “ডাঙৰীয়া, আপুনি কেনে আছে ?” মই “ভালে আছো” বুলি সমিধান দি উভতি তেওঁক শুধিলো, “আপোনাক মই চিনি পোৱা নাই দেখোন ?” মোৰ প্ৰশ্নটো শুনি আলহীজনে ডাঙৰকৈ হাঁহি উত্তৰ দিলে, “কি আপুনি মোক চিনি নোপোৱাই হল নে কি ? আপুনি তো বঢ়িয়া মানুহ।” তেওঁৰ হাঁহি আৰু কথাত মই অপ্রতিভ হৈ ভাবিলো যে নিশ্চয় তেওঁ মোৰ কেতিয়াবাৰ চিনাকি মানুহ, মইহে তেওঁক চিনিব পৰা নাই । ইয়াকে ভাবি ম‍ই মাত লগালো, “মোৰ দায় মৰিষণ কৰিব, মই সঁচাকৈয়ে আপুনি কোন পাহৰিলো।” আলহীয়ে মোৰ কথাৰ আন একো উত্তৰ নিদি আকৌ এবাৰ হৌ-হৌ-কৰে হাঁহিলে ৷ তেওঁৰ এই বাৰৰ হাঁহিয়ে মোৰ মুখৰ বৰণ এনেকৈ শুহিলে যে মই শেতা পৰি গলো। মই দেখিলো, মোৰ মহা মস্কিল উপস্থিত। যি হওক, মোৰ মনৰ ভাব ততালিকে ঢাকি মই মাত লগালে৷ “মোৰ ওচৰলৈ অহাৰ সকাম বা কি?”

 আলহী। “সকাম আছে; নহলে কিয় আহি আপোনাক আমনি কৰিম ? কম লাহে লাহে । তাৰ আগেয়ে কওঁ, আপুনি যে অকলৈ ফচ্ ফচ্ কৰে পাইপৰ ধোৱী উৰাব লাগিছে, আল- হীকো তাৰ অলপ-অচৰপ ভাগ নিদিয়ে নে ?”

 “নিশ্চয় নিশ্চয় দিম” এই বুলি মই উঠি হাত মেলি আলমাৰিটো মেলি চেলেউ দুটা উলিয়াই জিয়াচলি এটাৰে সৈতে তেওঁৰ ফালে আগবঢ়াই দিলো । তেওঁ বিশেষ আড়ম্বৰ নকৰি জিয়াচলিৰ কাঠী এটা ভ্ট কৰে মাৰি চেলেউটোত জুই লগাই লৈ নিঃশঙ্কচিত্তে হুপিবলৈ ধৰিলে ৷ ক্ষন্তেকৰ পিছতে দুইৰো মুখৰ ধোৱা গোটখাই আমি বহি থকা খোটালিটোৰ এখোটালি হল, আৰু ধুৱঁলি- কুৱঁলিত চেলেউ দুটাৰ জ্বলা মুখ দোডোখৰৰ বাহিৰে আন একো নেদেখা হল ।

 তিনি মিনিটমান এইদৰে চেলেউ আৰু পাইপৰ ধোৱাঁই যাগ দি থোৱাৰ পিছত কলা পকাদি হয়ে৷ পকি উঠিলো । মোতকৈ ক্ষন্তেক মানৰ আগেয়ে তেওঁ পকিছিল হবলা ; সেইদেখি তেওঁ আগেয়ে মাত লগালে। “বৰুৱা ডাঙৰীয়া, আপোনাক এটা কথাৰ খাটনি ধৰোঁ, অনুগ্ৰহ কৰি খাটনিটো ৰাখিব নে ?”

 মই। “সাধ্য হলে ৰাখিম, অসাধ্য হলে কেনেকৈ ৰাখিম ?”

 আলহী । “সেইদৰে কলে নচলিব ; আপুনি মোৰ খাটনিটো ৰাখিবই লাগিব, নিশ্চয় নিশ্চয় ।”

 মই ৷ “কিনো খাটনিটো আগেয়ে শুনোৱেইচোন ?”

 আলহী। “শুনিব তো। শুনাম বুলিয়েই আহিছোঁ। অৱশ্যে আপুনি জানেই যে আলহী শোধাটো গৃহস্থৰ কর্তব্য কাম । সেইটো কথা আৰু আপোনাৰ নিচিনা বিজ্ঞ লোকক কোৱাটো সৰহৰ ভাগ ৷ অতিথিক বিমুখ কৰাটো যে পাপ সেইটোও আপো নাক সোৱঁৰাই দিবলৈ গলে অসম্মান কৰা হব। অতিথি বিফল-মনোৰথ হৈ উভতি গলে যে সেই পাপে গৃহস্থক ৰৌ ৰৌ নৰক পৰ্যন্ত “পহুচাই” দিয়ে সেইটোও মই বিশেষকৈ আপোনাক সকিয়াব নোখোজো । সেইদেখিহে কৈছো, আপুনি মোক বিমুখ কৰিব নোৱাৰে।”

 ম‍ই ৷ “নোৱাৰিলে নকৰো, পাৰিলেও কৰিবৰ মোৰ ইচ্ছা নাই । সেইদেখি আপুনি কি কব খুজিছে সোনকালে কওক, ইমান পাতনি কৰিবৰ সকাম বিশেষ মই দেখা পোৱা নাই ৷ মই পোনপটিৰ ভোটা মানুহ ৷ আপোনাক কি লাগে ?”

 আলহী । "ময়ো বেকা পতিৰ মানুহ নহওঁ ; গতিকে, পাতনি-ফাটনি একো নকৰাকৈয়ে কওঁ যে, মোক বৰকৈ লৰা- লৰিকৈ এগাল ৰূপ লগা হৈছে । কমপক্ষেও চাৰি পাঁচ লাখ । নহলেই নচলে। ম‍ই থাকিবলৈ ডাঙৰ টোলেৰে সৈতে ভাল পকি ঘৰ এটা মোক লাগে । ঘৰটোৰ সমুখত ফুলেৰে শুৱনি বাগিছা এখন থাকিব লাগিব । বাগিছাখনৰ ভিতৰত বগা শিলৰ খট্‌থটিৰে ডাঙৰ সৰু মাছেৰে ভৰি থকা পুখুৰী এটা লাগিব। পিছফালে অলপ দূৰত নানাবিধ ফলৰ বাগিছা এখন লাগিব, যাৰ গছবোৰত পকা সোৱাদ ফল দমাই ওলমি লাগি- থাকিব লাগিব । দেখিবলৈ সুন্দৰ গাড়ীখনচেৰেক, ঘোৰাশালত একুৰিমান তাজী ঘোৰা, গোহালীত এগোহালী খীৰতী গাই —”

 এইখিনিতে তেওঁৰ চেলেউটোৰ জুই নুমাই যোৱা দেখি তেওঁ অলপ ৰৈ আকৌ জিয়াচলিৰ কাঠী এটা মাৰি চেলেউটোত জুই লগাই ললে । তাৰ ভিতৰতে লাহেকৈ ম‍ই মাত লগালো,— “কৈ যাওক, কৈ যাওক, নৰব, শুনিবলৈ ভাল লাগিছে ৷ এইবোৰৰ লগতে দিপ্ লিপ্ ৰাজকন্যা এটীৰ “দাবিটো” নাপাহৰিব ।”

 মোৰ কথাষাৰ শুনি আলহীয়ে টানকৈ চেলেউটোত হোপা মাৰি ধোৱাঁ টানি লৈ সেই ধোৱাঁ নাকেদি দীঘলীয়াকৈ উলিয়াই কলে, “কিয় পাহৰিম ? দিপ্ লিপ্ কণ্যা তো লাগিবই । সেই কথালৈ যাব লাগিছোঁ ।”

 মই । “যাওক ; বাটতে থমকি নৰব ; সেইটোও কৈ পেলাওক, বাকী নথব ।”

 আলহী । “কলে কিবা নৰজিব বুলি ভাবিছে নে কি ? কম ; কৈছোঁ ; কলে' ; এশবাৰ কম : হাজাৰবাৰ কম; পৰত কম ; ঘৰত কম, লাগে যদি বৰ ঘৰৰ চালৰ মুধত উঠি কম, যে মোক ৰজাৰ জীয়াৰীৰ নিচিনা বঢ়িয়া আৰু অপেচৰাৰ নিচিনা ধুনীয়া ছোৱালী এজনী এইবোৰৰ সৈতে লাগিবই লাগিব ৷ নহলে, এনে ঘৰ বাৰী বাগিছা টকা পইচা কাৰে সৈতে ম‍ই ভোগ কৰিম ? এই কথাটো কবলৈ যদিও মই পিচলৈ থৈছিলো, এইটো কিন্তু ঘাই কথা ।”

 মই । "জকৰ, জৰুৰ, অল্ বৎ অল্ বৎ !"

 আলহী ৷ “পেংলাই নকৰিব । ই পেংলাইৰ কথা নহয় । গধূৰ কথা ঠাট্টা কৰি উৰাই দিবলৈ যোৱাটো অভদ্রতা । আৰু সি কেতিয়াও নুৰেও । মানুহক টুটুৱাই থাকি সুখ উপভোগ কৰাটো কোনো কোনোৰ পক্ষে ৰঙৰ কথা হব পাৰে, কিন্তু যাক টুটুৱাই থকা যায় তাৰ প্ৰতি সেইটো ভয়ঙ্কৰ নিষ্ঠুৰতা । আপুনি পাহৰিলে নে কি কত, বাৰ কত দিন তেনে ছোৱালীৰ ফালে আকুল প্রাণেৰে হেঁপাহৰ চকুৰে লোভ টুকি টুকি চাবলৈ আপুনি মোক উচটাই দিছিল ? সেইবোৰ কথা আজি পাহৰিলে বৰ দুখৰ কথা হব। আন নহলে আপোনাৰ নিজৰ সন্মান ৰক্ষাৰ নিমিত্তেও সেই কথা আপুনি পাহৰাটো উচিত নহয় । আপুনি ভদ্রলোক, ধাৰ্ম্মিক, সত্যবাদী বুলি আপোনাৰ সুখ্যাতি আছে ; এনে স্থলত বহু পৰিশ্ৰমেৰে উপার্জিত সেইবোৰ থিতাতে আপুনি দলিয়াই পেলোৱাটো উচিত নে ? আপুনি মোক গছত তুলি তাৰ গুৰিডাল কাটিবলৈ যোৱাটো যে অধমৰ কথা হব, সেইটো আপোনাৰ মনত খেলোৱা নাই নে ?

 মই । “আপুনি কি বলকিছে ? কিবা ৰাগী-টাগি লগাই আহিছে নেকি ? মই আপোনাক তেনে কামলৈ কেতিয়া উচ টাইছিলো ? কি ভয়নাক মিছা কথা !”

 আলহী । “অলপো মিছা নহয় । এধানমানো মিছা নহয় । উচটাইছিল! উচটাই মোক পাঁচি দিছিল ! কত দিন কত বাৰ, তাৰ লেখ-জোখ নাই ৷ আপুনি এটাইবোৰ পাহৰিছে ; পাহৰা উচিত নহয় । মই কেতিয়াও মিছা নকওঁ, আৰু কোৱা নাই ৷ ম‍ই মিছা কথাৰ মানুহ নহওঁ ৷ আপুনিও মিছা কৈছে বুলি মই নকওঁ ; আপুনি মাথোন পাহৰিছে । অকল সেইটোলৈ মোক উচটোৱা হে নালাগে, কত কামলৈ, তেনেকুৱা আৰু আন কত বিধৰ কামলৈ আপুনি মোক সততে উচটাই পঠিয়াই আগবঢ়াই দি আতৰত থিয় হৈ ৰং চাইছিল তাৰ সীমা সংখ্যা নাই। সেই বোৰ এতিয়া কৈ কি লাভ ? এই সামান্য কথাটোকে আপুনি

সৈ কাঢ়িবলৈ কেকোজেকে৷ কৰিছে যেতিয়া সেইবোৰ এটা এটাকৈ মই উলিয়াবলৈ গলে কিজানি আপুনি মোক কিলায়েই মাৰিব ।”

 মই । “চাওক, আপুনি মোৰ ঘৰলৈ আহি বৰ বেয়া বেয়াকৈ মোৰ গাত বদনাম দি কিবা কথাবিলাক কবলৈ ধৰিছে । এইবোৰ ভাল কথা নহয় । লোকে শুনিলে কি বুলিব ?

 আলহী । “লোকে কি বুলিব সেইটো মোক কেলৈ লাগিছে ? মোৰ কাম ম‍ই কৰিম, লোকৰ কাম লোকে কৰিব । সঁচা কথাত আপুনি অসন্তুষ্ট হবৰ কোনো কাৰণ নাই । কিবা বোলেনে দেৱতাৰ উৎপত্তি কলে ৰং, মানুহৰ উৎপত্তি কলে খং।”

 আলহীৰ এই গঢ়ৰ কথা আৰু মোৰ অসহ্য হৈ উঠিল ৷ মোৰ ভয় সঙ্কোচ আদি ভাবৰ ঠাই খঙে অধিকাৰ কৰিলে । মই কর্কশভাৱে তেওঁক শুধিলো—“তুমি কোন হে ? মোৰ ঘৰলৈ আহি তুমি এইবোৰ মিছা কথা কবৰ কোন ?”

 আলহী । “মই ময়েই । এইবোৰৰ এতিলমানো মিছা নহয়, তেহেলৈ আপুনি মানকেই বা নামানক ৷ আপুনি বৰকৈ গপ নামাৰিব । আপোনাৰ বিষয়ে মোৰ একো অবিদিত নাই । মই আপোনাৰ পেটৰ কথা সোপাকে জানো । মোৰ আগত লুক্‌টুক্ কৰাটো গোটেই মিছা ; আৰু ফাইদাং মৰাটোও তথৈবচ।”

 ম‍ই ৷ “কি, ম‍ই তোৰ আগত লুক্‌ঢুক্ কৰিছো ? তই কি মোৰ পেটৰ কথা জান হেৰ ? তোক মই কোনো কালে দেখা নাই, নিচিনো নাজানো । তই হে মিছা কথা কৈছ ম‍ই মিছলীয়া- নহওঁ ।”  আলহী। মই মিছলীয়া নহওঁ ; যদি কোনোবা সেইজন আপুনি হে হবৰ সম্ভৱ। ”

 মই ৷ “চুপ ৰও! আকৌ তই সেইবাৰ কথা মুখত উলিয়ালে মোৰ ঘৰৰপৰা তোক গতিয়াই উলিয়াই দিম। তই আলহী হলি বুলি মোৰ ঘৰলৈ আহি মোক গালি পাৰি যাবলৈ তোক নিদিওঁ ।"

 আলহী। “মই আপোনাক গালি পাৰিবলৈ অহা নাই । আপুনি একেবাৰেই সোপাকে অস্বীকাৰ কৰি টুপুংকৰে বুৰ মাৰিছে দেখি হে সেইবোৰ কথা মোৰ মুখত ওলাইছিল । আপোনাৰ পেটৰ কথা সোপাকে ম‍ই জানো ; মোৰ আগত আপুনি সৈ নকঢ়াটো আপোনাৰ পক্ষে সুবিধাৰ কাম হোৱা নাই ।”

 ম‍ই ৷ “তই ইমান গপ গপকৈ কথা কৈছ কি সাহেৰে ?”

 আলহী । “নিজৰ - সাহেৰে । গপ-গপ কি ? ম‍ই যি জানো তাকে কৈছোঁ । সঁচা কথা কবলৈ ভয় কি ?

 মোৰ আৰু অসহ্য হল ৷ ম‍ই ঘাহকৰে উঠিলোঁ ! এহা তেৰে মই আলহীৰ টেটুটোত চেপামাৰি ধৰি, আনটো হাতেৰে, যিখন চৰিত ম‍ই বহি আছিলে। সেইখন চকিৰ খুৰা এটাত ধৰি চকিখন তুলি লৈ আলহীৰ মূৰৰ ওপৰত দি তাৰে তাক হেচা মাৰি ধৰিলো । কিন্তু ম‍ই দেখি আচৰিত মানিলো, যে সি চিয়ৰ-বাখৰ বা সেই অৱস্থাৰ পৰা মুকলি হবলৈ বিশেষ একো চেষ্টা নকৰি মাথোন গোঁ গোঁ শব্দ কৰিবলৈ ধৰিলে। সেই অদ্ভুত আলহীক সেইদৰে ম‍ই মোৰ আয়ত্বৰ ভিতৰলৈ আনি ডবিয়াই শুধিলো, “ক, তই কোন? কিয় তই আহি মোক এইদৰে অপমান কৰিছিলি? নকলে তোক মই নেৰোঁ, মাৰি পেলাম।”

 আলহীয়ে চকিৰ চেপাৰ তলৰ পৰা লাহেকৈ উত্তৰ দিলে, “আপুনি মোক মাৰিব নোৱাৰে; যিমান মন যায় সিমান চেপিব হে পাৰিব। আপুনি মোক যিমান চেপিব সিমান মই চেপা খাই সৰু হৈ চেপেটা হৈ যাম, চেপিবলৈ এৰি দিলেই আকৌ বৰৰ এঠাৰ নিচিনাকৈ আগৰদৰে হম। আপুনি মোক মাৰিবলৈ চেষ্টা কৰা বৃথা। মই আপোনাৰ সৈতে একেলগে হে মৰিম, আপোনাৰ মৃত্যুৰ এক মূহুৰ্ত্তৰ আগেয়েও নহয়। মই কোন যদি আপুনি জানিব খুজিছে, তেন্তে কওঁ শুনক,—মই আপোনাৰমানস-পুত্ৰ। মোকে বোলে মন।

লোভ

 গছত উঠি চৰাইৰ বাহৰপৰা চৰাই-পোৱালি পৰা, আম কঠালৰ গছত উঠি আম কঠাল পৰা আদি কাৰ্য্যৰ লগতে বৰশী বাই মাছ ধৰাটোও একালত মোৰ উৎসাহৰ কাম আছিল। আমাৰ পুখুৰীটোৱে মোৰ মনত জীৱহিংসা প্ৰবৃত্তিৰ উদ্ৰেক কাৰ্য্যত যে নথৈ সহায়তা কৰিছিল এই কথা কোৱা বাহুল্য মাথোন। কাৰণ, মাগুৰ, কাৱৈ, শল, কান্ধুলি, শিঙৰা, পুঠি আদি মাছক সি নিজৰ গৰ্ভত সাদৰেৰে এনেকৈ ঠাই দিছিল যে, সেইবোৰ দেখিলে মোৰ নিচিনা তামসিক প্ৰকৃতিৰ মানুহৰ তো কথায়েই নাই, সাত্ত্বিক প্ৰকৃতিৰ মানুহৰ স্বভাবো প্ৰলোভন দোলেৰে টান নাখাই নাথাকিছিল।

 এদিন মই আমাৰ পুখুৰীত বৰশী বাই থাকোঁতে এবাহ পোনাৰে এটা শল মাছ দেখিলো। ৰঙচুৱা পোনাবাহ একে ঠাইতে থুপখাই এনেকৈ পানীৰ ওপৰলৈ উঠিছে আৰু তললৈ নামিছে যে, ঠিক যেন একঠা ৰঙা সৰিয়হ কিবা এক প্ৰকাৰে দীঘলীয়া হৈ পানীত সেইদৰে উঠা নমা কৰি সাতুৰিব লাগিছে। হঠাৎ সিহঁতক দেখিলে কোনোৰ মনত খেলাব যেন এটা ফুলা পদুম ফুলৰ ভিতৰৰ চকাৰ চাৰিউফালৰ পাপৰিবোৰে চলিবৰ ক্ষমতা লভি সেইদৰে চলা-ফুৰা কৰিব লাগিছে। ক্ষন্তেকমান এক দৃষ্টিৰে চাই থাকি দেখিলো যে পোনাবাহৰ তলতে সন্তানবৎসল মাক শল মাছটোৱে সতৰ্কভাৱে থাকি সিহঁতক ৰখি চলাই লৈ ফুৰিছে আৰু পোনাবোৰে মাতৃস্নেহ-ৰসত আপ্লুত হৈ আনন্দত নাচি নাচি ওপৰৰপৰা তললৈ গৈ মাকৰ ওচৰ পাইছে আৰু চঞ্চল স্বভাৱৰ গুণে ততালিকে তলৰপৰ নাচি নাচি ওপৰলৈ উঠিছে। সেই স্বৰ্গীয় দৃশ্য দেৱতাৰহে উপভোগ্য, লুভীয়া মানুহৰ নহয়।

 নিমিষতে মোৰ হিংসাকুৰীয়া লুভীয়া স্বভাৱ উত্তেজিত হৈ উঠিল; আৰু পিছ নুগুণি নিকৰুণভাৱে, বৰলৰ টোপেৰে গধুৰ বৰশীটো পোনাবাহৰ মাজত পেলাই দিলো। নিমিষতে পোনাবাহৰ মাকে মোৰ দৰেই পিছ নুগুণি লোভত, সম্ভৱতঃ খঙত, টোপেসৈতে সেই বৰশীতো গিলি পেলালে। মই চিপ মাৰি দিলো, আৰু, আৰু তাৰ পিছতে সেই শল মাছটো আজলা আৰু আত্মৰক্ষাৰ নিমিত্তে অসমৰ্থ পোনাবাহক অনাথ কৰি মোৰ বৰশীত লাগি বামত পৰিল। মাছটোৱে কষ্টত আৰু মৃত্যুকাল উপস্থিত ভাবি চট্ফটাবলৈ ধৰিলে, আৰু মোৰ মনেও সেইদিনৰ পৰিশ্ৰম আৰু চেষ্টা সফল হোৱা দেখি উত্তেজিত হৈ উলাহত নাচিবলৈ ধৰিলে। দীঘলীয়া কাম চমু কৰি থবৰ নিমিত্তে মই মাছটো ধৰি মাটিত ঠেকেচা মাৰি দিলো। তাৰ পিছত—তাৰ পিছত—ক্ষন্তেকীয়৷ নিষ্ঠুৰ উত্তেজনাৰ পিছত পানীত থকা অনাথ শিশু পোনাবিলাকলৈ মোৰ চকু গল। ভাল নালাগিল। পানীৰপৰা মোৰ চকু তুলি আমি বামৰ মাছটোত দিলো। দেখিলো, মাছটোৱে মুখেৰে কাপ কাপ কৰিব লাগিছে। ধিমিক-ধিমিক মাত্ৰ তাৰ ধাতু লৰিব লাগিছে। এই দুই দৃশ্যই মোৰ অন্তৰৰ নিভৃত খোটালিৰ নিভৃত চুক এটাত থকা কিবা এটা সচেতন বস্তুত অলপ খোচা বিন্ধা কৰা যেন পালো। কিন্তু মই তালৈ বৰকৈ মন নিদি উলাহক সাৰথি কৰি লৈ মাছটো ঘৰলৈ লৈ আহিলো। সংসাৰৰ অলেখ কামৰ চিন্তাৰ চকোৱাই অলপৰ পিছতে সেই মাছধৰা বিষয়টো সেই দিনালৈ ঢাকি পেলালে। কিন্তু গধুলি আয়ে যেতিয়া পুৱাৰ সেই শল মাছত মূলা দি আঞ্জা ৰান্ধি মোক খাবলৈ দিছিল, মোৰ অন্তৰৰ সেই ঠাইত বেজিৰ ফুটনি বুজনকৈয়ে অনুভৱ কৰিছিলো, গতিকে ৰুচিৰে সৈতে সেই আঞ্জা মই খাব নোৱাৰিলো।

 ৰাতি শুবলৈ বুলি শোৱাপাটীত পৰিলত অনাহুত অসংলগ্ন নানাভাবে খেলিমেলি লগাই মোৰ মনটো অসুখীয়া কৰি পেলালে। তেনে অৱস্থাত মোৰ কেতিয়া টোপনি আহিল কব নোৱাৰোঁ। টোপনিত এইটো সমাজিক দেখিলো:—মোৰ শোৱাপাটীৰ চাৰিউফালে অসংখ্য কেচুৱা লৰাই মোক বেঢ়ি কান্দিব লাগিছে। ইমানবোৰ কেচুৱা লৰা কৰপৰা কিয় আহি মোক বেঢ়ি ধৰি কান্দিছে মই বুজিব নোৱাৰি মাত লগালো “বোপাইহঁত! মোৰ চিকুণিহঁত! তহঁত কৰপৰা আহিছ? তহঁতৰ কি হৈছে? কিয় কান্দিছ মোক কচোন?” মোৰ প্ৰশ্ন শুনি সিহঁতে সিহঁতৰ কণ কণ মুখবোৰেৰে মাত লগাই উত্তৰ দিলে;—“আমাক তই এতিয়া চিনিকে নোপোৱা হলি! আমি কিয় কান্দিছো নজনাই হলি! নিষ্ঠুৰ! তই আমাৰ আইক কিন্তু বধ কৰিলি? তেওঁ তোৰ কি জগৰ কৰিছিল? তই আমাক মাউৰা কৰিলি কিয়? পপীয়া! লুভীয়া! তই আমাকো মাৰি পেলা! আমাকো মাৰি খাই পেলা! হায়! তই আমাক মাৰি দেখোন আমাৰ দুখীয়া আইক এৰি দিব পাৰিলিহেঁতেন। আমাকো তই আজি মাৰিব লাগিব, নহলে আমি তোক নেৰোঁ। তোৰ হাতত মৰিবলৈ বুলি থিক কৰিহে আমি আজি তোৰ গুৰিলৈ আহিছোঁহঁক। আমাক এতিয়াই মাৰ, মাৰ, মাৰ, নামাৰিলে তোক আমি নেৰোঁ!”

 হঠাৎ চাট্‌কৰে মোৰ টোপনি ভাগিল। মই খপ্ কৰে উঠি শোৱাপাটীতে বহিলো। দুখ শোক আৰু অনুতাপত মোৰ হৃদয় দগধ হল। সেই অৱস্থাতে মই ভালেখিনি পৰ থাকি, পূবেৰুণ দি আহিলত পাটীৰপৰা নামি গৈ, ঘৰৰ পানীপাছত আৰি থোৱা দাড়িৰে সৈতে বৰশীটো ডোখৰ-ডোখৰকৈ ভাঙি দলিয়াই পেলালো; আৰু তেতিয়াই শপত খালো যে “মোৰ জীৱৰ্দ্দশাত মই আৰু বৰশীত হাত নিদিওঁ।”

কাশীবাসী।

 সি আজি ভালেমান বছৰৰ আগৰ কথা। জাৰ কালি পুৱা। পূৱ আকাশত ৰদ বিৰিঙাইছে। চৰাই-চিৰিকতিবোৰে কল্ কলাই চেক্‌চেকাই চাৰিউফালে উৰি বিয়াদান দিছে। গঙ্গাৰ সোঁত ধীৰ-গম্ভীৰভাৱে এনেকৈ বলিছে যে সোঁত বলিছে বুলি দূৰৰপৰা উমানকে ধৰিব নোৱাৰি। নৈৰ পানীৰ ওপৰত অলপ ধোৱাৰ নিচিনা ভাপ উঠিছে, দেখিলে মনত খেলায় যেন তাত প্ৰাতঃস্নান কৰিবলৈ গৈ জাৰত দুখ পোৱা লোকসকলৰ প্ৰতি অনুকম্পা প্ৰদৰ্শন কৰি প্ৰকৃতি দেবীয়ে গঙ্গাৰ তলত উমা-জাল দি পানীবোৰ কুহুমীয়াকৈ তপতাই দিছে। স্নান কৰিবলৈ যোৱা- সকলৰ কোনোৱে পানীত নামি মন্ত্ৰ মাতি জোবোৰা মাৰিছে; কোনোৱে জোবোৰা মাৰি বামলৈ উঠিছে; কোনোৱে জোবো- ৰাৰ অন্তত পানীতে থিয় হৈ, ওলাই অহা ন বেলিৰ ফালে মুখ কৰি সন্ধ্যা-আহ্লিক কৰিছে; কোনোৱে বামলৈ উঠি শিলৰ খট্খটিত বহি কোষা অৰ্ঘা ফুল তুলসী বেল-পাত লৈ শিৱপূজা কৰিছে; কোনোৱে তিতা কাপোৰ সলাই ৰঙা – বগা কলপতীয়া বৰণৰ পাটৰ শুকান চুৰিয়া পিন্ধিছে; কোনোৱে বা গাৰ কাপোৰ খহাই খট্খটিৰ ওপৰত থৈ পানীত নামিবৰ উদ্যোগ কৰিছে। কাষতে পাৰত দুজন চাৰিজন সন্যাসী ফকিৰে বহি জুই জালি ভাং ধপাত হুপিছে। পুহ মহীয়া কাশীৰ দশাশ্বমেধ ঘটিত এই দৃশ্য। মোৰ এজন অসমীয়া বন্ধুৰে সৈতে ময়ো গঙ্গাস্নান কৰিবৰ মনেৰে এদিন পুৱাই তালৈ গৈছিলো। কিন্তু গাৰপৰা নোমৰ চোলা কাপোৰ শোলোকাই মোৰ উদং গাটোৰ কোমল ছালখন জাৰৰ চোকা দাঁতৰ আগলৈ সতকাই আগ বঢ়াই দিবলৈ সঙ্কোচ কৰি, দেখাক দেখি একাঙ্গুল দুগ্ধাঙ্গুলকৈ সাহ গোটাবৰ মনেৰে আলম-বিলম কৰি বন্ধুৱে সৈতে সাত-পাঁচ উৰণীয়া কথা পাতিব লাগিছো। এনেতে দেখিলো এৰীয়া কাপোৰৰ শাৰী পিন্ধা আশী বছৰমান ৰয়সীৰা থপথপীৰা বুঢ়ী এজনীয়ে আমাৰ কাষ চাপি আহি আমাৰ মুখলৈ চাই শুধিছে— “বাবা, তোমৰা কি অসমীয়া মানুহ?” মই উত্তৰ দিলো, “হা, আমৰা আসাম দেশেৰ লোক।”

 বুঢ়ী।— কত বাড়ী?”

 মই।— “ৰংপুৰ শিৱসাগৰে বাড়ী। আপনি কে? কেন জিজ্ঞেস কৰছেন বলুন দেখি? আপনাৰ বাড়ী কোথায়?”

 বুঢ়ী।—“বাবা, আমাৰ বাড়ীও ৰংপুৰে। আমিও অসমীয়া মানুহ। হা বিশ্বনাথ! হায় মোৰ গোসাই! আজি কত কালৰ মুৰে আমাৰ দেশৰ মানুহ দেখিতে পাইলু!” এই বুলি বুঢ়ীয়ে ভালেমান কথা কৈ হা-হুতাহ কৰি আমাৰ ওচৰতে বহিল। দেখিলো বুঢ়ীৰ চকু পানীৰে চলচলীয়া হৈছে। আমি দুয়ো ভালকৈ কথা কৈ বুঢ়ীক তেওঁৰ আতি-গুৰি শুধিলত বুঢ়ীয়ে অসমীয়া আৰু বঙ্গ- লাৰে সান-মিহল ভাষাৰে নিজৰ যি কাহিনী বৰ্ণনা কৰিলে তাৰ সাৰ ভাগ চমুকৈ তলত দিলো।—

 “বোপাহঁত, তোমালোকক নো আৰু মোৰ আতি-গুৰিৰ কথা কি কম! সেইবোৰ দুখ-বেজাইৰ কথা সুৱঁৰিলে এতিয়াও মোৰ হিয়া ভাগি যায়। মই আগেয়ে কি আছিলো সেই কথা মনত পৰিলে সেইবোৰ আন এজনমৰ কথা যেন লাগে।  “আমাৰ ঘৰ ৰংপুৰ চহৰত আছিল। ম‍ই ভৰালী বৰুৱাৰ ঘৰৰ জীয়াৰী, দুলীয়া বৰুৱাৰ ঘৰলৈ পৰিছিলো। মোৰ বোপাই ডাঙৰ মানুহ, আৰু স্বামীও ডাঙৰ মানুহ আছিল। মোৰ ধন- বিত ঐশ্বৰ্য্য-বিভূতি সুখ-সম্পদৰ অন্ত নাছিল। কাল-মানে মোৰ ইহজীৱন নষ্ট কৰিলে! অকল মোৰ নহয় বোপাহঁত, হেজাৰ হেজাৰ দুৰ্ভগীয়া অসমীয়া মানুহক সিহঁতে খালে। মানৰ সেই কালৰ সেই ভয়ানক উপদ্ৰৱৰ কথা সুৱঁৰিলে এতিয়াও ভয়ত অন্তে-কণ্ঠে শুকায়। পলৰীয়া চন্দ্ৰকান্ত ৰজাক মানে নানা কথা কৈ জোৰহাটলৈ মাতি আনি তাতে বন্দী কৰি ৰংপুৰত থলে। মানদেশৰ ৰজাই বৰ সেনাপতি মিঙিমাহা বান্দুলালৈ হুকুম দি পঠিয়ালে যে বান্দুলা আসামৰপৰা উভতি যাব লাগে। ৰজাৰ হুকুম পাই বান্দুলাই সৰহ ভাগ মান-সেনা লগত লৈ উভতি নিজৰ দেশলৈ যাবলৈ ওলাল। কিন্তু বোপাইহঁত, যাওঁতে পাষণ্ড- হঁতে দেশৰপৰা ধন বস্তু যি পালে চুচি নিলেই, সেইবোৰৰ উপৰিও হাজাৰে হাজাৰে অসমীয়া মানুহ ধৰি লগত লৈ গুচি গল। সেই মানুহবোৰ কেনেকৈ নিছিল তোমালোক কব লাগে নে? শুনিবা নে? শুনা কওঁ। সিহঁতে বুঢ়া মেঠা আৰু লৰা ছোৱালীবোৰক নিনি জিয়াতু দি মাৰি থৈ গৈছিল, ডেকা- বোৰক সিহঁতৰ ভাৰী আৰু ডেকেৰীবোৰক তিৰোতা কৰি লৈ গৈছিল। গৰু ছাগলী সাঙুৰি নিয়াদি সেই মানুহবোৰ সিহঁতে সাঙুৰি নিছিল মোৰ বাপাইহঁত! সিহঁতৰ মাৰ ধৰ অত্যাচাৰ সহিব নোৱাৰি কত মানুহে যে বাটতে আপোন-ঘাতী হৈ আৰু এনেই মৰিল তাৰ লেখা জোখা নাই। আমি বৰ কাছৰ হাতোৰা ফুটাই বেত-সুতেৰে বন্ধাদি দহোটা কুৰিটাকৈ একো একো জাক মানুহৰ হাতৰ তলুৱা ফুটাই সিহঁতে বান্ধি লৈ গৈছিল। ময়ো মানৰ হাতত বন্দী হৈ যোৱা মানুহ ! তেতিয়া মই উঠি-অহা ছোৱালী, মোৰ বয়স ১৫ বছৰ মাথোন ! হঠাৎ মানে আমাক ঘৰ বেৰা দি ধৰিলে । মোৰ স্বামী কেনি পলাল মই নেদেখিলোঁ । মোক সিহঁতে বন্দী কৰি ললে । আমাৰ বহু-বস্তু যি আছিল সোপাকে সিহঁতে লুটি-পুটি ললে! উস! সেই অত্যাচাৰৰ কথা সুৱৰিলে বুকু ফাটি যায় ! বোপাইহঁত, সেই অসুৰহঁতৰ দৌৰা- ত্ম্যৰ কথা আৰু তোমালোকক বহলকৈ কৈ কি কৰিম, মুঠতে কওঁ যে পাপীষ্টহঁতৰ হাতত মোৰ সকলো গল !"

 দেখিলো, বেজাৰত বুঢ়ীৰ মুখৰপৰা কথা ভালকৈ নোলোৱা হৈ ঠোকাঠুকি হৈ ওলাইছে । মই লাহেকৈ মাত লগালো,— “আপোনাৰ কষ্ট হৈছে। থাওঁক সেইবোৰ কথা আৰু কব নেলাগে ।” মোৰ কথা শুনি বুঢ়ীয়ে থিতাতে নিজক চন্ডালি লৈ আকৌ আৰম্ভ কৰিলে——“কষ্টতো হৈছেই; কিন্তু মোৰ বুকুৰ ঘাবোৰৰ ওপৰত যদিও এতিয়া কাঠ বান্ধি আছে, তথাপি তাত অঙ্গুলি দিলে আগৰ নিচিনাকৈয়ে টান পাওঁ; অৱশ্যে এতিয়া তাৰপৰা আৰু তেজ নোলায় ।

 "যাওক সেইবোৰ কথা । আমি দহ হেজাৰমান মানুহক মানহঁতে চিংফৌহঁতৰে সৈতে গোটখাই পাটকাইৰ কাষ পোৱাই- ছিলগৈ । আমাৰ ভিতৰত ভালেমানক চিংফৌহঁতে সিহঁতৰ গোলাম কৰি নিজৰ দেশত ৰাখিলে । ভালেমানক মানে নিজৰ দেশলৈ লৈ গুচি গল । এনেতে কুম্পানীৰ ফৌজে ইফালৰ

মান আৰু চিংফৌ হঁতক খেদি গল। মান আৰু চিংফৌৰে সৈতে ন-দিহিং নৈৰ কাষতে কুম্পানীৰ ফৌজৰ ৰণ লাগিল। সেই ৰণত মান আৰু চিংফৌহঁত কুম্পানীৰ ফৌজৰ হাতত হাৰিল, আৰু মানক কুম্পানীৰ ফৌজে একেবাৰেই আসামৰ সীমাৰপৰা উলিয়াই খেদিলে। মানৰ গলতে চিংফৌবোৰ শান্ত হল। কুম্পা- নীৰ সেনাপতি নিউভাইয়ে ( Captain Neutville) প্ৰায় ছয় সাত হাজাৰমান অসমীয়া মানুহক মানৰ হাতৰপৰা এৰুৱাই আমাৰ ঘৰৰ ফালে পঠিয়াই দিলে। সেই মানুহবোৰৰ ভিতৰৰ ময়ো এজনী।

  “কিন্তু বোপাইহঁত মোক চাহাবে সৰুৱাই অনাতকৈ ম‍ই তাতে মিৰি যোৱাহেঁতেন বা মানে লৈ যোৱাহেঁতেন হেজাৰ গুণে ভাল আছিল। কিয় কওঁ শুনা। মই হতভাগিনী উভতি আহি যেতিয়া আমাৰ ৰংপুৰৰ ঘৰ ওলালোঁহি, মোৰ স্বামী আৰু শহুৰ শাহুৱে মোক সামৰি লওক ছাৰি মোক ভ্ৰষ্টা বুলি পদূলিৰ মুৰলৈকে থুকিব নিদিলে। মই দুই হাতে নিজৰ কপালখন খুন্দি কত কাকূতি মিনতি কৰি মোক আমাৰ টোলৰ ভিতৰতে, লাগে যদি আতৰতে ঠাই এচমকা দি ৰাখিবলৈ তেওঁলোকক কলো, কিন্তু তেওঁলোকৰ শিলেৰে বন্ধোৱা হিয়াত মোৰ কান্দোন-কাটোন নোসোমাল। মোৰ কান্দোন দেখি স্বামীৰ চকুৰ পানী যে মই ওলোৱা নেদেখিছিলো এনে নহয়, কিন্তু তেওঁ মহাদৈত্য জাতৰ ভয়ত ঘৰে ঘৰোৱাহ আৰু আন ওচৰ-চুবুৰীয়াৰ বিপক্ষে থিয় হৈ মনুষ্যত্ব প্ৰকাশ কৰিব নোৱাৰিলে। মই নিৰুপায় হৈ মোৰে নিচিনা দুৰ্কপলীয়া এজনীৰে সৈতে লগ লাগি লাহে লাহে খোজ কাঢ়ি খুজি -মাগি খাই আহি আহি, ছমাহমানৰ মূৰত কাশী পাই অনাথৰ নাথ বিশ্বনাথৰ চৰণত শৰণ নলো। তেতিয়াৰেপৰা মই এই কাশীতে বাস কৰি আছোঁ, মোৰ দুখৰ দীঘলীয়া জীৱনৰ ওৰ এতিয়াও পৰা নাই। কিন্তু পৰিব অলপতে। আজি তোমা- লোকৰ মুখৰ অসমীয়া মাত শুনি ম‍ই যে কি অমিয়া-মধু পিবলৈ পালো, কত পুৰণি দুখ-বেজাৰৰ কথা মোৰ মনত পৰিল তাক কি কম! হে বাবা বিশ্বেশ্বৰ। হে বাবা ভোলানাথ! তোমাৰ অপাৰ মহিমা! তুমি এই দুখুনীক তোমাৰ চৰণত ঠাই দিছাঁ, পৰকালতো যেন দুখুনীক নেৰা, তোমাৰ অভয় চৰণত দুখুনীৰ এই প্ৰাৰ্থনা।”

  বুঢ়ীৰ জীৱনৰ শোকপূৰ্ণ ইতিহাসে মোৰ মনত এনে এটা বেজাৰৰ ছাঁ পেলালে যে, সেই পুৱা আৰু মোৰ গঙ্গা-স্নানৰ ক্ষীণোৱা অভিলাষ আৰু ক্ষীণাই অদৃশ্য হল। আমাৰ ওচৰৰপৰা বুঢ়ী গুচি যোৱাৰ পিছত ম‍ই স্নান নকৰোঁ বুলি মোৰ লগৰীয়া- জনক কলত, তেৱোঁ যেন ৰক্ষা পৰি, মোৰ মততে মত দিলে; আৰু দুয়ো নিজৰ বহালৈ উভতি আহিলো।

ভোম্ কেৰোলা

 সৃষ্টিধৰ চব্ ডিপুটি হাকিম। তেওঁৰ ভাৰ্য্যাৰ নাম লাহৰী দেবী। পুতেকৰ নাম সন্তোষকুমাৰ। গধূলি লাহৰীয়ে সন্তোষক কোলাত লৈ বহি আছে; গৰু-গাই ঘৰ চাপিল, কিন্তু হাকিম ডাঙৰীয়া নাচাপিল। গধুলিটো পকি সৰি গেলিল, গহীন ৰাতিয়ে মল ধৰিলে, তথাপি ডাঙৰীয়া নুভতিল। হাকিমনীৰ মনত নানা ভাব, নানা অশান্তি। ‘আজি আহকচোন, ম‍ই যদি আমুকী হওঁ ভালকৈ এসেকা দিম ইত্যাদি, খঙৰ ঘৰত ওপজা সঙ্কল্প, অভিমানৰ কোলাত ডাঙৰ হোৱা প্ৰতিজ্ঞা, হাকিমনীৰ মনত কত ওলাইছে কত মাৰ গৈছে তাৰ লেখজোখ নাই। ঠিক ৯ বাজি তিনি মিনিট যোৱাত শ্ৰীমতী লাহৰী দেবীয়ে তেওঁলোকৰ পদূলিৰ মূৰত গিৰিয়েকৰ সঁহাৰি পালে। লাহৰীয়ে বুজিলে সৃষ্টিধৰৰ আশু প্ৰবেশ উপস্থিত। তেওঁ লৰাটো ভালকৈ কোলাত সামৰি লৈ, গালখন ওফোন্দাই আৰু কপালৰ গাঁঠিটো লৈ ঘোৰ মূৰ্ত্তি ধৰিলে।

 সৃষ্টিধৰে ঘৰ সোমায়েই, ঘৈণীয়েকৰ মুখৰ ফালে চায়েই বুজিব পাৰিলে, যে হাকিমনীৰ আদালতৰ পৰা তেওঁৰ “কৈফিয়ৎ তলপ” হৈছে।

 সৃষ্টিধৰে সবিনয় নিবেদন কৰিলে – “মোৰ আজি অলপ বেলি হল, ম‍ই বুজিছোঁ। সেই ভোম্ কেৰোলা পণ্ডিতৰ ঘৰলৈ গৈছিলোম, তাতে বহি থাকোঁতে হে পলম হল।”

 লাহৰী।— ( আচৰিত হৈ ) "কাৰ ঘৰলৈ?”

 সৃষ্টিধৰ।— “ভোম্ কেৰোলা পণ্ডিতৰ ঘৰলৈ।”

 লাহৰী।— “কোন ভোম্ কেৰোলা বোলা হেঁ? এইটো নো আকৌ কোন ভোম্ কেৰোলা ওলালহি ইয়াত?”

  সন্তোষকুমাৰে বাপেকক দেখি মাকৰ কোলাৰপৰা মুখখন উলিয়াইছিল; কিন্তু এনেতে হঠাৎ সি এনেকৈ চিয়ৰ মাৰি দিলে যে, মাক বাপেক দুয়ো, লৰাটোৰ কি হল বুলি ব্যস্ত হৈ পৰিল। চিয়ৰটোৰ পিছত সন্তোষে উচুপি উচুপি কান্দিবলৈ ধৰিলে। বাপেক মাক দুয়ো বিব্ৰত, কোনোমতেই সন্তোষ নিচুক নহয়।

 কিছুমান বেলিৰ মূৰত সন্তোষকুমাৰ নিচুক হল। তাৰ কি হৈছিল, কিয় সি সেইদৰে ভয় খাই কান্দিছিল তাৰ কাৰণ সৃষ্টি- ধৰে শুধি শুধি উলিয়াবলৈ চেষ্টা কৰিবলৈ ধৰিলে।

 “কচোন মইনা তই কিয় এইদৰে কান্দিছিলি?” কিছুমান বেলিৰ মূৰত সন্তোষে কলে “ভোম্কেলোলা!” বাপেকে শুধিলে “ভোমকেৰোলা? কি হল?” সন্তোষে কলে ভোম্‌কেলোলা, আমাল ঘলৈ আহিথে নে দেতা? কত আথে? আমাল বল আমজোপাত উঠি আথে নে দেতা? মোক ধলি নিব নে?”

 এই কথা শুনি সন্তোষৰ ভয়ৰ কাৰণটো বুজিব পাৰি মাক বাপেকে দুয়ো ইমানকৈ ঢেক্ঢেক্‌ কৰে হাঁহিবলৈ ধৰিলে যেন তেওঁলোকৰ ঘৰটোৱে মাত লগালে "পৰোঁ ”, "পৰোঁ ", মাক বাপেকৰ এই হাঁহিৰ ৰোল শুনি সন্তোষো নিতাল। সৃষ্টিধৰে মাত লগালে “গুচ,, তোৰ নিচিনা আকৰা লৰা মই কতো দেখা নাই ভোম্‌কেৰোলা আকৌ কি আমগছত উঠি থাকিব হেৰ? ভোম্‌- কোৰোলা তো ভূত নহয়, ভোকেৰোলা মানুহ; আমাৰ স্কুলৰ পণ্ডিত; ইয়ালৈ ন-কৈ আহিছে।”

 ইয়াৰ পিছতো সন্তোষৰ ভয় ভালকৈ নুগুচা দেখি, তেওঁ - লোকে ভোকেৰোলাৰ কথা স্থগিত ৰাখি আন কথা পাতিবলৈ ধৰিলে।

 কিছুমান বেলিৰ মূৰত সন্তোষৰ টোপনি আহিল। সৃষ্টিধৰৰ ভাৰ্য্যাই তেতিয়া লাহেকৈ স্বামীক শুধিলে— বাৰু সঁচাকৈয়ে কোৱাচোন, এইটো নো কৰপৰা আমাৰ দেশত ভোম্কেৰোলা ওলালহি? আগেয়ে দেখোন আমি এই কেৰোলাৰ নাম শুনা নাই? আমি তিতা কেৰোলা, ভাত-কেৰোলাকে আদি কৰি অনেক কেৰোলাৰ নাম শুনিছোঁ, দেখিছোঁ, খাইছোঁ, কিন্তু ভোম্কেৰোলা দেখা নাই, তাৰ নাম শুনা নাই দেখোন একা? এইটো কেৰোলা নো ইমান দিন কত আছিল? এইটো কিবা বিলাতী কেৰোলা নে কি?” ঘৈণীয়েকৰ কথা শুনি সৃষ্টিধৰে হাঁহি উত্তৰ দিলে – “তুমিও দেখোন কিবা আকৰী হৈ আহিলাহেঁ! ভোম্‌কেৰোলা জানো কেৰোলা? ভোম্‌কেৰোলা কেৰোলা নহয়, এজন মানুহৰ নাম হে। অৱশ্যে গুপুত নাম। সেই মানুহজন হৈছে আমাৰ ইয়াৰ স্কুলৰ পণ্ডিত। অৱশ্যে তেওঁৰ নাম সকলোৱে জানে সীতানাথ শৰ্ম্মা বিদ্যা ৰত্ন বুলি। আজি মই মঙ্গলদৈৰ মানুহ এজনৰ মুখেহে এই পণ্ডিতৰ আতিগুৰি শুনিবলৈ পাই, তেওঁৰ পুৰণি ভোম্কেৰোলা নামেৰে সৈতে বৃত্তান্তটো জানিলো। জানি আজি গধূলি পণ্ডিতক এবাৰ চাই আহোঁগৈ বুলি তেওঁৰ ঘৰলৈ গৈছিলো; তাতে কথা পাতি বহি থাকোঁতেহে মোৰ অহাত পলম হল।”

 ঘৈণীয়েক।— কিনো বিতানত শুনিলা কোৱাচোন আমিও শুনো?”

 সৃষ্টিধৰ। “বৰ আশ্চৰ্য্য কথা। যদি সচাঁ হয়, তেস্তে এই ভোম্কেৰোলা বৰ ভয়ানক কেৰোলা, আমি চিনি-জানি পোৱা কোনো কেৰোলাই এই কেৰোলাৰ ওচৰ চাপিব নোৱাৰে। শুনা কওঁ,—সৰ্ব্বেশ্বৰ ভট্টাচাৰ্য বিদ্যাৰত্ন মঙ্গলদৈৰ মাতঃবৰ মানুহ। তেওঁ মঙ্গলদৈত এজন বৰ নাম-জ্বলা পণ্ডিত আছিল। এদিন তেওঁ দুপৰীয়া খাই-বৈ চৰাঘৰতে বহি এখন পুথি চাই আছে, এনেতে ফোঁট লগুণ পিন্ধা শুৱনি ডেকা লৰা এটি তেওঁৰ আগত উপস্থিত হলহি। বিদ্যাৰত্নই তেওঁক কোন বুলি শুধিলত ডেকা লৰাটিয়ে উত্তৰ দিলে, —মই “ব্ৰাহ্মণৰ লৰা; মোৰ ঘৰ উজনিৰ গৰগাঁও চহৰত। মোৰ নাম বেদনাথ। মই পিতৃ মাতৃহীন অনাথ বালক; মোৰ কেওঁ-কিছু নাই। সৰুৰেপৰা মোৰ সংস্কৃত বিদ্যা শিকিবৰ নিমিত্তে বৰ আগ্ৰহ। আপোনাৰ নাম আৰু যশস্যা শুনি মোৰ আশা পূৰ্ণ হব বুলি ভাবি আপোনাৰ ওচৰলৈ আহিছোঁ। অনাথ ব্ৰাহ্মণ সন্তানক দয়া কৰিলে কৰিব পাৰে। মোৰ কি আছে কি দিম। ঈশ্বৰে আপোনাৰ ভাল কৰিব ইয়াকে কওঁ।”

 এই কথা শুনি আৰু ডেকালৰাটিৰ সুন্দৰ মুখশ্ৰী দেখি, দয়ালু বিদ্যাৰত্নৰ দয়া উপজিল। তেওঁ ডেকাক আশ্বাস কৰি নিজৰ ঘৰতে ৰাখি সংস্কৃত শাস্ত্ৰ পঢ়াবলৈ ধৰিলে। চোকাবুধীয়া ডেকাই অলপ দিনৰ ভিতৰতে নিজৰ কৃতিত্ব দেখুৱাই বিদ্যাৰত্ন মহাশয়ৰ হৃদয় অধিকাৰ কৰি পেলালে; আৰু উদাৰ বিদ্যাৰত্নই ডেকাক নিজৰ পো যেনকৈ যত্ন কৰি সংস্কৃত শাস্ত্ৰ পঢ়াবলৈ ধৰিলে।

 বিদ্যাৰত্ন মহাশয় অপুত্ৰক আছিল। দুটী জীয়েক মাথোন তেওঁৰ সৰ্ব্বহ। তালজুৰীয়া দুইজনী জীয়েকক বিয়া দিবৰ সময় হৈছিলহি। তেওঁ অনেক ভাবি চিন্তি থিৰ কৰি সেই ডেকালৈকে দুইজনী জীয়েকক বিয়া দি ডেকাক ঘৰজোৱাই কৰি ৰাখিলে। ডেকাও পৰম আপ্যায়িত হৈ বিস্তাৰত্নৰ পুতেকৰ ঠাই অধিকাৰ কৰি ধন-সম্পত্তিৰ মালিক হল।


জীয়েক দুজনীক বিয়া দিয়াৰ এবছৰৰ পিছত ঈশ্বৰৰ ইচ্ছাত বিদ্যাৰত্নৰ মৃত্যু হল। বিদ্যাৰত্নৰ মৃত্যুৰ পিছৰপৰাই, জোৱাঁ- য়েকৰ লুকাই থকা উগ্ৰ স্বভাৱ লাহে লাহে ফুটি ওলাবলৈ ধৰিলে। তেওঁ শহুৰেকৰ বিষয় সম্পত্তিৰ আৰু কণ্যা দুটীৰ অধিকাৰী হৈ জগতক তৃণৰ নিচিনা দেখিবলৈ ধৰিলে। বিনাদোষতে বা অলপ দোষতে তেওঁ দিনৌ ঘৈণীয়েকহঁতক কিলায়। লাহে লাহে তেওঁৰ এই স্বভাৱ ইমান বদ্ধমূল হলগৈ যে ঘৈণীয়েকহঁতক কিলোৱাটো তেওঁৰ নিত্য-নৈমিত্তিক কাৰ্য্যৰ ভিতৰত পৰিলগৈ।

 বিদ্যাৰত্নৰ বৰজনী জীয়েকৰ নাম মেদিনী আৰু সৰুজনীৰ নাম কাদম্বৰী আছিল। মেদিনীৰ নামটো যেনে স্বভাৱটোও তেনে আছিল। মেদিনীয়ে গিৰিয়েকৰ মাৰ কিল অত্যাচাৰ সকলো দিনৌ ধৈৰ্য্য ধৰি সহিছিল। কিন্তু কাদম্বৰীৰ স্বভাৱ তেনে নাছিল। কাদম্বৰীৰ স্বভাৱ তাৰ সম্পূৰ্ণ বিপৰীত। কাদম্বৰীয়ে মাৰ খাই তাক গালিৰে শুতাইছিল; আৰু তেনে কৰি গিৰিয়েকৰ হাতত আৰু সৰহকৈ মাৰ কিল খাইছিল; কিন্তু কাদম্বৰী নিষ্কাম। তেওঁ ফলাফলৰ অপেক্ষা নাৰাখিছিল।

 দুয়ো বায়েক ভনীয়েকৰ মনত বৰ বেজাৰ দুইৰো সদায় এইদৰে দুখত কাল যাবলৈ ধৰিলে

 দৈবক্ৰমে এদিন এটা ঘটনা ঘটিল, যাৰ ফল নাভূত-নাশ্ৰুতৰূপে দেখা দিলে। এদিন দুপৰীয়া খুব মাৰ কিল খাই, কাদম্বৰীয়ে কাঁহী বাটি এগলি লৈ নৈৰ ঘাটত পানী জুৱলিতে থৈ, বহি চকুৰ-লো টুকি আছে, এনেতে কৰবাৰপৰা সেই খিনিতে নাও এখন লাগিলহি। নাৱৰ ভিতৰৰপৰা এজন মানুহে মাত লগালে— “হেৰা আইটী, তুমি কিয় কান্দিছা? তোমাৰ কি হৈছে?” সুৱালকুচীয়া তেলীয়াৰ নাও যেন নাওখন যে সেইখিনিতে আহি লাগিছিল সেইটো কাদম্বৰীয়ে তেতিয়ালৈকে লক্ষ্যকে কৰা নাছিল। মাত শুনি হঠাৎ কাদম্বৰী উচাপ খাই উঠিল। নাৱৰ ভিতৰৰপৰা ওলাই আহি আদহীয়া বয়সৰ ভাল মানুহ এজনে টিঙৰ চৰথত থিয় হৈ আকৌ মাত লগালে — “আইটী, তুমি ভয় নাখাবা, কোৱাচোন এইদৰে ভৰ দুপৰীয়া অকলৈ নৈৰ ঘাটত পানীৰ জুৱলিত বহি কিয় কান্দিছা? চোৱাঁ- চোন আইটী, ম‍ই বুঢ়া মানুহ, তুমি মোৰ জীৰ নিচিনা। তোমাৰ মুখখন দেখি সচাকৈয়ে মোৰ জী প্ৰতিমালৈ মনত পৰিছে। কোৱাঁ মোৰ আইদেও, তোমাৰ কিহৰ বেজাৰ?”

 মানুহজনে মিঠা মিঠাকৈ এনেকৈ কাদম্বৰীক কথা শুধিবলৈ ধৰিলে যে ক্ষন্তেকতে কাদম্বৰীৰ বিশ্বাস সেই মানুহ জনৰ ওপৰত সোপাই সোমাল। কাদম্বৰীয়ে তাইৰ সকলো দুখৰ কথা তেওঁৰ আগত ভাঙি কলে। কাদম্বৰীৰ কথাৰ ওৰ পৰিলত, যেন চাট্ কৰে কিবা এটা কথা মানুহজনৰ মনত পৰিল। তেওঁ শুধিলে, তোমাৰ গিৰিয়েৰা দেখিবলৈ অলপ শাওঁবৰণীয়া নহয় নে? আৰু তেওঁৰ মুখত অলপ গুটি-সাঁচ আছে নহয় নে? কপালত এটা ঘোৰাৰ টাবৰ নিচিনা সাঁচ আছে নে? আগদাঁত এটা অলপ ভগা নহয় নে?” ইত্যাদি প্ৰশ্নৰ উত্তৰত “হয়” এই উত্তৰ তেওঁ কাদম্বৰীৰ পৰা পালে। তেওঁ কলে – “আইটী, তোমাক মোৰ জী বুলিছোঁ। তুমি আৰু নাকান্দিবা, বেজাৰ নকৰিবা। মই এটা মন্ত্ৰ আজি তোমাক শিকাই দিওঁ; তোমাৰ গিৰিয়েৰাই তোমাক মাৰিবলৈ আহিলে তুমি সেই মন্ত্ৰটো মাতি দিবা দেই । দেখিবা, তোমাৰ গিৰিয়েৰা এই আজিৰপৰা আৰু তোমাক নমৰা হব।” কাদম্বৰীয়ে মানুহজনৰ কথাত, হাততে স্বর্গ ঢুকি পোৱাদি পালে । “মোক মন্ত্ৰটো শিকাই দিয়কচোন মোৰ দেউতা,” এই বুলি কাবৌ-কোকালি কৰি কাদম্বৰীয়ে মানুহজনক কলত, তেওঁ কলে “শুনা, শিকাই দিওঁ। আজি যেতিয়া তেওঁ তোমাক মাৰিবলৈ আহিব, তেতিয়া তুমি তেওঁৰ আগত মাতিবা—

 “ভোম্কেৰোলা তোৰ নাওঁ ৷ বঁটাকুছিত তোৰ গাওঁ ৷
  যদি মাৰ, ভেদ ভোহাৰি পেলাওঁ ।"

 মন্ত্ৰ ফাকি ভালকৈ মনত ৰাখি লৈ কাদম্বৰী ঘৰলৈ আহিল ৷ ঘৰ পালত, গিৰিয়েকে “তই নৈৰ ঘাটত ইমান পৰ কি কৰিছিলি।” বুলি, উত্তৰলৈ বাট নেচাই ঘৈণীয়েকক মাৰিবলৈ ডোখৰা খৰি এডাল তুলি খেদা দিলে । এই মাহেন্দ্ৰ যোগতে কাদম্বৰীয়ে মন্ত্ৰ মাতিলেঃ-

 “ভোম্কেৰোলা তোৰ নাওঁ! বটাকুচিত তোৰ গাওঁ ।
  যদি মাৰ, ভেদ ভোহাৰি পেলাওঁ ।"

মন্ত্ৰ ফাকিৰ কি মহিমা ! মতা মাত্ৰকতে গিৰিয়েকৰ মুখখন কেহে- ৰাজ-বটা যেন হল, আৰু হাতৰপৰা ডোখৰা খৰিডাল সৰি মাটিত পৰিল । সি অলপমান তবধ লাগি থিয় হৈ থাকি তাৰপৰা সুৰসুৰ কৰে গুচি গল । ঘৈণীয়েকেও মন্ত্ৰ ফাকিৰ গুণ দেখি ইমান আচৰিত মানিলে যে তাইৰ মনত খু-ধুৱাবলৈ ধৰিলে ইয়াৰ মানে কি ? তাই লৰ মাৰি বায়েকৰ ওচৰ পাই বায়েকক এই আচৰিত মন্ত্ৰৰ খবৰ দিলে । বায়েক অবাক !  সেইদিনা ওৰেদিনটো গিৰিয়েক শান্ত আৰু নিমাত ; মাটিত সাৰ আছে যদিও তাৰ গাত সাৰ নাই ৷ নেগুৰ-কটা বাঘ তাৰ খংৰাগ গুচি সি সেইদিনা ভেৰাছাগলীৰ পোৱালীটি যেন হল । বাইদেৱেকৰ বুধিমতে, সেইদিনা ৰাতি কাদম্বৰীয়ে আন দিনত- কৈও বৰকৈ যতন কৰি গিৰিয়েকক খুৱাই-বুৱাই সেৱা শুশ্রূষা কৰিলে, আৰু যেতিয়া গিৰিয়েক শুবলৈ গল, তেতিয়া গিৰিয়েকক অনেক ভক্তি ভাৱ দেখুৱাই, লাহে লাহে শুধিলে, তেওঁৰ তেনে পৰিবৰ্ত্তন হোৱাৰ কাৰণ কি ? গিৰিয়েকে অনেক ভাবিচিন্তি মাত লগালে—“তই সোপাকে কেনেবাকৈ জানিছ, আৰু মোক শুধিছ কেলৈ ?”

 কাদম্বৰী ।—“কোৱাচোন কোৱাঁ, ভালকৈ ভাঙি-ছিঙিয়েই কোৱাঁ, তোমাৰ বাহিৰে নো মোৰ এই পৃথিবীত কোন আছে ? মোক কলেনো কি হানি আছে ?” গিৰিয়েকে উত্তৰ দিলে—“মোৰ মুখৰ পৰা শুনিব খুজিছে শুন, কওঁ । কিন্তু মানুহৰ তো কথাই নাই, কোনো চৰাই -চিৰ্কতি পহু- পতঙ্গকো এই কথা তই নকবি। কলে, তহঁতো গলি, ময়ো গলো, নিশ্চয় জানিবি !—মোৰ ঘৰ উজনিৰ বঁটা-কুছি নামেৰে গাওঁ এখনত । সৰুতে মোৰ আই বোপাই ঢুকাল । আমাৰ ঘৰৰ ওচৰতে বৰ পণ্ডিত বামুণ এঘৰ আছিল । তেওঁৰ ঘৰলৈ মই সদায় অহা-যোৱা কৰি আছিলো । বাপুদেৱে মোক বৰ মৰম কৰিছিল । মোৰ আই-বোপাই মৰি মই নিঠৰুৱা হলত, বাপুদেৱে মোক তেওঁলোকৰ গোহালি ঘৰৰ আগছালিতে থাকিবলৈ ঠাই দি প্রতিপাল কৰিবলৈ ধৰিলে আৰু ময়ো তেওঁলোকৰ লাচনি-পাচনি বন-বাৰী কৰিবলৈ ধৰিলো। পণ্ডিত বাপুদেৱে সদায় সংস্কৃত পুথি-পাঁজি পঢ়ি শ্লোক মাতি থাকে, আৰু সেইবোৰ শুনি শুনি মোৰও মনত ৰৈ যাবলৈ ধৰিলে। এদিন মই সংস্কৃত শ্লোক গোটাচেৰেক, বাপুদেৱে মতাদি সুৰ ধৰি সুন্দৰকৈ মতা তেওঁ শুনি আচৰিত হৈ মোক ওচৰলৈ মাতি আনি সুধিলে, মই সেইবোৰ কেনেকৈ শিকিলো। মই কলো, “আপুনি দিনৌ গাধুই আহোতে; আৰু পূজা সেৱা কৰোতে মতা শ্লোকবোৰ ম‍ই শুনি শুনি শিকিলো। সেইদিনাৰ পৰা তেওঁ কি ভাবি কব নোৱাৰোঁ, আতৰৰপৰা থিয় হৈ, মোক দিনৌ সংস্কৃত লেখা-পঢ়া শিকাবলৈ ধৰিলে। মোৰ স্মৰণশক্তি আৰু বুদ্ধিটো ইমান চোকা আছিল যে এবাৰ কোনো এটা শ্লোক শুনিলে মোৰ মনত থাকে। অচিৰতে ম‍ই এটা সংস্কৃত শাস্ত্ৰ জনা পণ্ডিতৰ নিচিনা হৈ পৰিলো। মোৰ বুদ্ধি আৰু উন্নতি দেখি, পণ্ডিত বাপুদেৱে আনন্দতে মোক দিনৌ পঢ়াবলৈ ধৰিলে।

 “কিছুকালৰ মূৰত পণ্ডিত বাসুদেৱৰ মৃত্যু হল। মোৰ তেতিয়া ১৮ বছৰ বয়স। মোৰ জাতীয় বিদ্যাৰ বিষয়ে একো নিশিকি ম‍ই বিজাতীয় বিদ্যাত পাৰ্গত হোৱা বাবে, মোৰ মস্কিলৰ শেষ নোহোৱা হল। মই অন্ততঃ মোৰ গাওঁ-ভূই পৰিত্যাগ কৰাকে থিৰ কৰি, লাহে লাহে এইখিনি পালোহি। তাৰ পিছৰ ডোথৰ তই জানই।”

 এনেতে কাদম্বৰীয়ে লাহেকৈ মাত লগালে, “কিয়, কিহৰ বাবে নো মস্কিল হ'ল? তুমি নো কি অজাতীয়া বিদ্যা শিকিলা?"

 এই প্ৰশ্ন শুনি, খন্তেক মনে মনে থাকি গিৰিয়েকে মাত লগালে —— তই বুজিব নোৱাৰিলি? নিশ্চয় কিজানি বুজিও মোৰ মুখৰ পৰা সেইষাৰ উলিয়াব খুজিছ! শুন তেন্তে,—মই নদীয়ালৰ লৰা, বামুণ নহওঁ।”

 কথাষাৰ কাদম্বৰীৰ মূৰত বজ্ৰ পৰাদি পৰিল। “কি তুমি বামুণ নোহোৱা? নদীয়াল? সঁচানে?” গিৰিয়েকে মিহিকৈ উত্তৰ দিলে “সঁচ॥” নৈষ্ঠিক ব্ৰাহ্মণ পণ্ডিত বিদ্যাৰত্বৰ জীয়েক সেই পিনেই কাঁহ-পৰি-জিণ গল! তাই আৰু একো নামাতি মনে মনে থাকিল। ৰাতি এঘণ্টা মানৰ মূৰত গিৰিয়েকৰ টোপনি আহিলত কাদম্বৰীয়ে লাহেকৈ চাকিটো হাতত লৈ বায়েক শোৱা খোটা- লিলৈ গল;— দেখিলে বায়েক টোপনিত বিভোৰ। কাদম্বৰীয়ে ভাবিলে, তাইৰ আৰু তাইৰ বায়েকৰ জীৱন কলুষিত হল, আৰু ইহ- জন্মৰ নিমিত্তে সেই জীৱন ব্যৰ্থ। মহাপাপেৰে কলঙ্কিত অসাৰ্থক দেহাৰ মহাপ্ৰায়শ্চিত্ত আৱশ্যক, নতুবা সিহঁতৰ উদ্ধাৰ নাই; আৰু সেই পাপ কলঙ্কিত জীৱনৰ ভাৰ আৰু সিহঁতৰ বোৱা উচিত নহয়। ইয়াকে ভাবি তাই ভিতৰৰপৰা দুৱাৰত ভালকৈ দাং দি, সিহঁত শোৱা ঘৰটোত জুই লগাই দিলে! নিমিষতে জুই আকাশ লঙ্ঘি ধম্ধমাই উঠিল। থপ্ থপ্ কৰে জুই গিৰিয়েকৰ গাত পৰিলত সি হঠাৎ টোপনিৰ পৰা খপ্ জপ্ কৈ উঠি, গোৰ মাৰি দুৱাৰখন ভাঙি বাহিৰলৈ ওলাই আহিল। কপাল আৰু পিঠিত জুই পৰি পুৰি যদিও ঢৌ ফুটিছিল, তথাপি সি সেই যাত্ৰালৈ ৰক্ষা পৰিল। কিন্তু মেদিনী আৰু কাদম্বৰীৰ তেনে নঘটিল। সিহঁত দুয়ো ঘৰৰ ভিতৰতে পুৰি ছাই হল। এই খিনিতে কোৱা উচিত যে সেই ৰাতিয়েই জুই লগোৱাৰ আগেয়েই, কাদম্ব ৰীয়ে এই গোটেইটো ঘটনাৰ আতি-গুৰি এখন কাকতত লেখি সেইখন ওচৰ-চুবুৰীয়া৷ পেহীয়েক এজনীৰ ঘৰৰ বেৰৰ জলঙাইদি সৰকাই পেলাই থৈ আহিছিল। পিছ দিনা সেইখন পঢ়ি হে সকলোৱে সেই ভয়ানক দুৰ্ঘটনাৰ ওৰ পালে।

 “ইয়াৰ পিচত ভোম্কেৰোলা অন্তৰ্দ্ধান হল। কোনেও কব নোৱাৰিলে তেওঁ কলৈ গল! গলা-গপা শুনা গল যে তেওঁ বঙ্গ- দেশৰ নানা ঠাইত ঘুৰি ঘুৰি শেহত নবদ্বীপ পাই তাত আকৌ বামুণৰ লাৰা বুলি ফাকি দি কোনোবা অধ্যাপকৰ টোলত সংস্কৃত পঢ়িবলৈ ধৰিলে। এতিয়া হেনো সেই ভোম্কেৰোলাই আমাৰ ইয়াৰ ইস্কুলৰ পণ্ডিত, হৈ আহিছে।”

 ঘৈণীয়েক।—“অথচ তুমি এনেটো মানুহৰ ঘৰলৈকে গৈছিলা!”

 গিৰিয়েক।—“মোৰ বিশেষকৈ যোৱাৰ এটা কাৰণ আছিল,— তাৰ কপালত জুয়ে পোৰাৰ সাঁচ আছে নে নাই সেইটো চাবলৈ। সাঁচটো দেখিলেই ঘটনাটো যে মিছা নহয় সেইটো কিছুদূৰ জানিব পাৰিম বুলি।”

 ঘৈণীয়েক! — “সাঁচটো দেখিলা নে?”

 গিৰিয়েক।–“দেখিলো! আচৰিত কথা! সঁচা মিছা ঈশ্বৰে জানে।”

 ঘৈণীয়েক। —"ঈশ্বৰে জানক বা নাজানক, আজিৰপৰা কিন্তু তুমি তাৰ ঘৰলৈ যাব নালাগে।”

ভোকেন্দ্ৰ বৰুৱা

 গোন্ধাই গুৱাল।—“ভোকোন্দাইৰ মাক ঔ, ভোকোন্দাইৰ মাক! বোলে৷ কলৈ গল ঔ এইজনী! শুনিছ নে ঐ শুনিছ! বাঘেখাতীক বিচাৰিলেও পাবলৈ নাই! বোলো শুনিছ নে!”

 ঘৈণীয়েক জেতুকীয়ে লাওৰ হেদালিৰ তলত সোমাই লাও পাৰিবলৈ বিচাৰিছিল : গিৰিয়েকৰ মাত শুনি হেদালিৰ তলৰপৰা ওলাই আহি উত্তৰ দিলে, “কি হল নো? চিয়ৰ বাখৰ- খন বা লগাইছে কেলৈ? মোক নেদেখি কিবা এাৱাঁ চৰিল- নে কি?

গোন্ধাই।—“এৱা চৰা নাই; শুনহি। তোৰ কলিকতীয়া পুতেৰে এইখন কলিকতাৰ পৰা কি লেখি টিকচ্ মাৰি ডাকত দি পঠিয়াইছে, চাহিচোন চাহি!”

 কলিকতীয়া পুতেকৰ নাম শুনিয়েই জেতুকী উছাহত উত্তলি লৰালৰিকৈ গিৰিয়েকৰ ওচৰ পালেহি। জেতুকী—“মোৰ ভোকোন্দায়ে নো কি লেখিছে? মোৰ বোপাই ভালে আছে নে? মোৰ বোপাই ভালে আছে বুলি শুনিলেই মোৰ বুকুখন শীতল পৰি যায়। মোৰ দেহিডুখৰিক কিবা ধন-বিত লাগে নে? ধন-বিত লাগে যদি একুৰি মান ৰূপ পঠিয়াই দিয়া। মোৰ দেহি- ডুখৰিয়ে পঢ়ি থাওক, পঢ়ি থাওক, বৰ মানুহ হওক, মোক আন একো নেলাগে।”


 গোন্ধাই।—“বাঘেখাতী। তোৰ দেহি ডুখৰিক ধন-বিত নালাগে, বৰুৱা ফুকন হবলৈ হে লাগে। তাৰ এইখন চিঠি আজি

ডাকত পাই, তাত নো কি লেখিছে পঢ়াই আনিবলৈ আমাৰ বেথাৰাম ভাগতীৰ ওচৰলৈ গৈছিলো। চিঠিখনত ইংৰাজী দেশী দুই কলম আছে। ভাগতী বাপুৱে ইংৰাজী সোপা এৰিও আমাৰ মাতত লেখা সোপা যি পঢ়িলে তাক শুনি মোৰ গা গোটেইটোত জ্বৰ উঠিছে। তাৰ হেনো ভোকোন্দি নামটো কিবা অসইভ হৈছিল, সেইদেখি সি সেইটো নাম ঘহি মাজি সইভ কৰিলে। হেনো এতিয়াৰপৰা মই তালৈ চিঠি লেখিলে কিবা ভোকইন্দ্ৰ বুলি লেখিব লাগিব; আৰু বৰুৱা কথাষাৰো হেনো তাৰ পিছতে যোৰাই দিব লাগিব। অৰ্থাৎ আমাৰ ভোকোন্দাই ভোকোন্দি গুচি ভোকইন্দ্ৰ বৰুৱা হৈছে হেনো।”

 জেতুকী।—"বুজিছোঁ, মোৰ বোপায়ে হাড়-মুৰ ভাঙি দুখকৈ পঢ়িছে দেখি মহাৰাণীয়ে তাক বৰুৱা পাতিছে। বোলো, মোৰ এই গেন্ধেলা মুখখনেৰেই তোমাক কওঁ, দেখি থাকিবা, মোৰ ভোকোন্দাইক মহাৰাণীয়ে মন্‌চুপু নাপাতিও নেৰে। হওক, হওক, মোৰ বোপায়ে সাত-শতুৰুৰ মুখত ছাই দি মন্‌চুপ সদৰামিন এটাইবোৰ হওক। মই দিনৌ গোসাঁইক খাটি আছো, সেইদেখি তাৰ ভাল হৈছে। তাৰ হকে আমাৰ আতাৰ থানত মই পাল-নাম এভাগি গোৱাবলৈকো আগ কৰি থৈছোঁ।”

 গোন্ধাই।—“তই নো এইখন কি বলকিছ? মহাৰাণীয়ে তাক বৰুৱা পাতিছে বুলি তোক কোনে কলে? তোৰ পুতেৰে হে আপোনা আপুনি বৰুৱা হৈছে, আৰু মোকো সি বৰুৱা পাতিছে। তাৰ আগৰ নামটো হেনো বেয়া, সেইদেখি সি সেইটো সলাই কিবা ভোকইন্দ্ৰ হৈছে। মোৰ ও হেনো সি কিবা চৰিত্র লেখাইছে, সেইদেখি মোৰ নামটোও সলাই মোক গোন্ধেশ্বৰ বৰুৱা পাতিছে । তই নো কথামখাৰ আহমখা নুবুজাকৈ কি কব লাগিছ ?”

 এনেতে গোন্ধাইৰ ঘৰৰ আগেদি বগীৰাম ডাকবাবু যাওক । বগীৰামক দেখি গোন্ধায়ে মাত লগালে,—“ডাকবাবু ডাঙৰীয়া ! ডাকবাবু ডাঙৰীয়া ! ভো ভো কৰে নো কলৈ যাব লাগিছে ? এইপিনে এখন্তক আহকচোন, তামোলছালি এখনকে খাই যাওকহি।” এই কথা শুনি বগীৰাম আহি তেওঁলোকৰ ওচৰতে বহিলত, জেতুকীয়ে লৰালৰিকৈ তামোলৰ বঁটাটো উলিয়াই আনি তামোল কাটিবলৈ লাগিল ৷

 গোন্ধাই ।—“বোলো ডাকবাবু ডাঙৰীয়া, আমাৰ কলিকতীয়া লৰাটোৰপৰা এই চিঠিখন আহিছে, আমাৰ তাইক এবাৰ কিৰ্পা কৰি চিঠিখন পঢ়ি শুনাই দিয়কচোন ।” এই বুলি চিঠিখন গোন্ধায়ে বগীৰামৰ হাতত দিলত বগীৰামে ডাঙৰকৈ মাতি পঢ়িবলৈ ধৰিলে :—

“মাই ডিয়েৰ ফাদৰ,

 “আজি তোমালৈ যি কথা লেখিছোঁ, ম‍ই হপ্ (hope } কৰোঁ তুমি তাত মনযোগ কৰিবা । আজি এবছৰ হবলগীয়া হল মই কলিকতালৈ আহিলো । কিন্তু আহিবৰেপৰা মোৰ মনত এটা কথাই বৰকৈ উখল-মাখল লগাই আছিল । সম্প্ৰতি তাৰ এটা মীমাংসা কৰিছোঁ । বৰ লাজৰ কথা যে মোৰ নামটো ভোকোন্দি হৈছিল । really really বাস্তবিকতে এইটো বৰ shameful লাজৰ কথা ৷ ইয়াৰ কলেজৰ লৰাই এই নামটো লৈ মোক বৰ ঠাট্টা কৰে। ময়ো দেখিছোঁ যে ভোকোন্দি বৰ অসভ্য নাম Monstrous! তাক সভ্য কৰি লোৱাটো মোৰ duty অৰ্থাৎ কৰ্ত্তব্য। সেইদেখি মই আমাৰ কজেলৰ হাজিৰা-বহিত আজি মাৰ্চ মাহৰ ২০ তাৰিখে তাক কটাই ভোকেন্দ্ৰ কৰিলো। আৰু মোৰ নামৰ পিছত এটা উপাধি নোহোৱাৰ বাবেও বৰ হাঁহিয়াতৰ কথা হৈছে; সেইদেখি তাত বৰুৱা লগাই দিয়ালো। তুমিও আজিৰপৰা তোমাৰ নামটোৰ উন্নতিবিধান কৰি তাক গোন্ধেশ্বৰ কৰিবা আৰু তাত বৰুৱা কথাষাৰ লগাই দিবা; আৰু লোককো সেইদৰে তোমাক address কৰিবলৈ অৰ্থাৎ মাতিবলৈ কৈ দিবা। মই remember কৰে৷ অৰ্থাৎ মোৰ মনত আছে, তুমি এদিন কৈছিলা, মোৰ পেহী এজনা দুলীয়া বৰুৱাৰ ঘৰৰ সতৰাম বৰুৱাৰ হৰিভকত কানুৰামলৈ পৰিবৰ কথা হৈছিল। যদি সেইটো সঁচা তেন্তে সেই সূত্ৰতে আমিও বৰুৱা লেখাত কোনো ব্যাঘাত নেদেখোঁ। বিশেষ Ram gone, Ajodhya gone, অৰ্থাৎ ৰাম গল, অযোধ্যাও গল; আহোমো গল, আহোমৰ ৰাজত্বও গল।সেইদেখি আহোমে পতা বৰুৱা ফুকনসকল সেই সেই উপাধিৰ ওপৰত Copy-right also gone, অৰ্থাৎ স্বত্ত্বও গল। এতিয়া যি যোগ্য সিয়েই ইচ্ছামতে সেহ উপাধি ব্যৱহাৰ কৰিব পাৰে। This is according to Law of Equity অৰ্থাৎ ইকুইটি আইন মতে সত্য। আৰু “যোগ্য ভোগ্য বসুন্ধৰা” বুলি শাস্ত্ৰত আছে; এই সংস্কৃত কথাফাকিৰ মানে তুমি আমাৰ ভাগতী বাপুক শুধি লবা। এই বিষয়ে in detail অৰ্থাৎ বাহুল্যকৈ তোমালৈ লেখাৰ সকাম নাই; কাৰণ তুমি ignorant, সেইবোৰ বুজিব

নোৱাৰিবা । মুঠতে কওঁ, যে আজিৰপৰা তুমি মোৰ ins- truction follow কৰি ম‍ই কোৱা মতে কাৰ্য্য কৰিবা । আৰু এট৷ কথা ম‍ই তোমাক কওঁ । তুমি লাহে লাহে তোমাৰ Shame- ful গুৱালৰ ব্যৱসায়টো এৰিবলৈ চেষ্টা কৰিবা ; কাৰণ সেইটো লাজ লগা বুলি ম‍ই think অর্থাৎ বিবেচনা কৰিছোঁ । তুমি আগয়ে যি আছিলা, এতিয়া, you are my father, তুমি মোৰ পিতাই; therefore you must behave like a gentleman, অর্থাৎ ভদ্রলোকৰ দৰে তুমি চলিব লাগিব। আইক কবা, তেওঁ

যেন ঘৰে ঘৰে ঢেং ঢেং কৰে আৰু নুফুৰে । She must keep her respect অর্থাৎ এতিয়া তেওঁ নিজৰ মান সম্ভ্রম ৰাখি ফুৰিব লাগিব । I hope অর্থাৎ আশা কৰে৷, তোমালোকে মোৰ কথাৰ অন্যথা নকৰিবা । ইতিঃ—

Yours affectionately

শ্রীভোকেন্দ্ৰ বৰুৱা ৷

 পুঃ—মোলৈ লেখা চিঠিৰ ওপৰত মোৰ বিজুগ এইদৰে লেখাবা।-

Mr. B. K. Boroah.

First year Class, Metropolitan Institution

Calcutta-

 পুঃ পুঃ—মোৰ সৰু ভনীজনীৰ ভুভুৰী নামটো সলাই ভ্ৰমৰিণী কৰিবা । কাৰণ, সময় থাকোঁতেই সেই কাম কৰা উচিত ; নাইবা, পিছত too lete হৈ পৰিলে তাক শুধৰাবলৈ মোৰ নিচি - নাকৈ বৰ কষ্ট পাব লাগিব । ভ্ৰমৰিণীক মোৰ kiss অৰ্থাৎ চুমা দি কথা, যে এই নামটো তাইৰ কলিকতীয়া ককায়েকে তাইক Birthday present অর্থাৎ জন্মদিনৰ উপহাৰ দিছে। আৰু এটা কথা, — মই দ-কৈ ভাবি দেখিছোঁ, যে আইৰ নামটোও নসলালে নচলিব । তোমাৰ জীৱন-চৰিতত আইৰ জেতুকী নামটো নিশ্চয় হাস্যাস্পদ হব ; সেইদেখি আইৰ জেতুকী নামটো গুচাই যতিকেশ্বৰী দিলো । আমাৰ গাৱঁৰ নামটোও বদলাব পাৰিলে ভাল। অৱশ্যে সেইটো কাম তুমি অকলৈ কৰি উঠিব নোৱাৰিবা। অনেক লোকক influence কৰি অৰ্থাৎ ৰাজহুৱা মত সংগঠন কৰি গবর্ণমেণ্টক “মেমোৰিয়েল” অর্থাৎ দৰ্খাস্ত দি হে সেই কাম কৰিব পৰা হব। সেইদেখি সেইটো কাম ম‍ই উভতি যোৱালৈকে স্থগিত থাকক ; মই গৈ agitation অর্থাৎ এটা আন্দোলন কৰি তাক হাতত লম। ভবিষ্যতৰ ইতিহাসলৈ এইদৰে বাট পোনাই ৰখাটো অত্যাৱশ্যক হৈছে ৷ মই শ্যেলি, কীটচ্,ৰবি কবিৰ নিচিনাকৈ এখন বহুমূলীয়া কবিতা গ্রন্থ লেখিছোঁ, সি প্রায় শেষ হবলগীয়া হৈছে। তাৰ পাতনিত মোৰ ছবিৰে সৈতে মোৰ সংক্ষিপ্ত জীৱনী ও ওলাব। সেই বাবে ম‍ই দীঘলকৈ চুলি ৰাখিছোঁ, জ্ঞাত কাৰণ লেখিলো । তোমাৰ বিস্মৃত জীৱন- চৰিত্র এখন লেখা নিতান্ত প্রয়োজন হৈ উঠিছে। ম‍ই তাৰ যো- যা কৰিছোঁ । তোমাৰ জীৱন-চৰিত্ৰৰ নিমিত্তে কিছুমান material অর্থাৎ সজুলি অর্থাৎ ঘটনা মই সংগ্ৰহ কৰি ডাঙৰ মানুহ এজনৰ হাতত দিছো, তেওঁ তোমাৰ জীৱন চৰিত লেখিবলৈ গাত লৈছে, আৰু তাৰ পাতচেৰেক লেখিছেও। কিন্তু কেই কিতাপৰ front page অত অর্থাৎ সমুখৰ পাতত তোমাৰ ছবি এটা দিবৰ বৰ দৰ্কাৰ, সেইদেখি তুমি এই চিঠি পোৱা মাত্ৰকতে তোমাৰ ছবি এটা তোলাই মোলৈ পঠিয়াই দিবা। যোৰহাটত photo- grapher অৰ্থাৎ ছবি তোলোতা মানুহ নাই যদি ডিবুৰুলৈ গৈ গোহাঁই ব্ৰদৰ্চৰ তাত তোমাৰ ফটোগ্ৰাফ এটা তোলাবা; ইয়াত মই “হাফ্ টোন ব্লক কৰাই” এন্লাৰ্জ কৰিব লাগিব। ফটোখন সোনকালে মোক লাগে। ডিবুৰুলৈ যাবলৈ সম্প্ৰতি তোমাৰ হাতত cash অৰ্থাৎ নগদ ধন নাই যদি আমাৰ সেই গাখীৰতী বগী মহজনী বেচি দিবা; অলপ cheap অৰ্থাৎ সস্তাকৈ দিলে থিতাতে বহুৎ কিনোতা ওলাব। আৰু তোমাৰ travelling expenses অৰ অৰ্থাৎ - ডিবুৰুলৈ যোৱাৰ খৰচৰ পিছত ছবিৰ নিমিত্তে জোৰাকৈ হাতত ৰূপ নথকাটো যেন দেখিলে, আৰু এজনী মহ বেচিবা। মুঠতে এই কাম বৰ জৰুৰী জানিবা।

বি, কে, বি,”

 গোন্ধাই।—“দেখিলি, দেখিলি, বাঘেখাতী দেখিলি এতিয়া, তোৰ পুতেৰ কেনেকৈ ভোকইন্দ্ৰ হল, কেনেকৈ বৰুৱা হল? সি বান্দৰে মোকো হোনো বৰুৱা পাতে, তোকে৷ বৰুৱানী পাতে। গুৰুজনৰ অনুগ্ৰহত মহ গৰু দুটা মান ৰাখি এগাল ভাত খাই আছোঁ, সি বৰুৱা হৈছে দেখি তাকে৷ হোনো এৰিব লাগে, তাকো বেচি দিব লাগে!”

 জেতুকী। “মই দেখোন তোমাক কৈছোঁ, যে মোৰ বোপায়ে হাড়-মূৰ ভাঙি তেজ পানী কৰি কলিকতাত পঢ়িছে দেখি বৰুৱা হৈছে। মহাৰাণীৰ পেটৰ কথাটো সি পাইছে; নাপালে তেনে কেতিয়াও নকৰে। সি কত হেপ ( Hope ) কৰিছে, থিং ( think ) কৰিছে, চেম (shame ) কৰিছে, ৰেচ্পে চ (respect ) কৰিছে, কৰিহে তেনে কৰিছে ৷ ম‍ই এতিয়াও কওঁ যে মোৰ বোপাইক মহাৰাণীয়ে বৰুৱা পতাদি মনচুপ সদৰামিনো পাতিব, তুমি চাই থাকিবা ; মই আমুকী হওঁ যদি মোৰ কথা ফলিয়াবই ফলিয়াব ৷ মোৰ বোপাইৰ হকে মই এই একাদশীতে থানত পাল-নাম গোৱাম । মোৰ বোপায়ে ভনীয়েকক কি হাৰ ( উপহাৰ ) দিছে চাওঁ ? কোন ধাৰ ? অ ভুৰ্ভুৰী ! অ ভুৰ্ভুৰী ! তোৰ কলিকতীয়া ককায়েৰে তোলৈ কিবা কলিকতীয়া হাৰ পঠিয়াইছে, চাহি! কলৈ গল নো এই জনী ?”

 গোন্ধাই ।—“বাঘেখাতী ! তোৰ পুতেৰৰ লগতে তয়ো বলিয়া হৈছ নে কি ? বোলে, সাত পুৰুষত নহল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায় । সি দুটা ইংৰাজী পঢ়ি ক-ক-ম-ম-কৰিলে বুলি গোন্ধাই গুৱালে তাৰ সাত পুৰুষীয়া বৃত্তি এৰি বৰুৱা হব লাগিব । সি বৰুৱা হয়, ফুকন হয়, বান্দৰ হয়, শিয়াল হয় যি হয় হৈ থাওক, তাৰ লগতে ম‍ই বুঢ়াই ও নাচিবলৈ যাব লাগিল নে কি ? তই নাচিব খুজিছ নাচ। কিন্তু ৰাইজে তোৰ মুখত চুণ সানি মূৰত ঘোল ঢালিব চাবি”।

 জেতুকী।—“মোৰ লৰাৰ সুখ সম্পদ দেখি ৰাইজৰ হিংসা লাগিছেই, সেইবুলি মোৰ লৰাই নপঢ়িব নে কি ? ৰাইজে হিংসা কৰিলে বুলি মোৰ লৰা মন্‌চুপ সদৰামিন নহব নে কি ? - মোৰ একেটা লৰা, তাক এই দৰে সকলোৱে হিংসা কৰে। উ—উ—উ—!”

এই বুলি জেতুকীয়ে ৰাও জুৰি কান্দিবলৈ ধৰিলে। গিৰিয়েক ঘৈণীয়েকৰ চুপতাচুপতি লাহে লাহে এইদৰে বাঢ়ি গৈ শেহত গোন্ধায়ে জেতুকীক এখুন্দ৷ দিবলৈ ঢেকি-ঠোৰা বিচৰা দেখি বগীৰাম ডাক-বাবু তাৰপৰা লাহেকৈ উঠি প্ৰস্থান কৰিলে।

 এইখিনিতে আমি এই আখ্যানটোৰ অলপ আগৰেপৰা ধৰি তাক মুকলি কৰি দিওঁ। গোন্ধাই গুৱালৰ ঘৰ মাজুলিত। ম’হ গৰু ৰাখি, গাখীৰৰ ব্যৱসায় কৰি সি লাহে লাহে চহকী হৈ পৰিছিল। তাৰ এটা ল’ৰা, নাম ভোকোন্দি; আৰু এজনী ছোৱালী, নাম ভুৰ্ভুৰী। ভোকোন্দিৰ বুধিটো সৰুৰেপৰা চোকা আছিল দেখি তাক গোন্ধায়ে পঢ়াশালিত পঢ়িবলৈ লগাই দিলে। জোঙাল বুধীয়া ভোকোন্দিয়ে সোনকালে পঢ়াশালিৰ শিক্ষা শেষ কৰিলে দেখি বাপেকে উৎসাহিত হৈ দহ-চাৰিৰ পৰামৰ্শ মতে তাক যোৰহাটত থৈ গবৰ্ণমেন্ট হাইস্কুলত ইংৰাজী পঢ়িবলৈ নাম লগাই দিলে। ভোকোন্দিৰ অদৃষ্ট সুপ্ৰসন্ন; গতিকে বুদ্ধিৰ সুবতাহ তেওঁৰ বিদ্যাৰ পালত লাগি, পাল ফুলি উঠি, দোপত- দোপে স্কুলীয়া জীৱন-নাও আগবাঢ়ি এণ্ট্ৰেচ পৰীক্ষা পাৰ হৈ গল। গবৰ্ণমেণ্টৰ কুৰিটকীয়া বৃত্তি এটা ভোকোন্দিৰ কপালত উঠিলত বাপেক মাকৰ আৰু উৎসাহ বাঢ়িল; সেইদেখি ভোকোন্দিক কলিকতাত “ফাষ্ট আৰ্টচ” পঢ়িবলৈ তেওঁলোকে পঠিয়াই দিলে। ফলত, ভোকোন্দিক আমি আজি মেট্ৰপলিটান ইন্‌ষ্টিটিউচনৰ প্ৰথম বাৰ্ষিক শ্ৰেণীত পাই, তেওঁ বৰুৱা হোৱা এই ইতিহাস ঘুটিবলৈ পাইছে৷।

ভোকেন্দ্ৰ বৰুৱাৰ মধ্যলীলা

প্ৰথম আধ্যা।

সমুখ ৰণত পৰি বীৰ চুড়ামণি
গোন্ধেশ্বৰ গুচি যেবে গল স্বৰ্গপুৰী
অকলৈ, কোৱা হে দেবী অমৃতভাষিণি!
শোকত কৰিলে কিবা জেতুকা-ঈশ্বৰী
পতিপ্ৰাণা?

 কলিকতাৰ মিৰ্জাপুৰ ষ্ট্ৰীটৰ ঘৰ এটাৰ খোটালী এটাত থকা পাঁচ মহা বেচৰ “তক্তাপোচ” এখনত পেটপেলাই পৰি ভোক- ন্দায়ে (আজিকালি ভোকেন্দ্ৰ বৰুৱা ) অনেক ভাবি চিন্তি ওপৰত দিয়া কবিতা কেইফাকি ৰচনা কৰিছে মাথোন, এনেতে সেই “মেচ” নিবাসী শ্ৰীযুক্ত সোমনাথ শ‍ইকীয়া আহি তেওঁৰ পিছ ফালে থিয় দিলে। সোমনাথ যে পিছ ফালে থিয় দি আছেহি সেই বাতৰি ভোকেন্দ্ৰৰ মূৰে তেতিয়াও পোৱা নাই। ইতিমধ্যতে সোমনাথৰ চকুত ভোকেন্দ্ৰ বিৰচিত কবিতা কেই ফাকি পৰিল। সোমনাথে বুজিলে যে কাব্য-কুসুমৰ মালা গঁথাত ভোকেন্দ্ৰ কবি ইমান নিগমন হৈ আছে যে সেই মালাৰ শান্তিভঙ্গ নকৰাকৈ তেওঁৰ ফালে ভোকেন্দ্ৰৰ মনযোগ আকৰ্ষণ কৰিবৰ আৰু আন উপায় নাই। সোমনাথে মাত লগালে—“কি হে ভোকোন্দাই! - শ্ৰীবিষ্ণু!- ভোকেন্দ্ৰ! তুমি দেখোন মাইকেল মধুসূদন দত্ত হৈ পৰিলা! চমৎকাৰ কবিতা! আশ্চৰ্য্য।”  কাব্য ফুলনিত বহি একান্ত মনে কবিতাৰ মালা গাঁথি থাকোঁতা ভোকেন্দ্ৰই হঠাৎ এই কথাষাৰ শুনি উচাপ খাই উঠি উভতি চাই দেখিলে যে তেওঁৰ বন্ধু সোমনাথ। অগত্যা তেওঁ বন্ধুক গুৰুত্ব আৰু কবিতাক লঘুত্ব দি হাতৰ পেঞ্চিল থৈ আগ্ৰহেৰে মাত লগালে – “অ সোমনাথ ! আহা, আহা, বহা, বহা । কেতিয়া ইয়ালৈ আহিলা মইতো গমকে পোৱা নাছিলো।

 সোমনাথ।—নেপাবা তো গম ; তুমি কিবা বোলেনে —

 “কালিদাস ভবভূতি
শ্যেলি কীটচ্ লৰামতি, জাকে জাকে কবিৰ”

মাজত বহি কাব্য ফুল তুলি লৈ ফুলৰ চাকি গুথিব লাগিছা। গুথা গুথা ; আৰু লগে লগে তুমিও অমৰ কবিসকলৰ বৰ সবাহত বহি তোমাৰ কবিতাৰ সুললিত ৰাগ দি সভাসদকলক স্তম্ভিত কৰাঁ ৷ আসামৰ নাম থাকক ।—মই এতিয়াই আহিছোঁ ; বেছি পৰ হোৱা নাই ৷ কিন্তু ভাই ভোকেন্দ্র ! তুমি যে এনে সুন্দৰকৈ অমিত্রাক্ষৰ ছন্দত কবিতা লেখিব পৰা হৈছ৷, মই তে৷ আগেয়ে জনা নাছিলো ৷ তুমি মাইকেলৰ “মেঘনাদ বধ” নিচিনা কিবা এখন মহাকাব্য আৰম্ভ কৰিছা দেখিছোঁ । Bravo ভোকেন্দ্ৰ ! Bravo Poet ভোকেন্দ্র !” ভোকেন্দ্ৰই উত্তৰ দিলে, – “অন্তৰত কবিতাৰ ভাবৰ ভুমুক থাকিলে সেই ভাব এইদৰে ওলায়েই । মাইকেল মিণ্টন কিবা চতুৰ্ভুজ আছিল নে কি ? মাইকেল মিল্টনো মানুহ, আমিও মানুহ ; মাথোন Opportunity লাগে, সুবিধা লাগে, আৰু ছপাবলৈ ধন লাগে। এই দুটাই ঘাই কথা । মোক এই দুটা তুমি দিয়া আৰু মেঘনাদ বধ, কুম্ভকর্ণ বধ, ব্রজাঙ্গনা আৰু বীৰাঙ্গনা কাব্য কেইখন লাগে মোৰপৰা তুমি ‘ফর্মাচ দি’ লৈ থাকা ।”

 সোমনাথ ।— “সঁচা কথা, সঁচা কথা ৷ তুমি অনায়াসে পাৰিবাও, কাৰণ তোমাৰ গাত কবিতা Sparks ( ফিৰিঙতি ) আছে। পাৰ্থৰ নিচিনা বীৰৰ সুবিধা আৰু কৃষ্ণৰ নিচিনা সহায়ৰ ধন পালে তোমাৰ ফিৰিঙতিয়ে যে নিশ্চয় আসাম খাণ্ডৱবন দাহ কৰিব পাৰে তাক মই ভালকৈ বুজিছোঁ।”

 ভোকেন্দ্ৰ –“দেখ৷ সোমনাথ, তুমি ভাই মোক যেনেকৈ বুজা, মোৰ ইমানবোৰ “ফ্ৰেণ্ডৰ” ( বন্ধু) ভিতৰত কোনেও মোক তেনেকৈ নুবুজে, জানা merit appreciate কৰিবলৈ merit লাগে। লোকৰ মোল বুজিবলৈ নিজৰ গাত মোল থাকিব লাগে ৷ তোমাৰ অন্তৰতো কবিতাৰ Germ অর্থাৎ বীজ অর্থাৎ পোক আছে, অলপ Cultivate কৰিলে অর্থাৎ চহালে তুমিও কবি হব পাৰা ।”

 সোমনাথ : – Quite right. সঁচা। ৰতনে হে ৰতন চিনিব পাৰে । তোমাৰপৰা খুচৰি গৈ যে কবিতাৰ পোক মোৰ ভিতৰতো সোমাইছে, সেইটো মই অলপ-অচৰপ আজি বুজিব পাৰিছোঁ । কালি ৰাতি মোক সচাকৈয়ে এই পোকে কামুৰিছিল ; নহলে বাহিৰত জোনাক দেখি ভিতৰৰ শোৱাপাটীত পৰি মোৰ, টোপনি নাহিছিল কিয় ? আৰু দুঘণ্টামান পাটীতে পৰি ভাবি ভাবি —

 “তোমাকে হে ভাল পাওঁ মৰমৰ সখি !

এই কবিতা ফাকিৰ লগত—

 তোমাক নাপালে উৰি যাব, প্ৰাণ-পখী ॥ — এই ফাকি কোনোমতে মিলাই হে শেহত মোৰ টোপনিটো আহিছে। কিন্তু মই নচহাওঁ, বুজিছা নে ? কবিতাৰ Germ বোৰ যদি বীজ হয় তেন্তে ভালেই, তাৰপৰা কঠিয়া হব; আৰু যদি পোক হে, তেন্তে সেই এটাইবোৰ পাখী লগা উই-পৰুৱা হৈ কৰবালৈ উৰি যাবৰ সম্ভৱ। ”

 ভোকেন্দ্র ।—‘যাওক সেইবোৰ কথা । তুমি আহিলা ভালেই হল ; তোমাৰে সৈতে মোৰ এটা ডাঙৰ বিষয় আলচ কৰিৰ লগা হৈছে ৷ যাকে তাকে প্রাইভেট, ( বিশ্বাসী ) কথা কবও নোৱাৰি। আজি পুৱা ঘৰৰপৰা এটা টেলিগ্ৰাম পালো ; তাত লেখিছে মোৰ ‘ফাদাৰ, ( পিতাদেও ) গোন্ধেশ্বৰ বৰুৱাই কালি দিনৰ দহ বজাত প্ৰাণত্যাগ কৰিলে । অৱশ্যে মাউৰত । আগেয়ে কোনো inkling ( সঙ্কেত ) মোক কোনেও নিদি হঠাৎ মৃত্যুৰ বাতৰি দিলে । আজি দহ দিন মানৰ আগেয়ে ‘ফাদাৰ’ৰ পৰা এখন চিঠি পাইছিলো, তাত লেখা অছিল যে তেওঁৰ গৰু মহু এটাই কেইটা চবকাত পৰি মৰিল, আৰু তেওঁৰ ধাৰ-ঋণ লাগি অৱস্থা বেয়া হল ; সেইদেখি তেওঁ আৰু মোলৈ মাহে মাহে ধন পঠিয়াব নোৱাৰে ; সেইবাবে ম‍ই ঘৰলৈ উভতি যাব লাগে । পোনতে মই সেই চিঠিৰ কৰা Mere bosh (ফাঁকি) বুলি ভাবি উৰাই দিছিলো, কিন্তু তাৰ দুদিনৰ পিছত Uncle-অৰপৰা (মোমাইৰ পৰা) এখন চিঠি পাই বুজিলো যে ফাদাৰৰ সেই চিঠিৰ কথা সঁচা । এতিয়া ফাদৰো ঢুকুৱা বাতৰি হঠাৎ পালো । Now মই কৰোঁ কি ? দুবাৰ Cursed ফাৰ্ষ্ট আৰ্টচ পৰীক্ষা দিও “পাছ” হব নোৱাৰিলো; হতচিৰী হোৱা পৰীক্ষকবোৰে নিজৰ বিদ্যা ফলাবলৈ গৈ টান প্ৰশ্ন দি আমাক Massacre (হত্যা) কৰিলে। সেইদেখি ফাৰ্স্ট আৰ্টচক kick কৰি (লাথি মাৰি ) ওস্তাজ ৰাখি গান বাজনাকে শিকাবলৈ চেষ্টা কৰিছিলো; ভাবি- ছিলো আসামত “মিউজিক প্ৰফেচৰ" ( সঙ্গীতৰ অধ্যাপক ) হব পাৰিলেও নাম কৰিব পাৰিম, কিন্তু সিও নহল; বেটা ওস্তাজে পইচা খাই ৰাগৰ তা-না-না-না শিকাওঁতেই দিনৌ তিনি চাকিকৈ তেল পোৰে দেখি disgusted (বিৰক্ত ) হৈ তাকো এৰি পেলালোঁ। সেই সোপা অৱশ্যে তুমি জানায়েই। তাৰ পিছত ভাবিলো Author ( গ্ৰন্থকৰ্ত্তা) হম। তিনিখন নাটকৰ তিনি ছোৱা লেখি আমনি লাগি তাকো পুৰি পেলালো। কবিতাৰ কিতাপো এখন লেখিছিলো, খৰচৰ অভাৱত ছপাব নোৱাৰি তাকো পেলাই থৈছোঁ। আজি Father's demise news ( পিতৃ বিয়োগ বাতৰি ) পাই বেজাৰ লাগি ভাবিছোঁ, যে আজি ত্ৰাক্ষৰ ছন্দত এখন মহাকাব্য ৰচনা কৰোঁ। কিতাপখন ছাপাবলৈ এজন Publisher. ( প্ৰকাশক ) ঠিক কৰিব পাৰিলেই সকলো লেঠা মৰে। কলিকতাৰ এচ. কে লাহিড়ীক বুজাই কলে বোধ কৰে৷ Publish অৰ হবলৈ ৰাজী হব; নহলে আমাৰ ভট্টাচা- ৰ্যাকে ধৰিম বুলি ভাবিছোঁ। যেয়ে প্ৰকাশক হওক, ম‍ই কিন্তু তেওঁক নিশ্চয়কৈ কব পাৰে৷ যে মই যি গঢ়েৰে কাব্যখন লেখিব খুজিছোঁ সেই কাব্য ছপা কৰি বিক্ৰী কৰিলে টকাই চৌচৌৱাই থাকিব। আৰু He will be amply compen- sated নিশ্চয় তেওঁৰ খৰচ উঠি বিস্তৰ লাভ হব। তুমি কি. বোলা?”  সোম।—“নিশ্চয় নিশ্চয় । মই তাৰ আৰম্ভনটো দেখিয়েই বুজিব পাৰিছোঁ যে সি এখন হমৰৰ ইলিয়াদ নাইবা মাইকেলৰ মেঘনাদ হব । কিন্তু এটা কথা শোধো, তোমাৰ পিতৃদেৱতা সমুখ সমৰত পৰিল বুলি যে তুমি লেখিছা, সেইটো কোন যুজত ?”

 ভোক।—“কিয় ? মাউৰেৰে সৈতে কৰা যুঁজত । আৰু সেই দৰে লেখাটো মহাকাব্যৰ দস্তৰ হে । তেনেকুৱা এটা “গ্রেণ্ড” ধৰণ নহলে কাব্যখন Effective নহয় । মহাকাব্যৰ আৰম্ভনেই তেনে। Why don't you understand this?"

 সোম ।—( মূৰটো খজুৱাই ) “বুজিলো এতিয়া । ঠিক হৈছে ।

 ভোক!—“ৰবা নাই হোৱা ঠিক । আৰু আছে । ধৰাঁ, এই এই Venture টো ( চেষ্টা) কোনো Unforeseen কাৰণত ( অদৃষ্টক্ৰমে ) Successful (সিদ্ধি) নহল ; কাৰণ There is slip between the cup and the lip, তেন্তে আৰু কি কৰা যাব ? ম‍ই স্পষ্টকৈ দেখিবলৈ পাইছোঁ, যে মই আসামলৈ উভতি যাবই লাগিব । Question of money my friend ! পইচাৰ কাম, বান্ধ ! তেতিয়া কি কৰিম ? চাকৰি I can't accept. চাকৰি ম‍ই লব নোৱাৰোঁ, কাৰণ সি মোৰ স্বভাবৰ বাহিৰ । What profession do you recommend ? তুমি মোক কি কামত ধৰিবলৈ পৰামৰ্শ দিয়া ?”

 সোম ।– “ Author ( গ্রন্থকর্ত্তা) হোৱা ।”

 ভোক ।— Provided I get a Publisher to publish my book, প্রকাশক নহলে গ্রন্থকর্ত্তা হোৱা মিছা । কিতাপ ছপাবলৈ ধন লাগে। Suggest another my friend, আৰু এটা কোৱাঁ!  সোম।—“খেতি বাতি কৰাঁ।”

 ভোক।—“তালৈকো Capital (মূল-ধন ) লাগে। নিজে তো হাল বাব নোৱাৰি। কামত আৰ্য্য হোৱা দিন গল।”

 সোম।— “বাণিজ্য ব্যৱসায় কৰা।”

 ভোক।— “অৱশ্যে বাণিজ্যে বসতে লক্ষ্মী; কিন্তু তালৈকো মূল-ধন আৱশ্যক। মূলধন নহলে নোহোৱা ব্যৱসায়ৰ নামকে নকবা। Besides grand scale-অত অৰ্থাৎ ডাঙৰকৈ ব্যৱ- সায় কৰিব নোৱাৰিলে মুদীৰ দোকান কৰিবলৈ যোৱাটো Degradation ( অপমানৰ কথা )। I can't do it, ম‍ই সেইটো কৰিব নোৱাৰোঁ।”

 সোম।—“তোমাৰ দেউতাৰাৰ ব্যৱসায়?”

 ভোক।—“Horrible! ছিঃ! ছিঃ! তোমাৰ মূৰটো গোব- ৰেৰে ভৰা যেন দেখিছোঁ। ফাদাৰৰ ব্যৱসায়ৰ যহত যি নাম পাইছিলো তাক মৰি-মৰ জাহ, দি যুজি হে গুচাইছোঁ; তাকে আকৌ তুমি কোৱা! এই কথাষাৰ তুমি নকৈ যদি আন কোনো- বাই কলেহেঁতেন তেন্তে তাক ম‍ই সমুচিত প্ৰতিফল দিলোহেঁতেন। I would not have excused him. মই তাক কেতিয়াও ক্ষমা নকৰোঁ। But you are my best friend so I excuse you. তুমি মোৰ বন্ধু, সেই দেখিহে মই তোমাক ক্ষমা কৰিলো! তুমি জানা নে? সঁচাকৈ কব লাগিলে, আমাৰ গৰু মহবোৰ মৰি গলত মই পেটে পেটে ৰং পাইছোঁ। আপদ গল!

গলগ্রহ গল ! A millstone has been removed from my neck!

 সোম !—“তেন্তে এটা Noble profession ভাল ব্যৱসায় আছে, কৰিবা নে? কৰিব পাৰিলে বহু সুখ আৰু ধন এই তিনি- ওটা লাভ হব!”

 এই কথা শুনি আগ্ৰহেৰে ভোকোন্দাই সোমনাথৰ কাষ চাপি আহিল ৷ আহি শুধিলে “কি ভাই, সেইটো কি কোৱাচোন ? ঠিক তেনে এটা Profession কে ( ব্যৱসায়কে ) মই বিচাৰি ফুৰিছো । কোৱা ভাই কোৱা ?” ভোকোন্দাইৰ আগ্রহ দেখি সোমনাথে গহীনকৈ মাত লগালে, “Spyৰ profession ; চোৰাং- চোৱাৰ ব্যৱসায় । এই ব্যৱসায় বৰ লাভৰ ব্যৱসায় ! ধৰিবলৈ গলে ই বৰ Noble profession. এই ব্যৱসায়ত থাকিলে, কোনে কি কৰিছে, কি মেলিছে, ইত্যাদি দুনীয়াৰ কত খবৰ জানিব পাৰি ; জানি মনত কি ভূমানন্দ লাভ কৰিব পাৰি আৰু লোককো সেই গোপনীয় কথাৰ ভাণ্ডৰপৰা অমৃত বিতৰণ কৰি আনন্দ দিব পাৰি, যি সেই কাম কৰিছে সি হে তাক বুজিব পাৰে। তাৰ বাহিৰে তাৰ দ্বাৰাই দেশৰ মহৎ- উপকাৰ হয় ; কাৰণ চৰিয়াই দেশৰ চকু, ৰজাৰ চকু, প্ৰজাৰ চকু ‘চাৰঃ চক্ষু মহীৰ্ভত্ত ষস্যনাস্ত্যন্ধএবসঃ’ আৰু এটা কথা মই তোমাক কওঁ, আজিকালি স্পাইৰ ( চৰিয়াৰ ) বৰ demand ( প্রয়োজন) । তুমি হওঁ বুলিলে এতিয়াই কিজানি কোটোৱালহঁতে তোমাক জপিয়াই চুমা খাই কোলাত তুলি লৈ যাব ৷ তুমি দেখুৱাই শুনাই চোৰাংচোৱাৰ বিষয়খন খাবলৈ যদি অলপ লাজ কৰা তেন্তে গুপুতে তেওঁলোকক সকলো খবৰা খবৰ যোগাই থাকিব পাৰিলেও মুঠিয়ে মুঠিয়ে টকা তোমাৰ হাতলৈ আহিব। সদাই নানা সঁচা খবৰ নেপালেও অলপ বুধি খেলাই সঁচাই নিছাই একেঠাই কৰি ৰান্ধি-বাঢ়ি দি থাকিব পাৰিলেও চলি যায়। ইত্যাদি কাৰণত হে কৈছোঁ যে চৰিয়াৰ ব্যৱসায় বৰ লাভৰ ব্যৱসায়, — আৰু ওখও।”

 ভোক!—“ছিঃ! ম‍ই Spy হব নোৱাৰোঁ দেও হে! চোৰাংচোৱাক মই বৰ ঘিণ কৰোঁ। I hate the brood of spies। ভাল মানুহৰ লৰাই চুৰকৈ লোকৰ কল-তলে বাঁহ-তলে ফুৰি, কোনে কি কৰিছে কি মেলিছে, সেইবোৰ ঘিণ লগা কথা চাই ফুৰা ব্যৱসায়ক যে তুমি কি বুলি noble profession ( ওখ ব্যৱসায় ) বুলিছা মই কব নোৱাৰোঁ। প্ৰাণ গলেও মই সেই কাম কৰিব নোৱাৰোঁ; তেহেলৈ যিমানেই ধন সোণ থাকক। একোকে কৰিবলৈ নেপালে ম‍ই বৰং কবিতা লেখি উষুৱা আহু চাউলৰ ভাত এগাল আধাপেটীয়াকৈ খাই প্ৰাণ ধাৰণ কৰিম; সিয়ো ভাল, তথাপি কাকতুল্য চোৰাংচোৱা dirty spy হব নোৱাৰোঁ।”

 এই বুলি কঠুৱাকৈ ভোকোন্দায়ে এই উত্তৰ দি মৌনাবলম্বন কৰিলত, সোমনাথে “আহো হে এতিয়া, ভাত খাবৰ হল” বুলি কৈ তাৰ পৰা উঠি গুচি গল।

দ্বিতীয় আধ্যা।

 বলী দুৰৱস্থাই নিশকতীয়া ভোকোন্দাইক কলিকতাৰপৰা হেচুকি নি আসামত পেলাই দিলে গৈ, সেইদেখি আজি আমি তেওঁক মাজুলীৰ ঘৰত দেখিবলৈ পাইছোঁ। মাক জেতুকীয়ে অনেক দিনৰ মুৰত পুত্ৰৰত্বক লাভ কৰি আচলৰ গাঁঠিত বান্ধি থব খোজোতেই ভোকোন্দায়ে হাতেৰে ঠাৰ দি, মাকৰ সেই পুৰণি অঙ্কীয়া ভাৱনা বন্ধ কৰি দি, থিয়েটৰৰ বীৰৰ গঢ়েৰে গম্ভীৰ ভাৱে মাকক স্বাগত প্ৰশ্নাদি কৰিবলৈ ধৰিলে। পুতেকৰ সংস্কৃত ভাব গতি দেখি জেতুকীয়ে নিজৰ মনত সদায় ডাঠকৈ পুহি থকা ভাবটো আৰু ডাঠ হৈ উঠিল, সেইদেখি খন্তেকৰ নিনিত্তে তেওঁ স্বামীৰ শোক পৰিহাৰ কৰি উৎসাহেৰে মাত লগালে, — “মোৰ বোপাই, তই কলিকতাত পঢ়ি শুনি হাকিম হৈ আহিবি, সেইটো মই আগেৰপৰা) জানিছিলো; সেইদেখি এই দুখতো মোৰ ৰং। তই হে, কলিকতাত থাকি যে মুন্‌চুপ সদৰামিন হৈছ সেই কথাৰ একেষাৰকে আমালৈ চিঠিত নেলেখ! তোৰ, এনেহে আশয়? তই নো মোক ভাৰিব লাগিছে কেলেই মোৰ বোপাই? তই একেবাৰেই হাকিম হৈ আহি আমাৰ দেশত ওলাই বাৰে শত্ৰুৰ মুখত ছাই সানিবি বুলি ম‍ই আগৰেপৰা জানি আছিলো। তোৰ বাপেৰ হোজা মানুহ আছিল, সেইদেখি সেইটো তেওঁ বুজিব নোৱাৰিছিল, আৰু সেই কথা মই উলিয়ালেই সদায় তেওঁ মোৰে সৈতে দন্দ পাতিছিল। বপুৰা মৰি গল, তোৰ সুখ সম্পদ দেখি- বলৈ নাপালে! এতিয়া গোসাঁয়ে তোৰ ভাল কৰক, মোক আন একো নালাগে মোৰ বোপাই!” এই বুলি জেতুকীয়ে চকুৰ পানী টুকিবলৈ ধৰিলে।

 ভোক।—–“Now, Now, mother, what is this? pray don't! don't! তোমালোক তিৰুতা মানুহ বৰ sentime ntal, কথায় কথায় তোমালোকৰ চকুৰ পানী ওলায়। তোমাক কোনে কলে যে মই হাকিম হৈ আহিছোঁ। সেইটো মিছা কথা। Nothing of the sort. You are very simple. তুমি বৰ হোজা বুজিছা নে?”

 জেতুকী।—“মোক কোনে কব লাগিছে, মই নিজেই বুজিছোঁ। মোক নো তই ভাৰিব লাগিছে কেলৈ মোৰ বোপাই! ম‍ই কিবা তোৰ সুখ সন্তোষ দেখিলে বেয়া পাওঁ নে? মোক তই একো দিব নালাগে মোৰ বোপাই, তই মুন্‌চুপ সদৰামিন বৰ মানুহ হৈ ভালে কুশলে থাকিলেই মোৰ সকলো হল।”

 ভোক।—“বাৰু সেইবোৰ কথা এতিয়া থোৱাঁ, পিছত হব। ভ্ৰমৰিণী কলৈ গল? তাইক দেখা নাই দেখোন?”

 জেতুকী?— “কোন বোপাই? কোন কলৈ গল? ভমলিনী কোন? অ বুজিছোঁ, ভনীয়েৰ ভুৰ্ভুৰী। তই দিয়া নামটোৰে মাতিছ? তাই বাট চাই আছিল, কিন্তু তই কেতিয়া পাবিহি তাৰ ভু নেপাই, টোপনিয়ে ধৰিলত শুই থাকিল। তুলি আনো গৈ যাওঁ।”

 ভোক। — “নালাগে, নালাগে এতিয়া তাইক তুলিব! থাওক, শোৱক, কাইলৈ পুৱা দেখা হব। বাৰু আই কোৱাচোন, পিতায়ে কিমান ধাৰ লগাই থৈ গল”?

 জেতুকী। — “গৰু মহ কেইটা চবকা লাগি মৰিলত, তোলৈ ধন পঠিয়াবলৈ পিতাৰে ধাৰ কৰিছিল। তিনি কুৰি ৰূপৰ ধাৰ লাগিল। তই চিতা নকৰিবি, তিনি কুৰি ৰূপ নো কি? তই হাকিম হৈ আহিছ যেতিয়া ম‍ই একে মাহতে সোপাকে শুজি পেলাম।”  ভোক। - “বাৰু বাৰু সেইটো এৰা, খাবলৈ কি আছে আনা, 1 am hungry মোৰ ভোক লাগিছে --"

 এই কথা শুনি জেতুকীয়ে লৰালৰিকৈ পুতেকলৈ ভাত বাঢ়ি আনিবলৈ ভিতৰলৈ গল।

তৃতীয় আধ্যা।

 ইয়াৰ এমাহমানৰ পিছতে সংসাৰ-শিলৰ বৰ জাতখন কোনো বাই ভোকোন্দাইৰ পিঠিত তুলি দি ঘূৰাবলৈ ধৰিলে; আৰু তাৰ হেচাত তেওঁৰ ভবিষ্যতৰ আশা ভৰসাবোৰ দল খাই গল। ভোকো- দায়ে কলিকতাৰপৰা উভতি আহি স্কুল কেচাৰিত ২০।২৫ টকীয়া চাকৰি কৰাটোও অপমানৰ কথা বুলি ভাবিছিল; অথচ “এফ এ ফেল” তেওঁক তাতকৈ কোনেও সৰহ দৰমহাও নাযাচে। তেওঁৰ গাত গুণ থাকিলেও সেই গুণ দেখিবলৈ লোকৰ মূৰত চকু নাই। ভোকোন্দাইৰ হাতত এনে ৰূপ-বানও নাই যে তেওঁৰ সংসাৰযাত্ৰা নিৰ্ব্বিবাদে চলে। গৰু মহুবোৰ বাপেক গোন্ধেশ্বৰে ইয়াৰ আগেয়ে লগত লৈ সি-পুৰীলৈ গল; আৰু বাপেকৰ অন্তৰ্দ্ধান ভোকোন্দাইৰ অননুমোদিত হলেও গৰু মহবোৰৰ অন্তৰ্দ্ধানটো যে অনুমোদিত হৈছিল সেইটো আমি ভালকৈ জানো। ইফালে কলিকতাত থাকি তেওঁৰ খোৱা-পিন্ধা আদি কাৰ্য্যবোৰ ওপৰলৈ বগাই গৈ ইমান টিং-খোপত উঠিছিল যে তাৰ পৰা সিহঁতে তললৈ চালেই সিহঁতক মূৰ-ঘূৰণী ৰোগে ধৰিছিল। নাদ পুখুৰীৰ পানীয়ে এতিয়া ভোকোন্দাইৰ কাম নচলে “ফিণ্টৰ ওৱাটাৰ” অৰ্থাৎ চেকা পানী লাগে। গধূলি “হুইস্কি” “চডা” নহলে বগা পানীয়ে তেওঁৰ পিয়াহ্ গুচাব নোৱাৰে। জলপানৰ সময়ত বিস্কুট পাউৰুটি নেদেখি পিঠা-গুৰি কোমল- চাউল দেখিলে তেওঁৰ গাত জ্বৰ উঠে। এইবোৰ আহুকালৰ উপৰিও তেওঁৰ বাপেকে লগাই থৈ যোৱা ধাৰ সধা মানুহৰ তাপত তেওঁৰ প্ৰাণবায়ু ওষ্ঠাগত।

 দুখৰ বেমেজালিয়ে ভোকেন্দ্ৰ বৰুৱাক বেঢ়ি ধৰি থাকোতেই সুখৰ জিলিঙনি এটি আহি এদিন তাৰ মাজতে তেওঁৰ গাত পৰিল। সঁচাকৈ কবলৈ গলে, সেইটোক জিলিঙনি নুবুলি এক প্ৰকাৰ বিজুলী-সোঁতৰ খুন্দা হে বুলিব লাগে। কাৰণ খবৰটো – শুনা মাত্ৰকতে তেওঁৰ গোটেইটো গা আনন্দত পুলকিত হৈ হাত ভৰিবোৰ ঠক্‌ ঠক্ কৰে কঁপিবলৈ ধৰিলে। এন্ধাৰ কোটালী এটাত ভালেমান দিন বন্দী হৈ থকা বন্দী এটাই যদি দেখে যে কোনো বাই হাতত চাকি লৈ বন্দীশালৰ দুৱাৰখন মেলি দি তাক মোকো- লাই লৈ যাবলৈ আহিছে, তেতিয়া সেই বন্দীৰ যেনে আনন্দ হয় ভোকেন্দ্ৰ বৰুৱাৰো তেনে আনন্দই হল।

 খবৰটো এই যে, শগুণবাহী মৌজাৰ মৌজাদাৰ শ্ৰীযুত নোমল চন্দ্ৰ বৰুৱাই তেওঁৰ জীয়েক চম্পেশ্বৰীক, কলিকতাত লেখা-পঢ়া শিকি অহা শ্ৰীমান ভোকেন্দ্ৰ বৰুৱালৈ বিয়া দিবৰ প্ৰস্তাৱ কৰি দূত পঠিয়াইছে। মৌজাদাৰ চহকী, চম্পেশ্বৰী বগী। নোমল- চন্দ্ৰ শিৰ-ফুটা বৰুৱাৰ ঘৰৰ। চম্পেশ্বৰী নিম্ন প্ৰাইমেৰী পৰীক্ষাত উঠা বৰুৱাৰ ঘৰৰ জীয়ৰী। ভোকোন্দাইৰ একেদোপতে লক্ষ্মী সৰস্বতী দুই লাভ; আৰু উপৰি লাভ–আচল বৰুৱাৰ ঘৰেৰে সৈতে কুটুম্বিতা। এইদেখি ভোকেন্দ্ৰ বৰুৱাৰ আজি আনন্দৰ দিন।  ভোকোন্দায়ে কলিকতাত থাকোঁতে শুনিছিল, যে বিশ্ববিদ্যা- লয়ৰ পৰীক্ষা “পাছ” কৰা দৰা বেছি দামত বিক্ৰী হয়। “তিনখানা পাছৰ” বেচ “একখানা পাছত”কৈ সৰহ ভোকোন্দায়ে অন্ততঃ “একখানা পাছ কৰিছে তো”; তেনেহলে তেওঁৰো দৰ নচৰিবৰ কাৰণ নাই। বিশেষকৈ আসমত "একখানা পাছেই” কলিকতাত “তিনিখানাৰ” সমান; কাৰণ, এইটোও চাব লাগে যে আসামত দুটা তিনটা পৰীক্ষাত উঠাই বা কেইটা দৰা পোৱা যায়? আৰু শাস্ত্ৰত বিচাৰি চালেও পোৱা যায় যে, জাম্বৱন্তই কৃষ্ণক জোৱাঁই পাই জাম্বৱতীৰ লগত স্যমন্তক যৌতুক দিছিল। নোমলচন্দ্ৰয়েই বা ভোকেন্দ্ৰচন্দ্ৰৰ নিচিনা জোৱাঁই পাই চম্পেশ্বৰীৰ লগত নগদ পঞ্চশত ৰৌপ্যমুদ্ৰা যৌতুক নিদিবৰ বিপক্ষে কাৰণ কি আছে? সেইদেখি দূতৰ মুখে ভোকেন্দ্ৰই নোমল মৌজাদাৰলৈ সমিধান দি পঠিয়ালে যে বিয়াৰ “খৰচ-খৰ্চ্চাৰ” উপৰি ৫০০ টকা নগদ ৰূপ তেওঁৰ যৌতুক দিলেহে তেওঁ নোমলনন্দিনীৰ পাণিগ্ৰহণ কৰিব। কন্যাদায়গ্ৰস্ত নোমল! পুতৌ! যি দিনাই তুমি কন্যাৰত্ন লাভ কৰিলা, সেই দিনাই তোমাৰ স্বাধীনতা-ৰত্ন হেৰুৱালা। সেইদেখি তুমি ভোকেন্দ্ৰ বৰুৱাৰ উৎপাত সহ্য কৰিবলৈ বাধ্য। এতেকে সহ্‌ কৰাঁ।

 নিৰুপায় নোমলে ভোকেন্দ্ৰৰ প্ৰস্তাতে মান্তি হৈ বিয়াৰ দিন- বাৰ ঠিক কৰি ভোকেন্দ্ৰলৈ সমাচাৰ পঠিয়ালে। ইয়াৰ, ভিতৰতে আমাৰ ভোকেন্দ্ৰ বৰুৱাই কি কৰিলে শুনিবা নে? তেওঁ হাতত তুলপাত আৰু পেঞ্চিল লৈ বাৰীৰ পিছ ফালে সোমাই আমগছ: এজোপাৰ তলত এটা ভগা মূঢ়া পাৰি লৈ বহি, একান্তমনে, তলত দিয়া কবিতাটি ৰচনা কৰিলে, —

চম্পাৰ ঈশ্বৰী প্ৰিয়ে চম্পক বৰণি !
অমৃতভাষিণী বামা কুৰঙ্গনয়নি !
বিৰসবদনী কিয় ? কৰাঁ অভিমান ?
প্রেম-কুলি! কিয় নাই গোৱা প্ৰেমগান ?
বসন্ত বতাহ বলে, আমি মলিয়ায় ।
জগৎ প্ৰেমেৰে ভৰি হয় প্রেমময় ।
এনে সুখ সময়ত ওফোন্দাই মুখ
কিয় দিছা চল্পেশ্বৰী ভোকেন্দ্ৰক দুখ?
কিবা দোষে দোষী ভোক, ৰঙ্গা পদে তোৰ ?
অধৰে অধৰি দূৰ কৰা তাপ মোৰ ।

চতুর্থ আধ্যা

 বিয়াৰ পিছত ভোকেন্দ্ৰৰ গাৱঁলীয়া জীৱনৰ আধ্যাৰ অন্ত পৰিল। তেওঁ মাজুলি এৰি তেওঁৰ ঘৰ জোৰহাটলৈ তুলি আনিলে ! বিয়াৰ তিনি মাহ যাওঁতে নাযাওঁতেই খৰচীয়া ভোকেন্দ্ৰৰ হাত উদং হল, আৰু অর্থচিন্তাৰ খোজত বৰকৈ উৰা ধূলিয়ে দুপৰ নিচিনা তেওঁৰ পোহৰ মনক গধূলি কৰি পেলালে ; শহুৰৰপৰা পোৱা ৫০০ টকা তেওঁৰ কলিকতীয়া আচাৰ ব্যৱহাৰৰ ভোমোলা বিন্ধাইদি সোনকালে সৰকি পৰিল । গতিকে, কেনেকৈ জীৱন- যাত্রা নির্ব্বাহিত হয় এই মহা চিন্তাই ভোকেন্দ্রক খুলি খুলি খাবলৈ ধৰিলে । মাক জেতুকীয়ে নিজৰ ডিঙিৰ মণি, কাণৰ কেৰু পৰ্য্যন্ত সোঁতা দি “হাকিম পুতেকৰ সংসাৰৰ ব্যয় কিছু দিন নিৰ্ব্বাহ কৰিছিল; কিন্তু তাৰো ঢাপত এতিয়া ভোকেন্দ্ৰৰ ভৰি পৰিলহি। ডুমুনী, পোহাৰী, মুদী, কেয়া, গুৱাল আদিৰপৰা উঠনাকৈ বস্তু খোৱাৰ বেচ আৰু ধোবা নাপিতৰ দৰমহা দিব নোৱাৰাত সিহঁতৰ খেচ খেচনিত ভোকেন্দ্ৰই তমোময় দেখিলে। শেহত তেওঁৰ ওপৰত কেচাৰীত কৰা গোচৰ থোপাথোপ হৈ তেওঁৰ গাত ওলমিবলৈ ধৰিলে।

 এনে নিৰুপায় অৱস্থাত এদিন ভোকেন্দ্ৰৰ মনত পৰিল, সেই সোমনাথৰ কথা! সোমনাথে কৈছিল, Spy অৰ্থাৎ চোৰাংচোৱা হোৱাটো বৰ লাজৰ কাম। চৰিয়াৰ টকা-কড়িৰ দুখ গুচে। ভোকেন্দ্ৰই বিমৰিষ কৰি পালে – সোমনাথে তো কৈছিল যে চৰিয়াৰ ব্যৱসায় noble profession অৰ্থাৎ ওখ আৰু সন্মানৰ কাম মইহে বেয়া বুলি ভাবিছিলো। কোনে জানে কিজানি সোমনাথেই Right ময়েই Wrong? তাৰ বাহিৰে, ভাল বেয়া বিচাৰিবলৈ যাওঁতে যে পেট নপ্ৰবৰ্ত্তাত পৰিলহি।— নহয়, আজিৰপৰা ঠিক কৰিলো, মই নিশ্চয়কৈ Spyৰ ব্যৱসায় কৰিম; চোৰাংচোৱা হম, হৈ দেশৰ আৰু নিজৰ উপকাৰ কৰিম।

পঞ্চম অধ্যায়

 সঁচাকৈয়ে চোৰাংচোৱাৰ ব্যৱসায় বেগেৰে চলাই ভোকেন্দ্ৰৰ ধনৰ দুখ গুছিল আৰু ধাৰ মৰিল। সেই অভিনব এন্ধাৰ ব্যৱসায়ত যিমান বগা ৰূপৰ পোহৰ পৰিবলৈ ধৰিলে তেওঁৰ মন সিমান প্ৰফুল্লিত হবলৈ ধৰলে। অদম্য উৎসাহেৰে ভোকেন্দ্ৰ বৰুৱাই লোকৰ কল-তল বাহ-তল ঢেকিশাল পিৰালি-চুক আদিত গুপ্তভাৱে ফুৰি গবেষণা আৰু অনুসন্ধান কৰি তাৰ বৃত্তান্ত যোগাব লগীয়া ঠাইত যোগাবলৈ ধৰিলে । ভোকেন্দ্ৰৰ ভয়ত আসামৰ মানুহ, ঘাইকৈ জোৰহাটৰ মানুহ ত্ৰস্তমান হৈ পৰিল ।

 কৃতজ্ঞতা ভোকেন্দ্ৰৰ চিৰকলীয়া স্বভাব । তেওঁৰ সুখৰ কালতো বন্ধুবৰ সোমনাথলৈ তেওঁ পাহৰা নাছিল । সিদিনা ভোকেন্দ্ৰই সোমনাথলৈ লিখা চিঠি এখনৰ নকল তলত দিলো ।—

“ভাই সোমনাথ,

 এতিয়া ভালকৈ বুজিলো যে তুমি Right মই Wrong। মাজতে মোৰ বৰ দুখ গল কিন্তু তোমাৰ বুধিমতে এতিয়া চলি মই সুখে স্বচ্ছন্দে আছোঁ । এতিয়া মই নিজৰ আৰু দেশৰ উপকাৰ দুইটা কৰিব পৰা হৈছোঁ । মই অগুণকাৰী নহওঁ ৷ তোমাৰ শলাগ লৈ তোমালৈ এই কুৰি টকাৰ লোট এখন এই ৰেজিষ্টৰি চিঠিৰ ভিতৰতে পঠিয়ালো, গ্রহণ কৰি তোমাৰ পুৰণি বন্ধুক সুখী কৰিবা ।”

সাতদিনৰ পিছত সোমনাথৰ পৰা ভোকেন্দ্ৰই এই উত্তৰ পালে। —-

 “ভাই ভোকেন্দ্ৰ, তোমাৰ চিঠি পাই সন্তোষ পালো। তুমি পঠিৰা ২০ টকাৰ লোটখন এই চিঠিৰ লগতে তোমালৈ ওভতাই পঠিয়ালো ; কাৰণ শাকে ভাতে এক ৰকমকৈ খাই থাকি টোক্‌-টোক্‌-টাক্‌-টাকূকৈ চলিবলৈ মোক ঈশ্বৰে অলপ সমর্থ দিছে, সেইদেখি তোমাৰ “Noble profession-অৰ” দ্বাৰাই উপার্জিত টকাৰ ভাগ মোক নালাগে। তুমি সুখে থাকিলেই মোৰ সন্তোষ । তুমি সেই ব্যৱসায়তে নিজৰ আৰু দেশৰ উপকাৰ কৰি গৈ থাকা, নৰবা ।” উত্তৰটো পাই ভোকোন্দায়ে ঘৈণীয়েকক মাতি আনি চিঠিখন পঢ়িবলৈ দি কলে, “দেখিছ চম্পু—সোমনাথৰ বিবে চনাটো দেখিছ? মোক সি insult কৰিলে, অপমান কৰিলে। মই চোৰাংচোৱা হওঁ যদি তাক ইয়াৰ পোটক দিম!”

ভোকেন্দ্ৰ বৰুৱাৰ অন্তলীলা

প্ৰথম ভাগ

 চোৰাংচোৱাৰ ব্যৱসায়ত পইচা নাইকিয়া হল। আমাৰ ভোকেন্দ্ৰ বৰুৱাৰ চোৰাংচোৱাই ন খবৰ ৰান্ধি বাঢ়ি দিওঁতে দিওঁতে তাত লোণ আৰু মছল৷ ইমান সৰহ হলগৈ যে তেওঁৰ সেইবোৰে গ্ৰাহকসকলৰ মুখ দেদেৰাই যাবলৈ ধৰিলে। সেই দেখি গ্ৰাহকসকলৰ ভিতৰত চোৰাংচোৱা ভোকেন্দ্ৰ বৰুৱাৰ খাটিৰ গল, আৰু তেওঁৰ খৰিকাত দিয়া, পাতত দিয়া, ভজা, টেঙা আৰু জালুকীয়া খবৰেৰে সৈতে তেওঁ পাততে পৰি থাকি বাহা হৈ গোন্ধাবলৈ ধৰিলে।

 ভোকেন্দ্ৰ নিৰুপায়। ভাৰতবৰ্ষত দেখা যায় যে, কোনো লৰাই পঢ়া-শুনা কৰিব নোৱাৰিলে বাপেক মাকে তাক ব্যৱসায় বাণিজ্য কৰিবলৈ দিয়ে; কোনো ডেকাই চৰ্কাৰৰ ঘৰত চাকৰী নাপালে বা তেওঁ চাকৰীৰপৰা বৰখাস্ত হলে আৰু কোনো বুঢ়া অকামিলা হলে পোট্ৰিয়ট অৰ্থাৎ দেশহিতৈষী হয়। এতিয়া সেইদেখি বহুৎ ভাবি চিত্তি ভোকেন্দ্ৰই “পেট্ৰিয়ট” হবলৈকে থিৰাং কৰিলে। আমি আগেয়ে জানিছিলো ভোকেন্দ্ৰ অকল মহ .

গুৱালৰ বংশাৱতংস, এতিয়া শুনিলে তেওঁ মৰাণকুলৰও কুল- প্ৰদীপ। সেইদেখি তেওঁ সদীয়ালৈ গৈ স্বজাতিৰ কুশলৰ অৰ্থে “মৰাণ সভা” সংস্থাপন কৰি হুলস্থুলমকৰো‍ৎ। তেওঁৰ লগত খুদমন কলিতা নামৰ চাপৰাচী এটা, আৰু চাপৰাচীৰ ককালত “মৰাণ সভা” লেখা পিতলৰ চাপৰাচ এখন। সদিয়াত বক্তৃতা, পঁচা, বৰঙ্গনি আৰু দৰখান্তৰ ধূম-ব্যাপাৰ লাগি পৰিল। মৰাণসকলৰ ঘৰমূৰী শিকিটো আধলিটোৰপৰা টকা পাঁচ-মহা লৈকে তেওঁ বৰঙ্গনি পেলালে। গাৱঁৰ ৰাজহুৱা নামঘৰত তেওঁ বক্তৃতা কৰি পুৰুষক উন্মাদ আৰু তিৰুতাক বলিয়া কৰিলে। মুঠতে “সদিয়াৰ নৰ নাৰী, এৰিলন্ত ঘৰবাৰী, লৈ আমাৰ বৰুৱাৰ নাম” হল। নাৰীসকলে দেশ উদ্ধাৰক বৰুৱা দেও আহিছে বুলি শুনি, তেওঁক চাবলৈ উৰুক-মুৰুক কৰি কেৰু মণি উন্তি কৰিয়া পিন্ধি লৰি আহোঁতে কোনোজনীয়ে একাণত হে থুৰিয়া আৰু এহাতত হে খাৰু পিন্ধিলে; কোনো জনীৰ লৰৰ বেগত গাৰ ৰিহা আৰু মূৰৰ থোপা শুলকি পৰিল, আৰু খোপাৰ মালতী ফুলপাহ বাটতে পৰি ৰল। এজনীয়ে লৰি যাওঁতে লগৰীয়ানীহঁতক মাতিলে — “আহা আই বাই সবে পদূলিক যাওঁ। ভোকোন্দি বৰুৱা আহে নেত্ৰ ভৰি চাওঁ” এইদৰে মতা শুনি-এজনীয়ে লৰাক পিয়াহ দিছিল, পিয়াহ দিয়া লৰাক তাতে তাই এৰি লৰ ধৰিলে; এজনীয়ে গিৰিয়েকৰ পকা চুলি উঘালিছিল, তাক তাতে তাই এৰি উৰ্দ্ধশ্বাসে লৰি ঢাপলি মেলিলে; এজনীয়ে জালি তাঁত বৈছিল, বোৱা তাঁত তাই তাতে এৰি লৰ দিলে; এজনীয়ে গিৰিয়েকলৈ বাটিত কানি মলিছিল, আধা মলাকৈ কানি বাটি এৰি তৰা-নৰা ছিঙি লৰিল । এজনীয়ে ভাত ৰান্ধিবলৈ গা ধুইছিল, তিতা গাৰেই মহামহি- মাৰ্ণৱ শ্ৰীযুক্ত ভোকেন্দ্ৰ বৰুৱা ডাঙৰীয়াক চাবলৈ চোচা ললে । তিৰুতাবিলাকৰ যেনে বিলাই হৈছিল, পুৰুষবিলাকৰো তাদৃশ । আমি দেখিছিলো, এটাই তাৰ মাহেকীয়া আশৌচৰ অন্তত ডাঢ়ি খুৰাইছিল, নাপিতে এখন গালৰ ডাঢ়ি খুৰুৱা শেষ কৰি আনখন গালত খুৰ লগাব খোজোতেই, সি উঠি লৰ ধৰিলে । এটা শুফীয়াই গুৰে-পিঠাগুৰিয়ে জুলিয়াকৈ সানি পি খাই থাকো- তেই বৰুৱা দেও অহা বাতৰি গুনি, মুখ ধুবলৈ নোচোৱাকৈয়ে লৰ দিলে ৷ এটা খোৰাই এঠেঙেৰেই খোৰাই খোৰাই ঢেঙ্কু - ৰুচ ঢেঙ্গুৰুচকৈ গৈ বেগত উজুটি খাই পৰি আগদাঁত দুটা ভাঙিলে ৷ এটা কণাই বাট বিচাৰি নাপাই খপিয়াই জপিয়াই অন্তত তাৰ শোৱাচাঙৰ তলত সোমালগৈ । এটা বেঙাই উধাতু খাই গৈ আলিৰ কাষৰ খাৱৈত পৰি নগুৰ্ণাগতি হল । আৰু আমাৰ চিনাকী লোকাই সাধনীয়ে বাট পোনাই যাওঁতে লৰৰ বেগত ৰব নোৱাৰি, কাতীয়া মণ্ডলৰ গোহালিঘৰৰ মুখত দ’ম হৈ পৰি থকা গোবৰত ভৰি হুমাই দি তাতে ককাললৈকে পোত গৈ লাগি ৰল। ইত্যাদি প্ৰকাৰে মানুহৰ দুৰ্গতি যি হৈছিল সেইবোৰ কিমান বর্ণনা কৰিবা, কিমান কবা !

 বক্তৃতাৰ অন্তত ভোকেন্দ্র বৰুৱাদেৱে যেতিয়া গাৱঁৰ মানু- হৰ দুখ দুর্গতি গুচাই দিবলৈ গাত লৈ, পঁচা বৰঙ্গনিৰ প্ৰস্তাৱ কৰি ঠগি পাতিলে, তেতিয়া প্রজাসকলৰ মাজত থৌকি বাথৌকি লাগি পৰিল। কোনোৱে টকাটো, কোনোৱে শিকিটো, কোনোৱে আদমহীয়াটো, কোনোৱে চৰতীয়াটো, যাৰ যি আছিল, মোনা উবুৰিয়াই দি চাৰিউফালৰ পৰা ঠগিত পেলাবলৈ ধৰিলে। ভঙ্গুৱা ভদী মাউতৰ হাতত ভাঙ্গৰ চিলিমটো হে আছিল, সি স্বদেশৰ কুশলৰ অৰ্থে অনতিবিলম্বে চিলিমটোকে ঠগিত পেলালে। মঘুৱাৰ কঁকালত ৰঙা সূতাৰ কটি সূত্ৰ এডাল আছিল, দেখাক দেখি উছাহত সিও সেই ডালকে শোলোকাই আগবাঢ়ি গৈ শৰাইত থৈ বুকু ফিন্দাই থিয় দিলে। তিলাইৰ হাতত টঙাল তুলুৱা নেলীয়া-কটাৰী এখন আছিল, ঘিমৰুৰ হাতত চচা বেত-সূত এডাল আছিল, কলাইৰ হাতত মুখত- খোৱা চাদাধপাত একণ আছিল, ৰঙাইৰ খোচোনাত শিলিখা এটা আছিল, নদাইৰ হাতত জাল গুথিবলৈ লোৱা সূতলাহী এটা আছিল, সেইবোৰকে সিহঁতে তৎমৎ এৰি দেশৰ হকে ঠগিত পেলালে। তিৰোতাবোৰৰো যাৰ হাতত যি আছিল দেশৰ অৰ্থে দান কৰিবলৈ কোনেও পিছ-ভৰি নকৰিলে; যথা—এধাপইচা ডবল পইচাৰ পৰা আৰম্ভ কৰি কাণৰ কৰীয়া- লৈকে সকলোবোৰ গাৱঁলীয়া সুন্দৰীহঁতে দিলে। মূৰত এপাচী চুলীৰে জাগৰী সাজতোলানীক কোনে নিচিনে? সাজতো- লানীৰ মূৰত চুলি যিমান ওকণীও সিমান। জহু যায়, জাৰ আহে, দিন যায়, ৰাতি পুৱায়, তথাপি সাজতোলানীৰ মূৰৰ পৰা হাত নাযায়। বৰুৱাদেওৰ মাৰণ কাটন উচাটন বশী কৰণ “বক্তিতা” শুনি তাইৰ গাত ও দেওধনি উঠিল। ঠিক এনে সময়তে তাই মুৰ খেপিয়াই বিঢ়া ওকণী এটা ধৰিছিল। ৰাইজে হাত উবুৰিয়াই নিজৰ দেশৰ অৰ্থে দান কৰা দেখি


আগ বাঢ়ি নুগুণি তাই ৰাইজৰ লগতে আগবাঢ়ি গৈ সেই বিঢ়া-ওকণীটোকে লাহেকৈ ঠগিত পেলালে। আমাৰ বক্তা বৰুৱা ডাঙৰীয়াই এই কাৰ্য্য দূৰৰপৰা দেখি আছিল, কিন্তু সাজ, তোলানীয়ে কি দিছে তেখেতে মণিব নোৱাৰি ভাবিলে তাই আঙ্গুলিৰপৰা আঙঠিটো শোলোকাই ঠগিত পেলালে। তৎ- ক্ষণাৎ তেওঁ স্বদেশপ্ৰেমত আকুল হৈ উচ্চস্বৰে মাত লগালে — “ৰাইজসকল! দেখক! এই নিঃকিন দেশহিতৈষী মহিলাই নিজৰ জন্মভূমিৰ হকে, নিজৰ মানুহৰ উপকাৰৰ অৰ্থে হাতৰ আঙঠিটি পৰ্য্যন্ত অকাতৰে দান কৰিলে! অহো! এই মহৎ আদৰ্শৰ অনুকৰণ কৰা আৰু এই ওখ আৰ্হি মতে চলা সকলোৰে কৰ্ত্তব্য। এই কাৰ্য্য দেখি আজি মোৰ প্ৰাণ আনন্দ-সাগৰত নিমগন হৈছে!” জাপৰি সাজতোলানীৰ দান, টোৰ বিশেষ ভাৱে এনেকৈ উল্লেখ কৰা বাবে গেন্ধেলা গাওঁবুঢ়াৰ মনত বৰ কৌতূহল উপজিল। সেইদেখি সেইটো কেনে নো আঙঠি চাওঁ বুলি তেওঁ আগবাঢ়ি গৈ ঠগিত ভালকৈ লক্ষ্য কৰি দেখিলে যে, সেইটো আঙঠি, নহয়, এটা বিঢ়া ওকণীহে বগাই ফুৰিছে! তাকে দেখি তেওঁ ৰাইজৰ আগত আঠু লৈ কলে— “ৰাইজসকল! সাজতোলানীৰ আঙ- ঠিটো দেখোন বিঢ়া ওকণী হৈ লৰি ফুৰিছে!” এই কথাত সকলোৱে ৰং পাই গিৰ্জনি মাৰি হাঁহিবলৈ ধৰিলে। বৰু- ৱাদেৱে তেতিয়াহে কথাটো ভালকৈ টং কৰিব পাৰি, সেই- টোৰ বিষয়ে আৰু একো নকৈ আন কথাৰে তাক ততালিকে ঢাকি পেলাই লেঠা মাৰিলে।  জাপৰী সাজতোলানীৰ লগত জীয়েক কেতেকীয়ে ও সভালৈ গৈছিল। কেতেকীৰ বয়স ষোল বছৰ তিনি মাহ তিনি ঘণ্টা তিনি মিনিট। মাকৰ দানৰ পিছত কেতেকীয়েও যথাসৰ্ব্বস্ব কিবা এটা সম্প্ৰদান কৰিবলৈ মনতে তিল-কুশ ললে। কিন্তু এই দান মৰাণ সভাৰ ঠগিত নহয়, সভাৰ পতি ভোকেন্দ্র বৰুৱাৰ চাপৰাচী খুদমনৰ মন-ঠগিত হে। মাকৰ ৰিহাৰ আচলত ধৰি কেতেকী সেই সভাত উপস্থিত হোৱাৰ কালৰেপৰা খুদ- মনৰ নেত্র-ভ্ৰমৰে কেতেকীৰ ৰূপ মধু পান কৰি আহিল । কেতেকীৰো ডাঙৰ ডাঙৰ টেলেকা চকু দুটা, খুদ মনৰ বুকুৰপৰা ওলোৱা প্ৰেম-সুৱগাৰ জৰীয়ে টানি আনি বন্দী কৰি থৈছিল । ইয়াৰ পিছত সভাৰ হাই-উৰুমি বক্তৃতা আদিলৈ খুদ মন আৰু কেতেকীৰ চকু কণা হল, কাণ কলা হল । কবিয়ে সেই দেখি হে গাইছে—“প্ৰেমেৰ ফাদ পাতা ভুবনে । কে কোথা ধৰা পৰে কে জানে । ”

 সি যি হওক, বৰুৱাদেৱে এইদৰে বহুৎ টকা তুলি গোটাই লৈ মৰাণ সভাৰ প্ৰতিনিধি হৈ লাট চাহাবৰ আগত “মেমোৰি- য়েল” দৰ্খাস্ত দিবলৈ ডাক জাহাজৰ প্ৰথম শ্ৰেণীত উঠি ভটীয়াই মাঘৰ পহিলা তাৰিখে কলিকতা পালেহি । খুদমন চাপৰাচীয়েও তাৰ মনৰ সমানে এফাল সদিয়াতে সি এৰি থৈ বাকী ফালেৰে তেওঁৰ লগত আহিল। কলিকতাত ভোকেন্দ্র বৰুৱা ১৫ দিন আছিল । এই কেইদিনৰ কাৰ্য্যৰ বিবৰণ অতি সংক্ষেপকৈ তলত দিয়া গল,—

১ মাঘ, পুৱা ১১ বজাত কলিকতাবাসী অসমীয়া ছাতৰৰ

“মেচত ভোকেন্দ্ৰ বৰুৱাৰ উপস্থিতি। দুপৰীয়া

১২ বজাত তেওঁৰ ভোজন; ১ বজাত শয়ণ; আবেলি ৩ বজাত জাগৰণ; ৫ বজাত ভ্ৰমণাৰ্থে বহিৰ্গমন।

২য় মাঘ, —পুৱা গঙ্গাস্নান। দুপৰীয়া যাদুঘৰ দৰ্শন।

খুদমনৰ ঘুঘুয়া জ্বৰ। ডাক্তৰৰ মতে মেলেৰিয়া। এই উপাখ্যান লেখকৰ মতে বিবহ-বায়ুৰপৰা হোৱা বাতিক জ্বৰ।

৩ ” —চিৰিয়াখানা বা জু পৰিদৰ্শন।

খুদমনৰ জ্বৰ টানেই।

8 ” —বদ্ ৰিদাসৰ মন্দিৰ প্ৰদক্ষিণ।
৫ ” —বটানিকেল গাৰ্ডেন বা কুম্পানী বাগান ভ্ৰমণ।

খুদমনৰ জ্বৰৰ উপশম। টেম্পৰ্চেৰ ৯৯।

৬ ” — ষ্টাৰ থিয়েটত ‘প্ৰফুল্ল’ আৰু “চোৰেৰ উপৰ

বাটপাৰিৰ” অভিনয় দৰ্শন। ৰঙ্গালয়ৰ নিষেধ- বৰ্জ্জিত বাহিৰত ধূম আৰু মদ্যপান।

৭ ” — মিনাৰ্ভা থিয়েটৰত "দোললীলা” দৰ্শন। ঐ ঐ।

“চাচীপান গোলাপী খিলি” ক্ৰয়, চৰ্ব্বন আৰু পিক্ প্ৰক্ষেপণ।

৮ ” — কুলপী বৰফ ভক্ষণ। গধুলি পথ পৰিভ্ৰমণ।

খুদমনৰ টেম্পৰেচৰ ৯৭ )

৯ ” —ইডেন গাৰ্ডেন পৰিদৰ্শন, আৰু বেণ্ড বাদ্য শ্ৰৱণ!
১০ মাঘ, —চান্দনি বজাৰত কোট, পেণ্টলুন, কামিজ, কলাৰ

প্ৰস্তুতৰ অৰ্ডাৰ প্ৰদান । খুদমনে, অর্থাৎ খুদ মন লগতে ।

১১ ” — ৰাধাবজাৰত ষ্টীল-ট্রঙ্ক দোকানীৰ দ্বাৰাই বেছি

দামত বিক্ৰয় আৰু বৰুৱাৰ দ্বাৰাই সস্তা বিবে- চিত হৈ ক্ৰয়।

খুদমনৰ “মেচৰ” ভাত ৰন্ধা বামুণটোৰে সৈতে অকলৈ আহি মূৰ্গীহাটাৰ বজাৰৰপৰা এখন ফণী, এখন আৰ্চি আৰু এচিচা সুগন্ধি গোলাপী নাৰি- কলৰ তৈল কেতেকীক উপহাৰ দিবৰ নিমিত্তে খৰিদ কৰণ ।

১২ ” —গ্রেট্ ইষ্টর্ণ হোটেলত “টিফিন” বা জলপান ৷

খুদমনৰ “গোলাপী-গেন্ধেৰী” ভক্ষণ বা চৰ্ব্বন বা শোষণ ।

১৩ ” —গৃহিণীৰ নিমিত্তে ৰাধাবজাৰৰপৰা বৰুৱাৰ বলয়

কঙ্কন ক্রয় । আৰু “পাণৱালাৰ” দোকানৰপৰা খুদমনৰ পাণ চিগাৰেট্ দিয়াচলাই ক্ৰয় ।

১৪ ” —চান্দনিৰ “চুট” আনয়ন । আৰু পুত্র কন্যা পৰি-

বাৰৰ নিমিত্তে বৰুৱাৰ ‘চেইলৰ ফ্ৰক’, “জেকেট” আৰু মোজা ক্রয় ।

ওপৰোক্ত “বামুণ ঠাকুৰৰ” সাহায্যত কেতেকীৰ নিমিত্তে খুদমনৰ “মনে ৰেখে৷” শাৰী ক্রয় ।

১৫ মাঘ— ভোকেন্দ্ৰ বৰুৱাৰ কলিকতা পৰিত্যাগ আৰু গৃহ

প্ৰত্যাবৰ্ত্তন!

সামৰণি।

 বৰুৱা ডাঙৰীয়া উভতি গৈ ঘৰ পালতে খুদমনে তেওঁৰ পৰা এমাহৰ “প্ৰিভিলেজ লিভ” অৰ্থাৎ অনুগ্ৰহৰ বিদায় লৈ সদিয়াভিমুখে যাত্ৰা কৰিলে। সদিয়া পোৱাৰ সাত-দিনৰ পিছতে কেতেকীৰে সৈতে খুদমন চাপৰাচীৰ বিবাহ উৎসৱ মহাসমাৰোহেৰে সম্পাদিত হল।

 এইখিনিতে কোৱা উচিত যে খুদমনৰ শাহুৱেক জাপ- ৰীয়ে কেতেকীৰ অজ্ঞাতসাৰে তাইৰ গোলাপী নাৰিকল তেল- চিচা ওকণী মাৰিবৰ মনেৰে নিজৰ মূৰত ঢালি দিলে! মহাদেৱৰ জটাৰ ভিতৰত গঙ্গা সোমাই থকা দি তেল-চিচা জাপৰীৰ চুলিৰ ভিতৰত সোমাই ৰল; আৰু সম্ভৱতঃ সি আজিলৈকে তাতে কোনোবা ভগীৰথলৈ বাট চাই বসতি কৰি আছে। কেতেকীয়ে তেল বিচাৰি নাপাই তিনিসাজ ভাত নোখোৱাকৈ আছিল; পিছত খুদমনে আৰু এচিচা তেলৰ ফৰ্ম্মাচ দি তাৰ বন্ধু “মেচৰ” ৰান্ধনি বামুণলৈ পষ্টকাৰ্ড এটা লেখিলত হে জেতুকীক ভাত খুৱাব পৰা গল।

এৰা বাৰী

 মানুহে কয় বোলে ভাল আমৰ পুলিও বকৰাণিত পৰি অজাতৰীয়া হয়। লোকৰ কথা কব নোৱাৰোঁ কিন্তু মোৰ গাত হলে এই আষাৰ কথা ভালকৈ ফলিয়াইছিল। মই ভাল মানুহৰ ঘৰৰ লৰা। ৰজাৰ দিনৰপৰা আমাৰ ঘৰ মানুহ শিৰফুটা। মোৰ উপৰিপুৰুষসকলে ৰজাৰ দিনত আৰু কুম্পানীৰ দিনতো ভাল ভাল বিষয় খাই গৈছে। কিন্তু মোৰ ভাগ্যৰ সীমা কাছাৰীঘৰৰ বৰ-গছৰ তলতে অন্ত পৰিল। মই এজন “পিটিচন—ৰাইটৰ” মহৰী। কিন্তু এতিয়া মই ছাল- ছিগা হলোঁৱেই বা, মোৰ মক্‌‍মুকনি মট্মটনি হলে এতিয়াও যোৱা নাই আৰু যাবৰ আগন্তুকো নাই। পুৰণি বংশ গৌৰৱ-ৰোগটো মোৰ-পৈতৃক ব্যাধি; দুখ দুৰৱস্থাৰ দৰবৰ পালিয়েও তাৰ জইন মাৰিব পৰা নাই। তাহানি দেউতাৰ দিনত আমাৰ হাতী মাউত এটা আছিল তাৰ নাম জুৰমন। তাৰ এই নামটো কোনে দিছিল কব নোৱাৰোঁ; কাৰণ তাৰ নামটো ইমান তপত আছিল যে সি সততে, উতলি থাকে বুলিলেই হয়। সেইদেখি তাৰ নামটো তপত-মন হোৱাহেঁতেন তাৰ স্বভাৱেৰে সৈতে খাপ খালেহেঁতেন। সেইটো যি হওক সি খৰ নামৰ ব্যাধিত চিৰৰুগীয়া আছিল। উলামূলা খৰ নহয়, তাৰ গা গোটেইটো খৰেৰে চামনি মৰা। তাৰ বাপেককো আমি দেখিছিলো, বাপেকো পুতেকৰে নিচিনা খৰ ৰুগীয়া আছিল। বাপেকে কৈছিল বোলে তাৰ বাপেকৰে৷ ( অৰ্থাৎ জুৰমনৰ ককাৰৰো ) খৰ আছিল হেনো। সেইদেখি সেইটো তাৰ বাপতী-সাহোন ৰোগ আৰু সেইদেখি জুৰমনে সেই ৰোগ খেদাবলৈ বৃথা চেষ্টা নকৰি তাৰে সৈতে মিত-মাত কৰি লৈ কোনোমতে জীৱন-যাত্ৰা নিৰ্ব্বাহ কৰি আছিল। তাৰ যেতিয়া পৰত খজুৱতি উঠে তেতিয়া তাৰ দুৰ্গতি দেখিলে চকুৰ পানী ওলায়। যিদিনা বাপেক পুতেকৰ একেলগে খজুৱতি উঠে সেইদিনাৰ দৃশ্য যে কি চমৎকাৰ তাক দেখোতাইহে বুজিব পাৰে। এদিন মোৰ মনত আছে, বাপেক পুতেক দুয়োৰো সমসাময়িক খজুৱতি উঠিলত খজুৱাবৰ যত ৰকম উপায় আছিল এটাইবোৰ বাপ পো দুয়ো অৱলম্বন কৰি হুৰি শেহত দুয়ো পিঠীয়াপিঠিকৈ বহি পিঠিত পিঠি ঘহাবলৈ ধৰিলে। সেইদেখি হে কওঁ যে মোৰ বংশগৌৰৱৰ মেট্‌মটনিটোও দুৰাৰোগ্য পৈতৃক ব্যাধি, তাৰ খজুৱতি উঠিয়েই থাকে; আৰু উঠিলে মোৰ কাষত থকাসকল সাৱধান হোৱা উচিত।

 সৰুত ভালকৈ লেখা-পঢ়া নিশিকিলো যেতিয়া, পিটিচন- ৰাইটৰ নহৈ নো মই আৰু কি হম ? সেইদেখি শত্ৰুৰ মুখত ছাই দি বৰ কাছাৰীৰ দুৱাৰ মুখৰ বৰ গছৰ তলত মই বৰ পিটিচন ৰাইটৰ বহিলো।

 কুসঙ্গত পৰা বাবে মোৰ গাত কু-অভ্যাস এটাই ধৰিলে— অৱশ্যে সেইটো খৰ খজুৱা নহয়; কাৰণ মোৰ গাত খৰেই নাছিল। সেইটো হৈছে কানি খোৱা। ভাল মানুহৰ লৰাৰ ভিতৰত আগৰ কালত এই অভ্যাসটো যে নাছিল এনে নহয়, কিন্তু আজিকালি কানি খোৱাটো অপ্ৰচলিত, ( অৱচলিত obsolete) বুলিলেই হয়। আজিকালি নিৰ্জু কানিক জীৱন- যুজত হৰুৱাই তাৰ ঠাই উগ্ৰ ভাং আৰু বলী ফটিকাই লৈছে। যি কাৰণতেই হওক, ম‍ই কানি সেৱন কৰি কানিতে থাকি “কন্‌জৰ্ভেটিভ” { অনুদাৰ ) কানীয়াৰ দলৰ যে শ্ৰীবৃদ্ধি কৰিলোঁ

তাত ভুল নাই। ম‍ই ওৰেদিনটো কাছাৰী ঘৰৰ মুখৰ গছৰ তলত বহি টকাটো শিকিটো যি ঘটোঁ তাক দায়ভাগৰ ব্যৱস্থা মতে সমানে দুভাগ কৰি এভাগ কানিৰ অৰ্থে আৰু এভাগ সপুত্ৰ বান্ধৱে নিজৰ ভৰণপোষণৰ অৰ্থে ব্যয় কৰো।

 লাহে লাহে মোৰ কানিৰ পৰিমাণ যিমান বাঢ়ি আহিল গছ-তলীয়া উপাৰ্জ্জনো সিমান কমি আহিল। একৰ পিঠিত দুই অহাৰ দৰে তাৰ পিঠিত মোৰ লৰা তিৰুতাৰ হা-হা- কা-কা-বোৰ আহিল, অৱশ্যে লগেললগে ঘৈণীৰ তিৰস্কাৰ আৰু কদৰ্থনাৰ পুৰস্কাৰ লৈ। গাত বেজৰা মাতৰ চোক বেছি হলত তাত সৰহকৈ কানিৰ চেচনি দিলো। মুঠতে মই মনৰ দুখ পাহৰিবৰ নিমিত্তে সৰহকৈ কানি খাবলৈ ধৰিলো, এই খোলোচা কথা।

 এদিন দুপৰীয়া খাই-বৈ উঠি – কাণত কলমটো গুজি আৰু হাতত মৈলামটো ওলমাই লৈ কাছাৰীৰ মুখৰ বৰগছৰ তললৈ যাবলৈ যাত্ৰা কৰি ওলাইছোঁ, এনেতে হঠাৎ এচাটি বৰটুপীয়া বৰষুণ আহি গা তিয়াই দিয়াৰ দৰে ঘৈণীজনাৰ মুখৰপৰা কুবাক্য এচাটি আহি মোৰ মনটো তিয়াই পেলালে। “নেযাওঁ কছাৰিলেই”, “ নাথাকোঁ এইখন ঘৰত” বুলি খং কৰি ওলাই গুচি আহিলো। কিন্তু কলৈ যাওঁ, কি কৰোঁ, মনত একো ঠিক নাই, যাব লাগে টন্ট কৰে বাটে বাটে গৈ আছোঁ।

 ভালোখনি বাট গৈ আলিৰ কাষতে এখন এৰা-বাৰী দেখিলো। কোনো বাৰীখন এৰি তাৰ গাত “এৰা-বাৰী” এই বদ নামৰ চেকা সানিলে কোনে জানে? দুপৰীয়াৰ ৰদ! বাৰীখনৰ ভিতৰত ওখ ঘৰৰ ভেটি এটাৰ কাষতে এজোপা থেৰেজু-গছ দেখিলো। ভেটিটোত থেৰেজু গছজোপাৰ ছাঁ পৰিছে, আৰু সেইখিনিত ঘাহ বনো বৰ নাইকিয়া; সেই দেখি তাতে বহি জুৰ লৈ গাটো শতাই লবৰ মনেৰে সোমাই গৈ লাহেকৈ বহি পৰিলো।

বোপাটিহঁতৰ মাকৰ মুখৰ চোকা কথাৰ চেক্‌ চকনি তেতিয়াও মোৰ মনৰপৰা যে একেবাৰেই গৈছিল এনে নহয়; সেইদেখি চোলাৰ মোনাৰপৰা কানিৰ টেমাটো উলিয়াই তাৰপৰা কানিৰ বৰি এটা লৈ টিপামাৰি গিলি থলো। কানিৰ বৰিটো অলপ বুজন আছিল দেই। ফলত, ৰাগিটোও আন দিনতকৈ বুজন হল; আৰু সেই বাবে মোৰ সোনকালে চকু জাপ খাই গল; আৰু দোপাত কানীয়াই যি জাতৰ টোপনি টোপনিয়ায় সেই জতুৱা টোপনিকে টোপনি- য়াবলৈ ধৰিলো। এই টোপনিয়ে মোৰ বাহিৰৰ চকু দুটা মুদাই ধৰি ভিতৰৰ চকু দুটা মেলি দিলে; বাহিৰৰ কাণ দুখনত সোপা দি ভিতৰৰ কাণ দুখনৰ বিন্ধা খৰিকাই দিলে; ফলত, মই অমাতৰ মাত শুনিলো, অবুজৰ অৰ্থ বুজিলো, ছালৰ চকুৰে নেদেখা বস্তু দেখিলো, গছ গছনিৰ কথাৰ ভাগ লব পৰা হলো আৰু সিহঁতৰ সুখ দুখেৰে সৈতে নিজৰ সুখ দুখৰ জৰী পকাই দীঘলীয়াকৈ বাটি লৈ যাব পৰা হলো।

 থেৰেভুজোপাৰ সমুখতে ভেটিটোৰ ইপাৰে এজোপা আম গছ আছিল। আমজোপাৰ ডালতে এটা হুদুৱে বাহ লৈছিল! থেৰেজুৱে আমলৈ চাই মাত লগালে, “বোলো শুনিছা নে ভাইটি কিমান নো বোদ্ বোদ্ কৰে বহি থাকা দেও হে; কথাবাৰ্ত্তাকে একেষাৰ কোৱা। বতাহ কাষলৈ নাহিলে দেখোন তোমাৰ আমন জিমনেই নাভাগে; বোলো তোমাৰ কান্ধত উঠি টিঘিলঘিলোৱা সেইজন কলৈ গল? আজি দেখা নাই চোন?”

 আম।— “কাৰ কথা শুধিছা? অ – বুজিছোঁ, আমাৰ হুদুগুছ ডাঙৰীয়াৰ? ইয়াত দুপৰৰ ৰদ টানকৈ পৰিছে দেখি তেওঁ উৰি গৈ সেই ডাঠ ছাঁ ৰে বাঁহৰ ঢাৰিত লুকাই আছে গৈ। কিন্তু সঁচাকৈ কৈছে৷ ককাই, ম‍ই লোক চিনিব নোৱাৰোঁ; আগেয়ে তাক এনে বুলি জনাহেঁতেন ম‍ই মোৰ ইয়াত বাহ লবলৈ নিদিলোহেঁতেন।”

 থেৰেজু।—"তুমি তো চিনিব নোৱাৰাই। মই কিন্তু তাক হাড়ে হাড়ে চিনি পাওঁ। সেইদেখি মোৰ ওচৰত সি মুখ নাপায়। একালত এই ঘৰ মানুহৰপৰা সি কত উপকাৰ পাইছিল, এই ঘৰৰ যহতে যে সেই অগুণকাৰীয়ে কত খালে তাৰ সীমা সংখ্যা নাই; তথাপি মানুহঘৰ যেই মৰিহাজি উছন হল, তাৰ আহলাদ চাই কোনে? তাৰ উপৰি, সি সুবিধা পালেই যাৰে তাৰে আগত মানুহঘৰৰ বদনাম কয়। অতি ছোট লোক! বৰ নিমখ-হাৰাম!”

 আম। – “ভাল কথাটো -ওলাইছে;– ককাই তুমি ইয়াত অনেক কালৰ পৰা আছা; মোৰ তো বয়সৰ কথা তুমি জানাই। মোক এটা কথা কব পাৰা নে? মই দিনৌ শোধো শোধো বুলি আছোঁ, শুধিবলৈ চল পোৱা নাই। বোলো এইঘৰ মানুহ নো এনেকৈ উছন হল কিয়, তুমি কব পাৰা নে? তুমি ইয়াৰ প্ৰাচীন বাসিন্দা, তুমি নিশ্চয় জানা।”

 থেৰেজুৰ গাতে কপো-ফুল এজোপা আছিল। আমাৰ কথা শুনি সিও মাত লগালে, – “ময়ো এই কথাটো সদাই শোধো শোধো বুলি ভাবি আছোঁ। আজি ভালেই হল আমাৰ আম ককায়েই শুধিলে। মোমাই, কোৱাচোন কোৱাঁ শুনো? সঁচা কথা কবলৈ গলে, এই ঘৰৰ পুৰণি ভেটি বোৰ দেখিলে মোৰ এনে বেয়া লাগে তাক কি কম! একো একো দিনা সঁচাকৈয়ে মনত কিবা দুখ লাগি মোৰ কান্দোন ওলায়। কিন্তু কিয় যে কান্দোন ওলায় ভালকৈ একোটো বুজিব নোৱাৰোঁ।” এই কথাৰ ওৰ পৰিলত দেখা গল, কপৌফুলজোপাৰ সৰু সৰু চকুবোৰ লোৰে ঢুল্ ঢুলীয়া হৈছে। থেৰেজুৱে কলে,—“শুনিব খুজিছা যদি শুনা; কিন্তু কবলৈ মোৰ বৰ বেজাৰ লাগে। সি আজি ভালেমান দিনৰ কথা। তেতিয়া ম‍ই লৰা, পাঁচ কি ছবছৰীয়া। আম বোপাৰ জন্মই হোৱা নাই। এই ঘৰৰ গৰাকীজন বুঢ়া পকা থেকেৰাটো যেন আছিল।তেওঁৰ মুখখন পুণ্যৰ তেজত ফাটি- যাওঁ, ফাৰ্টি-বাওঁ যেন দেখিবলৈ আছিল। তেওঁক সকলোৱে দেউতা বুলি মাতিছিল, মইও মাতিছিলো। অৱশ্যে এইটো নকলেও হব যে মোৰ মাত তেওঁ নুশুনিছিল, নুবুজিছিল। আমাৰ জাতৰ প্ৰাণীৰ মাত মানুহ জাতৰ প্ৰাণীয়ে মুশুনে নুবুজে। আৰু গোলমালৰ গুৰি ও সেই খিনিতে হে। শুনাহেঁতেন, বুজাহেঁতেন এই পৃথিবীত কত পাপ আৰু অধ- ৰমৰ কাৰ্য্য কমি গলহেঁতেন। যাওক সেইবোৰ কথা। — দেউতাৰ পুণ্যৰ বলত ঘৰখনত ধন ধান্যেৰে ওপচ খাই আছিল। বাৰীত শাক পাচলি আম কঁঠাল লেটেকু পনিয়লেৰে উভয়- নদী। দেউতাৰ লখিমী হাতেৰে তেওঁ যতে যিহকে ৰুইছিল, যতে যিহকে গুজিছিল সিয়েই ঠন ধৰি বাঢ়ি লহ্পহীয়া হৈছিল। মোকো দেউতায়েই তেওঁৰ ধৰম-হাতেৰেই তেওঁৰ বৰঘৰৰ পিৰালিৰ কাষতে ৰুইছিল আৰু নথৈ যত্ন কৰি বঢ়াইছিল। দেউতাৰ তিনিজন পো ঘৰৰ ঘৈণীজনা আগেয়েই ঢুকাইছিল; ম‍ই দেখিবলৈ পোৱা নাছিলো। বৰ আৰু মাজুজন পুতেকলৈ আগেয়েই ছোৱালী বিয়া কৰোৱা হৈছিল; অৱশ্যে তেতিয়া মোৰ জন্মই হোৱা নাছিল। সক ককাইদেউলৈ হে বিয়া কৰোৱাৰ কথা ম‍ই কব পাৰোঁ। এই খিনিতে কওঁ যে দেউতাৰ তিনিউজন পুতেককে মইও বৰ ককাইদেউ, মাজু ককাইদ্ৰেউ, সৰু-ককাইদেউ বুলিছিলো। কাৰ ঘৰৰপৰা, এতিয়া মই পাহৰিলো, ৰূপহী ছোৱালী এজনী দেউতাই সৰু-ককাইদেউলৈ বিয়া কৰাই আনিলে। সেই বিয়াখন মোৰ আজিলৈকে মনত আছে। ঢোলে-ডগৰে খোলে তালে দোলাই হাতীয়ে যে কি এখন তমস্যাৰ বিয়া হৈছিল কি কম! সাদিনীয়াকৈ পানী তুলি বিয়াখন পাতিছিল। বোৱাৰীয়েকক ঘৰলৈ অনাৰ তিনি মাহৰ পিছত মাউৰত পৰি সৰু-ককাইদেউৰ মৃত্যু হল। অকস্মাৎ ঘটা এই মহা বিপদ ঘৰখনত বজ্ৰ পৰাদি পৰিল। আহা! দেউতাৰ কি শোক! কি বেজাৰ! কান্দোন চিয়ৰেৰে ঘৰখনত কোঢ়ল; কিন্তু দেউতাৰ চকু শুকান। একোটা হুমুনিয়াহ আৰু একা- ষাৰ আদ আধাৰ ঈশ্বৰৰ নামৰ বাহিৰে তেওঁৰ মুখত আন কথা নাই। তেওঁৰ ধীৰ অলৰ অচল মুৰ্ত্তি যেন আগতকৈ আৰু ধীৰ অলৰ অচল হল। কিন্তু তেওঁৰ ফালে ভালকৈ নিৰীক্ষণ কৰি ম‍ই ফট ফটীয়াকৈ দেখিবলৈ পালো যে মুখ খনত তেওঁৰ যিমানেই প্ৰশান্ত ভাব, বুকুৰ ভিতৰত সাতকুৰা অগণি। এদিন কিন্তু তেওঁ মোৰ ওচৰত ধৰা পৰিল দেই। সেই দিনা পুৱা—মোৰ ঠিক মনত আছে, গৰু-বিহুৰ দিনা সৰু বোৱাৰীয়েকৰ হিয়া-ভাগি-যোৱা কান্দোন শুনি তেওঁ ঘৰৰ ভিতৰৰপৰা ওলাই আহি মোৰ তলতে থিয় হলহি। ওৰ- ৰত আন কোনো নাছিল। দেখিলো, দেউতাই উচুপি উচুপি কন্দিছে; কিন্তু কোনোবাই দেখে বুলি ততালিকে তেওঁ চকুৰ পানী মছি থিৰ হৈ শাকনি-বাৰীত শাক চাবলৈ সোমো- ৱাদি সোমাল। মানুহে আমাক কাঠ-কঠুৱা বোলে; কিন্তু আমাৰ কাঠ-শৰীৰৰ ভিতৰত যে কি কোমল প্ৰাণ আছে মানুহে নাজানে। দেউতাৰ এই শোক দেখি আৰু সেই নিৰ্দোষী আজলী ছোৱালী সৰুবৌৰ মৰ্ম্মভেদী কান্দোন শুনি, সত্যে কৈছোঁ, তেতিয়াই, মোৰ আপোন-ঘাতী হৈ মৰি যাবৰ মন গৈছিল। কিন্তু নোৱাৰিলো। বিধতাই আমাক সেই ক্ষমতা নিদিলে। এই শোকৰ পিছত দেউতা আৰু সৰহ দিন জীয়াই নাথাকিল। বুকুৰ ভিতৰত জ্বলি থকা অগণিয়ে তেওঁক ছমাহৰ ভিতৰতে দহি শেষ কৰিলে। সৰু বৌ এই ঘৰতে থাকিল; কাৰণ, তেওঁৰ বাপেক মাক কোনো নাছিল; মাথোন বেলেগতীয়া ককায়েক এটা আছিল যি কোনো জন্মত ভনীয়েকৰ ভুকে নলয়।

  “প্ৰথম প্ৰবল শোকৰ ঢল শুকাই গলত শোকৰ যন্ত্ৰণা সৰু- বৌৰ হৃদয়ত তুহুজুই জ্বলাদি জ্বলিবলৈ ধৰিলে। তেওঁৰ পোহৰ মুখৰ জেউতি মলিয়ন হল, হাঁহি-মুখ বিষাদে আবৰি ধৰিলে, চকুত বেজাৰৰ কলা ৰেখা পৰিল।

“কিন্তু ভাইটি, এই পৃথিবীত একো চিৰস্থায়ী নহয়। শোকতো সেই কথা খাটে দেখিছোঁ। এবছৰ মানৰ মূৰত সৰু-বৌৰ শোকৰও ভালেমান সলনি ঘটিল। জাকালিৰ শেহত আমাৰ ন কুঁহি পাত মেলাৰ দৰে তেওঁৰ মনতো দুই চাইটা আনন্দৰ কুঁহিপাতে দেখা দিয়া দেখিলো। যেন তেওঁৰ মুখত থকা বেজাৰৰ আকবোৰ ৰঙৰ আঙ্গুলিয়ে বৰ পুৰুষাৰ্থ কৰি মছি দিবলৈ চেষ্টা কৰি আছে। ঈশ্বৰৰ এই আশ্চৰ্য্য সৃষ্টিত দেখিছোঁ সকলোৰে লৰচৰ হয়। মই কিন্তু এইবাবে সৰু বৌৰ গাত দোষ নিদিওঁ দেই; কাৰণ, গছৰ কুঁহিপাত আৰু ৰূপহ ফুল অকল গছৰ চেষ্টাতে নেমেলে নুফুলে বুলি মোৰ বিশ্বাস, বসন্তৰো তাত সৰহখিনি হাত আছে। বসন্তৰ সুশীতল ফুৱে হে ফুৱাই গছৰ কুঁহি পাত আৰু ৰূপহ ফুল ফুলাই দিয়ে বুলি মই ভাবো। এই ধৰ্ম্মিষ্ঠা সতী শান্তিৰ মনত সাংসাৰিক সুখৰ অবৈধ স্পৃহা ওচৰচুবুৰীয়া দামোদৰ বৰপূজাৰীৰ ডেকা পুতেক ভোগ- দত্তই হে যে জগালে এইটো ভালকৈয়ে দেখিবলৈ পোৱা গল। ভোগদত্তক আমাৰ দেউতাই নিজৰ পুতেকৰ নিচিনাকৈ মৰম চেনেহ কৰিলি। সি দিনে ৰাতিয়ে আমাৰ ঘৰলৈ আহি থকা ঘৰুৱা মানুহতকৈও সাতছাৰ আছিল। কিন্তু শেহত যে সি আমাৰ ঘৰ মানুহৰ ধাৰ এনেকৈ গুজিব, কোনেজানিছিল? যাওক সেইবোৰে কলঙ্কৰ কথা বখানি আজি আৰু মোৰ মুখ ছূৱা কৰিবৰ মন নাই। সেইবোৰ কথা এতিয়া মনত পৰিলেও প্ৰাণ ফাটি যায় আমঠু কলা পৰে। মুঠতে কও যে পুহ মহীয়া পুৱা দুবৰি- পাতৰ আগত থকা নিৰ্মল মুকুতা মণিটি যেন সৰুবৌক পাপীষ্ঠ বিশ্বাসঘাতক ভোগদত্তই এদিন পাপৰ পাটনাদত পেলাই দি তেওঁৰ সৰ্ব্বনাশ কৰিলে।

 “মানুহৰ সংসাৰ কি কঠোৰ! মানুহৰ অন্তৰ কি নিষ্ঠুৰ! মানুহৰ বিচাৰ কি দুৰ্ঘোৰ! তাত দয়া 'নাই, চেনেহ নাই, বিবে- চনা নাই, ধৰম নাই! ইহঁত হেনে৷ আকৌ পণ্ডতকৈও শ্ৰেষ্ঠ, আমাকৈও ওখ শাৰীৰ! ইহঁতে ঈশ্বৰৰ ওচৰত ন্যাৰ বিচাৰ বিচাৰে, নিজৰ সকলো দোষৰ ক্ষমা মাগে, কিন্তু ইটোৱে সিটোক বিচাৰৰ নামত অবিচাৰ অত্যাচাৰ কৰে, ক্ষমা কৰিব নোৱাৰে। দুৰ্ব্বল সৰুবৌৰ পাপৰ ফল প্ৰকাশ হলত তেওঁক ঘৰপৰা উলিয়াই খেদি দিয়া হল। লাজ অপমান দুখৰ টোপোলা বান্ধি তেওঁ এইখন ঘৰৰ পৰা কেলেহুৱা কুকুৰৰ দৰে পলাই গল। কিন্তু কলৈ যাব? তেওঁৰ কোন আছে? মানুহৰ সমাজ তেওঁৰ নহয়। এই পৃথিবীৰ সুখ সম্পদ তেওঁৰ নহয়। সকলোৱে হাজাৰখন হাতেৰে সেওঁক দূৰলৈ খেদাই দিছে, হাজাৰখন মুখেৰে ছেই ছেই কৰিছে। মাতিছে মাথোন এন্ধাৰে হাত বাউলি দি। যাওঁতে যাওঁতে বেচেৰীয়ে সৌ যে ৰিণিকি ৰিণিকি দেখা গৈছে সেই পুখুৰীটো দেখিলে! দেখিলে, – এন্ধাৰে মতাদি পুখুৰীটো- ৱেও তেওঁক হাত বাউলি দি মাতিছে। পুখুৰীটোৱে দুখুনীৰ কলঙ্ক ঢাকি দুখুনীক আশ্ৰয় দিব খুজিছে। নিঃসহায়ক এনে সহায় দান, বন্ধুহীনক এনে আন্তৰিক আহ্বান কোনে অস্বীকাৰ কৰিব পাৰে? নিমিষতে সৰুবৌৱে জাপ মাৰি পুখুৰীৰ বুকুত আশ্ৰয় ললে আৰু সেই পাৰ্থিব কলঙ্কিত জীৱনৰ ওৰ পেলালে, আৰু তেওঁৰ সৰ্ব্বনাশৰ মূল ভোগদত্তই”—

 ওচৰতে থকা আশোকজুপিয়ে এই আখ্যানটো গুৰিৰেপৰা একান্তমনে শুনি আছিল। যদিও অশোকে তেওঁলোকৰ কথা বাৰ্ত্তাত তেতিয়ালৈকে যোগ দিয়া নাছিল তথাপি এইবাৰ উত্তেজিত হৈ মাত লগালে, – “পাষণ্ড নিশ্চয় ডিঙিত চিপ- জৰী লগাই মৰিল।” এনেতে থেৰেজুৰ তলৰ শুকান পাতত টপ্ টপ্ কৰে কিবা পৰা যেন শুনি চাই দেখিলো থেৰেজু গছৰ গাত ওলমি থকা কপৌ ফুলজোপাৰপৰা টোপা টোপাকৈ পানী পৰিছে বুজিলো ব্যাপাৰটো কি। থেৰেজুৱে মাত লগালে —“ তেনে হোৱাহেঁতেন তো ঠিকেই হলহেঁতেন; কিন্তু দুখৰ বিষয় নহল। শুনিবা নে তাৰ কি হল? সি নিৰ্দোষী প্ৰমাণিত হল। তাৰ গাৰ নোম এডালতো কোনেও হাত দিব নোৱাৰিলে! যাওক সেইবোৰ অনেক কথা। ইয়াৰ পিছত ভোগদত্তই ভাল কুলীয়া ভাল মানুহৰ ঘৰৰ ছোৱালী এজনী বিয়া কৰাই সমাজত এজন লেখৰ মানুহ হৈ খাইবৈ ফুৰিবলৈ ধৰিলে। সচাকৈয়ে কৈছোঁ, সেই দিনা ধৰি মানুহ জাতিটো মোৰ চকুৰ কুটা দাঁতৰ শাল হল। মানুহৰ মাতে মোৰ কাণত কোট কোৰা কাঁইটে বিন্ধাদি বিন্ধে । হে ঈশ্বৰ ! মোক যেন মোৰ জীৱনৰ বাকী কেইটা দিন মানুহৰপৰা আঁতৰাই ৰাখা !” এনেতে অশোকজুপিয়ে চকু টিপিয়াই থেৰেজুক মোৰ ফাললৈ দেখুৱাই দিলত থেৰেজুৱে আত্মসংযম কৰি আকৌ আৰম্ভ কৰিলে, – “ইয়াৰ এবছৰৰ ভিতৰতে মাউৰে মানুহঘৰ মাৰি উছন কৰিলে । বাকী ৰল, ঘৰৰ সেই ভেটিটো, হুদুটো, আৰু মোকে আদি কৰি এই এৰা বাৰীৰ গছ-গছনিবোৰ ।” আমজোপাই সিফালৰপৰা মাত লগালে— “ঈশ্বৰ আছে ।” অশোকে মূৰ দুপিয়াই কলে,—“নিশ্চয়, নিশ্চয়।”

 এনেতে কোনবাই মতা শুনিলো,–“দেউতা, আপুনি কেছা- ৰীলৈ নগৈ আইৰ ওপৰত খং কৰি এৰাবাৰীৰ গছৰ তলত মনে মনে শুই আছেহি । আপুনি খং কৰি গুচি অহা দেখি আয়ে মোক আপোনাক মাতি-বুলি লৈ যাবলৈ পঠিয়াই দিলে । আহক, আহক, ঘৰলৈ আহক, আৰু খং কৰিব নালাগে ।”

 চকু মেলি চাওঁ দেখোন মোৰ বৰটো লৰা ।

ঘণ্টাকর্ণ শৰ্ম্মা ।

প্রথম আধ্যা।

 একুৰি পাঁচ বছৰ আগেয়ে ৰংখং চাহ বাগিচাৰ ‘ঘিচ্ মিচ্’ হোৱা বৰমহৰী শ্ৰীযুত ঘণ্টাকর্ণ শৰ্ম্মা যে কলিকতালৈ আহিছিল এই কথা অনেকে নাজানে । যি জানিছিল সেইসকলৰ ভিতৰত অনেক কালক্ৰমত মৰি-হাজি ঢুকাই নাইকিয়া হল; আৰু যি এজন-আদজন আছে তাৰো লেখ ঢুকুৱাৰ নিচিনাই হলহি। ঘণ্টাকৰ্ণৰ কলিকতা পৰিভ্ৰমণ আৰু পৰিদৰ্শনৰ বিবৰণ জানি, নমৰি থকাৰ শাৰীৰ এজন স্বয়ং এই উপাখ্যান লেখক। কোনে জানে কিজানি এই উপাখ্যানটো চুম্বককৈ লিপিবদ্ধ কৰিবৰ নিমিত্তে হে এই কেইটা দিন ঈশ্বৰে লেখকক জায়াই ৰাখিছে। একেবাৰেই উপাখ্যানটোৰ মাজতে জপিয়াই পৰি কোৱা যাওক যে শ্ৰীযুত ঘণ্টাকৰ্ণ শৰ্ম্মা বৰমহৰী এছোৱা বাট জাহাজেৰে আৰু আনছোৱা বাট ৰেলেৰে কলিকতালৈ আহিছিল। তেওঁক অনা ৰেলগাড়ীখন যেতিয়াই কলিকতাৰ শিয়ালদহ ষ্টেচনত হুচ্ হুচ্ ভচ্ ভচ্ কৰে ওলালহি, ঠিক কাক-তালী সংযোগৰ দৰে, অসমীয়া ছাত্ৰৰ “মেচ” নিবাসী শ্ৰীমান বিদ্যাধৰ শ‍ইকীয়াও সেই গাড়ীৰ দুৱাৰ মুখত ততালিকে থিয় হলগৈ। অৱশ্যে এই সংযোগ বিজুলী ডাকৰ বাতৰিৰ ফল, দৈবিক বা আকস্মিক ঘটনাৰ নহয়। বিদ্যাধৰ ঘণ্টাকৰ্ণৰে সৈতে চিনাকী বিষয়ত ঘণ্টাকৰ্ণৰ পৈতৃক সম্পত্তি বুলিব পাৰি। বিদ্যাধৰৰ বাপেকক ঘণ্টাকৰ্ণ ই চিনে, সেই সূত্ৰতে বাপেকৰ পুতেক বিদ্যাধৰকো ঘণ্টাকৰ্ণ ই নিচিনি নাসাৰে! খোলা কথা, বিদ্যাধৰে ঘণ্টাকৰ্ণ অহাৰ বাতৰি বাপেকৰ পৰা বিজুলী-ডাকত আগেয়ে পাইছিল। সি যি নহওক, বিদ্যাধৰক ঘণ্টাকৰ্ণই ষ্টেচনত দেখিয়েই ৰং পাই মাত লগালে- “হঃ বোপা বিদ্যাধৰ! তুমি আহিছা?” বিদ্যাই উত্তৰ দিলে – “হয় আহিছোঁ। আপোনাৰ লগত আৰু কোনোৱা আহিছে নে? মাল-বস্তু কত?”  ঘণ্টাকৰ্ণ — “মোৰ লগত মোৰ লগুৱাটো আহিছে। সেই মধুৱা। তাক তুমি চিনাই হবলা। সি আমাৰ গাড়ীৰ নামনি ফালৰ তৃতায় শ্ৰেণীতে থম্ থম্ কৰে নিশ্চয় বহি আহিছে। ম‍ই দ্বিতীয় শ্ৰেণীতে আহিলোহে বোপা; তৃতীয় শ্ৰেণীত বহুত সৰু মানুহ আহে, সিহঁতৰ গাৰ ভেকেটা-ভেকেট গোন্ধত তাত সোমাবই নোৱাৰি। আৰু তাত আহিলে মানো নাথাকে। তাক মাত লগোৱাঁচোন মঘুৱা বুলি ”

 বিদ্যাধৰে মঘুৱাক বিচাৰি যাওঁতেই ঘণ্টাকৰ্ণই তেওঁৰ কোঠা- লিৰ পৰা নামি ৰিঙিয়াবলৈ ধৰিলে— “মঘুৱা ঔ! মঘুৱা ঔ! কটা নামি আহ কটা তোৰ বাপেৰৰ ঘৰৰ গাড়ীখন পাইছ নে কি যে তাৰ পৰা নামিবই নোখোজ?”

 ঘণ্টাকৰ্ণৰ চিয়ৰ মঘুৱাৰ কাণত পৰাৰ আগেয়েই ৰেলৰ পুলিচৰ কনিষ্টবলৰ কাণত পৰিল। কনিষ্টবলটোৱে ঘণ্টা কৰ্ণৰ ওচৰলৈ আহি কেৰকেৰীয়াকৈ মাত লগালে— “হেই অও বাবু, কাহে হাল্লা কৰতা? চুপ ৰহ।” কনিষ্টবলৰ কথাষাৰ শুনি ঘণ্টাকৰ্ণৰ মুখ ৰঙা পৰিল, খঙত গাটো ঠক্‌ঠক্‌ কৈ কঁপিবলৈ ধৰিলে। তেওঁ কনিষ্টবলটোৰ মুখৰ ফালে চাই কলে— “তহঁতৰ কলিকতাত মানুহে নিজৰ লগোৱাকো মাতিব নাপায় নে কি অ? আও তোৰ দেখোন বৰ গপ-গপ কথা একা! মোৰ তলত এহেজাৰ বঙালী কুলিয়ে কাম কৰে বুলি তোম জানতা নাহি হোগা কি? ”

 এনেতে বিদ্যাধৰে মঘুৱাক লগত লৈ তাতে ওলাই কনিষ্ট- বলেৰে সৈতে ঘণ্টাকৰ্ণৰ লাগিব খোজা খকাখুন্দাখনৰ ওৰ পেলাই দিলেহি। ঘণ্টাকৰ্ণই বিদ্যাধৰক কলে- “বোপা, তোমাৰ কলিক তাৰ কনিষ্টবল এটাৰো ভীমটোকা গপ দেখিলে ভয় লাগে। আমাৰ বাগিচাৰ ওচৰত ইয়াক নাপালোঁ; পোৱাহেঁতেন ম‍ই কি পদাৰ্থ সি বুজিব পাৰিলেহেঁতেন। এতিয়া কি বোলে নে ৰণত পৰি কলীয়া হলো, তেল নাপাই ফপৰীয়া হলো।”

 বিদ্যাধৰ।– “বলক, বলক, ইয়াত হাই কৰিব নাপায়।” এই বুলি বিদ্যাধৰে ঘণ্টাকৰ্ণক তেওঁৰ মাল বস্তু কত আছে শুধিলত ঘণ্টাকৰ্ণই বিদ্যাধৰ ক উত্তৰ দিলে- “মোৰ মাল-বস্তু কি ৰাখিছে! এইখন চোৰৰ মলুক বুজিছানে বোপ৷? কালি গোৱা- লণ্ডত কিবা মুটীয়া বঙালে মোৰ মাল-বস্তুবোৰ গাৰীত তুলি দিওঁ বুলি মূৰত তুলি লৈ কৰবালৈ গুচি গল। এইখন দেশৰ মানুহ চোৰ কিন্তু তোমাক কওঁ। তোমালোকে ইয়াত কেনেকৈ থাকা কব নোৱাৰোঁ।”

 বিদ্যা।— “বস্তুবোৰ আৰু নাপালে নে?”

 ঘণ্টা।— নাপালো! গল! যাওক দিয়া; বামুণৰ ব্ৰহ্মস্ব খাই বঙাল চোৰহঁতৰ পখৰা ওলাব বুজিছা নে, তুমি দেখি থাকিবা। মোৰ নো কি হব হেঁ? ভাগ্যে মই এহেজাৰ টকাৰ লোটসোপা মোৰ চোলাৰ বুকুৰ জেপত আনিছিলো। বলা, বোপা চিন্তা নকৰিবা, যি বস্তু লাগে, ইয়াতে, এটাইবোৰ কিনি-কুটি লম্‌হঁক।”

 বিদ্যাধৰে এই কথা শুনি লগুৱাটোৰে সৈতে ঘণ্টাকৰ্ণ বৰ মহৰীক ঘোৰাৰ গাড়ী এখনত তুলি লৈ তেওঁলোকৰ “ মেচৰ” বহা পোৱালেহি।

 এই খিনিতে কোৱা আৱশ্যক যে ঘণ্টাকৰ্ণ বৰ মহৰীয়ে ৰংখং বাগিছাত তিনি কুৰি টকা দৰমহা পাই তিনি বছৰ কাম কৰি ছিল। কিন্তু তেওঁৰ হাতটো বৰ খোৰ; সেই, দেখি, খোৰলৈ পানী বাগৰি আহি তাত ডোঙা বন্ধাদি চাৰিউফানৰ টকা বাগৰি আহি তেওঁৰ হাতত গোটখাই পৰিলহি। তিনি বছৰতে এই দৰে তেওঁৰ হাতত তিনি হাজাৰ টকা গোটখালে। গতিকে ঘণ্টাকৰ্ণ বৰমহৰী উজনীত এজন বৰ চহকী মানুহ। সকলোৱে ঘণ্টাকৰ্ণৰ সৌভাগ্যক শলাগে। কিন্তু বাগিচাৰ বৰ চাহাবজন কিবা আওপকীয়া মানুহ। তেওঁ ঘণ্টাকৰ্ণৰ সৌভাগ্যৰ বাটত হঠাৎ কিবা দেখোন বিধি-পথালি হৈ পৰিল। ঘণ্টাকৰ্ণ ইমান সোনকালে চহকী হোৱা কথাটো তেওঁৰ মনঃপুত নহল হবলা; সেইদেখি তেওঁ এদিন কিবা অলপ “কচুৰ” এটাতে ঘণ্টাকৰ্ণক ধৰি “ডিচ মিচ কৰি থলে, অৰ্থাৎ কামৰপৰা গুচাই দিলে! এতিয়া ঘণ্টাকৰ্ণই সেইবাবে, বাগিচাৰ বৰ চাহাবৰ ওপৰত আপিল কৰিবলৈ বুলি আৰু লগতে কলিকতাখন ফুৰি-চাকি চাই যাবলৈ বুলি আহিছে।

দ্বিতীয় আধ্যা।

 অসমীয়া ছাতৰৰ “মেচত” দুদিন থাকি ঘণ্টাকৰ্ণৰ আৰু ভাল নলগা হল। তাৰ কাৰণ কেইবাটাও। সেইবোৰৰ ভিতৰৰ মুখ্য মুখ্য গোটাচেৰেক বাছি এই খিনিতে উল্লেখ কৰোঁ :- প্ৰথমতে ঘণ্টাকৰ্ণই দেখিলে যে অসমীয়া লৰাবোৰে কিতাপ একোটা আগত লৈ সদায় জোমা-ভাগতী হৈ বহি থাকে, ঘণ্টা- কৰ্ণৰে সৈতে ভালকৈ মন খুলি কথাকে নাপাতে। কাৰ্য্যৰ ভাও দেখি তেওঁ ভাবিলে, “মই ভাল ঠাইত সোমালোহি আহি; ঢোৰা- কোৱাই কণী একোটা উমাই বহি থকাদি ইহঁতে কিতাপ একোটা লৈ উমাই বহি থাকিব লাগিলে মোৰ ফালে হৈছে আৰু, ইহত কেতিয়া উমনিৰপৰা উঠিব, আৰু মই কেতিয়া ইহঁতৰে সৈতে দুখ সুখৰ কথা একেষাৰ পাতিম!” দ্বিতীয়ত,— ঘণ্টাকৰ্ণই ভাবিলে যে তেওঁ ইমান ধনী মানুহটো যাৰ লগত এতিয়াও এহে জাৰৰ ওচৰা ওচৰি ধন আছে, তেওঁক এই লৰাখনে ভালকৈ মান সৎকাৰকে নকৰে দেখোন? ইহঁত নো কেনে মানুহ ঐ? যেনেই হওক, ইহঁত পঢ়িশুনি উঠি ঢোৰাকোৱাই হওক বা “ঢোৰা ওজাই” হওক, ইহঁতৰ লগত আৰু থকা নাযায়। তৃতীয়ত—ঘণ্টাকৰ্ণই পুৱা গধূলি চিলিম চেৰেক ভাং খায়; সেই কামত তাত তেওঁৰ লগৰীয়া নাইকিয়া | লগৰীয়া নাথাকিলে ৰাগি লগা বস্তু খোৱাৰ আনন্দৰপৰা যে সমানে এফাল বঞ্চিত হব লাগে সেই কথা ঘণ্টা- কৰ্ণই সম্পূৰ্ণৰূপে হৃদয়ঙ্গম কৰিলে। চতুৰ্থ, – তেওঁ ৰাতি বেহেলা বজাই, দেৰগঞা গান সুৰ ধৰি গায়; লৰাহঁতে তাক আপত্তি কৰে। তেওঁ ভাবিলে, “মোক কি আপদে পালে একা! কলিকতাত অসমীয়া লৰাহঁতৰ বহাত, গধূলি দুখে ভাগৰে আহি, ৰাগ ৰাগিনী এষাৰো, টানিব নোপোৱা হল নেকি? এই অসমীয়া লৰাখন কলিকতালৈ আহি এটাইখন দেখোন পুৰন্দৰ ৰজাৰ নাতি হলহি!” পঞ্চমতঃ— ঘণ্টাকৰ্ণই শনিবাৰে বুধবাৰে থিয়েটৰলৈ যাবলৈ লৰাহঁতক লগ ধৰিলে সিহঁত যাব নোখোজে। থিয়েটৰ চাবৰ মন নোযোৱা এইখন শুকান জেওৰাখৰি লৰাৰ লগত ঘণ্টাকৰ্ণ থাকে কেনেকৈ? যষ্ঠত,—এটা বৰ আহুকালৰ কথা হল যে, সিহঁতে ঘণ্টাকৰ্ণক "ভাল" "ভাল" চাব লগীয়া ঠাইবোৰ নেদেখুৱায় ) “ভাল” কথা- টোৰ মানে দেখোন সিহঁতে ঘণ্টাকৰ্ণই বুজা দৰে নুবুজে! ইত্যাদি মহা আহুকালত পৰি শ্ৰীযুত ঘণ্টাকৰ্ণ বৰমহৰীয়ে অসমীয়া ছাতৰৰ “মেচ” এৰি আন কৰবালৈ উঠি যাবলৈ উচ- পিচাবলৈ ধৰিলে। ঈশ্বৰে নিৰুপায়কো এটা উপায় উলিয়াই দিয়ে; এই ক্ষেত্ৰতো সেয়ে হল শ্ৰীযুত ঘণ্টাকৰ্ণৰ উচপিচ নিতো ঈশ্বৰে বলাই-ঘটাই নি শ্ৰীমান যজ্ঞৰাম শ‍ইকীয়ৰ কাণত পেলাই দিলেগৈ। যজ্ঞৰাম এজন অসমীয়া ছাতৰ, এফ্ এ্ পঢ়িবলৈ বুলি তেওঁ কলিকতাত আছেহি – অৱশ্যে গবৰ্ণমেণ্টৰ ২০ টকীয়া বৃত্তি ভুঞ্জি। মহাৰাণী ভিক্টোৰিয়াৰ “জুবিলি”ৰ বছৰত এওঁ তৃতীয় বিভাগত এণ্টে ঞ্চ "পাছ” কৰি কলিকতালৈ আগবাঢ়ি আহে। আমাৰ ঘণ্টাকৰ্ণই সম্প্ৰতি আহি থকা অসমীয়া ছাতৰৰ “মেচ”তে এৱোঁ থাকে। যজ্ঞৰামৰ ঘৰ উজনিত ; বাপেকৰ নাম জানো যদিও, বিশেষ কাৰণৰ বশবৰ্ত্তী হৈ তাক গুপু তকৈ ৰখা গল। ঘণ্টাকৰ্ণৰ উচ্চ পিচনিৰ নিফুট মাত যজ্ঞৰামৰ কাণত পৰিলত তেওঁৰ হিয়াৰ সহানুভূতিৰ সোত ঘণ্টাকৰ্ণৰ ফালে ধাৰ নিছিগাকৈ ববলৈ ধৰিলে। ৰতনে ৰতনক চিনাৰ দৰে যজ্ঞাৰামে বৰমহৰীক চিনি পেলালে। তিলেকতে দুইৰো সাবটা সাবটি আৰু আকোঁৱলা-আকুলি জাতৰ প্ৰণয় হল।

 যজ্ঞৰামৰ বিষয়ে উল্লেখ কৰিবলৈ গলে কোৱা উচিত যে কলিকতাৰ কলেজে যজ্ঞোৰাম শ‍ইকীয়াক সমুলি নুসুজিছিল। কলেজৰ পঢ়া শুনাৰে সৈতে যজ্ঞৰামৰ কোনোমতেই ৰাহি নাহিছিল। আসাম গবৰ্ণমেণ্টে তেওঁক বিশ্বাস কৰি ২০ টকা বৃত্তি দি কলিকতাত পঢ়িবলৈ পঠিয়াইছিল হয়, কিন্তু কলেজৰ পঢ়াৰে সৈতে তেওঁৰ ৰাহি জোৰা নাহিলে নো তেওঁ কি কৰিব আৰু কত নো মুৰটো খুন্দিয়াই ভাঙিব হেঁ? যি হওক, তেওঁ গবৰ্ণমেণ্টৰ ঘৰৰ অবিশ্বাসৰ কাম কৰিব নোৱাৰিলে। নোৱাৰেও। সেই দেখি তেওঁ দেখা-শুনাকৈ কলেজেৰে সৈতে “ডাইভৰ্চ” প্ৰাৰ্থনা নকৰি ‘জুডিচিয়েল চেপেৰেচনৰ নিচিনা এটা লোক-হাঁহিয়াত নোহোৱা বিচ্ছেদ স্বীকাৰ কৰি ললে; আৰু চৰকাৰে বৃত্তিৰ টকাটো, তেওঁৰে সৈতে ৰাহি-জোৰা অহা আন আন কাৰ্য্যত ব্যয় কৰিবলৈ কৃতসঙ্কল্প হৈ তাকে কৰিবলৈ ধৰিলে। যদিও কলেজত পঢ়া খৰচতকৈ এই গুৰুতৰ কাৰ্য্যৰ ব্যয়ভাৰ বেচি; আৰু ২০ টকা ৰূপক ৩ৰে পূৰি ললেও নাটনি হয়, তথাপি যজ্ঞৰাম পিছ-ভৰি হোৱা মানুহ নহয়; তেওঁ তেওঁৰ ঘৰৰ পৰা নানা উপায়েৰে ধন আনি জোৰা-ফোন্দা মাৰি সেই কাৰ্য্য সম্পাদন কৰিবলৈ ধৰিলে। কিন্তু গোলাপত কাঁইট থকাটো যেনে আহুকালৰ কথা, মাক বাপেকৰ টকাৰ মোনাত তলি থকাটোও তেনে আহুকালৰ কথাই; সেইদেখি এনে আহুকাল নুগুচে, আৰু সেইদেখি সি উদং হবই হব; আৰু অচিৰতে হলও। যজ্ঞৰামৰ এনে ভোকৰ অৱস্থা। এনে সময়তে কৃপালু ঈশ্বৰে এহেজাৰ টকাৰে ঘণ্টাকৰ্ণ বৰ মহৰীক জানিবা টোপোলা বান্ধি তেওঁৰ আগত টুপুৰ কৰে পেলাই দিলে। ভগৱন্তই নিৰুপায়ৰ যে এটা উপায় কৰে ইও প্ৰমাণ এক। কোৱা বাহুল্য যে সেই দিন৷ আৰু তাৰ আগৰ দিনাও যজ্ঞৰামে “I am seriously ill, wire thirty" অৰ্থাৎ মোৰ শঙ্কটজনক নৰীয়া, ত্ৰিশ-টকা বিজুলী ডাকত পঠিয়াই দিয়া; আৰু “Jajnaram attacked with cholera wire twenty” অৰ্থাৎ যজ্ঞোৰাম মাউৰত পৰিছে, কুৰি-টকা বিজুলী-ডাকত পঠিয়াই দিয়া, ইয়াকে লেখি দুখন টেলিগ্ৰাম বাপেকলৈ কৰিও তাৰ কোনো ফল লাভ নকৰাকৈ আছিল, আৰু লাভ কৰিবৰ আগন্তুকো নাছিল। কাৰণ যজ্ঞৰামৰ বাপেকে পুতেকৰ গুণ-গৰিমাৰ কথা ভালকৈ বুজ পাই, পুতেকক ঘৰলৈ ওভোতাই নিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু তেওঁৰ সকলো চেষ্টা বিফল হল, যজ্ঞৰামক কলিকতাই কামোৰ মাৰি ধৰি নেৰিলে। সেইবাবে, বাপেকে যজ্ঞৰামৰ বিজুলী ডাকৰ বাতৰিৰ ওপৰত আৰু পতিয়ন এৰি দিছিল।

 যি হওক, এতিয়া সোণত সুৱগা মিলি যোৱাদি যজ্ঞৰাম ঘণ্টা- কৰ্ণত মিলি গল। কাৰণ অনেক; তাৰে ভিতৰত : গোটাচেৰেক এই যে—যজ্ঞৰামেও গান বাজনা ভাল পায়, ঘণ্টাকৰ্ণয়ো ভাল পায়। ঘণ্টাকৰ্ণই ভাং ভাল পায়, যজ্ঞৰামেও যে নাপায় এনে নহয়; বৰং সেই বস্তুৰ শাৰীৰ ডাঙৰ সৰু সকলো বিধতে তেওঁৰ অচলা প্ৰীতি। বামা জাতিৰ প্ৰতি যজ্ঞৰামৰ যেনে পক্ষপাতিতা ঘণ্টা কৰ্ণৰো তেনেকুৱাই। তাৰ উপৰি ঘণ্টাকৰ্ণৰ ইচ্ছাৰ সাৰথি টকা লগত আছে, যজ্ঞৰাম সেই সাৰথি বিহীন। এনে স্থলত এই দুজনৰ হৃদ্যতা আৰু আত্মীয়তা৷ অনিৰ্ব্বাৰ্য্য।

 যজ্ঞৰামে ঘণ্টাকৰ্ণ বৰ মহৰীক অসমীয়া ছাতৰৰ “মেচৰ” পৰা আনি মিৰ্জ্জাপুৰ ষ্ট্ৰীটৰ “হিন্দু হোটেল” এটাত থাকিবলৈ বন্দৱস্ত কৰি দিলে। হোটেললৈ আহি ঘণ্টাকৰ্ণই উশাহ পালে, কাৰণ তেওঁ তেওঁৰ friend, philosopher and guide যজ্ঞৰামৰ সহায়ৰ ষোল অনা সুবিধা লাভ কৰিব পৰা হল। ঘণ্টাকৰ্ণ বৰমহৰী হিন্দু হোটেল নিবাসীৰ বিস্তাৰিত বিবৰণ দিবলৈ আমাৰ ধৈৰ্য্য নাই; ধৈৰ্য্য ধৰি কোনো মতে দিবলৈ গলেও, এইটো নিশ্চয়, যে তাৰ দ্বাৰাই কাৰো এক ধনিষ্ঠামানো উপকাৰ নহয়; বৰং অনেক চঞ্চল চিত্তৰ মানুহৰ মানসিক চাঞ্চল্য ঘটি অপকাৰ হোৱাৰ হে সম্ভাৱনা। চমুকৈ ইয়াকে মাথোন কওঁ যে, ঘণ্টাকৰ্ণ বৰমহৰী - থকা হোটেলত এদিন বৰ হাই-উৰুমি শুনা গৈছিল। ভু লৈ জনা গল যে ঘণ্টাকৰ্ণৰ হাতনি-পেৰাৰ পৰা ৫০০৲ টকা কোনোবাই চুৰ কৰিলে।

 ইয়াৰ পিছত এদিন শুনা গল যে গল ৰাতি ঘণ্টাকৰ্ণই হোটে- লৰ ঘৰৰ চিৰিৰ পৰা বাগৰি পৰি তেওঁৰ সোঁ ভৰিৰ সৰু-গাঁথিটো মোছোকা খুৱালে। আৰু কপাল আৰু কুমত ঘা লগালে।

 ইয়াৰ পিছত শুনা গল যে হোটেলৰ বঙালী মেনেজৰটোৰে সৈতে এদিন ঘণ্টাকৰ্ণৰ কিলৰ আদান প্ৰদান চলা বাবে মেনেজৰে ঘণ্টাকৰ্ণক হোটেলৰ পৰা ওলাই যাবলৈ “নটিচ” দিলে।

 ইয়াৰ আগেয়ে এদিন শুনা গৈছিল ঠিকাগাড়ীৰ গাৰোৱান এটাৰে সৈতে ঘণ্টাকৰ্ণই কলিকতাৰ বাটত মাল-যুঁজ কৰিলে আৰু পুলিচকোৰ্টত দুয়ো পাঁচ টকাকৈ জৰিমানা ভৰিলে।

 তাৰ আৰু আগেয়ে শুনা গৈছিল যে এদিন যজ্ঞৰামে ঘণ্টাকৰ্ণক টকাৰ নিমিত্তে এঠাইত “বন্ধক” দি আহিছিল, আৰু অনেক পৰৰ মূৰতো যেতিয়া যজ্ঞৰামে টকা দি ঘণ্টাকৰ্ণক মোকোলাই নিবলৈ নাহিল, তেতিয়া ঘণ্টাকৰ্ণক সেই বন্ধক লওঁতাই জৰীৰে তাতে ৮ ঘণ্টা বান্ধি থৈ দিছিল।

 মুঠতে ঘণ্টাকৰ্ণ শৰ্ম্মা বৰ মহৰীৰ কলিকতা ভ্ৰমণ আৰু পৰি- দৰ্শন সুখকৰ নহয়। শেহত ঘণ্টাকৰ্ণই এদিন পুৱা দেখিলে যে তেওঁ আসামৰ পৰা লৈ অহা এহেজাৰ টকাৰ ভিতৰৰ, এতিয়া তেওঁৰ “মনিবেগত” এটা আধাপইচা বাকী আছে মাথোন । সেই আধাপইচাটোও কেৱল আগনিশাৰ তেওঁৰ “ইকনমি” অর্থাৎ টানি ধৰি চম্ভালি খৰচ কৰা ইচ্ছা আৰু কাৰ্য্যৰ ফল। সেই “ইকনমিৰ” ইতিহাসটো এই,–তেওঁ বহুবজাৰ ষ্ট্ৰীটৰ মূৰত বিৰি-চেলেউ বেচা দোকানী এটাৰ দোকানত পইচা এটা ভঙাই আধাপয়চা এটাৰ বিৰি চেলেউ কিনি বাকী খিনি বেগত ভৰাই থৈ দিছিল, এই সূত্ৰতে সি ৰক্ষা পৰিল ।

 ইয়াৰ পিছত অসমীয়৷ ছাত্ৰৰ সকলে পচা তুলি ঘণ্টাকর্ণৰ আৰু তেওঁৰ চাকৰটোৰ টিকিট কিনি দি তেওঁলোকক গাড়ীত তুলি আসামলৈ পঠিয়াই দিলে। কবলৈ পাহৰিছোঁ যে ঘণ্টাকর্ণই যাবৰ দিনা পুৱা গঙ্গাস্নান কৰিছিল, আৰু তেওঁৰ “মনিবেগত থকা সেই আধাপইচাটোও গঙ্গাৰ ঘাটত, তেওঁক স্নান কৰোৱা বামুণক দক্ষিণা দিছিল। শিয়ালদহ ষ্টেচনৰ গাৰীত উঠোতে ঘণ্টাকর্ণ বৰমহৰীয়ে আমাক এষাৰ তেওঁৰ শেষ বাইক কৈ গৈছিল সেইষাৰ আমি এতিয়াও পাহৰা নাই।— যথা,— “শুনিছানে বোপা, কলি- কতাখন বৰ ঠগৰ মলুক !”

 এই উপাখ্যানটো শেষ কৰাৰ আগেয়ে ঘণ্টাকর্ণ বৰমহৰীৰ লগুৱা মঘুৱাৰ বিষয়ে এষাৰ কথা কোৱা আৱশ্যক হৈ পৰিছে । কলিকতাত দিন চেৰেক থাকি, মঘুৱাৰ বৰ পৰিবৰ্ত্তন ঘটিল । হোটেলত থাকোঁতে এদিন সি তাৰ গৰাকী বৰমহৰীৰ “মনিবেগৰ” পৰা ২০ টকা ৰূপ চুৰ কৰি, তাৰে এজোৰ জোতা এজোৰ মোজা কিনিলে ; এখন চুৰিয়া, এটা কামিজ আৰু এখন চাদৰ কিনি ললে ; আৰু ঘণ্টাকর্ণই যজ্ঞোৰামৰে সৈতে বাহিৰত ফুৰা সুযোগতে সি সেই জোতা মোজা চুৰিয়া চেলেং পিন্ধি গা-ঘেলাই অনাই ফুৰিবলৈ ধৰিলে। হোটেলৰ বঙ্গালী চাকৰ এটাৰে সৈতে মঘুৱাৰ বৰ বন্ধুত্ব হল, আৰু তাৰ সহায়তে তাৰ চকু গজিল, আৰু বহুদৰ্শিতা লাভ হল। শেহত ইয়াৰ ফলত কলিকতাৰ ৰূপ গুণত সি ইমান মোহ গৈছিল যে সি ঘণ্টাকৰ্ণৰ সৈতে আসামলৈ উভতি নাযাবলৈকে থিৰাং কৰি কলিকতাতে এঠাইত “নিকা” কৰি গৃহস্থী হৈ থাকিবৰ বন্দবস্ত পাতিছিল। মূৰামূৰি সময়ত অসমীয়া ছাতৰ সকলৰ জন দিয়েকে অতি কষ্টেৰে হে তাক কলিকতাৰ কামোৰ এৰুৱাই ঘণ্টাকৰ্ণৰ লগত পঠিয়াব পাৰিলে। এই খিনিতে কোৱা উচিত যে এই কেই দিনতে মঘুৱাৰ অসমীয়া ভাষাৰ মাটিডৰাৰ আয়তন জোখত অনেক কম হৈ পৰিছিল; কাৰণ বঙলা ভাষাই তাৰ সীমা ঠেলি নি সৰহভাগ নিজৰ ঢাপৰ ভিতৰুৱ৷ কৰি পেলাইছিল। মঘুৱাৰ উদ্ধাৰ কৰি আনিবলৈ যোৱা অসমীয়া ছাতৰ কেইজনক সি বঙলা-মিহলি অদ্ভুত অসমীয়া ভাষাত উত্তৰ দিয়াটো যুক্তিসঙ্গত বুলি ভাবিছিল। অৱশ্যে ইচ্ছাপূৰ্ব্বক -যে এনে বুলিব নোৱাৰি। শেহত যেতিয়া তাক এক ৰকম বলেৰে ৰেল গাৰীত তুলি দিয়া হল, তেতিয়া সি এই উপাখ্যান-লেখকক “ সেৱা” কৰিবলৈ পাহাৰি “প্ৰণাম” কৰি কৈছিল—মই আবাৰ ফিৰি আসিব দেউতা মোৰ বাড়ীত আৰু মন বহিবে না।” দুখৰ বিষয় আজিলৈকে মঘুৱা কলিকতালৈ উভতি অহা নাই।

ধৰ্ম্মধ্বজ ফয়চলা-নবিচ

 “অজাতিৰ সন্তান! আহি মোৰ পুখুৰীটো ছুৱা কৰি গলিহি। কাইলৈ গোসাঁইৰ মূৰত পানী এচলু দিয়াৰ মূৰ মাৰি থলিহি। মোৰ লৰাই-ছোৱালীয়ে ঘৰে ঘৰোৱাহ মানুহ আজি এটোপা পানীৰ আটকত গধূলিকৈ লঘোনে ভোকে থাকিব লাগিব। এই অজাতিহঁতলৈ মাউৰ জহনীও নাইকিয়া হল নে কি?”

 ওপৰত তুলি দিয়া এই কেইষাৰ কথাই ক’ত, কেতিয়া আৰু কিয় জন্ম গ্ৰহণ কৰিছিল কোনোবাই কব পাৰে নে? আনে পাৰক নোৱাৰক এই আখ্যান লেখোঁতাই পাৰে।

 ১৮১৫ শকৰ চত মহীয়া দুপৰীয়া গহপুৰৰ বামুণ গাঁৱত শ্ৰীযুত ধৰ্ম্মধ্বজ পেঞ্চন প্ৰাপ্ত ফয়চলানচিবৰ মুখৰপৰা এই কেই- আষাৰ কথাই জন্মগ্ৰহণ কৰে। তাৰ কাৰণ,—ওচৰ-চুবুৰীয়া জয়চন্দ্ৰ ভূয়াৰ দহ বছৰীয়া পুতেক নোমলচন্দ্ৰই ফয়চলানবিচৰ এঘাৰ বছৰীয়া পুতেক সোমেশ্বৰৰে সৈতে দুপৰীয়া ৰদত ধেমালি কৰি থাকোতে পিয়াহ লাগি ফয়চলা নবিচৰ ঘৰৰ আগৰ পুখুৰী- টোত নামি তাতে হাত ভৰি ধুই পানী একাজলি খালে। জয়চন্দ্ৰৰ বংশত এটা বৰ ডাঙৰ চেকা অনেক কালৰ পৰা আছিল, যাক তেওঁ লোকৰ তিনি পুৰুষেও ঘহি-পিহি কোনোমতে গুচাব পৰা নাছিল। সেই চেকাটো হৈছে এইঃ— আসামত মানৰ দৌৰাত্ম্যৰ দিনত জয়চন্দ্ৰৰ বাপেক কৃষ্ণচন্দ্ৰক মানে ধৰি লৈ গৈছিল। তেওঁ মানৰ হাতৰ পৰা চিংফৌৰ হাতত পৰি, কোনোমতে পলাই সাৰি উভতি ঘৰ পালেহি। মানে তেওঁক ধৰি লৈ যাওঁতে বাটত কৃষ্ণচন্দ্ৰই অগত্যা মানৰ ভাত খাব লগীয়াত পৰিছিল; এই বাবে কৃষ্ণচন্দ্ৰৰ হেনো জাত গল।

 কৃষ্ণচন্দ্ৰ ঘৰলৈ উভতি আহিল হয়, কিন্তু গাঁৱৰ মানুহে তেতিয়াৰে পৰা তেওঁক জাত যোৱা বুলি এঘৰীয়াকৈ থৈ দিলে। এনে অৱস্থাতে কৃষ্ণচন্দ্ৰ ভূয়াৰ পুৰুষ গল, আৰু পুতেক জয়চন্দ্ৰৰ পুৰুষো যাব লগীয়া হলহি তথাপি তেওঁলোকৰ গাৰ পৰা সেই চেকাটো নুগুচিল — তেওঁলোক হিন্দু সমাজৰ চকুত সদায় অজাতি হৈয়েই ৰল। কৃষ্ণচন্দ্ৰই মৰিবৰ দিনলৈকে নৈষ্ঠিক হিন্দুৰ আচাৰ ব্যৱহাৰ নীতি নিয়ম ৰাখি হিন্দুতকৈও হিন্দু হৈ আছিল; জয়চন্দ্ৰয়ো পিতৃপথৰ অনুগামী হৈ চুলি এডালৰ সমানো সেই আচৰণৰ পৰা আতৰা নাছিল; কিন্তু হলে কি হব? তেওঁৰ জ্ঞাতি কুটুম্ব ওচৰ চুবুৰীয়া গঞা-গিৰি কোনেও তেওঁৰ ঘৰৰ মানুহেৰে সৈতে সোঁ-বাটে আচাৰ ব্যৱহাৰ নকৰে। অতকাল হিন্দু সমাজৰ পৰা পোৱা এই অপমান জয়চন্দ্ৰই বিনা বাক্যব্যয়ে সহি আহিব লাগিছে; কাৰণ অদৃষ্টত তেওঁৰ অটল বিশ্বাস, আৰু পিতৃ-পিতামহৰ ধৰ্ম্মত অচলা ভক্তি। কিন্তু আজি দুপৰীয়া যেতিয়া তেওঁৰ নাবালক পুতেক নোমলচন্দ্ৰই ধৰ্ম্মধ্বজ ফয়চলা নবিচৰ হাতত, ওপৰত কোৱা দৰে লাঞ্ছিত হৈ সেই কথা চকুৰ লোৰে সৈতে বাপেকৰ আগত কলে, তেতিয়া জয়চন্দ্ৰৰ বেজাৰ আৰু অপমানত হিয়া ভাগি গল। অতকাল তেওঁক বান্ধি থোৱা হিন্দু- ধৰ্ম্মৰ কট্কটীয়া জৰীডাল আজি হঠাৎ ভটৰ্ কৰে ছিগি গল; আৰু জন্মচন্দ্ৰই ভাবিবলৈ ধৰিলেঃ—সঁচাকৈয়ে আমাৰ ধৰ্ম্ম আৰু সমাজৰ অন্তৰ এনে কঠোৰ নে? ধোবা নাপিত চমাৰ কমাৰ সকলোৱে সেই পুখুৰীত গা ধোৱে, তাৰ পানী খায়, অথচ মোৰ নাবালক লৰাটোৱে দুপৰীয়া ৰদৰ পিয়াহত তাৰ পানী এচলু খালত হে পুখুৰীটো ছুৱা হল? ধোবা নাপিত চমাৰ কথাৰ হিন্দু সমাজৰ চকুত সকলোবোৰ, শুধ, কিন্তু আমাৰ ঘৰ মানুহ হিন্দু ধৰ্ম্ম আৰু হিন্দু আচাৰ ব্যৱহাৰৰ পৰা আজি ইমান দিন চুলি এভাগৰ সমানে৷ লৰচৰ নোহোৱাকৈ থাকিও অশুধ অজাতি। এয়েই নে মই খামোচ মাৰি ধৰি থকা হিন্দু সমাজৰ, হিন্দু ধৰ্ম্মৰ উদাৰতা? এয়েই নে ভো-ভো-পণ্ডিত হিন্দু ধৰ্ম্মধ্বজসকলৰ বিচাৰ?

 ইত্যাদি প্ৰকাৰে জয়চন্দ্ৰ ভূয়াই এঘণ্টামান টলকা মাৰি ভাবি আছিল। তাৰ পিছত তেওঁ বাহিৰলৈ ফুৰিবলৈ ওলাই গল।

 পিছদিন৷ গাৱঁত খবৰ ওলাল যে মানে জাত মৰা ঘৰৰ জয়- চন্দ্ৰ ভূয়াই সপৰিবাৰে মহম্মদীয় ধৰ্ম্ম গ্ৰহণ কৰি মুছলমান হল; আৰু তেওঁৰ নাম জহিৰুদ্দিন, পুতেকৰ নাম নুৰুদ্দিন, আৰু ঘৈণী য়েক সাবিত্ৰীৰ নাম চেলিমা বিবী হল।

 যি ধৰ্ম্মত চহকী-দুখীয়া, ৰজা প্ৰজা, শিক্ষিত-অশিক্ষিত, সকলো সমান যি ধৰ্ম্মত বৰ-সৰু, ৰজা-প্ৰজা হুজুৱা বাদচাহ-সকলো একে, আৰু সকলোৱে একে ঠাইতে একেদৰে উপাসনা কৰি শান্তি লভে, যি ধৰ্ম্মত আৰু যি ধৰ্ম্মৰ শাস্ত্ৰত সকলো মুছলমানৰে সমান অধিকাৰ, যি ধৰ্ম্মক অৱলম্বন কৰি সকলো দেশৰ ওখ সৰু সকলো শাৰীৰ সকলে৷ মাজৰ মুছলমানে একেলগে একে ঠাইতে, আন কি একে পাততে খোৱা লোৱা কৰে, যি ধৰ্ম্মত সকলে৷ মুছলমানে (উপযুক্ত হলে) ধৰ্ম্মযাজকৰ কাম পৰ্য্যন্ত কৰিবৰ অধিকাৰ পায়, যি ধৰ্ম্মত সকলো মুছলমান ভাই ভাই আৰু সকলে৷ মানুহ সমান, আজি

জয়চন্দ্রই সেই ধৰ্ম্মৰ আশ্ৰয় পাই ক্ষন্তেকৰ ভিতৰতে মানুহৰ প্ৰাপ্য অধিকাৰ লাভ কৰিলে।

 জয়চন্দ্ৰ মুছলমান হোৱা কথা শুনি তেওঁৰ গাৱঁৰ অনেক সহৃদয় মানুহে নিজৰ সমাজৰ কঠোৰ ব্যৱহাৰৰ ওপৰত ধিক্কাৰ দি হিন্দু সমাজে যে অন্ধ সংকীৰ্ণতাৰ আশ্ৰয় লৈ নিজৰ শৰীৰলৈ নিজে দুর্ব্বলতা আনিব লাগিছে, এই কথা কৈ দুখ প্ৰকাশ কৰিবলৈ ধৰিলে ৷ কিন্তু আমাৰ ফয়চলানবিচে হলে এই বাতৰি শুনি জয়চন্দ্ৰৰ ওপৰত তেওঁ জয়লাভ কৰিলে এনে ভাব প্রকাশ কৰি কলে—“বেছ হল! আমাৰ সনাতন হিন্দুধৰ্ম্মৰ গৌৰব অক্ষুন্ন হৈ ৰল।”

 কোৱা বাহুল্য যে, ধৰ্ম্মধ্বজ ফয়চলানবিচৰ দলত পোন্ধৰ অনা তিনি পইচা মানুহ আছিল, গতিকে তেওঁ ডিঙি মেলি ডাঙৰকৈ এই কথাষাৰ কোৱাত কোনো বিঘিনি নঘটিছিল ।

( অন্ত )

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )