জেম্ছেদজী টাটা
—বণিক প্রধান—
জেম্ছেদজী টাটা
ৰচক
শ্ৰীশ্ৰীৰামচন্দ্ৰ দাস।
দাম—ষোল পইচা।
—বণিক্ প্ৰধান—
জেম্ছেদজী টাটা।
বাণিজ্যে বসতি লক্ষ্মীঃ
তদৰ্দ্ধং কৃষি কৰ্ম্মণি।
তদৰ্দ্ধং ৰাজ-সেবায়াম্
ভিক্ষায়াং নৈব নৈব চ॥
শ্ৰীশ্ৰীৰামচন্দ্ৰ দাস।
সুন্দৰীদিয়া সত্ৰ।
কামৰূপ।
প্ৰকাশক—শ্ৰীঅব্জধৰ বৰকটকী
বৰকটকী কোম্পানী
যোৰহাট।
১৮৫০ শঁক ১১ শাওন।
২৭/৭/২৮ ইং
কলিকতা
২ নং বেথুন ৰো ভাৰত মিহিৰ যন্ত্ৰত
শ্ৰীসৰ্বেৰ্বশ্বৰ ভট্টাচাৰ্য্য দ্বাৰা মুদ্ৰিত।
প্ৰথমবাৰ ছপা
উচৰ্গা
স্বৰ্গীয়
পিতৃদেৱৰ শ্ৰীচৰণত
অভাজন পুত্ৰৰ
এই “টাটা”-ভক্তি-মাল৷ ধাৰ
অৰ্পণ কৰা হ'ল।
সেৱক—
—শ্ৰীৰাম—
উপহাৰ
শ্ৰী ...........................................
..........................................
..................................
শ্ৰী ...........................................
..........................................
তাৰিখ.............................
নিবেদন।
(১)
অসমীয়াৰ ভিতৰত বেপাৰীৰ সংখ্যা কম; যি দুই এজন আছে, তেওঁলোকে পঢ়ি বেপাৰত সহায় পোৱা বিষয়ক কিতাপ অসমীয়া ভাষাত নাই বুলিলেও হয়। মই এই কিতাপত টাটাৰ জীৱনী চমুকৈ বৰ্ণনা কৰাৰ লগে লগে সাধ্যমতে বেপাৰ কৰাৰ নিয়ম প্ৰকৰণৰ বিষয়েও চমু আভাস দিবলৈ চেষ্টা কৰিছোঁ।
আমাৰ ভাষাত শিশু-সাহিত্যৰ বৰ অভাৱ দেখা যায়। মোৰ এই নাওমান কিতাপখনি মৰমৰ শিশুসকলৰ আগত আগ বঢ়ালোঁ, তেওঁলোকে আদৰ কৰে যেন।
এই কিতাপত হোৱা সকলো দায়-দোষকে ৰাইজে মাৰ্জ্জনা কৰি ইয়াক আদৰ কৰিলে চিৰকৃতজ্ঞ হম।
(২)
যি দুজনা সদাশয় পুৰুষে এই কিতাপৰ ভুল-ভ্ৰান্তিবোৰ অনুগ্ৰহ কৰি দেখুৱাই দিছে, তেখেত সকলৰ ওচৰত কৃতজ্ঞতা-পাশত আৱদ্ধ থাকিলোঁ। এই কিতাপৰ প্ৰেছলৈ দিয়া কপীটো যোৰহাট নৰ্ম্মাল স্কুলৰ মৰমৰ শ্ৰীমান প্ৰিয়নাথ দাস আৰু শ্ৰীমান শ্ৰীহৰি ডেকাই লিখি দিছিল; তেওঁলোকৰ শলাগ লৈছোঁ। যোৰহাটৰ শ্ৰীযুক্ত অব্জধৰ বৰকটকী ডাঙ্গৰীয়াই কিতাপখনৰ ছপা কৰা ভাৰ গ্ৰহণ কৰি পৰম উপকাৰ কৰিলে।
| উত্তৰ লক্ষীমপুৰ, ৩০ ভাদ্ৰ-৪৮১ শঙ্কৰাব্দ। |
শ্ৰীশ্ৰীৰামচন্দ্ৰ দাস। ১৫/৯/২৯ ইং। |
অভিমত।
[ ১ ]
মই হাতেৰে লিখা কিতাপখনি পঢ়ি দুটি ভাল গুণ দেখিছোঁ —(১) ভাষা সৰল আৰু (২) লিখা প্রণালীটিও সৰল। তদুপৰি এনেকুৱা জীৱন-চৰিত পঢ়ি যদি আমাৰ মানুহৰ ধাউতি কাৰবাৰৰ কাৰণে অলপো আগবাঢ়ে, তাৰপৰা দেশৰ মঙ্গল আৰু বৰ্ত্তমান অন্ন-সংস্থানৰ এটা বাট মুকলি হয়।
(স্বা) শ্রীদুৰ্গেশ্বৰ শৰ্ম্মা
৬।৪।২
[ ২ ]
শ্ৰীমান শ্ৰীৰামচন্দ্ৰ দাসৰ “জেমছেদ্জী টাটা” নামৰ পুথিখন হাতে-লিখা অৱস্থাতে পঢ়িবলৈ পাইছিলোঁ। পুথিখনি পঢ়ি ভাল লাগিল ৷ টাটাৰ জীৱনী মানুহমাত্ৰৰে পাঠ্য আৰু তেওঁৰ আদৰ্শ সকলোৰে অনুকৰণীয়। জীৱনীটি সৰল ঘৰুৱা ভাষাত লিখাৰ কাৰণে বিশেষ ভাল হৈছে বুলি ধৰিব পাৰি। এনে ধৰণৰ গ্ৰন্থই বৰ্ত্তমান সময়ৰ জটিল অন্ন-সমস্যাৰ পথত মানুহক নিজ নিজ লক্ষ্য আঙ্গুলিয়াই দেখুৱাব পাৰিব বুলিও আশা কৰোঁ।
( স্বা ) শ্রীচন্দ্রনাথ ফুকন
ইন্ষ্ট্ৰক্টৰ, নৰ্ম্মাল স্কুল
যোৰহাট—
৭
জেম্ছেদজী টাটা
জেম্ছেদজী টাটা
( ১ )
ভাৰত ৰত্ন প্ৰসবিনী; ইয়াত গুণী, জ্ঞানী আৰু ত্যাগী পুৰুষৰ কেতিয়াও অভাৱ নহয়। ভাৰতৰ এতিয়া ঘোৰ দুৰৱস্থা, তথাপি এনেকুৱা দিনতো কবি, বৈজ্ঞানিক, ৰাজনৈতিক আৰু স্বদেশ প্ৰেমিক অনেক মহাপুৰুষ অৱতীৰ্ণ হৈ ভাৰতৰ প্ৰাচীন গৌৰৱ- মুকুট অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছে।
এতিয়া ভাৰতবাসীৰ আটাইতে কৈ ডাঙ্গৰ সমস্যা হৈছে অন্ন সমস্যা, ধন সমস্যা। কবলৈ দুখ লাগে যে আমি সুজলা-সুফলা ভাৰত জননীৰ সতি-সন্ততি হৈয়ো লোকৰ ওচৰত হাত পাতি ফুৰা পথৰ ভিক্ষাৰী হৈছোঁ। “যি নাই ভাৰতত, সি নাই ভাৰতত” ঋষিসকলৰ এই অমূল্য কথাষাৰ আমি ব্যৰ্থ কৰিছোঁ। তথাপি আমাৰ চৈতন্য নাই, কৰ্ত্তব্য কামলৈ ঐকান্তিক উৎসাহ নাই, আছে কেৱল চিৰ লগৰীয়৷ সোৰোপালি আৰু মনৰ মামৰ কূৰ্চ্চুট কপটাদি ভাববোৰ।
বৰ্ত্তমান জগতত প্ৰকৃত মানুহৰ নিচিনাকৈ জীয়াই থাকিবলৈ হলে ধনবান হোৱাৰ আৱশ্যক। এতিয়া আৰু “অৰ্থমনৰ্থং ভাৱয় নিত্যম্” এই বাক্য মতে চলিবলৈ হলে সংসাৰ-লেঠা ত্যাগ কৰি বিজন-বনৰ মাজত বহি “ৱম্ ৱম্ শিব” বুলি থকাই উচিত। সংসাৰত ভিক্ষুক আৰু সোৰোপাৰ কাৰণে ঠাই নাই। এতিয়া কৰ্ম্ম যুগ; সংসাৰ কৰ্ম্মীৰ কাৰণেহে। বৰ্ত্তমান জগতৰ সোঁত বেলেগ পিনে ধাবিত। এতিয়৷ ধনেই শক্তিৰ উহ। যাৰ ধন নাই, তাৰ একো নাই। যাৰ অভাৱ-অভিযোগ আৰু পেটৰ চিন্তা বেচি তেওঁ সংসাৰত সুখেৰে কাল কটাব নোৱাৰে।
এতিয়া আমি বেচি ভাগেই ধৰ্ম্ম লৈয়েই ব্যস্ত; কিন্তু এসময়ত আমাৰ পূৰ্ব্ব পুৰুষ সকলে ধৰ্ম্ম বিষয়ত যিমান উন্নতি কৰিব পাৰিছিল, আমি তাৰ এক-শতাংশও পৰা নাই ৷ আমাৰ সমাজ বৰ্ত্তমান একেবাৰেই অৱনতিৰ দুৱাৰদলিত। এতিয়৷ আমি মৃতপ্রায়; গতিকে এতিয়৷ আমি পৰমেশ্বৰৰ আশীষ-বাণী মূৰৰ ওপৰত লৈ সকলোৱে কৰ্ত্তব্য কামত লাগি যাবলগীয়া হৈছোঁ। সকলোৱে এক ভাৰতবাসী ভাই বুলি মনৰ পৰা তুচ্ছ-তাচ্ছিল্য ভাৱ আৰু হিংসা দ্বেষ এৰি দিব লাগিব। পৰাপক্ষত আনৰ ওচৰত হাত নপতাকৈ খাবলৈ যত্ন কৰা উচিত। প্রকৃত মানুহৰ নিচিনাকৈ থাকিব পৰাটো জাতীয় জীৱনৰ প্ৰথম আৰু প্ৰধান ধৰ্ম্ম হোৱা যুগুত। ধনেই ধৰ্ম্মৰ মূল । ধনৰ সহায়ত নিজৰ সংসাৰ সুকলমে পৰিচালিত কৰাৰ বাহিৰেও অনেক সৎকাম কৰিব পাৰি। আগেয়ে পেটৰ কথা, পিচতহে হৰিৰ চিন্তা; ধন নাই যাৰ প্ৰাণ নাই তাৰ, – এইবোৰ নীতি-পূৰ্ণ বাক্য সদাই মনত ৰাখি কাম কৰিব লাগে। মানুহমাত্রেই সদাই সৎ পথত থাকি ধন ঘটিবলৈ শিকিব লাগে আৰু তাৰ সজ ব্যৱহাৰ কৰিব লাগে। সকলো মানুহে কেৱল চৰ্কাৰী চাকৰিলৈ ধাউতি কৰি থাকিলেই কোনো এটা জাতিৰ মঙ্গল হব নোৱাৰে। দেশৰ দুখ-দৰিদ্ৰতা দূৰ কৰিবলৈ হলে বেপাৰ আৱশ্যক। আমাৰ দেশত বেপাৰ কৰিবলৈ যথেষ্ট সুবিধা আছে; দেশৰ শিক্ষিত লোক সকলে ইচ্ছা কৰিলে কাৰবাৰৰ নতুন নতুন নিয়ম আৰু উপায় উলিয়াই বহুত ধন উপাৰ্জ্জন কৰিব পাৰে; আৰু দেশৰ জন সাধাৰণকে৷ বাণিজ্য কৰাৰ সুপথ দেখুৱাই দিব পাৰে। কিন্তু সিপিনে আমাৰ সমূলি মন-কাণ নাই; অথচ দেশত দিনক দিনে বহি খোৱা মানুহৰ সংখ্যা বাঢ়িছে যাব লাগিছে। যি দেশৰ পৰা বছৰে বছৰে অজস্ৰ ধন বাহিৰলৈ যাব লাগিছে, কিন্তু অহাৰ ঘৰত শূন্য বুলিলেও হয়, সেই দেশৰ উন্নতি হব কেনেকৈ?
সম্প্ৰতি আমাৰ দেশৰ যি দুই চাৰি জনে বাণিজ্যত হাত দিছে, তেওঁলোক প্ৰত্যেকেই টাটাৰ মহৎ জীৱনী পাঠ কৰা একান্ত আবশ্যক। বাণিজ্য বিষয়ত টাট৷ আমাৰ পথ-প্ৰদৰ্শক। তেওঁ চহকীৰ ছলি নাছিল; কিন্তু নিজৰ একাণপতীয়া চেষ্টা উদ্যম আৰু অধ্যৱসায়ৰ গুণত তেওঁ অজস্ৰ ধন উপাৰ্জ্জন কৰিছিল আৰু স্বদেশলৈ ধন-আগমনৰ বাট মুকলি কৰি দিছিল। এতিয়া ভাৰতত তেনেকুৱ৷ কিছুমান টাটাৰ আৱশ্যক হৈ পৰিছে।
চুৰাট নগৰ বোম্বে প্ৰেচিডেন্সিৰ ভিতৰত। এই নগৰতে পোন প্ৰথমে ইংৰাজ কোম্পানীয়ে কুঠী বা গুদাম ঘৰ সাজে। চুৰাট নগৰৰ অলপ দূৰতে বৰদ৷ ৰাজ্যৰ ভিতৰত নাভছাৰি নামে এখন সৰু নগৰ আছে। চহৰখন সৰু যদিও জনসংখ্যা বেচি। প্ৰায় হাজাৰ বছৰ ধৰি ই পাৰ্চী পুৰোহিতবিলাকৰ কেন্দ্ৰস্থান আছিল। পাৰস্য দেশৰ মানুহক পাৰ্চী বোলে। তেওঁলোকে মুছলমান ধৰ্ম্ম গ্ৰহণ নকৰি নিজ প্ৰাচীন ধৰ্ম্ম ৰক্ষা কৰিবৰ কাৰণে নিজৰ জন্ম-ভূমি এৰি আহি বোম্বে অঞ্চলত বসতি কৰিলে। কিছুমান পাৰ্চী মানুহে নাভছাৰি নগৰত ভালদৰে বস-বাস কৰি থাকিল। পাৰ্চীবিলাক ধৰ্ম্মপৰায়ণ, সত্যপৰায়ণ; তেওঁলোকে যি কামকে ধৰে, শেষ নহয় মানে তাক হঠাৎ এৰি নিদিয়ে।
১৮৩৯ খৃষ্টাব্দত নাভছাৰি নগৰৰ এজন পাৰ্চী মানুহৰ ঘৰত জেম্ছেদজী টাটাৰ জন্ম হয়। ‘টাটা’ তেওঁলোকৰ বংশৰ উপাধি। এই বছৰতে আফগানিস্থানত আফগান আৰু ইংৰাজৰ মাজত আফগান যুদ্ধ হয়। টাটা পাৰ্চী সমাজত উপজি সেই সমাজতে ডাঙ্গৰ দীঘল হয়; গতিকে তেওঁ পাৰ্চী মানুহৰ নিচিনা সৰল আৰু কৰ্ত্তব্যনিষ্ঠ হোৱাটো স্বাভাৱিক। সৰুৰেপৰাই তেওঁৰ স্বভাৱ-চৰিত্ৰ বৰ ভাল আছিল। নাভছাৰি নগৰতেই প্ৰথমে তেওঁৰ শিক্ষাৰ আৰম্ভ হয়। তাতে তেওঁ পাটীগণিত আৰু মৌখিক অঙ্ক শিকে; আৰু তাৰ লগে লগে অলপ-অচৰপ ধৰ্ম্ম-শাস্ত্ৰও পঢ়িবলৈ শিকে। তাৰ পিচত ১৮৫২ খৃষ্টাব্দত ১৩ বছৰ বয়সত তেওঁক উচ্চ শিক্ষাৰ কাৰণে বোম্বে নগৰলৈ পঠিয়ায়।
বোম্বে পাই টাটাই এখন নতুন জগৎ পোৱা যেন হ'ল। তাত নানা জাতীয় মানুহ নানা কামত ব্যস্ত; আৰু নতুন নতুন জ্ঞান, নতুন নতুন চিন্তা, কৌশল আৰু নতুন নতুন কামৰ বিচিত্ৰ ধাৰা প্ৰবাহিত। তেওঁ বোম্বেৰ এল্ফিন্ষ্টোন্ স্কুলত নাম লগায়।
১৮৫৮ খৃষ্টাব্দত তেওঁৰ বিদ্যা-শিক্ষা শেষ হয়। নানা কাৰণবশতঃ তেওঁ ছাত্ৰ-জীৱনত বিশেষ কৃতিত্ব দেখুৱাব পৰা নাছিল।
টাটাৰ পিতাকৰ এটা মধ্যম ৰকমৰ কাৰবাৰ আছিল। তেওঁ চীন দেশৰ লগত বাণিজ্য কৰে। বিদেশৰ লগত কাৰবাৰ কৰাকে বহিৰ্ব্বাণিজ্য বোলে। অন্তৰ্ব্বাণিজ্যতকৈ বহিৰ্ব্বাণিজ্যত দেশৰ মঙ্গল বেচি। কাৰণ অন্তৰ্ব্বাণিজ্য হলে নিজৰ দেশৰ ভিতৰতে চলে, তাত বিদেশৰ পৰা ধনাগমনৰ সুবিধা নাই; কিন্তু বহিৰ্ব্বাণিজ্যত হলে বিদেশৰপৰ৷ ধনাগমনৰ যথেষ্ট সুবিধা আছে।
টাটাই কলেজ এৰি পিতাকৰ কাৰবাৰত যোগ দিলে। আফিঙৰ কাৰবাৰটে৷ সেই সময়ত পাৰ্চীবিলাকৰ একচেতীয়া যেন আছিল, অইন মানুহে সেই কাৰবাৰৰ মোল বুজা নাছিল। পাৰ্চীবিলাকে সেই ব্যৱসায় কৰি বহুত ধন ঘটিলে। টাটাই পিতাকৰ ওচৰত কাৰবাৰৰ অলপ-অচৰপ আও-ভাও শিকি চীনদেশৰ ওচৰত থকা হংকঙলৈ (এই দ্বীপ ইংৰাজৰ অধীন) যাত্ৰ৷ কৰিলে; তাত তেওঁ আফিঙৰ ব্যৱসায় ভালদৰে শিকি আহিল। এই শিক্ষাৰ পৰাই তেওঁৰ বাণিজ্যত বুদ্ধিবৃত্তি প্ৰখৰ হয়; তেওঁ বাণিজ্য কৰাৰ ছেগ ভালদৰে বুজিলে। নিজৰ ঘৰ এৰি নানাদেশৰ মানুহৰ স্বভাৱ চৰিত্ৰ আৰু কাৰবাৰ কৰাৰ নিয়ম; প্ৰণালী চাই ফুৰা বৰ ভাল কাম। কোনো দেশত কিবা ভাল নিয়ম-প্ৰকৰণ দেখা পালে তাক নিজেও চলাবলৈ যত্ন কৰিব লাগে। কেৱল কিতাপৰপৰাই সকলো শিক্ষা পোৱা নাযায়; ভ্ৰমণেহে মানুহৰ আচল শিক্ষাৰ সহায়ক।
এই সময়তেই আমেৰিকাত যুদ্ধ হয়। আমেৰিকাৰ পৰা বছৰে বছৰে ঢেৰ কপাহ বিদেশলৈ ৰপ্তানী হয়। ইংলণ্ডৰ প্ৰায় আটাইবিলাক আৱশ্যকীয় তুলাই আমেৰিকাৰ পৰা অহা। যুদ্ধ আৰম্ভ হোৱাত আমেৰিকাৰ তুল৷ ৰপ্তানী হোৱা প্ৰায় বন্ধ হোৱা যেন হ’ল। তেতিয়া ভাৰতৰ পৰা ইংলণ্ডলৈ তুলা যাবলৈ ধৰিলে। অলপ দিনৰ ভিতৰতেই বোম্বে নগৰী তুলা ৰপ্তানীৰ ঘাই আড্ডা হৈ পৰিল। বোম্বেৰ বহুত বেপাৰীয়ে এই কাৰবাৰত ঢেৰ ধন উপাৰ্জ্জন কৰিলে। টাটাই প্ৰেমচাঁদৰ লগত একে লগ হৈ এই কাৰবাৰত হাত দিলে। কাৰবাৰ বৰ ডাঙ্গৰ হ'ল; অনেক টক৷ তুলাত সোমাল।
ইপিনে ১৮৬৫ খৃষ্টাব্দত, আমেৰিকাৰ যুদ্ধ হঠাৎ শেষ হ’ল। যিবিলাক মানুহে তুলাৰ কাৰবাৰত ব্যস্ত আছিল, তেওঁলোকে এই খবৰ শুনি মূৰতে বজ্ৰ পৰা যেন হ’ল। কিমান বেপাৰী যে ধৰুৱা হৈ পৰিল, তাৰ ইয়ত্তা নাই। টাটা কোম্পানীৰো বহুত লোকচান হল। টাটাই লণ্ডণ লগৰলৈ গৈ তাত বাণিজ্যৰ এটা শাখা পাতি আহিছিল; লোকচান হোৱা দেখি তেওঁ তাক বেচি পেলালে। তেওঁলোকৰ বোম্বে নগৰৰ কাৰবাৰটো কোনো মতেহে ৰক্ষা পৰিল। উথন-পতন জগতৰ স্বাভাৱিক ৰীতি বুলি ভাবি টাটাই অধীৰ আৰু নিচেষ্ট নহল। যতনত ৰতন মিলে— তেওঁ এই বহুমূলীয়া কথাষাৰ অলপ সময়ৰ কাৰণেও নাপাহৰিলে। এই কাৰণেই কাৰবাৰ কৰিবলৈ মনৰ বল, শিক্ষা, কষ্ট- সহিষ্ণুতা আৰু কামত পটুতাৰ আৱশ্যক। সত্যৰ সদায় জয়; সকলোৱে সত্য গুণৰ বশ। কাৰবাৰী সকলে মন কৰিব লাগে —টেঙা আম এবাৰহে বেচিব পাৰি। আনক ঠগি অসৎ উপায়েৰে ধন ঘটা বৰ পাপ কাম। ধৰ্ম্ম মতে চলি যি অলপ ধন ঘটা যায় তাতেই সন্তুষ্ট থাকিব লাগে। আগ-পিচ চাই কাৰবাৰ ডাঙ্গৰ কৰা ভাল।
টাটা কোম্পানীয়ে ক্ৰমে ক্ৰমে এই ক্ষতি পূৰণ কৰিবলৈ চেষ্টা কৰিলে। ইয়াৰ কিছুদিনৰ পাচত আবিচিনিয়৷ দেশৰ ৰজা থিওডৰৰ লগত ভাৰত গবৰ্ণমেণ্টৰ যুদ্ধ হয়। অইন অইন কোম্পানীৰ লগতে টাটা কোম্পানীও সেই যুদ্ধৰ বই-বস্তু যোগাবলৈ গাত ল'লে। কিন্তু থিওডৰে আত্মহত্যা কৰা বাবে যুদ্ধ সোনকালে অবসান হ’ল। টাটা কোম্পানীয়ে ইয়াত কিছু টকা পালে।
টাটাই আকৌ নতুন ব্যৱসায় হাতত লোৱা-নোলোৱাৰ বিষয়ে ভাবিবলৈ ধৰিলে। কিছুমানৰ লগত লগ লাগি তেওঁ এটা তেলৰ কল কিনিলে; তাক শেহত কাপোৰৰ কলত পৰিণত কৰি পেলালে। সেই কলটোত সূতাও তৈয়াৰ কৰিব পাৰি। সেই সময়ত সেই ঠাইত মুঠতে আঠোটা কল আছিল; সেই কাৰণে প্ৰত্যেক কলৰ গৰাকীৰেই বহুত লাভ হৈছিল। বেচি দাম পোৱা বাবে কলটো বেচিলে। অলপ দিনৰ ভিতৰতেই টাটাই সুন্দৰকৈ বুজি পালে যে বোম্বে নগৰত এটা কাপোৰৰ কল চলালে বহুত ধন লাভ কৰিব পৰা যাব। তেওঁ নিজেই এটা কল চলাবলৈ মন কৰিলে। কিন্তু তেওঁ কোনো কামকেই নিজে ভালদৰে নজনাকৈ হাতত নলয়। কাপোৰৰ কলৰ বিষয়ে শিকিবৰ কাৰণে তেওঁ ইংলণ্ডৰ মান্চেষ্টাৰ নগৰলৈ যাত্ৰা কৰিলে। নজন| নুবুজাকৈ কোনো কামকেই হাতত লব নাপায়। উধা-মুধাকৈ কাৰবাৰ কৰিলে, লাভ কৰা দূৰৈৰ কথা, মূলৰো হাতা-হাতিহে হয়।
(২)
টাটা বিলাতৰ পৰা ঘূৰি আহি বহুত ভাবি-চিন্তি নাগপুৰ নগৰত এটা কাপোৰৰ কল খুলিলে; কাৰণ সেই ঠাই ডোখৰ বেচ সুবিধাজনক আৰু তাত বহুত পৰিমাণে তুলা উৎপন্ন হয়। ৰেলগাড়ী থকা বাবে তাৰপৰা বস্তু অনা-নিয়া কৰাতো সুবিধা আছে। তেওঁ নাগপুৰত মাটি কিনি কল পতাৰ কাম আৰম্ভ কৰিলে।
১৮৭৬ খৃষ্টাব্দত ঘৰ-দুৱাৰ বন্ধা আদি সকলো কাম শেষ হল। ১৮৭৭ খৃষ্টাব্দৰ ১লা জানুৱাৰীত কাৰবাৰ আৰম্ভ কৰিলে। এই তাৰিখেই মহাৰাণী ভিক্টোৰীয়াই ভাৰতৰ সম্ৰাজ্ঞী বুলি ঘোষণা কৰে; গতিকে বুৰঞ্জীত এইটো চিৰস্মৰণীয় দিন। সেই কাৰণে তেওঁ কলটোৰ নাম ‘এম্প্ৰেছ্ মিল’ ৰাখিলে।
মিল চলোৱাত প্ৰথমে তেওঁ অনেক অসুবিধা ভোগ কৰিবলগীয়া হৈছিল। কিন্তু টাটাৰ মেনেজাৰ বিজনজী দাদাভাই খুব কৰ্ম্ম-দক্ষ লোক আছিল বাবে সকলো অসুবিধাই ক্ৰমে ক্ৰমে নাইকিয়া হৈ আহিছিল। বিজনজী দাদাভাই এতিয়া ‘নাইট্’ উপাধি পাইছে। তেওঁ যি কামত নিযুক্ত হৈছিল, সেই কামত বিশেষ অভিজ্ঞ নাছিল; কেৱলমাত্ৰ নিজৰ শক্তি আৰু সাধুতাৰ কাৰণে তেওঁ সকলো কামতে কৃতকাৰ্য্য হব পৰিছিল।
মিলটো ভাল কৰি চলাবৰ কাৰণে টাটাই যৎপৰোনাস্তি চেষ্টা কৰিলে৷ তেওঁৰ মিল পৰিচালিত কৰা ব্যৱস্থা অতি সুন্দৰ
আছিল। তেওঁ কেতিয়াও চকুমুদি চিৰপ্ৰচলিত ৰীতি অনুকৰণ কৰি নুফুৰিছিল। তেওঁ পৃথিবীৰ নানা সভ্য দেশলৈ গৈ নানা ৰকম নতুন নতুন ক্ৰিয়া-পদ্ধতি শিকি আহি তাক নিজে কামত খটাবলৈ চেষ্টা কৰিছিল। তেওঁৰ এটা বিশেষ গুণ আছিল যে —তেওঁ সদাই চিন্তা কৰিহে কাম কৰিছিল আৰু কিবা এটা নতুন কাম কৰিবলৈ অলপো ভয় নকৰিছিল। তেওঁ মিলৰ প্ৰয়োজনীয় বস্তুবিলাক যোগাৰ কৰিলে; মিলত যিবিলাক পুৰণা কল-কব্জা আছিল, সিবোৰৰ সলনি সকলো নতুন ব্যৱহাৰ কৰিলে। এই- বোৰ কামত তেওঁৰ অনেক টকা খৰচ হ’ল। আমাৰ দেশত তেতিয়৷ এইটোৰ নিচিনা মজবুত মিল নাছিল; শেষত টাটাক অনুকৰণ কৰিহে কিছুমানে বহুত মিল স্থাপিত কৰিলে। অনুকৰণৰ পৰাই মানুহৰ একেবাৰে মঙ্গল নাইবা বিমঙ্গল হব পাৰে। নিজৰ মনেই সকলো।
টাটাৰ কলটে৷ অতি সুন্দৰ; সেইবাবে তাত বহুত পৰিমাণে ভাল কাপোৰ তৈয়াৰ হবলৈ ধৰিলে। টাটাই সেই বস্তুবোৰ কেনেকৈ বেচি দামত বেচিব পাৰিব তাৰ উপায় চিন্তিবলৈ ধৰিলে। তাৰ কাৰণে তেওঁ চাৰিওপিনে মানুহ পঠিয়ালে। ভাল সুবিধা- জনক ঠাই পালে তালৈ কি উপায়েৰে কম খৰচত অথচ নিৰাপদে মাল পঠিয়াব পাৰে, তাৰ দিহা উলিয়ালে। তাৰ বাহিৰেও কলৰ ওচৰতে যাতে তুলাৰ খেতি কৰিব পাৰে আৰু আন আন ঠাইৰ তুলাও অপ্ৰয়াসে পাব পাৰে, তাৰ সকলো সুদিহ৷ কৰিলে। টাটাই সুন্দৰকৈ জানিছিল যে, কলটো ভালকৈ চলাবলৈ হলে তাৰ সৰু-ডাঙ্গৰ সকলো কামলৈ বিশেষ নজৰ ৰাখিব লাগিব; কোনো বিষয়ৰ প্ৰতি অবহেলা কৰিলে তাৰপৰা কুফল ফলিব পাৰে। কাৰবাৰী মানুহ খুব সূক্ষ্মদৰ্শী হব লাগে; তেওঁলোকৰ মানত টকাটো আৰু পইচাটোৰ মাজত পাৰ্থক্য থাকিব নালাগে।
এম্প্ৰেছ মিল স্থাপিত হোৱাৰ পিচত টাটা আৰু তেওঁৰ কৰ্ম্মচাৰী সকলে অনেক অসুবিধা ভোগ কৰিলে; কিন্তু অশেষ চেষ্টা আৰু অবিচলিত ধৈৰ্যৰ গুণত তেওঁলোকে সেই বাধা-বিঘিনি আৰু অসুবিধাবিলাক লাহে লাহে বিদূৰ কৰিলে। কেই বছৰমানৰ ভিতৰতেই কলত যথেষ্ট পৰিমাণে লাভ হ’ল; আৰু মিল চলোৱা খৰচৰ ৰাহিৰেও তেওঁৰ অংশীদাৰ সকলক বহুত টকা ভগাই দিলে। বেচি লাভ হোৱা বাবে টাটা সিমানতেই ক্ষান্ত নাথাকিল, আৰু যাতে বেচি লাভ হয় তাৰ সুবন্দৱম্ভ কৰিলে। তেওঁ সুন্দৰকৈ জানিছিল যে মিলৰ উন্নতি-অৱনতি ঘাইকৈ মিলৰ কৰ্ম্মচাৰী সকলেহে কৰিব পাৰে। মিলৰ নাইবা আন কোনো কাৰবাৰৰ গৰাকী সকলে এই কথাটি নুবুজি চলে বাবে কামত সিমান লাভ কৰিব আৰু সুখ্যাতি আৰ্জ্জিব নোৱাৰে। টাটা এই বিষয়ত উদাসীন নাছিল; মানুহে যি কাম কৰে তাত যদি মন নবহে, তেন্তে সেই কামটো কৰিবলৈ কৰ্ম্মচাৰীক আদেশ দিলে তাৰপৰা ভাল ফল আশা কৰা মিছ৷; উদ্যম আৰু উৎসাহেৰে কৰা কামৰ শেষ ফল ভাল। পেটৰ ভোকত বহুত ঠাইত বেতন ভোগী কৰ্ম্মচাৰী সকলে নিৰানন্দ হৈ কাম কৰে। টাটাই এইবোৰ কথা বুজি কৰ্ম্মচাৰী সকলৰ মাজত বেতনত বাহিৰেও পুৰস্কাৰ বন্দৱস্ত কৰি দিছিল, তাৰ
আছিল। তেওঁ কেতিয়াও চকুমুদি চিৰপ্ৰচলিত ৰীতি অনুকৰণ কৰি নুফুৰিছিল। তেওঁ পৃথিবীৰ নানা সভ্য দেশলৈ গৈ নানা ৰকম নতুন নতুন ক্ৰিয়া-পদ্ধতি শিকি আহি তাক নিজে কামত খটাবলৈ চেষ্টা কৰিছিল। তেওঁৰ এটা বিশেষ গুণ আছিল যে —তেওঁ সদাই চিন্তা কৰিহে কাম কৰিছিল আৰু কিবা এটা নতুন কাম কৰিবলৈ অলপো ভয় নকৰিছিল। তেওঁ মিলৰ প্ৰয়োজনীয় বস্তুবিলাক যোগাৰ কৰিলে; মিলত যিবিলাক পুৰণা কল-কব্জা আছিল, সিবোৰৰ সলনি সকলো নতুন ব্যৱহাৰ কৰিলে। এই- বোৰ কামত তেওঁৰ অনেক টকা খৰচ হ’ল। আমাৰ দেশত তেতিয়৷ এইটোৰ নিচিনা মজবুত মিল নাছিল; শেষত টাটাক অনুকৰণ কৰিহে কিছুমানে বহুত মিল স্থাপিত কৰিলে। অনুকৰণৰ পৰাই মানুহৰ একেবাৰে মঙ্গল নাইবা বিমঙ্গল হব পাৰে। নিজৰ মনেই সকলো।
টাটাৰ কলটে৷ অতি সুন্দৰ; সেইবাবে তাত বহুত পৰিমাণে ভাল কাপোৰ তৈয়াৰ হবলৈ ধৰিলে। টাটাই সেই বস্তুবোৰ কেনেকৈ বেচি দামত বেচিব পাৰিব তাৰ উপায় চিন্তিবলৈ ধৰিলে। তাৰ কাৰণে তেওঁ চাৰিওপিনে মানুহ পঠিয়ালে। ভাল সুবিধা- জনক ঠাই পালে তালৈ কি উপায়েৰে কম খৰচত অথচ নিৰাপদে মাল পঠিয়াব পাৰে, তাৰ দিহা উলিয়ালে। তাৰ বাহিৰেও কলৰ ওচৰতে যাতে তুলাৰ খেতি কৰিব পাৰে আৰু আন আন ঠাইৰ তুলাও অপ্ৰয়াসে পাব পাৰে, তাৰ সকলো সুদিহ৷ কৰিলে। টাটাই সুন্দৰকৈ জানিছিল যে, কলটো ভালকৈ চলাবলৈ হলে তাৰ সৰু-ডাঙ্গৰ সকলো কামলৈ বিশেষ নজৰ ৰাখিব লাগিব; কোনো বিষয়ৰ প্ৰতি অবহেলা কৰিলে তাৰপৰা কুফল ফলিব পাৰে। কাৰবাৰী মানুহ খুব সূক্ষ্মদৰ্শী হব লাগে; তেওঁলোকৰ মানত টকাটো আৰু পইচাটোৰ মাজত পাৰ্থক্য থাকিব নালাগে।
এম্প্ৰেছ মিল স্থাপিত হোৱাৰ পিচত টাটা আৰু তেওঁৰ কৰ্ম্মচাৰী সকলে অনেক অসুবিধা ভোগ কৰিলে; কিন্তু অশেষ চেষ্টা আৰু অবিচলিত ধৈৰ্যৰ গুণত তেওঁলোকে সেই বাধা-বিঘিনি আৰু অসুবিধাবিলাক লাহে লাহে বিদূৰ কৰিলে। কেই বছৰমানৰ ভিতৰতেই কলত যথেষ্ট পৰিমাণে লাভ হ’ল; আৰু মিল চলোৱা খৰচৰ ৰাহিৰেও তেওঁৰ অংশীদাৰ সকলক বহুত টকা ভগাই দিলে। বেচি লাভ হোৱা বাবে টাটা সিমানতেই ক্ষান্ত নাথাকিল, আৰু যাতে বেচি লাভ হয় তাৰ সুবন্দৱম্ভ কৰিলে। তেওঁ সুন্দৰকৈ জানিছিল যে মিলৰ উন্নতি-অৱনতি ঘাইকৈ মিলৰ কৰ্ম্মচাৰী সকলেহে কৰিব পাৰে। মিলৰ নাইবা আন কোনো কাৰবাৰৰ গৰাকী সকলে এই কথাটি নুবুজি চলে বাবে কামত সিমান লাভ কৰিব আৰু সুখ্যাতি আৰ্জ্জিব নোৱাৰে। টাটা এই বিষয়ত উদাসীন নাছিল; মানুহে যি কাম কৰে তাত যদি মন নবহে, তেন্তে সেই কামটো কৰিবলৈ কৰ্ম্মচাৰীক আদেশ দিলে তাৰপৰা ভাল ফল আশা কৰা মিছ৷; উদ্যম আৰু উৎসাহেৰে কৰা কামৰ শেষ ফল ভাল। পেটৰ ভোকত বহুত ঠাইত বেতন ভোগী কৰ্ম্মচাৰী সকলে নিৰানন্দ হৈ কাম কৰে। টাটাই এইবোৰ কথা বুজি কৰ্ম্মচাৰী সকলৰ মাজত বেতনত বাহিৰেও পুৰস্কাৰ বন্দৱস্ত কৰি দিছিল, তাৰ
ফলত কৰ্ম্মচাৰী সকলৰ ভাল কাম কৰিবলৈ আগ্ৰহ হৈছিল। ইয়াত বাহিৰেও বছৰৰ মূৰত লাভৰ পৰিমাণ চাই তেওঁলোককো এটা ভাগ দিবৰ ঠিক কৰিলে; বহুত দিন থাকি ভাল কাম কৰি অৱসৰলোৱ৷ কৰ্ম্মচাৰীক পুৰস্কাৰ দিবৰ ঠিক কৰিলে; যি মানুহ কাম কৰিবৰ অসমৰ্থ হয়, তেওঁক পেন্সন দিয়াৰ ঠিক কৰিলে। এই মিলৰ অনেক নিয়ম-প্ৰকৰণ গবৰ্ণমেণ্টৰ কামৰ নিচিনা। আপোন-পেটীয়া মানুহে কেতিয়াও কাৰবাৰত উন্নতি কৰিব নোৱাৰে; কাৰবাৰী মানুহ ত্যাগী সৰল আৰু সমদৰ্শী হব লাগিব; তেওঁ তলতীয়া কৰ্ম্মচাৰীক নিজৰ ঘৰৰ মানুহৰ নিচিনা বুলি ভাবি চলিব লাগিব। ভাই আৰু ভাগী একে সমান।
টাটাৰ এইবিলাক মহৎ গুণৰ কাৰণে কৰ্ম্মচাৰী সকলৰ টাটা আৰু মিলৰ প্ৰতি বৰ শ্ৰদ্ধা জন্মিল, এজন কৰ্ম্মচাৰীও এই মিল এৰি আন মিলৰ আশ্ৰয় নললে। অৱশেষত আন আন মিলৰ গৰাকী সকলেও টাটাৰ মিলৰ উন্নতিৰ কাৰণ জানিব পাৰি নিজৰ মিলৰো তেনেকুৱা বন্দৱস্ত কৰি ল’লে। আমাৰ দেশৰ শিক্ষিত লোক সকলে যেনেকৈ চলা-ফুৰা, খোৱা-লোৱা আৰু পিন্ধা-উৰা কৰে, সাধাৰণ মানুহ বিলাকেও তেওঁলোকক অনুকৰণ কৰি তাকেই কৰে; গতিকে শিক্ষিত সকলৰ মতি-গতি, ধৰণ কৰণ ভাল হলে আন মানুহবিলাকৰো ভাল হবৰ সম্ভৱ। টাটাৰ পৰা অনেক মানুহৰ উপকাৰ হ’ল। তেওঁৰ সকলো কাজেই আদৰ্শস্থানীয় আছিল।
টাটাই কৰ্ম্মচাৰী সকলক কেৱল লাভৰ আশা দেখুৱায়েই নিশ্চিন্ত নাছিল; কাম শেষ হোৱাৰ পাচত যাতে তেওঁলোকে অলপ অচৰপ আমোদ-প্ৰমোদ কৰিব পাৰে তাৰ সুবন্দৱস্ত কৰি দিছিল ৷ নিয়মিত সময়ত নিয়মিত হিচাবে কৰা নৃত্য-সঙ্গীতে মানুহৰ শাৰীৰিক আৰু মানসিক উন্নতি সাধন কৰে। কৰ্ম্মচাৰী সকলে আজৰি সময়ত পঢ়া-শুনা কৰিবৰ কাৰণে পুথি-ভৰাঁল পাতি দিছিল; তাত অনেক বাতৰি কাকত আৰু কিতাপ আছিল। ইয়াত বাহিৰেও, তেওঁলোকৰ ভিতৰত এটা খেলৰ দল আছিল। বঙ্গদেশৰ বেঙ্গল কেমিকেলৰ কৰ্ম্মচাৰীবিলাকৰ কাৰণেও এনেকুৱা অনেক সুবিধা আছে।
টাটাই বুদ্ধি কেউপিনে খটায়। তেওঁ সকলোবিলাক কামকে দুটা কথালৈ মন কৰি কৰে। প্ৰথমতে হৈছে সেই কামৰপৰা নিজৰ উপকাৰ আৰু দ্বিতীয়তে হৈছে নিজৰ দেশৰ মানুহৰ উপকাৰ। কোন বস্তু কেতিয়া কেনেকৈ কি কামত লগাব লাগে, তাক টাটাই সুন্দৰকৈ জানিছিল। আমাৰ ইয়াৰ বহুত মানুহৰ গাত এই অতি আৱশ্যকীয় গুণটিৰ অভাৱ দেখা যায়। সকলোৱে অহোপুৰুষাৰ্থ কৰি এই গুণটি আৰ্জ্জি লোৱা উচিত।
মিলটি দহ বছৰ চলিল। এতিয়া টাটাৰ বুদ্ধি আন পোনে খেলালে। তেওঁ সময়ৰ গতি বুজি খুব মিহি ধুতি তৈয়াৰ কৰিবৰ কাৰণে আন এটি নতুন মিল স্থাপন কৰিবলৈ মনস্থ কৰিলে। ঘটনাক্ৰমে এই সময়তে ধৰম্ছী নামৰ মিল এটাৰ ডাক-নীলাম হয়। সেই সময়ত বোম্বে প্ৰেচিডেন্সিৰ ভিতৰত ইয়াতকৈ ভাল মিল নাছিল। কলটোৰ কামলৈ চাই টাটাই খুব কম দামতে কিনিলে, কাৰণ ইয়াৰ কিন৷ দাম ৫০ লাখ টকা আছিল। কিন্তু টাটাই কলটে৷ কিনি বৰ ঠগ খালে, তেওঁ গোটেই জীৱনতে এনেকুৱ৷ ঠগ খোৱা নাই। ধৰম্ছী মিল কিনাটো টাটাৰ জীৱনৰ এটা ডাঙ্গৰ ভুল। মিলটোৰ কল-কব্জাবোৰ একেবাৰেই বেয়া আৰু পুৰণি; কিছুমান কলকব্জা নাই। সেইবোৰ কামত লগাবলৈ হলে বহুত পইচা খৰচ কৰি ভাল কৰিব লাগিব। লোকৰ বস্তু কিনিবৰ সময়ত সদাই লক্ষ্য কৰিব লাগে যে বেচিভাগ বস্তুৰেই অনেক দুৰ্গুণ হলেহে গৰাকীয়ে বস্তুটো বেচিবলৈ মন কৰে। টাটা কেবা বছৰো কল ভাল কৰোঁতেই লাগি থাকিল। তথাপি কলটি ঠিকমতে শেষ নহয়। অৱশেষত দহ বছৰৰ মূৰত মিলটো সম্পূৰ্ণ ৰকমে ভাল হৈ উঠে। এই কামত টাটাৰ যথেষ্ট ধন খৰচ হল। ইয়াত তেওঁৰ ধৈৰ্য্য, অধ্যৱসায় আৰু কষ্ট সহিষ্ণুতাৰ যথেষ্ট পৰিচয় পোৱা যায়। ধৰম্ছী মিল ভাল কৰাটো টাটাৰ জীৱনৰ অক্ষয় কীৰ্ত্তিস্তম্ভ। বহু দিন ধৰি তেওঁৰ অধ্যৱসায় দেখি আন আন মানুহবিলাক অবাক হৈছিল। মিলৰ গৰাকী আন মানুহ হোৱা হলে হাতসাবটি বহি থাকি হেঁতেন; টাটাই যি কামতে হাত দিয়ে তাৰ পৰা সোণ উৎপন্ন নকৰি নাথাকে। মিলটি ভাল কৰি তেওঁ তাৰ নাম “স্বদেশী মিল” ৰাখিলে। এতিয়া স্বদেশী মিলৰ অৱস্থা সকলোৰে চকুত লগা।
টাটাৰ দুয়োটা মিল ভালদৰে চলিবলৈ ধৰিলে। তেওঁৰ অলপো জিৰণি নাই কেৱল কামতেই ব্যস্ত। তেওঁ সদাই উন্নতিৰ নতুন নতুন উপায় আবিষ্কাৰ কৰাত মগ্ন। আমাৰ দেশৰ তুলাৰ খেতি বৰ ভাল নহয়। তেওঁ মিচৰত তুলাৰ খেতি দেখিছিল। তাত তুলাৰ খেতি কৰা প্ৰণালী বৰ ভাল। তেওঁ দেখিলে যে ভাৰতৰ মানুহেও শিক্ষা পালে সেইদৰে তুলাৰ খেতি কৰিব পাৰিব। সেই উদ্দেশ্যে তেওঁ মিচৰত তুলাৰ খেতি কৰা প্ৰণালী বৰ্ণনা কৰি এখন সৰু কিতাপ লিখিলে। তেতিয়া টাটাৰ কথাত আন কোনোৱে কাণ দিয়া নাছিল। কিন্তু এতিয়া গবৰ্ণমেণ্টেও টাটাৰ সেই উপদেশ মতে চলিছে।
বোম্বে প্ৰেচিডেন্সিত লাহে লাহে মিলৰ সংখ্যা বেচি হৈ আহিল; সেই কাৰণে বিদেশলৈ ঢেৰ বস্তু ৰপ্তানী হবলৈ ধৰিলে। সেই সময়ত বোম্বেৰ লগত চীন জপানৰেই কাৰবাৰ বেচি আছিল। টাটাই গোটেই কাৰবাৰটো নিজৰ হাতলৈ আনিবৰ কাৰণে জাপানলৈ নিজে গৈ এটা জাহাজ কোম্পানীৰ লগত বন্দৱস্ত কৰি আহে যে,– বোম্বেৰ সকলোবিলাক মিলৰ বস্তুকে তেওঁলোকক দিব। টাটাই এই কথা অনেক দিন ৰক্ষা কৰি আছিল। তেওঁ অইন মানুহৰ ফুচুলনিত পৰিও নিজৰ প্ৰতিজ্ঞাৰপৰ৷ বিচলিত হনল। কিছুদিনৰ পিচত আন এটা কোম্পানীৰ ফুচুলনিত আন আন কৰ্ম্মচাৰী কিছুমানৰ মনৰ গতি ঘূৰিল। তেওঁলোকে কোম্পানীক নিজৰ বস্তু দিবলৈ ধৰিলে।
এই কথাত টাটাই বৰ দুখ পালে। তেওঁৰ প্ৰতিজ্ঞা যে ইমান সোনকালে ভঙ্গ হব তাক তেওঁ সপোনতো ভবা নাছিল। তেওঁ অইন কৰ্ম্মচাৰীবিলাকৰ কথা দেখি অবাক। যি দেশত এনেকুৱা কথা ৰাখিব নোৱাৰা অসংখ্য মানুহ বাস কৰে, সেই দেশৰ উন্নতি হয় কেনেকৈ? কোনো এবিধ বস্তু কিনিবলগীয়া হলে তাক বিদেশী মানুহৰ পৰা নিকিনি দেশীয় মানুহৰ পৰা কিনা ভাল। কাৰণ তেতিয়া হলে নিজৰ দেশৰ পইচা নিজৰ দেশতেই ৰৈ গল, নিজৰ দেশীয় ভাইৰ অৱস্থা ভাল হব, তেওঁৰ ভাল হলেই নিজৰ ভাল। এনেকৈ কিছুমান মানুহৰ অৱস্থা ভাল হলেই দেশৰ সম্পূৰ্ণ উন্নতি হয়। এইদৰে নিজৰ দেশৰ মানুহক সহায় কৰাটো উদাৰতা আৰু সৰলতাৰ পৰিচয় মাত্ৰ। বৰ্ত্তমান ভাৰতবাসীয়ে বিশেষকৈ অসমীয়াই এই বিষয়ত সদাই চকু দিবলগীয়া হৈছে।
এটা পুৰণি নীতি বচন আছে, তাৰ অৰ্থ এই যে, যি সমাজত প্ৰতিযোগিতা আছে, তাত থাকিব ৷ আৰু যত হিংসা, অৰিয়া অৰি আছে, তাৰপৰা সোনকালে আঁতৰ হবা; আন এজনে বেপাৰৰ বা খেতিৰ এটি নতুন নিয়ম উলিয়ালে তুমি তাৰ অকণো অপকাৰ নকৰাকৈ নিজেও এটা নতুন নিয়ম উলিয়াই তোমাৰ কৃতিত্বৰ পৰিচয় দিয়া, তোমাৰ সকলো বিষয়তে উন্নতি হব। তাকে নকৰি অন্তৰত হিংসা ভাব ৰাখিলে তোমাৰ অৱনতি অনিবাৰ্য্য। কাৰবাৰ বুলিলেই যে অসততা আৰু মিছাৰ আশ্ৰয় লব লাগে তাৰ কোনো কাৰণ নাই। জগতত সত্যৰ প্ৰতিষ্ঠা আৰু অসত্যৰ বিনাশ নিশ্চয়। সকলো কামতে সাধুতা, সততাৰ আশ্ৰয় লব লাগে। "বাণিজ্যে বসতি লক্ষ্মীঃ” – এই কথাষাৰ টাটাৰ জীৱনত এতিয়াসভালদৰে পৰিণত হৈ উঠিল। তেওঁ এতিয়া লক্ষ্মী আইৰ বৰ পুত্ৰ। তেওঁৰ মিল দুট৷ সুন্দৰকৈ চলিবলৈ ধৰিলে, এতিয়া তেওঁ তাৰ বিষয়ে বেচি ভাবিব নালাগে, তেওঁৰ কৰ্ম্মচাৰী সকলেই পৰিচালিত কৰিবলৈ ধৰিলে। কৰ্ম্মচাৰী সকলৰ আটাই কেইজনেই বিশ্বাসী, কৰ্ম্মপটু আৰু কষ্ট-সহিষ্ণু। টাটাই কৰ্ম্মীসকলক কামৰ ভাগ বাটি দিছিল, কৰ্মীসকলেও নিজৰ নিজৰ ভাগ সম্পন্ন কৰি গৰাকীৰ প্ৰিয়ভাজন হয়। কামৰ গৰাকীয়ে তলতীয়৷ কৰ্ম্মচাৰীক কাম কৰিবলৈ উপদেশ নিদি আদৰ্শ হৈ কৰি দেখুৱাটোহে বেচি ভাল। টাটা এই বিষয়ত সকলোৰে আদৰ্শনীয়।
অন্যান্য চহকীবিলাকৰ নিচিনা তেওঁ টকাক জীৱনৰ সাৰবস্তু কৰা নাছিল। তেওঁ কেতিয়াও অস্বাভাৱিক সুখ আৰু বিলাসিতাৰ বশীভূত নহৈছিল। ধনৰ সজ ব্যৱহাৰ তেওঁ ভালদৰে জানিছিল। অৰ্থৰে যাতে দেশৰ হিত সাধন হয়, তালৈ তেওঁৰ চেষ্টা আছিল। তেওঁ কিছুমান কাম কৰিবলৈ কল্পনা কৰি থৈছিল; মিলৰ কামৰ ভাৰ কিছু কম পৰাত সেইবিলাক কাম কৰিবলৈ মন কৰিলে।
ভাৰতীয় ছাত্ৰ কিছুমান বিলাতলৈ শিক্ষাৰ কাৰণে পঠাবলৈ তেওঁৰ একান্ত ইচ্ছা আছিল। বহুত ভাল বুধিয়ক লৰাই টকাৰ অভাৱত বিদেশলৈ গৈ উচ্চ শিক্ষা লাভ কৰিব নোৱাৰে। তেওঁলোকে বিলাতলৈ গলে অনায়াসে আই. ছি. এছ (I.C.S.) আৰু আই. এম্. এছ ( I. M.S. ) পৰীক্ষা পাছ কৰি আহিব পাৰে। দেশত উচ্চ শিক্ষা বিস্তৃত হলে দেশৰ অনেক উন্নতি হয়। কিন্তু দুখীয়া ছাত্ৰ সকলক তেনেকৈ খৰচ দি পঠায় কোনে? সেই কাৰণে টাটাই দুটা বৃত্তি দিবলৈ মনস্থ কৰিলে।
১৮৯২ খৃঃত এই বৃত্তি স্থাপিত হয়। প্ৰথমতে তেওঁ বৃত্তি পাৰ্চী ছাত্ৰবিলাককহে দিছিল। দুবছৰ পাচত এই নিয়ম তুলিদি সকলোৰে কাৰণে কৰিলে। এতিয়া ভাৰতৰ যেই সেই প্ৰদেশৰ ছাত্ৰই এই বৃত্তিৰ সহায়ত বিলাতলৈ গৈ নিজৰ ইচ্ছামতে বিজ্ঞান সাহিত্য দৰ্শনাদি পঢ়িব পাৰে। এতিয়ালৈকে ৩৮ জন ছাত্ৰই বৃত্তিৰ সহায়ত বিলাতত পঢ়ি আহিছে। তাৰ ভিতৰত ২৩ জন পাৰ্চী;বিলাতৰপৰা শিক্ষা লাভ কৰি ঘূৰি আহিলে সেই খৰচকৰা টকাখিনি কম হাৰৰ সুতেৰে সৈতে ওলটাই দিব লাগে। এই টকাৰ সহায়ত আৰু এজন ছাত্ৰ পঢ়িবলৈ পঠিয়ায়; টকাখিনি ঘূৰাই লোৱা হয় যদিও সেই টকাৰে যথাৰ্থ প্ৰতিদান হব নোৱাৰে। এই দৰে কম সংখ্যাৰ টকাৰেই আমাৰ দেশৰ ডেকা সকলে নতুন নতুন জ্ঞান আহৰণ কৰি জন্ম-ভূমিৰ মুখ পোহৰাব পাৰে।
বিজ্ঞানেই শিল্প আৰু বাণিজ্যৰ উন্নতিৰ মূল। কাৰণ বিজ্ঞানৰ ফলতেই আজি পাশ্চাত্য দেশবিলাকে ইমান উন্নতি কৰিব লাগিছে। বিজ্ঞান চৰ্চ্চা সকলো প্ৰকাৰ উন্নতিৰ দুৱাৰদলি স্বৰূপ। সেই কাৰণে টাটাই ভাৰততো এটা গবেষণাগাৰ স্থাপন কৰিবলৈ মনস্থ কৰিলে।
টাটা খুব সুন্দৰ মনৰ মানুহ আছিল। কাম কি উপায়ে সৰ্ব্বাঙ্গ সুন্দৰ হয় তালৈ তেওঁৰ সদাই লক্ষ্য আছিল। বিজ্ঞানাগাৰ স্থাপন কৰিব বুলিয়েই তেওঁ কিছুমান টক৷ খৰচ কৰি নিশ্চিন্ত নাথাকিল। তেওঁ প্ৰথমে এজন গ্ৰেজুৱেট্ ইউৰোপ আৰু আমেৰিকালৈ পঠাই আৱশ্যকীয় সকলো প্ৰকাৰ সংবাদ সংগ্ৰহ কৰিলে; আৰু নিজেও অনেক জনা-বুজা মানুহৰ লগত আলোচনা কৰিলে; ভাৰতত কেনেকুৱা বিজ্ঞানাগাৰ হোৱা উচিত আৰু তাত কি কি বিষয় শিক্ষা দিয়া হব, এইবিলাক আলোচনা কৰাত অনেক বুদ্ধি আৰু জ্ঞানৰ আৱশ্যক হৈছিল। হিচাব কৰি চালে যে ত্ৰিশ লক্ষ টকা হলে কামটো কৰিব পাৰিব। ত্ৰিশ লক্ষ টকা হলে দালান কৰিও আৱশ্যকীয় সকলো সঁজুলি কিনিব পাৰি।
তেওঁ এটা কমিটি গঠন কৰি হিচাবটো আলোচনা কৰিবলৈ দিলে। কমিটিৰ মেম্বৰ কেইজন প্ৰত্যেকেই শিক্ষিত লোক। সেই মেম্বৰ সকলক টাটাই নিজে নিযুক্ত কৰিছিল। কমিটিৰ চেক্ৰেটাৰি বাৰ্জৰজী পাদ্জা এওঁক প্ৰথমে আৱশ্যকীয় খৰচ দি বিলাতলৈ পঠোৱা হৈছিল। এই উৎত্থানটো ভালকৈ বিবেচনা কৰি চোৱাত কেইবছৰমান হল; কম খৰচতে সুন্দৰ শিক্ষাৰ ব্যৱস্থা কৰিবলৈ কমিটিয়ে চেষ্টা কৰিছিল। এই কামৰ ওপৰত ভাৰত গৱৰ্ণমেণ্টেৰ চকু পৰিল। সেই সময়ত ভাৰতৰ ৰাজধানী কলিকতা মহা নগৰীত আছিল। আৰু বৰলাট আছিল সদাশয় লৰ্ড কৰ্জ্জন। টাটা আৰু ভাৰত গবৰ্ণমেণ্টৰ ভিতৰত অনেক বাদানুবাদ হৈছিল। ১৮৯৮ খৃষ্টাব্দত লৰ্ড কৰ্জ্জন বোম্বে নগৰলৈ যায়। তেওঁ টাটাৰ এই উদ্যম প্ৰশংসা কৰে। কিন্তু ত্ৰিশ লক্ষ টকাৰে কাজটো সম্পূৰ্ণ ভাল কৰিব নোৱাৰিব
বুলি মন্তব্য প্ৰকাশ কৰে। প্ৰথমতে গবৰ্ণমেণ্টে অনুমতি দিয়া নাছিল; পিচত বহুত চেষ্টাৰ ফলতহে বিজ্ঞানাগাৰৰ কাম আৰম্ভ কৰিবলৈ অনুমতি দিয়ে।
টাটাই বিজ্ঞানাগাৰাটি বোম্বে নগৰত স্থাপন কৰিবলৈ মন কৰিছিল; কিন্তু সি হৈ নুঠিল, মহীশুৰ ৰাজ্যৰ ৰাজধানী বাঙ্গালোৰ নগৰত স্থাপন কৰিলে। মহীশুৰৰ ৰজাই আৱশ্যকীয় মাটি আৰু ৫ লাখ টকা দান দিলে। ভাৰত গবৰ্ণমেণ্টেও আঢ়ৈ লাখ টকা দান দিলে। মহীশুৰৰ ৰজাই এই কামত যেনেকুৱা দেশ-ভক্তি আৰু বদান্যতাৰ পৰিচয় দিছে, সি সকলোৰে প্ৰশংসনীয়। দেশৰ উন্নতিৰ কাৰণে তেওঁৰ চেষ্টাৰ অকণো ত্ৰুটি নাছিল। সেই কাৰণেহে মহীশুৰ ৰাজ্য আজি ইমান উন্নত। দেশীয় ৰজা সকলৰ আটাইবিলাকেই যদি তেওঁৰ নিচিনা হলহেঁতেন তেন্তে ভাৰতৰ অৱস্থা আজি বেলেগ ধৰণৰ হলহেঁতেন। যি ৰজাই নিজৰ ঐহিক সুখতেই ব্যস্ত থাকে, প্ৰজা সকলৰ দুখ-দ্ৰাৰিদ্ৰ্যৰ ফালে অকণো মন নকৰে, তেওঁ “ৰজা” এই পৱিত্ৰ নামৰ যোগ্য হব নোৱাবে; তেওঁক ভূঁইৰচৌ বোল৷ একো দোষৰ কথা নহয়। এই ভাৰতবৰ্ষতেই শ্ৰীৰাম চন্দ্ৰৰ নিচেন৷ প্ৰজাবৎসল পিতৃভক্ত আৰু সংসাৰী জনকৰ নিচিনা হৰিভক্ত ৰজাই ৰাজত্ব কৰিছিল। হায় সেই দিন!
টাটাই ত্ৰিশ লক্ষ টকা এই বিজ্ঞানাগাৰৰ নিমিত্তে দান কৰে। বোম্বে গবৰ্ণমেণ্টে হিচাব কৰি পালে যে সেই টকাৰ বছৰত চোৱা একলাখ টকা উৎপন্ন হব। উৎপন্ন তাতকৈ কম হব বুলি টাটাই বছৰত ৮ হেজাৰ টকা আয় হোৱা এটা সম্পত্তি জমা কৰি থলে।
যি বস্তুৰ কাৰণে টাটাই ইমান কষ্ট স্বীকাৰ কৰিলে, বৰ দুখৰ বিষয় তেওঁ সেই বস্তু চকুৰে দেখিবলৈ নাপালে। তেওঁৰ পুতেকে বাপেকৰ সেই মৰমৰ বস্তুটো সৰ্ব্বাঙ্গ সুন্দৰ কৰি তুলিছিল। লৰ্ড হাৰ্ডিঞ্জে ইয়াৰ উন্নতিৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিল। ভাৰত হিতাকাঙ্খী সেই সকল মহাত্মাৰ ওচৰত ভাৰত চিৰ দিন কৃতজ্ঞ।
১৯১০খৃঃত এই বিজ্ঞানাগাৰ খোলা হয়। ইয়াৰ নাম “দি ইণ্ডিয়ান ইন্ষ্টিটিউট অব্ ৰিচাৰ্চ ” অৰ্থাৎ ভাৰতীয় গবেষণা সমাজ। ইয়াৰ অধ্যক্ষৰ নাম মিঃট্ৰেভাৰ্ছ, এওঁ এজন বিখ্যাত বৈজ্ঞানিক পণ্ডিত। ইয়াত তলত লিখা বিষয় বিলাক শিক্ষা দিয়া হয়।
(১) বিজ্ঞান আৰু শিল্প।
(২) আয়ুৰ্ব্বেদ বা আধুনিক ডাক্তৰি শিক্ষা।
(৩) দৰ্শন শিক্ষা।
ইয়াৰ লগতে পুস্তকাগাৰ, যাদু-ঘৰ আৰু বৈজ্ঞানিক ঘৰ আছে। ইয়াৰ যিবিলাক বাধা-বিঘিনি আছিল সকলো বিলাকই লাহে লাহে দূৰ হব ধৰিলে। এই বিজ্ঞান মন্দিৰে টাটাৰ নাম অমৰ কৰি ৰাখিছে। কামেই মানুহৰ নাম, কৰ্ম্মহীন জীৱন পশুৰ সমান।
টাটাৰ অন্যান্য কীৰ্ত্তি কলাপৰ বিষয়ে সকলো মানুহে নাজানিব পাৰে; কিন্তু তেওঁৰ কাৰখানাৰ কথা সকলোৱে জানে। টাটা কোম্পানী ভাৰত বিখ্যাত। লোৰ কাৰখানাই টাটাৰ অক্ষয়-কীৰ্ত্তি ৰাখিছে আৰু সভ্য জগতত ভাৰতবৰ্ষৰ গৌৰৱ বঢ়াইছে। আমাৰ দেশত প্ৰাচীন কালৰপৰা লোৰ ব্যৱহাৰ দেখা যায়। কিন্তু বৰ্তমান বৈজ্ঞানিক প্ৰণালীত লোহা প্ৰস্তুত কৰা প্ৰথা নাছিল; আছিল যদিও কাল ক্ৰমে সি একেবাৰে লুপ্ত হৈছিল।
বৰ্তমান প্ৰণালীত লোহা প্ৰস্তুত কৰিবলৈ টাটাৰ বহুত দিনৰ পৰাই অভিলাষ আছিল। মানুহে ঘুনুক-ঘানাককৈ কোৱা গোৱা কৰাত টাটাই শুনিবলৈ পালে যে আমাৰে দেশত ভাল লো পোৱা নাযায়; সেই কাৰণে ইয়াত ভাল লোৰ কাৰখানা খোলা টান। টাটাই কিছুমান ভূ-তত্ত্ববিদ পণ্ডিতক বেতন দি তেওঁলোকৰ সহায়ত পৰীক্ষা কৰি কেবা ঠাইতো লোৰ খনি আৰু লোৰ পাহাৰ থকা অনুসন্ধান পালে; প্ৰায় ত্ৰিশ বছৰ অনুসন্ধান কৰি মধ্য প্ৰদেশত ছাক্চী নামে এডোখৰ বেচ উপযুক্ত ঠাই পালে। এই ঠাই ডোখৰ হাৱড়া ষ্টেচনৰ পৰা ১৫৫ মাইল দূৰৈত থকা কালিমাটি ষ্টেচনৰ ওচৰত। কালিমাটি ষ্টেচনৰ বৰ্ত্তমান নাম টাটা নগৰ। টাটানগৰ ষ্টেচনত নামি প্ৰায় দুমাইল মান বাট গ’লে ছাক্চী পোৱা যায়।
এই ছাক্চীতেই লোৰ কাৰখান৷ বহুৱাবলৈ ঠিক কৰিলে। কিন্তু দুখৰ বিষয় যে টাটাই এই অতি মৰমৰ বস্তুটো নিজ চকুৰে চাবলৈ নাপালে। ১৯০৪ খৃষ্টাব্দত তেওঁ ঢুকায়; তেতিয়া লোহাৰ কাৰখানা আৰম্ভ হোৱা নাছিল। কিন্তু তেওঁৰ সুগুণী পুতেক দুজনে বাপেকে আৰম্ভ কৰি এৰি যোৱা কোনো কামৰে প্ৰতি হেলা নকৰি সুন্দৰৰূপে সম্পন্ন কৰি ৰাইজৰ চকুত লগা কৰি তুলিছিল; এই বিলাকেহে আচল পুত্ৰ নামৰ গৰাকী। পিতাকক তেওঁলোকে দেৱতাৰ নিচিনা শ্ৰদ্ধা কৰিছিল। উপযুক্ত পিতাৰ উপযুক্ত পুত্ৰ।
১৯০৫ খৃঃ ত কাৰখানাৰ ঘৰ-দুৱাৰ সকলে৷ ঠিক্ ঠাক হল। ১৯০৭ খৃঃৰ পৰা কাম আৰম্ভ হ’ল। কাম অপাৰ, কিন্তু কোনেও হতি যোৱা নাই। ঘৰ বান্ধোঁতাই ঘৰ বান্ধিয়ে আছে, কাম কৰোঁতাই কাম কৰিয়েই আছে, তাৰ ইয়ত্তা নাই। কাৰখানা দিনে দিনে ডাঙ্গৰ হৈ যাব ধৰিলে। কিন্তু সেই দিনৰ কাৰখান৷ আৰু আজিৰ কাৰখানা স্বৰ্গ-মৰ্ত্ত প্ৰভেদ; এতিয়ালৈকে কাৰখানাৰ সকলো ৰকম কাম-কাজ শেষ হোৱা নাই। কি বিৰাট কাণ্ড!
আজিকালি ছাক্চী এখন ডাঙ্গৰ নগৰ হৈ পৰিছে। কেই বছৰমান আগেয়ে যি ঠাই হাবি-বননিৰে ভৰপূৰ আছিল, য’ত অসংখ্য বাঘ ভালুকৰ নিবাস ভূমি আছিল, যি ঠাইত কেৱল কেই ঘৰমান আদিমবাসী চাওতলেহে বাস কৰিছিল, সেই ঠাই আজি ৪০।৫০ হেজাৰ মানুহৰ সুখৰ বসতি স্থান। তাত আজি অসংখ্য সুন্দৰ সুন্দৰ অট্টালিকা আৰু ঘৰ-বাৰী বিদ্যমান। সঁচাকৈয়ে এই চহৰখন চাবলগীয়া হৈ পৰিছে। ভাৰতৰ বাহিৰেও চীন, জাপান, আমেৰিকা প্ৰভৃতিৰ মানুহে এই নগৰ চাবলৈ আহে। বাস্তবিক এই নগৰৰ প্ৰাকৃতিক দৃশ্য অতি বিতোপন। উৰিষ্যা . প্ৰদেশৰ লাট চাহেব চাৰ এড্ৱাৰ্ড দি গেট, বঙ্গ দেশৰ লাট চাহেব ৰোলান্দাজ আৰু (ভাইচৰয় ) লৰ্ড চেমচ্ ফোৰ্ড মহাশয় সকলোৱেও এই নগৰ চাবলৈ আহিছিল। আৰু তাৰ এখন সভাত গবৰ্ণৰজেনেৰেলে কৈছে যে, যুদ্ধৰ সময়ত টাটা কোম্পানীৰপৰা গবৰ্ণমেন্টে যিমান সহায়তা পাইছে, সি প্ৰশংসনীয়। সেই কাৰণে টাটা কোম্পানীক গবৰ্ণমেণ্টৰ পৰা ধন্যবাদ দিবলৈ তেওঁ তালৈ আহিছে। এই কোম্পানীয়ে মেচোপটেমিয়া, মিছৰ, পেলেষ্টাইন আৰু পূৰ্ব্ব আফ্ৰিকাৰ ৰেল লাইনৰ লোহা যোগাইছিল। গবৰ্ণমেণ্টে এই কোম্পানীৰ পৰা এই সহায়তা নাপালে বৰ বিপদত পৰিলহেঁতেন। কেৰ্কেটুৱাৰ বাহ-পাতেই ভেঁটি হোৱাৰ নিচিনা এজন মানুহৰ কামৰ পৰাই বেলি বুৰ নোযোৱা এখন বিশাল সাম্ৰাজ্যৰ গৰকীৰ প্ৰভূত উপকাৰ হ'ল।
তেওঁ আৰু কলে যে, দহ বছৰৰ আগেয়ে যি ঠাই হাবিময় আছিল, তাত আজি হাজাৰ হাজাৰ মানুহে বাসকৰি বিৰাট কল কাৰখান৷ চলাইছে। যাৰ দূৰ-দৃষ্টি, কল্পনা আৰু প্ৰতিভাৰ ফলত আজি আমি এই সুন্দৰ কাৰখানা .দেখিবলৈ পাইছে৷, তেওঁ সঁচাকৈয়ে এজনা মানৱ সমাজ-হিতৈষী মহাপুৰুষ। বৰলাট চাহাবে জেম্ছেদজী টাটাৰ নাম চিৰস্মৰণীয় কৰিবৰ কাৰণে সেই ঠাইৰ নাম জেম্ছেদপুৰ ৰাখিলে। তেতিয়াৰ পৰা ছাকচী জেম্ছেদপুৰ নামে জনাজাত হ’ল।
টাটানগৰ ষ্টেচনত নামি মটৰত উঠি এই ঠাইলৈ যাব লাগে। এই ঠাইত তালৈ যোৱা মানুহৰ কাৰণে এখন অতিথি-শালা আছে।
ইয়াৰ লগতে এটা সুন্দৰ হোটেল আছে, সেই কাৰণে যাত্ৰীসকল কোনো অসুবিধাত নপৰে। কিন্তু ইয়াত খোৱা বস্তু বেচি পৰিমাণ পোৱা নাযায় আৰু ঠাইডোখৰৰ জল-বায়ুও ভাল নহয়। ইয়াৰ ওচৰতেই থকা চক্ৰধৰপুৰৰ জল-বায়ু ভাল। জেমছেদপুৰৰ হাৱা-পানীৰ কাৰণে কোম্পানীৰ গৰাকীয়ে বৰ যত্ন কৰিছে।
টাটা কোম্পানীৰ কৰ্য্যাৱলী বৰ সুন্দৰ। জেম্ছেদপুৰ এখন সুন্দৰ ডাঙ্গৰ নগৰ। এই নগৰতো হাট-বজাৰ, ৰাস্তা-বাট, পুলিচ থানা, ডাক্তৰখান৷ আৰু স্কুল আদি সকলোৰে গৰাকী টাটা। ইয়াত কোনে৷ মিউনিচিপালিটি নাই যদিও কোম্পানীয়ে সকলে৷ কামকে সুচাৰুৰূপে সমাধা কৰে। য'ত বেচি মানুহৰ বসতি ত’ত মামলা-মোকদ্দামা হোৱাটে৷ স্বাভাবিক। মোকদ্দমা কৰিব লগীয়া হলে চাইবাছা নগৰলৈ যাব লাগে। চাইবাছা সিংভূম জিলাৰ সদৰ ঠাই। জেমছেদপুৰৰপৰা চাইবাছ৷ নগৰলৈ অনেক দূৰ যাব লগে। আফিচ-আদালত সকলো তাত হোৱা দেখি; জেমছেদপুৰৰ মানুহৰ কাৰণে তাত এটা তল খাপৰ বিচাৰালয় খোলা হৈছে। কোম্পানীৰে ডাঙ্গৰ বিষয়া সকল তাৰ বিচাৰক। ইয়াৰ পৰা জেমছেদপুৰবাসীৰ অলপ অসুবিধা দূৰ হল । এতিয়া দেখা গল যে টাটা কোম্পানীয়ে জেম্ছেদপুৰত এটা সৰু সুৰা গবর্ণমেণ্ট স্থাপন কৰিলে; এই গবর্ণমেণ্টৰ কাৰ্য্য কলাপ বৰ সুন্দৰ। নগৰ খনক চাৰিট। ভাগত ভগালে; উত্তৰ ভাগত চাহেব আৰু চহকী মানুহৰ বাস। ইয়াৰ প্ৰত্যেক ঘৰতে বিজুলী পোহৰ আৰু পাঙ্খাৰ বন্দবস্ত আছে। প্ৰায় মানুহৰে একোখন বাগিছা আছে। পদূলি আৰু ঘৰ বাৰীবোৰ পৰি- পাটিকৈ কৰা। ইয়াৰ মানুহ বিলাক নিজৰ সুবিধাৰ কাৰণে টকা খৰচ কৰাত মূকলি হাতৰ।
নগৰৰ দক্ষিণ ভাগক আকৌ দুই ভাগত ভাগ কৰিছে। এক ভাগৰ নাম “জি টাউন” (G. Town) আন অংশৰনাম “এইছ টাউন” (H. Town) আৰু ইয়াত বাহিৰে নগৰৰ পূব ভাগৰ নাম “এল টাউন” ( L. Town ); জি আৰু এইছ, টাউনৰ ওচৰত “কুলী টাউন” (Coolie Town); জি (G) এইচ, (H) আৰু এল্ (L) টাউনত ভদ্ৰলোক আৰু কুলী টাউনত শ্ৰমজীবী বিলাক থাকে। আলি বিলাকৰ নাম এ. ৰোড (A. Road) বি. (illegible}} ( B. Road) এইদৰে আমেৰিকাৰ অনুকৰণ কৰি দিয়া হৈছে। এনেকুৱ৷ হোৱাত আলি ভুলিবৰ কোনো কাৰণ নাই। প্ৰত্যেক নগৰতেই নম্বৰ দিয়া আছে। আলিবিলাকৰ দুয়ো কাযে গছ কই দিছে, ডাঙ্গৰ ডাঙ্গব আলি বিলাকত বিজুলী পোহৰ আৰু পাঙ্খা দিছে। তাত ইলেক্ট্ৰিক লাইট্ আৰু পানীৰ কল দিছে।
জেম্ছেদজী পুৰৰ ভাগ আৰু তাৰ আন আন কিছুমান সুবিধাৰ কথা কোৱা হ’ল; এতিয়া অলপ চিকিৎসা বিষয়ক কথা কোৱা যাওক।
যি ঠাইত মানুহৰ সমাগম আৰু বসবাস বেচি, সেই ঠাইত বেচি পৰিমানে বেমাৰপাতি হোৱাটো স্বাভাবিক। মানুহৰ বসতি ঘন হৈ অহাৰ লগে লগে কোম্পানীয়ে এটা চিকিৎসালয় স্থাপন কৰিলে; আৰু তাত ভাল চিকিৎসা কৰিবৰ কাৰণে ১২ জন সুবিজ্ঞ চিকিৎসক নিযুক্ত কৰিলে। এই কথাৰ পৰাই বেচ বুজিব পাৰি সেই চিকিৎসালয়টো কিমান ডাঙ্গৰ আৰু চকুত লগা। এই চিকিৎসা বিভাগৰ গৰাকী হৈছে ৰায় চাহেব শ্ৰীযুক্ত শান্তিৰাম চক্ৰবৰ্তী। ইয়াত সকলোকে বিনামূল্যে চিকিৎসা কৰা হয়।
তোমালোকৰ ঘৰৰ মানুহৰ বেমাৰ-আজাৰ হলে কোন ডাক্তৰ খানাৰ পৰা দৰব-জাতি আনা? সেই ডাক্তখানা চায় কোনে? কিছুমান বেমাৰত অসমীয়া অজাৰ ঔষধেও ভাল গুণ দিয়ে।
কপালত যি আছে মোৰ হব– এনেকুৱা ধাৰণ৷ লৈ থাকিয়েই কিছুমান মানুহ হাইজা-বসন্ত আদি বেমাৰত অকালতে মৰে। এনেকুৱা ধাৰণা মনৰপৰা বাহিৰ কৰি দিব লাগে; বেমাৰ হলে
ভাল চিকিৎসকৰ আশ্ৰয় লোৱাটো জনা মানুহৰ কাম। (৫)
কোম্পানীৰ চাৰিখন স্কুল আছে। এখন উচ্চ ইংৰাজী স্কুল (High English School); এখন নৈশ বিদ্যালয় (Night School); এখন শিল্প-বিদ্যালয় (Technical School); আৰু বাকীখন হৈছে— বালিকা মধ্য ইংৰাজী স্কুল (Girls' M. E. School)। এই কোনোটো স্কুলতেই মাছুল দিব নালাগে। কিছুমান শ্ৰমজীবীৰ কাৰণে ইয়াত বাধ্যতা মূলক শিক্ষা দিয়া হয়। আমাৰ ইয়াত বাধ্যতামূলক শিক্ষা চলিছে জানো?
এই বোৰত বাহিৰেও আৰু কেইটামান স্কুল খুলিবৰ কথা হৈছে। মানুহৰ আৱশ্যকীয় জিনিচ বহুত; নিজৰ জ্ঞান-বুদ্ধিৰে নিজেই সেইবোৰ কৰি লব লাগে। কথাতে কয়— যাৰ আছে বুদ্ধি, তাৰ সৰ্ব্ব সিদ্ধি।
যোৰহাট, গুৱাহাটী আদি নগৰত যেনেকৈ থিয়েটৰ হল আৰু লাইব্ৰেৰী আছে, তেনেকৈ তাতো আছে; কিন্তু সেই বোৰ ডাঙ্গৰ আৰু আমাৰ ইবোৰতকৈ ধুনীয়া। সকলে৷ কৰ্ম্মচাৰীয়েই তাৰ সভ্য হব পাৰে। সেইবোৰ ঘৰ দেখিলে চাই থাক্ চাই
থাক্ কৰে। (৬)
লো আমাৰ বৰ উপকাৰী ধাতু। সোণ ৰূপ আদি ইয়াতকৈ মূল্যবান যদিও ইয়াৰ সমান লাগতিয়াল নহয়। আমাৰ আৱশ্যকীয় অস্ত্ৰ দা-কুঠাৰ, ছুৰী-কটাৰী আৰু কোদাল আদি লোহাৰ পৰাই পাওঁ। জগতৰ কোনে৷ এটা জাতিৰ সভ্যতা বঢ়োৱাত লোহাই বৰ সহায় কৰে। ৰেল, জাহাজ আৰু আকাশী যান আদি লোহাৰেই সজা। এই লো কেনেকৈ তৈয়াৰ কৰা হয় আৰু ক’ত পোৱা যায়, তাক সকলোৱে জন৷ ভাল। বিশ্বপতিৰ বিশাল ৰাজ্যৰ বিবিধ বস্তুৰ কি আদি অস্ত আছে!
লৌহ পাথৰ (Iron Ore) নামেৰে এবিধ পাথৰ আছে, ইয়াৰ পৰাই লো তৈয়াৰ কৰা হয়। কালিমাটি নামে ঠাইৰ পৰা ৩৩ মাইল দূৰৈত ময়ূৰভঞ্জ ৰাজ্যৰ ভিতৰত ‘গৰুমহিষাণী’ নামেৰে এখন পাহাৰ আছে; সেই পাহাৰৰ পৰা এইবিধ পাথৰ অনা হয়। এই পাথৰত লোৰ পৰিমাণ বৰ বেচি। সেই পাহাৰৰ পৰা পাথৰ কাটি ৰেল-গাড়ী বজাই কৰি কাৰখানাৰ ঠাইলৈ লৈ আহে। এই দৰে আনি থাকোঁতে থাকোঁতে ভবিষ্যতে হয়তো কেতিয়াব৷ পাহাৰৰ অকণমানো চিন্চাব নাইকিয়া হৈ যাব পাৰে।
এই কাৰখানাত প্ৰায় তিনি চাৰি হাজাৰ মানুহে কাম কৰে। ইয়াৰ পৰাও অনুমান কৰিব পাৰি ই কিমান ডাঙ্গৰ। লোৰ কাৰখানাটোৰ কোন ফালে কি কি কাম চলি আছে, তাক নিজে নিজে গৈ এবাৰ চাই নাহিলে আমাৰ এই চমু বৰ্ণনাই বিশেষ একে৷ পৰিচয় দিব নোৱাৰে। বেপাৰী বা কাৰবাৰী সকলে এবাৰ এই কাৰখানাটো চাবলৈ যোৱ৷ ভাল।
সাধাৰণ লোহাক পিগ্, আইৰন্ (Pig-iron) বোলে। এইবিধ লোহা তৈয়াৰ কৰিবৰ কাৰণে লৌহ পাথৰৰ (Iron ore) লগত পৰিমিত হিচাবে মাঙ্গানিজ (Manganese), ডোলোমাইট (Dolomite) আৰু কোক্ (Coke) মিহলাই দিব লাগে। এই দৰেই বহুত কল-কব্জাৰ সহায়ত পিগ্, আইৰন তৈয়াৰ কৰে। ইয়াত বাহিৰেও আৰু ছবিধ লোহ৷ তৈয়াৰ কৰা হয়, — এবিধ হৈছে তৰল ইস্পাত্ আৰু আন বিধ হৈছে ইন্গট (In-got)। এইবোৰ তৈয়াৰ কৰাত মেহনত বৰ বেচি। একোটা ইন্গটৰ ওজন প্ৰায় নব্বৈ মোণ হব। এই কাৰখানাৰ পৰাই টাটা কোম্পানীৰ লো পৃথিবীময় হৈ পৰিছে। টাটা কোম্পানীৰ লো বিলাকত “টাটা আইৰণ এণ্ড ষ্টীল্ কোম্পানী” (Tata Iron & Steel Company) বুলি লিখা থাকে।
এই কাৰখানাত এটা বৰ ডাঙ্গৰ বিদ্যুদাগাৰ আছে। এনেকুৱা বিদ্যুদাগাৰ ভাৰতৰ ভিতৰত খুব কমহে আছে। ইয়াৰ তুলনাত আমাৰ ইয়াৰ বিদ্যুদাগাৰবোৰ নিচেই সৰু। এই বিদ্যুদাগাৰৰপৰাই কাৰখানাৰ আৰু নগৰৰ সকলে৷ ঠাইতে পোহৰ দিয়া হয় আৰু পাঙ্খ| চলোৱা হয়। কাৰখানাৰ ভিতৰত সকলে৷ ঠাইলৈকে সুকলমে যোৱা অহা কৰিবলৈ ৰেল-লাইন আছে৷ কামিলা সকলৰ কাম কৰোঁতে পিয়াহ লাগিলে পইচা নিদিয়াকৈ কোম্পানীৰপৰ৷ বৰফ আৰু চোদা খাবলৈ পায়। সেই চোদা আমাৰ হাট-বজাৰত বেচা চোদাতকৈ বহুগুণে ভাল আৰু উপকাৰী।
আজি কালি আৰু অনেকে অনেক বিধৰ লো উলিয়াইছে; কিন্তু টাটাৰ লো সকলোতে কৈ উৎকৃষ্ট আৰু মানুহৰ আদৰণীয়। এই লো আমেৰিকা, চীন, জাপান, ফ্ৰান্স, ইটালী, আফ্ৰিকা, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়| আদি সুদূৰ ঠাইলৈকো যায়। সেইবোৰ ঠাইত টাটাৰ লোহাই বৰ আদৰ পায়।
পৃথিবীৰ প্ৰায় বোৰ ডাঙ্গৰ নগৰতেই টাটা কোম্পানীৰ অফিছ্ আছে; সেই অফিছৰপৰাই দৰ্কাৰ হোৱা ঠাইলৈ লো চালান দিয়ে। ভাৰতৰ আনকোনো ঠাইতে টাটা কোম্পানীৰ নিচিনা লোৰ ডাঙ্গৰ কাৰখান৷ নাই; কেৱল কুলটি নামে ঠাইত সাধাৰণ লো তৈয়াৰ কৰা এটা কাৰখানা আছে। তাৰ নাম হৈছে—“বেঙ্গল আইৰণ এণ্ড ষ্টিল কোম্পানী” (Bengal Iron & steel Company)। কিছুমান মানুহে তাত আকৌ লোৰ উৎকৃষ্ট কাৰখানা খুলিবলৈ
যো-যা কৰিছে। ভাল বস্তুৰ আদৰ য'তে ত’তে আছে। (৭)
এফাঁকি নীতি পূৰ্ণ কবিতা আছে—
সুগুণৰ পাৰিজাত সৌৰভ আমোলমোল
পৃথিবী ধোৱাই নিয়ে বই তাৰ মৌ-জোল।
(—কলিতা)
কেতেকী ফুলৰ সুন্দৰ মলমলীয়া গোন্ধে মানুহৰ মনত তৃপ্তি দিয়াৰ নিচিনা মহাত্মা আৰু কৰ্ম্মবীৰ সকলৰ কৰ্ম্মাৱলীও সংসাৰ পথৰ নতুন যাত্ৰীৰ সদাই আদৰ্শনীয় হৈ থাকে। সেই মহাজন “সকলৰ অনিত্য পাৰ্থিব কায় মৰিশালিৰ ধূলি মাকতিৰ লগত মিলি যোৱাৰ পিচতো তেওঁ লোকৰ কৰ্ত্তব্য কামে নাম অজৰ অমৰ কৰি ৰাখে। আন ঠাইৰ কথা এৰি দিলেও আমাৰ দুখুনী অসম জননীৰ বুকুতেই তাহানি অনেক কৰ্ম্মৱীৰ অৱতীৰ্ণ হৈ দেশ মাতৃকাৰ নাম উজ্বল কৰিছিল। তলত দিয়া অসমীয়া বীৰৰ অসম বাণী আষাৰ শুনি কোন অসমীয়াৰ মনত বিমল আনন্দ উদ্ৰেক নহৈ থাকিব পাৰে?—
নহওঁ তোমাৰ দৰে পলৰীয়া বীৰ,
সন্মুখ যুঁজত বন্দী, উচ্চ মোৰ শিৰ।
স্বদেশৰ স্বাধীনতা ৰক্ষাৰ কাৰণে,
যুদ্ধ কৰি শুদ্ধচিতে এক প্ৰাণে মনে,
পুণ্য মোৰ হ’ল আজি কপাল মুকলি
মুক্তিৰ আহ্বান পালোঁ, হাতত শিকলি।
জন্মিলে মৰিব লাগে বিধিৰ বিধান
কিন্তু আজি মোৰ মৃত্যু দেৱতাৰ দান।
* * *
(— হাজৰিকা)
(৮)
টাটা “হাইদ্ৰে৷ ইলেকট্ৰিক পাৱাৰ ছাপ্লাই কোম্পানীৰ” প্ৰতিষ্ঠাতা। ইয়ো পৃথিবীৰ ভিতৰত উল্লেখ কৰিব লগীয়া এটা বৈজ্ঞানিক উপায়। টাটাই ইয়াৰ পৰা বছৰে বছৰে অজস্ৰ ধন উপাৰ্জ্জন কৰি আহিছে।
‘পাৱাৰ ছাপ্লাই’ শব্দৰ অৰ্থ হৈছে– বিদ্যুৎ শক্তি যোগোৱা। সেই বৈদ্যুতিক শক্তিৰ গুণত কম সময়ৰ ভিতৰতেই অনেক কাম কৰিব পাৰি; আৰু তেতিয়া হলে বস্তুবোৰ কম দামতে বেচিব পাৰি।
প্ৰায় বোৰ অৱস্থাপন্ন আৰু ডাঙ্গৰ কোম্পানীৰ এনেকুৱা এটা ‘পাৱাৰ হাউছ’ ( শক্তি উৎপাদনৰ ঘৰ ) থাকে; সেই ঠাইৰ পৰাই যন্ত্ৰৰ সহায়ত সকলো ঠাইলৈকে শক্তি পৰিচালিত কৰা হয়। ধাতুৰ ভিতৰত তামে ভালদৰে শক্তি পৰিচালিত কৰে বাবে তাৰ তাঁৰ ব্যৱহাৰ কৰা হয়।
সেই তাঁৰ কিবা এটা বিদ্যুৎ শক্তি অপৰিচালক বস্তুৰ ভিতৰত ৰখা হয়; তেনেকুৱা নকৰি শুদা তাঁৰ দিলে, তাঁৰ ডাল মানুহ বা আন কোনো প্ৰাণীৰ গাত লাগিলে তৎক্ষণাৎ মৰি যাব। এই বিষয়ে কোম্পানীৰ গৰাকী সকলে আদিৰেপৰা বৰ সাৱধান হয় আকাশৰপৰা পৰা বজ্ৰপাতো এক ৰকম এনেকুৱাই।
টাটাই জীৱনৰ ভিতৰত যি কেইটা কাম কৰি গৈছে, সেইবোৰৰ প্ৰত্যেকটোৰেই তেওঁৰ অক্ষয় কীৰ্ত্তি ঘোষণা কৰি আছে। প্ৰত্যেক কামতেই যে তেওঁৰ অসাধাৰণ সাহসিকতা, অধ্যৱসায় কষ্ট সহিষ্ণুতা আৰু ধীৰতা প্ৰকাশ পাইছিল তাৰ প্ৰমাণ এতিয়াও পোৱ৷ যায়। সৰু বৰ সকলে৷ বেপাৰীয়েই তেওঁৰ এই দেৱ সুলভ গুণৰাশি অনুকৰণ কৰিব লগীয়া। নিজক সৰু বুলি পিচ হুহকি থাকিব নাপায়, এটি অকণ মান গুটিৰ পৰাই বহুত প্ৰাণীৰ আশ্ৰয়দাতা বড় গছৰ জন্ম হয়। জাঁজিৰ নগা আলিৰ দাঁতিত থকা সাত ডলীয়া “লাহৰী বড় গছ” * [১] জোপাও এটা নাও মান বীজৰ পৰাই হোৱা। সৰুৰ পৰাই ক্ৰমে ক্ৰমে ডাঙ্গৰ হোৱাটো জগতৰ স্বাভাবিক ধৰ্ম্ম। যেতিয়া ভাৰতৰ ঠায়ে ঠায়ে অন্তৰ্ব্বাণিজ্যৰ লগে লগে বহিৰ্ব্বাণিজ্য প্ৰচালিত হব, যেতিয়া প্ৰত্যেক ভাৰতবাসীয়ে বাণিজ্য কি আৰু কি কি উপায়েৰে কৰিব লাগে বুজি পাব, তেতিয়াহে ভাৰতবাসীৰ দিন আকৌ জয় জয় ময় ময় হব।
তোমালোকে মটৰ কাৰ দেখিছা। সেই বোৰৰ বেচি ভাগৰেই পিচ ফালে ‘ফোৰ্ড’ (Ford) বুলি লিখা থাকে। সেইবোৰৰ গৰাকী হৈছে আমেৰিকাৰ হেনৰী ফোৰ্ড। তেওঁ এজন ডাঙ্গৰ বেপাৰী আৰু পৃথিবীৰ ভিতৰত আটাইতে কৈ ধনী মানুহ। তেওঁক মানুহে “ধন-কুবেৰ” আখ্যা দিছে। তেওঁৰ মটৰ কাৰ কৰা কাৰখানাটে৷ বৰ ডাঙ্গৰ; তাত দিনে ৰাতিয়ে অসংখ্য মানুহে কাম কৰিয়েই আছে। হেনৰী ফোৰ্ডৰো প্ৰথমতে অৱস্থা বৰ বেয়া আছিল; কিন্তু এতিয়া তেওঁ চেষ্টা আৰু সাধনাৰ গুণত জগত জিলিকা হ’ল। তেওঁ কাম কৰি থাকিয়েই হেনো মৰিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে। মইনা হঁত, তোমালোকে যেন এই জনা কৰ্ম্ম বীৰৰ আদৰ্শ আগত লৈ কামত লাগি যোৱা।
(৯)
অনেক মহৎ লোকৰ জীৱনত সৰু ডাঙ্গৰ বহুত শুনিব লগীয়া ঘটনা থকা দেখা যায়; কিন্তু টাটাৰ জীৱনত বিশেষকৈ লৰা কালত কোনো ডাঙ্গৰ ঘটনা হোৱা দেখা নাযায়। তেওঁ এজন নীৰৱ কৰ্ম্মী আছিল; কামৰ মাজেদিহে তেওঁ তেওঁৰ নিজত্ব প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল। যি মানুহ সদাই নিজৰ কৰ্ত্তব্য কামতেই ব্যস্ত, তেওঁৰ জীৱনত আৰু আন বাহিৰা ঘটনা ঘটিবলৈ পাব কেনেকৈ?
টাটাই কেৱল কেইটামান কল-কাৰখানাৰ কামতেই সদাই আৱদ্ধ নাছিল; বাণিজ্যত বাহিৰেও তেওঁ বহুত বাহিৰা কাম জানিছিল। ৰেছমৰ খেতি কৰিবলৈ তেওঁৰ বৰ আগ্ৰহ আছিল;মহীশুৰত এই খেতি কৰিবৰ কাৰণে তেওঁ চেষ্টাও কৰিছিল। তেওঁ জাপানৰপৰা ফুৰি আহি বন্ধু-বান্ধৱ সকলক ৰেছমৰ খেতি কৰিবলৈ বুধি-ভৰসা দিয়ে আৰু জাপানত সেই খেতি কেনেকৈ কৰে তাকো বুজাই দিলে।
তেওঁ চীন, জাপান মিছৰ ইংলণ্ড আদি অনেক ঠাই ভ্ৰমণ কৰিবলৈ গৈছিল; সেই কাৰণে তেওঁ নানা দেশৰ কৃষি প্ৰণালীৰ বিষয়ে যথেষ্ট পৰিমাণে অভিজ্ঞতা লাভ কৰিছিল।
ভাল খেতি কৰিবলৈ হলে দুটা বস্তুৰ আৱশ্যক। তাৰে প্ৰথমটো হৈছে—বতৰৰ সময়ত শস্যৰ পথাৰত পানী দিবপৰা সঁজুলি; আৰু দ্বিতীয়টো হৈছে—শস্য চাই উপযুক্ত সাৰ। এই দুবিধ বস্তু নহলে ভাল খেতি কৰিব নোৱাৰি। কেৱল বৰষুণকে আশ৷ কৰি থাকি খেতিকৰিলে কেতিয়াবা পানীৰ অভাৱত অলপো খেতি নহয়। খেতি নহলেই দেশত আকাল হয়, বেমাৰ আজাৰে মানুহক হেচি ধৰে। এই বিষয়ত চীন জাপান আদি দেশৰ খেতিয়ক বিলাক বহুত উন্নত। আমাৰ খেতিকৰা কামটো গাৱঁলীয়া হোজা চহা মানুহৰ হাততে আছে। খেতি কৰিবলৈকো নানাবিধ সুশিক্ষাৰ আৱশ্যক। কৃষি বিদ্যাটোক আদৰ কৰি শিক্ষিত লোক সকলে গ্ৰহণ কৰিলে সমাজ আৰু দেশৰ উন্নতি নোহোৱাকৈ নাথাকিব। মিথিলাৰ ৰজা জনক ৰাৱণাৰি ভগবান শ্ৰীৰামচন্দ্ৰৰ শহুৰেক,
ইপিনে তেওঁ শ্ৰেষ্ঠ সাধক ৰাজৰ্ষি। সেইহেন ৰাজৰ্ষি জনকেও বৰ আগ্ৰহেৰে খেতিকৰা কথ৷ ৰামায়ণত পোৱা যায়। তেওঁ হাল বাই থাকোতেই হেনো এটা ডিমাৰ আকৃতি ধৰি সীতা দেৱী আবিৰ্ভূত হয়। পাণ্ডৱ সকলৰ পূৰ্বপুৰুষ কুৰু ৰাজেও কুৰুক্ষেত্ৰত (বৰ্ত্তমান দিল্লী) হাল বাই থকা কথা মহাভাৰতত পোৱা যায়। আমিও তেওঁলোকেৰেই বংশধৰ নহয় জানো? খেতিয়েই অসমীয়াৰ অলঙ্কাৰ, সৰ্ব্বস্ব; খেতিতেই-খ্যাতি। (১০)
এখন ধুনীয়া ফুলনি কৰিবৰ কাৰণে টাটাৰ বহুত দিন আগৰে পৰা হেপাহ আছিল। সেই ইচ্ছা পূৰ্ণ কৰিবাৰ কাৰণে তেওঁ পৃথিবীৰ নানা দেশৰপৰা হৰেক ৰকমৰ ফুল-গছ আনি নাভছাৰী নগৰত এখন অতি মনোমোহা ফুলনি সাজিছিল। সেই ফুলনি খনৰ নাম হৈছে—“বোটানিকেল গাৰ্ডেন” (Botanical Garden)। আজৰি সময়ত তেওঁ সেই ফুলনিৰ কাম কৰি মনত তৃপ্তি লভিছিল। অনেক নতুন নতুন উপায়েৰে তেওঁ ফুল-গছত পানী আৰু সাৰ দি তাৰ দৃশ্য সুন্দৰতম কৰি তুলিছিল। সেই ফুলনিৰ ওচৰলৈ গলে কোনোৱেই খন্তেক নাচাই নোৱাৰে। টাটাৰ প্ৰত্যেক কামেই মলমলীয়া গোন্ধ যুক্ত; তাক দেখিলে সকলোৱে ভোল যায়।
টাটা বহুত ধনৰ গৰাকী, তেওঁ ইচ্ছা কৰিলে ধনৰে থিয়ৈ থিয়ৈ মানুহ পুতি থব পাৰে; তথাপি তেওঁ দিল্লীৰ দাস বংশী ৰজ৷ নাছিউদ্দিনৰ নিচিনা বৰ মিতব্যয়ী আছিল। তেওঁ দেশহিতকৰ কেবাটাও কাম কৰিবলৈ হাতত লৈছিল; মদ খোৱা প্ৰথা নিবাৰণ কৰিবৰ কাৰণে তেওঁ খুব চেষ্টা কৰিছিল। এই প্ৰজাহিতকৰ কামত আগ্ৰহ থক৷ মানুহক তেওঁ পাৰ্য্যমানে সহায় কৰিছিল। আমাৰ আসামৰ পৰাও কানি-ভাং আদি ৰাগীয়াল বস্তু নিবাৰণ কৰিবৰ কাৰণে আৰু আসাম ‘কানীয়াৰ দেশ' এই বদনাম গুচাৰ কাৰণে এজন
অসমীয়া ডেকা কৰ্ম্মবীৰে প্ৰাণপণে চেষ্টা কৰিছিল৷ তেওঁ এতিয়া ইহ জগতত নাই,অলপতে পৰম পিতাৰ আনন্দময় কোলাত চিৰকাললৈ ঠাই ললে। সেই পুৰুষজন হৈছে—কৰ্ম্মৱীৰ ৺ ৰোহিণীকান্ত হাতী বৰুৱা। এনেকুৱা কৰ্ম্মবীৰ অসমত আৰু নোলোৱাকৈ নাথাকিব। (১১)
টাটাই ৰাজনৈতিক বিষয়ত হঠাতে কোনো মত প্ৰকাশ নকৰিছিল। ইচ্ছাকৰা হলে তেওঁ এজন ভাল ৰাজনীতিবিদ হব পাৰিলে হেঁতেল; কিন্তু আন আন ৰাজনৈতিক পুৰুষ সকলৰ ভিতৰত দুটা দল হোৱা বাবে তেওঁ কোনোটো দলৰেই পক্ষপাতী নহল। সেই বুলি তেওঁ ৰাজনীতি নজনাকৈ থকা নাছিল। বহুত দেশ ঘূৰি অহা বাবে তেওঁৰ মনৰপৰ৷ সকলো প্ৰকাৰৰ সঙ্কীৰ্ণতা আৰু অন্ধবিশ্বাস দূৰীভূত হৈছিল।
তোমালোকে কংগ্ৰেহ মহাসভাৰ নাম শুনিছা। ভাৰতৰ কিছুমান ত্যাগী কৰ্ম্মবীৰৰ চেষ্টাত ১৮৮৫ খৃষ্টাব্দত ইয়াৰ জন্ম হয়। এই মহাসভা ১৯২৬ খৃষ্টাব্দৰ বৰদিনৰ বন্ধত গুৱাহাটীৰ ওচৰৰ পাণ্ডুতো হৈছিল; সভাপতি আছিল শ্ৰীযুক্ত শ্ৰীনিবাস আয়েঙ্গাৰ; তালৈ বৰ্ত্তমান পৃথিবীৰ শ্ৰেষ্ঠ মানৱ মহাত্মা গান্ধীও আহিছিল। এই মহা সভা পাতিললৈ হলে কম পক্ষেও ৫।৬ লাখ টকাৰ আৱশ্যক। টাটাই এই জাতীয় মহা সভাত বহুত ধন দান দিছিল। অনেক সময়ও তেওঁৰ সোঁহাতৰ দানৰ খবৰ বাও হাতেও নাপাইছিল। (১২)
এতিয়া টাটা ৬৫ বছৰীয়া বুঢ়৷; এই সময়তে তেওঁৰ বুকত বেমাৰ হয়। ধৰিবলৈ গলে তেওঁ এজন আমাৰ ইয়াৰ তামোল খুন্দি খোৱা বুঢ়া, তেওঁৰ ঠাই হব—জুহালৰ খোৰ; কিন্তু টাটাই এই বুঢ়াকালতো ডাক্তাৰৰ পৰামৰ্শমতে হাৱা-পানী পৰিবৰ্ত্তন কৰিবলৈ ১৯০৪ খৃষ্টাব্দৰ জানুৱাৰী মাহত উইৰোপলৈ যাত্ৰা কৰিলে। তেওঁৰ সহ যাত্ৰী হৈছিল পুতেক দোৰাব টাটা অৰু জ্ঞাতিৰ ভায়েক ৰতন টাটা।
জগতৰ কোনো বস্তুৱেই চিৰদিনীয়া নহয়; সকলোৱে এদিন মৃত্যুৰ কোলাত আশ্ৰয় লব লাগিবই। কোনো কোনো বুঢ়ামানুহৰ মুখত একাষাৰ কথা শুনা যায়; কথাষাৰ সম্পূৰ্ণ সত্য। কথাষাৰ হৈছে এই—
ব্ৰহ্মাৰো মৰণ দেখি মোৰ লাগিল ত্ৰাস।
ইহাকে দেখি মাৰ্ত্তণ্ড ঋষি এৰে গৃহ-বাস॥
টাটাই ভাৰত জননীৰ পৰা যি বিদায়লৈ গল, গলেই; তেওঁ আৰু দুনাই ভাৰত জননীৰ মুখ দেখা নাপালে। সেই বছৰৰে ১৯ মে তাৰিখে জাৰ্মানী ৰাজ্যৰ ভিতৰত থকা নাছিম নগৰত দুদিনীয়া নৰ তনু ত্যাগ কৰি বিশ্বপতিৰ অভয়-কোলত ঠাই ললে। তেওঁৰ লগৰ সহযাত্ৰী সকলে শৱটোৰ যথাৰীতি মতে কাম কৰিলে।
টাটাৰ এই আকস্মিক মৰণ-বাতৰি যেতিয়া ভাৰতবৰ্ষ পালেহি, তেতিয়া ভাৰতবাসী সকলো নৰ-নাৰীৰেই মন শোক আৰু বিষাদেৰে পূৰ্ণ হ’ল। আন সকলো ঠাইৰ লোকত কৈ বোম্বেবাসী সকল শোকতে বেচি মৰ্ম্মাহত হ’ল। স্বৰ্গীয় আত্মালৈ সম্মান দেখুৱাবৰ কাৰণে বোম্বেৰ টাউন হলত এখন বিৰাট জন-সভা বহে; ভাৰ সভাপতি আছিল, বোম্বে প্ৰেচিডেন্সিৰ তেতিয়াৰ গবৰ্ণৰ লৰ্ড লেমিংটন্ চাহেব। সেই সভাত টাটাৰ বিশিষ্ট বন্ধু চাৰ লৰেন্স, জেঙ্কিসে টাটাৰ গুণাৱলী বৰ্ণনা কৰে।
টাটাৰ অভাৱত ভাৰতবাসীৰ পূৰণ কৰিব নোৱাৰা ক্ষতি হল। তেওঁৰ কৰ্ত্তব্যজ্ঞান, উদাৰতা, সৰলতা আৰু বহুদৰ্শিতা সকলোৱে অনুকৰণ কৰিব লগীয়া। বাণিজ্য বিষয়ত টাটা ভাৰতবাসীৰ প্ৰথম আৰু প্ৰধান পথ প্ৰদৰ্শক; তেওঁ ভাৰতলৈ ধন আগমনৰ বাট এটা মুকলি কৰি থৈ গ’ল। চন্দ্ৰ দিবাকৰ থাকে মানে টাটাৰ নাম প্ৰত্যেক ভাৰতবাসীৰেই মুখে মুখে হৈ থাকিব।
টাটাৰ জীৱনীৰ পৰা পোৱা নীতিকথা :⸺
(১) কৰ্ত্তব্যজ্ঞান, অধ্যৱসায় আৰু নিপুণতাৰ গুণত মানুহে টান কামে৷ সহজতে কৰিব পাৰে।
(২) সকলো কামতকৈ বেপাৰত বেচি লাভ কৰিব পাৰি;তাকে মাথোঁ ভালদৰে বুদ্ধিবৃত্তি পৰিচালিত কৰি কৰিব লাগে।
(৩) ঘৰত বহি থাকিয়েই কোনো এটা ডাঙ্গৰ কাম সুচাৰুৰূপে সম্পন্ন কৰিব পৰা টান; তাৰ কাৰণে দেশ ভ্ৰমণ আৰু জনা লোকৰ পৰামৰ্শ আৱশ্যকীয়। (৪) উদাৰ, সৰল আৰু সমবৰ্শী মানুহৰ হঠাতে বিপদ নহয়, হলেও প্ৰতিবাৰৰ উপায় ওলায়।
(৫) নিজৰ কাম কৰাৰ লগে লগে পাৰিলে সময় বুজি সকলোৱে দেশ-হিতকৰ কামো কৰিব লাগে। দৰিদ্ৰ নাৰায়ণৰ সেৱা পৰম ধৰ্ম্ম।
(৬) মানুহ মিতাচাৰী আৰু মিতব্যয়ী হব লাগে; ধনৰ সজ-ব্যৱহাৰ কৰিবলৈ হেলা কৰিব নালাগে।
⸻০⸻
নবীন-প্ৰবীণ আৰু ভোগী-দুখী-দীন
একে মাতৃ-সন্তান আমি নহওঁতো ভিন,
বাণিজ্যত এৰি লাজ
বীৰ-সাজে কৰা কাজ
উদিব সৌভাগ্য-ৰবি—যাব হাহাকাৰ,
‘বাণিজ্যে বসতি লক্ষ্মী’ — কৰা মাথোঁ সাৰ।
শেষ কথা।
টাটা কোম্পানীৰ সুখ্যাতিৰ বিষয়ে মাজে সময়ে বাতৰি কাকতত আলোচনা ওলায়। বাতৰি কাকতত পঢ়ি অলপমান কথ৷ ইয়াত তুলি দিয়া হ’ল; টাটা কোম্পানীয়ে বৰ্ত্তমানলৈকে যিমান বোৰ কাম কৰি আহিছে, সেই আটাইবোৰেই ৰাইজৰ চকুত লগা।
(১) টাটা কোম্পানীয়ে ভৰঘাট নামে এটা সুৰঙ্গ খান্দিছে। তাৰ দীঘ ৩১০৩ ফুট, প্ৰস্থ ৩৪১/২ ফুট আৰু ওখ ২৪১/২ ফুট। এই কাম কৰোঁতে প্ৰায় ৪৬ লাখে টকা খৰচ হৈছে। এই কামৰ ভাৰ কোম্পানীৰ মেনেজিং ডিৰেক্টৰ মিঃ বালচাঁদ হীৰাচাঁদৰ ওপৰত আছিল; কামত ৫০ জন সুদক্ষ ইঞ্জিনিয়াৰ আৰু অসংখ্য মানুহ ১৭ মাহমান কাল নিযুক্ত আছিল। ই টাটা কোম্পানীৰ কীৰ্ত্তি-পৰিচায়ক। (আনন্দবাজাৰ পত্ৰিকা—১৩৩৫ চন, ৫ পুহ। )
(২) যোৱা বছৰত (১৯২৮ ইং) জেমছেদপুত টাটা আইৰণ এণ্ড্ ষ্টীল কোম্পানীৰ ৫৮০০০০০ টকাতকৈও বেচি লাভ হৈছে।
(অসমীয়া— ১৮৫১ শক, ১৯ আহিন।)
⸻
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )
- ↑ আমি ৫।১।৩০ ইং তাৰিখ ৰবিবাৰে দুজন বন্ধুৰ লগত সেই গছ জোপা চাবলৈ গৈছিলোঁ। “লাহৰী” নামৰ কোনো বুঢ়ীৰ নামে সেই নাম হয় হেনো।সেই ঠাই ডোখৰ আৰু গছ জোপা চাব লগীয়া। ওচৰতে “দেওৰাজ মৈদান”।