সমললৈ যাওক

চৰ্দ্দাৰ পেটেল

ৱিকিউৎসৰ পৰা
 

চৰ্দ্দাৰ পেটেল

 

লেখক—
শ্রীধর্মদাস চৌধাৰী

 

চৰ্দ্দাৰ পেটেল
( চমুজীৱনী )

 

 

প্ৰথম সংস্কৰণ
গণৰাজ্য দিৱস, ১৯৫১

 

লেখক
শ্ৰীধৰ্মদাস চৌধাৰী

 
 

প্ৰকাশক
আলোক প্ৰকাশন গৃহ
নলবাৰী
(অসম)

 

মূল্য সাত অনা

 

ছপাওঁতা
আলোক প্ৰেছ
নলবাৰী

 

চৰ্দ্দাৰ পেটেল

 সিদিনা মাথোন, যোৱা ৩১ অক্টোবৰৰ দিন। গোটেই ভাৰত জুৰি চৰ্দ্দাৰ পেটেলৰ ৭৬তম জন্ম-বাৰ্ষিকী পালন কৰা হৈছিল। দেশবাসীয়ে ভাবিছিল যে সমস্যা বহুল ভাৰতৰ কৃতী সন্তান চৰ্দ্দাৰজী দীৰ্ঘজীৱী হৈ সমস্যাৰ সমাধান কৰিব; পৰাধীনতাৰ মেৰপাশত বহুদিন আৱদ্ধ হৈ পেপুৱালগা ভাৰতবাসীৰ অৱস্থাৰ উন্নতি হব। বোম্বাইত বহা জনসভা এখনত কেইমাহ মান আগতে তেখেতে কৈছিল, “আমাৰ চৰকাৰক আৰু পাচ বছৰ শান্তিৰে কাম কৰিবলৈ দিয়ক। ইয়াৰ ভিতৰত যদি আমি দেশৰ সন্তোষজনক উন্নতি কৰিব নোৱাৰোঁ; তেনেহলে আমাক পদচ্যুত কৰি আমাৰ ঠাইত আন চৰকাৰক বহুৱাব।” দেশৰ কাৰণেই বুঢ়া বয়সতো শাসনৰ গুৰুভাৰ বহন কৰিব বিচাৰি কৈছিল,— “এই পৃথিবীত ম‍ই আৰু কেইবছৰমান জীয়াই থাকিব বিচাৰোঁ, যদিও মনটোৱে মোক মহাত্মা গান্ধী, কস্তুৰবা, আৰু মহাদেৱ দেশাই থকা ঠাইলৈ যাবলৈ কৈ আছে। তেওঁলোকৰ ইচ্ছানুযায়ী তেওঁলোকৰ অপূৰণ কামখিনি সমাধা কৰিবলৈহে মই আছোঁ।” দেশবাসীয়েও প্ৰাৰ্থনা কৰিছিল, চৰ্দ্দাৰজী শতায়ু হওক। দেশবাসীক উন্নতি পথত আগুৱাই দিয়ক। কিন্তু বিধিৰ বিধান! নিয়তিৰ অভিসম্পাত ভাৰতৰ ওপৰত পৰিল। অগনন ভাৰতবাসী আৰু চৰ্দ্দাৰজীৰ মনোবাঞ্ছা পূৰণ নহল। নিষ্ঠুৰ নিয়তিয়ে ভাৰতীয়ৰ অতি প্ৰিয় নেতা, লৌহ পুৰুষ ভাৰতৰ চৰ্দাৰ, গভীৰ ৰাজনীতি-বিশাৰদ বল্লভভাইক আকস্মিক ভাবে কাঢ়ি লৈ গল সিদিনা, মাত্ৰ সিদিনা, ’৫০ চনৰ ১৫ ডিচেম্বৰৰ দিনা।

 “তেখেতৰ জীৱন এটা সুদীৰ্ঘ সংগ্ৰামৰ বুৰঞ্জী”—

 আমি এই ক্ষুদ্ৰ কিতাপত তেখেতৰ কৰ্ম্মবহুল জীৱনৰ ঘটনা কেইটামান জুকিয়াবৰ প্ৰয়াস কৰিছোঁ মাত্ৰ।

● জন্ম আৰু শিক্ষা

 ১৮৭৫ খৃঃৰ ৩১ অক্টোবৰৰ দিনা বল্লভভাইৰ জন্ম হয় গুজৰাতৰ এখন গাৱঁত। কৰমচাঁদ সেই গাওঁখনিৰ নাম। পিতাক জাভেৰভাই পেটেল। বল্লভভাই জাভেৰভাইৰ চতুৰ্থ সন্তান। জাভেৰ ভাই কৃষিজীবী লোক হলেও সাধাৰণ কৃষক নাছিল। ১৮৫৭ খৃঃ ত “চিপাহী বিদ্ৰোহ”ৰ সময়ত স্বাধীনতাৰ কাৰণে নিজ ঘৰ এৰি জাবেৰভাই বিদ্ৰোহত যোগ দিবলৈ ধাৱিত হৈছিল। বল্লভভাই যোগ্য বাপেকৰ যোগ্যবান পুত্ৰ।

 নিজ গাৱঁৰ স্কুলতে বল্লভভাই প্ৰাথমিক শিক্ষা সমাপন কৰে। তাৰ পিছত যায় নড়িয়াদলৈ। নড়িয়াদ হাইস্কুলত শিক্ষা লাভ কৰি ১৮৯৭ খৃঃ ত প্ৰবেশিকা পৰীক্ষা পাচ কৰে। ১৯০১ চনত জিলাৰ 'ওকালতি পৰীক্ষা দি উত্তীৰ্ণ হয়। প্ৰথমতে পাচমহল জিলাত ওকালতি আৰম্ভ কৰি পিছত কয়ৰা আৰু আহমদাবাদলৈ যায়।

 নিচেই কম বয়সতে পেটেলৰ বিয়া হয় তিনি মাইল দূৰত থকা এখন গাৱঁৰ এজনী ছোৱালীৰ লগত। জাবেৰবা তেওঁৰ নাম। বৈবাহিক জীৱন বেচিদিন যাপন কৰিব নাপালে। পেটেলে ওকালতি কৰিথকা সময়তে ঘৈণীয়েক জাবেৰবা ১৯০৮ চনত স্বৰ্গী হল বোম্বাইৰ এখন হাস্পাতালত। মৃত্যু সময়ত এৰি গল লৰা-ছোৱালী দুটি। লৰা দয়াভাই আৰু ছোৱালী মণিবেন পেটেল।

 জিলাৰ ওকালতি পৰীক্ষা পাচ কৰি ওকালতিত সুনাম অৰ্জ্জন কৰিলেও বল্লভভাইৰ আইন শিক্ষাৰ হেপাহ নপলাল। ব্যাৰিষ্টাৰী পঢ়িবলৈ তেখেত গল ইংলণ্ডলৈ। মিড্ল টেম্পল স্কুলত নাম লগালে। তেতিয়া ১৯১০ চন। দুবছৰ পঢ়ি পৰীক্ষা দি প্ৰথম স্থান অধিকাৰ কৰি নিজ দেশলৈ উভতিল। আমদাবাদত পুনৰ আইন ব্যৱসায় আৰম্ভ কৰিলে।

● আইনজীবী পেটেল

 ইংলণ্ডলৈ যোৱাৰ আগতে পেটেলে গোধা আৰু বৰচাদত ফৌজদাৰী আদালতত ওকালতি কৰি বিশেষ খ্যাতি অৰ্জন কৰিছিল। ফৌজদাৰী মোকদমাত ওকালতি কৰি তেখেতে ভাল পাইছিল। তেখেতে যি পক্ষ লৈছিল সেই পক্ষ সদায় জয়ী হৈছিল। আহমদাবাদত ওকালতি কৰি থকা সময়তে মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ আহে। দক্ষিণ আফ্ৰিকাত কৰা সত্যাগ্ৰহ আৰু নিৰুপদ্ৰব প্ৰতিৰোধ আন্দোলন সম্পৰ্কে মহাত্মাই পশ্চিম ভাৰতত প্ৰচাৰ কাৰ্য্য চলায়। আহমদাবাদ আছিল প্ৰচাৰ কাৰ্য্যৰ কেন্দ্ৰ। গান্ধীজীৰ সত্যাগ্রহ আন্দোলন প্ৰচাৰ কাৰ্য্যত বল্লভভাই অকল উদাসীনেই নাছিল; সেই আন্দোলনৰ কথা উপেক্ষাও কৰিছিল। এনেকি তেখেতে গান্ধীজীৰ আন্দোলনৰ নীতিলৈ লগৰ ব্যাৰিষ্টাৰ সকলৰ লগত হাঁহি খিকিন্দালি কৰি আনন্দ পাইছিল। তৰুণ ব্যাৰিষ্টাৰ পেটেলৰ গান্ধীৰ অভিনৱ নীতিত বিশ্বাস ওপজা নাছিল। এদিন আহমদাবাদ ক্লাবৰ সদস্য কিছুমানক গান্ধীজী দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় সকলৰ অৱস্থা আৰু তাত হোৱা সত্যাগ্রহ আন্দোলনৰ তাৎপৰ্য্য বুজাই দিয়ে। ক্লাবৰ অন্যতম সদস্য বল্লভভাই দূৰত বহি সেই সময়ত তাচ খেলিছিল। মাজে মাজে গান্ধীজীৰ কথাত বিদ্রুপাত্মক হাঁহি মাৰিছিল।

● মতৰ সলনি

 ১৯১৬ চনত পেটেলৰ মতৰ সলনি হল। নতুন দৃষ্টি-ভঙ্গীলৈ জীৱনৰ গঢ় সলাই দিলে। সেই বছৰতে পেটেলে গুজৰাট প্রাদেশিক সন্মিলন আহ্বান কৰে। মহাত্মা গান্ধী সেই সন্মিলনত পৌৰহিত্য কৰে। তেতিয়াৰ পৰাই পেটেলৰ গান্ধীবাদত বিশ্বাস ওপজে। দুবছৰ পিছত কয়ৰা সত্যাগ্রহ আন্দোলনত তেখেতে মহাত্মা গান্ধীৰ লগত ঘনিষ্ঠভাৱে জড়িত হয়। কয়ৰাত শস্যৰ ফচল কমি গৈ দুর্ভিক্ষ হোৱা বাবে জিলাৰ কৃষকসকলে খাজানা বন্ধ কৰিবলৈ চৰকাৰক আবেদন জনায়। শোষক চৰকাৰৰ ওচৰত কৃষকৰ আবেদন নৰজিল। মহাত্মাই সত্যাগ্ৰহ কৰিবলৈ নির্দেশ দিলে। গান্ধীজী নিজেই সত্যাগ্রহ আন্দোলন পৰিচালনাৰ ভাৰ ললে। জন সাধাৰণক পূর্ণভাবে সহযোগ কৰিবলৈ আহ্বান জনালে। গান্ধীজীৰ এই আহ্বানত এইবাৰ তৰুণ ব্যাৰিষ্টাৰ পেটেল থিৰে ৰব নোৱাৰিলে । নিজৰ লাভজনক ব্যৱসায় পৰিত্যাগ কৰি আন্দোলনত জপিয়াই পৰিল। বল্লভভাইৰ কয়ৰা সত্যাগ্ৰহত যোগদান জীৱনৰ উল্লেখ যোগ্য ঘটনা। কয়ৰাৰ কৃষক সকলে নেতাৰ নির্দেশানুসাৰে খাজানা বন্ধ কৰি দিলে। গান্ধীজী পেটেলক লগতলৈ গাৱেঁ ভূঁয়ে সভা পাতি বক্তৃতা দি ফুৰিব ধৰিলে । দুয়োৰে সুদৃঢ় নেতৃত্বৰ ফলত কৃষকসকল মহাবলত বলীয়ান হৈ চৰকাৰৰ লগত ফেৰ মাৰিলে। চৰকাৰৰপৰা যথেষ্ট উৎপীড়ন চলিল । গৰু-বাছৰু আদি সম্পত্তি বাজেয়াপ্ত কৰি দিলে। কৃষকসকলক অত্যাচাৰ, উৎপীড়নে সংকল্পচ্যুত কৰিব নোৱাৰিলে । চৰকাৰে খাজানা বন্ধ কৰিবলৈ বাধ্য হল । সত্যা-গ্রহী সকলৰ সত্যাগ্রহে সুফল ফলিয়ালে। চৰকাৰৰ পৰাজয় হল ।

● আহমদাবাদ বনুৱা ধৰ্ম্মঘট আৰু পেটেল।

 কয়ৰা সত্যাগ্ৰহৰ অলপ দিন পিছতে ১৯১৮ চনৰ ফেব্ৰুৱাৰী মাহত আহমদাবাদত মীল ধৰ্ম্মঘট হয়। গান্ধীজী বনুৱাবিলাকৰ নেতৃত্ব লয়। পেটেল হল মহাত্মাৰ সোঁহাত স্বৰূপ। এই আন্দোলনে পেটেলৰ সুপ্ত সংগঠনী শক্তি জগাই তুলিলে। কঠোৰ শ্ৰম, সাহস আৰু ধৈৰ্য্যৰে শ্ৰমিক সকলক শৃঙ্খলাবদ্ধ কৰি তুলিলে । বনুৱাৰ ধৰ্ম্মঘট সফল হল। শতকৰা ৩৫৲ টকা হাৰে বেতন বাঢ়িল। গান্ধীজীৰ নেতৃত্বত তেখেতে “বস্ত্ৰ শ্ৰমিক প্ৰতিষ্ঠান” নামে এটা ট্রেড ইউনিয়ন গঢ়ি তুলিলে। বোধ হয়, ভাৰতৰ ভিতৰত ইয়েই প্রথম শ্রমিক অনুষ্ঠান ।

● ৰাওলাট এক্ট আৰু পেটেল।

 ১৯১৪ চনত প্ৰথম মহাসমৰ আৰম্ভ হয় । মহাসমৰত বৃটিছ চৰকাৰক ভাৰতে সহায় কৰিলে ভাৰতক “দায়িত্বশীল চৰকাৰ” প্রতিষ্ঠা কৰিবলৈ দিয়া হব বুলি ঘোষণা কৰাৰ পিছত ভাৰতে যুদ্ধত সহায় কৰে । ১৯১৮ চনত যেতিয়া মহাসমৰ শেষ হল তেতিয়া “মন্টেগু চেমচফোৰ্ড ৰিপোৰ্ট” প্রকাশ হল। জনসাধাৰণ এই ৰিপোৰ্টত নিৰাশ হল । সাম্রাজ্যবাদী বৃটিছ চৰকাৰে সাম্ৰাজ্যৰ লালসাত প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে।বোম্বাইত কংগ্ৰেছৰ বিশেষ অধিবেশন বহিল আৰু শাসন সংস্কাৰ সংক্ৰান্ত ৰিপোৰ্ট নৈৰাশ্যজনক বুলি ঘোষণা কৰিলে। দিনে দিনে চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ মাজত বিক্ষোভৰ ভাৱ বাঢ়ি যাব ধৰিলে। দেশৰ এনে পৰিস্থিতিত ১৯১৯ চনৰ পহিলা জানুৱাৰীত “ৰাওলাট ৰিপোৰ্ট” প্রকাশ হল । ফেব্ৰুৱাৰী মাহত ৰাওলাট বিল আইন সভাত পেচ কৰা হল । গান্ধীজী এই বিল আইনত পৰিণত হলে সত্যাগ্রহ আন্দোলন চলোৱা হব বুলি জনাই দিলে। বিল পাচ হল । আৰম্ভ হল সত্যাগ্রহ আন্দোলন। পেটেলে গুজৰাটত আন্দোলন পৰিচালনা কৰিলে। পুলিচৰ নিৰ্ম্মম অত্যাচাৰৰ বিৰুদ্ধে জন- সাধাৰণ ক্ষুব্ধ হৈ উঠিল । প্ৰতিশোধৰ ভাৱ প্রবল ভাৱে দেখা দিলে; কিন্তু পেটেলে সুশৃঙ্খলাবদ্ধ ভাৱে গান্ধীজীৰ পদ্ধতিত আন্দোলন পৰিচালনা কৰি দক্ষতাৰ পৰিচয় দিলে।

● বোম্বাই প্রাদেশিক কংগ্ৰেছ আৰু আহমদাবাদ
কংগ্ৰেছৰ আদৰণী সভাৰ সভাপতি—

 গুজৰাটত দেখুৱা দক্ষতাৰ কাৰণে বোম্বাইৰ নব গঠিত প্রাদেশিক কংগ্ৰেছ কমিটিৰ সভাপতিৰ বাব বল্লভভাইৰ ওপৰতে পৰে । তেখেতৰ সংগঠনী শক্তি আৰু নেতৃত্বত সকলো মুগ্ধ হল। তেখেতৰ নেতৃত্বৰ কাৰণেই ১৯২১ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিবেশন আহমদাবাদত বহিবলৈ সম্ভৱ হয়। তেখেতেই অভ্যর্থনা সমিতিৰ সভাপতি নির্বাচিত হয়। সভাপতি হৈ অধিবেশনৰ ৰূপ সলনি কৰি দিলে । এই অধিবেশনতে ৰভাৰ তলত চকীৰ প্ৰথা উঠাই দিয়া হয়। খাদীৰে তম্বু সজা হয় আৰু হিন্দী কংগ্ৰেছৰ ভাষা কৰা হয়।

● বৰচাদ আন্দোলনত।

 ১৯২২ চনৰ জানুৱাৰীত আহমদাবাদ কংগ্ৰেছৰ পিছত বৰদলী তালুকাত বিঠলভাইৰ (বল্লভভাইৰ সহোদৰ ভায়েক) নেতৃত্বত হোৱা সম্মিলনত আইন অমান্য আন্দোলন কৰিবলৈ প্ৰস্তাৱ গৃহীত হয়। ইতিমধ্যে চৌৰীচৌৰাত হোৱা হত্যাকাণ্ডৰ কাৰণে গান্ধীজী সমগ্ৰ ভাৰততে আন্দোলন স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়ে ৷ সেই বছৰতে আন এটি ঘটনা ঘটে বৰচাদ তালুকাত। দেবৰ বাবা নামৰ জনৈক ডকাইতে কেচুৱা অপহৰণ কৰি মানুহৰ মাজত ত্ৰাসৰ সঞ্চাৰ কৰিছিল। ৰাইজৰ আবেদনত এই ডকাইত জনক ধৰিবৰ বাবে পুলিচ আহে। পুলিচে কেইজনমান মুচলমান দস্যু দেবৰ বাবাক ধৰিবলৈ সহায় লয়। এই দস্যুহঁতে পুলিচৰ পৰা অস্ত্রশস্ত্ৰ লৈ ডকাইত ধৰিব এৰি জনসাধাৰণৰ ওপৰত নিজৰ অভীষ্ট সিদ্ধিৰ কাৰণে অত্যাচাৰ চলায়। নানাৰকম অশান্তি হব ধৰিলে। পুলিচে সকলো অশান্তিৰ বাবে বৰচাদবাসীকে অভিযুক্ত কৰিলে। কর্তৃপক্ষই জৰিমনা লগাই দিলে। দোষী নির্দোষীৰ বিচাৰ বাদ পৰিল। জনসাধাৰণে কংগ্ৰেছ নেতৃবৃন্দৰ সহায় বিচাৰিলে। পেটেল আহিল। জৰিমনা নিদিবলৈ নির্দেশ দিলে। পেটেলে সেই তালুকাৰ মানুহ লৈ এটা স্বেচ্ছাসেৱক বাহিনী গঠন কৰিলে । এই স্বেচ্ছাসেৱক বাহিনীৰ জৰিয়তে সকলো অনুসন্ধান কৰি তেখেতে দেখুৱাই দিলে যে বৰচাদ অশান্তি বৃদ্ধি আৰু জুলুম বাজীৰ বাবে পুলিচে সম্পূর্ণৰূপে দায়ী। বোম্বাইৰ স্বৰাষ্ট্ৰ সচিবে ঘটনা-স্থলী পৰিদৰ্শন কৰি দেখিলে যে পুলিচৰ বিৰুদ্ধে কৰা অভিযোগ সত্য। আন্দোলন সফল হল। জৰিমনা বন্ধ হল । পুলিচ বাহিনী বৰচাদৰপৰা অপসৰণ কৰা হল।

● কংগ্ৰেছৰ সাধাৰণ সম্পাদক।

 ১৯২২ চনত গয়াত দেশ-বন্ধু চিত্তৰঞ্জন দাসৰ সভাপতিত্বত কংগ্ৰেছ অধিবেশন বহে। সেই অধিবেশনতেই বল্লভভাই কংগ্ৰেছৰ সাধাৰণ সম্পাদক নির্বাচিত হয়। এই অধিবেশনতেই আইন সভাত প্ৰবেশ কৰা কথা লৈ কংগ্ৰেছৰ ভিতৰত তীব্ৰ মত-বিৰোধ হয়। আইন সভাত প্ৰবেশৰ সপক্ষে আছিল দেশবন্ধু চিত্তৰঞ্জন দাস, পণ্ডিত মতিলাল নেহেৰু আদি, বিপক্ষে আছিল মহাত্মা গান্ধী, বল্লভভাই পেটেল, ৰাজেন্দ্ৰ প্ৰসাদ আদি। পিছত গান্ধীজী আৰু তেখেতৰ অনুগামী সকলৰে জয় হল।

গয়া কংগ্ৰেছৰ পিছত চিত্তৰঞ্জন দাসে স্বৰাজ্য দল গঠন কৰিলে। গান্ধীবাদী সকলে বিচাৰিছিল আইন সভাৰ বাহিৰত থাকি চৰকাৰৰ লগত অসহযোগ কৰিবলৈ আৰু স্বৰাজ্য দলে বিচাৰিছিল আইন সভাত সোমাই চৰকাৰৰ লগত তেনে কৰিবলৈ। এনে ধৰণে কংগ্ৰেছৰ মাজত বিৰোধ হোৱাত আৰু বোম্বাইৰ নিখিল ভাৰত কংগ্ৰেছ, কমিটিৰ অধিবেশনত আইন-সভা বৰ্জ্জনৰ প্ৰচাৰ কাৰ্য্য সম্পূৰ্ণ ভাবে নিষেধ কৰি দিবলৈ প্ৰস্তাৱ গৃহীত হোৱাত গান্ধীজীৰ অনুগমীসকল বিতুষ্ট হৈ পদত্যাগ কবে। পেটেলো পদত্যাগীকাৰীসকলৰ অন্যতম।

● নাগপুৰ সত্যাগ্ৰহৰ নেতা

 ১৯২৩ চনৰ মেৰ পহিলা তাৰিখৰ দিনা। ১৪৪ ধাৰা জাৰি কৰি চহৰৰ চিভিল লাইন অভিমুখে জাতীয় পতাকা লৈ শোভাযাত্ৰা কৰিবলৈ চৰকাৰে বন্ধ কৰি দিলে। ইয়াতেই নাগপুৰ সত্যাগ্ৰহ আন্দোলনৰ উৎপত্তি। এই অন্যায় আদেশ মানি লোৱা নহল। স্বেচ্ছাসেৱক সকলক দলে দলে গ্ৰেপ্তাৰ কৰা হল। নাগপুৰ সত্যাগ্ৰহ কমিটীয়ে সত্যাগ্ৰহ কৰিবলৈ নিৰ্দেশ দিলে। লাহে লাহে আন্দোলনে গুৰুতৰ আকাৰ ধাৰণ কৰিলে। কংগ্ৰেছ ৱাকিং কমিটীয়ে সত্যাগ্ৰহ আন্দোলন সমৰ্থ কৰিলে আৰু পেটেলক আন্দোলন পৰিচালনা কৰিবলৈ ক্ষমতা দিলে। তেখেতৰ নেতৃত্বতে নাগপুৰ জাতীয় পতাকা আন্দোলন সদৌ ভাৰততে বিয়পি পৰিল। বিভিন্ন প্ৰদেশৰ পৰা সত্যাগ্ৰহ পুঁজীলৈ ধনৰ মোনা আগবঢ়ালে। পেটেলৰ সাহসিকতাত সকলো মুগ্ধ হল। আন্দোলন সফল হল। ১৪৪ ধাৰা বলবৎ থকা স্বত্বেও ৰাস্তাৰে পতাকা লৈ শোভা-যাত্ৰা কৰিবলৈ দিয়া হল। পেটেলক দেশবাসীয়ে ভূয়সী প্ৰশংসা কৰিলে।

● আহমদাবাদ মিউনিচিপালিটিৰ সভাপতি

 ১৯২৪ চনত বল্লভভাই আহমদাবাদ মিউনিচিপালিটিৰ চেয়াৰমেন নিৰ্বাচিত হয় আৰু বুৰঞ্জী প্ৰসিদ্ধ বৰদলী খাজানা বন্ধ আন্দোলনৰ আগলৈকে সেই দায়িত্বত থাকে।

● বৰদলী খাজানা বন্ধ আন্দোলৰ বিজয়ী ‘চৰ্দ্দাৰ’

 বৰদলী গুজৰাটৰ এখন ঠাই। ইয়াত খেতিয়ক সকলৰেই বাস। ১৯২৮ চনত খেতিয়ক ৰায়তৰ ওপৰত শতকৰা ২০ টকা হাৰে খাজানা বঢ়াই দিয়া হল। কৃষকসকলে এই অন্যায় প্ৰস্তাৱত সুশৃঙ্খলাবদ্ধ ভাবে থিয় দিলে। খাজানা বন্ধ কৰিবলৈ থিৰাং কৰিলে। তেওঁলোকৰ আৰ্থিক অৱস্থা আৰু খেতিৰ অৱস্থা তদন্ত কৰি চাই ৰাজহ বৃদ্ধিৰ আদেশ উঠাই দিবলৈ আবেদন জনালে। ফল নহল। তেতিয়া খেতিয়কসকলে সভাপাতি খাজানা বন্ধ প্রস্তাৱ গ্ৰহণ কৰিলে, কৃষকর সেই আন্দোলনত সকলো প্ৰকাৰে সহায় আৰু নেতৃত্ব কবিবৰ কাৰণে বল্লভভাই পেটেলক আহ্বান কৰিলে ; পেটেলে সাদৰে গ্ৰহণ কৰিলে। তেখেতে আহি কিছুমান বলী কৃষক লৈ এটা সত্যাগ্রহী দল গঠন কৰিলে। তাৰ পিছতেই আৰম্ভ হল সত্যাগ্রহ আন্দোলন ।

 চৰকাৰে ৰায়তৰ সম্পত্তি ক্রোক কৰিব ধৰিলে । নানা নিৰ্য্যাতন কৃষকৰ ওপৰত চলিল। বহুতক কাৰাবাস দিলে, বহুতক আটক কৰি থলে । কৃষকসকলক ভয় দেখুৱাই সেও মনাবলৈ পাঠান সৈন্য আমদানী কৰা হল । অত্যাচাৰ চলিল । এনেকি নাৰী নির্যাতন পর্যন্ত বাদ নপৰিল। সাম্রাজ্যবাদী শোষক সৰকাৰৰ সকলো শক্তি আন্দোলন দমনৰ বাবে নিয়োগ কৰিলে। সকলো অত্যাচাৰ, উৎপীড়ন মূবপাতি লৈ বৰদলীৰ কৃষকে নিজ দাবী পূৰণৰ বাবে অচল-অটল হৈ থাকিল । আন্দোলন পূর্ণ উদ্যমেবে চলি থাকিল । কৃষকসকল অকণো বিচলিত নহল। সমগ্র আন্দোলন এনে সুশৃঙ্খলাবদ্ধভাবে পৰিচালনা কৰিলে মাত্র এজন মানুহে – সেইজন বল্লভভাই পেটেল ।

 কৃষকৰ ওপৰত চলোৱা দমন কার্য্যও বন্ধ নহল। পেটেলৰ বিৰাট ব্যক্তিত্বৰ প্রভাৱত আন্দোলনকাৰী সকলো অকণো সঙ্কল্পচ্যুত নহল। কেন্দ্রিয় ব্যৱস্থাপক সভাৰ সভাপতি পেটেল অগ্রজ সহোদৰ বিঠলভাই পেটেলে দমন-নীতি পৰিহাৰ নকৰিলে, পদ-ত্যাগ কৰিব বুলি জনালে । বোম্বাইৰ আইন সভাৰ কেইজনমান নিজ-পদ এৰি দিলে। অৱশেষত কৃষকসকল জয়ী হল। চৰকাৰে খাজনা আদায় কৰিব নোৱাৰিলে। বৰ্দ্ধিত খাজনা ৰহিত কৰিব লগা হল। আন্দোলনৰ নেতা পেটেলক “লৌহ-মানৱ,” “বৰদলীৰ চৰ্দ্দাৰ” আদিৰে অভিহিত কৰা হল। গান্ধীজী প্ৰদৰ্শিত অহিংসা পদ্ধতিৰে চৰ্দ্দাৰ পেটেলে বৰদলীৰ গুৰুতৰ আন্দোলন পৰিচালনা কৰি জয়ী হল। কংগ্ৰেছে গুজৰাটৰ বিজয়ী বীৰ, বৰদলীৰ সেনাপতিক অভিনন্দন জনালে। বৰদলীৰ কৃষক আন্দোলন পেটেলৰ জীৱনৰ এটি গৌৰৱময় অধ্যায়। বৰদলীৰ আন্দোলনৰ কৃৎকাৰ্য্যতাই পেটেলক সমগ্ৰ ভাৰতৰে চৰ্দ্দাৰ হবলৈ পৰবৰ্তী কালত অনুপ্ৰেৰণা যোগালে।

● আইন অমান্য আন্দোলন আৰু চৰ্দ্দাৰজী

 ১৯২৯ চনত জৱহৰলাল নেহেৰুৰ সভাপতিত্বত লাহোৰ কংগ্ৰেছৰ পূৰ্ণ স্বাধীনতা প্ৰস্তাৱ গৃহীত হয়। সেই অধিবেশনত সভাপতিত্ব কৰিবলৈ আগতে মহাত্মা গান্ধী, চৰ্দ্দাৰ পেটেল আৰু জৱাহৰলালৰ নাম প্ৰস্তাৱ কৰা হৈছিল। তৰুণ নেতা জৱহৰলালৰ নেতৃত্বত যাতে তৰুণদলৰ আগমনত কংগ্ৰেছ শক্তিশালী হব পাৰে তাৰ বাবে গান্ধীজীয়ে নিজনাম উঠাই ললে। গান্ধীজীৰ মনোভাব বুজিব পাৰি চৰ্দ্দাৰজীও তেখেতক অনুকৰণ কৰি জৱহৰলালক সভাপতি হবলৈ সুযোগ দিলে।

 ১৯৩০ চনৰ ফেব্ৰুৱাৰী মাহত সাৱৰমতী আশ্ৰমত কংগ্ৰেছ- ৱাৰ্কিং কমিটিৰ এখন অধিবেশন বহে। তাত গান্ধীজীক তেখেতৰ ইচ্ছানুযায়ী আইন অমান্য আন্দোলন কৰিবলৈ সকলো শক্তি দিয়া হয়। গান্ধীজী ডাণ্ডীত লবণ, আইন ভঙ্গ কৰিবলৈ স্থিৰ কৰে। ডাণ্ডী যাত্ৰা কৰাৰ আগতে গান্ধীজী বৰলাটক তেখেতৰ কাৰ্য-পদ্ধতি জনাই দিলে। দেশবাসী তেখেতৰ সেই ঐতিহাসিক অভিযানৰ প্ৰতি প্ৰতীক্ষা কৰি থাকিলI

 সাৱৰমতীৰ পৰা ডাণ্ডী প্ৰায় দুশ মাইল দূৰত অৱস্থিত। গান্ধীজী অভিযান আৰম্ভ কৰাৰ আগতে এই সুবিস্তৃত অঞ্চলত এটা ভাল পৰিবেশ সৃষ্টি কৰিবৰ কাৰণে চৰ্দ্দাৰ পেটেলে গাৱে-ভূঁইয়ে সভা পাতি মানুহৰ মাজত গান্ধীজীৰ অভিযানৰ তাৎপৰ্য বুজাই দি দৃঢ়তা অৱলম্বন কৰিবলৈ আবেদন জনালে। মহাত্মাৰ অভিযান জয়যুক্ত কৰিবলৈ পেটেলে স্বেচ্ছায় সংগঠন কৰি ফুৰিলে। মহাত্মাৰ মৰ্যাদা ৰক্ষা কৰি স্বৰাজৰ বাট সুগম কৰিবলৈ পেটেলে কৰা সংগঠনে সুফল ফলিয়ালে

 গান্ধীজীৰ তাভিযান আৰম্ভ হোৱাৰ আগতে চৰ্দ্দাৰ পেটেলক গ্ৰেপ্তাৰ কৰা হল। কাৰাদণ্ড হল তিনি মাহ। বিশেষকৈ গুজৰাটৰ অধিবাসীসকলৰ মাজত ব্যাপক অসন্তোষ দেখা দিলে। প্ৰিয় শিষ্য পেটেলৰ গ্ৰেপ্তাৰত গান্ধীজী বিচলিত হল। সাবৰমতীত বহা বিৰাট জনসভাত চৰ্দ্দাৰজী ঘোষণা কৰিলে – “দেশৰ স্বাধীনতা নোহোৱালৈকে আমি নিজেও শান্তিত থাকিব নোৱাৰো আৰু চৰকাৰকো শান্তিত থাকিব নিদিওঁ। আমি ঘোষণা কৰিছোঁ সত্য আৰু অহিংসাত ভাৰতৰ মুক্তি নিহিত আছে।”

 মহাত্মা প্ৰতিজ্ঞাবদ্ধ হৈ কাম কৰিবলৈ জন-সভাক আহ্বান জনালে।

 তিনিমাহ পিছত চৰ্দ্দাৰজীক মুক্তি দিয়া হল। লগে লগে পণ্ডিত মতিলাল নেহৰুৱে তেখেতক অস্থায়ী কংগ্ৰেছ সভাপতি পাতিলে। ইতিমধ্যে গান্ধীজীৰ ডাণ্ডী অভিযান হৈ যায় আৰু তেখেতক গ্ৰেপ্তাৰ কৰা হয়। দেশজুৰি আন্দোলন চলিল। আন্দোলনৰ লগে লগে দমন-নীতি চলি থাকিল। কংগ্ৰেছক বে-আইনী ঘোষণা কৰা হল। কংগ্ৰেছ কাৰ্য্যালয় কিছুমান চৰকাৰে দখল কৰি পেলালে। লৰ্ড আৰউইনে এই সম্বন্ধে কৰা ঘোষনাই কটা ঘাত লোণ ছতিয়াই দিলে। ফলত আইন অমান্য আন্দোলন প্ৰবলভাবে চলিব ধৰিলে। পেটেলে লৰ্ড আৰউইনৰ ঘোষণাৰ স্পষ্ট উত্তৰ দিলে। ঘোষণা কৰিলে – “ভাৰতৰ প্ৰত্যেকটি ঘৰ কংগ্ৰেছ অফিচত পৰিণত হব আৰু প্ৰত্যেক নৰ-নাৰী সেই অনুষ্ঠানত মিলি যাব।” অলপ দিনৰ ভিতৰতে চৰ্দ্দাৰজী গুজৰাট আৰু বোম্বাইত আইন অমান্য আন্দোলন প্ৰবলভাবে গঢ়ি তুলিলে। বৰদলী, বৰচাদ আৰু গুজৰাটৰ কিছুমান ঠাইত চৰ্দাৰজীৰ প্ৰত্যক্ষ নেতৃত্বত কৰকাটলৈ বন্ধ আন্দোলনে প্ৰবল আকাৰ ধাৰণ কৰিলে। লগে লগে জনসাধাৰণৰ ওপৰত কৰা দমন কাৰ্য্যই চৰম সীমা পায়গৈ। চৰকাৰৰ অত্যাচাৰ, উৎপীড়নে এনে বীভৎস আকাৰ ধাৰণ কৰিছিল যে সেই ঠাইৰ প্ৰায় ৮০ হাজাৰ লোকে নিজ ঠাই

এৰি ওচৰৰ বৰোদা ৰাজ্যলৈ যাবলৈ বাধ্য হৈছিল।

● তিলক দিবসত চৰ্দ্দাৰজী—

 ১৯৩০ চনৰ ২১ জুলাইৰ দিনা বোম্বাইত লোকমান্য তিলকৰ মৃত্যু বাৰ্ষিকী উপলক্ষে হব খোজা শোভাযাত্ৰা চৰকাৰে বন্ধ কৰি- দিবৰ উদ্দেশ্যে ১৪৪ ধাৰা জাৰী কৰি দিলে। সেই নিষেধাজ্ঞা মানি লোৱা নহল। প্ৰবল বৰষুণকো কাটি কৰি শোভাযাত্ৰা মাজৰাতিলৈকে চলিল। নেতাসকলক গ্ৰেপ্তাৰ কৰা হল। লাঠি চলাই শোভাযাত্ৰা ছত্ৰভঙ্গ কৰি দিয়া হল। কংগ্ৰেছ ৱাৰ্কিং কমিটীৰ সদস্যবৰ্গ আৰু নেতৃ স্থানীয় সকলো গ্ৰেপ্তাৰহোৱা সকলৰ ভিতৰত পৰিল। ৱৰ্কিং কমিটীৰ সদস্য হিচাবে পেটেলো গ্ৰেপ্তাৰ হল। জীয়েক মণিবেন পেটেলো গ্ৰেপ্তাৰ হল।

 কিছুদিন পিছত চৰ্দ্দাৰ পেটেল যাৰৱেদা লেত মহাত্মা প্ৰমুখ্যে নেতাসকলৰ লগত লগ লাগে। চাৰ তেজ বাহাদুৰ চাপ্ৰু আৰু শ্ৰীজয়কৰে তৎকালীন বৰলাট লৰ্ড আৰউইনৰ লগত এটা আপোচ প্ৰস্তাৱ উত্থাপন কৰে। এই প্ৰস্তাৱ আলোচনা কৰিবৰ কাৰণেই য়াৰৱেদা জেলত বৈঠক বহে। আপোচ মীমাংসাৰ চৰ্ত্তাৱলী লিপিবদ্ধ কৰি বৰলাটৰ ওচৰলৈ পঠোৱা হয়। চৰ্ত্তাৱলীত উল্লেখ কৰা হয় যে ভাৰতৰ পূৰ্ণ স্বাধীনতাৰ দাবী মানি লব লাগিব। বৃটেইন আৰু বৃটিছ সাম্ৰাজ্যৰ সৈতে ভাৰতক সকলো সম্পৰ্ক ছেদ কৰিব দিব লাগিব। লৰ্ড আৰউইনে উক্ত প্ৰস্তাৰ মানি লবলৈ সন্মত হল যদিও ৰাজনৈতিক বন্দীসকলৰ মুক্তিৰ কোনো সুস্পষ্ট ঘোষণা নকৰিলে। চাপ্ৰু জয়কৰৰ আপোচ আলোচনা ব্যৰ্থ হল। গান্ধীজী, পেটেল এই ব্যর্থতাত অকণো বিচলিত নহল।

 কিছুদিনৰ মূৰত পেটেলক মুক্ত কৰি দিয়া হয় । পুনৰ আইন অমান্য আন্দোলন সম্পর্কে গ্রেপ্তাৰ হয়। তৃতীয় বাৰৰ কাৰণে তেখেত জেললৈ যোৱাৰ আগতে ডাঃ ৰাজেন্দ্র প্রসাদক কংগ্ৰেছ সভাপতিৰ ক্ষমতা দি গল । উল্লেখযোগ্য যে ১৯৩০ চনৰ আইন অমান্য আন্দোলনত ১১ মাহৰ ভিতৰতে পেটেলে তিনিবাৰ কাৰাবৰণ কৰিব লগা হয় ৷ আইন অমান্য আন্দোলন সম্পর্কে তেতিয়ালৈকে কোনোৱে পেটেলৰ বাহিৰে তিনিবাৰ জেল খটা নাই।


● গান্ধী আৰউইন চুক্তি আৰু পেটেল।

 প্ৰথম ঘূৰণীয়া মেজমেলৰ পিছত কংগ্ৰেছ সম্পর্কে বৃটিছ চৰকাৰৰ নীতিৰ পৰিবৰ্ত্তন হয়। বৰলাট লর্ড আৰউইনৰ লগত গান্ধীজীৰ চুক্তি হল। ইয়েই প্ৰসিদ্ধ গান্ধী আৰউইন চুক্তি। পেটেলে এই চুক্তি সমৰ্থন কৰিলে ।বৰদলীৰ খাজানা বন্ধ আন্দোলনতে কৃষকবিলাকক ফিৰাই দিয়া কথা লৈ গোলমাল আৰম্ভ হল । চৰ্দাৰ পেটেলৰ পৰামৰ্শ ক্ৰমে গান্ধীজী বৰলাটক মাটি পুনৰুদ্ধাৰ কৰিবলৈ জোৰ দি কয় । চৰকাৰ সন্মত নহল । বোম্বাই চৰকাৰে সেই মাটি নীলামত বিক্ৰী হোৱা বুলি ঘোষণা কৰি দিলে। অৱশেষত দিল্লীত বোম্বাই চৰকাৰৰ ৰাজহ মন্ত্ৰীৰ সৈতে চৰ্দাৰ পেটেলৰ আপোচ আলোচনা হল ।

● কৰাচী কংগ্ৰেছৰ সভাপতি পেটেল

 গান্ধী আৰউইন চুক্তিৰ পিছত সমগ্ৰ দেশৰ ৰাজনৈতিক বন্দী সকলে মুক্তি পায় । তাৰ পিছত কৰাচীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশন চৰ্দ্দাৰ পেটেলৰ সভাপতিত্বত বহে । এই সময়তে ভগৎসিং, ৰাজগুৰু আৰু সুখদেবৰ ফাঁচী হয়। সমগ্ৰ জাতি এই শোকাবহ ঘটনাত ক্ষুব্ধ হৈ উঠে। মহাত্মাই অশেষ চেষ্টা কৰিও তেওঁলোকক ৰক্ষা কৰিব নোৱাৰিলে। কৰাচী কংগ্ৰেছৰ পিছত গান্ধীজী দ্বিতীয় ঘূৰণীয়া মেজমেলত যোগ দিবলৈ লণ্ডনলৈ যায়। চৰ্দ্দাৰ পেটেলৰ পৰামৰ্শানুযায়ী গান্ধীজী বৰদলীৰ পুলিচ অত্যাচাৰ তদন্ত কৰিবৰ কাৰণে বৰলাট লর্ড আৰউইনক সন্মত কৰায় ৷ তদন্তৰ সময়ত কংগ্ৰেছৰ প্ৰতিনিধি ৰূপে চৰ্দাৰ পেটেল আৰু ভুলাভাই দেশাই যোগ দিছিল। ইফালে গান্ধীজী লণ্ডনত থাকোঁতে বৃটিছ চৰকাৰে আগৰ চুক্তি ভঙ্গ কৰি দিলে ।

● দ্বিতীয় আইন অমান‍্য আন্দোলনত চৰ্দ্দাৰজী

 গান্ধীজী লণ্ডনৰপৰা উভতি অহাৰ পিছত দেশত শান্তি- পূর্ণ আবহাওৱা সৃষ্টি সম্পর্কে নিৰাশ হল । তেখেতে তাৰ যোগে চৰকাৰৰ অত্যাচাৰ সম্পৰ্কে ভাইচৰয় লর্ড উইলিংডনৰ ওচৰত দুখ প্ৰকাশ কৰিলে৷ ভাইচৰয়ৰ উত্তৰে মহাত্মা আৰু দেশবাসীক হতাশ কৰিলে। বৰলাটৰ উত্তৰত অত্যাচাৰ প্ৰতিষেধ ব্যৱস্থা নাছিল। বৰং গান্ধীজীৰ শান্তিৰ প্ৰস্তাৱকো প্ৰত্যাখ্যান কৰা হৈছিল । গান্ধীজী আৰু কংগ্রেছ সভাপতি পেটেলক গ্রেপ্তাৰ কৰা হল । তেখেত সকলক ৰখা হল য়াৰৱেদা জেলত । ১৬ মাহ পিছত তেখেত সকলক মুক্তি দিয়া হল । এই কাল ছোৱাত মহাত্মাই পেটেলক জেলত সঙ্গী হিচাবে পাই নিজকে ধন্য মানিছিল ।চৰ্দ্দাৰজীক সঙ্গী হিচাবে পোৱা সুযোগক মহাত্মাই “শ্রেষ্ট অধিকাৰ” বুলি কৈছে। মহাত্মাই লিখিছে, “মই তেওঁৰ অপৰিসীম বীৰত্বৰ কথা জানো। তেওঁ মোক দেখুৱা মৰমে মোৰ আইৰ কথা স্মৰণ কৰি দিয়ে। মাতৃ-সুলভ-গুণ যে তেওঁৰ গাত আছে মই জনা নাছিলোঁ ।”

 ১৯৩৩ চনত গান্ধীজী আইন অমান্য আন্দোলন বন্ধ কৰি ব্যক্তিগত সত্যাগ্রহ আন্দোলন আৰম্ভ কৰে। চৰ্দাৰ পেটেলকো এই আন্দোলন সম্পর্কে গ্ৰেপ্তাৰ কৰি আটক কৰি ৰখা হয়।


● কংগ্ৰেছ পার্লামেন্টেৰী বোৰ্ডৰ সভাপতি

 ১৯৩৭ চনৰ প্ৰাদেশিক আইন সভাৰ নিৰ্বাচনত কংগ্ৰেছে প্রতিদ্বন্দিতা কৰিব বুলি সিদ্ধান্ত কৰাৰ পিছত চৰ্দাৰ পেটেলক সভাপতি হিচাবে লৈ কংগ্ৰেছ পার্লামেন্টেৰী বোর্ড পুনৰ গঠিত হয়। নিৰ্বাচনত কংগ্ৰেছে ভাৰতৰ ৭ খন প্ৰদেশত বিপুল সংখ্যক ভোটাধিক্যত জয় লাভ কৰে। চৰ্দাৰ পেটেলে বৃটিছ সাম্ৰাজ্যবাদী শক্তি কংগ্ৰেছ মন্ত্রীসভা বিলাকৰ কাৰ্য্যত যাতে হস্তক্ষেপ কৰিব নোৱাৰে তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰাখে। কেইখনমান প্রদেশত গৱৰ্ণৰ বিলাকৰ লগত কংগ্ৰেছ মন্ত্রীসভাবিলাকে সংঘৰ্ষত লিপ্ত হব লগা হয় । চৰ্দ্দাৰ পেটেলৰ নেতৃত্বত কংগ্ৰেছে সাম্রাজ্যবাদী শক্তিৰ বিৰুদ্ধে কঠোৰ সংগ্ৰামত লিপ্ত হৈ কংগ্ৰেছৰ আদৰ্শ অটুত ৰাখে ।

● ব্যক্তিগত সত্যাগ্রহ

 দ্বিতীয় মহাযুদ্ধৰ সময়ত বৃটিছে ভাৰতকো যুদ্ধৰত দেশ বুলি ঘোষণা কৰাত গান্ধীজী বৃটিছ চৰকাৰৰ ঘোষণাৰ বিৰুদ্ধে ব্যক্তিগত সত্যাগ্রহ কৰে। চৰ্দ্দাৰ পেটেলক ব্যক্তিগত সত্যাগ্ৰহৰ বাবে ১৯৪০ চনৰ নবেম্বৰত গ্ৰেপ্তাৰ কৰি অসুখ বশতঃ ১৯৪১ চনত এৰি দিয়ে।

● আগষ্ট বিপ্লৱত চৰ্দাৰ পেটেল

 ১৯৪২ চনৰ আগষ্টত প্ৰসিদ্ধ ‘ভাৰত ত্যাগ' প্ৰস্তাৱ গৃহীত হয় । এই উপলক্ষে পেটেলে কৈছিল, “বৃটিছৰ দ্বাৰা শাসিত হোৱাতকৈ আমি ডকাইতৰ দ্বাৰা শাসিত হম।” “ভাৰত ত্যাগ” প্ৰস্তাৱ গৃহীত হোৱাৰ পিছতেই কংগ্ৰেছ ৱাৰ্কিং কমিটিৰ সদস্য সকলক গ্ৰেপ্তাৰ কৰা হল ! চৰ্দ্দাৰ পেটেল আৰু অন্যান্য নেতৃ-বৃন্দক আহমদাবাদ কোৰ্টত আটক কৰি ৰখা হল । দেশ জুৰি সাম্ৰাজ্যবাদী বৃটিছৰ বিৰুদ্ধে প্রবল আন্দোলন চলিল।১৯৪৫ চনৰ ১৫ জুলাইত চৰ্দ্দাৰজীক খালাচ দিয়ে।

● অন্তৰ্বৰ্ত্তী চৰকাৰৰ অন্যতম সদস্য

 ১৯৪৬ চনত আইন-সভা নির্ব্বাচন উপলক্ষে পেটেলে কৈছিল, "৪২ চনৰ ‘ভাৰত-ত্যাগ' প্ৰস্তাৱ কাৰ্য্যকৰী কৰিবৰ কাৰণেই কংগ্ৰেছ নিৰ্ব্বাচনত অৱতীৰ্ণ হৈছে।” এই সময়তে বোম্বাইত নাবিক ধৰ্ম্মঘট হয়। বৃটিছৰ ভাৰত ত্যাগ আসন্ন বুলি জানি চৰ্দ্দাৰজী ধৰ্ম্মঘটকাৰীসকলক কংগ্ৰেছৰ নিৰ্দেশ মানি শৃঙ্খলা-বদ্ধ ভাবে কাম কৰিবলৈ পৰামৰ্শ দিয়ে।

 ১৯৪৬ চনৰ মন্ত্ৰী-মিচনৰ পৰিকল্পনানুযায়ী শাসন ক্ষমতা হস্তান্তৰ কৰিবলৈ স্থিৰ হোৱাত শ্ৰী জৱাহৰ লালৰ নেতৃত্বত অন্তৱৰ্ত্তী চৰকাৰ গঠিত হয় ৷ চৰ্দ্দাৰজী অন্তৱৰ্ত্তী চৰকাৰত যোগ দি স্বৰাষ্ট্ৰ দপ্তৰৰ ভাৰ লয়।১৯৪৬-৪৭ চনৰ ঘটনাৱলী ভাৰতৰ ইতিহাসৰ ডাঙৰ অধ্যায় এটি। ভাৰতৰ পূবেপশ্চিমে সাম্প্রদায়িকতাই মূৰ দাঙি উঠে। ভায়ে ভায়ে কটাকটি কৰি মাতৃ ভূমিৰ বুকুত তপত তেজৰ সোঁত বোৱাবৰ উপক্রম হয়। অত্যাচাৰ, ব্যাভিচাৰত মানুহে প্রমাদ গনিলে ; কিন্তু শান্তি শৃঙ্খলাৰ ভাৰ চৰ্দ্দাৰজীৰ হাতত থকা বাবেই দেশ বাসীয়ে আশাৰ ৰেঙনি দেখিলে। অৱস্থা শান্ত হল।

● ঐক্যবদ্ধ ভাৰত গঠনকাৰী চৰ্দ্দাৰজী

 ১৯৪৭ চনৰ জুলাই মাহত পেটেলে দেশীয় ৰাজ্য দপ্তৰৰ কাৰ্য্য ভাৰ গ্ৰহণ কৰে । সেই চনৰে ১৫ আগষ্টৰ পৰা ভাৰত স্বাধীন হোৱাত চৰ্দ্দাৰজী উপপ্রধান মন্ত্ৰীৰ বাব লয় । দেশীয় ৰাজ্য দপ্তৰৰ ভাৰ তেখেতৰ ওপৰতে থাকে। চৰ্দ্দাৰজী যি নীতি লৈ প্ৰায় ছশ দেশীয় ৰাজ্য ভাৰতৰ লগত লগ লগালে, ভাবিলে আচৰিত হব লাগে। শতধা বিচ্চিন্ন হৈ থকা ভাৰতক ঐক্যবদ্ধ কৰি তোলাই আছিল চৰ্দ্দাৰজীৰ লক্ষ্য। বৃটিছ ৰাজত্বত দেশীয়ৰাজ্য বিলাকেই আছিল ঐক্যবদ্ধ ভাৰত গঢ়াৰ প্রধান অন্তৰায় । পেটেলৰ বিচক্ষণ ৰাজনীতি জ্ঞানৰ কাৰণেই দেশীয় ৰাজ্যসমূহ বিনা ৰক্ত-পাতে ভাৰতৰ অন্তৰ্ভূক্ত হল। তেখেতৰ দূৰদৰ্শিতা, সুপৰিকল্পিত নীতি আৰু কাৰ্য্যক্ৰমৰ কাৰণেই অসম্ভৱো সম্ভৱ হল। হায়দৰাবাদ সম্পর্কে লোৱা নীতিয়ে তেখেতৰ ৰাজনীতিজ্ঞান আৰু দূৰদৰ্শিতাৰ সম্যক পৰিচয়। সঁচাকৈ ৫৬২ খন সৰুবৰ সুকীয়া ৰাজ্য ভাৰতৰ লগত চামিল কৰি পেটেলেই ভাৰতৰ নতুন মানচিত্ৰ আঁকিলে । ভাৰত বুৰঞ্জীৰ এই মানচিত্র অভিনব। অশোক, সমুদ্রগুপ্ত, আকবৰ, আওৰংজেব আৰু বৃটিছ আমোলত যি সম্ভৱ হোৱা নাছিল পেটেলে তাক সম্ভৱ কৰিলে। প্রায় ছশ সামন্তৰাজ্য এক শাসনৰ অন্তৰ্ভূক্ত কৰি পেটেলেই ভাৰতত সামন্তপ্রথা বিলোপ কৰিলে।

 চৰ্দ্দাৰজী কৈছিল, “ভাৰতৰ ৰাজনৈতিক স্বাধীনতা লাভ হলেও অর্থনৈতিক স্বাধীনতা এতিয়াও অহা নাই। সত্য আৰু অহিংসাৰ ভিত্তিত শোষণহীন সমাজ ব্যৱস্থা গঠনৰ মাজতে ভাৰতৰ জনসাধাৰণৰ মুক্তি নিহিত আছে।”

● সমাজ সেৱক চৰ্দ্দাৰজী

 ৰাজনৈতিক কামৰ মাজত থাকিও চৰ্দ্দাৰজী সমাজ সেৱা কৰিবলৈ পাহৰা নাছিল। ১৯৩৫ চনত বৰচাদ তালুকৰ প্লেগ বেমাৰে মহামাৰী আকাৰ ধাৰণ কৰে । পেটেলে সেই ঠাইলৈ গৈ আৱশ্যকীয় ব্যৱস্থা লৈ সেই মহামাৰী দূৰ কৰিবলৈ সমৰ্থ হয়। এই সময়ত গুজৰাট বিদ্যাপীঠৰ সাহায্যৰ বাবে দহ লাখ টকা সংগ্ৰহ কৰি দিয়ে। এবাৰ গুজৰাটৰ বানপানী আৰু দুর্ভিক্ষ পীড়িত সকলৰ কাৰণে সকলো ৰকমৰ সহায়ৰ ব্যৱস্থা কৰে । তেখেতৰ সংগঠনী শক্তিৰ প্রভাৱতেই তিনি লাখ টকা সাহায্যৰ কাৰণে তোলা হৈছিল ।

● কৰ্ম্মযোগী পেটেল

 গান্ধীজীৰ মৃত্যুৰ পিছত চৰ্দ্দাৰজীৰ মৃত্যু ভাৰতৰ ওপৰত বিধাতাৰ দ্বিতীয় নিৰ্ম্মম আঘাত। চৰ্দ্দাৰজী ভাৰতৰ কংগ্ৰেছৰে নহয়, সমগ্ৰ ভাৰতৰে বৰ খুটা আছিল। ভাৰতীয় জাতিৰ মেৰুদণ্ড আজি কম্পমান । ভাৰত আজি ভীষণ আৰু বিষম অগ্নি-পৰীক্ষাত উত্তীর্ণ হব লগা অৱস্থাত । এনে সময়ত চৰ্দ্দাৰজীৰ তিৰোধান ভাৰতৰ অপূৰণীয় ক্ষতি । তেখেতৰ তিৰোধানে ভাৰতক সচেতন হৈ অগ্নি-পৰীক্ষাত উত্তীর্ণ হবলৈ ইঙ্গিত দিছে! শক্তিৰ আধাৰ চৰ্দাৰজীৰ জীৱনৰ পৰা শক্তি সঞ্চয় কৰিবলৈ ভাৰতবাসীক তেখেতৰ আকস্মিক মৃত্যুই সাবধান কৰি দিছে।

 মহামানব গান্ধী আৰু ভাৰতৰ 'চৰ্দ্দাৰ' পেটেলৰ জীৱনৰ মূল সূত্র দুটি বেলেগ । গান্ধীৰ মূল সূত্র যদি “প্রেম” বুলি কোৱা হয় তেনেহলে পেটেলৰ হব "শক্তি" । পেটেল আছিল বিৰাট শক্তিৰ আধাৰ । এই শক্তিৰ কাৰণেই তেখেতৰ বাৰে অসম্ভৱো সম্ভৱ হৈছিল । তেখেতৰ গোটেই জীৱন বীৰৰ ধৰ্ম্ম আৰু পুণ্য কৰ্ম্মেৰে ভৰা । বিংশ শতাব্দীৰ ভাৰতৰ 'চৰ্দ্দাৰ' পেটেলৰ জীৱনত মহা ভাৰতীয় জীৱনাদর্শ বিৰাজমান । গুজৰাটৰ কৃষক সন্তান, ব্যাৰিষ্টাৰ, বৰদলীৰ সত্যাগ্রহী, লৌহমানৱ, বৰেণ্যনেতা, ভাৰতৰ উপপ্রধান মন্ত্ৰী আদি তেখেতৰ জীৱনৰ বিভিন্ন স্তৰ। এই সকলো মিলি বিৰাট কৰ্ম্মযোগীৰ স্বৰূপ প্রকাশ। লোকসেৱাই কেনেদৰে নিজকে লোকৰ মাজত সকলো স্বার্থ জলাঞ্জলি দি মিলাই দিব পাৰে তেখেতৰ জীৱনে তাকে দেখুৱায়। নির্ভীক ভাবে সত্য আৰু ন্যায়ৰ পথেৰে সংগ্ৰামৰ সন্মুখীন হৈ কেনে দৰে বিজয়ী হব পাৰি পেটেলৰ জীৱনে তাকেই প্ৰমাণ কৰে। প্রতি মুহূৰ্ত্ত, প্রতি ক্ষণ কামত ব্যস্ত হৈ অলসতা দূৰতে বিদূৰ কৰি কেনেদৰে সফলকাম হব পাৰি পেটেলৰ জীৱন তাৰেই শাস্ত্র । জীৱনত অশেষ কষ্ট, যাতনা ধৈর্য্যৰে অতিক্ৰম কৰি কেনেদৰে জীৱন যুদ্ধত জয়ী হব পাৰি চৰ্দ্দাৰজীৰ জীৱন ভাবেই পৰীক্ষা । এই কৰ্ম্মযোগীয়ে কেনেদৰে জীৱনৰ সকলো ঘাট প্রতিঘাটক খেলৰ পুতলা জ্ঞান কৰি বিজয়ী হল ভাবিলে আচৰিত হব লাগে । ব্যক্তিগত সুখ, স্বার্থ সকলো বাদ দি দেশৰ লাখ লাখ পীড়িত মানবৰ মুক্তিৰ বাবেই তেখেতে জীৱন আহুতি দিলে। তেখেতে কৰ্ম্মৰত হৈ যি বিচাৰিছিল সকলো দেশৰ কাৰণেই। তেখেতে সমষ্টিৰ লগত অভিন্ন ভাবে নিজকে মিলাই দিছিল । ভাৰতৰ কল্যাণ তেখেতৰ চিন্তাৰ বস্তু, ভাৰতৰ সমৃদ্ধি তেখেতৰ সপোন । এই সপোন বাস্তৱত দেখিবলৈ ভগ্নস্বাস্থ্য, ৰুগ্ন দেহ লৈ তেখেতে প্ৰতি মূহুৰ্ত্ত কামৰ মাজেৰে কটালে । একোৱে তেখেতক নিৰুৎসাহ কৰিব নোৱাৰিলে। কাম এৰি অৱসৰ লোৱা ইচ্ছা কোনো দিন নাছিল। ৭৬ তম জন্ম বার্ষিকী উপলক্ষে তেখেতে কৈছিল, "……অকৰ্ম্মণ্য হৈ জীয়াই থকা বাসনা মোৰ নাই। দেশবাসীৰ পৰা পোৱা মান, মৰম মই এদিনলৈও ম্লান হব দিব নোৱাৰোঁ।” ভাৰম্ভৰ কোটি কোটি নৰ-নাৰীৰ সেই অতি প্রিয় কৰ্ম্মযোগী চৰ্দ্দাৰ পেটেলৰ নিৰ্ভীকতা আৰু সংগঠন শক্তিৰ প্ৰভাৱত যি হৈ উঠিল সি ভাৰত বুৰঞ্জীত এটি নতুন গৌৰবোজ্জ্বল অধ্যায়ৰ সূচনা কৰিলে। ভাৰতৰ ঐক্য বিধায়ক, বৰেণ‍্য নেতা চৰ্দ্দাৰজী ভাৰতত অমৰ হৈ থাকক!ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে কোৱাৰ দৰে অগ্নিয়ে তেখেতৰ দেহ ভস্মিভূত কৰিব পাৰে ; কিন্তু তেখেতৰ বিৰাট ত্যাগ, দুঃখ-কষ্ট বৰণৰ কাহিনী, গৌৰৱময় কাৰ্য্য অগ্নিয়ে দাহ কৰিব নোৱাৰে; সিবিলাক ভাৰতৰ ইতিহাসত সোণৰ আখৰেৰে জিলিকি থাকি তেখেতক অমৰ কৰি ৰাখিব

   

 চৰ্দ্দাৰজীৰ মৃত্যুত প্ৰধান মন্ত্রী শ্রীনেহৰুৱে কয়, “তেখেত নতুন ভাৰতৰ স্ৰষ্টা আৰু সংহতি বিধায়ক আছিল। তেখেত আছিল মুক্তি যোদ্ধা সকলৰ নায়ক। ......... তেখেত আছিল শক্তিৰ আধাৰ । আমি সদায় উপদেশ প্রত্যাশী আছিলোঁ। তেখেতৰ জীৱন এটা সুদীৰ্ঘ সংগ্ৰামৰ বুৰঞ্জী। বুৰঞ্জীৰ বহু পৃষ্ঠা-জুৰি এই কাহিনী লিখা থাকিব । তেখেতৰ সংস্পৰ্শলৈ আহিলে বহুত দ্বিধাগ্রস্ত মানুহৰ মনলৈও শক্তিৰ সঞ্চাৰ হয়। যোৱা কেইবছৰ ম‍ই তেখেতৰ লগে লগে কাম কৰিছোঁ; কিন্তু এতিয়া ম‍ই নিসঙ্গ বোধ কৰিম। সেই শূণ্য আসনৰ প্ৰতি দৃষ্টি গলে মোৰ মনতো শূণ্যতাবোধ জাগ্ৰত হব।”

● ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে কয়,

 “চৰ্দ্দাৰজীৰ বিৰাট ত্যাগ আৰু দুখ বৰণৰ কাহিনী ভাৰতৰ ইতিহাসত সোণৰ আখৰেৰে লিখা থাকিব। অগ্নিয়ে চৰ্দ্দাৰজীৰ দেহ ভস্মিভূত কৰিব পাৰে; কিন্তু গৌৰব কোনো দিন অগ্নিয়ে দাহ কৰিব নোৱাৰে।”

● পাকিস্থানৰ প্ৰধান মন্ত্ৰী লিয়াকত আলি

 “চৰ্দ্দাৰ পেটেল ভাৰতৰ স্বাধীনতা ৰণৰ অকল যুঁজাৰুয়ে নাছিল, পিছত শক্তিশালী সংগঠক আৰু প্ৰশাসক স্বৰূপে তেখেতে পৰিচয় দিছিল।”

● অসমৰ মুখ্য মন্ত্ৰী শ্ৰীবিষ্ণুৰাম মেধি

 “নেতা আৰু সংযুক্ত ভাৰতীয় গণৰাজ্যৰ নিৰ্ম্মাতী হেৰুৱালোঁ৷ বিশেষকৈ অসমৰ সমস্যাসমূহৰ সমাধানৰ বেলিকা আমি তেখেতৰ পৰামৰ্শ লৈ আগ্ৰহেৰে বাট চাইছিলোঁ। ...... তেখেতৰ অবিহনে আমি সহায়হীন হলোঁ।”



অন্ত

 

School Books :—
Joydev Sarma B. A., Headmaster's
9. Beginner's English Composition
(for Class IV)
10. A Systematic Course of Sanskrit
Translation and Composition. Part I
(for Class VII)
Do  Part II
(for Class VIII )
11. A Systematic Course of English
Translation and Composition.
(for Class VII and VIII)
By U. C. Lekharu and T. N. (অপঠনীয় )


আলোক প্ৰকাশন গৃহ,
নলবাৰী ( অসম )।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )