সমললৈ যাওক

চিন্তানল

ৱিকিউৎসৰ পৰা
 

চিন্তানল

 

শ্রীকমলাকান্ত ভট্টাচাৰ্য্য দ্বাৰাই
বিৰচিত

 

Published by
P. BHATTACHARYYA
JOURNALIST
14 Bahir Mirzapur Road, Calcutta.

 

বেচ - (অপঠনীয় ) মাথোন।

 

 

কলিকাতা
৩ এ ৰাধাপ্ৰসাদ লেন, মণিকা প্ৰেসে
শ্ৰীহৰিচৰণ দে দ্বাৰা মুদ্ৰিত।

 

পাতনি।

 “চিন্তানল” ই মোৰ নিভাজ দেশপ্ৰেমে উদগোৱা আসামৰ ভবিষ্যত অৱস্থা লৈ মন কৰা আৰু ইয়ে মোৰ বুকু চিন্তা জুয়ে দহি থকা ভাব ৰাশি। আজি ৩০।৪০ বছৰৰ আগৰ পৰা আসাম দেশ খানৰ পৰ্ব্বত পাষাণ পৰ্য্যন্ত ঘুৰি পকি চাই অসমীয়া মানুহৰ স্বভাব আৰু ঘোৰ অজ্ঞানতা পূৰ্ণ চৰিত্ৰ দেখি যিবিলাক ভবিষ্যত বাণী কৈছিলোঁ আৰু এতিয়াও কৈছোঁ সেই বিলাক ফলিয়াই আহিছে আৰু ফলিয়াব যে তাৰ ভুল নাই। ৰাইজে এই কথা দকৈ গমি চাব। শিক্ষিত শ্ৰেণী মানুহক দেখা যায় ছৰকাৰী কাম এটি পালে আৰু উকীল হব পাৰিলে প্ৰায় অনেকে দেশলৈ পিঠি দিয়ে। আসামবাসী অসমীয়া মানুহৰ নিজ সাহিত্যৰ প্ৰতি শ্ৰদ্ধা থকা হেতেন এই দেশত বহু কবি, বহু দাৰ্শনিক জন্মিল হেতেন। যি দেশত কবি আৰু দাৰ্শনীকে জন্মগ্ৰহণ কৰিবলৈ সাৰুৱা মাটী নাপায় সেই দেশ যে মৰুভূমি হৈ থাকে তাক নহয় বোলে কোনে? অনেকে কব পাৰে আসাম দুখীয়া দেশ গতিকে ধনৰ নাটনি হেতু এই দেশে কোনো প্ৰকাৰে উন্নতি বাটত আগ বাঢ়িব পৰা নাই। এই কথাৰ উত্তৰত মই কওঁ আগতে মন ডাঙ্গৰ হলেহে ধন ডাঙ্গৰ হয়, মনেহে ধন কৰে ওপজোতে মানুহ নাঙ্গত হৈহে ওপজে, ধনৰ টোপোলা লগত লৈ কোনো নোপজে। পৃথিবীৰ ইতিহাসেই প্ৰমাণ কৰে যে, যেই সেই জাতি পোনতে গাত চাল বাকলি নথকা আৰু আলু কছু সিজাই খোৱাৰ পৰা হে শেহত অতুল বিভৱশালী আৰু পৰাক্ৰমী জাতি হৈ উঠিছে। ইয়াক গুৰিতে ধনৰ বলে গঢ়ি তোলা নাছিল, মনৰ বা জ্ঞানৰ বলেহে গঢ়ি তুলিছিল। সত্যক গ্ৰহণ কৰিবলৈ সাহ নকৰা ভীৰু কাপুৰুষ মানুহ জাতি ধনেৰে উপচি উঠা হলেও তেনে জাতি মানুহ পৰ জাতিৰ গোলাম হৈ পৃথিবীত নগণ্য হৈ থাকে যে তাৰ ভুল নাই।

 বৰ্ত্তমান ভাৰতৰ অনেক নেতাক দেখা যায় হিন্দু জাতিৰ অধঃপতন মূল কাৰণ বিলাকলৈ মন নকৰি ৰাজনীতিৰ সংশোধন হলেহে যে দেশৰ উন্নতি সাধিত হব পাৰে এনে ভাবি অকল ৰাজনীতি কেইহে খামোচ মাৰি ধৰিছে। আমাৰ যে সমাজৰূপ শৰীৰটিক আজি অকহি কালৰ পৰা নানা ৰোগে দুৰ্ব্বল কৰি তুলিছে ঘাইকৈ সেইবিলাক গুচাবলৈহে আমি অহো পুৰুষাৰ্থ কৰিব লাগে। জাতিভেদ, অস্পৃতা আদি সমাজৰ পৰা অনাচাৰণ নিয়মবিলাক আমি গুচাব নোৱাৰিলে ভাল গবৰ্ণমেণ্ট পাতো কেনেকৈ? মহাত্মা গান্ধীয়ে এসময় কোৱ মনত পৰে “If people are good Government shall be bound to be good” মানুহ ভাল হলেই গবৰ্ণমেণ্টো ভাল হয়। বঙ্গদেশৰ কিছুমান ডেকাই মানুহ মাৰিবলৈ শিক্ষা কৰিছে, ইয়াতকৈ কাপুৰুষালি কাম আন একো নাই, নৰহত্যাতকৈ একো মহা পাপ নাই। এতেকে আমাৰ অসমীয়া মানুহৰ ভিতৰত যেন এনে পাপ নোসোমায় তাৰ বাবে আমি অসমীয়া হিন্দু মচলমান সদায় সাৱধান হব লাগে। ইতি

শ্ৰীকমলাকান্ত ভট্টাচাৰ্য্য।


চিন্তানল

(শেহ ছোৱা)

শিৱসাগৰ দৰ্শন

(১৯২০ চনৰ ৭ ছেপ্তেম্বৰ)



শোক জুয়ে দহি মৰাৰ কাৰণ,
তোমাক চাবলৈ আজি হায় হায়!
কিয়নো আহিলোঁ হে শিৱসাগৰ,
আজিতো আমাৰ সেই দিন নাই!
বিলাপ কৰিবলৈ শোকে খুন্দি ধৰে,
সি বুজে ই কথা যাৰ ই অন্তৰ,
কেনে দেশ প্ৰেম কোনে তাক বুজে
নুপুৱালে জুই এই শ্মশানৰ।
তুমি যে সাগৰ নাছিলোঁহে জনা
আগৰ মানুহে খনা কাম কৰা,
কলৈ গ’ল সি মানুহ হায় হায়!
জন্মভূমি সিহঁতৰো অসম ধৰা!

কেটামান বৰ তোপ ভয়ঙ্কৰ,
চিতা কাঠ আধাপোৰা আছে পৰি
শত্ৰুক তুচ্ছ কৰিছিল এদিন
কিহে নিলে এনে বীৰ্য্যশক্তি হৰি?
যাৰ পূৰ্ব্ব পুৰুষৰ পুৰুষালি
নিচান ভাঙিছে বিষাদ মনেৰে
মুক্তিনাথে আজি শিৱসাগৰত
অসমৰ সি শক্তি কিহে নাশ কৰে?
মুক্তিনাথ, পোৰে তোক দেখি হিয়া
বিষাদৰ জুয়ে শুনা কওঁ কথা,
অকৃতজ্ঞ মূৰ্ত্তি তোমাকেই বোলে,
গ’ল অসমৰ কিয় স্বাধীনতা?
কোনে কয় অসম অসভ্য বুলি
যাৰ প্ৰতাপেৰে দিগন্ত কঁপাই
কৰিছিল এদিন দেশ তলমল,
আজি অসমীয়া কাপুৰুষ হায়!
হিন্দুৰ শাখাৰ ক্ষত্ৰিয় সন্তান
আহোম যে এটি চোৱা শাস্ত্ৰ পঢ়ি,
ক্ষত্ৰিয় শকতি পতনৰ দোষী
ধৰ্ম্মভেদ মাথোঁ লোৱা তাক ধৰি।
গাহৰি কুকুৰা খাদ্য ক্ষত্ৰিয়ৰ
আৰু মাছ কটা ৰজোগুণ শক্তি,

ক্ষত্ৰিয় জাতিৰ সঙ্গলৈ খালে
নাযায় জাত কাৰো যে শাস্ত্ৰ উক্তি।
আহোমেও শেহে নানা ধৰ্ম্ম পাতি
নানা গুৰুৰ নানা মত ধৰি
বীৰত্ব ধৰ্ম কৰি পৰিত্যাগ
পেলালে নিজ শক্তি কণ মাৰি।
দেখি শিৱসাগৰৰ প্ৰাচীন কীৰিতি
আসাম যশস্যা বীৰত্ব প্ৰকাশ
চাবলৈ আন ঠাই গৈ যতবোৰ
উচতালে মনে কৰি অভিলাষ।
ই কাৰণে আজি অতি ব্যগ্ৰ হলোঁ
চাবলৈ যত কীৰ্ত্তি অতীতৰ,
দেখি দিখৌ নদী খনি প্ৰথমতে
মনে মোক ক’লে পৰা ভিতৰৰ
সোধোছোঁ দিখৌক সাক্ষী ই দেশৰ,
জানিছোঁ নাভাড়েঁ সুধিলে কদাপি,
কিহে নিলে কাঢ়ি শক্তি আসামৰ
আছিল এদিনা যি মহা প্ৰতাপী?
সুধিলোঁ দিখৌক ইনাই বিনাই,
কোৱাঁ প্ৰবাহিনী হেৰাঁ মোক কোৱাঁ
শোকৰ-চকুলোৰে তুমি বৈছাঁনে?
যদি হয় তেন্তে মোৰ লগ লোৱাঁ।

কান্দি কান্দি কোৱাঁ বতৰাহে মোক
কলৈ গ’ল সেই প্ৰতাপী অসম?
যাৰ অগ্নি অস্ত্ৰ হিলৈ বৰ তোপ
—সি দিনৰ কাৰ্য্য দেখি লাগে শোক।
তেতিয়া দিনৰ ইহেন কৌশল
ভাবিলেই শোকে পোৰেহে অন্তৰ
ভালেতো প্ৰতাপী মোগলে অসম
যুঁজত নোৱাৰি মাৰিছিল লৰ।
ক’লৈ গ’ল আজি আহোমৰ বংশ,
নাই চিন! হ’লনে শূন্যত লয়?
কাপুৰুষালি ভীৰুতাই পাই হায়
আজি সি বীৰত্ব পেলালেহি খায়!
হে প্ৰবাহিনী, তুমিও আমাৰ
গঙ্গাৰ দৰে এখনি তীৰ্থ নদী,
কান্দিছাঁ বিনাই কুল্ কুল্ গাই
অসমৰ আজি দেখি অধোগতি
যোৱাঁ প্ৰবাহিনা, সাগৰলৈ গতি
দুধাৰি চকুলো মোৰ লগত লৈ
কোৱাঁ গৈ সমুদ্ৰক শোকৰ বতৰা
কান্দে তাক লই যেন কোঢ়াল কৈ,
আসাম কবিৰ অতি ক্ষীণ সুব
নোৱাৰে জগাব মৰা আসামক

কি জানি তেওঁৰ উত্তাল তৰঙ্গ
সুৰেবা জগায় তুলি আকাশক।
বিশ্বাস, সমুদ্ৰে কৰিব বিলাপ
শুনিলে বতৰা এই হায় হায়!
ক্ষত্ৰিয় শকতি অসম জাতিটি
লোপ পৃথিবীত আৰু নাই নাই!
নতুবা ই মোৰ শোকৰ সুৰটি
শূন্যত মিলোৱা আকাশলৈ তুলি,
কি জানিবা সি বৃষ্টিৰ লগত
জগায় কোনো দেশ পানীত মিলি।
ক’বা আকাশক এই নিবেদন
নিভিজায় বৰষি আসাম ধৰা,
অমিলতা পূৰ্ণ এই খন দেশ
মাথোঁ হিংসা দ্বেষ খিয়ালে ভৰা।
দিয়া অনুমতি যাওঁ পাৰ হই
আসামৰ পূৰ্বৰ কীৰ্ত্তি গই চাওঁ
বুকুৰ ভিতৰ জ্বালি শোক জুই
বাটে বাটে বহি বিনাবলৈ যাওঁ।

ৰংপুৰ দৰ্শন

কোনে কথা কয় হুমুনিয়াঃ কাঢ়ি
“এবাৰ মোলৈ বাটৰুয়া হেৰ চা
হেৰাই সকলো আছোঁ মন মাৰি
লাজ বিষাদত লুকাই মোৰ গা”।
ইপিনে সিপিনে চাওঁ চাৰি পিনে
কোনে কয় কথা হুমুনিয়াঃ কাঢ়ি
নেদেখোঁ একোকে কথা শুনা বিনে
“আছোঁ মই পৰি অপুত্ৰকা নাৰী”।
আকৌ ঘুৰি শুনো কন্দা গুণ গুণ
নেপাওঁ কাকোছোঁ কিন্তু হায় দেখা
উলটি “বাটৰুৱা” মাতে “শুন শুন”
“নকৰিবা তুমি মোকহে উপেক্ষা”।
“এই পিনে চোৱাঁ আছোঁহো লুকাই
আসাম গৌৰৱ অস্ত লক্ষ্মা মই
এই আসামৰ যশস্যা ঠাই
হেৰাই স্বাধীনতা বিৱস্ত্ৰা হই।
ক’ৰ পৰা আহিছ নাজানো তোক
আছে যদি দেখহি হৃদয় তোৰ
দুৰ্দ্দশাই কেনেকৈ ৰাখিছে যে মোক
দেখ শোক লগা কীৰ্ত্তি চিহ্ন মোৰ”।

অধম মানুহে খানি খুনি তাক
কৰিলে নামৰো সমুলি বিলয়
আহিছা কিয়নো বিচাৰিছা কাক
চোৱাহে ৰংপুৰ শ্মশান ময়”।
কোনে কয় শুনো এটি কথা ঘুৰি
“মোলৈ এই ফালে ভাল কৰি চোৱাঁ
সতীৰ আদৰ্শ আসাম কুৱঁৰী
যদি সচাঁ তুমি অসমীয়া হোৱাঁ।
এই সাগৰতে [] আছোঁ বাট চাই,
গদাপাণিলৈ ইয়াতেই লুকাই
নাহিল প্ৰাণনাথ আজি হায়! হায়!
যোনে জয়মতী হৃদয় জুৰায়।
আন পিনে শুনো আৰু এটি মাত
এনে সময়তে ওপৰৰ পৰা
“চোৱাহি হে মই আছো যে ইয়াত
আমাৰ ৰজাৰ ৰঙ্গ ঘৰ চৰা।
যোৱাহে চোৱা গৈ সৌ কাৰেংঘৰ
সাক্ষাত কৰা গৈ ৰজা থাকে তাত

ৰাজ দৰ্শন কৰম পুণ্যৰ
বিলম্ব নকৰা থাকিহে ইয়াত”।
এই কথা শুনি হৰষ মনেৰে
কাৰেং ঘৰ চাবলৈ তুৰন্তে গলোঁ,
ৰাজ দৰ্শন মনৰ আশাৰে
ঠিয় দি দুৱাৰ মুখতে ৰলোঁ।
ঠিয় দি ৰাজ দুয়াৰ মুখত
ভয়েৰে ভুমুকি মাৰি মাৰি চাওঁ
আমাৰ ৰজাক দেখাৰ আশাত
উহ্! একোছোন সঁহাৰি নাপাওঁ!
নিস্তব্ধ নিৰল ভয়ঙ্কৰ মূৰ্ত্তি
আছে যেন প্ৰকৃতিয়ে গঢ় ধৰি
শ্মশান কালীৰ ভীষণ চিত্ৰটি
দেখোঁ আছে ঘোৰ অন্ধকাৰ কৰি।
মাতোঁ ঘনে ঘনে দুৱাৰি দুৱাৰি
নামাতে কোনেও, নুশুনোহোঁ ৰাও,
দুৱাৰ মুখলৈ মুখ খন কৰি
শ্মশান ধোঁৱাৰ মাথোঁ গোন্ধ পাওঁ।
নিধা খাই গাটি শিৱৰি উঠিল
ভয়ত অন্তৰ কঁপি গল ঘনে
ৰজা নাই চন নগৰ পৰিল
কথাটী এতিয়া পতিয়ালে মনে।

জ্বলিল অগনি অতিকৈ শোকৰ,
ভাজি দেই মন দগধহে হল
কোৱা মোক তুমি হেৰা কাৰেং ঘৰ
আমাৰ ৰজা আজি কলৈ গ’ল?
বৰকৈ বিষাদ তৰঙ্গ উঠিল
পাহৰি নিজক এতিয়া গ’লোঁ,
নাজানো কিয়বা হলোহো পাগল,
দেই পুৰি শোকত অজ্ঞান হ’লোঁ।
ভেলটিহে আছে ধাতু উৰি গ’ল,
মৰা শৰ দৰে আছোঁ মই পৰি,
বিলাপ কৰোঁতে মনক বিহ্বল
পেলালে এতিয়া অতিশয় কৰি।
ওলাই দিয়াঁহি দেখা মহাৰাজ
ৰুদ্ৰসিংহ মোক দয়াৰ সাগৰ
গল ৰসাতল অসম সমাজ
আহিছোঁ কৰিব তোমাত গোচৰ।
আহাঁ মহাৰাজ দিয়া সমিধান
ওলাই এতিয়া ভিতৰৰ পৰা
দুখীয়াৰ কথাটীলৈ দিয়া কাণ
নলয় কোনেও দেশৰ বতৰা।
কি চিন্তাৰ ঢৌত এতিয়া পৰিলোঁ,
বাজিল টোকাৰি শোকৰ সুৰে,

পাগল নে মই? সপোন দেখিলোঁ!
গৰাসিলে মোৰ মন বিষাদৰে।
হায়! হায়! সুৰ উঠি বিলাপৰ
কৰিলে অন্তৰ অতিকৈ বিকল
টোকাৰিয়ে ঘনে ঘনে শোধে মোৰ
কোৱাঁ কাৰেং ঘৰ ৰজা ক’লৈ গ’ল?
দ্ৰুত অহা ভাবি চমক উঠিলো,
শিয়াল এটি ওলাই লৰ মৰা
—ভিতৰৰ পৰা এনেতে দেখিলোঁ,
বুৰালোঁ শেহত চকুলোৰে ধৰা।
শুনি শিয়ালৰ ঘোৰতৰ ৰাও
বিকট মাতেৰে প্ৰেতে যেন কান্দে
ভয়ত বিহ্বল বুকু হাঁও ফাঁও
কৰি বিভীষিকাই মনক বান্ধে।
দেখো এটি ছত্ৰ ভিতৰৰ পৰা
ঘূৰি ঘূৰি যেন ওলাইহে আহে
ৰাজ আগমন চিন আগ বঢ়া
ৰাজছত্ৰ নোহে বাদুলিয়ে হাঁহে।
আসাম গৌৰৱ এই যে কাৰেং ঘৰ
হায়! হায়! হল এই পৰিণাম
ৰাজপুৰী গুচি বাহ শিয়ালৰ
স্বাধীনতা নাশ শোকৰ নিচান।

মিছা কথা ক’লোঁ হেৰা কাৰেং ঘৰ
শোকৰ নিচান কিন্তু বিদ্ৰুপৰ,
এই ফল মাত্ৰ আমাৰ কৰ্ম্মৰ
ভুগিবলৈহে পৰাচিত পাপৰ।
জানিলোঁ হেতেন যদি শোক কৰা
তোমাৰ বাবে আমি সুসন্তান হৈ
নহলোঁ হেতেন কাপুৰুষ লৰা
নাথাকিলোঁ হেতেন গেলাগপ লৈ।
এনে দশা হ’ল তোৰ কাৰেং ঘৰ
আশ্চৰ্য্য এটি বস্তুৰ লেখৰ,
হোৱ তই এটি কীৰিতি গণ্যৰ
কিয়নো হলিহি চিহ্ন ভগনৰ?
কালে খেলা পুতলা পূৰব স্মৃতি
হলেও সঁচা, কিন্তু মানুহ নোহে,
মানুহৰ বুদ্ধি ক্ৰমশঃ উন্নতি
বিপৰীত হয় যদি পাপ পোহে।
আজি কাৰেং ঘৰ অসমীয়া জাতি
থাকিল হেতেন ধৰ্ম্ম বল পাই,
পূজিলে হেতেন তীৰ্থস্থান পাতি
যতনে তোমাক ভক্তিৰে সদায়।
থাকিল হয় মানুহ ই দেশত
হায় কাৰেং ঘৰ শোক লগা মূৰ্ত্তি,

নোসোমালোঁ হয় বিস্মৃতি গৰ্ভত
থাকিলা হেতেন ৰৈ গৌৰৱ স্মৃতি।
জাতীয় গৌৰৱ সোঁৱৰণি দৰে
আছে যতবোৰ পূৰণি চিন
হায়! হায়! তাক যি জাতি পাহৰে
অধম সি জাতি অতিশয় হীন।
দেখো মূৰ্ত্তিমান বুৰঞ্জীৰ ফটো
যত কীৰ্ত্তিমানে আছে পৰি পৰি
নলয় আসামে অলপো তাৰ ভু
গল অসমীয়া উচন হৈ মৰি।
ধিক্ ধিক্ অসমীয়া কুসন্তান
ধৰ্ম্মহীন হৈও ধৰ্ম্ম কথা পাতে
ধৰ্ম্ম কিটো বোলে নাজানে সন্ধান
নিজৰ ভৰি নিজ কুঠাৰে কাটে।
আসাম গৌৰৱ প্ৰতিমা শোক
ধ্বংস আজি, কেও নলগায় মাত,
নিষ্ঠুৰ হৃদয় সদায় কালৰ
মাৰে দেই পুৰি এই জুয়ে গাত।
জ্বলিল অগনি দুনাই শোকৰ,
দেই পুৰি হিয়া দগধহে হ’ল,
উলটি সোধোঁ হেৰা কাৰেং ঘৰ,
কোৱা আমাৰ ৰজা কলৈ গ’ল?

সোধোঁ তোমাক দুখ মনে ৰংঘৰ,
আছা তুমি কালৈ বাটলৈনো চাই?
বুজিছোঁ ভাবটি তোমাৰ মনৰ,
ভাঙ্গিলে নগৰ কালে ৰজা নাই।
এদিন ৰংঘৰ, ইয়াতেই আহি
আছিল ৰজা ধেমালি কৰি,
উদং হোৱা ঘোড়া গৰুয়ে হাঁহি
ৰাখে আজি তো'ক গোবৰেৰে ভৰি।
ভাঙ্গিলে আসামক মান মৰাণে
সজ উপদেশক নথকা বাবত
আপোন বিদ্ৰোহ হোৱাৰ কাৰণে
নুমাল স্বাধীনতা নিজৰ দোষত।
মূলত দেখিলে পাপৰ কাৰণ
স্বদেশদ্ৰোহিতা জাতিৰ ভিতৰ
আহি দেখা দিলে নাই নিবাৰণ
ইয়েই ইদেশ কৰিলে পতন।
নেদেখিলোঁ ৰজা শ্মশান নগৰ
হেৰা ৰংঘৰ আছা বাট চাই
আহিছোঁ মাথোন জুই পুৱাবৰ
শোক শ্মশানত ৰজা নাই নাই।
দেখিছিলাঁ তুমি মোক কোৱাছোন
কিমান প্ৰতাপী আছিল অসম

কঁপাই দেশক দেখাই বিক্ৰম
নাছিল সম দেখি নাম অসম।
কোৱা হে বৃত্তান্ত শৰাই ঘাট ৰণ
মোগল সেনাক কৰা চূৰমাৰ
লাচিত ফুকনে দেখাই বিক্ৰম,
কলৈ গ'ল আজি সি শক্তি আমাৰ?
বীৰাঙ্গনা মূলা গাভৰুৰ কথা
কোৱা হেৰা মোক মনটি জুৱাওঁ,
এনে বীৰ কন্যা সেনাক উচতা
আছিল ফৰাছী বুৰঞ্জীত পাওঁ।
ই আসাম ধৰা আজি হাস্যাস্পদ
তুলনাত ফৰাছী সমা বিক্ৰমী
আছিল ৰাখি মান নিজ সম্পদ,
দুখ লাগে এনে দশা আজি মনি।
সিকাল পুৰণি সভ্যতাৰ দিন
আছিল অসমীয়া ও সভ্য জাতি,
আজি হোৱা দেখি অহ! বীৰ্য্যহীন
পাবলগা হ'ল অসভ্য অখ্যাতি।
নিজ পূৰ্বৰ পিতৃ গৌৰৱৰ চিন
অপাৰ্থক ৰাখিবলৈ যিটো জাতি
সি জাতি অসভ্য অতিশয় হীন
নাগাবনে তাৰ পৃথিবা অখ্যাতি?

উঠা পৰা কাম ইটো স্বাভাবিক,
পৰিলে নাই যাৰ উঠাৰ যত্ন
মৰি যোৱ৷ বোলে সেইটি জাতিক,
সি জাতিলৈ নাহে স্বাধীনতা ৰত্ন।
অসমৰ এই মহা তীৰ্থ স্থান
মহা কালৰ এই খনি মহাপীঠ
অসম গৌৰৱ তুমি কাশীধাম
ৰং কাৰেং ঘৰ বুৰঞ্জী অতীত।
শক্তিপূজা কৰা জানোত৷ জাতিৰ
তুমি মহা কালী দুৰ্গা দশভুজা,
কেন্দ্ৰস্থল তুমি জাতীয় শক্তিৰ,
হ’লা হয় তুমি কৰি থকা পূজা।
পূব পিতৃৰ কুপুত্ৰ সন্তান
আছো আমি অসমীয়া বৰ্ত্তমান
পাপহে লগাওঁ কৰি তাৰ নাম
ভাৰতবৰ্ষত থাকি বিদ্যমান।
দৌল দেৱালয় কামাখ্যা দেবীক
নকয় শক্তি দেবা কালীকো ধৰি
শক্তি দেবী বোলে আচল শক্তিক—
পূৰ্বৰ কাৰ্ত্তি চিহ্ণ যত আছে পৰি।
দশভুজা দুৰ্গ৷ কল্পিত প্ৰতিমা
দহখনি গঢ়া মানে হাত তাৰ

সাম্য মৈত্ৰী স্বাধীনতা আৰু ক্ষমা
ছয় ৰিপু দমা শক্তি হাত যাৰ
বুজায় সি জাতি জাতীয় শক্তিৰ
মহিমা যেতিয়া যি জাতিৰ হয়
সি জাতি স্বাধীন চোৱা অতীতৰ
বুৰঞ্জীয়ে নিজে সাক্ষী বুলি কয়।
মাটিৰ পুতলা নহয় আচল
শক্তি, পূৰ্ব্ব কীৰ্ত্তি চিহ্ণে যি বুজায়
মিছা শক্তি মাথোঁ পূজোহো বিফল,
সঁচা এৰি শক্তি পূজা ফল নাই।
এই যে পুৰণি কীৰ্ত্তি যত বোৰ
জাতীয় দেৱতা শক্তিৰ থানিকা
সঞ্জীৱনী শক্তি মন্ত্ৰই ইয়াৰ
পুনঃ দিয়ে জীৱ, ই বৰ কালিকা।
ইয়াত যি দিব পাৰে আত্ম বলি
সিজনকে বোলে আচল পূজাৰী
তুচ্ছ কৰি নিজ স্বাৰ্থক সমূলি
নিজ দেশৰ হিতে তপস্যা কৰি।
ধিক্‌ এনে শক্তি নুপুজা যি জাতি
কৰে কালে তাক অচিৰে লয়,
ৰাখি চিৰদিন ধৰাত অখ্যাতি
তেনে জাতি পৰৰ গোলাম হয়।

অকামিলা জাতি অসমীয়া বোৰ,
পিতৃ পিতামহ গৌৰৱ চৰিত
ৰক্ষা অৰ্থে কৰে আলস্য ঘোৰ
নহয় ই যোগ্য থকা পৃথিবীত।
শক্তি আৰাধনা কৰা আসামৰ
হোৱা নাই পুত্ৰ ধন্যবাদ লোৱা,
আছোঁ আমি মাথোঁ কুপুত্ৰ স্বাৰ্থৰ
ভাব পোহা, আৰু আগলৈ নেযোৱা।
হৃদয় বিদৰে ভাবি ৰংঘৰ
সি অসম জাতি আজি নাই! নাই!
মচা গল নাম পৰা ই ধৰাৰ,
কান্দে প্ৰতিধ্বনি বুলি হায়! হায়!



সন্ধ্যাৰ চিন্তা

( বুৰৈ নদীপাৰত ১৮৯৬ ইং)

দেখোতে দেখোঁতে ৰকত তপন
সন্ধ্যাৰ কোলাত বিলীন হল,
আন্ধাৰ ৰজনী দিগন্ত ব্যাপিনী
আহি গৰাসিলে বসুধা তল।

দেখালে নিচান ৰূদ্ৰ জাল মায়া
কালৰ হাতেৰে উধাই ধৰা
নাহে আৰু ঘূৰি আজিৰ বেলিটি
য’তে হল লীন সি ঠাইৰ পৰা।

তবধ ধৰণী মোহৰ কোলাত
ভাবোঁ যেন আৰু নাজাগে ঘূৰি,
নিৰাশা ডাৱৰে মনক ঢাকিলে
নিজীয়ে জগত কদাপিও মৰি।

কিন্তু ই চিন্তাৰ নাহিক থিতাপি,
উদিব সি ভানু দিগন্ত জুৰি
জাগিব জগত কৰি কোলাহল
নতুন আশাৰ নিচান ধৰি।

অহা যোৱা এই নিয়তি নিয়মে
ৰাখিছে জগত পালন কৰি,
মৃত্যু নাই তেন্তে অহা যোৱা মাথোঁ
মানিবা মনত ঠাৱৰ কৰি।

অহা যোৱা সদা থাকিব চলতি,
জীৱন মৰণ ভাওনা মাথোঁ,
মৃত্যু বুলি তেন্তে নাই একো ভয়
কেৱল মায়াৰ সপোন দেখোঁ।

অহা যোৱা তেন্তে এই অভিনয়
কি কাৰণে এই জগতে হয়?
এই কথা ভাবোতে মনত এবাৰ
জীৱন উদ্দেশ্য উদয় হয়।

আহিলোঁ বিফলে যাম গৈ বিফলে
জনমৰ তেন্তেনোহে সাৰ্থক ই?
কিয়নো আহিলোঁ জনম লভিলোঁ
অভিপ্ৰায় ইয়াৰ মূলত কি?

ফুলনি বাৰীত ফুলটি ফুলিছে
গোন্ধে মলমলাই জেউতি চৰি
গছেও দেখিছোঁ গোটটি লগাইছে
নিজৰ কোলাত সাৱতি ধৰি।

এই ফল ফুল নিজৰ কাৰণে
হোৱা নাই সিহঁতৰ ই ঠাৱৰ
জ্ঞানৰ ভোগ্য জ্ঞানৰহে কাৰণে
মাথোন সহায় এই জগতৰ।

দেখিছোঁ জগত দেখোঁ চাৰিপিনে
নানা তৰহৰ বিভূতিৰে ভৰা
জীৱ জগতক পালিবৰ হেতু
আছে ৰাখি সজাই ঈশ্বৰে ধৰা।

জ্ঞানৰ প্ৰতিমা জ্ঞানৰ স্বৰূপ
মানুহক এৰি জগতত নাই,
জ্ঞানৰ উন্নতি সধাৰ কাৰণে
নৰক সৃজন কৰে বিধাতাই।

তেস্তে নৰদেহ নোহে সাধাৰণ
ভাবি চোৱাঁ তাৰ সুবৃত্তি কত
দয়া ক্ষমা স্নেহ ভক্তি আদি কৰি
মানৱ দেহত বিৰাজে যত।

তাতো উপসৰ্গ আছে বহুবিধ
ঘটায় বিঘিনি মানৱ দেহে
ইন্দ্ৰিয় বিকাৰ যত আদি কৰি
ঘাত প্ৰতিঘাত ই দেহে সহে।

এতেকে জীৱন সংগ্ৰাম পূৰণ
যুজৰেহে উন্নতি কৰিব লাগে
অশান্তিক দমি এই সংসাৰত
শান্তি সুখ তেন্তে মানুহে ভোগে।

যুজলৈ বিমুখ হলে সংসাৰত
মানৱ জীৱন বিফলেহে যায়
অহা যোৱা তাৰ কেৱলছে সাৰ
নোহে ঈশ্বৰৰ পূৰ্ণ অভিপ্ৰায়।

এনে মানুহৰ জনম বিফল
যুজলৈ সিটো বিমুখ হোৱা বাবে,
সত্যক নিচিনি অসত্য মৰণ
থিতাপি সিটোৱে মিছাতেই ভাবে।

সত্যৰ সন্তান জ্ঞানৰ জীৱটি
মানুহৰ নাই যে মৰণ ভয়
হই কাপুৰুষ মনুষ্যত্ব হেতু
কিয়নো কৰিবা মিছাতেই ভয়?

প্ৰেম পৰিবৰ্ত্তে ঘৃণা দ্বেষ হিংসা –
পাপৰনে ৰাজ্য পাতিবা হে গই!
ঈশ্বৰৰ এই শান্তিময় ৰাজ্য
অবিদ্যাক দিবা কৰিবলৈ জয়!

যুঁজৰ কাৰণ নহবা বিমুখ
ঈশ্বৰৰ ৰাজ্য কৰা শান্তিময়
জীৱন মৰণ ভাওনা মাথোন
সাৰ্থক সত্যক ধৰা জন্ম হয়।

মানুহৰ হেতু জনম লভিছাঁ,
দিবলৈ মানুহক মাথোঁহে সুখ,
পাপ ৰাজ্য খেদি প্ৰেম ৰাজ্য পাতা
নহই কদাপি যুঁজৰ বিমুখ।

জানিবা নিশ্চয় যুজৰ সংসাৰ,
যুজতেইহে জয় লভিব লাগে,
যুজ বিনা কদা প্ৰেম ৰাজ্য পাতি
দেখিছানে সুখ কোনোবাই ভোগে?

এই মৰতৰ বাহিৰ ভিতৰ
মানুহৰ কেৱল যুজৰ ঠাই,
যুজত বিমুখ হলে জীৱনত
মানুহৰ সুখ কণিকাও নাই।

জনম মৰণ নিয়তি নিয়ম
অহা যোৱা খেলা সদায়েই হয়
পাপৰ সহিত কৰিবলৈ যুজ
কিয়নো কৰিবা মিছাতেহে ভয়?

জন্মিছা যেতিয়া মৰণ নিশ্চয়,
দেহ সজাটিৰ থিতাপি নাই,
সংসাৰৰ একো নাসাধি কৰ্ত্তব্য
মানিবা জীৱন বৃথায়েহে যায়।

সেৱক হৈ তুমি জনম লভিছা
মানুহক মাথোঁ দিবলৈহে সুখ
অধৰ্ম্মক খেদি প্ৰেম ৰাজ্য পাতা,
নহবা কদাপি যুজত বিমুখ।

নহয় ই যুক্ত ৰক্তপাত কাম
নৰহত্যা কৰা পাষণ্ডৰ ৰণ
কৃষ্ণ, বুদ্ধ, যিছুৰ প্ৰেম ধৰম
কৰিবলৈ ধৰা স্বৰ্গৰ তুলন।

জনম মৰণ বিধিৰ বিধান
আত্মাৰ মৰণ জানা নহয়,
দুখ গুচাবলৈ যুজ কৰিবলৈ
কিয়নো কৰিবা তুমিনোহে ভয়।

ভীৰু কাপুৰুষ নহয় মনুষ্য
ধৰ্ম্মহীন সিটো পৰম অধম
মানুহ ভিতৰ নহয় লেখৰ
স্বদেশ উন্নতি সধাৰ অক্ষম।

ভীৰুয়ে নোখোজে প্ৰেমৰ ভঁড়াল
হব খোজে ধনৰহে অধিকাৰী,
হৃদয় নিষ্ঠুৰ বৰ সুদ খোৱা
নহয় সি লোক দেশ উপকাৰী।

কাপুৰুষ লক্ষণ দেশ-দ্ৰোহিতা
ধনৰ লোভত টুটকীয়া ভাও
দি কৰে পাষণ্ডে ৰাজৰ অনিষ্ট
নুমায় কাললৈ স্বদেশৰ নাও।

ইন্দ্ৰিয় জনিত পাপৰ বিকাৰ
এনে মানুহৰ ধৰ্ম্ম এয়ে সাৰ,
ই পাপ বিকাৰ লগত সদায়
লাগিব যুজিব অৱশ্য তোমাৰ।

সত্য ধৰ্ম্ম কৰে বীৰেহে গ্ৰহণ,
নোৱাৰে ভীৰুয়ে সিটোক ধৰিব,
পশুৰ সমান জীৱন যে তাৰ
সদা ভয় কৰে মাথোন মৰিব।

ন্যায়ক ৰক্ষা জ্ঞানৰ পৰীক্ষা
সংসাৰত তুমি দিবলৈ আহি
জীৱন সংগ্ৰাম কৰাৰ হেতুকে
কিয় ভয় থোৱা কৰি ত্ৰাহি ত্ৰাহি?

আহিছ৷ মানুহ হ'বলৈ ধৰাত,
আৰু ঘোষিবলৈ ধৰ্মৰ জয়,
পাপক গুচাই স্বৰ্গ ৰাজ্য পাতা
কিয়নো কৰিবা মৰণৰ ভয়?

একুৰা জুই।

( ১৯১৮ ইং সোনাপূৰত লেখা )

বিনাব নোৱাৰোঁ খলক লগাই
মনৰ অগ্নিয়ে মনকেই দহে,
উমাই থকা উচুপি কান্দোনৰ
কেনেকৈ পোৰণি পৰাণে সহে।

নিঃফল আশাৰ জুৰণি কথাটী
পতিয়াই কিমান থাকিম শুনি
—আহিব সৌভাগ্য সি আশা পলাল
থৈ গ’ল ৰাখি বুকৰ পোৰণি।

পৰ আশা কৰা যি জাতি ভিখাৰি
নাপায় সৌভাগ্য সি জাতিয়ে সঁচা
জানিবা যে ভাগ্য ভীৰু জীৱনৰ
সদায় থাকিব কপালত মচা।

ভাগ্য নি থাকিব নোৱৰা যদিহে
ভিখাৰি জীৱন কুকুৰ সমান,
পৰে পুহিবলৈ নিৰ্ভৰ কৰাৰ
নাথাকে অলপো নিজৰ মান।

মানুহ হৈ থাকিব খুজিছাঁ যদি হে
মানুহৰ ধৰম পলাহে ভাল,
ন্যায্য স্বত্ব ৰক্ষা ভয় কৰোঁতাৰ
ফুলেনে কেতিয়া কোৱাছোঁ কপাল?

নাই যি জাতিৰ জাতীয় একতা
যাক কৰে ভীৰু জাত মৰা ভয়ে
অসমীয়াৰ যি নিজ বল ক্ষমতা
মাৰে কণকঠীয়া সদায় ইয়ে।

জাত যায় কেনি আহেনো সি কেনি
নাজানে কোনেও কথাটী যে কি,
সি কালৰ পুৰণি বিধিৰ আচাৰে
ৰাখিছে হিন্দুক বান্ধি ভুৱা দি।

এতেকে শিক্ষিত যুৱক সকলে
আগৰ বিধান কৰাহে সংস্কাৰ
সময়ৰ নৱ বিধান নহলে
লোপ পাব হিন্দু নাইহে নিস্তাৰ।

নকৰিবা আৰ্য্য অনাৰ্য্য বিচাৰ
পূৰ্বৰ আৰ্য্যৰ তেজ ক’তো নাই
কৰা সকলোকে হিন্দু একাকাৰ
নহলে যে হিন্দু জাতি লোপ পায়।

বেদ বেদান্তাদি যত শাস্ত্ৰ মানে
নৰ জগতৰ জ্ঞানৰ ভড়াঁল
হীন জাত বুলি নাই কোনো লোক
চৰ্চ্চা কৰি দেখা নাই আহু কাল।

ভবিষ্যত উন্নতিৰ গধুৰ ভাৰ
ওলমে যুবক তোমাৰ কান্ধত
ওলাবলৈ ধৰা স্বৰাজ বাটলৈ,
আগ বঢ়া কাম তোমাৰ হাতত।

সংসাৰ ভাওনা ঘৰ খনি দেখাঁ
জনম মৰণ প্ৰকৃতি বিধান,
জীয়ে মাত্ৰ সেই যিজনে কৰিছে
দেশৰ কাৰণ স্বাৰ্থ বলিদান।

কাক কওঁ সমাজ-কু আৰ্হি কথা,
যাকে কওঁ সেয়ে পাৰে মাথোঁ গালি,
সকলো পণ্ডিত কথাত চতুৰ
মই মাত্ৰ কেৱল মূৰুখ খালি।

গালিকে পাৰক কলে সাৰ কথা
কৰক কুতৰ্কে মনক অথিৰ
দেখুৱাই কুআচাৰ উপমা
বিদেশী আৰ্হি হাইকোৰ্ট নজীৰ।

বক্তৃতা কথাৰে দেশক উধাৰে
ধৰ্মক কৰি মাথোঁ থান থান,
মনুষ্যত্ব এৰি জাতীয় জীৱন
গঢ়ে ই সকলে কৰি সাৰ জ্ঞান।

দিনৰ নিয়ম দিনৌ বদলিছে,
পুৰণি সাৱত ই সৱে নেৰে,
বেয়াটি ভাললৈ সংস্কাৰ নকৰা
বেৰিছে দেশক পাপৰেই বেৰে।

লঙ্ঘি মনু শাস্ত্ৰৰও ব্যৱস্থা
ব্ৰাহ্মণাদি ওখ হিন্দু নাম ধৰা
পাতে অষ্ট বৰ্ষী ছোৱালীৰ বিয়া
ততাতৈয়া বিচাৰি অপাত্ৰ দৰা।

যৌৱন নৌ হোৱা কোমল ছোৱালী
হলে বিধৱা পুনঃ নিদিয়ে বিয়া
পৰাশৰ মতকে। অজ্ঞান সকলে
পেলায় ভৰিৰে নিকপ কপীয়া।

বিধৱা বিয়া অলপ বয়সীয়া
কন্যা নকৰা ব্ৰাহ্মণৰ দোষে
মহা ৰোগ দৰে সমাজ জীৱন
কৰি আয়ুহীন দিন দিন শোষে।

উচ্চ বংশ বিধৱা হলে পতিতা
সমাজৰ দোষে পৰম নিঠুৰ,
নিয়ে তাক নীহ জাতৰ মানুহে
তথাপি সমাজ বান্ধহে কঠোৰ!

অপঁইতা বিধৱা বিয়া দিয়াটো
পাতে বাপেকে সি শাস্ত্ৰৰ নিয়ম
জানোছাঁ ই কন্যা ঘূৰি বিয়া দিলে
পলায় দূৰলৈ হিন্দুৰ ধৰম!

বিধৱা কন্যা হ’লে মাতৃহাৰা
কৰায় বাপেকে বিয়া কুমলীয়া,
এই মানুহেই সভ্য আৰ্য্যবংশী
শাস্ত্ৰাচাৰ এই পাতে লাগতীয়া!

কুকুৰ সোমালে ঘৰত কেতিয়া
পানী কলহ আদি নাযায় চুৱা
যায় মাত্ৰ চুৱা নীহ জাত সোমালে
নাই পৃথিবীত লোক এনে কুৱা।

নিকৃষ্ট মেকুৰি আখল সোমালে
কদা ভাত চৰু পেলনি নাযায়,
হীন জাত লোক ঘৰত সোমালে
সুপিয়েই পেলনি কিয়নো যায়?

এই জাতিয়েই আৰ্য্য বংশধৰ,
মিছা গণ্ডপেৰে কঁপোৱা মেদিনী,
ইহঁতেও ওখ জাত বুলি কয়
গপ কৰে আৰ্য্য জাতিৰ কাহিনী!

যুগী বৃত্তিয়াল নদীয়াল আদি
নহয় ছাপ মৰা তলৰ জাতি
সিহঁতৰ ভিতৰতো যে সোমাই
হৰি ভক্ত লোক আছে নম্ৰ অতি।

অহ! কলি কাল এনুৱা বিধান
নাছিল সত্যত ইৰূপ আচাৰ
জ্ঞান শিক্ষা কৰা ডেকা সকলেও
কলেজত পাতে জাতৰ বিচাৰ!

এনে জাতিভেদ যি জাতিৰ আছে
তালৈ কি একতা আহিব কদা?
স্বৰগৰ শাও হিন্দুত পৰিছে
গোলাম হৈ তলত থাকিব সদা।


খাছিয়া পৰ্ব্বতৰ ওপৰত ঠিয় দি
মনৰ ভাব।
[]

(১৮৮৫ ইং ছন)

কিয় চকুৰ পানী মোৰ বৈছে সঘনে
কিয় চকু একে থৰে চাইছে সৌপিনে
দেশৰ অৱস্থাত দুখী মোৰ ই চকু,
তাতেহে কান্দিছে ইয়ে দুখ অভিমানে।
উশ্ কি দেখিছোঁ—সোনৰ আসাম মাটী,
তথাপি আসাম বাসী দৰিদ্ৰ সন্তান,
কি দেখিছোঁ—কানিয়া সোৰোপা অসমীয়া
অচেতন অজীৱন অচল ধমনী।
কি দেখিছোঁ — ভৰিছে দেশ বিদেশী জন,

লাংতি মাৰি আহি সবে শুহিছেহি ধন,
ধিক্ অসমীয়া আমি নিৰ্জীৱ জীৱন।
কি দেখিছোঁ—মহৰি কেৰাণি কলমধাৰী
আধা পেটী ভাত খোৱা কথাত পাৰ্গত,
কাছুটী চেলেং সৰে খোজৰ বেগত,
ঊৰ্দ্ধশ্বাসে লৰিছে নিজ আফিচত,
হুজুৰৰ ৰাগ, গৰ হাজিৰ কৰে ধ্যান,
ধিক্ অসমীয়া আমি নিৰ্জীব পৰাণ।
কাম কৰি মাহ শেহে দৰ্মহাৰ দিন
কেঞা মুদী উথনাৰ সাধিছেহি ঋণ,
লম্বা ৰঙ্গা খাতা মেলি দিয়ে সমিধান,
ধিক্ অসমীয়া আমি নিৰ্জীব পৰাণ।
কি দেখিছোঁ—কেঞা মুদি আদি দোকানিগণ
কৰিছে আসাম ঋণ জালেৰে বন্ধন,
পৰৰ গোলাম মাথোঁ এই দেশী জন,
ডাঙ্গৰীয়া সকলৰ চাকৰিলৈ মন,
স্বাধীন বৃত্তিৰ প্ৰতি সকলে অমন,
ধিক্ আমি অসমীয়া নিৰ্জীব জীৱন।
কি দেখিছোঁ—বহু নাও জাহাজ নৈ বক্ষত,
সৰিহ, কপাহ, লা, ভৰাই বুটত
ধন ঘটে বিদেশীয়ে শুহি প্ৰতি ৰোজ,
দেশীৰ আকাল, বিদেশীৰ মহা ভোজ।

নিদ্রিত, আসাম নাই মন কাণ,
নিজ ধন আনে খায় নাই একো জ্ঞান,
ধিক্ অসমীয়া আমি নির্জীব পৰাণ !

কি দেখিছোঁ—কানিৰ খোলাত কত জন
কৰিছে ফুছুৰি গপ অকথ্য কথন,
কতো হৈছে খেতিয়ক হাজাৰ পুৰাৰ,
কতো হেছে বেপাৰি সহস্ৰ টকাৰ,
আৰু শুনো কৰা গপ দুই চাৰি জনে,
কোনোৱে বা ওলাইছে দেশ পৰ্য্যটনে,
বহু কথা ভাঙ্গি পাতি গ’ল থান থান,
ধিক্ অসমীয়া আমি নির্জীব পৰাণ ।

কি ভাবিছোঁ—বাৰ মাহৰ ভিতৰৰ ধৰি
যি জাতি তিনি মাহহে খায় খেতি কৰি,
উদং মেলি গৰু ম’হ থাকে বহি বহি,
গাত কাপোৰ মিলা টান থাকে জাৰ সহি,
পানী লগা মূৰ বিষ জ্বৰে পিছে ধৰি
নিছে অসমীয়াক ক্ৰমে নিপাত কৰি
কানিটিক্‌ৰা হুপি হুপি কামলৈ পাহৰে
খাজনা দিয়া ভয়ত মাটী ইস্তফা কৰে ।
এই দৰে বহি বহি সোৰোপালী কৰি
যাব অসমীয়াৰ গৰু চৰা বাকৰি,

বিদেশীয়ে আহি মাটী নিব থান থান
ধিক্ অসমীয়া আমি নিৰ্জীব পৰাণ।

কি দেখিছোঁ—শিক্ষিত যুৱক কতো জন
সমাজৰ ভয় সদা সঙ্কুচিত মন,
সমাজৰ কুনিয়ম ডাঠ কৰি ধৰি
সত্যক কৰিছে লুপ্ত ধৰ্ম্ম অনাদৰি,
সত্যৰ সাৰত এৰি সুসাহস কাৰ?
মিছাৰূপ জেং কাঁইটে ভেটে পুণ্য দ্বাৰ।
নিজোন্নতি, দেশোন্নতি খাই আছোঁ মূৰ
দুনাও দুভৰি কৰি চিন্তাত আতুৰ।
কৰোঁ বুলি ভাবোতেই হেৰুৱালোঁ মোৰ,
ঊনবিংশ শতাব্দিৰ পৰি গল ওৰ,
নিজৰ আৰু দেশলৈ নাই মন কাণ
ধিক্ আমি অসমীয়া নিৰ্জীব পৰাণ।

সম্বোধি গিৰিক শোধো আসামনো কাৰ?
কয় প্ৰতিধ্বনি আসাম যোগ্য যি তাৰ।
হায় কি বিষাদ কথা ভয়ৰ বতৰা
শুনিলো, অসমীয়া অযোগ্য নাম ধৰা।
ভাবাহে ভাবুক আমাৰ কি অধিকাৰ
জেংখৰি জন্য আমি কৰোঁ হাহাকাৰ!
বল শক্তি জ্ঞান বুদ্ধি সম অধিকাৰী,
তথাপি আসাম কিয় দৰিদ্ৰ ভিখাৰি?

জ্ঞানেহে দিয়ে বুদ্ধি আৰু শক্তি বল
ৰাইজৰ জ্ঞান শিক্ষা নোহোৱা ইফল।
ধিক্‌ মান হীন আমি আৰাম নিবাসী,
নিজৰ ঘৰত আমি হলোহোঁ প্ৰৱাসী।
বাগীছা ছাহাবে হইও প্ৰজা সমান
অপাৰ্থক দেখি আমি কৰে তুচ্ছ জ্ঞান,
ধিক্ অসমীয়া আমি নিজীব পৰাণ।

এতিয়াও আছে কিছু আমাৰ উপায়,
ঢুকাব ই নহলে আমি এক মনকায়,
দেশৰ উন্নতি হেতু কৰাহে যতন,
এলাহত পৰি কাল নকৰি হৰণ,
যি জাতিত নাইহে একতা জাতীয়তা
সি জাতিৰ দশা হয় পৰ অধীনতা।
অতএব সকলোৱে কৰা দৃঢ় পণ,
স্বদেশৰ হিত চিন্তা কৰি এক মন;
নহয়নে দুখ মনত উদয় এবাৰ
যদি ভাবি চোৱাঁ আসাম আজি কাৰ?

দেখা আন দেশে কেনে উন্নতি সাধিছে,
ৰাখিছে নিজৰ বস্তু পৰক নিদিছে,
শিল্প বাণিজ্যাদি যত উন্নতিৰ পথ
সকলোতে সি দেশৰ সিদ্ধ মনোৰথ।

নতুন নতুন কত বাতৰি কাকত
দেশৰ উন্নতি জ্ঞান কৰিছে বেকত।

এইহে আসাম তোমাৰ কপালৰ দশা
“নিউচ” খনি মৰা প্ৰায় বৰঙনি কুশা
মিহিৰ[] “দৰ্পণ” বিলাসিনী[] অৰুণোদয়,
বিস্মৃতিৰ গৰ্ভত হায় হল গৈ লয়।

কিনো বিধাতাৰ কোপ ই জাতিৰ প্ৰতি,
কিয় অসমীয়াৰ নাই সজ বুধি মতি?
বাতৰি কাকত নাই যিখান দেশৰ,
হয়নে সি দেশ পৃথিবীত লেখৰ?
কি লেখিলে বিধাতা ই গতি কপালত,
সোমাব অসম জাতি কালৰ গ্ৰাসত।
বিদেশীয়ে নিব শুহি সৰ্বস্ব আমাৰ
ভাবাহে ভাবুক আসাম যে আজি কাৰ?

অন্ত৷

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )

 
  1.  গদাধৰ সিংহ মহাৰাজাই শত্ৰু জিনি যেতিয়া ৰাজ সিংহাসনত বহে তেতিয়া জয়সাগৰ পুখুৰী খনাই সতী সাধ্বী জয়মতী কুৱঁৰীৰ স্মৃতি ৰক্ষা অৰ্থে জয়সাগৰ শিৱদৌল কৰি ইয়াক উৎসৰ্গ কৰে। জয়সাগৰ মাজত এটি লোৰ খুটা আছে সেই খিনিতে জয়মতী কুৱঁৰীক শাস্তি দিয়া হৈছিল।
  2.  এই কবিতাটী মই ১৮৮৫ ইং ছনত আসাম বান্ধৱত ছপাইছিলো। স্বৰ্গীয় ৰায় বাহাদুৰ গুণাভিৰাম বৰুৱাৰ হাতত দিওঁ—আসাম বান্ধৱৰ পৰা এতিয়া ইয়াক প্ৰকাশ কৰিলোঁ। কবিতাৰ ছন্দৰ লাগবান্ধ নাই, মনত উঠা ভাৱৰ বেগত লেখা, এই কাৰণে ৰায় বাহাদুৰ স্বৰ্গীয় গুণাভিৰাম বৰুৱা ডাঙ্গৰীয়াই তলত দিয়া টীপ্পনিটি সম্পাদকীয় মন্তব্যত লেখে “পৰ্ব্বতৰ শিখৰত উঠি এই জনা লেখকে অপূৰ্ব্বৰূপে এই ভাব প্ৰকাশ কৰিছে, লেখকৰ ভাব আৰু ছন্দ দুয়ো ন।”

    ৰায় গুণাভিৰাম বৰুৱা
    সম্পাদক আসাম বন্ধু।

  3.  আসাম মিহিৰ সাপ্তাহিক বাতৰি কাকত বঙ্গলা ভাষাত স্বৰ্গীয় চিদানন্দ চৌধুৰী ডাঙ্গৰীয়াই বঙ্গদেশী সম্পাদক আনি বাহিৰ কৰে। পোনতে চৌধুৰী ডাঙ্গৰীয়া চন্দ্ৰমোহন গোস্বামীৰ লগ লৈ অসমীয়া ভাষাৰ বৰ বিৰোধী আছিল।
  4.  আসাম দৰ্পণ অসমীয়া ভাষাত শ্ৰীযুত বশস্বদ মিত্ৰৰ পিতৃদেৱ ডাক্তৰ মহেন্দ্ৰনাথ মিত্ৰে বাহিৰ কৰে, বিলাসিনী পূজ্যপাদ আউনীআটী সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে প্ৰকাশ কৰে।