চানেকি
চানেকি।
আৰ্হি-তিৰোতাৰ জীৱন-চৰিত।
ৰচোঁতা।
শ্ৰীসূৰ্য্যকুমাৰ ভূঞা, এম্-এ, বি-এল্।
অধ্যাপক, কটন কলেজ।
গুৱাহাটী, আলাম।
Chaneki
Lives of Eminent Women
BY
SURYYA KUMAR BHUYAN, M. A., B. L
PROFESSOR COTTON COLLEGE,
Gauhati, Assam.
প্ৰথম তাঙ্গৰণ।
All Rights Reserved by the Author.
প্ৰকাশক
শ্ৰীঅব্জধৰ বৰকটকী।
বৰকটকী কোম্পানী।
যোৰহাট, আসাম।
First Edition, 1000 Copies.
কলিকতা,
২নং বেথুন ৰো, ভাৰতমিহিৰ যন্ত্ৰত
শ্ৰীসৰ্ব্বেশ্বৰ ভট্টাচাৰ্য্যৰ দ্বাৰা মুদ্ৰিত।
মৰমৰ ভনী।
শ্ৰীমতী মনোৰমা ভুঞা।
আইদেউৰ হাতত
ককাইদেৱেকৰ
স্নেহ আৰু আশীৰ্ব্বাদৰ
চিন-স্বৰূপে এই
চানেকি
উপহাৰ দিলোঁ।
শ্ৰীসূৰ্য্যকুমাৰ ভূঞা।
পাতনি।
‘জোনাকী’ৰ লগৰীয়া গ্ৰন্থ ‘চানেকি’ত কেবা গৰাকী ও আদৰ্শ তিৰোতাৰ জীৱন কাহিনী আলোচনা কৰা হৈছে। অসমীয়া তিৰোতাই স্বদেশীয় বাই-ভনীৰ কথা পঢ়ি শিক্ষা আৰু আনন্দ পাব বুলি আৰম্ভণী প্ৰৱন্ধত তেওঁলোকৰ বিষয়ে চমু বিৱৰণ দিয়া হল, আৰু শেষৰ প্ৰৱন্ধত বুৰঞ্জী প্ৰসিদ্ধ সকলো অসমীয়া তিৰোতাৰে অতি সংক্ষিপ্ত পৰিচয় দিয়া হৈছে। সময় আৰু সুবিধা পালে সেই সকলৰ কিছুমানৰ বিষয়ে বহলাই লিখি অসম-জীয়ৰীৰ গৌৰৱৰ কথা সকলোৰে সন্মুখত দাঙ্গি ধৰাৰ অভিপ্ৰায় থাকিল।
‘জোনাকী’ৰ প্ৰকাশক শ্ৰীমান্ অজধৰ বৰকটকী দেৱক “চানেকি” প্ৰকাশ কৰাৰ কাৰণে ধন্যবাদ দিলোঁ। এই দৰে প্ৰকাশক সকলৰ চেষ্টাত পৰি থকা অসমীয়া গ্ৰন্থাৱলী ৰাইজৰ আগলৈ ওলোৱাৰ সুবিধা হলে অসমীয়া সাহিত্যত নতুন যুগৰ অৱতাৰণা হব।
ইং ১২ মেই, ১৯২৮ |
শ্ৰীসূৰ্য্যকুমাৰ ভূঞা। |
সূচীপত্ৰ
| ১। অসমীয়া তিৰোতা | ... | ... | ... | ১ |
| ২। তপস্বিনী ৰাবিয়া | ... | ... | ... | ১৬ |
| ৩। জয়মতী কুঁৱৰী | ... | ... | ... | ২৬ |
| ৪। আনন্দীবাঈ জোছী | ... | ... | ... | ৪০ |
| ৫। ফোৰেন্স নাইটিঙ্গেল | ... | ... | ... | ৬৭ |
| ৬। ৰমাবাঈ সৰস্বতী | ... | ... | ... | ৭৩ |
| ৭।আগৰ দিনৰ অসমীয়া তিৰোতা | ... | ... | ... | ৮০ |
⸻
চানেকি
⸻
আগত চানেকি লই বিশ্ব-তিৰোতাৰ
নিজৰ জীৱন কৰা অমিয়-ভাণ্ডাৰ।
অসমীয়া তিৰোতা
জগতৰ মাজত আজি অসমীয়া জাতি অকামিলা আৰু সোপাঢিলা বুলি জনাজাত হব পাৰে, কিন্তু অসমীয়া তিৰোতাৰ গৌৰৱৰ কথা দেশ-বিদেশত মুক্তকণ্ঠে প্ৰচাৰিত হৈছে। ভাৰতৰ অনান্য তিৰোতাতকৈ অসমীয়া তিৰুতা সমুন্নত বুলি বিলাতৰ মন্ত্ৰীসভাত পৰ্য্যন্ত গুণজ্ঞই ঘোষণা কৰিছে। অসমীয়া তিৰোতাই এই দৰে অবাধে সন্মান নাপাব কিয়? তেওঁলোকৰ হাতৰপৰা বন-বাৰী নুগুচে। তেওঁলোকে পথাৰত স্বামীক সহায় কৰিবলৈ ভূঁই ৰুব, ধান চিকুনাব, ধান দাব আৰু দৰকাৰ হলে নিজে নাও মাৰি নৈয়েদি অহাযোৱা কৰিব, নেওথনি লৈ সূতলাহি পকাই কটনা কাটি গোটেই ঘৰ-ঘৰোৱাল মানুহৰে অসমীয়া তিৰোতাই বস্ত্ৰ যোগাব। অসমীয়া তিৰোতাৰ এনে এটি সুন্দৰ গুণ আছে যে ৰাজকন্যা আহি যদি খৰিভাৰীৰ ঘৰত পৰে তথাপি তেওঁ স্বামীৰ লগৰী হৈ স্বামীৰ চৰণ চিন্তি সুখেৰে বিনা ওজৰে জীৱন যাপন কৰিব পাৰিব। আৰু যদি নিচলাৰ ছোৱালী ৰজাৰ মাদৈ, বৰকুৱঁৰী বা পটেশ্বৰী হয় তাতো তেওঁ স্বামীৰ প্ৰকৃত সহধৰ্ম্মিণী হৈ উপযুক্তভাৱে ৰাজ্যভাৰ চলাব পাৰিব।
অসমীয়া তিৰোতা অসমীয়া জাতিৰ গৌৰৱৰ সম্পদ। পুৰণি অসম বুৰঞ্জী পুথি এখনি যেয়ে মেলি চাইছে তেঁৱে দেখা পাইছে অসমীয়া তিৰোতাই অসমৰ ভাগ্যচক্ৰ কেনেকৈ পোনাইছে। নাওচেং বা ৰমণী গাভৰুক অসম ৰজাই মোগল পাটশ্যাহৰ পুতেকলৈ বিয়া দিয়ে। মোগল সম্ৰাটৰ অন্দৰ-মহলত থাকি অসমৰ জীয়ৰীয়ে পাৰস্য ভাষাত সুপণ্ডিতা হৈ পিতৃদেৱ অসমৰ স্বৰ্গদেৱলৈ যিখানি চিঠি দিয়ে আখৰে আখৰে তাত অসাধাৰণ পাণ্ডিত্যৰ চিনাকি পোৱা যায়। কোনো তিৰোতাই কোনো উল্লেখ যোগ্য কাম কৰিলে বা কোনো উল্লেখ যোগ্য কথা কলে বুৰঞ্জী-লিখকে তাক সাদৰে বুৰঞ্জীৰ পাতত ঠাই দিছিল আৰু তিৰোতা বুলি অসমীয়া ঐতিহাসিকে অৱহেলা নকৰিছিল। মানসিক প্ৰতিপত্তিত অসমীয়া তিৰোতা একেবাৰে পিচ-পৰা নহয়। সুবিধা পালে অসমীয়া তিৰোতাই শিক্ষা বিষয়তো সুখ্যাতি লাভ কৰিব পাৰে। অসমত স্ত্ৰী শিক্ষা বিস্তাৰ হোৱা সৰহ দিন হোৱা নাই, ইয়াৰ ভিতৰতে কেবা গৰাকীও অসমীয়া তিৰোতাই বিশ্ববিদ্যালয়ৰ পৰীক্ষাত আন জাতিৰ তিৰোতাক চেৰ পেলাব পাৰিছে।
যি সকল তিৰোতাই ভাৰতৰ আহি নিৰূপণ কৰি আহিছে, যাৰ নাম ভাৰতৰ ঘৰে ঘৰে, সুখৰ বিষয় ভাৰতৰ সেই পৌৰাণিক সুন্দৰী সতী-সমাজলৈ অসমীয়া তিৰোতাই তিনি গৰাকী প্ৰতিনিধি পঠিয়াব পাৰিছে।
ৰুক্মিণী---অসমৰ পূব পিনে শদিয়াৰ কিছু আঁতৰত ভীষ্মক ৰজাৰ ৰাজধানী কুণ্ডিল নগৰৰ ভগ্নাৱশেষ এতিয়াও পৰি আছে। সেই কুণ্ডিল নগৰ ৰাজধানীৰ অন্তঃপুৰৰপৰা ৰুক্মিণী সুন্দৰীয়ে নিজৰ ৰূপেৰে সুদূৰ দ্বাৰকাৰপৰা যদুমণি শ্ৰীকৃষ্ণক আকৰ্ষণ কৰিব পাৰিছিল।
উষা—আজি কালি যি ঠাইক আমি তেজপুৰ বোলোঁ সেই পৌৰাণিক শোণিত পুৰত নতী চিত্ৰলেখাৰ সৈতে ৰাজ অন্তেষপুৰত ঊষা সুন্দৰীয়ে খেলন-ভূলন কৰি আছিল। চিত্ৰলেখাই মহা কৌশলেৰে দ্বাৰকাৰ পৰা শ্ৰীকৃষ্ণৰ নাতি অনিবন্ধ কোঁৱৰক আনি বাণৰ নন্দিনী উষাৰ সৈতে কোঁৱৰৰ গান্ধৰ্ব বিয়া দিয়ে। শোণিতপুৰ ভগ্নাৱশেষ ঊষা সুন্দৰীয়ে গা-ধোৱা পুখুৰী এতিয়াও তেজপুৰত জিলিকি আছে।
বেউলা—এই কামৰূপৰ ভিওৰত এখনি গাৱঁত থকা চান্দো সদাগৰৰ বোৱাৰী লখীন্দৰৰ ভাৰ্য্যা বেউলা সতীৰ কথা কোনে নেজানে? এখনি ভুৰত সৰ্প দংশনত মৃত স্বামীক লৈ ভৰা নৈয়েদি বেউলা সতী গৈ আছে, এই চিত্ৰ কেনে মৰ্মান্তিক। বেউলাৰ একনিষ্ঠ স্বামী ভক্তি দেখি বিষহৰি হুপ্ৰসন্ন হৈ লখীন্দৰ আৰু তেওঁৰ মৃত সাতো ভাইৰ জীৱন দান কৰে। ছয়গাঁৱত চান্দো সদাগৰৰ মেড়ঘৰৰ ভগ্নাৱশেষ, আৰু ধুবুৰীত বেউলাই নাও বন্ধা নেতাই ধুবুৰীৰ ঘাট এতিয়াও আছে। কমলা কুঁৱৰী।—আৰু যদি কিম্বদন্তীৰ পোনে ঢকু ফুৰাওঁ তাত এগৰাকী অতুলনীয়া স্বাৰ্থত্যাগিনী কুঁৱৰীৰ সাক্ষাত পাওঁ।কমলা কুঁৱৰী ৰজাৰ পাটমাদৈ আছিল। দেশত পানী নাই, নৈ, বিল শুকাই খৰ খৰীয়া মাৰিলে, প্ৰজাৰ বিলাই কোনে চায়? পানীৰ আকালত মানুহৰ অণ্ঠে কণ্ঠে শুকাই গৈছে। এই সময়ত জলকুৱৰীয়ে ৰজাদেৱক সপোন দেখুৱালে বোলে কমলা কুঁৱৰীক বিসৰ্জ্জন দিলে ৰাজ্যত আকৌ পানী হব, প্ৰজাই নিস্তাৰ পাব। ইয়াকে শুনি প্ৰজাবৎসল ৰজাই প্ৰাণৰ কমলা কুঁৱৰীক জল কুঁৱৰীত সমৰ্পণ কৰিবলৈ থিৰ কৰিলে। কমলা কুঁৱৰীক পুখুৰীত নমোৱা হ'ল। পুখুৰীৰ তলিত পানী বিৰিঙ্গি যাবলৈ ধৰিলে। ৰজাই শুধিছে, — 'মোৰে প্ৰাণেশ্বৰী কমলা এ, পানী কিমানে হল?' কুঁৱৰীয়ে কৈছে, “মোৰে প্ৰাণেশ্বৰ স্বৰ্গদেৱ এ পানী এবুকু হ’ল”—এই কৰুণ বিননিয়ে কোন অসমীয়াৰ প্ৰাণত কোমল ভাব ওপজাব পৰা নাই? কমলা কুঁৱৰীৰ কথা সাধু কথা বুলি লোকে কয়, কিন্তু তাৰ মূৰত অলপ সত্য নাথাকিলে সেই সাধু কথাৰ সৃষ্টি হ'ল কেনেকৈ?
চাউচিং গাভৰু। — স্বৰ্গদেৱ চুক্লেংং ৰজাক গৰগঞা ৰজা বুলি কোৱা হয়; কাৰণ তেওঁ পূৰ্বৰ ৰাজধানী চৰগুৱা এৰি গড়গাঁৱত ৰাজধানী পাতিলে। গড়গাঁৱৰ চাৰিও মেৰে গড় দিয়াৰ মূলত আছিল তেওঁৰ কুৱৰী চাউচিং গাভৰু। নৰাৰজাই স্বৰ্গ- দেৱেৰে সৈতে মিত্ৰতা কৰিবৰ ইচ্ছাৰে তেওঁৰ জিয়াৰী চাউচিং গাভৰুক মূল্যবান যৌতুকেৰে সৈতে স্বৰ্গদেৱক সমৰ্পণ কৰে। আহোম ৰাজঘৰত থাকি এই গৰাকী কুৱঁৰী বৰ পণ্ডিতা হৈ পৰে। তেওঁ ভৰিৰে আহোম আখৰ লিখিব পাৰিছিল। এদিন কুৱঁৰীয়ে ৰজাক ক'লে, “নগৰৰ চাৰিও মেৰে গড় হব লাগে, ভেহে ভাল।” এই কথাত ধৰি চুক্লেংমুং স্বৰ্গদেৱে গড়গাঁৱত গড় বান্ধি নতুন ৰাজধানীৰ নাম গড়গাঁও থলে। গড়গঞা ৰজাৰ আগৰ জনা স্বৰ্গদেৱ চুহুংমুঙ ৰজাৰ দিনত কনচেং গোহাঁইদেৱে তৃতীয় মন্ত্ৰীৰ বাব পায়, আগেয়ে মাথোন বৰগোহাঁই আৰু বুঢ়া গোহাঁই মন্ত্ৰী আছিল। ইয়াতে অন্যান্য বিষয়াবিলাক অসন্তুষ্ট হয়। কিন্তু পাচলৈ চাউটিং কুৱঁৰীয়ে গৰগঞা ৰজা আৰু বিষয়া সকলক এই- দৰে বুজালে, “আমাকনো দেৱে কি নিদিছে? দুটা ৰজাৰ উধানত সুবৰ্ণৰ খালি বহোৱা গৈছে, তিনিটাক লাগি শক্তিয়ে নুজুৰিছে নেকি?” কুঁৱৰীৰ এই যুক্তিত ৰজা আৰু মন্ত্ৰী সকলেও হয় তুলি তৃতীয় মন্ত্ৰীক বৰপাত্ৰ নাম দি ৰাজসভাত গ্ৰহণ কৰিলে।
কবচ কাপোৰ — কবচ কাপোৰ নামে এবিধ ৰণুৱা কাপোৰ অসমত প্ৰচলিত আছিল। সেই কাপোৰ গাত লওঁতা জনক ৰণত কোনেও ঘটুৱাব নোৱাৰে। ওৰে ৰাতি কপাহ নেওঠি, পাঁজি কাৰ্টি ৰাতি নৌ পুৱাওঁতেই এই কাপোৰ উলিয়াব লাগে। তাহানি অসম ৰজাৰ লগত তুৰ্ব্বকৰ ৰণ লাগোঁতে ফাচেংমুং বৰগোঁহায়ে এই ৰণুৱা কাপোৰ পিন্ধি ৰণলৈ যাব নোৱাৰাত ৰণত পৰাৰ কথা বুৰঞ্জীত পোৱা যায়। তেওঁৰ মৃত্যুত তেওঁৰ গাভৰু হতীত উঠি ৰণ কৰি যুদ্ধত পৰিল। কোনো বুৰঞ্জীত এই সূত্ৰত কাকু বুঢ়াগোহাঁইৰ কথাহে আছে। নাংবক্ল গাভৰুখোৰা ৰজাৰ দিনত, দিহিঙ্গীয়া ৰজাৰ জীয়েক, স্বৰ্গদেৱৰ পেহীয়েক আৰু তখাম্ বৰ গোহাঁইৰ ভাৰ্যা নাংবক্ল গাভৰুৱে বৰ তেজস্বিতাৰ প্ৰমাণ দেখুৱাইছিল। কোচবেহাৰৰ নৰনাৰায়ণ ৰজাৰ কালত অসমৰ সৈতে কোচৰ দীঘলীয়া ৰণত অসমৰ ৰাজ-ভঁৰাল আৰু সেনাৰ বিস্তৰ ক্ষতি হল। এই দুই ৰজাৰ মাজত সন্ধিৰ প্ৰস্তাৱত ইয়াকে থিৰ কৰা হল যে অসমৰ ৰজাই কোচ ৰজালৈ অন্যান্য বস্তুৰে সৈতে পাচজনা কোৱঁৰক ওল বা সন্দেশ স্বৰূপে পঠিয়াব। তাৰ ভিতৰত নাংবৰ গাভৰুৰ পুতেক ত্যাওপতো বাচনিত পৰিল। কোচৰ লগত প্ৰকাৰান্তৰে পৰাস্ত হৈ আমাৰ স্বৰ্গদেৱে আৰু ডাঙৰীয়াসকলে এইদৰে কোৱ ৰসকলক আন দেশৰ ৰজাৰ চৰালৈ আজীৱন দেশৰ বাজ কৰি পঠিয়াব খুজিছে এই কথাত নাংবক্ল গাভৰু বৰ মৰ্ম্মাহ হল। তেওঁ ৰাজ্যৰালৈ গৈ ৰজাৰ আগত থিয় হৈ নিৰ্ভয়ে ৰজাক কবলৈ ধৰিলে, “মোৰ পোক ভাটী ৰাজ্যলৈ যাবলৈ দিম কিয়? কোচৰ সৈতে ৰণত যে তুমি হাৰিল৷ তুমিনো কিহৰ ৰজা?” আৰু নিজ-স্বামী তনথাম বৰ গোহাঁইৰ ফালে কটাক্ষ কৰি ক'লে, – “তুমিনো কিহৰ বৰ গোহাঁই! ভাল, তোমালোকে ৰণত হাৰিলা মই এড়ি যুজি চাও দিয়া। তোমা- লোকৰ টুপি, ছোলা কুনবিন্ কুনখা মোক দিয়া, কোচৰে সৈতে যুঁজ কৰোগৈ;মই তিৰোতা নে পুৰুষ তেতিয়া তাৰ চিন পাবা।” ত্যাওখাম্ বৰগোহাঁই ডাঙৰীয়াই নিজে সেই সন্ধিৰ প্ৰস্তাৱত মত দিছিল ।গাভৰুৱে পুতেকক কোচ ৰজাৰ তালৈ পঠিয়াব নোখোজাত বৰগোহাঁই ডাঙৰীয়াই বিষম লাজ পাই কলে, “ৰাজ্যৰ নিমিত্তে মোৰ পোক দিলো, যক”। গাভৰুয়ে ত্যা পেতক কাষলৈ টানি নি কলে, “মোৰ পোক কোনে দিব পাৰে? দিখৌ নৈ বান্ধি ওভোটাই পঠিয়ালেহে মোৰ লৰাক কোচ ৰজালৈ দিব পাৰিব।” তাৰ পাচত ত্যাওপেতৰ সলনি স্বৰ্গদেৱে নিজৰ ভাই চুগাম কোঁৱৰক কোচ ৰজালৈ পঠিয়ালে। নাংবক্ল গাভৰুৱে নিজৰ সন্তানক এৰি নিদিয়াত কোনেও ভৎসা উচিত নহয় যে গাভৰু দেশৰ বৈৰী আছিল। তেওঁৰ ভাব আছিল, ৰজা আৰু ডাঙৰীয়া কোচৰ ৰণত নিজৰ বিক্ৰমৰ অভাৱত পৰাস্ত হৈছে। সেই পৰাজয়ৰ ক্ষতিপূৰণ কৰিবলৈ মাতৃৰ বুকুৰপৰা সন্তানক আঁতৰাই দেশান্তৰী কৰিবলৈ তেওঁলোকৰ কি অধিকাৰ আছে?
জয়মতী কুঁৱৰী—জয়মতী কুৱঁৰীৰ কথা সকলোৱে জানে। লৰাৰজাৰ গুপ্তচৰৰ হাতত প্ৰাণৰ সংশয় আছে জানি গদাপাণি নিৰুদ্দেশ! এনে স্থলত ৰজাৰ চৰিয়াই আহি জয়মতীক ৰজাৰ বৰচ'ৰালৈ লৈ যায়। জয়মতীয়ে স্বামীৰ সন্ধান নোকোৱাত জেৰেঙ্গ৷ পথাৰত এপখ ধৰি তেওঁক যন্ত্ৰণা ভূঞ্জোৱা হয়। যাতনাত সতীয়ে নৰতনু ত্যাগ কৰিলে। ৰংপুৰৰ জয়দল আক জয়সাগৰে আজিও সতীৰ মাহাত্ম্য ঘোষণা কৰিছে।
শিৱসিংহৰ কুঁৱৰী কেগৰাকী—সঙ্গী জয়- মতীৰ লগত শিৱসিংহ স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ হোৱাত ৰাজ- কাৰ্য্যৰপৰা তেওঁ অৱসৰ লয়।তেওঁৰ পাটমাদৈ ফুলেশ্বৰী কুৱঁৰীয়ে মহাৰাণী হৈ, প্ৰমথেশ্বৰী নাম ধৰি অতি সুখ্যাতিৰে ৰাজকাৰ্য চলায়। ফুলেশ্বৰী আইকুৱঁৰী শিক্ষাৰ বৰ অনুৰাগিণী আছিল। তেওঁ সৰ্বসাধাৰণৰ শিক্ষাৰ নিমিত্তে ৰংপুৰত এটি পঢ়াশালী পাতি দিয়ে, সেই পঢ়াশালী বহুত দিনলৈকে বৰ ৰজাৰ পঢ়াশালী বুলি খ্যাত আছিল। স্বামীৰ নাম চিৰস্মৰণীয় কৰিবৰ কাৰণে তেওঁ শিৱদৌল আৰু শিৱসাগৰ নিৰ্ম্মাণ কৰে। ফুলেশ্বৰীৰ মৃত্যুৰ পাছত তেওঁৰ ভনীয়েক দ্ৰৌপদীক শিৱসিংহ স্বৰ্গদেৱে বিয়া কৰাই মদাম্বিকা নাম দি মহাৰাণী 'পাতি সিংহাসনত বহুৱায়। তেওঁৰ মৃত্যুত ৰজাদেৱে সলাল গোহাঁইৰ জীয়েক অনাদৰীক বিয়া কৰাই তেওঁক সৰ্ব্বেশ্বৰী নাম দি আগৰ দুই ৰাণীৰ দৰে পাটমাদৈ বা মহাৰাণী পাতিলে। এই তিনি গৰাকী অসমীয়া মহাৰাণীয়ে অতি দক্ষতাৰে ৰাজকাৰ্য্য চলায় আৰু আৰু দেশৰ অনেক হিতকাৰ্য্য কৰি যায়। এই তিনি গৰাকী কুৱঁৰীয়ে নিজে চকু দি নিজৰ দিহামতে গৌৰী- সাগৰ দল আৰু পুখুৰী, কালু গাৱঁৰ দ'ল আৰু পুখুৰী, শিৱসাগৰ দ'ল আৰু পুখুৰী, আৰু কেৰি ৰাজমাওৰ দ'ল কৰায়। ফুলেশ্বৰী আৰু মদাম্বিকা কুঁৱৰী যে উচ্চবংশসম্ভূতা আছিল এনে নহয়, তথাপি তেওঁলোকৰ নিজ গুণৰ দ্বাৰা ডা— ডাঙ্গৰীয়া, বৰুৱা-ফুকন আৰু প্ৰা সকলোৰেপৰা মহাৰাজৰ মান-সম্ভ্ৰম পাইছিল, আৰু ৰজাৰ লগত মোহৰত তেওঁলোকৰ নাম মাৰোতে কোনেও একো ওজৰ-আপত্তি নকৰিছিল। দিল্লীৰ ৰেজিয়া বেগম, ইংলণ্ডৰ এলিজাবেথ আৰু মহাৰাণী ভিক্টোৰীয়াৰ দৰে এই তিনিজনা অসমীয়া মহাৰাণীয়ে ৰাজকাৰ্য্য চলোৱাত তিৰোতাৰ নিপুণতা দেখুৱাই গৈছে। এই কেগৰাকী কুৱঁৰীয়েই তাহানিৰ বিক্ৰমাদিত্যৰ দৰে ‘নৱৰত্ন সভা’ নাম দি কিছুমান ডাঙৰ ডাঙৰ পণ্ডিতেৰে এখনি সভা সংগঠন কৰিছিল আৰু পশু চিকিৎসাৰ বিষয়ে পুথিও প্ৰচাৰ কৰিছিল।
অমৃত প্ৰভা। খৃষ্টীয় প্ৰথম শতিকাত কামৰূপত নৰক- বংশীয় এজনা পৰাক্ৰমী ৰজাই ৰাজত্ব কৰিছিল। তেওঁৰ কন্যাৰ নাম আছিল অমৃত প্ৰভা। ৰাজনন্দিনী অমৃতপ্ৰভাৰ সৌন্দৰ্য আৰু গুণৰ সৌৰভ ভাৰতৰ চাৰিওপিনে বিয়পি পৰিছিল। কন্যাৰ বিবাহ যোগ্য বয়স হলত ৰজাই স্বয়ম্বৰৰ ব্যৱস্থা কৰে। সেই স্বয়ম্বৰ সভালৈ ভাৰতৰ সকলো ঠাইৰপৰা নৃপতি আৰু ৰাজকোঁৱৰ সকল আহিছিল। তাৰ ভিতৰত গোপাদিত্যৰ পুতেক কাশ্মীৰৰ যুবৰাজ মেঘবাহনৰ গাত মহা পৰাক্ৰান্ত ৰাজাধিৰাজৰ লক্ষণ দেখি অমৃতপ্ৰভাই তেওঁৰ ডিঙিত বৰমাল্য অৰ্পণ কৰে। মেঘবাহনে কাশ্মীৰৰ সিংহাসনত বহা কালত ৰাজমহিষী অমৃত- প্ৰভাই মহাৰাজৰ প্ৰিয়তমা পত্নীৰ আসন লাভ কৰে। কাশ্মীৰত বৌদ্ধ শিক্ষকৰ অভাৱ হোৱাত মহিষীয়ে পিতৃদেৱ কামৰূপেশ্বৰৰ ৰাজসভাৰ অলঙ্কাৰ স্বৰূপ লোহ দেশীয় পণ্ডিত স্তৌনপাক কাশ্মীৰলৈ লৈ যায়। ইয়াৰ উপৰিও প্ৰবাসী বৌদ্ধ ভিক্ষুসকলৰ কাৰণে অমৃত প্ৰভাই এটি সুৰম্য বিহাৰ নিৰ্ম্মাণ কৰে॥ সেই বিহাৰ আজিলৈকে অমৃত-ভৱন বা অমৃত-ভৱন নামে প্ৰখ্যাত। মূলা গাভৰু।—তাৰ পাচত অসম বুৰঞ্জীৰ পাতে পাতে অসমীয়া তিৰোতাৰ বলবীৰ্য্য আৰু ৰাজ ক্ষমতাৰ পৰিচয় পাওঁ। চুহুন্মুং স্বৰ্গনাৰায়ণ ৰজাৰ দিনত মছলমান সেনাপতি তুৰ্বকে, অসম আক্ৰমণ কৰি কলিয়াবৰলৈকে আহে। সেই ঠাইতে আহোম আৰু মছলমানৰ এখন তুমুল ৰণ হয়। অসমৰ এজন সেনাপতি ফ্ৰাচেন-মুং বৰগোঁহাই সেই ৰণত পৰে। পিচবাৰ যেতিয়া তুৰ্বকে অসমদেশ আক্ৰমণ কৰিবৰ নিমিত্তে কলিয়াবৰলৈ উজাই আহে, স্বৰ্গগত বৰগোহাঁইৰ বিধৱা ঘৈনীয়েক মূলা গাভৰুৱে চামুণ্ডাৰ ৰূপ ধৰি পতি বৈৰী তুৰ্ব্বকক এসেকা দিবলৈ হাতত ধাল-তৰোৱাল লৈ ঘোঁৰাত উঠি নিজে ৰণস্থলীত উপস্থিত হলগৈ। বৰগোহাঁইৰ ঘৈণীয়েকে অসীম তেজেৰৰে ৰণ কৰি ৰণত পৰিল সচাঁ, কিন্তু তেখেতৰ দৃষ্টান্তই শত শত অসমীয়া যুঁজাৰুৰ হৃদয়ত নতুন সাহ আৰু বিক্ৰমৰ সঞ্চাৰ কৰিলে। তুৰ্বকৰ দেহা অসমৰ মাটীত মিহলি হ'ল। মুচলমান সেনা অসমীয়া সেনাৰ অতুলনীয় বিক্ৰমৰ সন্মুখত তিষ্ঠিৰ নোৱাৰি নিজৰ দেশলৈ উভতি গল।
ৰাধা আৰু ৰুক্মিণী।—কথাতে কয় বোলে মনৰ বেগত ফুৰে হামথুৰি খাই পৰে। তিৰোতা জাতি তেনেকৈ মনৰ বেগত ফুৰে, আবেগৰ প্ৰকোপত তেওঁলোকে ভবিষ্যত ভালকৈ মনিব নোৱাৰে। বৰৰজা ফুলেশ্বৰী আইকুঁৱৰীৰ ধৰ্ম্মত প্ৰবল ৰতি আছিল। ইফালে মোৱামৰীয়া বৈষ্ণৱ সকলে গোঁসানী নেমানে। এই কথাত ফুলেশ্বৰী কুৱঁৰী বৰ অসন্তুষ্ট হল। তেওঁৰ ধাৰণা আছিল যে ৰজা প্ৰজা দুয়ো একে, ৰজাৰ যি ধৰ্ম্ম, প্ৰজাৰো সেই ধৰ্ম্ম হব লাগে। তেওঁ এবাৰ দুৰ্গোৎসৱ পূজা পাতি গোঁসানী নমনা শূদ্ৰ মহন্তসকলক তালৈ নিমন্ত্ৰণ কৰিলে। মহাজনসকলে ৰাজ-আজ্ঞা শিৰোধাৰ্য্য কৰি পূজালৈ আহিল। তাতে ফুলেশ্বৰী বৰকুঁৱৰীৰ আদেশ মতে তেওঁলোকৰ কপালত সেন্দুৰ, ৰঙা চন্দন আৰু বলি কটা মহ-ছাগলীৰ তেজেৰে ফোঁট দিয়ায়, আৰু বলেৰে গোঁসানী সেৱা কৰোৱাই তেওঁলোকক নগুৰ শাস্তি কৰা হল। এই অপমান মহন্তসকলৰ অসহনীয় হল। বিশেষকৈ মোৱামৰীয়া মহন্তৰ অপমানত সদৌ মোৱামৰীয়া শিষ্য সম্প্ৰদায়ে প্ৰতিশোধৰ উপায় চিন্তিবলৈ ধৰিলে, আৰু ৰাজ্যত বিদ্ৰোহ তুলি দেশত উপদ্ৰৱ আৰম্ভ কৰিলে। শিৱসিংহ ৰজাৰ পাছতো প্ৰমত্ত সিংহ আৰু ৰাজেশ্বৰ সিংহ ৰজাৰ দিনত মোৱামৰীয়াই উপদ্ৰৱ কৰি লণ্ডভণ্ড কৰে। তাৰ পাচত লক্ষৗসিংহ ৰজাৰ দিনত কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ হাতত নকৈ অপমানিত হৈ মোৱামৰীয়াই প্ৰকাশ্যে বিদ্ৰোহ ঘোষণা কৰে। তেওঁলোকৰ সেনাপতি হল, — ৰাজ্য-ভাৰৰ পৰা বঞ্চিত হোৱা জয়মতীৰ নাতি আৰু শিৱসিংহৰ ভায়েক মোহনমালা গোঁহাইদেৰ। তেওঁৰ লগৰীয়া সেনাপতি আছিল ৰাঘমৰান আৰু নাহৰ খোৰা মৰাণ। এই নাহৰ মৰাণে ইয়াৰ পূৰ্বে ৰজাৰ বিষয়া কীৰ্তিচিন্দ্ৰ বৰবৰুৱাৰ হাতত সৰু দোষত চমটাৰ কোব খাইছিল। এই নাহৰ খোৰা মৰাণৰ দুগৰাকী ভাৰ্য্যা হৈছে অসমৰ জোৱান ডাৰ্ক ৰাধা আৰু ৰুক্মিণী। ৰংপুৰ ৰজাৰ নগৰৰ সমুখত মোৱামৰীয়া আৰু আহোমৰ তুমুল সংগ্ৰাম হয়। স্বামীয়ে পোৱা অপমানৰ পোতক তুলিবৰ কাৰণে ৰাধা আৰু ৰুক্মিণীয়ে ধেনু-কাড় লৈ স্বয়ং সেই ৰণত স্বামীৰ সৈতে যোগ দিলেগৈ। তেওঁলোকে অতি বিক্ৰমেৰে ৰণ কৰিছিল। প্ৰবাদ আছে বোলে এই দুই গৰাকী বীৰনাৰীয়ে আঁচলৰ গাঠিত বন্দুক, গুলি ধৰিব পাৰিছিল। দৈৱ- শক্তিসংযুক্তা কোনোবা ৰণচণ্ডীয়ে নিজে ৰণ কৰিবলৈ তাহা যেন ভাবি অসমীয়া সেনা ভয়ত ভাগিবলৈ ধৰিলে। তাৰ পৰিণাম স্বৰূপ আহোম ৰাজ্যৰ ৰজা হল মোৱামৰীয়াৰ ৰমাকান্ত, বৰবৰুৱা হল ৰাঘৱ মৰাণ।
কুৰঙ্গনয়নী—ৰাজেশ্বৰ সিংহ মহাৰাজৰ দিনত মনি- পুৰৰ ৰজা জয়সিংহই মানৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি অসমলৈ আহি স্বৰ্গদেৱৰ শৰণাগত হৈ নিজৰ কন্যা কুৰঙ্গনয়নীক স্বৰ্গদেৱলৈ দি সহায় ভিক্ষা কৰে। এই মগ্লৌ কুৱঁৰী কুৰঙ্গনয়নী ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ প্ৰিয়তমা ৰাজমহিষী হয়। ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পাচত, লক্ষ্মীসিংহৰ ৰাজত্ব কালত মৰাণে বিদ্ৰোহ কৰি স্বৰ্গদেৱক বন্দী কৰে, আৰু পূৰ্বৰ ডা-ডাঙৰীয়া বিষয়া সকলৰ বহুতকে হত্যা কৰে। মৰাণৰ প্ৰধান কাৰ্যকাৰক আছিল ৰাঘ বৰবৰুৱা। ৰাঘই আগৰ ফুকন, বৰুৱাৰ জিয়াৰী এশ গৰাকীক আনি নিজৰ ভাৰ্য্যা কৰি ললে, আৰু কুৰঙ্গনয়নীকো নিজৰ ঘৰলৈ নিলে। মৰাণৰ অত্যাচাৰ দিনকদিনে বাঢ়ি অহাত ৰামকৃষ্ণাই আদি কৰি কিছুমান মানুহে মৰাণক খেদিবলৈ অঙ্গীকাৰ কৰে; এওঁলোকৰ অনুৰোধ মতে কুৰঙ্গনয়নীয়ে ৰাঘক হত্যা কৰিবলৈ গাত লয়। বহাগৰ বিহুৰ দিনা ৰামকৃষ্ণাইৰ দলৰ মানুহে ৰাঘৰ আগত হুচৰি গাবলৈ আহিল। কুৰঙ্গনয়নীয়ে বুজাই দিয়া মতে তামোল-পাণ এশৰাই লৈ ৰাঘই ৰাইজৰ আগতে আঠুলৈ সেৱা কৰে। এনে সময়ত কুৰঙ্গনয়নীয়ে কাপোৰৰ মাজত লুকাই থোৱা তৰোৱালেৰে ৰাঘৰ ফান্দনীত ঘা মাৰিলে। ৰাঘ হামথুৰি খাই পৰিল। হুচৰি গোৱা ছদ্মবেশী সৈন্যই ৰাঘ আৰু অন্যান্য মৰাণক প্ৰাণান্ত কৰে। তাৰ পাছত লক্ষ্মী সিংহই পুনৰ সিংহাসন লাভ কৰে।
অসমীয়া শিপিনী — গৃহস্থালিৰ সজুঁলিৰ ভিতৰত দুটি বস্তু প্ৰধান,— অন্ন আৰু বস্ত্ৰ। বস্ত্ৰ বা কাপোৰ বোৱাত পৃথিবীৰ ভিতৰত অসমীয়া তিৰোতাৰ নিচিনা কোনো পাৰ্গত নহয়। ভাৰতত অন্যান্য জাতিৰ ভিতৰত তাঁতি বুলি এক শ্ৰেণীৰ মানুহ আছে। সেই সমাজৰ সকলো মানুহে সেই তাঁতি শ্ৰেণীৰ মানুহৰ ওপৰত বস্ত্ৰৰ কাৰণে নিৰ্ভৰ কৰে, তাঁতিৰ বাহিৰে অন্যান্য মানুহে কাপোৰ বোৱাটো বৰ গৰ্হিত কাম। কিন্তু অসমৰ জাতিকুল নিৰ্বিশেষে সকলো তিৰোতাই কাপোৰ বব পাৰে, আৰু যি ছোৱালী কাপোৰ বোৱাত পাৰ্গত নহয় তেনে ছোৱালীৰ ভালৰূপে বিয়া হোৱাটো অসম্ভৱ হৈ পৰে। আমাৰ ঘৰুৱা কথাত কয়, – “তাই দহি কটা এডাল মুচৰিব নাজানে। ” আমাৰ গাৱলীয়া গীত, য'ত অসমীয়াৰ প্ৰাণ স্পষ্টকৈ ফুটি ওলাইছে, তাত কাপোৰ বোৱা সঁজুলিৰ প্ৰতি অসমীয়া তিৰোতাৰ কেনে নৰম বুজা যায়, যেনে,
“অতিকৈ চেনেহৰ মুগাৰে মহুৰা
অতিকৈ চেনেহৰ মাকো,
তাতোকৈ চেনেহৰ ..................
নাপাতি কেনেকৈ থাকো।”
অসমীয়া গাভৰুৰ পক্ষে মহুৰা আক মাকোৰ সমান প্ৰিয় বস্তু মাথোন এটি, তেওঁৰ স্বামী বা প্ৰণয়ী।
আগৰ অসমীয়াই ঘৰৰ কাপোৰ ঘৰতে উলিয়াই লব পাৰিছিল, ইয়াৰ মূলত আছিল ৰাজনৈতিক পুৰুষ মোমাই তামুলি বব্বৰুৱাৰ বহুদৰ্শিতা। স্বৰ্গদেৱ ‘চুচেংফা বুঢ়াৰজাই অসম ৰাজ্যখন নতুন প্ৰকাৰে গঢ়িবলৈ মোমাই তামূলীক ৰাজ্যৰ চৌপাশে পাচে। বৰ- বৰুৱাই পাটকাইৰপৰা গুৱাহাটীলৈকে অসমৰ গাওঁভুই বিলাক নতুনকৈ শৃঙ্খলা কৰে, প্ৰতি গাৱে পঢ়াশালী পাতি লৈ কেবাখন গাঁৱৰ মাজত হাট পতাই দিলে, প্ৰত্যেক পৰিয়ালক নিজৰ বাৰীত পুখুৰী খানিবলৈ আদেশ দিলে, আৰু এতি গাঁৱৰ অধিপতি স্বৰূপে মেল-দোৱান সুধিবলৈ গাওঁবাৰিক, বৰা, শইকীয়া, হাজৰিকা আদি খোপে খোপে বিষয়া পাতিলে। তেওঁ আৰু এটি আদেশ দিলে, যাৰ শুভফল আমি আগিও ভোগ কৰিছে, সন্ধ্যা ভাত-পানী খোৱাৰ আগেয়ে প্ৰতি মুনিহে এখন চালনী বা কুলা বা এটা পাচি বা খবাহী বব লাগিব, আক প্ৰতি মাইকীয়ে চাৰিটা সূতলাহি কাটিব লাগিব। পাচদিন পুৱা গাওঁৰ ৰাজবিষয়াই ঘৰে পতি গৈ এই আদেশ মতে মতা মাইকীয়ে কাম কৰিছেনে নাই তাক চাই ফুৰিব; অন্যথা হলে, যথাবিধি শান্তি দিব। অৱশ্যে, বেমাৰ এজাৰ আদি বিশেষ কাৰণত কোনোবাই আদেশ পালন কৰিব নোৱাৰিলে অবস্থা চাই তাক ক্ষমা কৰাৰ ভাৰ গাওঁবাৰিকৰ ওপৰত।
আগৰ অসমীয়া তিৰোতাই সংসাৰত কিদৰে নিজব নাম ৰাখি
থৈ গৈছে তাক কোৱা হল। আমাৰ তিৰোভাসকল একেবাৰে অকৰ্ম্মণ্য নহয়, সুবিধা পালে তেওঁলোকে সকলো বিষয়তে সুখ্যাতি লাভ কৰিব পাৰে। অসমীয়া তিৰোতাৰ স্বাভাৱিক গৌৰৱ শ্ৰী যুগযুগান্তৰ অসমৰ ঘৰে ঘৰে বিৰাজ কৰক। এয়ে আমাৰ একান্ত মিনতি। আৰ্য্য সভ্যতাৰ গৌৰবভূমি, একেশ্বৰবাদী হজৰত মহম্মদৰ কৰ্ম্মক্ষেত্ৰ, পৰিত্ৰ ইছলাম ধৰ্ম্মৰ জন্মপীঠ, আৰব দেশৰ মৰুপ্ৰান্তৰ পীৰ, পয়গম্বৰ, দৰবেশ আৰু তাপসসকলৰ ভগবং প্ৰেমেৰে ৰসাল নন্দনত পৰিণত হৈছে। তেওঁলোকৰ সাধনা, তেওঁলোকৰ স্বাৰ্থ- ত্যাগ, তেওঁলোকৰ আত্মাৰপৰা ওলোৱা কোমল কৰুণ ভক্তিবাণীৰ বাঙ্কাৰত সেই নীৰস মৰুভূমিও নিনাদিত হৈছিল। সাধকৰ কথাকে নকওঁ, কত ব্ৰহ্মবাদিনী আৰব ৰমণীৰ ভগবৎ প্ৰেমে আজিও ইছলাম ধৰ্ম্মাৱলম্বী সকলক শান্তিসুধা বিতৰণ কৰিছে।
খৃষ্টীয় অষ্টম শতিকাত আৰবদেশৰ বছোৰা নগৰীত তপস্বিনী ৰাবিয়াৰ জন্ম হয়। তেওঁ সৰুতে মাতৃহীন হোৱাত পিতাক ইছমাইলে তেওঁক নিজ হাতে তুলিতালি ডাঙৰ দীঘল কৰে। পিতাকৰ অৱস্থা একেবাৰে নিঃকিন আছিল, তেওঁৰ আত্মীয়-কুটম্বো কোনো নাছিল, যাৰ আশ্ৰয়ত ৰাবিয়াক দিনটোলৈ ৰাখি তেওঁ ঘৰৰ বাহিৰ হৈ দুপইচা উপাৰ্জ্জন কৰিব পাৰে। পিচত যেতিয়া কোনো মতে নচলাত পৰিল তেওঁ পুৱাতে, ৰুটি তৈয়াৰ কৰি দুয়ো খায়, আৰু ৰাবিয়াৰ হাতত খনচেৰেক ৰুটি দি এজনা প্ৰতিবেশিনীৰ হাতত জীয়েকক সমৰ্পণ কৰি আন ঠাইত কাম-বন কৰি জীবিকা উলিয়ায়। আজলী অকলশৰীয়া ৰাবিয়াই দিনটৌ পিতাক উভতি নহালৈ বাট চাই থাকে, আৰু ৰাতি হোৱা মাত্ৰকে পিতাকে উভতি আহি ৰাবিয়াক বুকুত বান্ধি দিনটোৰ পৰিশ্ৰমৰ জিৰণি লয়। এই দৰে পিতৃৰ স্নেহময় ডেউকাৰ তলত লালিত হৈ যেতিয়া ৰাবিয়াৰ আঠ-ন বছৰ বয়স হল তেওঁ আৰু আনৰ ঘৰত দিনটো কটাবলৈ এৰিলে, নিজৰ পঁজাতে ওৰে দিনটো থাকি ঘৰুৱা কাম শক্তি অনুসাৰে সমাধা কৰি কাষৰ নিজৰাৰ দুষ্প্ৰাপ্য পানী আৰু কেতিয়াবা এটি-দুটি খেজুৰৰ খোৰ্ম্মা আদিৰে পিতাৰ কাৰণে জলপান সাজু কৰি থৈ দিয়ে। ৰাবিয়াই সেই দৰে সৰুতে নিজৰ শক্তিৰ ওপৰত ভৰদি থিয় হবলৈ শিকে। দহ বছৰ বয়সত ৰাবিয়াৰ ৰত্নত পিতাকৰ নিচলা পঁজাটিতে গৃহশ্ৰী লম্ভিবলৈ ধৰিলে।
আৰব দেশত বেদুইন বা বুদ্দ নামেৰে এজাতি অঘৰী মানুহ আছে। ছাগলী, ভেৰা, উট, বনৰীয়া গাধা প্ৰভৃতি বেচাৰ ছলেৰে সিহঁতে নানা ঠাইতে ভ্ৰমি ফুৰে, আৰু চল পালেই বাটৰুৱা বেপেৰুৱা মানুহৰ ধন-সম্পত্তি কাঢ়ি লয়। আৰু কেতিয়াবা দুখীয়া গাঁৱতে হঠাতে দলেবলে উপস্থিত হৈ হোজা গাৱলীয়া প্ৰজাৰ ওপৰত অত্যাচাৰ কৰে। সেই দেখি আৰব দেশত যাত্ৰী- বিলাকে দল পাতি ফুৰাচকা কৰে।
এদিনাখন এদল বেদুইনে ইছমাইলৰ গাৱঁত সোমাই উপদ্ৰৱ কৰে, আৰু লুটৰ অন্তত আন আন মানুহৰ লগত ইছমাইলকো ধৰি লৈ যায়। মাতৃহীন ৰাবিয়া প্ৰকাৰান্তৰে এতিয়া পিতৃহীন হৈ অকূল সমূদ্ৰত পৰিল। তেওঁৰ একমাত্ৰ অৱলম্বন আৰু বুকু জুৰোৱাৰ ঠাই পিতাক ইছমাইলৰ চকুৰ আঁতৰ হোৱাত মৰু ভূমিৰ তপত বায়ুৰ দৰে ৰাবিয়াৰ অন্তৰাত্মা দহিবলৈ ধৰিলে। কিন্তু আৰববাসী অতিথি-সৎকাৰৰ নিমিত্তে গোটেই পৃথিবীত জনাজাত । কোনো অতিথি আহি কাৰো ঘৰৰপৰা উভতি যোৱাৰ নিয়ম নাই। কোনো কোনোৱে ঘৰত আলহি-অতিথিব ভৰি ধুৱাবলৈ নেপায় মানে ভাতৰ পাতত নবহিছিল। তেনে মৰমিয়াল আৰবীয়ে অনাথিনী আজলী ৰাবিয়াৰ কোনো সংস্থান নকৰাকৈ নেথাকিল ;– তেওঁলোকে থিৰ কৰিলে, ৰাবিয়াই দিনে আহি এঘৰ এঘৰত অন্ন পাব। কাৰণ তেওঁলোকৰ অৱস্থা ইমান ভাল নাছিল। সেই দেখি সেই অতিথি-সৎকাৰৰ সম্মান তেওঁলোকে ভাগ বটাই লব লগাত পৰিছিল। কিন্তু ৰাবিয়াই বিনা পৰিশ্ৰমেৰে কাৰে৷ অন্ন নুছুইছিল। যিদিন যি ঘৰত অতিথি-সৎকাৰৰ পাল, সিদিনা সেই ঘৰত দিনৰে দিনটো ৰাবিয়াই কাম-বন কৰি দিছিল আৰু সন্ধ্যা হলে নিজৰ পজালৈ গৈ আশ্ৰয় লৈ পিতৃমাতৃৰ কথা সুৱঁৰি নীৰবে চকুলো টুকিছিল। কেতিয়াবা গাৱঁত কোনো কোনো তিৰোতাই ৰাবিয়াৰ লগত শুইছিল ।
ইফালে ইছমাইলৰ শৰীৰ নিৰ্ম্মম বেদুইনৰ অত্যাচাৰতম জৰ্জ্জৰিত হৈ পৰিছিল ; তাতোকৈ অনাথিনী জীয়েকৰ চিন্তাত বৃদ্ধৰ হৃদয় একেবাৰে ভাগি পৰিছিল। এদিনাখন দুপৰ নিশা সুবিধা পাই বুঢ়াই বেদুইনৰ হাতৰপৰা পলাই সাৰি জীয়েকক চাবলৈ লৰ মাৰিবলৈ ধৰিলে । কিন্তু ক'ত ডকাইতৰ বস্তি, আৰু বছোৰা নগৰীৰ মাজত ক'ত জলহীন জনপ্ৰাণীশূন্য মৰু প্ৰান্তৰ পৰি আছে। বুঢ়াই মনৰ উত্ৰাৱল অৱস্থাত তাৰ ঠিককে কৰিব নোৱাৰিলে । দিন নাই, ৰাতি নাই, বুঢ়াই বছোৰাৰ ফালে লৰিবই লাগিছে, পিয়াহত লালকাল হৈ কেতিয়াৰা পৰি গৈছে আকৌ দূৰত নৈ-বিল থকা যেন গম পাই প্ৰাণৰ মায়া তেজি দুগুণ উৎসাহে বুঢ়াই আকৌ সিফালে উধাতু খাই লৰ ধৰিছে; কাষলৈ গৈ দেখে সেই নৈ-বিলৰ প্ৰতিবিম্ব আকৌ দূৰৈত জিলিকিব লাগিছে । বুঢ়াই নেজানে যে মৰুভূমিত মায়ামৰীচিকাই মানুহক এই দৰে আশাত নিৰাশ কৰে ৷ সেই দৰে হতাশ হৈও বুঢ়৷ ক্ষান্ত হোৱা নাই। শৰীৰ জীর্ণ-শীর্ণ, তথাপি কন্যা-দৰ্শনৰ প্ৰবল বাঞ্ছাই যেন সেই জীর্ণ দেহতো দৈবিক শক্তি সঞ্চাৰিত কৰিছে । প্রচণ্ড বেলিৰ প্ৰখৰ কিৰণত তপ্ত মৰুভূমিৰ বালুকাৰাশিয়ে খাওঁ খাওঁ মূৰ্ত্তি ধাৰণ কৰিছে। বুঢ়াৰ কিন্তু অকণো কাণসাৰ নাই। দৈবিক শক্তিৰ প্ৰভাৱত তেওঁৰ জীৰ্ণদেহে ভাগৰ, আমনি, ভোক, পিয়াহ, একো মনা নাই ।
ৰাবিয়াই নীৰবে নিজান পজাত বহি মাথোন পিতাকৰ চিন্তাত তপত চকুলো টুকিছে ৷ পিতাকক ধৰি নিয়া আজি এবছৰ হল, তথাপি একো খবৰ নাই । নানান দুঃচিন্তাত তেওঁৰ হৃদয় ব্যাকুল হৈ পৰিছে। এদিন ৰাবিয়াই আবেলি দিগন্ত ব্যাপি মৰু সমুদ্ৰৰ ফালে চাই নিজান পজাত বহি আছে এনেতে ধেনুৰ দৰে এটি ক্লান্ত জীৰ্ণতনু বৃদ্ধ আহি ৰাবিয়াৰ সম্মুখত ধাচ্কৰে পৰিল ৷
ৰাবিয়াই দেখা পাই চিনিলে, তেওঁৰ পিতাক । “পিতা! ইমান দিন আপুনি কত আছিল ?” বুলি চিয়ঁৰি পিতাকৰ বুকুত পৰি কান্দিবলৈ ধৰিলে। ইপোনে পিতাকৰ পিয়াহত অণ্ঠেকণ্ঠে শুকাই গৈছে । তেওঁ মাথোন কলে “আই ! মই ডকাইতৰ কাষৰপৰা কোনোমতে পলাই আহিছোঁ। মোক এটোপা পানী দে।” শুনা মাত্ৰে ৰাবিয়াই ওচৰৰ নিজৰাৰ পৰা পানী আনিবলৈ গল। কিন্তু মৰুভূমিৰ নিজৰাত পানী পোৱা বৰ টান, সেইবাবে ৰাবিয়াৰ উভতি অহাত পলম হল । আহি দেখে পিতাকৰ প্রাণশূণ্য দেহ দুৱাৰ মুখত পৰি আছে! আকাশী চৰগ ভাগি পৰা মানুহৰ দৰে ৰাবিয়া কিছু পৰ নীৰব-নিচল হৈ থাকি পাচত পিতাকৰ শিৰ কোলাত তুলি চেতনাহীন শৰীৰৰ সৰ্ব্বাঙ্গত পানী ছটিয়াবলৈ ধৰিলে। ওচৰ চুবুৰীয়া, গাৱলীয়া মানুহৰ যত্ন আৰু সাহায্যত ৰাবিয়াই জীৱন ধাৰণ কৰিবলৈ ধৰিলে। তেওঁ লাহে লাহে যৌবন সীমাত উপনীত হল। কিন্তু দয়ালু ঈশ্বৰে অভাগিনী আশ্রয়হীনা ৰাবিয়াক একেবাৰে কুন্ধছ কৰি সৃষ্টি কৰিছিল। সেই দেখি পাপ-কলঙ্কিত জগতৰ প্রলোভন-জাল ৰাবিয়াৰ কাষ নেপালেগৈ ।
কিন্তু যাৰ কু অদৃষ্ট, তেওঁ সুখৰ মুখ কেতিয়াও নেদেখে। ৰাবিয়াই নিজহাতে পৰিশ্ৰম কৰি নিজৰ জীবিকা উলিয়াই পিতাকৰ তৈয়াৰী পজাত বাস কৰিছিল। এদিন বেদুইনে তেওঁকো ধৰি নি এজন ধনী মানুহক বেচি দিলেগৈ ৷ কৃষ্ণকায় কুন্ধছ দেখি ৰাবিয়াৰ ওপৰত গৃহস্থালিৰ বৰ কঠোৰ কামৰ ভাৰ পৰিছিল।
আৰব দেশীয় ধনী মানুহৰ ঘৰত নিতৌ সাহিত্যিক, কবি,দার্শনিক, হাকিম, বৈদ্য, জ্যোতিষীসকলৰ মজ্লীছ্ বহে। সেই-দৰে পণ্ডিত মণ্ডলীক সন্তুষ্ট কৰি ধনীসকলে গুণগ্রাহী ছমজ্দাৰ বুলি চিনাকী দিছিল। ৰাবিয়াৰ প্রভূৰ ঘৰতো এই দৰে নিতৌ পণ্ডিতসকলৰ বৈঠকী বহিছিল। আন আন দাসদাসীয়ে আলহীক খুৱাওঁতে বুৱাওঁতে উৎকট পৰিশ্ৰম কৰিব লগীয়া হোৱাত সোনকালে মৃত্যুৰ গ্ৰাসত পৰিছিল। তাৰ পাচত বলিষ্ঠা দেখি ৰাবিয়াৰ ওপৰত পণ্ডিত মণ্ডলীৰ শুশ্ৰূষা বিষয়ে চকু দিয়াৰ ভাৰ পৰিছিল।
এদিন এজন পণ্ডিতে এটুকুৰা অস্থি-সংলগ্ন মাংস গ্ৰহণ কৰিবৰ সময়ত কলে,—“এই জন্তুৰ অস্থি আৰু গাঁথি যেনেকুৱা, মানুহৰ শৰীৰতো এনেকুৱা অস্থি বা গ্ৰন্থি আছেনে?” আন এজনে কলে, “মানুহৰ অস্থি আৰু চাৰি ঠেঙ্গিয়া জন্তুৰ অস্থি বহুত তফাৎ”। এনেতে প্ৰথম জনে মাত লগালে,—মানুহৰ অস্থিৰ লগত চাৰি-ঠেঙ্গীয়া জন্তুৰ অস্থি মিলাই চাব পৰা হলে আজি কেনে আনন্দ হল হেঁতেন।” ৰসজ্ঞ গৃহস্বামীয়ে পণ্ডিতৰ কথা শুনি ৰাবিয়াৰ ঠেং কাটি তাৰ অস্থি আৰু গাঁথিবিলাক পৰীক্ষা কৰি চাবলৈ কলে। আদেশ পোৱা মাত্ৰকে কেজনমানে ৰাবিয়াক পেলাই হেচা মাৰি ধৰিলে, আৰ বৈদ্যই চোকা কটাৰি এখনেৰে ভৰিৰ কলাফুলৰ পৰা এটি এটিকৈ অস্থি আৰু গাঁথি উলিয়াবলৈ ধৰিলে। ৰাবিয়াই ঈশ্বৰৰ নাম স্মৰণ কৰি যন্ত্ৰণাত চেঙ্গালুটি পাৰিয়ো অচল অটল হৈ থাকিল।
তাৰ পাচত এমাহমান কাল ৰাবিয়াই শয্যা ত্যাগ কৰিব পৰা নাছিল। শয্যাত পৰি তেওঁ মাথোন ঈশ্বৰৰ নাম স্মৰিছিল। আৰু ঈশ্বৰৰ চৰণত ইয়াকে মাথোন জনায়,—“যেতিয়া যাতনা পাওঁ তেতিয়া দুঃখ হয় সেই দেখি কান্দো, নিজৰ কাৰণে নহয় প্ৰভু! ভাবোঁ এতিয়াও শত শত মানৱে এনে নিদাৰুণ যাতনা ভুগিব লাগিছে। হায়, কেতিয়া সেইদিন আহিব যেতিয়া গোটেই মানৱ জাতিয়ে সকলো দুখ মোৰ গাৰেই সমৰ্পণ কৰি প্ৰফুল্ল চিতেৰে অমৃতময় নাম গান কৰিব।”
এদিন ৰাবিয়াৰ প্ৰভুয়ে অতিথিৰ কাৰণে বাট চাই বিয়াকুল হৈ ঘৰৰ বাহিৰলৈ আহোঁতে ৰাবিয়াৰ কৰুণ প্ৰাৰ্থনা আৰু মিনতি শুনি বৰ আচৰিত হল। ৰাবিয়াই প্ৰাৰ্থনা কৰিছে, “হে পৰম পিতা পৰমেশ্বৰ! তোমাক এশবাৰ ধন্যবাদ। হে মোৰ অন্নদাতা প্ৰভু, তোমাক শত ধন্যবাদ। তুমি মোক শিৰ থবলৈ ঠাই, জীৱন ধাৰণৰ আহাৰ-পানী আৰু লাজ গুচাবলৈ বস্ত্ৰ আবৰণ দিছা, সেই কাৰণে তোমাক ধন্যবাদ। আৰু তোমাৰ আদেশত যি যন্ত্ৰণা পাইছো সেই নিমিত্তেও ধন্যবাদ। মই অজ্ঞানী মূৰ্খ তিৰোতা, তোমাৰ দয়াতে তুমি জগতৰ নাথ জগদীশ্বৰক চিনি পাইছোঁ”–এই দৰে ৰাবিয়াই ঘৰৰ সকলো আৰু বিশ্ববাসীৰ কাৰণে ঈশ্বৰক ক্ষমা-মিনতি কৰি শয়ন কৰিলে।
এই দৃশ্য দেখি গৃহস্বামী একেবাৰে বলীয়া হল। অনুতাপে তেওঁৰ হৃদয় দহিবলৈ ধৰিলে। যি বন্দীনীক তেওঁ ইমান কষ্ট আৰু শাস্তি দি আহিছে সেই বন্দিনী বাৰিয়াই আজি তেওঁৰ কাৰণে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে। ইয়াৰ দ্বাৰা ৰাবিয়াই যি উদাৰতা আৰু ঈশ্বৰক প্ৰেমৰ পৰিচয় দিলে তাক দেখি লাজ, ভয় আৰু ভক্তিয়ে তেওঁক অভিভূত কৰি পেলালে।
পিচ দিনা নিশা ৰাবিয়াৰ কৰুণ প্ৰাৰ্থনা আকৌ গৃহস্বামীৰ কাণত পৰিল।—“হে সখী, যিমান দিন তুমি পৃথিবীৰ পতিতসকলক হাতত ধৰি ওপৰলৈ নোতোলা, মিনতি কৰোঁ যেন তেতিয়া-লৈকে তুমি এই দাসীৰ হাতত নধৰিবা।” সামান্য দাসীৰ এনে ঈশ্বৰ প্ৰেমৰ পৰিচয় পাই গৃহস্বামীৰ মন ঈশ্বৰ প্ৰেমত মতলীয়া হল। তেওঁৰ ধন, মান, অহঙ্কাৰ, বাসনা, লিপ্সা সকলো সেই ভগবৎপ্ৰেমৰ পয়োধিত বিলীন হৈ গল। পিচদিনাখন ৰাতি তেওঁ শুনিবলৈ পালে ৰাবিয়াৰ কণ্ঠৰপৰা গদ্গদ সুৰে কৰুণ মিনতি নিজৰিছে, -“হে প্ৰভু! প্ৰলোভনে আহি যেতিয়া মোক বেৰি ধৰে, তেতিয়া মই কান্দি পেলাওঁ, দুৰ্ব্বলতাৰ কাৰণে নহয় প্ৰভু, অপমানত৷ সি কি নেজানে যে মোৰ কৰ্ত্তা তুমি স্বয়ং প্ৰভু জগদীশ্বৰ”। গৃহ-স্বামী আৰু থিৰ হৈ থাকিব নোৱাৰিলে। তেওঁ সকলো ধনৰত্ন বিলাই দি আৰু দাসদাসীক বঁটা-বাহন দি বিদায় কৰি ৰাবিয়াৰ কাষ চাপি কলে,–“দেবি! তুমি ৰমণী কুলৰ মস্তক মণি, তোমাৰ নিষ্কাম ঈশ্বৰ- প্ৰেম দেখি মোৰ কঠিন হিয়াৰ ভ্ৰান্তি দূৰ হৈছে। দেবি, আজি তোমাক মই মুক্তি দিলো। তোমাক বহুত দিন কষ্ট দিছোঁ, টান কথা কৈছোঁ, সামান্য কথাত কঠোৰ দণ্ড দিছোঁ। তুমি মাতৃ দয়াময়ী, মই অবোধ সন্তান, মোক তুমি ক্ষমা কৰা!” ৰাবিয়াই কলে,- হে মোৰ আশ্ৰয় দাতা, আপুনি মোক ঘৰৰ পৰা খেদাই নিদিব। আপোনাৰ কৃপাত মই ইমান দিন নিশ্চিন্ত হৈ সুখেৰে বাস কৰিছিলোঁ। এতিয়া মই কলৈ যাম প্ৰভু!” ঘৰ-গিৰিয়ে কলে, “তুমি হেন দেবীৰ কাৰণে মোৰ এই পাপ গৃহ উপযুক্ত ঠাই নহয়। আই। তুমি আজি স্বাধীনভাৱে বিচৰণ কৰা।” সাধ্বী ৰাবিয়াই স্বাধীনতা লাভ কৰি বছোৰা নগৰীতে থাকি কোৰ-অন্ ছৰীফ, পাঠ কৰি একনিষ্ঠ ভাবে ভগৱং উপাসনাত কাল কটাবলৈ ধৰিলে। তাৰ পাচত বহুত দিন অৰণ্যত যোগ ধ্যান কৰি তেওঁ সিদ্ধিলাভ কৰে। তেওঁৰ দৰ্শন পাবলৈ দূৰ বিদেশৰ সাধু মহাজন তেওঁৰ আশ্ৰালৈ গৈছিল। ৰাবিয়াই পৰিশ্ৰম কৰি নিজৰ জীবিকা উলিয়াইছিল। নিজৰ উপাৰ্জিত ধনেৰে তেওঁ বাগদাদৰপৰা মদিনালৈকে এটা খাল খানি দিয়ে। পাচত তেওঁ বছৰা নগৰৰপৰা মক্কা, মদিনা আৰু জেৰুজালেম তীৰ্থভূমিত জীৱনৰ শেষ অংশ যাপন কৰে। তেওঁৰ অমূল্য উপদেশ শিৰোধাৰ্য্য কৰি শত শত নৰনাৰী ধৰ্ম্মপথত বিচৰণ কৰিছিল।তেওঁৰ পবিত্ৰ নাম শুনি অতি দুৰ্দান্ত প্ৰতাপী মানুহৰো শিৰ দোঁ খাইছিল।
মহষি হোচেনৰ ধৰ্ম্ম উপদেশ দেবী ৰাৰিয়াই বৰ হেঁপাহেৰে শুনিছিল। এদিন ৰাবিয়া অনুপস্থিত থকাত মহৰ্ষি হোচেনে তেওঁৰ বক্তৃতা স্থগিত কৰিলে। তেওঁৰ ছাত্ৰবৃন্দই কলে— “ইয়াত ইমান বিশ্বাসী জ্ঞানী পুৰুষে আপোনাৰ বক্তৃতা শুনিবলৈ কিমান কষ্ট কৰি আহিছে। আপুনি এজনী তিৰোতাৰ কাৰণে তেওঁলোকক লাজ পোৱাব নে”? ধৰ্ম্মাত্মা হোচেনে তাৰ উত্তৰত মাথোন কলে,—“যি ছৰ্ব্বত্ হাতীৰ নিমিত্তে তৈয়াৰি, তাক কেতিয়াও সৰু সৰু পৰুৱাক দিব নোৱাৰোঁ।”
সাধ্বী ৰাবিয়াৰ নাম মছলমান সমাজৰ বৰ সমাদৰৰ বস্তু। তেওঁ গোটেই জীৱন ঈশ্বৰৰ উপাসনাত কটাইছিল। বিলাস বিভ্ৰম কি তেওঁ নেজানিছিল।ঈশ্বৰৰ চৰণ চিন্তাত তেওঁৰ আত্মা, হৃদয়, দেহ সকলো সমৰ্পণ কৰিছিল।
তেওঁ কয়, তোমালোকে যেনেকৈ পাপ গোপন কৰা তেনেকৈ সৎকাৰ্য কৰিও তাক গোপনে ৰাখিবা। হে প্ৰভু যিসকলে সুখৰ আশাত তোমাক পূজা কৰে তুমি যেন সিহঁতক জিৱন্তে দগ্ধ কৰা”। দেবী ৰাবিয়াৰ উপদেশ বিলাকৰ ভাব গধুৰ, তেওঁৰ নিগূঢ় ভগবৎ প্ৰেমৰপৰা ওলোৱা সেই বাক্যাৱলী আজিও মছলমান- সকলে শিৰৰ মণি বুলি সমাদৰ কৰে।
হিজৰী ১৮৫ বা ইংৰাছী ৮০১ খৃষ্টাব্দত দেবী ৰাবিয়াই ইহ সংসাৰ ত্যাগ কৰে। তেওঁৰ কবৰ জেকজেলেমৰ পূৰ্ব কোণে জবলতুতুৰ পৰ্বতত স্থাপিত। সেই ঠাই এতিয়া জগতৰ মুছলমান সম্প্ৰদায়ৰ তীৰ্থভূমি হৈছে। শত শত পাপ-তাপ-ক্লিষ্ট যাত্ৰী- বৃন্দই তপস্বিনী ৰাবিয়াৰ সমাধি প্ৰান্তত বহি আজিও শান্ত্বনামৃত পান কৰিব লাগিছে। যি কেগৰাকী অসমীয়া তিৰোতাই সংসাৰত অক্ষয় কীৰ্ত্তি ৰাখি প্ৰমাণ কৰি গৈছে যে পতিভক্তি, তেজম্বিতা আৰু বলবীৰ্য্যত ভাৰতৰ কোনো জাতিৰ তিৰোতাতকৈ অসমীয়া তিৰোতা তলপৰা নহয়, তাৰ ভিতৰত জয়মতী কুঁৱৰীয়েই প্রধান।
জয়মতী কুঁৱৰী লাইথেপেনা বৰগোঁহাই ডাঙ্গৰীয়াৰ জীয়েক আছিল । ১৫৮০ শকৰ বছৰচেৰেকৰ পূৰ্ব্বে তেওঁৰ জন্ম হয় । পিতৃমাতৃৰ ঘৰত থকাৰে পৰা জয়মতী বিচক্ষণ বুদ্ধিমতী আৰু গম্ভীৰ প্ৰকৃতিৰ ছোৱালী। উপযুক্ত বয়সত তুংখুঙ্গীয়া ফৈদৰ কোঁৱৰ মহাৰাজ গোবৰ ৰজাৰ পুতেক লাঙ্গি গদাপাণিৰ লগত জয়মতী কুঁৱৰীৰ বিয়া হয়। গদাপাণি এজনা বৰ বাহুবলী কোঁৱৰ আছিল। ইপোনে তেওঁৰ পত্নী জয়মতী ও এগৰাকী আদর্শ ঘৈণী আছিল। কোঁৱৰ যেনে চৰিত্ৰবান আৰু নিৰ্ভীক, কুঁৱৰীও এই দুই বিষয়ত অতুলনীয়া আছিল । এওঁলোকৰ শুভ-মিলনৰ ফলত লাই আৰু লেচাইৰ জন্ম হয়। লাই কোঁৱৰে পিচত দেউতাক স্বৰ্গীয় হোৱাত ৰাজপাটত বহে। লেচাই গোঁহাইদেৱে পাচলৈ নামৰূপীয়া মেলৰ অধিকাৰী হৈ ককায়েকক ৰাজকাৰ্য্যত সহায় কৰে ।
গদাকোঁৱৰে মনৰ জোখাই পত্নী অৰু জয়মতী কুঁৱৰীয়ে মনৰ জোখাৰে স্বামী লাভ কৰি মুখেৰে জীৱন যাপন কৰিবলৈ ধৰিলে ৷ কিন্তু সেই সুখত কালক্ৰমে শোকৰ সমাগম হল। ইয়াৰ মূল কাৰণ ৰজাৰ ৰাজধানীত হোৱা হুলস্থুল। সেই সময়ত ৰজাৰ ৰাজধানীত কেইবাটিও গা-নোম-শিয়ৰি-উঠা ঘটনা ঘটিছিল। ১৫৯২ শকৰ পৰা ১৬০১ শকলৈকে আহোম ৰাজপাটত দুজনা কোঁৱৰ উঠে। মন্ত্ৰীসকলে মন্ত্ৰণা-চক্ৰত পেলাই তাৰ চাৰিজন ৰজাক অকালতে বধ কৰে। এজনে মন্ত্ৰীসকলৰ হাতত প্ৰাণ সঁপিব লাগিব বুলি মনৰ বেজাৰতে আত্মঘাতী হয়; মাথোন এজনৰ হে স্বাভাবিকৰূপে মৰণ হয়। ৰাজধানীৰ এনে হুলস্থুলৰ কথা গদাপাণিয়ে সৰুৰেপৰা বৰ ভালকৈ জানিছিল। ৰজা নিস্তেজ হোৱা আৰু বিষয়াসকলৰ অঁৰিয়াঅৰি আৰু স্বাৰ্থপৰতা দেখি তেওঁৰ মনত সদায় অশান্তি। নিজে ৰাজ্যৰ গুৰি ধৰি টানমুখে অক্ৰোহী বিষয়াসকলক দমাই ৰাজ্যত কেনেকৈ সুশাসন থাপিব পাৰিব এই একেটি ভাব তেওঁৰ মনত প্ৰায়েই খেলাইছিল। চামগুৰীয় ফৈদৰ লৰা ৰজা সিংহাসনত উঠিয়েই ৰাজপাটলৈ যোগ্য যোগ্য কোঁৱৰ সকলৰ অঙ্গ ক্ষত কৰিবলৈ ৰাজ্যৰ চৌপাশে চৰিয়া, ৰিপুৱা, গুপ্তচৰ আদি, পঠিয়াবলৈ ধৰিলে। সেই সময়ত গদাপাণিৰ মনত বৰ আশঙ্কা সোমাল—কি জানিবা লৰাৰজাৰ নিষ্ঠুৰ চৰিয়াবিলাকৰ হাতত তেওঁৰ অঙ্গ ক্ষত বা প্ৰাণহত্যা হয়। সেইবাবে গদাপাণি কোঁৱৰে বৰ সাৱধানে ফুৰিব-চাকিবলৈ ধৰিলে। ৰজাৰ এটা দুটা গুপ্তচৰে তেওঁৰ কাষকে চাপিব নোৱাৰিছিল। লৰাৰজা অধিকতৰ সংশয়ী হল। ইয়াৰ বিশেষ কাৰণ আছিল যে তুংখুঙ্গীয়া ফৈদ ৰজা হব পৰা সকলো ফৈদতকৈ বেচি ক্ষমতাশালী আছিল। লৰা ৰজাই ভাবিলে যে গদাকোঁৱৰ জীয়াই থাকে মানে তেওঁৰ ৰাজপাট নিষ্কণ্টক নহয়। সেই দেখি তেওঁ চৰিয়াবিলাকক এইজনা কোঁৱৰৰ প্ৰাণ বধিবলৈকো আদেশ দিছিল । এই কামত আৰু তাৰ পাচৰ নিষ্ঠুৰ কামবিলাকত কুমলীয়া লৰাৰজাক বৰকৈ ফেটাইছিল লালুক সোলা বুৰাফুকনে । ৰজাৰ অভিপ্ৰায় দেখি গদাপাণি তেতিয়া নিৰুপায় হল ;ৰজাৰ প্ৰৱল আৰু অসংখ্য চৰিয়াৰ আগত তেওঁ অকলে কেনেকৈ ঠাৱৰিব! ইয়াৰ একো উপায় নেপাই সতী হেন পত্নী আৰু গণেশ-কার্ত্তিক হেন পুত্ৰক ঈশ্বৰৰ কৰুণাতে সমৰ্পণ কৰি গদাপাণিয়ে ছদ্মবেশ ধৰি নগা- পর্ববতৰ ফালে আঁতৰি গল ।
ৰজাৰ গুপ্তচৰে গদাপাণিৰ সন্ধান লবৰ মনেৰে গদাপাণিৰ ঘৰ পালেহি। কিন্তু গদাপাণি ঘৰত নোহোৱাত তেওঁৰ ভাৰ্য্যা জয়মতীক স্বামীৰ সন্ধান সুধিলে। কিন্তু তেওঁ স্বামীৰ সন্ধান কবলৈ মান্তি নহল । ৰজাৰ গুপ্তচৰে ৰাজধানী গৰগাঁৱলৈ উভতি গৈ ৰজাদেৱত এই বাতৰি দিলেগৈ । ৰজাৰ সন্ধান নোপোৱা শুনি লৰাৰজা বৰ শঙ্কিত হ'ল। গদাকোঁৱৰৰ ভাৰ্য্যা জয়মতীয়ে স্বামীৰ সন্ধান নিদিয়াত লৰাৰজা খঙ্গত উগ্ৰমুৰ্ত্তি হ’ল। তেওঁৰ বিশেষকৈ ভয় হ'ল, গদাপাণি এই দৰে নিৰুদ্দেশ হোৱাৰ কাৰণ কি ? তেওঁ ভাবিলে, কিজানি গদাপাণিয়ে গোপনে সৈন্যসামন্ত সংগ্ৰহ কৰি অলক্ষিতে আহি ৰাজপুৰী মাৰেহি।
এইদৰে নানান আশঙ্কাত তম্ভিব নোৱাৰি লৰাৰজাই থিৰ কৰিলে,—যেনেতেনে হওক গদাপাণিৰ সন্ধান উলিয়াবই লাগিব । তেওঁ কিছুমান সেনা গদাপাণিৰ ঘৰলৈ আকৌ পঠিয়ালে। এইবাৰ চৰিয়াহঁতক বিশেষ কৈ আদেশ দিলে, “জয়মতীক আকৌ গৈ গিৰিয়েকৰ বাতৰি সুধিবি। যদিহে নকয় তেনেহলে ৰাজসভালৈ জয়মতীক ধৰি লৈ আহিবি।” লৰাৰজাৰ সেনাদল লৈ গদাপাণিৰে ঘৰ পাই জয়মতীক স্বামীৰ সন্ধান সুধিলে। কিন্তু পতিপ্ৰাণা কুঁৱৰী জয়মতীয়ে স্বামীৰ সন্ধান কৈ নিদিলে। ইয়াতে সেনাপতিয়ে কুঁৱৰীক নানান বোধ-ভৰসা দি গদাপাণিৰ বাতৰি কবলৈ কলে। কিন্তু সতীয়ে পপতিৰ অমঙ্গল মাতি আনিব কেনেকৈ? তেওঁ নিৰ্ভয়ে কলে,-“মই মোৰ স্বামীৰ সন্ধান কৈ নিদিওঁ।” এই কথা শুনি সেনাপতিয়েক জয়মতীক ৰাজসভালৈ ওলাবলৈ কলে। জয়মতী সেই সময়ত গৰ্ভাৱতী আছিল। তথাপি ৰাজাজ্ঞা শিৰোধাৰ্য্য মানি কুঁৱৰী ৰজাৰ বৰচৰা পালেগৈ। লৰাৰজাই জয়মতীক সুধিলে, – “তোৰ স্বামী কলৈ গল, ক।” কিন্তু জয়মতীয়ে একা নেমাতি ৰজাৰ পাত্ৰ-মন্ত্ৰী, ডা-ডাঙ্গৰীয়া বৰুৱা-ফুকন সকলৰ আগত থিয় দি থাকিল।
লৰাৰজাই এবাৰ দুবাৰ নহয়, কেবাবাৰো সেই একেটা কথাকে সুধিলে। কিন্তু কুঁৱৰীৰ মুখেদি স্বামী গদাপাণিৰ বিষয়ে কোনো কথা বাজ নহল। ইয়াতে লৰামতি লৰাৰজাৰ ভীষণ খং উঠিল,—এজনী সামান্য তিৰুতাই মোৰ কথা পেলাবলৈ সাহ কৰে? এইক উচিত দণ্ড দি যি সি প্ৰকাৰে গদাপাণিৰ বাতৰি উলিয়াব লাগিব। এই বুলি ৰজাদেৱে শাস্তিবিহোতা বন্দীপাল কুকুৰাচোৱা চাওদাং-হঁতৰ হাতত জয়মতীক গতাই দি কলে, “যেনেকৈ পাৰ এইৰ মুখৰপৰা গদাপাণিৰ বাতৰি উলিয়াব লাগিব।” কুকুৰাচোৱা চাওদাংহঁতে ৰাজ অপৰাধী বন্দীবোৰক সদায় শাস্তি দি থকাত সিহঁতৰ প্ৰাণত মৰমদয়াৰ ভাব লেশমাত্র নোহোৱাত পৰিছিল । তাৰ উপৰি ৰজাৰ নিদাৰুণ আদেশ সিহঁতে পালন কৰিবই লাগিব, নহলে, সিহঁতৰ নিজৰ জীৱন লৈ টনাটনি। এই ভাবি সিহঁতে কুঁৱৰীক ৰজাৰ আগৰপৰা নি মেটেকাৰ জেবেঙ্গা পথাৰত এটি খুটাত বান্ধি জয়মতীৰ ওপৰত নানান শাস্তি প্রয়োগ কৰি নিৰুদ্দেশ গদাপাণিৰ বাতৰি সোধে । কিন্তু সতী জয়মতীয়ে চমতা ৰাইদাঙ্গৰ কোব, চোৰাতৰ চেক্চেকনি, জোক, তপত লো, কুজী-বিছা, বান্দৰ কেকুৱা আদিৰ যন্ত্ৰণাত চেঙ্গালুটি পাৰিবলৈ ধৰিলে । তথাপি কুঁৱৰীৰ মুখেদি একোপধ্যে কোঁৱৰৰ কথা নোলাল ।
এইদৰে সতী জয়মতীয়ে কুকুৰাচোৱা চাওদাংহতৰ হাতত এদিন দুদিনকৈ কেবাদিনো যন্ত্রণা সহি আছে, তথাপি ধ্যানমগ্ন কুঁৱৰীৰ মুখৰপৰা নিজৰ স্বামী সম্বন্ধে একেষাৰ কথাও ফুটি নোলাল। সতীয়ে নিদাৰুণ যন্ত্ৰণাত চেঙ্গালুটি পাৰি চিঞৰি আকাশ পাতাল খলকি লগালে। কিন্তু সেই গগণভেদী আর্তনাদে নিৰ্দ্দয় লৰাৰজাৰ মন কোমলাব নোৱাৰিলে । যিমানে শাস্তি পাইছে তিমানে কুঁৱৰীৰ প্ৰতিজ্ঞা অটল অচল হৈ আহিছে। এইদৰে নিজৰ চেষ্টা ব্যর্থ হোৱা দেখি লৰাৰজা ক্ৰোধ আৰু ভয়ত কম্পমান হবলৈ ধৰিলে। কুকুৰাচোৱা চাওদাংহঁতে আগতকৈ চৰাকৈ জয়মতীক শাস্তি কৰিবলৈ ধৰিলে ।
জেৰেঙ্গা পথাৰ প্ৰজাৰে দলদোপ হেন্দোলদোপ হল । স্বামীৰ কাৰণে কুঁৱৰীয়ে এইদৰে নিকাব ভুঞ্জা দেখি তেওঁলোকে ধন্য ধন্য কৰিবলৈ ধৰিলে। আৰু ৰজা এনে নিষ্ঠুৰ হৈ অৱলা তিৰোতাক এই দৰে লটিঘটি কৰিছে তাৰ নিমিত্তে সকলোৱে ৰজাক ধিক্কাৰ দিবলৈ ধৰিলে। কিন্তু ফুটাই কোনো কথা কবলৈ, কিম্বা শাস্তি- ভুঞ্জি থকা জয়মতীক উদ্ধাৰ কৰিবলৈ কাৰো সাহে নুকুলালে । ৰজাৰ দণ্ডি, প্রজাই হকাবাধা দিবৰ কি অধিকাৰ ?
ৰজাৰ বোৱাৰীক দণ্ডভূমি জেৰেঙ্গা পথাৰলৈ নি নগুৰশাস্তি- কৰা হৈছে, তথাপি কুঁৱৰীয়ে ৰজাই সোধা স্বামীৰ সন্ধান কৈ দিয়া নাই—ইমুখে সিমুখে বাগৰি ৰাজ্যৰ চাৰিও পোনে এই বাতৰি ব্যাপি পৰিল । লাহে লাহে সেই কথা নগা-পৰ্ব্বতত থকা ছদ্মবেশী গদাপাণিৰ কাণত পৰিলগৈ। নিজৰ প্ৰাণৰ কুঁৱৰীয়ে এনে যন্ত্রণা ভুঞ্জিছে শুনি গদাপাণিয়ে সেই ছদ্মবেশেৰে জেৰেঙ্গা পথাৰ পালেহি আৰু নিজৰ সন্মুখতে লৰাৰজাৰ চাওদাংহঁতৰ হাতত জয়মতীয়ে অশেষ লাঞ্ছনা আৰু যন্ত্রণা ভুঞ্জি থকা দেখিলে । গদাপাণিৰ গাত ছদ্মবেশ, তাৰ উপৰি মুখত ডাঙ্গৰ দীঘল হোৱা ৰজাৰ কোঁৱৰে পৰ্ব্বতে-পাষাণে ঘূৰি ফুৰাত খীণাই শুকাই চিনিব নোৱাৰা হৈছিল। গদাপাণিয়ে দুবাৰকৈ জয়মতীক স্বামীৰ সন্ধান দিবলৈ । জয়মতী নিমাত, কিন্তু তেওঁ এইবাৰ স্বামীক চিনি পালে, আৰু ভাবিলে,— “যাবহন্তে মই এনে নিদাৰুণ যন্ত্রণালৈ কেৰেপ নকৰি অকাতৰে সহি আছো, তেওঁ এতিয়া নিজে আহি ধৰা দি সকলো সৰ্ব্বনাশস ঘটাব! তিৰুতাৰ জীৱন স্বামীৰ কৰাধীন, স্বামীৰ ভালৰ কাৰণে সেই জীৱন হানি হলেও তাকে হাঁহিমুখে বিসর্জ্জন দিব লাগে। অন্যায় অত্যাচাৰত ৰাজ্য পৰোঁ পৰোঁ হৈছে, এই বিপদৰ পৰা মোৰ স্বামীয়ে ৰাজ্য উদ্ধাৰ নকৰিলে আৰু কোনে কৰিব ? মোৰ স্বামী চিৰজীবী হওক । স্বামীৰ জীৱন আৰু দেশৰ কল্যানৰ আগত মোৰ জীৱন একেবাৰে তুচ্ছ।”
গদাপাণিয়ে এইদৰে দুইবাৰ কৈ বিফল মনোৰথ হোৱাৰ পাছত তৃতীয় বাৰ কুঁৱৰীৰ কাষ চাপি কলে,—“হয়ে মানুহজনী, গিৰিয়েৰৰ কথা কৈ ৰক্ষা পৰ। মিছাতে লেকাত ভুঞ্জি মৰিছ কিয় ?” জয়মতীয়ে দেখিলে এনেতে স্বামীক সেই ঠাইৰ পৰা কোনো প্ৰকাৰে আঁতৰাব নোৱাৰিলে মহা অমঙ্গল ঘটিবৰ সম্ভাৱনা । সেই দেখি কুঁৱৰীয়ে ক্ৰোধৰ ভাৱ দেখুৱাই ক'লে,—মোৰ গৃহস্থৰ কথা মই নকঁও, ইবিলাকৰ হল কি ? কোনে বা ইবিলাকক ইয়ালৈ মাতিছে ? গুচিবা নেযায় কিয় ?” এই দৰে সতী জয়মতীয়ে আলেঙ্গে আলেঙ্গে কথাৰ ঠাৰেৰে সঙ্কেত দি—সেই ঠাইৰ পৰা যাবলৈ অনুৰোধ কৰিলে। গদাপাণিয়ে ভাবিলে,—— “কুঁৱৰীয়ে মহাব্রত পালিবলৈ আগ বাঢ়ি আধা পাইছেহি, মই পাতকীয়ে তাত বিধিপথালি দিওঁ কিয় ? মই যদি এতিয়া উন্মাদ হৈ কুঁৱৰীক দণ্ড দিয়া ঠাইৰ পৰা উদ্ধাৰ কৰিবলৈ যাওঁ তেন্তে ৰজাৰ এই বিস্তৰ পালী-পহৰীয়া আৰু প্ৰজাৰ মাজত এটি ভয়ঙ্কৰ বিপৰ্য্য়য় হৈ উঠিব। ৰজাৰ সেনাই মোক হত্যা কৰিব, তাৰ লগে লগে কুঁৱৰীৰো প্ৰাণৰ সংশয় আছে। যি দৰে কুঁৱৰীয়ে বিষম যাতনা ভোগ কৰিছে তেওঁক পুনৰ জীৱন দান দিয়া টান হৈ আহিছেই । তাৰ উপৰি ৰাজ্যৰ এনে হুলস্থুল। মন্ত্রী সকলে চক্ৰান্ত কৰি ৰজা ইচ্ছামতে পাতিছে, ভাঙ্গিছে, আৰু বধিছে, আৰু সিংহাসনত বহা ৰজা কেগৰাকীক পুতলাৰ দৰে নচুৱাইছে । সৈন্য সামন্ত গোটাই ৰাজপাট হাতলৈ নানিলে দেশ ৰসাতললৈ যাব। গতিকে কুঁৱৰীক যেনে আছে তেনে অৱস্থাতে এৰি থৈ যোৱাহে ভাল।” এই দৰে গুণি-গাঠি দেৱতাক সাক্ষী কৰি গদাপাণিয়ে সেই ঠাই এৰি গুচি গল ।
জেৰেঙ্গা পথাৰ এৰি গদাপাণি আতৰি যোৱাৰ পাচত চাওদাংহতে আকৌ আগৰ দৰে শাস্তি দিবলৈ ধৰিলে। মুঠৰ ওপৰত এপষ ধৰি জয়মতীয়ে যন্ত্রণা ভুঞ্জিলে। লাহে লাহে আলসুৱা ৰজাৰ বোৱাৰীৰ পক্ষে এনে অমানুষিক অত্যাচাৰ অসহ্য হৈছিল। তেওঁৰ শৰীৰ ক্ষীণ হল, মুখৰ মাত বন্ধ হল, – অৱশেহত জ্বলন্ত সতীত্বৰ আৰু পতি-পৰায়ণতাৰ চানেকি জগতত থৈ কুঁৱৰীয়ে অনন্তধামলৈ প্ৰয়াণ কৰিলে। সেইদিনা চ'ত মাহৰ শুক্লপক্ষৰ একাদশী তিথি ৷
জয়মতীৰ মৃত্যুৰ পাচত লৰাৰজাৰ মতিভ্রম হল। ইমান চেষ্টা কৰিও তেওঁ গদাপাণিৰ সন্ধান উলিয়াব নোৱাৰিলে, তেওঁৰ সকলো চেষ্টা যত্ন নিষ্ফল কৰি পতিপ্রাণা জয়মতীয়ে ইহলীলা সম্বৰণ কৰিলে। লৰা ৰজাই ভাবিলে, এইবাৰ তেওঁৰ সৰ্ব্বনাশ ! তিৰীবধ পাতকৰ হেংদান অস্ত্ৰ তেওঁৰ মূৰৰ ওপৰত ওলমিব লাগিছে! সেই পাতকৰ কি পৰিণাম হয় তাক মাথোন ভগৱন্ত প্ৰভুৱে জানে !
লৰাৰজাই মতিভ্ৰম অৱস্থাত বহুত অকাৰ্য্য কৰিবলৈ ধৰিলে, ৰাজ্যৰ উধৰপৰা মূধলৈ নানান আলৈ-আহুকাল ঘটিবলৈ ধৰিলে । তাৰ লগে লগে আহোম ৰাজ্যৰ ভেটি লৰিবলৈ ধৰিলে। সেই সময়ত এদিন মঙ্গল চাই বৰ দেওধাঁয়ে লৰাৰজাত ক'লে, “ৰাজ্যত ৰাজদুখ নুগুচে, দেওক মানুহৰ বলি দিব লাগে, দিব লগা দিন হৈছে।” সেই সময়ত মেটেকাতলীয়া লালুকসোলা বৰ-ফুকন ৰাজ্যৰ হৰ্ত্তা কৰ্ত্তা বিধাতা, জয়মতী বধৰ মূলত তেওঁ, আৰু লৰাৰজাৰ সকলো অকাৰ্য্যৰ মূলতো তেওঁ । লৰাৰজাই বুৰা- ফুকনক বলি দিয়াৰ দিহা কৰিবলৈ দিলে । বুৰাফুকনে তাৰ হন্তে দেখনীয়াৰ বলী মানুহ বিচাৰিবলৈ ধৰিলে। ইয়াৰ এপষৰ আগতে বুৰাফুকন ঘৰত এটা ভালুক সোমাই মানুহ দুটা খায় । সেই ভালুকক কোনেও বধিব নোৱাৰিলে। পাচত ভোটাই নামে নগঞা মানুহ এটাই সেই ভালুক মাৰিলে । ইয়াতে বুৰাফুকনে সন্দেহ কৰিলে, – “ইয়াৰ যেনেহে পিত, ইয়াৰ মন পোৱা বৰ টান হব। বনৰ ভালুকৰ লগত ই যুজে, ই সামাইন পুৰুষ নহয় ! ইয়াক সদীয়াৰ দেওঘৰত বলি দিবলৈ ভাল হব।” ভোটায়ে এই কথাৰ সম্ভেদ পাই সাৱধানে ফুৰিবলৈ ধৰিলে। মাধৱ তামুলী আৰু আঘোণা কছাৰী নামে দুজন মানুহৰে লগ লাগি এদিন ৰাতি ভোটায়ে বুৰাফুকনক খাটতে খুচি মাৰিলে। এই দৰে অনিষ্টকাৰী বুৰাফুকনৰ মৃত্যু হল। তাৰ কিছুদিনৰ মূৰত ডেকাফুকনে স্বৰ্গদেৱৰ আজ্ঞাৰে ভোটাইৰ নাক কাণ কাটি চকুএকোটা কাঢ়িলে ।
এই দৰে ৰাজ্যত নানা অমঙ্গল আৰু বিপ্লৱ হবলৈ ধৰিলে। ইমান দিন উজনীৰ ডা-ডাঙ্গৰীয়াসকল নিমাত আছিল । লৰাৰজাৰ কামবিলাক যে অন্যায়-অমঙ্গলজনক এই কথা তেওঁলোকে ভালকৈ জানিছিল। কিন্তু দুৰ্ব্বলচিতীয়া লৰামতি লৰাৰজাৰ ইচ্ছাৰ আগত বিধি পথালি দিয়া তেওঁলোকৰ সাহ আৰু সাধ্য নাছিল ৷
সতী জয়মতীৰ অলৌকিক মৃত্যুত নীৰৱে ৰং চোৱা এই মন্ত্রিবৃন্দৰ প্ৰাণত বেদনা সঞ্চাৰ কৰিলে। তেওঁলোকে বুজিলে ৰাজ্যত যেতিয়া তিৰীবধ পাতকে আহি প্ৰবেশ কৰিছে, তেতিয়া ৰাজ্যত অমঙ্গল উৎপত্তি হোৱা সম্ভৱ। তেওঁলোক আওকণীয়া হৈ থাকি ৰাজ্য এইদৰে ছাৰখাৰ হবলৈ দিলে জগতত আহোমৰ গৌৰৱ একেবাৰে লুপ্ত হব। তেওঁলোকে ভাবিলে এই সময়ত অশান্তি নিবাৰিবলৈ এজনা বাহুবলী কোঁৱৰৰ প্ৰয়োজন, তেওঁহে ভগা ৰাজ্য পুনৰ বাতিব পাৰিব। জয়মতীৰ মৃত্যুত ৰাজ্যৰ বৰ-মূৰীয়া বিষয়াসকলে এইদৰে চেতনা লাভ কৰিলে। জয়মতীৰ তনুত্যাগ সফল হল। আন বাহুবলী কোঁৱৰসকল ইতিপূৰ্ব্বে অঙ্গক্ষত হৈ ৰাজ-কাৰ্য্যলৈ অযোগ্য হোৱাৰ কাৰণে ডাঙ্গৰীয়া সকলে গদাপাণি কোঁৱৰক ৰজা পাতিবলৈ স্থিৰ কৰি তেওঁৰ সন্ধান লবলৈ ধৰিলে ।
ইফালে গদাপাণিয়ে - প্ৰাণৰ কুঁৱৰী জয়মতীক এৰি থৈ আহি পোনতে কিছুদিন নগা পর্ববতত বাস কৰিছিল । মাজে মাজে পান-কচু বেচিবৰ ছলেৰে ভৈয়ামলৈ আহি লাই আৰু লেচাইক চাই যায়হি। নগাৰ ৰাজ্যতো থাকিবলৈ আশঙ্কা কৰি গদাপাণিয়ে ভটীয়াই আহোঁঁতে বাটত সলাল গোঁহাইক লগ পায় । সলাল গোঁহাইৰ পৰামৰ্শ মতে কোঁৱৰে ভিনিহীয়েক অর্থাৎ বায়েক বাউলী আইদেউৰ স্বামী গুৱাহাটীৰ বন্দৰ বৰফুকনৰ ঘৰলৈ যায়। ইয়াৰ পূৰ্ব্বে গদাপাণিয়ে এজনী পোহাৰী, এজনী গাৰোৱনী, এগৰাকী ব্রাহ্মণ, জখলা বন্ধা সত্ৰ আৰু নামৰূপৰ চান্দকুচীয়া বৰুৱাৰ ঘৰত আশ্রয় লব লগাত পৰে ।
বন্দৰ বৰফুকনে গদাপাণিৰ বিলাই-বিপত্তিৰ কথা শুনি সৈন্য দি সহায় কৰিবলৈ ওলাল । আৰু নিজে গদাপাণিক লগত লৈ সসৈন্যে উজনীলৈ যাত্ৰা কৰিলে। গড়গাঁৱৰ ৰাজধানীৰ কাষৰতে গদাপাণি আৰু লৰাৰজাৰ যুদ্ধ হয়। সেই যুদ্ধত লৰাৰজা পৰাস্ত হ'ল। উজনীৰ ডা-ডাঙ্গৰীয়া, বৰুৱা, ফুকন পাত্রমন্ত্ৰীসকলে গোট খাই গড়গাঁৱৰ বৰচ'ৰাতে ১৬০৩ শঁকৰ চত মাহত লাঙ্গি গদাপাণি কোঁৱৰক ৰজা পাতিলে । তেতিয়াৰে পৰা গদাপাণিৰ নাম গদাধৰ সিংহ হল ।
স্বৰ্গদেৱ গদাধৰ সিংহই চৈধ্য বছৰ কাল ৰাজ্য ভোগ কৰে । তেওঁৰ দিনত ৰাজ্যৰ সুখ সমৃদ্ধি বাঢ়িবলৈ ধৰে। গদাপাণিৰ মৃত্যুত লাই কোঁৱৰে ১৬১৭ শঁকত ৰুদ্ৰসিংহ নাম লৈ আহোম ৰাজ পাটত বহে।
মহাৰাজ ৰুদ্ৰসিংহ স্বৰ্গদেৱে সিংহাসনত উঠিয়েই পতিপ্রাণা সতী মাতৃ জয়মতীৰ নাম চিৰস্মৰণীয় কৰিবলৈ আয়োজন কৰিলে । যি ঠাইত সতী জয়মতীয়ে কুকুৰাচোৱা চাওদাঙ্গৰ হাতত নিৰ্য্যাতন ভোগ কৰে সেই ঠাইকে কেন্দ্ৰ কৰি ছ-কুৰি পুৰা মাটিৰ ওপৰত স্বৰ্গদেৱে এটি সুবৃহৎ পুখুৰী খনাই দিয়ে। সেই পুখুৰী আজি জয়সাগৰ নামে প্রখ্যাত । জয়সাগৰৰ দাতিত এটি অতি বিনন্দীয়া দ'ল কদ্ৰসিংহই নিৰ্ম্মাণ কৰে। সেই দৌলৰ গাত নানান পাথৰৰ মূৰ্ত্তি আঁকি থোৱা হৈছে। সেই দল আজি জয়দৌল নামে প্রখ্যাত। এই জয়দৌল আৰু জয়সাগৰে আজিও সতী জয়মতীৰ নাম অমৰণ অভগন কৰি ৰাখিছে।
জয়মতীৰ পুত্ৰ ৰুদ্ৰসিংহৰ কালত আহোম ৰাজ্যৰ বিস্তৰ উন্নতি হয়। হিন্দুৰ পৱিত্ৰ গঙ্গা বঙ্গদেশৰ মাজত প্রবাহিত হৈছে, ৰুদ্ৰসিংহৰ বৰ ধাউতি হল, সেই গঙ্গা নিজৰ ৰাজ্যৰ মাজেদি বোৱায় ! তাৰ অর্থে তেওঁ বঙ্গক নিজ ৰাজ্যভুক্ত কৰিবৰ অভিপ্ৰায়ে বঙ্গদেশ আক্ৰমণ কৰিবলৈ আয়োজন কৰিলে। স্বৰ্গদেৱ ৰুদ্ৰসিংহই বিস্তৰ সৈন্য সামন্ত বৰতোপ হিলৈ লৈ ভটীয়াই আহি উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰৰ কাষত বাহৰ কৰিলেহি । কিন্তু ঈশ্বৰে মানুহৰ আকাঙ্ক্ষা সম্মুখত নিতৌ খড়গ-হস্ত হৈ থিয় দি আছে। টান নৰীয়াত পৰি এওঁৰ গুৱাহাটীতে ১৬৩৬ শকত স্বৰ্গদেৱ ৰুদ্ৰসিংহ লোকান্তৰ হয়। ৰুদ্ৰসিংহৰ পাচত তেওঁৰ চাৰিজনা পুত্ৰ শিৱসিংহ, প্রমত্ত সিংহ, ৰাজেশ্বৰন সিংহ আৰু লক্ষ্মী সিংহ অসমৰ সিংহাসনত বহে। এইদৰে সতী জয়মতীৰ সন্তুতিসকলে অতি প্রতাপৱন্ত ৰজা হৈ সতী নামৰ মহিমা ঘোষণা কৰি যায় ৷
সতী জয়মতী অসমৰ অতুলনীয় বিভূতি সম্পদ । ভগদত্ত, বাণ, ভাস্কৰ বৰ্ম্মা, চিলাৰায়, শঙ্কৰদেৱ, মোমাই তামুলী, লাচিত ফুকন, ৰাধা আৰু ৰুক্মিণী, পূর্ণানন্দ বুৰাগোঁহাই, ৰুক্মিণী, বেউলা, ঊষা, কামাখ্যা, উমানন্দ, বশিষ্ঠাশ্রম, ৰংঘৰ, কাৰেং ঘৰ, তলাতল ঘৰ লৈ আমি অসমীয়াই যেনেকৈ গৌৰৱ অনুভৱ কৰোঁ, সতী জয়মতীৰ নামতো আমাৰ তেনে গৌৰৱ । জয়মতীয়ে আজি ভাৰতৰ অন্যান্য জাতিৰ পৰাও ভক্তি-পুষ্পাঞ্জলি লাভ কৰিছে, তাত আমাৰ অপৰিমেয় আনন্দ ৷
সতী জয়মতীৰ দৰে স্বাৰ্থত্যাগৰ দৃষ্টান্ত জগতত কিমান ? অৱলা তিৰোতাক এটা খুটাত বান্ধি ঘোৰ অপৰাধী বন্দীৰ দৰে বন্দী পালে শাস্তি দি নগুৰ শাস্তি কৰিছে, তাৰ চিত্ৰ কল্পনা কাৰিলে কাৰ কথা আমাৰ মনত উদয় হয় : - -এইদৰে উনৈছ-শ বছৰৰ পূৰ্ব্বে উন্মত্ত য়ীহুদীবিলাকে যীচু খৃষ্টক নিৰ্যাতন কৰিছিল। সেই যীচুখৃষ্ট আজি জগতৰ ইমান প্ৰজাৰ গুৰু, তেওঁৰ নাম সুঁৱৰি আজি সহস্র প্রজাই সান্ত্বনা অমৃত পান কৰিছে । পূত পতিপ্রাণা জয়মতীৰ নাম জগতৰ ঘৰে ঘৰে পূজিত হওক সেয়েহে আমাৰ প্ৰাৰ্থনা ।
জয়মতীৰ দৰে গ্ৰীচৰ চেদিউৰ কন্যা এন্দ্ৰোমেডাক এটি পৰ্ব্বতৰ গাত লোৱৰ শিকলিৰে বান্ধি থৈছিল, গর্গন নামে দৈত্যই আহি খাবৰ কাৰণে । তাৰ পাচত মহাবীৰ পার্চিউচে আহি গর্গন দৈত্যক বধ কৰি বন্দিনী এন্দ্ৰোমেডাক উদ্ধাৰ কৰে। পাৰ্চিউচ-এন্দ্ৰোমেডাৰ কাহিনী আজি জগতৰ সাহিত্যৰ পাতে পাতে সোমাইছে ৷ আমাৰ মহাবীৰ গদাপাণিয়ে পাৰ্চিউচৰ দৰে চুলিকফা গৰ্গনৰপৰা জয়মতীৰ উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰি কুঁৱৰীক তেনে অৱস্থাত এৰি থৈ আহিল কিয় ?--ইয়াব ধাৰণ৷ কোনেওি উলিয়াব পৰা নাই। সেই কালত গদাপাণিৰ মনত কেনে ভাবৰ উদয় হৈছিল আমি তাৰ সঙ্কেত দিছোঁ | সতীৰ সাধনাত তেওঁ বিধি পথালি দিবব ইচ্ছ৷ নকৰিলে। ইফালে দুৰ্দ্দশাগতা মাতৃ-ভূমিয়ে তেওঁক বিয়াকুলা কাণ্ঠৰে আহ্বান কৰিছিল। দেশ-প্রেমিক গদাপাণিয়ে পত্নী-স্নেহক আগ ভাগ নিদি জন্মভুমিৰ নিমন্ত্রণ ৰক্ষা কৰিলে।
ভাৰতবৰ নাৰী সমাজত পতিপ্রাণা জয়মতীৰ সুমহান চানেকিি বিৰাজ কৰক, ঈশ্ববব চৰণত আমাৰ গোহাৰি। ডাক্তাৰ শ্ৰীমতী আনন্দীবাঈ জোছী এম্-ডি মহাৰাষ্ট্ৰীয় ৰমণী সমাজৰ ভিতৰত অমূল্য ৰত্নস্বৰূপা আছিল। শিক্ষা, চৰিত্র, দেশানুৰাগ আৰু মনস্বিতাৰ পোহৰেৰে যি সকলে ৰত্ন প্রসৱিণীি মহাৰাষ্ট্ৰ ভূমিৰ মুখ উজ্জ্বল কৰি থৈ গৈছে, আনন্দীবাঈ তাৰ ভিতৰত অগ্রগণ্যা । তেওঁ জীৱনত কেবাবাৰো ভীষণ সঙ্কটত পৰিছিল। কিন্তু আনন্দীবাঈৰ কি মহিমা, তেওঁ ভীষণ অগ্নি-পৰীক্ষা অতি সুকলমে উত্তীৰ্ণ হৈ আহে, হিন্দু ৰমণী সুলভ নিষ্ঠা আৰু মহৎ উদ্দেশ্য সিদ্ধিৰ বাটৰপৰা খন্তেক লৈকে৷ তেওঁৰ ভৰি পিছলা নাছিল। ভাৰত-ৰমণীৰ চিকিৎসা শাস্ত্ৰ শিক্ষাৰ বাট সুগম কৰিবৰ নিমিত্তে সোতৰ বছৰ বয়সত প্রিয়তম পতিক এৰি বাধা প্রতিবন্ধকৰ দুর্ভেদ্য বেহু লঙ্ঘন কৰি সাত সমুদ্র তেৰ-নৈ পাৰ হৈ তেওঁ সুদূৰ আমেৰিকা দৈশলৈ যায়। তাতো তেওঁ স্বদেশৰ আচাৰ ব্যৱহাৰ মানি চলিছিল। নিজৰ মহান উদ্দেশ্য সফল কৰিবলৈ যাওঁতে জীৱনত তেওঁ অশেষ গঞ্জনা গৰিহণা অপমান অত্যাচাৰৰ ভাগী হ'ব লগাত পৰে, কিন্তু মনস্বিনী আনন্দীবাঈ ভুলে চুকেও নিজ মহাত্ৰতৰপৰা বিচলিত হোৱা নাছিল। আজি- লৈকে তেওঁ হিন্দু ৰমণী মাত্ৰৰে আদর্শ স্থানীয়া হৈ আছে। মহাৰাষ্ট্ৰৰ দুৰ্ভাগ্য, ভাৰতৰ দুৰ্ভাগ্য, একুৰি ছ-বছৰ বয়সত ভৰি নিদিওঁতেই এই ৰমণীৰত্নই ইহধাম ত্যাগ কৰি যায় ! ১৮৬৫ খৃষ্টাব্দৰ মাৰ্চ মাহত পুনা নগৰীত এটী ব্ৰাহ্মণ পৰিয়ালত আনন্দীবাঈৰ জন্ম হয়। তেওঁৰ পিতৃদেৱ শ্ৰীযুক্ত গণপত্ৰাও অমৃতেশ্বৰ জোছী এজন ধৰ্ম্মনিষ্ঠ, শান্ত আৰু অমায়িক মানুহ আছিল । তেওঁৰ দ্বিতীয়া পত্নীৰ গৰ্ভত এটা পুত্ৰ আৰু তিনটী কন্যা জন্মে, ছোৱালী তিনিজনীৰ মাজত আনন্দীবাঈ মাজু । সৰুতে তেওঁৰ নাম আছিল যমুনাবাঈ, কিন্তু বিয়াৰ সময়ত তেওঁৰ নতুন নাম দিয়া হয়, তেতিয়াৰেপৰা তেওঁ 'আনন্দীবাঈ' নামে পৰিচিতা হয় ।
সৰুতে যমুনাৰ টুপটুপি্য়া মুখখনি, নিতৌ প্রফুল্লভাব আৰু চাফচিকুণ সাজপাৰ দেখি যেয়ে সেয়ে ভোল গৈছিল। ছয় কি সাত বছৰ বয়সত এদিন তেওঁ এজন পাদুৰীক বক্তৃতা দিয়া শুনে, তেতিয়াৰেপৰা তেওঁ নিজৰ লগাৰিয়ানীহঁতক একেলগ কৰি সেই পাদুৰী চাহাবৰ বক্তৃতাৰ হুবহু নকল কৰি শুনাইছিল। সকলোৱে যমুনাক সেইদিনা খনৰে পৰা “পাদৰিণী” বুলি ঠাট্টা কৰিবলৈ ধৰে। আন আন লৰা ছোৱাৰীৰ দৰে সৰুকালত যমুনাই পুত্লা আৰু দৰাকন্যা খেলা ভাল নেপাইছিল। কিন্তু যিবোৰ ধেমালিত জপিওৱা আৰু লৰ মৰা বেছি, যমুনাই সেই- বোৰ বিশেষ ভাল পাইছিল, তাৰ বাদেও শাকপাচলি আৰু ফুলৰ গছ ৰোৱাত যমুনাৰ বিশেষ হাউচ দেখা গৈছিল। যমুনাৰ মাক অতি খঙাল স্বভাৱৰ তিৰোতা আছিল, সেই দেখি জীয়েক যমুনাই অলপ দোষতে তেওঁৰ হাতত কঠোৰ শাস্তি পাইছিল । সাত বছৰ বয়সত যমুনাক স্কুলত নাম লগাই দিয়া হয়। তেওঁৰ স্মৰণ-শক্তি বৰ চোকা আছিল, কোনো কথা এবাৰ শুনিলে তাক তেওঁ সহজে নেপাহৰিছিল, কিন্তু পঢ়াশুনাত তেওঁৰ বিশেষ মনোযোগ নাছিল ।
পঢ়াপালিলৈ যোৱাৰ নাম শুনিলে তেওঁ যম দেখাদি দেখিছিল ; স্কুললৈ যাবৰ সময় আহিলেই তেওঁৰ পেট-কামোৰণি ধৰিছিল, নাইবা আন ধৰণৰ অসুখ আৰম্ভ হৈছিল। এই কাৰণে ঘৰৰ ভিতৰত আইতাকৰ বাহিৰে আনে কেও তেওঁক বৰ মৰম নকৰিছিল।
যমুনা বেছ শকত আৰু বলিষ্ঠা ছোৱালী আছিল। এদিন তেওঁৰকৈ বয়সে ডাঙৰ এজন সম্পৰ্কীয় লৰাক কুস্তিখেলাত হৰুৱাৰ বাবে তেওঁ “যমুনা মল্ল” নাম পায়। যমুনা বৰ বাঢ়নীয়া লক্ষণৰ ছোৱালী আছিল, সাত বছৰ বয়সতে তেওঁক দহ বছৰীয়া জনী যেন দেখাইছিল ৷ কাজেই যমুনাৰ বিয়াৰ নিমিত্তে আটায়ে চিন্তান্বিত হ'ল। যমুনা সুন্দৰী নাছিল। গতিকে তেওঁলৈ সতকাই দৰা পোৱা টান হ'ল ৷ বহুত দিন দৰা বিচৰাৰ পাছত ডাক-বিভাগৰ কৰ্ম্মচাৰী শ্ৰীযুক্ত গোপাল ৰাও বিনায়ক জোছী সঙ্গমনেৰকৰ লগত যমুনাৰ বিয়াৰ স্থিৰ হ'ল, আৰু বিয়াৰ দিনো নিৰ্দ্ধাৰিত হল । গণপট্ৰাওৰ মূৰৰপৰা যেন এটা একান্ত চিন্তাৰ বোজা নমাই থোৱা হল ৷
গোপাল ৰাওৰ বিষয়ে এই খিনিতে গোটাচেৰেক কথা কৈ থোৱা ভাল । তেওঁ অদ্ভুত প্ৰকৃতিৰ মানুহ আছিল, তেওঁৰ কথা আৰু কাৰ্য্যৰ গতি কোনেও তৎ ধৰিব নোৱাৰিছিল, তেওঁৰ নিচিনা চঞ্চল স্বভাৱ আৰু ঘনাই মত সলোৱা মানুহ সংসাৰত অতি বিৰল । ব্ৰাহ্মণৰ সন্তান হৈ পোনতে তেওঁ ব্ৰাহ্ম, পাছত খৃষ্টান আৰু শেহত পৰাচিত হৈ পুনৰ হিন্দু সমাজত সোমায় । আচৰিত মানিবলগীয়া যে খৃষ্ট ধৰ্ম্মাবলম্বী হৈয়ো তেওঁ লগুণ এৰি দিয়া নাছিল! তেওঁৰ এই বিচিত্ৰ “খাম খেয়ালিৰ” বাবে আনন্দীবায়ে কেবাবাৰো দাৰুণ মৰ্ম্মবেদনা ভোগ কৰে।
গোপাল ৰাওৰ লগত যমুনাৰ বিয়াৰ দিন স্থিৰ হৈ গল, কিন্তু ইতিমধ্যে গোপাল ৰাওৰ মত বদলিল, তেওঁৰ প্ৰৱল ইচ্ছা হল যে তেওঁ বিধৱা বিয়া কৰায় ৷ ইতি পূৰ্ব্বে তেওঁ মহাৰাষ্ট্ৰ দেশৰ বিদ্যাসাগৰ বিধৱা বিবাহ প্রবর্ত্তক পণ্ডিতবৰ শ্রীযুক্ত পৰশুৰাম শাস্ত্ৰীৰ লগত ফুৰি বিধৱা-বিবাহৰ ঘোৰ পক্ষপাতী হৈ পৰে ! এনে কি, যমুনাৰ লগত সম্বন্ধ স্থিৰ হোৱাৰ পাছতো তেওঁ এটী বিধৱা কন্যাৰ সন্ধানত আছিল । ইফালে গণপৎৰায়ে মিতিৰ কুটুম আত্মীয় পৰিয়ালক মাতি বিয়ালৈ আয়োজন কৰিলে। চাওঁতে চাওঁতে বিয়াৰ দিন উপস্থিত হল, শুভলগ্নৰ ক্ষণ আহিল, তথাপি দৰাৰ ছাঁটোও দেখা পাবলৈ নাই ! গণপৎ ৰাও এই আকস্মিক দুর্যোগত পৰি বিমোৰ হল ।
যিজন মানুহে ঘটক হৈ যমুনাৰ বিয়াৰ সম্বন্ধ স্থিৰ কৰিছিল। তেওঁ এদিন নাচিক-ষ্টেচনত গোপাল ৰাওক দেখা পায় । গোপাল ৰাওক লগত লৈ মধ্যস্থজনে নাচিক নিবাসী শ্রীযুক্ত গদাধৰ নৰসিংহ কেতকৰ ডাঙৰীয়াৰ ওচৰলৈ গল । গোপাল ৰাও যিমানকি চঞ্চল প্ৰকৃতিৰ হওক, তেওঁ বিবেকবিৰহী নৰপশু নাছিল, তেওঁৰ চৰিত্ৰত উচ্চ আদৰ্শ আৰু মানবিকত্বৰ বীজ আছিল । তেওঁ যে সমাজদণ্ড বা নিন্দাগৰিহালৈ ভ্ৰুক্ষেপ নকৰি কোনো বিধৱা কন্যাৰ পানি গ্রহণ কৰিবলৈ আগ বাঢ়িছিল ইয়ো তেওঁৰ স্বাৰ্থত্যাগী মহৎ হৃদয়ৰ হে চিনাকি দিয়ে। নৰসিংহ কেতকৰ ডাঙৰীয়াৰ বুজনী শুনি তেওঁৰ জ্ঞানোদয় হল । বিয়াৰ সময়ত গোপাল ৰায়ে যমুনাৰ নাম ৰাখিলে আনন্দী বাই ।
গোপাল ৰাও স্ত্রীশিক্ষাৰ বিশেষ পক্ষপাতী আছিল। তেওঁৰ বিয়াৰ স্থিৰ হওঁতে এটী বিষয়ত গণপৎ ৰাওক প্ৰতিজ্ঞাৱদ্ধ কৰাই লৈছিল, যে তেওঁ ভাবী পত্নী যমুনাক নিজৰ ইচ্ছামতে শিক্ষাদান কৰিব, তাত তেওঁৰ শহুৰেকে কোনো আপত্তি কৰিব বা বাধা দিব নোৱাৰিব । এইদৰে প্ৰতিজ্ঞা কৰিবলৈ তেওঁ গণপৎ ৰাওক বাধ্য কৰালে। গণপৎ ৰাও স্ত্রীশিক্ষাৰ বিশেষ পক্ষপাতী নহলেও দৰা বিচাৰৰ দায়ৰ পৰা নিষ্কৃতি লাভৰ নিমিত্তে ভাবী জোয়াঁয়েকৰ এই প্ৰস্তাৱত সহজে সম্মত হল। গোপাল ৰাৱে ভালকৈ বুজিছিল যে আমাৰ তিৰুতা সমাজৰ চকু মোকলাব নোৱাৰিলে ভাৰতৰ কল্যাণ কামনা কৰা বৃথা। সন্তানক সৰুৰেপৰা মহৎ আদর্শ দেখুৱাই সৎসাহী আৰু চৰিত্ৰৱন্ত কৰিবলৈ, আৰু নতুন যুগৰ উপযোগী কৰি শিক্ষা দিবলৈ জননী নিজে শিক্ষিতা হব লাগিব। মানৱ জীবন অতি দুর্লভ বস্তু, স্বয়ং ব্রহ্মাই শত আৰাধনা কৰিও ইয়াক নেপায়। এই খন্তেকীয়া মানৱ জীৱনত জ্ঞানৰ সমান অমৃত আন একো নাই । এই পবিত্র জ্ঞানামৃতৰ পৰা নাৰীক বঞ্চিত কৰি ৰাখিবৰ পুৰুষৰ একো অধিকাৰ নাই। বহুতৰ বিশ্বাস যে তিৰোতাক অজ্ঞান-তিমিৰত ৰখাই ভাল, কাৰণ শিক্ষাৰ পোহৰ পালে বোলে তেওঁলোকৰ নাৰীত্ব আৰু মাতৃত্বৰ অশেষ বিঘনি জন্মে। এনে ধৰণৰ উদ্ভত মতাৱলম্বীসকলক আমি এটি উপমা মাথোন দেখুৱাওঁ; ধৰা, তোমাৰ বাৰীত আম আৰু লেচু দুজোপা গছ আছে। তুমি যদি দুজোপা গছত যত্ন কৰি সাৰ দিয়া, তাৰপৰা লেচুৰ ‘লেচুত্ব' আৰু আমৰ “আমত্বৰ” পূৰ্ণ মাত্ৰা বিকাশ হব। আম আৰু লেচু গৈ একেজাতীয় ফলত কেতিয়াও পৰিণত নহয়। সেইদৰে তিৰোতাক শিক্ষাৰ সাৰ দিলে নাৰীত্বৰ সৰ্ব্বাঙ্গ বিকাশহে হয়, তাৰ লোপ হবৰ কোনো সম্ভাবনা নাই। গোপালৰাৱো তেওঁৰ কুমলীয়া পত্নী আনন্দী বাঈক ভালমতে শিক্ষা দি মনোমত কৰি গঢ়ি লবলৈ দৃঢ় প্ৰতিজ্ঞ হল। বিয়াৰ পাছত কিছুমান দিন তেওঁ শহুৰেকৰ ঘৰতে আছিল। আনন্দীবায়ে পঢ়িবলৈ তেওঁ খনচেৰেক মাৰাঠী পুথি আনি দিছিল। লেখাপঢ়াৰ পিনে আনন্দীবাইৰ আগৰে অশ্ৰদ্ধা, গতিকে যৰে কিতাপ ততে পৰি থাকিল। ইপোনে গণপৎৰাও স্ত্ৰীশিক্ষাৰ বিশেষ পক্ষপাতী নোহোৱাত, দেউতাকৰ ঘৰত আনন্দীবাঈক ৰখাটো গোপালৰাৱে সুবিধাজনক যেন নেভাবিলে। সেই দেখি তেওঁ বহুত চেষ্টা কৰি ডাক-বিভাগৰ কৰ্তৃপক্ষক খাটি আলিবাগলৈ বদলি হল, আৰু তালৈ বুঢ়ী-মাকৰ সৈতে আনন্দীবাঈকো লৈ গল।
ইয়াতো আহি আনন্দী বাঈৰ পঢ়া শুনাত মনোযোগ নেবাঢ়িল। গোপালৰাওৰ আগতে কিতাপ ফলি দলিয়াই পেলাইছিল। গোপাল ৰাৱে তেতিয়া আন ফিকিৰ আৰম্ভ কৰিলে । তেওঁ মুঠেই খং নেদেখুৱাই আজলী আনন্দীবাঈক নানা তৰহৰ ধেমালি আৰু হেপাহৰ বস্তু আনি দিলে, লেখা পঢ়া শিকিলে আৰু আনি দিম বুলি লোভ দেখুৱালে! এইবাৰ তেওঁ কৃতকাৰ্য্য হল । কিন্তু আনন্দী বাঈৰ ছোৱালী স্বভাৱ কত যায়, পঢ়া বন্ধ হলেই একে জাপেই গৈ তেওঁ লগৰীয়ানীহঁতৰ লগ লৈছিল গৈ ; কিন্তু তেওঁৰ বুদ্ধি চোকা থকাৰ গতিকে অতি কম পৰিশ্ৰমতে সকলো বিষয় আয়ত্ত কৰিব পাৰিছিল । কাপোৰ কানিৰ ধুনপেচত আনন্দী- বাঈৰ পোনতে বেছ ধাউতি আছিল, কিন্তু গোপাল ৰাওৰ চেষ্টাত পাছলৈ তেওঁ সৰল সহজ সাজপাৰৰ পক্ষপাতিনী হয়। আলি- বাগলৈ যোৱাৰ পাছত তেওঁৰ লেখাপঢ়াৰো বৰ উন্নতি হয়, আৰু এক প্ৰকাৰে তেওঁৰ মাৰাঠী শিক্ষা সম্পূর্ণ হয় ।
বিয়াৰ দুবছৰৰ পাছত আনন্দীবাঈৰ এটী পুত্র সন্তান লাভ হয়। কিন্তু সেই শিশু ওপজাৰ পাছত মাথোন দহদিন জীয়াই থাকে। ইয়াৰ পাছত প্ৰসূতী অৱস্থাত আনন্দীবাঈ পিতাকৰ ঘৰত থাকেগৈ। দাৰুণ পুত্রশোক অতিক্ৰম কৰি শান্ত হোৱাৰ পাছত তেওঁ পুনৰ আগৰ দৰে লেখাপঢ়া আৰম্ভ কৰে, তেওঁৰ মাৰাঠী শিক্ষা শেষ হৈছিল, গোপাল ৰাৱে এইবাৰ তেওঁক ইংৰাজী শিকাবলৈ ধৰিলে ; আনন্দীবাঈৰো জ্ঞানস্পৃহা ক্ৰমাৎ বাঢ়িবলৈ ধৰিলে। এতিয়া আৰু তেওঁৰ গাত লৰালিৰ চাঞ্চল্য নাই, তেওঁ স্বামীৰ ইচ্ছানুগামিনী প্ৰকৃত সঙ্গিনীৰ ঠাই অধিকাৰ কৰিলে ।
গোপাল ৰাও অৱৰোধ প্রথা বা তিৰোতাক পৰ্দাৰ ভিতৰত ৰাখি সংসাৰৰ নানান অভিজ্ঞতাৰ পৰা বঞ্চিত কৰা নিয়মৰ পক্ষপাতী নাছিল। তেওঁ জানিছিল যে তিৰোতাক মুখৰ পৰা ওৰণী গুচাই তিৰুতাক বাহিৰৰ সংসাৰত লৈ ফুৰিলে বিশেষ একো অপকাৰৰ সম্ভাৱনা নাই। সৃষ্টি-পাতনিত বিধাতাই যি লীলাৰ দ্বাৰাই পুৰুষ আৰু প্ৰকৃতিৰ মাজত বৈচিত্র্য স্থাপন কৰি থৈছে, তিৰুতাই চোঙৰপৰা ওলাই মুকলিমূৰীয়া হৈ ফুৰিলেই যে নাৰীৰ স্বাভাৱিক সংকোচ আৰু সেই বৈচিত্র্য নষ্ট পাব, ই কেতিয়াও হ’ব নোৱাৰে। সেই দেখি আলিবাগত থাকোঁতে গোপাল ৰাৱে সাগৰৰ দাতিলৈ প্ৰায় আনন্দীবাঈক লগত লৈ ফুৰিবলৈ গৈছিল । যুৱতী তিৰোতাক এইদৰে মুকলিমূৰীয়াকৈ উলিয়াই লৈ ফুৰাত তেওঁলোকৰ পিনে সকালাৰে চকু পৰে । তাত থকা অসম্ভৱ হৈ উঠাত গোপাল ৰাৱে চেষ্টা কৰি কোহলাপুৰলৈ বদলি হৈ গ'ল । তেতিয়া আনন্দী বাঈৰ বয়স তেৰ বছৰ মাথোন ।
কোহলাপুৰত থাকোঁতে জোছী দম্পতিৰ লগত তাৰ পাদুৰী সকলৰ বিশেষ ঘনিষ্ঠতা হয়। তাৰ ছোৱালী স্কুলৰ শিক্ষয়িত্রী মিচ মাইটীৰ লগত গাড়ীত উঠি আনন্দী বাঈ নিতৌ পঢ়াশালিলৈ যায়। আৰু পাদুৰী চাহাবহঁতৰ ঘৰলৈ পতি-পত্নী দুয়ো অহাযোৱা কৰে, ইয়াৰ নিমিত্তে তেওঁলোক সকলোৰে হাঁহিয়াতৰ পাত্ৰ হয় । কিন্তু গোপাল ৰাও সেইবোৰলৈ কেৰেপ-কৰা বিধৰ মানুহ নাছিল। তেওঁ মিছনৰী সকলৰপৰা জানিব পাৰিলে যে আমেৰিকালৈ গলে আনন্দীবাঈৰ শিক্ষাৰ বিশেষ সুবিধা হ'ব। তেওঁলোকে গোপাল ৰাওক খৃষ্ট-ধৰ্ম্মত দীক্ষিত কৰিবলৈ পাৰে মানে যত্ন কৰিছিল, এনে কি গোপাল ৰাৱে নজনাকৈ আনন্দীবাঈৰ আগতো খৃষ্ট মাহাত্ম্য কীৰ্ত্তন কৰিছিল। কুমলীয়া যদিও আনন্দীবাঈৰ দৃঢ় চিত্তত তেওঁলোকে একো বিকাৰৰ সাঁচ বহুৱাব নোৱাৰিলে । গোপালৰাও অগত্যা মিছনৰীহঁতৰ সংস্রব এৰিবলৈ বাধ্য হ'ল ৷
১৮৭৮ খৃষ্টাব্দৰ প্ৰাৰম্ভত গোপাল ৰাও বোম্বাইলৈ বদলি হৈ তাৰ মিছনৰ স্কুলত আনন্দীবাঈৰ শিক্ষাৰ বন্দোবস্ত কৰি দিলে। আনন্দীবায়ে দিনৌ অকলৈ স্কুললৈ ৰাজ আলিয়েদি অহা যেবাৱা কৰে, তেওঁৰ সাজপাৰতো পাশ্চাত্যৰ আভাস আছিল। সেই দেখি বাটত যাওঁতে তল শ্ৰেণীৰ মানুহে আৰু সভ্য নামধাৰী নীচ প্ৰকৃতিৰ ভদ্রলোকে তেওঁক ঠাট্টা-বিদ্রূপ কৰিবলৈ নেৰিছিল। ইতিমধ্যে গোপাল ৰাওৰ পিতাক বিনায়ক ৰাৱে লৰা আৰু বোৱাৰীৰ তেনে অদ্ভুত মতি-গতি দেখি বৰ বেজাৰ পায়, আৰু পুত্ৰৰ মুখ নেচাওঁ বুলি শপত খায় ৷
বোম্বেৰ মিছনৰী ইস্কুলত আনন্দীবাঈৰ বেছ উন্নতি হবলৈ ধৰিলে । তেওঁ অলপ সময়ত ভিতৰতে ইংৰাজীৰে কথা ক'বলৈ শিকিলে। ইংৰাজী ভাষা শিক্ষাৰ লগে লগে ইংৰাজ তিৰোতাৰ দৰে যাতে আনন্দী বায়ে স্বাধীন ভাবে থাকিব পাৰে, গোপালৰাৱে তালৈ বিশেষ দৃষ্টি ৰাখিছিল। তেওঁক অকলৈ ঘৰত থৈ গোপাল- ৰাও মাজে মাজে ইফালে সিফালে গৈছিল। বোম্বাইৰপৰা আনন্দীবাঈৰ পিতাকৰ ঘৰ কল্যাণলৈকো তেওঁক অকলৈ অকলৈ ৰেলগাড়ীত পঠিয়াই ছিল । বোম্বাইৰপৰা গোপালৰাও ভোজ নগৰলৈ বদলি হয়। ইয়াত আনন্দীবাঈৰ পঢ়াশলীয়া শিক্ষাৰ সুবিধা নোহোৱাত স্বামীয়ে নিজে শিক্ষাৰ ভাৰ ললে। স্বামীৰ চেষ্টাত আনন্দীবাঈ ইংৰাজী ভাষাত সুপণ্ডিতা হয়। লাহে লাহে তেওঁ সংস্কৃতো শিকিবলৈ ধৰিলে।
ভোজ নগৰত থাকোঁতে আনন্দীবায়ে আমেৰিকাৰ নিউজাৰ্ছী নিবাসিনী শ্ৰীমতী কাৰ্পেণ্টাৰৰ পৰা এখান চিঠি পায়। গোপালৰাও আৰু মিছনাৰী সকলৰ মাজত লেখালেখি হোৱা চিঠিবোৰ আমেৰিকাৰ “ক্ৰিশ্চান্ ৰিভিউ” নামে কাগজত প্ৰকাশ পায়। দৈবাৎ সেই কাগজ শ্ৰীমতী কাৰ্পেণ্টাৰৰ হাতত পৰাত তেওঁ আনন্দীবাঈলৈ উৎসাহ-সহানুভূতি পূৰ্ণ এখন চিঠি দিয়ে। সহৃদয়া শ্ৰীমতী কাৰ্পেণ্টাৰৰ লগত এই ঘনিষ্ঠতা আনন্দীবাঈৰ জীৱনব্যাপী হয়। দুয়োৰে ভিতৰত ঘনাই চিঠি পত্ৰ চলিবলৈ ধৰে। আনন্দীবায়ে মাজে মাজে নিজৰ দেশৰ ভাল ভাল বস্তুৰ চানেকী শ্ৰীমতী কাৰ্পেণ্টাৰলৈ উপহাৰ পঠিয়াই দিছিল।
১৮৮১ খৃষ্টাব্দৰ এপ্ৰিলত ভোজৰপৰা গোপালৰাও কলিকতালৈ বদলি হ’ল। কলিকতালৈ আহি আনন্দীবাঈৰ সুখশান্তি নোহোৱা হ’ল। কলিকতাত মানুহৰ সহানুভূতি পাবলৈ নাই, জোছী দম্পতীয়ে মুকলি ভাৱে ৰাজআলিত ওলাই ফুৰাত মানুহে তেওঁলোকৰ ফালে সন্দেহৰ চকুৰে কেৰাকেৰিকৈ চায়, সেইটোতে তেওঁ বিশেষকৈ অসন্তোষ পাইছিল। কলিকতাৰ পৰ৷ গোপালৰাও শ্ৰীৰামপুৰলৈ বদলি হ’ল। আনন্দীবায়ে সেই সহানুভূতি বিহীন জনসমাৰোহৰ হাত সাৰি শ্ৰীৰামপুৰৰ মুকলি বায়ু পাই অলপ শান্ত হল। ইতিমধ্যে গোপাল ৰাৱে চেষ্টা কৰি আনন্দীবাঈক ডাক-বিভাগত চাকৰি এটা দিয়ালে, কিন্তু আনন্দী-বাঈ বিশেষ কাৰণত চৰ্কাৰী চাকৰিৰ ওপৰত এক প্ৰকাৰে অসন্তুষ্ট হৈ থকাত তেওঁ ইয়াক গ্ৰহণ নকৰিলে। শ্ৰীৰামপুৰত থাকোতে কেমাহমানৰ ছুটী লৈ গোপালৰাৱে সস্ত্ৰীক উত্তৰ ভাৰতৰ প্ৰধান ঠাইবোৰ চাই ফুৰিছিল। ইয়াৰ পৰা আনন্দীবাঈৰ বিশেষ অভিজ্ঞতা জন্মে। আনন্দীবাঈৰ ভাৰতীয় শিক্ষাৰ এই শ্ৰীৰামপুৰতে সামৰণি পৰে ; ইয়াৰ পৰাই পাশ্চাত্য চিকিৎসা শাস্ত্র শিকিবৰ নিমিত্তে তেওঁ সুদূৰ আমেৰিকালৈ যায় ।
স্বদেশৰ তিৰোতা সমাজৰ মঙ্গল কামনা সৰু কালৰ পৰাপ গোপাল ৰাওৰ হৃদয়ত বদ্ধমূল আছিল। স্ত্রী শিক্ষাৰ আৰু স্ত্রী- স্বাধীনতা সম্বন্ধে তেওঁৰ সমসাময়িক সংস্কাৰকসকলে যি আন্দোলন উপস্থিত কৰে তাৰ তেওঁ পক্ষপাতী আছিল । মৌখিক আন্দোলনৰ সলনি প্রকৃত কাম আৰু আদৰ্শৰ দ্বাৰাই আমাৰ তিৰোতাৰ হিত সাধনত তেওঁৰ বিশেষ মনোযোগ আছিল। এই বিষয়ত নিজব সহধৰ্ম্মিণীৰ পৰা বিশেষ সহায়তা লাভৰ আশা কৰি তেওঁক একাগ্র ভাৱে শিক্ষা দি নিজৰ অভীষ্ট সাধনৰ উপযোগিনী কৰি লৈছিল । দেশৰ অৱস্থা আলোচনা কৰি তেওঁৰ এনে ধাৰণা হৈছিল যে উপযুক্ত চিকিৎসয়িত্ৰীৰ অভাৱত ভাৰতৰ তিৰোতাসকলে যেনেকৈ পদে পদে কষ্ট বিড়ম্বনা ভোগ কৰিব লাগে, আন একো অভাৱত তেনেকৈ নেলাগে। এনে মহৎ উদ্দেশ্য আগত ৰাখি এই মহাৰাষ্ট্ৰীয় দম্পতীয়ে আমেৰিকালৈ যাবৰ সঙ্কল্প কৰিলে । দেশী আৰু বিদেশী চিকিৎসা-বিজ্ঞানৰ ঐক্য ৰাখি দেশৰ বৰ্ত্তমান অৱস্থাৰ উপযোগী চিকিৎসা প্রণালী প্ৰৱৰ্ত্তন কৰা আনন্দীবাঈৰ প্রধান লক্ষ্য আছিল। কিন্তু অৰ্থৰ অভাৱত তেওঁ লোকে নিজ সঙ্কল্পত বহুদিনলৈকে গুটি ধৰাব নোৱাৰিলে । শ্ৰীৰামপুৰত থাকোঁতে গোপালৰাৱে সস্ত্ৰীক আমেৰিকালৈ যাবৰ নিমিত্তে দুবছৰৰ ছুটী খুজি ডাক বিভাগৰ কৰ্তৃপক্ষলৈ আৰ্জ্জি দিলে, কিন্তু তেওঁৰ আবেদন নামঞ্জুৰ হ'ল। অৱশেহত আনন্দীবাঈক অকলৈ আমেৰিকালৈ পঠিয়াবলৈ তেওঁ থিৰ কৰি কলে, – মিছাতে সময় নষ্ট কৰাৰ সকাম নাই, তুমি অকলৈ আমেৰিকালৈ যোৱাঁ, মই পাছে ওলামগৈ। আজিলৈকে কোনো বামুণৰ জীয়াৰী অকলসৰে বিদেশলৈ যোৱা নাই, তুমি এই বিষয়ে সকলোৰে পথ প্ৰদর্শিনী হোৱাঁ । স্বদেশৰ ৰীতিনীতিৰ বিন্দুমাত্র পৰিৱৰ্ত্তন নকৰি নিজৰ ব্যৱহাৰৰ গুণেৰে আমেৰিকাবাসীক হিন্দু ৰীতিনীতিৰ পক্ষপাতী কৰাঁ । তিৰোতাৰ দ্বাৰাই কোনো মহৎ কাম সাধিত নহয় বুলি ই দেশত যি প্রবাদ আছে, তাক তুমি অলীক সাধুকথাত পৰিণত কৰাঁ। এই দেশৰ অনেক সংস্কাৰকে নাৰীজাতিৰ মঙ্গলৰ নিমিত্তে বহুত দিনৰে পৰা মুখেৰে আন্দোলন কৰি ফুৰিছে। কিন্তু কাৰ্য্যত কোনেও বিশেষ একো কৰিব পৰা নাই, মোৰ ইচ্ছা তুমি এই দুষ্কৰ কাৰ্য্য সম্পাদন কৰি সকলোৰে উদাহৰণ স্থানীয় হোৱা । ” মহানুভৱ স্বামীৰ উপদেশ শুনি দেশহিতৈষিতাৰ অপৰূপ আদৰ্শৰ আবেগেৰে আনন্দীবাঈৰ হৃদয় ভৰপূৰ হবলৈ ধৰিলে। আজিকালি স্ত্রীশিক্ষা আৰু স্বাধীনতাৰ বাট আগতকৈ বহুত পৰিমাণে নিষ্কণ্টক দেখা যায় । কিন্তু ডেৰকুৰি বছৰৰ আগেয়ে ইয়াৰ অৱস্থা তেনে নাছিল । গোপালৰাও উচ্চমনা আৰু দৃঢ়চিত্ত হোৱাৰ কাৰণে হে ব্রাহ্মণ কন্যা আনন্দীবাঈক সোতৰ বছৰ বয়সত শিক্ষাৰ নিমিত্তে তেওঁ আমেৰিকালৈ পঠিয়াব পাৰিছিল ।
১৮৮৩ খৃষ্টাব্দৰ ৭ এপ্ৰিলৰ দিনা আনন্দীবাঈৰ আমেৰিকা যাত্ৰাৰ দিন স্থিৰ হ'ল । আমেৰিকাত এই দেশৰ বস্তু বেহানি পাবলৈ নাই জানি তেওঁ তিনি বছৰৰ জোখাই খাৰু, কাঁচলি, দেশী কাপোৰ মাৰাঠী শাৰী, সেন্দূৰ, ধোচা, এনেকি, ৰামচন্দ্ৰ, শঙ্কৰ, পাৰ্ববতী আদি দেৱদেবীৰ ছবিও লগত ললে। মোটৰ ওপৰত তেওঁৰ আমেৰিকা যাত্ৰাত আজিকালিৰ বিলাসিতাৰ লেশমাত্র নাছিল। তেওঁ আশ্ৰমচাৰিণী তপস্বিনী ঋষিকন্যাৰ দৰে জ্ঞানাশী হৈ অতি পৱিত্ৰ চিতেৰে খৃষ্টৰাজ্য মার্কিন দেশলৈ গৈছিল। যৌৱনত চিত্ত এনেকুৱা সংযম অতি বিৰল । প্রিয়তম স্বামী আৰু মাতৃস্বৰূপা জন্মভূমিৰ শান্তিময় কোলাৰপৰা আঁতৰি বহুত দিন বিদেশত থাকিব লাগিব ইত্যাদি চিন্তাত আনন্দীবাঈ কাতৰ হৈ পৰিল । ইপোনে গোপালৰাৱো বলিয়া যেন হ'ল; — নিজৰ হৃদয়ৰ স্নেহ সৰ্ব্বস্ৱ দান কৰি যাক তেওঁ ইমান দিন পালন কৰি আহিছে, অপৰিচিত বিদেশত কোনেই বা তেওঁক চাব, তেৱেঁই বা কিৰূপে প্রিয়তমা পত্নীৰ বিৰহত অকলৈ কাল কটাব, এই বোৰ চিন্তাত তেওঁৰ হৃদয় বিদীর্ণ হবলৈ ধৰিলে । ৭ এপ্ৰিলৰ দিনা গোপাল ৰাৱে বোম্বেৰ বন্দৰলৈ গৈ লগৰীয়া যাত্ৰী শ্ৰীমতী জন্স্নৰ হাতত নিজ পত্নীক সমৰ্পণ কৰিলে, আনন্দীবাঈক মাথোন এই কথাষাৰ কলে, "তুমি কৰুণাময় সৰ্ব্বসাক্ষী পৰমেশ্বৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিবা।” এই বুলি কৈ তাত থিৰ হৈ থাকিব নোৱাৰি গোপাল ৰাও ঘৰলৈ গুচি আহিল। তেওঁ গুচি অহাৰ পাছত ভালেমান পৰলৈকে আনন্দীবাঈ স্বামীৰ ধ্যানত মগ্না হৈ আছিল ।
এই দৰে দেশৰ হিতকৰ কামত প্ৰাণৰ প্ৰতিমাক বিসর্জ্জন দি গোপাল ৰাৱে শূন্য হৃদয় লৈ ঘৰলৈ উভতি আহে। পত্নীৰ বিৰহত তেওঁ ইমান মৰ্ম্মান্তিক শোক পায় যে তিনি মাহৰ ছুটী লৈ বৈৰাগীৰ বেশ ধৰি ভাৰতৰ নানান ঠাইত ঘূৰি কোনোমতে হৃদয়ক সান্ত্বনা দিবলৈ চেষ্টা কৰিছিল ৷
জাহাজৰ উঠাৰ পাছৰপৰা আনন্দীবাঈৰ ভীষণ পৰীক্ষা আৰম্ভ হয় । এনেয়ে পতিবিৰহকাতৰা যুৱতী, তাৰ ওপৰত সাগৰত হোৱা নৰীয়াৰ নিমিত্তে তেওঁৰ শৰীৰ একেবাৰে অসুস্থ হৈ পৰে। তাৰ ওপৰত আকৌ শ্ৰীমতী জন্সনৰ হৃদয়হীন অমানুষিক ব্যৱহাৰ । শ্রীমতী জন্সন মিছনেৰী তিৰোতা । মিছনেৰী সম্প্ৰদায়ত অনেক স্বার্থত্যাগী জগৎ-প্রেমিক দেৱদুৰ্ল্ভ পুৰুষ আৰু তিৰোতা দেখা যায়, কিন্তু শ্রীমতী জন্সন এই মিছনেৰী সমাজৰ কলঙ্ক স্বৰূপ আছিল। জাহাজত থাকোতে তেওঁ পোনতে মিঠা উপদেশেৰে, পাছলৈ গালি-শপনি পাৰি নানান ভয় দেখুৱাই অবলা, অসহায়া আনন্দীবাঈক স্বধৰ্ম্মচ্যুত কৰাৰ ভীষণ চেষ্টাত লাগিল । শ্রীমতী জন্সন, তুমি ভাটৌ পোৱালিৰদৰে খৃষ্টৰ মহিমা মাথোন কীৰ্ত্তন কৰিবলৈ শিকিছা, হিন্দু নাৰীৰ অন্তৰত স্বধৰ্ম্মনিষ্ঠাৰ যি দাবানল নিতৌ জ্বলিব লাগিছে, বিলাস-বিভ্রম চকুৰে তুমি তাৰ গম পাবা কি ? সেই দাবানলৰ অপৰিমেয় জ্যোতিত তোমাৰ নিজৰ চকু অন্ধ হব, তুমি জ্বলি ছাই-ভস্ম হবা, কিন্তু সেই অগ্নি নুমুৱাব নোৱাৰা ! তুমি যদি ভাৰতৰ বুৰঞ্জী মেলি চাইছিলা তাত পঢ়িব পোৱা যে হিন্দুৰমণীয়ে জ্বলন্ত অগ্নিত জাপ মাৰি মৰণ আলিঙ্গন কৰিবলৈ ভাল পায়, তেওঁলোকে নিজৰ ধৰ্ম্মত্যাগ কৰিব নেজানে । কাৰণ এই ধৰ্ম্মনিষ্ঠা অকল বাহিৰৰ বক্তৃতাৰে তেওঁলোকৰ অন্তৰত ঠাই পোৱা নাই, এই ধৰ্ম্মনিষ্ঠা তেওঁলোকৰ মজ্জাগত, ই তেওঁলোকৰ নিৰঞ্জন আত্মাৰ সাৰাংশ ।
ইয়াৰ পাছত আন প্ৰকাৰ বিপদৰ সূত্রপাত হয়। জাহাজৰ ইঞ্জিনীয়াৰ চাহাবে শ্রীমতী জন্সনৰ সহায়তাত আনন্দীবাঈক বিপথগামিনী কৰাৰ চেষ্টাত লাগিল । পাপিষ্ঠই তেওঁক অকলশৰে দেখিলেই কাষ চাপি গৈ ভালৰী লগাই নানান কথা কয়, আক তলত থকা ইঞ্জিন প্রভৃতি যন্ত্রাদি চাবলৈ অনুৰোধ কৰে। তেওঁৰ অসদ্ ইচ্ছা বুজ পাই আনন্দীবায়ে অসম্মতি দেখুৱাত, শ্ৰীমতী জন্স্নে গালি শপনি পাৰি তললৈ যাবলৈ তেওঁক পেৰিবলৈ ধৰিলে। খৃষ্ট-মহিমা-প্ৰচাৰিকা শ্রীমতী জন্সনে খৃষ্টৰ কোনটো আদেশ মতে স্বামিবিৰহবিধুৰা, অসহায়া জ্ঞানার্থিনী যুৱতীক এইদৰে বিপথগামিনী কৰিবলৈ চেষ্টা কৰিছিল, আমি কব নোৱাৰো । জাহাজত দাঁতৰ বেমাৰৰপৰা আনন্দীবায়ে বিষম কষ্ট পায়, কিছুমান দিন তেওঁ অনাহাৰে থাকিবলৈ বাধ্য হয়। শ্রীমতী জন্স্নে এদিনে৷ তেওঁক চাবলৈ যোৱা নাছিল। ষ্টীমাৰত থকা আন আন বিদেশী তিৰোতায়ো নিৰ্দয়া জন্সনৰ পথ অনুসৰণ কৰে। তেওঁলোকে আনন্দীবাঈক দাসদাসীৰ দৰে ব্যৱহাৰ কৰে! তেওঁ অখাদ্য নেখাওঁ বুলি কোৱাত তেওঁৰ ওপৰত জাহাজৰ তিৰোতা সম্প্ৰদায়ৰ বিদ্রূপৰ বাণ পৰিবলৈ ধৰে। জাহাজত থাকোঁতে আনন্দীবায়ে দিনে দুটা তিনিটা সিজোৱা আলুৰ বাহিৰে আন একো নেখাইছিল ।
এইদৰে বাটত নানান নিৰ্যাতন সহি ১৬ মেৰ দিনা আনন্দীবাঈ আহি লিভাৰপুল পায়হি, তাত দিনদিয়েক থকাৰ পাছত আমেৰিকালৈ যোৱা জাহাজত উঠে। শ্রীমতী জন্সনে তেতিয়াও কুব্যৱহাৰ এৰা নাছিল। আমেৰিকা পাওঁ পাওঁ হওঁতে তেওঁ আনন্দীবাঈক কয়,—“মিছেছ্ জোছী, তোমাৰ স্বামীয়ে তোমাক মোৰ হাতত গতাই দিছে, তোমাৰ ওপৰত মিছেছ্ কার্পেণ্টাৰৰ কোনো অধিকাৰ নাই।” আৰু শ্ৰীমতী কার্পেন্টাৰৰ কুৎসা-নিন্দা তেওঁ ৰটিবলৈ ধৰে । বোষ্টন নগৰলৈ নি আনন্দীবাঈক খৃষ্টান কৰিবলৈ জন্সনে পুনৰ্ব্বাৰ চেষ্টা কৰিছিল। কিন্তু তেওঁৰ সকলো অসদভিপ্রায় ব্যর্থ হল। আচৰিত বিষয় এই যে আনন্দীবায়ে বহুত দিনেলৈকে এই অত্যাচাৰৰ কথা গোপাল ৰাওলৈ লেখা নাছিল । ধৰ্ম্মপ্রাণা মনস্ৱীনি নাৰী, তেওঁৰ মুখেদি সতকাই আনৰ নিন্দাই বা ওলাব কেনেকৈ ? পাছলৈ এই অত্যাচাৰৰ কথা সুঁৱৰিলে তেওঁৰ চকুপানী ওলাইছিল।
আমেৰিকা পাই তেওঁ শ্ৰীমতী কার্পেন্টাৰৰ নিউজাৰ্চীৰ ঘৰত অতিথি হয়গৈ। বন্দৰৰপৰা শ্ৰীমতী কার্পেন্টাৰে তেওঁক আগ বঢ়াই লৈ যায়হি ৷ বাটত যাওঁতে তেওঁ ভাবিছিল আন কৌতূহলী ছোৱালীৰদৰে গাৰীৰ খিলিকিয়েদি আনন্দীবায়ে জুমি জুমি চাব, নাইবা নতুন নতুন বস্তু দেখি তেওঁক প্ৰশ্ন সুধি হাৰাশাস্তি কৰিব । কিন্তু আনন্দীবাঈ ইমান গম্ভীৰস্বভাৱা যে তেনে প্রশ্নাদি কৰি মিছেছ কাৰ্পেণ্টাৰক কেতিয়াও আমনি কৰা নাছিল। অসাধাৰণ বুদ্ধিৰ প্ৰভাৱত তেওঁ সহজেই দেখামাত্ৰে সকলো বুজিছিল। তেওঁৰ নিচিনা গাম্ভীৰ্য অনেক বয়সস্থা তিৰোতাৰ চৰিত্ৰতো দেখা নেযায় ।
শ্ৰীমতী কাৰ্পেণ্টাৰৰ ঘৰত থাকোঁতে তেওঁ সকলোৰে প্ৰিয় হৈ উঠে। লৰাছোৱালীবিলাকে তেওঁক নেৰিছিল । ওচৰ চুবুৰীয়া তেওঁৰ গুণত মুগ্ধ হৈছিল। দূৰ বিদেশতো তেওঁ সদাই হিন্দু- ৰীতি-নীতি মানি আছিল৷ আমাৰ দেশত গুৰুজনক নাম ধৰি মতাৰ নিয়ম নাই, সেই দেখি মিছেছ্ কার্পেন্টাৰক তেওঁ ‘মাহী' বুলি সম্বোধন কৰিছিল। হাত জৌকৰাৰ ( ‘হ্যাণ্ড ছেক্’ ) সলনি তেওঁ প্রণাম কৰিবলৈ ভাল পাইছিল। তেওঁৰ অনেক সঙ্গিনীয়ে তেওঁক দেখি শাৰী ব্যৱহাৰ কৰিছিল, আৰু মহাৰাষ্ট্ৰীয় মতে খোপা বান্ধি কপালত আৰু সেওঁতাত সেন্দুৰৰ ফোট লবলৈ আৰম্ভ কৰিছিল । কার্পেন্টাৰ পৰিয়ালত শাৰীৰ ইমান প্রভাৱ হয় যে লৰাছোৱালী- বিলাকে পুতলাক শাৰী পিন্ধাই হে ৰং পাইছিল ।
ভাৰতবৰ্ষ এৰাৰ পাছত গোপাল ৰাৱে এখন চিঠিত তেওঁৰ দর্কাৰ হলে বিদেশী সাজপাৰ পিন্ধিবলৈ আৰু মাংসাহাৰ কৰিবলৈ অনুমতি দিয়ে। কিন্তু আনন্দীবাঈৰ নিজদেশৰ নীতি-নিয়মৰ ফালে ইমান শ্রদ্ধা আছিল যে আমেৰিকাত থকা কেবছৰ তেওঁ দেশীয় সাজপাৰকে ব্যৱহাৰ কৰিছিল, আৰু নিজ হাতে ‘ডাইল ৰুটি’ ৰান্ধি খাইছিল ।
সঙ্গীত বিদ্যাত তেওঁ সুনিপুণা আছিল, তেওঁৰ মাতো সঙ্গীতৰ উপযোগী কোমল আছিল । মাজে মাজে তেওঁ ব্ৰহ্মজ্ঞান আৰু ভক্তিবিষয়ক মহাৰাষ্ট্ৰীয় সঙ্গীত শুনাই অভ্যাগত সকলক তৃপ্ত কৰিছিল। আনন্দীবাঈ যে বিশেষ সুন্দৰী আছিল এনে নহয়, কিন্তু তেওঁৰ মুখত গাম্ভীৰ্য আৰু দিব্য জেউতিৰ এটী আভা আছিল। শ্রীমতী কার্পেন্টাৰে কৈছিল, – “আনন্দীবাঈক নিজ দেশীয় সাজপাৰত সজ্জিতা দেখিলে তেওঁৰ লাৱণ্য জেউতিত মোৰ চকু জলক্-তবক কৰিবলৈ ধৰে। এনেহে অনুমান হয় যেন দেৱ-লোকৰ পৰা কোনোবা সুৰসুন্দৰী মৰ্ত্ত্যলৈ নামি আহিছে।” তেওঁৰ সদায় প্রসন্ন-প্রফুল্ল ভাব দেখি মিছেছ, কার্পেন্টাৰে তেওঁক ‘আনন্দ-নিজৰা' আখ্যা দিয়ে ।
ডাক্তৰী শিক্ষাৰ সুবিধাৰ নিমিত্তে ১৮৮৩ চনৰ চেপ্টেম্বৰ মাহত আনন্দীবাঈ নিউজাৰ্চীৰপৰা ফিলাডেলফিয়ালৈ যায় ৷ তাত থকা মেডিকেল কলেজৰ প্রধান অধ্যাপিকা মিছ্ ৰেছেল বডলেৰ অনুগ্ৰহ আৰু চেষ্টাত এটি বৃত্তি লাভ কৰে । তাত থাকোঁতে তেওঁ দিনে দহ-এঘাৰ ঘণ্টাকৈ পঢ়িছিল, আৰু উপৰি ঘৰৰ সকলো কাম নিজেই কৰিব লগাত পৰিছিল। পিছ বছৰৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ ‘ডিপ্থিৰিয়া’ বেমাৰে দেখা দিয়ে। ডিঙ্গিৰ ভিতৰত এটা ফোঁহা হৈ তেওঁ অসীম যন্ত্রণা ভোগ কৰে। সেই যাত্ৰাৰপৰা যে তেওঁ নিস্তাৰ পাব পাব এনে আশা নাছিল । কিন্তু তেওঁ সহপাঠিকা সকলৰ যত্ন আৰু শুশ্রূষাৰ গুণত অতি কষ্টে আৰোগ্য লাভ কৰিলে। এই বেমাৰৰ পাছত তেওঁ ইমান দুৰ্বল হৈ পৰে যে বহুদিনলৈকে তেওঁ গৈ স্কুল-বোর্ডিং ঘৰত নিৰামিষ ভোজন কৰিব লগাত পৰে। তাৰ উপৰি মিছ্ বডলেৰ হাতত তেওঁ নানা প্ৰকাৰে কষ্ট পালে। আনন্দীবাঈক খৃষ্ট ধৰ্ম্মলৈ আনিবলৈ এৱোঁ যত্নৰ ত্ৰুটি কৰা নাছিল । কিন্তু বিফলমনোৰথ হৈ আনন্দীবাঈৰ প্ৰতি নানা প্রকাৰে বিৰাগ দেখুৱাবলৈ ধৰিলে । সেই দেখি আনন্দীবায়ে মাজে মাজে লঘোনেও থাকিব লগাত পৰিছিল ।
এই সময়ত ভাৰতবৰ্ষৰ পৰা কোনো দুষ্কৰ্ম্মা নৰপশুৱে তেওঁলৈ অতি কদর্য্য ভাষাত এখন চিঠি লেখি তেওঁক অশেষ মনোকষ্ট দিয়ে, এই চিঠি পঢ়ি আনন্দীবায়ে ভালেমান দিন ভালকৈ খাব বব নোৱাৰিছিল। এই শোকৰ পৰা নিস্তাৰ পাওঁতে নেপাওঁতেই ৰাও তেওঁৰ প্ৰতি বিমুখ হয়। আনন্দীবাঈৰ শৰীৰ অসুখ থকাত মাজে মাজে চিঠিপত্র দিয়াত পলম ঘটিছিল। তাৰ উপৰি গোপালৰাওৰ নকৈ অনুমতি নলৈ আনন্দীবায়ে গুজৰাটী ধৰণে শাৰী পিন্ধিবলৈ ধৰে, কাৰণ মহাৰাষ্ট্ৰীয় ধৰণে শাৰী পিন্ধিলে ভৰিৰ তল ডোখৰ অলপ উদং হৈ থাকে। ইত্যাদি কাৰণত অসন্তুষ্টহৈ আনন্দীবাঈক “গৰ্বিতা, অবাধ্যা, বিশ্বাস ঘাতিনী” বুলি গোপাল- ৰাৱে এখন হৃদয়বিদাৰক চিঠি লেখে। গোপালৰাৱে পাছত স্বীকাৰ কৰিছিল যে পত্নীৰ চৰিত্র লক্ষ্য কৰি তেওঁ এই কঠোৰ শব্দ প্রয়োগ কৰা নাছিল, আনন্দীবাঈৰ ওপৰত তেওঁৰ গভীৰ অটল বিশ্বাস নহলে পাতাল পুৰী মার্কিন দেশলৈ এইদৰে অকল-শৰে পঠিয়াই নিদিলেহেঁতেন । পঢ়াশুনাত অমনোযোগিতা, আৰু তেওঁৰ অনুমতি নলৈ দেশীয় প্রথা এৰি গুজৰাটী সাজপাৰ পিন্ধাৰ কাৰণে হে আনন্দীবাঈ তেওঁৰ কাষত “বিশ্বাসঘাতিনী” বুলি বিবেচিত হৈছিল। এই চিঠি পঢ়ি আনন্দী বাঈৰ শোকৰ অৱধি নৰল। সুখৰ বিষয় যে সহধৰ্ম্মিণীৰ ক্ষমা প্রার্থনা আৰু অভিমানপূর্ণ চিঠি পাই গোপাল ৰাওৰ আগৰ ভাব দূৰ হল। তেওঁ আদৰ কৰি এখনি স্নেহপূর্ণ চিঠি-লেখে, আৰু আনন্দীবাঈক উৎসাহ দিবৰ নিমিত্তে ‘সৰস্বতী' বুলি তেওঁক সম্বোধন কৰিবলৈ ধৰে। গোপাল ৰাওৰ নিচিনা মানুহৰ মনৰ অৱস্থা বুজা বৰ টান, তেওঁলোক কেতিয়া কোন কথাত অসন্তুষ্ট হয় কোনেও তৎ ধৰিব নোৱাৰে। এওঁলোকৰ চিত্তবিকৃতিৰ আইন-কানুন একেবাৰে দু্ৰ্জ্ঞেয় বাদ্ছাহী ধৰণৰ ৷
লাহে লাহে আনন্দীবাঈৰ পক্ষে গোপালৰাওৰ বিচ্ছেদ অসহ্য হৈ উঠিল। অৱশেষত তেওঁ গোপালৱাওলৈ চিঠিত- লেখিলে,— “প্রিয়তম, আজি এবছৰ দুমাহ কুৰি দিন হ'ল আপোনাক এৰি আঁতৰত আছো । কিতাপ-পত্ৰত মন দি কোনোমতে কষ্ট পাহৰিবৰ যত্ন কৰোঁ। কিন্তু দুর্বল নাৰী, মনক কোনো মতে প্রবোধ দিব নোৱাৰোঁ।আপোনাক নেদেখি থকাটো মোৰ পক্ষে অসম্ভৱ হৈ উঠিছে। আপোনাৰ পইচা-কড়িৰ নাটনি হব পাৰে ; মোক কওক, মোৰ অলঙ্কাৰ পাতি আপোনালৈ এই মুহূৰ্ত্তে পঠিয়াই দিওঁ ৷ তাক বেচিলে জাহাজ ভাৰাৰ খৰচ অন্ততঃ ওলাব ৷ যদি কয়, মই সেইবোৰ ইয়াতে বেচি আপোনালৈ টকা পঠিয়াই দিওঁ ।”
গোপালৰাৱো প্ৰিয়তমা পত্নীক চাবৰ নিমিত্তে উত্ৰাৱল হৈ আছিল। ১৮৮৪ চনৰ জুন মাহত তেওঁ ছমাহৰ ছুটি লৈ পৃথিবী প্রদক্ষিণ কৰিবৰ ইচ্ছাৰে আমেৰিকাৰ ফালে যাত্ৰা কৰিলে । প্ৰৱাসত থাকোঁতে ভাৰতবৰ্ষৰ কপৰ্দ্দক এটিও খৰচ নকৰোঁ বুলি প্রতিজ্ঞা কৰিছিল। সেই দেখি তেওঁ গৈৰিক বসন পিন্ধি সন্ন্যাসীৰ বেশ ধৰি নানা ঠাইত বক্তৃতাৰ দ্বাৰাই টকাৰ ব্যৱস্থা কৰিবলৈ বাধ্য হৈছিল ।
গোপালৰাৱে ব্রহ্মদেশ, শ্যাম, চিন, আৰু জাপান দেশ ভ্রমণ কৰি মার্কিন দেশ পালেগৈ। আমোৰিকালৈ গৈ তেওঁ নানা ঠাইত বক্তৃতা কৰি ফুৰিছিল। ইফালে স্বামী তাহাৰ কথা শুনি আনন্দীবাঈ আনন্দত উতলা হ'ল। তেওঁ তাত থকা কলেজৰ কৰ্ত্তৃপক্ষক কৈ-মেলি গোপাল ৰাওৰ নিমিত্তে এটি সংস্কৃত অধ্যাপকৰ পদো স্থিৰ কৰি ৰাখিছিল। কিন্তু সোনকালে গোপাল ৰাওক দেখা তেওঁৰ ভাগ্যত নঘটিল। গোপাল ৰাওৰ আন্তৰিক ইচ্ছা আছিল যে আনন্দীবাঈৰ পৰীক্ষা শেষ নোহোৱালৈকে তেওঁৰ লগত দেখা নকৰে ৷
এদিনা আনন্দীবায়ে শ্ৰীমতী কার্পেন্টাৰৰ জীয়েক আমিৰ লগত ফুৰি আহি দেখে যে তেওঁক খোটালীত মেজৰ ওচৰৰ চকি এখনত বহি গেৰুৱা বসনধাৰী সন্ন্যাসী গোপাল ৰাৱে একান্ত মনে কিতাপ পঢ়ি আছে। এই কল্পনা সুলভ সম্মিলনত আনন্দীবাঈৰ হিয়া
বিস্ময়-পুলকত নাচিবলৈ ধৰিলে। তাৰ পাছত চাৰি মাহ দুয়ো একেলগে থাকে। আনন্দীবায়ে এদিন ক'লে, – “আমাৰ ভাৰতৰ বিষয়ে আমেৰিকাবাসীৰ বহুতৰ অদ্ভুত অদ্ভুত ধাৰণা আছে। আপুনি যদি বক্তৃতা দি সেইবোৰ দূৰ কৰিবলৈ চেষ্টা কৰে তেন্তে বৰ ভাল হয়।” গোপালৰাৱে স্বদেশহিতৈষিণী পত্নীৰ এই উপদেশ শুনি নগৰে নগৰে বক্তৃতা দি ফুৰিবলৈ ধৰিলে। আনন্দীবায়ে পৰীক্ষাৰ নিমিত্তে পঢ়াশুনা কৰিবলৈ ধৰিলে।
পৰীক্ষাৰ নিমিত্তে উৎকট পৰিশ্ৰম কৰোঁতে তেওঁৰ স্বাস্থ্য ভঙ্গ হয়। ইয়াৰ পূৰ্ব্বে তেওঁ ইংৰাজী ভাষাত “হিন্দু ধাত্ৰী বিদ্যা” বিষয়ে এখনি গ্ৰন্থ লিখে। যথাসময়ত আনন্দীবাঈ ডাক্তৰী শিক্ষাৰ সৰ্বোচ্চ পৰীক্ষাত উত্তীৰ্ণ হ'ল। ১৮৮৬ চনৰ ১১ মাৰ্চ্চৰ দিনা ফিলাডেলফিয়া কলেজৰ অধ্যক্ষ, অধ্যাপক আৰু তাত থকা ভালেমান সম্ভ্ৰান্ত মানুহে গোট খাই মহাসমাৰোহেৰে তেওঁক এম্-ডি ( ভিষগাচাৰ্য্যা ) উপধিৰ চনদ কাকত প্ৰদান কৰিলে।
ফিলাডেলফিয়া কলেজত এম্-ডি উপাধি পোৱাটো বৰ সন্মানৰ কথা। এই কলেজৰ উপাধি পাবৰ নিমিত্তে ৰুচিয়া, জাৰ্ম্মাণী, ফ্ৰান্স, এনে কি ইংলণ্ডৰ তিৰোতায়ো বিশেষ আগ্ৰহ দেখুৱায়। ইমান বাধা-বিঘিনি প্ৰলোভন অতিক্ৰম কৰি হিন্দুৰমণী আনন্দীবায়ে মাথোন একুৰি এবছৰ বয়সত এই সৰ্বোৎকৃষ্ট কলেজৰপৰা সৰ্বোচ্চ উপাধি লাভ কৰিব পাৰিছিল, ই সামান্য গৌৰৱৰ বিষয় নহয়। এই উৎসৱত যোগ দিবলৈ, কলেজৰ গৰাকীসকলৰ অনুৰোধ আৰু খৰছত মহাৰাষ্ট্ৰীয় ৰমণীকুলৰ দ্বিতীয় শিৰোমণি পণ্ডিতা শ্ৰীমতী ৰমাবাঈ সৰস্বতী সত্যনাথম্ ইংলণ্ডৰপৰা গৈ ফিলাডেলফিয়া নগৰত উপস্থিত হয়গৈ। ইমান কম বয়সত এনে গৌৰৱ লাভ অতি কমৰ ভাগ্যতহে ঘটিছে।
আগৰেপৰা আনন্দীবাঈৰ স্বাস্থ্যহানি হয়। পৰীক্ষাৰ হেঁচাত তেওঁ আৰু দুৰ্বল হৈ পৰে। এমডি উপাধি পোৱাৰ পাছত কাৰ্য্যমূলক জ্ঞান লাভৰ নিমিত্তে তেওঁ কিছুমান দিন নিউ-ইংলণ্ডৰ এটা হাচ্পতালত কাম কৰিব লগাত পাৰে। তাত দিনে ৰাতিয়ে বেমাৰী চাওঁতে তেওঁৰ শৰীৰ আগতকৈও বেয়া হয়। পোনতে মূৰ কমোৰণি, পাছত কাহ, আৰু তাৰ লগে লগে জ্বৰ দেখা দিলে। তেওঁ আমেৰিকাৰ নানা ঠাইত স্বামীৰ লগত হাৱা পানী বদলাই ফুৰিবলৈ ধৰিলে, কিন্তু তাৰপৰা একো ভাল ফল নহল।
এই সময়ত বোম্বাই প্ৰদেশৰ অন্তৰ্গত কোহলাপুৰ নামে ঠাইত দেশীয় ৰাজ্য সকলে গোট খাই এটি হাচপতাল খোলে। সেই হাচপতালত চিকিৎসৰিত্ৰীৰ পদ গ্ৰহণ কৰিবলৈ তেওঁলোকে আনন্দীবাঈক মাতি পঠিয়ালে, আৰু আমেৰিকাৰপৰা আহিবৰ খৰছ-পাতীও পঠিয়াই দিলে।
কিন্তু আনন্দীবাঈৰ শৰীৰৰ অৱস্থা লাহে লাহে বেয়াৰ ফালেহে যাবলৈ, ধৰিলে তথাপি তেওঁ আনৰ বিপদ শুনিলে নিশ্চিন্ত হৈ থাকিব নোৱাৰিছিল। পণ্ডিতা ৰমাবাঈৰ জীয়েক মনোৰমাৰ এবাৰ বৰ নৰীয়া হয়, আনন্দীবায়ে প্ৰাণপণে খাটি তেওঁক ভাল কৰে। আৰু এবাৰ, তেওঁৰ নিজৰ গা বিয়া হৈ থাকোঁতেই এটা সংকটাপন্না প্ৰসূতিক প্ৰসৱ কৰাবৰ নিমিত্তে সকলোৰে নিষেধ লঙ্ঘন কৰি ৰোগীৰ ঘৰলৈ যায়। ৰোগীৰ ঘৰত বিষম পৰিশ্ৰম কৰি আহিবৰ সময়ত বাটত বৰষুণত তিতাত নিজৰ নৰীয়া আগতকৈ বাঢ়িল। উক্ত প্ৰসূতী আৰু তেওঁৰ কেচুৱাৰ প্ৰাণ ৰক্ষা পালে সচা, কিন্তু তাৰ বাবে তেওঁ অৱশেষত নিজৰ প্ৰাণ বিসৰ্জ্জন দিব লগাত পৰিল।
তেওঁৰ নৰীয়া লাহে লাহে ইমান টান হৈ আহে যে কিছুমান দিন ফিলাডেলফিয়াৰ তিৰোতা হাচপতালত ৰাখি তেওঁৰ চিকিৎসা তাৰপৰা বিশেষ একো ভাল নহল। অৱশেষত গোপালৰাৱে স্থিৰ কৰিলে ভাৰতবৰ্ষলৈ গৈ কবিৰাজী চিকিৎসাত আনন্দীবাঈৰ ভাল হব পাৰে। এনে আশা আনন্দীবাঈৰ মনতো বৰ প্ৰৱল আছিল।
১৮৮৩ খৃষ্টাব্দত অক্তোবৰ মাহত জোছীদম্পতীয়ে আমেৰিকা এৰিলে। মাতৃতুল্যা শ্ৰীমতী কাৰ্পেণ্টাৰক এৰি অহাত তেওঁলোকৰ শোকৰ সীমা নাছিল। যাত্ৰাৰ সময়ত আনন্দীবাঈৰ বাওঁ চকু লৰে, ইয়াৰ পৰা তেওঁলোকৰ মনত দুঃচিন্তা সোমাবলৈ ধৰিলে।
১৬ নভেম্বৰৰ দিনা গোপালৰাওৰে সৈতে বেমাৰী অৱস্থাত আনন্দীবাঈ বোম্বে নগৰীত উপস্থিত হয়। গোপালৰাওৰ বন্ধুসকলে বন্দৰত আনন্দেৰে বাট চাই আছিল। স্বদেশী সাজ-পাৰেৰে সজ্জিতা আনন্দীবাঈ জাহাজৰপৰা নামোতে তেওঁৰ ওপৰত পুষ্প-বৰিষণ কৰি তেওঁক অভিনন্দন কৰা হয়।
বিদেশৰ পৰা সন্মান গৌৰৱ লৈ আনন্দীবাঈ উভতি অহাৰ কথা ৰাষ্ট্ৰ হোৱাত নানা ঠাইত শিক্ষিত সম্প্ৰদায়ে সভা-সমিতি পাতি
অভিনন্দন পত্ৰাদি পঠিয়ালে। খবৰ-কাকতত আনন্দীবাঈৰ যশোগান উপচি পৰিল।
কিন্তু দেশবাসীৰ অজস্ৰ আনন্দ-সম্মান প্ৰশংসা-আশীৰ্বাদেও আনন্দীবাঈক ক্ষয়ৰোগৰ দুৰন্ত আক্ৰমণৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। তাৰ পাছত তেওঁ পুনালৈ আহে। ইয়ালৈ আহি আত্মীয়-স্বজনৰ মৰম শুশ্ৰূষাত অলপ গা টঙ্গাবলৈ ধৰিলে। কিন্তু সি বন্তি নুমুৱাৰ আগেয়ে শেষবাৰ উজ্জ্বল শিখা বিস্তাৰ কৰাৰ দৰে মাথোন। লাহে লাহে তেওঁৰ শৰীৰ দুৰ্বল হৈ আহিবলৈ ধৰিলে। অনেক প্ৰকাৰ ডাক্তৰী-কবিৰাজী চিকিৎসা কৰা হল, একোতে ফল নেদেখুৱালে। বামুণৰ হতুৱাই শান্তি, স্বস্ত্যয়ন, শিৱ পূজাও কৰা হ'ল। কিন্তু সকলো চেষ্টা ব্যৰ্থ হল। সেই সময়ত আনন্দীবাঈৰ শুশ্ৰূষাত গোপালৰাৱে যেনেকৈ প্ৰাণপণে খাটিছিল, অনেক জননীয়েও বোধকৰোঁ সন্তানৰ শুশ্ৰূষাত ইমান যত্ন নেদেখুৱায়। খন্তেকৰ কাৰণেও তেওঁ আনন্দীবাঈৰ কাষ এৰা নাছিল। আহাৰ নিদ্ৰা এৰি তেওঁৰ সহধৰ্ম্মিণীৰ শুশ্ৰূষা কৰিছিল, ইমান যত্ন কৰিও তেওঁ প্ৰাণৰ পুতলিক নিৰ্ম্মম কালৰ হাতৰপৰা উদ্ধাৰিব নোৱাৰিলে।
আনন্দীবাঈৰ নৰিয়া শুনি পুনাৰ বহুত মানুহে তেওঁক নিতৌ চাবলৈ গৈছিল। মহাৰাষ্ট্ৰৰ গৌৰৱ তিলক শ্ৰীযুক্ত বাল গঙ্গাধৰ তিলক ডাঙ্গৰীয়াই এই দুৰ্য্যোগত আনন্দীবাঈৰ চিকিৎসাৰ কাৰণে শক্তিৰো অধিক অৰ্থ সাহায্য কৰিছিল।
১৮৮৭ চনৰ ২৬ ফেব্ৰুৱাৰীৰ দিনা ৰাভি আনন্দীবাঈৰ অৱস্থা টান হৈ আহে। যি খাদ্য মুখত দিয়া হয়, তেওঁ ততালিকে
বঁতিয়াই পেলায়। কিন্তু সেই দিনা ৰাতি গোপালৰাৱে দিয়া
গাখীৰ তেওঁ বঁতিৱা নাছিল। ৰাতি দহমান বাজি যোৱাত আনন্দী
বাঈয়ে হঠাৎ বঁতিয়াই “আই মৰিলোঁ” বুলি চিঞৰ মাৰি উঠে।
ভগৱন্তৰ কি ইচ্ছা, গোপালৰাওৰ তেতিয়া দুৰ্ঘোৰ টোপনি,
শহুৰেকে হেজাৰ চিঞৰিও তেওঁক শোৱাৰপৰা তুলিব
নোৱাৰিলে। মাকে আহি আনন্দীবাঈক গবা মাৰি ধৰে।
তেতিয়া “মোৰ দ্বাৰাই যিমান দূৰ সম্ভব মই কৰিলো।” এই কেইটি
শব্দ তেওঁৰ কাণত পৰে, এয়ে আনন্দীবাঈৰ শেষ কথা। মাকে
আহি দেখে যে তেওঁৰ প্ৰাণ-প্ৰিয় সন্তানৰ জীৱন-লীলা সমাপ্ত হৈ
গ'ল। স্ত্ৰী-শিক্ষাৰ যি বিজয় নিচানে ইমান দিন পাশ্চাত্য সমাজকো
বিস্ময়ত স্তম্ভিত কৰি ৰাখিছিল, নিষ্ঠুৰ কালে তাক আজি অকালত
হৰি নিলে। ভাৰতৰ স্ত্ৰী-সমাজৰ মঙ্গলাকাঙ্ক্ষী স্বাৰ্থত্যাগী দেশ-
প্ৰেমিক গোপালৰাত্তৰ আশা-তৰুৱে পুষ্পিত মুকুলিত হৈ ফল-
দান কৰাৰ পূৰ্ব্বেই মৃত্যুৰ বজ্ৰপাতে পুৰি তাক ছাৰখাৰ কৰি
পেলালে।
মৃতকৰ অন্ত্যেষ্টি-ক্ৰিয়া যথাশাস্ত্ৰ সম্পাদন কৰা হল। গোপাল ৰাও তাৰ নিমিত্তে চিন্তিত হৈছিল। কিন্তু ভাৰতলৈ উভতি অহাৰ পাছৰে পৰা আনন্দীবাঈ বৰ নৈষ্ঠিক হৈ পৰিছিল। তল শ্ৰেণীৰ মানুহ আৰু খৃষ্টান আদিক তেওঁ আগৰ দৰে ছুই নফুৰিছিল। তেওঁৰ সৰল মত আছিল যে হিন্দু সমাজত হিন্দুৰ দৰে থকাতো, সহজ বিশ্বাসত নৈষ্ঠিক আচাৰ-ব্যৱহাৰ মানি চলাটো বাঞ্ছনীয়; বিদেশৰপৰা আমদানি কৰা উদাৰ অনৈষ্ঠিক প্ৰথা প্ৰবৰ্ত্তন কৰাৰ তেওঁ বিশেষ পক্ষপাতিনী নাছিল; এনে কাৰ্য্যত তেওঁ আত্মন্তৰিতাৰ গোন্ধ পাইছিল। সেই দেখি তেওঁৰ জীবিতাৱস্থাত কোনেও তেওঁলোকৰ সৈতে অনাত্মীয়ৰদৰে ব্যৱহাৰ কৰা নাছিল, সকলোৱে মুকলিভাবে তেওঁলোকৰ লগত খোৱা মেলা কৰিছিল, আৰু সকলো প্ৰকাৰ সামাজিক অনুষ্ঠানত যোগ দিছিল। পত্নী বিয়োগৰ পাছত গোপালৰাৱে শ্ৰীমতী কাৰ্পেণ্টাৰলৈ চিঠিত লিখিছিল,—“সমাজৰপৰা যি নিৰ্য্যাতন আমি সহিব লাগিব বুলি ভাবিছিলোঁ তাক আমি নিৰ্বিঘ্নে জয় কৰিলোঁ, কিন্তু মৃত্যুৰ আকস্মিক আক্ৰমণ ব্যৰ্থ কৰিব নোৱাৰিলোঁ”। যি সকলে মানৱ সমাজত জন্ম গ্ৰহণ কৰি লগৰীয়া জনপ্ৰাণী- সকলৰ ওপৰত স্নেহৰ পুষ্প বৰিষা কৰিছে তাৰ ভিতৰত দেবী ফোৰেন্স নাইটিঙ্গেল প্ৰধান। পৰক আপোন বোলা, আনৰ দুখত কাতৰ হৈ পৰি তাক অচিৰে মোচন কৰাৰ কাৰণে মিছ, নাইটিঙ্গেলৰ জীৱন কাহিনী আৰু আৰ্হি জগতত আজি ইমান আদৰৰ ধন হৈছে।
১৮২০ খৃষ্টাব্দৰ ১৫ মে তাৰিখে ইটালী দেশৰ অন্তৰ্গত চিত্ৰ- কলাৰ নিমিত্তে সুপ্ৰসিদ্ধ ফোৰেন্স নগৰত মিছ নাইটিঙ্গেলৰ জন্ম হয়। সেই দেখি তেওঁৰ নাম ফোৰেন্স ৰখা হয়। তেওঁৰ পিতাক উইলিয়ম এডোৱাৰ্ড আচলতে ফোৰেন্সৰ মানুহ। কিন্তু তেওঁৰ বিস্তৰ সম্পত্তি আছিল আৰু তেওঁ ইংলণ্ডৰ হেম্পচায়ৰ অঞ্চলত বাস কৰিছিল।
মিছ, ফোৰেন্সৰ বাল্যজীৱন ডাৰ্বিচায়াৰৰ অঞ্চলত অতিবাহিত হয়। ডাৰ্বিচায়াৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য স্কটলেণ্ডৰ পৰ্বতাৱলীৰ পাচতে। সেই সৌন্দৰ্যাৱলীৰ মাজত মিছ ফোৰেন্সৰ সুকোমল হৃদয়ে অনেক তথ্য পালে আৰু ভগৱৎ প্ৰেমৰ আহিলা - পাতিৰ দিহা কৰি ললে। সৰু কালতে তেওঁৰ গুণী পিতাকে সাহিত্য, গণিত, সঙ্গীত আৰু আধুনিক নানান ভাষাত ফোৰেন্সক পৈণত কৰি তুলিলে।
মানুহে কথাতে কয় বোলে যি লাই বাঢ়িব তাৰ দুপতীয়াতে চিন। কৰুণাৰূপিণী ফোৰেন্সৰ জীৱনত এই কথাটি আখৰে আখৰে প্ৰমাণিত হৈছিল। আনক সুখী কৰাৰ বাঞ্ছা সৰুৰেপৰা তেওঁৰ অন্তৰত প্ৰৱল আছিল। মানুহ নেলাগে পশুপাখী, পোকপৰুৱা আদিলৈকো তেওঁৰ স্নেহৰ নাটনি নপৰিছিল৷ কাৰোবাৰ চকুত এটুপি লো দেখিলে, কাৰোবাৰ মুখত বেজাৰৰ হা-হুমুনীয়া আৰু কৰুণ কাহিনী শুনিলে, কাৰোবাৰ কোনো কষ্ট যন্ত্ৰণা দেখিলে দয়াৱতী ফোৰেন্সৰ প্ৰাণত তাৰ অনুৰূপ প্ৰতিধ্বনি হৈছিল, তেওঁকো আহি বেজাৰে কাতৰ কৰি পেলাইছিল, চকুৱেদি একেৰাহে নিজৰা বাগৰিছিল।
এদিন ফোৰেন্সে দেখিলে এজন বুঢ়া গৰখীয়াই এটা খোৰা কুকুৰৰ বেমাৰ ভাল কৰিবৰ কাৰণে বৰ ব্যস্ত হৈ পৰিছে আৰু তাৰ ভাল হোৱাৰ আশা নেদেখি মৰ্ম্মান্তিক দুখ পাইছে, কুকুৰ- টোৱেও যন্ত্ৰণাত ছট্ফট্ কৰিব লাগিছে। দয়াময়ী ফোৰেন্সে লৰালৰিকৈ পানী গৰম কৰি অতি যত্নেৰে সেই কুকুৰৰ খোৰা ঠেং সেঁকিবলৈ ধৰিলে আৰু নিজৰ পিন্ধা কাপোৰৰ আঁচল ফালি ঘা লগা ঠাই ডোখৰ বান্ধি দিলে। অলপ পৰৰ পাচতে কুকুৰটোৰ ঠেং ভাল হল, ফোৰেন্সে আনন্দত কান্দিবলৈ ধৰিলে।
সাঁচ:GaP বয়সৰ লগে লগে ফোৰেন্সৰ নিঃস্বাৰ্থ প্ৰেমৰ জেউতি বাঢ়িবলৈ ধৰিলে। তেওঁ সৰহ ভাগ কাল দৰিদ্ৰৰ দুখমোচন, পীড়িত সেৱা- শুশ্ৰূষা আৰু টান নৰীয়াত কষ্ট পাই থকা মানুহৰ শয্যাৰ কাষত বহি কটাইছিল। ধনেৰেও দুখীয়াক পাৰিলে সহায় কৰিবলৈ তেওঁ কোঁচ নেখাইছিল। একুৰি বছৰ বয়সত ফোৰেন্স মনমোহা ৰূপ লাৱণ্যৰ লগে লগে অজস্ৰ ধন সম্পত্তিৰ অধিকাৰিণী হল। মনোমত পতিবৰণ কৰি তেওঁ মহাসুখেৰে গৃহস্থী ধৰ্ম্মত জীৱন যাপন কৰিব পাৰলিহেঁতেন। কিন্তু যিজনৰ জীৱন বিশ্বপ্ৰেমৰ আদৰ্শৰে অনু- প্ৰাণিত তেওঁ কি সামান্য ঐহিক সুখৰ কাৰণে লালায়িত হব? তেওঁৰ গোটেই জীৱন যৌৱন, ধন সম্পত্তি দুখীয়া নিচলাৰ দুখ মোচনৰ কাৰণে ফোৰেন্সে উছৰ্গা কৰিলে। যি বয়সত মানুহে প্ৰলোভনৰ পাকচক্ৰত পৰি থাউনি নেপায়, সেই বয়সত ধনী কন্যা অপৰূপ লাৱণ্যময়ী মিছ, ফোৰেন্স, নাইটিঙ্গেলে প্ৰকৃত ব্ৰহ্ম- চাৰিণী হৈ কাল কটাবলৈ ধৰিলে।
ৰোগীক কেনেকৈ শুশ্ৰূষা কৰিব লাগে, কি সহজ উপায় অৱলম্বন কৰিলে স্বাস্থ্য ৰক্ষাৰ সহায় হয় তাক শিকিবৰ কাৰণে তেওঁ ইউৰোপৰ নানান ঠাইত ভ্ৰমি ফুৰে, আৰু শিক্ষা সাং হোৱাৰ পাচত দুখন-এখন হাচ্পতালত নিজে শুশ্ৰূষাকাৰিণীৰ পদ গ্ৰহণ কৰিলে। সেই সময়ত ইউৰোপৰ নানান ঠাইত হাইজাৰ উৎপাত হয়। কৰুণাৰূপিণী ফোৰেন্সে জীৱনৰ আশাা এৰি মহামাৰী ৰোগীবিলাকৰ শুশ্ৰূষা কৰিবলৈ ধৰিলে।
১৮৫৪ চনত ৰুচিয়াৰ লগত বৃটিছ গবৰ্ণমেণ্টৰ যুদ্ধ আৰন্ত হয়। তাৰ নিমিত্তে প্ৰায় ২৫০০০ হেজাৰ বৃটিছ সৈন্য ক্ৰিমিয়ালৈ পঠোৱা হয়। এই ৰণত হেজাৰ হেজাৰ ইংৰাজ সৈন্য হত আৰু আহত হয়। প্ৰায় চাৰি মাইলমান ঠাই আহত সকলৰ শয্যাবে পৰিপূৰ্ণ হৈছিল। সিহঁতক তালাপি কৰাৰ একো সুবন্দোবস্ত নাছিল । গৱৰ্ণমেণ্টৰ গোহাৰি অনুসৰি মিছ্ ফ্লোৰেন্স্ নাইটিঙ্গেলে দুকুৰী দুজনী শুশ্রূষাকাৰিণী লগত লৈ ক্রিমিয়ালৈ যাত্ৰা কৰিলে । তেওঁ সঙ্গিনীসকলৰ সৈতে কম্ষ্টান্টিনোপলৰ ওচৰত স্কুটাৰীত গৈ যি ভীষণ দৃশ্য দেখিলে তাত তেওঁ নেকান্দি নোৱাৰিলে। তেওঁ দেখিলে, আহতবিলাকৰ ভিতৰত কাৰো হাত নাই,কাৰো ঠেং নাই, কোনোবাই যন্ত্ৰণাত আতাহ পাৰিছে, কোনোৱে আঠু কাঢ়ি বা চুচৰি গৈ আনে দিয়া বাহানি হাত পাতি লব লগাত পৰিছে-- আৰু এইবোৰ কষ্ট মাতৃভূমিৰ কাৰণে !
যি বিলাক পুৰুষে শুশ্রূষাৰ ভাৰ লৈছিল তেওঁলোক সৰহ- ফ্লাগই মমতাশূন্য, কত ৰোগীয়ে পানী পানী বুলি আতাহ পাৰিছে তত্রাচ সেই নিষ্ঠুৰ কৰ্ম্মচাৰীবিলাকৰ কাণসাৰেই নাই। ফ্লোৰেন্সে্ এই নৰকৰ দৃশ্য দেখি একেবাৰে কান্দি পেলালে ।
সেই সময়ত দয়াৰূপিণী ফ্লোৰেন্সে আৰু তেওঁৰ সঙ্গিণীসকলে সৈনিক সকলৰ শুশ্রূষাৰ ভাৰ লোৱাত সিহঁতৰ দেহত নতুন প্ৰাণৰ সঞ্চাৰ হল ।
কষ্টক কষ্ট নুবুলি ৰাতিয়ে দিনে মিছ্ নাইটিঙ্গেল আক তেওঁৰ সঙ্গিনীসকলে এই মৃতপ্রায় সৈনিকবিলাকক শুশ্ৰূষা কৰিবলৈ ধৰিলে। তেওঁ নিজ-হাতে ৰান্ধি সিহঁতক আহাৰ খুৱাইছিল। যিবিলাকে ৰোগ-যন্ত্ৰণাত পৰি মৃত্যু কামনা কৰিছিল, তেওঁলোকক তেওঁ সান্ত্বনা দিছিল। বহুতৰ হৈ সিহঁতৰ আত্মীয় স্বজনলৈ চিঠি পত্রও দিছিল। তেওঁক শয্যাৰ কাষত দেখিলে সিহঁতে ৰোগযন্ত্রণা তুৰন্তে পাহৰিছিল। ৰোগীৰ অস্ত্ৰ কৰিবৰ হলে সিহঁতে ডাক্তৰ আৰু আন শুশ্রূষা কাৰিণীৰ কথা বৰ নেমানিছিল, কিন্তু মিছ্ নাইটিঙ্গেল কাষত থিয় হলে সিহঁতে বিনা ওজৰে গা পাতি দিছিল । দুৰ্দ্দান্ত চিপাহীবিলাকেও ফোৰেন্সক দেখিলে শান্ত হৈ পৰিছিল ৷ মাজে মাজে হাছপাতালত বৰ গোলমাল হয়, কোনো ৰোগীয়ে হয়তো ভোক পিয়াহত লালকালহৈ চিয়ঁৰত গগন কঁপাইছে, কোনোৱে হয়তো তিতা ঔষধ খাবলৈ ঘোৰ অনিচ্ছা দেখুৱাইছে, কিন্তু ফোৰেন্স ঘৰত সোমোৱা মাত্ৰকে সিহত শান্ত শিষ্ট হৈ পৰিছিল । ৰোগীবিলাকে হেঁপাহৰ চকুৰে ফোৰেন্সৰ কাৰণে বাট চাই থাকিছিল। নীৰৱ নিশা ডাক্তৰ সকল শুই থাকিলে আহত সৈনিকৰ আৰ্ত্তৰাৱ শুনি তেওঁৰ টোপনি নগৈছিল, তেওঁ হাতত এটি চাকি লৈ নিজম নিশা ৰোগীবিলাকক চাই যায় আৰু সকলোৰে অভাব দূৰ কৰিহে নিশ্চিন্ত হৈ তেওঁ দুনাই শুব পাৰিছিল। সেই দেখি ৰোগীবিলাকে তেওঁৰ নাম থৈছিল “লেডি অৱ দি লেম্প” বা “বন্তিধাৰিণী ৰমণী "।
১৮৫৫ চনৰ চেপ্তেম্বৰ মাহত ইউৰোপৰ এই সমৰাগ্নি নুমুৱাতব শান্তি স্থাপন হয়। তাৰ পিচত মিছ্ ফোৰেন্সে কিছু দিন স্কুটাৰী হাছ্পতালত থাকি ১৮৫৬ চনত ইংলণ্ডলৈ উভতি আছে। গুণীৰ গুণ বুজা ইংলণ্ডবাসীসকলে মুকলি সভা পাতি তেওঁক অভ্যর্থনা কৰি অভিনন্দন পত্ৰ দিবলৈ যো-যা কৰিছিল, কিন্তু নাইটিঙ্গেলে বিনীত ভাবে তাক প্ৰত্যাখ্যান কৰিলে । কিন্তু ইংলণ্ডৰ সাধাৰণ প্ৰজা আৰু বিশেষতঃ সৈনিক মণ্ডলীয়ে পাঁচ লাখ টকা বৰঙ্গনি তুলি শুশ্রূষা শিক্ষার্থিনী তিৰোতাবিলাকৰ শিক্ষাৰ সুবিধাৰ কাৰণে ছেণ্ট্ টমাছ্ হাছপাতালত “নাইটিঙ্গেল সেৱাশ্ৰম” স্থাপন কৰিলে ৷ মহাৰাণী ভিক্টোৰিয়াই নাইটিঙ্গেলক এটি হীৰাৰ বন কৰা ব্ৰুছ বা বস্ত্ৰবন্ধনী উপহাৰ দিয়ে । তুৰস্কৰ চুলতানেও মনিমুকুতাৰ বন কৰা এজোৰ খাৰু তেওঁক উপহাৰ দিয়ে ।
১৮৫৮ চনত “শুশ্রূষা প্রণালী” নামে এখন গ্ৰন্থ মিচ্ নাইটিঙ্গেলে প্রকাশ কৰে। ৰোগীৰ কাপোৰ—কানি, আহাৰ, থকা ঠাই ইত্যাদিৰ বিষয়ে ইয়াত বিৱৰি লিখা আছে ৷
১৮৫৭ চনত ভাৰতত হোৱা চিপাহি বিদ্রোহত বহুত ইউৰোপৰ সেনা আহত হয় । সুদূৰ বিলাতৰপৰাই নাইটিঙ্গেলে সিবিলাকৰ শুশ্রূষাৰ দিহা কৰি পঠিয়ায়। ভাৰতৰ তিৰোতা সমাজৰ উন্নতিৰ কাৰণেও তেওঁ বিলাতৰপৰা যত্ন কৰিছিল ।
বহুত দিনলৈকে তেওঁ হাছপাতালবিলাকৰ উন্নতি সাধনৰ কামত নিযুক্ত আছিল। তাৰ পাচত যেতিয়া শৰীৰ দুৰ্ব্বল হৈ পৰিল তেওঁ আহি নিজৰ ঘৰত বাস কৰিলেহি । ১৯১০ চনৰ আগষ্ট মাহত চাৰি কুৰি দহবছৰ বয়সত আলৰ বুঢ়ী হৈ তেওঁ ইহ সংসাৰ ত্যাগ কৰে।
দয়াময়ী ফোৰেন্স নাইটিঙ্গেলৰ দৰে পৰোপকাৰিণী তিৰোতাৰ পৃথিবীত যিমানে জন্ম হয় পৃথিবী তিমানে স্বৰ্গৰ তুল্য হব।
পণ্ডিতা ৰমাবাঈ সৰস্বতী।
সুনিৰ্ম্মল প্ৰতিভাৰ পোহৰেৰে দুখুনী ভাৰত ভূমিৰ মুখ উজ্বল কৰোঁতা, আজলী অনাথিনী হিন্দু বিধবাৰ দুখত হৃদয় পমিযোৱা পণ্ডিতা ৰমাবাঈ সৰস্বতী সত্যনাথমৰ নাম সকলোৱে শুনিছে। তেওঁৰ পাণ্ডিত্য, আৰু অভাগিনী হিন্দু বিধৱাৰ দুখ মোচনৰ কাৰণে কৰা কামৰ কথা শুনি ভাৰতবৰ্ষৰ কথাকে নকওঁ, সুদূৰ ইউৰোপ আৰু আমেৰিকাৰ মানুহো আচৰিত হৈছে।
ৰমাবাঈ একচিতীয়া যত্ন আৰু অধ্যাৱসায়ৰ সুফল স্বৰূপ পুনানগৰীৰ ‘সাৰদাসদন’ আৰু খেদগাৱঁৰ ‘মুক্তিসদন’ নামে বিধৱা আশ্ৰমত শত শত অনাশ্ৰিত বিধৱাই সুখেৰে জীৱন যাপন কৰিছে। জনসমাজত থাকি যি প্ৰলোভন আৰু শত্ৰুৰ মাজত বিধৱাই কাল কটাব লাগে এই আশ্ৰমত তাৰ নাম গোন্ধো নাই। সাৰদাসদন আৰু মুক্তিসদন বাবাঈৰ জীৱনৰ কীৰ্ত্তিস্তম্ভ।
১৮৫৮ খৃষ্টাব্দত এপ্ৰিল মাহত এটি মহাৰাষ্ট্ৰ ব্ৰাহ্মণ পৰিয়ালত ৰমাবাঈৰ জন্ম হয়। তেওঁৰ পিতাক অনন্ত শাস্ত্ৰী এজন উন্নতমনা পুৰুষ আছিল। তেওঁ স্ত্ৰীশিক্ষাৰ বিশেষ পক্ষপাতী আছিল, তেওঁ নিজ পত্নী লক্ষ্মীবাঈক বিয়া কৰিয়েই শিক্ষা দিবলৈ চেষ্টা কৰিলে। কিন্তু মহাৰাষ্ট্ৰ ব্ৰাহ্মণ পৰিয়ালৰ ছোৱালীক শিক্ষা দিয়াটো ইমান উজু নহয়। শাহুয়েক আৰু ঘৰৰ অন্যান্য তিৰোতাৰ ঠাট্টা-মস্কৰা আৰু গালি-গালাজত লক্ষ্মীৰায়ে লিখা-পঢ়াত ইমান সুবিধা নেপালে। ঘৰত থাকিলে ইচ্ছামতে লক্ষ্মীক শিক্ষা দিব নোৱাৰি, ইয়াকে ভাবি এদিন অনন্ত শাস্ত্ৰীয়ে নিজৰ পত্নীক লৈ ঘৰ এৰিলে। তেওঁ পশ্চিমঘাট পৰ্ব্বতৰ ওচৰত থকা গঙ্গামল নামে ঘোৰ অৰণ্যত ফুৰিবলৈ ধৰিলে। অৰণ্যত ফুৰি নানান কষ্ট সহি অলপ দিনৰ ভিতৰতে অনন্তশাস্ত্ৰীয়ে লক্ষ্মীবাঈক নানা শাস্ত্ৰত সুপণ্ডিতা কৰি তুলিলে।
অৰণ্যত ফুৰি নিজ উদ্দেশ্য সিদ্ধ হোৱাৰ পাচত অনন্ত শাস্ত্ৰীয়ে এটি নতুন ঘৰ কৰি তাত বাস কৰিবলৈ ধৰিলে। তাৰ পাচত লক্ষ্মীবায়ে এটি পুত্ৰ আৰু দুটি কন্যা সন্তান প্ৰসৱ কৰে। কন্যাটিৰ নাম ৰমাবাঈ। সন্তানৰ সুশিক্ষাৰ কাৰণে অনন্ত শাস্ত্ৰী আৰু লক্ষ্মীবায়ে বৰ যত্ন কৰিছিল। অৰণ্যত অনন্ত শাস্ত্ৰীয়ে সপৰিবাৰে তপস্বীৰ দৰে আছিল। সকলোৱে তেওঁক বিদ্বান্ পুণ্যাত্মা বুলি ভক্তি কৰিছিল,আৰু সেই ভক্তি জনাবলৈ দূৰ দূৰনিৰপৰা শত শত যাত্ৰী আৰু বিদ্যাৰ্থী নিতৌ তেওঁৰ ওচৰলৈ অহাযোৱা কৰিছিল।
ৰমাবাঈৰ সৰুকাল এই আশ্ৰমত অতিবাহিত হয়। বিদুষী জননী লক্ষ্মীবায়ে পুৱা ব্ৰাহ্মমুহূৰ্ত্তত সন্তানসকলক শোৱা–পাটীৰপৰা উঠায় আৰু সিহতঁক বেদমন্ত্ৰ গাবলৈ দিয়ে। সৰুৰেপৰা ৰমাবাঈ পঢ়াশুনাত মনোযোগী আছিল। সংস্কৃত শাস্ত্ৰ তেওঁ অধ্যয়ন কৰে, আৰু বাৰ বছৰ বয়সত পুৰাণৰ ওঠৰ হেজাৰ শ্লোক ৰমাবায়ে কণ্ঠস্থ কৰে।
অনন্ত শাস্ত্ৰীৰ অৱস্থা ইমান স্বচ্ছল নাছিল, তেওঁৰ যি অলপ ভূ-সম্পত্তি আছিল সকলোখিনি চক্ৰান্তকাৰী আত্মীয় কুটুম্বই কাঢ়িলৈ গল। তেতিয়া ১৮৭৬৷১৮৭৭ চনত দেশত ভীষণ আকালৰ সূত্ৰপাত হয়। অনন্তশাস্ত্ৰীৰ যি অলপ ধনসম্পত্তি বাকী আছিল তাকে লৈ নিজৰ দেৱতাসকলক তুষ্ট কৰিৰ মনেৰে সপৰিয়ালে তীৰ্থই তীৰ্থই ফুৰিবলৈ ধৰিলে; পণ্ডিত, পুৰোহিত, জ্যোতিষীয়াসকলক সকলো ধন-সোণ দি উপান্ত হোৱাৰ পাচত লাহে লাহে গহনা-পত্ৰ, সাজপাৰ বাচন বৰ্ত্তনত হাত পৰিলগৈ। যেতিয়া এটি এটিকৈ সেই বোৰৰো অন্ত পৰিল শাস্ত্ৰী পৰিয়ালৰ তেতিয়া কি অবস্থা হল তাক পণ্ডিতা ৰমাবাঈৰ নিজৰ ভাষাৰেই বৰ্ণোৱা যাওক।—“তাৰ পাচত এনে এদিন আহিল যিদিন আমাৰ হাতত গৈ মাথোন শেষ মুঠি চাউল ৰৈছিল। পৰিয়ালৰ সকলোটি গোট খাই আমি আলোচনা কৰিবলৈ বহিলোঁ, এনে অৱস্থাত কি কৰা উচিত। অৱশেষত থিৰ কৰিলোঁ, বন্ধু বান্ধৱৰ মাজত নিৰ্ধনী হৈ থকাতকৈ বনত গৈ মৰাই ভাল। ইয়াকে ঠিক কৰি আমি অৰণ্যত সোমালোঁ। এঘাৰ দিন এঘাৰ ৰাতি পানী, গছৰ পাত আৰু বনৰীয়া খেজুৰ খাই আমি জীৱন ধাৰণ কৰিলোঁ। কিন্তু বুঢ়া পিতাদেৱৰ এনে যন্ত্ৰণা অসহ্য হৈ উঠিল। অৱশেষত তেওঁ এটা পৱিত্ৰ পুখুৰীত পৰি জীৱনলীলা সমাপন কৰিবলৈ সংকল্প কৰিলে। পিতা এই মনেৰে এটি এটিকে সকলোৰে পৰা বিদায় লৈ মোৰ ওচৰলৈ আহি কলে “মা, তই মোৰ নুমলীয়া সন্তান, তোক মই ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিলোঁ।” কিন্তু পৰমেশ্বৰৰ কি ইচ্ছা, এনে সময়ত মোৰ ককাইদেৱৰ মনত এটি কথা খেলালে। তেওঁ ঠিক কৰিলে যে জাত-কুল নেমানি গাৱঁত গৈ যেই সেই কাম কৰি জীবিকা উলিয়াই বৃদ্ধ পিতৃ-মাতৃক প্রতিপালন কৰিব ৷ তেতিয়া আমাৰ মনত সাহ হল, আৰু এখুজি দুখুজিকৈ কাৰ্যৰৰ গাঁৱলৈ খোজ ললোঁ । তথাপি আমাৰ মনত বৰ বাঞ্ছা হল, যাতে কোনো বনৰীয়া জন্তু আহি আমাৰ সকলোটিৰে অন্ত কৰেহি। জীৱনৰ ওপৰত আমাৰ মায়া ইমান হীন হৈছিল।”
ইয়াৰ অলপ দিনৰ পাচত ৰমাবাঈৰ পিতাক মাক আৰু বাই দেৱাকে অন্নাভাৱ আৰু ৰোগত পৰি প্ৰাণ এৰিলে । মাথোন থাকিল তেওঁৰ সাৰথী মৰমৰ ককাইদেৱাক শ্রীনিবাস শাস্ত্রী।
তাৰ পচত ককাইদেৱাকৰ লগত ভাৰতৰ নানান তীর্থ, নানান ঠাইত ৰমাবায়ে ফুৰিবলৈ ধৰিলে। ভাৰতৰ তিৰোতাৰ পক্ষে সংস্কৃত আৰু নিজ মাতৃভাষা শিকা যে একেবাৰে কৰ্ত্তব্য তাকে ককায়েক ভনীয়েকে দেশে দেশে প্ৰচাৰ কৰিলে । তেতিয়া তেওঁ লোকৰ অৱস্থা বৰ বেয়া আছিল, এনেকি পিন্ধা সাজ-পাৰো ভাল নাছিল, ভালকৈ অন্নৰো সংস্থান নহৈছিল, তথাপি তেওঁলোক মুহূৰ্ত্তৰ কাৰণেও নিজৰ উদ্দেশ্যৰ পৰা ভ্ৰষ্ট নহৈছিল৷ নানান ঠাইত বক্তৃতা দি দি অৱশেষত তেওঁলোক কলিকতালৈ আহে, তাতে। স্ত্রীশিক্ষাৰ আৱশ্যকতাৰ বিষয়ে বক্তৃতা দিয়ে । তিৰোতা মানুহৰ মুখত এনে প্রাঞ্জল সংস্কৃত ভাষাৰ বক্তৃতা শুনি পণ্ডিতসকল আচৰিত হৈছিল। তেওঁলোকে গোট খাই ৰমাবাঈক ‘সৰস্বতী' উপাধি দান কৰিলে। তাৰ পাচত তেওঁ আসামৰো নানা ঠাইলৈ আহি স্ত্রীশিক্ষাৰ বিষয়ে বক্তৃতা দি ফুৰে। তাৰ কিছু দিনৰ মূৰত কলিকতাত অনেক দিন কষ্ট-দাৰিদ্র্য সহ কৰাৰ পাচত ককায়েক মৃত্যু হয়। তেওঁ মৃত্যু শয্যাত পৰি ৰমাবাঈৰ ভৱিষ্যতৰ বিষয় ভাবি বিয়াকুল হৈ পৰিছিল। মৃতপ্ৰায় ককাইদেৱাকৰ এনে দুখ দেখি ৰমাবায়ে কয়,— “ককাইদেৱ, তুমি চিন্তা নকৰিবা, ভগৱান যাৰ সহায় তেওঁৰ আৰু ভয় কি? আপুনি তাক চিন্তা নকৰিব।” এই কথা শুনি ককাইদেৱাকৰ প্ৰাণত অলপ সান্ত্বনা হয়।
তাৰ কিছুদিনৰ পাচত নিৰাশ্ৰয় ৰমাবাঈ আহি ছিলট জিলা পায়গৈ। তাত এখন ডাঙ্গৰ সভা পাতি তেওঁক অভ্যৰ্থনা দিয়া হয়। এই সময়তে ছিলটৰ উকীল বাবু বিপিন বিহাৰী দাস মেধাবী এম, এ, বি, এলৰ লগত বিয়া হয়। ৰমাবাঈৰ বয়স তেতিয়া তেইছ বছৰ। মিঃ মেধাবীৰ জাত বৰ ওখ শ্ৰেণীৰ নাছিল। এগৰাকী সজবংশৰ ব্ৰাহ্মণ কন্যাই এনে নীহ কুলৰ শূদ্ৰক বিয়া কৰোঁতে যি সাহ দেখাব লগাত পৰিছিল তাক নকলেও হব। তাৰ পাচত শিলচৰত গৈ নতুন দম্পতীয়ে সুখেৰে কাল কটাবলৈ ধৰিলে, কিন্তু ঈশ্বৰৰ ইচ্ছা আন! বিয়াৰ উনৈছ মাহৰ পাচত এটি কন্যাৰে সৈতে ৰমাবাঈক অনাথিনী কৰি তেওঁৰ স্বামীৰ মৃত্যু হয়। ৰমাবাঈৰ সকলো সুখৰ আশা চিৰকাললৈ মেলানি মাগিলে!
স্বামীৰ লোকান্তৰ হোৱাত ৰমাবায়ে পুনালৈ যাত্ৰা কৰিলে। মাহচেৰেকৰ পাচত তেওঁ তাত স্ত্ৰীশিক্ষাৰ বিষয়ে বক্তৃতা দি ফুৰিবলৈ ধৰিলে৷ মহাৰাষ্ট্ৰৰ তিৰোতাই পৰ্দ্দা নেমানে, তেওঁলোকে ঘৰৰ বাহিৰে য'তে ত'তে ফুৰিব পাৰে, এই কাৰণে ৰমাবাঈৰ সুবিধা হল। ৰমাবায়ে স্ত্ৰীশিক্ষাৰ বিষয়ে বক্তৃতা দিওঁতে তেওঁ পছিমীয়া স্ত্ৰীশিক্ষা ইয়াত প্ৰৱৰ্ত্তাৰ খোজা নাছিল, তেওঁ হিন্দু শাস্ত্ৰকে ভেটি কৰি বক্তৃতা দি ফুৰিছিল; আমাৰ শাস্ত্ৰত তিৰোতাক শিক্ষ৷ দিয়াৰ বিধি আছে, আৰু আজি কালি যে আমি তিৰোতা জাতিক আওহেলা কৰোঁ আৰু শিক্ষা নিদিওঁ ই হিন্দু জাতিৰ নিজৰে অৱনতিৰহে চিন মাথোন। ৰমাবাঈৰ মতে ওখশ্ৰেণীৰ হিন্দু ছোৱালী বিলাকে বিয়াৰ পূৰ্ব্বে মাতৃভাষা আৰু সংস্কৃত শিক্ষা কৰিব লাগে। বাল্য-বিবাহৰ বিষয়ে তেওঁ ঘোৰ প্ৰতিবাদ কৰি বক্তৃতা দি ফুৰিছিল।
পুনাৰ সম্ভ্ৰান্ত বংশীয়সকলৰ মাজত ৰমাবাঈ বক্তৃতাই গুণ ধৰিলে। তাৰ ভদ্ৰ তিৰোতাসকলৰ মাজত “আৰ্য্য মহিলা সমাজ” নামে এটি সভা সংগঠিত হয় সভাৰ উদ্দেশ্য স্ত্ৰীশিক্ষা, প্ৰচলন আৰু ছোৱালী পৈণত হলেহে বিয়া দিয়াৰ প্ৰথা প্ৰবৰ্ত্তণ। পুনাত উৎসাহ আৰু উদগনি পাই ৰমাবায়ে মহাৰাষ্ট্ৰ দেশৰ অন্যান্য ঠাইত বক্তৃতা দি আৰ্য্য মহিলা সমাজৰ শাখা সভা স্থাপন কৰিবলৈ ধৰিলে। সেই কাৰ্য্যত সহায়ৰ নিমিত্তে তেওঁ নানান গ্ৰন্থ লিখি বা ভাঙ্গি তাক প্ৰচাৰ কৰিবলৈ ধৰিলে।
নিৰাশ্ৰয়া অনাথিনী বিধৱাসকলৰ শিক্ষ৷ আৰু উদ্ধাৰৰ নিমিত্তে এটি আশ্ৰম পাতিবৰ কাৰণে ৰমাবাঈৰ অন্তৰত তেতিয়াৰ পৰা এটি প্ৰবল ধাউতি হয়, আৰু সেই বিধৱা আশ্ৰমত আশ্ৰয় লোৱা বিধৱাসকলে যাতে আগলৈকো সেই কাম চলাই থাকিব পাৰে। কিন্তু ধনৰ অভাৱত পোনতে সেই কাম তেওঁ হাতত লব নোৱাৰিলে। আৰু সেই উদাৰ কামৰ নিমিত্তে তেওঁ সহায় বা ধন একো নেপালে। সেই সময়ত ৰমাবায়ে বাৰবছৰীয়া বিধৱা ছোৱালী এটিক উদ্ধাৰ কৰি নিজৰ দুৰৱস্থা স্বত্ত্বেও নিজৰ লগতে ৰাখে।
১৮৮২ খৃষ্টাব্দত গৱৰ্ণমেণ্টে ভাৰতীয় শিক্ষা সম্বন্ধে অনুসন্ধান কৰিবলৈ এটি সমিতি বা কমিস্যন গঠন কৰে। পুনাৰ আৰ্য্যমহিলা সমাজৰ প্ৰায় তিনি শ মান তিৰোতাই গোট খাই এই সমিতিক অভ্যৰ্থনা দিয়ে, সেই সভাত ৰমাবাঈৰ বক্তৃতা শুনি সকলোৱে আচৰিত মানিছিল। তাৰ পাচত এই সভাই স্ত্ৰীশিক্ষাৰ বিষয়ে ৰমাবাঈৰ মতামত সুধিলে, তেওঁৰ বক্তৃতা আৰু মতামত ইমান সাৰুৱা হৈছিল যে শিক্ষা সমিতিয়ে তাক মাৰাথী ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰে। এই সময়ত ৰমাবাঈৰ খ্যাতি গোটেই দেশতে ৰাষ্ট্ৰ হৈ পৰে।
ৰমাবায়ে তেতিয়া ভালকৈ বুজিব পাৰিলে যে ইংৰাজী আৰু শিক্ষা-প্ৰণালী নজনাৰ কাৰণে তেওঁৰ বৰ অসুবিধা হৈছে; সেই দেখি তেওঁ থিৰ কৰিলে, বিলাতলৈ গৈ ইংৰাজী শিকি নিজৰ অভিজ্ঞতাৰ সীমা বঢ়াব।
বিলাতত ৰমাবায়ে ওয়াণ্টেজ নামে ঠাইৰ এটি নাৰী আশ্ৰমৰ ঘৰত আশ্ৰয় লয়। তাত এবছৰ থাকি ইংৰাজী ভাষা ভালকৈ শিকি লয়। আৰু সেই সময়ত তেওঁ বাইবেল পঢ়ি খৃষ্টীয় আদৰ্শৰ প্ৰতি তেওঁৰ মন প্ৰবলভাবে আকৃষ্ট হয়। ইতিপূৰ্ব্বে হিন্দু ধৰ্ম্মৰ ওপৰত তেওঁৰ আস্থা অলপ লৰিছিল, ভাৰতৰ নানান তীৰ্থত ভ্ৰমি ফুৰি তেওঁ হিন্দু ধৰ্ম্মৰ আদৰ্শৰ দৈনন্দিন অপব্যৱহাৰ দেখি তেওঁ মৰ্ম্মান্তিক হয়। আৰু কলিকতাত থাকোতে কেশবচন্দ্ৰ সেনে তেওঁক বাইবেলৰ মহাত্ম্যৰ বিষয়ে ভালকৈ বুজাই দিয়ে। ৰমা বাঈৰ মত আছিল “হিন্দু ধৰ্ম্মত মহাত্ম্য, গাম্ভীৰ্য্য সকলো আছে, তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু খৃষ্ট উপদেশত সেই মহৎ আদৰ্শক কাৰ্য্যত পৰিণত কৰিবলৈ বেছি সুবিধা আছে।” ১৮৮৩ খৃষ্টাব্দৰ চেপ্তেম্বৰ মাহৰ ২৯ তাৰিখে জীয়েক মনোৰমাৰে সৈতে খৃষ্টীয় ধৰ্ম্মত ৰমাবাঈ দীক্ষিত হয়।
ইয়াৰ পাচত ৰমাবাঈ চেলটেনহাম কলেজৰ সংস্কৃতৰ অধ্যাপক নিযুক্ত হয়। তাত তেওঁ নিজে গণিত আৰু বিজ্ঞান পঢ়াৰ সুযোগ পালে।
সেই সময়ত ভাৰতৰ ৰমণীকুলৰ শিৰোমণি মিচেছ আনন্দীবাঈ জোছীয়ে আমেৰিকাৰ ফিলাডেলফিয়া ইউনিৰ্ভাচিটিত এম্ ডি পৰীক্ষাত উত্তীৰ্ণ হয়। কিমান কষ্ট, কিমান নিৰ্যাতন খাই আনন্দীবায়ে আমেৰিকাত শিক্ষা কাৰ্য্য চলায় তাক সকলোৱে জানে। এম্-ডি পৰীক্ষাৰ উপাধি কাকত দান কৰাৰ উৎসৱত যোগ দিবলৈ কলেজৰ গৰাকী সকলে ৰমাবাঈকো নিমন্ত্ৰণ কৰে। ৰমাবায়ে মাথোন সপ্তাহ চেৰেক আমেৰিকাত থাকিবলৈ ঠিক কৰি তালৈ যাত্ৰা কৰিলে। কিন্তু ফলিতাৰ্থত তেওঁ তিনি বছৰ আমেৰিকাত থাকিব লগাত পৰিল। তাত থকা কালত ৰমাবায়ে কিণ্ডাৰ্ গাৰ্টেন শিক্ষাপ্ৰণালীৰ কথা শিকিব পাৰিলে।
ফিলাডেলফিয়া কলেজৰ অধ্যক্ষ ডাক্তৰ ৰেছেল বড্লীৰ লগত ৰমাবাঈৰ বিশেষ বন্ধুত্ব হয়। যি মিছ্ বড্লীয়ে আনন্দীবাঈক খৃষ্টীয় ধৰ্ম্মত দীক্ষিত কৰিবলৈ ইমান যত্ন কৰিছিল সেই মিছ্ বড্লী খৃষ্টীয় ধৰ্ম্মাবলম্বী ৰমাবাঈৰ পৰম বন্ধু হল। ৰমাবায়ে ডাঃ বড্লীৰ লগত থাকোঁতে “ওখ শ্ৰেণীৰ হিন্দু তিৰোতা” নামে এখন গ্ৰন্থ লিখে। মিছ্ বড্লীয়ে তাৰ পাতনি লিখি দিয়ে। এই গ্ৰন্থত ৰমাবায়ে ভাৰতীয় তিৰোতাৰ দুৰৱস্থা আৰু অশিক্ষাৰ বিষয়ে বিবৰি লিখে। ডাঃ বড্লীয়ে পাতনিত ডাঃ আনন্দীবাঈ জোছীৰ অকাল মৃত্যুত দুখ প্ৰকাশ কৰে। ভাৰতত হিন্দু বিধৱাশ্ৰম পাতিবলৈ ৰমাবায়ে যি সংকল্প কৰে তালৈ আমেৰিকাবাসীৰ মন আকৰ্ষণ কৰে।
১৮৮৬ খৃষ্টাব্দৰ মে মাহত ৰমাবায়ে বোষ্টন নগৰত এখন বিৰাট সভাত এটি বৰ ওজস্বিনী বক্তৃতা দিয়ে, আৰু তাৰ পাচত কেনেডা আৰু প্ৰশান্ত উপকূলত ভাৰতৰ হিন্দু বিধৱা আশ্ৰম খোলাৰ কথা কৈ নানান ঠাইত বক্তৃতা দি ফুৰে। ইয়াৰ ফল স্বৰূপে আমেৰিকাৰ ঠায়ে ঠায়ে ‘ৰমাবাঈ সভা’ বা ‘ৰমাবাঈ কেন্দ্ৰ’ স্থাপিত হল। আৰু সমজুৱা সকলে হিন্দু বিধৱা আশ্ৰমৰ অৰ্থে ধন গোটাবলৈ ধৰিলে।
১৮৮৯ খৃষ্টাব্দত ফেব্ৰুৱাৰী মাহত ৰাবায়ে ভাৰতলৈ উভটি আহি বোম্বেত নামেহি। তাৰ ছ সপ্তাহৰ পাছত বোম্বেৰ এটি ঘৰত সাৰদাসদন নামে বিধৰা আশ্ৰম প্ৰতিষ্ঠা কৰা হয়। সেই আশ্ৰমত পোন প্ৰথমে মাথোন দুটি বিধবা কন্যাই আশ্ৰয় লয়।বোম্বেৰ সমাজ-সংস্কাৰক দলে ৰমাবাঈক নানান প্ৰকাৰে সহায় কৰিবলৈ ধৰিলে। ধৰ্ম্ম সম্পৰ্কত ৰমাবায়ে নিৰপেক্ষ হৈ থাকিব বুলি থিৰ কৰিলে।
বোম্বেইতকৈ পুনা বেচি স্বাস্থ্যকৰ, সস্তা আৰু কেউপিনে সুবিধা দেখি ৰমাবাঈয়ে সাৰদাসদন এবছৰৰ পাচত পুনালৈ তুলি আনিলে। তাত আমেৰিকাৰপৰা ধনৰ সহায় পাই এটা ডাঙ্গৰ ঘৰ কিনি তাত আহল-বহলকৈ বিধবা-উদ্ধাৰৰ কামত মন পাৰি লাগিল।
মহাৰাষ্ট্ৰৰ হিন্দু বিধৱাৰ অৱস্থা বিশেষকৈ বৰ শোচনীয়। কত ছোৱালী মাথোন ২।৩।৫ বছৰ বয়সতে বিধৱা হৈ চিৰ সুখ জলাঞ্জলি দিব লগাত পৰে। তেনে বহুত বিধৱাই বিধৱা কালনো কি তাকে হয়তো বুজি নেপায়। যেতিয়া লাহে লাহে ডাঙ্গৰ হৈ আহে, আই বোপাই শাহুৰ শহুৰৰ ঘৰত তেওঁ লোকে অশেষ নিকাৰ দুখ ভুঞ্জিব লাগে। তাৰ ওপৰত দুৰ্দ্দান্ত পুৰুষৰ পাপজালে আৱৰি থকা সমাজত তেওঁ লোকৰ ঠাই একেবাৰে অসহ্য আৰু কাঁইটেৰে ভৰা! ৰমাবাঈ নিজে বিধবা, বিধৱাৰ দুঃখত তেওঁৰ কোমল হৃদয় পমি আছিল। তেওঁ এই অসংখ্য বিধবাক দৈনন্দিন দুখ-যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰি মানুহৰ শাৰীলৈ অনাটোকে নিজৰ জীৱনৰ ব্ৰত বুলি মানি ললে। তেওঁক এই কামত অন্যান্য উন্নতমনা শিক্ষিত তিৰোতায়ে৷ সহায় কৰিলে, আৰু এই মহৎ কাম সিদ্ধিৰ নিমিত্তে আমেৰিকা আৰু ইংলণ্ডৰ পৰোপকাৰী মিছনেৰী সম্প্ৰদায়ে সদাই অৰ্থৰ যোগান ধৰি থাকে।
লাহে লাহে পুনাৰ সাৰদাসদনৰ বিধৱা আশ্ৰমত বিধৱাৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। ৰমাবাঈ বা তেওঁৰ সহায়কাৰিণীসকলে দেশৰ নানান ঠাইত বক্তৃতা দি ফুৰে, আৰু কৰবাত কোনো হিন্দু পৰিয়ালত নিকাৰ ভুঞ্জি থকা বিধৱা দেখিলে তেওঁক বঢ়াই বুজাই সাৰদাসদনত আশ্রয় দিয়েহি ।
পুনাৰ পৰা দুকুৰিমান মাইল দূৰত খেদগাওঁ নামে ঠাইত ৰমাবায়ে এডোখৰ মাটী কিনি তাত হৰেক ৰকমৰ গছ আৰু শাক পাচলি ৰোৱে, সেই গছৰ ফল-মূল নিতৌ সাৰদাসদনলৈ নিয়া হয় ।
১৮৯৭ খৃষ্টাব্দত ভাৰতত যি ভীষণ দুর্ভিক্ষ উপস্থিত হয় তাত পৰি বহুত তিৰোতা আৰু লৰা-ছোৱালীয়ে প্ৰাণত্যাগ কৰে । ৰমাবায়ে তেওঁৰ সহকাৰিণীসকলৰ সৈতে নানা ঠাইত ফুৰি সিহঁতক আনি খেদগাঁৱত নকৈ ঘৰ সাজি আশ্রয় দিয়েহি। তাৰ খেনোটোৱে মাথোন কলঢোপ কলঢোপ কৰি জীৱন ধাৰণ কৰিছে, খেনোৰ শৰীৰত বস্ত্ৰ এডোখৰ নাই, খেনোৰ দুঃসহ বেমাৰৰ দুৰ্গন্ধ। ৰমাবায়ে এইসকলোকে আশ্রয় দি শুশ্রূষা কৰি তুলিলে। প্রায় আঠশ মান অনাথিনী হিন্দু তিৰোতাই পুনাৰ সাৰদা সদন আৰু খেদগাঁৱত মুক্তি সদনত আশ্রয় গ্রহণ কৰি শিক্ষালাভ কৰিছে ।
সাৰদাসদন আৰু মুক্তিসদনৰ তিৰোতাবিলাকে বৰ পৰিশ্ৰমেৰে জীৱন পাত কৰে। আশ্ৰমৰ ৰান্ধনী সেই তিৰোতাবিলাকেই! নিজ হাতে তাত বৈ নিজৰ পিন্ধা শাৰী-কাপোৰ উলিয়াব লাগে । ঘিউ, দৈ, মাখন আদি তেওঁলোকে নিজ হাতে কলত তৈয়াৰ কৰিব লাগে, তাৰ উপৰিও তাত থকা স্কুলত সকলোৱে পঢ়িব লাগে।
আশ্ৰমৰ কিছুমান বিধৱাই খৃষ্টান ধৰ্ম্ম গ্ৰহণ কৰি দেশৰ নানান ঠাইত ভ্ৰমি খৃষ্টীয় ধৰ্ম্মৰ বিষয়ে বক্তৃতা দি মিছনেৰী হৈ ফুৰিছে, কিছুমানে দ্বিতীয় বাৰ ধৰ্ম্মমতে বিবাহ কৰিছে, কিছুমানে হিন্দু বিধৱাৰ দৰে তাত কালযাপন কৰিছে। তাৰ সকলো ছোৱালীয়ে সংস্কৃত, মাৰাঠী আৰু ইংৰাজী জানে, কিছুমান ছোৱালীয়ে গণিত, গ্ৰীক, লেটিনো শিকিছে। কিছুমানে গৈ আমেৰিকাত শিক্ষালাভ কৰিছে।
ছোৱালীৰ সংখ্যা বাঢ়ি অহাত ধনৰ পুঁজি ডাঙৰ কৰিব লগাত পৰিল। আগৰ বন্দোবস্ত আছিল, ১৮৮৭-১৯৯৭ চনলৈকে তেওঁ আমেৰিকাৰ মিছনেৰী সম্প্ৰদায়ৰপৰা সহায় পাব, ইতিমধ্যে ৰমাবায়ে যদি পাৰে নিজৰ দেশতে ধনৰ সাহায্য দিহা কৰি লব। কিন্তু যি ভাৰতত বিধৱা জাতি চিৰদিন অপৰিসীম দুখ-কষ্টৰ ভাগিনী হৈ আহিছে সেই ভাৰতত বিধৱা উদ্ধাৰৰ অৰ্থে সহায় পোৱা নগল।
বিধৱা আশ্ৰমৰ ধনৰ পুঁজি টনকিয়াল কৰিবৰ মনেৰে ১৮৯৮ চনৰ জানুৱাৰী মাহত ৰমাবায়ে আমেৰিকালৈ যাত্ৰা কৰিলে। আমেৰিকাবাসীয়ে তেওঁক বৰ সাদৰৰ অভ্যৰ্থনা-সম্বোধন জনায়। পুনা আৰু খেদগাঁৱৰ কাৰ্যাৱলীৰ কথা যেতিয়া বৰ্ণনা কৰিলে, আমেৰিকাবাসীৰ সহানুভূতি জাগৰিত হল। তেওঁলোকে আকৌ অৰ্থ সাহায্য কৰিবলৈ গাত ললে। যাতে বিধৱা আশ্ৰম কেতিয়াও লোপ নেপায় তাৰ কাৰণে নিগাজী সভা সংগঠিত কৰি যাবজ্জীবন অৰ্থ সাহায্যৰ দিহা কৰি দিলে। আৰু আমেৰিকাত “ৰমাবাঈ" এছোচিয়েচনে সেই অৰ্থ তুলিবৰ কাৰণে দুগুণ তেজেৰে কাম কৰিবলৈ ধৰিলে। দহ বছৰৰ আগেয়ে তেওঁ আমেৰিকাৰ পৰা ধনৰ সহায় লওঁতে বহুতে ভাৰিছিল সেই অৰ্থৰ হয়তো অপব্যৱহাৰ হব, কিন্তু যেতিয়া তেওঁলোকে দেখিলে এই দহ বছৰত ৰমাবায়ে তেওঁৰ উদ্দেশ্য সাধনত কিৰূপে কৃতকাৰ্য্য হৈছে, তেওঁলোকৰ সেই শঙ্কা গুছিল। তেওঁলোকৰ শঙ্কাৰ মূল কাৰণ হৈছিল এই বিশ্বাস যে ইমান পাণ্ডিত্যৰ লগত এনে কাৰ্য্যকৰী প্ৰতিভা সম্মিলিত হব নোৱাৰে। কিন্তু তেওঁলোকৰ সেই ভ্ৰম বিশ্বাস অচিৰে আঁতৰ হ'ল।
আমেৰিকাৰপৰা উভতি আহি আকৌ দুগুণ উৎসাহেৰে ৰমাবাঈ পৰোপকাৰ ব্ৰতত লাগিল। ১৮৯৮ চনত বোম্বে অঞ্চলত ভীষণ প্লেগ উপস্থিত হয়,ৰমাবায়ে নিজে নানান ঠাইলৈ গৈ প্লেগত পৰা বহুত তিৰোতাক উদ্ধাৰ কৰি আশ্ৰয় দিয়ে। সিহঁতৰ বহুতক ‘ৰূপাসদন' নামে নকৈ পতা আশ্ৰমত থোৱা হয়।তাৰ পাচত ১৯০০ চনত যেতিয়া আকাল হয়, তেতিয়াও তেওঁ বহুত নিৰাশ্ৰয়া তিৰোতাক আনি আশ্ৰমত আশ্ৰয় দিয়ে। ইয়াৰ বাহিৰেও ৰমাবায়ে বাঙ্গালোৰৰ ওচৰত এটা নাৰী আশ্ৰম পাতিছে।
পণ্ডিতা ৰমাবাঈৰ বয়স আজি তিনি কুৰিৰ ওপৰ, তথাপি তেওঁৰ অদম্য উৎসাহ আজিও পাতল হোৱা নাই! তেওঁ ঘাইকৈ খেদগাঁৱৰ যুক্তি সদনত থাকে : আৰু মাজে মাজে ই কিখন বিধৱা আশ্ৰমো পৰিদৰ্শন কৰি ফুৰে। অনাথিনী হিন্দু বিধৱাৰ দুখ মোচনৰ কাৰণে বঙ্গৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু মহাৰাষ্ট্ৰৰ পণ্ডিতা ৰমাবাঈ সৰস্বতী সত্যনাথমৰ নাম চিৰদিন মানৱ বুৰঞ্জীত উজ্জ্বল হৈ থাকিব।*
⸻
- ওপৰৰ প্ৰবন্ধ ৰচনাৰ পাচত ইং ১৯২২ চনত পণ্ডিতা ৰমাবাঈ
সৰস্বতীৰ লোকান্তৰ ঘটিছে। অসমীয়া আইদেউ আৰু মাতৃসকলৰ হাতত দিবলৈ স্বদেশ- প্ৰেম-উদ্দীপক ভাল গ্ৰন্থ আমাৰ নিচেই তাকৰ। কিন্তু পুৰাণ আৰু বুৰঞ্জী লুটিয়াই চালে উল্লেখ কৰিব লগীয়া অসমীয়া তিৰোতাৰ নাম উভৈনদী পোৱা যায়। অসমত জন্ম গ্ৰহণ কৰা, অসমক আপোন বুলি গ্ৰহণ কৰি ইয়াৰ কাৰণে জীৱনপাত কৰা অসংখ্য তিৰোতা বুৰঞ্জী বিৰিখৰ পাতৰ আঁৰত ঢাক খাই আছে। কোনো উদ্যোগী পুৰুষে সেই সকলৰ চমু বিৱৰণ সংগ্ৰহ কৰি এখনি গ্ৰন্থৰ সঙ্কলন কৰিলে আমাৰ জাতীয় সাহিত্যৰ পৰিপুষ্টি হব।
এই কামত কোনোবা আগ বাঢ়িব বুলি আমি সদ্যতে প্ৰকাশিত বুৰঞ্জী, তামৰ ফলি, শিলৰ ফলি, চৰিত্ৰ পুথি, আৰু অন্যান্য উপায়ে পোৱা তিৰোতাসকলৰ নাম তলত দিলো। ইয়াৰ বাহিৰে আৰু বহুতৰ নাম ৰাইজে জানিব পাৰে। এই প্ৰবন্ধ পাঠ কৰি সেই সকলৰ কাহিনী প্ৰকাশ কৰিলে আমাৰ এখন মনোৰম জাতীয় সাহিত্য পুথিৰ উপাদান যুগুত কৰা হব।
এই তিৰোতাসকলৰ বিৱৰণ লিখিবলৈ হলে বিছুমানৰ বিষয়ে বিস্তৰকৈ সজুলি পোৱা যায়, আৰু কিছুমানৰ বিষয়ে সম্প্ৰতি বেচিকৈ নাপালেও যিহকে পোৱা যায় তাকে লিপিবদ্ধ কৰা উচিত। আগৰ দিনৰ অসমীয়া তিৰোতাৰ নামৰ ঠাঁচ কেনেকুৱা আছিল তাকো বৰ্ত্তমান যুগৰ অসমীয়া ৰাইজে বুজিব পাৰিব। সাধুকথা আদিত পোৱা, – কমলা কুঁৱৰী, পানেসৈ, তেজী- মলা, ধনে পাঁচতুলী, কাচনমতী, লক্ষহীৰা, চম্পাৱতী, কল্পসুন্দৰী ( দশ কুমাৰ চৰিত্ৰ ), জনা গাভৰু।
পুৰাণ আদিত পোৱা,– উষা, বেহুলা, ভানুমতি, উলুপি, ৰুক্মিণী। অমৃত প্ৰভা—কামৰূপ-পতিৰ কন্যা। কাশ্মীৰৰ যুৱৰাজ মেঘবাহনে এওঁৰ পাণিগ্ৰহণ কৰে। কাশ্মীৰ মহিযী হৈ অমৃত- প্ৰভাই বৌদ্ধ ভিক্ষুসকলৰ কাৰণে অমৃতভৱন নামে বিহাৰ নিৰ্ম্মাণ কৰে৷
ৰাজ্যদেবী—কামৰূপাধিপতি হৰ্গদেৱৰ কন্ঠা, আৰু নেপালবাজ জয়দেৱৰ মহিষী।
চন্দ্ৰপ্ৰভা-- আমিত্তৰ মাক আৰু প্ৰতাপসিংহৰ মহিযী। আৰু এক ৰিণমতে আৰিমত্তৰ পিতৃৰ নাম মায়ামত্ত।
ৰক্তমালা - আৰিমত্তৰ ভাৰ্য্যা।
ভেলাদৈ—আৰিমত্তৰ ভণীয়েক মায়ামৰ্ত্তৰ কন্যা, আৰু
লোহিতাজ শান্তনুৰ পুতেকৰ ভাৰ্য্যা; কুশৰঙ্গৰ মাতৃ।
লক্ষ্মী—আৰিমত্তৰ মন্ত্ৰী সমুদ্ৰৰ পুতেক মনোহৰৰ কন্যা।
শ্যামাদেবী—কুমাৰ ভাস্কৰ বৰ্ম্মাৰ মাতৃ, সুস্থিৰ বা সুস্থিত বৰ্ম্মাৰ মহিষী।
নয়নদেবী - সুস্থিৰ বৰ্ম্মাৰ মাতৃ আৰু স্থিত বৰ্ম্মাৰ মহিযী।
ভোগৱতী—স্থিত বৰ্ম্মাৰ মাতৃ আৰু চন্দ্ৰমুখ বৰ্ম্মাৰ মহিযী।
বিজ্ঞানৱৰ্তী—চন্দ্ৰমুখ বৰ্ম্মাৰ মাতৃ আৰু মহাভূত বৰ্ম্মাৰ মহিষী।
দেৱৱতী—মহাভূত বৰ্ম্মাৰ মাতৃ আৰু নাৰায়ণ বৰ্ম্মাৰ মহিষী।
সুব্ৰতা – নাৰায়ণ বৰ্ম্মাৰ মাতৃ আৰু মহেন্দ্ৰ বৰ্ম্মাৰ মহিষী। যজ্ঞৱতী—মহেন্দ্ৰ বৰ্ম্মাৰ মাতৃ আৰু গণপতি বৰ্ম্মাৰ মহিষী।
গন্ধৰ্বৱৰ্তী—গণপতি বৰ্ম্মাৰ মাতৃ আৰু কল্যাণ বৰ্ম্মাৰ মহিষী।
ৰত্নৱতী—কল্যাণ বৰ্ম্মাৰ মাতৃ আৰু বলবৰ্ম্মাৰ মহিষী।
দত্তদেবী— বল বৰ্ম্মাৰ মাতৃ আৰু সমুদ্ৰ বৰ্ম্মাৰ মহিষী।
দুৰ্ল্লভা—কামৰূপেশ্বৰ পুৰন্দৰ পালৰ মহিষী আৰু ইন্দ্ৰপালৰ
কুলদেবী—কামৰূপেশ্বৰ ব্ৰহ্ম পাল-বৰ্ম্মদেৱৰ ভাৰ্য্যা আৰু ৰত্ন পালৰ মাতৃ।
শ্যাময়িকা—দেবদত্ত ব্ৰাহ্মণৰ ভাৰ্য্যা বা সদ্গঙ্গাদত্তৰ ভাৰ্য্যা। শ্যাময়িকাৰ পুত্ৰ বীৰদত্ত ব্ৰাহ্মণক ৰত্ন পাল ৰজাই তামৰ ফলি কৰি মাটী দান কৰিছিল।
ছেপ্লায়িকা – বসুদেৱ ব্ৰাহ্মণৰ ভাৰ্য্যা আৰু কামদেৱৰ মাতৃ। কামদেৱক ৰত্নপাল ৰজাই মাটি— বৃত্তি দান কৰে।
সৌখ্যায়িকা—হৰিপাল যজুৰ্ব্বেদী ব্ৰাহ্মণৰ পুত্ৰ শৰৰ পালৰ ভাৰ্য্যা। সৌখ্যায়িকাৰ পুতেক দেশপালে কামৰূপেশ্বৰৰ পৰা মাটী বৃত্তি পায়।
নয়না—কামৰূপৰ ৰজা ধৰ্ম্মপালৰ পিতৃ হৰ্ষপাল। হৰ্ষপালৰ মাতৃ নয়নাদেবী আৰু পিতৃ গোপাল।
বনমালা – ধৰ্ম্মপাল ৰজাৰ মহিযী।
মীনাৱতী — ধৰ্ম্মপালৰ খুলশালীয়েক, বনমালাৰ ভণীয়েক আৰু গোপীচন্দ্ৰ কোঁৱৰ মাক।
অম্বা—বীৰবাহু ৰজাৰ মহিযী আৰু বলবৰ্ম্মদেৱৰ মাতৃ। জীৱদা— প্ৰাগজ্যোতিষাধিপতি প্ৰলস্তৰ মহিষী আৰু হুজুৰ বৰ্ম্মণৰ মাতৃ।
তাৰা-হৰ্জৰ বৰ্ম্মণৰ মহিষী আৰু বনমালদেৱৰ মাতৃ।
প্ৰতাপদেবী—কামৰূপেশ্বৰ বৈদ্যদেৱৰ মাতৃ আৰু বোধি দেৱৰ মহিষী।
ৰূপবতী — ভীষ্মক ৰজাৰ ৰংশৰ বীৰপালৰ ভাৰ্য্যা।
অৱন্তী—হৰগৌৰীবিলাস পুথিমতে আৰিমত্তৰ কথা, আৰু বৰদুৱাৰৰ অধিশ্বৰী।
জয়ন্তী -- আমিত্তৰ কণ্যা, আৰু জয়ন্তা ৰাজ্যৰ অধিশ্বৰী।
ধৰ্ম্মৱতী — আৰিমত্তৰ কণ্যা, সূৰ্য্যৰ ভাৰ্য্যা আৰু পিতৃৰাজ্যৰ অধিশ্বৰী।
ধনীৰাণী- ধৰ্ম্মৱতীৰ কন্যা, ম্লেচ্ছ-বিজয়িত্ৰী। ৰাণী ৰাজ্যৰ প্ৰতিষ্ঠাত্ৰী। চন্দ্ৰৰ ভাৰ্য্যা, মানসিংহৰ মাক।
ধনেশ্বৰী — মানসিংহৰ বংশধৰ ধনসিংহৰ কন্যা, আৰু বিষ্ণু বৰুৱাৰ ভাৰ্য্যা, ৰাণী-অধিপতি ৰূপসিংহৰ মাক।
সুনীতি—ৰূপসিংহৰ মহিষী আৰু ৰাণীশ্বৰ ৰামসিংহ বা “নেধি ৰজাৰ” মাতৃ।
সঁফুৰা- গৌৰীনাথ সিংহ স্বৰ্গদেৱৰ মিত্ৰ ৰাণীৰাজ ধৰ্ম্মসিংহৰ
নগা মহিষী। কমতা
| ৰাজনী ভাজনী |
— | কমতেশ্বৰে আহোম ৰজালৈ যৌতুক দিয়া কন্যা। |
সুশুদ্ধি—গৌড়েশ্বৰৰ জীয়েক, কমতেশ্বৰৰ ভাৰ্য্যা আক মুখ্য পটেশ্বৰী।
সুলোচনা—কমতেশ্বৰৰ অপৰ ভাৰ্য্যা।
| বিশ্বদাসী মালতী |
— | সুশুদ্ধিৰ দাসী। |
⸻
মঙ্গলদৈ — আহোম স্বৰ্গদেৱলৈ দিয়া ৰঘুদেৱৰ কন্যা।
বৰ্ণমালা — প্ৰতাপসিংহ স্বৰ্গদেৱলৈ দিয়া কোচবেহাৰৰ কন্য||
হীৰা—কোচৰজা বিশ্বসিংহৰ মাতৃ হাৰিয়া মণ্ডলৰ ভাৰ্য্যা।
জীবা— হাৰিয়া মণ্ডলৰ দ্বিতীয়া ভাৰ্য্যা, শিৱসিংহৰ মাক।
ৰত্নকান্তি—বিশ্বসিংহৰ মহিষী, নেপাল ৰাজৰ কথা, নৰসিংহৰ
হেমপ্ৰভা — বিশ্বসিংহৰ মহিষী, গৌড় দেশৰ কন্যা, নৰনাৰায়ণ ৰজাৰ মাক।
পদ্মাৱতী — বিশ্বসিংহৰ মহিষী, গৌড়দেশৰ কন্যা, শুক্লধ্বজ কোঁৱৰ বা চিলাৰায়ৰ মাতৃ।
চন্দ্ৰকান্তি – বিশ্বসিংহৰ মহিষী, কামৰূপৰ কন্যা, গোঁহাই কমলৰ যাক।
পূৰ্ণকান্তি—বিশ্বসিংহৰ মহিষী, কামৰূপৰ কন্যা, ময়দান কোঁৱৰৰ মাক।
হেমকান্তি—বিশ্বসিংহৰ মহিষী, কামৰূপৰ কন্যা, ৰামচন্দ্ৰৰ মাক।
ৰতি — বিশ্বসিংহৰ মহিষী, কামৰূপৰ কন্যা, মুৰসিংহৰ নাক।
চন্দ্ৰা— বিশ্বসিংহৰ মহিযী, কাশীদেশৰ কন্যা, মেচা কোঁৱৰৰ মাক।
চন্দ্ৰাননা—বিশ্বসিংহৰ মহিষী, কাণীদেশৰ কন্যা, বৃষকেতুৰ
মাক।
জয়া—বিশ্বসিংহৰ মহিষী, কাশীদেশৰ কন্যা, ৰাম নাৰায়ণ
কোঁৱৰৰ মাক।
মাক।
বিজয়া---বিশ্বসিংহৰ মহিযী, কাশীদেশৰ কন্যা, অনন্ত কোঁৱৰৰ
জয়ন্তি—বিশ্বসিংহৰ মহিষী, কাশীদেশৰ কথা, দীপসিংহ কোঁৱৰৰ মাক।
তিলোত্তমা ---বিশ্বসিংহৰ মহিযী, কাশ্মীৰ দেশৰ কন্যা, মানসিংহ কোঁৱৰৰ মাক।
ললিতা—বিশ্বসিংহৰ মহিষী, শোণিতপুৰৰ কথা, হেমধৰ কোঁৱৰৰ মাক।
লাৱণ্যৱতী—বিশ্বসিংহৰ মহিযী, শোণিতপুৰৰ কন্যা, মেঘ- নাৰায়ণ কোঁৱৰৰ মাক।
পদ্মমালা—বিশ্বসিংহৰ মহিষী, শোণিতপুৰৰ কন্যা, জগত কোঁৱৰৰ মাক।
শতৰূপা—বিশ্বসিংহৰ মহিষী, শোণিতপুৰৰ কন্যা, ৰূপচান্দ কোঁৱৰৰ মাক।
কাঞ্চনমালিক—বিশ্বসিংহৰ মহিষী, শোণিত পুৰৰ কন্যা, সূৰ্য্য- কোঁৱৰৰ মাক।
কমলাপ্ৰিয়া—মহাৰাজ নৰনাৰায়ণৰ মহিষী। অভিষিক্তা হৈ এওঁ ৰত্নমালা নাম গ্ৰহণ কৰে, সেই নামে প্ৰয়োগ বজ্ৰমালা ব্যাকৰণৰ নামকৰণ হয়। সাধনী—চুটীয়াৰ ধৰ্ম্মধ্বজপালৰ সাধি সাধি পোৱা কন্যা, আৰু নীতি পালৰ মহিষী।
নাংবক্ল গাভৰু- চুখানফা খোৱা ৰজাৰ পেহীয়েক, আৰু তমখাম বৰগোঁহাই ৰাজমন্ত্ৰীৰ ভাৰ্য্যা, আৰু কোচলৈ দিব খোজা তাওপেটৰ মাক।
চাওচিং গাভৰু-নৰা ৰজাৰ কন্যা, আৰু চুক্লেনমুং গঁড়গঞা ৰজাৰ পণ্ডিতা মহিষী।
আকৰী গাভৰু –“মাছৰিয়াল লাইথেপেনা বৰগোঁহাইৰ পুতেক ভগাজনা সলাল বৰগোঁহাইৰ জীয়েক আৰুৰী গাভৰুক কালুগঞা বৰপাত্ৰৰে নিছিল। তেওঁকে আনি মহাৰাজ শিৱসিংহই বৰ কুঁৱৰী পাতিলে, ১৬৬১ শকত।”— হাতে লিখা অসম বুৰঞ্জী।
ৰত্নকান্তি— শিৱসিংহ স্বৰ্গদেৱৰ মহিষী।
ফুলেশ্বৰী বা প্ৰমথেশ্বৰী — শিৱসিংহৰ মহিষী।
মদাম্বিকা বা দ্ৰৌপদী—শিৱসিংহৰ মহিষী।
সৰ্ব্বেশ্বৰী বা অনাদৰী – শিৱসিংহৰ মহিষী।
কুৰঙ্গনয়নী— মণিপুৰৰ ৰজা জয়সিংহৰ কন্যা, আৰু ৰাজেশ্বৰ সিংহৰ মহিষী।
ৰূপৱতী-ৰাজেশ্বৰ সিংহৰ মহিষী।
ভুবনেশ্বৰী ৰাজেশ্বৰ সিংহৰ মহিষী।
গৌৰী ৰাজেশ্বৰসিংহৰ নাতি ভূধৰ গোঁহাইৰ মাহীমাক। প্ৰমদা—ৰাজেশ্বৰ সিংহৰ পুতেক যুৱৰাজ চাৰুসিংহৰ ভাৰ্য্যা।
| ভানু, চান্দমতী, চিঙ্গিনী, মালতী, সোণা, ভকতি, |
ৰাজেশ্বৰ সিংহৰ লিগিৰী। |
জয়মতী—সতী, গদাপাণি কোঁৱৰৰ ভাৰ্য্যা, আৰু ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ মাতৃ।
অহল্যা গাভৰু—ডেবেৰা বৰ বৰুৱাৰ জীয়েক আৰু ডেবেৰাই পতা তুংখুঙ্গীয়া ৰজাৰ বৰকুঁৱৰী, শক ১৫৯৭, ১২ বহাগ।
বাউলী গাভৰু—গদাধৰ সিংহৰ বায়েক আৰু বন্দৰ বৰফুকনৰ ভাৰ্য্যা।
কৃষ্ণপ্ৰিয়া—লুখুৰাসনৰ জীয়াৰী, লক্ষ্মীসিংহ স্বৰ্গদেৱৰ পৰ্ব্বতীয়া কুঁৱৰী।
কালিন্দ্ৰী—লক্ষ্মীসিংহৰ তামূলী কুঁৱৰী। “স্বৰ্গদেৱৰ অতি বেথাৰ পাত্ৰ।”
কেৰী ৰাজমাও—শিৱসিংহ স্বৰ্গদেৱৰ মাতৃ, ৰুদ্ৰসিংহৰ মহিষী। এওঁৰ নামে সৰ্ব্বেশ্বৰী কুঁৱৰীয়ে দৌল বন্ধাইছিল।
নাংচেন—মিৰজুম্লাৰ আক্ৰমণৰ সন্ধিসূত্ৰে আৰংজেব বাদসাহলৈ দিয়া জয়ধ্বজসিংহ ভগনীয়া ৰজাৰ কন্যা, আৰু মোমাই তামুলী বৰবৰুৱাৰ জী নাতিনী। ৰঙ্গিলী – দুৱৰাৰ ঘৰৰ জীয়াৰী, এওঁক পোনতে চিংফৌব গাম - এজনাক দিয়া হৈছিল। তাৰ পাচত গামে বৰ্ম্মাৰ ৰজা বড়োয়া- ফ্ৰাক দান কৰে। এওঁৰ সহায়ত বদনচন্দ্ৰই অসমলৈ যান সৈন্য আনিব পাৰে। পিজৌ গাভৰু—বদন চন্দ্ৰৰ কন্যা, আৰু পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ পুতেক ওষোনাথ ঢেকিয়াল ফুকনৰ ভাৰ্য্যা। হেমো আইদেউ—বগা কোঁৱৰৰ জীয়েক, প্ৰথমবাৰ মানৰ আক্ৰমণৰ সন্ধিসূত্ৰত এওঁক মান ৰজালৈ দিয়া হয়।
ৰাধা—আগৰ নাম ভাতুকী। নাহৰ খোৰা মৰানৰ ভাৰ্য্যা, এওঁৰ দুই পুতেক,—ৰমাকান্ত ৰজা আৰু ৰাঘৱ বৰবৰুৱা।
ৰুক্মিণী—আগৰ নাম ভাকুনী। নাহৰ খোৰা মৰাণৰ ভাৰ্য্য॥
নুমলী ৰাজমাও—— কদমদীঘলাৰ ভাৰ্য্যা, আৰু স্বৰ্গদেৱ চন্দ্ৰ- কান্ত সিংহ আৰু কামেশ্বৰ সিংহৰ মাক।
পদ্মাৱতী—চন্দ্ৰকান্ত স্বৰ্গদেৱৰ কুঁৱৰী।
উমাৱতী—পুৰন্দৰ সিংহৰ মাতৃ। এওঁ বৃটিছ গবৰ্ণমেণ্টৰ পৰা ৮০ টকা পেঞ্চন পাইছিল।
ৰাধাকান্তি—প্ৰতাপবল্লভ বৰফুকনৰ ভাৰ্য্যা। এওঁ বৃটিছ ” গবৰ্ণমেণ্টৰ পৰা মাহে ১৫ টকাকৈ বৃত্তি পাইছিল।
খেৰসূতী— সূৰ্য্যবৰৰ ভাৰ্য্যা আৰু কুশুম্বৰৰ মাতৃ।
সত্যসন্ধা — কুসুম্বৰৰ ভাৰ্য্যা আৰু মহাপুৰুষ শঙ্কৰদেৱৰ মাতৃ।
অনুধৃতি --কুসুম্বৰৰ অপৰ ভাৰ্য্যা।
সূৰ্য্যৱতী— শঙ্কৰদেৱৰ প্ৰথম ভাৰ্য্যা, মনুৰ মাক।
কালিন্দ্ৰী—কালিকা ভূঞাৰ কন্যা, শঙ্কৰদেৱৰ দ্বিতীয় ভাৰ্য্যা, আৰু ৰুক্মিণীৰ মাক।
মনোৰমা—মহোদৰ বৰাৰ পত্নী, আৰু মহাপুৰুষ মাধৱদেৱৰ মাতৃ।
উৰ্বশী –মাধৱদেৱৰ ভনীয়েক।
ভুবনেশ্বৰী -ৰামৰায়ৰ কন্যা, শঙ্কৰদেৱৰ ভতিজী, আৰু চিলা- ৰায় কোঁৱৰৰ পত্নী।
সুশীলা – সদানন্দ ব্ৰাহ্মণৰ কন্যা, আৰু মহাপুৰুষ দামোদৰ দেৱৰ ভাৰ্য্যা।
যমুনাদেবী—বংশীগোপাল দেৱৰ মাতৃ আৰু বলদেৱৰ ভাৰ্য্যা।
যশোমতী— বলদেৱৰ কন্যা, বংশীগোপাল দেৱৰ বায়েক, নাৰায়ণপুৰৰ লক্ষ্মীকান্ত দেৱৰ ভাৰ্য্যা, আৰু মহাপুৰুষ হৰিদেৱৰ
মাতৃ। আহোমৰ শেষ যুগ আৰু বৃটিছৰ
আদি যুগ।
ৰূপহী আইদেউ—এওঁ কোন? এওঁ বৃটিছ গবৰ্ণমেণ্টৰ পৰা বছৰি ৬০০৲ টকা পেঞ্চন পাইছিল। খৃঃ ১৮৫২।
দেৱযানী আইদেউ—৬০০৲ টকা পেঞ্চন। খৃঃ ১৮৪৬।
মাজু আইদেউ—২৪০৲ টকা পেঞ্চন। খৃঃ ১৮২৪।
নাৰায়ণী আইদেউ—২৪০ - টকা পেঞ্চন। খৃঃ ১৮৪৮।
তাৰাৱতী আইদেউ—১২০৲ টকা পেঞ্চন। খৃঃ ১৮৫০।
সৰুপাহী আইদেউ—১২০৲ টকা পেঞ্চন। খৃঃ ১৮৫২।
মাধৱী মাজু কুৱঁৰী— কামেশ্বৰ সিংহৰ দ্বিতীয় কুৱৰী।
পদ্মহৰি কুৱঁৰী — বৰবৰুৱাৰ নাতিনী। কামেশ্বৰ সিংহৰ কুঁৱৰী।
ৰূপৱতী খাটনীয়৷—ৰামেশ্বৰ সিংহ বৰকুৱঁৰীৰ নাতিনী, পুৰন্দৰ সিংহৰ চমুৱা কুৱঁৰী আৰু কামেশ্বৰ সিংহৰ “ৰাণী”।
বিনন্দিনী—চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ খুৰীয়েক। ২০৲ টাকা পেঞ্চন। খৃঃ ১৮৪১।
কেতেকী গাভৰু—চন্দ্ৰকান্ত সিংহৰ পৰ্বতীয়া কুৱঁৰী পদ্মাৱতীৰ ভায়েক নৰহৰি ৰাজখোৱাৰ পত্নী। ৮৲ টকা পেঞ্চন। খৃঃ ১৮৪৮। মদাম্বিকা ৰাণী—চন্দ্ৰকান্তৰ কুঁৱৰী। ৪০২৲ টকা পেঞ্চন। খৃঃ ১৮৩৯।
ৰূপন্ত—চন্দ্ৰকান্তৰ ভতিজী, ভকতৰাম গোঁহাইৰ ভাৰ্য্যা। ৪৲ টকা পেঞ্চন।
সোণেশ্বৰী- ডুমুৰীয়া ৰজা ভকতসিংহৰ ৰাণী। পেঞ্চন ২০ পুৰা মাটী, খৃঃ ১৮৪২।
ভোগদৈ ৰাণী—ৰামৰায় গাৰো ৰজাৰ পুতেক নয়নসিংহৰ ৰাণী। ২০ পুৰা মাটী পেঞ্চন, খৃঃ ১৮৯৪।
পদ্মৰেখা--চন্দ্ৰকান্তৰ পুতেক ঘনকান্ত যুৱৰাজৰ কুৱঁৰী।
মাহিন্দ্ৰী দেবী—ঘনকান্তৰ পুতেক কেশৱকান্ত যুৱৰাজ পত্নী।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )
