চক্ৰবেহুত আবদ্ধ অসমৰ মিঞা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
Icono aviso borrar.png
এই পৃষ্ঠাটো ক্ষিপ্ৰ বিলোপনৰ বাবে মনোনীত কৰা হৈছে।
প্ৰদৰ্শিত কাৰণটো হৈছে "মৌলিক লেখা"। আপুনি ক্ষিপ্ৰ বিলোপনৰ সৈতে সন্মত নহ'লে ইয়াৰ আলোচনা পৃষ্ঠাত কাৰণ দৰ্শাওক। যদি এই পৃষ্ঠাটোৱে সঁচাকৈ ক্ষিপ্ৰ বিলোপনৰ মাপকাঠি পূৰণ নকৰে বা আপুনি ইয়াক ঠিক কৰিব বিচাৰিছে, তেন্তে অনুগ্ৰহ কৰি এই জাননী আঁতৰাওক, কিন্তু আপুনি নিজে সৃষ্টি কৰা পৃষ্ঠাৰ পৰা এই জাননী নাতৰাব।

প্ৰশাসকবৃন্দ, বিলোপ কৰাৰ আগতে ইয়ালৈ সংযোজিত পৃষ্ঠা আৰু পৃষ্ঠা ইতিহাস (শেষ সম্পাদনা) চাবলৈ নাপাহৰিব।

CAB বিৰোধী আন্দোলনক পৰিকল্পিতভাৱে “মিঞা” বিৰোধী আন্দোলনলৈ পৰ্যবেশিত হবলৈ বেছি পৰ নালাগে। স্পৰ্শকাতৰ ফটকা ফুটুৱা অঞ্চল লৈ গমণ নকৰাটোৱে উত্তম। অসম আন্দোলন ও, প্ৰথমে এনেকৈয়ে বিভিন্ন জনগোষ্ঠীয়ে সহযোগ কৰিছিল কিন্তু পিছলৈ সেয়া ‘বঙালী বিদ্বেষী’ আৰু সৰ্বশেষত ‘মিঞা বিদ্বেষী’ আন্দোলনত পৰিণত হৈছিল। তথাকথিত মিঞাই ১৯২৬ তেই “অসমীয়া গ্ৰহণ” আন্দোলন কৰিছিল , ১৯৫১ ত হাতে কামে প্ৰমাণিত কৰিছিল , ১৯৬১ ত লিখিত ভাবে জনাই দিয়া হৈছিল আৰু ১৯৭২ ত প্ৰাণ বিসৰ্জন দি প্ৰমাণ দি থৈছে। এতিয়াও এই তথাকথিত মিঞাৰ অগ্ৰজ বুদ্ধিজীৱি সকলে প্ৰায় প্ৰতিদিনে ঘোষণা কৰিয়েই আছে যে ভাষাৰ ক্ষেত্ৰত ১৯২৬ ৰ স্থিতিত অটল আছে আৰু আগলৈ থাকিব তেন্তে কিয় এই শঙ্কা আৰু কাকলৈ এই শঙ্কা?


এটা অৱহেলিত জনগোষ্ঠীৰ এই ঘটনাবোৰৰ বিশ্লেষণ কৰিবৰ প্ৰয়োজন আছে , ইতিহাস অবিহনে এটা জাতি/জনগোষ্ঠী মূল্যহীন।

১. গৌৰিনাথ সিংহ আৰু কেপ্তেইন ৱেলছৰ মাজত মাজত সম্পাদিত চুক্তি- ১৭৯৩

২. বেংগল প্ৰভিঞ্চ প্ৰশাসনৰ অসম প্ৰব্ৰজন আনুষ্ঠানিক ফৰমান – ১৮৫৩

৩. অসমত বৰভূইকপ আৰু মৰাপাট উদ্যোগ- ১৮৯৭

৪. মৈমানসিংহ জিলাৰ উচ্চপদস্থ চৰকাৰী বিষয়া A.J. Moffatt Mills ৰ ‘Colonisation Scheme’- ১৯০৬

৫. কামৰ পৰিবৰ্তে খাদ্য আঁচনি – ১৯১১

৬. কংগ্ৰেছ চৰকাৰে ‘লাইন প্ৰথা’ৰ প্ৰবৰ্তন -১৯২০

৭. লোকপিয়লৰ অধীক্ষক C.S. Mullan ৰ উদ্দেশ্য জড়িত ৰিপোৰ্ট -১৯৩১

৮. W Hockenhull-ৰ জনসংখ্যাৰ প্ৰতিবেদন-১৯৩৯

৯. ছাৰ ছাদুল্লাৰ “Grow More Food Scheme” – ১৯৪৩

১০. গোপীনাথ বৰদলৈ (কংগ্ৰেছ)ৰ ‘ট্ৰাইবেল বেল্ট আৰু ব্লক’ গঠন-১৯৪৬

১১. গোপীনাথ বৰদলৈ (কংগ্ৰেছ)ৰ “Assam Land Revenue Regulation”ৰ এক প্ৰাৰম্ভিক সংশোধণি- ১৯৪৭

১২. গোপীনাথ বৰদলৈ (কংগ্ৰেছ)ৰ “The Immigrants (Expulsion from Assam) Act, 1950”-১৯৫০

১৩. সাম্প্ৰদায়িক সংঘাত (Riot )-১৯৫০

১৪. দহ বছৰত (১৯৬১-১৯৭১ চনৰ) সময়ছোৱাত ৯,৬৭,০০০ জন অনুপ্ৰবেশকাৰীয়ে অসমত প্ৰবেশ কৰাৰ কথা কেন্দ্ৰীয় কংগ্ৰেছ চৰকাৰে আছুক অৱগত কৰে। – ১৯৭১

১৫. অসম আন্দোলন আৰম্ভ – ১৯৭৯

১৬. নেলী হত্যাকাণ্ড -১৯৮৩

১৭. অসম চুক্তি স্বাক্ষৰ -১৯৮৫

১৮. বড়োল্যান্ড আন্দোলন আৰম্ভ -১৯৮৯

১৯. বাঁশবাড়ী ৰিলিপি কেম্প হত্যাকাণ্ড -১৯৯৪

২০. নাৰায়ণগুড়ি হত্যাকাণ্ড – ২০১২

আন এটা কথা কবলৈ বাধ্য হৈছো যে – তিনিটা পুৰুষৰ (generation) ৰ জন্ম এই অসম ভূমিত আৰু এতিয়া আমাৰ দৰে নিঃকিন সকল চতুৰ্থ পুৰুষ(fourth generation), গতিকে অন্য দহজন অসমবাসীৰ দৰেই আমি অসমৰ আৰু অসম আমাৰ। আমি বহুত আন্দোলন চালো একো লাভ নহল, আচলতে সাম্প্ৰদায়িক মেৰুকৰণৰ কবলত পৰিছোঁ। অসমখন মুছলমান প্ৰধান হৈ থাকিল নে হিন্দু প্ৰধান হৈ থাকিল, তাৰ লগত সাধাৰণ মুছলমানৰ কোনো সম্পৰ্ক নাই। এইটো আমাৰ বাবে কোনো সমস্যাও নহয়। অন্ন, বস্ত্ৰ, বাসস্থানেই হৈছে আমাৰ মূল সমস্যা কিন্তু এই সমস্যাক ঢাকি থৈ নতুনকৈ সৃষ্টি কৰিছে ৩ডি সমস্যা। তাৰোপৰি ভূতৰ ওপৰত দানব লম্ভা দি ৰৈ আছে সংখ্যাগুৰুৰ মাজৰ জন বিন্যাস পৰিবৰ্তনৰ শঙ্কা।

১. নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ ৰ জৰিয়তে ২০১৪ ৰ ডিচেম্বৰলৈ ভাৰতভূমিত প্ৰবেশ কৰা সকলো অমুছলমানক নাগৰিকত্ব দিয়া হব।

২. নতুন NRC ৰ জৰিয়তে ১৯৫১ চন ভিত্তি বৰ্ষ কৰি সকলো মুছলমানৰ নাগৰিকত্ব প্ৰমাণ কৰা হব আৰু কাগজ পাতিত অলপ বিসংগতি থাকিলে বিতাড়ন কৰা হব নতুবা ডিটেনচন কেম্পত ভৰাই থোৱা হব। (যিহেতু বাংলদেশে ইতিমধ্যে চৰকাৰী ভাবে ঘোষণা কৰিছে যে অসমত তেখেত সকলৰ কোনো নাগৰিক অবৈধ ভাবে বসবাস কৰা নাই। )


৩. অসম চুক্তিৰ আধাৰ মতে ১৯৭১ চনৰ ২৪ মাৰ্চ বা তাৰ আগৰ বৈধ নথি থকা সকলে ভাৰতীয় নাগৰিক বুলি স্বীকৃতি পাব।

৪. উচ্চতম ন্যায়ালয়ৰ আদেশ মতে বঙ্গমূলৰ বাদে বাকী সকলোৱে পোনে পোনে “ডিফল্ট খিলঞ্জীয়া” হিচাবে NRC ত নাম অন্তৰ্ভুক্ত হব।

৫. অসম চুক্তিৰ ৬ নং দফা মতে অসমীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব কিন্তু আজিলৈ “অসমীয়া” গ্ৰহণযোগ্য সূত্ৰ কোনোৱে দিব নোৱাৰিলে।

৬. ভাৰতৰ সংবিধানৰ অধ্যায় ১৪, ১৫, ১৬, ১৭,আৰু ১৮ ত সমতাৰ কথা কোৱা হৈছে কিন্তু নিৰ্দিষ্ট ভাষা বা ধাৰ্মিক গোষ্ঠীৰ ওপৰত ডি ভোটাৰ, ডিটেনছন কেম্প, ডি এন আৰ ছি আদি বাৰে বাৰে জাপি দিয়া হৈ আছে।

৭. ভাৰতীয় সংবিধানৰ ২৯, ৩০ আৰু ৩৬ অধ্যায়ত সংখ্যালঘু সম্প্ৰদাযয়ৰ অধিকাৰ ৰাষ্ট্ৰৰ দ্বাৰা সুৰক্ষিত কথা কোৱা হৈছে যদিও বৰ্তমানে সংখ্যালঘু সকলক শাৰীৰিক, মানসিক আৰু আৰ্থিক হাৰাশাস্তিৰ নতুন নতুন ফৰ্মুলা ডি ভোটাৰ, ডিটেনছন কেম্প, ডি এন আৰ ছি আদিৰ জৰিয়তে উলিয়াই থকা হৈছে।


৮. বিদেশী মুক্ত অসম লাগে বুলি ও দাবী কৰে আকৌ CAB জৰিয়তে সকলো অমুছলমানক নাগৰিকত্ব দিলেও সুখী হয়।

৯. অসম আন্দোলনৰ দৰেই বিদেশী বিতাড়নক প্ৰতক্ষ ভাবে মুছলমান বিতাড়ন আন্দোলন লৈ পৰ্যবেশিত কৰাত প্ৰায় সকলোৱে হাত উজান দিয়ে।

১০. তথ্যক গুৰুত্ব নিদি কেৱল আৱেগেৰে এটা জনগোষ্ঠীৰ ওপৰত আন এটা জনগোষ্ঠীৰ প্ৰভুত্ব বিস্তাৰ কৰাৰ মানসিকতা গঢ় দিয়াত প্ৰায় সকলোৱে আগভাগ লোৱা দেখা গৈছে।


বঙ্গমূলীয় কওক বা চৰ চাপৰি বাসী বুলি কওক বা গেদা বুলিয়েই কওক নতুবা মিঞা বুলিয়েই কওক, এই ইছলাম ধৰ্মী মানুহ খিনিক লৈ সকলোৱে নিজৰ ইচ্ছামতে খেল খেলি ৰাতি টোৰ ভিতৰত নেতা হৈ পৰে। এনেকি কিছুমানে মন্ত্ৰী, এম এল এ হোৱাৰ উপৰিও জাতীয় নায়ক উপাধিও পায়। অতীতলৈ অকণমান ঘূৰি চালেই দেখা যায় – ১৯১৯ চনত কিছুমানে এই মানুহ খিনিৰ অন্ন -বস্ত্ৰ -বাসস্থানৰ বিৰোধ কৰাৰ কাৰণে বহু জনে সন্মানীয় উপাধি লাভ কৰিছিল আৰু সেই সময়ৰ চৰকাৰে “লাইন প্ৰথা -১৯২০” জাপি দিছিল। অসম বিধান সভাৰ সদস্য মৌলনা আব্দুল হামিদ খান ভাসানীৰ প্ৰচেষ্টাত কিছু সকাহ পাইছিল যদিও “চেগু খান” খ্যাত ভাসানীৰ “পাকিস্তান” প্ৰীতিয়ে আকৌ অসুবিধাত পেলাইছিল। ভূতৰ ওপৰত দানৱ দেখা দিয়া দি “লোকপিয়লৰ অধীক্ষক C.S. Mullan ৰ উদ্দেশ্য জড়িত ৰিপোৰ্ট -১৯৩১” আৰু “W Hockenhull-ৰ জনসংখ্যাৰ প্ৰতিবেদন-১৯৩৯” এ এই মানুহ খিনিক বেছিকৈ ক্ষতিগ্ৰস্ত কৰিছিল। ছাৰ ছাদুল্লাই কিছু পৰিমানে আশাৰ বতৰা দিছিল যদিও, তেখেতৰ “Grow More Food Scheme” – ১৯৪৩ এ মানুহ খিনিক অধিক জুৰুলা কৰিছিল কাৰণ এই মানুহ খিনিৰ কামৰ (খেতি-বাতি) বাদে অন্য কোনো সুবিধা দিয়া নাছিল। গোপীনাথ বৰদলৈ (কংগ্ৰেছ)ৰ ‘ট্ৰাইবেল বেল্ট আৰু ব্লক’ গঠন-১৯৪৬ প্ৰক্ৰিয়াই এই মানুহ খিনি আৰু জনজাতীয় সকলৰ মাজত এক বৃহৎ প্ৰাচীৰ সৃষ্টি কৰিছিল যিটো আজিও বিদ্যমান হৈ আছে। চলিহা আৰু মেধি ডাঙৰীয়াই চৰকাৰী ভাবে প্ৰয়োগ কৰা “কুইট ইন্ডিয়া আসাম” অভিযানে কম নুগুৰ নাকতি কৰা নাছিল। ১৯৭১ চনত কেন্দ্ৰীয় কংগ্ৰেছ চৰকাৰে আছুক অৱগত দহবছৰীয়া অনুপ্ৰবেশকাৰীৰ পৰিসংখানে (১৯৬১-১৯৭১ সময়ছোৱাত ৯,৬৭,০০০ জন ) পৰিস্থিতি অধিক ভয়াবহ কৰি তুলিছিল। আওপকীয়াকৈ কব গলে – “অসম আন্দোলন’ ৰ অন্যতম কাৰক আছিল এই পৰিসংখান। কোনোটো জনগোষ্ঠীয়ে নতুন কৈ প্ৰব্ৰজন কৰিছিল সেয়া সকলোৱে জানে যদিও আক্ৰমণৰ লক্ষ্য মাত্ৰ এই মানুহ খিনিয়েই হৈছিল। এই মানুহ খিনিৰ নূন্যতম মানবাধিকাৰৰ কথা উত্থাপন কৰা বাবে বহু কেইজন বাঁও মানবাধিকাৰ কৰ্মী লাঞ্চিত হব লগা হৈছিল। নেলী,নাগবান্ধা,চাউলখোৱা, মুকালমুৱা, বাঁশবাড়ী, আমটেঙ্গা, নাৰায়ণগুৰি আদি সৃষ্টি কৰি আতংকিত কৰিয়েই ৰাখিছে। ১৯৮৮ চনৰ পৰা আৰম্ভ হোৱা “হেয়াৰিঙ” প্ৰক্ৰিয়া প্ৰতি বছৰে আহে নতুন নতুন নাম লৈ। আমোদজনক ভাবে বৰ্তমানে – এই জনগোষ্ঠীৰ সকলোৱে অঘোষিত ভাৱে উপাধি এটা পায় “সন্দেহযুক্ত নাগৰিক” বা “সন্দেহজনক বাংলাদেশী”, সাৰি নাযায় ১৭৯৩ চনৰ গৌৰিনাথ সিংহ আৰু কেপ্তেইন ৱেলছৰ মাজত মাজত সম্পাদিত চুক্তি মৰ্মে অহাখিনিৰ সতি-সন্ততি ও।

১৯৯৭ চনত ‘ডি ভোটাৰ ‘ক এজিপিয়ে জন্ম দিছে,কংগ্ৰেছে তাক পোহ-পাল দি জীয়াই ৰখিছে,ইউডি এফে তাক শেষ কৰাৰ প্ৰতিশ্ৰুতি দি ৰক্ষা কৰিব নোৱাৰিলে এতিয়া বিজেপিয়ে ‘ডি’ ৰ গইনালৈ এই মানুহ খিনিক যমৰ যাতনা দিছে। আনহাতে গেৰুৱা বাহিনীয়ে “CAB-২০১৯”” নামৰ “দিল্লী কা লাড্ডূ” টোৰে অসমৰ মানুহৰ মাজত ভাগ বতৰা কৰা অভিযানত সম্পূৰ্ণ সফল হৈছে। জাতীয়তাবাদী শিবিৰে বাংলাদেশী খেদিব নোৱাৰে সেয়া ধুৰূপ সত্য, এনেকি এই সময়ত চৰকাৰে ও নোৱাৰে। লাখ লাখ বিদেশী(যদি আছে) খেদাৰ কিছুমান আন্তৰ্জাতিক নিয়ম আছে যিটো কেৱল দিল্লীৰ কেন্দ্ৰীয় চৰকাৰ মান্তি হলেই নহব সংশ্লিষ্ট দেশ আৰু আন্তৰ্জাতিক মহল(মানবাধিকাৰ গোষ্ঠী) সম্মত হব লাগিব। আন এটা অপ্ৰিয় সত্য উনুকিয়াব বিচাৰো – এই মানুহখিনি পেটৰ তাড়নাতেই হওক বা অন্য যিকোনো কাৰণেই প্ৰব্ৰজনৰ আদিতেই নিজস্ব কলা-কৃষ্টি , ভাষা-সংস্কৃতি ত্যাগ কৰিছে, সেয়া আছিল এক প্ৰাকৃতিক পৰিঘটনা। অন্য বস্ত্ৰ আৰু বাসস্থানৰ তাগিদাত এই প্ৰব্ৰজন ঐতিহাসিক ভাবেই চলিয়েই আছে আৰু আগলৈ ও থাকিব। যিটো জনগোষ্ঠীৰ নিজস্ব ভাষা সংস্কৃতি নাই সেই জনগোষ্ঠী কোনো দিনেই জাতি হিচাবে পৰিচয় দিব নোৱাৰে , মানৱ সভ্যতাৰ ৫০০০ বছৰৰ ইতিহাসে এই কথাকেই কৈ আছে। গতিকে অসমীয়া জাতিত সম্পূৰ্ণ ৰূপে লীন যোৱাটোকে বহুতেই উত্তম বুলি মত প্ৰকাশ কৰিছে। ১২০+ অতিক্ৰম কৰাৰ পিছত এতিয়া আৰু পিছফালে উভতি যোৱাৰ পথ বন্ধ হৈ পৰিছে। যিসকল লোক এই অসম ভূমিলৈ ‘বঙালী’ হিচাবে আহিছিল সেই সকলোৰ এজন ও জীৱিত নাই। CAB নামৰ ব্যাধি টোৱে প্ৰতক্ষ্য ভাবে মিঞাৰ বিশেষ ক্ষতি নকৰিলেও ভাতে মৰাৰ যথেষ্ট থল আছে – কাৰণ – ভূমিহীন এই শ্ৰমজীবী সকলে ‘বাঙ্গালী জাতীয়তাবাদ’ কি জনা নাছিল আৰু আজিও তেখেত সকলৰ উত্তৰ পুৰুষেও নাজানে কিয়নো এই মানুহখিনি নিজৰ ইচ্ছাত অসমীয়া হৈছিল আমাৰ তথাকথিত মূলসুঁতিৰ দৰে ভাগ্যৰ বলত অসমীয়া হৈ জন্ম লোৱা নাই। যিখিনি জানে বা বুজি পায় , সেয়া সম্পূৰ্ণৰুপে ‘অসমীয়া জাতীয়তাবাদ’ বা অসমীয়াত্ব যদিও বহুতে মানি লব নিবিচাৰে। সেয়ে স্বতঃস্ফূৰ্ত ভাবে আন্দোলনলৈ আগুৱাই গৈছে কিন্তু মিঞা আন্দোলনত যোৱাৰ বাবে বহুতে ইচ্ছা নাথাকিলেও CAB সমৰ্থন কৰি ফটকা ফুটাই আছে বা নীৰৱে আছে।

লিখক : মাইন উদ্দিন (B.Sc, B. Ed, B.Th, PGDCA, MBA) , বৰপেটা ৰোড[১]

ৰেফাৰেন্স[সম্পাদনা কৰক]

  1. https://umain30.com/miya/archives/334