চকুলো

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

নোলায় চকুলো মোৰ পুত্ৰ শোকত প্ৰভু

পুত্ৰ-শোক সন্তাপৰ নোহে ইটো চিন,

ই যে মুকুতাৰ মালা তোমাৰেই প্ৰতিদান

দেৱমনলোভা ৰত্ন শোভে ৰাতি দিন।

তোমাৰ ফুলনিবাৰি, তোমাৰেই তৰুলতা

যি ফুল ফুলিল তাত, তাৰে এটি আনি,

অৰ্পিলোঁ পূজাৰ অৰ্থে ভকতি অন্তৰে আজি

তোমাৰ পাৱতে পুনু লোৱাঁ প্ৰভু, তুমি।

ই চকুলো নোহে মোৰ অপত্য শোকৰ চিন,

ই যে প্ৰভু, পুত্ৰলই নিৰ্মালি পিতাৰ,

স্বৰ্গীয় অঞ্জন-ৰূপী দুয়োটি চকুতে পিন্ধি

আজীৱন ৰ'ম চাই চৰণ তোমাৰ।

চকুলো দুধাৰি প্ৰভু, তোমাৰ নিৰ্মালি মোৰ,

অন্ত হ'ব অন্তিমত, ভংগ হ'ব মোৰ ঘোৰ।