ঘোষা, খেদ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
নামঘোষা
লেখক শ্ৰীমন্ত মাধৱদেৱ
নামঘোষা
  1. ভজন, নমস্কাৰ, উপদেশ
  2. নিন্দা
  3. প্ৰাৰ্থনা আৰু অনুনাথনা
  4. মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ
  5. প্ৰশংসা, অনুধিতা, নাম, পৰমাৰ্থ-সাৰ, সাৰ-নিৰ্ণয়, বৰ্ণাশ্ৰম, হৰবাৰ
  6. নামৰ অন্বয়, দুলড়ি, শৰণ আৰু ভজন
  7. নমস্কাৰ, উপদেশ, খেদ
  8. নিন্দা, প্ৰাৰ্থনা
  9. নাম-মহিমা, নাম, প্ৰশংসা
  10. বস্তু-প্ৰকাশ, নিৱেদন, কলি-ধৰ্ম্ম-নিৰ্ণয়, হৰবাৰ, কৃষ্ণৰ পুৰুষ-লক্ষণ, যুগ-ধৰ্ম্ম-নিৰ্ণয়
  11. ঈশ্বৰ নিৰ্ণয়, শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমাযুক্ত উপদেশ, আত্ম-উপদেশ
  12. নিন্দা, প্ৰাৰ্থনা, নিৱেদন, প্ৰশংসা, কলি-ধৰ্ম্ম, নাম, তাত্‍পৰ্য্য, বিৰকতি
  13. তুতি, ঈশ্বৰ-নিৰ্ণয়,শৰণ, নমস্কাৰ, উপদেশ, ছবি, লেছাৰি, মহিমা-যুক্ত উপদেশ, ছবি, লেছাৰি
  14. নিন্দা, আত্ম-নিন্দা, মহিমা, নাম-মহিমা, তুতি
  15. প্ৰাৰ্থনা, তাত্‍পৰ্য্য, বস্তু-প্ৰকাশ, আশ্ৰয়, প্ৰশংসা, মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা, নামৰ অন্বয়
  16. খেদ, ভাগৱত-প্ৰশংসা, উপদেশ, খেদ, পৰম-পুৰুষাৰ্থ
  17. শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমা, আত্ম-উপদেশ, নিন্দা, আত্ম-নিন্দা
  18. খেদ, মহিমা, কাৰুণ্য
  19. তাত্‍পৰ্য্য, কাকূতি, প্ৰাৰ্থনা, প্ৰাৰ্থনা-নিবেদন
  20. ঘোষা, খেদ
ঘোষা, খেদ
নাম-ছন্দ
ঘোষা

কৃষ্ণ ৰাম         কৃষ্ণ ৰাম
কৃষ্ণ ৰাম         কৃষ্ণ ৰাম ||৮৫০
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম |
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম ||৮৫১
কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম |
অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ ||৮৫২
গোৱিন্দ গোৱিন্দ         গোৱিন্দ গোৱিন্দ

গোৱিন্দ ৰাম মুৰাৰি |

অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী ||৮৫৩
গোৱিন্দ ৰাম মুৰাৰি       মুকুন্দ ৰাম মুৰাৰি |
ভকতি-ৰোচন         দুখ-বিমোচন

ভকতৰ ভয়হাৰী ||৮৫৪

পৰম পুৰুষ         পৰম আনন্দ

পৰম গুৰু মুৰাৰি |

অনাদি অনন্ত         অচ্যুত গোৱিন্দ

ভকতৰ ভয়হাৰী ||৮৫৫

জয় যাদৱ এ মোৰে প্ৰাণ জীৱেৰ জীৱন নাৰায়ণ |
ভকতৰ ধন তযু অৰুণ চৰণ ||৮৫৬
ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি |
ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি জয় নাৰায়ণ ||৮৫৭
ৰাম ৰাম ৰাম ৰাম ৰাম |
ৰাম কৃষ্ণ হৰি নাৰায়ণ ||৮৫৮
ৰাম ৰাম ৰাম ৰাম |
ৰাম কৃষ্ণ হৰি হৰি হৰি ||৮৫৯
হৰি হৰি ৰাম ৰাম কৃষ্ণ ৰাম ৰাম ৰাম |
শ্ৰীৰাম জয় জয় ৰাম ||৮৬০
ৰাম ৰাম ৰাম ৰাম গোপাল |
জীৱেৰ জীৱন যদুৰায় ||৮৬১
দীন দায়াশীল দেৱ দামোদৰ হৰি দামোদৰ |
দামোদৰ দামোদৰ দেৱ দামোদৰ হৰি দামোদৰ ||৮৬২
অনাদি অনন্ত সদাশিৱ সনাতন হৰি এ |
নিত্য নিৰঞ্জন হৰি নিত্য নিত্য নিৰঞ্জন ||৮৬৩
নিত্য নিৰঞ্জন হৰি নিত্য নিৰঞ্জন |
নিত্য নিৰঞ্জন নিত্য নিৰঞ্জন হৰি নিত্য নিৰঞ্জন ||৮৬৪
মুৰাৰী মধুৰিপু ৰাঘৱ এ ৰাম ৰঘুপতি ৰাম ৰাম ৰাম

হৰি ৰাম ৰাম ৰাম |

ৰাম ৰাম ৰাম নাৰায়ণ জয় নাৰায়ণ ||৮৬৫
যাদৱ যদুপতি মাধৱ এ
ৰাম ৰাম কৃষ্ণ নাৰায়ণ হৰি নাৰায়ণ |
নাৰায়ণ হৰি নাৰায়ণ ||৮৬৬
ৰাম কৃষ্ণ গোৱিন্দ গোপীনাথ হৰি গোপীনাথ |
গোপীনাথ গোপীনাথ হৰি গোপীনাথ ||৮৬৭
কৰুণা-সাগৰ মোৰ বান্ধৱ এ |
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ||৮৬৮
ৰাম ৰাম ৰাম ৰাম গোৱিন্দ |
ৰাম ৰাম ৰাম হৰি ৰাম ৰাম ৰাম ৰাম ৰাম ||৮৬৯
ৰাম কৃষ্ণ হৰি গোপাল গোৱিন্দ মুকুন্দ হৰি মুৰাৰি ||৮৭০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম |
ৰাম কৃষ্ণ ৰাম কৃষ্ণৰাম
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম গোৱিন্দ জয় ৰাম ||৮৭১
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি |
ৰাম কৃষ্ণ ৰাম
ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ ৰাম ||৮৭২
হৰি ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম |
পতিত-পাৱন হৰি গুণে অনুপম ||৮৭৩
মোৰ প্ৰভু নাৰায়ণ ৰাম কৃষ্ণ ৰাম |
ভকত-বত্স ল প্ৰভু গুণে অনুপাম ||৮৭৪
ৰাম কৃষ্ণ নাৰায়ণ হৰি ৰে হে |
প্ৰভু ৰে হে ৰাম ৰাম ৰাম ||৮৭৫
মুকুন্দ মাধৱ মুৰাৰী মধু-ৰিপু |
জগত-জীৱন ৰাম হৰি হৰি ||৮৭৬
জয়তি যদুপতি জগত-জীৱন
যাদৱ মাধৱ ৰাম হৰি হৰি |
পৰম পুৰুষ ৰাম জয় জয় ||৮৭৭
ৰাম ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ |
ৰাম ৰাম কৃষ্ণ ৰাম হৰি হৰি ||৮৭৮
ৰাম ৰাম ৰাম ৰাঘৱ ৰঘুপতি
প্ৰণত-পালক দেৱ হৰি হৰি |
প্ৰপন্ন-তাৰকদেৱ জয় জয় ||৮৭৯
হৰি তো হৰি হৰি         হৰি তো হৰি হৰি
হৰি তো হৰি হৰি ৰাম জয় জয় ||৮৮০
কৃষ্ণদেৱ তুমি প্ৰভু দীন-দুখ-হাৰী |
ভকত-ৰঞ্জন ভয়-ভঞ্জন মুৰাৰি ||৮৮১
গোপাল গোপীনাথ গোৱিন্দ ৰাম ৰাম |
গোৱিন্দ ৰাম কৃষ্ণ গোৱিন্দ ৰাম ||৮৮২
গোৱিন্দ ৰাম গোৱিন্দ ৰাম |
গোপাল গোৱিন্দ ৰাম ৰাম ||৮৮৩
হৰি হৰি হৰি ৰাম গোৱিন্দ
মুৰাৰি মুকুন্দ জয় ৰাম ||৮৮৪
ৰাম কৃষ্ণ হৰি ৰাম ৰাম |
গোপাল গোৱিন্দ জয় ৰাম ||৮৮৫
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম |
অমিয়া-মাধুৰী তযু নাম ||৮৮৬
ৰাম কৃষ্ণ ৰাম কৃষ্ণ জয় |
ৰাম কৃষ্ণ দীন-দায়াময় ||৮৮৭
যাদৱ মাধৱ দীন দায়াল |
দেৱকী-নন্দন ৰাম গোপাল ||৮৮৮
ৰাম ৰঘুপতি পৰমানন্দ |
পৰমপুৰুষ দীনবন্ধু গোৱিন্দ ||৮৮৯
মোৰে ইষ্ট দেৱ যাদৱৰায় |
সেৱা কৰিবাৰ নামে উপায় ||৮৯০
গোৱিন্দ এ জয় কৃষ্ণ |
জগত-জীৱন ৰাম ||৮৯১
সহজানন্দ হৰি স্বৰূপানন্দ |
হৃদয়ানন্দ হৰি পৰমানন্দ ||৮৯২
গোপাল গোৱিন্দ ৰাম মাধৱ |
ভকতজনৰ তুমি বান্ধৱ ||৮৯৩
গোপাল গোৱিন্দ গৰুড়-কেতু |
ভকতৰ ধন জীৱন-হেতু ||৮৯৪
ৰাম নিৰঞ্জন নিৰাময় |
জয় জগন্নাথ দায়াময় ||৮৯৫
গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম |
পতিত্পাৱন তোমাৰ নাম ||৮৯৬
হৰি ৰাম ছিৰীৰাম |
বামন পৰশুৰাম ||৮৯৭
মুকুন্দ মুৰাৰি দীন-দায়াশীল হৰি ৰাম ||৮৯৮
কমল-লোচন দুখ-মোচন মুৰাৰি ৰাম ||৮৯৯
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম |
ৰাম নাৰায়ণ         ৰাম কৃষ্ণ ৰাম ||৯০০
বনমালী গোৱিন্দ ৰাম কৃষ্ণ হৰি ||৯০১
জীৱে জীৱন-ধন         মুকুন্দ মুৰাৰি নাৰায়ণ ||৯০২
ৰাম কৃষ্ণ হৰি অনন্ত মুৰাৰি এ হৰি নাৰায়ণ |
ভকতজনৰ দুখ-ভয়-হাৰী এ হৰি নাৰায়ণ ||৯০৩
নমো নাৰায়ণ         নমো নাৰায়ণ |
নিৰঞ্জন নিৰাকাৰ         নিৰ্ব্বিকাৰ নিৰাময়

নৰোত্তম সম সনাতন ||৯০৪

ৰাম হৃষীকেশ         গোৱিন্দ হৃষীকেশ ||৯০৫

গোৱিন্দ ৰাম গোৱিন্দ ৰাম |

ৰাম কৃষ্ণ গোৱিন্দ ৰাম ||৯০৬
এ ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ ||৯০৭
হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ||৯০৮
ৰাম কৃষ্ণ ৰাম এ ৰাম নাৰায়ণ ||৯০৯
জয় ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি ||৯১০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ শিৱ সনাতন |
তুমিসে গোৱিন্দ ভকতৰ মহাধন ||৯১১
জয় হৰি ৰাম জয় ছিৰীৰাম |
পৰম-মঙ্গল মাধৱৰ গুণ-নাম এ জয় হৰি ৰাম ||৯১২
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম |
মধু-মুৰ-মথন মুৰাৰি হৰি ৰাম এ কৃষ্ণ কৃষ্ণ ৰাম ||৯১৩
ৰাম কমলা-পতি তুমি অগতিৰ গতি |
ভকতি মিনতি তুতি         নজানো পামৰ-মতি ||৯১৪
গোপাল জয় ৰাম         গোৱিন্দ জয় ৰাম ||৯১৫
গোপাল গোৱিন্দ         ৰাম কৃষ্ণ মুকুন্দ ||৯১৬
গোৱিন্দ গোৱিন্দ দেৱকী-নন্দন হৰি ৰাম নাৰায়ণ ||৯১৭
গোপাল গোৱিন্দ         মুকুন্দ ৰাম ৰাম ||৯১৮
হৰি ৰাম ছিৰীৰাম জয় জয় ৰাম ৰাম ||৯১৯
এ ৰাম জয় ৰাম জৰ ৰাম জয় জয় ৰাম |
ও হৰি ৰাম ৰাম জয় ৰাম জয় ৰাম ||৯২০
শিৱ শিৱ শিৱ শিৱ শিৱ |
শিৱ সনাতন জগজীৱ ||৯২১
মাধৱ মাধৱ মাধৱ মধুৰিপু গোৱিন্দ কৃষ্ণ

হৰি হৰি ৰাম ||৯২২

নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰাময়
মুৰাৰি এ হৰি হৰি ৰাম ||৯২৩
প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ ||৯২৪
হে হে পৰমগুৰু পুৰুষোত্তম হৰি পুৰুষোত্তম |
পুৰুষোত্তম পুৰুষোত্তম জয় পুৰুষোত্তম ||৯২৫
মোৰ প্ৰভু নাৰায়ণ পৰমানন্দ হৰি পৰমানন্দ পৰমানন্দ ||৯২৬
পৰমানন্দ হৰি পৰমানন্দ ||৯২৭
ৰাম কৃষ্ণ ৰাম কৃষ্ণ প্ৰভুদেৱ নাৰায়ণ নাৰায়ণ |
নাৰায়ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ প্ৰভুদেৱ ||৯২৮
গোপাল গোৱিন্দ হৰি ৰাম ৰাম |
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম ||৯২৯
পৰম পুৰুষ শিৱ সনাতন |
অনন্ত অচ্যুত নিত্য নিৰঞ্জন ||৯৩০
ৰাম নিৰঞ্জন ও ৰাম নিৰঞ্জন |
নিৰাকাৰ হৰি এ ৰাম ||৯৩১
ৰাম সদাশিৱ ও প্ৰাণ সদাশিৱ সনাতন প্ৰভু ৰে ৰাম ||৯৩২
ৰাম দায়াশীল মোৰে প্ৰভু দায়াশীল |
দেৱ দীন-বন্ধু ৰে ৰাম ||৯৩৩
হৰি হৰি পৰমানন্দ প্ৰভু
পীতাম্বৰ হৰি পীতাম্বৰ |
পীতাম্বৰ পীতাম্বৰ প্ৰভু পীতাম্বৰ ||৯৩৪
হৰি হৰি ৰাম বান্ধৱ হৰি ৰাম |
হৰি হৰি এ নাৰায়ণ জয় গোৱিন্দ ৰাম ||৯৩৫
পৰমানন্দ জয় পৰমানন্দ |
হৰি হৰি হৰি হৰি হৰি হৰি এ
হৰি এ পৰমানন্দ জয় পৰমানন্দ ||৯৩৬
কমলা-কান্ত জয় কমলা-কান্ত |
কমল-লোচন বনমালী হৰি এ বনমালী এ ||৯৩৭
কমলা-কান্ত, জয় কমলা-কান্ত ||৯৩৮
দামোদৰ প্ৰভু দামোদৰ
দেৱকী-নন্দন দীনবন্ধু হৰি এ
দীনবন্ধু এ দামোদৰ দৱ দামোদৰ ||৯৩৯
জগত-জীৱন ৰাম যদুপতি       জগত-জীৱন ৰাম হৰি হৰি

জগত জীৱন ৰাম ||৯৪০

জগত-জীৱন ৰাম যদুপতি       জগত-জীৱন ৰাম হৰি হৰি

জগত জীৱন ৰাম |

জগজীৱন ৰাম জগজীৱন ৰাম |
জগতৰ সুমঙ্গল তুৱা গুণ-নাম ||৯৪১
মধু-সূদন দেৱ মধু-সূদন দেৱ |
তুমি বিনে অগতিৰ গতি নাহি কেৱ ||৯৪২
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি |
ৰামতে ৰমোহো অবিৰাম ৰাম ৰাম ||৯৪৩
ৰাম-নাম ধৰ্ম্ম অনুপাম হৰি হৰি |
পূৰে ভকতৰ মন-কাম ৰাম ৰাম ||৯৪৪
কলি-যু্গে ৰাম-নাম সাৰ হৰি হৰি |
ৰাম-নাম বিনে নাহি আৰ ৰাম ৰাম ||৯৪৫
ৰাম বুলি পাৱে ভৱ-পাৰ হৰি হৰি |
ৰাম-নাম জগত উদ্ধাৰ ৰাম ৰাম ||৯৪৬
ৰাম-নাম অমূল্য ৰতন হৰি হৰি |
ৰাম-নাম বিনে নাহি ধন ৰাম ৰাম ||৯৪৭
ৰাম-নাম মুক্তি-বিড়ম্বন হৰি হৰি |
জপ ৰাম-নাম অনুক্ষণ ৰাম ৰাম ||৯৪৮
ৰাম-নামে ভকতি-সুগম হৰি হৰি |
নাহি ভক্তি ৰাম-নাম সম ৰাম ৰাম ||৯৪৯
ৰাম-নাম ধৰ্ম্মতে উত্তম হৰি হৰি |
ৰাম-নাম পাতকৰ যম ৰাম ৰাম ||৯৫০
ৰাম-নামে ধৰ্ম্ম-শিৰোমণি হৰি হৰি |
ৰাম-নাম পাপৰ অগনি ৰাম ৰাম ||৯৫১
ৰাম-নাম মৃত-সঞ্জীৱনী হৰি হৰি |
ৰাম-নাম ঘুষিয়েক ছানি ৰাম ৰাম ||৯৫২
জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ হৰি
জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ
হৰি হৰি ৰাম |
জগন্নাথ জগন্নাথ হৰি ||৯৫৩
নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি
নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি
হৰি ৰাম নিৰঞ্জন নিৰঞ্জন হৰি ||৯৫৪
গোপাল গোপাল         গোপাল গোপাল

গোপাল গোপাল ৰাম |

গোপাল গোপাল         গোপাল গোপাল

গোপাল গোপাল গোপাল ৰাম ||৯৫৫

ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম
ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম || ৯৫৬
গোৱিন্দ ৰাম গোৱিন্দ ৰাম গোৱিন্দ ৰাম
গোৱিন্দ ৰাম গোৱিন্দ ৰাম গোৱিন্দ ৰাম হৰি |
গোৱিন্দ গোৱিন্দ         গোৱিন্দ গোৱিন্দ
গোৱিন্দ গোৱিন্দ         গোৱিন্দ গোৱিন্দ
গোৱিন্দ গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম ||৯৫৭
মুকুন্দ মুৰাৰি         মুকুন্দ মুৰাৰি
মুকুন্দ মুৰাৰি         মুকুন্দ মুৰাৰি
মুকুন্দ মুৰাৰি হৰি ৰে হে |
হৰি হৰি হৰি হৰি হৰি হৰি হৰি ৰাম শ্ৰীৰাম ||৯৫৮
ৰাম কৃষ্ণ হৰি         ৰাম কৃষ্ণ হৰি
ৰাম কৃষ্ণ হৰি         ৰাম কৃষ্ণ হৰি
ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম |
ৰাম কৃষ্ণ হৰি মুকুন্দ মুৰাৰি মাধৱ মধুসূদন হৰি হৰি
যাদৱ যদু-নন্দন ||৯৫৯
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম |
ৰাম ৰাম ৰাম ৰাম ৰাম হৰি হৰি ৰাম
ৰাম ৰাম ৰাম ৰাম ৰাম ||৯৬০
হৰি হৰি হৰি         হৰি হৰি হৰি

হৰি হৰি হৰি হৰি হৰি এ

প্ৰাণ-বন্ধু হৰি         হৰি হৰি হৰি এ

মোৰে প্ৰাণধন হৰি এ

অনাদি অনন্ত প্ৰভু ভগৱন্ত ভজো চৰণত ধৰি এ
হৰি হৰি ভজো চৰণত এ |
পতিত-পাৱন         প্ৰভু নাৰায়ণ

সেৱক লৈয়ো উদ্ধাৰি

দীন-বন্ধু সেৱক লৈয়ো উদ্ধাৰি গোৱিন্দ জয় ৰাম ||৯৬১
মুৰাৰি মুকুন্দ ৰাম         মুৰাৰি মুকুন্দ ৰাম

মুৰাৰি মুকুন্দ জয় ৰাম |

সুমৰণে পাপ-ক্ষয়         মিলে মহামহোদয়
দুখময় গুচে শোক-ভয় হৰি ৰাম ||৯৬২
ৰাম কৃষ্ণ গোৱিন্দ         ৰাম কৃষ্ণ গোৱিন্দ

ৰাম কৃষ্ণ গোৱিন্দ হৰি |

বনমালী বাসুদেৱ         পদ্মনাভ জনাৰ্দ্দন

মাধৱ মুকুন্দ মুৰাৰি হৰি ৰাম ||৯৬৩

মাধৱ মধুৰ-মূৰতি মধু-সূদন       দনুজ-দমন দুখহাৰী

পীতাম্বৰধৰ শ্যাম-সুন্দৰ হৰি |

জয় জয় মুকুন্দ মুৰাৰি হৰি ৰাম ||৯৬৪
ৰাম জয় হৰি জয় জয় ৰাম কৃষ্ণ ৰাম হৰি জয় ||৯৬৫
ৰাম কৃষ্ণ যিটো সততে সুমৰে     তাৰ আৰ কাক ভয়
সমস্তে ধৰ্ম্মৰ উপৰে বসিয়া ৰাম-নাম প্ৰকাশয় ||৯৬৬
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তন     বিনাই কৃত্য-শেষ নথাকয় |
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তনে     কৃষ্ণৰ কৃপাৰ মন্দিৰ হয় ||৯৬৭
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তনে     স্বভাৱে সংসাৰ সুখে তৰয় |
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তনে     সমস্ত বিঘিনি নাশ কৰয় ||৯৬৮
ৰাম-কৃষ্ণ-নাম-ৰসক লভিয়া মুকুতিকো নগণয় |
ৰাম-কৃষ্ণ-নাম পৰম-আনন্দ-সমুদ্ৰে মজি থাকয় ||৯৬৯
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তন কৰিয়া হৰিকো বশ্য কৰয় ||৯৭০
ৰাম হৰি জয় ৰাম হৰি |
গোপাল গোৱিন্দ ৰাম হৰি জয় ||৯৭১
ৰাম হৰি জয় ৰাম ৰাম হৰি জয় ৰাম ৰাম ||৯৭২
এ হৰি হৰি ৰাম জয় |
ৰাম হৰি জয় ৰাম গোৱিন্দ ||৯৭৩
ৰাম জয় জয় ৰাম জয় |
মুকুন্দ মুৰাৰি ৰাম হৰি জয় ||৯৭৪

খেদ

ঘোষা || এ হৰি হৰি হৰি হৰি

কি কাম কৰিলো আমি |
হৰি হৰি হৰি
সাধু-সঙ্গ লৈয়া তোমাক নভজি
ভৈলো কিনো অধোগামী ||৯৭৫

পদ || নিজ দাস হুয়া সেৱাক তেজিলো |

এই দোষে ঘোৰ আপদে মজিলো ||৯৭৬
তুমিসি সুহৃদ আত্মা প্ৰিয়তম |
তথাপি তোমাক নভজো কি মঞি অধম ||৯৭৭
তুমি নিজ পিতৃ গুৰু ইষ্ট মোৰ |
মই মন্দমতি ভৈলো সেৱা চোৰ ||৯৭৮
অধমকো তৰে তোমাৰ ভকতি |
তথাপি তোমাক নভজো কুমতি ||৯৭৯
ইষ্ট দেৱ বুলি তোমাক নধৰো |
নিকাৰ ভুঞ্জিয়া সংসাৰতে মৰো ||৯৮০
তুমিসে কেৱলে কৰুণা-সাগৰ |
তোহ্মাক নভজো কি মঞি পামৰ ||৯৮১
আৱে কৃপাময় দিয়োক শৰণ |
দোষ মৰিষণ তোমাৰ চৰণ ||৯৮২
ইবাৰ ঈশ্বৰ নছাড়িবা মোক |
মোৰ মন মজি তোমাতে ৰহোক ||৯৮৩
মোৰ প্ৰাণ হৰে জীৱন প্ৰাণ হৰে |
হৰি ৰে ৰাম ৰাম কৃষ্ণ হৰে ||৯৮৪
কৃষ্ণ হৰি এ প্ৰাণ হৰি এ |
হৰি ৰে ৰাম ৰাম ৰাম ৰাম ||৯৮৫
গোৱিন্দ ৰে জয় কৃষ্ণ জয় ৰাম জয় ৰাম ||৯৮৬
হৰি হৰি ৰাম বান্ধৱ হৰি ৰাম || ৯৮৭
হৰি হৰি এ নাৰায়ণ জয় গোৱিন্দ ৰাম ||৯৮৮
কৃষ্ণ ৰাম গোৱিন্দ | হৰি ৰাম গোৱিন্দ জয় জয় ||৯৮৯
গোৱিন্দ কৃষ্ণ ৰাম ৰাম ৰাম |
গোৱিন্দ গোৱিন্দ ৰাম ৰাম ||৯৯০
গোৱিন্দ মাধৱ প্ৰাণ-বান্ধৱ ৰাম কৃষ্ণ হৰি জয় ||৯৯১
হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় |
ৰাম-নামে মাৰণা মাৰে পাপ-কটকৰ ক্ষয় ||৯৯২
পাপ-বিপক্ষক সংহৰি হৰিৰ নামে খলখলি হাসে |
সকলে সুখৰ উপৰে বসিয়া হৰিৰ নাম প্ৰকাশে ||৯৯৩
মুকুতি-সুখক বশ্য কৰি হৰি-নামে আনন্দত নাচে |
পুৰুষে সহিতে সখিত কৰিয়া চলয় হৰিৰ কাছে ||৯৯৪
আপুন নামৰ মহিমা দেখিছা হৰিৰ আনন্দ চৰে |

যিটো নাম লয়         হৰি তাৰ হয়

ই পুনু ৰহস্য কৰে ||৯৯৫

হৰি-গুণ-নাম         ভাবিয়া পুৰুষে

ৰহয় হৰিৰ পাশে |

হৰিৰ চৰণ         হৃদয়ে ধৰিয়া

কহয় মাধৱ দাসে ||৯৯৬

ঘোষা || এ ভাৱক ভাই ভজ ভগৱন্ত ভকতিভাৱে |

ভগৱন্ত ভজিয়া পৰম গতি পাৱে ||৯৯৭

পদ || ভগৱন্ত নভজি চলয় যম-ঠাৱে |

ভগৱন্ত-ভকতক শমনে নধাৱে ||৯৯৮
ভগৱন্ত ভজিয়া জনম বাহুড়াৱে |
আন যত সৱে মিছা ভক্তিৰ অভাৱে ||৯৯৯
জানিয়া ভজিয়ো ভাই ভগৱন্ত-পাৱে |
এহু ৰস মাধৱ মুৰুখমতি গাৱে ||১০০০
|| শ্ৰীকৃষ্ণাই নম: ||