ঘুনুচা-কীৰ্ত্তন
ঘুনুচা-কীৰ্ত্তন।
কবি ৺শ্ৰীধৰ কন্দলি ভণিত।
প্ৰকাশক
বৰকটকী কোম্পানী
যোৰহাট।
প্ৰথম সংস্কৰণ
৪৯১ শঙ্কৰাব্দ।
মূল্য— ৷৴৹ অনা মাত্ৰ
শ্ৰী শ্ৰীকৃষ্ণাৰ নমঃ
ঘুনুচা-কীৰ্ত্তন।
শ্লোক।
শ্ৰীকৃষ্ণাৰ বাসুদেবায় দৈৱকী নন্দনায় চ।
নন্দগোপকুমাৰায় গোবিন্দায় নমো নমঃ॥ ১
নমঃ পঙ্কজনাতায় নমঃ পঙ্কজমালীনে।
নমঃ পঙ্কজনেত্ৰায় নমস্তে পঙ্কজাঘ্ৰয়ে॥২
বসুদেৱসুতং কৃষ্ণং কংস চাণ্ডৰ মৰ্দ্দনং।
দৈৱকী হৃদৰানন্দং শ্ৰীকৃষ্ণং বন্দে জগদ্ গুৰুম্॥৩
ঘোষা।
চলি যায় প্ৰভু জগন্নাথ ঘুনুচা যাত্ৰা কৰিয়ে।
সমস্ত জগতে বেড়ি বেড়ি চায়ে
শকট ওপৰে হৰি॥১॥
দুলড়ী।
নমো জগন্নাথ চিত্ত স্থিৰ কৰি
কায় বাক্যে সম্বোধয়।
যাৰ পাদ পদ্ম চিন্তন মাত্ৰকে
সংসাৰ বন্ধ এড়ায়॥
হেন কৃষ্ণ পাৱে অৱনত ভাৱে
প্ৰণামিয়া বাৰ শত।
কৃষ্ণৰ বিজয় যাত্রা অতিশয়
বিৰচিবো পদ যত॥ ১
আষাঢ় মাসৰ শুক্লা যে তৃতীয়া
শুভক্ষণ বেলা পায়।
দৌল ছাড়ি হৰি ঘুনুচাৰ বাড়ী
চলি যান্ত যদুৰায়
দুই দণ্ড নিশা থাকন্তে যাদৱ
বাজ ভৈল দৌল ছাড়ি ।
দশোদিশ ছানি সর্বলোকে জানি
দিলে নিশানত বাড়ি ॥২
কাছ পাড় কৰি মতামতি কৰি
হুই সবে একস্থান ।
নানা যন্ত্ৰ ধৰি উৎসুকে চলিলা
কৃষ্ণৰ ধৰি যোগান ৷৷
যতেক পৰিচা পাণ্ডা নিৰন্তৰে
আনো যত নৰ নাৰী ।
যাত্রা সুমঙ্গল কৰিয়া আনন্দে
চলিলন্ত বেশ কৰি ॥
দধি দুগ্ধ ঘৃত লৈয়া পঞ্চামৃত
ঘট ভৰি ঠাৱে ঠাৱে।
দুৰ্ব্বাক্ষত সিঞ্চি ডালি ফল দিয়া
যাত্ৰা সুমঙ্গল ভাৱে॥
দুশাৰী পথত তোৰণ পূতিল
থোকে আড়ি গুৱাফল।
নানা চিত্ৰ কৰি পথক নিৰ্ম্মিল
কৰি যাত্ৰা সুমঙ্গল॥৪
ৰজনী পুহাইল পূৰ্বে সাজ দিল
চৌভিতি সঞ্জ কোৱায়।
শকটত চড়ি ঘুনুচাৰ বাড়ী
চলি যান্ত যদুৰায়!
লক্ষ্মীৰ সেৱক পাণ্ডাগুটি মাত্ৰ
অন্তেসপুৰত ৰৈলা।
যতেক পৰিচা পাণ্ডা নিৰন্তৰে
কৃষ্ণ সঙ্গে চলি গৈলা॥৫
ডাইনে বলভদ্ৰ মধ্যত সুভদ্ৰা
বামে চলে জগন্নাথ।
চৌভিতি আবৰি জয়ধ্বনি কৰি
কোটি ব্ৰহ্মাণ্ডৰ নাথ॥
নানা দিব্য নাৰী যাত্রা সিদ্ধ কৰি
ডালি ফল লৈয়া হাতে।
উৰুলি জোকাৰ উৎসৱ কৰিয়া
দুৰ্ব্বাক্ষত সিঞ্চে মাথে॥৬
কেহো পঞ্চামৃত সিঞ্চে দিব্য পুষ্প
বৰিষে শকট ভৰি।
জয় জয় ধ্বনি চৌভিতি ঘোষয়
যাত্রা মহোৎসৱ কৰি ৷৷
কাহালী মোহৰী ঢাল ঢোল ভেৰী
অসংখ্য বাদ্য বজাই।
কৃষ্ণৰ কীৰ্ত্তন কৰিয়া উৎসুকে
ফল্গু গুণ্ডি সিঞ্চি যাই ॥৭
অসংখ্যাত লোকে শকট আজোড়ে
মুখে কৃষ্ণ গুণ গাই।
পৰিচা সকলে ঠাকুৰৰ মাথে
শ্বেত ছত্ৰ ধৰি যাই ॥
কতো কতো সবে উৎসৱ কৰিয়া
মাধৱৰ চাপি কোল।
অল্প অল্প কৰি সুবৰ্ণৰ দণ্ড
ধৰিয়া চামৰ ঢোল॥ ৮
পৰম আনন্দে নটী নৃত্য কৰে
চপয় পঢ়য় ভাটে।
উদাস সন্ন্যাসী যোগী ব্ৰহ্মচাৰী
স্তুতি কৰি সবে বাটে॥
কৃষ্ণৰ কীৰ্ত্তন কৰিয়া উৎসুকে
চলি যান্ত নিৰন্তৰে।
যত নৰ নাৰী কৃষ্ণক আবৰি
বিনাৱন্ত নিৰন্তৰে॥ ৯
কেহো শঙ্খ বাৱে মৃদঙ্গ বজাৱে
তাল কৰতাল ঠুকি।
ঊৰ্দ্ধবাহু হুয়৷ কৰতাল ধৰি
কীৰ্ত্তন কৰে উৎসুক॥
সুগন্ধ জালিয়া ধূপ হাতে লৈয়া
নাচে উপৰক চাই।
পৃথিবীৰ হন্তে উল্লাস কৰিয়া
যেন বৈকুণ্ঠক যাই॥১০
কেহো আগ বাঢ়ে কেহে৷ পাছে যায়
পৰম আনন্দ ভাৱে।
হতাহতি কৰি কেহো নৰ নাৰী
চলে সৱে এক ঠাৱে।
ঘনে ঘনে দেয় উৰুলি জোকাৰ
ডাকে জয় কৃষ্ণ বুলি।
পাইলো পাইলো বুলি দেৱ নাৰী নাচে
উপৰক হাত তুলি॥ ১১
যত ব্ৰতী যোগী সন্ন্যাসী ভিক্ষুক
নৰ নাৰী যত প্ৰাণী।
কৃষ্ণৰ কীৰ্ত্তন বিনা কাৰো সুখে
নাহিকে লৌকিক বাণী॥
গোবিন্দ ভাৱকে কীৰ্ত্তন লগায়ে
সৰ্ব্বলোকে গাৱে ছানি।
পৰম উৎসৱে স্বৰ্গকো লঙ্ঘিলে
কৃষ্ণৰ কীৰ্ত্তন ধ্বনি॥ ১২
ঠক ঠক কৰি শকট চলয়
আজোড়ায় গোপদল।
কতো দূৰ গৈয়া ঠগ দিয়া ৰৈলা
মাধৱৰ কৌতূহল॥
আজোড় পিজোড়ে শকট নলড়ে
পৰ্ব্বত যেন গম্ভীৰ।
দেখিয়া পৰিচা সবে স্তুতি কৰে
অৱনত কৰি শিৰ॥ ১৩
নমো নাৰায়ণ সংসাৰ কাৰণ
দাৰু ব্ৰহ্মৰূপ হৰি ।
যত চৰাচৰ সমস্ত সংসাৰ
আত্মাৰূপে আছা ধৰি ৷৷
নমো নিৰাকাৰ জগত আধাৰ
ভক্তৰ দেখি বিলাই ।
আজোড়ে পিজোড়ে শকট নলড়ে
তোমাৰ কৃপা বিনাই ॥১৪
নমো কৃপাময় হুয়োক সদয়
দুঃখ হৈবে তেবে দূৰ ।
এতেক বোলন্তে শকট চলিল
ভৈলন্ত হৰি সদয়॥
এহিমতে ৰথে প্রভু জগন্নাথ
চলি যান্ত শীঘ্ৰ কৰি।
মনত কৌতুকে পৰিচা সকলে
পুনঃ চলি ৰঙ্গ কৰি॥১৫
নানা ভঙ্গি ভাৱে হৰি গুণ গাৱে
পৰম আনন্দ কৰি।
শ্ৰীধৰ কন্দলি কহে কৃষ্ণ কেলি
ডাকি বোলা হৰি হৰি॥১৬
ঘোষা
জগন্নাথ হৰি নিয়ো দাস কৰি ॥২॥
পদ ।
এহিমতে জগন্নাথ নিজ দৌল ছাড়ি।
কৌতূহলে চলি যান্ত ঘুনুচাৰ বাড়ী।
গোপগণে শকট আজুড়ি নেয় বলে।
কীৰ্ত্তন কৰিয়া যায় পৰিচাসকলে॥১৭
উৎসৱ কৰিয়া যায় প্ৰজা নিৰন্তৰ
আতি অনন্তৰে প্ৰভু জগত ঈশ্বৰ॥
বেলা ভৈল প্ৰহৰেক দেখি দেৱ হৰি ।
লাগি গৈল ক্ষুধা তনু কাম্পে তৰতৰি ॥১৮
ৰহিল শকট খান আগক নচলে ।
শৰীৰৰ বল দিয়া আজোড়ে গুৱালে ॥
হেন দেখি জিজ্ঞাসিলা পৰিচাসকল ।
জানিলেক ফলাহাৰ বেলা আমি ভৈল॥১৯
অনন্তৰে দধি মধু ঘন ক্ষীৰ ঘৃত।
দিব্য দ্রব্য চিনি চিড়া গুড় পঞ্চামৃত॥
আনে৷ নানা ভোগ্য বস্তু আন উপহাৰ ।
আনন্দে কৃষ্ণক কৰাইলেক ফলাহাৰ॥ ২০
সুবৰ্ণ ভৃঙ্গাৰ দিয়া মুখ পথালিলা।
কৰ্পূৰ তাম্বুল আনি মুখশুদ্ধি দিলা ৷৷
ফলাহাৰ কৰি তুষ্ট ভৈল দেৱহৰি।
চলিল শকট খান পুনঃ শীঘ্ৰ কৰি॥২১
লৱড়া লড়ি কৰি চলে প্রজাগণ।
পৰম উৎসৱে কৰে কৃষ্ণৰ কীৰ্ত্তন ৷৷
এহিমতে চলি যান্ত জগত ঈশ্বৰ।
দিবা অৱসানে পাইলা ঘুনুচাৰ ঘৰ॥২২
যদ্যপি ঘুনুচা-বাড়ী দণ্ড দুইৰ পথ ।
তথাপি দিনেকে তাত গৈল জগন্নাথ
ইন্দ্ৰদ্যুম্ন ৰাজা পূৰ্ব্বে মহা স্নেহ কৰি।
কৃষ্ণক দৌলত নিয়৷ থাপিল সাদৰি ||২৩
ঘুঞ্চা নামে জীউ খানি সৰ্ব্ব সৌভাগিনী ।
কৃষ্ণক দিলন্ত বিহা বিধিৱতে আনি॥
সৰ্ব্ব সুলক্ষণী কন্যা গুণত চাতুৰী ।
সাক্ষাতে ভৈলন্ত যেন লক্ষ্মী অৱতৰী ॥২৪
কৃষ্ণৰ পৰম প্ৰিয়া ঘুনুচা সুন্দৰী ।
তাহান নগৰ ৰঙ্গে পাইল৷ দেৱ হৰি৷৷
আগ বাঢ়ি কৃষ্ণক আনিয়ো এহি ঠাৱ ৷
শুনিয়া পৰিচাগণে কৰন্ত উৎসৱ॥ ২৫
নানা বস্তু লৈয়া আইলা যত নাৰী নৰ ।
বান্ধৱক আগ বাঢ়ি চলিলা সত্বৰ॥
কেহো শুক্ল চামৰক লৈয়া শ্বেত ছত্ৰ।
পৰম উৎসৱে চলে লৈয়া দিব্য বস্ত্ৰ॥২৬
কেহো দধি মধু ঘৃত পঞ্চামৃত লৈয়া ।
চলি গৈল নৰ নাৰী উৎসৱ কৰিয়া ॥
হস্তী ঘোড়া শকট চলিল বহুতৰ ।
বাঘ ঘোঙ উট খৰ পশু নিৰন্তৰ ॥২৭
আনো যত প্রাণী আছে ঘুনুচা নগৰ ।
ধীৰ সাধু যোগী ভিক্ষু প্রাণী নিৰন্তৰ ৷৷
এহিমতে নানা লোক কৰি মহাৰঙ্গে ।
বৃত্তি অনুৰূপে লোক চলি গৈলা সঙ্গে ॥২৮
অনন্তৰে দিব্য নাৰী যুবতী বিশেষ ।
অলঙ্কাৰ ভূষণে ভূষিত কৰি দেহ ॥
লৈয়া ফল ডালি ঘট কৰি সুমঙ্গল।
কৃষ্ণক বড়াইবে আগ চলিলা সকল ॥২৯
ৰাজপথ গোট লিপি সুগন্ধ চন্দনে ।
পদূলিত ফুল আনি কলে ৰঙ্গ মনে ৷৷
দুৰ্ব্বাক্ষত সিঞ্চি পূর্ণ ঘটক স্থাপিলা ।
ওপৰত আমডালি পুষ্প শাৰী দিল৷ ॥৩০
এহিমতে আনো নানা কৰি সুমঙ্গল ।
আগ বাঢ়িবাক প্রজা চলিলা সকল॥
পৰম উৎসৱ কৰি হৰি গুণ গাই।
কৃষ্ণৰ কটক সৱ ভৈল এক ঠাই॥৩১
অনন্তৰে প্ৰজাগণ হুয়া এক থান।
উৎসৱে কৰিবে লৈলা কৃষ্ণৰ কীৰ্ত্তন॥
বাৰে ঢাক ঢোল ভেৰী সুদক্ত অপাৰ।
তাল কৰতাল শঙ্খ বিনায়ে নিষাৰ॥৩২
খোল কদ্ৰে বীণা কাস বাৱে স্বৰ তুলি।
উৎসৱ কৰিয়া বাৱে জয়কৃষ্ণ বুলি॥
জুম! জুমি কৰি গাৱে কুষ্ণৰ কীৰ্ত্তন।
উৰুলি জোকাৰ ৰঙ্গে দেয় ঘনে ঘন॥৩৩
ভকতিৰ প্ৰেমভাৱে কেহো নৃত্য কৰে।
চাপৰি চাপৰি কতো জুপি জুপি ফুৰে॥
লৱড়া লৱড়ি কৰি হোৱে আগ পাছ।
উৎসুকে কীৰ্ত্তন কৰে ধৰি নানা কাছ॥৩৪
কেহো ধূপ দীপক জ্বালিয়া হাতে লয়।
ডেও পাৰি পাৰি ৰঙ্গে কীৰ্ত্তন কৰয়॥
সিঞ্চে কেহো ফাণ্ড গুণ্ডা দুৰ্ব্বাক্ষত মাথে।
কীৰ্ত্তন কৰিয়া নাচে ওপৰক হাতে॥৩৫
এহিমতে প্ৰজাগণ হুয়া ৰঙ্গ মন।
উৎসৱ কৰিয়া কৰে কৃষ্ণৰ কীৰ্ত্তন॥
যতী ব্ৰতী যোগী ভিক্ষু আনে৷ যত প্রাণী।
কৃষ্ণ গুণ বিনে কাৰো নাহি আন বাণী॥৩৬
পৰম উৎসৱে কৰে কৃষ্ণৰ কীৰ্ত্তন।
কীৰ্ত্তনৰ ধ্বনি পাইল ইন্দ্ৰৰ ভুবন ॥
কি কহিবো যাদৱৰ যাত্ৰাৰ উৎসৱ ।
নাহি নুপজিব হেন যাত্রা মহোৎসৱ ॥৩৭
অনন্তৰে পৰিচায়ে কৃষ্ণত জনাইলা ।
আগ বাঢ়িবাক ঘুনুচাৰ পাণ্ড৷ আইলা ॥
শুনি অতি মনৰঙ্গ ভৈলা দেৱ হৰি ।
চলিল শকট খান ঠক ঠক কৰি ॥৩৮
চলি যান্ত জগন্নাথ হৰষিত মন ।
উৎসৱে চলন্ত প্রজ্ঞা কৰিয়া কীৰ্ত্তন ॥
এহি মতে ৰঙ্গে ঢঙ্গে প্ৰভু নাৰায়ণ ।
ঘুনুচাৰ দৌল গৈয়া পাইলা তাৱক্ষণ ॥৩৯
যত প্ৰজা গৈয়া আছে কৃষ্ণৰ লগত ।
সবাক নিয়মি প্রভু থৈলা নগৰত ৷
পৰিচাসৱক ৰঙ্গে লৈয়া অনন্তৰে ।
পশিলন্ত জগন্নাথ দৌলৰ ভিতৰে ॥৪০
পাছে ঘুনুচাৰ পাণ্ডা পৰিচাসকলে ।
কৃষ্ণক কৰিল৷ পূজা অতি কৌতূহলে ॥
ধূপ দীপ নৈবেদ্য সম্ভাৰ বহুতৰ ।
ভোজনৰ বস্তু দিলা নানা ৰুচিকৰ ৪১
অনন্তৰে কৃষ্ণক পঁচিশ ভোগ দিলা ।
দধি মধু পিঠা পৰমান্ন বিভঞ্জিলা |
ভোজনৰ অন্তে শয্যা দিলন্ত বিছাই ।
আনন্দে থাকিল প্রভু ঘুমুচাৰ ঠাই ॥৪২
পৰিচাৰ পাণ্ডা মানে গৈল ঘৰে ঘৰে ।
থাকিলন্ত জগন্নাথ দৌলৰ ভিতৰে ॥
ঘুনুচাৰ সঙ্গে ৰঙ্গে প্ৰভু দেৱহৰি ।
থাকিল অনঙ্গ ৰসে কৌতুকে মুৰাৰি ॥৪৩
এহি মতে মহা ৰঙ্গে প্ৰভু দেৱহৰি ।
সাত দিন বঞ্চিলন্ত ঘুনুচাৰ বাড়ী ৷৷
শুনিয়োক সাৱধান হয়। সৰ্ব্বজন।
মহা মহোৎসৱ কৃষ্ণ যাত্ৰাৰ কীৰ্ত্তন ॥৪8
জগন্নাথ পুৰাণৰ ইটো কথা সাৰ ।
পদবন্ধে নিবন্ধিলো কৰিয়া প্ৰচাৰ ৷৷
কৃষ্ণসে পৰম বন্ধু জানিবা সতত ।
কৃষ্ণৰ চৰণ পদ্ম চিস্তিয়ো মনত ॥৪৫
তেবেসে তৰিবা সুখে সংসাৰ সাগৰে ।
কলি যুগে নাহি গতি কীৰ্ত্তনত পৰে ৷৷
শ্ৰীধৰকন্দলি কহে এহি মূল কাম ।
পাতক ছাড়োক ডাকি বোল৷ ৰাম ৰাম ॥ ৪৬
ঘোষা।
জয় হৰি জগন্নাথ চৰণত শৰণ তোমাৰ।
যেন হওঁ সংসাৰত পাৰ ॥৩॥
ছবি।
এহি মতে ৰঙ্গে ঢঙ্গে ঘুনুচা নাৰীৰ সঙ্গে
আনন্দে আছন্ত যদুৰায় ।
ছয় দিন বহি গৈল ৰজনী প্রসন্ন ভৈল
নাসিলন্ত যাদৱ দুনাই ৷
হেন দেখি লক্ষ্মী মাৱ মনে কৰি ক্ৰোদ্ধ ভাৱ
আদেশিলা পৰিচাসৱক।
সাজিয়ো শকট খান কালি পুহা বিদ্যমান
যাইবো মই কৃষ্ণৰ পাশক ॥৪৭
যাইবো যাদৱৰ পাশে আউৰ ঐক আসে নাসে
আষাৰেক মই পুছি চাওঁ ।
ঘুনুচা মাৱৰ ঘৰে ৰৌক পাছে দামোদৰ
লোকত মই বৈকৃতি এড়াওঁ ৷৷
এহিমতে লক্ষ্মী মাৱে মনত বৈৰাগ্য ভাৱে
পৰিচাসৱক আদেশিলা ।
শুনিয়া পৰিচাগণে পৰম আনন্দমনে
সদ্যে গৈয়া শকট যুড়িলা ॥ ৪৮
লড়া লৱড়ি কৰি সাতে পাঞ্চে হাতে ধৰি
সাজিলন্ত শকট ত্বৰিত।
ভোজনৰ বস্তু মানে থৈলা সব খানে থানে
দধি মধু গুড় পঞ্চামৃত ৷
ৰজনী প্ৰসন্ন ভৈল সঞ্জোক কোবাইৰে লৈল
পূবে ভৈল অৰুণ উদয় ।
পৰিচাসকলে জানি শকট যোগাইল আনি
কাছ পাৰ কৰি অতিশয় ॥৪৯
হেন দেখি লক্ষ্মী সতী কাছ পাৰ কৰি আতি
শকটত চড়ি তাৱক্ষণ ৷
এতিক্ষণে ৰাজবাট শকট চলোক যান্ত
পৰিচাক বুলিলা বচন |
আছে মোৰ যত কাম ঐত নাথাকোক লোক
চলি যান্ত সঙ্গতে আমাৰ।
ঘুনুচা নগৰ আজি সমদলে যাইবো সাজি
নগৰক কৰিবো উজাৰ ॥৫০
শুনিয়া পৰিচাগণে পৰম আনন্দ মনে
শকট চলালে সেহি ছেগে ।
চলিলন্ত লক্ষ্মী আই কিঞ্চিতেকো শঙ্কা নাই
চলিল শকট বায়ুবেগে
ৰঙ্গ কৰি ঠাৱে ঠাৱে ঢাক ঢোল ভেৰী বাৱে
কাহালী মোহৰী কৰতাল।
চলি যায় সৰ্ব্ব নৰে লৱড়া লৱড়ি কৰে
ৰঙ্গে কতো নচুৱান্ত গাল ॥৫১
হেৰা পাইলো পাইলো বুলি কৰি যায় হুলা হুলি
সৰ্ব্বলোক পৰম আটোপে।
অনন্তৰে লক্ষ্মী আই পৰিচাসৱক চাই
মাতিলন্ত দুনাই মাধৱে ৷
দেখা দেখা সৰ্ব্বজনে বিচাৰ কৰিয়া মনে
কিনো দোষ দিবাহা আমাক।
এক গোটা তিৰী পাই ভোল ভৈল যদুৰায়
এড়িলেক ঘৰ আপোনাৰ॥৫২
ষোড়শ বৎসৰ মানে ভাৰ্য্যা নাপাই একোথানে
ফুৰিল বৰলা ভাত খাই ।
উপায় কৰিবো পাছে আসি যাদৱাৰ কাছে
মই পুনঃ ধৰিলো চপাই
মই নভৈলে ভিক্ষা নাই তথাপিতো বহুবাৰ
মোক মনে নাপাইলেক গুণি।
টেটোন যুৱাৰ নয় মোক আৰ নোসোধয়
পাই ভাৰ্য্য৷ নাগৰী টেটোনী॥৫৩
টেটোনীৰ বিলক্ষণে মোক ভঙ্গাইবেক মনে
যাদৱাক পিয়ালে ঔষধী।
আপোনাৰ দৌল ছাড়ি গৈল মোক পৰিহৰি
মায়াকৰ শুনিলেক বাণী॥
যুবাকাল বহি গৈল বলবীৰ্য্য টুটি গৈল
তথাপিতো তিৰীকেসে মন ||
বুজাৱে যাদৱে হাক নুশুনয় যোৰ বাক
কিনে৷ ভৈল লুভীয়া টেটোন॥৫৪
বেঢ়ি হাসে সামৰাজ তথাপি নাহিকে লাজ
কখনো শুনিবো খৰিয়াল।
যদি সবে দেখা ভাল আসে নাসে ততকাল
সৱে আজি গুচাওঁ জঞ্জাল॥
কিন্তু লোকে হাসিবেক নুসুধিলে বুলি মোক
দম্ভ কৰিলেক তিৰী হুই।
এতেকেসে চলি যাওঁ আসে নাসে পুছি চাওঁ
সতিনীৰ মাথে দেওঁ জুই॥৫৫
আজি গৈয়া লাগ পাইবো ঘুনুচাৰ মাথা খাইবে।
কৰিবো উচিত যাদৱৰ ।
এহি বুলি যান্ত চলি দণ্ড ছয় ভৈল বেলি
নগৰৰ পাইল গৈয়া দ্বাৰ ৷
শুনিয়োক সৰ্ব্বলোক মুখে মোক্ষ সাধিয়োক
এড়ি দোষ কৰিয়োক কাম।
দুৰ্ঘোৰ সংসাৰ হেলি বৈকুণ্ঠক যাইবা চলি
নিৰস্তৰে বোলা ৰাম ৰাম ॥৫৬
ঘোষা।
যদুৰায় যদুৰায়
কেনে আইলা দৌলৰ বজাই, যদুৰায়
পদ।
যাদৱত আতি কোপ অশেষ ।
ভৈলন্ত দ্বাৰত লক্ষ্মী প্রবেশ ৷৷
পৰিচায়ে দিলে বেতৰ বাড়ি।
পলায় দুৱৰী দুৱাৰ ছাড়ি ॥৫৭
শকট ৰাখি লক্ষ্মী তৈত ৰৈলা ।
কটক মানে নগৰক গৈলা
লগৰীয়া সৱে কৰি উসমিস।
ভাগিবে লৈলা সৱে দশোদিশ॥৫৮
লৱড়া লড়ি কৰি পলাই।
লক্ষ্মীৰ কটকে খেদিয়া যায়॥
কতো দূৰ গৈলে খেদিয়া ধৰে।
লক্ষ্মীৰ কটকে বেঢ়িয়া মাৰে॥৫৯
ভুকু লাথি কিল মাৰে চৱৰ।
হাতক এড়াই মাৰে লৱৰ॥
পসাৰ পাতিয়া আছে পসাৰী।
সাতে পাঞ্চে গৈয়া বেড়িয়া ধৰি॥৬০
বেত বাড়ি মাৰি তাক খেদাই।
সমস্ত বস্তু লুড়ি পুড়ি খাই॥
দুৱাৰ মাৰিয়া গৃহ সোমাই।
সোমাইবে নপাৰি বাৰ কোৱাই॥৬১
ছৱালীক ধৰি আম্ফালে তুলি।
কান্দিবে লাগিলা আই বাপ বুলি॥
কোবায়া ভাঙ্গিল দধিৰ ভাণ্ড।
ঘুনুচা নগৰী কৰি লণ্ডভণ্ড॥৬২
ভাল ভাল বস্তু লৱে গুৱালে।
আঞ্চল ধৰি কাৰ বস্ত্ৰ ফালে॥
লৱড়া লৱড়ি কৰি পলাই ।
নগৰ ছাড়িয়া দূৰক যাই ॥৬৩
পাইলে পাইলে বুলি উলটি চাই।
আঁৰ হুয়া কতো ভুমুকিয়াই ॥
প্ৰজাৰ বিপত্তি কি কৈবো আৰ ।
সমস্ত নগৰ ভৈল উজাৰ॥৬৪
পলাইবাক প্রজা নপাৱে ঠাই।
উপায় আবে চিন্তা যদুৰায়॥
হেন গুনি পাছে ঘুনুচা নাৰী ।
কৃষ্ণক মাতে ধীৰ ধীৰ কৰি ॥৬৫
নমো জগন্নাথ জগত পতি ।
ভকত জনৰ তুমিসে গতি ॥
শুনিয়ো কমললোচন হৰি ।
তাহান ভয়ে মই আছো ডৰি ॥৬৬
জানো লক্ষ্মী আসি দৌল সোমায়।
ডৰে যেন মোৰ ধাতু উড়াই ॥
লক্ষ্মীয়ে পাইলে কি ৰাখিবে মোক ।
মাৰিবে ধৰি হসুৱাইবে লোক ॥৬৭
সমস্ত নগৰ কৰিবে ছন্ন।
পলাই সৱে নৰ নাৰীগণ॥
প্রবোধি লক্ষ্মীক দিয়ো পঠাই ।
ঐক লাগি যেন নাসে দুনাই ॥৬৮
শুনিয়া কৃষ্ণে চপৰাইলা মাথ ৷
মাতিবে লৈলা প্ৰভু জগন্নাথ ॥
মাধৱে বোলে পৰিচাক বড় ।
লক্ষ্মীৰ পাশক দিয়া লৱড় ॥৬৯
আমাৰ বচনে যাওক বজাই ।
কিসক আসন্ত কোপে মধাই ॥
সমস্ত বস্তু লৈয়া আইলো ঘৰে ।
আসিয়া আছো মই একেশ্বৰে ॥৭০
কিয় লুড়ি ছিন্ন কৰে নগৰ ৷
কালি প্রাতে মই যাইবো ঘৰ ৷৷
মোক চাহন্তক কোপক এৰি।
দৌলক লাগি লক্ষ্মী যাওক বাহুৰি ॥৭১
শুনিয়া পৰিচা গৈল বজাই ৷
লক্ষ্মীৰ আগত মাতে বিনাই ॥
শুনিয়ো নৰ জগন্নাথ লীলা।
ৰামকৃষ্ণ বুলি বৈকুণ্ঠে চলা ॥৭২
ঘোষ৷।
জয় নিৰঞ্জন পশিলো শৰণ
ৰঙ্গা পাৱে দিয়া ঠাই ৷
আৰু যেন মোৰ সংসাৰ সাগৰে
নহব জন্ম দুনাই ॥৫॥
পদ।
পৰিচায়ে শুনি পাছে কুষ্ণৰ বচন ৷
লক্ষ্মীক ভেটিবে গৈলা পৰিচা তেখন ॥
দধি দুগ্ধ পঞ্চামৃত বিবিধ অপাৰ ৷
নবনী মোদক সুত লৈলা ভাৰে ভাৰ ॥৭৩
আথেবেথে পৰিচা ত্বৰিতে গৈলা ধাই।
লক্ষ্মীক প্ৰণাম কৰি মাতন্ত বিনাই ॥
অৱনত ভাৰ হুয়া কৃতাঞ্জলি হুই ৷
লক্ষ্মীক কৰিলা স্তুতি অৱনত হুই ॥৭৪
নমো লক্ষ্মী মাৱ তুমি হুয়োক সদয়।
তুমি জগতৰ আদি প্রকৃতি নিশ্চয় ॥
তোমাৰেসে সত্বৰজ্জস্তম তিনি গুণ ৷
তুমি জগতৰে সৃষ্টিস্থিতিৰ কাৰণ ॥৭৫
তোমাতেসে সমস্ত জগত হোৱে লয়।
তোমাৰেসে মুর্ত্তি যত প্ৰকৃতি নিশ্চয় ॥
তুমিসে ঈশ্বৰী আসি আছা অৱতৰি।
বিষ্ণুক আশ্ৰয়ি আছা মহা ৰঙ্গ কৰি॥৭৬
তোমাক সৰ্ব্বদা বাঞ্ছা কৰে ব্ৰহ্মা হৰ।
তোমাৰেসে প্ৰসাদত জীৱ চৰাচৰ॥
নমো লক্ষ্মী মাৰ তুমি হুয়ো শান্ত মন।
কোপ পৰিহৰি শুনা কৃষ্ণৰ বচন॥৭৭
তোমাক লাগিয়া প্ৰভু মাতিয়া পঠাইল।
কি কাৰণে পদ্মা মোক কোপ কৰি আইল॥
সকল বস্তুক মই থৈয়া আইলো ঘৰে।
ঘুনুচাৰ বাড়ী লাগি আইলো একেশ্বৰে॥৭৮
ধনে জনে দৌল দিয়া আসিলো লক্ষ্মীক।
কিকাৰণে লক্ষ্মীদেৱী খেদি আসে মোক॥
ঘুনুচাক বিহা কৰি আছোহো নিশ্চয়।
ঐক কি নাসিলে ভাল লক্ষ্মীয়ে জানয়॥৭৯
অকাৰণে এতমান কৰি আসে ক্ৰোধ।
ছন্ন কৰে নগৰ প্ৰজাত কিয় ক্ৰোধ॥
মোৰ বাক্যে এতিক্ষণে ক্ৰোধ পৰিহৰি।
নগৰক লাগি লক্ষ্মী যাওক বাহুৰি॥৮০
কালি প্ৰভাততে মই যাইবে৷ সাৰে সাৰ।
যাওক উলটি লক্ষ্মী বাক্য ৰাখি মোৰ॥
তোমাক লাগিয়া বস্তু পঠাই দিলা হৰি।
হেন জানি লক্ষ্মী দেৱী কোপ ক্ষমা কৰি॥৮১
পালটিয়া যাওক গৃহে হুয়া ৰঙ্গ মন।
শুনি দেৱী পৰিচাক বুলিলা বচন॥
বস্তুৰ দুঃখিনী মোক যাদৱে জানিল।
এতেকেসে মোক লাগি দধি মধু দিল॥৮২
যাদৱৰ বস্তুত মোহোৰ দয়া নাই।
যাদৱাৰ বাক্যে মোৰ গাৱ নুঘুড়াই॥
গুচি আইল মোক সুদা গৃহতে পেলাই।
আৰু যাদৱাত মোৰ কিবা আছে লাই॥৮২
যাইবাক নালাগে মোৰ গৃহক দুনাই।
থাকন্তোক যাদৱ উত্তম ভাৰ্য্যা লই॥
মাৱকৰ ঘৰত থাকোক দামোদৰ।
চলি যাওঁ আসা সৱে আপোনাৰ ঘৰ॥৮৪
সেনাগণ মাতি লৈলা মনে কোপ কৰি।
তেতিক্ষণে লড়িল দবাত দিয়া বাড়ি॥
লক্ষ্মীৰ কটকে পাছে শুনি থাকে বেড়ি।
লগ ধৰিলেক পাছে আথবেথ কৰি॥ ৮৫
চলি গৈল লক্ষ্মী মাৱ দ্বাৰ পৰিহৰি।
নৃত্য গীত মহোৎসৱ বাদ্যভাণ্ড কৰি॥
নগৰীয়া সবে দেখি যেন ধাতু আইল।
দশো দিশ হন্তে আসি নগৰ সোমাইল॥৮৬
কেহো বোলে এড়াইলোতো লৱড়ৰ বেগে।
কেহো বোলে সাৰিলোহো আমি মহা ছেগে॥
কতো বোলে মোৰ যাত্ৰ ভাঙ্গিলেক ঘৰ।
নিলেক সৰ্ব্বস্ব বুলি কান্দে কতো নৰ ||৮৭
কেহো বোলে লুড়িলেক মোৰ ঐত পাই।
কেহো বোলে মাৰিলে মোক ঐত পাই॥
কেহো বোলে মোক নাপাই মাৰিলে ছৱাল।
কেহো বোলে আজি মই এড়াইলোহো ভাল॥৮৮
কেহো বোলে মোৰ বস্তু নিলে এহি ঠাই।
চোৱা চোৱা বুলি কতো পিঠিক দেখাই॥
এহি বুলি নগৰীয়া ৰৈল সেহি ঠাই।
দৌলক বাহুৰি চলি গৈল লক্ষ্মী আই॥৮১
পৰম উৎসৱ কৰি অনেক সুন্দৰী।
দৌল লাগি আগবাঢ়ি নিলেক আৱৰি॥
দৌলত পশিয়া লক্ষ্মী আনন্দ মিলাইল।
যাদৱাক লাগিয়৷ পঁচিশ ভোগ দিল॥৯০
অনন্তৰে লক্ষ্মী গৈয়া ভোজন কৰিলা।
পদ্ম চিনি পিঠা পৰমান্ন বিভঞ্জিলা॥
পৰম উৎসৱে থাকিলন্ত সেহি ঠাৱ।
এহিমানে থৈলো কথা লক্ষীৰ প্ৰভাৱ॥ ৯১
শুনা জগন্নাথ পাছে যি কৰ্ম্ম কৰিল।
সপ্তম দিবস তৈতে কৌতুকে বঞ্চিল॥
অষ্টম দিবস ভৈল প্ৰভাত সময়।
দৌল লাগি চলি গৈল প্ৰভু কৃপাময়॥৯২
শুনিয়োক নৰ নাৰী হুয়া এক মন।
জগন্নাথ পুৰাণৰ কথা বিতোপন॥
নাৰদৰ আগে যেবে ব্ৰহ্মায়ে কহন্ত।
জগন্নাথ যাত্ৰা ঘুনুচাৰ গৃহাগত॥৯৩
মাধৱৰ পাদপদ্মা চিন্তিয়া মনত।
মতি অনুসাৰে নিবন্ধিলো পদ যত॥
নিবন্ধিলো পদ শ্লোক অৰ্থ অবগাই।
নকৰিবা নিন্দা মোক শাস্ত্ৰক নাচাই॥৯৪
আনো, শাস্ত্ৰ মত আনি মিশ্ৰ কৰি মাজে।
পদ্যাৰ্থে ৰচিলে৷ যেবে বুজে সামৰাজে॥
শ্ৰীধৰ কন্দলি পদ কৰিল প্ৰচাৰ।
ৰাম কৃষ্ণ বুলি তৰা দুৰ্ঘোৰ সংসাৰ॥৯৫
ঘোষা।
যাদৱ মাধৱ দেৱ দামোদৰ
তযু পাৱে লৈলো বাস ৷
পুনঃ নকৰা নৈৰাশ দিন কতিপয়
থাকি প্ৰভু চলি যাস।৬॥
দুলড়ী।
শুনা সৰ্ব্বজন আত অনন্তৰ
যেন ঠান কথা ভৈলা।
কৃষ্ণৰ আদেশে লক্ষ্মী তাৱক্ষণে
দৌল লাগি চলি গৈলা ৷
নগৰীয়াগণে হুয়া ৰঙ্গমনে
থাকিয়া আপোন ঠাই ।
জগন্নাথে ৰঙ্গে ঘুনুচাৰ সঙ্গে
থাকিলা আনন্দ হুই । ৯৬
ঘুনুচাৰ আগে প্রভু জগন্নাথে
বুলিলা ৰঙ্গে বচন ।
তুমি থাকা ঐত কালি প্রভাতত
মই যাইবো নিজ থান ॥
ঘুনুচায়ে শুনি হেঠ মাথে গুণি
অসন্তোষে নম্রভাৱে।
গদগদ বাক্যে বুলিবে লাগিলা
মাধৱৰ ধৰি পাৰে ॥৯৭
নমো জগন্নাথ নকৰা অনাথ
মই যে বড় দুখিনী।
দিন কতিপয় থাকা কৃপাময়
কৃপা কৰা যদুমণি॥
নাহি মোৰ আই নাহি মোৰ ভাই
সব গৈল পৰলোক।
ইসব সমস্তে তোমাৰ পাৱত
অৰ্পিয়া গৈলেক মোক॥ ৯৮
তোমাৰ চৰণে এক চিত্ত মনে
পশিলো মই শৰণ।
তুমি ত্যজি যদি যাহা এতিক্ষণে
কাহাত জুড়াইবো মন॥
হেৰা আসো বুলি বৎসৰেক অন্তে
আসিলা মোৰ নগৰী।
টাটকীয়া যেন টাটক দেখায়া
কেনে যাহা পৰিহৰি॥৯৯
নিষ্ফল জীৱন যিটো নাৰীগণ
স্বামীৰ নাহি মিলন।
সমস্তে কহয় ৰমণীৰ গতি
স্বামীৰ পদ অৰ্চ্চন॥
নেড়িবো ইবাৰ চৰণ তোমাৰ
থাকা প্ৰভু এহি স্থান।
যদি মোক ত্যজি যাহা প্ৰভু তুমি
ত্যজিবো এতেকে প্ৰাণ॥১০০
এড়ি গৈলে মোক হাসিবেক লোক
ঘুনুচাক দুষ্টা জানি।
গৃহক আসিয়া গৈলাহা ত্যজিয়া
সি কাৰণে চক্ৰপাণি॥
হেন বাণী বুলি ঘুনুচা সুন্দৰী
কৃষ্ণৰ পড়িয়া পাৱে।
হুমাহুমি কৰি কান্দিবে লাগিলা
মনে অসন্তোষ ভাৱে॥১০১
নয়নৰ জলে তিয়াইল সকল
প্ৰভুৰ দুই চৰণ।
দেখি দেৱ হৰি ঘুনুচাক ধৰি
বুলিলা মৃদু বচন॥
মাধৱে বোলন্ত ঘুনুচা সুন্দৰী
এড়া অসন্তোষ ভাৱ।
তুমি মোৰ জায়া অতি মোৰ দয়া
আসি আছো তযু ঠাৱ॥ ১০২
লক্ষ্মী যেন মোৰ তুমিয়ো তেনয়
কিছু ভিন্নাভিন্ন।
লক্ষ্মীৰ পাশত থাকো যেন মত
ঐত থাকো কতো দিন॥
লক্ষ্মীৰ যতেক ধন জন গৃহ
সৰ্ব্বস্ব দৌল ভাণ্ডাৰ।
আনো বস্তু যেন এহি নগৰত
সমস্ত আছে তোমাৰ॥১০৩
সবাতো কৰিয়া তোমাকেসে স্নেহ
লক্ষ্মীতো কৰি অধিক।
হেন জানি সতী হুয়ো শান্তমতি
অসন্তোষ কৰা কিক॥
সাত দিন ভৈল দৌল ছাড়ি আইলো
আমাৰ মনে আকুলে।
উড় বুড় কৰি যাইবে লাগে মোৰ
ইহাতে অকাৰ্য্য মিলে॥ ১০৪
হুয়ো শান্ত মন থাকা এহি স্থান
আসিবো মই দুনাই।
কিন্তু এতিক্ষণে দৌল লাগি যাওঁ
সিটো মোৰ নিজ ঠাই॥
আনো নানা মত বুলিয়া বচন
ঘুনুচাক শান্ত কৰি ।
প্রভাত সময় জানি কৃপাময়
গাৱ চালিলন্ত হৰি ॥ ১০৫
দেখি দশোদিশে পৰম হৰিষে
নিশানতে দিলে বাড়ি ।
শঙ্কটত চড়ি প্ৰভু গৈল লড়ি
ঘুনুচাৰ পাশ ছাড়ি॥
বলো সুভদ্ৰায়ে সহিতে যাদৱ
চলি যাও নিজ ঘৰে ।
পৰম আনন্দে গোৱালে শকট
টানিবাক লৈল৷ কৰে ॥ ১০৬
কৃষ্ণৰ সঙ্গত আছে প্রাণী যত
উৎসৱে কীৰ্ত্তন কৰে ।
চলি গৈল প্ৰভু শকটত চড়ি
আপোনাৰ নিজ ঘৰে ॥
বাদ্যভাণ্ড কৰি চলি গৈল হৰি
ক্ষণ মাত্ৰে যদুৰাই ।
দণ্ড চাৰি বেলা ভৈল মাত্ৰে গৈয়া
নগৰ পাইল দুনাই ॥১০৭
প্ৰভু আসিবাৰ দেখিয়া আনন্দ
ভৈল সবে নৰনাৰী ।
পদূলি পদূলি তোৰণ পুতিল
থৈল ডালি চাউল ভৰি ৷৷
উৰুলি জোকাৰ সিঞ্চে দুৰ্ব্বাক্ষত
ঘটৰ ওপৰে ফল ।
সকল প্রজায়ে হৰি হৰি ডাকে
কৰি জয় সুমঙ্গল ॥ ১০৮
এহিমতে পাছে প্রভু জগন্নাথে
উৎসৱ কৰিয়া যায় ।
দৌলৰ দ্বাৰত শকট সহিতে
গৈল প্ৰভু যদুৰায়॥
দৌল দ্বাৰ পাই শকটৰ ঠাই
ৰৈলা তৈতে যদুপতি ।
নৰ নাৰী যত পৰিচা সমস্ত
ৰহিলা বেঢ়ি চৌভিতি ॥১০৯
দেখিয়া দুৱাৰী লড়ি তাৱক্ষণে
লক্ষ্মীত জনাইলা যায় ।
শুনা সৰ্ব্বজন কেদিন জীৱন
কেতিক্ষণে প্রাণ যায়॥
নজানি অতিথি মিলিল দুর্গতি
কৃষ্ণ বিনে বন্ধু নাই ।
এড়া আন কাম ডাকি ৰাম ৰাম
চলিয়ো বৈকুণ্ঠ ঠাই ॥১১০
ঘোষা।
নমো দয়াশীল জগত আধাৰ
দৈৱকী নন্দন দেব ৷
তোমাৰ চৰণে পশিলো শৰণে
কৃপা কৰা প্ৰভু দেৱ ॥৭॥
পদ।
অনন্তৰে দ্বাৰী পাছে দ্বাৰ পৰিহৰি ।
অভ্যন্তৰে চলি গৈল অতি শীঘ্ৰ কৰি ৷৷
লক্ষ্মীৰ আগত কথা কহে হেঠ মাথে।
দুৱাৰত ৰহিয়৷ আছম্ভ জগন্নাথে ॥১১১
যেন লাগে আজ্ঞা মোক দিয়ো লক্ষ্মী আই ।
শুনি দেবী মাতিলন্ত পৰিচাক চাই॥
লক্ষ্মীয়ে বোলন্ত শুনা শুনা মোৰ বাক ।
দ্বাৰ ছাড়ি আসিবাক নেদা যাদৱাক ॥১১২
যাদৱায়ে আসিবে নলাগে মোৰ ঠাই।
ঘুনুচাৰ বাড়ী লাগি চলোক দুনাই॥
হেন শুনি পৰিচা ত্বৰিতে গৈলা চলি।
দ্বাৰত ৰহিল গৈয়া বান্ধিলা শিকলি॥ ১১৩
তাৰ পাছে প্ৰভু পৰিচাক আদেশিলা।
দ্বাৰ ছাড়ি দেহ বুলি দ্বাৰীক মাতিলা॥
শুনি দ্বাৰী বোলে লক্ষ্মী দিয়া আছে হাক।
দ্বাৰ মেলি দিবাক নোৱাৰো যাদৱাক॥ ১১৪
তাৱক্ষণে ঠাকুৰত জনাওক যাই।
দ্বাৰী দ্বাৰ নেদে বাধিলেক লক্ষ্মী আই॥
হেন শুনি কৃষ্ণে পাছে কৰি হেট মাথ
পৰিচাক অশেষ বুলিলা জগন্নাথ॥১১৫
কহ গৈয়৷ লক্ষ্মী কিয় এত ক্ৰোধ কৰে।
দ্বাৰ মূলে ৰহি আছে৷ মই নিৰন্তৰে॥
দ্বাৰ মেলি দিয়োক যাওঁ দৌলৰ ভিতৰে।
ক্ষুধায়ে তৃষ্ণায়ে দুঃখে মোক আতি পীড়ে॥ ১১৬
তাৱক্ষণে পৰিচা দৌলক গৈলা চলি।
লক্ষ্মীৰ আগত কহে কৰি কৃতাঞ্জলি॥
নমো নমো লক্ষ্মী মাৱ হুয়োক প্ৰসন্ন।
তোমাক লাগিয়া কৃষ্ণে বুলিলা বচন॥১১৭
আঠ দিলা ভৈল মই এড়ি গৈলো সঙ্গ।
তাতে লক্ষ্মী কিসক আমাক কৰে খঙ্গ॥
দ্বাৰ ছাড়ি দিয়ো লক্ষ্মী কোপ পৰিহৰি।
অভ্যন্তৰ লাগি চলি যাওঁ শীঘ্ৰ কৰি॥ ১ ১৮
হেন শুনি পৰিচাক মাতে লক্ষ্মী মাৱ।
যাদৱাৰ বাক্যে মোৰ নুজুড়াই গাৱ॥
কথাকো নকৈল মোক গৈল পৰিহৰি।
পৰৰ ভাৰ্য্যাক যেন পৰে যায় এড়ি॥১১৯
যাদৱাৰ কথা মোত কহিবে নলাগে।
অন্য যিবা কথা আছে কহ মোৰ আগে॥
মই বিনে যাদৱায়ে বঞ্চিবাক পাৰে।
যাদৱা নভৈলে দিন নযায় কি মোৰে॥১২
সুন্দৰী ৰমণী ভাৰ্য্যা পাইলন্ত যাদৱ।
আউৰ কি লাগিয়া আসিবন্ত মোৰ ঠাৱ॥
ঘুনুচাৰ সম মই নোহো ৰূপৱতী।
নিলে সৱ মন হৰি নাগৰী যুৱতী॥১২১
এতেকে আমাক ত্যজি গৈলন্ত আপোনে।
দ্বাৰকাতে কত দুঃখ দিয়া আছে মনে॥
শিশুকাল হন্তে যাদৱাৰ ধৰো আল।
তথাপিতো তান্ত মই নোবোলাইলো ভাল॥ ১২২
আৰু তান ভাল বোলাইবেক কোন নাৰী ।
ভাল বোলাই বাক পাৰে ঘুনুচা সুন্দৰী॥
নচাওঁ যাদৱাৰ মুখ নাসন্তোক হৰি ।
ঘুনুচাৰ বাড়ী লাগি যাওক বাহুড়ি ॥১২৩
হেন বাক্য বুলি লক্ষ্মী মৌন হুয়া ৰৈল ।
শুনিয়া পৰিচা তাৱক্ষণে চলি গৈল॥
কোপ মনে লক্ষ্মী বুলিলন্ত যত বাণী ।
ঠাকুৰৰ আগে সৱ কহিল কাহিনী ॥ ১২৪
অশেষ কৰিলো মই লক্ষ্মীক প্রবোধ ।
তথাপি লক্ষ্মীৰ মনে নপলান্ত ক্রোধ ॥
দ্বাৰ ছাড়ি তথাপি নেদন্ত লক্ষ্মী মাৱে ।
বোলে বাহুৰিয়া যাউক ঘুনুচাৰ ঠাৱে ॥১২
লক্ষ্মীৰ বচন শুনি পাছে জগন্নাথ ।
লজ্জা বৰ হুয়া পাছে চপৰাইলা মাথ॥
সৰ্ব্বজনে শুনিলে লক্ষ্মীৰ কোপ কাৰ্য্য।
নাহি মাত বোল সবে এড়িলেক বাদ্য ॥ ১২৬
ভৈলেক মধ্যাহ্ন কাল বেলা ষোল দণ্ড।
ভৈল ঘোৰ মহাৰৌদ্ৰ মিলিল প্রচণ্ড॥
ক্ষণে মেঘ দিয়া কৰে দেৱে ৰবিষণ ।
চাপিবাক থান নপাৱন্ত প্রজাগণ ॥১২৭
ক্ষুধায়ে তৃষ্ণায়ে পীড়া কৰে অতিশয়।
ৰৌদ্ৰ তাপে পোড়ে কতো বৃষ্টিত তিতয়॥
মহা দুঃখে কষ্টে কতো প্ৰাণী বোলে বাক।
আবেসে উচিত লক্ষ্মী কৰে যাদৱাক ১২৮
যাহাৰ প্ৰসাদে ত্ৰৈলোক্যৰ সুখ হৱে।
ব্ৰহ্মা মহেশ্বৰে যাক সৰ্ব্বদায়ে সেৱে |
কৰযোড় কৰি দেৱগণে আছে চাই।
আমাৰ পাশক লক্ষ্মী পুনঃ আছে চাই॥১২
তেবেতো ঐশ্বৰ্য্য মহা হৈবেক আমাৰ।
এহি বুলি দেৱগণে বাঞ্ছয় অপাৰ॥
লক্ষ্মী বিনে সংসাৰত নাহিকে জীৱন।
লক্ষ্মী নভৈলাত হোৱে ত্ৰৈলোক্য উছন॥ ১৩০
হেনয় ভাৰ্য্যাক পায়া পাছে যদুৰায়।
তথাপিতো তাঙ্ক এৰি চলে অন্য ঠাই।
গাৱ নসহন্ত লক্ষ্মী মাৱে কৰে দণ্ড।
লক্ষ্মীত যে দোষ নাহি যাদৱাসে মন্দ। ১৩১
হেন কথা অন্যো অন্যে সৰ্ব্বজনে কহে।
ক্ষুধায়ে তৃষ্ণাৰে দেহা কাহাৰো নৰহে॥
পুনৰপি পৰিচাক পঠাইলা মাধৱে।
তথাপিতো ক্ৰোধ ভাৱ নেড়ে লক্ষ্মী মাৱে॥ ১৩২
ধাৱাৰ উপৰি ধাৱা দিলন্ত পঠাই ।
নাসন্তোক যাদৱা বোলন্ত লক্ষ্মী আই ৷৷
এহিমতে যেবে তিনিপৰ বহি গৈল ।
শুনিয়োক তাত পাছে যেন কথা ভৈল ॥ ১৩৩
ঠাকুৰৰ পাশত সুভদ্ৰা বড়নাৰী ।
ক্ষুধায়ে তৃষ্ণায়ে দুঃখ সহিতে নপাৰি ৷
মাতি আনি প্রবোধ কৰিলা পৰিচাক ।
শীঘ্ৰ কৰি পঠাই দিলা লক্ষ্মীৰ পাশক ॥ ১৩৪
দ্বাৰ ছাড়ি দেওক লক্ষ্মী অভ্যন্তৰে যাওঁ ।
ক্ষুধায়ে তৃষ্ণায়ে মই বড় দুঃখ পাওঁ ॥
হেন শুনি পৰিচা ত্বৰিতে গৈল ধাই ।
লক্ষ্মীৰ আগত কথা কহন্ত বিনাই ॥ ১৩৫
সুভদ্ৰায়ে পঠাই মোক দিলন্ত নিশ্চয় ।
তোমাৰ ননন্দখানি দুঃখক পাৱয় ॥
ইবেলিসে চলি গৈলো যাদৱাৰ সঙ্গ ।
কিকাৰণে লক্ষ্মীৰ আমাক লাগি খঙ্গ ॥ ১৩৬
ৰৌদ্ৰত শুকাই কতো বৃষ্টিত তিতয় ।
ক্ষুধায়ে তৃষ্ণায়ে দেহা অধিকে দহয় ।
বোলা মোক লক্ষ্মী শীঘ্ৰ দ্বাৰ দিওক মেলি ।
আপোন থানক মই শীঘ্ৰে যাওঁ চলি ॥১৩৭
যেন লাগে প্রবোধ দিয়োক লক্ষ্মী আই ।
শুনি লক্ষ্মী মাতিলন্ত পৰিচাক চাই ৷
গালে হাত দিয়া লক্ষ্মী মাতিলন্ত পাছে।
সুভদ্ৰা ননন্দ তেহে৷ দ্বাৰে ৰহি আছে। ১৩৮
ননন্দখানি দুঃখ পাৱে সঙ্গে যাদৱাৰ ৷
ইকি কথা মোত কহি আছে একবাৰ
আপুনি সে গৈল লড়ি যাদৱাৰ সঙ্গে ।
ননন্দয়ে দুঃখ পাৱে যাদৱাত খঙ্গে ॥ ১৩৯
সুভদ্ৰা পাইলেক দুঃখ দোষ ভৈল মোৰ ।
দ্বাৰ ছাড়ি দিয়ো দ্বাৰী আসোক সত্বৰ ॥
শুনিয়া পৰিচা পাছে শীঘ্ৰে গৈলা চলি ।
দ্বাৰীত কহিলা গৈয়া দ্বাৰ দিয়ো মেলি ॥ ১৪০
সুভদ্ৰাত জনাইলেক দ্বাৰ দিলে এড়ি ।
শুনিয়া সুভদ্রা তাৱক্ষণে গৈলা লড়ি ॥
আপোনাৰ গৃহত পশিল বিদ্যমান।
সুভদ্ৰাৰ কথা আবে থওঁ এহিমান ॥১৪১
অনন্তৰে বলভদ্ৰ বুদ্ধিত সুজান ।
দেখন্ত গৈলন্ত সূৰ্য্য বেলা অৱসান
কেনে দুঃখ পাওঁ মই বলোৱে বোলয় ।
পঠাইলেক পৰিচাক লক্ষ্মীৰ আলয় ॥ ১৪২
কহ গৈয়া লক্ষ্মী মোক দ্বাৰ দেন্ত মেলি ।
শুনিয়া পৰিচা তাৱক্ষণে গৈলা চলি ॥
লক্ষ্মীৰ আগত কথা কহিলা নিঃশেষ ।
তোমাত লাগিয়া বলো মাতিলা অশেষ ॥ ১৪৩
মোক কেনে যাইবেক নেদন্ত লক্ষ্মী আই ।
মোৰ দোষ নাহি কয় যাদৱা বিনাই ॥
মাতি নিলে ঠাৰে ঠাৰে গৈলো তান সঙ্গ।
তাতে লক্ষ্মী মোক এত মান কৰে খঙ্গ ॥১৪৪
ক্ষুধায়ে তৃষ্ণায়ে তনু কাম্পে অতি মোৰ ।
যত দুঃখ পাইলো পৃথিবীত অগোচৰ ॥
দ্বাৰ ছাড়ি দেন্তো মই দৌল লাগি যাওঁ ।
ঘোৰ বাত বৃষ্টিত মই বৰ দুঃখ পাওঁ ॥১৪৫
পৰিচাৰ বাক্য হেন শুনি লক্ষ্মী মাৱে ।
গালে হাত দিয়া বসিলন্ত লজ্জা ভাৱে॥
কিনো মই নাৰী মন্দ বোলাইলো জগতে ।
যাদৱাৰ গুণে দুঃখ পাইল জেঠালতে ॥ ১৪৬
মই আজি লজ্জা পাইলো যাদৱাৰ গুণে ।
জেঠালেতো মোক ভাল নুবুলিবে মনে॥
যিহৌক সিহৌক পাছে দ্বাৰ দিয়ো মেলি ।
বলোত জনাইলা কথা কৰি কৃতাঞ্জলি ॥১৪৭
তোমাক যাইবাক দ্বাৰ দিলা লক্ষ্মী মাৱ।
শুনি বলভদ্ৰ ভৈল আনন্দিত ভাৱ॥
তাৱক্ষণে বলভদ্ৰ গৈল অভ্যন্তৰে।
থাকিলন্ত বলভদ্ৰ আপোনাৰ ঘৰে॥১৪৮
বলভদ্ৰে কথা আবে এহি মানে থওঁ।
শুনা আতপৰে কথা যেন ঠান কওঁ॥
অনন্তৰে মনে বিমৰিষি যদুৰায়।
পুনৰপি পৰিচাক দিলন্ত পঠাই॥১৪৯
শীঘ্ৰ বেগে পাণ্ডা গৈয়া হুয়৷ অৱনত।
কৰপুট কৰি কহে লক্ষীৰ আগত॥
লক্ষ্মীকেসে দিয়া গৈলো যত ধন বিত্ত।
তথাপিতো মোক কোপ কৰে বিপৰীত॥১৫০
দিন বেলা গৈল ভৈল সূৰ্য্য অৱসান।
ক্ষুধায়ে তৃষ্ণায়ে মোৰ যেন ফুটে প্ৰাণ॥
দ্বাৰ ছাড়ি দেওক লক্ষ্মী নকৰি আক্ৰোশ।
ইবাৰ জানিবা সবে মোৰ ভৈল দোষ ॥১৫১
আৰু গৃহ ছাড়ি মই নযাওঁ নযাওঁ।
শুনিয়ো পৰিচা এবে কথা এক কওঁ॥
এহিবাৰ কথা যদি সত্য নপাই মোৰ।
আক বাৰ গৈলে মোক নেদিবে দুৱাৰ॥১৫২
এহি মতে পৰিচাক দিলন্ত পঠাই।
দ্বাৰ ছাড়ি প্ৰভুক দিয়োক লক্ষ্মী আই॥
হেন শুনি লক্ষ্মী মাৱে বুলিলা বচন।
যাদৱায়ে মোক আবে দিয়া গৈল ধন॥ ১৫৩
মুখত মধুৰ তান কপট হৃদয়।
বচনেক কৈলে মুখে ধন নাহি হয়॥
চৈত্ৰ মাসে তান ভাই গোবিন্দ ঠাকুৰ।
পুষ্প চোৰ পৰি গৈল মালীয়াৰ ঘৰ॥১৫৪
তাঙ্ক দণ্ডি কৰি তিনি শত টঙ্কা লৈলা I
মোক নেদি সিটো টঙ্কা কাক লাগি নিলা॥
পৰিচায়ে বোলে আই তুমি মহাভাগী।
প্ৰভু বোলে তাক থৈছো লক্ষ্মীক যে লাগি॥১৫
লক্ষ্মী বোলে যদি মোক লাগি থৈয়া আছে।
দিয়োক পঠাই মই তাক পাওঁ পাছে॥
তাৱক্ষণে পৰিচায়ে কৃষ্ণক জনাইলা।
তোমাক লাগিয়া প্ৰভু কথা এক কৈলা॥ ১৫৬
গোবিন্দ প্ৰভুক চোৰ পায়৷ স্বৰূপত।
বন্দী কৰি লৈয়া আছে টঙ্কা তিনি শত॥
মোক লাগি দিয়ে যদি প্ৰভু সিটো ধন।
শুনি হাস্য কৰি প্ৰভু বুলিলা বচন॥১৫৭
লক্ষ্মীকেসে লাগি তাক থৈয়া আছো সাঞ্চি।
লক্ষ্মী বিনে আন মোৰ কোন প্ৰিয়া আছি
হাঁচতি মেলিয়া পাছে টঙ্কা তিনি শত॥
তাৱক্ষণে বাকি দিলা ৰূপৰ থালত॥১৫৮
লক্ষ্মীক দিয়োক বুলি আদেশ কৰিলা।
আথেবেথে পৰিচা লক্ষ্মীৰ হাতে দিলা॥
লক্ষ্মীৰ আগত থৈয়া মাতন্ত দুনাই।
ধন দিয়৷ মোক পঠাইলন্ত যদুৰায়॥১৫৯
ধন দেখি হাস্য কৰিলন্ত লক্ষ্মী মাৱে।
ইটো ধন মোক লাগি থৈয়াছে যাদৱে॥
ঠাকুৰৰ বাক্য সত্য পায়া একবাৰ।
দৌল লাগি আসন্তোক চাড়ি দিয়ো দ্বাৰ॥ ১৬০
শুনি ৰঙ্গে পৰিচা ত্বৰিতে গৈল চলি।
দ্বাৰীত জনাইল গৈয়া দ্বাৰ দিয়ো মেলি॥
ঠাকুৰত বাৰ্ত্ত৷ গৈয়া দুৱাৰী জনাই।
তোমাক যাইবাৰ আজ্ঞা দিলে লক্ষ্মী আই॥ ১৬১
হেন শুনি ঠাকুৰৰ আনন্দ মিলিল।
দশোদিশে শুনি প্ৰজা আনন্দ কৰিল॥
নানা বাদ্য ভাণ্ড কৰে প্ৰজাৰ৷ সকল।
দশোদিশ ছানি কৰে জয় সুমঙ্গল॥১৬২
উৰুলি জোকাৰ ৰঙ্গে দেয় ঘনে ঘন।
পৰিচা সকলে কৰে কৃষ্ণৰ কীর্তন ॥
সন্ধ্যা সময়ত কৰি অনেক উৎসৱ ৷
দৌলৰ ভিতৰ গৈয়া পাইলন্ত মাধৱ ॥১৬৩
আসিলন্ত প্রভূ লক্ষ্মী দেখি হাস্য কৰি।
খেদ ছাড়ি আগ বাঢ়ি প্রভুক সাদৰি ৷৷
নিজ থানে থৈল নিয়া অনেক আশ্বাসে ৷
মহাৰঙ্গে লক্ষ্মী দেৱী কৃষ্ণক উপাসে ॥১৬৪
বাৱন্ন পঞ্চাশ ভোগ দিলা ভাৱে ভাৱে ৷
পৰম কৌতুকে ভোগ দিলন্ত যাদৱে ৷৷
পৰিচাৰ পাণ্ড৷ মান গৈলা স্থানে স্থানে ।
দৌলত থাকিলা প্রভু অতি ৰঙ্গমনে ॥১৬৫
জগন্নাথ পুৰাণৰ ইটে! কথা সাৰ।
নিবন্ধিলো পদ অর্থ কৰিয়া বিচাৰ ৷৷
শুনা নৰ নাৰী লোক আন কাম হেলি ৷
ঘুনুচাৰ সঙ্গে যাদবাৰ যাত্রা কেলি ॥১৬৬
কৃষ্ণ বিনে গুৰু গতিদাতা নাহি আন।
এক চিত্ত মনে কৰা হৰি পদ ধ্যান ৷৷
হৰি ভক্তি বিনে আয়ু যায় আলে জালে ৷
উপায় নাপায় কেতিক্ষণে ধৰে কালে ॥১৬৭
কলি কালে অল্প আয়ু পাইলে সৱ নৰ।
ছকুড়ি শতেক ষষ্ঠি পঞ্চাশ বৎসৰ॥
আত পৰে কলিত অধিক আয়ু নাই।
পাতকৰ বলত ইহাৰো ক্ষয় যায়॥১৬৮
এহি ছয় ভাগ আয়ু কলিকালে দেখা।
টুটি চাৰি মানে মনে ধৈৰ্য্য ধৰি দেখা॥
যেতিক্ষণে মাতৃ গৰ্ভে শৰীৰক ধৰে।
আৰ টুটন্তেসে যায় মনত নধৰে॥১৬৯
এহি মতে আয়ু যায় সমস্ত লোকৰ।
শৰীৰ বাঢ়ন্তে যায় হৰিষ সবাৰ॥
মাৱৰ গৰ্ভত যেতিক্ষণে লৱে ঠাই।
সেহিক্ষণ হন্তে আয়ু টুটন্তেসে যায়॥১৭০
দিন পক্ষ মাস ভেদ যবে গণি চাৱে।
দশ মাস দশ দিনে গৰ্ভৰ বজাৱে॥
দিনে দিনে কায় বাঢ়ে দুৰ্ঘোৰ সংসাৰ।
এহি মতে আছে জানা মৰণৰ ডৰ॥১৭১
এড়ি আন বৃথা কথা হুয়ো শুদ্ধমতি।
সততে চিন্তিয়ো আত্মা কৃষ্ণত ভকতি॥
নমো নাৰায়ণ তযু চৰণ যুগল।
ইবাৰ আমাৰ জন্ম নকৰা বিফল॥১৭২
নজানো তোমাৰ স্তুতি মই মূঢ়মতি।
নকৰা বঞ্চিত প্ৰভু ইবাৰ সম্প্ৰতি ।
দুঃখৰ কৰুণানিধি কৃপাৰ সাগৰ ।
মই দুঃখিতক কৃপা কৰা দামোদৰ ॥১৭৩
যেন মতে তৰো ইটো দুৰ্ঘোৰ সংসাৰ ।
পুনঃ যেন জন্ম মৃত্যু নাহিকে আমাৰ ৷
এহিমানে কৃপা কৰ৷ প্ৰভু দেৱ হৰি ।
নমো নমো কৃষ্ণ তযু চৰণত ধৰি ॥১৭৪
শ্ৰীধৰ কন্দলি কহে কৃষ্ণৰ বিজয় ।
আক এক মনে যিটো শুনয় ভণয় ॥
কৃষ্ণৰ বিজয় ইটো শুনা ৰঙ্গ মনে ।
ৰামকৃষ্ণ বুলি চলা বৈকুণ্ঠ ভুবনে ॥ ১৭৫
সমাপ্ত
জাননী ৷
আমাৰ দোকানত স্কুল-কলেজৰ পাঠ্য-পুথি, প্রাইজ আৰু লাইব্ৰেৰীৰ কিতাপ, ধৰ্ম্ম পুথি, নাটক, উপন্যাস, সকলো ৰকমৰ কাগজ-কলম আদি যাৱতীয় স্কুল আৰু অফিচৰ লাগতিয়াল বস্তু পাব।
|
বৰগীত ৷৷৹ নামঘোষা ৸৹ নাম-কীৰ্ত্তন ৷৷৹ কীৰ্ত্তন ১৷৷৹ কীৰ্ত্তন ঘোষা ২৷৷৹ গুণমালা ৷৴৹ লীলামালা ৵৹ স্যমন্ত হৰণ ৵৹ বৈষ্ণৱী কীৰ্ত্তন ৷৷৵৹ কাণখোৱা ৵৹ অৰ্জ্জুন সংবাদ ৶৹ পকেট গীতা (টীকা ও অন্বয় সহ) ১৷৹ শ্ৰীমদ্ভগৱগীতা বা কৃষ্ণগীতা ১৷৷৹ লক্ষ্মীচৰিত্ৰ ৴৬ কথা মহাভাৰত ১৲ কথা ৰামায়ণ ৸৹ নামাঞ্জলী ৷৵৹
|
প্ৰহ্লাদ ৷৴৹ ভীষ্ম ৷৴৹ দ্রৌপদী ৷৴৹ চানেকি ৷৵৹ জোনাকী ৷৵৹ অথেল’ ৷৹ লিয়েৰ ৷৹ মৰুভূমিৰ ফুল ৷৵৹ বেতাল পঞ্চবিংশতি ৸৹ মুকুতি ৷৷৹ তীৰ্থযাত্ৰীৰ সাধু ৸৹ বুঢ়ী আইৰ সাধু ৸৹ ককাদেউতা আৰু নাতিলৰা ১৲ মহাভাৰতৰ ৰহঘৰা ৸৹ উদ্যোগপৰ্ব্ব ৸৹ মহাভাৰতৰ মৌবিচনী ৷৷৴৹
|
বৰকটকী কোম্পানী,
যোৰহাট।
অন্নদা প্ৰিটিং হাউচ, যোৰহাট।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )