সমললৈ যাওক

গৰাখহনীয়া

ৱিকিউৎসৰ পৰা

 

ভাঙোন-গাথা
ছিৰিজ সম্পাদক : ড° দিলীপ বৰা

 

গৰাখহনীয়া

 

ড° অনুৰাধা শৰ্মা

 

 

কৃতজ্ঞতা
ড° দিলীপ বৰা, ড° মুকুল চক্ৰৱৰ্তী, হাফিজ আহমেদ,

ভাস্কৰ পাটগিৰি, ইছমাইল হোছেইন (জ্যেষ্ঠ), ফৰহাদ
ভূঞা, মুকুট ৰয় তথা নান্দনিক আলোচনী আৰু
মাজুলী বার্ষিক সংকলন ১।

 

প্রকাশক
নিনাদ গোষ্ঠী
গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ, গুৱাহাটী – ৭৮১০১৪
প্রথম প্রকাশ : ২০১২ চন
ISBN : 978-81-909528-6-6
প্রচ্ছদ : কল্যাণ নাথ
অক্ষৰ বিন্যাস : চিৰঞ্জীতা বৰুৱা
মুদ্রক : Arrow/MC Printers, Ghy-6

 

গৰাখহনীয়া

সেই যে পানীৰ চাকনৈয়া
ঘূৰি ঘূৰি অহা উঠা আৰু নমা
তাতেই আছিল আমাৰ পিতৃভিঠা
স্কুল, পুথিভঁৰাল, নামঘৰ মছজিদ
এতিয়া সকলো লুইতৰ বুকুত।

কালৰূপ ধৰি আহিছিল নদী
মুহূৰ্ততে ছাৰখাৰ গৰু ম’হ ঘৰ-বাৰী
শইচৰ সেউজী পথাৰ হৈ পৰিল মৰুভূমি
জীয়াৰ আৰ্তনাদ, মৰাৰ নাড়ী-ভূঁৰু
তাৰ মাজত ক্ষুধাৰ জ্বালা, কি যে ভয়ংকৰ

পানীৰ গৰ্ভতেই সকলো জ্বলি গ’ল
লাম-লাকটুৰ ওপৰত বালিয়ে দিলে কবৰ
অ’ত-ত’ত টুকুৰা টুকুৰ ছবি সেই আতংকৰ
নদীৰ ৰোষত খেতি মাটিত শাৰী শাৰী কহুৱা
সৰ্বস্বান্ত জীৱন
মাথো খহনীয়া
খহনীয়া আৰু খহনীয়া ।

দৃশ্যপট - ১

 বানৰ তাণ্ডৱে জাতি-জনগোষ্ঠী, ধৰ্ম সম্প্ৰদায় নিচিনে। খহনীয়াই কোনো গুৰু-গোঁসাই নামানে। গাঁওবোৰৰ নামবোৰ মানুহৰ মুখে মুখে থাকি যায়। ঠিকনা হৈ পৰে নদীৰ বুকু। হেৰাই যায় জাতীয় ঐতিহ্যৰ সমৃদ্ধ ক্ষেত্ৰ। বিহগী কবি ৰঘুনাথ চৌধাৰীৰ জন্ম হৈছিল মুকালমুৱাৰ সমীপৰ লাউপাৰা গাঁৱত। আমি সেই গাঁও দেখা নাই। কাকো দেখুৱায়ো দিব নোৱাৰোঁ। সেই গাঁও এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত। এনে যে কিমান গাঁও আছিল। ১৯৫৪ চনৰ পৰা ২০০৯ চনলৈ অসমৰ ২৫৩৪ খন গাঁও খহনীয়াত জাহ গৈছে।

দৃশ্যপট - ২

 ঢকুৱাখানাৰ হৰেণ কামান। মাকৰ মুখ তাৰ মনত নাই, মনত থকাৰ প্ৰশ্নও নাই। চাৰি বছৰ বয়সতে তাৰ গাঁৱৰ সকলো লোকৰ ঘৰ প্ৰবল বানত উটি গৈছিল। নিজৰ ঘৰৰ চালৰ ওপৰত বহিছিল মাক, বায়েক আৰু পেহীয়েক, মাকৰ কোলাত সি। তাৰ বাপেক নাছিল ঘৰত, লখীমপুৰ সদৰলৈ গৈছিল। হঠাৎ এটা ভয়ংকৰ গৰ্জনত সিহঁতৰ ঘৰটো পানীৰ চাকনৈয়াত সোমাই গৈছিল। সি একো ক’ব নোৱাৰে, গছ এডালৰ ফেৰেঙণিত ৰৈ গৈছিল হেনো সি। পিছত গাঁওবাসীয়ে উদ্ধাৰ কৰিছিল। বিচ্ছিন্ন হৈ পৰিছিল সকলো। গাঁৱৰ আন মানুহৰ লগত স্কুল এখনৰ কেম্পত আছিল সি। কি বীভৎস! ঠাইতে খোৱা, ঠাইতে হগা। বাপেক আহি পাইছিল পাঁচদিনৰ পিছত। মুজুৰা পৰি আছিল কেইদিনমান মানুহটো। কোনে কাক সান্ত্বনা দিব! বানৰ পানীত অহা মাছ খাই পেট চলিছিল বহুতৰে। বাপেকো মৰিছিল বমি – পাইখানা কৰি। সেই মাছ খাব নালাগে বুলি সকলোৱে জানে, কিন্তু ক্ষুধাৰ ওচৰত সকলো জ্ঞান লুপ্ত হৈ যায়। নতুন গাঁও পতাৰ পিছত চাৰিবছৰীয়া ল’ৰাটোৰ জীৱনটোৱে বেলেগ হ’ল। নিঠৰৱা হৈ পৰিল সি। ইঘৰ-সিঘৰত ইটো-সিটো সহায় কৰি দিয়ে, খায়ো, থাকেও। অকল মাক-দেউতাক, বায়েক-পেহীয়েক, ঘৰ-বাৰীয়েই যে হেৰুৱালে তেনে নহয়; স্কুললৈ যোৱা, খেলা-ধূলা কৰা, এটা স্বাভাৱিক শিশুৰ জীৱন আৰু তাৰ ভৱিষ্যতৰ সপোন সকলো খহনীয়াত জাহ গ’ল।

দৃশ্যপট - ৩
 মানুহজনৰ নাম আবেদুৰ ৰহমান। ঘৰ ধুবুৰী জিলাত। নদীপৰীয়া কৃষক। নদীপৰীয়া মানুহে নদীখনক ভয় নকৰে। নদীৰ লগতেই থাকে জীৱন-যাত্ৰা। আবেদুৰ ৰহমানৰো সেয়ে বাৰিষাৰ নদীখনলৈ ভয় নাই। নদীৰ মায়া সি নুবুজে, কিন্তু নদীখনৰ প্ৰতি তাৰ মোহ অপাৰ। বান আহে। ধাহি-ধুহি নিয়েগৈ - সেউজীয়া পথাৰ। হাত-সাবটি বহি নাথাকে সি। খৰালি ফুলা সৰিয়হডৰা দেখাৰ লগে লগে পাহৰি যায় বাৰিষাৰ দুখ। পিছে দিনবোৰ সদায় একেদৰে নাযায়। খেতিৰ মাটিডোখৰেই ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাই গ’ল। দিশহাৰা হৈ পৰিল সি। কৃষিভূমি হেৰুৱাই বাহিৰ নেদেখা আবেদুৰ ৰহমান ঠিকাদাৰৰ লগত কাম কৰিবলৈ ৰেলত উঠি ডিবৰু পালেগৈ। ‘দেশী ভাষা’ কোৱা আবেদুৰ ৰহমান হৈ পৰিল ‘সন্দেহযুক্ত নাগৰিক’। কোনো কাগজ-পত্ৰ নাই তাৰ ওচৰত। হাজিৰা কৰিবলৈ আহোঁতে কি কাগজনো লগত লৈ আহিব সি? লিখিব-পঢ়িব নজনা আবেদুৰ ৰহমান সোমাই পৰিল আন এক জটিলতাত। ভূমিহাৰা আবেদুৰ ৰহমানৰ অকল জীৱীকাই নহয়, তাৰ পৰিচিতিও যেন খহনীয়াত হেৰাই গ’ল।

 নদীৰ বুকুত জাহ যোৱা মানুহৰ কাহিনীৰ ইতিহাস আমাৰ ওচৰত নাই; কাৰণ ইতিহাসত মাত্ৰ ‘ডাঙৰ’ মানুহৰ ‘ডাঙৰ কথাই স্থান পায়। ক্ষুদ্ৰ, প্ৰান্ত বা দৰিদ্ৰজনৰ কথাৰ কোনো ইতিহাস নাথাকে। অৱশ্যে, সমাজ ইতিহাসে ‘বাদ পৰি থকা’ সকলৰ কথাও বিবেচনা কৰিবলৈ লৈছে, ইতিহাসক ৰজা-মহাৰজাৰ কাহিনী, যুদ্ধ-বিগ্ৰহ আৰু ৰাজনীতি সৰ্বস্বতাৰ পৰা মুক্ত কৰিবৰ চেষ্টা কৰিছে। তথাপি কালৰ বুকুত হেৰাই গৈ আছে - অখ্যাত মানুহৰ ব্যথাভৰা কাহিনী। উদ্ধাৰ হোৱা নাই এতিয়াও সত্যৰ আঁৰৰ সত্য। কাৰণ কাহিনীৰ মাজত কাহিনী আছে, কাহিনীৰ আঁৰৰ কাহিনী আছে, কাহিনীৰ হাতত ধৰি আহে অলেখ কাহিনী। হেৰাই যোৱা গাঁওখনৰ মানুহখিনিৰো আছে খহনীয়াই সৃষ্টি কৰা অলেখ কাহিনী।

বৰ্ষাৰ বিধ্বংসী ৰূপ :
 বৰ্ষা ঋতুৰো আছে এক অনন্য সৌন্দৰ্য। ইয়াৰ সৌন্দৰ্যই সকলোকে মোহিত কৰে। সেয়ে ইয়াৰ সুন্দৰ ৰূপক লৈ কবিয়ে কবিতা লিখিছে, গীতিকাৰে লিখিছে গীত। কিন্তু বৰ্ষাৰ এক বিধ্বংসী ৰূপো আছে। এই বিধ্বংসী ৰূপে গাঁও-চহৰৰ ছবি সলাই দিয়ে। বান আহে, নদীৰ পাৰ ভাঙে,

পানী উভতি গ’লে পলস পেলাই যোৱা ঘৰ-বাৰী ঘূৰাই পায়। কিন্তু পাৰ ভাঙি নদীৰ গতিপথ সলনি হ’লে, মাটি খহাই নিলে অকল ভূগোলৰে নহয়, সমাজ-জীৱনৰ মানচিত্ৰ সলনি হৈ যায়। চৌধ্য পুৰুষৰ ভেটি-মাটি, ঘৰ-বাৰী, প্ৰতিৱেশী, গৰু-ম’হ, সঞ্চিত ধন-সম্পত্তি সকলো হেৰুৱাই মানুহ নিঃস্ব হৈ পৰে। হৈ পৰে অকলশৰীয়া, ছিন্নমূল আৰু উদ্বাস্তু। গৰিমা, পৰম্পৰা, জীৱন-যাপনৰ সংস্কৃতি সকলো হেৰুৱাই পেলায়। অতীত, বৰ্তমান, ভৱিষ্যত খহনীয়াত জাহ যায়।

গৰাখহনীয়াৰ কাৰণ :
 বানপানী যেন অসমৰ বাবে কোনো নতুন কথা নহয় - বছৰেকীয়া দুৰ্যোগ। বাৰিষা কেইদিনমান ধৰি একেৰাহে বৰষুণ হ’লে নদীৰ পানী বাঢ়ি পাৰ ভাঙি গাঁও-ভূই উটুৱাই নিয়ে। বিশেষকৈ কিছুমান এলেকাত প্ৰতি বছৰে বান অহাটো যেন এক পূৰ্ব নিৰ্ধাৰিত কথা। কিন্তু বানে যেতিয়া ভৰিৰ তলৰ মাটিকণো খহাই নিয়ে, তেতিয়া আৰু হেৰুৱাবলৈ একো বাকী নাথাকে। অসমত বাৰিষাৰ এই দুৰ্যোগৰ কাৰণ হিচাপে নিৰ্ধাৰণ কৰিব পাৰি - অসমৰ ভূ-প্ৰাকৃতিক গঠন, উচ্চ বৃষ্টিপাত, ঢাল (slope) বা নতিৰ প্ৰকৃতি, ভূমিকম্প, বনাঞ্চল ধ্বংস আৰু ত্ৰুটিপূৰ্ণ মথাউৰি ইত্যাদি।
 চৌপাশে পৰ্বতেৰে আগুৰা অসমৰ ভূ-প্ৰাকৃতিক গঠন বৈশিষ্ট্যপূৰ্ণ। পূবে নামনি হিমালয়ৰ পাৰ্বত্য অঞ্চল, দক্ষিণে কাৰ্বি পাহাৰ, খাচিয়া-জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰৰ সমান্তৰালভাৱে আছে - ভূটান পৰ্বতমালা। এনে পৰ্বতমালাৰে পৰিৱেষ্টিত কোমল মাটিৰ সমতলভূমি হ’ল ব্ৰহ্মপুত্ৰ উপত্যকা। বাৰিষা বংগোপসাগৰৰপৰা বৈ অহা মৌচুমী বায়ু এই পৰ্বতলানিত বাধাপ্ৰাপ্ত হোৱা বাবে এই অঞ্চলত অধিক বৃষ্টিপাত হয়। বৃষ্টিপাতৰ ফলত পৰ্বতলানিৰপৰা বৈ অহা জলস্ৰোতে নামনিৰ নৈউপনৈসমুহ ভৰাই তুলি বানপানীৰ সৃষ্টি কৰে। তদুপৰি বাৰিষা বৃষ্টিপাতৰ সময়তে আন এক প্ৰাকৃতিক পৰিঘটনাও পৰিলক্ষিত হয়। গ্ৰীষ্মকালৰ তাপমান বৃদ্ধিৰ বাবে হিমালয়ৰ নামনি অংশত বৰফ গলিবলৈ ধৰে। ফলত বিভিন্ন উপনৈসমূহৰ বুকুৱেদি এক বৃহৎ পৰিমাণৰ জলধাৰা ব্ৰহ্মপুত্ৰৰ বুকুলৈ নামি আহে। ব্ৰহ্মপুত্ৰৰ মুঠ জলপ্ৰৱাহৰ ৮২ ভাগ বাৰিষা আৰু বাকী ১৮ ভাগহে খৰালিকালত প্ৰৱাহিত হয়। বাৰিষা এইদৰে হঠাৎ পানী বাঢ়ি যোৱাৰ লগে লগে ঠায়ে ঠায়ে বানপানী হৈ খহনীয়া আৰম্ভ হয়।
 ব্ৰহ্মপুত্ৰৰ তলিৰ ঢাল গঠনো বানপানী সৃষ্টি হোৱাৰ অন্যতম কাৰণ। উৎসস্থানত ব্ৰহ্মপুত্ৰ নদী সমুদ্ৰ পৃষ্ঠাৰ পৰা ৫১৫০ মিটাৰ উচ্চতাত আছে। পৰ্বতীয়া অঞ্চলত ইয়াৰ ঢাল গঢ়ে ১০ মিটাৰতকৈ বেছি। সেয়ে পাৰ্বত্য অঞ্চলত এই নদী অতি খৰস্ৰোতা। আনহাতে ভৈয়াম অঞ্চলত পৰাৰ লগে লগে নৈখন বহল আৰু তৰাং হৈ পৰিছে। ইয়াৰ ফলত সমতল অঞ্চলত স্ৰোত কম। ডিব্ৰুগড়ত সাগৰপৃষ্ঠৰপৰা ১০৫ মিটাৰ, গুৱাহাটীৰ ওচৰত ৫২ মিটাৰ আৰু ধুবুৰীৰ ওচৰত ৪৩ মিটাৰ উচ্চতাত আছে। নদীৰ ঢাল বা গতি কম হ’লে জলস্ৰোতৰ গতিবেগো কম হয়। ইয়াৰ ফলত নদীয়ে কঢ়িয়াই অনা গেদ জমা হৈ ক্ৰমে নদীৰ তলি বাম হৈ চৰ-চাপৰিৰ গঠন হয়। আনহাতে বাৰিষা পানী বঢ়াৰ লগে লগে বাম হোৱা বাবে নদীৰ বহনক্ষমতা কমি গৈ দুয়োপাৰ ওপচাই পেলায়।
 ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে কঢ়িওৱা গেদৰ ফলত নদীবোৰ তৰাং হৈ পৰিছে। গেদ পৰিবহনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ স্থান দ্বিতীয়। ব্ৰহ্মপুত্ৰৰ উপনৈসমূহেও গেদ কঢ়িয়াই আনি ব্ৰহ্মপুত্ৰত পেলায়। এইদৰে ক্ৰমাগতভাৱে গেদ জমা হৈ নদীৰ তলি বাম হোৱাৰ বাবে বাৰিষা বৰষুণ হ'লেই নদীৰ পানী ওফন্দি দুয়োপাৰ ওপচাই প্ৰবল বানপানী আৰু গৰাখহনীয়া সৃষ্টি কৰে।  ভূমিকম্পৰ ফলতো নদীৰ তলি বাম হৈ পৰিব পাৰে। অসমত ১৮৯৭ আৰু ১৯৫০ চনৰ ভূমিকম্পই ভূতাত্ত্বিক গাঁথনিৰ পৰিৱৰ্তন কৰাৰ ফলত নদীৰ তলি বাম হৈ পৰিছে। যাৰ বাবে বৰষুণ হোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ পানী ওফন্দি পৰে আৰু দুপাৰত ঠেকা খাই বানপানী আৰু গৰাখহনীয়াৰ সৃষ্টি কৰে। ১৯৫০ৰ ভূমিকম্পৰ পিছতেই ডিব্ৰুগড়ত গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধৰণ কৰিছিল। এই সময়তে ডিব্ৰুগড় চহৰৰ এক বৃহৎ অঞ্চল নদীৰ বুকুত জাহ গৈছিল।
 বনাঞ্চল ধ্বংসও বানপানী আৰু গৰাখহনীয়াৰ আন এক শক্তিশালী কাৰক। গছৰ শিপাই এহাতে মাটি খামুচি ধৰি থাকে, আনহাতে গা- গছডালে বৰষুণৰ পানী পোনে পোনে মাটিলৈ অহাত বাধা দিয়ে। কিন্তু দুৰ্ভাগ্যকৰ বিষয় যে এসময়ৰ সেউজীয়া ভূমি অসম এতিয়া উদং হৈ পৰিছে। দ্ৰুত উদ্যোগীকৰণ, জনবসতিৰ বিস্তাৰ আৰু মানুহৰ অপৰিণামদৰ্শী কাৰ্যকলাপৰ ফলত বনাঞ্চল ক্ৰমে নিঃশেষ হৈ আহিব ধৰিছে। আনহাতে গোলকীয় উষ্ণতাকো বাধা দিব পাৰে – সেউজীয়া গছ-গছনিবোৰে। কিন্তু সেউজ আৱৰণ ধ্বংস হোৱাৰ ফলত উত্তাপ বৃদ্ধি হৈ হিমালয়ৰ পাদদেশত বৰফগলন প্ৰক্ৰিয়া বৃদ্ধি পাইছে, যাৰ ফলত বাৰিষা নদীবোৰ পানীৰে ভৰি থাকে। আকৌ গছ-গছনি কমি অহাৰ ফলত পাহাৰীয়া অংশ আৰু সমতলৰ পৰাও বোকা, বালি, শিল, আৱৰ্জনা আদি বাধাহীনভাৱে নদীৰ বুকুলৈ নামি আহি নদীখন ভৰাই তুলি বানপানীৰ সৃষ্টি কৰে।
 অসমৰ নদীসমূহত অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা মথাউৰিবোৰেও বানপানী আৰু গৰাখহনীয়া বৃদ্ধি কৰাত অৰিহণা যোগাইছে। মথাউৰিবোৰ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা নহয়, ফলত এজাক বৰষুণ দিলেই মথাউৰি ভাঙি খেতি পথাৰত পানী সোমাই বানপানী আৰু গৰাখহনীয়াৰ সৃষ্টি কৰে। তদুপৰি, গৰাখহনীয়াত নদীৰ পাৰৰ অঞ্চল নদীখনত জাহ গ’লে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষই তাৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰি খহনীয়া অংশৰ পিছফালে অবৈজ্ঞানিকভাৱে নতুন মথাউৰি নিৰ্মাণ কৰা দেখা যায়। অনেক ঠাইত এনে অপৰিকল্পিত আৰু অবৈজ্ঞানিকভাৱে নিৰ্মাণ কৰা মথাউৰিয়ে লাখ লাখ বিঘা কৃষিভূমি নষ্ট কৰি কৃষক শ্ৰেণীটোৰ ওপৰত মাধমাৰ সোধাইছে।
 বানপানী আৰু গৰাখহনীয়াৰ এই কাৰণবোৰ ফঁহিয়াই চালে দেখা যায় যে প্ৰাকৃতিক কেতবোৰ কাৰকক বাধা দিয়াৰ ক্ষমতা মানুহৰ নাই। অৰ্থাৎ ভূমিকম্প, ভূ-প্ৰাকৃতিক অৱস্থান, ঢাল, বৃষ্টিপাত এইবোৰক মানুহে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। এইবোৰ প্ৰকৃতি নিয়ন্ত্ৰিত। আনহাতে বনাঞ্চল ধ্বংস আৰু অপৰিকল্পিতভাৱে মথাউৰি বন্ধা আদি কাৰ্য মানুহৰ দ্বাৰা সৃষ্ট। মানুহে সৃষ্টি কৰা এই দুয়োটা কাৰকক মানুহে নিয়ন্ত্ৰণো কৰিব পাৰে। মনকৰিবলগীয়া যে ৰাজ্য চৰকাৰৰ ‘বন বিভাগ’ এটা আছে আৰু বনানীকৰণ প্ৰক্ৰিয়াক সক্ৰিয় কৰাৰ বাবে এই বিভাগৰ 'সামাজিক বনানীকৰণ’ শাখা এটাও আছে। কিন্তু বনাঞ্চল বাঢ়ক ছাৰি দিনে দিনে কমিহে আহিছে। বিভাগ এটাৰ দায়িত্বহীনতাৰ বাবে সেই বিভাগৰ মন্ত্ৰীৰ পৰা বিষয়ালৈ কোনো কম দায়ী নহয়৷ গছ ৰোৱা প্ৰক্ৰিয়াটো থাকে চৰকাৰী ফাইলৰ মাজত, আনহাতে গছ কটাটো থাকে ব্যৱহাৰিক দিশত। এই দায়িত্বহীনতাৰ ফল ভোগ কৰিব লাগে সাধাৰণ ৰাইজে। অৱশ্যে এইক্ষেত্ৰত নাগৰিকৰ সচেতনতাৰ অভাৱকো উল্লেখ কৰিবই লাগিব। প্ৰাকৃতিক সম্পদত চহকী ৰাজ্যখনৰ সম্পদৰাজিক ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰ, নাগৰিক সকলোৰে। আনহাতে, মথাউৰি নিৰ্মাণো এচাম দুৰ্নীতিপৰায়ণ বিষয়াৰ বাবে খীৰতী গাইৰ দৰে। মথাউৰি নিৰ্মাণৰ বাবে অহা পইচা আত্মসাৎ কৰি তেওঁলোকে শিল-বালিৰে মথাউৰি নিৰ্মাণ কৰি টকা খৰচ হোৱা দেখুৱায়। বাৰিষা নদীৰ বাঢ়নী পানীয়ে সেই মথাউৰি অনায়াসে ভাঙি পেলায়। আকৌ মথাউৰিৰ নামত পইচা আহে। গতিকে মথাউৰি বন্ধা এই খেলখন চলি থাকে। কিন্তু ক্ষতিগ্রস্ত হয় সাধাৰণ মানুহ। আসোঁৱাহপূৰ্ণ মথাউৰি নিৰ্মাণৰ আমি এটা উদাহৰণ দিব খোজোঁ : গহপুৰৰ স্থানীয় ৰাইজে 'সোলেঙী নদী'খনৰ নতুন নাম দিছে 'কোটিটকীয়া নদী’। খৰালি বালিৰে নিৰ্মাণ কৰা মথাউৰি বাৰিষা ভাঙি যায়। আকৌ মথাউৰিৰ নামত কোটি টকা আহে, এইদৰে খৰচ কৰা দেখুৱায়। কিন্তু দুখীয়া ৰাইজৰ দুখ নুগুচে। এয়াই হ’ল মথাউৰি নিৰ্মাণৰ স্বৰূপ ৷

গৰাখহনীয়াত অসম :

 নদীৰ পাৰতেই গঢ়ি উঠে মানুহৰ সভ্যতা। অসমৰ ডাঙৰ চহৰবোৰো নদীৰ পাৰতেই গঢ় লৈ উঠা। আনহাতে কৃষিজীৱী আৰু মৎস্যজীৱীৰ জীৱনতো নদীৰ গুৰুত্ব অধিক। নৈপৰীয়া পলসুৱা মাটিতেই শইচৰ গুটি

সোণ হৈ জিলিকে। সেয়ে অসমৰ সকলো শ্ৰেণীৰ মানুহৰে নদীৰ লগত

সম্পৰ্ক নিবিড়। কিন্তু নদীখনে বাৰিষা হঠাতে আহি গাঁও এখনক গিলি পেলায়। নিচ্ছিহ্ন হৈ যায় একোটা অঞ্চল — নদীৰ বুকুত। বানতকৈও বা ঘূৰ্ণী বতাহতকৈও ভয়ংকৰ নদীৰ গৰাখহনীয়া। কাৰণ ঘৰ-বাৰী, মাটি- সম্পত্তিয়েই নহয়, ভিঠাৰ মাটিয়ো নদীয়ে লৈ যায়। সকলো হেৰুৱাই মানুহ হৈ পৰে – নিঃস্ব, নিঃসহায়।
 ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত প্ৰায় প্ৰতিটো বছৰেই ব্যাপক পৰিমাণৰ ভূখণ্ড জাহ যায়। ব্ৰহ্মপুত্ৰ বান নিয়ন্ত্ৰণ আয়োগে ১৯৫৪ চনৰ পৰা ১৯৬৯ চনলৈ সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত জনা যায় যে প্ৰতিবছৰে ৮৪৮৩ হেক্টৰ ভূমি গৰাখহনীয়াৰ কবলত পৰে। সাম্প্ৰতিক কালত গৰাখহনীয়াৰ প্ৰকোপ বৃদ্ধি পাইছে। অৱশ্যে এই সমস্যা অৰ্থাৎ বানপানী আৰু গৰাখহনীয়াৰ সৃষ্টি আগতে যে হোৱা নাছিল এনে নহয়। প্ৰাচীন অসমৰ বিভিন্ন ৰজাৰ আমোলত আৰু বৃটিছৰ দিনতো কেতিয়াবা নদীয়ে গতি সলাইছিল। কিন্তু তেতিয়া জনবসতি কম আছিল, ভূমিৰ পৰিমাণ বেছি আছিল। গতিকে বানপানী আৰু গৰাখহনীয়াই ধন-জনৰ বিস্তৰ ক্ষতি কৰিব পৰা নাছিল। আকৌ, প্ৰকৃতিৰ ওপৰত সেই সময়ত মানুহৰ ধ্বংসযজ্ঞ চলা নাছিল; যেনে - বনাঞ্চল ধ্বংস কৰা নাছিল, যধে-মধে মথাউৰি নিৰ্মাণ হোৱা নাছিল, নদীয়ে কঢ়িয়াই অনা আৱৰ্জনাৰ পৰিমাণ কম আছিল, বিভিন্ন ধৰণৰ প্ৰদূষণ নাছিল। সেয়ে বানপানী আৰু গৰাখহনীয়াৰ প্ৰকোপ আৰু ইয়াৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ কম আছিল।
 ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ মাটি কালিৰ পৰিমাণ ৭৮৪৩৮ বৰ্গ কিলোমিটাৰ। ইংৰাজৰ দিনত মুঠ মাটিকালি আছিল ১,৫২,১৩৪ বৰ্গ কিলোমিটাৰ। অৱশ্যে সেই সময়ত বাংলাদেশ আৰু পশ্চিমবংগৰ কিছু অংশও অসমৰ লগতে আছিল। ৰাজনীতি, দুৰ্নীতি, চৰকাৰী অমনোযোগিতা আৰু গৰাখহনীয়াইও বৰ অসমক সংকুচিত কৰি পেলালে। ১৯৫৪ চনৰ পৰা ২০০৯ চনলৈ অসমৰ ৩,৮৬০ বৰ্গ কিলোমিটাৰ ভূমিখণ্ড খহনীয়াত জাহ গৈছে। ডিব্ৰুগড়ৰ ৰহমৰীয়া, লখিমপুৰৰ ঢকুৱাখনা, ধেমাজি, বৰপেটা, গোৱালপাৰাৰ হেজাৰ হেজাৰ হেক্টৰ মাটি - লুইতৰ বুকুত নিঃশেষ হৈছে। ৰাজ্যখনৰ মুঠ ১৯২টা এলেকাত সম্প্ৰতি খহনীয়া অব্যাহত আছে। ইয়াৰে ২৫টা অঞ্চল অতি স্পৰ্শকাতৰ। কাজিৰঙা, মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু-ছৈখোৱা আদিও খহনীয়াত ক্ষতিগ্ৰস্ত হৈছে। অসমৰ এখন পুৰণি ঐতিহ্যমণ্ডিত চহৰ ডিব্ৰুগড়ত পঞ্চাশৰ ভূমিকম্পৰ পিছত ব্যাপক গৰাখহনীয়া হোৱা দেখা যায়। উল্লেখনীয় যে অতি সংকটজনক অৱস্থাত থকা ডিব্ৰুগড় চহৰ যিকোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰই লৈ যাব পাৰে বুলি তাত কোনো উন্নয়নমূলক কামত গুৰুত্ব দিয়া নহয়। আনকি উত্তৰ পূবৰ প্ৰথম আৰু ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম গ্ৰাম্য (rural) মেডিকেল কলেজ হিচাপে স্থান পোৱা অসম মেডিকেল কলেজ আদি ঐতিহ্যপূৰ্ণ অনুষ্ঠান-প্ৰতিষ্ঠানেও গুৰুত্ব নাপায় এনে সংকটজনক অৱস্থাৰ বাবে। অথচ সমস্যাটোৰ সমাধানৰ বাবে দীৰ্ঘম্যাদী কোনো পৰিকল্পনা চৰকাৰৰ হাতত নাই। গৰাখহনীয়াৰ ভয়ৰ বাবেই ঐতিহাসিক চহৰ এখনৰ উন্নয়ন স্থৱিৰ হৈ পৰাটো দুৰ্ভাগ্যজনক। ধুবুৰীৰ ক্ষেত্ৰতো সেই একেই কথা পৰিলক্ষিত হয়। সেইদৰে অসমৰ আন এখন ঐতিহাসিক ঠাই শিৱসাগৰ জিলাৰ অন্তৰ্গত ৰূপহীমুখৰ বান-খহনীয়াও ১৯৫০ চনৰ ভূমিকম্পৰ পিছত তীব্ৰ ৰূপ ধাৰণ কৰিছে। ১৯৮৮ চনৰ প্ৰলয়ংকাৰী বানে ৰূপহীমুখৰ ভূগোল সলনি কৰি দিয়াৰ পিছত বিগত দুটা দশকজুৰি বৃদ্ধি পাইছে তলসুঁতীয়া ব্ৰহ্মপুত্ৰৰ খহনীয়া। ৰূপহীমুখৰ প্ৰায় ৪৫০ টা পৰিয়াল বান-খহনীয়াত ক্ষতিগ্ৰস্ত হৈছে। অকল ৰূপহীমুখেইনহয় শিৱসাগৰ জিলাৰ শিৱসাগৰ বিধান সভা সমষ্টিৰ দিচাংমুখৰ পৰা ৰূপহীমুখ হৈ যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টিৰ জাঁজীমুখ হৈ নিমাতীলৈকে ব্ৰহ্মপুত্ৰৰ পাৰৰ এই সমগ্ৰ অঞ্চলটোতে বান-খহনীয়াৰ তাণ্ডৱ বৃদ্ধি পাই আহিছে। আকৌ, অবিভক্ত গোৱালপাৰা জিলাৰো প্ৰায় ২৩৪ খন গাঁও এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত। স্বাধীনতাৰ পৰৱৰ্তীকালত বৰপেটা জিলাতো ৪৫৭৫৮.৯০ হেক্টৰ ভূমি গৰাখহনীয়াত জাহ গৈছে। বৰপেটা জিলাৰ চেঙা, বাঘবৰ আৰু ধুবুৰী জিলাৰ দক্ষিণ শালমৰাৰ ক্ষয়ক্ষতিও উল্লেখনীয়। ১৯৫৮ - ৬০ চনৰ পৰা চেঙা বিধানসভা সমষ্টিৰ তাৰাবাৰী, খোলাবন্ধা, বালাপাৰা, বছাৰীপাৰা, চেনীমাৰী, খুটাগুৰি, বৰদিয়া, কলতলি, পাঁজাৰ ভাঙা, গোমাফুলবাৰীৰ এটা অংশ, খলিহামাৰী আদি গাঁওসমূহ নিচ্ছিহ্ন হৈ গৈছে। উল্লেখনীয় যে, নদী ভাঙি সৰ্বস্ব হেৰুওৱা চেনীমাৰী গাঁৱৰ ৰাইজে নিজৰ গাঁৱৰ স্মৃতিচাৰণ কৰি ২০০০ চনত শতবৰ্ষপূতি পালন কৰিছে।
 বিশ্বৰ ভিতৰতে আটাইতকৈ বৃহত্তম নদীদ্বীপ হিচাপে মাজুলী পৰিগণিত হৈছিল যদিও ব্যাপক গৰাখহনীয়াৰ বাবেই মাজুলীয়ে এই খিতাপ হেৰুৱালে। ১৯৫০ চনত মাজুলীৰ আয়তন আছিল ১২৪৬ বৰ্গ কিলোমিটাৰ, ২০০৪ চনৰ জৰীপ মতে এই আয়তন হ্ৰাস পাই হৈছে ৬৫০ বৰ্গ কিলোমিটাৰ। ১৯৭২ চনৰপৰা ২০১০ চনলৈ নদীত জাহ যোৱা মাজুলীৰ কৃষিভূমিৰ পৰিমাণ হ'ল – ২৭২১৮৩ বিঘা। বৈষ্ণৱ সংস্কৃতিৰ ধাৰক আৰু বাহক স্বৰূপ দহখন সত্ৰ খহনীয়াত জাহ গৈছে। ঐতিহ্যমণ্ডিত মাজুলীৰ ঐতিহ্যই যেন গৰাখহনীয়াত নিচ্ছিহ্ন হৈ গ'ল। লক্ষ্যণীয় যে মাজুলীক ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা যথেষ্ট টকা – পইচাও আবণ্টন দিয়া হৈছে। কিন্তু, আবণ্টিত কোটি কোটি টকা দুৰ্নীতি পৰায়ণ মন্ত্ৰী, বিষয়াৰ কুক্ষিগত। মাজুলীক অন্ধকাৰৰ গৰ্ভলৈ ঠেলি দি তেওঁলোকে ধন-সম্পদৰ পাহাৰ গঢ়িছে। অকল মাজুলীয়ে নহয়, ৰহমৰীয়া, মাতমৰা, মৰিগাঁও, পলাশবাৰী আদি অঞ্চলতো খহনীয়া প্ৰতিৰোধৰ বাবে অহা কোটি কোটি টকাৰে বিষয়া, ঠিকাদাৰ, মন্ত্ৰী আমোলা আদিৰে গঠিত মধ্যভোগী শ্ৰেণী এটা লাভবান হৈছে। বান নিয়ন্ত্রণ, জলসম্পদ বিভাগ, ব্রহ্মপুত্র ব’র্ড আদিয়ে ক্ষতিগ্ৰস্ত ৰাইজক উপকৃত কৰিব পৰা নাই, উপকৃত হৈছে এই মধ্যভোগী শ্ৰেণীটো।

অসমৰ দুটা অঞ্চলৰ খহনীয়াৰ খতিয়ান :
মাজুলী :

“Land of the river and whispering wind
Sweet rice and plenty of fish
Where the sun rises to the sound of a hundred birds and
Evening resonate to the music of Cymbals and Kirttans."
(Sanjoy Ghos)

 মোহনীয় মাজুলী। মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত সত্ৰীয়া সংস্কৃতিৰ ঐতিহ্যৰে মণ্ডিত, বিহুগীত-ঐনিতমৰ সুৰেৰে সুবাসিত, বিভিন্ন জাতি-

জনগোষ্ঠীৰ মিলনভূমি মাজুলী পৃথিৱীৰ বৃহত্তম জনবসতিপূৰ্ণ নদীদ্বীপ।

মাজুলীৰ ঐতিহ্য, বাৰে বৰণীয়া সংস্কৃতি আৰু অপৰূপা প্ৰকৃতিয়ে সদায় দেশী-বিদেশী পৰ্যটককো আকৰ্ষণ কৰি আহিছে। কিন্তু এই অনুপম ঠাইখনক এতিয়া খহনীয়াই বিধ্বস্ত কৰি পেলাইছে। মাজুলীবাসীৰ জীৱন আৰু সংস্কৃতিৰ ভিতৰে বাহিৰে অহৰ্নিশে চলিব লাগিছে ভাঙোনৰ নিৰন্তৰ প্ৰক্ৰিয়া।
 ১৮৯১ চনৰ জৰীপৰ তথ্যমতে মাজুলীৰ ভূখণ্ডৰ মুঠ মাটিকালি আছিল ১,০৯,৭৫৮.৬৬৩ হেক্টৰ। কিন্তু এই ভূমিখণ্ড সংকুচিত হৈ ২০১০ চনৰ হিচাপমতে হৈছেগৈ ৬৯,৬৪৫.৩৯৫ হেক্টৰ। অৰ্থাৎ খহনীয়া জাহ গৈছে ৪০,১১৩.২৬৮ হেক্টৰ পৰিমাণৰ মাটি। তেতিয়াৰ মাজুলী আৰু এতিয়াৰ মাজুলীৰ এই ভৌগোলিক পৰিৱৰ্তনে ইয়াৰ ভৱিষ্যত নিৰাপত্তাৰ দিশটোক এক আশংকাৰ মাজলৈ থেলি দিছে। কাৰণ এতিয়াও চপৰা-চপৰে খহি আছে মাজুলীৰ মাটি। মাজুলীৰ এসময়ৰ সোণগুটি লগা শইচৰ পথাৰ এতিয়া নদীৰ বুকুত। ব্ৰহ্মপুত্ৰ, সোৱণশিৰি আৰু ৰঙানৈৰ খহনীয়াত বিস্তীৰ্ণ ভূমি বালিচৰত পৰিণত হৈছে। ১৯৩৬ চনতে বৰলুইতে মাজুলীৰ পৰা খহাই নিছে শালমৰা, আহঁতগুৰি আদিৰ কেবাখনো হৰা-ভৰা গাঁও। অসমীয়া জাতীয় জীৱনৰ গুৰি ধৰোঁতা দুজনা গুৰু মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ সংযোগ স্থান; যাক পৰৱৰ্তী কালত 'মণিকাঞ্চন ক্ষেত্ৰ' বুলি অভিহিত কৰা হৈছিল সেই পৱিত্ৰ মিলনভূমি ধুৱাহাট-বেলগুৰিও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। এই স্থানতে স্থাপিত সত্ৰখনো বৰলুইতৰ গৰাখহনীয়াৰ বাবেই উত্তৰপাৰলৈ স্থানান্তৰিত কৰা হয়।
 ১৯৬৯ চনৰপৰা নদী খহনীয়াত মাজুলীৰ ৯৭৮৩ টা পৰিয়ালৰ ভেটি-মাটি উছন গৈছে। ইয়াৰ ভিতৰত সাতশমান পৰিয়ালহে চৰকাৰীভাৱে পুনৰ সংস্থাপিত হৈছে। জীয়াই থকাৰ হেঁপাহত বহুতেই চৰ-চাপৰি, গড়কাপ্তানী পথ, মথাউৰিৰ দাঁতিত আশ্ৰয় লৈছে আৰু এক দুৰ্বিসহ জীৱন কটাইছে। কিছুলোকে জীৱীকাৰ সন্ধানত ঢাপলি মেলিছে অন্য ঠাইলৈ। চৰকাৰী তথ্যমতে ২০০১ চনৰপৰা ২০১০ চনৰ ভিতৰত অৰ্থাৎ দহবছৰত ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগ আৰু কেন্দ্ৰীয় চৰকাৰৰ ব্ৰহ্মপুত্ৰ ব’ৰ্ডে গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাম কৰি থকা সময়তে ১৬৪৮.৩৫৪ হেক্টৰ কৃষিভূমি নদীৰ বুকুত জাহ গৈছে; উছন গৈছে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ২৫২৯ টা পৰিয়ালৰ ভেটি-মাটি। ১৯৬৯ চনৰপৰা ২০১০ চনলৈকে প্ৰতি বছৰে গঢ়ে ২৩৯ ঘৰ মানুহে ভেটি-মাটি হেৰুৱাইছে। মাজুলীৰ সোণোৱাল কছাৰীৰ পৰা শালমৰালৈকে থকা মথাউৰি, দক্ষিণপাট কুমাৰ গাঁৱৰপৰা চুচৈমাৰি মথাউৰি, বেঙেনাআটি - ভোগপুৰ মথাউৰি, সোণোৱাল পোহাৰ দিয়া মথাউৰি, কমলাবাৰী ৰিটায়েৰমেন্ট বান্ধ, লাহতি ছিগাৰ মথাউৰি, কমলাবাৰী ঘাট-পথ, মহকিনা-বৰিটিকা পথ, গোৱালগাঁও কৰতিপাৰ গড়কাপ্তানি পথ, বাঘগাঁও, চামগুৰি সাৰআটি পথ, নামনি মাজুলীৰ মিছামৰা গড়কাপ্তানি পথ আদিত বছৰ বছৰ ধৰি শ-শ গৃহহীন পৰিয়াল বাস কৰি আছে।
 বান আৰু গৰাখহনীয়াত সৰ্বস্ব হেৰুৱাই জীয়াই থকা এই মানুহখিনিক লৈয়ো এটা চামে ৰাজনীতি কৰি আছে; চলাই গৈছে অবাধ লুণ্ঠনৰাজ। দুৰ্নীতি, লুণ্ঠনে স্পষ্ট কৰি তোলে মাজুলীত মানৱীয়তাৰ খহনীয়াৰ আন এক নিৰ্মম ছবি। ১৯৮২ চনৰ ১ এপ্ৰিলত ভাৰত চৰকাৰে গঠন কৰা ব্ৰহ্মপুত্ৰ ব'ৰ্ডখন পৰিণত হৈছে 'এপ্ৰিল ফুল'ত। প্ৰথম অৱস্থাত এই ব’ৰ্ডৰ কাম আছিল উত্তৰ পূৰ্বাঞ্চলৰ জলসম্পদ উন্নয়নৰ বাবে আঁচনি প্ৰস্তুত কৰা, প্ৰকল্প অধ্যয়ন কৰা। পৰৱৰ্তী কালত জলবিদ্যুৎ উৎপাদন, বহুমুখী নদীবান্ধ প্ৰকল্প কাৰ্যকৰণ, স্থান বিশেষত নদী খহনীয়া নিয়ন্ত্ৰণ বা প্ৰতিৰোধী আঁচনি কাৰ্যকৰণৰ দায়িত্ব ন্যস্ত কৰি সেই মৰ্মে কেন্দ্ৰীয় চৰকাৰে মঞ্জুৰী প্ৰদান কৰি আহিছে। মাজুলীবাসী আৰু মাজুলীপ্ৰেমী ৰাইজৰ দাবীত এনে

আঁচনিৰ অধীনতে মাজুলীৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ দায়িত্ব ব্ৰহ্মপুত্ৰ ব’ৰ্ডক দিয়া হয়। ১৯৯৫ চনৰ পৰা মাজুলীৰ জৰীপ কৰি ২০০৪ চনৰপৰা আঁচনি কাৰ্যকৰণৰ কাম আৰম্ভ কৰে। কিন্তু দুৰ্ভাগ্যকৰ বিষয় যে ব’ৰ্ডৰ কাৰ্যকালতে মাজুলীৰ সৰ্বাধিক ভূমি খহনীয়াত জাহ যায়। উছন যায় কুৰিখন গাঁও। ২০০৪ চনৰপৰা ২০১০ চনৰ ভিতৰত ১৩৬৫ হেক্টৰ ভূমি খহনীয়াত নিচ্ছিহ্ন হয়। অৰ্থাৎ মাজুলীৰ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত ব’ৰ্ডৰ চৰম ব্যৰ্থতাহে পৰিলক্ষিত হয়। অৰ্থাৎ সুৰক্ষা আঁচনি ব’ৰ্ডে সঠিকভাৱে ৰূপায়ণ কৰিব পৰা নাই। তদুপৰি কেইবাখনো আঁচনিত দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। মাজুলীৰ সুৰক্ষাৰ ক্ষেত্ৰত ব’ৰ্ডৰ সদিচ্ছা আৰু কাৰিকৰী দক্ষতা সন্দেহজনক। আচলতে মাজুলীৰ সুৰক্ষাৰ বাবে নিয়োজিত কেন্দ্ৰীয় এজেন্সি ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু অসম চৰকাৰৰ জলসম্পদ বিভাগ দুয়োটাৰ বাবে নদী দ্বীপটো হৈ পৰিছে লুণ্ঠনস্থলী। মাজুলীৰ সুৰক্ষাৰ নামত ৰাজনীতিকৰ প্ৰতিশ্ৰুতিৰ ফটা-ঢোলটোৱে বছৰ বছৰ ধৰি বাজি আছে। এয়াই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজুলী-প্ৰীতি।

বহৰি (বৰপেটা) :

 দক্ষিণ পূব-বৰপেটাৰ এখন অতি উল্লেখনীয় ঠাই বহৰি। অসমৰ নৱ-বৈষ্ণৱ আন্দোলনত চাৰিগৰাকী প্ৰাণ পুৰুষৰ এগৰাকী মহাপুৰুষ হৰিদেৱে বহৰিতে স্থাপন কৰিছিল তেওঁৰ প্ৰথমখন সত্ৰ। ইয়াৰ পিছত বহৰিৰ পৰা পূবলৈ মানেৰীত স্থাপন কৰিছিল দ্বিতীয়খন সত্ৰ। বহৰি সত্ৰৰ পশ্চিমে ডক্ৰেশ্বৰ দেৱালয়। পূৰ্বৰে পৰা চলি অহা এইখন দেৱালয় আহোম স্বৰ্গদেউ শিৱসিংহৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠিছিল। স্বৰ্গদেউ শিৱসিংহই দুখন তাম্ৰ পত্ৰ যোগে দেৱালয়লৈ ৪৫৩ বিঘা মাটি আগবঢ়াইছিল। ইয়াৰ পৰাই পশ্চিমলৈ আছে বৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰস্বৰূপ পাটবাউসী। মাজৰ

অঞ্চলটোত আছে ইচলামধর্মী লোকসকল। গোমাফুলবাৰী। ইয়াতেই ১৯৪২ চনত স্থাপিত হৈছিল ব্ৰহ্মপুত্ৰ উপত্যকাৰ দ্বিতীয়খন ইচলামিক শিক্ষানুষ্ঠান। বর্তমান অঞ্চলটোৰ প্ৰায় দহখন এনেধৰণৰ শিক্ষানুষ্ঠান আছে।
 বহৰি অঞ্চল ধৰ্মীয়ভাৱে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ ক্ষেত্ৰ। ঐতিহাসিকভাৱে বৈষ্ণৱ ধৰ্মৰ পীঠস্থান। কিন্তু তাতকৈও ডাঙৰ কথা এই অঞ্চলটোৰ অৰ্থনৈতিক গুৰুত্ব। ঔপনিৱেশিক শাসনৰ কালতে অঞ্চলটোৰ ভৌগোলিক আৰু অৰ্থনৈতিক গুৰুত্বৰ কথা বুজি বৃটিছসকলে বহৰিৰ পৰা আঠ কিলোমিটাৰ দক্ষিণে এটি বৃহৎ জাহাজঘাট স্থাপন কৰিছিল। নাম আছিল খোলাবন্ধা জাহাজঘাট। এই জাহাজঘাটোৰ বাবেই এটা সময়ত কলকতা /ঢাকাৰ পৰা বিভিন্ন ব্যৱসায়িক গোষ্ঠী ইয়ালৈ আহিছিল। লাহে লাগে এই জাহাজঘাটৰ জড়িয়তে ব্যৱসায়-বণিজ সম্প্ৰসাৰিত হৈছিল। বস্তু-বেহানিৰ সৰবৰাহ বাঢ়িছিল। ব্যৱসায়িক প্রয়োজনীয়তা পূৰাবলৈ

ওচৰতে গঢ় লৈ উঠিছিল এখন বিশাল বজাৰ। এইখনেই আছিল বিখ্যাত

‘তাৰাবাৰী বজাৰ’। চাৰি বৰ্গ কিলোমিটাৰ আয়তনৰ এই বিশাল বজাৰখনৰ গুৰুত্ব বুজি উঠি তেতিয়াই বৃটিছসকলে বৰপেটাৰ পৰা তাৰাবাৰীলৈ গড়কাপ্তানী পথ নিৰ্মাণ কৰিছিল।
 এনে এটি গুৰুত্বপূৰ্ণ অঞ্চল আজি খহনীয়াত বিধ্বস্তপ্ৰায়। ১৯৬০ চন মানৰ পৰা চেগা-চোৰোকাকৈ অঞ্চলটোৰ খহনীয়া আৰম্ভ হৈছিল। কিন্তু তেতিয়াৰ চৰকাৰে এই বিষয়ত কোনো তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰিলে। পৰৱৰ্তী দুটা বছৰৰ ভিতৰত খহনীয়াত জাহ গ’ল ঐতিহাসিক খোলাবন্ধা জাহাজঘাট আৰু নামনি অসমৰ ব্যৱসায়-বণিজৰ এক প্ৰাণকেন্দ্ৰ তাৰাবাৰী বজাৰ। আজিৰ বিখ্যাত বহৰি বজাৰখন এই তাৰাবাৰী বজাৰৰ পৰিৱৰ্তে গঢ় লৈ উঠা বজাৰ। এতিয়াও এই বহৰি বজাৰখনক কেন্দ্ৰ কৰিয়েই চৰাঞ্চলত লাখ লাখ মানুহে নিজৰ পেটৰ ভাতমুঠি যোগাৰ কৰি আছে। এইখন বজাৰ আচলতে সাধাৰণ কৃষিজীৱী মানুহৰ জীৱন-জীৱীকাৰ একমাত্ৰ সম্বল।
 এতিয়া এই বহৰি বজাৰখনৰো খহনীয়াৰ বুকুত জাহ যাওঁ অৱস্থা। অথচ বৰ্তমানলৈকে ইয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ১৯৬১-৬২ চনৰ পৰা বৰ্তমানলৈকে এই ঐতিহাসিক অঞ্চলটোৰ প্ৰায় ৫৬ খন গাঁও খহনীয়াত উছন হৈছে। ইয়াৰে চেঙা সমষ্টিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ক্ষতিগ্ৰস্ত গাঁও আৰু পৰিয়ালৰ সংখ্যা হ’ল –

তাৰাবাৰী - (৫০০ পৰিয়াল)
পহুমাৰা - (৭০০)
হেপছা - (১৫০)
বৰঘোল – (২৫০)
চন্দনপুৰ -(২৫০)

বালাপাৰা - (৩৫০)
সুৰন্দৰ - (৩০০)
কাছাৰিপাৰা - (২৭৩)
খোকনবাৰী- (৩০০)
পাজাৰভাঙা - (৩০০)

কলতলি (২৮৭)
আটিয়া - (৩০০)
বৰদিয়া (১৩৬)
খুটাবাৰী - (৭২)

বান্দলি - (৫০) (এটা অংশহে গৈছে)
যাত্ৰাদিয়া -(১২০)
সৰুদিয়া - (২৫০)

 উল্লেখনীয় যে, এই তালিকাখনেই নিৰ্দেশ কৰে দুৰ্ভগীয়া পৰিয়ালবোৰৰ ভাঙোন-গাথা। ভেটি মাটি উছন যোৱা পৰিয়ালবোৰে নিজকে খাপ খুৱাব লগা হৈছে এক অবাঞ্চিত পৰিৱেশৰ মাজত। এয়াই বহৰিৰ খহনীয়াৰ ছবি।
 কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ খহনীয়া ৰোধ আৰু ক্ষতিগ্ৰস্তৰ পুনৰ সংস্থাপনৰ নামতো বহু অভিলাষী আঁচনি যুগুত কৰা হয়, এই আঁচনি ৰূপায়ণৰ নামত টকাও আহে, কিন্তু এই সকলোবোৰৰ ভাগ-বতৰা ওপৰতেই হৈ যায়। ক্ষতিগ্ৰস্ত ৰাইজক ই সামৰি ল’ব নোৱাৰে। দুৰ্ভাগ্যজনক আৰু হতাশাপূৰ্ণ এই ৰূপৰেখা অৰ্থাৎ মূল্যবোধৰ খহনীয়াৰ এইখন ছবিয়ে নদীৰ গৰাখহনীয়াকো চেৰ পেলাই গৈছে।

১৯৭১ চনৰ পৰা ২০০৯ চনলৈ অসমৰ ছখন জিলাৰ খহনীয়াত জাহ যোৱা মাটি-কালিৰ চৰকাৰী তথ্য : (শেহতীয়া বিধানসভাত দাখিল কৰা )

জিলাৰ নাম গৰাখহনীয়াত জাহ বছৰ/নদীৰ নাম
যোৱা মাটিৰ পৰিমাণ
কামৰূপ মুঠ ১৩৩৯৮ বিঘা মাটি গৰাখহনীয়াত জাহ গৈছে
বঙ্গাইগাওঁ মুঠ ১৭৬৮৯ বিঘা
কামৰূপ (মহানগৰ) মুঠ ১৪৮৭৬ বিঘা
বৰপেটা ৪৭,৪০২ বিঘা ১৯৭১ চনৰ পৰা-ব্ৰহ্মপুত্ৰ নদী
৯ বিঘা ২০০০ চনত-মানাহ নদী
৬৫৫ বিঘা ২০০০ চনত-বেকী নদী
১৪৫ বিঘা ২০০১ চনত-ব্ৰহ্মপুত্ৰ নদী
৫৭ বিঘা ২০০১ চনত-বেকী নদী
১২২৯ বিঘা ২০০২ চনত-ব্ৰহ্মপুত্ৰ নদী
১৬৭ বিঘা ২০০২ চনত–বেকী নদী
৮ বিঘা ২০০২ চনত-মানাহ নদী
৭৫১ বিঘা ২০০৩ চনত-ব্ৰহ্মপুত্ৰ নদী
১৫১ বিঘা ২০০৩ চনত-বেকী নদী
৪ বিঘা ২০০৩ চনত-কালদিয়া নদী
২ বিঘা ২০০৩ চনত-টিহু নদী
৪২৫৬ বিঘা ২০০৪ চনত-ব্ৰহ্মপুত্ৰ নদী
১৮৫ বিঘা ২০০৪ চনত-বেকী নদী
৫০ বিঘা ২০০৪ চনত-মানাহ নদী
৫ বিঘা ২০০৪ চনত-কালদিয়া নদী
৯ বিঘা ২০০৪ চনত- টিহু নদী
১৬২৩ বিঘা ২০০৫ চনত ব্ৰহ্মপুত্ৰ নদী
৬৩৪ বিঘা ২০০৫ চনত-বেকী নদী
৩৮৯৭ বিঘা ২০০৬ চনত-ব্ৰহ্মপুত্ৰ নদী
৩৫১ বিঘা ২০০৬ চনত-বেকী নদী
৭ বিঘা ২০০৬ চনত-মানাহ নদী
৫৯৮৭ বিঘা ২০০৭ চনত ব্ৰহ্মপুত্ৰ নদী
৫৩০ বিঘা ২০০৭ চনত বেকী নদী
১৮৪ বিঘা ২০০৭ চনত মানাহ নদী
ওদালগুৰি   ৪৯৩ হেক্টৰ  ২০০৪-০৮ পানচৈ, ৰোত,
ধনশিৰি, কুলচি, ফাগলা
গলামদি, ভোলা আৰু নুনৈ নদী
কৰিমগঞ্জ ৪৯৩ হেক্টৰ ১৯৭১-০৮, লংগাই

 চৰকাৰে বিধান সভাত দাখিল কৰা তথ্যত অকল খহনীয়াৰ তথ্যই দিয়া নাই, একে সময়তে তেওঁলোকে ১৯৭১ চনৰ পৰা ২০০৯ চনলৈকে নগাঁও, নলবাৰী, যোৰহাট, শিৱসাগৰ, গোৱালপাৰা, তিনিচুকীয়া, দৰং, হাইলাকান্দি আৰু কাছাৰ— এইনখন জিলাত হোৱা খহনীয়াৰো হিচাপ দাখিল কৰিছে। সেই তথ্য অনুসৰি ব্ৰহ্মপুত্র নদীতে ৫১,৫,১৫৫ বিঘা মাটি জাহ গৈছে। বৰাকে খহাইছে প্ৰায় ২১২৯ বিঘা মাটি, কুণ্ডিন নদীয়ে খহাইছে ৫৭৪৪ বিঘা বাকী সৰু সৰু নদীবোৰৰ খহনীয়াতো আছেই। তেনেকৈ এতিয়াও মথাউৰিৰ ওপৰত বসবাস কৰা হাজাৰ হাজাৰ পৰিয়ালৰ তথ্যও আছে। কিন্তু চৰকাৰে ইয়াৰ প্ৰতিকাৰৰ বাবে কৰিছে কি?
 এটা সৰু উদাহৰণ। বহৰি সত্ৰ খহনীয়া প্ৰতিৰোধ সমিতিয়ে ২০০৯ চনৰ ২৬ আগষ্টৰ পৰা নিৰন্তৰভাৱে চলোৱা সংগ্ৰামৰ পিছত (ইয়াৰ ভিতৰত উপায়ুক্তৰ পৰা ধৰি বিভাগীয় মন্ত্ৰী, তথা হিমন্ত বিশ্ব শৰ্মা, ভূমিধৰ বৰ্মন আদিক লগ ধৰাটোও আছে আৰু তেওঁলোকৰ আশ্বাসো আছে) ৯ জানুৱাৰী ২০১০ ত বাৰ কোটি পঁচাশী লাখ টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে চৰকাৰে। (বৰপেটাত হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিশ্ৰুতি দিছিল) তাৰ পিছতো বহু স্মাৰক পত্ৰ প্ৰদান কৰা হ’ল। অনুনয়-বিনয় চলিল। কিন্তু এতিয়ালৈকে তাৰ কোনো অগ্ৰগতি নহ’ল।
 চৰকাৰে সময় থাকোঁতে কোনো প্ৰতিকাৰৰ ব্যৱস্থা নকৰে। আচলতে সাধাৰণজনৰ এই দুৰ্যোগে তেওঁলোকৰ হৃদয় গলাব নোৱাৰে। এনেদৰেই মানৱতাৰ প্ৰতি চূড়ান্ত অমনোযোগিতা আৰু অৱহেলা প্ৰদৰ্শন কৰা হয়। মানুহৰ এই ভাঙোন-গাথা শুনি শুনি আমি অভ্যস্ত হৈ পৰোঁ।

খহনীয়াৰ সংস্কৃতি :

 ‘খহনীয়া’ মাত্ৰ এটি শব্দ নহয়, ই এক অৱক্ষয়। এই অৱক্ষয় হয় ভিতৰে বাহিৰে। নদীৰ পাৰেই যে ভাঙে এনে নহয়, ভাঙে মানুহৰ স্বপ্নও। জনপদেই যে নদীৰ গৰ্ভত বিলীন হৈ যায় এনে নহয়। সেই জনপদৰ লগত ধ্বংস হৈ যায় তেওঁলোকৰ সংস্কৃতি। তেওঁলোকৰ আৰ্থ-সামাজিক ইতিহাস।
 জনবসতিপূৰ্ণ গাঁও এখন যেতিয়া গৰাখহনীয়াত জাহ যায়, তেতিয়া গাঁওবাসী বিভিন্ন ঠাইলৈ প্ৰব্ৰজন কৰিবলগা হয়। নৈপৰীয়া লোকসকল অধিকাংশই কৃষিজীৱী, কিছু সংখ্যক লোক মৎস্যশিল্প আৰু মৃন্ময় শিল্পৰ লগতো জড়িত। সেয়ে গাঁও উছন হোৱাৰ লগে লগে তেওঁলোকৰ জীৱীকাও উছন হৈ যায়। ইমান দিনে খেতি কৰি অহা মাটিডৰাই যেতিয়া নদীৰ বুকুত, তেওঁলোকৰ আৰু নতুনকৈ আশা কৰিবলৈ একো নোহোৱা হৈ যায়। সাধাৰণতে অসমৰ গাঁৱৰ মানুহৰ প্ৰধান জীৱীকা কৃষিয়েই। কিন্তু মাটি নাই, গৰু নাই, নাঙল নাই; সকলো শেষ হোৱাৰ পিছত অস্তিত্বই লুপ্ত হৈ যায়। মাটি হেৰুৱাই তেওঁলোকে বিকল্প জীৱীকাৰ সন্ধান কৰিব লগা হয়। অন্য পেছাত নিযুক্ত হ'ব লগা হয়। ৰিক্সা, ঠেলা চলোৱা, ৰাস্তা-ঘৰ বন্ধা, দিন হাজিৰা কৰা আদিত নিযুক্ত হৈ পৰিয়াল পোহ-পাল দিব লগা হয়।
 জীৱীকা আৰু বাসস্থান সলনি হোৱাৰ লগে লগে সলনি হৈ যায় সমাজ ব্যৱস্থা, শিক্ষা-সংস্কৃতি। যিখন গাঁৱত হিন্দু-মুছলমান আদি বেলেগ ধৰ্মৰ, মিচিং, বৰো, ৰাভা, বামুণ, কলিতা, কোচ আদি বেলেগ বেলেগ বৰ্ণ-গোষ্ঠীৰ মানুহ একেলগে বাস কৰিছিল; নদী ভাঙনৰ ফলত এই গ্ৰাম্য সমাজ ব্যৱস্থাই ভাঙি চূৰমাৰ হৈ যায়। অসমৰ গাঁৱৰ ঐতিহ্যত সকলোৱে সম্প্ৰীতি আৰু সহমৰ্মিতাৰে বাস কৰাটোৱে এক পৰম্পৰা। গাঁও ভাঙি যোৱাৰ লগতে গাঁৱৰ সেই ঐতিহ্য, পৰম্পৰাই ভাঙি যায়। খোলা আকাশৰ তলত অপৰিচিত পৰিৱেশত অপৰিচিত প্ৰতিৱেশীক লৈ নতুন জীৱন আৰম্ভ কৰিব লগা হয়। একেলগে বিহু, ভাওনা পতা, উৎসৱ-পাৰ্বন পালন কৰা, সুখে-দুখে একেলগে থকা গাঁওবাসীৰ সকলো অস্তিত্বই লুপ্ত হৈ যায়। গাঁওবাসীৰ সেই নামঘৰ নাই, সেই স্কুলঘৰ নাই। ইচলামধৰ্মীসকলৰ মছজিদ নাই, ঈদ নামাজ একেলগে কৰা সেই ঈদগাহ ময়দান নাই। ল'ৰা- ছোৱালীয়ে য'ত খেলা-ধূলা কৰিছিল, সেই মুকলি পথাৰখন নাই। আগচোতাল, পিছচোতাল, পাণ-তামোলৰ বাৰী, মাছ ভৰা পুখুৰী সকলো নদী ভাঙোনত বিলীন হৈ যায়। কৃষিভূমি হৈ পৰে উখৰ বালি।
 গৰাখহনীয়াই মুহূৰ্ততে ধনে-ধানে সম্পদশালী পৰিয়ালকো বাটৰ ভিক্ষাৰীত পৰিণত কৰে। ঘৰ-বাৰী, ভেটিমাটি হেৰুৱাই তেওঁলোক অন্য পেছাত নিযুক্ত হোৱাৰ লগে লগে নিজ নিজ সংস্কৃতিও, পৰিয়ালৰ পৰম্পৰাও হেৰাই যায়। অসমত কৃষিজীৱী মানুহৰ প্ৰধান উৎসৱ- বিহু। কিন্তু কৃষিভূমি হেৰুওৱা খেতিয়কৰ ৰঙালীও নাহে, ভোগালীও নাহে। জীৱন-যাপনৰ সৰ্বস্ব হেৰুৱাই তেওঁলোকে কৰ্ম আৰু সংস্থাপন বিচাৰি অন্য ঠাইলৈ ঢাপলি মেলিব লগা হয়। ল’ৰা-ছোৱালীয়ে পঢ়া-শুনা আধাতে এৰিব লগা হয়। ছোৱালীৰ বিয়াৰ বাবে সঁচা ধন খোৱা-পিন্ধাত খৰচ কৰিব লগা হয়। পেটৰ ভাত মুঠি মোকোলোৱাই যেতিয়া প্ৰধান সমস্যা হৈ পৰে, আন কোনো কথা ভবাৰ অৱকাশ নাথাকে। বহুসময়ত মহিলা যুৱতী উপায়হীন হৈ দেহ ব্যৱসায়তো নামিব লগা হয়, ল’ৰা-ছোৱালীক পঢ়া-শুনা এৰুৱাই থ’ব লগা হয় আনৰ ঘৰত কাম কৰাকৈ। চৌধ্যবছৰৰ তলৰ ল’ৰা-ছোৱালীক শ্ৰমিক হিচাপে নিযুক্ত কৰাতো আইন বিৰোধী হ’লেও, পেটৰ ভাত মুঠিটো আইনে যোগাৰ কৰি নিদিয়ে। এজন খাওঁতা কমিলেও পৰিয়ালটোৱে সকাহ পায়। সংসাৰখনৰ জোৰা মাৰিবলৈ কেইটামান টকা আহেও। চৌপাশৰপৰা এনে সমস্যাবোৰ আহে যে পৰিয়ালৰ ভৰণ-পোষণ দিয়াটোৱে কষ্টকৰ হৈ উঠে। মানুহৰ মন-মানসিকতা তেতিয়া ভাঙি যায়। বহু সময়ত মানুহ বিপথগামী হয়।
 এখন গাঁও গৰাখহনীয়াত জাহ যোৱা বা নদী ভাঙোনত এখন গাঁও ভাঙি যোৱা মানে সেই গাঁৱৰ সমাজ, সভ্যতা, সম্পদ, জাতি-ধৰ্মৰ সমন্বয়, ঐতিহ্যময় শিল্প, অনুষ্ঠান-প্ৰতিষ্ঠান, উছৱ-পাৰ্বণ সকলোবোৰেই খহনীয়াত জাহ যায়। সেয়ে খহনীয়াত অকল ভূমিখণ্ডৰে ক্ষয় নহয়,ই সাংস্কৃতিক অৱক্ষয়ৰো কাৰক।

প্ৰতিকাৰ নাই নে গৰাখহনীয়াৰ :
 কৃষিনিৰ্ভৰ অসমৰ বৃহৎ ভূমিখণ্ড জাহ যোৱাৰ পিছত আৰু প্ৰায় পাঁচলাখ কৃষক ৰাইজ ভূমিহীন হোৱাৰ পিছত ৰাজ্যখনত সেই সমস্যাই যিধৰণে গুৰুত্ব পাব লাগিছিল, সেয়া পোৱা নাই। চৰকাৰী উদাসীনতা, বিৰোধী দলৰ উদাসীনতাইও গোটেই সমস্যাটোক প্ৰতিকাৰহীন কৰি পেলাইছে। অট্টালিকাত থকা জনে গৃহহাৰাৰ কথা বুজিব নোৱাৰে, যিদৰে নোৱাৰে কন্টিনেণ্টল খোৱাজনে ভোকাতুৰৰ বেদনা। কিন্তু ৰাইজৰ প্ৰতিনিধিসকল ৰাইজৰ প্ৰতি উদাসীন হোৱাটোৱে স্বৈৰাচাৰী শাসনতন্ত্ৰকে সূচায়। এয়া গণতন্ত্ৰৰ খহনীয়া।
 কৃষক ৰাইজৰ জীৱন গৰাখহনীয়াই দুৰ্বিসহ কৰি তোলাৰ সময়তে বৃহৎ নদীবান্ধৰ আয়োজন চলিছে। এয়া ভূতৰ ওপৰত দানহ। কাৰণ বৃহৎ নদীবান্ধৰ প্ৰভাৱে বানপানী আৰু গৰাখহনীয়া বৃদ্ধি কৰাৰহে সম্ভাৱনা। ৰঙানদী প্ৰকল্পৰপৰা এৰি দিয়া পানীয়ে কিদৰে ধেমাজীৰ ৰাইজলৈ বিপদ মাতি আনিছিল সেয়া সকলোৱে জানে। বৃহৎ নদীবান্ধৰ ফলতে ভূমিহাৰা কৃষকৰ সংখ্যা আকৌ বাঢ়িব, উছন যাব গ্ৰাম্য সাংস্কৃতিক কাঠাম। চৰকাৰী স্বেচ্ছাচাৰীতাৰ বাবেই অসমৰ মাটি বাংলাদেশলৈ হস্তান্তৰ হ’ল। ধুবুৰীৰ সীমান্তৰ কাটাতাঁৰৰ সিপাৰে কৃষিভূমি থকা কৃষক ৰাইজে ইয়াৰ বাবে দুৰ্ভোগ ভূগিব লগা হৈছে। অৰুণাচল, নগালেণ্ডৰ আগ্ৰাসনৰ বাবেও অসমে ভূমি হেৰুৱালে। এইদৰে ভূমিৰ পৰিমাণ সংকুচিত হোৱাৰ পৰিণাম ভুগিছে সাধাৰণ মানুহে, বিশেষকৈ কৃষক ৰাইজে। মহানগৰীত বা চহৰত থকা মন্ত্ৰী-আমোলাৰ ব্যক্তিগত সম্পত্তিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰা নাই।
 বান-গৰাখহনীয়াৰ সমস্যা সমাধান হোৱাটো মন্ত্ৰী-আমোলা-ঠিকাদাৰ আদিৰ শ্ৰেণী এটাই নিবিচাৰে। কাৰণ সমস্যাটো সোণৰ কণী পৰা হাঁহ। ইয়াৰ সমাধান হ’লে কোটি কোটি টকা লুণ্ঠন কৰাৰ সুবিধা তেওঁলোকে ক’ত পাব? চৰকাৰখনৰ কোনো দায়ৱদ্ধতা নাই। বিৰোধীৰ অৱস্থাও তথৈবচ। তেওঁলোকৰ টোপনি নাভাগে। ভুক্তভোগী ৰাইজেও সংগঠিতভাৱে সমস্যাটোক সন্মুখলৈ আনিব পৰা নাই। গতিকে দুৰ্ভাগ্যজনকভাৱে বিষয়টো অৱহেলিত হৈ আছে।
 বিজ্ঞান আৰু প্ৰযুক্তিৰ ইমান অগ্ৰগতিৰ সময়ত গৰাখহনীয়াৰ কোনো প্ৰতিকাৰ নাই বুলি ক’ব নোৱাৰি। এই ক্ষেত্ৰত বিশেষজ্ঞ সকলৰ পৰা পৰামৰ্শ লৈ বিভিন্ন প্ৰচেষ্টা হাতত ল’ব পাৰি। কিন্তু তাৰ আগতে অসমৰ বান-গৰাখহনীয়াৰ সমস্যাটোৱে ৰাষ্ট্ৰীয় সমস্যাৰূপে গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰা উচিত। তেতিয়াহে কেন্দ্ৰীয় চৰকাৰে এই সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব আৰু প্ৰয়োজনীয় পুঁজি আবণ্টন দিব। কিন্তু সেই পুঁজি যাতে সঠিকভাৱে খৰচ হয় তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। কিয়নো এই ক্ষেত্ৰত ৰক্ষকেই ভক্ষক হোৱা দেখা যায়। যিসকলৰ হাতেৰে কামটোৰ নামত ধনৰাশি আহে সেইসকলে কাগজে কলমে ধন খৰচ হোৱা দেখুৱাই ভাগ বতৰা কৰি নিজৰ পকেটত ভৰায়। গতিকে প্ৰতিটো প্ৰকল্পতে ধন খৰচৰ সম্পূৰ্ণ তথ্য ৰাজহুৱা কৰা উচিত, তেতিয়াহে যাতে প্ৰকল্পটো সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰা হয় আৰু এই ক্ষেত্ৰত শুদ্ধ তথ্য নিদিলে শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা উচিত।
 উচ্চ ক্ষমতাযুক্ত ব্ৰহ্মপুত্ৰ উপত্যকা বান-গৰাখহনীয়া আয়োগ এখন গঠন কৰি এই আয়োগৰ বিচাৰৰ দায়িত্বভাৰ অৰ্পণ কৰিলে কামবোৰ সুচাৰুৰূপে হ'ব বুলি আশা কৰিব পাৰি। বান-গৰাখহনীয়াৰ বিষয়টো আয়োগে সামগ্ৰিকভাৱে অধ্যয়ন কৰি প্ৰতিটো দপ্তৰ আৰু কাম-কাজ বিচাৰ কৰি বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনৰ আধাৰত কামত আগবাঢ়িলে কেতবোৰ সমস্যা সামাধান নিশ্চয় হ’ব। অৱশ্যে নিৰ্দিষ্ট সময়ৰ ভিতৰত যাতে কাম সম্পন্ন হয় সেই কথাও আয়োগৰ নখ দৰ্পণত থাকিব লাগিব। আয়োগ যাতে ব্ৰহ্মপুত্ৰ ব’ৰ্ড, জলসম্পদ বিভাগ আদিৰ দৰে বগাহাতীত পৰিণত নহয় সেইটোও বিশেষভাৱে লক্ষ্য ৰাখিব লাগিব।
 বানপানী আৰু গৰাখহনীয়াৰ প্ৰকোপ হ্ৰাস কৰিবলৈ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহক সামৰি বহুমুখী আঁচনি কিছুমান যুগুত কৰি সেই মতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। জল সংৰক্ষণ, জলাধাৰ নিৰ্মাণ, জলসিঞ্চন আদি ব্যৱস্থাৰে জলসম্পদৰ সঠিক ব্যৱহাৰ কৰিলেও বানপানী আৰু গৰাখহনীয়াৰ প্ৰকোপ হ্ৰাস পাব। বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ দুয়োপাৰে বিভিন্ন সুবিধাজনক স্থানত জলাধাৰ নিৰ্মাণ কৰি বাৰিষা তাত অতিৰিক্ত পানীৰ একাংশ জমা কৰি ৰাখিলে বানপানী আৰু গৰাখহনীয়া কিছু পৰিমাণে ৰোধ কৰা যায়। এই জলাধাৰত মাছৰ খেতিও লাভজনক ব্যৱসায়ত পৰিণত হ’ব। ঠিক সেইদৰে সঠিকভাৱে পৰিকল্পিত জলসিঞ্চন ব্যৱস্থায়ো নদীৰ অতিৰিক্ত পানী জমা কৰি প্ৰয়োজনীয় সময়ত ব্যৱহাৰ কৰিব পৰা যাব আৰু ইয়াৰ দ্বাৰা কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি পাব।
 ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত গেদ জমা হৈ তৰাং হোৱা বাবেই বাৰিষা বৰষুণ হ'লেই নদী ভৰি যায় আৰু বান-গৰাখহনীয়াৰ সৃষ্টি কৰে। ইয়াৰ প্ৰতিৰোধৰ বাবে নদীৰ দুয়োপাৰে পৰিকল্পিতভাৱে বৃক্ষৰোপণ কৰিব পাৰি আৰু স্থান বিশেষে ভূমি সংৰক্ষণৰ বাবে বিভিন্ন তৃণ জাতীয় উদ্ভিদ ৰোপণ কৰিব পাৰি। তদুপৰি, ব্ৰহ্মপুত্ৰৰ তলি খননো গৰাখহনীয়া ৰোধৰ এক প্ৰকৃষ্ট উপায়। ড্ৰেজাৰেৰে খনন কাৰ্য অব্যাহত ৰাখিলে নদীৰ বহন ক্ষমতা বৃদ্ধি পাব আৰু পানীৰ সোঁত পোন হৈয়ো থাকিব। এই ব্যৱস্থাৰ ফলস্বৰূপে জলপৰিবহন ব্যৱস্থাও অধিক সুচল হৈ পৰিব।
 বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা মথাউৰিৰ ব্যৱস্থায়ো খহনীয়া আৰু বানপানী ৰোধ কৰিব পাৰে। বিশেষকৈ স্পৰ্শকাতৰ খহনীয়া এলেকাত শিলৰ স্পাৰ বুলহেড আদিৰ নিৰ্মাণ কৰিব পাৰি। অৱশ্যে এই কামৰ দায়িত্ব নিৰ্ভৰযোগ্য, অভিজ্ঞতাসম্পন্ন ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় নিৰ্মাণ সংস্থাকহে দিয়া উচিত হ’ব। আৰু এই নিৰ্মাণ কাৰ্যৰ গুণগত মান সম্পৰ্কে বিশেষজ্ঞ কমিটিয়ে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। এই বিষয়টোৰ ওপৰত এইবাবেই গুৰুত্ব দিয়া উচিত কাৰণ মথাউৰি বন্ধাৰ নামত ইতিমধ্যে এটা শ্ৰেণী বিশেষভাৱে লাভবান হৈছে। স্থানীয় ঠিকাদাৰ, চৰকাৰী বিষয়া, অভিযন্তা আৰু কিছুমান বিশেষ নিৰ্মাণ সংস্থাই কৰি অহা জলসম্পদ ব্যৱহাৰৰ বিভিন্ন প্ৰকল্প, মথাউৰি নিৰ্মাণ আদিৰ কামবোৰে বিশ্বাসযোগ্যতা হেৰুৱাইছে। গতিকে ইতিপূৰ্বে ঘটি থকাৰ দৰে ৰাজহুৱা ধনৰ যাতে অপচয় নঘটে তাৰ বাবে বিকল্প নীতি অতি প্ৰয়োজনীয়।
 গৰাখহনীয়া প্ৰতিৰোধৰ বাবে এই সমগ্ৰ বিষয়টোৰ গৱেষক, বিশেষজ্ঞ সকলৰ পৰামৰ্শ আৰু মতামত গ্ৰহণ কৰা উচিত। তেওঁলোকে আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিত সুপৰিকল্পিতভাৱে আগবাঢ়িলে এই সমস্যা সমাধানৰ পথ মুকলি হ'ব বুলি আশা কৰিব পাৰি। নিঃসন্দেহে ইয়াৰ বাবে চৰকাৰৰ জনকল্যাণমুখী মনোভাব, সমস্যা সমাধানৰ প্ৰতি আগ্ৰহ আৰু স্বচ্ছ দৃষ্টিভংগী প্ৰয়োজনীয়।

এক জাগৰণৰ প্ৰয়োজন :
 নদীৰ লগতে জড়িত নদীপৰীয়া মানুহৰ জীৱনৰ ভঙা-গঢ়া। কিন্তু এক লহমাতেই গোটেই জীৱন চৰ্যাৰ সুস্থিৰ ছন্দ সলনি হৈ যায়। সেয়ে খহনীয়া কেৱল ভূমিতেই নহয়, খহনীয়া হয় গ্ৰাম্য সমাজ দৰ্শনৰ, খহনীয়া হয় যুগ যুগ ধৰি চলি অহা মানুহৰ সভ্যতাৰ। সেয়ে সমস্যা মাত্ৰ ঘৰ হেৰুওৱাৰ, মাটি হেৰুওৱাৰ নহয়, এটাৰ পিছত এটাকৈ হেৰুওৱাৰ শৃংখল আৰম্ভ হয়। সেয়ে খহনীয়াৰ ৰূপ সৰ্বাত্মক।
 খহনীয়াত সৰ্বস্ব হেৰুওৱা এই লক্ষ্য লক্ষ্য মানুহৰ প্ৰতি চৰকাৰৰ ভূমিকা নগণ্য। জীয়াই থকাৰ অধিকাৰ, শিক্ষা, স্বাস্থ্যৰ অধিকাৰ, খোৱা-পিন্ধাৰ অধিকাৰ সকলো খৰ্ব হয়। তেওঁলোকক যিয়ে পৰিচালনা কৰে, সেই প্ৰতিনিধিসকলে তেওঁলোকক গৰু ছাগলীৰ দৰে গণ্য কৰে। তেওঁলোকৰ ওচৰত ভোটৰ মূল্য আছে, মানুহৰ জীৱনৰ মূল্য নাই। সেয়ে ক’ব পাৰি আজি অসমৰ জনজীৱনত গৰাখহনীয়া অকল নদীয়েই সৃষ্টি কৰা নাই, গৰাখহনীয়াৰ সৃষ্টি কৰিছে ৰাজনীতিয়েও। শাসনৰ বাঘজৰী লোৱাসকলৰ বৰমূৰীয়াসকলৰ, নেতাসকলৰ মূল্যবোধৰ ক্ষেত্ৰতো সৃষ্টি হৈছে ব্যাপক গৰাখহনীয়া। নৈতিকতাৰ অৱক্ষয়ে ভয়ানক ৰূপ ধৰি গৰাখহনীয়াত ভেটি উছন যোৱা সকলৰ ভৱিষ্যত অন্ধকাৰ কৰি দিব বিচাৰিছে। কাৰণ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ আমাৰ সমাজ জীৱনৰ এই খহনীয়াই অভাৱনীয় ৰূপ ধাৰণ কৰি সামূহিক কল্যাণৰ সকলো পথ ৰুদ্ধ কৰি দিছে৷ সেয়ে এই সকলোৰে প্ৰতি জনসাধাৰণ সজাগ হোৱাটোৱে প্ৰথম প্ৰয়োজনীয় কথা।
 খহনীয়া প্ৰতিৰোধৰ বাবে ভুক্তভোগীসকল সংগঠিত হৈ ৰাজ্যভিত্তিক এক আন্দোলন গঢ়ি তুলিব লাগিব। বানপানী আৰু গৰাখহনীয়াত পীড়িতসকলে আঞ্চলিক ভিত্তিতহে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে, ঐক্যবদ্ধভাৱে ৰাজ্যভিত্তিক সামূহিক প্ৰতিবাদ হোৱা নাই। ইয়াৰ বাবে সকলোকে সচেতন কৰি তোলাটো প্ৰয়োজনীয়। খহনীয়াৰ পৰা দূৰত থকা নাগৰিক সকলৰ মাজতো এই মৰ্মস্পৰ্শী উপলব্ধি জগাই তোলাতো জৰুৰী। তদুপৰি এইটো লক্ষ্যণীয় যে অসমৰ বিভিন্ন সমস্যাৰাজি, যেনে - বিদেশী প্ৰব্ৰজন, বৃহৎ নদীবান্ধ আদি কোনোটোৱেই কম গুৰুত্বপূৰ্ণ নহয়; কিন্তু দুৰ্নীতি আৰু নৈতিক দায়ৱদ্ধহীনতা এনে এক শক্তিশালী বাধা যে যাৰ বাবে কোনো সমস্যাৰে সমাধান সম্ভৱ নহয়। সেয়েহে স্বাৰ্থান্ধ ৰাজনৈতিক আমোলাসকল আৰু সুবিধাবাদী সকলক গণশক্তিয়ে বাধ্য কৰাব পাৰিব লাগিব— নৈতিক মূল্যবোধক সন্মান কৰিবলৈ। নহ’লে সকলো সমস্যাই নতুন নতুন ধৰণে মোৰ লৈ থাকিব আৰু সমস্যাক লৈ ৰাজনীতি কৰা চামটোহে উপকৃত হ'ব। সেয়ে গণ জাগৰণ অতি প্ৰয়োজনীয়।

✰✰✰✰

লেখকৰ কথা

 দহ বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতাৰে এই কথা বুজিছোঁ যে শিক্ষকতা মাত্ৰ এক পেছা নহয়, ই এক কঠোৰ অনুশীলন। কাৰণ উচ্চ শিক্ষা এক জীৱন পদ্ধতি। ইয়াত হাতত ধৰি আখৰ শিকোৱা মাত্ৰ নহয়; পৈণত বয়সৰ ল’ৰা-ছোৱালীৰ মাজত এক সঠিক মূল্যবোধ জগাই তোলা আৰু প্ৰেৰণা দিয়াটোৱে উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষকৰ এক দায়িত্ব। আৰু ইয়াকে কৰিবলৈ যাওঁতে শিক্ষকৰ নিজৰে এক মূল্যবোধ থাকিব লাগিব। কিন্তু ইউ জি চিৰ নীতি নিৰ্দেশনা মানি এ পি আই স্কোৰৰ পিছত দৌৰাৰ পিছত শিক্ষাৰ্থীৰ প্ৰতি, সমাজৰ প্ৰতি আমি আমাৰ দায়ৱদ্ধতা কিমান দূৰলৈ পালন কৰিছোঁ – সেইটোও এক বিতৰ্কৰ বিষয়। কাৰণ বিশ্ববিদ্যালয়ৰ জ্ঞান-চৰ্চা বহু সময়ত চৌহদতেই সীমাবদ্ধ অৰ্থাৎ সমাজৰ বৃহত্তৰ জনগোষ্ঠীৰপৰা বিযুক্ত, এলিটিষ্ট। এই ভাবনাই আমাক অসন্তুষ্ট নকৰাকৈ থকা নাই। কাৰণ অসমীয়া ভাষা-সাহিত্যৰ ছাত্ৰ হিচাপে এই কথা বুজিছোঁ যে সমাজ বাদ দি ভাষা আৰু সাহিত্য কোনো বিষয়তে চৰ্চা বা সৃষ্টি সম্ভৱ নহয়। অসমীয়া ভাষা-সাহিত্য পঢ়াৰ লগে লগে অনিবাৰ্যভাৱেই হাত ধৰি উঠি আহিছে সেই সমাজখন। এই সমাজখনৰে এক সমস্যাক তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ মাত্ৰ।






ড. অনুৰাধা শৰ্মা


 ড° অনুৰাধা শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ শিক্ষক। বৃত্তিত শিক্ষক যদিও আনুষ্ঠানিক শিক্ষাৰ পৰিমণ্ডল অতিক্রমি বহল সমাজখনৰ সমস্যাৰ সৈতে এক হ’ব বিচাৰে ড° শর্মা। সেই বুলি বিদ্যায়তনিক কাম-কাজৰ প্ৰতিও তেওঁৰ আগ্রহ কম নহয়। এনে আগ্রহ আছে বাবেই তেওঁ ড° বাণীকান্ত কাকতি: জীৱন আৰু কৃতি, শৈলী আৰু শৈলীবিজ্ঞান, সংহতি আৰু অসমীয়া ভাষা শীর্ষক সময়োপযোগী তাত্ত্বিক গ্ৰন্থ প্ৰণয়ন কৰিছে আৰু বিদ্যায়তনিক সমাজত নিজকে প্ৰতিষ্ঠা কৰিছে।

 সময়ৰ লগে লগে অসমৰ ব্যাপক সমস্যাৰাজিৰ প্ৰতিও তেওঁ সমানে গুৰুত্ব প্ৰদান কৰিছে। ইতিমধ্যে বিভিন্ন কাকত আলোচনীত অসমৰ বিভিন্ন সামাজিক সমস্যাক লৈ তেওঁ বলিষ্ঠভাৱে মাত মাতিছে আৰু মানৱতা, ধৰ্মনিৰপেক্ষতা তথা গণতন্ত্ৰৰ সপক্ষে হোৱা সংগঠন তথা সংগ্ৰামত সহযোগ আগবঢ়াইছে। ‘নিনাদ’ নামৰ মাহেকীয়া আলোচনীখনৰ মুখ্য সম্পাদকৰ দায়িত্ব লৈ সেই আলোচনীখনকো সাহিত্য আৰু জীৱন সংগ্ৰামৰ মুখপত্ৰ কৰি তোলাৰ চেষ্টা কৰিছে।

 সমাজৰ প্ৰতি থকা এই দায়বদ্ধতাৰ বাবেই তেওঁ অসমৰ খহনীয়া পীড়িত মানুহৰ যন্ত্ৰণাক উপলব্ধি কৰিব পাৰিছে। সেই উপলব্ধিৰেই তেওঁ খহনীয়াৰ সমস্যাক তুলি ধৰিব বিচাৰিছে সমাজৰ মাজত। নিজৰ স্বভাৱসুলভ সলতা আৰু উদাহৰণৰ পৰা তত্ত্বলৈ যোৱা বিশেষ শৈলীৰে অসমৰ খহনীয়াৰ এখন সাৰ্থক চিত্ৰ দাঙি ধৰিছেড অনুৰাধাই।

ISBN No. :978-81-909528-6-6