সমললৈ যাওক

গ্ৰাম-সেৱা

ৱিকিউৎসৰ পৰা
​
 

গ্ৰাম-সেৱা

 

লেখক

মোহন দাস কৰমচাঁদ্ গান্ধী

 

অনুবাদক

শ্ৰীখগেশ্বৰ ভূঁঞা

 

গ্ৰাম-সেৱা সাহিত্য প্ৰকাশ ভৱন

চান্দ্‌মাৰী, গুৱাহাটী

​
 

গ্ৰাম-সেৱা

 

লেখক

মোহন দাস কৰমচাঁদ্ গান্ধী

 

অনুবাদক

শ্ৰীখগেশ্বৰ ভূঁঞা

 

গ্ৰাম-সেৱা সাহিত্য প্ৰকাশ ভৱন

চান্দ্ মাৰী, গুৱাহাটী

​
 

প্রকাশক—খগেশ্বৰ ভূঁঞা
উপাচাৰ্য্য
গ্রাম-সেৱক বিদ্যালয়,
গুৱাহাটী

 

প্ৰথম বাৰ ১৯৫৫
মূল্য—আঠ অনা মাত্র

 

প্ৰিণ্টাৰ—শ্ৰীসোণাৰাম বেজ
 নিউপ্ৰেছ, গুৱাহাটী

 

​

গ্ৰাম-সেৱা

:১:

আমাৰ গাওঁ

 গাৱঁত থাকি নিজৰ জীৱন নিৰ্ব্বাহ কৰিবলৈ চেষ্টা কৰা এজন ডেকাই মোলৈ এখন দুঃখজনক চিঠি লিখিছে। তেওঁ ইংৰাজী বেছি নাজানে। এই কাৰণে তেওঁ লিখা চিঠিখন সংক্ষিপ্ত ভাবে হে দিলোঁ।—

 ‘১৫ বছৰ এখন ডাঙৰ গাৱঁত কটাই তিনি বছৰৰ আগত অৰ্থাৎ ২০ বছৰ বয়সত মই এই গাম্য-জীৱনত প্ৰবেশ কৰিছোঁ। ঘৰুৱা পৰিস্থিতিৰ কাৰণে মই কলেজৰ শিক্ষা লাভ কৰি নোৱাৰিলোঁ। আপুনি গাওঁ পুনৰগঠনৰ যি কাম আৰম্ভ কৰিছে সিয়েই মোক গ্ৰাম্য-জীৱন গ্ৰহণ কৰিবলৈ উদগণি দিলে। মোৰ কিছু মাটি আছে, মোৰ গাৱঁৰ বাসিন্দা ২৫০০ জন হব। কিন্তু এই গাৱঁৰ ওচৰ সম্বন্ধলৈ অহাৰ পিচত প্ৰায় তিনি চতুৰ্থাংশৰো ওপৰ মানুহত তলত লিখা কথা খিনি মিলে।

 (১) দলাদলি আৰু হাই কাঁজিয়া

 (২) ঈৰ্ষা-দ্বেষ

 (৩) নিৰক্ষৰতা

 (৪) দুষ্টামী

 (৫) বৈৰিতা

 (৬) বেপৰোৱা ভাব

 (৭) কু-আচৰণ

​  (৮) অন্ধ-বিশ্বাসী ৰক্ষণশীল মনোভাবাপন্ন

 (৯) নিষ্ঠুৰতা

 এই ঠাই ডোখৰ অতি আওহতীয়া। ইয়াত বাহিৰৰ মানুহৰ সমাগম নিচেই কম। কোনো নেতৃস্থানীয় লোকেই এনেকুৱা আওহতীয়া ঠাইলৈ কেতিয়াও নাহে। গাৱঁৰ উন্নতি কৰিবলৈ হলে নেতৃস্থানীয় লোকৰ সমাগম হোৱা উচিত। এই কাৰণে এনেকুৱা গাৱঁত থাকি মই হলে একেবাৰেই হতাশ হৈছোঁ। এই গাওঁ ম‍ই এৰি দিম বুলিয়েই ভাবিছোঁ; এই সম্বন্ধে আপুনি মোক কি পৰামৰ্শ আৰু আদেশ দিব খোজে?”

 ডেকাজনে গাৱঁলীয়া জীৱনৰ যিখিনি বৰ্ণনা দিছে ই যে অতি ৰঞ্জিত তাত কোনো সন্দেহ নাই। তেওঁ যিখিনি কৈছে অৱশ্যে মানিও লব পাৰি। এনেকুৱা অৱস্থাৰ কথা জানিবৰ কাৰণে বেছি দূৰলৈ যাবৰ দৰ্কাৰ নাই। কিয়নো যাৰ শিক্ষা পোৱাৰ সৌভাগ্য ঘটিছে তেওঁ গাৱঁক যথেষ্ট উপেক্ষা কৰি নিজৰ কাৰণে নগৰীয়া জীৱন বাচি লৈছে। যি সকলৰ সেৱাৰ ভাব আছে তেওঁলোকক গাৱলীয়া ৰাইজৰ সেৱাত আত্ম নিয়োগ কৰিবলৈ পঠাই গাৱঁৰ লগত ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰাটোৱেই গ্ৰাম আন্দোলনৰো একমাত্ৰ উদ্দেশ্য। পত্ৰ লিখক ডেকাজনে যিখিনি বেয়া দেখিছে সেইবিলাক গাৱঁলীয়া জীৱনত বদ্ধমূল নহয়। বিশেষকৈ যিসকলে সেৱাৰ ভাবলৈ গাৱঁলৈ যায় তেওঁলোকে সন্মুখত নানা জটিল সমস্যা দেখিলেও তাত নিৰুৎসাহ নহয়। তেওঁলোকে এইটো আগতেই জানে যে গাৱঁত নানা ৰকমৰ জটিল সমস্যা আছে। এই সমস্যা সমাধানত ৰাইজৰ সহযোগ নাপালেও কাম কৰিবই লাগিব। যাৰ কাৰ্য্যকুশলতাত আত্মবিশ্বাস আছে তেওঁ হে সেৱাৰ দ্বাৰাই গাৱঁলীয়া ৰাইজৰ ​জীৱনত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। প্ৰকৃত জীৱন যাপন কৰোতা সকলৰ প্ৰভাৱ ওচৰচুবুৰীয়াৰ ওপৰত নিশ্চয় পৰে। ডেকাজনৰ কঠিনতাৰ কাৰণ বোধকৰো এইটোৱেই যে তেওঁ হয়তো সেৱাৰ ভাবলৈ যোৱা নাই, কেৱল নিজৰ জীবিকা উপাৰ্জ্জনৰ ভাবেৰেহে গাৱঁলৈ গৈছে। মই এইটো মানো যে কেৱল উপাৰ্জ্জনৰ পথ বিচাৰিহে যি সকল গাৱঁলৈ যায় তেওঁলোকে গাৱঁলীয়া ৰাইজৰ মন আকৰ্ষণ কৰিব নোৱাৰিব। সেৱা-ভাব নথকা যদি কোনো মানুহ গাৱঁলৈ যায় তেন্তে তেওঁ গাৱঁলীয়া জীৱনত কোনো নতুনত্ব নাপায় বৰং তাক নিৰস যেন হে লাগিব। এতেকে গাৱঁলৈ যোৱা কোনো ডেকাই কঠিন সমস্যা দেখি কিংকৰ্ত্তব্যবিমূঢ় হৈ নিজৰ পথ কেতিয়াও এৰিব নালাগে। ধৈৰ্য্য সহকাৰে যত্ন কৰি থাকিলে এইটো জানিব পৰা যাব যে গাৱঁলীয়া ৰাইজ চহৰ-বাসীতকৈ বেছি ভিন্ন নহয়, প্ৰীতিৰ ভাব ৰাখি বিশ্বাস ভাজন হব পাৰিলে ৰাইজে সহযোগ নকৰাকৈ থাকিব নোৱাৰিব। গাৱঁৰ লগত দেশ-নেতা সকলৰ সম্পৰ্ক যে খুব কম তাত কোনো সন্দেহ নাই।

 গ্ৰাম্য-মনোবৃত্তি বৃদ্ধি হলেহে নেতাসকলে গাৱঁত ঘূৰাফিৰা কৰি তেওঁলোকৰ লগত সজীৱ-সম্পৰ্ক স্থাপিত কৰাৰ আৱশ্যকতা অনুভব কৰিব। কিন্তু চৈতন্য ৰামকৃষ্ণ, তুলসীদাস, কবীৰ, নানক, দাদু, তুকাৰাম, তিৰুৱল্লুৱৰ আদি সাধু সকলৰ গ্ৰন্থৰূপে মহান আৰু শ্ৰেষ্ঠ জনৰ সৎ সঙ্গতো সকলোৱেই এতিয়াও পায়েই আছে। আচলতে টান হৈছে এই স্বায়ী মহত্ত্বপূৰ্ণ কথাবিলাক গ্ৰহণ কৰিবলৈ মনক সক্ষম কৰি তোলাটোহে। যদি কোনোবাই আধুনিক বিচাৰ-ধাৰাৰ ৰাজনৈতিক, আৰ্থিক, সামাজিক আৰু বৈজ্ঞানিক সাহিত্য পাবলৈ অভিলাস কৰে তেন্তে ইয়াৰ কাৰণে যথেষ্ট সাহিত্য পাব পাৰি। কিন্তু এইটো হলে ঠিক যে ধাৰ্ম্মিক সাহিত্যৰ নিচিনাকৈ এই বিলাক সাহিত্য সিমান ​সহজতে পোৱা নাযায়। সাধু সকলে যি কৈছে বা লিখিছে তাকতো সৰ্ব্বসাধাৰণৰ কাৰণেই লিখিছে বা কৈছে। পিচে আধুনিক বিচাৰ-ধাৰা সৰ্ব্বসাধাৰণে গ্ৰহণ কৰিব পৰাকৈ অনুবাদ কৰাৰ অনুৰাগ এতিয়াও পূৰা ভাবে হৈ উঠা নাই। সময়ত যে হব এইটো ঠিক। অতএৱ এই পত্ৰ লেখক ডেকাজনৰ প্ৰতি মোৰ পৰামৰ্শ এই যে নিজৰ যত্নৰ ত্ৰুটি কেতিয়াও কৰিব নালাগে বৰং দুগুণ উৎসাহেৰে কামত লাগি হে থাকিব লাগে। এনেবোৰ কৰাতকৈ গাৱঁক অধিক প্ৰিয় আৰু থাকিবৰ উপযুক্ত কৰি তোলা উচিত। এনেকুৱা সেৱাৰ দ্বাৰা যি কাম কৰা হব সি গাওঁবাসীৰ সম্পূৰ্ণ অনুকূল হব লাগিব।

 নিজৰ পৰিশ্ৰমেৰেই গাৱঁক যিমান পাৰি বেছি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব আৰু নিজৰ যোগ্যতা অনুসৰি গাৱঁৰ নিৰক্ষৰতা দূৰ কৰিব। প্ৰত্যেক ব্যক্তিয়েই এনে কৰিব পাৰে। যদি তেওঁৰ জীৱন পৱিত্ৰ, পাৰ্গত আক পৰিশ্ৰমী হয় তেন্তে তেওঁ যিখন গাৱঁত কাম কৰি আছে তাত নিশ্চয় তেওঁৰ গুণ বিয়পিছে আৰু তাৰ ৰাইজো পৱিত্ৰ, নিপুণ আৰু পৰিশ্ৰমী হৈ উঠিছে।

: ২ :

গাৱঁৰ আৰোগ্য

 আৰোগ্যৰ দৃষ্টিৰে চালে গাৱঁৰ অৱস্থা বৰ শোক লগা। আমি প্ৰধানকৈ দৰিদ্ৰতাৰ কাৰণেই আৰোগ্য সম্পৰ্কীয় আৱশ্যকীয় জ্ঞান লাভ কৰিব পৰা নাই। যদি গাৱঁলীয়া-স্বাস্থ্য ভাল কৰিব পৰা হয় তেহে সহজতে কেবা লাখো টকা ৰাহী কৰিব পৰা যাব আৰু সিমান পৰিমাণেই মানুহৰ অৱস্থাও টনকিয়াল হব। সুস্থ-কৃষকে যিমান কাম কৰিব পাৰিব অসুস্থই সিমান ​কেতিয়াও নোৱাৰে। আমাৰ ইয়াত মৃত্যুৰ সংখ্যা যিমান হব লাগিছিল তাতকৈ বেছি হোৱাত কম লোকচান হোৱা নাই। মানুহে কয় যে আৰোগ্য সম্বন্ধীয় শোকাৱহ অৱস্থা আমাৰ আৰ্থিক দৈন্যতাৰ কাৰণেই হে হৈছে। ইয়াক যদি কেনেবাকৈ দূৰ কৰিব পৰা হয় তেন্তে বেয়া স্বাস্থ্য আপোনা আপুনি ভাল হব। এইখিনি কথা চৰকাৰক সমালোচনা কৰিবৰ কাৰণে বা সকলো দোষৰ বোজা তেওঁলোকৰ ওপৰত জাপি দিবৰ মনেৰে যদিও কোৱা হৈছে তথাপি ইয়াত সত্যতাৰ পৰিমাণ কম বুলি ম‍ই ভাবো! মোৰ অভিজ্ঞতাৰ পৰা মই এইটো কব খোজো যে আৰ্থিক দৈন্যতা আমাৰ অসুস্থতাৰ আংশিক কাৰণ হে। কিমান আৰু ক’ত ক’ত আছে তাক ম‍ই যদিও জানো তথাপি ইয়াত সেই সম্পৰ্কে আলোচনা কৰিবলৈ ইচ্ছা কৰা নাই। কিয়নো এই প্ৰৱন্ধ কেইটা লিখাৰ উদ্দেশ্য হৈছে নিজৰ দোষৰ পৰা হোৱা আৰু সহজতে অলপীয়া খৰচত বা বিনা খৰচত ৰোগ নিবাৰণৰ উপায় আৰু পথ দেখুওৱাটোহে

 বাৰু! এতিয়া আমি এই দৃষ্টি বিন্দুৰেই নিজৰ গাৱঁৰ পৰিস্থিতি বিলাকৰ বিষয়ে বৰ্ণনা কৰো। আমাৰ বেছি ভাগ গাৱেঁই চুৱনি আৰু গোবৰ জাবৰৰ দ’মেৰে পৰিপূৰ্ণ বুলিব পাৰি। মানুহে য’তে ত’তে শৌচ-পেচাব আদি কৰে, আন কি ঘৰৰ চোতাল পৰ্য্যন্ত বাকী নাথাকে। শৌচকৰে কিন্তু তাক যে ঢাকিব লাগে তালৈ অলপো ভ্ৰুক্ষেপকে নকৰে। গাৱঁৰ কোনো বাট পদূলিকেই ভালকৈ ৰখা নাযায়। কোনো ঠাইত হয়তো খালেই হৈ গৈছে, কোনো ঠাইত ঢিপৰ নিচিনাই হৈ উঠিছে। এনেকুৱা খলা-বমা বাট-পদূলিত খোজ কাঢ়োঁতে মানুহৰ আৰু গৰু-পশু আদিৰো কষ্ট হয়। সৰু-বৰ সকলো পুখুৰীতেই গৰু-মহ আদিয়ে পানী খায়, গা ধোৱে আৰু তাতেই পৰিও ​থাকে; ইফালে ডাঙৰ সৰু সকলো মানুহে সেই পুখুৰীতেই গা, কাপোৰ-কানি আৰু বাচন-বৰ্ত্তন আদিও ধোৱে; আন কি শৌচ কৰি আহি পানীও তাতেই হে লয়। তাৰ পাৰত শৌচ কৰাটো যেন কোনো কথাই নহয়! এই পানীকেই আকৌ খোৱাও হয়।

 ঘৰ-দুৱাৰ সাজোঁতেও কোনো প্ৰকাৰৰ নিয়ম-শৃঙ্খলা আদি নামানে। ওচৰ-চুবুৰীয়াৰ সুবিধা অসুবিধা, ঘৰত ৰ’দ, বতাহ আৰু পোহৰৰ ব্যৱস্থা আদি একোলৈকে মন-কাণ নিদিয়ে। সহযোগিতাৰ ভাব নথকাৰ কাৰণে গাওঁবাসীয়ে স্বাস্থ্য ৰক্ষা সম্বন্ধীয় কোনো কামকে কৰিব নোৱাৰে। নিজৰ অৱসৰ সময়ৰ সদব্যৱহাৰ নকৰে বা কৰিবকে নাজানে, ইয়াৰ পৰা তেওঁলোকৰ শাৰীৰিক আৰু মানসিক শক্তিও ক্ষীণ হৈ যায়।

 স্বাস্থ্য-ৰক্ষা সম্পৰ্কীয় সাধাৰণ জ্ঞানৰ অভাৱৰ কাৰণে কোনো বেমাৰ আজাৰ হলে গাওঁবাসীয়ে সহজ আৰু সৰল ঘৰুৱা উপায় আদিৰ পৰিবৰ্ত্তে তন্ত্ৰ-মন্ত্ৰৰ জালত পৰি বিপদহে চপায় লয়। ফলত অনেক টকা-পইচা পানী কৰে, ৰোগ ভাল হওক ছাৰি বেছিকৈ শিপাই লবলৈ হে সুবিধা পায়।

: ৩ :

গাওঁ বা বকৰাণি

 মাণ্টেগু চেমচ্‌ফোৰ্ডৰ সংশোধনত ভাগ লওঁতা মিঃ কাৰ্টিচে ১৯১৮ চনত ভাৰত ভ্ৰমণ কৰাৰ সময়ত আমাৰ গাৱঁৰ বিষয়ে এইদৰে লিখিছে— “আন দেশৰ গাৱঁৰ লগত ভাৰতবৰ্ষৰ গাৱঁৰ তুলনা কৰিলে মোৰ এনেকুৱা লাগে যে ভাৰতবৰ্ষৰ গাওঁবিলাক যেন ৰকৰাণি হে অৰ্থাৎ ময়লা আৰু জাবৰ-জোঁথৰৰ দ’মৰ ​ওপৰতেই অবস্থিত।” এই সমালোচনা ফাঁকি শুনাত বেয়া লাগে যদিও ইয়াৰ সত্যতা কোনেও নুই কৰিব নোৱাৰে। আপুনি যিখন গাৱলৈকে নাযাওঁক পোণ প্ৰথমে ওখ ঠাইত থকা সেই দ’মবিলাকহে চকুত পৰিব। গাৱঁৰ ভিতৰলৈ সোমালেও বাহিৰত দেখা অৱস্থাতকৈ বেছি অন্তৰ যেন দেখা নাযাব। তাৰ বাট-পদূলিবিলাকতো ময়লা আৰু জাবৰৰ দ’মকেই হে দেখিবলৈ পোৱা যাব।আলিবাট আৰু সুকীয়া ৰাস্তাবোৰত লৰাছোৱালী বিলাকে শৌচ কৰি থকা অৱস্থাতে দেখিবলৈ পোৱা যাব। সৰু-বৰ সকলোৱেই য’তে পায় ত’তেই পেচাব কৰা পোৱা যাব। নতুন দৰ্শকে গাওঁ আৰু দ’মবিলাকৰ ভিতৰত বিশেষ প্ৰভেদ দেখিবলৈ নাপাব। বাস্তৱতে বেছি প্ৰভেদ নায়ো।

 এই অভ্যাস যিমানেই পুৰণি নহওক তথাপি ই কুঅভ্যাস। ইয়াক এৰাটো নিতান্ত প্ৰয়োজন। মনুস্মৃতি আদি ধৰ্ম্ম-শাস্ত্ৰবিলাক, কোৰাণ-শৰীফ, বাইবেল আৰু জৰথুস্ত্ৰৰ অনুশাসন পত্ৰত বাট-পদূলি চোতাল, ঘৰ, নদী, নলা, কুঁৱা আদিক অপৰিষ্কাৰ নকৰিবৰ কাৰণে লিখা আছে। কিন্তু আজি আমি সেইবিলাক কোনে মানিছোঁ? আন কি তীৰ্থ-স্থান বিলাক গাৱঁতকৈও অনেক গুণে বেছি লেতেৰা বুলি কলে বঢ়াই কোৱা নহব।

 হৰিদ্বাৰৰ গঙ্গাৰ পাৰত হেজাৰ হেজাৰ নৰনাৰীয়ে লেতেৰা কৰা মই নিজে দেখিছোঁ। মানুহ বহা ঠাইতে যাত্ৰী সকলে শৌচ কৰে, নিজৰ হাত মুখ গঙ্গাতেই ধোৱে আকৌ পুনৰ সেই পানীকেই ভৰাই লয়। তীৰ্থস্থান বিলাকত থকা পুখুৰী বিলাক যাত্ৰী সকলে এই দৰেই লেতেৰা কৰা মোৰ চকুত পৰিছে। এনে কৰাৰ পৰা দয়া-ধৰ্ম্ম লোপ পায় আৰু সমাজ ধৰ্ম্মৰ অৱমাননা কৰা হয়।

​  এনে অসাৱধানতাৰ পৰা বায়ু আৰু পানী উভয়ে দূষিত হয়। হাইজা, টাইফয়েড আদি সংক্ৰামক ব্যাধি বিয়পাত আচৰিত কি? লেতেৰা পানীৰ পৰাই হাইজাৰ উৎপত্তি হয়। টায়ফয়ডৰ বিষয়েও প্ৰায় একেই। এইটো কলে অত্যুক্তি নহব যে শতকৰা ৭৫টা বেমাৰেই এই কু-অভ্যাসৰ বাবে হয়।

 এই কাৰণে গ্ৰাম-সেৱকৰ প্ৰথম ধৰ্ম্ম হব গাওঁবাসীক চাফ্‌ চিকুনতাৰ বিষয়ে শিক্ষা দিয়াটো হে। এই শিক্ষা দিওঁতে বক্তৃতা আৰু বিজ্ঞাপনৰ ব্যৱহাৰ বহুত কম হে হয়। কাৰণ লেতেৰাই ইমান দ লৈকে শিপাই লৈছে যে গাওঁবাসীয়ে স্বেচ্ছাসেৱকৰ কথালৈ কেৰেপকে নকৰে; দৈবাৎ শুনিলেও সেই অনুসৰি কাম কৰিবলৈ আগ্ৰহ নজন্মে। বুলেটিন বিতৰণ কৰিলেও নপঢ়ে। বহুতেই আকৌ পঢ়িবও নাজানে। অনুসন্ধিৎসু নোহোৱা বাবে আমাৰ হতুৱাইও নপঢ়ায়। এই কাৰণে স্বেচ্ছা-সেৱকে পদাৰ্থ-পাঠ দিয়াটো ধৰ্ম্ম হৈ পৰে। গাৱঁলীয়া ৰাইজৰ হতুৱাই যি কৰাব লগীয়া থাকে তাকে নিজেই কৰি দেখুৱাব লাগিব, তেতিয়াহে যদি তেওঁলোকেও কৰিবলৈ ধৰিব। দেখুৱাই দিলে তেওঁলোকে কৰিবই ইয়াত কোনো সন্দেহ নাই। মাত্ৰ ধৈৰ্য্যৰ আৱশ্যক হব। দুদিন মান কৰি দেখুওৱাৰ পিচত তেওঁলোকে আপোনা আপুনি লাগি যাব বুলি কেতিয়াও এই ধাৰণা মনলৈ আনিব নালাগে।

 স্বেচ্ছা-সেৱক সকলে প্ৰথমে গাৱঁলীয়া ৰাইজক গোট খুৱাই তেওঁলোকৰ ধৰ্ম্ম কি তাক বুজাব লাগে। ৰাইজৰ ভিতৰৰ পৰা স্বেচ্ছা-সেৱক ওলাওক কিম্বা নোলাওক চাফ্‌-চিকুণতাৰ কাম আৰম্ভ কৰি দিব লাগে। তেওঁলোকে গাৱঁৰপৰা কোৰ কটাৰী, পাচি-খৰাহি, শোটা-বাঢ়নী আদি গোটাই লব লাগে। ওলোটাই দিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিচতো যাতে ​লোকে কোনো বস্তু দিবলৈ ইতস্ততঃ নকৰে তাৰ কাৰণে সতৰ্ক হৈ থাকিব লাগে। ইয়াৰ পাচত স্বেচ্ছা-সেৱক ওলাই গৈ বাট-পদূলি কেনে ভাবে আছে তাক চাব লাগে। তাৰ পিচত মল-মূত্ৰ ত্যাগ কৰা ঠাইলৈ যাব লাগে। ময়লা দেখিলে কোৰেৰে উঠাই নিজৰ পাচিত ভৰাই লব লাগে আৰু ঠাই ডোখৰত ভাল শুকান মাটি ছটিয়াই দিব লাগে। য’ত মূত পৰি থাকে তাৰো তিতা মাটি কোৰেৰে তুলি পাচিত ভৰাই লৈ সেই ঠাইত ওচৰৰ শুকান বালি বা ভাল মিহি মাটি ছটিয়াই দিব লাগে। ওচৰত যদি কোনো জাবৰ-জোঁথৰ থাকে তেন্তে তাক জাবকাৰে গোটাই দ’মাই ৰাখিব। ময়লা ব্যৱস্থিত ৰূপে ৰখাৰ পিচত জাবৰকো আকৌ সেই দৰেই পাচিৰে কঢ়িয়াই নি ব্যৱস্থিত কৰি ৰাখিব লাগে।

 ময়লা ক’ত পোতা যায় ই এটা ডাঙৰ প্ৰশ্ন। ইয়াক ব্যৱস্থিত ভাবে ৰাখিব পাৰিলে দাম পোৱা যাব আৰু ঠায়ো পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিব। মুকলি ঠাইত পৰি থকা ময়লাৰ পৰা দুৰ্গন্ধ ওলায় আৰু তাত মাখিও পৰে। সেই মাখি আমাৰ গাত পৰেহি তাৰ পাচত আকৌ আমাৰ খোৱা বস্তুৰ ওপৰত পৰি চাৰিও ফালে ৰোগৰ বীজাণু বিয়পায়। এই বিলাক যদি আমি অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰাই চাও তেন্তে দোকানৰ মিঠাই আদি খাবলৈকে মন নোযোৱা হব।

 এই পুতি থোৱা ময়লা খেতিয়কৰ কাৰণে সোণ যেন। কিয়নো ইয়াৰ পৰা বৰ বঢ়িয়া সাৰ তৈয়াৰ হয় আৰু এই সাৰৰ পৰা উৎপন্নৰ পৰিমাণো যথেষ্ট বাঢ়ে। চীনাসকল এই কামত বৰ পাৰ্গত। কোৱা শুনা যায় যে তেওঁলোকে মলমূত্ৰক সোণৰ দৰে ভগাই লৈ কোটি কোটি টকা আয় কৰে আৰু বহুতেই নানা ৰোগৰ পৰাও ৰক্ষা পায়। গতিকে ​সেৱকৰ কৰ্ত্তব্য হব খেতিয়ক ৰাইজক এই কথাটো ভালকৈ বুজাই দিয়া আৰু যদি অনুমতি দিয়ে, সেই মল-মূত্ৰ, জাবৰ-জোঁথৰ আদি তেওঁলোকৰ পথাৰত পোতাটো। যদি কোনো খেতিয়কে নিজৰ মূৰ্খামীৰ দোষত গ্ৰাম-সেৱকৰ কথা উলঙ্ঘা কৰি নিজৰ পথাৰত সেই মল-মূত্ৰ আদি জাবৰ-জোঁথৰ পুতিবলৈ নিদিয়ে তেন্তে অন্য কোনো ঠাই বিচাৰি লৈ পুতিব লাগে। এতিয়া আমি জাবৰ-জোঁথৰৰ কথালৈ আহো।

 জাবৰ দুই ৰকমৰ আছে। এবিধ হৈছে সাৰৰ উপযোগী শাক-পাচলিৰ বাকলি বা অন্যান্য পেলনি যোৱা অংশ, শস্য আৰু ঘাঁহ-বন ইত্যাদি। দ্বিতীয় বিধ হৈছে কাঠৰ চলি, শিল, লোহা আদি। ইয়াৰ ভিতৰত যিখিনি জাবৰ-জোঁথৰ সাৰৰ কাৰণে গোটোৱা হৈছে, তাক সাৰৰ গাঁটত পেলাব লাগে। আৰু দ্বিতীয় বিধ জাবৰক য’ত খাল আদি পুতিব লগা থাকে তাত পেলাব লাগে। ইয়াৰ পৰা গাওঁ পৰিষ্কাৰ হৈ থাকিব আৰু ইচ্ছা মত সুদা ভৰিৰে খোজ কঢ়াত কোনো মস্কিল নাথাকিব। কিছুদিন মেহনত কৰাৰ পাচত এই কথাটো মানুহে ভালকৈ বুজি উঠিব আৰু সহায় কৰিবলৈকো ধৰিব; শেষত গৈ আপোনা আপুনি কৰি লবলৈ বাধ্য হব। প্ৰত্যেক খেতিয়কেই যদি নিজৰ ঘৰৰ মল-মূত্ৰ নিজৰ খেতিতেই ব্যৱহাৰ কৰে তেন্তে ইয়াৰ পৰা কাৰোৰ ভাৰ আনৰ ওপৰত নাথাকিব আৰু সকলোৱেই নিজৰ নিজৰ উৎপন্ন বৃদ্ধি কৰিবলৈ সক্ষম হব পাৰিব। বাট-পদূলিত শৌচ কৰাৰ অভ্যাস কেতিয়াও থাকিব নালাগে। মুকলিত মানুহৰ আগত শৌচ কৰাটো বা লৰা-ছোৱালীৰ হতুৱাই কৰোৱাটোও অসভ্যতা। ই যে অসভ্যতা তাক আমি মানো কাৰণ শেচ কৰি থাকোঁতে যদি কোনোবা ওলায়হি তেতিয়া ​আমি তলমূৰ কৰিব লগাত পৰে। এই কাৰণে প্ৰত্যেক গাৱঁতে ঠায়ে ঠায়ে যিমান পাৰি কম দামী পাইখানা তৈয়াৰ কৰি লব লাগে। জাবৰ-জোঁথৰ দ’মাই থোৱা ঠাইকেই এই কামত লগাব পাৰি। এই দ’মাই থোৱা সাৰ বিলাক খেতিয়কে মিলা-প্ৰীতিৰে ভগাই নিব পাৰে। যেতিয়ালৈকে খেতিয়কে এই বন্দবস্ত কৰি নলয়, তেতিয়ালৈকে গাওঁ-সেৱকে যেনেকৈ বাট-পদূলি চাফ্‌ কৰে সেইদৰেই ঘৰো চাফ্‌ কৰিব। পুৱা সদায় যেতিয়া গাওঁবাসীয়ে শৌচ আদিৰ পৰা নিবৃত্ত হব তেতিয়া নিৰ্দ্দিষ্ট সময়ত সেই ঠাইলৈ গৈ ওপৰত কৈ অহাৰ দৰেই শৌচ, পেচাব, জাবৰ-জোঁথৰ আদি বিধিবদ্ধ ভাবে ব্যৱস্থা কৰি থৈ আহিবগৈ। পথৰুৱা মাটি নাপালে আন ঠাইতে হলেও মল-মূত্ৰখিনি ভালকৈ পুতি চিন দি থৈ আহিব লাগে। এই ধৰণেই সদায় পেলাই যাবলৈ সুবিধা হব। খেতিয়ক-সমাজে যেতিয়া এই কথাটো বুজিব তেতিয়াহে এই সাৰ বিলাকো ব্যৱহাৰ কৰিবলৈ ধৰিব। এই ময়লা বিলাক বেছি দ-কৈ পুতিব নালাগে। পৃথিবীৰ ৯ ইঞ্চি তললৈকে অগণন পৰোপকাৰী জীৱাণু থাকে। সিমান তলত যিহকে পায় তাকে পচাই সাৰ কৰা আৰু গোটেই ময়লাবিলাকক শুদ্ধ কৰাই সিহঁতৰ কাম। সূৰ্য্যৰ কিৰণেও হমুমানৰ নিচিনাকৈ কঠোৰ সেৱা কৰে। এই কথাটো যি পৰীক্ষা কৰি চাব খোজে তেওঁহে ইয়াক ভালকৈ উপলব্ধি কৰিব পাৰিব। অলপ মান ময়লা লৈ ৯ ইঞ্চি দ কৰি পুতিব আৰু ইয়াক ভালকৈ জানিবৰ কাৰণে প্ৰতি সপ্তাহে মাটি গুচায় চাই থাকিব; ই কেনেকুৱা হয়। এই ময়লাৰে কোনো ভাগ তিনি চাৰি ফুট দ কৰিও পুতি চাব, তাৰ পৰিবৰ্ত্তন কেনে হয়। ইয়াৰ পৰা অভিজ্ঞতা অৰ্জ্জন ​কৰিব পাৰিব। ময়লা সাধাৰণতে বাম-গাঁতত পুতিব লাগে। ইয়াৰ ওপৰত মাটি এনে ভাবে জাপি দিব লাগে যে কুকুৰ শিয়াল আদিয়ে যাতে খানিব নোৱাৰে আৰু দুৰ্গন্ধও যাতে বাহিৰ ওলাবলৈ নাপায়। কুকুৰ আদিৰ পৰা ৰক্ষা কৰিবলৈ হলে কাঁইটেৰে বেঢ়িও দিব পাৰি। ময়লা বাম গাঁতত পুতিবলৈ কোৱাৰ লগে লগে এইটোও কোৱা উচিত হব যে পাইখানাৰ কাৰণে যি খাল খনা হব সি বৰ্গাকৃতি বা দীঘলীয়া ডাঙৰ খাল হব লাগে। কিয়নো পোতা ময়লাৰ ওপৰত আকৌ ময়লা জাপিবৰ আৱশ্যক নকৰিব। আৰু সোনকালে সোনকালে খানিবও নালাগিব। এই কাৰণে প্ৰথম দিন পোতাৰ ওচৰতেই আৰু এটা গাঁত তৈয়াৰ হৈ থাকিব লাগে। গাঁত খানোতে যি গুড়ি মাটি ওলায় তাক এটা পাৰত দ’মাই থ’ব লাগে। দ্বিতীয় দিন ময়লা ব্যৱস্থিত ৰূপে থোৱাৰ পিচত মাটি জাপি ভালকৈ ঢাকি সমান কৰি দিব লাগে। এই ধৰণেই আন গাঁটত বাকলি আদি পুতিব লাগে। কাৰণ ময়লা আৰু বাকলি আদি একেটা গাঁতত পুতিব নোৱাৰি। দুয়োটাতে জীৱাণু বিলাকৰ কাম একে ৰকমৰ নহয়। এতিয়া গাওঁ সেৱকে এইটো বুজিছে চাগৈ যে ময়লা পোতা ঠাই সদায় চাফ-চিকুণ আৰু ওখ চাপৰ নোহোৱাকৈ সমান কৰি ৰাখিব লাগে। আনে দেখিলে খেতিৰ কাৰণে উলিওৱা নতুন মাটি যেন দেখিব লাগে। কাঠৰ সৰু টুকুৰা, শিল-গুটি, লোহা আদিকো দ গাঁতত পুতিব লাগে নাইবা গাৱঁত যদি অন্য খাল দোং আদি থাকে তেন্তে তাক পুতিব লাগে। এই কামো সদায় কৰি থাকিলেহে চাফ-চিকুণ হৈ থাকিব পাৰিব।

 প্ৰতি মাহে এই দৰেই বেছি বেছি মেহনত নকৰাকৈয়ে গাওঁ-বাসীয়ে বকৰাণিকো মনোৰম ঠাই কৰি গঢ়ি তুলিব ​পাৰে। ইয়াত পা-পইচা অলপো খৰচ নহয়। চৰকাৰ আৰু ডাঙৰ ডাঙৰ বৈজ্ঞানিকৰ সাহায্যৰো আৱশ্যক নকৰে। লাগে মাত্ৰ দেহে-কেহে খটা গাওঁ সেৱক হে।

 ইয়াত এইটো কবৰ আৱশ্যক নকৰে যে শৌচ আৰু পেচাবৰ কাৰণে যি নিয়ম, পশুৰ গোবৰ আৰু মূতৰ কাৰণেও সেই একে নিয়মেই।

গোবৰ খুঁটি নে সাৰ?

 পিচৰ প্ৰকৰণত আমি মানুহৰ মল-মূত্ৰ বিষয়ে আলোচনা কৰিলো, এতিয়া গৃহ-পালিত জীৱ জন্তুৰ বিষয়ে কৰা হওক। গৰু, ম’হ আদি জন্তুৰ মূত আমি কোনো কামতেই নলগাওঁ। ই সাধাৰণতে লেতেৰা বঢ়াই হে। গোবৰো বেছিভাগ গোবৰ-খুঁটি কৰাতেই ব্যৱহৃত হয়। ইয়াক যদিও সম্পূৰ্ণ দুৰ্ব্যৱহাৰ বুজিব নোৱাৰি তথাপি অতি সামান্য ব্যৱহাৰ বুলি নিসঙ্কোচে কব পাৰি। ম’হ মাৰি শিং ঘটাৰ নিচিনা কথা। খুঁটিৰ উষ্ণতা (তাপ) কম বুলি কয় ৷ হোকা-চিলিম-ধাৰী সকলে ইয়াৰে কাম লয়। পঞ্জাবৰ ফালৰ মানুহবিলাকৰ এইটো ধাৰণা আছে যে গোবৰ-খুঁটিৰ তাপেৰে ভাল ঘিঁউ কৰিব পাৰি। ইয়াত অৱশ্যে কিছু সত্যতা থাকিবও পাৰে। গোবৰৰ পৰা গোবৰ-খুঁটি কৰে বাবেই এই আটাইবিলাক যুক্তি দৰ্শায়। যদি আমি গোবৰক পূৰা ভাবে কামত লগাওঁ তেন্তে কম তাপৰ কাৰণে আৰু অনেক সামগ্ৰী পোৱা যাব পাৰে। এটা গোবৰ-খুঁটিৰ মূল্য যদি এপইচাকৈও ধৰা যায় তেন্তে গোবৰক পূৰা ব্যৱহাৰ কৰিলে এটা গোবৰ-খুঁটিৰ সমান গোবৰৰ মূল্য কমেও দহগুণ বেছি হব। আৰু যদি অপ্ৰত্যক্ষ হানিকো হিচাপত ধৰা হয় তেন্তে সি অনুমানতকৈও বাঢ়িব।

​  সাৰ কৰিলেহে গোবৰৰ সম্পূৰ্ণ সদ্ ব্যৱহাৰ হয়। কৃষি-শাস্ত্ৰজ্ঞ সকলৰ অভিমত এই যে গোবৰ পোৰা মানে মাটিৰ উৎপাদিকা শক্তি কম কৰা। বিনা সাৰৰ খেতি, বিনা ঘিঁউৰ মিঠৈ (লাড়ু) ৰ নিচিনা বুলি ভাবিব লাগে। মোৰ বোধেৰে গোবৰ পুৰি ৰাসায়নিক (কৃত্ৰিম) সাৰ কিনি অনা মূৰ্খ খেতিয়ক ভাৰতবৰ্ষত নহব। খেতিয়কসকলে এইটো জানে যে ৰাসায়নিক (কৃত্ৰিম) সাৰৰ উপকাৰিতা গোবৰৰ তুলনাত বহুত কম। ৰাসায়নিক সাৰত লাভ যিমান লোকচানো সিমান। যদিও বৈজ্ঞানিকসকলৰ গৱেষণা এতিয়াও পূৰ হোৱা নাই তথাপি তেওঁলোকৰ ভিতৰৰ বহুতেই এইটো মানে যে ৰাসায়নিক সাৰ ব্যৱহাৰৰ পৰা শস্যৰ উৎপন্নৰ পৰিমাণ বাঢ়ে আৰু সেউজীয়া ৰংও বাঢ়ে কিন্তু গুণ হলে কমে। অনেক বৈজ্ঞানিকৰ মতে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে বিঘাই প্ৰতি ঘেঁহুৰ উৎপন্ন বেছি হব, উজ্জ্বল হব আৰু দানা (গুটি) বিলাক পূৰঠ হব আৰু প্ৰাকৃতিক সাৰ দিয়া খেতিত যি ঘেঁহু হব তাৰ উৎপন্নৰ পৰিমাণ কম হলেও সোৱাদ আৰু পুষ্টিকৰতা তাতকৈ বহুত ভাল হব, আৰু যতদূৰ সম্ভৱ গবেষণা পূৰ্ণ হলে ৰাসায়নিক সাৰৰ উপকাৰিতা আজি যিমান বুলি অনুমান কৰা হৈছে তাতকৈও বহুত কমিব।

 এইটো হওক কিম্বা নহওক, গোবৰক যে সাৰ হিচাবেহে ব্যৱহাৰ কৰিব লাগে তাত দুটা মত হব নোৱাৰে বা নহয়ো। এই কাৰণে জন্তুৰ গোবৰ, মূত সাৰ হিচাবে ব্যৱহাৰ কৰিবলৈ আৰু সেই সম্বন্ধীয় সম্পূৰ্ণ জ্ঞান গাওঁ সেৱকেইহে ৰাইজকো দিব লাগে। গোবৰ-খুঁটি সম্পৰ্কে ৰাইজৰ মনত যি ভল ধাৰণা আছে তাক দূৰ কৰা, তাৰ পৰিবৰ্ত্তে তেনেকুৱাই আন জুইধৰা বিশেষ সামগ্ৰী (খৰি) অনুসন্ধান কৰি উঁলিৱা, গোবৰ ও মূতক সাৰ হিচাপে ব্যৱহাৰ কৰাৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে ​নিজে ভালকৈ বুজা আৰু আনকো বুজাব পৰাকৈ জ্ঞান অৰ্জ্জন কৰাটো গাওঁ সেৱকৰ কৰ্ত্তব্য। এই আটাই বিলাক বিষয় যিমান ৰস-(ৰুচি) পূৰ্ণ সিমান লাভদায়কো আৰু উদ্যোগী সংশোধকৰ কাৰণে যি তাতেই যথেষ্ট জ্ঞানৰ ভাণ্ডাৰ পৰি আছে। পাঠকে এইটো বোধকৰো নিশ্চয় উপলব্ধি কৰিছে যে মানুহৰ মল-মূত্ৰৰ নিচিনাকৈ, ইয়াৰ কাৰণেও ধন বা বেছি ব্যুৎপত্তিৰ আৱশ্যক নকৰে কিন্তু যি প্ৰেমৰ কথা যোৱা অধ্যায়ত উল্লেখ কৰা হৈছে তেনেকুৱা প্ৰেমৰ ইয়াত নিতান্ত প্ৰয়োজন।

: ৫ :

গাৱঁৰ ৰোগ

 জনশিক্ষাৰ দৃষ্টিত অক্ষৰ জ্ঞানে বহুত গৌণ স্থান পাব লাগে। নাইবা এই দৰেও কব পাৰি যে জীৱনৰ মুখ্য অঙ্গৰ কাৰণে আখৰৰ স্থান নাই— কোনো আৱশ্যকেই নকৰে। মোক্ষ আমাৰ আত্যন্তিক— অন্তিম অৱস্থা। এইটো কোনে নুই কৰিব যে সাংসাৰিক আৰু পাৰলৌকিক মোক্ষৰ কাৰণে আখৰ নালাগে? কোটি কোটি মানুহে আখৰ জ্ঞান নোপোৱা পৰ্যন্ত যদি আমি স্বৰাজ্য লাভলৈ অপেক্ষা কৰি থাকিব লগা হয় তেন্তে স্বৰাজ্য লাভ অসম্ভবেই হৈ পৰিব দেখোন। এইটো কোনেও ডাঠি কব নোৱাৰে যে যীচুখৃষ্ট আদিৰ নিচিনা পৃথিবীৰ মহান শিক্ষক সকলৰ আখৰ জ্ঞান আছিল।

 এই প্ৰবন্ধাৱলীৰ কল্পনা অনুসৰি আখৰ জ্ঞানৰ স্থান আটাইতকৈ শেষত হে দিয়া হৈছে। ই সাধন (আহিলা) হে সাধ্য নহয়। এইটো সকলোৱেই জানো যে আহিলাৰ দৰেই ইয়ো বৰ দৰ্কাৰী বস্তু। কিন্তু কৰ্মব্যস্ত বেছি বয়সীয়া খেতিয়কৰ কাৰণে কোন বিধ জ্ঞানৰ বেছি আৱশ্যক হয় তাক ​ভাবি চালে দেখা যায় যে আখৰ জ্ঞানতকৈও আগতে জানিব লগা এনেকুৱা অনেক কথা আছে যিবিলাকৰ জ্ঞান তেওঁলোকে হয়তো আজিয়েই পোৱা উচিত। মই কেৱল মিঃ ব্ৰেনৰ কিতাপৰ পৰা হে এই সাৰাংশ দিলো। তাতো এই ধৰণেই লিখা আছিল।

 এই দৃষ্টিভঙ্গীকে লৈয়েই আমি গাৱঁৰ চাফচিকুণতাৰ বিষয়ে আলোচনা কৰিছিলো। যোৱা অধ্যায়ত কোৱাৰ দৰে সংশোধিত জ্ঞান কৃষকে সোনকালেই পাব পাৰে। এই জ্ঞান লাভ কৰাত প্ৰধান অন্তৰায় হৈছে কৃষকৰ আলস্য আৰু প্ৰকৃত শিক্ষকৰ অভাৱ। আমি আজি গাৱঁৰ সাধাৰণ ৰোগৰ বিষয়ে আলোচনা কৰোহঁক। গাৱঁত থকা সকলোবিলাক বন্ধুৱেই এইটো ভালকৈ জানে যে গাৱঁত সাধাৰণ বেমাৰ হৈছে জ্বৰ, গ্ৰহণী বা শাওঁপৰা আৰু খহু। ইয়াৰ বাহিৰেও আৰু অনেক বেমাৰ হয় যদিও সেই বিলাকৰ বিষয়ে ইয়াত আলোচনা কৰিবৰ আৱশ্যক নকৰে। যি ৰোগৰ যন্ত্ৰণাৰ পৰা কৃষকৰ কামত ব্যাঘাট জন্মে সিহঁত এই তিনটাই। ইহঁতৰ ঘৰুৱা চিকিৎসাৰ বিষয়ে জনাটো বৰ দৰ্কাৰ। এই কেইটা বেমাৰক উপেক্ষা কৰি আমি কোটি কোটি মানুহৰ লোকচান কৰোঁ। ইহঁতৰ নিবাৰণ অতি সহজে হব পাৰে। স্বৰ্গীয় ডাক্তৰ দেৱৰ তত্ত্বাৱধানত যি কাম চম্পাৰণত আৰম্ভ কৰা হৈছিল তাত এই ৰোগ নিবাৰণৰ বিষয়েও আছিল। গ্ৰাম সেৱক সকলৰ হাতত তিনটা ঔষধৰ বাহিৰে চতুৰ্থটো নাছিল। ইয়াৰ পিচৰ অভিজ্ঞতায়ো ইয়াকেই কয়। এই প্ৰৱন্ধাৱলীত তাৰ উপায়ৰ বিষয়ে লিখিবৰ আৱশ্যক নকৰে। ই পৃথক আৰু সুন্দৰ বিষয়। এই তিনটা ৰোগৰ শাস্ত্ৰীয় (বৈজ্ঞানিক) চিকিৎসা কৰিবলৈ খেতিয়কক শিকাব লাগে; আৰু ইয়াক শিকোৱাটোও অতি সহজ। যদি গাৱঁক চাফ্ ​চিকুণ কৰি ৰখা হয় তেন্তে বহুতো বেমাৰ হবলৈকে নাপায়। চিকিৎসক মাত্ৰেই এইটো জানে যে বেমাৰৰ সৰ্ব্বোৎকৃষ্ট চিকিৎসা হৈছে তাক হবলৈ নিদিয়াটো হে। বদ্‌-হজমী বা অজীৰ্ণ হবলৈ নিদিলে শাওঁ-পৰা বা গ্ৰহণীও বন্ধ হৈ যাব। গাৱঁৰ বতাহ বিশুদ্ধ কৰি ৰাখিলে জ্বৰ নহয়। গাৱঁৰ পানী বিশুদ্ধ কৰি ৰাখিলে আৰু সদায় পৰিষ্কাৰ পানীৰে গাধুলে খহুকাৰ হব নোৱাৰিব। এই তিনিওটাৰ ভিতৰৰ যদি কোনোবা এটা হয় তেন্তে তাৰ ভাল চিকিৎসা হৈছে উপবাস বা লঘোন দিয়া আৰু উপবাসৰ লগতেই কমৰ স্নান আৰু সূৰ্য্য-স্নান। এই সম্বন্ধে বিশদ আলোচনা আৰোগ্যৰ চাবি নামৰ কিতাপত কৰা হৈছে। প্ৰত্যেক গ্ৰাম সেৱককে এই কিতাপখন পঢ়ি চাবৰ কাৰণে পৰামৰ্শ দিব খোজো।

 মই কেউফালৰ পৰা এইটো হে শুনিবলৈ পাওঁ যে গাৱঁত আস্পতাল থকা উচিত। নহলে অতি কম পক্ষে ও একোখন ডিস্পেন্সৰী থাকিবই লাগে। মই হলে ইয়াৰ একো আৱশ্যক যেন নেদেখোঁ। বহুতো গাৱঁৰ ওচৰত এনেকুৱা অনুষ্ঠান থকাটো বেয়া নহয়, যদিও ইয়াত সিমান মহত্ত্ব দিব লগা কথা নাই। য’ত আস্পতাল থাকিব তাত ৰুগীৰ মৰণো থাকিবই। ইয়াৰ পৰা এইটো অনুমান কৰিব নোৱাৰি যে সাত লাখ গাৱঁত যদি সাত লাখ খন আস্পতাল হয় তেন্তে বৰ উপকাৰ হব। গাৱঁৰ ঔষধালয় গাৱঁৰ পাঠশালা বিলাকেই হব আৰু পুথি ভৰাঁলো তাতেই থাকিব। বেমাৰ সকলো গাৱঁতেই হয়, পুথি ভৰাঁলো সকলো গাৱঁতেই হোৱা উচিত; পাঠশালা তো সকলো গাৱঁতে থাকিব লাগিবই। এই তিনিওটাৰ কাৰণে বেলেগ ​বেলেগ ঘৰৰ বিষয়ে ভবা হয় যদি জানিব পৰা যাব যে গোটেই গাৱঁৰ অকল ঘৰ সজোৱাৰ কামতেই কোটি কোটি টকাৰ আৱশ্যক হব আৰু সময়ো যথেষ্ট লাগিব। এই কাৰণে আমি জনশিক্ষা আৰু গাওঁ পুনৰ্গঠনৰ বিষয়ে ভাবোঁতে নিজৰ দেশৰ অসংখ্য সৰ্ব্বহাৰা দৰিদ্ৰ শ্ৰেণীৰ বিষয়েও চিন্তা কৰিব লাগিব।

 এই সম্বন্ধে বিবেচনা কৰোতে যদি আমি আন দেশক লুটি-পুতি খাই ধনী হোৱা প্ৰজাৰ পৰা উঠনাকৈ (বাকী) নললো হেঁতেন তেতিয়া হলে আমাৰ মাজত প্ৰকৃত জাগৃতিৰ সৃষ্টি হ’ল হেতেন আৰু গাৱঁৰ ৰূপো সলনি হ’লহেতেন।

:৬:

কুৱাঁ আৰু পুখুৰী

 আগৰ দিনৰ দৰে আজি কালিও গাঁও বহুৱাবলৈ হলে প্ৰথমে চাব লাগে পানীৰ সুবিধা অসুবিধা টোহে। যদি পানীৰ ভাল সুবিধা নাথাকে বা হবই নোৱাৰে তেন্তে তাত গাওঁ বহুৱাৰ কোনো প্ৰশ্নই মুঠে। দক্ষিণ ফালে এনেকুৱা সকলো প্ৰকাৰৰ সুবিধা থকা শুকান ঠাই পোৱা যায়। কিন্তু পানীৰ অভাৱত গাওঁ বহুৱাব পৰা নহয়। মানুহক প্ৰথমে লাগে বতাহ ইয়াক বিচাৰি কলৈকো যাব নালাগে। দ্বিতীয়তে লাগে পানী। যদিও ইয়াক বতাহৰ দৰে সহজতে পাব নোৱাৰি তথাপি শষ্য উৎপন্ন কৰোতে যিমান কষ্ট হয় ইয়াত সিমান নহয়, কিন্তু যেনেকৈ বতাহ আৰু শষ্য ভাল হব লাগে সেই দৰেই পানীও ভাল হোৱা উচিত।

​  আমি সকলোৱেই এইটো জানো যে গাৱঁৰ ৰাইজে এই বিষয়ে একো নাজানে, জানিলেও অৱহেলা কৰে গতিকে গাওঁ সেৱকে গাওঁ-বাসীক দিব লগীয়া শিক্ষাৰ ভিতৰত খোৱা পানী বিশুদ্ধ কৰাৰ উপায়ো বিশেষ মহত্ত্ব পূৰ্ণ। এই শিক্ষা দিওঁতে সেৱকৰ ধৈৰ্য্যতাৰ পৰীক্ষাও হব। গাওঁ বাসীয়ে নিজে মেহনত কৰি পানী পৰিষ্কাৰ কৰাৰ উপায় বিচাৰিব আৰু ভাবিব বুলি অলপো আশা কৰিব নোৱাৰি। লাহে লাহে গাওঁ-বাসীক পানী পৰিষ্কাৰ কৰি ৰখাৰ নিয়ম বিলাক বুজাব লাগিব। আৰু এই কাম কৰোঁতে তেওঁলোকৰ সহায়ো লব লাগিব। বহুত ঠাইত এনেকুৱাও হোৱা দেখা যায় যে তেওঁলোকৰ ভালৰ কাৰণে কোনো কাম কৰিবলৈ গ’লেও গাওঁ-বাসীয়ে সহায় কৰিবলৈ আগ নাবাঢ়ে। এনে অৱস্থাত সেৱকে অকলে অকলে নিজৰ পৰিশ্ৰমৰ দ্বাৰাই যিমান দূৰ পাৰি কাম পূৰা কৰি গাওঁ-বাসীক লাজ দিবলৈ চাব লাগে।

 এতিয়া আমাৰ কৰ্ত্তব্য কি এই বিষয়ে আলোচনা কৰা যাওক। বহুতো গাৱঁতেই মাত্ৰ এটা পুখুৰী থাকে তাতে গৰু-ম’হ আদিয়ে পানী খায়, মানুহে গা ধোৱে, কাপোৰ ধোৱে, বাচন-বৰ্ত্তন ধোৱে, আৰু সেই পানীকেই খায়ো। আৰোগ্য শাস্ত্ৰৰ তত্ত্ব-বিদ্‌ সকলে পৰীক্ষা কৰি এইটো প্ৰমাণ কৰিছে যে এনেকুৱা পানীত বিষাক্ত জীবাণু (পোক) ৰ জন্ম হয় আৰু এই পানী খালে হাইজা আদি বেমাৰ অতি সোনকালে বিয়পি পৰে। কিছু যত্ন কৰি এনেকুৱা পুখুৰীৰ চাৰিওটা পাৰ গৰু-ম’হ আদি যাব নোৱৰাকৈ বন্ধাই দিব লাগে। ইয়াৰ ওচৰতে গৰু-ম’হ আদিয়ে পানী খাবৰ কাৰণে ডাঙৰকৈ চৌবাচ্চা কৰাই দিব লাগে। এই চৌবাচ্চাত গাৱঁৰ প্ৰতিজন ​ মানুহেই একোকলহ কৈ পানী ঢালি দি যাবলৈ নিয়ম কৰিব লাগে। এনে কৰিলে ঘৰচীয়া জন্তুৱে পানীৰ পৰা বঞ্চিৎ হব নালাগিব।

 যিটো পুখুৰীৰ পানী খোৱা হয় তাত কেতিয়াও বাচন- বৰ্ত্তন কাপোৰ-কানি আদি ধুব নালাগে। ইয়াৰ কাৰণে উপায় দুটা আছে। এটা হৈছে সকলো মানুহে নিজৰ ঘৰলৈ পানী লৈ গৈ তাতেই ধুব। দ্বিতীয়টো হৈছে পুখুৰীৰ ওচৰতে একোটা টেঙ্কী ৰাখিব। তাতে সকলোৱেই নিজৰ ভাগৰ পানী ভৰাই যাব। আৱশ্যক মতে ৰাইজে এই পানী কামত লগাব। গাৱঁৰ ৰাইজৰ মাজত পাৰস্পৰিক সহযোগ আৰু পৰোপকাৰ বৃত্তি হলে হে এই কাম সম্ভৱ হব পাৰিব। প্ৰত্যেক মানুহেই যদি এইদৰে কাম নকৰেও তেন্তে অলপ খৰচতে টেঙ্কী আৰু চৌবাচ্চা ভৰাব পৰা হব। কাপোৰ ধোৱা ঠাইত পানী পৰিলে বোকা হয় এই কাৰণে সেই অংশটে। পকা কৰি লব লাগে। খোৱা পানী ভৰোৱা পাত্ৰটো বাহিৰে-ভিতৰে ভালকৈ পৰিষ্কাৰ কৰি হে পুখুৰীত বুৰাব লাগে। আৰু তাত এনেকুৱা সুবিধা কৰি দিব লাগে যাতে পানী বুৰাওঁতাৰ ভৰি পানীত লাগিবলৈ নাপায়। ই হ'ল এটা উপায়। বহুতো গাৱঁত এটাত কৈও বেছি পুখুৰী থাকে বা খনায়ো লব পাৰি। তাত পানী খোৱা পুখুৰী বেলেগাই থাকিব লাগে।

 বহুত গাৱঁত কুৱাঁ থাকে। এই কুৱাঁ বিলাকৰ পানী পৰিষ্কাৰ হব লাগে। ইয়াৰ কাষত ঠাই থাকিব লাগে বোকা আদি হবলৈ দিব নালাগে। কুৱাঁটো মাজে সময়ে চাফা কৰি থাকিব লাগে। এই বিলাক কাম সেৱক সকলে নিজে কৰিব আৰু গাওঁ-বাসীৰ হতুৱাই ও কৰাব লাগে। এই শিক্ষা সস্তা, প্ৰকৃত আৰু

আৱশ্যকীয়। ​

ঃ ৭ঃ

গাৱঁৰ বাট-পদূলি

 গাৱঁৰ গোবৰ জাবৰৰ দ'ম কেনেকৈ অতাঁব লাগে আৰু তাৰ পৰা স্বাস্থ্যৰ যি ক্ষতি হয় তাক কেনেকৈ নিবাৰণ কবি সুবৰ্ণ ( সোণ ) সদৃশ সাৰ তৈয়াৰ কৰিব পাৰি, গোবৰৰ পৰা গোবৰ-খুঁটি নকৰি তাক সাৰত পৰিণত কৰি গাৱঁৰ উৎপন্ন কেনেকৈ বঢ়াব লাগে নাদ পুখুৰী আদিক চাফ, চিকুণ কৰি ৰাখি আৰোগ্য ৰক্ষা কেনেকৈ কৰিব লাগে এই বিষয়ে আমি আলোচনা কৰি আহিছোঁ।

 এতিয়া আমাৰ গাৱঁৰ বাট- পদূলি বিলাকলৈ মন কৰোঁ। বাট পদুলি বিলাক সাধাৰণতে বেকা-বেকী, আৰু ওখ-চাপৰ তাক দেখিলে এনে অনুমান হয় যেন এই মাত্ৰ ধূলিৰে বন্ধাই থৈ হে গৈছে। তাৰ ওপৰেদি যাওঁতে মানুহ আৰু গাড়ী টনা বলদৰ বৰ কষ্ট হয়। এই কাৰণেই গাড়ী আৰু তাৰ চকা গধুৰ কৰি ৰাখিব লাগে; ফলত বলদে অনাৱশ্যক দুগুণ বোজা ব'ব লগাত পৰে। একেই ধূলিময় বাটত খোজ কঢ়াটোৱেই টান তাতে আকৌ গধুৰ গাড়ী টানিব লগাত পৰে। যদি বাট-পদুলি পকা হয় তেন্তে বলদে দুগুণ বোজা ব'ব পাৰিব,। গাড়ীবিলাক সস্তা হব; আৰু গাৱঁলীয়া ৰাইজৰ স্বাস্থ্যও উন্নতি হব। বাৰিষাৰ চাৰি মাহত বাট পদূলি বিলাকত ইমান বোকা-পানী হয় যে গাড়ী চলোৱা দূৰৰ কথা মানুহে সাঁতোৰি নাইবা এককলীয়া পানীত নামি হে যাব লগা হয়। ইয়াৰ পৰা যি নানা তৰহৰ বেমাৰ বিয়পে তাক ওপৰত কৈ আহিছোৱেই। যি গাওঁ বকৰাণিৰ নিচিনা হৈ থাকে, য'ত নাদ পুখুৰী অলপো তালাপী ​ নকৰে, যাৰ বাট পদূলি মান্ধাতা আমোলৰ নিচিনা হয়, তেন্তে সেই গাৱঁৰ লৰা-ছোৱালীৰ অৱস্থা কিয় ভালে থাকিব? লৰা- ছোৱালীৰ চলন-ফিৰণ আৰু তেওঁলোকৰ সভ্যতা সেই গাৱঁৰ অনুৰূপেই হয়। গাৱঁত লৰা ছোৱালীৰ প্ৰতিপালনৰ অৱস্থাও তথৈবচ অৰ্থাৎ সেই বাট-পদুলিৰ দৰেই হয়। আমি বিষয়ৰ পৰা আতৰি গৈছো গতিকে এই বোৰ ইমানতে এৰো।

 এই বাট-পদূলি বিলাকক কি কৰা উচিত? মানুহৰ মাজত যদি সহযোগৰ ভাবনা থাকে তেন্তে ফুটা কড়ি এটাও খৰচ নকৰাকৈ বা শিলগুটি আদিৰে অলপীয়া খৰচ কৰি গাৱঁৰ ৰাইজে বাট-পদূলি পকা কৰি লৈ গাৱঁৰ মূল্য বঢ়াব পাৰে। আৰু এই সমবায় কামৰ দ্বাৰা সৰু বৰ সকলোৱে বিনা খৰচে প্ৰকৃত শিক্ষা পাব পাৰে। গাৱঁৰ ৰাইজে এইবিলাক কামত যিমান দূৰ পাৰে মজুৰ নলগোৱাকৈ নিজেই কৰি যাব। গাৱঁৰ সকলো বিলাক মানুহ খেতিয়ক হোৱাৰ বাবে নিজৰ কাম নিজে নিজেই কৰি লয়। আৱশ্যক হলে ওচৰ-চুবুৰীয়া বনুৱাৰ সহায় লোৱাটো বেয়া নহয়। দিনে অলপ অলপ সময়ো যদি গাৱঁব ৰাইজে বাট-পদূলি বন্ধোৱাত দিয়ে তেন্তে অলপ দিনৰ ভিতৰতেই বাট-পদুলি ফৰকাল হৈ উঠিব। এই কাৰণে সুৰুকীয়া বাট (ই ঘৰৰ পৰা সি ঘৰলৈ যাব পৰা) আৰু ওচৰ- চুবুৰীয়া গাৱঁলৈ যাব পৰা ডাঙৰ বাটৰ নক্সা তৈয়াৰ কৰি নিজৰ শক্তি অনুসৰি কামৰ তালিকা নিৰ্দ্ধাৰিত কৰিব আৰু সেই মতে কাম কৰাত মটা, মাইকী, ল'ৰা, ছোৱালী সকলোৱেই কম বেছি পৰিমাণে হাত উজান দিব পাৰে। আজি আমাৰ প্ৰবৃত্তি কেৱল কৌটুম্বিক জীৱনতেই সীমাবদ্ধ। গাওঁ সংগঠনৰ আধাৰ কৌটুম্বিক ভাবনাৰ পৰিসৰ গাৱঁলৈকে বিস্তাৰ কৰাৰ ওপৰতহে নিৰ্ভৰ কৰে। ​  গাৱঁৰ শোভা আমাৰ সভ্যতাৰ মাপকাঠি হব লাগে। প্ৰত্যেক পৰিয়ালৰ প্ৰত্যেক মানুহেই যেনেকৈ নিজৰ নিজৰ ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে সেই দৰেই প্ৰত্যেক পৰিয়ালে প্ৰত্যেক গাৱঁৰ কাম কৰিবলৈ সদায় প্ৰস্তুত হৈ থাকিব লাগে। তেতিয়াহে গাৱঁৰ ৰাইজে সুখেৰে থাকিব আৰু স্বাৱলম্বী হব পাৰিব। আজি প্ৰতিটো কথাৰ কাৰণেই চৰকাৰৰ হাত-মুখলৈ চাই থাকিব লগাত পৰিছে। চৰকাৰে ঘৰ চাফ্ কৰি দিয়ক; চৰকাৰে বাট-পদূলি বন্ধাই দিয়ক আৰু মেৰামতিও কৰি থাকক; চৰকাৰে নাদ-পুখুৰী চাফা কৰি ৰাখক; চৰকাৰে লৰা ছোৱালী পঢ়াওক; চৰকাৰে বাঘ-ভালুক আদি হিংস্ৰ জন্তুৰ পৰা ৰক্ষা কৰক আৰু চৰকাৰে আমাৰ ধন-সম্পত্তিও সংৰক্ষণ কৰক। এনে বিলাক ভাবনাই আমাক পঙ্গু কৰি তুলিছে। আৰু ই ক্ৰমে বাঢ়িয়েই আছে লগে লগে কৰ-কাটলৰ বোজাটো বাঢ়িছেই। যদি গোটেই গাৱঁৰ ৰাইজে গাৱঁৰ চাফ, চিকুণতা, শোভা বঢ়োৱা আৰু ৰক্ষাৰ ভাৰ নিজে নিজে লয় তেন্তে অতি কম দিনৰ ভিতৰতে বিনা টকা পইচাৰেই গাওঁবিলাকৰ বহুত সংশোধন হব। অকল ইমানেই নহয় ইয়াৰ বাহিৰেও যাতায়তৰ সুবিধা আৰু স্বাস্থ্যৰ উন্নতিৰ কাৰণেই আৰ্থিক অৱস্থা ভাল হৈ পৰিব। বাট-পদুলি চাফ-চিকুণকৈ ৰাখিবলৈ হলে অলপ বুদ্ধিও খটুৱাব লাগিব। নক্মাৰ কথাটো মই আগতেই কৈছোঁ। সকলো বিলাক গাৱঁৰ বাট-পদূলি ভাল আৰু পকা কৰিবলৈ হলে একেৰকমৰ সুবিধাকে পোৱা নাযায়। কোনো কোনো ঠাইত শিল গুটি পোৱা যাব পাৰে, কোনো কোনো ঠাইত হয়তো ইটা আৰু ডাঙৰ শিলেৰেই কাম চলাব লাগিব। বাট-পদুলি পকা কৰিবৰ কাৰণে কি উপায় অৱলম্বন কৰা হয় ​এইটো গ্ৰাম-সেৱক সকলে নিৰ্ণয় কৰি লব। গাওঁ-সেৱকে ইফালে সিফালে ঘূৰি পকি চাব, আৱশ্যক আৰু সুবিধা হলে চৰকাৰী পদ্ধতিও শিকিব। চৰকাৰে যি উপায়েৰে বাট-পদূলি পকা কৰে তাৰ পৰা কিবা লব লগা থাকিলে লব পাৰে। বহুত ঠাইত গাৱঁৰ বুঢ়া-মেথাৰ এই সম্পৰ্কে ব্যৱহাৰিক জ্ঞান যথেষ্ট থাকে। তাক চাই-বিচাৰি কামত খটুৱাবলৈ গাওঁ-সেৱক অলপো সঙ্কোচিত নহব। লগে লগে আনবিলাক কামৰ দৰেই ইয়াতো নিজৰ মেহনতৰ উদাহৰণ আগত ৰাখি গাওঁ-সেৱকে বাট-পদূলি পকা কৰিবলৈ আৰম্ভ কৰা উচিত।

: ৮ :

কৃষকৰ অৱস্থা উন্নত কৰা

[১]

 যেতিয়ালৈকে শিক্ষিত সকলে খেতিয়কৰ দুৰাৱস্থালৈ চকু-কাণ নিদিব তেতিয়ালৈকে এওঁলোকৰ অৱস্থাৰ পৰিবৰ্ত্তন ঘটাটো সম্ভৱ নহয়।

 কৃষকৰ অৱস্থাৰ বিষয়ে আমাৰ নেতাসকলে খোজখবৰ কৰিছে, কোনো কোনোৱে লিখিছেও, আৰু কাউন্সিলতো আলোচনা চলিছে তথাপি এই অৱস্থা সম্বন্ধে প্ৰত্যক্ষ অভিজ্ঞতা নথকাৰ বাবে প্ৰকৃত সংস্কাৰ একো হোৱা নাই।

 চৰকাৰী কৰ্ম্মচাৰী সকলে কৃষকৰ দুৰাৱস্থাৰ বিষয়ে জানে, বাস্তৱতে তেওঁলোকৰ অৱস্থা বৰ শোক লগা। চাকৰিয়াল সকলে হুকুমৰ দৃষ্টিত অৰ্থাৎ কৰকাটল (খাজনা আদি) আদায় কৰাৰ ​ দৃষ্টিৰেহে কৃষকক দেখে। কৰকাটল যি যিমান বেছিকৈ লগাব আৰু আদায় কৰাব পাৰে তেওঁ সেই আনুপাতেই ৰাজ আজ্ঞাৰ উৎকৰ্ষ সাধন কৰা হয়; তাৰ পুৰস্কাৰ স্বৰূপে উপাধি পায় আৰু তেওঁ সিমান হুঁচিয়াৰ বুলি গণ্য হয়। যি দৃষ্টিৰে আমি কোনো বস্তু পৰীক্ষা কৰিম তাক সেই দৃষ্টিৰেহে চাম এই কাৰণে যেতিয়ালৈকে কৃষকৰ দৃষ্টিৰে কৃষকক চোৱা নহব তেতিয়ালৈকে কৃষকৰ অৱস্থাৰ হুবহু নক্সা আমি দেখা নাপাম।


 তথাপি আমি এই অৱস্থাৰ আন্দাজ অলপ নহয় অলপ নিশ্চয় কৰিব পাৰোঁ। ভাৰতবৰ্ষ কঙ্গাল দেশ। ভাৰতবৰ্ষৰ লাখ লাখ মানুহে এবেলা এসাঁজ খায়েই দেহ কল্পি থাকিব লগাত পৰিছে। ইয়াৰ মানে ভাৰতবৰ্ষৰ খেতিয়ক কঙ্গাল। তেওঁলোকৰ ভিতৰৰ বেছি ভাগেই দিনে এসাঁজকৈহে খাবলৈ পায়।

 এই বিলাক খেতিয়ক কোন? হেজাৰ হেজাৰ বিঘা মাটিৰ মালিকো কৃষক, এবিঘা মাটিৰ গিৰীও কৃষক আৰু যাৰ এবিধাও মাটি নাই, আনৰ মাটি আধি-খণ্ডুৱাকৈ লৈ খেতি কৰে তেওঁ ও কৃষক। ইয়াৰ উপৰিও চম্পাৰণত মই এনেকুৱা বহুতো কৃষক দেখা পাইছিলো যিবোৰে চাহাবৰ গোলামী কৰোঁতে কৰোঁতে জীৱন পাত কৰিব লগা হৈছিল। এনেকুৱা বেলেগ বেলেগ ধৰণৰ কৃষকৰ আচল হিচাপ আমি কেতিয়াও নাপাওঁ। লোক গণনা কৰাৰো নিয়ম আছে। কৃষকৰ অৱস্থা পৰ্য্যবেক্ষণৰ কাৰণে যদি আমি লোক-গণনাৰ খচৰা তৈয়াৰ কৰি লওঁ তেন্তে ই আমাক আশ্চৰ্য্যান্বিত কৰি তুলিব আৰু এনেকুৱা কিছুমান নক্সা দৃষ্টি গোচৰ হব যাক দেখি লাজত আমাৰ মূৰ দোঁ খাব ৷ কৃষকৰ অৱস্থা উন্নত কৰিবলৈ আক কোনে কব? দিনক দিনে অৱস্থা বেয়াৰ ফাললৈ হে ঢাল লৈছে। ​ মই গুজৰাটৰ খেড়া জিলাৰ কথা উনুকিয়াব খোজোঁ । তাৰ কৃষক বিলাক কিছু সুখী বুলি কব পাৰি ৷ তাতো যি সকলে ভাল ঘৰ-দুৱাৰ সজাইছিল সেই বিলাকো আজি বগা কৰিবলৈ সময় কৰিব পৰা নাই। তেওঁলোকৰ শৰীৰত এনেকুৱা তেজ নাই যাক দেখি আমাৰ মনত আশা হব পাৰে। শৰীৰ আশানু- ৰূপ শকট-আৱট নহয়, ল'ৰা-ছোৱালী বিলাকক দুৰ্ব্বল যেন দেখা যায়। গাওঁ বিলাকত প্লে'গ মহামাৰীয়ে ছাটি পেলাইছে । আন আন সংক্রামক ব্যাধিৰ পৰা ও তো হাত সাৰিব নোৱাৰেই । ডাঙৰ ডাঙৰ কৃষক ধাৰত টেটুঁলৈকে পোত খাইছে। মাদ্ৰাজৰ গাওঁ বিলাকলৈ যায় যদি তাৰ বিকট অৱস্থা দেখি গা-মূৰ সিয়ঁৰি উঠিব। যদিও মোৰ খেড়া আৰু চম্পাৰণৰ নিচিনা অভিজ্ঞতা মাদ্ৰাজৰ বিষয়ে নাই ; তথাপি তাত মই যি গাওঁ দেখিছো তাৰ পৰিস্থিতিৰ পৰাই মাদ্ৰাজৰ দৰিদ্ৰতাৰ বিষয়ে আন্দাজ কৰিব পাৰি ।

 ভাৰতবৰ্ষৰ কাৰণে ই এটা বৰ ডাঙৰ সমস্যা। এই সমস্যা সমাধান কেনেকৈ হব পাৰিব ? কৃষকৰ অৱস্থা কেনেকৈ উন্নত কৰিব পাৰি? এই বিষয়ে চিত্তা আমি প্রতিক্ষণেই কৰা উচিত। ভাৰতবৰ্ষ চহৰত নাই, আছে গাওঁ বিলাত হে ৷ বোম্বাই, কলিকতা, মাদ্রাজ আদি সৰু-বৰ সকলো চহৰৰ মানুহ গোটালে এক কোটিতকৈও কম হে হব। ভাৰতবৰ্ষৰ ভাল ভাল চহৰ বিলাকক যদি হিচাপত ধৰা হয় তেন্তে এশৰ ভিতৰতে হব। কিন্তু এশৰ পৰা এহেজাৰলৈ মানুহ থকা গাওঁ ও অপাৰ ওলাব । এই কাৰণে যদি আমি চহৰ বিলাকক সুখী আৰু সংস্কাৰ কৰিব পাৰোঁ ও তত্ৰাচ এই যত্নৰ প্ৰভাৱ গাওঁ বিলাকত খুব কমহে পৰিব। যদি কোনো এখন নৈৰ ​ দুয়ো কাষৰ খাল-ডোং বিলাক চাফ্ কৰিও দিয়া হয় আৰু সেই নৈৰ মাজভাগ যদি লেতেৰা হৈয়েই থাকে তেন্তে তাক চাফ্, কৰাৰ পৰা একো লাভ নহয় । সেই একেই অৱস্থা চহৰ বিলাকৰো । যেনেকৈ নৈ চাফা কৰিলে কাষৰ খাল-ডোং বিলাক আপোনা আপুনি চাফ্ হৈ থাকিব সেই দৰেই যদি আমি আমাৰ গাৱঁলীয়া ৰাইজৰ জীৱনত সংস্কাৰ আৰু বিকাশ কৰাব পাৰো তেন্তে বাকী বিলাক আপোনা আপুনি সংস্কাৰ হৈ পৰিব ।

 এই অৱস্থা কেনেকৈ সংশোধন কৰিব পাৰি? ইয়াক সংশোধন কৰোতে ডাঙৰ সৰু সকলোৱেই কেনেকৈ ভাগ লব পাৰে ? আৰু যদি আমাৰ ভিতৰৰ পৰা সত্যৰ আশ্ৰয়ত নিজৰ কৰ্ত্তব্যত ৰত থকা কোনোবা সৈনিক ওলায় তেন্তে আমি কম সময়ৰ ভিতৰত কেনেকৈ কৃতকাৰ্য্যতা লাভ কৰিব পাৰো এই বিষয়ে আলোচনা পিচত কৰিম ।

[২]

 লক্ষ্ণৌ কংগ্ৰেছৰ সময়ত অহা মিঃ লায়োনল কাৰ্ত্তিচে এঠাইত ভাৰতবৰ্ষৰ নক্সা অঙ্কিত কৰিছিল। তেওঁ কৈছে যে "ভাৰত- -বৰ্ষৰ গাওঁবিলাক গোবৰ-জাবৰৰ দ'ম অর্থাৎ গাওঁবিলাক গোবৰ জাবৰেৰে উপচি আছে। জুপুৰী বিলাক ভগা ঘৰৰ নিচিনা, মানুহ বিলাক দুৰ্ব্বল তথা নিশকতীয়া মন্দিৰবিলাক আছে অনুপযুক্ত ঠাইত। গাৱঁত চাফ-চিকুণতাৰ নাম গোন্ধেই নাই । বাট-পদূলিবিলাক ধুলিৰে পৰিপূৰ্ণ। তাৰ সাধাৰণ দৃশ্য এনেকুৱা যেন গাৱঁৰ ব্যৱস্থাৰ কাৰণে কোনো নায়েই ।

 এই বর্ণনা বিশেষ অতিশয়োক্তি হোৱা নাই বৰং ইচ্ছা কৰিলে আৰু বঢ়াবহে পাৰি৷ সু-ব্যৱস্থিত গাৱঁৰ ৰচনাত ​কোনো নিয়ম থকা উচিত। গাৱঁৰ বাট-পদুলিবিলাক যেনেতেনে নহৈ নিৰ্দিষ্ট আকাৰৰ হব লাগে, আৰু য'ত ভাৰতৰ কোটি কোটি মানুহে শুদা ভৰিৰে খোজ কাঢ়িব লাগে তাৰ বাট- পদূলি ইমান বেছি চাফ-চিকুণ হব লাগে যে তাত শুবলৈয়ো যেন কোনেও আপত্তি নকৰে। বাট-পদূলি পকা আৰু পানী ওলাই যাবৰ কাৰণে দুয়ো কাষে নলা থাকিব লাগে। মন্দিৰ আৰু মছজিদবিলাক ইমান পৰিষ্কাৰ কৰি ৰাখিব লাগে যে তাক যেতিয়াই চোৱা হয় তেতিয়াই নতুন যেন দেখে, আৰু যিসকল তালৈ যায় তেওঁলোকে যেন তাক শান্তি আৰু পৱিত্ৰ তাৰ সঙ্গম-স্থল বুলি মানিবলৈ বাধ্য হয়।

 গাৱঁত আৰু তাৰ আশে পাশে আৱশ্যকীয় আৰু ফল-দায়ক বৃক্ষ থাকিব লাগে। গাৱঁৰ পৰা অলপ আতৰত ধৰ্ম্মশালা আৰু ৰোগীৰ চিকিৎসাৰ কাৰণে এটা সৰু উপচাৰ গৃহ থাকিব লাগে । মানুহৰ দৈনিক অৱস্থাৰ কাৰণে এনেকুৱা ব্যৱস্থা থাকিব লাগে যে বায়ু, পানী, ৰাস্তা আদি যাতে বেয়াই হবলৈ নাপায় ৷ প্ৰত্যেক গাৱঁলীয়াৰ নিজৰ নিজৰ অন্ন-বস্ত্ৰ গাৱঁতে উৎপাদন কৰিব পৰা শক্তি থাকিব লাগে, আৰু চোৰ, ডকাইত, বনৰীয়া হিংসুক জন্তু আদিৰ ভয়ৰ পৰাও ৰক্ষা কৰিব পৰা শক্তি থকা উচিত । ইয়াৰে বেছি ভাগেই এসময়ত ভাৰতবৰ্ষৰ গাওঁবিলাকত আছিল। যিবিলাক নাছিল তাৰ কিজানি সেই সময়ত দৰ্কাৰেই নহৈছিল । আগতে আছিলেই বা নাছিল, কিন্তু মই এতিয়া ওপৰত যিবিলাক ব্যৱস্থাৰ কথা উল্লেখ কৰিছো ; সেই বিলাক যে থাকিব লাগে, তাক কোনেও নুই কৰিব নোৱাৰে । এনেকুৱা গাৱঁকেই স্বাৱলম্বী বুলিব পাৰি আৰু যদি গোটেই গাওঁ এনেকুৱাই হৈ পৰে তেন্তে ভাৰতবৰ্ষৰ দুঃখ বহুতো পাতলিব ।

​  এই অৱস্থালৈ অনাটো একো অসম্ভৱ নহয়। আমি যিমান ভাবিছোঁ সিমান মস্কিলো নহয় । লোকে কয়, যে ভাৰতবৰ্ষত চাৰে সাত লাখ গাওঁ আছে৷ হিচাপ মতে একোখন গাৱঁৰ জনসংখ্যা ৪০০ কৈ পৰে। বহুতো গাৱঁত ১০০০ তকৈ কম মানুহ থাকে । মই ভাবোঁ এনেকুৱা সৰু আৰু কম জন-সংখ্যাৰ গাৱঁত ভাল ব্যৱস্থা কৰাটো অতি সহজ । ইয়াৰ কাৰণে ডাঙৰ ডাঙৰ ব্যাখ্যান বা বিধান সভাৰ আইনৰো আৱশ্যক নক‍ৰে । কেৱল এটা বস্তু লাগে, সি হৈছে আঙুলিৰ মূৰত লেখিব পৰা, শুদ্ধ চিত্তেৰে কাম কৰিব খোজা স্ত্ৰী-পুৰুষৰ দল । তেওঁলোকে নিজৰ আচৰণ আৰু সেৱা-ভাবৰ দ্বাৰা প্ৰত্যেক গাৱঁত আৱশ্যক অনুসৰি সাল-বদল কৰাই লব পাৰে। তেওঁলোক যে ৰাতিয়ে দিনে ইয়াতেই লাগিয়েই থাকিব লাগিব এনেও নহয় । নিজৰ জীৱন নিৰ্বাহৰ কাম কৰিও নিজৰ সেৱা বৃত্তিৰ সংযোগত তেওঁলোকে সেই গাৱঁৰ মহত্ত্ব পূর্ণ পৰিবৰ্ত্তন কৰাব পাৰে ৷

 এনেকুৱা সেৱকক বেছি শিক্ষাৰ আৱশ্যক নকৰে । একেবাৰেই আখৰ জ্ঞান নাথাকিলেও গাওঁ সংস্কাৰৰ কাম কৰিব পাৰিব। ইয়াত চৰকাৰ আৰু ৰজা বাধক হোৱাৰ তো কোনো কথাই নাই, আনকি তেওঁলোকৰ সহায়ো খুব কম হে আৱশ্যক হব। প্রত্যেক গাৱঁৰ পৰাই যদি এনেকুৱা স্বেচ্ছা-সেৱক ওলাই আহে তেন্তে বিনা আড়ম্বৰে, বিৰাট আন্দোলনে গোটেই ভাৰতবৰ্ষৰ কাম হৈ উঠিব আৰু অলপ চেষ্টাতেই কল্পনাতীত ভাবে ফল পোৱা যাব । পাঠকে এইটো সহজতে বুজিব পাৰিছে চাগৈ যে ইয়াত ধনৰো আৱশ্যকতা নাই । লাগিব মাত্র সদাচাৰক অর্থাৎ ধৰ্ম্ম বৃত্তিক হে।

 মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো যে খেতিয়কৰ উন্নতিৰ কাৰণে এইটোৱেই আটাইতকৈ সহজ পথ। ইয়াত ​এখন গাৱেঁ আনখন গাৱঁৰ আদৰ্শলৈ বাট চাই থাকিবৰ আৱশ্যক নকৰে। কোনো গাৱঁত যদি এজনো স্ত্ৰী কিম্বা পুৰুষৰ শুদ্ধ চিত্তেৰে লোক-সেৱা কৰিবলৈ আগ্ৰহ জন্মিছে, তেন্তে তেওঁ সেই মুহূৰ্ত্তেই কাম আৰম্ভ কৰি দিব পাৰে আৰু সেয়েই তেওঁৰ কাৰণে গোটেই ভাৰতবৰ্ষক সেৱা কৰাৰ সমান হব। ম‍ই আশা কৰো যিসকল গাওঁবাসীয়ে মোৰ এই প্ৰৱন্ধটো পঢ়িব তেওঁলোকে যেন মই ইয়াত কোৱাৰ দৰেই কাম আৰম্ভ কৰি দিয়ে আৰু অলপ দিনৰ ভিতৰতে এই প্ৰয়োগৰ ফলাফল দেশবাসীক দেখুৱাবলৈ সমৰ্থবান হয়।

[৩]

 ওপৰোক্ত প্ৰয়োগৰ নিমিত্তে ইয়াত মই মোৰ নিজা অভিজ্ঞতাৰ কথা অলপ কব খুজিছোঁ। চম্পাৰণত স্বাৱলম্বী পাঠশালা খুলিবৰ কাৰণে নিশ্চিত হোৱাত মই কিছুমান গ্ৰাম-সেৱক বিচাৰিলো। তেতিয়া অহা গ্ৰাম-সেৱক সকলৰ ভিতৰত স্বৰ্গীয় ডাক্তৰ দেৱ আৰু গাৱঁৰ উকীল শ্ৰীসোমনো আছিল। এই স্বেচ্ছা-সেৱকসকলে কেৱল তিনিটা কাম কৰিব লগা হৈছিল। ইয়ালৈ অহা লৰা-ছোৱালী বিলাকক পঢ়োৱা, ওচৰচুবুৰীয়া গাৱঁৰ বাট-পদূলি, ঘৰ আদি চাফ্‌ ৰখা, গাৱঁৰ মানুহক শিকুৱা, বুজুৱা আৰ ইয়ালৈ অহা ৰোগী সকলক ঔষধ আদি দিয়া।

 শ্ৰীসোমনক ভিত্তিহৰৱা গাৱঁত ৰাখিছিলো। ডাঃ দেৱে পাঠশালা থকা গাওঁখনত ঔষধ-পাতিৰ ব্যৱস্থা কৰিছিল। এওঁ ও ভিত্তিহৰৱা গাৱঁতেই আছিল। তাৰ মানুহ বিলাকৰ মাত কথা বিলাক অস্পষ্ট আছিল। তাক শুধৰোৱাটো বৰ টান হৈ পৰিছিল। তথাপি ডাঃ দেৱে তাক শুধৰোৱাৰ উপায় বিলাক তন্ন-তন্নকৈ ফঁহিয়াই বুজাই দিছিল। তাত বাট-পদূলি চাফ্ কৰিব লগা ​আছিল আৰু কুঁৱাৰ পাৰৰ ভেৰবিলাক গুচাই তাৰ ঠাইত নতুন মাটি দি পানী ৰব নোৱৰাকৈ হেলনীয়া কৰি বন্ধাই দিবৰ আৱশ্যক হৈছিল। পিচে গাৱঁৰ ৰাইজে ডাঃ দেৱৰ কথালৈ কি ভ্ৰূক্ষেপ কৰিব? শেষত ডাঃ দেৱ আৰু শ্ৰীসোমনে কোৰ লৈ আহি কুঁৱাৰ পাৰ বন্ধোৱা আৰু বাট-পদূলি চাফ্ কৰাৰ কাম আৰম্ভ কৰি দিলে। গাওঁখন সৰু আছিল। এই কথাটো গোটেই গাৱঁত বিজুলীৰ চমকত বিয়পি পৰিল। গাৱঁৰ ৰাইজে ডাঃ দেৱৰ কথা বিলাক এতিয়াহে উপলদ্ধি কৰিব পাৰিছে। ডাঃ দেৱৰ কামত যিমান জোৰ আছিল, বুজুৱাত সিমান নাছিল। গাৱঁৰ ৰাইজে নিজে-নিজে চাফ্ কৰিবলৈ ওলাই আহিল আৰু সেই দিন ধৰি ভিত্তিহৰৱা গাৱঁৰ কুঁৱা, নাদ আৰু বাট-পদূলি সুন্দৰ হৈ আহিবলৈ ধৰিলে। জাবৰৰ দ’ম অদৃশ্য হৈ আহিল ইয়াৰ ভিতৰতে আকৌ পাঠশালাৰ খেৰী ঘৰটো কোনোবা বদমাচে জুই লগাই দিলে। আৰু এটা নতুন সমস্যাৰ উদ্ভৱ হ’ল। এতিয়া কি কৰা যায়? পুনৰ আৰু এটা খেৰৰ ঘৰকেই উঠোৱা হবনে কি? খেৰৰ কৰিলে জানোছা কোনোবাই আকৌ জ্বলায়েই দিয়ে?

 শ্ৰীসোমন আৰু ডাঃ দেৱে পাঠ-শালাৰ কাৰণে এটা পকাঘৰকেই সজাবলৈ থিৰাং কৰিলে। এতিয়া তেওঁলোকে ভালকৈ বক্তৃতা দিব পৰা হ’ল। ঘৰৰ কাৰণে আৱশ্যকীয় বস্তু বেহানি ভিক্ষা কৰিবলৈ ধৰিলে। য’ত আৱশ্যক যেন দেখিছিল তাত পইচাও দিছিল, আৰু দুয়ো মজদুৰী কৰিবলৈ আৰম্ভ কৰি দিলে। ভেটিটোৰ কাম তেওঁলোক দুয়ো লৈছিল। ইয়াকে দেখি গাৱঁৰ ৰাইজো আহে, কাৰীগৰেও যথাশক্তি সহায় কৰিবলৈ ধৰে শেষত ভিত্তিহৰৱা গাৱঁৰ পকা পাঠ-শালা হৈ উঠে। এই পাঠ-শালাই আজিও ইয়াৰ প্ৰমাণ দিয়ে যে দুই এজন লোকেও যদি কাম কৰিবলৈ ​মন কৰে তেন্তে তেওঁলোকে কৰিব নোৱৰা কাম একো নাই। এনে ধৰণৰ কাম এখন গাৱঁতেই নহয়, যি যি গাৱঁত পাঠ-শালা স্থাপন কৰা হৈছিল সেই সেই গাৱঁত অধিক পৰিমাণে হৈ উঠিছিল। শিক্ষক সকলৰ কামৰ আকৰ্ষণ শক্তিৰ বলত হে গাৱঁৰ ৰাইজ কামত লাগিবলৈ বাধ্য হব লগা হৈছিল। এই সেৱা- কাৰ্য্যত বেছি হুঁচিয়াৰীৰ আৱশ্যক নকৰে; লাগে মাত্ৰ অনুৰাগ। ই থাকিলেই হুঁচিয়াৰী আৰু কাৰীগৰী আদি আপোনা-আপুনি আহি পৰে।

 খেড়া জিলাত ফচলৰ আন্দাজ কৰিব লগা হৈছিল। সকলো কৃষকৰ বিনা-সহায়ত এই কাম সমাধা হোৱাৰ সম্ভাৱনা নাছিল। একো-একোখন গাৱঁৰ বিষয়ে একো একোজন স্বেচ্ছা-সেৱকে আৱশ্যকীয় খবৰ গোটাইছিল। অকল এয়েই নহয় নিজৰ সদ্ ব্যৱহাৰ আৰু গুণৰ দ্বাৰা কৃষকৰ মন মোহি পেলাইছিল। বেলেগ-বেলেগ ঠাইৰ এনেকুৱা অনেক উদাহৰণ দিব পাৰোঁ।

 এতিয়া প্ৰাৰম্ভিক কামৰ দৃষ্টিভঙ্গী কেনে হোৱা উচিত এই বিষয়ে জনা দৰ্কাৰ। যি গাৱঁৰ সু-ব্যৱস্থা কৰিবলৈ মন কৰে তেওঁ গাৱঁৰ সুৰুকীয়া বাট-পদূলি বা গলিহে পচন্দ কৰিব। গাৱঁত থকা সকলো মানুহৰ লগত পৰিচিত হব। তেওঁলোকৰ বিপদে-আপদে প্ৰত্যক্ষ ভাবে সহায় কৰিব। গাৱঁৰ বাট-পদূলি চাফ্ কৰাত তেওঁলোকৰ সহায় বিচাৰিব। ওচৰ-চুবুৰীয়াই হাঁহিব, লাজ দিব, অপমান কৰিব, এই বিলাক সেৱকে নীৰবে সহ্য কৰিব আৰু আগৰ নিচিনাকৈয়েই তেওঁলোকৰ দুঃখৰ ভাগ লব আৰু অকলে-অকলে বাট-পদূলি চাফা কৰিব। নিজৰ তিৰোতা, মাক, বাই-ভনী আদিৰো এই কামত ক্ৰমে সহায় পাব। ওচৰ-চুবুৰীয়াই সহায় কৰক কিম্বা নকৰক বাট-পধূলি হলে সদায় চাফ্ ​হৈয়েই থাকিল। আৰু নিজৰ অনুভবৰ পৰাই এইটো বুজি উঠিব যে এই কাম আৰু বেছিদিন কৰি থাকিব নালাগিব। কিয়নো ওচৰ-চুবুৰীয়াই নিজেই এই কাম কৰিবলৈ ধৰিব আৰু বাট-পদূলিৰ সৌৰভ গোটেই গাৱঁতেই বিয়পি পৰিব।

 যদি এনেকুৱা সেৱকৰ বেছি কাম কৰাৰ হাবিয়াহ থাকে আৰু যদি নিজে ভালকৈ পঢ়া-শুনা জনা হয় তেন্তে তেওঁ সেই অঞ্চলৰ সকলো নিৰক্ষৰ লৰা-ছোৱালী আৰু বয়সীয়া লোককো আখৰ জ্ঞান দিব। আৰু যদি সেই ঠাইত কাৰোবাৰ বেমাৰ আজাৰ হয় আৰু পইচা খৰচ কৰি চিকিৎসাও যদি কৰাব নোৱাৰে তেন্তে তাৰ কাৰণে পৰোপকাৰী বৈদ্য বিচাৰি আনিব। বেমাৰীক সেৱা-শুশ্ৰূষা কৰিবলৈ যদি অন্য মানুহ নাথাকে তেন্তে নিজেই কৰিব। ইয়াৰ দ্বাৰাই তেওঁ প্ৰত্যেক ওচৰ-চুবুৰীয়াৰ আৰ্থিক আৰু নৈতিক অৱস্থাৰ বিষয়ে ভাল জ্ঞান লাভ কৰিব পাৰিব আৰু তেতিয়াহে সেই অৱস্থা টনকিয়াল কৰিবলৈ মোৰ পাব আৰু তাৰ কাৰণে আঁচনিও তৈয়াৰ কৰিব পাৰিব। এই দৰেই অৱস্থাৰ সুধৰণী কৰোঁতে কোৰোঁতে তেওঁ নিজৰ ওচৰ-চুবুৰীয়াৰ আৰু তাৰ দ্বাৰাই গোটেই গাৱঁৰ ৰাজনৈতিক স্থিতিৰো কিছু আন্দাজ কৰিব পাৰিব। ইয়াৰ লগে লগেই যদি তেওঁ মানুহ একত্ৰ কৰি কাম লোৱাৰ শক্তি আয়ত্ত্ব কৰিব পাৰে তেন্তে তেওঁ মানুহৰ ৰাজনৈতিক স্থিতিও সুধৰাবলৈ সমৰ্থবান হব। দক্ষিণ আফ্ৰিকা, চম্পাৰণ, খেড়া আদি ঠাইতো মই দেখিছোঁ যে পঢ়িব-শুনিব নজনা মানুহেও নিজৰ একাগ্ৰতা আৰু লোকোপকাৰক বুদ্ধিৰ কাৰণে ভালৰূপে সেৱা কৰিব পাৰিছে আৰু জন-সমাজত প্ৰভাৱো পেলাব পাৰিছে। প্ৰায় গাৱঁতেই এনেকুৱা দুই-এজন কৰ্ম্মঠ স্ত্ৰী-পুৰুষো ম‍ই পাইছো যি এনেবিলাক কাম সুচাৰুৰূপে কৰি যাব পাৰে। ​  এতিয়া আমি চাফ্-চিকণতা, নৈতিক, শাৰীৰিক, তথা আৰ্থিক আৰোগ্যতাৰ বিষয়ে আলোচনা কৰিম। মই আশাকৰো যি সকলে এই কথা মানে, তেওঁলোকে যেন এই নিয়ম অনুসৰি নিজৰ গাৱঁত কাম কৰিবলৈ ধৰে। এয়ে যদি হৈ উঠে তেন্তে আমি অতি কম সময়ৰ ভিতৰতে কিমান যে গাৱঁৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰিম তাৰ কি সীমা আছে?

[৪]

 খেতিয়কৰ অৱস্থাৰ বিষয়ে আলোচনা কৰা হ’ল। গাৱেঁ যে চাফ্-চিকণতাৰ নিয়ম পালন নকৰে এইটোও আমি দেখিছোঁ। “প্ৰথম সুখ নিৰোগী শৰীৰ” অৰ্থাৎ “দেহা থাকিলেই বেহা”। এই যোজনা ফাঁকি যথাৰ্থতে সত্য। অতি অৱস্থাপন্ন লোকেও ৰোগৰ দ্বাৰাই পীড়িত হৈ থাকি নিজৰ অৱস্থা দৈবাৎ হে ঠিক ৰাখিব পাৰে, কিন্তু আমি যি সকলক ওপৰলৈ তুলিব খুজিছোঁ তেওঁলোক যদি ৰোগী হয় তেন্তে ওপৰ উঠিবৰ বেলিকা তেওঁলোকে নিশ্চয় ফোঁপাবই।

 ইংৰাজীত এটা ফকৰা আছে যে “চেচা ভৰিৰে কোনো স্বৰ্গলৈ যাব নোৱাৰে।” ইংলণ্ডৰ নিচিনা চেঁচা দেশৰ মানুহে ভৰি চেঁচা হলে বৰ কষ্ট অনুভৱ কৰে, আৰু তেতিয়াহে ঈশ্বৰলৈ মনত পৰে। আৰু এটা ফকৰাত কৈছে যে “পৱিত্ৰতা এই দৈৱী স্থিতিৰ সমান।” আমি ময়লা বা মলিয়ন্ বাতাৱৰণত থকাৰ কোনে৷ কাৰণ নাই। ময়লাত পৱিত্ৰতা নাথাকে। ময়লা অজ্ঞান আৰু আলস্যৰ নিচান। ইয়াৰ পৰা কৃষকে কেনেকৈ নিস্তাৰ পাব। আহক আমি এতিয়া চাফাইৰ নিয়ম বিলাক পৰীক্ষা কৰি চাওঁ।

 ১। আমাৰ বেছিভাগ বেমাৰৰ উৎপত্তি আমাৰ পাইখানা বা জঙ্ঘললৈ যোৱাৰ অভ্যাসৰ লগত সম্বন্ধ আছে। সুস্থ আৰু ​ডাঙৰ (বয়সত) মানুহ হে শৌচ কৰিবৰ কাৰণে হাবিলৈ যাব পাৰে। ইয়াৰ বাহিৰে বাকীবিলাকৰ কাৰণে পাইখানা নাথাকিলে তেওঁলোকে নলা, গলি বা ঘৰক পাইখানাত পৰিণত কৰি ঠাইবিলাক নষ্ট কৰে আৰু বায়ুকো বিষাক্ত কৰি তোলে। ইয়াৰ কাৰণে আমি দুটা নিয়ম কৰি লব পাৰোঁ। যদি হাবিলৈকে যাব লগা হয় তেন্তে গাৱঁৰ পৰা এমাইল দূৰ হৈ যাব লাগে। তাৰ ওচৰত মানুহৰ ঘৰ থাকিব নালাগে আৰু ৰাস্তাৰ কাষো হব নালাগে; শৌচ কৰাৰ আগতে এটা গাঁট খানিব, শৌচ কৰি অটাই তাক ভালকৈ মাটি দি ঢাকি পেলাব। ঢকা মাটি বিলাক চপৰা হব নালাগে গুড়ি মাটি বা ধূলি হব লাগে। এনেকৈ ঢাকি দিয়াৰ পিচত ময়লা দবি যাব। ইমানকণ কষ্ট উঠায়েই আমি চাফাইৰ এটা ডাঙৰ নিয়ম পালন কৰিব পাৰোঁ। জনা বুজা খেতিয়কসকলে নিজৰ পথাৰতেই হে পাইখানা কৰিব। ইয়াৰ পৰা পথাৰৰ মাটি সাৰুৱা হব।

 শৌচ কৰিবৰ কাৰণে বাহিৰলৈ গলেও প্ৰত্যেকৰেই ঘৰত একোটা পাইখানা থাকিবই লাগে। ইয়াৰ কাৰণে গামলা ব্যৱহাৰ কৰিব পাৰে। ইয়াত শৌচ কৰোতে প্ৰত্যেক মানুহেই ময়লা ঢাক খোৱাকৈ গুড়ি মাটি ছটিয়াই দিব লাগে। এনে কৰিলে দুৰ্গন্ধ নোলায়, মাখিয়ে ভেন্ ভেন্‌ নকৰে আৰু কীটাণু আদিৰো উৎপত্তি নহয়। এই গামলাবিলাক নিয়মিত ৰূপে চাফ কৰি ৰাখিব লাগে। দ গাঁটৰ পাইখানা অকামিলা। কিয়নো পৃথিবীৰ এফুট দ ৰ ভাগত ইমান বেছি পৰিমাণে পোক আদি কীটাণু থাকে যে সিহঁতে ময়লা পোৱা মাত্ৰেই তাক সাৰলৈ ৰূপান্তৰিত কৰাত বেছি পলম নালাগে। বেছি দ কৈ পোতা ময়লাই দুৰ্গন্ধ-যুক্ত গ্যেচৰ উৎপত্তি কৰে আৰু বায়ুকো দোষিত কৰে। ​গাম্‌লা লোহাৰ হলে কলাই কৰা, বা মাটিৰ হলে পালিচ্ কৰা হব লাগে ইয়াতো পইচাৰ আৱশ্যক নকৰে উদ্যমৰ হে আৱশ্যক। পেচাবো য’তে ত’তে কৰিব নালাগে। বাট-পদূলিত পেচাব কৰাটো পাপ বুলি ধৰিব লাগে। পেচাবৰ কাৰণেও গামলা হব লাগে আৰু তাত আৱশ্যক পৰিমাণে মাটি দিব পাৰিলে দুৰ্গন্ধ নহয়, ছিটিকনি উফৰি নাযায়, আন ফালে দি ইয়াৰ পৰা সাৰো পোৱা যায়। প্ৰত্যেক খেতিয়কেই যদি এই নিয়ম বিলাক পালন কৰে তেন্তে তেওঁৰ স্বাস্থ্য-সম্পদ বৃদ্ধি পাব আৰু কাহিল অৱস্থাও কিছু টনকিয়াল হব, কিয়নো তেওঁ বিনা মেহনতেই সুবৰ্ণময় সাৰ প্ৰাপ্ত হব।

 ২:— গাৱঁৰ বাট-পদূলিত থু, শেঙ্গুন, খেকাৰ আদিও পেলাব নালাগে। কিয়নো এনেবিলাক বস্তুত সাধাৰণতে যক্ষ্মা-ৰোগৰ বীজাণু থাকে। খালি ভৰিৰে ফুৰা নিৰোগী মানুহে যদি এই বিলাক গছকে তেন্তে তেৱোঁ যক্ষ্মা-ৰোগত ভূগিব লগাত পৰে। বহুতো দেশত বাট-পদূলিত থুউৱাটো এটা অপৰাধ বুলি ধৰে। পান-বিড়ি খাই থুৱাওঁটা সকলে আনৰ কাৰণে অলপো হিতা-হিত বিবেচনা নকৰে। থু, শেঙ্গুন আদিও য’ত ত’তে নেপেলাই নলা বা মানুহ অহা-যোৱা নকৰা ঠাইত পেলাই তাৰ ওপৰত মাটি দি ঢাকি পেলাব লাগে।

 পানীৰ বিষয়তো কৃষক সকল বৰ অসাৱধান। যি কুঁৱা বা পুখুৰীৰ পৰা খোৱা পানী নিয়া হয়, সি চাফ্ হব লাগে। তাত গছৰ পাত আদি পৰিব লৈ দিব নালাগে, গা-পা ও ধুব নালাগে, পশু আদিকো তাত পৰিবলৈ দিব নালাগে, আৰু তাত কাপোৰো ধুব নালাগে। ইয়াৰো আগতে অলপ মেহনতৰ কাম আছে। কুঁৱা চাফ্ ৰখাটো সহজ কিন্তু পুখুৰী চাফ্ ​ৰখাটো অলপ টান। শিকিলয় যদি ইয়ো সহজ হৈ পৰে। বেয়া আৰু মলিয়ন পানী খাবলৈ ঘিণ কৰিলেই পানী চাফাইৰ নিয়ম পালন কৰা হয়। পানী সদায় ডাঠ পৰিষ্কাৰ কাপোৰেৰে চাকিব লাগে।

 এজনী বুঢ়ীয়ে এখন মেজচাফ্ কৰিছিল। তাক তেওঁ চাবোনেৰে ধুইছিল কিন্তু মচিছিল লেতেৰা সোপা-কানিৰে। কোনো প্ৰকাৰেই মেজ চাফ্ হোৱা নাছিল। বুঢ়ীৰে চাবোনো বদলালে আৰু সোপা-কানি ও বদলালে, কিন্তু মেজ-হলে যেনেই আছিল তেনেই থাকিল। তাকে দেখি এজনে কলে “বুঢ়ী-আই, মচিবলৈ এৰি দিয়াঁ, এডোখৰ পৰিষ্কাৰ কাপোৰ লোৱা যদি মেজ এতিয়াই চাফ্ হৈ পৰিব।” বুঢ়ীয়ে তেতিয়া বুজি পালে। এনেকৈয়ে লেতেৰা কাপোৰেৰে মচিলে বা চাকিলে ভালো নহয় আৰু চেকাও নহয়।

 বাট-পদুলিত যে জাবৰ-জোঁথৰ আদি পেলাব নালাগে এই বিষয়ে বোধ কৰো আৰু বুজাবৰ আৱশ্যক নাথাকিব। জাবৰ-জোঁথৰ ব্যৱস্থিত ৰূপে থোৱাৰ নিয়ম আছে। ভগা কাচ বা চিচা, শিল-গুটি আদি দ কৈ পুতিব লাগে। কাঠৰ ছাল-বাকলি, দাঁতোনৰ টুকুৰা বিলাক ধুই শুকাই লৈ জুই ধৰাৰ কামত লগাব পাৰি। ফটা-কাপোৰৰ টুকুৰা বিলাক বেচিব লাগে নাইবা ধুই পখালি অন্য কামত লগাব লাগে। শাক-পাচলিৰ বাকলি বা পেলনি যোৱা অংশ পুতি থব লাগে, ইয়াৰ পৰা সাৰ হব। এনেকৈ তৈয়াৰ কৰা সাৰৰ দ’ম মই বহুত ঠাইত দেখিছোঁ। ফটা-কানিৰে কাগজ তৈয়াৰ কৰিব পাৰি। গাৱঁত জাবৰ-জোথৰ গোটোৱা মানুহৰ আৱশ্যক হবই নালাগে। কিয়নো তাত জাবৰ বহুত কম ওলায় আৰু যি ওলাব সিয়ো সাৰৰ কাৰণে বৰ উপযোগী।

​  গাওঁ বা ঘৰৰ আশে-পাশে পানী জমি থকা দ খাল-দোং আদি থাকিব নালাগে। য’ত পানী জমি নাথাকে তাত ম’হৰ উৎপত্তি নহয়। য’ত ম’হ নাথাকে তাত মেলেৰীয়া কম হয়। দিল্লীৰ আশে-পাশে পানী বন্ধ হৈ আছিল, এতিয়া সেই বিলাক ঠাই পুতি দিয়াৰ পিচত ম’হ কমি গ’ল আৰু মেলেৰীয়াও কমিল।

 আশা কৰো চাফাইৰ নিয়মেৰে এই প্ৰৱন্ধটো ভৰাই দিলেও কোনেও আপত্তি নকৰিব। কিয়নো এই নিয়মবিলাক পালন কৰাৰ ওপৰতেই ২১ কোটি কৃষকৰ স্বাস্থ্য ৰক্ষাৰ কথাটোৱে নিৰ্ভৰ কৰিছে।

 যি সকল স্বেচ্ছা সেৱকে নিজৰ গাৱঁত এই নিয়ম বিলাকৰ শিক্ষা কৃষক সকলক দিব, তেওঁলোকে গাৱঁলীয়া ৰাইজৰ আয়ুস বঢ়াব, ৰোগ নিবাৰণৰ মহান্ উপায় তেওঁলোকৰ হাতত দিব। এই কাম কৰাটো আটাইতকৈ টান, কিয়নো ইয়াক ভাল পোৱা মানুহ বহুত কম। তথাপি এদিন নহয় এদিন এইটো কৰিবই লাগিব। এই ধৰ্ম্ম পালন কৰোঁতে ভুলৰ অবকাশ নাই। যিমান পালন কৰা যায় সিমান ফল পোৱা যাব। যি সকলে এই কাম আৰম্ভ কৰিব তেওঁলোকে বছৰ দিনৰ ভিতৰতে নিজৰ গাৱঁৰ স্বাস্থ্য শুধৰণী কৰিবলৈ সমৰ্থবান হব পাৰিব।

: ৯ :

গ্ৰাম- সেৱা

 [ উপবাসৰ পিচত, বিছনাত পৰি পৰিয়েই গান্ধীজীয়ে মহত্ত্বপূৰ্ণ কাম বিলাকত মনোযোগ দিবলৈ ধৰে। গুজৰাট বিদ্যাপীঠৰ কেইজনমান কাৰ্য্যকৰ্ত্তাই বিদ্যাপীঠৰ ভবিষ্যৎ কাৰ্য্যক্ৰমৰ ​বিষয়ে আলোচনা কৰিবলৈ ৱৰ্দ্ধালৈ আহিছিল। সেই আলোচনা গ্ৰাম সেৱা তথা হৰিজন কামৰ লগত বিশেষ সম্বন্ধ থকাৰ কাৰণে ইয়াৰ সাৰাংশ সংক্ষেপে তলত দিলোঁ। ম, দে ]

জঙ্গম-বিদ্যাপীঠ

 আৰম্ভৰে পৰাই মই এইটো মানি আহিছোঁ আৰু কৈয়ো আহিছোঁ যে বিদ্যাপীঠৰ প্ৰকৃত কাম গাৱঁতেই হে হব লাগে কিন্তু আজি পৰ্য্যন্ত এইটো আমাৰ কল্পনাতেই হে আছে। আৰু আমি ভাবো যে এনেবিলাক কাম কোনো কেন্দ্ৰীয় অনুষ্ঠানৰ যোগেদিহে কৰিব পাৰি। আজি মই আৰু এখোজ আগবাঢ়িবলৈ হে কওঁ। আমাৰ বিদ্যাপীঠ বিলাক এতিয়া গাৱঁত হে বহিবগৈ লাগে। বিদ্যাপীঠ বিলাক গাৱঁত গৈ কিয় বহিব লাগে ইয়াৰ অভিপ্ৰায় বুজি লোৱাটো উচিত হব।

 আমাৰ সত্যাগ্ৰহ আশ্ৰমৰ বাহ্য-ৰূপ ভাঙ্গি দিয়াৰ অৰ্থ এইটো নহয় যে আশ্ৰমৰ প্ৰকৃত ৰূপো ভাঙ্গি দিয়া হৈছে। আশ্ৰমবাসী সকলে য’ত থাকি আশ্ৰমৰ আদৰ্শ অনুসৰি আচৰণ কৰে সেয়েই আশ্ৰম।

 এই দৃষ্টিৰে চালে এতিয়া আশ্ৰম বিলাকে ব্যাপক ৰূপ ধাৰণ কৰা হে বুলিব পাৰি। জীৱিত অনুষ্ঠানৰ এইটো উদ্দেশ্যই হব লাগে যে তাত যি ব্যক্তি তৈয়াৰ হয়, তেওঁ সেই অনুষ্ঠানক নিজৰ জীৱন-ক্ষেত্ৰত প্ৰত্যক্ষ কামত খটুৱাই দেখুৱাব।

 যেতিয়া এনেকুৱা বহুত ব্যক্তি তৈয়াৰ হৈ যাব তেতিয়া সেই অনুষ্ঠানৰ মূল ৰূপ নাথাকিলেও কোনো হানি হোৱাৰ সম্ভাৱনা নাই।

 এইদৰেই বিদ্যাপীঠৰ আদৰ্শত দীক্ষা পোৱা, আজীৱন বিদ্যাপীঠৰ সেৱা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হোৱা আৰু “যি মুক্তি ​দিব পাৰে সি হে প্ৰকৃত বিদ্যা”ৰ কম-বেছি পৰিমাণে অৰ্থ হৃদয়ঙ্গম কৰিব পৰা প্ৰত্যেক সেৱকে নিজেই জঙ্গম অৰ্থাৎ চলন্ত বিদ্যাপীঠ হৈ কোনো এখন গাঁৱলৈ গুচি যাব লাগে। তাত তেওঁ বিদ্যাপীঠৰ আদৰ্শ পালন কৰি চলিব আৰু বুজাব-বঢ়াবলৈ ও যত্ন কৰিব। এইদৰেই যথেষ্ট পৰিমাণে সেৱক-সেৱিকা গাৱঁলৈ গৈ বসতি কৰিবগৈ লাগে আৰু তাৰ সম্পূৰ্ণ অভিজ্ঞতা লাভ কৰাৰ পিচত এটা পথ-প্ৰদৰ্শক কেন্দ্ৰীয় অনুষ্ঠান গঢ়ি তোলাটো একো অসম্ভৱ নহব। কিন্তু আমাৰ বিদ্যাপীঠ এনেকুৱা অনুষ্ঠান নহয়। ইয়াৰ গাৱঁৰ অভিজ্ঞতা নোহোৱাৰ নিচিনাই বুলিব পাৰি।

মধ্যবিন্দু যঁতৰ

 এনেকুৱা গ্ৰাম-সেৱকৰ মধ্যবিন্দু যঁতৰ হব। এই পৰ্যন্ত মই যঁতৰৰ বিষয়ে যিমান জানিব লগা আছিল, সিমান পূৰাভাবে জানিব পৰা নাছিলোঁ, কিয়নো তাৰ প্ৰতি মোৰ নিজৰেই অনুমান সিমান স্পষ্ট নাছিল। কিন্তু মোৰ এই নমহীয়া ভ্ৰমণত এই বিষয়ে মই যি চিন্তন আৰু নিৰীক্ষণ কৰিছিলো বিশেষ কৈ দক্ষিণ-ভাৰতৰ ভ্ৰমণে মোক এইটো চাকিৰদৰে স্পষ্ট কৈ দেখুৱাই দিলে গাৱঁত ব্যাপক আৰু সহায়ক উদ্যোগ ৰূপে তথা দাৰিদ্ৰ নিবাৰক আহিলা ৰূপে যঁতৰক কেনেকৈ স্থাপন কৰিব পাৰি এই বিষয়ে মই আগৰে পৰা চিন্তা কৰিয়েই আছিলোঁ। এতিয়া ইয়াৰ যথাযথ পৰীক্ষা হৈ উঠা নাই। গাৱঁত তাঁতী সকল যঁতৰৰ সূতাৰ ওপৰত হে জীয়াই থাকিব পাৰিব মিলৰ সূতাৰ ওপৰত নোৱাৰে, এই কথাটো এতিয়াও মানুহে পূৰা ভাবে বুজিব পৰা নাই। আজি দেশত কেৱল শুদ্ধ খাদীকেই ​ব্যৱহাৰ কৰোঁতা যি এটা শ্ৰেণীৰ সৃষ্টি হৈছে তেওঁলোকৰ কাপোৰৰ আৱশ্যকতা পূৰা কৰিবৰ কাৰণেই গাৱঁৰ কিছু মানুহে এই সাধাৰণ উদ্যোগটো চলাই থাকিব লগাত পৰিছে; এনেকুৱা সাধাৰণ কামৰ কাৰণে চৰখা সংঘৰ নিচিনা একোটা বিৰাট অনুষ্ঠান থাকিবৰ আৱশ্যক নকৰে। খাদীৰ মূলতে মোৰ এটা কল্পনা আছে যে খাদীয়ে আমাৰ খেতিয়কৰ কাৰণে “অন্নপূৰ্ণা”ৰ কাম কৰিব আৰু সিয়েই হেজাৰ হেজাৰ, লাখ-লাখ হৰিজন তাঁতীৰ প্ৰাণ-শক্তি স্বৰূপ হব। বছৰত কমেও চাৰি মাহ খেতিয়ক বহি থাকে। খাদীয়ে তেওঁলোকক কাম দিব। আমাৰ দেশত আজি নাই কাম, নাই স্বাৱলম্বন। ইয়াত এলাহে বৰ দ লৈকে শিপাই লৈছে। উদ্যোগ (শিল্প) আৰু স্বাৱলম্বনক যদি পুনৰ ঘূৰাই আনিব লাগে তেন্তে ই কেৱল যতঁৰৰ দ্বাৰাইহে সম্ভৱ হব।

যতঁৰত সাম্যবাদ

 এই দেশত যদি আমি তেজৰ নদী বোৱাব নালাগে, মানুহৰ মাজত আজিতকৈও বেছি ‘পশুতা’ আনিব নালাগে তেন্তে খাদীৰ এই ব্যাপক তত্ত্বক দেশৰ শিৰাই-শিৰাই সুমুৱাই দিব লাগিব। সাম্যবাদৰ নামত আজি যিবিলাক কথা শুনিবলৈ পোৱা গৈছে, সি বাস্তৱিক সাম্যবাদ নহয়। ভাৰতবৰ্ষই যি সাম্যবাদক হজম কৰিব পাৰে সেই সাম্যবাদে তো যতঁৰৰ গুণ-গুণনিত হে গুণ-গুণাব লাগিছে। যতঁৰৰ এনে ব্যাপক বাণী শুনোৱাৰ কাম আছিল মোৰ আৰু চৰখা সংঘৰ; কিন্তু খাদীৰ কাম আজিলৈকে যেনে ভাবে চলি আহিছে; সেই ভাবেই যদি চলিও থাকে তেন্তে ই যে কোনো ব্যাপক বস্তু বুলি পৰিগণিত নহব এইটো মই এতিয়াৰ পৰাই স্পষ্ট ভাবে দেখা পাইছোঁ। এই বাণীক ​বুজুৱা আৰু সজীৱ ৰূপ দিয়াৰ প্ৰধান কাম হব লাগে আমাৰ গ্ৰাম-সেৱক সকলৰেই।

 গ্ৰাম-সেৱক গাৱঁলৈ গৈ নিজে নিয়মিত ৰূপে যতঁৰ চলাব—আৰু অকল সূতাকে নাকাটি নিজৰ জীৱন নিৰ্ব্বাহৰ কাৰণে ৰাছুলা বা হাতোঁৰা, কোৰ বা খন্তি আদিও চলাব; আৰু হাত-ভৰিৰে যি মেহনত কৰিব পাৰে কৰিব। খোৱা-পিয়া আৰু শোৱাত আঠ ঘণ্টা বাদ দি তেওঁৰ বাকী গোটেই সময় এটা নহয় এট কামত লগাই ৰাখিবই। নিজৰ এক মিনিটো সময় তেওঁ অৱাবত নকটাব।আলস্যতাক তেওঁতো লগ নিদিবই, আনকি আনকো নিদিব। মানুহক তেওঁ এইটো বুজায়েই থাকিব যে ম‍ই যজ্ঞ কৰিবলৈ আহিছোঁ, আৰু মোৰ শৰীৰৰ পোহপালো মোৰ শৰীৰ শ্ৰমৰ দ্বাৰাইহে কৰিম। মনৰ বিকাশৰ কাৰণে মানসিক শিক্ষা-সংস্কৃতিৰ আৱশ্যক। শাৰীৰিক কামত শ্ৰম-বিভাজন থাকিলেও এইটো উচিত নহয় যে এটা শ্ৰেণীয়ে শৰীৰ শ্ৰম কৰি থাকিব আৰু আনটোৱে কেৱল মানসিক শ্ৰমকেই কৰিব।

 মোৰ এই নমহীয়া প্ৰবাসত মই দেখিছোঁ যে আমাৰ দেশৰ পৰা যদি আলস্যতাক বিদায় দিয়া নহয় তেন্তে, যিমানেই সুবিধা নাপাওঁক লাগিলে, মানুহ ভোকাতুৰ হৈয়েই থাকিব লাগিব। যি এমুঠিও খুদ-কণ খাই জীৱন ধাৰণ কৰে তেওঁ চাৰি মুঠি উপাৰ্জ্জন কৰাৰ ধৰ্ম্ম মানি লবই লাগিব। যদি এয়েই হৈ উঠে তেন্তে ভাৰতৰ কোটি-কোটি নৰ-নাৰীয়ে সুখেৰে দিন অতিবাহিত কৰিব পাৰিব। ইয়াৰ অন্যথায় জনসংখ্যা যিমানেই কম নহওক দেশত খাবলৈ নাপায় মৰা লোকৰ সংখ্যা বৃদ্ধি পাবই। এইদৰেই গ্ৰামসেৱাৰ এনেকুৱা কাৰ্য্যসূচীত ৰাপ্‌ থকা সেৱক গাৱঁলৈ ​ যাওঁতে শিক্ষক হিচাপেই যাব; কিন্তু তাত তেওঁ নিজে শিক্ষাৰ্থী বা শিকোঁতা হিচাপেহে থাকিব। মই এইটো নিবিচাৰো যে তেওঁ বাকী ষোল ঘণ্টাই খাদীৰ কামতেই লাগি থাকিব। খাদীত বাদে তেওঁ যিমান সময় বচাব পাৰে সিমান সময় গাৱঁত চলি থকা কুটিৰ শিল্প আদি ব্যৱসায় বিলাকৰ অনুসন্ধান কৰিব, তাৰ বিকাশৰ কাৰণে পাৰ্য্যমানে চেষ্টা কৰিব আৰু নি‍জা গাৱঁৰ ৰাইজৰ লগত ওত:প্ৰোত ভাবে মিলাই দিব। খাদী আৰু যঁতৰত যদিও মানুহৰ বিশ্বাস নাই তথাপি ৰাইজে এনেকুৱা সেৱকক মানুহ বুলিতো ভাবিবই আৰু এওঁৰ গাত থকা গুণো ৰাইজে গ্ৰহণ নকৰাকৈ নাথাকিব৷ নিজৰ শক্তিয়ে নুকুলুৱা কাম যেনে :— ধাৰ ঋণ কৰা আদিত গ্ৰাম-সেৱকে হাত কেতিয়াও নিদিব। এনেকুৱা বলে নোৱৰা কামত ধৰিলে নিজেও তাতে বান্ধ খাব লগাত পৰে। গ্ৰাম সেৱকৰ কাৰণে গাওঁ চাফায়েই অন্যতম মহত্ত্বপূৰ্ণ কাম হব। নিজৰ থকা ঘৰ এনে চাফ্-চিকণ কৈ ৰাখিব যাতে মানুহে তাক দেখিলে সন্তোষ পায়; কিন্তু তেওঁ নিজৰ ঘৰৰ আগফালে পিচফাল যিমান চাফ-চিকণকৈ ৰাখিব আনৰ ঘৰকো ঠিক সেই দৰেই ৰাখিবলৈ চেষ্টা কৰিব।

বৈদ্য-ডাক্তৰ নহব

 গ্ৰাম-সেৱকে গাৱঁত বৈদ্যৰাজ বা ডাক্তৰ চাহাবৰ ব্যৱসায়লৈ নবহিব। হৰিজন- ভ্ৰমণত ম‍ই এখন গ্ৰাম-সেৱাশ্ৰম দেখিবলৈ পাইছিলোঁ; কিন্তু তাক দেখি মোৰ বৰ অশান্তি লাগি ছিল। আশ্ৰমৰ ব্যৱস্থাপক আৰু কৰ্ম্মী সকলক ম‍ই বৰ টান-কথা শুনালো। মই কলো—‘বাঃ চাহাব বাঃ! আপুনি এইখন খুব আশ্ৰম পাতিছে। আপুনি ইয়াত ডাক বঙ্গলাৰ দৰে বিৰাট আট্টালিকা ​ লৈ বহিছে আৰু ইয়াতেই ঔষধালয়ো খুলিছে। ওচৰ পাজঁৰৰ গাওঁবিলাকত আপোনাৰ স্বেচ্ছা-সেৱক সকলে ঔষধ বিলাই ফুৰিছে। আপোনাৰ ঔষধালয়ত কম্পাউণ্ডাৰো আছে। আপুনি মোক গৰ্ব্ব কৰি কৈছে যে নিতৌ দূৰ-দূৰণিৰ পৰা মানুহ ঔষধ নিবলৈ আমাৰ আশ্ৰবলৈ আহে আৰু প্ৰতি মাহত ১২০০ ৰোগী গড়ে উপস্থিত থাকে। আপুনি মোৰ আশ্ৰমত কেতিয়াবা এনেকুৱা জাক জমক ঘৰ আৰু ঔষধালয় দেখিবলৈ পাইছেনে? ম‍ই এনেকুৱা ঘৰ সজাবলৈ বা এনেকুৱা বঢ়িয়া ঔষধালয় খুলিবলৈ মন কৰা হলে কি ইয়াৰ কাৰণে মোক কোনেও পইচা দিওঁতা নোলাল হেতেন? আশ্ৰমৰ ঘৰটোতেই মোৰ মতেৰে বেছি খৰচ পৰিছিল, তথাপি আপোনাৰ এই ঘৰৰ সমান মোৰ আশ্ৰমো হব নোৱাৰে। মানুহক এইদৰে ঔষধ-পাতি দিয়া কাম আপোনাৰ নহয়। আপোনাৰ কাম হৈছে তেওঁলোকক চাফ্ চিকুণতাৰ কথা শিকুৱাটোহে। স্বেচ্ছাচাৰ, অপৰিচ্ছন্নতা আৰু ঘৰ তথা গাৱঁক অপৰিষ্কাৰ কৰি ৰখাৰ পৰাই এই বিলাক বেমাৰ হবলৈ পাইছে; ইফালে আপোনাৰ ঔষধালয়ে তেওঁলোকক ঔষধ দিব লাগিছে, এয়েই কি আপোনাৰ গ্ৰাম-সেৱা? আপোনাৰ কাম হৈছে গাৱঁৰ ৰাইজক সংযম, স্বচ্ছতা, আৰু আৰোগ্যৰ নীতি-নিয়মবিলাক শিকুৱা। ইয়াকে কৰিলে তেওঁলোকৰ সেৱা কৰা হব। মোৰ কথা শুনে যদি এই ৰাজ আট্টালিকাটো এৰি দি সেই জুপুৰীটোত থাকিবলৈ লওক। এই ঘৰটো লোকেলবোৰ্ডক ভাড়ালৈ দি দিয়ক, তেওঁলোকে- ইয়াত ঔষধালয়ৰ কাম চলাওক। ” চম্পাৰণত আমাৰ হাতত কুইনাইন, এৰীতেল, আৰু আয়োডিন এই কেইটাহে আছিল। গ্ৰাম-সেৱকে আৰোগ্য আৰু চাফাইৰ কথা বিলাক মানুহৰ মনত সুমাই দিবলৈ চেষ্টা কৰিব লাগে। আজি গাৱঁৰ অৱস্থা এনেকুৱা ​ যে মানুহে য'তে পায় ত'তে পেচাব কৰে, থু, খেকাৰ, শেঙ্গুণ আদি পেলায় আৰু জাবৰ-জোঁথৰ পেলোৱাৰো কোনো লাগ- বান্ধ নাই।

 ইয়াৰ পিচত গ্ৰাম-সেৱকে গাৱঁৰ হৰিজন সকলৰ সেৱা কৰিব লাগে। তেওঁৰ ঘৰ হৰিজনৰ কাৰণে খোলা থাকিব। বিপদে আপদে তেওঁলোক স্বভাৱতে তেওঁৰ ওচৰলৈ দৌৰি আহিব। যদি গাৱঁৰ খাইজে হৰিজনসকলক তেওঁলোকৰ ঘৰলৈ অহাটো বেয়া দেখে আৰু তেওঁলোকক নিজৰ গাৱঁৰ পৰা উলিয়াই বাহিৰ কৰি দিয়ে আৰু তাত থাকিও যদি তেওঁ হৰিজনৰ সেৱা কৰিব নোৱাৰে তেন্তে হৰিজন-গাৱঁলৈ গৈ তেওঁ তাতেই থাকিবলৈ লব।

শিক্ষাত অক্ষৰ-জ্ঞানৰ স্থান

 এতিয়া থাকিল শিক্ষাৰ বিষয়। ১৯২২ চনত মই যিখন 'বাল-পুথি' * লিখিছিলোঁ তাক মই পাহৰা নাই। তাৰ সামগ্ৰী যদিও আপোনালোকৰ হতুৱাই ব্যৱহাৰ কৰাব পৰা নাই, তথাপি সি মোৰ হাততে আছেই। সেই পুথি খন আজি কালি পোৱা যায়নে নাযায় মই কব নোৱাৰোঁ; যদিও পোৱা নাযায় মই তাক লিখি দিব পাৰে॥ বাস্তৱিক কথা হৈছে এইটো যে লৰা-ছোৱালীৰ হাততকৈ আগতে চকু, কাণ আৰু জিভাই হে কাম কৰে। এই কাৰণে অধ্যাপকে সিহঁতক ভূগোল, বুৰঞ্জী আদি যিহকেই নপঢ়াওক, তাক সাধু-কথাৰ জৰিয়তে হে পঢ়াব। ইয়াৰ পাচত সিহঁতে বৰ্ণ-মালা আৰু সংযুক্তাক্ষৰ পঢ়িব আৰু আখৰ চিত্ৰ আঁকিবলৈ অভ্যাস কৰিব। ইয়াৰ পূৰা প্ৰয়োগ আপোনালোকে কৰি চাব


​ লাগে। মই ভাবো যে মানুহৰ বুদ্ধি পৰ্য্যন্ত গৈ তাক জাগ্ৰত কৰাৰ আটাইতকৈ সুগম পথ হৈছে এইটোৱেই। মোৰ লৰা- কালৰ অনুভব মনত এতিয়াও সজীব হৈয়েই আছে। মই যেতিয়া মহাভাৰতৰ কাহিনী বিলাক শুনিছিলোঁ তেতিয়া মই কিজানি আখৰ-জোটাবলৈ শিকিছিলোঁ হে আৰু ৰামায়ণৰ কথা যেতিয়া শুনিছিলোঁ তেতিয়া দুই- এখন কিতাপ মাত্ৰ পঢ়িব পাৰিছিলোঁ; কিন্তু ইয়াৰ দ্বাৰাই ম‍ই মহাভাৰত আৰু ৰামায়ণৰ কথা বুজিবলৈ একো টান পোৱা নাছিলোঁ।

 মানুহক আমি ভ্ৰম- জালত পেলাব নালাগে। যদি আমি তেওঁলোকক এইদৰে কওঁ যে আখৰ জ্ঞান নহলে শিক্ষালাভ কৰিবই নোৱাৰি, তেন্তে তেওঁলোকে ওলোটা পথহে ধৰিব৷ ডাঙৰক আৰু লৰা-ছোৱালীক এই দৰে মৌখিক জ্ঞান দিয়াৰ কথা মোৰ এই গ্ৰাম সংগঠনৰ পৰিকল্পনাতো আছে; কিন্তু সেই বুলি কোনেও এইটো ধৰি নলব যে মই আখৰ জ্ঞানৰ বিৰোধী। মই আখৰ জ্ঞানৰ সংব্যৱহাৰ বিচাৰোঁ।

 গ্ৰাম-সেৱকে সাহিত্যিক বা জ্ঞান বিলাসীৰ জীৱন যাপন কবি গ্ৰাম-বাসীক আচল শিক্ষা বা জ্ঞান দিব নোৱাৰে। তেওঁৰ হাতত বাছুলা আৰু কোৰ থাকিব— কিতাপ কমহে থাকিব, কিতাপ পঢ়াত তেওঁ খুব কম সময়হে দিব পাৰিব। মানুহে, তেওঁৰ ওচৰলৈ আহোতে যাতে হাতত কিতাপ লৈ থকা নাপায়, কাম কৰি থকাহে পায়হি। মানুহে যিমানে খায় তাতকৈ অধিক উৎপন্ন কৰিব পৰা শক্তি ঈশ্বৰে তেওঁক দিছে। অতি দুৰ্ব্বল মানুহেও ইমান উৎপন্ন কৰিব পাৰে। তাৰ কাৰণে তেওঁ নিজৰ বুদ্ধিবলৰ প্ৰয়োগ কৰিব। মানুহক তেওঁ কব যে মই আপোনালোকৰ সেৱা কৰিবলৈ আহিছোঁ, মোক খাবৰ কাৰণে এমুঠি ভাত দিয়ক। তেওঁক তিৰস্কাৰ কৰাৰো সম্ভাৱনা আছে; তথাপি ​ তেওঁক গাৱঁৰ বাহিৰ হৈ যাবলৈ নিদিব। কোনো নৈষ্ঠিক সনাতনীয়ে তেওঁক ভাত নিদিলেও হৰিজনে নিশ্চয় দিব। তেওঁ যদি সৰ্ব্বাৰ্পণ কৰি দিয়ে, তেন্তে হৰিজনৰ ঘৰৰ পৰা ভাত আনি খাবলৈ তেওঁ অকণো লাজ নকৰিব। তেওঁ যদি খাবলৈ পায় তেন্তে নিজে উৎপন্ন কৰা বস্তু বেচা-কিনাৰ জঞ্জালত পৰিব নালাগে, কিন্তু য'ত কাৰোৰ সহযোগ পোৱা নাযায় ত’ত নিজে উৎপাদন কৰি নিজৰ জীৱন নিৰ্ব্বাহ কৰিব। আৰম্ভতে কোনো সামাজিক অনুষ্ঠানৰ কোষৰ পৰা অলপ পইচালৈ নিজৰ জীৱন নিৰ্ব্বাহ কৰিব পাৰে।

গো-ৰক্ষা

 মই গো-ৰক্ষাৰ প্ৰশ্নটো জানি বুজিয়েই এৰি থৈছিলোঁ, ই বৰ ব্যাপক প্ৰশ্ন। চাম্ৰা মৰা আৰু ৰং দিয়াৰ সমস্যা আমি এতিয়াও সমাধান কৰিব পৰা নাই। গৰুৰ উন্নতি আমি কেনেকৈ কৰিম এই বিষয়ে চিন্তা মোৰ মনলৈ আহিয়েই আছে। এতিয়াও নিৰ্দ্দিষ্ট আঁচনি তৈয়াৰ কৰিবলৈ মোৰ পোৱা নাই। মহ পুহিবলৈ উদগণি দিয়া মানে গো-বংশৰ ধ্বংশ কামনা কৰা হব। কিন্তু এই বিষয়ে আলোচনা পিচতহে কৰিম।

আত্ম বলেই মুখ্য বল

 মনত ৰাখিব আমাৰ অস্ত্ৰ-শস্ত্ৰ সকলো বিলাক আধ্যাত্মিক, এবাৰ যদি কেনেবাকৈ আমালৈ আধ্যাত্মিক শক্তি আহে তেন্তে তাক কোনেও বন্ধ কৰিব নোৱাৰিব। এইটো মই বহু বছৰৰ অনুভব-সিদ্ধ বিশ্বাসৰ আধাৰত হে কৈছোঁ। এই আধ্যাত্মিক শক্তি চৰ্ম্ম-চক্ষুৰে প্ৰত্যক্ষ দেখিব পৰা কোনো সাকাৰ বস্তু নহয়; তথাপি মই কব খোজোঁ যে ই মোৰ আগত সদায় দেখি থকা ​বস্তুৰ দৰে জল্জল্‌ পট্‌পট্‌ কৰি ওলাই আছে। আপুনি এইটো নকব যে গ্ৰাম-সেৱাৰ এই কাৰ্য্যক্ৰম আমাৰ দ্বাৰাই হোৱাটো অসম্ভৱ। কিয়নো আমাৰ যোগ্যতাই নাই। মইতো ভাবোঁ গ্ৰাম-সেৱাৰ কথা যদি আপোনালোকৰ অন্তৰত নিসঙ্কোচ ভাবে সুমাই লব পাৰে, তেন্তে আপোনালোক সকলোৱেই এই কাৰ্য্যক্ৰম পূৰা কৰিব পাৰিব, আপোনালোক অযোগ্য নহয়। কথাটো চাগৈ সকলোৱে বুজিছে; কিন্তু যদি ইয়াক কাৰ্য্যত পৰিণত কৰিব নোৱাৰি তেন্তে ইয়াত ব্যাকুল বা হতাশ হবৰ কোনো সকাম নাই। প্ৰয়োগ কৰাত লাজ কিহৰ? আমি গাৱঁত বহি ইয়াক কামত লগাব লাগে। ব্যৱহাৰত আনোতে আনোতেই অভিজ্ঞতা লাভ কৰিব পাৰিব।

: ১০ :

বীৰ ভূমিৰ এখন নম্ৰ গাঁও

 শান্তিনিকেটনত থকা বীৰ ভূমিৰ এজন নম্ৰ গাৱঁলীয়া ভদ্ৰলোকে দীনবন্ধু এন্‌দ্ৰুজৰ জৰিয়তে মোলৈ তলত লিখা এই প্ৰশ্নটো পঠাইছে—

 ১। “আপোনাৰ মতে আদৰ্শ ভাৰতীয় গাৱঁৰ কল্পনা কেনেকুৱা? ভাৰতবৰ্ষৰ বৰ্ত্তমান সামাজিক আৰু ৰাজনৈতিক অৱস্থালৈ দৃষ্টি ৰাখি “আদৰ্শ গাওঁ” হিচাপে এখন গাৱঁৰ বাস্তৱিক পুনৰ নিৰ্ম্মাণ কিমান দূৰ পৰ্য্যন্ত কৰিব পাৰি?

 ২৷ এজন কাৰ্য্যকৰ্ত্তাই সৰ্ব্বপ্ৰথমে গাৱঁৰ কোন কোন বিলাক সমস্যা সমাধান কৰিবলৈ যত্ন কৰা উচিত আৰু কেনে ভাবে তাক আৰম্ভ কৰিব? ​  ৩৷ সাধাৰণ ভাবে যদি গাৱঁলীয়া প্ৰদৰ্শনী বা সংগ্ৰহালয়ৰ ব্যৱস্থা কৰা হয় তেন্তে তাত প্ৰধান বিষয় কোন কোনবিলাক ৰখা হব আৰু পুনৰ নিৰ্মাণত এই প্ৰদৰ্শনী বিলাকৰ দ্বাৰাই অত্যধিক সহায় কেনে ধৰণেৰে লব পৰা হব?”

 ১৷ আদৰ্শ ভাৰতীয় গাওঁ এনে ধৰণেৰে বহুৱাব আৰু নিৰ্ম্মাণ কৰিব লাগিব যাতে সি সম্পূৰ্ণৰূপে নিৰোগী হৈ থাকিব পাৰে। তাৰ জুপুৰী আৰু ঘৰবিলাকত যথেষ্ট পৰিমাণে পোহৰ আৰু বায়ু চলাচল কৰিব পৰাৰ ব্যৱস্থা থাকিব লাগে আৰু গাওঁ এনেবিলাক বস্তুৰেহে নিৰ্মাণ কৰিব লাগে, যিবিলাক পাঁচ মাইলৰ ভিতৰতে সহজে পাব পাৰি। প্ৰত্যেক ঘৰৰ আগে পাচে, গৃহস্থই শাক-পাচলিৰ বাৰী আৰু পোহনীয়া জন্তু ৰাখিব পৰাকৈ একোডোখৰ মুকলি ঠাই থাকিব লাগে। গাৱঁৰ বাট-পদূলি বিলাকত পৰা পক্ষত বোকা আৰু ধূলি-বালি আদি থাকিব নালাগে। পানী খাবৰ কাৰণে গাৱঁৰ মানুহক জোৰাকৈ ভাল কুৱাঁ বা পুখুৰী থাকিব লাগে। সকলোৰে কাৰণে প্ৰাৰ্থনা ঘৰ বা মন্দিৰ আৰু সাৰ্ব্বজনিক সভা আদিৰ কাৰণে এডোখৰ পৃথক ঠাই থাকিব লাগে। গাৱঁত নিজা এখন চৰণীয়া পথাৰ, সমবায় পদ্ধতিৰ এটা গো-শালা, আৰু হাতৰ কামৰ জৰিয়তে দিয়া শিক্ষাৰ এখন প্ৰাথমিক আৰু মাধ্যমিক স্কুল থাকিব লাগে। গাৱঁৰ নিজা মেল-মোকৰ্দ্দ্মা আদি বিচাৰৰ কাৰণে একোখন গ্ৰাম-পঞ্চায়তো থকা উচিত। নিজৰ আৱশ্যকতাৰ কাৰণে শস্য, শাক-পাচলি, ফল, খাদী ইত্যাদি নিজৰ গাৱঁতেই উৎপন্ন হব লাগে। মোৰ মতে আদৰ্শ গাৱঁৰ কল্পনা এয়েই। বৰ্ত্তমান অৱস্থাত তাৰ ঘৰ- দুৱাৰ যেনেকৈ আছে তেনেকৈয়েই থাকিব। এতিয়া কেৱল অ'ত ত'ত অলপমান শুধৰাই দিয়াই যথেষ্ট হব। যদি ক'ৰবাত ​ জমিদাৰ থাকে আৰু যদি তেওঁ ভাল মানুহ হয় বা গাৱঁৰ লগত সহযোগ আৰু সদভাব থকা হয় তেন্তে চৰকাৰী সহায় নোহোৱাকৈয়েই জমিদাৰৰ সহযোগত গাৱেঁ নিজেই এই প্ৰায় সকলো- বিলাক কাম কৰিব পাৰিব। নতুনকৈ শৃংখলা লগাই ঘৰবিলাক সজাৰ কল্পনা এৰি দিয়ক। আৰু যদি চৰকাৰৰ সহায়ো পোৱা যায় তেন্তে গাওঁ বিলাকক আশানুৰূপ ভাৱে পুনৰ নিৰ্মাণ কৰিব পৰা হব। কিন্তু এতিয়া ম‍ই এইটোহে ভাবিছোঁ যে গাওঁবাসীয়ে মিলা-প্ৰীতি ভাবে গাৱঁৰ সৰ্ব্বাঙ্গীন উন্নতিৰ অৰ্থে যদি পৰম্পৰৰ সহযোগত কাম কৰিবলৈ লয় তেন্তে তেওঁলোকে অনেক কাম কৰিব পাৰিব। মোৰ এইটোত দৃঢ় বিশ্বাস যে, যদি তেওঁলোকে উচিত পৰামৰ্শ আৰু মাৰ্গ-দৰ্শন পাই থাকে তেন্তে গাৱঁৰ কোনো ব্যক্তি বিশেষৰ কথা মই কোৱা নাই—কিন্তু আয় হলে দুগুণ বাঢ়িব। বেপাৰীৰ দৃষ্টিৰে কামত অহা অটুট, সাধন— সামগ্ৰী প্ৰত্যেক গাৱঁত নাথাকিব পাৰে, কিন্তু স্থানীয় ব্যৱহাৰ আৰু লাভৰ কাৰণে তো আহিলা প্ৰায় সকলো গাৱঁতে আছেই৷ আটাইতকৈ দুঃখৰ বিষয় হৈছে এই যে নিজৰ অৱস্থা টনকিয়াল কৰিবৰ কাৰণে গাৱঁৰ ৰাইজে একোকে কৰিবলৈ নিবিচাৰে।

 ২। গাৱঁৰ যি কোনো কৰ্ম্মীয়েই সৰ্ব্ব প্ৰথমে গাওঁ চাফাই আৰু আৰোগ্যৰ বিষয়হে হাতত লব লাগে। এনেকৈ চালে গ্ৰাম-সেৱকক কিংকৰ্তব্যবিমূঢ় কৰি তোলা অনেক জটিল সমস্যা আছে; কিন্তু ই এনেকুৱা যে ইয়াকেই হে সকলোৱে আটাইতকৈ বেছি অৱহেলা কৰে। ফলত গাৱঁৰ স্বাস্থ্য দিনক দিনে বেয়াৰ ফাললৈ হে যাব ধৰিছে। যদি গ্ৰাম-সেৱক স্বেচ্ছাই মেতৰ হয়; তেন্তে তেওঁ প্ৰতিদিনা ময়লা উঠাই সাৰ তৈয়াৰ কৰিব আৰু গাৱঁৰ বাট-পদূলি সাৰি চাফা কৰি ​ৰাখিব। শৌচ পেচাব ক’ত কৰিব লাগে, চাফ্-চিকণ হৈ কেনেকৈ থাকিব লাগে, চাফাইৰ পৰা আমাৰ কি কি উপকাৰ হয়, অপৰিষ্কাৰ, অপৰিচ্ছন্নতাৰ পৰা কি কি লোকচান বা হানি হয় আদি সকলোবিলাক তেওঁ গাৱঁৰ ৰাইজক বুজাই কব। গাৱৰ মানুহে তেওঁৰ কথা শুনকেই বা নুশুনকেই, তেওঁ নিজৰ কাম কৰিয়েই থাকিব লাগিব।

 ৩। সকলো গাৱঁলীয়া প্ৰদৰ্শনীত যঁতৰে প্ৰথম স্থান পাবই লাগিব। আৰু স্থানীয় পৰিস্থিতিৰ কাৰণে লাভ-দায়ক আন আন কুটিৰ-শিল্প তাৰ আশে পাশে থাকিব লাগে। যদি এনেকুৱা প্ৰদৰ্শনী হয় আৰু তাৰ লগে লগে প্ৰত্যক্ষ প্ৰয়োগাত্মক কাম আৰু ব্যাখ্যান তথা চাৰ্ট আদি প্ৰচাৰ-পত্ৰও থাকে তেন্তে এই প্ৰদৰ্শনীয়ে গাৱৰ ৰাইজক বস্তু-পাঠৰ যে কাম দিব তাত কোনো সন্দেহ নাই আৰু তেওঁলোকৰ কাৰণে ই খুব শিক্ষাপ্ৰদো হব।

: ১১ :

এজন গ্ৰাম-সেৱকৰ প্ৰশ্ন

 এজন গ্ৰাম সেৱকে লিখিছে :―

 ১—প্ৰায় এশ মানুহে বসতি কৰা এখন সৰু গাৱঁত মই কাম কৰি আছোঁ। আপুনি কৈছে যে দৰব-জাতি দিয়াৰ আগতে গ্ৰাম-সেৱকে তাৰ স্বচ্ছতাৰ ওপৰতহে বিশেষ ধ্যান দিব লাগে; কিন্তু যেতিয়া সেই গাৱঁৰ কোনে৷ জ্বৰ-পীড়িত লোকে আমাৰ সহায় বিচাৰি আহে তেতিয়া আমাৰ কৰ্ত্তব্য কি হব? এতিয়ালৈকে মই তেওঁলোকক গাৱঁত পোৱা দেশী বনৌষধিৰেই কাম চলাবলৈ পৰামৰ্শ দিছোঁ।

​  ২- বাৰিষা ময়লাৰ সুব্যৱস্থা কেনেকৈ কৰা হব?

 ৩—ময়লাই সকলো ফচলতে কাম দিব পাৰিবনে নোৱাৰে?

 ৪—চেনিৰ পৰিবৰ্ত্তে গুৰ কিয় খাব লাগে?

 যেতিয়া জ্বৰ, অজীৰ্ণ বা এনেধৰণৰ সাধাৰণ ৰোগীয়ে গ্ৰাম সেৱকৰ সহায় বিচাৰি আহে, তেতিয়া তেওঁ ৰোগীজনক সহায় অৱশ্যে কৰিব। ৰোগৰ নিদান ঠিক হোৱাৰ পিচত, তেওঁৰ কাৰণে সস্তীয়া আৰু আটাইতকৈ ভাল দৰব গাৱঁতেই পোৱা যাব। দৰব-জাতি যদি কোনো লোকে লগত ৰাখিবলৈকো বিচাৰে তেন্তে তেওঁৰ কাৰণে কুইনাইন, এৰীতেল আৰু উতলা গৰম পানীয়েই আটাইতকৈ ভাল দৰব। এৰী তেল সকলো ঠাইতে পোৱা যায়। সোনামুখীৰ পাতেৰেও এই কাম চলাব পাৰি। মই হলে কুইনাইন খুব কম ব্যৱহাৰ কৰোঁ। সকলো বিলাক জ্বৰতে কুইনাইন দিবৰ আৱশ্যক নকৰে আৰু সকলো জ্বৰ কুইনাইনে নেৰুৱাইও। বেছি ভাগ জ্বৰেই পূৰ্ণ কিম্বা অৰ্দ্ধ উপবাসতে এৰে। অন্ন আৰু গাখীৰ এৰি দি ফলৰ ৰস অথবা মুনক্কা সিজোৱা-পানী বা নেমুৰ তাজা ৰস নাইবা তেতেলীৰ লগত গুড়, উতলোৱা পানীত মিহলাই খোৱাটোৱেই অৰ্দ্ধ- উপবাস। উতলা পানী তো ৰামবাণ—ঔষধি-স্বৰূপ। ই অন্ত্ৰক খল-বলাই দিয়ে আৰু ঘাম বাহিৰ কৰে এই কাৰণেই জ্বৰৰ বলো কমি যায়। ই এনেকুৱা ৰোগাণুনাশক ঔষধ যে ইয়াক ব্যৱহাৰ কৰিলে কোনো প্ৰকাৰৰ বিপদৰ আশঙ্কা নাথাকে আৰু সস্তা হিচাপেও ই ইমান সস্তা যে ইয়াৰ কাৰণে এটা কড়িও খৰচ নহয়। সকলো অৱস্থাতেই যেতিয়া পানী খাবৰ মন যায় তেতিয়া সেই উতলোৱা পানীকেই চেঁচা কৰি খাব লাগে। যিমান গৰম সহিব পাৰে সিমান গৰম পানী খাব লাগে। পানী অলপ গৰম কৰিলেই উতলোৱা নোবোলে। পানী ​ ভালকৈ উতলিলে আৰু ভাপ গলেহে উতলা বুলি ধৰিব লাগে।

 যেতিয়ালৈকে গ্ৰাম-সেৱকে নিজে কোনো এটা নিশ্চিত পথত উপনীত হবগৈ নোৱাৰিব তেতিয়ালৈকে তেওঁলোকে স্থানীয় বৈদ্যৰ সহায় লোৱাটো উচিত হব। য'ত বৈদ্য অথবা কোনো সহায়ক নাথাকে ত'ত গ্ৰাম-সেৱকে ওচৰ-চুবুৰীয়া কোনো পৰমাৰ্থি ডাক্তৰৰ সহায় নিশ্চয় লব পাৰিব।

 কিন্তু তেওঁ এইটো জন৷ উচিত যে ৰোগৰ চিকিত্সাতো স্বচ্ছতাৰ স্থান আটাইতকৈ বেছি মহত্ত্বপূৰ্ণ। তেওঁ ইয়াকো সদায় মনত ৰাখিব যে সৰ্বশ্ৰেষ্ঠ বৈদ্য এক মাত্ৰ প্ৰকৃতিয়েই হে। তেওঁলোকে এইটো বিশ্বাস কৰিব লাগিব যে মানুহে যিটো নষ্ট কৰে প্ৰকৃতিয়ে তাকে গঢ়ে। কিন্তু যেতিয়া মানুহে সদায় অৱহেলা কৰিয়েই থাকিবলৈ ধৰিব তেতিয়া প্ৰকৃতি দুৰ্ব্বল হৈ পৰে ফলত নিজৰ কাম চম্ভালিব নোৱৰা হয়। যিটো কাম কৰিবলৈ প্ৰকৃতি অসমৰ্থ হয়, তাক নষ্ট কৰি পেলাবৰ কাৰণে তেওঁৰ অন্তিম আৰু অটল দূত 'মৃত্যু'ক পঠিয়াই দিয়ে। অৰ্থাৎ সেই দেহীক প্ৰকৃতি-মাতাই নতুন চোলা পিন্ধায়। স্বচ্ছতা (চাফ-চিকণতা) আৰু স্বাস্থ্য-ৰক্ষা সম্বন্ধীয় কাম কৰোতা সকলে প্ৰত্যেক ব্যক্তিৰ এই সৰ্ব্বশ্ৰেষ্ঠ চিকিৎসকৰ সৰ্ব্বোত্তম সহায়তা কৰে। তেওঁলোকে এই বিষয়ে জানক কিম্বা নাজানক এইটো বেলেগ কথা।

 ২—বাৰিষা বতৰতো গাৱঁৰ মানুহে শৌচ কৰিবলৈ এনেকুৱা ঠাইলৈ যাব লাগে য'ত সাধাৰণতে মানুহৰ আহ-জাহ নাথাকে। ময়লা পুতি পেলাব লাগে। কিন্তু গাৱঁৰ মানুহে বংশামুক্ৰমে পাই অহা ভ্ৰম-পূৰ্ণ শিক্ষাৰ কাৰণে ময়লা পোতাটো এটা কঠিন প্ৰশ্ন হৈ উঠিছে। সিন্দী ( ৱাৰ্দ্ধাৰ ওচৰৰ এখন গাওঁ ) গাৱঁৰ ৰাইজে যাতে বাটে-পদুলিয়ে শৌচাদি নকৰে আৰু ময়লাৰ ​ওপৰত যাতে শুকান মাটি দি ঢাকিবলৈ নাপাহৰে তাৰ কাৰণে আমি এটা চেষ্টা চলাইছোঁ। দুই মাহ আমি আৰু মিউনিচিপালিটিৰ সদস্যসকলে একে লেথাৰিয়ে কৰা অশেষ যত্নৰ ফলত যেনিবা কোনোমতে বাট-পদূলি বিলাকে নিস্তাৰ পাইছে; কিন্তু শৌচ পেচাবৰ ওপৰত মাটি দিয়াৰ অভ্যাস হৈ উঠা নায়। কলে তেওঁলোকে উত্তৰ দিয়ে যে “এইটো দেখোন মেতৰৰ কাম। ময়লা চকুৰে দেখাটোৱেই পাপ, তাক আকৌ মাটি দি ঢকাটো যে কিমান মহা পাপ”। তেওঁলোকে শিক্ষাও এনেকুৱাই পাইছে। এই বিচিত্ৰ বিশ্বাস তেওঁলোকৰ শিক্ষাৰেই হে ফল। এই কাৰণে গাওঁ-বাসীৰ অন্তৰত নতুন সংস্কাৰ দিয়াৰ আগতে গ্ৰাম-সেৱকে তেওঁলোকৰ এই পূৰ্ব্বাপৰ চলি অহা ৰক্ষণশীল মনোভাৱক একেবাৰেই নিৰ্ম্মূল কৰিব লাগিব। যদি আমাৰ এই কাৰ্য্যক্ৰমণিকাত দৃঢ় বিশ্বাস আছে, নিতৌ ৰাতিপুৱা ঝাৰু লগাই থাকিবলৈ আমাৰ অন্তৰত পূৰা ধৈৰ্য্য থাকে, আৰু যদি গাওঁবাসীৰ এই কুসংস্কাৰ বিলাকৰ ওপৰত আমি অপ্ৰসন্ন বা নাৰাজ নহওঁ তেত্তে তেওঁ লোকৰ সেই অন্ধ বিশ্বাস সূৰ্য্যৰ প্ৰকাশত কুঁৱলি নষ্ট হোৱাৰ দৰে লুপ্ত হৈ যাব। কিন্তু যুগৰ এই বজ্ৰ-অজ্ঞান আপোনালোকৰ দুই-চাৰি মাহৰ পদাৰ্থ পাঠৰ পৰা কি দূৰ হব?

 সিন্দী গাৱঁত আজি বাৰিষাৰ কাৰণেও ব্যৱস্থা কৰিব ধৰিছোঁ। কৃষক সকলে তো নিজৰ নিজৰ খেতি ৰখি থাকেই, সেই সময়ত, পথাৰত শৌচ কৰিবলৈ ক'ত দিব? আমি মানুহক পৰামৰ্শ দিছিলোঁ যে নিজৰ পথাৰৰ ভিতৰতে এডোখৰ মাটিত বেৰা দি লৈ তাতে শৌচ-পেচাব আদি কৰক। চাৰি মাহৰ পিচত মাটি ডোখৰত যথেষ্ট সাৰ হৈ উঠিব। এনে সময়ো আহিব লাগিছে যে কৃষকে মাতি নি নি নিজৰ পথাৰত শৌচাদি কৰোৱাবগৈ। ডাঃ ফাউলৰ মতে সাধাৰণতে প্ৰতিজন মানুহে বছৰত ​ দুই টকা ৰূপৰ সাৰ পথাৰত দিব পাৰে। ঠিক দুটকা ৰূপৰ সাৰেই হবনে নাই তাতকৈ অলপ কম-বেছ হব এই বিষয়ে সন্দেহ থাকিব পাৰে কিন্তু মল-মূত্ৰৰ সঞ্চয়ৰ পৰা যে পথাৰৰ লাভ হব তাত কোনো সন্দেহ নাই।

 ৩—এইটো কোনেও নকয় যে ময়লা পোনে পোনেই ফচলৰ কামত আহিব পাৰে। কোনো নিৰ্দিষ্ট সময়ৰ ভিতৰত হে ময়লা মাটিৰ লগত সুন্দৰ সাৰত পৰিণত হয়। মাটিত পোতাৰ পিচত ময়লা কেইবাটাও প্ৰক্ৰিয়াত উত্তীৰ্ণ হব লাগে; তাৰ পিচতহে মাটি চাহ কৰা আৰু বীজ আদি বোৱা কামৰ কাৰণে উপ- যুক্ত হয়। ইয়াৰ স্বাভাৱিক পৰীক্ষা এই যে য'ত ময়লা পোতা হয় সেই মাটি নিৰ্দিষ্ট সময়ৰ পিচত খানিলে যদি তাৰ পৰা দুৰ্গন্ধ নোলায় আৰু ময়লাৰ নাম গোন্ধো নাথাকে তেন্তে সেই মাটিত শস্য লগাব পৰা হয়। ম‍ই যোৱা তিনি বছৰে এই দৰেই ময়লাৰ সাৰৰ ব্যৱহাৰ সকলো ফচলতে কৰি চাইছিলোঁ আৰু তাৰ পৰা বৰ ভাল ফলো পাইছিলোঁ।

 ৪—এই কথাটো সকলো বিশেষজ্ঞই মুক্তকণ্ঠে স্বীকাৰ কৰে যে চেনিতকৈ গুড় বেছি শক্তি কাৰক; কিয়নো গুড়ত যি ক্ষাৰ ভিটামিন আদি আছে সেইবিলাক চেনিত নাই। যেনেকৈ মিলৰ আটা, যাতঁৰ আটাতকৈ, অথবা কল-ছাটি চাউলতকৈ অকাৰি ঢেকী-ছাটি চাউল ভাল; সেইদৰেই চেনিতকৈ গুড়ো অনেক গুণে ভাল।

⦂ ২ ⦂

ভয়ৰ ভাবনা

 অনেক গাওঁ সেৱকৰ এইটোলৈ বৰ ভয় হৈছে যে গাৱত গৈ তেওঁলোকে নিজৰ জীৱন নিৰ্ব্বাহৰ কাৰণে কি কাম কৰিবগৈ? ​ যদি কোনো অনুষ্ঠান নাইবা ব্যক্তিৰ পৰা খৰচ আদি পোৱা নাযায় তেন্তে তেওঁলোক কেনেকৈ চলিব? এই প্ৰশ্নটোৱে হয়তো তেওঁলোকৰ অন্তৰত বেছি দৃঢ় ভাবে ঠাই পাইছে যদি তেওঁলোক বিবাহিত হয় আৰু পৰিয়ালৰ ভাৰো তেওঁৰ ওপৰত থাকে তেন্তে তেওঁলোকৰ চিন্তাৰ মাত্ৰা আৰু বাঢ়ে; কিন্তু মোৰ মতেৰে তেওঁলোকৰ ধাৰণা ঠিক নহয়। অৱশ্যে এইটো সঁচা যদি কোনোবা মানুহে নগৰীয়া মনোবৃত্তি লৈ গাৱঁলৈ যায় আৰু নগৰৰ দৰেই তাতো থাকিবলৈ বিচাৰে তেন্তে তেওঁৰ কাৰণে গাৱঁত নিজৰ জীৱন নিৰ্ব্বাহোচিত উপাৰ্জ্জন কৰাটো অসম্ভবেই। তেনে অৱস্থাত তেওঁ নগৰীয়াৰ দৰেই গাৱঁলীয়াক শোষণ কৰিলেহে সিমান উৎপন্ন কৰিব পাৰিব। কিন্তু যদি কোনোবা মানুহ কোনো এখন গাৱঁত গৈ বহে আৰু তাত গাৱঁলীয়াৰ দৰেই থাকিবলৈ চেষ্টা কৰে তেন্তে নিজৰ পৰিশ্ৰমৰ দ্বাৰাই নিজৰ জীৱন নিৰ্ব্বাহ কৰিবলৈ একো টান নহব। তেওঁৰ নিজৰ এই কথাটোত বিশ্বাস থাকিব লাগিব যে যদি প্ৰত্যেক গাৱঁলীয়াই বোপা-ককাৰ দিনৰে পৰা চলি অহা প্ৰথা মতেই বুদ্ধিৰ সৎ-ব্যৱহাৰ নকৰাকৈ চকু মুদিয়েই নিজৰ জীৱন নিৰ্ব্বাহোপযোগী সামগ্ৰী গোটাই লব পাৰে তেন্তে তেওঁ ও এজন গাৱলীয়াৰ সমান আৰ্জ্জিব নোৱৰাৰ কোনো কাৰণ নাই। এনে কৰিলে তেওঁ কোনো গাৱঁলীয়াৰ ৰোজকাৰো মাৰিব লগা নহব; কিয়নো গাৱঁলৈ তেওঁ উৎপাদক হৈ হে যাব, আনৰ উৎপাদনৰ ওপৰত তিঘিল-ঘিলাবলৈ অৰ্থাৎ পৰোপজীবি হৈ থাকিবলৈ নাযায়।

 গাৱঁলৈ যোৱা গ্ৰাম-সেৱকৰ লগত যদি তেওঁৰ নিজা পৰি- য়ালো থাকে তেন্তে তেওঁৰ পত্নী তথা পৰিয়ালৰ অন্য ব্যক্তিয়ে ও দিন-ভৰ পূৰা মেহনত কৰা উচিত। কিন্তু এইটো কব ​ নোৱাৰি যে কোনো কৰ্ম্মী গাৱঁলৈ গৈয়েই গাৱঁলীয়াৰ দৰে কঠোৰ পৰিশ্ৰম কৰিবলৈ ধৰিব, যদি তেওঁ নিজৰ হোঁহকা-পিচলা মনোভাব, লাজ আৰু ভয় ত্যাগ কৰে তেন্তে তেওঁৰ মেহনতৰ উপৰিও যি খিনি অভাৱ থাকে তাক বুদ্ধি-পূৰ্ব্বক কাম কৰিলে নিশ্চয় পূৰাব পাৰিব।

 যেতিয়ালৈকে গাৱঁবাসীয়ে এইটো উপলব্ধি কৰিব নোৱাৰিব যে তেওঁৰ সেৱাৰ গোটেই সময় সেৱাতেইহে লগাব লাগে তেতিয়ালৈকে তেওঁৰ দ্বাৰাই প্ৰেৰিত উপায়ৰ ফল স্বৰূপে হোৱা সেই অতিৰিক্ত উৎপত্তিৰ কমিছনৰ দৰে কিছু অংশ পাবৰ যোগ্য হব। কিন্তু গ্ৰামোদ্যোগ সংঘৰ তত্ত্বাৱধানত আৰম্ভ হোৱা গ্ৰাম-কাৰ্য্যৰ কেই মাহ মানৰ অভিজ্ঞতাৰ পৰা এইটো জাহিৰ হৈ পৰিছে যে গাৱঁলীয়া ৰাইজৰ প্ৰগতিও বৰ ধীৰে ধীৰে হে হব আৰু কৰ্ম্মী সকলে নিজৰ আচৰণৰ দ্বাৰাই ৰাইজক এইটো কাৰ্য্যকৰী কৰি দেখুৱাব লাগিব যে শ্ৰম আৰু সদাচাৰৰ দৃষ্টিত তেওঁলোক তেওঁলোকৰ নমুনা স্বৰূপ। ইয়াৰ দ্বাৰাই তেওঁলোকে বৰ ভাল শিক্ষা পাব আৰু যদি কৰ্ম্মী সকলে গাওঁবাসীৰ সংৰক্ষক হৈ নিজক পূজা কৰোৱাৰ পৰিবৰ্ত্তে তেওঁলোকৰেই এজন হৈ অৰ্থাৎ তেওঁলোকৰ লগত মিলি-জুলি থাকিবলৈ লয় তেন্তে অনতি-পলমে তাৰ প্ৰভাৱ নপৰাকৈ থাকিব নোৱাৰিব।

 এতিয়া প্ৰশ্ন হৈছে— জীৱিকাৰৰ কাৰণে গাৱঁত গৈ কি কাম কৰা হব? তেওঁ আৰু তেওঁৰ ঘৰৰ মানুহে গাওঁ চাফাইৰ কামত গাৱঁৰ মানুহে সহায় কৰক কিম্বা নকৰক কিছু নহয় কিছু সময় দিবই লাগিব। সাধাৰণতে ঔষধ-পাতিৰ বিষয়তো মোটা-মোটি হিচাপে যিমান খিনি পাৰে সহায় কৰিবই। কুইনাইন বা এনে ধৰণৰ সাধাৰণ ঔষধ পাতি দিয়া, ঘা-ফোঁহা ধুই চাফ্ কৰা, মলিযুক্ত চকু কাণ ধুই দিয়া, ঘা ত চাফ্ মলম দিয়া ​  আদি কাম তো সকলোৱেই কৰিব পাৰে। মই এনে এখন কিতাপ বিচাৰিছো, য'ত গাৱঁত সদাই হোৱা সাধাৰণ বেমাৰীৰ কাৰণে আটাইতকৈ সহজ সৰল উপায় আৰু ব্যৱস্থা আদি থাকে, কিয়নো এই দুয়োটাই গ্ৰাম-কাৰ্য্যৰ মূল অঙ্গ; সেই বুলি গ্ৰাম- সেৱকে ইয়াত দিনে দুই ঘণ্টাত কৈ বেছি সময় দিব নালাগে। গ্ৰাম-সেৱকৰ কাৰণে আঠ ঘণ্টা কোনো বিশেষ সময় নহয়। তেওঁ গাওঁ বাসীৰ কাৰণে যি শ্ৰম কৰিব সি প্ৰেমৰ শ্ৰমহে হব। জীৱন নিৰ্ব্বাহৰ কাৰণে তেওঁৰ এই দুই ঘণ্টাৰ বাহিৰে আৰু কমেও আঠ ঘণ্টা সময় দিব লাগে। এইটো মন কৰিব লগীয়া কথা যে চৰখা সংঘ আৰু গ্ৰাম উদ্যোগ সংঘই যি নতুন আঁচনি তৈয়াৰ কৰিছে, তাৰ মতে তো সকলো ৰকমৰ শ্ৰমৰ আটাইতকৈ কম মূল্য বা মহত্ত্ব একে সমানেই। এইদৰে এজন ধুনাই-ৱলাই নিজৰ ধনুৰে একঘণ্টা কাম কৰি গড়ে যিমান তুলা ধুনি যিমান পাৰিশ্ৰমিক পাব; এজন তাঁতী, কাটনি, বা কাগজ তৈয়াৰ কৰোতায়ো সিমান সময় অৰ্থাৎ একঘণ্টাত নিশ্চিত পৰিমাণৰ কাম কৰিও সিমানেই পাব। এই কাৰণে গ্ৰাম- সেৱকে নিজৰ ইচ্ছা অনুসৰি সহজে কৰিব পৰা যি কোনো কামকে বাচি লব পাৰিব। কাম বাচোঁতে এইটোলৈ সদায় লক্ষ্য ৰাখিব লাগিব যে কাম কৰাৰ পিচত যি মাল তৈয়াৰ হব সি যাতে সেই গাৱঁতেই বা তাৰ আশে-পাশে খৰচ হয় অথবা সেই মাল সংঘৰ কামত আহিব লাগিব।

 প্ৰতি গাৱেই যাতে নিজৰ আৱশ্যকীয় খাদ্য-সামগ্ৰী শুদ্ধভাবে আৰু উচিত মূল্যত পাব পাৰে, তাৰ কাৰণে প্ৰত্যেক গাৱতেই একোখন দোকান থাকিব লাগে। এইটো ঠিক যে দোকান যিমানেই সৰু নহওক, তাৰ কাৰণে অলপ মূল-ধনৰো আৱশ্যক হবই; কিন্তু যিজন কৰ্ম্মী নিজৰ কৰ্ম্ম-ক্ষেত্ৰৰ লগত অলপমানো ​পৰিচিত হয়; তেওঁৰ বিশ্বাস-ভাজনতা আৰু সদগুণৰ প্ৰভাৱত দোকানৰ কাৰণে অলপ সৰহীয়া মাল বাকী কৈ দিবলৈ কোনেও অকণো সঙ্কোচ বোধ নকৰিব।

 এনেধৰণৰ আৰু উদাহৰণ দিবৰ আৱশ্যক নকৰে। যি সেৱকে সততে নিৰীক্ষণৰ বৃত্তিৰে কাম কৰিব, তেওঁ সদায় নিত্য-নৱ অনুভৱ পায়েই থাকিব আৰু তেওঁ এইটোও অতি সোনকালে, বুজি উঠিব যে কোনটো কাম কৰিলে তেওঁৰ নিজৰো ৰোজকাৰ ওলাব আৰু যিখন গাৱঁত কাম কৰিবলৈ আহিছে তেওঁলোকৰ কাৰণে ও এক আদৰ্শ উত্থাপিত কৰিব পাৰিব। অতএব তেওঁ এনেকুৱা কোনো কাম বাচি লব লাগিব যাৰ দ্বাৰাই গ্ৰাম-বাসীৰ শোষণ নহয়, আৰু তেওঁলোকৰ আৰোগ্য বা নৈতিকতাতো কোনো প্ৰকাৰে আঘাত নপৰে; বৰং তেওঁলোকৰ নিজৰ অৱসৰ সময়ত কোনো হাতৰ কাম কৰি, নিজৰ উপাৰ্জন বঢ়োৱাৰ হে শিক্ষা পায়। সদায় নিৰীক্ষণ মূলক দৃষ্টিৰে কাম কৰাৰ পৰা তেওঁৰ ধ্যান, গাৱত অকাৰণত নষ্ট হোৱা বস্তু যেনে পথাৰত শস্যৰ লগত গজা ঘাঁহ-বন আৰু অন্যান্য আপোনা আপুনি উৎপন্ন হোৱা বস্তুৰ প্ৰতি যাবলৈ ধৰিব। অতি কম সময়ৰ ভিতৰতে তেওঁ এইটো বুজি উঠিব যে সেই নষ্ট হোৱা বস্তু বিলাকৰ ভিতৰত বহুতেই অনেক কামৰ উপযোগী বস্তু। তাৰ ভিতৰৰ পৰাই যদি ভোজন অথবা অন্য কোনো উপযোগী বস্তু বাচি লয় তেন্তে নিজৰ ৰোজকাৰ কমোৱাৰ সমানেই হব। মীৰা ভনীয়ে মোক গাৱঁৰ পৰা নানা ৰকমৰ পাথৰ আনি দিয়েহি। সেই পাথৰ বিলাক দেখাত সঙ্গ-মৰ্ম্মৰৰ দৰে সুন্দৰ আৰু বৰ উপ- যোগীও। মই সময় পোৱা হলে সাধাৰণ হাথিয়াৰেৰেই তাক নানা আক্বতিলৈ ৰূপান্তৰ কৰি বজাৰত বিক্ৰীৰ উপযোগী কৰি ​তুলিলোঁ হেতন। কাকা চাহাবে এচটা শুকান জেওৰা খৰিৰ পৰা সাধাৰণ এখন কটাৰীৰেই কাগজ কটা ছুৰী আৰু কাঠৰ চামোচ তৈয়াৰ কৰিছিল। এই বিলাকে৷ বজাৰত বেচিবৰ উপযুক্ত আছিল । মগনবাড়ীত কোনো কোনো মানুহে নিজৰ আজৰি সময়ত এফালে নতুন হৈ থকা অলাগতিয়াল কাগজৰ পৰা লেফফা তৈয়াৰ কৰে ।

 দৰাচলতে কবলৈ গ'লে গাৱঁৰ মানুহ এতিয়া একেবাৰেই নিৰাশ হৈ পৰিছে। কোনো অপৰিচিত বা নতুন মানুহ দেখিলেই তেওঁলোকে ভাবে যে তেওঁ তেওঁলোকৰ গলত ভৰি দি বা শোষণ কৰি খাবলৈহে আহিছে। বুদ্ধি আৰু শ্ৰমৰ সম্বন্ধ বিচ্ছেদ হৈ যোৱাৰ পৰাই, অর্থাৎ তেওঁলোকৰ বুদ্ধি শক্তি নোহোৱাৰ বাবেই, তেওঁলোকৰ বিচাৰ-শক্তিও কুণ্ঠিত হৈ যাব লাগিছে । কামৰ সময় খিনিও তেওঁলোকে সৎ ব্যৱহাৰ নকৰে। এনেকুৱা গাৱঁলৈ যাওঁতে গ্রাম-সেৱকে নিজৰ অন্তৰত প্ৰেম আৰু আশা ভৰাই লৈ যাব লাগিব । তেওঁৰ নিজৰ এই কথাটোত বিশ্বাস থাকিব লাগিব যে য'ত বিবেক-হীনতাৰে কাম কৰি স্ত্ৰী-পুৰুষে বছৰত ছমাহ বিনা কামে থাকিব লগা হয় তাত যদি তেওঁ পূৰা সময় বিবেক পূর্ব্বক কাম কৰে তেন্তে তেওঁ নিশ্চয় গাওঁ বাসীৰ বিশ্বাসভাজন হব পাৰিব আৰু তাৰ মাজতে নিজে বুদ্ধিমান দৰে কাম কৰি নিজৰ ৰোজকাৰ উলিয়াবলৈ সমৰ্থৱান হব ৷

 “পিচে মোৰ লৰা-ছোৱালী আৰু সিহঁতৰ পঢ়াশুনাৰ ব্যৱস্থা কি হব?” বুলি গ্রাম-সেৱাভিলাসী গ্রাম-সেৱক সকলে সোধে। যদি লৰা ছোৱালীক আধুনিক পদ্ধতিতেই শিক্ষা দিবলৈ চায় তেন্তে মই কোনো কাৰ্য্যকৰী উপায় দিব নোৱাৰোঁ ৷ প্ৰকৃততে সিহঁতক যদি স্বাস্থ্যবান, মজবুত, বিশ্বাসী আৰু জ্ঞানী গাৱঁলীয়া কৰি গঢ়ি তুলিবলৈহে বিচাৰে তেন্তে সিহঁতে সকলো শিক্ষা নিজৰ মাক বাপেকৰ ছত্ৰৰ-ছাঁয়াত থাকিয়েই পাব ​আৰু গাৱঁতে ৰোজকাৰো উলিয়াব পাৰিব; ক্ৰমান্বয়ে সিহঁত যিমানেই ডাঙৰ হৈ যাব সিমানেই সিহঁতৰ হাত ভৰিৰ ঠিক ব্যৱহাৰ কৰিবলৈ ধৰিব। এনে ভাবেই সিহঁতে নিজৰ পৰিয়ালতে কিছু অৰ্জ্জিবও পাৰিব। নিপুণ ঘৰৰ সমান কোনো স্কুলেই হব নোৱাৰে। আৰু বিশ্বাস-ভাজন, সদাচাৰী, পিতামাতাৰ নিচিনা কোনো অধ্যাপকেই হব নোৱাৰে। বৰ্তমানৰ আধুনিক আৰু মাধ্যমিক শিক্ষাতো গাৱঁলীয়াৰ ওপৰত এটা ব্যৰ্থতাৰ চিন মাত্ৰ। তেওঁলোকৰ লৰাছোৱালীয়ে তাক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিব আৰু ঈশ্বৰ কৃপাত কুশল ঘৰুৱা শিক্ষা পালেও তাৰ পৰা বঞ্চিৎ হব লগা নহব। গ্ৰাম- সেৱক বা গ্ৰাম-সেবিকাৰ কৰ্ম্ম কুশলতা নাথাকিলে আৰু চলোৱাৰ শক্তি নহলে তেওঁলোকে গ্ৰাম-সেৱাৰ সন্মান পোৱাৰ লোভ নৰখাই ভাল।


( অন্ত )