গোপিনী প্ৰাণ কাহানু গেয়োৰে গোবিন্দ
।।ৰাগঃ মাহুৰ-ধনশ্ৰী।। তালঃ পৰি।।
ধ্ৰুং।। হোপিনী প্ৰাণ, কাহানু গেয়ো ৰে গোবিন্দ।
হামো পাপিনী পুনু, পেখিবো নাহি আৰ,
সোহি বদন অৰবিন্দ।।
পদ।। কমন ভাগ্যৱতী ভয়োৰে সু-পৰভাত
আজো ভেটব মুখ চান্দা।
উগত সুৰ দূৰ গেয়োৰে গোবিন্দ
ভয়ো গোপবধু আন্ধা।।
আজু মথুৰাপুৰে মিলব মহোত্সৱ
মাধৱ সাধৱ মান।
গোকুলক মঙ্গল দূৰ গেয়ো নাহি
বাজত বেণু বিষাণ।
আজু যত নাগৰী কৰত নয়ন ভৰি
মুখপঙ্কজ মধুপানা।
হামাৰি বঙ্ক বিধি হাতে হৰল নিধি
কৃষ্ণ কিঙ্কৰে ৰস ভাণা।।