গোপিনী কীৰ্ত্তন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
গোপিনী কীৰ্ত্তন
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.


॥ শ্ৰীশ্ৰীকৃষ্ণায নমঃ॥

শ্ৰীশ্ৰীহৰি শৰণম্

শাস্ত্ৰৰ উত্তম        গীতা ভাগৱত
ধৰ্মৰ উত্তম নাম।
দেৱৰ উত্তম         দৈৱকী নন্দন
চৰণে কৰো প্ৰণাম॥

গোপিনী কীৰ্ত্তন

ঘোষা

কাকূতি

জয় জয় ৰাম কৰুণা সাগৰ হৰি এ
মোক নাৰায়ণ ইবাৰ কৰিয়ো দয়া ৰাম ৰাম॥
অভয় চৰণে শৰণ পশিলো হৰি এ
প্ৰভু দামোদৰ দূৰ কৰা মোৰ মায়া ৰাম ৰাম॥
সহজে কৃপালু গুণক প্ৰকাশি হৰি এ
ধৰি আচা হৰি ভকত বত্সক নাম ৰাম ৰাম॥
ধেনু যেন মতে বত্সক পালয় হৰি এ
তুমি সেহিমতে ভকতক পালা ৰাম ৰাম॥
তোমাৰ নামৰ মিহিমা শুনিয়া হৰি এ
আন যত কাম দূৰতে তেজিয়া থৈলো ৰাম ৰাম॥
তযু পদ সেৱা ৰসৰ আশায় হৰি এ
তোমাৰ একান্ত ভৃত্য কিঙ্কৰ ভৈলো ৰাম ৰাম॥
বেদৰ গুপুত বিত্ত নাৰায়ণ হৰি এ
দৈৱকীত হন্তে সাক্ষাতে ভৈলা বিদিত ৰাম ৰাম॥
জীৱন তাৰণ হেতু নাৰায়ণ হৰি এ
প্ৰচাৰিলা নিজ যশ ধৰ্ম বিপৰীত ৰাম ৰাম॥
ৰত্ন সিংহাসন গৰুড় বাহন হৰি এ
বৈকুণ্ঠকো তেজি তাকা ভকতৰ সঙ্গে ৰাম ৰাম॥
ব্ৰজৰ ছৱালে চাপৰি বজায় হৰি এ
নাচা যদুমণি হৰি হে পৰম ৰঙ্গে ৰাম ৰাম॥
ভৱভয়হাৰী তুমিসে মুৰাৰি হৰি এ
ৰথৰ ওপৰে প্ৰকাশে ঐ শ্যাম তনু ৰাম ৰাম॥
নাজানো অজ্ঞানে তোমাৰ মহিমা হৰি এ
বোলে মাধৱৰ পড়িল শাৰঙ্গ ধনু ৰাম ৰাম॥
কিমতে ভকতি কৰিবো তোমাত হৰি এ
মঞি মূঢ়মতি নাজানো তাৰ উপায় ৰাম ৰাম॥
মহা বলৱন্ত দুৰ্বাসনা ঘোৰ হৰি এ
আমাৰ মনক তেজিয়া দূৰ ন যায় ৰাম ৰাম॥
ভকতি-মিনতি নাজানো হৰি এ
মোত পৰে জ্ঞান-শূন্য হীন-মতি নাই ৰাম ৰাম॥
পশু-পক্ষী জাতি জ্ঞান-শূন্য হৰি এ
তাকো অনুগ্ৰহ কৰি আছা কৃপাময় ৰাম ৰাম॥
তুমি কৃপা কৰা প্ৰভু ৰসৰ সাগৰ হৰি এ
দিয়া মোক তুযু পদছায়া তলে ঠাই ৰাম ৰাম॥
তোমাৰ মায়াতে মন মোহি আছে হৰি এ
অজ্ঞান আন্দাৰে পৰিয়া পাৰ নপাওঁ ৰাম ৰাম॥
অভয় চৰণে শৰণ পশিলো হৰি এ
তুৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ৰাম ৰাম॥
তুমি যাক পালা সিও জন আমি হৰি এ
সংসাৰ নিকাৰ ভুঞ্জিয়া ফুৰোঁ বহুত ৰাম ৰাম॥
তোমাক পৰম ঈশ্বৰ নমানি হৰি এ
মহা অহঙ্কাৰে দ্ৰোহ আচৰিলোঁ আমি॥
আৱে তযু পদে শৰণ পশিলো হৰি এ
মই দ্ৰোহিয়াৰ দোষ ক্ষমা কৰা স্বামী ৰাম ৰাম॥
মই অজ্ঞানীৰ যতেক অজ্ঞান হৰি এ
কথা কহি কোনে সীমা কৰিবেক তাক ৰাম ৰাম॥
ইটো মোৰ ঘোৰ দোষ পৰিহৰি এ
কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক ৰাম ৰাম॥

প্ৰাৰ্থনা

কি কৰিলোঁ কি কৰিলো, ভকতি নকৰি।
অন্তকাল পাইলে প্ৰভু ৰক্ষা কৰা হৰি॥
মোক কিনা প্ৰভু, মোক কিনা কিনা।
আন ধন নলাগই ৰাম ধন দিয়া।
প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ।
সমস্তৰে আত্মা হৰি পৰম বান্ধৱ॥
মাধৱৰে ৰঙা দুইৰো চৰণে ধৰিয়া।
হৰি নাম ৰস পিওঁ অঞ্জলি ভৰিয়া॥
ৰাখা ৰাখা প্ৰভু ৰাখা মায়াৰ বাঘে খায়।
তুমি নাৰাখিলে প্ৰভু ৰাখোতা যে নাই॥
শুণ্ডে মেৰাই পদ্মগোট ওপৰক তুলি।
গজেন্দ্ৰ শৰণ লৈলে ত্ৰাহি ত্ৰাহি বুলি॥

উপদেশ

হৰি-নাম এৰি মন কি কাম কৰস।
মায়া-মোহ জালে পৰি, মিছাতে মৰস॥
হৰি নাম ধৰ মন, আলাস নকৰ।
আশা নামে নদী মাজে মিচাতে নমৰ॥
ৰাম-নাম লৈয়ো মন ৰাম-নাম লৈয়ো।
মিছা আশা লাজ-কাজ পাশ কৰি থৈয়ো॥
ৰাম-কৃষ্ণ বোল মন ৰাম-কৃষ্ণ বোল।
অসাৰ সংসাৰ-সুখে তাৰ আশা বোল॥
হৰি বোল হৰি বোল হৰি কৰি মন স্থিৰ।
তেবেসে সফল হৈবে মনুষ্য শৰীৰ।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল ভাই মুখে।
ৰাম কৃষ্ণ সুমৰি বসিয়া থাক সুখে॥
যিটো ৰাম কৃষ্ণ হৰি বোলয় সৰ্বদা।
তাৰ সংগে এৰি হৰি যাইব আৰু কোথা॥
ৰাম কৃষ্ণ ভাবিতে ছুটয় কাল-পাশ।
সদা ৰাম হৰি বোল তেজিয়া আলাস॥
ৰাম কৃষ্ণ বাবিয়ো মিলোক মহাভাগ।
ৰাম কৃষ্ণ ভাবিতে কৃষ্ণক পাইবা লাগ॥
হৰিৰ নামত ভাই নেৰিবা ভৰসা।
কেৱল ধৰ্মৰ হৰি নাম মাজে বাসা॥
কেমন জানিব হৰি নামৰ মহিমা।
ব্ৰহ্মা, হৰ, অনন্তে নাপান্ত যাৰ সীমা॥
হৰি গুণ নাম যশ ভকতি উত্তম।
যাৰ ধ্বনি শুনি কম্পে কলি কাল যম॥
হৰি নামে যত পাপ সংহাৰিতে পাৰে।
ততেক পাতকী পাপ কৰিতে নাপাৰে॥
মনুষ্য শৰীৰ পাই কৃষ্ণক নভজে।
এহিমান দোষে ঘোৰ নৰকত পৰে॥
মৃত্যুৰ মুখত পৰি নভজে হৰিক।
সিটো অধমৰ জীৱনত ধিক ধিক॥
কলিযুগে হৰি নাম নকৰে কীৰ্ত্তন।
আপোনাক আপুনি বঞ্চিলে সিটো জন॥
হৰি ভজি হৰি নাম নলৱে সাক্ষাত।
আপোনাক আপুনি কৰসে আত্মঘাত॥

সেৱা

জয় যদুপতি        যাদৱ হৰি
তোমাৰ চৰণে লাগো।
শ্ৰৱণ কীৰ্ত্তন        নিৰ্মল ভকতি
কাকূতি কৰিয়া মাগো॥
তোমাৰ সেৱাক        কৰিম কেনে কৰি
আমাৰ শকতি নাই।
দোষ ক্ষমা কৰি        দুখানি চৰণে
দিয়া পদতলে ঠাই॥
মই দুৰাচাৰ        কেৱল তোমাৰ
অপৰাধী নাৰায়ণ।
ক্ষমিয়োক হৰি        লোৱা দাস কৰি
পশিলো তুৱা শৰণ॥

ভজন

মুক্তিতো নিস্পৃহ যিটো         সেহি ভকতক নমো
ৰসময়ী মাগোহো ভকতি।
সমস্ত মস্তকমণি         নিজ ভকতৰ বৈশ্য
ভজো হেন দেৱ যদুপতি॥
যাৰ নাম কৃষ্ণ নাম         নাৱে ভৱসিন্ধু তৰি
পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন         হেনয় কৃষ্ণক সদা
উপাসা কৰোহো হৃদয়ত॥
মত্স্য কুৰ্ম নৰসিংহ         বামণ পৰশুৰাম
হলীৰাম বৰাহ শ্ৰীৰাম।
বুদ্ধ কল্কি নামে দশ         আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোহো প্ৰণাম॥
যিটো জনে কৃষ্ণ-কথা         বিচাৰে সময়ে মনে
ধৈৰ্য্য ধৰি ক্ষণেক থাকয়।
যত তীৰ্থ স্নান দান         দেৱ পিতৃ যজ্ঞ যাগ
যোগাদিৰো ফলক পাৱয়॥
ৰাম কৃষ্ণ হৰি-নাম         সৰ্ব ধৰ্ম অনুপাম
যাতপৰে ধৰ্ম নাহি আৰ।
হেন নাম নুসুমৰি         কমন ভাৰসা কৰি
ৰৈয়া আছা ভৱ তৰিবাৰ॥
বিষ্ণু পাদোদকী গঙ্গা         মহেশে সহিত ইটো
জগতকে পৱিত্ৰ কৰয়।
হেন কৃষ্ণ বিনে কোন         ভগৱন্ত হেন ইটো
শবদৰ স্বৰূপ আছয়॥
আপুনি আপোন বন্ধু         আপুনি আপোন শত্ৰু
আপুনি আপোন ৰাখে মাৰে।
হৰিক নভজি নৰ         আপুনি হোৱয় নষ্ট
হৰি ভজি আপোনাক তাৰে॥
দুৰ্ল্লভ মনুষ্য জন্ম         লভিয়া পশুৰ যোগ্য
বিষয়ৰ আশা পৰিহৰা।
সন্তৰ সঙ্গত বসি         সুখে হৰিগুণ গায়া
সন্তোষে অমৃত পান কৰা॥
লক্ষ্মীপতি ভগৱন্ত         যাহাৰ প্ৰসন্ন ভৈল
তাহাৰ দুৰ্ল্লভ কিছু নাই।
নাৰায়ণ পৰ ভৈলে         তথাপি কিঞ্চিতো নাই
নবাঞ্ছয় সেৱা-সুখ পাই॥
কৃষ্ণৰ হৃদয় চাৰু         লক্ষ্মীৰ নিবাস স্থান
মুখ নয়নৰ পান-পাত্ৰ।
দিগপাল সমস্তৰ         আশ্ৰয় কৃষ্ণৰ বাহু
ভকতৰ পাদ-পদ্ম মাত্ৰ॥
পৰম ঈশ্বৰ দেৱ          কৃষ্ণক নপাই লাগ
তপ জপ যাগ যোগ দানে।
একান্ত ভক্তৰ পদ          ৰেণু শুদ্ধ চিত্তে মাথে
অভিষেক নকৰয় মনে॥
ঈশ্বৰ কৃষ্ণক যিটো          অন্য দেৱতাৰ সম
বোলয় অধম মূঢ়মতি।
চৌৰাশী নৰক ভঞ্জি          পাপৰ যোনিত সিটো
অৱশ্যে হুইবেক উতপতি॥
মায়া আদি কৰি যত          সমস্ত জগত জড়
কৃষ্ণেসে চৈতন্য আত্মা শুদ্ধ।
চৈতন্য কৃষ্ণক এড়ি          জড়ক ভজিয়া মৰি
কিনো লোক অধম মুগুধ।
তপ জপ তীৰ্থ ব্ৰত          যাগ যোগ যজ্ঞ দান
কাকো নুসুমৰে মৃত্যুবেলা।
মৰন্তাজনক বেঢ়ি          বোলে সৱে ৰাম বোলা
হেন নামে এতিক্ষণ হেলা॥
পৰলোক সময়ৰ          বান্ধৱ হৰিৰ নাম
সৱ এড়ি যিহেতু সুমৰে।
এতিক্ষণে কি কাৰণে          হেনয় হৰিৰ নাম
মালমতি নৰে নুসুমৰে।
নমো ৰাম কৃষ্ণ হৰি          নাৰায়ণ নিৰঞ্জন
নমো দেৱ দৈৱকী দায়াদ।
পৰম অনাথ আমি          তোমাৰ চৰণে নমি
মাগো প্ৰভু ভকতি প্ৰসাদ॥
নমো নমো নাৰায়ণ          প্ৰসন্ন হুয়োক হৰি
মৰিয়োক মাযাৰ নিৰ্য্যান।
আপোনাৰ মহিমাক          আপুনি বেকত কৰি
জীৱক কৰিও পৰিত্ৰাণ॥
তোমাৰ মায়ায়ে হৰি          কপট গুণক ধৰি
মুহি আছে আমাক সমূলি।
গুচায়োক মায়া স্বামী          তোমাৰ চৰণে আমি
ভজিলোহো জয় জয় বুলি॥
এতেকে জানিয়া হৰি          তোমাৰ নামক মাত্ৰ
কৰিলোহো হৰি কৃপায়।
কৃপা পাদ পঙ্কজৰ          সেৱাৰ মহিমা কতা
শুনি বৰ আনন্দ মিলয়॥
যাৰ ভকতৰ সঙ্গে         সৰ্ব-পুৰুষাৰ্থ -শিৰে
চড়ি আতি কৌতুক কৰয়।
তযু গুণ নাম হৰি          কেৱলে নিগুৰ্ণ মাত্ৰ
আৱৰ সমস্তে গুণ ময়॥
হৰিৰ সেৱাতে          নাহিকে প্ৰয়াস
জানিবা নিশ্চয় কৰি।
নাম মাত্ৰ লৈলে          হোৱন্ত প্ৰসন্ন
কিনো কৃপাময় হৰি॥
শুনিয়ো চতুৰ          মহন্ত সকল
ফুৰা হৰি-গুণ গাই।
দুৰ্ঘোৰ কলিত          হৰি-নাম বিনে
গতি আনমতে নাই॥
ঘোৰ কলি যুগে          যত ধৰ্ম-কৰ্ম
সৱে কৰিলেক দূৰ।
যি জনে কেৱল          হৰি নাম লৱে
পুৰুষ সিটো চতুৰ॥
হে কৃষ্ণ কৃপাময়         প্ৰভু মোক
কৰা কৃপা এহিমান।
তোমাৰ চৰণে          ৰহোক আমাৰ
সদায় নিৰ্মল জ্ঞান॥
তোমাৰ চৰণ          সেৱাৰ গোবিন্দ
নাজানো একো উপায়।
যিমতে সেৱাত         ৰহিবো কৰুণা
কৰিতে হৰি যুৱাই॥

কীৰ্ত্তন

ঘোষা

এ ঊভৱ তাৰিণী গঙ্গা মাও হে।

পদ

দেখিয়া নাৰদে তুলিলে হাসি।
আমাক প্ৰভু ভুৰুকুৱা আসি॥
তোমাৰ চৰণ সেৱাৰ বলে।
তযু যোগমায়া জানো সকলে॥
জানিয়ো প্ৰভু মই দাস।
কৰিয়া তোমাৰ যশ প্ৰকাশ॥
কৃষ্ণত আতি সতকাৰ পাই।
লৰিলা তৈৰ পৰা বীণা বাই॥
কৃষ্ণৰ চৰণ চিন্তন্তে যান্ত।
গোৱিন্দৰ গুণ সদায় গান্ত।
হাটে-বাটে কৈত মিলে মৰণ।
সদায় নেৰিবা হৰি চৰণ॥
নাৰদত বিষ্ণু আছন্ত কই।
বৈকুণ্ঠত মই নাতাকো ৰই॥
যোগীৰো হিয়া এৰি সমুদায়।
থাকো ভকতৰ কীৰ্ত্তন চাই॥
মিছাতে পুত্ৰ-দৰা বুলি মৰা।
আপুনি গুণ আইলা কৈৰ পৰা॥
সৱে মায়াময় স্বপ্নৰ সৰি।
জন্মক সাম্ফলি বোলা হৰি হৰি॥

ঘোষা

নামে ৰতি নামে গতি নামেহে সম্পত্তি।
ৰাম নামৰ বিনে আমাৰ নাহিকে গতি॥

পদ

কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ।
শঙ্খ চক্ৰ গদা পদ্ম কৰত তোমাৰ॥
পীতবস্ত্ৰে শোভে অতি শ্যাম কলেবৰ।
কমললোচন চাৰু অৰুণ অধৰ॥
সুন্দৰ নাসিকা কৰ্ণে মকৰ কুণ্ডল।
কণ্ঠত কৌস্তুভ শিৰে কিৰীটি উজ্জবল॥
আপাদ লম্বিত বনমালা জ্বলে গলে।
শোভে অতি শ্ৰীবত্স বহল বক্ষস্থলে॥
চাৰু চাৰি ভুজ জ্বলে আজানুলম্বিত।
কৰিকৰ সম উৰু বৰ্ত্তুল বলিত॥
চৰণ কমল যেন নব পদ্ম কোষ।
যাক দেখি ভকতৰ পৰম সন্তোষ॥
প্ৰসন্ন বদনে জ্বলে অলকা তিলক।
বসুদেৱে দেখিলেক অদ্ভুত বালক॥
পড়ি দুয়ো প্ৰাণী আছে কৰিলন্ত স্তুতি।
পিতৃত কহিলা প্ৰভু সমস্ত যুগুতি॥
যশেদাৰ তৈতে উপজিলা যোগমায়া।
আতি অচেতন নিদ্ৰা গৈলা নন্দজায়া॥
তাহাৰ শয্যাত নিয়া থৈলন্ত তোমাকে।
বসুদেৱ আনিলন্ত নন্দৰ কন্যাকে॥
শিশুভাৱে গোকুলত ক্ৰীড়িলা অপাৰ।
সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ॥
হেন জানি নিৰন্তৰে এৰি আন কাম।
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥

ঘোষা

এ ঠাকুৰাণী আই এ
তোমালৈ যমে ডৰাই
অম্বিকা চণ্ডিকা ভৱানী কালিকা
এই ৰূপে ফুৰা বেড়াই॥

পদ

শুক নিগদতি         শুনা কুৰুপতি
কৃষ্ণৰ আৰো চৰিত্ৰ এ
আছিল দৰিদ্ৰ         বিপ্ৰ দামোদ৯ৰ
বৈষ্ণৱ আতি পৱিত্ৰ। এ
ভাৰ্য্যাৰ বচন         শুনিয়া ব্ৰাহ্মণে
দৃঢ় কৰিলন্ত মতি। এ
কৃষ্ণ-দৰশনে         মোৰ মহা লাভ
যাইবো দ্বাৰকাক প্ৰতি॥ এ
কানিৰ টুপলি         বান্ধি আনি দিলা
ব্ৰাহ্মণে কাষত লৈলা। এ
কৃষ্ণৰ চৰণ         দেখিবাক মনে
দ্বাৰকাক লাগি গৈলা। এ
আপুনি চৰণ         ধুৱাইলা বিপ্ৰৰ
পাদোদক লৈলা শিৰেয॥ এ
সুগন্ধি চন্দন         কুঙ্কুমে সখিৰ
ঘসিলা সৱ শৰীৰে। এ
দেখিয়া অন্তেষ-         পুৰৰ লোকৰ
বিস্ময় হৈ গৈলা পাছে। এ
ইটো মহাদুঃখী         ভিক্ষুক ব্ৰাহ্মণে
কত পুণ্য কৰি আছে॥ এ

ঘোষা

সত্য প্ৰভুদেৱ পাপীকে নেড়িবা

পদ

মইসে কৃষ্ণ দেখা গোপীগণ।
অন্যো অন্যে গোপী বোলে বচন॥
একত্ৰ হুয়া মহা প্ৰেমভাবে।
গোৱিন্দ-গুণ গাৱে আৰ্ত্তৰাৱে॥
বিচাৰি ফুৰে সিটো বৃন্দাবনে।
কৃষ্ণ কৃষ্ণ বুলি উন্মত্ত হুয়া মনে॥
উচ্চ বৃক্ষ দেখি সোধে সাদৰি।
শুনিয়ো অশ্বত্থ বট পাকড়ি॥
হে কুৰুবক অশোক চম্পা।
কহিয়ো কথা কৰা অনুকম্পা॥
ওবা তুলসী সমিধান দিয়া।
তুমি গোৱিন্দৰ চৰণ-প্ৰিয়া॥
যাহন্তে দেখিলা নন্দকুমাৰ।
প্ৰাণতো অধিক প্ৰিয় আমাৰ॥
হে জাঁতি যূতি সখী মালতী।
কৃষ্ণ পৰশে কি লভিলা গতি॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্তজনে॥

ঘোষা

বৃন্দবন হৰি বৃন্দাবন,
আমাক এৰি গলা নাৰায়ণ।
বৃন্দাবন বিহাৰী ৰাধে কৃষ্ণ,
গোবিন্দ কৃষ্ণ হৰি নাৰায়ণ॥

পদ

পাৱত পৰিয়া         আছন্ত প্ৰহ্লাদ
দেখি নৰসিংহ হাঁসি এ।
স্নেহত শ্ৰৱয়         নয়নৰ নীৰ
তুলিলা হাতে উল্লাসি এ॥
হস্ত পদ্মে তাৰ         পৰশিল শিৰ
পৰম নিৰ্ভয় দিয়া এ।
দেখি প্ৰহ্লাদৰ         তনু ৰোমাঞ্চিত
আনন্দে দ্ৰবিল হিয়া এ॥
ভয়ঙ্কৰ কোপ         দেখিয়া তোমাৰ
প্ৰভু ভয় মোৰ নাই এ।
সংসাৰ চক্ৰৰ         নিকাৰ দেখিয়া
সদায়ে ধাতু উড়াই এ॥
তোমাৰ চৰণ         ছত্ৰৰ ছাঁয়াক
কৈসানিনো দিবা মোক এ।
কহিয়ো উপায়         কিমতে এৰাওঁ
নিদাৰুণ দুখ শোক এ॥
ভৱ বৈতৰণী         মাজে মজিলোহোঁ
নেৰে মোক দুখ শোকে এ।
তোমাৰ চৰণে         শৰণে পশিলো
কৰা কৃপা হৰি মোক এ॥
প্ৰহ্লাদক চাই         আনন্দে বোলন্ত
তিনিও লোকৰ স্বামী এ।
বোলা হৰি হৰি         সংসাৰক তৰি
হুয়োক বৈকুণ্ঠ গামী এ॥

ঘোষা

গোবিন্দ এ প্ৰভু দিয়া দৰিশন।
সেৱা কৈ থাকিম প্ৰভু দুখানি চৰণ॥

পদ

এহি শৰীৰতে আছে যতেক মহিমা,
মনেও কৰিব পাৰে কোনে তাৰ সীমা।
জ্ঞান পথ এৰি প্ৰভু! তোমাৰ কথাক,
কায়বাক্যমনে সেৱে যিটো সাধু জাক।
মুকুতি ৰসকো শ্ৰৱে তোমাত ভকতি,
তাক এৰি যিটো জ্ঞান পথে কৰে ৰতি।
মই কেন দুৰ্বোধ দেখিয়ো ভগৱন্ত,
মায়াদিৰো ঈশ তুমি অনাদি অনন্ত,।
তোমাক পৰীক্ষো মই মায়াকো প্ৰকটি,
অগনিৰ আগে যেন ক্ষুদ্ৰ ফিৰিঙতি।
অন্ধ ভৈল চক্ষু হেলা কৰিলো তোমাক,
মই ভিন্ন ঈশ্বৰ মানিলো আপোনাক।
অজ্ঞৰ ক্ষমিও দোষ জগত নিবাস,
এহি কৃপা কৰা যেন বোলাওঁ তযু দাস।
সমস্তৰে বুদ্ধি সাক্ষী সৱে তুমি জানা,
আজি ধৰি প্ৰভু! মোক দাস বুলি মানা।
এহি বুলি প্ৰভাপতি ভৈলা মোহে হীন,
কৃষ্ণক কৰিলে তিনি বাৰ প্ৰদক্ষিণ।
প্ৰণাম কৰিলে চৰণত পড়ি পড়ি,
মেলানি মাগিয়া নিজ স্থানে গৈল লড়ি।
ভণিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি,
পাতক ছাড়োক ডাকি বোলা হৰি হৰি॥

ঘোষা

সদায় সদাশিৱ বোলে যি জনে
তাক কি কৰিব যমৰ কিঙ্কৰে।

পদ

অসুৰৰ ভয়ে দেৱতা জাক,
ৰজাক বোলন্ত ৰাখা আমাক।
নৃপতি পাচে ভৈল স্বৰ্গ পাল,
ৰাখিলা ত্ৰিদশক চিৰকাল।
পাচে মাধৱে কৰি অল্প হাঁসি,
নৃপতিক দেখা দিলন্ত আসি।
উদিত চন্দ্ৰৰ যেন প্ৰকাশ,
শ্যাম দেহে শোভে মেখলা।
ত্ৰৈলোক্যত ৰূপে নাহিকে সম,
মৃগেন্দ্ৰৰ যেন লীলা বিক্ৰম।
শৰীৰৰ জ্যোতি লাগি অঁখিত,
দেখি মুচুকুন্দ ভৈল শঙ্কিত।
কৃষ্ণৰ কিঙ্কৰ ভণে,
কৃষ্ণ কথা শুনা সমস্ত জনে।
কৰিয়ো কীৰ্ত্তন আলাপ এড়ি,
বোলা হৰি হৰি সমাজে বেড়ি।

ঘোষা

বিলাই দিয়া নিৰমালি মাতা ভৰি লওঁ,
বিদায় দিয়া ভাগৱতী সেৱা কৰি যাওঁ।

পদ

শুক মুনি বোলন্ত শুনিয়ো পৰীক্ষিত।
বামণৰ বাক্যে বলি সুতল পুৰীত॥
প্ৰসন্ন বদনে হৰি কৰে ধৰি গদা।
বলিৰ সন্মুখ হুয়া থাকন্ত সৰ্বদা॥
ভৈলন্ত বিমুখ বলি বিষয় সুখত।
সদায় কৃষ্ণৰ নাম নুগুচে মুখত॥
হোন্ত নিশবদ গদ গদ কৰে মাত।
প্ৰেম ভাৱ উপজি পড়ন্ত ঢাত ঢাত॥
কত হুক-হুকি কৰি কৰন্ত ক্ৰন্দন।
কতো উঠি কীৰ্ত্তন কৰন্ত ক্ৰন্দন।
কতো উঠি কীৰ্ত্তন কৰন্ত তাল ধৰি।
দৈত্যগণে বেঢ়ি বাৱে চৌপাশে চাপৰি॥
সদায় থাকন্ত দামোদৰ যাৰ কাছে।
বলি সম ভাগ্যৱন্ত আন কোন আছে।
মাধৱক অৰ্পিলে আপোনাক।
বলি সে জিনিল ইটো দুৰ্জয় মায়াক॥
এহি বুলি পুষ্প বৰিষন্ত ঘনে ঘনে।
বোলা হৰি হৰি সৱে সভাসদ গণে॥

ঘোষা

হৰি এ নাৰায়ণ।
লড়িল কানাই তাঁতীৰ ঠাই।
একে লগে বহি আছিলো চাই॥
দুৰৈত দেখিয়া তাঁতীয়ে হাঁসে॥

পদ

বিনন্দ গোসাঁই বা কি লাগি আসে।
বহিবৰ আসন আগে বঢ়াই।
কৰ্পূৰ তাম্বুল আগে যোগাই॥
কহোঁ তাঁতী মই তোমাৰ আগে।
ৰাধাক পিন্ধিবলৈ কাপোৰ হে লাগে॥
কেমন কাপোৰ কেমন থান।
কলেহে বুজোঁ তাৰ প্ৰমাণ॥
দীঘলে সাৰন্দ্ব পুতলে বড়।
আগতে দিবা গুণা বিস্তৰ॥
মূৰতে লিখিবা দৈৱকী মাতা।
পিঠিতে লিখিবা কংস মোমাই।
বুকুতে লিখিবা নন্দৰ কানাই॥
কঁকালত লিখিবা মুৰুলি থোপা।
তাৰ মাজে মাজে বুলাইবা চম্পা॥
খোঁচনিত লিখিবা নেজালি ম'ৰা।
আঁঠুতে লিখিবা অসংখ্য তৰা॥
এই দেওবাৰে জাননী দিওঁ।
ঘূৰি দেওবাৰে কাপোৰহে নিওঁ॥
সেই কাপোৰ লৈয়া ৰাধাক পিন্ধাওঁ।
ৰাধাৰ সহিতে মই বৃন্দাবনে যাওঁ॥
বৃন্দাবনে গৈ কৰিবো কেলি।
সমস্তে গোপীও ঘোষিও হৰি॥

ঘোষা

আই মাতৃ ভগৱতী এই নামে সন্তোষ হ'বা

পদ

কি দিয়া পুজিবো আই চৰণে তোমাৰি।
তোমাক পুজিবাৰ বস্তু নেপাওঁ বিচাৰি॥
অন্ন দি পুজিলোঁহেঁতেন গৰুৱে খচিলে।
বস্ত্ৰ দি পুজিলোঁহেঁতেন মাৰেৰে সিজালে॥
পুষ্প দি পুজিলোঁহেঁতেন ভ্ৰমৰে চুম্পিলে।
দুগ্ধ দি পুজিলোঁহেতেনে দামুৰিয়ে পিলে॥
ধন দি পুজিলোঁহেঁতেন আপোনাৰে আছে।
জল দি পুজিলোঁহেঁতেন বিতাৰিলে মাছে॥
মন দি পুজিলোঁহেঁতেন মনৰ নাই থিত।
চিত্ত দি পুজিলোঁহেঁতেন পাপে জৰ্জৰিত॥
যেই বস্ত দিওঁ মাতৃ সেই বস্তু চৱা।
নামেৰে পুজিম মাতৃ গধূলি পুৱা॥

শ্ৰীশ্ৰী ৰাধা কৃষ্ণ

গোসাঁই ওপজা নাম

আজি ৰাতি         শিলা বৰষিলে এ
নুশুনো প্ৰজাৰ মাত।
পালি পহৰীয়া         সৱে নিদ্ৰা গলে
উপজিলে জগন্নাথ॥
গোসাঁই উপজিলে         কেৱে নাজানিলে এ
অকল বসুদেৱৰ বিনে।
কংসৰ ভয়ত         পলুৱাই থলেগৈ
নন্দ যশোদাৰ ঘৰে॥
গোসাঁই উপজিবৰ         জানি বসুদেৱ এ
সপতে কৰিলে স্নান।
মনৰ অনুমানে         যমুনাৰ তীৰতে
কপিলা কৰিলে দান॥
ঘোৰ অন্ধকাৰে         স্বামী অকলশৰে এ
কোলাতে শিশু ছৱাল।
যমুনা বাঢ়িছে         ফেনে ফোটোকাৰে
হৱা কোনমতে পাৰ॥
ননাদৰ ঘৰে যদু তুমি আছিলাহা সৰু।
কোন সতে নন্দৰাণী ৰখাইছিলে গৰু॥
বাছা-নন্দৰ দুলাল।
এত ৰাত্ৰি ধেনু ছাড়ে কাহাৰ ছৱাল॥
ধেনু ছাড়ে বাছা! গুচাইলেক আঁত।
ৰ'দ পাই জিলিকিলে কালী সৰ্পৰ দাঁত॥
দধি থৈচোঁ দুগ্ধ থৈছোঁ আৰু থৈছোঁ লাড়ু।
শুৱৰ শয্যা পাৰি থৈছোং তাতো থৈছোঁ গাৰু॥

গৰু মৰিলে         মৰিলে গৰখীয়া এ
কালী হ্ৰদৰ পানী খাই।
তললৈ মূৰকৈ         গুণে ভগৱন্তই
কি হব জীৱৰ বিলাই॥
জলে শুকাই গলে         বগে ধৰি খালে এ
অলপ পানীৰে মাছ।
হৰি নাম লবলৈ         হেলা নকৰিবা
কালে ধৰি আছে পাছ॥
হৰি নাম নোলোৱা         দাঙিও নধৰা এ
কিবা বস্তু হৱ হানি।
অথিৰ জীৱন         কতেবা মৰণ
যেন কঁচুপাতৰ পানী॥
হৰি নাম এড়ি         কিহৰে ঘুমটি এ
কাল অজগৰে গিলে।
পদ্ম-পত্ৰ জল         কৰে টল-বল
তিলেকে মৰণ মিলে॥
নামৰ ধৰ্মৰে         নৌকা সাজি ললে এ
গোবিন্দ নামৰে ব'ঠা।
বৈকুণ্ঠ য়াবলৈ         যাৰ ইচ্ছা আছে
নাম লৈ নৌকাতে উঠা॥
নামৰে ধৰ্মৰে         কথা সুধি ললে এ
অমৃতে আছিলে ভৰি।
কপটৰ ঢাকনি         গুচুৱাহে মনাই
মই পিওঁ অঞ্জলি ভৰি॥
অ! হৰি এ           দেখিলোঁ স্বৰূপ
শঙ্খ চক্ৰ ধৰি আছা ৰূপ হে
দেখিলোঁ স্বৰূপ।
অ! হৰি এ                        নাম লোৱা ৰৈ
এনে হেন হৰি নাম কত পাবা গৈ হে
নাম লোৱা ৰৈ।
অ! হৰি এ                        ৰসৰে সাগৰ
মুখে ভৰি লোৱা নাম নেলাগে ভাগৰ হে
ৰসৰে সাগৰ।
অ! হৰি এ                        ৰাম কৃষ্ণ বোল
মুখে ভৰি লোৱা নাম নেলাগে ভাগৰ হে
ৰসৰে সাগৰ।
অ! হৰি এ                         ৰাম কৃষ্ণ বোল
ৰাম নাম নলৈ মন কেনে হৈছা ভোল হে
ৰাম কৃষ্ণ বোল।
অ! হৰি এ                        ৰাম বুলি তৰ
ধন জন পুত্ৰ ভাৰ্যা মিচাতে লগৰ হে
ৰাম বুলি তৰ।
অ! হৰি এ                        ভাৰস্তৰ মুনি
নাম শুনি ভগৱন্তই আহিব আপুনি হে
ভাৰস্তৰ মুনি।
অ! হৰি এ                         অৰ্জুনৰ সখি
সংসাৰত ভ্ৰমি ফুৰোঁ তোমাকে নেদেখি হে
অৰ্জুনৰ সখি।
অ! হৰি এ                         বৈকুণ্ঠৰ পতি
নামি আহাঁ সেৱা কৰোঁ লক্ষ্মী সৰস্বতী হে
বৈকুণ্ঠৰ পতি।
অ! হৰি এ                         ৰাম পাৰিজাত
স্বৰ্গৰ পৰা নমাই আনি ৰুলে দ্বাৰকাত হে
ৰাম পাৰিজাত।
অ! হৰি এ                         কেশৱ ৰায়
অৰুণ চৰণ তলে আমাক দিয়া ঠাই হে
কেশৱ ৰায়।
অ! হৰি এ                         কেশৱ দেৱ
অগতিৰ গতি নাই সহায় নাই কেৱ হে
কেশৱ দেব।
অ! হৰি এ                         কেশৱ হৰি
বৈকুণ্ঠত আছা প্ৰভু নিজ ৰূপ ধৰি হে
কেশৱ হৰি।
অ! হৰি এ                         বৈকুণ্ঠৰ মুনি
নাম শুনি ভগৱন্তই আহি আপুনি হে
বৈকুণ্ঠৰ মুনি।
উঠি নাম ললে                        মহন্ত সকলে এ
বহি নাম ললে গোপী।
বৈকুণ্ঠৰে পৰা                        গোঁসাই নামি আহে
নামৰে মহিমা শুনি॥
বৈকুণ্ঠৰে পৰা                         নামি আহিলে এ
সুধম্বাৰ সভাতে ৰল।
দেৱতা সকলে                        থলে আগে বঢ়াই
বসুদেৱ গৃহলৈ গল॥
বৃন্দাবনলৈ                         যাবকে নোৱাৰি এ
গোকুলে নচলে ভৰি।
পতি-পুত্ৰ এৰি                        তোমাক ভজিলো
যাওঁ কোন সতে এড়ি॥
কাকো নানিলা                        ৰাধাকে আনিলা এ
ৰাধা বৰ সুভাগিনী।
দণ্ডকা বনতে                        লৰিব নোৱাৰে
কোলাত লোৱা বনমালী॥
কোলাত লওঁ বুলি                        আশ্বাস কৰিলে এ
হাততে হেৰালে হৰি।
বৃন্দাবনতে                       ৰাধা পৰি আছে
কেশ আউল-বাউল কৰি॥
তুলসী তুলসী                        অ আই তুলসী এ
তুমি গোবিন্দৰ প্ৰিয়া।
গোসাঁই কোন পোনে                        গলে আই তুলসী
শীঘ্ৰে সমিদান দিয়া॥
তুলসী ছিঙিলো                        চন্দনো পিহিলো এ
মই থলো কুকিত ভৰাই।
চান্দ মুখ চাই                        পিন্ধাব নেপালো
কৃষ্ণ দ্বাৰকালৈ যাই॥
ধোবাকো মাৰিলে                        বস্ত্ৰ কাঢ়ি ললে এ
মলিয়াৰ হাততে মলা।
কুঁজীকো তাৰিলে                        চন্দনো পিন্ধিলে
লৰিল চন্দ্ৰ কলা॥
এইনো নামেঘৰ                        কোনে সাজাই গল এ
কৰতে কাটিলে ৰুৱা।
গোসাঁই কুমলীয়া                       ভকত ধেমেলীয়া
নাম লয় গধূলি পুৱা॥
কঁচুতে কটাৰী                        ভাঙিলে নাৰায়ণ এ
লোহাতে বিন্ধিলে ঘূণে।
পঁচা শৰীৰত                       ভোমোৰাই বিন্ধিলে
ঢোকা দি ৰাখিব কোনে॥
পাৰৈ নাই কাষতে                        পৰুৱা নবলে এ
তেল নাই নজ্বলে বাতি।
আজি গোসাঁই ঘৰত                        গোসাঁই নাইকিয়া
নুপুৱাই কালিন্দী ৰাতি॥
আজি নামে ঘৰত                        পদ্ম ফুল ফুলিছে এ
আছে সবে লোকে বেঢ়ি।
জিমে জিমে কৰি                       অমৃত বৰষিছে
যাৱ কোন সতে এড়ি॥
যমুনাৰ তীৰতে                       গোপী নাম ললে এ
মণ্ডলী আকাৰ কৰি।
যদি দিয়া আছে                       ওলাই দেখা দিয়া
গোপী প্ৰাণধন হৰি॥
যমুনাৰ তীৰতে                       গোপী সকলে এ
আলচা আলচি কৰে।
যাওঁ যাওঁ এ বুলি                        যাবকে নোৱাৰে
শৰীৰ পুৰি দগ্ধ কৰে॥
আজি কৃষ্ণক                        কালী সৰ্পে খালে এ
কি লাগি জীৱন ধৰোঁ।
আহা! সখি সৱ                       কৃষ্ণৰ বিৰহে
জ্বলে জাপ দিয়া মৰোঁ॥
যমুনাৰ তীৰতে                       গোপী সকলে এ
কৃষ্ণৰ গুণকে গালে।
নন্দ যশোদাক                       কম কি এ বুলি
কৃষ্ণক কালী সৰ্পে খালে॥
নেজানি কালীয়ে                       মেৰাই ধৰিলে এ
গোৱালৰ শিশু বুলি।
লাম্ফ দিয়া কৃষ্ণই                        শিৰতে উঠিলে
মৰিলে কালী সমূলি॥
কালীজান কলীয়া                        সৰ্পে আছে বেঢ়িয়া এ
কি কৈ যমুনা পাৰ।
নৰসিংহ ৰূপ ধৰি                        হিৰণ্যাক্ষ বধ কৰি
গোকুলত কৃষ্ণ অৱতাৰ॥
সেউতী ফুলৰে                        মই ঘৰ সাজিলো এ
মালতী ফুলৰে বেৰ।
গুটিমালী ফুলৰে                        দুৱাৰ সাজিলোঁ
নাহিলে দেৱ কুমাৰ॥
ফুলৰে ইচনী                        ফুলৰে বিচনী এ
ফুলৰে অনন্ত শয্যা।
অনন্ত শয্যাত                       নিদ্ৰা নাহিলে
কৃষ্ণ হল ভোমোৰাৰ আৰ্য্যা॥

গোবিন্দ এ প্ৰভু এতে বেলি কত।
সাধু সঙ্গে মনত ৰঙ্গে নাম লৈছে যত॥
গোবিন্দ এ প্ৰভু এতে বেলি কত।
নৰসিংহ ৰূপ ধৰি হিৰণ্যাক্ষৰ তত॥
গোবিন্দ এ প্ৰভু নাযাবা এৰিয়া।
তুমি তৰু আমি লতা থাকিবো বেঢ়িয়া॥
গোবিন্দ এ প্ৰভু দিয়া দৰিশন।
সেৱা কৰি থাকিম প্ৰভু দুখানি চৰণ॥
ভজ গোবিন্দৰ পাৱে,
চিন্ত গোবিন্দৰ পাৰে।

মুখ থাকোতে                         নলয় হৰি নামে
কেলৈ জনমালে মাৱে॥
নাম ঘৰৰ চৌপাশে,
তুলসীৰ শাৰী।
আউনী আটিৰ                         গোবিন্দ ঠাকুৰ
জীৱৰ অধিকাৰী॥
সখি বিয়নি আই,
আহা নন্দৰ ঘৰে যাওঁ।
পুনৰ জন্মে যেন                        গোকুলে উদিত
হলে দেখিবলৈ পাওঁ॥
গোসাঁই গোসাঁই
তুমি ভকতৰ হিয়া॥
নন্দৰ ঘৰে                        যি ৰূপে আহিছা
সেইৰূপে দেখা দিয়া॥
গোপী লোকে আজি,
দোখোন বৰ বিপৰীত॥
মোৰ কৃষ্ণই                        দুণ্ডুকা বনতে
কিবা কথা মিলিছে তহিত॥
গোপী সৱে আজি দেখোন
মোৰ কৃষ্ণ মোৰ গৃহে নাই॥
কাৰ সঙ্গে বহি                        কাৰ সঙ্গে হাঁসি
থাকিম কাৰ মুখ চাই।
পুৰি গল                        বৃন্দাবন
উৰি গ'ল ছাই॥
শূন্য হল বৃন্দবন
ৰাধা-কৃষ্ণ নাই॥
গোসাঁই গল বৈকুণ্ঠলৈ বাটত কৈলে হেলা,
চৰণতে পৰি কান্দে গুণৱতী ৰাধা॥
নেকান্দিবা গুণৱতী নকৰিবা শোক,
সত্যে সত্যে গুণৱতী এৰি নাযাওঁ তোক॥
যেই বনে বিচাৰিলোঁ সেই বনে নাই,
অভাগিনী কপালে হেৰাইলে গোসাঁই॥
বৃন্দাবনৰ মাজে প্ৰভু আছিলা লুকাই,
ভালেতো গোপিনী কান্দে বিচাৰি নাপায়॥
বিচাৰিলো বিচাৰিলোঁ আনেক প্ৰৱন্ধে,
পাইলো গৈয়া লাগ তুলসীৰ মাজে॥
তুলসীৰ মাজে প্ৰভু! আছিলা লুকাই,
গোপী সৱে কান্দি মৰে বিচাৰি নাপায়॥
কিয় এৰি গৈলা প্ৰভু, কাক থাকিম চাই,
হেন হৰি বঞ্চিতা কৰিলে বিধাতাই॥
হৰি এৰি গৈল মোক,
প্ৰভু এৰি গৈল মোক
বৈকুণ্ঠে যাওঁতে                        লগত নিনিলা
দি গলা দাৰুণ তাপ।
পৰে কি আপোনা                        হৈব নাৰাযণ এ
শিমলু হৈব কি চন্দন।
ঘোৰ অন্ধকাৰত                        ৰি গুচি গলা
হিয়া মোৰ তোমাৰ নিদাৰুণ॥
কিবা দোষ আছে প্ৰভু! নপৰিলে মনে।
অনাচাৰী তিৰী দেখি এৰি গৈলা বনে॥
যা যা উদ্ধৱ!                        প্ৰাণৰ বান্ধৱ এ
গোপী শান্ত কৰা গৈ।
অক্ৰৰে সহিতে                        আহিল একে ৰথে
বুজাবা নেপালো ৰৈ॥
উদ্ধৱ বোলো মই                        বান্ধৱ বোলো মই এ
বদৰিকাশ্ৰমে চলা।
প্ৰাণৰ বিদুৰক                        লগকে নেপালো
বৈকুণ্ঠ যাবৰ বেলা॥
উদ্ধৱৰ পাৱে পড়ি                        বিদুৰে কান্দিলে
হা হৰি প্ৰাণনাথ।
অনাথ কৰিলে॥
উদ্ধৱে কয় কথা                        গোবিন্দৰ আগে
প্ৰাণ প্ৰভু! এড়ি গল
হৃদয় দগ্ধ হল,
নকলেও তিৰী বধ লাগে॥
উদ্ভৱক বাৰ্তা                        সোধে গোপীগণে
কাহানি আহিলা
হৰি ৰহস্যৰ থানত
কাহানি আহিলা এড়িমনে॥
নামে ৰতি নামে গতি, নামে সে সম্পত্তি।
ৰাম নামৰ বিনে আমাৰ নাহিকে গতি
কৃষ্ণ তোমাৰ এই চৰণে
ভজোঁ, হেৰা কায়বাক্য মনে
কৃষ্ণ দেৱৰ এ বাণী।
কৃষ্ণ দেৱৰ নাম লবা পৰম জানি॥
কৃপা কৰা কৃপা কৰা।
জৱ সাগৰত পড়ি তলে গলোঁ
চৰণে চপাই ধৰা।
কৃষ্ণ তৰু তলে                        ৰথৰ ওপৰে
অক্ৰুৰে নামিলে জলে।
জলত বুৰে মাৰি                        গোসাঁইক দেখা পালে
হৰি ভকতিৰ বলে॥
ৰথৰ ওপৰে                        অক্ৰুৰে লৈ গল
কৃষ্ণক মথুৰাপুৰী।
কৃষ্ণ কদম্বৰ ওপৰে                        গাৱৰ বস্ত্ৰখনি
কিয় নিলা তুমি কাঢ়ি॥
জললৈ নামিলে                        আমাৰ তিনি ভনী
তীৰতে অম্বৰু থৈ।
লৰা দেখি এ                        লাজ নকৰিলে
কৃষ্ণ গল অম্বৰু লৈ॥
সন্ধ্যা সময়ত                        গোপীয়ে বোলয় এ
আমাৰ মন্দিৰে কোন।
মোক বোলে কৃষ্ণ                        বলাইৰে কনিষ্ঠা এ
নিচিনি গোৱালীৰ ধন॥
শঙ্কৰে বান্ধিলে                        নামৰে কঠিয়া এ
দোটোম চাৰিটোমে কৰি॥
আৰু টোমেচেৰেক                        বান্ধিব খুজিলে
টঙালে নাটিলে জৰী॥
ৰাধিকা সুন্দৰী দুয়ো জনা।
কদম্বৰ তললৈ মাতি আনা॥
কদম্বৰ তলতে থাকো মই বহি।
গোপী সৱে বেঢ়ি নাচকহি আহি॥
কেলৈ মাটিছে তাকো মই জানো।
কদম্বৰ তললৈ যাবকে নোৱাৰোঁ॥
দৈৱকী নন্দন পিন্ধি আছে চন্দন।
বহি আছে কদম্বৰ তলে॥

কদম্বৰ গছতে                        নুঠিবা প্ৰভু মোৰ
কদম্বৰ চনকা ডাল।
নেলাগে কদম ফুল                        নিপিন্ধো প্ৰভু মোৰ
ভাগিব লাহৰ কঁকাল॥
ভাল গোকুলত ক্ৰীড়া কৰিছিলা।
কদম্বৰ তলতে ঘিলা খেলিছিলা॥
সেউতী মালতী মালা গাঁথিছিলা।
নৰসিংহ ৰূপে হিৰণ্যাক্ষক বধিলা॥
সত্যে প্ৰভুদেউ গোপীকে নেৰিবা।
আমাকো প্ৰভুদেউ তোমাৰ লগে নিয়া॥
দেৱে বৰষিলে ঝাত ঝাত কৰি।
হৰি এ ৰাখিবা গোৱৰ্দ্ধন ধৰি॥
এক গছি তৃণ হুয়া, উৰিয়া পৰিব গৈয়া।
সেই বৃন্দাবনৰ মাজে॥
গোকুলত শ্ৰীকৃষ্ণে, ৰাস ক্ৰীড়া কৰোতে
পদ ধূলি লাগিবেক শিৰে॥
কৃষ্ণদেউ নাসৈ নাম।
বাসুদেউ নাস নাম॥
নপৰে মনত হে।
তৃণ তৰু লতা।
দুই লতা হুই।
থাকিব বনতে হে!

আই নাম

দুৰ্গা নাৰাযণী                        পতিত পাৱনী
কৈলাসে কৰিলে বাস।
শংখ-চক্ৰ ধৰি                        ৰাখা ভাগৱতী
সমস্তে তোমাৰ দাস॥
কৈলাসত আছিলা                        চামুণ্ডা গোসাঁনী
তোমাৰ নাম আছিল সতী।
স্বামী ভাগ নেদেখি                        প্ৰাণকো ত্যজিলা
এই জনমে হৈলা পাৰ্বতী॥
মেঘে যেন গৰ্জে                        মহিষা অসুৰে
স্বৰ্গ খণ্ড খণ্ড কৰে।
ৰহ ৰহ বাণী                        বোলন্ত গোঁসানী
আইয়ে মধু পান কৰে॥
আইয়ে স্নান কৰা                        সোণৰ পানী চৰা
বৈচাই আনিছে বাই।
আই বিনন্দীয়া                        চৰাই হালধীয়া
উপমা দিবলৈ নাই॥
আইৰে আঙুলি                        সঁচাৰে কাঢ়লী
আগত ৰত্নাৱলী পুথি।
মহাদেউ গোসাঁয়ে                        আইকে সুধিছে
নেৰিবা ধৰমৰ খুটি॥
মাটিতে বাগৰি                        মই কৰো কাকূতি
অজ্ঞান বালকৰ হৈ
অজ্ঞান বালকে                        কিবা দোষ কৰিলে
ৰঙা কৰা ভাগৱতী আই॥
গধূলিতে আই আহে এ
পদূলিলৈ চাই,
মহামায়া আই আহে সোণৰ বংশী বাই
চহৰ ফুৰি আই আহে এ
জয় মালতী ফুল
আম পাতৰ ছাটি মাৰি হৃদয় কৰে জুৰ।
স্বৰ্গৰ পৰা আই আহে এ
লগতে আহে তৰা
দুখীয়ালৈ পেলাই দিলে সুখীত ফলৰ মালা।
ভাগৱতীৰ চৰণ দুটি এ
লাটুয়েবৰ ফুল
বিপদত উদ্ধাৰ কৰা ভয় কৰা দূৰ।
আইৰ আগত ধূপৰ বাতি এ
কি বাজন বাজে
মহামায়া আইৰ আগত জীৱ দান মাগে।
আসনৰ চৌপাশে এ
চম্পা নাগেশ্বৰ
মলমলাই গোন্ধাই আসনৰ ওপৰ।
আসনৰ চৌপাশে এ
ফুলিছে তগৰ
আসনত বহি আইয়ে ভাঙিছে জগৰ।
আসনত বহি আই এ
চৌপাশে চায়
অসুৰৰ পঞ্চসেনা ত্ৰিভঙ্গে পলায়।
অসুৰকে বধিবৰে এ
দুৰ্গাৰ হৈল মন
দক্ষিণলৈ অস্ত্ৰ পেলাই খহালে কঙ্কণ।
ইপাৰতে বাংশী বোলে এ
সিপাৰলৈ ধ্বনি
ঢোপ খেলি আহি আছে শীতলা গোসাঁনী।
শীতলা শীতলা দেৱী এ
কাতৰ কৰোঁ
অনুগ্ৰহ কৰা মাতৃ চৰণতে পৰোঁ।
শীতলা শীতলা দেৱী এ
পদতলে লাগোঁ
ভকত বত্সলা দেৱী শুভ বৰ মাগোঁ॥
ই! এ শীতলাৰে ঘাটে, আইয়ে স্নান কৰে
লাহৰ কেশটাৰি মেলি এ॥
ই! এ উজাই আহিলে, আইৰে সাতো ভনী
গোপিনী কৰেছে স্তুতি এ॥
ই! এ উজাই আহিলে, আইৰে সাতো ভনী
চাৰি পৰবত জুৰি এ
ই! এ তৰু সৱে মাতা দোঁৱায়
আই আহিবৰে শুনি এ॥
ই! এ উজাই আহিলে, আইৰে সাতো ভনী
লুইতত মাৰিলে খোৱা এ
ই! এ ভয় নকৰিবা, ভায়তুৰ নহবা
আইয়ে কৰি যাব দয়া এ
ই! এ এইনো জহেকালি, তলে বোকা পানী
কেনেকৈ আহিলা আই এ।
ই! এ সোণৰ নাওখনি, ৰূপৰ ব'ঠা খনি
বাইচাই আনিছে বাই এ॥
ই! এ শীতলাৰে ঘাটে, আইয়ে পানী তোলে
তামৰে কলসী লই এ।
ই! এ ছঅঁৰা বামুণে, চণ্ডী পাঠ কৰিছে
ভৱানী আগতে লই এ॥
ই! এ আই আহিবৰে, হল বহু দিন
মহাদেৱে পঠাইছে খেদা এ
যোৱা নে নোযোৱা আই ভগৱতী
কৈলাস যে হৈ আছে শুদা এ॥
ই! এ দুখীয়াৰ ঘৰলৈ, আহে সাতো ভনী
দিবলৈ নাইকিয়া একো এ
মূৰৰ কেশে ছিঙি, পাৱ মচি দিমে
দেহৰ পাৰি দিমে সাঁকো এ॥
ই! এ দুখৰীয়া পুতলা, আইয়ে তুলি দিলে
আইৰ মান মৰমী নাই এ
আইৰ নাম শীতলা, দুখৰীয়াৰ পুতলা
দি যোৱা বুকু জুৰাই এ।
ই! এ আইয়ে পাৱে মচা, কপাহী গামোচা
আইৰে কলিকটা পীৰা এ
বৰ আই পাচিছে সৰু আই আহিছে
ফুলবাড়ী নগৰৰ পৰা এ
ই! এ আঁহতৰ পাততে, আইয়ে পুথি পঢ়ে
দুখীয়াৰ কাকূতি কৰে এ
দুখীয়াৰ কাকূতিত ৰবকে নোৱাৰি
আই আহি আশীৰ্বাদ কৰে এ।
ই! এ আঁহতৰ তলতে, আইয়ে ঢাল খেলে
সোণ পোৱালৰ মণি এ
দূৰ কৈ খেদিবা আইৰে লগৰীয়া
থাকিব ছাৱলক ৰখি এ॥
দুখীয়াৰ পুতলাক                        দাঙি ধৰে এ
আইৰ মান মৰমী নাই।
কি চৰাই নাচিছে                         আইয়ে ফুল বাচিছে
দুখীয়াৰ ঘৰে সোমাই॥
উজাই আহিলে                         আইৰে সাতো ভনী এ
বালিতে পাতিলে সভা।
গোপিনী সকলে                        গাবকে নোৱাৰে
আয়ে লগাই দিয়া ঘোষা॥
উজাই আহিলে                         আইৰে সাতো ভনী এ
বালিতে খপিলে ৰাতি।
অজলা ঘাটৈয়ে                        একোকে নাজানে
লগাইছে সুগন্ধি বাতি॥
পদূলি মূৰতে                        কলীয়া তুলসী এ
পাতে টলে বলে কৰে।
আইৰে পাৰিষদ                        গোপিনী সকলে
নামেৰে শুশ্ৰূষা কৰে॥
আসনৰ আগতে                        গুৱা কাটি থৈছোঁ এ
আহোঁতে যাওঁতে খাব।
চৰুত পাৱে ধুব                        আসনত বহিব
দাসক দয়া কৰি যাব॥
উজনিৰ দেৱী আই                        পশ্চিমৰ মহাদেউ এ
দুয়োজন দললৈ যায়।
দলৰ ভিতৰ সোমাই                        চাই চকু ফুৰাই
গহ্বৰত পাৰ্বতী নাই॥
ওলাই মহাদেৱে                        দলত সেৱা কৰে এ
বেৰত পৰি গলে ছায়া।
ৰাইজে স্তুতি কৰে                         দেৱী সন্তোষ হোৱা
মহাদেৱৰ শুদ্ধ কায়া॥
নেজানি সোমালো                        আইৰে ফুলেবাৰীত এ
নিচিনি ছিঙিলোঁ কলি।
এইবাৰ দোষকে                        ক্ষমা চৰণতে ধৰি॥

গঙ্গাদেৱীৰ নাম

নাৰদে বোলয়                         জানা পাৰেৱতী
তোমাৰ কিছু কাৰ্য নাই হে।
অতি হাবিয়াসে                         গঙ্গাক বিয়া কৰাই
দিলে জণ্টাৰ মাজে ঠাই হে॥
গঙ্গা ভাগীৰথী                        ভাং চুৰ কৰিলে
জণ্টাতো লগালে জুই হে।
জণ্টা মেলি দিয়া                        চাওঁ মহাদেৱ
জণ্টা মেলি দিয়া চাওঁ হে॥
জণ্টাৰে ভিতৰত                        আছে ভাগীৰথী
আমি দৰিশন পাওঁ হে।
শিৱৰ জণ্টাতে                         আছিল গঙ্গা মাও
গণেশৰ বৈমাতা তুমি হে॥
তোমাৰ নামেৰে                        অনেক মহিমা
দুৰ্গতি নাশিনী তুমি হে॥
গো-মুখী গঙ্গা                         উত্তৰ বাহিনী
জাহ্নৱী মুনি নন্দিনী হে।
তপস্যাৰ বলে                        ভগীৰথে নমাইছে
পাপী উদ্ধাৰ হোক বুলি হে॥
জীৱন্তে গঙ্গা মাও                        নিদানে গঙ্গা মাও
চৰণে নপৰে মনে॥
যাৰ জীৱন হৰি                         পাপ বিমোচনে
নপশে যমৰ কিঙ্কৰে হে।
সাগৰৰ বংশ                         ব্ৰহ্মশাপে ধ্বংস
উদ্ধাৰিলা ভগীৰথে হে॥
গঙ্গাজল পৰশি                         এঙাৰো পৱিত্ৰ
যায় বৈকুণ্ঠলৈ চলি হে।
গঙ্গ দৰিশনে                        চলে আগমনে
দুখিনী দৰিদ্ৰ হে॥
উদ্ধাৰ হৈবন্ত                         অনাথিনী লোক
গঙ্গা ভাগীৰথী পদে হে।
গঙ্গা গঙ্গা বুলি                        গঙ্গাকে মাতয়
গঙ্গা নাইকিয়া ঘৰে হে॥
পাতকীক উদ্ধাৰ                        কৰিছে গঙ্গা মাও
শিৱৰে মন্দিৰত বহি হে॥
দেৱী আই আহিবৰ                        হল বহু দিনে
মহাদেৱ পালেহি খেদা।
যোৱানে নোযোৱা                        হেৰা পাৰেৱতী
কৈলাসো হৈ আচে শুদা॥
জোকাৰি পিন্ধিলে                        হাতৰ মুঠি খাৰু
কোবাই বান্ধিলে চুলি।
পদূলি ওলায়ে                         মহাদেৱে সুধিলে
ঠাকুৰ থাওক মই যাওঁ বুলি॥
আই ভাগৱতীক                         মহাদেৱে সুধিলে
নৰে কি পূজা দিলে।
নৰো দুখীয়া                        একো নাইকিয়া
এটি বেল পাত দিলে॥
কালি এনে বেলি                         আছিলা দেৱী আই
ৰাইজৰ বলি বাহন খাই।
আজি এতে বেলি                        লৰিলা দেৱী আই
টিপচিৰে ভজা খাই।
কি কৰিছা ভগৱতী বেলৰ তলত ৰই।
নিজৰ দাসে পূজা দিছে যোৱা লোৱাগৈ॥
ঘনে ঘনে ঘণ্টা বাজে, শঙ্খই কৰে ধ্বনি।
নিজ দাসে বলি দিছে হাতে খড়্গ ধৰি॥
উঠা! উঠা! ভগৱতী নিদ্ৰা পৰিহৰি।
তোমাৰ দাসে পূজা দিছে কৃতাঞ্জলি কৰি॥
দুৰ্গা পদে নৌকা খনি হৃদয়ত চৰে।
আপদ কুম্ভীৰ ভয় সমুদ্ৰতো ভাবে॥
গঙ্গা মাওৰ দুই পাৰে সুবৰ্ণৰে আলি।
পতিত যে উদ্ধাৰ হৈছে জীৱৰ অধিকাৰী॥
জল আছে ডুব মাৰি গঙ্গা আছে বৈ।
আগতে আছে সদাশিৱ প্ৰাণী ৰক্ষা কৈ॥
দুৰ্গা দুৰ্গা বুলি যিটো স্মৰে একে বাৰে।
আপদ কুম্ভীৰ তাক কি কৰিব পাৰে॥
শ্যামল শীতলী গঙ্গা বয় ধীৰে ধীৰে।
যাৰ পদ লৈ আছে আপোনাৰ শিৰে॥
শিৱৰ শিৰে ভাগীৰথী কৰিছে ৰঞ্জিত।
ভগীৰথে নমাই আনি থলে পৃথিৱীত॥
দুৰ্গতি নাশিনী দুৰ্গা পশিলো শৰণে।
আপদ বিপদ ভয়ৰ পৰা ৰাখিয়ো চৰণে॥

সদাশিৱৰ নাম

এ! সদাশিৱ এ তুমি বোলে মই ব্ৰহ্মচাৰী।
তোমাৰ নিমিত্তে প্ৰভু ৰাজপথ নেদেখিলোঁ,
লোকে বোলে পগলাৰ নাৰী॥
সদাশিৱ এ
এ! সদাশিৱ এ তুমি ফুৰা ডম্বৰু বজাই।
কটিত কপিঙ্গ পিন্ধি বৃষভত ফুৰা উঠি
ফুৰা তুমি ভিক্ষা মাগি খাই॥
এ! সদাশিৱ এ তোমাৰ নাম অনন্ত হৰি।
কলিকালক বঢ়াই দি ৰঙ চাই আছা তুমি
ৰাখা প্ৰভু গোৱৰ্দ্ধন ধৰি॥
সদাশিৱ এ
এ! সদাশিৱ এ তুমি বোলে শুক্ল শুদ্ধ কায়া।
গাৱে আচে ভস্মধূলা শিৰে আছে হেম মালা
তোমাৰ গাত আছে কত মায়া
এ সদাশিৱ এ
এ! সদাশিৱ এ গলে ফণীৰ মণি জ্বলে।
যাই ৰাজেশ্বৰী সঙ্গে সদা গৌৰী,
কৰি আছে টল বলে॥
সদাশিৱ এ
এ! সদাশিৱ এ তোমাৰ শিৰে-ফণী।
পঞ্চমুখে শব্দ কৰা ভৱানী ভৱানী
সদাশিৱ এ
এ! সদাশিৱ এ তোমাৰ দেখোন সৰ্পে অলঙ্কাৰ
গাতে আছে বাঘৰ ছাল ত্ৰিশূল ডম্বৰু ভাল
মনুষ্যৰ মুণ্ডমালা ধাৰ
সদাশিৱ এ
এ! সদাশিৱ এ তোমাৰ শিৰে জণ্টা
জগতক বৰ দিয়া আপুনি নাঙঠা
সদাশিৱ এ
এ! শম্ভুনাথ এ হৰ,.
বৃষভ বাহনে চল,.
কান্ধে ভিক্ষাৰ ঝুলি
গাৱে ভস্ম ধূলি
শ্মশান শ্মশানে ফুৰা॥

এ! শম্ভুনাথ! এ হৰ,
একো নাই তোমাৰ ঘৰে
কাৰ্ত্তিক গণপতি
হাতে লৈ পাৰ্বতী
হৈমৱন্তৰ গৈলা ঘৰে।

এ! শম্ভুনাথ! এ হৰ,
চান্দমুখী সোধোঁ বাণী
তুমি কেৱে আসি
মোৰ স্বামী ত্ৰিলোচন
ফুৰে ভিক্ষা মাগি।

এ! শম্ভুনাথ! এ হৰ,
উমাকান্ত হৰ;
শিৰে জণ্টা ধৰ
ব'ম ব'ম ভোলানাথ।

এ! শম্ভুনাথ! এ হৰ,
শম্ভুনাথ! কাশীনাথ
হে প্ৰভু! অমৰ নাথ
প্ৰভু! পাৰ্বতীৰ নাথ।

হৰক দেখিতে ভাল,                       কপালতে চন্দ্ৰকলা
গলে শোভে বাসুকীৰ মালা।
পৰিধান বাঘৰ ছাল,                      তিনি গুটি নেত্ৰ ভাল
চন্দ্ৰ সূৰ্য অগনিৰ জ্বালা॥
শিৱৰ চতুৰ্দ্দশী দিনা,                      বেলৰ গছ আৰম্ভিলা
হে প্ৰভু! ব'ম ব'ম ব'ম ভোলানাথ।
শিৰে অৰ্দ্ধ শশী কলা,                      কণ্ঠে হলাহল জ্বালা
জণ্টাৰ ভিতৰে গঙ্গা কৰে টল বল।
ভাং খাই মহাদেৱে,                       নেচাই চকু মেলি
পাৰ্বতীক গালি পাৰে কুলক্ষণী বুলি।
মই নেখাওঁ অন্ন,                      তুমি হলা ছন্ন,
বিদায় দিয়া মহাদেউ বাপৰ ঘৰে যাওঁ
কাৰ্ত্তিক গণপতি হাতে লৈ পাৰ্বতী
হৈমৱন্তৰ ঘৰে যায়॥

গুৰু ভটিমা

জয় গুৰু                      শঙ্কৰ সৰ্ব গুণাকৰ
যা কেৰি নাহিকে উপাম।
তোহাৰি চৰণকু                      ৰেণু শতকৌটি
বাৰেক কৰোহোঁ প্ৰণাম॥
দৰশিত সুন্দৰ                      গৌৰ কলেৱৰ
যৈচ্যন সুৰ পৰকাশ।
সকল সভাসদ                      ৰঞ্জন যাকেৰি
দৰশনে পাপ বিনাশ॥
সকল চৰাচৰ                      পালনকাৰী
যো হৰি দেৱক সেৱা।
চতুৰ বয়ন শিৱ                      সুৰপতি যাকেৰি
কৰু নিত্য চৰণহি সেৱা॥
বিনে অঙ্গভূষণ                      পেখি শুশোভন
গহীন গম্ভীৰ ধীৰ মতি।
আয়ত কমল                      নয়ন বৰ সুন্দৰ
বয়ন চান্দকহু জ্যোতি॥
যোহি নাৰায়ণ                      মায়াক বিস্তৰি
কৰু ত্ৰিগত নিৰমাণ।
সনক সনাতন                      যাকেৰি যোগীগণ
মহিমা কবহু নাজান॥
ভকতি-ভাণ্ডাৰ                      দ্বাৰাসৱ ছোড়ি
মুকুতি কয়লি উদাস।
একশৰণ হৰি                      নাম-ধৰম কহো
ৰাজা কৰু পৰকাশ॥
কি কহব শঙ্কৰ                      দেৱৰ মহিমা
জানি অন্ত নাপাই।
যা কেৰি চৰণক                      ৰেণু শিৰে পৰশি
মুকুতি সুখে সুখ পাই॥
মাধৱ দীন                      মুৰুখমতি কহয়
বাণী শুন সৱ লোই।
বিনে গুৰু-চৰণে                      ভকতি ৰকতি
মুকুতি কবহু নোহাই॥
ওহি পৰম তত্ত্ব                      বেদকো বাণী
জানি নৰ নকৰ বিৰাম।
ধৰমক কৰমক                      গৰৱক ছোড়ি
ডাকি বোলহু ৰাম ৰাম॥

প্ৰসঙ্গীয়া ঘোষা

কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম
অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ,
গোবিন্দ, গোবিন্দ, গোবিন্দ, গোবিন্দ,
গোবিন্দ ৰাম মূৰাৰি।
অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী॥
গোবিন্দ ৰাম মূৰূৰি, মুকুন্দ ৰাম মূৰাৰি।
ভকতি ৰোচন, দুখ বিমোচন, ভকতৰ ভয়হাৰী
পৰম পুৰুষ পৰম আনন্দ পৰম গুৰু মূৰাৰি॥
অনাদি অনন্ত, অচ্যুত গোবিন্দ, ভকতৰ ভয়হাৰী
জয় যাদৱ এ, মোৰ প্ৰাণ জীৱনৰ জীৱন নাৰায়ণ
ভকতৰ ধন তযু অৰুণ চৰণ।
দীন বন্ধু ৰাম দয়াশীল দেৱ।
তুৱা পদ কমলে সদায় কৰোঁ সেৱ॥
মোৰ প্ৰভু ৰাম কৰুণা সাগৰ।
আমি দুঃখীতক নাছাৰিবা দামোদৰ॥
মধুৰিপু ৰাম কমল লোচন।
তুৱা গুণ নাম ভৱ ভয় বিমোচন॥
গোপাল গোবিন্দ যদু নন্দন।
কৃষ্ণৰ চৰণে লৈলো শৰণ॥
মানৱী জনম সম্ফল কৈলো।
হৰি ও হৰি চৰণে লাগো।
অভয় চৰণে শৰণ মাগো॥
যাদৱ যদুনন্দন, মাধৱ মধুসূদন।
তুমি নিত্য নিৰঞ্জন নাৰায়ণ,
তোমাত লৈলো শৰণ॥
ইবাৰ কৰুণাময়, হৰে কমলাপতি,
মোক নছাৰিবা নাৰায়ণ।
অৰুণ চৰণ তলে, হৰে কমলাপতি,
সত্যে সত্যে পশিলোঁ শৰণ॥

পুৱাৰ গীত

উঠ ৰে উঠ! বাপু গোপাল হে
নিশি পৰভাত ভৈল।
কমল নয়ন, বুলি ঘনে ঘন
যশোদা ডাকিতে লৈল।
মোৰ প্ৰাণধন সুচান্দ বয়ন,
গাৱ চালি তেজ নিন্দ
সৱ পুৰুষৰ শিৰৰ ভূষণ,
তুমি হে বাপু গোবিন্দ॥
মোৰ পুত্ৰ বুলি, যশোদা গোৱালী
বুকে বান্ধি কোলে লৈলা।
বয়নে চুম্বন কৰি ঘনে ঘনে,
আনন্দ মগন ভৈলা॥
পৰভাতে সুমৰোঁ গোবিন্দ হৃষীকেশ।
চিদানন্দ মুৰুতি কপট গোপ বেশ॥
সেহি প্ৰভু নাম ধৰে নন্দৰ নন্দন।
কৰো পৰভাতে তযু চৰণ বন্দন॥
সনক সনন্দ যোগী যাহাক ধিয়ায়।
সকল নিগমে যাক বিচাৰি নাপায়॥
দাম সুদামে ডাকে তেৰি লৈয়া নাম।
হেৰ দেখ উঠিয়া আসিল বলৰাম॥
ক্ষীৰ লৱণু লৈয়া শিঙ্গা-বেত বেণু।
সকালে মেলিয়া বত্স হেম্বেলাৱে ধেনু॥
কহয় মাধৱে মাই কিনো তপসাইলা।
ত্ৰিজগতপতি হৰি ৰাখোৱাল পাইলা॥
অসংখ্য সহস্ৰ শিশু ধেনু বত্সগণ।
শিঙা, শঙ্খ বেণু ৰাৱে পুৰাৱে গগণ॥
নানান খেলন খেলে বহু ভাৱে গাৱে।
অনেক বিনোদ ৰসে ভুৱন ভুলাৱে॥
বৈকুণ্ঠৰ পতি হৰি বনে চাৰে ধেনু।
কহয় মাধৱ মতি কৃষ্ণ পদ ৰেণু॥

নামৰ মহিমা

শুনিয়োক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ।
আতপৰে আউৰ পুণ্য নাহিকে কলিত॥
লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত।
জানি যত্নে কৰা পান কৃষ্ণ কতামৃত॥
ক্ষণিক শশীৰ বিলম্বত কাৰ্য নাই।
চিন্তা মণি জন্ম হেৰা হাততে হেৰাই॥
নাহিকে চেতন কাল অজগৰে গিলে।
ধন জন জীৱন যাইবেক এক তিলে॥
যত দেখা ভাৰ্যাপুত্ৰ সৱে অকাৰণ।
চাই মাত্ৰ তাকে কালে ধৰে যেতিক্ষণ॥
বিষয়ৰ সুখ এক তিলে কৰি চুৰি।
যমৰ কিঙ্কৰে ধৰি নিবে যম পুৰী॥
যমৰ মূৰ্ত্তিক দেখি হেৰাইবে চেতনা।
দুৰ্ঘোৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা॥
হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ।
তেৱেসে তৰিবা ঘোৰ সংসাৰ নিকাৰ॥
বিচাৰি শাস্ত্ৰত পাইবা এহিসে যুগুতি॥
কলিৰ পৰম ধৰ্ম জানা হৰি নাম।
শঙ্কৰে ৰচিলা ডাকি বোলা ৰাম ৰাম।

গোপীসকলৰ নাম

অনেক হাজাৰ আছে গোপীৰ নাম।
তাসম্বাৰ শুনা মুখ্য কিছু নাম॥
ৰাধিকা, কুন্তী, সতী, সৰস্বতী।
বসুন্ধৰী, কামিনী, ঊষা, লীলাৱতী॥
ভগৱতী, ভৱানী, বিৰজা, কামদা।
ভানুমতী, তৰুণী, ভাগীৰথী, কুমুদা॥
ৰত্নমালা, সুপ্ৰভা, ভদ্ৰা, ইন্দুমতী।
তিলোত্তমা, বিদ্যাধাৰী, ৰম্ভা, প্ৰভাৱতী॥
মাধৱী, মুগুধা, মন্দিৰা, সুৰমা।
পদ্মাৱতী, হৰিণী, সুমালিনী, ৰসা॥
মদনমঞ্জৰী, অথিৰজা, কমললোচনী।
চন্দ্ৰকলা, সুৰভী, ভুষিতা, ৰজনী॥
মন্দাকিনী, ভূষণা, বিবুধা, তপতী।
কাঞ্চনমালিনী, মন্দোদৰী, মধুমতী॥
এই সকলকে আদি কৰি॥

সমাপ্ত