গীতি-মালিকা
গীতি-মালিকা।
শ্ৰীসিংহদত্ত দেৱ অধিকাৰী।
গীতি-মালিকা।
শ্ৰীসিংহদত্ত দেৱ অধিকাৰী
ৰচিত আৰু প্ৰকাশিত।
গুৱাহাটী।
১৯১৯
⸺
Printed by
U. N. DASS, at the "SAMYA PRESS,"
6, College-Square, Calcutta.
বেচ ৵৹অনা।
গীতি-মালিকা।
তোমাৰেই দিয়া অতি মনোলোভা
শোভা প্ৰভু, এই জগতৰ;
ব্যোম জল স্থল অনিল অনল,
তোমাৰেই জোন প্ৰভাকৰ।
ভাৰ্য্যা পুত্ৰ আদি সোণৰ ই সংসাৰ,
তোমাৰেই প্ৰভু, স্নেহ উপহাৰ;
কতনো প্ৰকাৰে কৰুণা তোমাৰ
বৰষিছা প্ৰভু, নিৰন্তৰ।
থাকিব হে প্ৰভু, যেন অবিৰাম,
পাৰোঁ সাধনত তোমাৰেই কাম;
গাই থাকোঁতেই যেন তযু নাম
হয় অৱসান জীৱনৰ।
⸻০⸻
লইছোঁ যতনে তুলি আজি মোৰ ভঙা বীণা,
তোমাতে অৰপোঁ বুলি, যদিওবা অতি হীনা।
উঠিব সততে বাজি, তযু গুণগীতৰাজি,
হব পাৰে তান তাৰ হলেও তেনেয়ে দীনা।
কৰা কৃপা কৃপাসিন্ধু, পতিতপাবন,
তযু চৰণতলত পশিলোঁ প্ৰভু, শৰণ।
ভৱ-জলধিত হৰি, ভহালোঁ জীৱন-তৰী,
নহলে তুমি কাণ্ডাৰী, হে প্ৰভু, হয় মগন।
অজ্ঞানতা-অন্ধকাৰ দিয়া প্ৰভু, আঁতৰাই;
জনম কৃতাৰ্থ হওক জ্ঞানৰ জেউতি পাই।
অনিত্য অধ্ৰুব লৈ, আছোঁ প্ৰভু, মত্ত হৈ;
চিৰসত্য সনাতন পাহৰি আছোঁ সদায়।
কিয় হেৰা অভিমানি, মিছাতে ই অভিমান?
খন্তেকীয়া সুখ-দিবা অচিৰতে অৱসান।
কংস দুৰ্য্যোধন ৰায়, দুদিনতে ধূলি হায়!
ভাবিছা কি সততেই তুমিয়ে ৰবা সমান?
শেষ দিনা কিবা কাৰ, চোৱা ভাবি এটি বাৰ;
হে মূঢ়, মায়াত পৰি হেৰুওৱা কিয় জ্ঞান?
আজি ধৰাহি মিলন-গান;
সকলোৱে ভাই, ভেদাভেদ নাই,
তুলাহি একেটি তান।
খিয়লা খিয়লি কপটতা ভুলি,
গোৱা সকলোৱে মন প্ৰাণ খুলি;
এৰি দিয়া আজি সকলোৱে ভাই,
মিছা মান অভিমান।
আনন্দৰ সোঁত আজি কেনে বয়,
আজিৰ ই মিলন কেনে মধুময়;
আহা আহা হেৰা, আজি জননীৰ
লোৱা শুভাশীষ দান।
আমি বৰ মানুহৰ লৰা
কাৰো দেউতা বৰ মহৰী, কাৰোবা বৰবৰা।
আমি খাওঁ ফটিকা কাণি,
তাতে কাৰনো কি হয় হানি?
ই যে কুৰি শতিকাৰ চিন সভ্যতাৰ,
নুবুজি বকি মৰা।
আমি সদায় উজ্জল ভাই,
আমাৰ ভাৱনা চিন্তা নাই;
আমি যাৰে যি পাওঁ নিজৰ কৰোঁ,
আপোন ভাবোঁ ধৰা।
মিনতি, বজোৱা হেৰা, বাঁহিটি সময় লই;
সততেই পাৰোঁনেকি থাকিব ইয়াতে ৰই?
তোমাৰ বাঁহীৰ তানে,
হে শ্যাম, কি গুণ জানে;
যতে থাকোঁ তৰে পৰা টানি আনে কেনেকই!
অবুজ তুমিহে শ্যাম,
আছে জানা গৃহ কাম;
আছে জানা গুৰুজন, আছে লাজ মান ভয়।
সখি, বাঁহীৰ ইকি তান?
শুনি নহয় কাৰনো হেৰা, আকুল পৰাণ?
কোনে হেৰা পাৰে আৰু
ৰব কোৱা বহি বাৰু?
এনেয়ে এৰিছোঁনেকি জাতি কুল মান?
আজিনো হাঁহিছে সখি, কিয় বন উপবন?
নাচে বাম চকু আজি কিয় এনে ঘনে ঘন?
চৌপাশে ফুলে ফুল, বিয়াকুল অলিকুল;
পিক কলৰৱ শুনোঁ, আহিলে কি শ্যামধন?
পৱন সুমন্দ বয়, কুসুম সুগন্ধ লই;
লুকালে কি চোৱা শ্যাম, আতি উত্ৰাৱল মন।
ক’তা সখি প্ৰাণ কানু? একো পলে যুগ মোৰ;
কেতিয়া পৰিব হেৰা, মোৰ ই দুখৰ ওৰ?
নুশুনি মধুৰ বেণু, আকুল সখি, গোধেনু,
বিয়াকুল পিককুল নেদেখি সি মনচোৰ।
কাৰোবা কি প্ৰেম-দোলে, সখিহে বান্ধি ৰাখিলে?
বিনে সি নয়ন-মণি মথুৰা আন্ধাৰ ঘোৰ।
দেখা পালে তাক, লাজে আগুচি ধৰে;
কবলগা কথাবোৰো নোলাই ফুটি মুখেৰে।
ধৰি হিয়া উদঙাই, চকুটিয়েহে জনাই,
কই দিয়ে সকলোকে কিনো আফুটা ভাষাৰে
আচৰিত ই ৰীতিবোৰ দেখোঁ মাথোঁ প্ৰণয়ৰে।
যেতিয়াই যতে থাকোঁহে সততে
তোমাৰেহে মাথো ভাৱনা;
তথাপিও কিয় দেখাটি নিদিয়া,
কিয় সততেই চলনা?
নাভাবি নুগুণি হিয়া সঁপি দিলোঁ,
কেনেকুৱা তুমি আগে নাজানিলোঁ;
তুমিহে নিঠুৰ, আছা চিৰসুখে,
দিলা কিয় মোক যাতনা?
কালি কি আছিলা, আজিনো কি হলা?
কেনেকই তুমি হিয়ানো সলালা?
কিয় ফাঁকি দিলা, দেখিহে সৰলা
নিচেই অৱলা ললনা?
কথা শুনি ভাবিছিলোঁ, সুৱলা সৰল;
কেনেকৈনো জানোঁ হায়! অন্তৰ গৰল।
মনত আছে জানোঁ তাহানি যি কৈছিলা?
কলেনো কি হব আজি সকলোকে পাহৰিলা
ময়ে অভাগিনী হায়! কপালত সুখ নাই;
তুমি থাকা সুখে, মোৰ মৰণে মঙ্গল।
এবাৰ সখি, প্ৰাণ সঁপি দি
কেনেকৈনো ফিৰাই নিয়ে?
মনৰ কথা লুকাই ৰাখি
সঁচা সখি, ফাকি দিয়ে।
নহলে তাহানিখনে আঁতৰিলে মনে মনে,
আজিও তাৰ অবিহনে নুফুটে কিয় হাঁহিনে।
পাহৰোঁ বুলি কি সখি, পাহৰিব পাৰোঁ তাক?.
চিৰদিনে তাৰে বুলি হিয়া খুলি দিলোঁ যাক।
মৰমে মৰমে গঁথা
আছে তাহানিৰে কথা;
পাহৰে সি পাহৰিব, সকলো বিধিৰে পাক।
সৰল হিয়াৰে সখি, সকলোকে সঁপি দিলোঁ;
ফাঁকি দি যে আঁতৰিব, আগে মই নাজানিলোঁ।
কথাতে বলিয়া কৰি নিলে মোৰ প্ৰাণ হৰি,
একেদৰে যাব দিন বুলি হেৰা, ভাবিছিলোঁ।
পাৰে সি নিঠুৰে ভুলক সখিহে
মইতো নোৱাৰোঁ ভুলিব
এবাৰ সঁপিছোঁ, দিছোঁ চিৰদিনে
তাকেই ই হিয়া দলিব।
দেখাটিকে আৰু নিদিয়া সি হল,
চিৰদিনলই কি বেখা দি গল
নুবুজিলে, সি যে তেনেয়ে নিঠুৰ,
কেনেকই বাৰু বুজিব?
গই আহোঁ বুলি, নাহিলে সমূলি,
কিয়নো সি সখি, এনুৱা নিঠুৰ?
যদি দলিয়াই দিয়ে তেনে কিয়
এনেকই হিয়া কৰি নিলে চুৰ?
প্ৰাণৰে সখিহে, অবিহনে তাৰ,
ভাঙ্গি চিঙ্গি বুকু হল ছাৰখাৰ;
দিনে ৰাতি সখি, আছোঁ তাকে ৰখি,
যাতনাতে হেৰা, আছোঁ গই বুৰ।
হাঁহিছে ফুলনি, কুলি কুউ গায়,
সখিহে, দুখুনি ময়ে নাথোঁ হায়!
কিয়বা নিচিনে সখিহে, মৰণে?
ই বিষাদ হব মৰিলেহে দূৰ।
নাহিবাহে অলি, আমি ফুলকলি,
নিচেই আজলী, হিয়া সুকোমল;
ফাকি দি বলীয়া, হিয়া কাঢ়ি নিয়া,
তুমিতো হে কলীয়া, নোহোৱা সৰল।
হে নিঠুৰ কলীয়া, থাকে মানে মউ,
কতনো দেখুওৱা চেনেহৰে ঢউ;
ধুকালেই উৰি যোৱাহে আঁতৰি,
থাকে মাথোঁ পৰি বিবাহ-অনল।
বন্ধু, তোমাৰ মনটি এঙ্গাৰ যেন ক’লা;
মলি কি যাইহে আৰু, লাগে যতবাৰ মলা।
চিৰদিন তোমাৰেহে মই,
বন্ধু, তুমি বাৰে বাৰে কই,
ফাঁকি দি প্ৰাণ কাঢ়িলৈ হে বন্ধু, কলৈ গলা?
বুজিছোঁ হে বন্ধু, তোমাৰ মন,
আৰু কিয় কৰা জ্বালাতন?
নাজানোঁ হে বন্ধু, তুমি ইবাৰ কি মৎলব ললা।
নিচিঙিবা নিচিঙিবা কুসুম-কলি,
নিচেই কুৱঁলা দেহি, পৰিব ঢলি।
মেলিব দিয়াহে পাহি,
তুলিব অমিয়া হাঁহি,
লুটি নিব হিয়া খনি প্ৰেমিক অলি।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )