সমললৈ যাওক

গীতা-বোধ

ৱিকিউৎসৰ পৰা

গীতা-

বোধ

মোহনদাস কৰমচাঁদ গান্ধী

অনুবাদক
শ্ৰী হৰিনাৰায়ণ দত্ত বৰুৱা

 

গীতা-বোধ

 

[শ্ৰীমদ্ভগবদ্‌গীতাৰ তাৎপৰ্য]

 

মোহনদাস কৰমচাঁদ গান্ধী

 

অনুবাদক
শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা

 

: প্ৰথম প্ৰকাশ :
গুজৰাটী সংস্কৰণ
১৯৩০
: বঙ্গানুবাদ :
১৯৪৭
: অসমীয়া অনুবাদ :
১৯৫০

 

মূল্য—১৷৹
প্ৰকাশক :
শ্ৰীমুনীন্দ্ৰনাৰায়ণ দত্ত বৰুৱা এম. এ.
দত্ত বৰুৱা
নলবাৰী : অসম :

 

শ্ৰীগোৰাচাঁদ মুখাৰ্জ্জীৰ দ্বাৰা
‘কমলা প্ৰিন্টিং ওৱাৰ্কচ
৩নং কাশীমিত্ৰ ঘাট ট্ৰীট,
বাগবাজাৰ, কলিকতাৰ
পৰা মুদ্ৰিত

 

মহাত্মাজীৰ পুণ্য-স্মৃতিৰ
অৰ্থে—

 

আমাৰ নিজা কথা

 মহাত্মাজীয়ে গীতাৰ ৰস জগতবাসীক দিবলৈ গুজৰাটী ভাষাত গীতাবোধ ৰচনা কৰে। বঙ্গদেশৰ খ্যাতনামা দেশনেতা ভূতপূৰ্ব্ব প্ৰধান মন্ত্ৰী ডাঃ প্ৰফুল্লচন্দ্ৰ ঘোষ ডাঙৰীয়াই এই গীতাবোধ বঙ্গানুবাদ কৰি শ্ৰীযুত কুমাৰচন্দ্ৰ জানা৷ ডাঙৰীয়াৰ হতুৱাই সংশোধন কৰাই প্ৰকাশ কৰে (১৯৪৭ খৃঃ অঃ)।

 বঙলা গীতাবোধখন প্ৰকাশ হোৱাৰ পাছতেই মোৰ অনুজ শ্ৰীমান বিচিত্ৰ নাৰায়ণ দত্ত বৰুৱা এডভকেটে এখন আনি মোক দিয়ে। ম‍ই অতি আগ্ৰহেৰে এই গ্ৰন্থখনি পঢ়ি পৰম তৃপ্তি লাভ কৰে৷; আৰু লগে লগে ইয়াৰ এটা অসমীয়া ভাঙনি দেশবাসীক দিবলৈ সঙ্কল্প লওঁ।

 গীতাবোধ অনুবাদ কৰিবলৈ আৱশ্যকীয় অনুমতি পাবলৈ সেই সময়তেই মহাত্মাজীলৈ আৰু ডাঃ প্ৰফুল্লচন্দ্ৰ ঘোষ ডাঙৰীয়ালৈ অনুৰোধ পত্ৰ লিখোঁ। বৰ সুখৰ কথা, যে মাননীয় ডাঃ ঘোষ ডাঙৰীয়াই আমাৰ পত্ৰ পায়েই অনুমতি দিয়ে।

Calcutta the 16th. December, 1947.

      

 "Dr. Ghosh has authorised me to inform you that he has not the slightest objection to your translating 'Gita Bodh' into Assamese from his Bengali version, provided you got necessary permission from Mahatmaji."

Yours Faithfully,
Sd. / B. M. Ganguli
Political Private Secretary.
to the Hon'ble Prime Minister.

 মহাত্মাজীৰ নিৰ্দেশত নৱজীৱন কাৰ্য্যালয়েও ১৬।১।৪৮ তাৰিখে

চৰ্ত্তৰ কাগজ পঠাই আমালৈ লিখে, যে—

Navajivan Karyalaya.

December 1, 1947.

 Shri H. N. Dutta Baruah.
 Nalbari, Assam,
Dear Sir,
 Your letter of the 3rd December addressed to Gandhiji has been directed to me for reply.

 We generally require from an intending translator a certificate of some well known Assamese literature, guaranteeing the faithfulness of the translation to the original. But this condition has been waived in your case for obvious reason

      

 After I hear of your willingness to agree with the terms of the circular

      

 I shall grant you the formal permission.

Yours faithfully,
J. D. Desai.
Secretary & Manager.

 আমি চৰ্ত্ত পালন কৰিবলৈ আগ্ৰহ দেখুৱাত গীতাবোধ অনুবাদ কৰিবলৈ দয়া কৰি অনুমতি দিয়ে—

Navajivan Karyalaya.
January 15, 1948.

      

 "I hereby grant you the permission to translate and publish in Assamese the translation of Gandhiji's "Gita-bodh."  Yours faithfully,

Sd. Jivanji D. Desai..

ইয়াৰ পোন্ধৰ দিন পাছতেই অর্থাৎ ৩০।১।৪৮ তাৰিখে

আবেলি ৫ বজাত মহামানৱৰ বৈকুণ্ঠ প্ৰয়াণ ঘটে ; লগে লগে গোটেই পৃথিবী শোক-আন্ধাৰে ছাটি ধৰে ৷

 ৩১।১।৪৮ তাৰিখে দেশ বাসীয়ে জাতিৰ পিতাৰ বিয়োগৰ ব্রতোপবাস কৰে ; আমিও সেইদিনা লঘোন দিওঁ আৰু ১৷২৷৪৮ তাৰিখে মহাত্মাজীৰ স্মৃতি-তৰ্পণ হিচাবে গীতাবোধৰ অসমীয়া ভাঙনি-কাৰ্য্য আৰম্ভ কৰোঁ ৷

 অনুবাদৰ কাম অলপ দিনৰ ভিতৰতে শেষ কৰিছিলোঁ; কিন্তু বেগেতে ছপা নকৰি থৈ দিবলগীয়া হৈছিলোঁ ।

 আজি প্ৰায় আঢ়ৈ বছৰ পাছত হে এই অমূল্য গ্রন্থ ভাই-ভনী সকলৰ হাতত দিবলৈ সমৰ্থ হলোঁ ।

 গীতা হিন্দুধৰ্ম্মৰ সাৰ ; ইয়াৰ তত্ত্ব হৃদয়ঙ্গম কৰি প্ৰকাশ কৰা আমাৰ দৰে জ্ঞানহীনৰ পক্ষে সম্ভৱ নহয়। গুজৰাটী ভাষাৰ গীতাবোধ সুযোগ্য ব্যক্তিয়ে বঙলা ভাষাত ভাঙনি কৰিছিল। সেয়েহে ইয়াক অসমীয়াত ভাঙিবলৈ সাহ হল ৷ তথাপি আমাৰ কামত নানা খুট থাকিব পাৰে ; তাৰ বাবে ক্ষমা পাবলৈ মহাত্মা আৰু তেৰাৰ একান্ত সেৱকসকলৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ।।

২১ কাতি, ১৮৭২ শঁক
নলবাৰী, অসম
বিনয়াবনত—
হৰিনাৰায়ণ
 

ভূমিকা

 আশ্ৰমত পালন কৰা ব্ৰত, যজ্ঞ আৰু যজ্ঞৰ আৱশ্যকতা সম্বন্ধে আগতে আলোচনা কৰিছোঁ।[] এতিয়া যি পুথি ম‍ই নিতৌ অলপ অলপকৈ পঢ়ি প্ৰতি পোন্ধৰ দিনত এবাৰ পাঠ শেষ কৰোঁ,তাৰ কথা ভাবোঁ বা বিশেষভাৱে চিন্তা কৰোঁ, যাক মোৰ আধ্যাত্মিক বন্তি বা ধ্ৰুৱতাৰা কৰি লৈছোঁ, তাক ম‍ই যিভাৱে বুজিছোঁ, সেই ভাবে আলোচনা কৰিব খোজোঁ। আগতে পোৱা এখন চিঠিৰ পাছৰপৰা মোৰ এই ইচ্ছা হৈছিল; কিন্তু যোৱা সপ্তাহত .....ভাইৰ পত্ৰ পাই ইয়াক কৰিবলৈ নিশ্চিত সিদ্ধান্ত কৰিছোঁ। এখেতে লিখিছে যে “অনাসক্তি যোগ” পঢ়িছে, কিন্তু বুজিবলৈ বৰ টান হৈছে। সকলোৱে বুজিব পাৰে এনে ভাষাত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা সত্ত্বেও শব্দানুবাদ কৰা বাবে বুজিবলৈ টান হৈছে। বিষয় বস্তু যাৰ টান, তাক সহজ ভাষাই কি কৰিব পাৰে? সেই কাৰণে এতিয়া বিষয় বস্তুকেই সহজ ভাৱে বুজাবলৈ চেষ্টা কৰা ঠিক কৰিছোঁ। যাক মোৰ সকলো কামতে খটাব খোজোঁ, যাৰ সহায়েৰে মোৰ অন্তৰৰ সকলো গাঁঠি ছিঙিবলৈ চেষ্টা কৰিছোঁ; সেই পুথি যিমান প্ৰকাৰে আৰু যি ভাৱে বুজিব পাৰি, সেইভাৱে যদি মই ইয়াক বুজিব পাৰোঁ আৰু বাৰে বাৰে ইয়াক চিন্তা কৰোঁ, তেনেহলে শেষত গৈ মই নিশ্চয় তদ্‌গত চিত্ত হব পাৰিম। মইতো মোৰ সকলো অসুবিধাৰ সময়ত মাতৃস্বৰূপা গীতাৰ ওচৰলৈ লৰি যাওঁ আৰু আজিলৈকে তেওঁৰ ওচৰত আশ্বাস-বাণী আৰু সান্ত্বনাও পাইছোঁ। এই কাৰণে যিভাৱে মই ক্ৰমে গীতা বুজি গৈছোঁ, সান্ত্বনাকামী আন মানুহে তাক জানিলে তেওঁৰ যথেষ্ট সহায় হব পাৰে, আৰু তাৰপৰা তেওঁ কিবা নতুন পোহৰৰ খবৰ পাব পাৰে, সিও অসম্ভৱ নহয়।

তাং–৪-১১-৩০

“য়াৰবেদা জেল”
 

—প্ৰস্তাৱনা—

 গীতা মহাভাৰতৰ এটা সৰু অংশ। মহাভাৰতক বুৰঞ্জী বুলি ধৰা হয়; কিন্তু মোৰ মতে মহাভাৰত আৰু ৰামায়ণ বুৰঞ্জী নহয়—ধৰ্ম্মপুথি। যদি এই দুখনক বুৰঞ্জী বুলি ধৰা হয়, তেন্তে দুয়োখন আত্মাৰ বুৰঞ্জী; অৰ্থাৎ হাজাৰ হাজাৰ বছৰৰ আগতে কি ঘটিছিল, তাৰ বিৱৰণ এই পুথিৰ ভিতৰত নাই, কিন্তু আছে—আজি প্ৰত্যেক মানুহৰ হিয়াত যিবোৰ ঘটনা ঘটিছে তাৰ সম্পূৰ্ণ বিৱৰণ। দেৱ আৰু দানৱ, ৰাম আৰু ৰাৱণৰ মাজত নিতৌ যি যুঁজ চলিছে, মহাভাৰতৰ আৰু ৰামায়ণত তাৰেই বৰ্ণনা আছে। ইয়াৰ ভিতৰৰ কৃষ্ণ-অৰ্জ্জুন সংবাদেই গীতা। অন্ধ ধৃতৰাষ্ট্ৰৰ আগত সঞ্জয়ে এই সংবাদ বৰ্ণনা কৰিছে। গীতা অৰ্থে—যাক গান স্বৰূপে গোৱা যায়। ইয়াত উপনিষদৰ সাৰ আছে। গতিকে ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে গান স্বৰূপে গোৱা উপনিষদ। উপনিষদৰ অৰ্থ জ্ঞান-বোধ।

 এতেকে গীতাৰ অৰ্থ শ্ৰীকৃষ্ণই অৰ্জ্জুনক দিয়া বোধ বা জ্ঞান। আমি ইয়াকে বুজি গীতা পাঠ কৰা উচিত, যে—আমাৰ হিয়াত আজিও অন্তৰ্য্যামী শ্ৰীকৃষ্ণ ভগৱান আছে আৰু ধৰ্ম্ম সঙ্কটত পৰিলে অৰ্জ্জুনৰ দৰে জ্ঞান লাভৰ বাবে উৎসুক হৈ যেতিয়াই অন্তৰ্য্যামী ভগৱানক সোধা যায়, তেওঁৰ আশ্ৰয় লোৱা যায়, তেতিয়াই তেওঁ আমাক জ্ঞান দিবলৈ সাজু। আমি শুই আছোঁ, কিন্তু অন্তৰ্য্যামীতো সদায় জাগি আছে। আমাৰ হিয়াত ধৰ্ম্মৰ প্ৰশ্ন ঊঠক, তেওঁতো ইয়াকেই বাট চাই আছে। কিন্তু আমাৰ অন্তৰততো কোনো প্ৰশ্নই নুঠে, আনকি প্ৰশ্ন কৰিবলগীয়া ভাব মনলৈকে নাহেই। সেই কাৰণে নিতৌ গীতাৰ দৰে পুথি ধ্যান কৰোঁ। তাক চিন্তা কৰোঁতে কৰোঁতে নিজৰ ভিতৰত ধৰ্ম্ম বিষয়ৰ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰোঁ, প্ৰশ্ন কৰিবলৈ শিকিব খোজোঁ। আৰু যেতিয়াই কোনো সঙ্কটত পৰোঁ, তেতিয়াই সঙ্কটৰ পৰা উদ্ধাৰ পাবলৈ গীতাৰ ওচৰলৈ লৰি যাওঁ আৰু তাৰে ওচৰত সান্ত্বনা লওঁ। এই ভাৱেই আমি গীতা পাঠ কৰা উচিত। গীতা আমাৰ সদ্‌গুৰু আৰু মাতৃস্বৰূপা। আমাৰ এই বিশ্বাস ৰখা উচিত, যে তাৰ কোলাত মূৰ থৈ সুখে শান্তিতে থাকিব পাৰিম। গীতাৰ পৰাই আমাৰ সকলো ধৰ্ম্ম-সমস্যাৰ মীমাংসা কৰিব পাৰিম। এইভাৱে যি নিতৌ গীতাক ভাবিব, তেওঁ তাৰপৰা দিনে দিনে নতুন আনন্দ আৰু নতুন অৰ্থ পাব। এনে কোনো ধৰ্ম্ম-সমস্যা নাই যাৰ সমাধান গীতাই কৰিব নোৱাৰে। আমাৰ শ্ৰদ্ধা কমৰ বাবে যদি গীতা নপঢ়োঁ আৰু নুবুজোঁ, সি বেলেগ কথা। সেই কাৰণে গীতা সঙ্কল্প কৰি পাঠ কৰোঁ, অৰ্থাৎ নিদ্দিষ্ট সময়ৰ ভিতৰত এবাৰ কোনো অংশ বা সমস্ত গীতা পাঠ শেষ কৰোঁ, যেন নিজৰ শ্ৰদ্ধা দিন দিন বাঢ়ি যায় আৰু সতৰ্ক থাকোঁ। এইভাৱে গীতাক ভাবোঁতে ভাবোঁতে যি অৰ্থ পাইছিলোঁ আৰু আজিও পাইছোঁ, আশ্ৰমবাসীৰ সুবিধাৰ বাবে, তাৰ সাৰভাগ ইয়াতে দিলোঁ।

তাং- ১১-১১-৩০
“য়াৰবেদা জেল”

 

গীতাবোধ

প্ৰথম অধ্যায়

তাং ১১-১১-৩०
মঙ্গল প্ৰভাত

 যেতিয়া পাণ্ডৱ আৰু কৌৰৱবিলাকে নিজা নিজা সৈন্য লৈ যুদ্ধক্ষেত্ৰ কুৰুক্ষেত্ৰত উপস্থিত হল, তেতিয়া কৌৰৱৰাজ দুৰ্য্যোধনে দ্ৰোণাচাৰ্য্যৰ ওচৰত উভয় পক্ষৰ প্ৰধান প্ৰধান যুজাঁৰুসকলৰ বৰ্ণনা কৰে। যুঁজৰ আহিলাপাতি সকলো যোগাৰ হৈ উঠাত উভয় পক্ষৰ শঙ্খ বাজি উঠিল আৰু অৰ্জ্জুনৰ সাৰথি ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনৰ ৰথ দুয়োদল সৈন্যৰ মাজলৈ নিলে। দুয়োপক্ষ ৰণলৈ প্ৰস্তুত হোৱা দেখি অৰ্জুন নিৰুৎসাহ হৈ শ্ৰীকৃষ্ণক কলে—“এওঁলোকৰ লগত মই কেনেকৈ যুজ কৰিম?.........ৰণ কৰিব লাগিলেতো ম‍ই এতিয়াই ৰণ কৰিলোঁহেঁতেন; কিন্তু এওঁলোকতো স্বজন—আমাৰেই। কৌৰৱ কোন আৰু পাণ্ডৱ কোন ? তেওঁলোকতো খুৰাৰ পুতেক জেঠাৰ পুতেক ভাই । আমিতো একেলগে ডাঙৰ হৈছোঁ। দ্রোণাচাৰ্য্যতো কেৱল কৌৰৱৰেই আচাৰ্য্য নহয়। তেৱেঁইতো আমাক সকলোকে বিদ্যা শিক্ষা দিছে। ভীষ্মতো আমাৰ সকলোৰে পূজনীয় ৷ তেওঁৰ লগত আকৌ যুঁজ ! এইটো সঁচা যে কৌৰৱবিলাক আততায়ী। তেওঁলোকে বহুত দূষণীয় কাম কৰিছে, অন্যায় কৰিছে, পাণ্ডৱবিলাকৰ সম্পত্তি কাঢ়ি নিছে, দ্রৌপদীৰ দৰে মহাসতীক অপমান দিছে। এইবোৰ অৱশ্যে এওঁলোকৰ দোষ, কিন্তু এওঁলোকক মাৰি মই কলৈ যাম ? এওঁলোক মূঢ়, এওঁলোকৰ দৰে মই কিয় হম ? মোৰতো অলপ জ্ঞান আছে, ভাল বেয়া বিচাৰ কৰিবলৈ বিবেক আছে । গতিকে মোৰ জনা উচিত, যে জ্ঞাতিসকলৰ লগত ৰণ কৰা পাপ । তেওঁলোকে পাণ্ডৱবিলাকৰ সম্পত্তিব অংশ কাঢ়ি নিছে সঁচা, তেওঁলোকে মোক মাৰি পেলাবও পাৰে, কিন্তু আমি তেওঁলোকৰ ওপৰত কেনেকৈ হাত দাঙিম ? হে কৃষ্ণ, মইতো আত্মীয় স্বজনৰ লগত যুঁজ নকৰোঁ ৷” এই বুলি কৈ অৰ্জ্জুন অৱশ হৈ ৰথৰ ওপৰত পৰি গ'ল ৷

 এই ভাৱে গীতাৰ প্ৰথম অধ্যায় শেষ হৈছে৷ ইয়াৰ নাম “অৰ্জ্জুন-বিষাদ যোগ” । বিষাদ অর্থে দুখ বা বেজাৰ। যি বেজাৰ, অৰ্জ্জুনৰ হৈছিল, সেই বেজাৰ আমাৰ সকলোৰে হোৱা উচিত। ধৰ্ম্মবোধ আৰু ধৰ্ম্মৰ প্রশ্ন নহলে জ্ঞান নোপোজে । যাৰ মনত ভাল কি, বেয়া কি ইয়াক জানিবলৈ ইচ্ছাও নহয়, তেওঁৰ পক্ষে ধৰ্ম্ম কথাৰ মূল্য কি হব পাৰে ? কুৰুক্ষেত্ৰৰ যুদ্ধ তো নিমিত্ত মাত্র, নাইবা আমাৰ শৰীৰেই প্ৰকৃত কুৰুক্ষেত্ৰ। ই কুৰুক্ষেত্ৰও সঁচা, আৰু ধৰ্ম্মক্ষেত্ৰও সঁচা। যদি আমি শৰীৰক ঈশ্বৰৰ বাসস্থান বুলি বিশ্বাস কৰোঁ আৰু কামতো দেখুৱাওঁ, তেনেহলে সি অৱশ্যই প্ৰকৃত ধৰ্ম্মক্ষেত্ৰ। সেই ক্ষেত্ৰত এবিধ নহয় এবিধ ৰণ চলিয়ে আছে। ইয়াৰ বেছিভাগ ৰণ—“এইটো মোৰ” আৰু “এইটো তোমাৰ” ইয়াৰ পৰাই হয়। আপোন আৰু পৰ এই ভেদৰ পৰাই এই ৰণ হয়। এই কাৰণেই ভগৱানে অৰ্জ্জুনক কৈছে যে অধৰ্ম্ম মাত্ৰৰেই মূল ৰাগ-দ্বেষ। “এইটে৷ মোৰ” এই ভাবৰ পৰাই ৰাগ (আসক্তি) জন্মে, আৰু “এইটো পৰৰ” এই ভাবৰ পৰাই দ্বেষ জন্মে অৰ্থাৎ বৈৰভাব জন্মে।

 সেই কাৰণে গীতা আৰু আন আন সকলো ধৰ্ম্মশাস্ত্ৰই চিঞঁৰি কৈছে, যে ‘মোৰ’–‘তোমাৰ’ ভেদ পাহৰি যোৱা উচিত অৰ্থাৎ ৰাগ-দ্বেষ ত্যাগ কৰা উচিত। এইদৰে কোৱা এক কথা কিন্তু কামত এনেদৰে চলাটো আন কথা। গীতাই আমাক ব্যৱহাৰত এনেদৰে চলিবলৈ শিক্ষা দিছে। কিদৰে চলিব লাগে সেই কথাকেই আমি বুজিবলৈ চেষ্টা কৰিম।


দ্বিতীয় অধ্যায়

তাং ১৭-১১-৩০
সোম প্ৰভাত

 অৰ্জুন অলপ সুস্থ হোৱাৰ পাছত ভগৱানে ভৎৰ্সনা কৰি কলে “তোমাৰ এনে মোহ কেনেকৈ হল? তোমাৰ দৰে বীৰ-পুৰুষৰ ই শোভা নাপায়।” কিন্তু অৰ্জুনৰ মোহ ইমান সহজে দূৰ হবলগীয়া নহয়। যুঁজ কৰিবলৈ অস্বীকাৰ কৰি কলে—“এই সকলো আত্মীয়-স্বজন আৰু গুৰুজনবিলাকক মাৰি ইয়াত ৰাজত্ব কৰা দূৰৰ কথা, আনকি মই স্বৰ্গসুখকো বাঞ্ছা নকৰোঁ। ম‍ইতো কিংকৰ্ত্তব্যবিমূঢ় হৈ পৰিছোঁ। এনে অৱস্থাত ধৰ্ম্ম কি তাৰ কোনো উৱাদিহ পোৱা নাই। সেয়ে আপোনাৰ শৰণ লৈছোঁ; মোক ধৰ্ম্ম কি বুজাই দিয়ক।

 অৰ্জুনক এনে কিংকৰ্ত্তব্যবিমূঢ় আৰু জিজ্ঞাসু দেখি ভগৱানৰ দয়া উপজিল আৰু তেওঁ তাকেই বুজাবলৈ ধৰিলে—“তুমি মিছাতে দুখিত হৈছা, আৰু নুবুজি জ্ঞানৰ কথা কৈছা, বোধহয় তুমি দেহ আৰু দেহৰ ভিতৰত থকা আত্মা এই দুয়োৰো ভেদ পাহৰি গৈছা। দেহ মৰে, কিন্তু আত্মা নমৰে। দেহতো জন্মৰ পৰাই নশ্বৰ; দেহলৈ যেনেকৈ যৌৱন আৰু বাৰ্দ্ধক্য আহে, তেনেকৈ তাৰ নাশো হয়। দেহৰ নাশ হলেও দেহীৰ ( আত্মাৰ ) নাশ নহয়। দেহৰ জন্ম আছে, আত্মাৰ জন্ম নাই। আত্মা জন্ম-জৰা ৰহিত, তাৰ ক্ষয়- বৃদ্ধি নাই। সি সদায় আছে। আজিও আছে আৰু আগলৈও থাকিব। এতেকে তুমি কাৰ বাবে শোক কৰিছা? তোমাৰ মোহেই তোমাৰ এই শোকৰ কাৰণ। এই কৌৰৱবিলাকক তুমি তোমাৰ বুলি ভাবিছা, সেয়ে তোমাৰ মোহ জন্মিছে; কিন্তু তুমি মনত ৰাখিবা, যি দেহৰ বাবে তোমাৰ মোহ জন্মিছে, তাৰো তো নাশ হবই। কিন্তু যদি সেই দেহত থকা আত্মাৰ কথা চিন্তা কৰা, তেন্তে বেগেতে বুজিব পাৰিবা যে তাক কোনোৱে নাশ কৰিব নোৱাৰে। জুইয়ে তাক পুৰিব নোৱাৰে, পানীয়ে ডুবাব নোৱাৰে, বায়ুয়ে তাক শুকাব নোৱাৰে। বাৰু, তুমি তোমাৰ ধৰ্ম্মৰ বিষয়ে চিন্তা কৰি চোৱা। তুমিতো ক্ষত্ৰিয়, তোমাৰ পাছত এইবোৰ সৈন্য গোট খাইছে। এতিয়া যদি তুমি ভীৰু হোৱা, তেন্তে তুমি যি বিচাৰা তাৰ বিপৰীত ফল হব আৰু তুমি সকলোৰে হাঁহিয়াৰ পাত্ৰ হবা। আজিলৈকে তোমাক বীৰ পুৰুষবিলাকৰ ভিতৰত এজন বীৰ বুলি গণ্য কৰিছে। এতিয়া যদি তুমি মাজ বাটতে ৰণ এবা, তেন্তে তুমি ভয়তে পলাইছা— এনে কথাহে মানুহে কব। যদি পলোৱাটোৱে ধৰ্ম্ম হলহেঁতেন তেন্তে লোকে নিন্দা কৰিলে একো নহলহেঁতেন। কিন্তু এনে অৱস্থাত পলালে তোমাৰ অধৰ্ম্মও হব, আৰু তুমি মানুহৰ গৰিহনাৰ পাত্ৰ বুলি গণ্য হবা—এই দুবিধ দোষেই তোমাৰ গাত পৰিব।

 এতিয়ালৈকে ম‍ই তোমাৰ লগত বুদ্ধিৰে যুক্তিৰ বিচাৰ কৰিছোঁ। আত্মা আৰু দেহৰ ভেদ বুজাইছোঁ আৰু তোমাৰ কুল-ধৰ্ম্ম সম্বন্ধে তোমাক সজাগ কৰিছোঁ।

 এতিয়া তোমাক কৰ্ম্মযোগৰ কথা বুজাম। এই যোগ অনুসৰণ কৰোঁতাসকলৰ লোকচান নহয়। ইয়াত তৰ্কৰ ঠাই নাই, ইয়াত আছে—আচৰণ আৰু কাম কৰি অনুভূতি লাভ কৰা। হাজাৰ মোন তৰ্কতকৈ এৰতি পৰিমাণ আচৰণেই শ্ৰেষ্ঠ। ইয়াকতো সকলোৱে স্বীকাৰ কৰে।

 এই আচৰণৰ ভিতৰত যদি ভাল-বেয়া পৰিমাণৰ তৰ্ক উঠে,তেনেহলে তো সি দূষিত হৈ যায়। পৰিমাণ বা ফলৰ বিচাৰ কৰিবলৈ গলেই বুদ্ধি মলিন হয়। সকামী মানুহে কৰ্ম্মকাণ্ডৰ ভিতৰত পৰি নানা প্ৰকাৰ ফল লাভৰ বাবে বহুত ক্ৰিয়া কৰ্ম্ম আৰম্ভ কৰে। এক কৰ্ম্মত ফল লাভ নহলে দ্বিতীয় কৰ্ম্ম কৰিবলৈ লৰ দিয়ে। আকৌ যদি কোনোৱে তৃতীয় কৰ্ম্মৰ কথা কয় তাকো কৰিবলৈ চেষ্টা কৰে;আৰু এইদৰে ভিন্ন ভিন্ন কৰ্ম কৰোঁতে কৰোঁতে তাৰ মতিভ্ৰম ঘটে।

 আচলতে মানুহৰ ধৰ্ম্ম হৈছে, ফলৰ বিচাৰ নকৰি কৰ্ত্তব্যকৰ্ম্ম কৰি থাকা। এতিয়া উপস্থিত সময়ত এই যুদ্ধ তোমাৰ কৰ্ত্তব্য আৰু এই কৰ্ত্তব্য পালন কৰা তোমাৰ ধৰ্ম্ম। লাভ-লোকচান, হাৰা-জিকা তোমাৰ হাতত নহয়। গাড়ীৰ তলত ফুৰা কুকুৰৰ দৰে তোমাৰ ওপৰত পৰা ভাৰ বুলি কিয় ভাবিছা?[]

 হৰা-জিকা, জাৰ-জহ, সুখ-দুখ এইবোৰ দেহৰ লগত অঙ্গাঙ্গী-ভাৱে যুক্ত। এইবোৰ মানুহে সহ্য কৰা উচিত। পৰিণাম যেয়েই হওক, সেই বিষয়ত নিশ্চিন্ত থাকি, সমতা ৰাখি মানুহে নিজৰ কৰ্ত্তব্যত তন্ময় হৈ থকা উচিত। ইয়াৰেই নাম যোগ, ইয়াৰ ভিতৰতেই আছে কৰ্ম্ম-কুশলতা। কামৰ সিদ্ধি কাম কৰাৰ ভিতৰতেই আছে, তাৰ ফলত নহয়। স্থিৰ হোৱা, ফলৰ অভিমান এৰা, কৰ্ত্তব্য পালন কৰা।”

 ইয়াকে শুনি অৰ্জ্জুনে কলে—“এইবোৰতো মোৰ শক্তিৰ অতীত বুলি বোধ হৈছে। হাৰা-জিকাৰ বিচাৰ এৰা, পৰিণামৰ বিচাৰ নকৰা—এনে সমতা, এনে স্থিৰ বুদ্ধি থকা মানুহ কেনে হয় আৰু তাক কেনেকৈ চিনিব পাৰি এইবোৰ মোক বুজাই কওক।”

 তেতিয়া ভগৱানে উত্তৰ দিলে—“হে ৰাজা, যি মানুহে নিজৰ সকলো কামনা এৰিছে আৰু নিজৰ হিয়াত সন্তোষ বা আনন্দ লাভ কৰে, তাকে স্থিৰচিত্ত, স্থিতপ্ৰজ্ঞ, স্থিৰবুদ্ধি বা সমাধিস্থ বোলে। এনে মানুহ দুখত দুখী বা সুখত প্ৰফুল্ল নহয়। সুখ দুখ আদি পাঁচ ইন্দ্ৰিয়ৰ বিষয়। সেই কাৰণে এনে জ্ঞানী মানুহে কাছৰ দৰে নিজৰ ইন্দ্ৰিয়বোৰ কোচাই লয়। (শত্ৰুক দেখিলে কাছয়ে তাৰ নিজৰ অঙ্গবোৰ ঢাল স্বৰূপ চলঙৰ তললৈ কোচাই নিয়ে।) যিহেতু বিষয়বোৰে মানুহৰ ইন্দ্ৰিয়ৰ ওপৰত পৰিবলৈ চেলু চাই আছে, এতেকে মানুহে সদায় ইন্দ্ৰিয়বোৰ কোচাই ৰাখি নিজে ঢাল স্বৰূপ হৈ বিষয়ৰ লগত যুঁজ কৰা উচিত। এয়েই প্ৰকৃত যুদ্ধ।

 বিষয়ৰপৰা দূৰত থাকিবলৈ কোনো কোনোৱেতো দেহ দমন কৰে, উপবাস কৰে; ই ঠিক।উপবাস থকালৈকে ইন্দ্ৰিয়-বিষয়ৰ ফালে নাযায়। কিন্তু কেৱল উপবাসেৰে ৰস (বিষয় আসক্তি) শুকাই নাযায়। উপবাস এৰিলে ৰস আকৌ বাঢ়ি উঠে। ৰস বা আসক্তি দূৰ কৰিবলৈ ঈশ্বৰৰ অনুগ্ৰহ লাগে। ইন্দ্ৰিয়বোৰ ইমান বলবান যে, মানুহ যদি সাৱধানে নাথাকে তেন্তে তাক জোৰ কৰি টানি লৈ যায়। সেই কাৰণে মানুহৰ সদায় ইন্দ্ৰিয়বোৰক নিজৰ অধীনত ৰখা উচিত। কিন্তু সি তো তেতিয়াইহে সম্ভৱ, যেতিয়া মানুহে ঈশ্বৰৰ ধ্যান কৰে, (মানুহ) অন্তৰ্ম্মুখী হয়, (মানুহে) হৃদয়ত থকা অন্তৰ্য্যামীক চিনে, তেওঁক ভক্তি কৰে। এনে যি মানুহ মৎপৰায়ণ (ঈশ্বৰপৰায়ণ) হৈ তাৰপৰা নিজ-ইন্দ্ৰিয়বোৰক বশ কৰি ৰাখে, তেওঁকে স্থিৰবুদ্ধি যোগী বোলে। এনে ভাৱে যি নচলে, তাৰ অৱস্থা কেনে হয় তাকো কওঁ। যাৰ ইন্দ্ৰিয়বোৰ স্বেচ্ছাচাৰী হয়, তেওঁ সদায় বিষয়-চিন্তাতেই ৰত থাকে। ফলত বিষয়ৰ লগত তাৰ এৰাব নোৱাৰা সংযোগ ঘটে, আৰু তাৰ বাহিৰে আন একো তেওঁৰ দৃষ্টিতেই নপৰে। এই সংযোগৰ ফলতেই তেওঁৰ অন্তৰত কাম জন্মে। আৰু সি পূৰ্ণ নোহোৱা বাবে ক্ৰোধ জন্মে। ক্ৰোধাতুৰ মানুহ আধা পাগলতো হয়েই তাৰ নিজৰ বিবেকো নাথাকে। স্মৰণ নথকাৰ গুণে যিহকে-তিহকে বলকে আৰু আচৰণ কৰে। এনে মানুহৰ পৰিণাম নাশ ভিন্ন আৰু কি হব পাৰে? যাৰ ইন্দ্ৰিয়বোৰ এনেভাৱে চলে তাৰ অৱস্থা গুৰি-বঠাহীন নাৱঁৰ দৰে হয়। যেই সেই ৰকমৰ বতাহে এনে নাৱক য’লৈ ত’লৈ টানি নিয়ে, আৰু অন্তত কোনো চাপৰিত খুন্দা খাই চূৰমাৰ হৈ যায়। যাৰ ইন্দ্ৰিয় ইচ্ছামতে চলে তাৰ অৱস্থাও এনে হয়। সেই কাৰণে মানুহৰ উচিত কামনা ত্যাগ কৰা আৰু ইন্দ্ৰিয়বোৰক বশত ৰখা। ইয়াৰ অৰ্থ এই যে ইন্দ্ৰিয়ই কোনো অনুচিত কাম নকৰিব, চকু পোন থাকিব, কেৱল পৱিত্ৰ বস্তুকেই চাব, কাণেৰে ভগৱানৰ ভজন বা দুখীয়াৰ চিঞৰ বাখৰ শুনিব, হাত-ভৰি সেৱাৰ কামত নিযুক্ত থাকিব অৰ্থাৎ সকলো ইন্দ্ৰিয়ই মানুহৰ কৰ্ত্তব্য কামত নিযুক্ত থাকিব আৰু তাৰ ফলতেই ঈশ্বৰৰ অনুগ্ৰহ লাভ হব। ঈশ্বৰৰ অনুগ্ৰহ লাভ হলে সকলো দুখ দূৰ হব বুলি জানিবা। সূৰ্য্যৰ কিৰণত যেনেকৈ বৰফ গলি যায়, তেনেকৈ ঈশ্বৰৰ অনুগ্ৰহত সকলো দুখ দূৰ হয়। যি ঈশ্বৰৰ অনুগ্ৰহ লাভ কৰিছে তাকেই স্থিৰবুদ্ধি বোলা যায়। যাৰ বুদ্ধি স্থিৰ নাই তাৰ উত্তম ভাব ক'ৰপৰা আহিব? যাৰ উত্তম ভাব নাই তাৰ শান্তি ক'ৰপৰা আহিব? য'ত শান্তি নাই তালৈ সুখ ক'ৰপৰা আহিব? য’ত স্থিৰবুদ্ধিৰ মানুহে দিনৰ পোহৰৰ দৰে স্পষ্ট দেখা পায়, অস্থিৰমতি মানুহ সংসাৰ জঞ্জালত পৰি তাত দেখিবলৈ সমৰ্থ নহয়। আৰু এই সংসাৰচক্ৰত যি স্বচ্ছ বুলি বোধ হয়, সমাধিস্থ যোগীয়ে তাক মলিন দেখে, বাস্তৱতে সেইফালে দৃষ্টিও নকৰে।

 বোৱতী নদীনলাৰ পানী যিদৰে সাগৰত পৰি স্থিৰ হয়, বিষয়বোৰো এই সাগৰৰূপ যোগীৰ ভিতৰত শান্ত হৈ যায়। সমাধিস্থ যোগীৰ অৱস্থ৷ এনেকুৱাই।

 এনেলোক সাগৰৰ দৰে সদায় শান্ত থাকে। সেয়ে যি মানুহে সমস্ত কামনা পৰিহাৰ কৰে, নিৰহঙ্কাৰ হয়, মমতা এৰে, প্ৰশান্ত ভাৱে আচৰণ কৰে, তেৱেঁ শান্তি পায়। ই ঈশ্বৰ প্ৰাপ্তিৰ অৱস্থা আৰু এই অৱস্থা যাৰ মৃত্যুলৈকে থাকে, তেওঁ মোক্ষলাভ কৰে।

তৃতীয় অধ‍্যায়

তাং ২৪-১১-৩০
সোম প্ৰভাত

  স্থিতপ্ৰজ্ঞৰ লক্ষণ শুনি অৰ্জুনৰ এনে ধাৰণা হল, যে মানুহ স্থিৰ হৈ বহি থকাই উচিত। স্থিতপ্ৰজ্ঞৰ লক্ষণৰ ভিতৰত কৰ্ম্মৰ নাম পৰ্য্যন্তও তেওঁ (অৰ্জুনে) শুনা নাই। সেয়ে ভগৱানক সুধিলে—“আপুনি যি কৈছে তাৰপৰা বোধহয় কৰ্ম্মতকৈ জ্ঞান শ্ৰেষ্ঠ, সেয়ে মোৰ বুদ্ধি বিভ্ৰম ঘটিছে। যদি জ্ঞানেই শ্ৰেষ্ঠ হয়, তেন্তে মোক ঘোৰ কৰ্ম্মত কিয় লিপ্ত কৰিছে? মোক মুকলি ভাৱে কওক, কিহত মোৰ ভাল হয়।”

 তেতিয়া ভগৱানে উত্তৰ দিলে—“হে পাপৰহিত, অৰ্জুন, আৰম্ভৰ পৰাই এই জগতত দুটা পথ চলি আহিছে। এটাত জ্ঞানৰ আৰু আনটোত কৰ্ম্মৰ প্ৰধান স্থান। কিন্তু তুমিও দেখিবলৈ পাবা যে কৰ্ম্ম বিনা মানুহ অকৰ্ম্মী হব নোৱাৰে। কৰ্ম্ম ভিন্ন জ্ঞান নঘটে।

 কোনো মানুহে সকলো কাম ত্যাগ কৰি বহি আছে, গতিকে তেওঁ সিদ্ধপুৰুষ হৈ গৈছে এনে কথা কোৱাৰ মূল্য নাই। তুমিতো দেখিছা, যে প্ৰত্যেক মানুহেই কোনো এটা নহয় এটা কাম কৰিয়ে আছে। তাৰ স্বভাৱেই তাক কিবা নহয়, কিবা এটা কৰাব। জগতৰ এনে নিয়ম স্বত্ত্বেও যি মানুহে হাত-ভৰি সাৱটি বহি থাকে আৰু মনে মনে বহুতো অসম্ভৱ কল্পনা কৰে, সি মূৰ্খ শ্ৰেণীৰ অন্তৰ্ভুক্ত আৰু মিছলীয়া বুলি গণ্য হব। তাতকৈ ইন্দ্ৰিয়বোৰক বশত ৰাখি ৰাগ-দ্বেষ এৰি হৈ-চৈ নকৰি আসক্তিহীন হৈ হাত-ভৰিৰে কোনো এবিধ নহয় এবিধ কৰ্ম্ম কৰা কৰ্ম্মযোগ আচৰণ কৰা, ভাল নহয় জানো? নিয়ত কৰ্ম্ম অৰ্থাৎ তোমাৰ ভাগত যি সেৱাকাৰ্য্য আহি পৰে ইন্দ্ৰিয়বোৰক বশত ৰাখি তুমি তাকেই কৰি থাকা। এলেহুৱাৰ দৰে বহি থকাতকৈ ই ভালেই। যি এলেহুৱা হৈ বহি থাকে, অন্তত তাৰ শৰীৰো ভাগি যায়। কিন্তু কাম কৰাৰ সময়ত ইয়াক মনত ৰাখিবা, যে যজ্ঞ-কাৰ্য্যৰ বাহিৰে সকলো কামেই মানুহক বন্ধনৰ ভিতৰত ৰাখে। যজ্ঞ—নিজৰ বাবে নহয়, কিন্তু আনৰ বাবে, পৰোপকাৰৰ নিমিত্তে কৰা শ্ৰম অৰ্থাৎ সংক্ষেপে সেৱা। য’ত সেৱাৰ বাবেই সেৱা কৰা হয়, তাত আসক্তি বা ৰাগ-দ্বেষ নহয়। তুমি এনে যজ্ঞ আৰু সেৱা কৰি থাকা। ব্ৰহ্মাই এই জগত সৃষ্টি কৰাৰ লগে লগে যজ্ঞও সৃষ্টি কৰিছে। নাজানোঁ, কি ভাৱে এই মন্ত্ৰ আমাৰ কাণত পেলাইছে “পথিবীলৈ যোৱা, এজনে আন এজনৰ সেৱা কৰা আৰু বৃদ্ধি হোৱা, জীৱ মাত্ৰকে দেৱতা স্বৰূপ ভাবা, এই সকল দেৱতাক ( জীৱক ) সেৱা কৰি তেওঁলোকক সন্তুষ্ট ৰাখা, তেওঁলোকেও তোমাক সন্তুষ্ট ৰাখিব। সন্তুষ্ট দেৱতাসকলে নোখোজাকৈ মনোবাঞ্ছিত ফল দিব। এতেকে এনে বুজা উচিত, যি জনে লোক সেৱা নকৰে, তেওঁলোকৰ অংশ তেওঁলোকক পোনতে নিদিয়াকৈ নিজে খায়, তেওঁ চোৰ। আৰু যি প্ৰত্যেক জীৱৰ পাবলগীয়া তেওঁলোকক দিয়াৰ পাছত হে খায় বা কোনো বস্তু ভোগ কৰে, তেওঁৰ ভোগ কৰিবৰ অধিকাৰ আছে, সুতৰাং তেওঁ পাপমুক্ত। ইয়াৰ বিপৰীত অৰ্থাৎ যি কেৱল নিজৰ বাবে উপাৰ্জ্জন কৰে, পৰিশ্ৰম কৰে, সি পাপী আৰু পাপান্ন গ্ৰহণ কৰে। সৃষ্টিৰ নিয়মেই এই যে, অন্নেৰে জীৱ প্ৰতিপালিত হয়, বৰষুণৰপৰা অন্ন জন্মে, আৰু যজ্ঞৰপৰা অৰ্থাৎ জীৱৰ পৰিশ্ৰমৰপৰা বৰষুণৰ উৎপত্তি হয়। য’ত জীৱ নাই, তাত বৰষুণ দেখিবলৈ পোৱা নাযায়; য’ত জীৱ আছে তাত বৰষুণো আছেই। জীৱমাত্ৰেই শ্ৰমজীৱী। শুই শুই থাকি কোনোৱেই খাবলৈ নাপায়। মূঢ় জীৱৰ পক্ষে যদি ই সত্য, তেন্তে মানুহৰ-পক্ষত তাতকৈ কিমান বেছি খাটে? সেই কাৰণে ভগৱানে কৈছে,—“ব্ৰহ্মাই কৰ্ম্ম উৎপন্ন কৰিছে, আকৌ ব্ৰহ্মাৰ-উৎপত্তি অক্ষৰ-ব্ৰহ্মৰ পৰা”। এতেকে এনে বুজিবা যে, যজ্ঞ মাত্ৰতেই—সেৱা মাত্ৰতেই অক্ষৰ-ব্ৰহ্ম পৰমেশ্বৰ বিৰাজিত হৈ আছে। যি মানুহে এই চক্ৰৰ অনুসৰণ নকৰে, সি পাপী, আৰু অসাৰ্থক জীৱন ধাৰণ কৰে।

 যি অন্তৰত শান্তি ভোগ কৰে আৰু সন্তুষ্ট থাকে, তাৰ একো কৰিবলৈ নাই এনেকৈ কব পাৰি। কৰ্ম্ম কৰিলেও তেওঁৰ কোনো লাভ নাই, নকৰিলেও নাই। কাৰো লগত তেওঁৰ কোনো স্বাৰ্থ নথকা স্বত্বেও তেওঁ যজ্ঞকাৰ্য্য এৰিব নোৱাৰে। সেই কাৰণে তুমি সদা সৰ্ব্বদা কৰ্ত্তব্য কৰ্ম্ম কৰি থাকা, কিন্তু তাত ৰাগ-দ্বেষ বা আসক্তি নাৰাখিবা। যি অনাসক্তি ভাৱে কৰ্ম্ম কৰে, তেওঁ ঈশ্বৰক দেখা পায়। বাৰু চোৱাঁ, জনকৰ দৰে নিস্পৃহ ৰজা, কৰ্ম্ম কৰোঁতে কৰোঁতে সিদ্ধিলাভ কৰিছে; কাৰণ তেওঁ লোকহিতৰ বাবেই কাম কৰিছিল। তেনেহলে তোমাৰ দ্বাৰা কেনেকৈ তাৰ বিপৰীত আচৰণ হব পাৰে? নিয়মেই এই যে শ্ৰেষ্ঠ আৰু গণ্যমান্য মানুহে যেনে আচৰণ কৰে, সাধাৰণ মানুহে তাক অনুকৰণ কৰে। মোক চোৱাঁ, কাম কৰাত জানো মোৰ কিবা স্বাৰ্থ সিদ্ধি হয়? তথাপি ম‍ই চব্বিশ ঘণ্টা বিৰাম নোহোৱাকৈ কামত লাগি আছোঁ আৰু সেয়ে জনসাধাৰণেও সেইদৰে কম আৰু বেছি পৰিমাণে কাম কৰে। কিন্তু মই যদি এলেহুৱা হওঁ, তেন্তে জগতৰ কি অৱস্থা হব? যদি সূৰ্য্য-চন্দ্ৰ-তাৰা আদি স্থিৰ হৈ থাকে, তেন্তে জগতৰ নাশ হব, ইয়াক তো তুমি বুজিব পাৰা, এইবিলাকক গতি দিবলৈ আৰু নিয়মমতে চলাই ৰাখিবলৈ ময়েই নাছোঁ নে? কিন্তু জনসাধাৰণ আৰু মোৰ ভিতৰত এইখিনি পাৰ্থক্য অৱশ্য আছে যে মোৰ আসক্তি নাই, তেওঁলোক আসক্ত; আৰু স্বাৰ্থৰ অধীন হৈ মজুৰী কৰে। তোমাৰ দৰে বুদ্ধিমান জ্ঞানীয়ে যদি কৰ্ম্মত্যাগ কৰা, তেনেহলে জনসাধাৰণেও তেনে কৰিব আৰু বুদ্ধি ভ্ৰষ্ট হব। তোমাৰ তো আসক্তি এৰি কৰ্ত্তব্য কৰ্ম্ম কৰি যোৱা উচিত, যেন জনসাধাৰণে কৰ্ম্মভ্ৰষ্ট নহয় আৰু লাহে লাহে অনাসক্ত হবলৈ শিকে। মানুহৰ স্বভাৱত যি গুণ আছে তাৰ বশীভূত হৈ তাকে কাজতো কৰিবই লাগে। মূৰ্খ মানুহে ভাবে যে “ম‍ই কৰিছোঁ”। উশাহ লোৱা জীৱ মাত্ৰৰেই প্ৰকৃতি বা স্বভাৱ। চকুৰ ওপৰত কিবা পৰিলে স্বাভাৱিকতে মানুহে চকুৰ পতা লৰায়; তেতিয়া তেওঁ নকয় যে “মই উশাহ লৈছোঁ”, বা “চকুৰ পতা লৰাইছোঁ”। এইদৰে সকলো কৰা কামেই স্বভাৱৰ গুণানুসাৰে কিয় নঘটে? ইয়াৰ কাৰণে অহঙ্কাৰ কিহৰ? আৰু এনে মমতাহীন সহজভাৱে কাম কৰাৰ শ্ৰেষ্ঠপথ হৈছে সকলো কাম মোতে অৰ্পণ কৰা আৰু মোৰ নিমিত্তে মমতা ত্যাগ কৰি কৰা। এনেদৰে চলোঁতে চলোঁতে যেতিয়া মানুহৰ অহংবৃত্তি আৰু স্বাৰ্থ নাশ হয়, তেতিয়া তেওঁৰ কৰ্ম্মমাত্ৰে স্বাভাৱিক আৰু নিৰ্দ্দোষ হৈ উঠে, আৰু তেওঁ অনেক জঞ্জালৰ হাত সাৰে। শেষত তেওঁৰ কৰ্ম্ম-বন্ধন বুলিবলৈ একো নাথাকে। আৰু যিবোৰ কাম স্বাভাৱিকতে হয়, সেইবোৰ বলেৰে নকৰাৰ দাবী কৰাৰ ভিতৰতেই অহঙ্কাৰ থাকে৷ এনেভাৱে জোৰ কৰি স্বভাৱৰ বিৰুদ্ধে যি বিলাকে কাম নকৰাকৈ থাকে, বাহিৰৰপৰা তেওঁলোকে কাম কৰিছে যেন দেখিলেও তেওঁলোকৰ মনে অন্তৰত মায়াজাল তৰে []। ই বাহিৰা চেষ্টাতকৈও বেয়া আৰু বেছি বন্ধনকাৰক।

 আচল কথা এই যে, ইন্দ্ৰিয়বোৰক নিজ নিজ বিষয়ৰ প্ৰতি ৰাগ-দ্বেষতো আছেই। কাণে কোনো এটা কথা শুনিবলৈ ভাল পায়, আকৌ এটা ভাল নাপায়। নাকে গোলাপ ফুলৰ সুগন্ধ লবলৈ ভাল পায়, আকৌ মল-মূত্ৰাদিৰ দুৰ্গন্ধ বেয়া পায়। সকলো ইন্দ্ৰিয়ৰ কামেই এনে বুলি বুজিবা। এতেকে মানুহৰ যি কৰ্ত্তব্য সি হৈছে ৰাগ-দ্বেষৰূপী দুটা দস্যুৰ বশ নোহোৱা। আৰু ৰাগ-দ্বেষ দূৰ কৰিব খোজা যদি কামৰ মেৰ-পাকত নুঘূৰিবা! আজি এই কাম কাইলৈ অন্য কাম পৰশুদিন তৃতীয় অন্য এটা কাম, এনে বৃথা চেষ্টা নকৰিবা। কিন্তু নিজৰ ভাগত যি সেৱা কাম পৰে ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে তাক কৰিবলৈ সাজু থাকা। এনেদৰে কাম কৰিলে তুমি যি কৰিছা তাক ঈশ্বৰেই কৰাইছে—এই ভাব উপজিব, এনে জ্ঞান জন্মিব আৰু অহংভাৱ দূৰ হব। ইয়াৰ নামেই স্বধৰ্ম্ম। স্বধৰ্ম্মক সাৱটি থাকা, কাৰণ নিজৰ বাবে এয়েই উত্তম। পৰধৰ্ম্ম তাতকৈ ভাল বুলি বোধ হলেও তাক ভয়ানক বুলি জানিবা। স্বধৰ্ম্ম আচৰণ কৰি মৃত্যুবৰণ কৰিলেও মোক্ষ লাভ হয়। ৰাগ-দ্বেষ শূন্য হৈ কাম কৰা যায় আৰু সেয়ে যজ্ঞ। ভগৱানে এইদৰে কোৱাত অৰ্জ্জুনে প্ৰশ্ন কৰিলে—“মানুহে কাৰ প্ৰেৰণাত পাপ কাম কৰে? বহুত সময়তো এনে বোধ হয় যেন কোনোৱে তেওঁক জোৰ কৰি পাপকাৰ্য্যৰ ফালে টানিহে লৈ গৈছে”।

 ভগৱানে কলে,—মানুহক পাপ কামৰ ফালে টানি লৈ যায় কাম আৰু ক্ৰোধে। ইহঁত সহোদৰ ভাইৰ দৰে। কাম পূৰ্ণ নহলেতো ক্ৰোধ আহি উপস্থিত হয়। যাৰ ভিতৰত কাম-ক্ৰোধ আছে, তাকেই আমি ৰজোগুণী বোলোঁ। ইহঁতেই মানুহৰ ডাঙৰ শত্ৰু। সিহঁতৰ লগত নিতৌ যুঁজ হয়। আৰ্চীৰ ওপৰত মলি পৰিলে যেনেকৈ সি অস্পষ্ট হৈ উঠে, জুইত ধোৱাঁ হলে যেনেকৈ সি ভালদৰে জ্বলি নুঠে, নাইবা গৰ্ভ-জালৰ ভিতৰত থকালৈকে যি দৰে দম বন্ধ থাকে, সেইদৰে কাম-ক্ৰোধে জ্ঞানীৰ জ্ঞানক প্ৰকাশ হবলৈ নিদিয়ে, মলিন কৰে আৰু দম বন্ধ ৰাখে। এই কাম জুইৰ দৰে ভীষণ আৰু ইন্দ্ৰিয়, মন, বুদ্ধি আদি সকলোকে নিজৰ অধীন কৰি মানুহক অধঃপাতিত কৰে। এতেকে তুমি ইন্দ্ৰিয়বোৰক পোনতে বশ কৰি লোৱা, পাছত মনক জয় কৰা। এইদৰে চলোঁতে চলোঁতে বুদ্ধিও তোমাৰ অধীন হব। কাৰণ এই—যদিও ইন্দ্ৰিয়, মন, বুদ্ধি পৰ্য্যায়ক্ৰমে এটা আনটোতকৈ ডাৰঙ, তথাপি আত্মা ইহঁতৰ সকলোতকৈ বহুত গুণে ডাঙৰ। মানুহৰ আত্মাৰ শক্তিৰ জ্ঞান নাই, সেয়ে বিশ্বাস কৰে, যে ইন্দ্ৰিয় বশত নাথাকে আৰু বুদ্ধিও কাম নকৰে। আত্মাৰ শক্তিত বিশ্বাস থাকিলে আন সকলো কাম বেগেতে হৈ উঠে। যি ইন্দ্ৰিয়, মন আৰু বুদ্ধিক অধীনত ৰাখিছে, কাম ক্ৰোধ আৰু সিহঁতৰ অসংখ্য সৈন্যই তাৰ একো কৰিব নোৱাৰে।

 এই অধ্যায়ক মই গীতা বুজিবলৈ চাবি স্বৰূপ বুলিছোঁ। এক কথাতে তাৰ সাৰ হৈছে এই যে, জীৱন সেৱাৰ বাবে, ভোগৰ বাবে নহয়। সেই কাৰণে আমাৰ জীৱনক যজ্ঞময় কৰি তোলা উচিত। ইয়াক জানিলেই তেনে হৈ উঠা নহয়, কিন্তু এইদৰে জানি আচৰণ কৰি আমি ক্ৰমে শুদ্ধ হোৱা উচিত। কিন্তু আচল সেৱা কাল কাম বোলে? ইয়াক জানিবলৈ ইন্দ্ৰিয় দমন কৰাৰ আৱশ্যকতা আছে আৰু এনে কৰোঁতে কৰোঁতে ক্ৰমে আমি সত্যৰূপী পৰমাত্মাৰ ওচৰ পাওঁ। যুগে যুগে আমাৰ ওচৰত সত্যৰ বেচি প্ৰকাশ হয়। সেৱা কাৰ্য্য যদি স্বাৰ্থ ৰাখি কৰা হয়, তেন্তে সি যজ্ঞ নহয়। গতিকে অনাসক্তিৰ অতি আৱশ্যক। ইমান খিনি জনাৰ পাছত আমি বেলেগ বেলেগ ধৰণৰ বাদ-বিবাদৰ ভিতৰত পৰিব নালাগে। অৰ্জ্জুনক জানো সঁচাকৈয়ে স্বজনক মাৰিবলৈ জ্ঞান দিয়া হৈছিল? তাতে বা কি ধৰ্ম্ম আছে? এনে প্ৰশ্ন নুঠেই। অনাসক্তি আহিলে কাৰবাক মাৰিবলৈ ছুৰি হাতত থাকিলেও সি সহজতে হাতৰপৰা সৰি পৰি যায়। কিন্তু অনাসক্তিৰ আৰম্বৰ কৰিলে সেই ভাব নাহে। আমি চেষ্টা কৰিলে আজি আহিবও পাৰে আৰু হাজাৰ বছৰ চেষ্টা কৰা স্বত্বেও নাহিব পাৰে। কিন্তু এই চিন্তাও এৰা। চেষ্টাৰ ভিতৰত সফলতা আছে। চেষ্টা ঠিক ঠিকমতে হৈছে নে হোৱা নাই অতি সূক্ষ্ম ভাৱে আমি তাক অনুসন্ধান কৰা উচিত। চাব লাগিব—ইয়াৰ ভিতৰত কোনো আত্ম-প্ৰতাৰণা যেন নাথাকে। এইখিনি হিচাব ৰখা সকলোৰে পক্ষেই সম্ভৱ।


চতুৰ্থ অধ্যায়

তাং ১-১২-৩০
 সোম প্ৰভাত

 ভগৱানে অৰ্জ্জুনক কৈছে—“মই যি নিষ্কাম কৰ্ম্মযোগৰ কথা তোমাত কলোঁ, সি অতি প্ৰাচীন কালৰপৰাই চলি আহিছে। ই কোনো নতুন কথা নহয়। তুমি মোৰ প্ৰিয়ভক্ত আৰু বৰ্ত্তমানে ধৰ্ম্ম-সঙ্কটত পৰিছা তাৰপৰা মুক্ত কৰিবলৈ তোমাক এই শিক্ষা দিছোঁ। যি যি সময়তেই ধৰ্ম্মৰ নিন্দা আৰু অধৰ্ম্মৰ প্ৰভাৱ হয়, সেই সেই সময়ত মই অৱতাৰ ৰূপ গ্ৰহণ কৰোঁ আৰু ভক্তক ৰক্ষা আৰু পাপীক সংহাৰ কৰোঁ। মোৰ এই মায়া যি জানে, তেওঁ এই বিশ্বাস ৰাখে যে, অধৰ্ম্মৰ লোপ হবই, সাধুপুৰুষ-বিলাকৰ ৰক্ষক ভগৱান আছেই। তেওঁ ধৰ্ম্ম নেৰে আৰু অন্তত মোক পায়। কাৰণ তেওঁ মোৰ ধ্যানত ৰত থকাৰ আৰু মোৰ আশ্ৰয় লোৱাৰ বাবে কাম ক্ৰোধাদিৰপৰা মুক্ত থাকে আৰু তপ আৰু জ্ঞানৰ প্ৰভাৱত শুদ্ধ অৱস্থাত থাকে। মানুহে যেনে কাম কৰে তেনে ফল পায়। মোৰ নিয়মৰ বাহিৰত গৈ কোনো থাকিব নোৱাৰে। গুণ-কৰ্ম্মৰ ভেদ অনুসাৰে ম‍ই চাৰি বৰ্ণৰ সৃষ্টি কৰিছোঁ। তথাপি মই এইবোৰৰ কৰ্ত্তা বুলি নাভাবিবা। কাৰণ এই কামৰপৰা মোৰ কোনো ফলৰ আকাঙ্ক্ষা নাই, ইয়াৰ পাপ-পুণ্যই মোক নোচোৱে। এই ঐশ্বৰিক মায়া বুজিবলগীয়া। জগতত যি যি প্ৰবৃত্তি চলিছে, সেই সকলোবোৰ ঈশ্বৰৰ নিয়মানুসাৰে, তথাপি ঈশ্বৰ তাত অলিপ্ত। ঈশ্বৰ তাৰ কৰ্ত্তাও হয়, অকৰ্ত্তাও হয়। এনেকৈ অলিপ্ত থাকি, অপৱিত্ৰ নহৈ, ফলৰ কাৰণে ইচ্ছা নকৰি ঈশ্বৰে যেনেকৈ আচৰণ কৰে, মানুহেও যদি নিষ্কাম ভাৱে আচৰণ কৰে, তেন্তে অৱশ্যে মোক্ষলাভ হয়। এনে মানুহে কৰ্ম্মক অকৰ্ম্ম দেখে আৰু কি কাম কৰা উচিত নহয়, তাক তেওঁ সোনকালে জানে। য’ত কামনা আছে কামনা ভিন্ন যি হোৱাই সম্ভৱ নহয়, সেই সকলোবোৰকেই অনুচিত কৰ্ম্ম বোলা যায়। যেনে—চুৰি, ব্যভিচাৰ আদি। এনে কাম অলিপ্ত থাকি কোনেও কৰিব নোৱাৰে। এতেকে যি মানুহে কামনা আৰু সঙ্কল্প কৰি কৰ্ত্তব্য কৰ্ম্ম কৰে, তেওঁ নিজৰ জ্ঞানৰূপ অগ্নিৰ সহায়েৰে নিজৰ কৰ্ম্ম পুৰি পেলাইছে, তেনে কথা কব পাৰি। এইভাবে যি কৰ্ম্মফলৰ আসক্তি এৰিছে, তেওঁ সদায় সন্তুষ্ট আৰু স্বাধীন। তেওঁৰ মন স্থিৰে থাকে, কোনো প্ৰকাৰ সংগ্ৰহৰ ভিতৰত নপৰে অৰ্থাৎ কোনো কামনাৰ বশীভূত নহয় আৰু সুস্থ নীৰোগ পুৰুষৰ শাৰীৰিক ক্ৰিয়াৰ দৰে এনে মানুহৰ প্ৰবৃত্তিও স্বাভাৱিক গতিৰে চলি থাকে। তেওঁ নিজে সেইবোৰ চলাইছে এনে অভিমান তেওঁৰ নহয়, এনে অনুভৱ পৰ্য্যন্তও নকৰে। তেওঁ নিজে নিমিত্ত মাত্ৰ হৈ থাকে। সফলতা আৰু নিষ্ফলতা দুয়োতে সমান জ্ঞান কৰে। সফলতাতো তেওঁ উৎফুল্ল নহয় আৰু নিষ্ফলতাতো হতাশ নহয়। তেওঁৰ সকলো কাম যজ্ঞৰূপে সেৱাৰ নিমিত্তে সম্পন্ন হয়। তেওঁ সকলো কামৰ ভিতৰত ঈশ্বৰকেই দেখে আৰু শেষত ঈশ্বৰকেই লাভ কৰে।

 যজ্ঞত নানা প্ৰকাৰৰ বৰ্ণনা আছে। সেই সকলোবোৰৰ মূলত শুদ্ধি আৰু সেৱা। ইন্দ্ৰিয় দমন এবিধ যজ্ঞ। কাকো দান প্ৰাণায়ামাদি কৰা আন প্ৰকাৰৰ যজ্ঞ। পবিত্ৰতা লাভৰ বাবে প্ৰাণায়ামাদি আৰম্ভ কৰাও যজ্ঞ। ইয়াৰ জ্ঞান কেৱল অভিজ্ঞ গুৰুৰ ওচৰত পোৱা যায়। তাক বিনয়, উৎসাহ আৰু সেৱাৰ দ্বাৰাই পাব পাৰি। সকলো কথ৷ নুবুজি যজ্ঞৰ নামত বহুত কাম আৰম্ভ কৰিলে অজ্ঞানতাৰ পৰা হোৱাৰ বাবে ভালৰ সলনি বেয়াও কৰা হয়। সেই কাৰণে প্ৰত্যেক কাম জানি-শুনি কৰা আৱশ্যক।

 এই জ্ঞান অক্ষৰজ্ঞান নহয়। এই জ্ঞানত সন্দেহৰ ঠাই নাই। শ্ৰদ্ধাৰপৰা ইয়াৰ আৰম্ভ আৰু শেষত সি অনুভূত হব। এই জ্ঞানৰ সহায়ত মানুহে সকলো জীৱকে নিজৰ ভিতৰত দেখা পায় আৰু নিজক ঈশ্বৰত দেখা পায়—অৰ্থাৎ এই সকলোকে সাক্ষাৎ ঈশ্বৰ বুলি বোধ হয়। এই জ্ঞানে—পাপীবিলাকৰ ভিতৰত যিবিলাক অধম তেওঁলোককো ত্ৰাণ কৰে। এই জ্ঞানে মানুহক কৰ্ম্মবন্ধনৰপৰা মুক্ত কৰে অৰ্থাৎ— কৰ্ম্মফলে তেওঁক স্পৰ্শ নকৰে। ইয়াৰ সমান পৱিত্ৰ এই জগতত আৰু একো নাই। এতেকে তুমি শ্ৰদ্ধা ৰাখি, ঈশ্বৰ পৰায়ণ হৈ, ইন্দ্ৰিয়বোৰক বশত ৰাখি এই জ্ঞানলাভ কৰিবলৈ চেষ্টা কৰা, তাৰপৰা তোমাৰ পৰম শান্তি হব। তৃতীয়, চতুৰ্থ আৰু পঞ্চম এই তিনি অধ্যায় একেলগে চিন্তা কৰিবলগীয়া। এই তিনি অধ্যায়ত অনাসক্তিযোগ কি তাৰ কথা আছে। এই অনাসক্তি নিষ্কামতা কেনেকৈ পোৱা যায় তাকো তাতে অলপ অচৰপ কোৱা হৈছে। এই তিনি অধ্যায় ভালভাৱে বুজি ললে বাকী অধ্যায়বোৰ বুজিবলৈ কিছু সহজ হয়।

 পাছৰ অধ্যায়বোৰে অনাসক্তি লাভ কৰাৰ সাধনা নানাপ্ৰকাৰে আমাক কৈছে। এইভাবে গীতা অভ্যাস কৰা আমাৰ পক্ষে অতি আৱশ্যক আৰু সেইদৰে অভ্যাস কৰোঁতে কৰোঁতে আমাৰ প্ৰতিদিনৰ সমস্যা বিনা পৰিশ্ৰমে গীতাৰ সহায়ত সমাধান কৰিব পাৰিম। প্ৰতিদিন অভ্যাস কৰিলে এনে হোৱা সম্ভৱ। সকলোৱে পৰীক্ষা কৰি চাব পাৰে। ক্ৰোধ জন্মিলেই সেই সম্বন্ধীয় শ্লোকৰ চিন্তা কৰা, তেতিয়া হলে ক্ৰোধ উপশম হব। কাৰো ওপৰত দ্বেষ জন্মিলে, ধৈৰ্য্যচ্যুতি হলে, অত্যধিক আকাঙ্ক্ষা হলে, ইয়াক কৰা উচিত নে অনুচিত এনে আশঙ্কা উপস্থিত হলে এই সকলোবোৰ প্ৰশ্নৰ সমাধান মাতৃ-স্বৰূপা গীতাৰ ওচৰত পোৱা যায়, অৱশ্যে তালৈ শ্ৰদ্ধা থাকিব লাগিব আৰু নিতৌ চিন্তা কৰিব লাগিব। যাতে এনে অভ্যাস হৈ উঠে, তাৰ বাবেই নিতৌ পৰায়ণ [] আৰু তাৰ বাবেই এই প্ৰচেষ্টা।

⸻৹⸻

যজ্ঞ — ১

তাং ২১-১০-৩০
মঙ্গল প্ৰভাত

 আমি যজ্ঞ শব্দৰ ব্যৱহাৰ বেছি পৰিমাণে কৰোঁ। আমি প্ৰতিদিনৰ মহাযজ্ঞও কৰিছোঁ। সেই কাৰণে যজ্ঞ শব্দৰ বিচাৰ বা আলোচনা কৰা উচিত। যজ্ঞ অৰ্থে ইহলোকত বা পৰলোকত কোনো প্ৰকাৰৰ প্ৰতিদানৰ আকাঙ্ক্ষা নকৰি পৰৰ বাবে কৰা যি কোনো কাম। কৰ্ম্ম কায়িক, মানসিক আৰু বাচিক এই তিনি প্ৰকাৰৰ। কৰ্ম্মৰ আটাইতকৈ বেচি ব্যাপক অৰ্থ গ্ৰহণ কৰা। পৰ অৰ্থ কেৱল মানুহ নহয়, কিন্তু সকলো জীৱ। এই কাৰণে আৰু অহিংসাৰ দৃষ্টিতো, মানুহ জাতিৰ সেৱাৰ বাবেও আন জীৱৰ হোম বা তাৰ নাশ কৰা যজ্ঞৰ ভিতৰত ঠাই পোৱাৰ যোগ্য নহয়। বেদাদি গ্ৰন্থত ঘোৰা, গৰু আদি জন্তুৰ হোম কৰাৰ কথা আছে, আমি তাক বাদ দিছোঁ। সত্য আৰু অহিংসাৰ তৰ্জুত পশু হিংসা অৰ্থে এই হোম হব নোৱাৰে, ইয়াতেই আমি সন্তুষ্ট। ধৰ্ম্মৰ নামত পৰিচিত বাক্যৰ ঐতিহাসিক অৰ্থ কৰোঁতে কৰোঁতে আমি সময় নকটাওঁ। আৰু সেই অৰ্থ উলিওৱাৰ আমাৰ অযোগ্যতা স্বীকাৰ কৰোঁ। সেই যোগ্যতালাভৰ চেষ্টাও আমি কৰা নাই। কাৰণ ঐতিহাসিক অৰ্থে জীৱহিংসা মানিলেও সত্য আৰু অহিংসাক সকলোৰে ওপৰত ধৰ্ম্ম মানি লোৱাৰ পাছত আমাৰ পক্ষে সেই অৰ্থ অনুসৰি কৰা আচাৰ এৰিব লাগিব।

 ওপৰৰ ব্যাখ্যা অনুসাৰে বিচাৰ কৰিলে দেখিবলৈ পাওঁ, যি কৰ্ম্মৰ দ্বাৰা নানা অৱস্থাত জীৱৰ সকলোতকৈ বেছি কল্যাণ হয়,যি কাম সকলোতকৈ বেছি মানুহে সকলোতকৈ বেছি সহজে কৰিব পাৰে, আৰু য’ত সকলোতকৈ বেছি সেৱা হয়, সেয়ে মহাযজ্ঞ বা সকলোতকৈ শ্ৰেষ্ঠ যজ্ঞ। এতেকে কাৰো সেৱাৰ বাবে আন কাৰো অকল্যাণ ইচ্ছা বা অকল্যাণ কৰা যজ্ঞৰ কামেই নহয়। আকৌ ভগবদ্‌গীতাই আৰু অনুভৱে আমাক এই শিক্ষা দিছে, যে যজ্ঞৰ কামৰ বাহিৰে যি কোনো কাম কৰা যায় সি বন্ধনৰ স্বৰূপ।

 এই যজ্ঞ ভিন্ন এই জগত এক মুহূৰ্ত্তও তিষ্ঠিব নোৱাৰে। আৰু সেইবাবে গীতাকাৰে দ্বিতীয় অধ্যায়ত জ্ঞানৰ কিছু আভাস দি তৃতীয় অধ্যায়ত তাক লাভ কৰাৰ উপায়ৰ কথা কৈছে আৰু স্পষ্ট ভাষাৰে কৈছে যে, আমি জন্মৰ লগতেই যজ্ঞক লৈ আহিছোঁ; অৰ্থাৎ এই দেহ আমি কেৱল পৰমাৰ্থৰ কাৰণেই পাইছোঁ। এতেকে যজ্ঞ নকৰি যি জনে খায় তেওঁ চোৰ কৰা বস্তু খাইছে, গীতাকাৰে এনে টান কথা কৈছে। যি বিলাকে পৱিত্ৰ জীৱন যাপন কৰিবলৈ ইচ্ছা কৰে,তেওঁলোকৰ সকলো কাম যজ্ঞ স্বৰূপ হয়। আমি যজ্ঞৰ সৈতে জন্মলাভ কৰিছোঁ, ইয়াৰ অৰ্থ—আমি সদায় ধৰুৱা—দেনাদাৰ। সেয়ে আমি সদায় জগতৰ গোলাম—সেৱক। আৰু গৰাকীয়ে যেনেকৈ সেৱা লোৱাৰ বাবে গোলামক ভাত-কাপোৰ দিয়ে, তেনেকৈ যদি জগতৰ গৰাকীও আমাৰপৰা সেৱা লবলৈ আমাক ভাত-কাপোৰ দিয়ে, তাক কৃতজ্ঞতাৰে সৈতে লোৱা উচিত। সিমানখিনি আমাৰ ন্যায্য অধিকাৰ—এনে ভাবা উচিত নহয়, অৰ্থাৎ অলপ নাপালেও গৰাকীৰ নিন্দা নকৰিম। এই শৰীৰ তেওঁৰ, তেওঁৰ ইচ্ছা অনুসাৰে তেওঁ ৰাখে বা মাৰে। এই অৱস্থা কষ্টদায়ক নহয়,দয়াৰ যোগ্যও নহয়। যদি নিজৰ ঠাই বিচাৰ কৰি লোৱা, তেন্তে ই স্বাভাৱিক, গতিকে সুখকৰ আৰু বাঞ্ছিত। এই পৰম সুখ অনুভৱ কৰিবলৈ অবিচলিত শ্ৰদ্ধাৰ আৱশ্যক আছেই। নিজৰ সম্বন্ধে চিন্তাকে নকৰিবা, সমস্ত ভগৱানত সমৰ্পণ কৰি দিয়া। এনে উপদেশ মইতো সকলো ধৰ্ম্মতেই দেখা পাইছে৷।

 কিন্তু এই কথাৰপৰা কাৰো ভয় খোৱাৰ কাৰণ নাই। মন শুদ্ধ ৰাখি যি সেৱাৰ কাম কৰে, তেওঁৰ ওচৰত তাৰ আৱশ্যকতা দিনে দিনে স্পষ্ট হৈ যায় আৰু তেনেকৈ তেওঁৰ শ্ৰদ্ধা বাঢ়ি গৈ থাকে। যি স্বাৰ্থ এৰিবলৈ সাজু হোৱা নাই, নিজৰ জন্মৰ অৱস্থা সম্বন্ধে জ্ঞানলাভ কৰিবলৈ আগবঢ়া নাই, তাৰ পক্ষেতো সেৱা-পথ মাত্ৰেই টান। তেওঁৰ সেৱাৰ ভিতৰত স্বাৰ্থৰ গন্ধ আহি থাকিবই। কিন্তু এনে স্বাৰ্থ থকা মানুহ জগতত কাচিতহে দেখা পাবা। কিবা নহয় কিবা এটা নিঃস্বাৰ্থ সেৱাৰ কাম আমি সকলোৱে জানি বা নাজানি কৰি থাকোঁ। এই বিষয় যদি আমি চিন্তা কৰি কাম কৰি যাওঁ, তেন্তে আমাৰ পৰমাৰ্থিক সেৱা কৰাৰ প্ৰবৃত্তি ক্ৰমে বাঢ়ি যাব। ইয়াতেই আমাৰ প্ৰকৃত সুখ আৰু জগতৰ কল্যাণ আছে।

যজ্ঞ – ২

তাং ২৮-১-৩০-
মঙ্গল প্ৰভাত

 যজ্ঞ সম্বন্ধে যোৱা সপ্তাহত লিখিছোঁ, কিন্তু হেঁপাহ নপালাল। জন্মৰ লগতে যি বস্তু লৈ এই জগতলৈ আহিছোঁ, তাৰ বিষয়ে অলপ বহলভাৱে বিচাৰ কৰাটো অনুচিত নহব। যজ্ঞ—নিত্য কৰ্ত্তব্য; ই দিনে ৰাতিয়ে চৌব্বিশ ঘণ্টাই আচৰণীয়, এনেদৰে ভাবি আৰু যজ্ঞ মানে সেৱা, ইয়াকে জানি “পৰোপকাৰৰ কাৰণেই সজ্জনসকলৰ শক্তি” এনে কথা যথোচিতভাৱে অনুভৱ কৰে॥ নিষ্কাম সেৱা পৰোপকাৰ নহয়, কিন্তু নিজৰেই উপকাৰ : যেনে, ধাৰ পৰিশোধ কৰা পৰোপকাৰ নহয়, সি নিজৰেই সেৱা, নিজৰেই উপকাৰ। নিজৰ উপকাৰ হৈছে, গাৰ বোজা পাতল কৰা, নিজৰ ধৰ্ম্ম ৰক্ষা কৰা। আকৌ সজ্জনসকলৰ পুঁজি কেৱল- মাত্ৰ “পৰোপকাৰাৰ্থেহে”; ভাল ভাষাত কবলৈ হলে সকলো মানুহৰ পু জিয়েই সেৱাৰ বাবে। এইদৰে ভাবি চলিলে সকলোৰে জীৱনৰ পৰাই ভোগৰ অভিলাষ দূৰ হয় আৰু সি ত্যাগময় হয়; নাইবা ত্যাগতেই ভোগ বৰ্ত্তমান আছে। মানুহৰ ত্যাগেই তেওঁৰ ভোগ। এয়ে পশু আৰু মানুহৰ ভিতৰত প্ৰভেদ। জীৱনৰ অৰ্থ এইদৰে কৰিলে জীৱন শুকাই যায়, বিদ্যাব ( কলাৰ ) নাশ হয় আৰু গাৰ্হস্থ্য জীৱনৰ শেষ হয়। এনে কথা বহুতে কয় আৰু ওপৰত উল্লেখ কৰা বিচাৰক দোষ থকা বুলি ধৰে। কিন্তু মোৰ বোধেৰে এনেদৰে কোৱাৰ ভিতৰত কদৰ্থ সোমাইছে। ত্যাগৰ অৰ্থ— সংসাৰ পৰিত্যাগ কৰি অৰণ্যত বাস কৰা নহয়, কিন্তু জীৱনৰ সকলো প্ৰবৃত্তিৰ ভিতৰত ত্যাগৰ ভাব হোৱাটোৱেই প্ৰকৃত ত্যাগ। গাৰ্হস্থ্য জীৱন ত্যাগময়ো হয় আৰু ভোগময়ো হয়। মুচিয়ে জোতা চিলাই কৰে, খেতিয়কে খেতি কৰে, নাপিতে মূৰ খুৰাই,ইয়াৰ ভিতৰত ত্যাগৰ ভাবো হয় আৰু ভোগব লিপ্সাও হয়। যজ্ঞৰ অৰ্থে ব্যৱসায়ীসকলে ক্ৰোড় টকাৰ ব্যৱসায় কৰিলেও মানুহে সেৱাৰেই বিচাৰ কৰিব, তেওঁ কাকো নঠগাব, ক্ৰোড়পতি হৈয়ো সাধাৰণ ভাৱে থাকিব, ক্ৰোড় টকা উপাৰ্জ্জন কৰিলেও কাৰো লোকচান নকৰে, কাৰো লোকচান হোৱাৰ সম্ভৱ থাকিলে হয়তো ক্ৰোড় টকা যাবলৈ দিব। এনে বেপাৰী কেৱল মোৰ কল্পনাত আছে, এনে কথা কৈ কোনোৱে যেন নাহাঁহে। জগতৰ সৌভাগ্য বশতঃ—এনে বেপাৰী পশ্চিমে আৰু পূবে আছে। সঁচা অৱশ্যে তেওঁলোকৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পাৰি, কিন্তু যদি এজনো এনে মানুহ জীয়াই থাকে, তেনেহলে এনে বেপাৰী কল্পনাৰ বুলি কব নোৱাৰি। এনে দৰ্জীক আমি বড়বানত দেখিছোঁ। এনে এজন নাপিতকতো ম‍ই চিনো। এনে তাঁতীক আমাৰ ভিতৰত কোনে নাজানে? বিচাৰ আৰু অনুসন্ধান কৰিলে সকলো কৰ্ম্ম চেষ্টাৰ ভিতৰত কেৱল যজ্ঞাৰ্থে জীৱন অতিবাহিত কৰা আৰু নিজৰ কাম-কাজ কৰি থকা •

  • কাঠিয়াৰৰ এখন নগৰ। মানুহ চকুত পৰিব। এই কথা ঠিক যে, এনে যাজ্ঞিকে নিজৰ

কাম কাজৰপৰাই নিজৰ জীৱিকা আৰ্জ্জে। কিন্তু সেইবোৰ কাম জীৱিকাৰ বাবে নকৰে, জীৱিকা অৰ্জ্জন তেওঁলোকৰ পক্ষে কামৰ গৌণ ফল। মতিলাল আগতে দৰ্জ্জী আছিল আৰু জ্ঞানলাভৰ পাছতো দৰ্জ্জী আছিল। তেওঁৰ চিন্তাধাৰা বদলি গল অৰ্থাৎ তেওঁৰ কাম কাজ যজ্ঞৰূপ হল, তাৰ ভিতৰত পৱিত্ৰতা আহি সোমাই কাম-কাজত আন প্ৰকাৰ সুখৰ ভাব জন্মালে। তেওঁৰ জীৱনত তেতিয়াই বিদ্যাৰ ( কলাৰ ) প্ৰবেশ হল। যজ্ঞময় জীৱন বিদ্যাৰ শেষ ফল প্ৰকৃত বসেই তাত আছে। কাৰণ এই যে তাৰপৰা ৰসৰ নিতৌ ন জুৰি ওলায়। মানুহে তাক ( সেইৰস ) পান কৰি শ্ৰান্ত নহয়, জুৰি কেতিয়াও নুশুকায়। বোজাৰ স্বৰূপ বোধ হলে সি যজ্ঞ নহয়, ক্লেশ বোধ হলে ত্যাগ নহয়। ভোগৰ পৰিণতি নাশ আৰু ত্যাগৰ পৰিণতি অমৰতা। ৰস কোনো স্বতন্ত্ৰ বস্তু নহয়, ৰস নিজৰ বৃত্তিৰ ভিতৰতেই আছে। কোনোৱে নাটকৰ দৃশ্যৰ ভিতৰত ৰস পায়, আকৌ কোনোৱে আকাশত যি নিতৌ নতুন দৃশ্য দেখে তাতে ৰস পায়; অৰ্থাৎ ৰস শিক্ষাৰ বিষয়। ৰসৰূপে লৰালি কালত যি শিক্ষা পোৱা যায় ৰসৰূপে জন-সাধাৰণে যি শিক্ষা পায়, সেয়ে ৰস বুলি গণ্য হয়। এক জাতিৰ ওচৰত যি ৰসময় বুলি বোধ হয়, সেয়ে আন জাতিৰ ওচৰত সহীন হয়। এনে উদাহৰণ আমি দেখা পাব পাৰোঁ।

 আকৌ যজ্ঞানুষ্ঠানকাৰী বহুত সেৱকে এনে ভাবে যে, আমি নিষ্কাম ভাৱে সেৱা কৰিছোঁ, এতেকে মানুহৰপৰা যিটো আৱশ্যকীয় তাক লোৱাৰ আৰু যি অনাৱশ্যকীয় তাকো লোৱাৰ আজ্ঞাপত্ৰ পাইছোঁ। এনে বিচাৰ যি সেৱকৰ মনত যেতিয়া উদয় হয়, তেতিয়াৰপৰা তেওঁ সেৱক গুচে, পৰিচালক হৈ উঠে। সেৱাৰ ভিতৰত নিজৰ ব্যৱস্থাৰ বিচাৰৰ ঠাই নাই। সেৱকৰ ব্যৱস্থা প্ৰভু—ঈশ্বৰে কৰে; কি সাহায্য দিব লাগিব আৰু যদি দিব লাগে তাক তেৱেঁ সেৱকক দিব। এনে ভাবি সেৱকে যি পায়, তাকে নিজৰ কৰি নলয়, যিখিনি আৱশ্যক কেৱল সিমানকে লৈ বাকীখিনি ত্যাগ কৰিব। নিজব সাহায্য নাপালেও অস্থিৰ নহব, খং নকৰিব আৰু মনতো বেজাৰবোধ নকৰিব। যজ্ঞ- কৰোতাৰ প্ৰতিদান—সেৱকৰ মজুৰী ( বানচ ) যজ্ঞ—সেৱাই। তাতেই তেওঁৰ সন্তোষ।

 আকৌ সেৱাৰ কামৰ ভিতৰত দায় শোধ তো নায়েই। দায়ত পৰি শেষত হব, এনে নহয়। নিজৰ কাম হয়তো সজাই পৰাই কৰা, পৰৰ কাম বা বিনা পইচাতে কৰিব লাগিব, অতএব যেনেভাবে আৰু যেতিয়া ইচ্ছা, কৰিলে চলিব, এনে বিচাৰ আৰু সেইমতে চলা মানুহে যজ্ঞৰ মূল অক্ষৰো নাজানে। সেৱাত তো ষোল কলা পূৰ্ণ কৰিব লাগে, নিজৰ সমস্ত কলা বা বিদ্যা তাত খটাব লাগে, এইটো প্ৰথম, পিচত নিজৰ সেৱা। মুঠ কথা এই যে পৱিত্ৰ যজ্ঞ যি কৰিব খোজে, তেওঁৰ নিজৰ একো নাই।

সেই সকলোবোৰ কৃষ্ণত অৰ্পণ কৰিছে৷

যজ্ঞ – ৩

[ব্যক্তিগত চিঠিৰপৰা]

 যঁতৰ আৰু ফৰাচী ভাষা[] শিক্ষা সম্বন্ধে আপুনি লিখিছে, ইয়াতো সিদ্ধান্তৰ ফালৰপৰা দোষ দেখিছোঁ ৷ যঁতৰত সকলোকে অৰ্পণ কৰাৰ পাছত সেই সময়ত আন কথা ওলাব দিব নালাগে ৷ কোনোৱে আহি কথাকৈ গলে তেওঁৰ বিবেকৰ প্ৰশংসা কৰোঁ, কিন্তু—কথা কৈ যায় তাতকৈ শিক্ষা দি যায় ই কি দোষ, এই ন্যায় ইয়াত নাখাটে। ইচ্ছা কৰিলে কথা-বতৰা নোকোৱাকৈ থাকিব পাৰি আৰু যি কথা-বতৰা হবলৈ আহে তেৱোঁ বেছি সময় বহি কথা নকয়। কিন্তু শিক্ষক হোৱাৰ পাছত তো নিৰ্দ্ধাৰিত সম্পূর্ণ সময় বহি থকা বাধ্যতামূলক ৷ এই সকলো- বোৰ, যেতিয়া যজ্ঞৰূপে যঁতৰ চলোৱা হয়—সেই সময়ৰ বাবে । মোৰ পক্ষে এই সত্য প্রত্যক্ষ অনুভৱ কৰিছোঁ ৷ যঁতৰ ঘূৰাওঁতে ঘূৰাওঁতে যেতিয়া আন আলোচনাত মন দিওঁ, তেতিয়া যঁতৰৰ গতি, সূতাৰ নম্বৰ আৰু সমানতাৰ ওপৰত সেই কথাৰ প্ৰভাৱ পৰেহি৷ মনত ভাবক ;–ৰোমাৰোল৷ নাইবা বেঠোফেনে পিয়ানো বজাবলৈ ধৰিছে ৷ তাতে এওঁলোক ইমান তন্ময় হয় যে কথাও কব নোৱাৰে। আন কি মনে মনে আন কথা চিন্তা কৰিব নোৱাৰে। কলা আৰু কলাবিদ্ পৃথক নহয়। ই যদি পিয়ানো সন্বন্ধে সঁচা হয়, তেনেহলে যঁতৰ-যজ্ঞ সম্বন্ধে কিমান বেছি পৰিমাণে সঁচা হোৱা উচিত? এনে আচৰণ আজি হোৱা সম্ভৱ হোৱা নাই, এই কথা বেলেগ। আমাৰ বিচাৰৰ ঠাই সম্পূৰ্ণ শুদ্ধ ৰাখিব লাগিব, তেতিয়া হলে এদিন নহয় এদিন সেই নিচিনাকৈ চলিব পাৰিমেই। আকৌ সাৱধান কৰি দিছে৷ যে ইয়াত অতীতৰ টীকা নাই। অতি অসম্পূৰ্ণ মোৰ টীকা কৰিব লৈয়ে বা অধিকাব ক'ত আছে? যি জানোঁ তাক ম‍ই নিজেই বা ক’ত সম্পূৰ্ণ ভাৱে কাৰ্য্যত পৰিণত কৰিছে৷? যদি কৰিব পাৰিলোহেঁতেন, তেনেহলে সাত লক্ষ গাৱঁত যঁতৰৰ ঘূৰঘূৰণি উঠিলহেঁতেন। এতিয়া যি জানোঁ, সেই পৰিমাণে যদি ষোল অন৷ পূৰাকৈ চলাব পাৰিলোহেঁতেন, তেন্তে ইয়াতে বহি থাকিলেও যঁতৰৰ পবন বেগে প্ৰসাৰলাভ হ'লহেঁতেন। “যদিও এতিয়া মোৰ মনৰ আশ৷ মোৰ শক্তিৰ অতীত, তথাপি ম‍ই মনে মনে নিশ্চয় যঁতৰৰ ভক্ত। প্ৰভুৰ আদেশ হয়তো সেয়ে মোৰ স্বৰূপ হৈ যাব। (ৰায়চাঁদ ভাইৰ ওচৰত ক্ষমা খুজি চুৰ কৰিছোঁ)। কিন্তু মালৱাজী যদি ভাগৱত পুৰাণ কথা কওঁতে কওঁতে পৰিশ্ৰান্ত হয়, তেনেহলে মই যঁতৰৰ সঙ্গীতৰ কথা কওঁতে পৰিশ্ৰান্ত হম। যঁতৰ পুৰাণ তো কি ভাৱেই কোৱা যায়? পুৰাণ তো আমাৰ পাছৰ বিলাকে ৰচনা কৰিব, যদি আমি ৰচনাৰ যোগ্য কৰি থৈ যাব পাৰোঁ। এতিয়াতে৷ আমি ইয়াৰ আধাডুখৰীয়া গীত ৰচনা

. কৰিছোঁ ৷ শেষত তাৰপৰা কেনে সুৰ ওলায়, তাৰ মূল আমাৰ তপশ্চৰ্য্যা আৰু আত্ম-সমৰ্পণৰ ওপৰত হে নিৰ্ভৰ কৰিব ৷ এতিয়া আগৰ চিঠিৰ সম্বন্ধে কিছু বহল ভাৱে লিখিম ।

 মোৰ বোধে—আদৰ্শ হৈছে এই যে যজ্ঞৰ সময়ত মৌনভাবে থকা আৰু সেই সময়ত যঁতৰ অৰ্থাৎ খাঁদিৰ বিষয়ে নাইবা ৰাম নাম চিন্তা কৰা ৷ ৰাম নামৰ ব্যাপক অর্থ কৰা উচিত। গভীৰভাৱে চিন্তা কৰি চালে— গীত গাওঁতে তম্বুৰাৰ শব্দ লগেলগে উঠাৰ দৰে ৰামনাম জ্ঞানত বা অজ্ঞানতো সকলো সময়তেই হোৱা উচিত । কিন্তু কোনো কাম হাতত ললে তাত যদি ঐকান্তিকতা নজন্মে,তেন্তে সঙ্কল্প কৰি ৰামনাম আবৃত্তি কৰা উচিত ৷ যঁতৰ ঘূৰাওঁতে ঘূৰাওঁতে আমি কথা কওঁ বা কিবা শুনোঁ নাইবা আন কিবা কৰোঁ । এই কাম যজ্ঞতো নহয়েই। যদি এই যজ্ঞ কৰ্ত্তব্য হয়, তেন্তে সেইখিনি সময় তাতে তন্ময় হৈ যোৱা উচিত। আৰু যাৰ সমস্ত জীৱন যজ্ঞৰূপ আৰু যি অনাসক্ত, তেওঁ এটা কাম এটা সময়তে কৰিব ৷ ইয়াক জানিও কম আৰু বেছি পৰিমাণে ময়েই প্রথম পাপী হৈছোঁ ৷ কাৰণ কোনো দিন নিশ্চিন্তে বহি নিৰ্জনত নাইবা মৌন হৈ নাথাকোঁৱেই বুলিব লাগে। মৌন দিন কটাবৰ সময়ত চিঠি নাইবা কাৰো কিবা কবৰ থাকিলেতো তাক শুনোঁ। এই কু-অভ্যাস এতিয়ালৈকে যোৱা নাই ৷ ইয়াৰ ফলত নতুন-কথা কি যে ম‍ই সূতা কটা বিষয়ত বহু নিয়মিত হোৱা সত্ত্বেও একেবাৰে অপটু হৈ আছে৷ আৰু ঘণ্টাত অতিকষ্টে ২০০ খ’ এতিয়া কাটিব পাৰোঁ৷ আন প্ৰকাৰৰো বহুত দোষ মোৰ দেখিছা, যেনে— সূতাৰ খ’ ছিঙি যোৱা, মাল তৈয়াৰ কৰিব নাজানা, টাকুৰীৰ চামৰাৰ কথা কম জানা, কপাহৰ জাত নাজানা, সূতা নিয়মিত ভাৱে সমান কৰিব নোৱাৰা, সূতা পৰীক্ষা কৰিব নাজানা। ই জানো কোনো যাজ্ঞিকৰ পক্ষে শোভা পায়? ইয়াৰ ফলত খাদিৰ প্ৰচাৰ কোবাল ভাবে চলা নাই, ইয়াত বা অস্বাভাৱিকতা কি আছে? যদি দৰিদ্ৰ নাৰায়ণ আছে, আচলতে তেওঁলোক আছেই, আৰু যদি তেওঁলোকৰ প্ৰসাদ খাদি হয় আৰু ইয়াক কওঁতা আৰু প্ৰচাৰ কৰোঁতা মানুহ বুলি যাকে কোৱা, সেইজন, মই,—তথাপি মোৰ চলন-ফিৰণ কেনে একাগ্ৰতাহীন? এতেকে এইবাবে আন কাকো দোষ দিবলৈ মনেই নহয়। ম‍ইতো মাত্ৰ আপোনাক মোৰ দোষ আৰু দুখৰ, আৰু তাৰপৰা জন্মা জ্ঞানব কথা কৈছোঁ। যদি কাকাৰ[] লগত আগগুৰি নোহোৱাকৈ এই বিষয়ে আলোচনা কৰিছোঁ, তথাপি ইমান স্পষ্টভাৱে আলোচনা আজিহে প্ৰথম আপোনাৰ লগত কৰিলোঁ। আৰু সি স্পষ্টও হল যঁতৰৰ লগত ফ্ৰেঞ্চ যুক্ত কৰাৰপৰা। আকৌ কৈছোঁ—আপুনি এনেভাৱে কৰিছে তাত মই আপোনাৰ দোষ লেশমাত্ৰও দেখা নাই। ম‍ই যঁতৰৰ কেনে কেঁচা মন্ত্ৰদ্ৰষ্টা তাক দেখা পাইছোঁ। মন্ত্ৰ জানিও তাৰ বিধি-ব্যৱস্থা পূৰাপুৰি ভাৱে পালন কৰা নাই, সেয়ে মন্ত্ৰই পূৰা শক্তি দেখুৱাব পৰা নাই। এই কথা যঁতৰৰ পক্ষে যেনে খাটে, তেনেকৈ সমস্ত জীৱনৰ কামতেই ব্যৱহাৰ কৰি চাওক। সেইদৰে চলিলে কল্পনাত তো আপুনি জীৱনৰ অপৰিসীম শান্তি অনুভৱ কৰিব আৰু সফলতাও অনুভৱ কৰিব। “যোগঃ কৰ্ম্মসু কৌশলম্” ইয়াৰ এয়ে অর্থ। এনে কৰিলে যিমান হয় তাকেই হাতলৈ নি সন্তোষ লাভ কৰক ৷ মোৰ দৃঢ় বিশ্বাস আছে, যে এনে কৰিলেই মোৰ নিজৰ আৰু সমাজৰ প্ৰখৰ প্ৰগতিত আমাৰ ভাগ থাকিব। কিন্তু যেতিয়ালৈকে সি সম্পুর্ণভাৱে কাৰ্য্যত পৰিণত কৰা নহয়, তেতিয়ালৈকে সি পাণ্ডিত্য হৈহে থাকিব ৷ প্রতিদিনে এইদৰেইতো চলিছোঁৱেই । বাহিৰলৈ গলে কি হব তাক দৈৱই জানে । যিমান খিনি কৰিবলৈ সম্ভৱ হয় সিমান খিনি কৰি যাওক। যজ্ঞৰ অর্থে যিমান খ' কাটিব লাগে বুলি ভাবে, সিমান খ' এনে শাস্ত্রীয় নিয়মে কাটক । তাৰ অতিৰিক্ত অৱস্থানুসৰি হিন্দুস্থানৰ উৎপন্ন বঢ়াবলৈ কাটি

থাকক । আৰু লিখিবলৈ ইচ্ছা আছে। কিন্তু ইয়াতেই শেষ ৷
 

পঞ্চম অধ্যায়

 অৰ্জুনে কলে,–“আপুনি জ্ঞানকেই শ্রেষ্ঠ বুলিছে, গতিকে মই বুজিছোঁ, কৰ্ম্ম কৰাৰ আৱশ্যক নাই—সন্ন্যাসেই শ্রেষ্ঠ। কিন্তু. আকৌ কৰ্ম্মৰো স্তুতি কৰিছে, এতেকে যোগেই শ্রেষ্ঠ—এনে মোৰ বোধ হৈছে । এই দুটাৰ ভিতৰত কোনটো শ্রেষ্ঠ তাক মোক নিশ্চয়কৈ কওক, তেনেহলে কিছু শান্তি পাম।”

 ইয়াকে শুনি ভগবানে কলে, – “সন্ন্যাস মানে জ্ঞান আৰু কৰ্ম্মযোগ মানে নিষ্কাম কৰ্ম্ম। এই দুয়োটায়ে ভাল। কিন্তু যদি ইয়াৰে কোনটো মই বেচি ভাল পাওঁ—কব লাগে, তেন্তে মই কৈছোঁ, যে যোগ অর্থাৎ অনাসক্তিৰে কৰ্ম্ম কৰা বেচি ভাল ৷ যি মানুহে কাৰো কোনো বস্তুক বা কাকো দ্বেষ নকৰে, কোনো প্ৰকাৰ আকাঙ্ক্ষা নাৰাখে, সুখ, দুখ, শীত, উষ্ম প্রভৃতি দ্বন্দ্বৰ- পৰা আঁতৰত থাকে, তেওঁ সন্ন্যাসীয়েই—তেওঁ কাম কৰক বা নকৰক । এনে মানুহ সহজত বন্ধনমুক্ত হয় ৷ অজ্ঞানীয়ে জ্ঞান আৰু যোগক পৃথক্ ভাবে; জ্ঞানীয়ে তেনে নাভাবে। উভয় পথৰেই একেই পৰিণাম অর্থাৎ দুয়ো পথেদি গলে একে ঠাই পোৱা যায় ৷ গতিকে যি দুয়োকো এক বুলি জানে তেওঁ: প্রকৃত জ্ঞানী । কাৰণ এই যে—যাৰ শুদ্ধ জ্ঞান আছে, তেওঁ সঙ্কল্প কৰা মাত্রেই সিদ্ধি লাভ কৰে, অৰ্থাৎ তেওঁত বাহিৰত কৰ্ম্ম কৰাৰ আৱশ্যকতা নাথাকে। জনকপুৰী যেতিয়া জলিছিল, তেতিয়া আন সকলোৰে ধৰ্ম্ম আছিল জুই নুমাবলৈ যোৱা। জনকৰ সঙ্কল্পই জুই নুমাবলৈ সাহায্য আনিছিল, কাৰণ তেওঁৰ সেৱক- বিলাক আছিল তেওঁৰ অধীন। তেওঁ নিজে যদি পানীৰ কলহ লৈ দৌৰিলেহেঁতেন তেন্তে তেনেই অকৃতকাৰ্য্য হলহেঁতেন। সেৱকবিলাকে তেওঁৰ মুখলৈ চালেহেঁতেন আৰু নিজ নিজ কৰ্ত্তব্য পাহৰি গলহেঁতেন। বেচি ভাগেই হয়তো ৰজাই তেনেকৈ পানীৰ কলহ লৈ লৰাত পৰিব পাৰে বুলি তেওঁক ৰক্ষা কৰিবলৈ লৰ দিলেহেঁতেন। কিন্তু সকলোৱে একে জাপে জনক হব নোৱাৰে। জনকৰ অৱস্থা অতি দুৰ্লভ। কৌটি লোকৰ ভিতৰত এজনেহে বহুজন্মৰ সেৱাৰ ফলত এনে অৱস্থা পায়। তাক পালে যে বিশেষ কিবা শান্তি লাভ হয় এনে নহয়। ক্ৰমে নিষ্কাম কৰ্ম কৰোঁতে কৰোঁতে মানুহৰ সঙ্কল্প বল বাঢ়ি যায় আৰু বাহিৰৰ কাম কমি যায়। তেওঁ কিন্তু নিজে ইয়াৰ গমকে নাপায়। ইয়াৰ ( নিষ্কাম কৰ্মৰ ) বাবে তেওঁৰ কোনো চেষ্টাও নাই। তেওঁ সেৱা কাৰ্য্যতেই ডুবি থাকে আৰু এইদৰে থকাৰ ফলত সেৱাশক্তি ইমান বাঢ়ি যায় যে সেৱাৰপৰা বিশ্ৰাম লবলৈ পাহৰেই। ইয়াৰ ফলত অৱশেষত তেওঁ সঙ্কল্প হোৱা মাত্ৰেই সেৱা হৈ যায়—অতি গতিশীল বস্তু যেনে স্থিৰ দেখি ঠিক তেনে। এনে মানুহে একো কৰা নাই এনে কথা কোৱা আচলতে অনুচিত। কিন্তু এনে অৱস্থা আচলতে কল্পনাহে কৰিব পাৰি⸺ অনুভৱ কৰিব নোৱাৰি। সেই কাৰণে কৰ্মযোগক ম‍ই বিশেষ শ্ৰেষ্ঠ বুলিছোঁ ৷ কোটি কোটি মানুহে নিষ্কাম কর্মৰপৰাই সন্ন্যাসৰ ফল পায় । যদি এওঁলোক সন্ন্যাসী হবলৈ যায় তেন্তে দুয়ো ফালেই তেওঁলোকৰ নষ্ট হয়। সন্ন্যাসী হোৱাৰ পৰিবৰ্ত্তে মিছলীয়া হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা ; তেওঁলোকে কৰ্মপৰা তো এৰা দিছেই, এতেকে তেওঁলোকৰ সকলো হেৰাল । কিন্তু যি মানুহে অনাসক্তভাৱে কাম কৰি নিৰ্মল হৈছে, যি নিজৰ মনক জয় কৰিছে, যি নিজৰ ইন্দ্ৰিয়ক বশত ৰাখিছে, যি সমস্ত জীৱৰ লগত নিজৰ জীৱন এক দেখিছে আৰু সকলোকে নিজৰ দৰে ভাবিছে, তেওঁ কামকৰা সত্ত্বেও আসক্তিৰপৰা মুক্ত থাকে ; অৰ্থাৎ তেওঁ বন্ধনত নপৰে ৷ এনে লোকে কথা কোৱা, চলা আদি কাম কৰা সত্ত্বেও তেওঁৰ এই কামবোৰ ইন্দ্ৰিয়বোৰে নিজ নিজ ধর্ম অনুসৰি কৰিছে এনে বোধ হয়—তেওঁ নিজে একোকে নকৰে ৷ নীৰোগ আৰু সুস্থ মানুহৰ শাৰীৰিক ক্রিয়া স্বাভাৱিক ভাৱে হয়। তেওঁৰ পাকস্থলী আদি নিজ নিজ নিয়মানুযায়ী কাম কৰে ; সেই ফালে তেওঁৰ দৃষ্টি কৰাৰ আৱশ্যক নহয় ৷ এইদৰে যাৰ আত্মা নীৰোগ আৰু সুস্থ সি শৰীৰত থকা সত্ত্বেও নিজে অলিপ্ত থাকে, একোকে নকৰে বুলি কব পাৰি। সেই কাৰণে মানুহৰ উচিত সকলো কাম ব্ৰহ্মত, অৰ্পণ কৰা— ব্ৰহ্মৰেই নিমিত্তে কৰা ; অর্থাৎ তেওঁ কৰ্মকৰা সত্ত্বেও পাপ-পুণ্যৰ দ’ম তৈয়াৰ নকৰিব, পানীত থাকিও পদুমৰ দৰে শুকান থাকিব ; অর্থাৎ যিজনে অনাসক্তি শিকিছে তেওঁ যোগী, তেওঁ কায়মনোবুদ্ধিৰে কামকৰা সত্ত্বেও সঙ্গৰহিত হৈ অহংভাব এবি . আচৰণ কৰে—শুদ্ধ হয় আৰু শান্তিলাভ কৰে। আনযোগী ফলত অনাসক্ত হোৱাৰ বাবে কয়েদীৰ দৰে নিজ কামনাত বন্ধ থাকে। এই নবদ্বাবযুক্ত দেহৰূপী নগৰত সকলো কৰ্ম মনৰপৰা ত্যাগ কৰি নিজে একো নকৰে বা নকৰায়। এনে যি যোগী তেওঁ সুখত থাকে। সংস্কৃত পৱিত্ৰ আত্মাই পাপে৷ নকৰে, পুণ্যও নকৰে। যিজনে কৰ্ম্মৰপৰা আশক্তি দূৰ কৰিছে, অহংভাব নাশ কৰিছে, ফলত্যাগ কৰিছে, তেওঁ জড়ৰদৰে আচৰণ কৰে—নিমিত্ত মাত্ৰ হৈ যায়; পাপ-পুণ্যই তেওঁক কেনেকৈ স্পৰ্শ কৰিব? ইয়াৰ বিপৰীত যি অজ্ঞানতাত পৰি আছে—তেওঁ নিতৌ গণনা কৰে “ইমান পুণ্য কৰিছোঁ। ইমান পাপ কৰিছোঁ৷” আৰু এনে কৰোতে কৰোঁতে সি নিতৌ গাঁতত পৰে আৰু শেষত তাৰ ভাগত পাপেই ৰৈ যায়। কিন্তু যি জ্ঞানৰ সহায়েৰে নিজৰ অজ্ঞানতা নিতৌ নাশ কৰে তেওঁৰ কামত নিতৌ নিৰ্ম্মলতা বাঢ়ি যায়, জগতে তেওঁৰ কামত পূৰ্ণতা আৰু পুণ্য দেখে। এনে মানুহৰ সকলো কাম স্বাভাৱিক হয়। এনে মানুহ সমদৰ্শী। তেওঁৰ ওচৰত বিদ্বান, বিনয়ী, ব্ৰহ্মজ্ঞ ব্ৰাহ্মণ, গৰু, হাতী, কুকুৰ, বিবেকহীন—পশুতকৈও অধম মানুহ—এই সকলোৱেই সমান; অৰ্থাৎ তেওঁ সকলোকে সমান ভাৱে সেৱা কৰিব—এজনক বৰ ভাবি সম্মান কৰিব আৰু আনজনক সৰু ভাবি তুচ্ছ কৰিব এনে নহয়। অনাসক্ত লোকে নিজক সকলোৰে ধৰুৱা ভাবিব আৰু সকলোকে নিজ নিজ পাওনা শোধাব অৰ্থাৎ একেবাৰে ন্যায়ত

চলিব। এনে মানুহে ইয়াতেই জগতক জয় কৰে আৰু তেওঁ ব্রহ্মময়। কোনোৱে তেওঁৰ প্ৰিয়কাম কৰিলেও তেওঁ উৎফুল্ল নহয়। কোনোৱে গালি পাৰিলেও তাৰ বাবে বেজাৰ বোধ নকৰে ৷ আসক্ত লোকে বাহিৰৰপৰা নিজৰ সুখ বিচাৰে, আৰু অনাসক্ত লোকে সদায় নিজৰ অন্তৰত শান্তি পায়, কাৰণ তেওঁ বাহিৰৰপৰা নিজক টানি নিয়ে আৰু ইন্দ্ৰিয়ৰ সকলো ভোগ দুখৰ কাৰণ বুলি জানে ৷ অনাসক্ত লোকে আনৰ কাম-ক্রোধ আদিৰপৰা জন্মা উপদ্ৰৱ সহ্য কৰা উচিত অনাসক্ত যোগী সমস্ত প্রাণীৰ হিতৰ বাবেই নিযুক্ত। তেওঁৰ কোনো আশঙ্কা নাথাকে ৷ এনে যোগী বাহিৰ জগতৰ লগত লিপ্ত নাথাকে, প্রাণায়ামাদি অভ্যাস কৰি অন্তৰ্দ্ধান হোৱাৰ চেষ্টা কৰে অর্থাৎ ইচ্ছা, ভয়, ক্রোধ আদিৰপৰা দূৰত থাকে ৷ তেওঁ মোকেই সকলোৰে মহেশ্বৰ, মিত্ৰ আৰু যজ্ঞাদিৰ ভোক্তাৰূপে জানে আৰু শান্তি লাভ কৰে।

ষষ্ঠ অধ্যায়

যাৰবাদা মন্দিৰ
 
তাং ১৬-১২-৩
 
মঙ্গল প্রভাত
 

 শ্রীভগবানে কলে—“ কৰ্ম-ফললৈ আশা নকৰি যি মানুহে কৰ্ত্তব্য কর্ম কৰে তেওঁক সন্ন্যাসী বোলে আৰু যোগীও বোলে । সকলো কাম যি ত্যাগ কৰে তেওঁ এলেহুৱা ৷ আচল কথা হৈছে— কাম নকৰি নানাবিধ কল্পনা কৰা অভ্যাস এৰা উচিত। যি যোগ অর্থাৎ নিজৰ লগত সকলোকে সমান ভাবিব খোজে তেওঁ বিনা কামে থাকিবই নোৱাবে । যি সমত্ব লাভ কৰিছে, তেওঁক শান্ত দেখি, অর্থাৎ এই যে তেওঁৰ চিন্তা হোৱা মাত্ৰেই কৰ্মৰ বল আহে । যেতিয়া মানুহ ইন্দ্ৰিয়ৰ বিষয়ত বা কৰ্মত মগ্ন নহয় অর্থাৎ মনৰ সকলো বিক্ষেপ আঁতৰাব পাৰে, সেই সময়ত তেওঁ যোগ সাধন কৰিছে—যোগাৰুঢ় হৈছে বুলিব পাৰি ৷

 আত্মাৰ উদ্ধাৰ আত্মাৰ দ্বাৰাই হয় ৷ গতিকে কব পাৰি যে নিজেই নিজৰ শত্ৰু বা মিত্র হয় । যি মনক জয় কৰিছে তাৰ চিনাকি এই যে তেওঁৰ ওচৰত শীত-গ্রীষ্ম, সুখ-দুখ, মান-অপমান সকলো সমান। যাৰ জ্ঞান আছে, অভিজ্ঞতা আছে, যি অবিচল, যি ইন্দ্ৰিয় জয় কৰিছে আৰু যাৰ মনত সোণ, মাটি, পাথৰ সমান বোধ হয় তেওঁৰ নাম যোগী ৷ এনে মানুহে শত্রু-মিত্র, সাধু-অসাধু আদি সকলোৰে প্ৰতি সমভাব ৰাখে। এনে অৱস্থা পাবলৈ হলে আৱশ্যক হৈছে—মনস্থিৰ কৰা, বাসনা ত্যাগ কৰা, আৰু একান্ত মনে বহি পৰমাত্মাৰ ধ্যান কৰা ৷ কেৱল আসনাদি কৰাই যথেষ্ট নহয় । সমত্ব লাভ কৰিব খোজা মানুহে ব্রহ্মচর্য্যাদি মহাব্রত ঠিক নিয়মমতে পালন কৰা উচিত। এনে আসনত থকা যম-নিয়মাদি পালন কৰা মানুহে নিজৰ মন যদি পৰমাত্মাত যোগ কৰে, তেন্তে তেওঁৰ পৰম শান্তি লাভ হয় ৷

 পেটুকৰ দৰে যি খায় বা একেবাৰে উপবাস থাকে তেওঁ এনে সমত্ব লাভ কৰিব নোৱাৰে, বেচিকৈ টোপনি যোৱা বা বেচিকৈ জাগিথকা মানুহেও লাভ কৰিব নোৱাৰে । সমত্বকামী মানুহৰ পান, আহাৰ, নিদ্রা, জাগৰণ আদি সকলো বিষয়তেই পৰিমাণৰ প্রতি দৃষ্টি ৰাখা উচিত । এদিন বেচি খোৱা পাছদিনা উপবাসে থকা, এদিন বেচি ঘুমোৱা, পাছদিন৷ জাগি থাকা, এদিন বেচি কাম কৰি পাছদিনা এলেহুৱা ভাৱে বহিথকা—এই যোগৰ লক্ষণেই নহয় ৷ যোগীতো সদায় স্থিৰচিত্তে থাকে আৰু তেওঁ সমস্ত কামন৷ সহজতে পৰিহাৰ কৰে ।

 বতাহ চলাচলৰ বাধা থকা ঠাইৰ বন্তিৰ দৰে এনে যোগী স্থিৰ থাকে । জগতৰ ঘটনাবোৰে নাইবা তেওঁৰ মনত উদয় হোৱা চিন্তাৰ ঢৌবোৰে তেওঁক ইফালে সিফালে চলাবলৈ সমৰ্থ নহয় ৷ এই যোগ ধীৰে, সুস্থিৰে কিন্তু দৃঢ়ভাবে চেষ্টা কৰিলে সাধন কৰা যায় ৷ মন চঞ্চল,সেয়ে সি ইফালে সিফালে দৌৰা-দৌৰি কৰে, তাক লাহে লাহে স্থিৰ কৰিব লাগে। মন স্থিৰ হলেই শান্তি আহে ৷ মনক এইদৰে স্থিৰ কৰিবলৈ সদায় আত্মাৰ চিন্তা কৰা উচিত। এনে মানুহে সকলো জীৱক নিজৰ ভিতৰত আৰু নিজক সকলোৰে ভিতৰত দেখা পায় ৷ কাৰণ তেওঁ মোক সকলোৰে ভিতৰত আৰু সকলোকে মোৰ ভিতৰত দেখা পায়। মোত যি লীন হৈছে, যি মোক সকলোতে দেখে তেওঁৰ আমিত্ব মিলি গৈছে, গতিকে যি অভিৰুচি তাক কৰা সত্ত্বেও তেওঁ মোতেই লীন থাকে ৷ এতেকে তেওঁৰ দ্বাৰা অনুচিত কোনো কাম কেতিয়াও নহয়।”

 অৰ্জ্জুনৰ মনত এনে যোগ কঠিন বোধ হল আৰু তেওঁ কৈ উঠিল “এনে আত্মস্থিৰতা কেনেকৈ পোৱা যায় ? মন বান্দৰৰ দবে। বায়ু বন্ধ কৰাৰ দৰে মনক বান্ধা দুঃসাধ্য। এনে মন কিভাৱে আৰু কেতিয়া অধীনলৈ আহে ?”

 ভগবানে উত্তৰ দিলে—“তুমি যি কৈছা সি সঁচা ৷ কিন্তু ৰাগ দ্বেষ জয় কৰিলে আৰু চেষ্টা কৰিলে দুঃসাধ্যও সহজ সাধ্য হয়। মন জয় নকৰিলে যোগ সাধন নহয়, এই বিষয়ে সন্দেহ নাই।”

 তেতিয়া অৰ্জ্জুনে পুনৰ সুধিলে— “ধৰক, কোনো মানুহৰ শ্ৰদ্ধা আছে কিন্তু তেওঁৰ চেষ্টা কম, সেই কাৰণে তেওঁ সফল নহয় এনে মানুহৰ কেনে গতি হয় ? টুকুৰাটুকুৰ হোৱা মেঘৰ দৰে তেওঁ নষ্ট নহয় তো ?”

 ভগবানে কলে—“এনে শ্রদ্ধাবানৰ নাশ নহয় ; কল্যাণপথগামী মানুহৰ দুৰ্গতি নহয় ৷ এনে মানুহ মৃত্যুৰ পাছত কৰ্মানুসাৰে পুণ্যলোকৰপৰা পৃথিবীলৈ আহে আৰু পৱিত্ৰ ঘৰত জন্মগ্রহণ কৰে ৷ এনে জন্ম জগতত দুৰ্লভ। এই ঘৰত তেওঁৰ পূৰ্বৰ শুভ-সংস্কাৰৰ উদয় হয়, তেওঁৰ বৰ্ত্তমান চেষ্টা তীব্র হয়, আৰু অৱশেষত তেওঁ সিদ্ধি লাভ কৰে ৷ এনে চেষ্টা কৰোঁতে কৰোতে নিজ নিজ শ্ৰদ্ধা আৰু চেষ্টাৰ শক্তি অনুযায়ী কোনোৱে শীঘ্ৰে, কোনোৱে বা বহু জন্মৰ পাছত সমত্ব লাভ কৰে। তপ, জ্ঞান, বৈদিক কর্মকাণ্ডৰ ক্ৰিয়া আদি এই সকলোতকৈ সমভাব শ্রেষ্ঠ। কাৰণ এই যে তপাদিৰপৰা শেষততো সমতাই আহা আৱশ্যক। সেই কাৰণে তুমি সমত্ব লাভ কৰ৷ আৰু যোগী হোৱা । তেওঁলোকৰ ভিতৰৰ যিজনে নিজৰ সৰ্বস্ব মোত অৰ্পণ কৰে আৰু শ্ৰদ্ধাৰে মোৰেই আৰাধনা কৰে তেওঁকেই শ্রেষ্ঠ বুলি ধৰিবা ।

 এই অধ্যায়ত প্রাণায়াম আসন আদিৰ প্ৰশংসা কৰিছে । কিন্তু মনত ৰাখিব লাগিব, যে তাৰ লগত ব্ৰহ্মচৰ্য্য অৰ্থাৎ ব্ৰহ্মক পাবলৈ যম-নিয়ম আদি পালনৰ আৱশ্যকতাৰ কথা ভগবানে কৈছে। ইয়াক বুজা অতি আৱশ্যক যে কেৱল আসনাদি ক্ৰিয়াৰপৰা কেতিয়াও সমত্ব লাভ নহয় ৷ আসন, প্রাণায়াম আদিয়ে মন স্থিৰ কৰিবলৈ একাগ্র কৰিবলৈহে কিছু সাহায্য কবে, যদি তাকো সেই উদ্দেশ্যে অভ্যাস কৰা হয়। নহলে সেইবোৰে আন শাৰীৰিক ব্যায়ামৰ দৰে শৰীৰ সংগঠনতহে সহায় কৰিব ৷ শাৰীৰিক ব্যায়াম হিচাবে প্রাণায়ামাদি যথেষ্ট আৱশ্যকতা আছে আৰু ব্যায়ামৰ ভিতৰত এই ব্যায়াম সাত্বিক, মই এনে ভাবোঁ ৷ শাৰীৰিক হিচাবে ইয়াক শিকিবলগীয়া। কিন্তু তাৰ সহায়েৰে সিদ্ধিবোৰ পোৱাৰ আৰু আশ্চৰ্য্য বস্তুবোৰ দেখাৰ বাবে এইবোৰ ক্ৰিয়া কৰা হয়,—এনে ভাবিলে তাৰপৰা লাভৰ সলনি লোকচান হয় ৷

 এই অধ্যায় তৃতীয়, চতুর্থ আৰু পঞ্চম অধ্যায়ৰ উপসংহাৰ ৰূপে বুজিবলগীয়া ; এই অধ্যায়ত যত্নকৰোঁতা মানুহবিলাকক আশ্বাস দিছে ; ইয়াত আমি হাৰিলেও সমতা পোৱাৰ চেষ্টা কেতিয়াও ত্যাগ কৰা উচিত নহয়।
 

সপ্তম অধ্যায়

তাং ২৩-১২-৩
 
মঙ্গল প্রভাত
 

 ভগবানে কলে “হে ৰজা, মোত চিত্ত দি মোৰে আশ্ৰয় লৈ কৰ্ম্মযোগ আচৰণ কৰোঁতা মানুহে নিশ্চয়কৈ কিভাবে মোক সম্পূৰ্ণৰূপে জানিব পাৰে, এই কথা মই তোমাক কম। অনুভূতিৰে পোৱা এই জ্ঞান ম‍ই তোমাৰ আগত কম, তাৰ পাছত তোমাৰ আৰু জানিবলৈ একো বাকী নাথাকিব৷ হাজাৰৰ ভিতৰত কাচিত কোনোৱে তাক পাবলৈ চেষ্টা কৰে, আৰু সেই চেষ্টা কৰোতা সকলৰ ভিতৰত কাচিত কোনোৱেহে সফলতা লাভ কৰে ৷

 পৃথিবী, পানী, আকাশ, তেজ, বায়ু, মন, বুদ্ধি, অহঙ্কাৰ এই আঠবিধ এক মোৰ প্ৰকৃতিৰ । এই প্ৰকৃতিক অপৰা প্ৰকৃতি বোলে আৰু মোৰ আন প্রকৃতি পৰা প্ৰকৃতি,—ই জীৱৰূপ ৷ এই দুই প্ৰকৃতিৰপৰা অৰ্থাৎ দেহ আৰু আত্মাৰ সম্বন্ধৰপৰা সমস্ত জগ‍ৎ‍ সৃষ্টি হৈছে। সেই কাৰণে সকলোৰে উৎপত্তি আৰু বিনাশৰ কাৰণ ম‍ই ৷ মণিবোৰ যেনেকৈ সূতাৰে গঁথা থাকে, তেনেকৈ এই জগত মোত গঁথা আছে, অর্থাৎ—পানীৰ যি ৰস সেয়ে মই, সূৰ্য্যচন্দ্ৰৰ তেজ মই, বেদৰ ওঁঙ্কাৰ ম‍ই, আকাশৰ ধ্বনি ম‍ই, পুৰুষৰ পৰাক্ৰম মই, মাটিৰ সুগন্ধ মই, অগ্নিৰ তেজ মই, প্ৰাণীমাত্ৰৰ জীৱন মই, তপস্বীৰ তপ মই, বুদ্ধিমানৰ বুদ্ধি মই, বলবানৰ শুদ্ধ বল ম‍ই, জীৱমাত্ৰৰ ভিতৰত থকা ধৰ্ম্মৰ অবিৰোধী কামনা ম‍ই । সংক্ষেপে সত্ত্ব, ৰজ, আৰু তম গুণৰপৰা জন্মা যি যি ভাব আছে সেই সকলোবোৰ মোৰ পৰাই উৎপন্ন বুলি জানিবা—আৰু সেইবোৰে মোকেই আশ্ৰয় কৰি থাকিব পাৰে । এই তিনিভাব বা গুণত আসক্ত মানুহে অবিনাশী মোক চিনিব নোৱাৰে ৷ এইয়ে মোৰ ত্রিগুণাত্মিকা মায়া । তাক পাৰ হোৱা টান । কিন্তু যি মোত একান্ত শৰণ লয়, তেওঁ এই মায়াৰ অৰ্থাৎ ত্রিগুণৰ অতীত হব পাৰে ৷

 কিন্তু যিবিলাকৰ আচাৰ-বিচাৰৰ ঠিক নাই, এনে মূর্খ-লোকে মোৰ আশ্ৰয় কিয় বিচাৰিব ? তেওঁলোকেই মায়াত আৱদ্ধ থাকি অন্ধকাৰতে ঘূৰি ফুৰে আৰু জ্ঞান লাভ কৰিব নোৱাৰে ৷ কিন্তু সদাচাৰীয়ে মোক ভজনা কৰে ৷ এওঁলোকৰ ভিতৰত কোনোৱে নিজৰ দুখ গুচাবলৈ, কোনোৱে মোক জানিবলৈ, কোনোৱে কিবা পাবলৈ আশা কৰি আৰু কোনোৱে বা কৰ্ত্তব্য ভাবি মোক ভজনা কৰে ৷ মোক ভজনা কৰা মানে মোৰ জগতক সেৱা কৰা । এই সেৱকসকলৰ ভিতৰত কোনোৱে দুখত পৰি, কোনোৱে কিবা লাভৰ আশাত, কোনোৱে 'বলাচোঁন চাওঁ কি হয়' এনে ভাবি সেৱা কৰে ; আকৌ কোনোৱে ভালদৰে বুজি ভজনা নকৰি থাকিব নোৱাৰে, সেয়ে সেৱাপৰায়ণ হয় ৷ শেষত কোৱা জনক মোৰ জ্ঞানীভক্ত আৰু মোৰ সকলোতকৈ প্রিয় বুলি কব পাৰি। নাইবা, এনেকৈও কব পৰা যায়—তেওঁ মোক সকলোতকৈ ভালকৈ চিনিছে আৰু তেওঁ মোৰ নিচেই ওচৰৰ ৷ এনে জ্ঞান মানুহে বহু জন্মৰ পাছত লাভ কৰে আৰু তাক লাভ কৰাৰ পাছত ম‍ই বাসুদেৱ ভিন্ন এই জগতত তেওঁ আন একোকেই নেদেখে ৷ কিন্তু যাৰ কামনা আছে, তেওঁতো ভিন্ন ভিন্ন দেৱতা ভজে । যাৰ যিমান ভক্তি সেই অনুসাৰে ফল দিয়াৰ কৰ্ত্তাতো ময়েই। এনে কম বুদ্ধিমানবিলাকৰ যি ফল লাভ হয়, সিয়ো এইদৰেই কম হয়। তেওঁলোকৰ সন্তোষো সিমানেই হয় । এনে মানুহে নিজৰ অল্প-বুদ্ধিৰ গুণে ভাৱে, যে তেওঁলোকে ইন্দ্ৰিয়ৰ সহায়েৰে মোক জানিবলৈ সমৰ্থ, তেওঁলোকে নাজানে, যে মোৰ অবিনাশী আৰু অনুপম স্বৰূপ ইন্দ্ৰিয়ৰ অতীত আৰু হাত, কাণ, নাক ইত্যাদিৰ সহায়েৰে মোক জানিব নোৱাৰি ৷ এইদৰে মই সকলো বস্তুৰ স্ৰজন কৰ্ত্তা হোৱা সত্ত্বেও মোক অজ্ঞানী লোকে জানিব নোৱাৰে, ইয়াক মোৰ যোগমায়া বুলি জানিবা । ৰাগ দ্বেষৰপৰা সুখ দুখ আদি হয় আৰু সেয়ে জগত মূৰ্চ্ছা বা মোহগ্ৰস্ত হৈ আছে ৷ কিন্তু যিবিলাক তাৰপৰা মুক্ত আৰু যিবিলাকৰ আচাৰ-বিচাৰ নিৰ্ম্মল হৈছে, তেওঁলোক তো নিজৰ ব্ৰতত নিশ্চল থাকি সদায় মোকেই ভজনা কৰে। তেওঁলোকে পূর্ণব্ৰহ্মৰূপে সকলো প্ৰাণীৰ ভিতৰত পৃথক্‌ পৃথক্ ভাবে প্রতীয়মান জীৱৰূপে অৱস্থিত মোক আৰু মোৰ কৰ্ম্মক . জানে । এইদৰে যিবিলাকে মোক অধিভূত, অধিদৈৱ আৰু অধিযজ্ঞ ৰূপে জানে আৰু তাৰ ফলত সমত্ব লাভ কৰে তেওঁলোকে মৃত্যুৰ পাছত জন্ম-মৃত্যুৰ বন্ধনৰপৰা মুক্ত হয়; কাৰণ ইমান খিনি জানাৰ পাছত তেওঁলোকৰ মন আনফালে ঘূৰি নুফুৰে আৰু সমস্ত জগৎ ঈশ্বৰময় দেখে, তেওঁলোক ঈশ্বৰতেই

লীন হৈ যায়৷

অষ্টম অধ্যায়

তাং ২৯-১২-৩০
সোম প্ৰভাত

 অৰ্জ্জুনে সুধিলে, “আপুনি পূৰ্ণব্ৰহ্ম, অধ্যাত্ম, কৰ্ম্ম, অধিভূত, অধিদৈৱ আৰু অধিযজ্ঞৰ কথা কৈছে কিন্তু ম‍ই এইবোৰৰ অৰ্থ নুবুজোঁ। আপুনি আকৌ কৈছে যে আপোনাক অধিভূতাদিৰূপে জানে তেনে সমত্ব পোৱা মানুহে মৃত্যুৰ সময়ত আপোনাক চিনিব পাৰে। এইবোৰ মোক বুজাওক।

 ভগবানে উত্তৰ দিলে, “যি সৰ্ব্বোত্তম নাশ-ৰহিত স্বৰূপ, সেয়ে পূৰ্ণব্ৰহ্ম আৰু সকলো প্ৰাণীৰ কৰ্ত্তা ভোক্তা ৰূপে যি দেহ ধাৰণ কৰি আছে তেওঁ অধ্যাত্ম। সকলো প্ৰাণীৰ উৎপত্তি যি ক্ৰিয়াৰপৰা হয় তাৰ নাম কৰ্ম্ম, অৰ্থাৎ এনেকৈও কব পাৰি,—যে যি ক্ৰিয়াৰপৰা কেৱল উৎপত্তি হয়, সেয়ে কৰ্ম্ম। অধিভূত মোৰ বিনাশশীল দেহস্বৰূপ, আৰু অধিযজ্ঞ হৈছে যজ্ঞেৰে শুদ্ধ হোৱা ওপৰত কোৱা অধ্যাত্ম স্বৰূপ। ই দেহৰূপে, অবিবেকী জীৱৰূপে, শুদ্ধ জীৱৰূপে আৰু পূৰ্ণব্ৰহ্মৰূপে সকলোতে ময়েই। আৰু এনেকৈ যি মোক মৰণ সময়ত ধ্যান কৰি নিজক পাহৰি পেলায়, কোনো প্ৰকাৰৰ চিন্তা নকৰে, ইচ্ছা নকৰে তেওঁ মোৰ স্বৰূপ পাবই, এই বিষয়ে সন্দেহ নকৰিবা। মানুহে যি স্বৰূপৰ ধ্যান সদায় কৰে, আন কি অন্তকালতো যদি তেওঁৰ ধ্যানকে কৰে তেন্তে সেই স্বৰূপক তেওঁ লাভ কৰে। গতিকে তুমি নিতৌ মোৰেই স্মৰণ কৰি থাকা, মন বুদ্ধি মোতেই লীন কৰি দিয়া, তেনেহলে মোক পাবা; তুমি কবা চিত্ত এনেকৈ স্থিৰ নহয়। তেনেহলে জানা যে প্ৰতিদিনৰ অভ্যাসৰ দ্বাৰা,প্ৰতিদিনৰ চেষ্টাৰদ্বাৰা এনে একাগ্ৰতা হয়েই। কাৰণ এতিয়াই তোমাৰ আগত কৈছোঁ যে দেহধাৰীও মূল বিচাৰ কৰিলে মোৰেই স্বৰূপ। সেয়ে মানুহে প্ৰথমৰপৰাই নিজক তৈয়াৰ কৰা আৱশ্যক যেন মৃত্যু কালত মন চঞ্চল নহয়, ভক্তিত লীন থাকে, প্ৰাণ স্থিৰ ৰাখে আৰু সৰ্বজ্ঞ, পুৰাণ, নিয়ন্তা, সূক্ষ্ম হোৱা সত্ত্বেও সকলোকে পালন কৰাৰ শক্তি ধাৰণকাৰী, যাক চিন্তা কৰিলেও বেগতে জানিব নোৱাৰি, সূৰ্য্যৰ দৰে আন্ধাৰ—অজ্ঞান নাশকাৰী পৰমাত্মাকেই স্মৰণ কৰে।

 বেদবোৰে এই পৰম পদকেই অক্ষৰ ব্ৰহ্মনামে জানে। ৰাগদ্বেষ আদি ত্যাগকাৰী মুনিসকলে তাকে পায়। আৰু সেইপদ পাব খোজা সকলে ব্ৰহ্মচৰ্য্য পালন কৰে অৰ্থাৎ শৰীৰ, বাক্য আৰু মনক সংযত ৰাখে, বিষয় মাত্ৰকে তিনিও প্ৰকাৰে ত্যাগ কৰে। ইন্দ্ৰিয়বোৰক বশত ৰাখি ওঁ উচ্চাৰণ কৰোঁতে কৰোঁতে মোৰেই চিন্তা কৰোঁতে কৰোঁতে যি মতা-মাইকীয়ে দেহ ত্যাগ কৰে, তেওঁ পৰম পদ লাভ কৰে। এনে মানুহৰ চিত্ত আন কতো নুঘূৰে আৰু এনেভাৱে যিবিলাকে মোক পায় তেওঁলোকৰ দুখৰ ঘৰ স্বৰূপ এই জন্ম পুনৰায় পাব নালাগে। মোক পোৱাই হৈছে এই জন্ম-মৰণ চক্ৰৰপৰা উদ্ধাৰ হোৱাৰ উপায়।

 মানুহে নিজৰ এশ বছৰ জীৱন কালেৰে কালৰ হিচাব কৰে আৰু সেই সময়ৰ ভিতৰত হাজাৰ ৰকমৰ জাল তনে। কিন্তু কালতো অনন্ত। হাজাৰ হাজাৰ যুগ ব্ৰহ্মাৰ এদিন বুলি জানিবা। ইয়াৰ ভিতৰত মানুহৰ এদিন বা এশবছৰৰ কি মূল্য? ইমান কম সময়ৰ গণনা কৰিবলৈ বৃথা চেষ্টা কিয়? এই অনন্ত কাল-চক্ৰত মানুহৰ জীৱন যেন এক মুহূৰ্ত্ত, সেই সময়ৰ ভিতৰত তেওঁৰ ঈশ্বৰ ধ্যানেই শোভা পায়। তেওঁ (মানুহ) ক্ষণস্থায়ী ভোগৰ পাছত কিয় লৰে? ব্ৰহ্মাৰ ৰাতি দিনে সৃষ্টি আৰু নাশ চলিছে আৰু চলিবও।

 সৃষ্টি আৰু বিনাশকাৰী ব্ৰহ্মা তেৱোঁ মোৰেই স্বৰূপ। আৰু তেওঁ অব্যক্ত, ইন্দ্ৰিয়ৰ সহায়েৰে জনা নাযায়। ইয়াৰো অতীত মোৰ আন অব্যক্ত স্বৰূপ আছে। তাৰ অলপ বৰ্ণনা ম‍ই তোমাৰ আগত কৰিছেঁ৷। তেওঁক যেয়ে লাভ কৰে তাৰ জন্ম মৰণ শেষ হৈ যায়। কাৰণ এই যে এই স্বৰূপৰ দিনৰাতি আদি কোনো দ্বন্দ্ব নাই, ই কেৱল শান্ত অচল স্বৰূপ। ইয়াৰ দৰ্শন একান্ত ভক্তিৰ পৰাই হয়। ইয়াৰেই আশ্ৰয়ত সমস্ত জগত আছে আৰু সেই স্বৰূপ সকলোতে ব্যাপ্ত আছে।

 এনে কথা কোৱা হয়, যে উত্তৰায়ণৰ সময়ত শুক্লপক্ষৰ দিনত যি মৰে তেওঁ ওপৰৰ নিৰ্দ্দেশ অনুযায়ী স্মৰণ কৰোঁতে কৰোঁতে মোক লাভ কৰে আৰু যি দক্ষিণায়ণৰ কৃষ্ণপক্ষত ৰাতি মৰে তেওঁৰ পুনৰ্জন্মৰ আকৌ বাকী ৰৈছে। ইয়াৰ অৰ্থ এনেও কৰা যায়, যে উত্তৰায়ণ আৰু শুক্লপক্ষ নিষ্কাম সেৱাপথ, আৰু দক্ষিণায়ণ আৰু কৃষ্ণপক্ষ স্বাৰ্থপথ। সেৱাপথত মুক্তি আৰু স্বাৰ্থপথত বন্ধন। সেৱাপথ—জ্ঞানপথ, স্বাৰ্থপথ—অজ্ঞানপথ। জ্ঞানপথত ফুৰাবিলাকৰ মোক্ষ, অজ্ঞানপথত ফুৰাবিলাকৰ বন্ধন। এই দুই পথ জনাৰ পাছত মোহৰ বশীভূত হৈ অজ্ঞানপথ কোনে পছন্দ কৰিব? ইমান খিনি জনাৰ পাছত মানুহ মাত্ৰেই সমস্ত পুণ্যৰ ফল এৰি অনাসক্ত হৈ কৰ্ত্তব্যপৰায়ণ হৈ মোৰ ওপৰত কোৱা উত্তমস্থান লাভ কৰাৰেই চেষ্টা কৰা উচিত।

নবম অধ্যায়

তাং ৫-১-৩১
সোম প্ৰভাত

 আগৰ অধ্যায়ৰ শেষ শ্লোকত ভগৱানে যোগীৰ উচ্চস্থান বৰ্ণনা কৰিছে; এতেকে এতিয়া তেওঁৰ ভক্তিৰ মহিমা কবলৈ বাকী আছে। কাৰণ এই যে, গীতাত উল্লেখ কৰা যোগী শুকান জ্ঞানী নহয়, বলহীন ভক্তও নহয়। গীতাত উক্ত যোগী জ্ঞান আৰু ভক্তিময় অনাসক্ত কৰ্ম্মকৰ্ত্তা। সেয়ে ভগৱানে কৈছে,—“তোমাৰ ভিতৰত দ্বেষ নাই, এই কাৰণে তোমাক ম‍ই গুহ্য জ্ঞানৰ কথা কৈছোঁ,—যি ফল লাভ কৰিলে তোমাৰ কল্যাণ হব। এই জ্ঞান সকলোতকৈ বেচি পৱিত্ৰ আৰু সহজতে আচৰণ কৰিব পাৰি। ইয়াত যাৰ শ্ৰদ্ধা নাই তেওঁ মোক পাব নোৱাৰে। মানুহ প্ৰাণী,মোৰ স্বৰূপ ইন্দ্ৰিয়ৰ সাহায্যে জানিব নোৱাৰিলেও এই জগতত সি ব্যপ্ত আছে। জগত তেওঁৰ আশ্ৰয়তেই ৰৈ আছে, তেওঁ জগতক আশ্ৰয় কৰা নাই। আকৌ একভাৱে এনেও কব পাৰি যে এইবোৰ প্ৰাণী মোত নাই আৰু ময়ো তেওঁলোকৰ ভিতৰত নাই। যদিও মই তেওঁলোকৰ উৎপত্তিৰ কাৰণ আৰু পালনকৰ্ত্তা, তেওঁলোক মোত নাই আৰু মই তেওঁলোকৰ ভিতৰত নাই; এই কাৰণে তেওঁলোকে অজ্ঞানতাৰ ভিতৰত থাকি মোক নাজানে,আৰু তেওঁলোকৰ ভিতৰত ভক্তি নাই। এয়ে মোৰ চমৎকাৰ []এনে জানিবা।

 কিন্তু মই প্ৰাণীবোৰৰ ভিতৰত নাই, এনে বোধ হলেও বায়ুৰদৰে সকলোতে ব্যাপ্ত আছোঁ। এই সকলো জীৱ যুগৰ অন্ত হলেও লয় হয় আৰু আৰম্ভ হলে পাছত জন্মগ্ৰহণ কৰে। এইবোৰ কৰ্ম্মত কৰ্ত্তা মই হলেও তেওঁলোকে মোক বন্ধন নকৰে, কাৰণ এইবোৰত ম‍ই আসক্ত নহওঁ,—উদাসীন। এইবোৰ কৰ্ম্ম হৈয়ে আছে, কাৰণ এয়ে মোৰ প্ৰকৃতি, মোৰ স্বভাৱ। কিন্তু এনে বুলি মোক মানুহে নাজানে; সেয়ে তেওঁলোক নাস্তিক হৈ থাকে। মোৰ অস্তিত্বকেই অস্বীকাৰ কৰে। এনে মানুহে মিছাকে আলাসত চাং পাতে, তেওঁলোকৰ কামনাও অথলে যায় আৰু তেওঁলোক অজ্ঞানতাত ভৰপূৰ হৈ থাকে, সেয়ে তেওঁলোকক আসুৰী স্বভাৱযুক্ত বোলা যায়। কিন্তু দৈবীবৃত্তিসম্পন্ন লোকে মোক অবিনাশী আৰু স্ৰজনকৰ্ত্তা জানি ভজনা কৰে। তেওঁলোকৰ সঙ্কল্প দৃঢ় হয়, তেওঁলোক সদায় চেষ্টাশীল থাকে,মোৰ ভজন কীৰ্ত্তন কৰে আৰু মোৰ ধ্যান কৰে। আৰু কোনোৱে মই এক (অদ্বিতীয়) এনে বিশ্বাস কৰে। কোনো কোনোৱে মোক বহুৰূপে বিশ্বাস কৰে। মোৰ অনন্ত গুণ, এতেকে বহুৰূপ বুলি বিশ্বাস কৰোঁতাসকলে বেলেগ বেলেগ গুণকেই বেলেগ বেলেগৰূপে দেখে। কিন্তু এওঁলোক সকলেই ভক্ত বুলি জানিবা।

 যজ্ঞৰ সঙ্কল্প মই, যজ্ঞ ম‍ই, ম‍ই পিতৃগণৰ আধাৰ, যজ্ঞৰ বনস্পতি মই, মন্ত্ৰ ম‍ই, আহুতি মই, হোমত দিয়া দ্ৰব্য মই, অগ্নি মই, এই জগতৰ পিতা ম‍ই, মাতা ম‍ই, জগৎ ধাৰণকৰ্ত্তা মই, পিতা-মহ মই, জানিবৰ যোগ্যও মই, ওঁকাৰ মন্ত্ৰ ম‍ই, ঋগ্বেদ, সামবেদ, যজুৰ্ব্বেদ মই, গতি ম‍ই, পোষণ ম‍ই, প্ৰভু ম‍ই, সাক্ষী মই, আশ্ৰয় ম‍ই, কল্যাণ ইচ্ছা কৰোঁতাও মই, উৎপত্তি আৰু নাশ মই, শীত-গ্ৰীষ্ম মই, সৎ আৰু অসতো ম‍ই।

 ফল প্ৰাপ্তিৰ বাবেই মানুহে বেদত বৰ্ণনা কৰা ক্ৰিয়াবোৰ কৰে। এতেকে তেওঁলোকে স্বৰ্গও পায়, তথাপি তেওঁলোকৰ জন্ম-মৃত্যু ঘূৰি থাকে। কিন্তু যিবিলাকে এই ভাবেই মোৰ চিন্তা কৰে আৰু মোকেই ভজনা কৰে তেওঁলোকৰ সকলো ভাৰ ম‍ই লওঁ। তেওঁলোকৰ অভাৱ ম‍ই পূৰণ কৰোঁ আৰু তেওঁলোকক ৰক্ষা কৰোঁ। আন কোনো কোনোৱে আন দেৱতাবিলাকত শ্ৰদ্ধা ৰাখি তেওঁলোকক ভজনা কৰে,তেওঁলোকৰ ভিতৰত অজ্ঞানতা আছে। এনেভাৱে ভজনা কৰা সত্ত্বেও অন্তততো তেওঁলোকে মোৰেই ভজনাকাৰী বুলি গণ্য হয়। কাৰণ এই যে সকলো যজ্ঞৰ ময়েই প্ৰভু। কিন্তু মোৰ এই ব্যাপকতা নাজানি তেওঁলোক শেষ অৱস্থাত উপস্থিত হব নোৱাৰে। দেৱতা পূজকে দেৱলোক পায়, পিতৃ পূজকে পিতৃলোক পায়, ভূত-প্ৰেত পূজকে সেই সেই লোক পায়। যিবিলাকে সভক্তিৰে এটা মাত্ৰ পাত পৰ্য্যন্ত মোক দিয়ে তেনে যত্নশীল মানুহৰ ভক্তি ম‍ই স্বীকাৰ কৰোঁ। সেই কাৰণে তুমি যিহকে কৰা সেই সকলো মোতেই অৰ্পণ কৰি যোৱা। এতেকে শুভাশুভ ফলৰ দায়িত্ব তোমাৰ নাথাকে। তুমিতো ফল মাত্ৰেই ত্যাগ কৰিছা, এতেকে তোমাৰ জন্ম-মৰণ চক্ৰ আৰু নাই। মোৰ ওচৰত সকলো জীৱ সমান। কোনো প্ৰিয় কোনো অপ্ৰিয় এনে কোনো কথা নাই। কিন্তু যিবিলাকে মোক সভক্তিৰে ভজনা কৰে তেওঁলোক তো মোতেই আছে আৰু ময়ো তেওঁলোকৰ ভিতৰতেই আছোঁ। ইয়াত পক্ষপাত নাই, কিন্তু তেওঁলোকে, নিজৰ ভক্তিৰ ফল লাভ কৰিছে। এই ভক্তিৰ বিশেষত্ব এই যে যিবিলাকে একান্তভাৱে মোক ভজনা কৰে তেওঁলোকে দুৰাচাৰী হলেও সাধু হৈ উঠে। সূৰ্য্যৰ ওচৰত যেনে আন্ধাৰ নাথাকে তেনেকৈ মোৰ ওচৰলৈ আহিলেই দুৰাচাৰ নাশ হয়। সেই কাৰণে তুমি নিশ্চয়কৈ জানা যে মোৰ ভক্তি যিবিলাকে কৰে তেওঁলোক কেতিয়াও নষ্ট নহয়। তেওঁলোকতো ধৰ্ম্মাত্মা আৰু শান্তি ভোগ কৰে। এই ভক্তিৰ মহিমা এনে যে যিবিলাকে পাপ যোনিত জন্মগ্ৰহণ কৰিছে বুলি গণ্য তেওঁলোক আৰু নিৰক্ষৰ স্ত্ৰী, বৈশ্য, শূদ্ৰ যিবিলাকে মোৰ আশ্ৰয় লয়, তেওঁলোকে মোকেই পায়। এতেকে পুণ্য কৰ্ম্মকৰোঁতা ব্ৰাহ্মণ, ক্ষত্ৰিয়ৰ কথা কবলৈ কি আছে? যি ভক্তি কৰে সি তাৰ ফল পায়। অতএব তুমি অসাৰ সংসাৰত জন্ম লাভ কৰিছা তো মোক ভজনা কৰি তাক পাৰ হৈ যোৱা ৷ তোমাৰ মন মোত লীন হবলৈ দিয়া, মোৰেই ভক্ত হৈ থাকা, তোমাৰ যজ্ঞও মোৰ বাবে কৰা, তোমাৰ নমস্কাৰো মোতে লগোৱা ৷ যদি এই ভাৱে তুমি মোত পৰায়ণ হোৱা আৰু তোমাৰ আত্মা মোত হোম কৰি শূণ্যৰ দৰে হৈ যোৱা, তেন্তে তুমি মোকেই পাবা ৷

মঙ্গল প্রভাত
 

  • টোকা :—ইয়াৰপৰা আমাৰ বুজা উচিত যে ভক্তি অর্থে ঈশ্বৰত আসক্তি। অনাসক্তি শিক্ষাৰো ই আটাইতকৈ বেচি সহজ উপায় ৷ সেই কাৰণে অধ্যায়ৰ আৰম্ভণতে দৃঢ়ভাৱে কোৱা হৈছে যে ভক্তি হৈছে ৰাজযোগ আৰু সহজ পথ। হৃদয়ত স্থিতি হলে সহজ নাইবা বিকট। এতেকে তাক “জীৱন দিয়াৰ দৰে টান” বুলিও ধৰা হয় ৷ কিন্তু এইটো “দৰ্শকে জ্বলিথকা দেখা পায়” “ভিতৰত যি পৰিছে তেওঁ মহাসুখ মানে” এনেহে। কবিয়ে লিখিছে যে “উতলা তেলৰ পাত্ৰৰ ভিতৰত সুধন্ব হাঁহিছিল আৰু বাহিৰত থিয় দিয়া দর্শকসকল কঁপিছিল। নন্দ অন্ত্যজ অগ্নি পৰীক্ষাৰ সময়ত নাচিছিল” এনে কথিত আছে ৷ এইবোৰ সেই সেই মানুহৰ পক্ষে ঘটিছিল নে নাই তাক পৰীক্ষা কৰিবৰ আৱশ্যক নাই। যি কোনো বস্তুত লীন হয়, তাৰ এনেকুৱাই অৱস্থা হয়। তেওঁ ‘আমিত্ব’ পাহৰি যায়। কিন্তু প্ৰভুক এৰি আন বস্তুত কোন লীন হয়? “চেনি আৰু কুহিয়াৰৰ স্বাদ এৰি তিতা নিমৰ পাতৰ ৰস আস্বাদ নলবা”,“সূৰ্য্য আৰু চন্দ্ৰৰ কিৰণ এৰি জোনাকী পৰুৱাৰ পোহৰৰ পিছত নাযাবা”। এতেকে নবম অধ্যায়ত কৈছে— প্ৰভুত আসক্তি অৰ্থাৎ ভক্তি বিনা ফলত অনাসক্তি অসম্ভৱ। শেষ শ্লোক সমস্ত অধ্যায়ৰ নিৰ্য্যাস। তাৰ অৰ্থ আমাৰ ভাষাত

“তুমি মোত লীন হৈ যোৱা”।

দশম অধ্যায়

তাং ১২-১-৩১
 
সোম প্রভাত
 

 ভগবানে কলে—“ভক্তৰ কল্যাণৰ বাবে পুনৰ কৈছোঁ শুনা ৷ দেৱতা আৰু মহর্ষিসকললৈকে ( কোনোৱে ) মোৰ উৎপত্তি নাজানে ; কাৰণ এই যে মোৰ উৎপত্তি নাই । ম‍ই তেওঁলোকৰ আৰু আন সকলোৰে উৎপত্তিৰ কাৰণ ৷ যি জ্ঞানীয়ে মোক জন্মৰহিত আৰু অনাদিৰূপে জানে, তেওঁ সকলো পাপৰপৰা মুক্ত হয়। কাৰণ এই যে পৰমেশ্বৰক এইদৰে জনাৰ পাছত মানুহৰ পাপবৃত্তি থাকিব নোৱাৰে । পাপবৃত্তিৰ মূল হৈছে, – নিজৰ সম্বন্ধে অজ্ঞানতা ।

 যেনেকৈ প্ৰাণীবোৰ মোৰপৰা উৎপন্ন হৈছে, তেনেকৈ তেওঁলোকৰ বেলেগ বেলেগ ভাববোৰ যেনে—ক্ষমা, সত্য, সুখ- দুখ, জন্ম-মৃত্যু, ভয়-অভয়, আদিও মোৰপৰা উৎপন্ন হৈছে। এইবোৰ বিভূতি এইদৰে যিবিলাকে জানে তেওঁলোকৰ সহজতে সমতা ( সমভাব ) উৎপন্ন হয়, কাৰণ তেওঁলোকে অহংভাৱ এৰি দিছে। তেওঁলোকৰ চিত্ত মোতেই লীন হৈছে, তেওঁলোকে মোতেই সকলোকে অৰ্পণ কৰিছে । এজনে আনজনৰ ভিতৰত মোৰ বিষয়ে আলাপ আলোচনা কৰে ; মোৰেই কীৰ্ত্তন কৰে, সন্তুষ্ট আৰু লগতে আনন্দে থাকে ৷ এইদৰে যি বিলাকে মোক প্ৰেমেৰে ভজন৷ কৰে আৰু মোতেই যাৰ মন ৰৈছে, তেওঁলোকক মই জ্ঞান দিওঁ আৰু তাৰ সাহায্যে তেওঁলোকে মোক পায় ৷

 তেতিয়া অৰ্জ্জুনে স্তুতি কৰিলে—আপুনিয়েই পূর্ণব্ৰহ্ম পৰম- ধৰ্ম্ম, পৱিত্র, ঋষিসকল আদিয়েও আপোনাকেই আদি দেৱ, জন্মৰহিত—ঈশ্বৰৰূপে ভজনা কৰে, এনেদৰে আপুনিয়েই কৈছে । হে প্রভু, হে পিতা, আপোনাক স্বৰূপ কোনেও নাজানে । আপুনিয়েই আপোনাক জানে। এতিয়া আপোনাৰ বিভূতি মোৰ আগত কওক ৷ আৰু আপোনাক চিন্তা কৰোঁতে কৰোঁতে কেনেকৈ আপোনাক জানিব পাৰিম তাকো কওক ৷

 ভগৱানে উত্তৰ দিলে—মোৰ বিভূতি অনন্ত, তাৰ ভিতৰত প্রধান প্রধান কিছুমান তোমাৰ আগত কওঁ । সকলো প্ৰাণীৰ ভিতৰত মই আছো। ময়েই তেওঁলোকৰ আদি, মধ্য আৰু অন্ত ( উৎপত্তি, স্থিতি আৰু লয় ) । আদিত্যবিলাকৰ ভিতৰত মই বিষ্ণু, উজ্বল বস্তুবোৰৰ ভিতৰত প্ৰকাশমান সূৰ্য্য ম‍ই, বায়ু-বিলাকৰ ভিতৰত মৰীচি, নক্ষত্ৰবিলাকৰ ভিতৰত চন্দ্ৰ, বেদবিলাকৰ ভিতৰত সামবেদ, দেৱতাবিলাকৰ ভিতৰত ইন্দ্ৰ, ইন্দ্ৰিয়বিলাকৰ ভিতৰত মন, প্রাণী বিলাকৰ ভিতৰত চেতনাশক্তি, ৰুদ্ৰ ভিতৰত শঙ্কৰ, যক্ষ-ৰাক্ষসবিলাকৰ

ভিতৰত কুবেৰ, দৈত্যবিলাকৰ ভিতৰত প্ৰহ্লাদ, পশুবিলাকৰ ভিতৰত সিংহ, পক্ষীবিলাকৰ ভিতৰত গৰুড় আৰু ছলনাকাৰীবিলাকৰ ভিতৰত দ্যূতক্রিয়া কৰ্ত্তা বুলি মোকেই জানিবা ৷ এই জগতত যি কিছু আছে সেইবোৰ মোৰ অনুমতি ভিন্ন থাকিব নোৱাৰে ৷ ভাল-বেয়াও মই হবলৈ দিওঁ দেখিয়েই হয়। ইয়াকে জানি মানুহৰ অভিমান ত্যাগ কৰা উচিত আৰু বেয়াৰপৰা নিজক ৰক্ষা কৰা উচিত। কাৰণ, ভাল-বেয়াৰ ফলদাতাও মই । তুমি ইমানখিনি জানি থোৱা, যে এই জগত সম্পূৰ্ণৰূপে মোৰ বিভূতিৰ এক অংশ মাত্ৰৰ ওপৰতেই ৰৈ আছে ।
 

একাদশ অধ্যায়

তাঃ ১২-১-১৩
 
সোম প্রভাত
 

 অর্জুনে বিনয়পূর্ব্বক কলে—“হে ভগৱান, আপুনি আত্মাৰ সম্বন্ধে যি কথা কৈছে, তাতে মোৰ মোহ দূৰ হৈছে ৷ আপুনিয়েই সকলো, আপুনিয়েই কৰ্ত্তা, আপুনিয়েই সংহৰ্ত্তা, আপুনি নাশ ৰহিত। সম্ভৱ যদি হয় আপোনাৰ ঈশ্বৰীয়ৰূপ মোক দেখুৱাওক”।

 ভগৱানে কলে—“মোৰ ৰূপ হাজাৰ হাজাৰ অনেক বৰণৰ ৷ তাৰ ভিতৰত আদিত্য, বসু, ৰুদ্ৰ আদিও আছে ৷ মোতে সমস্ত জগত—চৰ আৰু অচৰ—আছে৷ এনে ৰূপ তুমি তোমাৰ চৰ্ম্ম চকুৰে দেখা নাপাবা । সেই কাৰণে ম‍ই তোমাক দিব্য-চকু দিছো, তাৰে তুমি চোৱা” ।

 সঞ্জয়ে ধৃতৰাষ্ট্ৰক কলে—হে ৰজা, ভগৱানে অৰ্জুনক এইদৰে কৈ নিজৰ যি অদ্ভুতৰূপ দেখালে তাৰ বৰ্ণনা কৰিব নোৱাৰি ৷ আমি তো নিতৌ এটা সূৰ্য্য দেখোঁ, কিন্তু ভাবি চাওক, যে এনে হাজাৰ হাজাৰ সূৰ্য্য নিতৌ উঠিছে, তেনেহলে সেইবোৰৰ তেজ যেনে হব তাতকৈও এই ( ভগৱানৰ ৰূপৰ ) তেজৰ জ্যোতি বহুত বেছি আছিল ৷ এওঁৰ অলঙ্কাৰ আৰু শস্ত্ৰও এনে দিব্য আছিল । তাকে চাই অৰ্জুনৰ লোম শিয়ঁৰি উঠিল, তেওঁৰ মূৰ ঘূৰিবলৈ ধৰিলে আৰু কঁপি কঁপি স্তুতি আৰম্ভ কৰিলে :–

 “হে দেৱ, আপনাৰ এই বিশাল দেহত ময়েই তো সকলো আৰু সকলোকে দেখা পাইছোঁ । ব্ৰহ্মা তাৰ ভিতৰত, মহাদেৱ তাৰ ভিতৰত, তাৰ ভিতৰত ঋষিবিলাক আৰু সাপবিলাকো আছে ৷ আপোনাৰ হাত-মুখ গণনা কৰিব নোৱাৰি । আপোনাৰ আদি নাই, অন্ত নাই, মধ্য নাই ৷ আপোনাৰ ৰূপ যেন তেজৰ পাহাৰ। দেখিলেই চকু জ্বলি যায়। দহ দহ কৰি জ্বলন্ত অঙ্গাৰৰ দৰে আপুনি উজ্জ্বল আৰু তপত ৷ আপুনিয়েই জগতৰ আধাৰ, আপুনিয়েই পুৰাণ পুৰুষ, আপুনিয়েই ধৰ্ম্মৰ ৰক্ষক। যি ফালে চাওঁ, সেই ফালেই আপোনাৰ অবয়ব দেখিবলৈ পাওঁ। সূৰ্য্য-চন্দ্ৰ আপোনাৰ চকু বুলি বোধ হৈছে । আপুনিয়েই এই পৃথিবী আৰু আকাশ জুৰি আছে ৷ আপোনাৰ তেজে সমস্ত জগতক তাপ দিছে ৷ এই জগত থৰথৰ কৰিছে। দেৱতা, ঋষি আৰু সিদ্ধ পুৰুষ আদি সকলোৱেই হাতযোৰ কৰি কঁপি কঁপি আপোনাৰ স্তুতি কৰিছে ৷ এই বিৰাট ৰূপ আৰু এই তেজ দেখি মই তো ব্যাকুল হৈ গৈছোঁ, শান্তি আৰু ধৈৰ্য্য নোহোৱা হৈছে। হে দেৱ, প্রসন্ন হওক । আপোনাৰ দাঁতবোৰ বিকট । দীপশিখাৰ ওপৰত যেনেকৈ পতঙ্গবোৰ আহি পৰে, তেনেকৈ আপোনাৰ মুখৰ ভিতৰত এই সকলো প্ৰাণী পৰা দেখিছোঁ আৰু আপুনি সিহঁতক চূর্ণ-বিচূর্ণ কৰিছে । এই উগ্ৰৰূপসম্পন্ন আপুনি কোন ? আপোনাৰ প্ৰবৃত্তি বুজিব পৰা নাই ৷

. ভগৱানে কলে—মই লোকসকলৰ নাশকাৰী কাল । তুমি যুদ্ধ কৰা বা নকৰা এইবিলাকৰ নাশ অনিবাৰ্য্য ৷ তুমি কেৱল নিমিত্ত মাত্ৰ ৷

 অৰ্জুনে কলে—হে দেৱ ! হে জগন্নিবাস ! আপুনি অক্ষৰ, সৎ, অসৎ, আৰু তাৰো অতীত যি সিও আপুনি । আপুনি আদিদেৱ, পুৰাণপুৰুষ ৷ আপুনি এই জগতৰ আশ্রয়। আপুনিয়েই জানিবৰ যোগ্য। বায়ু, যম, অগ্নি, প্রজাপতিও আপুনিয়েই। আপোনাক অসংখ্য নমস্কাৰ। এতিয়া আপোনাৰ মূল স্বৰূপ ধাৰণ কৰক৷

 ইয়াকে শুনি ভগৱানে কলে—তোমাৰ ওপৰত প্ৰসন্ন হৈ তোমাক মোৰ বিশ্বৰূপ দেখুৱাইছোঁ ৷ বেদাভ্যাস, যজ্ঞ, আৰু অন্যান্য শাস্ত্র অভ্যাসেৰে, জ্ঞান আৰু তপস্যাৰেই এই ৰূপ দেখা নাপায়—যি ৰূপ তুমি আজি দেখিছা ৷ ইয়াক দেখি তুমি ‘কিং কৰ্ত্তব্য বিমূঢ়' নহবা । ভয় এৰি শান্ত হোৱ৷ আৰু মোৰ পৰিচিত ৰূপ চোৱা৷ মোৰ এই ৰূপ-দৰ্শন দেৱতাবিলাকৰো দুৰ্লভ । এই ৰূপ-দৰ্শন কেৱল শুদ্ধ ভক্তিৰ পৰায়ে পাব পাৰি । যি নিজৰ সমস্ত কৰ্ম্ম মোত সমৰ্পণ কৰে, মোতেই পৰায়ণ থাকে, মোৰ ভক্ত হয়, আসক্তি মাত্র ত্যাগ কৰে আৰু সকলো প্ৰাণীৰ প্ৰতি প্রীতিভাৱ ৰাখে, তেৱেঁই মোক পায় ৷ .

 নোট :—দশম অধ্যায়ৰ দৰে এই অধ্যায়কো ম‍ই জানি শুনি সংক্ষেপ কৰিছোঁ। এই অধ্যায় কাব্যময়। সেই কাৰণে মূল

বা অনুবাদ হিচাবে সম্পূৰ্ণৰূপে বাৰে বাৰে পঢ়িবলগীয়া । তাৰপৰা ভক্তিৰস ওপোজা সম্ভৱ। সেই ৰস জন্মিছে নে নাই তাক জনাৰ কষটি[] শেষৰ শ্লোক।সকলোকে অৰ্পণ আৰু সৰ্ব্বব্যাপক প্রেম নহলে ভক্তি নহয় । ঈশ্বৰৰ কালৰূপৰ ধ্যান কৰিলে আৰু তেওঁৰ মুখৰ ভিতৰত সৃষ্টি মাত্ৰৰে বিলীন হব লাগিব, প্রতি মুহূৰ্তে কালৰ এই কাম চলিছে—ইয়াৰ জ্ঞান হলে সকলোকে অর্পণ আৰু সকলো জীৱৰ লগত ঐক্য সহজ হয় ৷ ইচ্ছাত বা অনিচ্ছাত এই মুখৰ ভিতৰত আমি এক অনিশ্চিত অজ্ঞাত সময়ত পৰিবই লাগিব ৷ তাত সৰু-বৰ, নীচ-উচ্চ, স্ত্ৰী-পুৰুষ, মানুহ আৰু ইতৰ প্ৰাণীৰ ভেদ নাই। সকলো কালেশ্বৰৰ এগৰাহ, ইয়াকে জানি আমি দীন বা শূন্যৰ দৰে কিয় নহওঁ ? কিয় সকলোৰে লগত মিত্ৰতাৱদ্ধ নহওঁ ? যি এনে কৰে তেওঁৰ ওচৰত কালৰ স্বৰূপ ভয়লগা বুলি বোধ নহব বৰং শান্তিৰ ঠাই হব।

দ্বাদশ অধ্যায়[]

তাং ৪-১১-৩০
 
মঙ্গল প্রভাত
 

 আজি তো দ্বাদশ অধ্যায়ৰ মৰ্ম্ম বুজাবলৈ ঠিক কৰিছো ৷ ই ভক্তিযোগ । বিয়াৰ সময়ত দম্পতিয়ে পাঁচটা যজ্ঞ কৰিব লাগে, সেই পাঁচটা যজ্ঞৰ এটা যজ্ঞৰ দৰে এই অধ্যায়কো মুখস্থ কৰি চিন্তা কৰিবলৈ তেওঁলোকক কোৱা যায়। ভক্তি বাদে জ্ঞান আৰু কৰ্ম্ম শুকান আৰু বন্ধন স্বৰূপ হোৱাও সম্ভৱ । এতেকে ভক্তিময় হৈ গীতাৰ এই চিন্তা আৰম্ভ কৰোঁ।

 অৰ্জ্জুনে ভগৱানক সুধিলে—সাকাৰ আৰু নিৰাকাৰ ভক্তৰ ভিতৰত শ্ৰেষ্ঠতৰ কোন ? এই প্ৰশ্নৰ উত্তৰত ভগৱানে কলে,— মোৰ সাকাৰ ৰূপক শ্ৰদ্ধাৰে চিন্তা কৰে, ইয়াতে লীন হৈ যায়, সেই শ্রদ্ধাবান মোৰ ভক্ত ৷ কিন্তু যি নিৰাকাৰ তত্ত্বৰ ভজনা কৰে আৰু ইয়াক ভজিবলৈ সকলো ইন্দ্ৰিয় সংযম কৰে, সকলো জীৱৰ প্ৰতি সমভাৱ ৰাখে, ইবিলাকৰ সেৱা কৰে, কাকো ডাঙৰ বা সৰু বিবেচনা নকৰে, তেৱোঁ মোক লাভ কৰে । সেয়ে এই দুই শ্ৰেণীৰ ভিতৰত অমুক শ্রেষ্ঠ, এনে কথা কব নোৱাৰি ৷ কিন্তু দেহধাৰীৰ পক্ষে পূৰা-পূৰি ভাৱে নিৰাকাৰ পূজা অসম্ভৱ । নিৰাকাৰ হৈছে নিৰ্গুণ, গতিকে মানুহৰ কল্পনাৰো অতীত। সেয়ে সকলো দেহধাৰীয়ে জ্ঞাত বা অজ্ঞাত-- সাৰে সাকাৰৰেই ভক্ত। অতএব তুমি মোৰ সাকাৰ বিশ্বৰূপৰ ভিতৰতেই তোমাৰ মন লীন কৰি দিয়া, সকলোকে তেওঁতেই অৰ্পণ কৰি দিয়া ৷ যদি ইয়াক কৰিব নোৱাবা, তেন্তে চিত্ত - বিকাৰ ৰোধ কৰিবলৈ অভ্যাস কৰা । অর্থাৎ যম-নিয়মাদি পালন কৰি প্ৰাণায়াম, আসন আদিৰ সাহায্য লৈ মনক বশীভূত কৰা। যদি ইয়াকো কৰিব নোৱাৰা, তেন্তে যিহকে কৰা, সেইবোৰ মোৰ নিমিত্তেই কৰিছা—এই ধাৰণাৰ অধীন হৈ তোমাৰ সকলো কাম কৰা ৷ সেই মতে চলিলে তোমাৰ মোহ, মমতা কমি আহিব আৰু তুমিও সেই সেই দৰে নিৰ্ম্মল আৰু শুদ্ধ হৈ থাকিবা আৰু তোমাত ভক্তিৰস জন্মিব । যদি ইয়াকো কৰিব নোৱাৰা, তেন্তে সকলো কৰ্ম্মৰেই ফল-ত্যাগ কৰা, অৰ্থাৎ কৰ্ম্মফলৰ ইচ্ছা এৰা ৷ তোমাৰ ভাগত যি কাম আহি পৰে তাক কৰি থাকা মানুহ ফলৰ কৰ্ত্তা হব নোৱাৰে ৷ অনেক কাৰণৰ সমাবেশত ফল উৎপন্ন হয়, এতেকে তুমি কেৱল নিমিত্তমাত্ৰ হৈ চলা ৷ এই যে চাৰি প্ৰকাৰৰ উপায়ৰ কথা ম‍ই কৈছোঁ, তাৰ ভিতৰত কোনটো বৰ বা কোনটো সৰু এনে নাভাবিবা ৷ ইয়াৰ ভিতৰত যিটো তোমাৰ উপযোগী হয়, তাৰপৰায়ে ভক্তিৰস লোৱা । এনে বোধ হয়, ওপৰত যম, নিয়ম, প্রাণায়াম, আসন আদিৰ যি পথৰ কথা কৈছোঁ, তাতকৈ শ্ৰৱণ, চিন্তা আদি জ্ঞানপথ সহজ, আৰু জ্ঞানপথতকৈ উপাসনাৰূপ ধ্যান সহজ, আৰু ধ্যানতকৈ কৰ্ম্মফল ত্যাগ সহজ। কিন্তু সকলোৰে পক্ষে একেই বস্তু সমান সহজ নহয় ; আকৌ কাৰো কাৰো তো সকলো পথকেই গ্ৰহণ কৰিব লাগে৷

 এইবোৰৰ এটাৰ লগত আন এটাৰ মিলতো আছেই। যি ভাবেই হওক তুমি তো ভক্ত হব লাগিব ৷ যি পথত ভক্তি- লাভ হয়, সেই পথকেই লোৱা ৷ ভক্ত কাক বোলা যায়, তাকতো ম‍ই তোমাক কৈছোঁ ৷ ভক্তই কাৰো ওপৰত দ্বেষ নকৰে, কাৰো প্ৰতি বৈৰভাৱ নাৰাখে । সকলো জীৱৰ লগত মৈত্ৰীভাৱ নাৰাখে । সকলো জীৱৰ প্ৰতি কৰুণা শিক্ষা কৰে, এনে কৰিবলৈ মমতা ত্যাগ কৰে, আমিত্ব এৰে, শূন্যবৎ হৈ যায়। ভক্তই দুখ-সুখ সমান জ্ঞান কৰে, কোনোৱে দোষ কৰিলে তাক ক্ষমা কৰে ( ইয়াক যি বুজে, তেওঁ নিজৰ দোষৰ বাবে জগতৰ ওচৰত ক্ষমা ভিখাৰী ), সন্তুষ্ট থাকে, শুভ-সঙ্কল্পৰপৰা কেতিয়াও বিচলিত নহয়, মন, বুদ্ধি আদি সকলো মোতে অৰ্পণ কৰে ৷ সেয়ে হলে মানুহৰ কোনো উদ্বেগ নহয়, ভয়ো নহয়। তেওঁ নিজে ও মানুহৰপৰা কোনো দুখ বা ভয় নাপায় । মোৰ ভক্ত হৰ্ষ, শোক, ভয় আদিৰপৰা মুক্ত, তেওঁৰ কোনো প্ৰকাৰৰ ইচ্ছা নহয়, তেওঁ পৱিত্ৰ আৰু কুশল ৷ তেওঁ ডাঙৰ ডাঙৰ আৰম্ভ ত্যাগ কৰে, নিজৰ সঙ্কল্পত দৃঢ় থাকিও শুভ আৰু অশুভ উভয় প্ৰকাৰৰ পৰিণাম বা ফল ত্যাগ কৰে অৰ্থাৎ ফল সম্বন্ধে নিশ্চিন্ত থাকে। তেওঁৰ শত্ৰুই বা কোন আৰু মিত্ৰই বা কোন ? তেওঁৰ মানেই বা কি, অপমানেই বা কি ? তেওঁ মৌনী হৈ যি পায় তাতেই সন্তুষ্ট থাকে, তেওঁ অকলশৰীয়া নহয় ( ভগৱান তেওঁৰ সঙ্গী ) এইভাৱে ফুৰে আৰু সকলো অৱস্থাত স্থিৰ থাকে। যি এই প্রকাবে শ্ৰদ্ধাবান হৈ আচৰণ কৰে তেওঁ মোৰ প্রিয় ভক্ত ৷

 নোট :—প্রশ্ন :—ভক্তই আৰম্ভ নকৰে, ইয়াৰ অৰ্থ কি তাক দুটা এটা উদাহৰণেৰে বুজাব নে ?

 উত্তৰ :—ভক্তই আৰম্ভ নকৰে, ইয়াৰ অৰ্থ এই যে তেওঁ কোনো ব্যৱসায়ৰ কল্পনাজাল মনে মনে সৃষ্টি নকৰে। বেপাৰী হৈ আজি কাপোৰৰ ব্যৱসায় কৰিছে, কাইলৈ কাঠৰ ব্যৱসায় কৰি কাৰবাৰ বঢ়াবলৈ চেষ্টা কৰিছে, নাইব৷ কাপোৰৰ আজি এখন দোকান আছে, কাইলৈ আৰু পাঁচখন দোকান খোলে, ইয়াৰ নাম আৰম্ভ । ভক্ত ইয়াৰ ভিতৰত নপৰে। সেৱা কাৰ্য্যৰ সময়তো এই নিয়ম খাটে। আজি খাদিৰ জৰীয়তে— কাইলৈ গো-সেৱাৰ জৰিয়তে, পৰহিলৈ কৃষিকৰ্ম্মেৰে, আৰু চতুৰ্থ . দিন ডাক্তৰীৰ জৰীয়তে সেৱা—এই প্ৰকাৰৰ সেৱকে কেতিয়াও দৌৰাদৌৰি নকৰে । তেওঁৰ ভাগত যি কাম পৰে তাক সম্পূর্ণ- ভাৱে কৰি থাকে। যত “মই” নাই তাত মোৰ কৰিবলৈ কি আছে ? “ভগৱানে মোক সূতাৰ জৰীৰে বান্ধি যেনেকৈ টানে,

তেনেকৈ এই টানকে প্ৰেমৰ কটাৰী বুলি বোধ হয়।” ভক্তৰ সকলো আৰম্ভ ভগৱানে কৰে। তেওঁৰ সকলো কাম পানীৰ ধাৰৰ ব্ৰে স্বাভাৱিকে চলে, এই কাৰণে তেওঁ সকলো অৱস্থাতেই সন্তুষ্ট থাকে। সৰ্ব্বাৰম্ভ ত্যাগৰ অর্থও এয়ে। সৰ্ব্বাৰম্ভৰ অৰ্থ কেৱল সৰ্ব্বপ্ৰকাৰ প্ৰবৃত্তি আৰু কাম নহয়, কিন্তু কাম কৰাৰ বিচাৰ বা চিন্তা, কল্পনা কুসুম সাজা ৷ তাৰ ত্যাগ অৰ্থে আৰম্ভ নকৰা ; কল্পনা কুসুম সাজাৰ অভ্যাস যদি হৈছে তাক ত্যাগ কৰা। “আজি ইয়াক পালোঁ, এই মনোৰথ পূৰ্ণ হল” এই আৰম্ভ ত্যাগৰ বিপৰীত ৷ মোৰ বোধে ইয়াৰ ভিতৰত তোমাৰ প্ৰশ্নৰ সম্পূৰ্ণ উত্তৰ আছে, যদি কিবা বাকী আছে সোধা।
 

ত্রয়োদশ অধ্যায়

 ভগৱানে কলে—এই শৰীৰৰ আন নাম ক্ষেত্ৰ আৰু যি তাক জানে তেওঁ ক্ষেত্রজ্ঞ। সকলো শৰীৰত থকা মোক ক্ষেত্রজ্ঞ বুলি জানিবা ৷ আৰু যাৰ দ্বাৰা ক্ষেত্ৰ আৰু ক্ষেত্রজ্ঞৰ ভিতৰত প্ৰভেদ জানিব পাৰি সেয়ে হৈছে আচল জ্ঞান ৷ পঞ্চ মহাভূত—পৃথিবী, পানী, আকাশ, তেজ আৰু বায়ু, অহঙ্কাৰ, বুদ্ধি, প্রকৃতি, দহ ইন্দ্ৰিয়—পাঁচ কৰ্ম্মেন্দ্ৰিয় আৰু পাঁচ জ্ঞানেন্দ্রিয়, এক মন, পাঁচ বিষয়, ইচ্ছা, দ্বেষ, সুখ, দুখ, সংঘাত অর্থাৎ শৰীৰ যিবিলাকৰ দ্বাৰা তৈয়াৰী, সেইবোৰ এক হৈ থকাৰ শক্তি, চেতন শক্তি, শৰীৰৰ পৰমাণুবোৰৰ এটা আনটোৰ লগত দৃঢ়ভাৱে সংযুক্ত থকাৰ গুণ এই সকলো মিলি বিকাৰযুক্ত ক্ষেত্ৰ হৈছে। এই শৰীৰ আৰু তাৰ বিকাৰ জনা উচিত, কাৰণ সেইবোৰক ত্যাগ কৰিব লাগিব ৷ এই ত্যাগৰ বাবে জ্ঞানৰ আৱশ্যক ।

 এই জ্ঞান অর্থে অভিমান ত্যাগ, দম্ভত্যাগ, অহিংসা, ক্ষমা, সৰলতা, গুৰুসেৱা, শুদ্ধতা, স্থিৰতা, বিষয়ৰ ওপৰত সংযম, বিষয়ত বৈৰাগ্য, অহংভাব ত্যাগ, জন্ম, মৃত্যু, জৰা আৰু তাৰ আনুষঙ্গিক ৰোগ, দুখ, আৰু নিতৌ সংগঠিত দোষবোৰৰ পূৰ্ণ- জ্ঞান, স্ত্রী-পুত্ৰ, ঘৰ-বাৰী, জ্ঞাতি-কুটুম্ব আদিৰপৰা মন আঁতৰাই নিয়া আৰু মমতা ত্যাগ, নিজৰ পছন্দ বা অপছন্দ মতে বস্তু ঘটক সেই বিষয়ত সমতা ৰখা, ঈশ্বৰত একান্ত ভক্তি, নিৰ্জ্জনত বাস, সংসাৰত বাস কৰিলেও ভোগ্যবস্তুৰ ভোগত অৰুচি, আত্মাৰ সম্বন্ধে জ্ঞানৰ হেঁপাহ আৰু অন্তত আত্মদৰ্শন । ইয়াৰ বিপৰীত যিসি অজ্ঞান। এই জ্ঞান পোৱাৰ পাছত যি জানিব- লগীয়া বস্তু অর্থাৎ জ্ঞেয় আৰু যাক জানিলে পাছত মোক্ষলাভ হয়, তাৰ বিষয়ে অলপ শুনা । তেওঁ জ্ঞেয় অনাদি পৰব্ৰহ্ম । তেওঁ অনাদি, কাৰণ এই যে তেওঁৰ জন্ম নাই। যেতিয়া একো নাছিল তেতিয়াও পৰব্ৰহ্ম আছিলেই । তেওঁ সতো নহয়, অসতো নহয়, উভয়ৰ অতীত । আন দৃষ্টিত তেওঁক সৎ বোলা যায়, কাৰণ তেওঁ নিত্য ৷ তেওঁৰ নিত্যতা সত্ত্বেও তেওঁক মানুহে জানিব নোৱাৰে, সেয়ে তেওঁক সতৰে৷ অতীত বুলিছোঁ ৷ তেওঁৰ পৰা একোৱেই খালী নাই অৰ্থাৎ সকলো তেওঁৰ দ্বাৰা পূৰ্ণ । তেওঁকে হাজাৰ হাজাৰ হাত-ভৰি থকা বুলিব পাৰি । তেওঁৰ এনে হাত-ভৰি আদি আছে এনে বোধ হলেও তেওঁ ইন্দ্ৰিয় ৰহিত, তেওঁৰ ইন্দ্ৰিয়ৰ আৱশ্যক নাই, তেওঁ ইন্দ্ৰিয় বিষয়ত অলিপ্ত। ইন্দ্রিয় তো আজি আছে কালি নাই । পৰব্ৰহ্ম তো সদায় আছেই। তেওঁ সৰ্ব্বব্যাপী আৰু সকলোকে ধাৰণ কৰি আছে, সেয়ে তেওঁক গুণবোৰৰ ভোক্তা এনে কব পাৰি, তথাপি তেওঁ গুণৰহিত ৷ য'ত গুণ আছে ত’ত বিকাৰ আছে, কিন্তু পৰব্ৰহ্ম বিকাৰ ৰহিত ৷ গুণ অর্থেই বিকাৰ । তেওঁ প্ৰাণীবোৰৰ বাহিৰত এনেও কব পাৰি, কাৰণ এই

যে, যি তেওঁক নাজানে তেওঁৰ ওচৰত তেওঁ বাহিৰতেই আছে।

 কিন্তু তেওঁ তো প্রাণীবোৰৰ ভিতৰতেই আছে, কাৰণ তেওঁ সৰ্ব্বব্যাপক ৷ এনেকুৱাই তেওঁ গতিশীল আৰু স্থিৰো ৷ তেওঁ সূক্ষ্ম, সেয়ে তেওঁক জানিব নোৱাৰি—এনে। তেওঁ দূৰতো আকৌ ওচৰতো ৷ নামৰূপ বিনাশশীল তথাপি তেওঁতো আছেই ৷ এইভাৱে তেওঁ অবিভক্ত। কিন্তু অসংখ্য প্ৰাণীৰ ভিতৰত আছে এনেও কৈছোঁ, গতিকে তেওঁ বিভক্ত ৰূপেও শোভা পায়। তেওঁ সৃষ্টি কৰে, পালন কৰে আৰু তেওৱেঁই মাৰে ৷ প্রকাশমান বস্তুবোৰৰ প্রকাশ তেওঁ, তেওঁ অন্ধকাৰৰ অতীত — জ্ঞানৰ চৰম উৎকর্ষ তেওঁৰ ভিতৰতে আছে। এইবোৰৰ ভিতৰত থকা পৰব্ৰহ্মাই জানিবলগীয়া অর্থাৎ জ্ঞেয়। জ্ঞানমাত্ৰ লাভ কৰা, সি কেৱল তেওঁক লাভ কৰাৰ অর্থেই ।

 প্ৰভু আৰু তেওঁৰ মায়া দুয়োতাই অনাদি কালৰপৰা চলি আহিছে । মায়াৰপৰা বিকাৰ উৎপন্ন হয় আৰু তাৰপৰা বহুবিধ কৰ্ম্ম জন্মে ৷ মায়াৰ কাৰণেই জীৱে সুখ-দুখ, পাপ-পুণ্যৰ ভোক্তা হয় ৷ এনে জানি যি অলিপ্ত থাকি কৰ্ত্তব্য কৰে,তেওঁ কাম কৰিলেও পুনৰ জন্ম গ্ৰহণ নকৰে । কাৰণ তেওঁ সকলোতে ঈশ্বৰক দেখা পায় আৰু তেওঁৰ প্ৰেৰণা ভিন্ন এটা গছৰ পাত পৰ্য্যন্তও নলৰে—এনে জানি তেওঁ নিজৰ সম্বন্ধে অহংভাৱ নামানে, নিজক শৰীৰৰপৰা পৃথক দেখে আৰু বুজে যে আকাশ সৰ্ব্বব্যাপী হোৱা সত্ত্বেও যেনেকৈ অলিপ্তই থাকে তেনেকৈ জীৱ শৰীৰৰ ভিতৰত থকা সত্ত্বেও জ্ঞানৰ সহায়েৰে অলিপ্ত থাকিব পাৰে ৷


 

চতুৰ্দ্দশ অধ্যায়

 শ্রীভগৱানে কলে—যি উত্তম জ্ঞানলাভ কৰি ঋষি— মুনিবিলাকে পৰম সিদ্ধি লাভ কৰিছে ম‍ই তোমাৰ আগত তাক আকৌ কওঁ ৷ সেই জ্ঞানলাভ কৰি আৰু সেইমতে ধৰ্ম্ম আচৰণ কৰি মানুহে জন্ম-মৃত্যুৰ হাতৰপৰা ৰক্ষা পৰে । হে অর্জুন, মই সকলো জীৱৰেই পিতা-মাতা বুলি জানিবা ৷ প্ৰকৃতিৰ পৰা জন্মা তিনি গুণ—সত্ত্ব, ৰজ, আৰু তমেই দেহীক বান্ধি ৰাখে । এই তিনি গুণক ক্রমে উত্তম, মধ্যম আৰু অধম বুলিব পাৰি। ইয়াৰ ভিতৰত সত্ত্বগুণ নিৰ্ম্মল আৰু নিৰ্দোষ, প্রকাশমান আৰু সেয়ে তাৰ সঙ্গ সুখদায়ক হয়। আসক্তি আৰু তৃষ্ণাৰপৰা ৰজোগুণৰ উৎপত্তি আৰু সি মানুহক কামৰ হাই-উৰুমিৰ মাজত পেলাই দিয়ে ৷ তমোগুণৰ মূল অজ্ঞান, মোহ ; গতিকে তাৰ দ্বাৰা মানুহ ভ্ৰমময় আৰু এলেহুৱা হৈ পৰে। অর্থাৎ সংক্ষেপে কবলৈ হলে সত্ত্বৰ পৰা সুখ, ৰজৰ পৰা আসক্তি আৰু তমৰ পৰা এলাহ জন্মে ৷ ৰজ আৰু তম গুণক ঠেলি সত্ত্ব, সত্ত্ব আৰু তম গুণক ঠেলি ৰজ আৰু সত্ত্ব আৰু ৰজ গুণক ঠেলি তম গুণেই জয়লাভ কৰে । দেহৰ সকলো কামত যেতিয়া জ্ঞানৰ অনুভৱ দেখা পোৱা যায় তেতিয়া তাত সত্ত্বগুণেই প্রধানভাৱে কাজ কৰিছে এনে বুলি জানিবা ৷ য'ত লোভ, আকাঙ্ক্ষা, অশান্তি, স্পর্দ্ধা দেখা পোৱা যায় তাত ৰজোগুণৰ বৃদ্ধি বুলি জানিবা ৷ আৰু য'ত অজ্ঞান, আলস্য, মোহ অনুভৱ হয়, তাত তমৰ ৰাজ্য বুলি জানিবা ৷ যাৰ জীৱন সত্ত্বগুণ প্ৰধান হয় তেওঁ মৃত্যুৰ পাছত জ্ঞানময় নির্দোষ লোকত জন্মগ্রহণ কৰে । ৰজ প্রধান হলে হাই-উৰুমি লোকত আৰু তম প্রধান হলে মূঢ় যোনিত জন্ম গ্ৰহণ কৰে ৷ সাত্ত্বিক কৰ্ম্মৰ ফল নিৰ্ম্মল, ৰাজসিক কৰ্ম্মৰ ফল দুখময় আৰু তামসিক কৰ্ম্মৰ ফল অজ্ঞানময় হয়। সাত্ত্বিক লোকৰ উচ্চ গতি, ৰাজসিকৰ মধ্যম গতি আৰু তামসিক অধোগতি হয় ৷ মানুহে যেতিয়া গুণাতীত অন্য কৰ্ত্ত৷ নেদেখে আৰু মোক গুণাতীত বুলি জানে, তেতিয়া তেওঁ মোৰ ভাব পায় ৷ দেহত থকা এই তিনি গুণক যি দেহী অতিক্রম কৰে, তেওঁ জন্ম, জৰা আৰু মৃত্যুৰ দুখ পাৰ হৈ অমৃতময় মোহলাভ কৰে ৷

 গুণাতীতৰ এনে সুন্দৰ গতি হয়, গতিকে তাৰ লক্ষণ কেনে, তাৰ আচৰণ কেনে আৰু কি ভাবে তিনিগুণক অতিক্ৰম কৰি যায় অৰ্জ্জুনে এই প্রশ্ন সুধিলে ।

 ভগৱানে উত্তৰ দিলে—যি মানুহে নিজৰ ওপৰত যি কোনো আহি উপস্থিত হয়, সি প্রকাশ হওক বা প্রবৃত্তি হওক, মোহ হওক, জ্ঞান হওক, আসক্তি হওক নাইবা অজ্ঞানেই হওক তাৰ কাৰণে দুখ বা সুখ জ্ঞান নকৰে । যি তিনি গুণৰ সম্বন্ধে উদাসীন থাকি বিচলিত নহয়, গুণবোৰে নিজ নিজ প্রকৃতি অনুসাৰে কাম কৰি গৈছে, ইয়াকে জানি যি স্থিৰ হৈ থাকে; যি সুখ-দুখ সমান জ্ঞান কৰে, যাৰ ওচৰত লো, শিল আৰু সোণ সমান, যাৰ প্রিয় অপ্রিয় বুলিবলৈ একো নাই, নিন্দা আৰু প্রশংসাই যাক স্পর্শ কৰিব নোৱাৰে, যাৰ ওচৰত মান-অপমান সমান, যি শত্ৰু আৰু মিত্ৰৰ প্ৰতি সমভাৱ ৰাখে আৰু যি সৰ্ব্বাৰম্ভ ত্যাগ কৰিছে তাকেই গুণাতীত বোলে । এনে লক্ষণৰ কথা কৈছোঁ, তাৰ বাবে ভয় নকৰিবা নাইবা মূৰে-কপালে হাত দি এলেহুৱা হৈ বহি নাথাকিবা। ম‍ই যি কৈছে৷ সেই তো সিদ্ধিৰ অৱস্থা । সেই অৱস্থাৰ ভিতৰত সোমাবলৈ এইটো পথ, যে অব্যভিচাৰী ভক্তিযোগৰ সহায়েৰে মোৰ সেৱা কৰা । তৃতীয় অধ্যায়ৰপৰা আৰম্ভ কৰি তোমাৰ আগত কৈছোঁ যে, কৰ্ম্ম নহলে, প্রবৃত্তি নহলে কোনেও উশাহ পৰ্য্যন্তও লব নোৱাৰে, অর্থাৎ কৰ্ম্মই তো দেহী মাত্ৰকেই আৱৰি আছে । যি গুণবোৰক অতিক্ৰম কৰি যাব খোজে সেই সাধকৰ উচিত সকলো কৰ্ম্ম মোত অৰ্পণ কৰা আৰু ফলৰ ইচ্ছা পৰ্য্যন্ত নকৰা । এনে কৰিলে তেওঁৰ কৰ্ম্ম তেওঁৰ প্ৰতিবন্ধক নহয় ৷ কাৰণ এই যে, ব্রহ্ম মই, মোক্ষ মই, সনাতন ধর্ম্ম মই, অনন্তসুখ ম‍ই, আৰু আন যিহকে কোৱা সকলো ম‍ই। মানুহে শূন্যৰ নিচিন৷ হলে মোকেই সকলোতে দেখে ৷ ই গুণাতীত ৷

(২৫-১-৩২ মৌনদিন )
 
 

পঞ্চদশ অধ্যায়

 শ্রীভগৱানে কলে—এই সংসাৰক দুই ভাবত চাব পাৰি ৷ এটা হল এই যে,—যাৰ শিপা ওপৰত, যাৰ ডাল তলত আৰু য'ত বেদৰূপী পাত আছে, এনে আঁহত গছৰ দৰে যি সংসাৰক দেখে তেওঁ বেদজ্ঞ জ্ঞানী। আন প্ৰকাৰ এই,—সংসাৰৰূপী গছত ডাল ওপৰৰপৰা তললৈ জুৰি আছে; তাত তিনি গুণৰ দ্বাৰা বৃদ্ধি হোৱা বিষয়ৰূপ অঙ্কুৰ ( গজালি ) আছে আৰু সেই বিষয়বোৰে জীৱক সংসাৰত কৰ্ম্ম বন্ধনেৰে বান্ধে । এই বৃক্ষৰ স্বৰূপ জানিব নোৱাৰি, তাৰ আদি, অন্ত, আৰু অৱস্থিতিৰ ঠাই নাই ৷

 ই দ্বিতীয় প্ৰকাৰৰ সংসাৰ বৃক্ষ, যদিও তাৰ শিপা পোনে পোনে ভিতৰলৈ সোমাইছে, তথাপি তাক কঠোৰ বৈৰাগ্যৰূপ অস্ত্ৰেৰে কাটিব লাগিব যাতে আত্মাই এনে লোক পায় যা'ৰপৰা তেওঁৰ সংসাৰ চক্ৰলৈ উভতিব নালাগে ৷ আৰু এনে হবলৈ তেওঁ সদায় সেই আদি পুৰুষক ভজনা কবে, যাৰ মায়াৰ সহায়েৰে এই পুৰণি প্ৰবৃত্তি বিস্তৃত হৈছে ৷ যি জনে মান, মোহ এৰিছে, সঙ্গ- দোষ জয় কৰিছে, যি আত্মাত লীন, বিষয়ৰপৰা মুক্ত, যাৰ ওচৰত সুখ-দুখ সমান তেওঁ জ্ঞানী, তেওঁ অব্যয় পদলাভ কৰে ৷

 সেই ঠাইত কি সূর্য্য, কি চন্দ্ৰ, কি অগ্নিৰ পোহৰ দিয়াৰ আৱশ্যকতা নাই ৷ য’লৈ যোৱাৰ পাছত আৰু উভতিব নালাগে— সেয়ে মোৰ অব্যয় ঠাই । সংসাৰত মোৰ সনাতন অংশ জীৱৰূপে প্ৰকৃতিত থক৷ মনৰ সৈতে ছয় ইন্দ্রিয়ক আকৰ্ষণ কৰে। যেতিয়া জীৱে দেহ ধাৰণ কৰে আৰু ত্যাগ কৰে তেতিয়া বায়ুৱে যেনেকৈ নিজ ঠাইৰ গন্ধ লগত লৈ ফুৰে তেনেকৈ জীৱেও ইন্দ্ৰিয়বোৰক লগত লৈ ফুৰে। কাণ, চকু, চাল, জিভা আৰু নাক তাৰ লগতে মন এইবোৰক আশ্ৰয় কৰি জীৱে বিষয় ভোগ কৰে ৷ গতিশীল, স্থিৰ আৰু ভোগ্যৱস্তু ভোগৰ গুণযুক্ত এই জীৱক মোহ-মুগ্ধ অজ্ঞানীয়ে চিনিব নোৱাৰে ৷ জ্ঞানীয়ে চিনে। যত্নবান যোগীয়ে নিজৰ ভিতৰত থকা এই জীৱক চিনি পায়। কিন্তু যি সমভাবৰূপ যোগ সাধনা কৰা নাই, তেওঁ যত্ন কৰিলেও তাক চিনিব নোৱাৰে ৷ সূৰ্য্যৰ যি তেজে জগতক পোহৰ কৰে, চন্দ্ৰৰ কিৰণ, অগ্নিৰ তেজ সেই সকলো মোৰ তেজ বুলি জানিবা ৷ মোৰ শক্তিৰ সহায়েৰে শৰীৰত সোমাই মই জীৱবোৰক ধাৰণ কৰি আছোঁ। ৰস উৎপাদনকাৰী সোমৰূপে ঔষধি মাত্রকেই পোষণ কৰিছোঁ ৷ সকলো প্ৰাণীৰ দেহৰ ভিতৰত থাকি জঠৰাগ্নি স্বৰূপ হৈ প্ৰাণ, অপান, বায়ুক সমান কৰি চাৰি প্ৰকাৰৰ অন্ন ভাল দৰে জীণ কৰিছোঁ ৷ সকলোৰে হৃদয়ত মই আছোঁ । মোৰ পৰায়ে স্মৃতি, জ্ঞান আৰু সিহঁতৰ অভাৱ হয় ৷ সমস্ত বেদৰ দ্বাৰা জানিবৰ যোগ্য সেই মই ৷ বেদান্তও মই, বেদজ্ঞও মই।

 এই সংসাৰত ক্ষৰ আৰু অক্ষৰ অৰ্থাৎ নাশশীল আৰু নাশ ৰহিত এই দুটা পুৰুষ আছে—এনে কোৱা হয়। ইয়াৰ ভিতৰত জীৱক ক্ষৰ, তাৰ ভিতৰত স্থিৰভাবে থকা মই অক্ষৰ আৰু তাৰো অতীত উত্তম পুৰুষ তাক পৰমাত্মা বোলা যায় । ময়েই সেই অব্যয় ঈশ্বৰ, যি ত্ৰিলোকত সোমাই তেওঁলোকক পালন কৰিছে, সেয়ে মই ক্ষৰ আৰু অক্ষৰতকৈও শ্রেষ্ঠ আৰু সংসাৰত আৰু বেদত পুৰুষোত্তম বুলি প্ৰসিদ্ধ ৷ এনে যি জ্ঞানীয়ে মোক পুৰুষোত্তম ৰূপে জানে, তেওঁ সকলো জানে আৰু মোক সকলো প্ৰকাৰে ভজনা কৰে ৷

 হে নিষ্পাপ অৰ্জ্জুন, ই অতি গোপনীয় শাস্ত্ৰ ম‍ই তোমাক কৈছোঁ । ইয়াকে জানি মানুহ বুদ্ধিবান হয় আৰু নিজৰ উপাস্যক

পায় ( ৩১–১-৩২,ৰাতি )
 

ষোড়শ অধ্যায়

 শ্রীভগৱান কলে—এতিয়া মই তোমাৰ আগত ধৰ্ম্মবৃত্তি আৰু অধৰ্ম্মবৃত্তিৰ ভেদৰ কথা কওঁ। ধৰ্ম্মবৃত্তি সম্বন্ধে তো ম‍ই আগতে বহুত কথা কৈছোঁ, তথাপি তাৰ লক্ষণৰ কথা কওঁ। যাৰ ভিতৰত ধৰ্ম্মবৃত্তি আছে, তাৰ ভিতৰত নিৰ্ভয়তা অন্তঃকৰণৰ শুদ্ধি, জ্ঞান, সমতা, ইন্দ্রিয়দমন, দান, যজ্ঞ, শাস্ত্রাভ্যাস, তপ, সৰলতা, অহিংসা, সত্য, অক্রোধ, ত্যাগ, শান্তি, কাৰো ছিদ্র প্রকাশ নকৰা বা অপৈশুণ্যতা, সকলো জীৱৰ প্ৰতি দয়া, অলোলুপতা, কোমলতা, মৰ্য্যদা, অচঞ্চলতা, তেজ, ক্ষমা, ধৈৰ্য্য, অন্তৰ আৰু বাহিৰৰ স্বচ্ছতা, অদ্ৰোহ ( পৰক মাৰাৰ ইচ্ছা মনত হবলৈ নিদিয়া) আৰু নিৰভিমানতা হয়।

 যাৰ ভিতৰত অধৰ্ম্মবৃত্তি আছে, তাৰ ভিতৰত দম্ভ, দর্প, ক্রোধ, কঠোৰতা আৰু অজ্ঞান দেখিবলৈ পাব ৷

 ধর্ম্মবৃত্তিয়ে মানুহক মোক্ষৰ ফালে লৈ যায় ৷ অধর্ম্মবৃত্তিয়ে তেওঁক বন্ধনৰ ভিতৰত পেলাই দিয়ে ।হে অৰ্জ্জুন, তুমিতে৷ ধৰ্ম্ম- বৃত্তি লৈয়েই জন্মিছা।

 অধর্ম্মবৃত্তি সম্বন্ধে অলপ বহলভাবে কওঁ, যেন মানুহে সহজতে ইয়াক ত্যাগ কৰে ৷

 অধর্ম্মবৃত্তিৰ মানুহে প্রবৃত্তি আৰু নিবৃত্তিৰ ভেদ নাজানে, তেওঁৰ শুদ্ধ-অশুদ্ধ বা সত্য-অসত্যৰ জ্ঞান নহয়, গতিকে তেওঁৰ আচাৰ ব্যৱহাৰৰ ঠিকেই বা ক'ৰ পৰা হব ? তেওঁৰ ওচৰত জগত মিছা, ভিত্তিহীন, জগতৰ কোনো নিয়ন্তা নাই, স্ত্ৰী-পুৰুষৰ সম্বন্ধ এই তাৰ জগত, গতিকে ইয়াত বিষয় ভোগ ভিন্ন আন কোনো বিচাৰেই নাই ৷

 এনে বৃত্তিৰ লোকৰ কাম ভয়ানক হয়, তাৰ মতিমন্দ হয়। এনে মানুহে নিজৰ দুষ্ট বিচাৰক আকোৱালি ধৰি থাকে আৰু তেওঁৰ সমস্ত প্রবৃত্তি জগতৰ নাশৰ বাবেই হয়। এওঁৰ কামনাৰ অন্তই নহয়, তেওঁ দম্ভ, মান আৰু অহঙ্কাৰত মত্ত থাকে ৷ এই কাৰণে তেওঁৰ চিন্তাৰো শেষ নাই, তেওঁ নিতৌ নতুন নতুন ভোগৰ বাবে শ শ আশাৰ কোঁঠ সাজে, আৰু নিজৰ কামনা পূৰাবলৈ অর্থাদি সংগ্ৰহ কৰিবলৈ ন্যায়-অন্যায়ৰ ভেদেই নাৰাখে ৷

 “আজি এইটো পাইছোঁ, কাইলৈ মই আন এটা পাম, এই শত্ৰুক আজি মাৰিছোঁ, আকৌ আনক মাৰিম, ম‍ই বলবান, মোৰ ওচৰত উন্নতি-সিদ্ধি আছে, মোৰ নিচিনা আন কোন, কীৰ্ত্তি— লাভৰ বাবে যজ্ঞ কৰিম, দান কৰিম আৰু আনন্দ কৰিম” মনে মনে এনে ভাবি তেওঁ মিচিকিয়ায়, আৰু অৱশেষত মোহজাল ত পৰি নৰকবাস কৰে ৷

 এইদৰে আসুৰী লোক নিজৰ অহঙ্কাৰত মত্ত হৈ পৰনিন্দাত ৰত থাকি সর্বব্যাপী ভগৱানক দ্বেষ কৰে আৰু সেয়ে সি বাৰবাৰ আসুৰীযোনিত জন্মগ্ৰহণ কৰে ৷

 কাম, ক্রোধ, লোভ আত্মাৰ নাশকাৰী আৰু নৰকৰ তিনি খন দুৱাৰৰ স্বৰূপ ৷ সকলোবেই এই তিনি বিধ ত্যাগ কৰা উচিত। এই তিনি বিধ ত্যাগকাৰী লোকে কল্যাণ পথত গৈয়ে থাকে আৰু পৰম গতি লাভ কৰে ৷

 যি অনাদি সিদ্ধান্তৰূপ শাস্ত্র ত্যাগ কৰি নিজৰ ইচ্ছামতে ভোগত লিপ্ত থাকে তাৰ সুখ নঘটে আৰু কল্যাণ পথত থকা শান্তিও নহয় ৷ সেয়ে কাজ-অকাজ নির্ণয় কৰিবলৈ যিবিলাকৰ অনুভূতি হৈছে, এনে মানুহৰ ওচৰৰপৰা অবিচল সিদ্ধান্ত শিকি লোৱা উচিত আৰু তাক অনুসৰণ কৰি আচাৰ-বিচাৰ নিয়ন্ত্রিত কৰা উচিত ।

যাঃ মঃ—৭-২-৩২
 
 

সপ্তদশ অধ্যায়

 অৰ্জ্জুনে সুধিলে—যি বিলাকে শিষ্টাচাৰ এৰে আৰু শ্ৰদ্ধাৰে সেৱা কৰে তেওঁলোকৰ গতি কেনে হয় ? ভগৱানে উত্তৰ দিলে—শ্রদ্ধা তিনি প্রকাৰ — সাত্ত্বিক, ৰাজসিক আৰু তামসিক ৷ যাৰ যেনে শ্রদ্ধা সি তেনে মানুহ হয়। সাত্ত্বিক মানুহে দেৱতাক, ৰাজসিকে যক্ষ-ৰাক্ষসক আৰু তামসিকে ভূত- প্রেতক ভজনা কৰে ৷

 কিন্তু কাৰ শ্ৰদ্ধা কেনে তাক হঠাৎ জানিবলৈ নোৱাৰি ৷ তাৰ আহাৰ, তপ, যজ্ঞ, দান কেনে এইবোৰ জানিব লাগিব আৰু এই সকলোবোৰো যে তিনি প্রকাৰৰ, তাক তোমাৰ আগত কওঁ ৷

 যি আহাৰেৰে আয়ু, নিৰ্ম্মলতা, বল, আৰোগ্য, সুখ আৰু ৰুচি বাঢ়ে, সেই আহাৰকে সাত্ত্বিক বোলা যায়। যি জ্বালা, টেঙা, অতি-মছলা দিয়া আৰু গৰম সেই খাদ্য ৰাজসিক আৰু তাৰপৰা দুখ আৰু বেমাৰ উৎপন্ন হয় ৷ যি সিজা ভাত আদি বাহি, দুর্গন্ধময়, উচ্ছিষ্ট বা আন প্ৰকাৰে অপৱিত্ৰ হৈছে: তাক তামসিক খাদ্য বুলি জানিবা ৷

 যি যজ্ঞ কৰাৰ ভিতৰত ফলৰ ইচ্ছা নাই, যি কৰ্ত্তব্যৰূপে তন্ময়তাৰে সৈতে সম্পন্ন হয়, সিয়ে সাত্ত্বিক বুলি পৰিগণিত হয়। যাৰ ভিতৰত ফলৰ আশা আছে আকৌ দম্ভও আছে সি ৰাজসিক যজ্ঞ বুলি জানিবা ৷ য'ত কোনো নিয়ম নাই, কোনো সৃষ্টি নাই, মন্ত্র নাই, ত্যাগ নাই, সেই যজ্ঞ তামসিক।

 সাধুজনৰ পূজা, পৱিত্ৰতা, ব্রহ্মচর্য্য, অহিংসা —শাৰীৰিক তপ৷ সত্য, প্রিয় হিতকৰ বচন, আৰু ধৰ্ম্মগ্রন্থ পাঠ বাচিক তপ । মনৰ প্ৰসন্নতা, সৌম্য, মৌন, সংযম, শুদ্ধ ভাৱকে মানসিক তপ বোলে ৷ সমভাবৰপৰা ফলৰ ইচ্ছা ত্যাগ কৰে এনে শাৰীৰিক, বাচিক আৰু মানসিক তপ যি কৰা হয় তাক সাত্ত্বিক তপ বোলা যায় ৷ যি তপ মান লাভৰ আশাত দম্ভৰে সৈতে কৰা হয় সি ৰাজসিক বুলি জানিবা আৰু যি তপ পীড়া বা দুৰাগ্ৰহ কৰি নাইবা আনৰ নাশৰ বাবে কৰা হয়, য'ত শৰীৰত থকা আত্মাৰ অনাহকতে ক্লেশ হয়, সেই তপ তামসিক ।

 দিয়াৰ যোগ্য বুজি ফলৰ আশা নকৰি দেশ-কাল-পাত্র চাই যি দান কৰা যায় তাক সাত্ত্বিক দান বোলে ৷

 য'ত প্ৰতিদানৰ আশা আছে আৰু যাক দিবলৈ সঙ্কোচবোধ হয় সেই দানক ৰাজসিক দান বোলে ৷ দেশ-কাল আদিৰ বিচাৰ নকৰি তুচ্ছ-তাচ্ছিল্য কৰি বা বিনা সম্মানে দিয়া দানক তামসিক বোলে ৷

 বেদত ব্ৰহ্মৰ বৰ্ণনা ওঁ তৎসৎ ৰূপে কৰিছে, আৰু সেয়ে শ্রদ্ধাবান লোকে যজ্ঞ, দান, তপ আদি ক্ৰিয়া ইয়াক উচ্চাৰণ কৰি কৰে। ওঁ অৰ্থাৎ একাক্ষৰ ব্ৰহ্ম,—ত‍ৎ অর্থাৎ তেওঁ, সৎ অর্থাৎ সত্য কল্যাণৰূপ ৷ অৰ্থাৎ ঈশ্বৰ এক, তেৱেঁই আছে, তেৱেঁই সত্য, তেৱেঁই কল্যাণকাৰী । এনে ভাৱ ৰাখি ঈশ্বৰত অৰ্পণ বুদ্ধিৰ পৰা যি যজ্ঞাদি কৰে, তেওঁৰ শ্ৰদ্ধা সাত্ত্বিক আৰু তেওঁ শিষ্টাচাৰ নজনাৰ কাৰণে বা জানা সত্ত্বেও ঈশ্বৰত অৰ্পণ বুদ্ধিৰ গুণত তাৰপৰা বেলেগ কিবা কৰিলেও সি দোষ বহিত।

 কিন্তু যি কাম ঈশ্বৰত অৰ্পণ নকৰাকৈ কৰা হয়, সি শ্রদ্ধাহীন বুলি গণ্য, সি অসৎ।

যাঃ মঃ
 
১৪-২-৩২
 
 

অষ্টাদশ অধ্যায়

 আগৰ সোতৰ অধ্যায় চিন্তা কৰাৰ পাছত অৰ্জ্জুনৰ মনত এতিয়াও সন্দেহ ৰৈ গল, কাৰণ এই যে গীতাত উক্ত কৰা সন্ন্যাস তেওঁৰ ওচৰত প্ৰচলিত সন্ন্যাসৰ পৰা বেলেগ যেন লাগিল ৷ ত্যাগ আৰু সন্ন্যাস এই দুটা জানো বেলেগ বস্তু ?

 এই আশঙ্কা দূৰ কৰিবলৈ ভগৱানে এই শেষৰ অধ্যায়ত গীতাৰ শিক্ষাৰ সাৰ উপদেশ দিছে।

 কিছুমান কৰ্ম্মৰ ভিতৰত কামনা ভৰা থাকে, বহুবিধ ইচ্ছা পূৰণ কৰিবলৈ মানুহে বহুত উদ্যম কৰে। এইবোৰ কাম্য কৰ্ম্ম ৷ আন কিছুমান আৱশ্যক বা স্বাভাৱিক কৰ্ম্ম যেনে, উশাহ-নিশাহ লোৱা, দেহ ৰক্ষাৰ নিমিত্তে পান, আহাৰ, পৰিধান, শয়ন আৰু বহা আদি ৷ ইয়াৰ বাহিৰে তৃতীয় প্ৰকাৰৰ কৰ্ম্ম পাৰমাৰ্থিক ৷ ইয়াৰ ভিতৰত কাম্যকৰ্ম্ম ত্যাগেই হৈছে গীতাৰ সন্ন্যাস আৰু কৰ্ম্মমাত্ৰৰ ফলত্যাগ গীতাই সমৰ্থন কৰা ত্যাগ ।

 আকৌ এনে কথাও কোৱা হয় যে সকলো কৰ্ম্মৰ ভিতৰত অলপ দোষতো আছেই । তথাপি যজ্ঞার্থে অৰ্থাৎ পৰোপকাৰাৰ্থে কৰিব লগীয়া কৰ্ম্মত্যাগ কৰিব নোৱাৰি । যজ্ঞৰ ভিতৰত দান আৰু তপ আহি পৰে । কিন্তু পৰমাৰ্থৰ সম্বন্ধেও আসক্তি, মোহ

হোৱা উচিত নহয়, নহলে তাতো দোষ সোমাবৰ সম্ভাৱনা আছে।

 মোহৰ বশীভূত হৈ সদায় কৰ্ম্মত্যাগ তামস । দেহৰ কষ্ট হয় বুলি যি ত্যাগ কৰা হয়, সি ৰাজসিক । কিন্তু সেৱাকাজ কৰা উচিত, এনে ভাবৰ পৰা ফলৰ ইচ্ছা নোহোৱাকৈ হয়, সেয়ে প্রকৃত সাত্ত্বিক ত্যাগ। অর্থাৎ এই ত্যাগত সকলো কৰ্ম্মৰ ত্যাগ নাই, কিন্তু কৰ্ত্তব্য কৰ্ম্মৰ ফলত্যাগ আছে, আৰু আন প্ৰকাৰৰ অর্থাৎ কাম্যকৰ্ম্মৰ ত্যাগতো আছেই । এনে ত্যাগীৰ মনত কোনো সংশয় নুঠে। তেওঁৰ ভাৱ শুদ্ধ আৰু তেওঁ সুবিধা অসুবিধাৰ চিন্তা নকৰে ।

 যি কৰ্ম্মফল ত্যাগ নকৰে তেওঁৰ তো ভালবেয়া ফলভোগ কৰিবই লাগে আৰু সেয়ে তেওঁ বন্ধনৰ ভিতৰতেই থাকে ৷ যি জনে ফলত্যাগ কৰিছে তেওঁ বন্ধনমুক্ত হয় ৷ আকৌ কৰ্ম্ম সম্বন্ধে মোহ হোৱাৰ কাৰণ কি ? নিজেই কৰ্ত্তা এনে অভিমান মিছা । সকলো কৰ্ম্মৰে সিদ্ধিৰ পাঁচটা কাৰণ :—স্থান, কৰ্ত্তা, সাধন, ক্রিয়া আৰু শেষ দৈৱ ৷

 এনে জানি মানুহে অভিমান এৰা উচিত আৰু যিজনে আমিত্ব এৰি যি কৰে, তাক কৰা সত্ত্বেও কৰা নাই এনে কব পাৰি। কাৰণ তেওঁক সেই কৰ্ম্মই বন্ধন কৰিব নোৱাৰে ।

 এনে অভিমানহীন শূন্যবৎ মানুহৰ বিষয়ে এনে কব পাৰি যে তেওঁ মাৰিলেও নামাৰে ৷ ইয়াৰ অৰ্থ এই নহয় যে কোনো মানুহ শূন্যবৎ হৈয়ো হিংসা কৰে আৰু অলিপ্ত থাকে ; কাৰণ এই যে অভিমান শূন্য মানুহৰ হিংসা কৰাৰ আৱশ্যকেই নহয় ৷

 কৰ্ম্মৰ প্ৰেৰণাৰ ভিতৰত তিনটা বস্তু আছে, :—জ্ঞান, জ্ঞেয় (জানিব লগীয়া) আৰু পৰিজ্ঞাতা ( জানোঁতা )। তাৰ অঙ্গও তিনটা :—ইন্দ্ৰিয়, ক্ৰিয়া আৰু কৰ্ত্তা। কি কৰিব লাগিব সি জ্ঞেয় ( জানিব লগীয়া ), তাক কৰাৰ প্ৰণালী জ্ঞান আৰু যি জানে তেওঁ পৰিজ্ঞাতা ( জানোঁতা)। এই ৰকমে প্ৰেৰণা হোৱাৰ পাছত কৰ্ম্ম হয়, তাৰ কাৰণ ইন্দ্ৰিয় । যি কৰিব লাগিব, সি ক্ৰিয়া আৰু তাকে যি কৰে তেওঁ কৰ্ত্তা। এনে বিচাৰৰ-পৰা আচৰণ হয় ৷ যাৰদ্বাৰা আমাৰ সকলো প্ৰাণীৰ ভিতৰত একেই ভাৱ দেখে৷ অর্থাৎ সকলো বেলেগ বেলেগ বোধ হলেও গভীৰ ভাৱে চালে একেই দেখা যায়, সি সাত্ত্বিক জ্ঞান ৷ তাৰ বিপৰীত অর্থাৎ যি পৃথক দেখুৱায় সি পৃথকেই বোধহয়, ই ৰাজসিক জ্ঞান ৷ আৰু য'ত কোনো খবৰ পোৱা নাযায় বা সমস্ত বিনা কাৰণে মিলিজুলি আছে এনে বোধহয়, সি তামস জ্ঞান ৷

 জ্ঞানৰ দৰে কৰ্ম্মৰো ভাগ কৰা যায় ৷ য'ত বাঞ্ছা নাই, ৰাগ-দ্বেষ নাই সেই কৰ্ম্ম সাত্ত্বিক । য'ত ভোগৰ ইচ্ছা আছে, য’ত “মই কৰিছে৷” এনে অভিমান আছে আৰু সেয়ে আকাঙ্ক্ষা আছে সি ৰাজসিক কৰ্ম্ম। য'ত পৰিণামৰ, বিনাশৰ বা হিংসাৰ বা শক্তিৰ বিচাৰ নাই আৰু যি মোহৰ বশীভূত হৈ কৰা যায়, সি তামসিক কৰ্ম্ম ৷

 কৰ্ম্মৰ দৰে কৰ্ত্তাও তিন বিধ বুলি জানিবা ৷ কৰ্ম্মক জনাৰ পাছত কৰ্ত্তাক জানিবলৈ টানতো নহয়েই । যাৰ আসক্তি নাই, অহঙ্কাৰ নাই, তথাপি যাৰ ভিতৰত দৃঢ়তা আছে, সাহস আছে আৰু তথাপি যাৰ ভালবেয়া ফলৰ বাবে হর্ষ-শোক নাই, তেৱে হৈছে সাত্ত্বিক কৰ্ত্তা ৷ ৰাজসিক কৰ্ত্তাৰ আসক্তি থাকে, লোভ থাকে, হিংসা থাকে, হর্ষ-শোকতো থাকেই ; গতিকে কৰ্ম্ম ফলৰ ইচ্ছাৰ কথাতো সুধিবলৈ আৰু কি আছে ? আৰু ব্যৱস্থাহীন, দীর্ঘসূত্রী, অবিবেচক, শঠ, এলেহুৱা সংক্ষেপে সংস্কাৰহীন তেওঁ তামসিক কৰ্ত্তা।

 বুদ্ধি, ধৃতি আৰু সুখৰ বেলেগ বেলেগ প্ৰকাৰ জানি লোৱা ভাল ৷ প্রবৃত্তি-নিবৃত্তি, কার্য্য-অকাৰ্য্য, ভয়-অভয়, বন্ধন-মোক্ষ- আদিৰ ভেদ সাত্ত্বিক বুদ্ধিয়ে সদায় কৰে আৰু জানে। ৰাজসিক বুদ্ধিয়ে ভেদ কৰে, কিন্তু বেছিভাগেই মিছা বা বিপৰীত কৰে। আৰু তামসিক বুদ্ধিয়ে তো ধৰ্ম্মক অধৰ্ম্ম বুলি মানে, সকলোবোৰ ওলোটা দেখে ৷

  ধৃতি অর্থে ধৰি থকা শক্তি, কিবা বস্তু তুলি ললে তাত দৃঢ়ভাৱে আকোৱালি থাকিবৰ শক্তি। এই শক্তি কম-বেচি পৰিমাণে সকলোৰে ভিতৰত আছে। যদি সি নাথাকিলহেঁতেন, তেন্তে জগত এক মুহূৰ্ত্তও ৰব নোৱাৰিলেহেঁতেন । যাৰ ভিতৰত মন, প্ৰাণ আৰু ইন্দ্ৰিয়ৰ ক্ৰিয়াৰ সাম্য আছে, সমানত্ব আছে আৰু একনিষ্ঠা আছে সেই ধৃতি সাত্ত্বিক । যাৰ প্ৰভাৱত মানুহে ধৰ্ম্ম, কাম আৰু অৰ্থ আসক্তিৰে ধাৰণ কৰে সেয়ে ৰাজসিক । যি ধৃতিয়ে মানুহক নিদ্রা, ভয়, শোক, নিৰাশা, অহঙ্কাৰ আদি এৰিব নিদিয়ে, সি তামসিক ৷

 সাত্ত্বিক সুখ সেয়ে—য'ত দুখৰ অনুভৱ নাই, যি আৰম্ভৰ সময়ত বিষৰ নিচিনা লাগে, কিন্তু আমি জানো যে, পৰিণামত সেয়ে অমৃতময় আৰু য'ত আত্মা প্ৰসন্ন থাকে। বিষয় ভোগ যি আৰম্ভতে মধুৰ লাগে, কিন্তু পাছত সি বিষৰ দৰে হৈ উঠে, সি ৰাজসিক সুখ, আৰু য'ত কেৱল মূৰ্চ্ছ৷, এলাহ, নিদ্রাই থাকে সি তামসিক সুখ ৷

 এনে বস্তুমাত্ৰৰেই তিনি ভাগ কৰা যায় ৷ ব্ৰাহ্মণাদি চাৰি বর্ণও এই তিনি গুণৰ কম-বেচিৰ বাবে হৈছে । ব্ৰাহ্মণৰ কামত শম, দম, তপ, শৌচ, ক্ষমা, সৰলতা, জ্ঞান, অনুভৱ, আন্তৰিকতা থকা উচিত। ক্ষত্ৰিয়ৰ ভিতৰত শৌৰ্য্য, তেজ, ধৃতি, দক্ষতা, যুদ্ধত পাছ নোহোঁহোকা, দান, ৰাজ্যপৰিচালনা শক্তি থকা উচিত। খেতি, গো-পালন আৰু ব্যৱসায় বৈশ্যৰ কৰ্ম্ম আৰু শূদ্ৰৰ কৰ্ম্মসেৱা কৰা। ইয়াৰ অৰ্থ এয়ে নহয় যে, এটা জাতিত আনটো জাতিৰ গুণ নাথাকেই, নাইব৷ এইবোৰ গুণ শিক্ষা পোৱাৰ অধিকাৰ নাই । কিন্তু ওপৰোক্ত গুণবোৰ বা কৰ্ম্মৰ দ্বাৰা সেই বর্ণ চিনিব পাৰি ৷ যদি প্রত্যেক বৰ্ণৰ গুণ-কৰ্ম্ম জনা যায় তেন্তে পৰস্পৰ দ্বেষভাব নহয় আৰু অনিষ্টকৰ স্পৰ্দ্ধাও নহয় । ইয়াত উচ্চ-নীচ ভাৱৰ ঠাই নাই । কিন্তু যদি সকলোৱে নিজ নিজ স্বভাৱ অনুসৰি নিষ্কাম ভাৱে নিজ নিজ কৰ্ম্ম কৰি যায় তেন্তে সেই সেই কৰ্ম্ম কৰিয়েই মোক্ষৰ অধিকাৰী হয় ৷ সেই কাৰণে কোৱা হৈছে, যে সচাঁ কৈয়ে পৰধৰ্ম্ম সহজ লাগিলেও আৰু স্বধৰ্ম্ম সাৰহীন বোধ হলেও স্বধৰ্ম্ম শ্রেষ্ঠ। স্বভাৱৰ পৰা হোৱা কৰ্ম্মত পাপ নোহোৱা সম্ভৱ, কাৰণ এই যে তাতেই নিষ্কামতা ৰক্ষা পৰে, আন কিবা কৰাৰ ইচ্ছাৰ ভিতৰতেই কামনা আহি দেখা দিয়ে। আকৌ যেনেকৈ সকলো জুইৰ ভিতৰতেই ধোৱাঁ আছে, সেইদৰে সকলো কৰ্ম্মৰ ভিতৰত দোষো আছেই ; কিন্তু স্বাভাৱিকতে হোৱা কৰ্ম্ম ফলৰ ইচ্ছা নকৰাকৈ কৰিলে কৰ্ম্মৰ দোষ তাত নালাগে ৷

 এইদৰে স্বধৰ্ম্ম পালন কৰি যি শুদ্ধ হৈছে, যি মনক বশ কৰি ৰাখিছে, যি পাঁচ বিষয়কে এৰিছে, যি ৰাগ-দ্বেষ জয় কৰিছে, যি একান্তসেৱী অর্থাৎ অন্তৰ্ধানত থাকিব পাৰে, যি অলপ আহাৰ কৰি মন, বাক্য, শৰীৰক সংযত কৰি ৰাখিব পাৰে, যি ঈশ্বৰ ধ্যানত সদায় নিযুক্ত থাকে, যি অহঙ্কাৰ, কাম, ক্রোধ, পৰিগ্ৰহ ইত্যাদি ত্যাগ কৰিছে, সেই শান্তযোগী ব্ৰহ্মভাৱ পোৱাৰ যোগ্য । এনে মানুহ সকলোৰে প্রতি সমভাৱ সম্পন্ন থাকে আৰু হৰ্ষ-শোক এনে ভক্তই ঈশ্বৰতত্ত্ব যথাযথভাবে জানে আৰু ঈশ্বৰত লীন হয় ৷ এনেভাৱে যেয়ে ভগৱানৰ আশ্ৰয় লয়, তেওঁ অমৃতপদ লাভ কৰে ৷ সেইকাৰণে ভগৱানে কৈছে, মোতে সকলো অৰ্পণ কৰা, মোত পৰায়ণ হোৱা আৰু বিবেক-বুদ্ধিৰ আশ্ৰয় লৈ মোতেই চিত্ত লীন কৰি দিয়া। এনে কৰিলে সমস্ত দুখ আৰু তাপ গুচিব, কিন্তু যদি আমিত্ব ৰাখি মোৰ কথা নুশুনা তেন্তে বিনাশ হবা । এশ কথাৰ ভিতৰত এটা কথা এই যে সমস্ত জঞ্জাল ত্যাগ কৰি মোৰেই শৰণ লোৱা, তেন্তে তুমি পাপমুক্ত হবা ৷ যি তপস্বী নহয়, যি ভক্ত নহয়, যাৰ শুনিবলৈ ইচ্ছা নাই আৰু যি মোক দ্বেষ কৰে, তাৰ আগত এই জ্ঞান নকবা । কিন্তু এই পৰম গোপনীয় জ্ঞান যি মোৰ ভক্তক দিব, তেওঁ মোৰ ভক্তি কৰিবৰ বাবে অৱশ্যে মোকেই লাভ কৰিব ।

 অৱশেষত সঞ্জয়ে ধৃতৰাষ্ট্ৰক কলে,—য'ত যোগেশ্বৰ কৃষ্ণ, য'ত ধনুৰ্দ্ধাৰী পাৰ্থ, তাত শ্রী, বিজয়, বৈভৱ আৰু অবিচল নীতি আছে।

 ইয়াত কৃষ্ণক যোগেশ্বৰ বিশেষণ দিয়া হৈছে, সেয়ে তেওঁৰ শাশ্বত অৰ্থ শুদ্ধ অনুভৱ জ্ঞান আৰু ধনুৰ্দ্ধাৰী পাৰ্থ বুলি এনে সূচনা দিয়া হৈছে, যে য'ত এনে অনুভৱসিদ্ধ জ্ঞানৰ অনুসৰণকাৰী ক্ৰিয়া আছে, তাত পৰম নীতিৰ অবিৰোধী মনোবাঞ্ছা সিদ্ধ হয় ।

যাঃ মঃ ২১-২-৩২
 


'—সমাপ্ত—

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )

 
  1. এই চিঠিবোৰ “মঙ্গল প্ৰভাত” নামে প্ৰকাশ হৈছে।
  2. কাঠিৱাৰত জহ কালি ছাঁয়া পাবলৈ কুকুৰে গাড়ীৰ তলত সোমাই গাড়ীৰ লগে লগে গৈ থাকে। সেই কুকুৰে যদি ভাবে, যে সি গাড়ীৰ ভাৰ বৈ লৈ গৈছে, তেন্তে সেইটো তাৰ অজ্ঞানতা। মানুহে যদি ভাবে, তেৱেঁই কৰ্ম্ম ফলৰ কৰ্ত্তা, তেনেহলে সেই ভাবো উক্ত কুকুৰৰ দৰেই অজ্ঞানতা। বিখ্যাত গুজৰাটী কবি নৰসিংহ মেহতাই তেওঁৰ কবিতাত এই ভাবকে অমৰৰূপ দি গৈছে :-

    “হুঁ কৰুঁ হুঁ কৰুঁ এ জ অজ্ঞানতা
    শকটনোভাৰ জেম শ্বানতানে।”

     মই কৰোঁ—মই কৰোঁ এইটোৱে অজ্ঞানতা। গাড়ীৰ ভাৰ কুকুৰে যেনেকৈ বয়।

  3. তৰে—মেলে, বিস্তাৰ কৰে
  4. সংকল্প কৰি কৰা পাঠ
  5. সূতা কটাৰ সময়ত ফৰাচী ভাষা শিকাৰ ইচ্ছা প্রকাশ কৰি লিখা এখন চিঠিৰ উত্তৰত গান্ধীজীয়ে এই চিঠি লিখে ।
  6. কাকা কালেলকাৰৰ।
  7. বিস্ময়।
  8. কষটি— সোণ ঘহি পৰীক্ষা কৰা এবিধ ক'লা শিল।
  9. এই অধ্যায় গান্ধীজীয়ে প্ৰথমে লিখে। মূল গুজৰাটী পুথিতো এইটো প্ৰথমতে দিছে। এই অধ্যায়বোৰ পৰ্য্যায়ক্রমে দিবলৈ ডাঃ ঘোষ ডাঙৰীয়াই ইয়াত দিছে; আমিও ডাঃ ঘোষ ডাঙৰীয়াৰ অনুসৰণ কৰিলোঁ।