সমললৈ যাওক

গল্প সংকলন/সহযাত্ৰী

ৱিকিউৎসৰ পৰা

সহযাত্ৰী

 ‘দি হিৰ'ইন’ ফেৰীখনৰ আপাৰ ডেকত উঠি বিশেষ জৰুৰী কামত, ভৰবাৰিষাৰ বিশাল ব্ৰহ্মপুত্ৰৰ ওপৰেদি যোৰহাটলৈ আহি আছোঁ। ওচৰতে ১ম শ্ৰেণীৰ কেবিন এটাত দেখিলো, এগৰাকী অপৰূপ সুন্দৰী ভদ্ৰ মহিলাৰ কোলাত মূৰ থৈ এজন ক্ষীণ, বিবৰ্ণ, দুৰ্ব্বল যুবক এজন দীঘল বেঞ্চ এখনত পৰি আছে প্ৰায় অচেতন অৱস্থাত আৰু দেখিলো, কেবাজনো যাত্ৰীয়ে তেওঁ লোকক বেঢ়ি থিয়হৈ আছে। তেওঁলোক দুজনৰ অসহায় অৱস্থা দেখি সকলো দৰ্শকৰে দয়া-সহানুভুতি ওপজা স্বাভাবিক। বোধহয় এয়ে মানুহৰ ধৰ্ম্ম। ঘটনা স্থূলত ময়ো এজন নীৰব দৰ্শক মাথোন।

 যাহ’ক সহযাত্ৰী শুশ্ৰূষাকাৰী সকলৰ কথা শুনি ঠাওৰ কৰিলো—তেওঁ লোক দুজন স্বামী-স্ত্ৰী। মাত্ৰ চাৰি মাহ আগতে তেওঁলোকৰ বিয়া হৈ গৈছে। উত্তৰ লক্ষ্মীমপুৰৰ পৰা আহিছে। যোৰহাট হৈ তেওঁলোক শিৱসাগৰলৈ যাব। ৰোগীৰ লক্ষণ দেখি বুঝা গল—বেচেৰা যুবকজন মৃগীৰোগত আক্ৰান্ত।

 ৰোগীয়ে হঠাৎ আৰ্ত্তনাদ কৰি চট্‌ফট্ কৰিলে, হাত ভৰি কোঁচ খাই গল। তেওঁৰ অৱস্থা দেখি বিচলিত হৈ এজন বিবাহিত লোকে নিজৰ পৰা তিৰোতাৰ মাজৰ পৰা উঠি গৈ ভদ্ৰ মহিলাৰ ওচৰ চাপি কলেহি, “আপুনি কোনো চিন্তা নকৰিব”—এই বুলি তেওঁ ৰোগীজনৰ কাষত বহি মুখ হাত ভৰি খুব জোৰেৰে মোহাৰিব ধৰিলে। ভদ্ৰ মহিলাই অনুৰোধ, বোধহয় বিৰক্তিৰ সুৰত কলে, “দয়া কৰি আপুনি উঠি যাওঁকচোন। ইমান অত্যাচাৰ, তেওঁৰ সহ্য নহয়—আপুনি যাওঁক।” সকলোৰে চকু মানুহ জনৰ ওপৰত পৰিল। এই দৰে অপমানিত হৈ ফিৰি যাব লগীয়া হোৱাত তেওঁ বৰ লাজ পালে আৰু অলপতে নিজৰ ঘৈণীৰ পৰাও বেচ তিৰস্কাৰ লাভ কৰিলে—“তেখে ত আপত্তি কৰিছে। আপনাৰো দেখিছো............?”

 সেই বিবাহিত লোকজনে নিজৰ ঘৈণীয়েকক বুজাবলৈ চেষ্টা কৰে—“ভাবি চোৱা, তেওঁলোক দুজন এতিয়া কেনে বিপদত পৰিছে। এই ভৰা ব্ৰহ্মপুত্ৰৰ মাজত, জাহাজৰ ওপৰত। লগত নিজৰ কোনো সহায় কাৰী নাই। কিন্তু যি কোনো মানুহৰে এনে বিপদ হব পাৰে।” তেওঁৰ ঘৈণীয়েকে উত্তৰ দিলে— “আপোনাক কেলেই? ভদ্ৰ মহিলা নিজেই সুস্থ শৰীৰে আছে দেখোন” তেওঁ নীৰবে বহি থাকিবলৈ বাধ্য হল। তেওঁ বেচি তৰ্ক নকৰিলে।

 শুশ্ৰূষাকাৰী বুঢ়া ভদ্ৰলোক এজনে আহি কলে, “আই, তেওঁৰ এনেকুৱা বিকাৰ মাজে সময়ে হয় নিশ্চয়। লগত কিছু দৰব পাতি আৰু এজন চাকৰ অনা হলে ভাল আছিল” —এই কথাত সুন্দৰী ভদ্ৰমহিলাই অলপ বিষণ্ণা হল, কিন্তু একো নামাতিলে।

 জাহাজৰ খালাচী এজনে এগিলাচ গৰম পানী আৰু দুটামান সুমথিৰা ট্ৰে এখনত দি গল ৰোগীৰ ওচৰত। বুঢ়াজনে কলে, “মুখস্য গৰম পানী দিম নে?”—“নহয় নিদিব, এগিলাচ ঠাণ্ডা পানী আনক।”

 সুন্দৰী ভদ্ৰমহিলাই বুঢ়াজনক কলে, “আপুনি সুমথিৰ বাকলি পেলাই অলপ ৰস চেপি এই ঠাণ্ডা পানী গিলাচত দিব আক সেই মোৰ সৰু চুটকেচ টো দিয়ক।” দয়ালু বুঢ়াজনে নিৰ্দেশ মতে কাম কৰি গল। আন এজনে চুটকেচ টো আনি ওচৰতে ৰাখিলে। ভদ্ৰমহিলাই বুঢ়াজনক এটা চাবি দি চুটকেচ্‌ খুলিবলৈ কলে। তেওঁ এহাতেৰে চুটকেচৰ ভিতৰৰ পৰ৷ ঔষধৰ টোপোলা বাহিৰ কৰি গিলাচত মিহলাই ললে আৰু ৰোগীক খুৱালে।

 ৰোগীৰ কাৰণে সকলোৰে সেৱা শুশ্ৰূষাৰ অন্ত নাই। ৰোগী ভালৰ পিনে নহা দেখি ভদ্ৰ মহিলা অধিক বিবৰ্ণা আৰু চিন্তান্বিতা হল। তেওঁ এবাৰ ওপ- ৰলৈ চাই কলে, “সেই খিৰিকীদুখন বন্ধ কৰি দিয়ক।” ডিচেম্বৰ মাহৰ শীত। এজন সহযাত্ৰীয়ে খিৰিকী দুইখন বন্ধ কৰি দিলে। —“এতিয়া মোৰ ডাঙৰ ট্ৰাঙ্কটো খুলিব লাগে। এখন গৰম কম্বল আছে।” —কিন্তু তেওঁ গাত থকা বহুমূলীয়া চাদৰ খনকে ৰোগীৰ মুৰে গায়ে মেৰাই দিলে, যাতে ঠাণ্ডা নালাগে।

 আকৌ এবাৰ ৰোগীয়ে হাত ভৰি কোঁচাই ভাজ ধৰি উঠিল। দৰ্শকৰে বৰ বেয়া লাগে এনেকুৱা অৱস্থাত, বিশেষকৈ অসহায় ভদ্ৰ মহিলা গৰাকীৰ কথা ভাবি।

 কাৰণ তেওঁ প্ৰকৃত সুন্দৰী নাৰী। বয়স বোধহয় ওঠৰ বা কুৰিৰ মাজত; তেওঁৰ শাৰিৰিক গঠন পাতল মজলীয়া। অঙ্গ প্ৰতঙ্গবোৰ সুন্দৰ, সুঠাম আৰু লোভনীয়। বগা মুখখনিত ধেনুভিৰিয়া ভ্ৰূযুগল, চকুনাক, পাতল কলা ওঠ দুটা, গালৰ নাকৰ ওচৰতে কলা মাহ নে তিলটোৱে মুখৰ সৌন্দৰ্য্য খুব বঢ়াইছে। কিন্তু হায়! বিধিৰ বিধান—তেওঁৰ স্বামীৰ দশা!

 ফেৰীখনে নিজ গতিৰে সহযাত্ৰী সকলক লৈ ক্ৰমে আগবাঢ়ি গৈ আছে। ৰোগীয়ে অলপ ভাল পাই “পানী পানী” বুলি চিঞৰি উঠিল। ভদ্ৰ মহিলাই, মুখত অলণ পানী দিলে। তেওঁৰ মুখত এটি ক্ষীণ হাঁহি ওলাল — যেন আশাৰ সঞ্চাৰ হল। সেই হাঁহি মধুৰ— অপূৰ্ব্ব!

 গধুলি ৬ বজাত নিয়ামাটী ঘাট চাপি ফেৰীয়ে দীঘল হুইচেল মাৰিলে। খালাচীহঁতে ঘাটত লঙ্গৰ পেলালে। যাত্ৰী সকলে নিজৰ নিজৰ মালবস্তুলৈ নামিবলৈ সাজু হল। ইতি মধ্যে কেইজন মান সহযাত্ৰীয়ে তেওঁলোক দুজ- নক স্থানীয় চিভিল হচ্‌ পিতালত ৰখাৰ ব্যৱস্থা কৰিছে। ময়ো মোৰ গন্তব্য স্থানলৈ গলোগৈ। মুঠতে তেওঁলোকৰ, কাৰণে ভাল ব্যৱস্থা হৈছে।

 পিচ দিনা আবেলি চিভিল হচপিতালত সোমালো। তেওঁলোক দুজনৰ (স্বামী-স্ত্ৰী) বিষয়ে খবৰ লবলৈ; যদিও তেওঁলোক মোৰ কোনো নহয়।

 বৈঠক খানাতে বহু সময় বহি আছো; এনেতে দুজনী ধাত্ৰী (তেওঁলোক গাভৰু ছোৱালী) মোৰ ওচৰেদি যাওঁতে সুধিলোঁ,—“ভনিটি, যোৱা কালি গধুলি এজন ৰোগী আৰু তেওঁৰ ৰূপবতী স্ত্ৰী ইয়াতে ভৰ্ত্তি হৈছে। তেওঁলোক ক’ত বাৰু?” ধাত্ৰী দুজনীয়ে মুখামুখি কৰি ইঙ্গিত পূৰ্ণ হাঁহি মাৰি উত্তৰ দিলে, “এৰা, কেলেই? আ পানাৰো কিবা লাগে নেকি?”

 মই কলো, “মই তেওঁলোকৰ একো নহওঁ; কিন্তু সিদিনা জাহাজৰ সহযাত্ৰীহে আছিলো।” —মোৰ কথা শুনি তেওঁলোকে ঠাট্টাৰ হাঁহি হাঁহি কলে, “অ বুজিছো তেনেহলে। তেওঁলোক কিন্তু আজি ৰাতিপুৱা ১০ বজাত ইয়াৰ পৰা গুচি গল। ৰোগীও ভাল হৈছে। তেওঁলোকৰ ঠিকনা লাগে যদি, আপুনি অনুসন্ধান অফিচত খবৰ কৰিব পাৰে।” – মোৰ ফালে কেৰাহীকৈ চাই ধাত্ৰী দুজনীয়ে নিজৰ কামত গল আৰু অধিক অনুসন্ধান নকৰি নিজৰ মান সভ্ৰম ৰাখি নিজৰ ঠাইলৈ আহিলো। মোৰ মনত দুঃখ ৰৈ গল, এজন সহযাত্ৰী হিচাবে তেওঁলোকৰ প্ৰতি সহানুভুতিশীল হৈও যথা- সময়ত মই এষাৰ কথাকে কব নোৱাৰিলো।

⸻:০:⸻