সমললৈ যাওক

গল্প সংকলন/সময় নাই

ৱিকিউৎসৰ পৰা

‘সময় নাই’

 অকলশৰীয়া ভাগৰুৱা পথিকৰ দৰে জীৱনৰ খলাবমা বাটেদি গৈ আছো........। জীৱনত বহু লুটি বাগৰ খাইছো, জীবনন্ত বহুত ঘাত-প্ৰতিবাত পাইছো— সকলোবোৰে তিক্ততা আৰু নিৰাশাৰ গভীষ চাপ বহুৱাই গল! সংসাৰ চাকনৈয়াত পৰি জীৱন-নাওখনিও ডুবুডুবু, দিশাহাৰা, লক্ষ্যভ্ৰষ্ট— প্ৰদীপ নুমাবলৈ কিন্তু বেচি সময় নাই —চাকিত তেল থকা সময় খিনি লৈকে জ্বলি থাকিব!

 সৰুৰে পৰা মই নিৰ্জ্জনতা ভাল পাওঁ। নিৰ্জ্জন হাবি বন, পৰ্ব্বত পাহাৰ, জুৰি-নদীৰ বুকুত কিবা পৰম শান্তি বিচাৰি পাওঁ। তথাকথিত ‘ভদ্ৰ সমাজ’ মোৰ ভাল নালাগে। সেই কাৰণে টাউনৰ পৰা ভালেখিনি নিলগত পাহাৰৰ দাঁতিত মোৰ সৰু পঁজাটি সাজিছো। পঁজাৰ কাষেদি সৰু জৰি এটা কলুকুল সুৰ গান গাই বুঢ়া লুইতৰ লগত মিলিছে গৈ। মোৰ ঘৰৰ ওচৰতে এখন এম ভি স্কুল আক মিৰি গাওঁখনি। মিৰি মানুহবোৰ বেচ সৰল, হোজা প্ৰকৃতিৰ। গাৱৰ মুখীয়াল গাওঁবুঢ়া আৰু ডেকা সকলে লগলাগি মোৰ থকা ঘৰটো সাব্জি দিছে। সিহঁতেই মোক স্কুলৰ শিক্ষক নিযুক্ত কৰি ছ। এতিয়া সৰু লৰা ছোৱালীবোৰক মানুহ কথাই, নিস্বাৰ্থভাবে মানুহৰ সেৱা কৰা মোৰ জীবনৰ কাম।

 মিৰি গাৱৰ সকলোৱে মোক জানে, সন্মান কৰে আৰু মোক ‘পণ্ডিত’ বুলি মাতে। মই নগৰৰ শিক্ষিত সমাজত ডাঙৰ হলেও, সেই পাহাৰী মানুহ বিলা- কৰ লগত নিজক খাপ খুৱাই লৈছোঁ। —মানুহ অৱস্থাৰ দাস।

 মোৰ পঁজাৰ আগেদি চৰকাৰী ‘পিচ’ ৰাস্তাটো চলি গৈছে নানা ঠাইলৈ বিভিন্ন গাৱঁৰ মাজেদি। কত ৰকমৰ যাত্ৰী, বাটকৰা সদায় অহা-যোৱা কৰিছে— কানে তাৰ হিচাব দাখিছে? স্কুল ছটীৰ পিচত আবেলি বাৰান্দাত বহি কাগজ-কিতাপ পঢ়ো। কেতিয়াবা মন বেয়া লাগিলে বাঁহি বজাওঁ— খন্তেকৰ কাৰণে নিজক পাহৰি যাওঁ। ৰাস্তাৰ কাষৰ গছৰ ডালত এজোৰা শালিকা চৰাইৰ বাঁহ। কেতিয়াবা আজৰি সময়ত চৰাই হালৰ কামবোৰ মই লক্ষ্য কৰোঁ। সিহঁতে খেৰ কুটা গোটাই বৰ যতনৰে বাঁহ সাজে। চৰাই জনীয়ে কনী পাৰে, পোৱালী জগায়, পোৱালীহঁ তে ভোকত চিঞঁৰে, সিহঁতৰ মাক-বাপেকে মুখত আহাৰৰ টোপ দি ডাঙৰ দীঘল কৰে। পোৱালীহালও ডাঙৰ হৈ ক'ৰবালৈ উৰি গুচি যায়। মই চৰাই হালৰ কামবোৰ লক্ষ্য কৰো; কিন্তু সিহঁতৰ কাৰো ফালে চাবৰ সময় নাই। জীবন ধৰ্ম্ম—সৃষ্টিৰ প্ৰবাহমান ধাৰা একে ভাবে চলি থাকে। কিন্তু কবলৈ দুখ লাগে, সেই শালিকা জোৰাই মোৰ অকল শৰীয়া জীবনৰ কথা বাৰে বাৰে সোঁৱৰাই দিয়ে——মই সঙ্গী হীন, অকল শৰীয়া! মনটো বৰ গধুৰ হৈ উঠে।  জীৱনৰ এটা স্মৰণীয় ঘটনা। ৰবিবাৰ স্কুল বন্ধ। দুপৰীয়া সোনকালে খাই বৈ উঠি ‘দেবদাস’ উপন্যাস খন পঢ়ি আছো বিচনাত বাগৰ দি। এনেতে বাহিৰ দুৱাৰত শব্দ হল, কোনোবাই মাতিছে—

 “ঘৰত কোন আছে?” আকৌ দুৱাৰত শব্দ।

 “কি লাগে?” বিচনাৰ পৰা মই উত্তৰ দিলোঁ।

 ‘‘ডাঙৰীয়া এবাল্‌টি পানী দিয়ক।”

 মাতটো পৰিচিত— জনা-শুনা যেন অনুমান হল। একেকোবে বিচ- নাৰ পৰা জাপ মাৰি উঠি আহি দুৱাৰ খুলিলো আৰু দেখিলো, হাতত খালি বাল্‌টি লৈ এজন ড্ৰাইভাৰ। তাৰ চিনি পাই মই সুধিলো, “কি খবৰ ভোলা, তোক কি লাগে?”

 “বাবু, আপুনি ইয়াতে থাকে? এহ, মই ইমান দিনে কব নোৱাৰো।” তাৰ মুখত হাঁহি আনন্দ আৰু আত্মীয়তাৰ চিন। সি কৈ কল,—

 —“এহ্, নকব বাবু, হঠাতে গাড়ীৰ ইঞ্জিনত পানী নাইকীয়া হল। —এবাল্‌টি পানী......।”

 “বাৰু কোনো ডাঙৰ কথা নহয়। সৌ তাৰে পৰা আনা,” মই তাক পানীৰ পাত্ৰ দেখুৱাই দিলো আৰু পানী এবাল্‌টি ভৰাই সি যাবলৈ ওলাল। সি মোক ধন্যবাদ আৰু নমস্কাৰ জনাই কলে “চাৰ, বেয়া নাপাব, আজি আৰু বহিবৰ সময় নাই। আজি সন্ধ্যাৰ আগতে জৰুৰ নগাওঁ পাবই লাগিব। সময় পালে কেতিয়াবা —”

 “ভাল বাৰু”—মই তাক বিদায় দিলো। ড্ৰাইভাৰ ভোলা লৰালৰিকৈ গুচি গল। কাৰণ তাৰ পলম কৰা নচলে; গাড়ীত পানী ভৰাই তাৰ গাড়ী চলাই নিলে নিজৰ গন্তব্য স্থানলৈ।

 কিন্তু সেই মোৰ চিৰ পৰিচিত বেৰী অষ্টিন গাড়ীখন আৰু তাৰ ভিতৰত বহি থকা আৰোহী কেইজন আৰু সেই অনুপমা? মই তেওঁলোকক চিনি পাইছো; কিন্তু তেওঁলোকেও মোক নাজানে, যদি ভোলাই মোৰ বিষয়ে তেওঁ- লোক একো নকয়। কি জানি অনুপমাই মোৰ কথা পাহৰি গৈছে? কি জানি ভোলাই কৈছে? যদি কৈছে, তেনেহলে অনুপমাৰ মনৰ ওপৰত মোৰ কথাৰ প্ৰতিক্ৰিয়া কেনে হব, সেই কথা চাবলৈ মোৰ সুযোগ নাই। বোধহয় অতিয়া মোৰ বিষয়ে এবাৰ ভাবি চাবলৈ তেওঁলোকৰ সময় নাই।

 সেইবেলি ‘ইণ্টাৰ মিডিয়েট্‌’ পৰীক্ষা পাছ কৰি ঘৰতে বেকাৰ হৈ পৰি আছিলো। কাৰণ ঘৰৰ আৰ্থিক অৱস্থা নোহোৱাত উপৰলৈ পঢ়া আশা একেবাৰে বাদ। কিন্তু যৌবনৰ আশা আকাঙ্খাবোৰ সমূলি মাৰ যোৱা নাছিল। চাকৰী কৰিও পঢ়াৰ আশা কৰিছিলো। অবশেষত টিউচন-ঘৰুৱা শিক্ষ- কতা কৰিয়েই চলিব লগা হল। গতিকে আমাৰ মেচৰ ওচৰতে থকা মিঃ বৰুৱাৰ জীয়েক শ্ৰীমতী অনুপমাক ঘৰতে ৰাতিপুৱা আৰু গধুলি পঢ়াওঁ। তাই এইবাৰ মেট্ৰিকৰ কাৰণে প্ৰাইভেট কৈ সাজু হৈছে। কিন্তু তাৰ বাহিৰেও আমাৰ মাজত ভালেমান কথা আছিল।

 মোৰ প্ৰথম যৌবনৰ প্ৰথম অনুৰাগ-প্ৰেম সেই অনুপমাই জগাই তুলি- ছিল। এই কথা তাই অস্বীকাৰ কৰিব নোৱাৰে। মই তাইক অন্তৰৰে ভাল পাইছিলো। তায়ো মোক তদুনুৰূপ ব্যৱহাৰ কৰিছিল। সেই সময়ত অনুপমাক কেন্দ্ৰ কৰিয়েই মোৰ সকলো কাজ কৰ্ম্ম, চিন্তা ভাবনা চক্ৰ ঘুৰি- ছিল। তাই যেনিবা আছিল মোৰ কল্পনাৰ মধুৰ সপোন আৰু অনুপ্ৰেৰণাৰ উৎস— মোৰ ভবিষ্যত জীৱনৰ আশা-ভৰষাৰ স্থল। সময়-সুবিধা বুজি মই মোৰ অভিপ্ৰায় আৰু পৰিকল্পনাবোধ তাইৰ আগত ব্যক্ত কৰিছিলো। অনুৰাগ প্ৰেম যৌৱনৰ ৰীতি! কিন্তু নিষ্ঠুৰ বাস্তব— অৱস্থাৰ ব্যৱধান —সামাজিক বাধা?

 এদিন গধুলি সুযোগ সুবিধা বুজি মই অনুপমাক মোৰ অন্তৰৰ প্ৰেম-অৰ্ঘ্য নিবেদন কৰিলো—কিন্তু তাই গম্ভীৰ হৈ কঠিন স্বৰে মোক সমিধান দিলে, “মাফ্‌ কৰিব চাৰ, মোৰ পৰীক্ষা আগত, এইবোৰ কৰিবলৈ মোৰ সময় নাই” তাৰ পিচত মই মোৰ দুৰ্ব্বলতা আৰু ভুল বুজিব পাৰি মৰ্ম্মান্তিক লাজ পালো; কিন্তু মুখেৰে প্ৰকাশ নকৰিলো।

 এদিন আবেলিৰ চাহ-মেজত অনুপমাৰ মাকে মিষ্টাৰ বৰুৱাৰ আগত কথাটো পাৰিলে অৰ্থাৎ অনুপমাৰ আগত বিয়াৰ বিষয়ে—

 মাক—“অনুৰ বিয়া, ইমান তাৰাতাৰি কেলেই? তাইক পৰীক্ষাটো দি উঠিবলৈ দিয়ক চোন আৰু পাৰিলে—বেচেৰা মাষ্টৰ জনৰো এটা উপায় কৰিব লাগে — ”

 গিৰিয়েকে (মিঃ বৰুৱা) খঙত পানীৰ গিলাচটো মেজত ঠেকেচা মাৰি উত্তৰ দিলে, “আগেয়ে নিজৰ চাকিত তেল দিয়াচোন। পৰৰ কথা ভাবিবলৈ মোৰ সময় নাই।”

 “এতিয়া নহয়, কেইমাহমান পিচত বিয়াখন পাতিলেও হয় দেখোন। ইমান লৰালৰিকৈ আমি মৰিব নোৱাৰোঁ, বুজিছ। বিয়াখন পিচুৱাই দিয়ক। ছোৱালীজনীৰ তেনে বয়স হোৱা নাই।”

 ‘‘অনুৰ মাক, বাজে কথাকৈ মোক গৰম নকৰিবা। শুনিছাতো, মই দৰাঘৰ মানুহক শেষ কথা দিছো। গতিকে বিয়া পিচুৱাই দিয়াৰ কোনো প্ৰশ্নই নুঠে।”

 “কিন্তু মাষ্টৰ জনৰ বিষয়ে—”, অণুৰ মাকে মিনতি কৰিলে।

 বৰুৱাই খঙত গৰ্জি উঠি কলে,—“মই তোমাৰ কোনো কথাকেই শুনিব নোখোজো। মানুহৰ বেয়া কথাও মই আৰু শুনিব নোৱাৰো। বুজিছানে, তাই পৰীক্ষাটো এতিয়া নহয়, বিয়াৰ পিচতো দিব পাৰিব। এনে সোণালী সুযোগ আৰু এনে ভাল দৰা আৰু নেপাবা। মোৰ কথা হল, — আগেয়ে বিয়া তাৰ পিচত পৰীক্ষা। বিয়ালৈ আৰু বেচি সময় নাই, গতিকে বিয়াৰ কামত লাগি যোৱা। মই বহি থাকিব নোৱাৰো, মোৰ বহুত কাম”—এই বুলি কৈ মিঃ বৰুৱাই বেগাবেগিকৈ ঘৰৰ পৰা বাহিৰ হৈ গল।

 শুভ দিনত সঁচাকৈয়ে বিয়া আহিল। অনুপমাহঁতৰ ঘৰত আয়তী সকলৰ মঙ্গল উৰুলি জোকাৰ আৰু বিয়াৰ বাজনা বাজি উঠিল। অনুৰ বিয়াৰ কাৰণে দেখিলো, সকলোৰে উলাহ-মালহ— অসম্ভব ব্যস্ততা।

 কিন্তু সিদিনা মোৰ মনৰ অৱস্থা— অসহ্য মানসিক যন্ত্ৰনা—ক’তো শান্তি বিচাৰি নাপাওঁ। কোনেও নেদেখাকৈ নিৰলাত কতবাৰ কান্দিছো! হায় ভগবান! মোৰ কল্পনাৰ মানিক, মোৰ জীৱনৰ আশা-ভৰষাৰ স্থল মোৰ অনু- পমাক অন্য এজন পৰ পুৰুষে লৈ ষাব। এই বিয়াখনে মোৰ অন্তৰ ভাঙি- চিঙি তেওঁক অতি দূৰলৈলৈ যাব আৰু অপৰিচিতা, অচিনাকী জনাৰ দৰে কৰি তুলিব। মোৰ লগত অনুৰ কোনো সম্পৰ্কই নাথাকিব। কিন্তু সময় আৰু সমাজক কোনে বাধা দিব? দুজনা যুবক-যুবতীৰ প্ৰেমে-ভৰা অন্তৰৰ কথা- বোৰ নিষ্ঠুৰ ভাবে পদদলিত কৰি মানুহ আৰু মানুহৰ সমাজ কৰ্ম্ম পথত আগ বাঢ়ি গল! হায়! সেই কথা বিচাৰ কৰিবলৈ কাৰো সময় নাই।

⸻:০:⸻