সমললৈ যাওক

গল্প সংকলন/সন্তান

ৱিকিউৎসৰ পৰা

সন্তান

 আবেলি পৰত সদায় “চাহ মজলিচত” বহোঁ। সিদিনাখন চাহ মেলত কেইজনমান ডেকাক ঘটনাটো শুনাইছিলোঁ। কথা কৈ ভাল লাগে তেওঁলোকৰ লগত। তেওঁলোকৰ কথাবোৰ সুন্দৰ। মাৰ্জিত ভাষা, অকাট্য যুক্তি, উচ্চ শ্ৰেণীৰ আলোচনা শুনিলে বুজিব পাৰি ডেকা কেইজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ।

 চাহ কাপৰ পৰা মুখ তুলি নতুন উৎসাহেৰে কবলৈ আৰম্ভ কৰিলোঁ, “অৱশ্যে যুদ্ধ-শান্তি-সভ্যতা জগতত চিৰন্তন চলি থাকিব—যেতিয়ালৈকে পৃথিবী খনত মানুহ নামব ‘ৰাজনৈতিক জন্তুটো’ জীয়াই থাকিব। যোৱা মহাযুদ্ধৰ কথাকে ধৰা যাওক— যুদ্ধখনে কি ভাৱে আমাৰ ব্যক্তিগত, সামাজিক আৰু অৰ্থ নৈতিক জীৱন স্পৰ্শ কৰিছে, আমি অসমৰ মানুহ খিনিৱে হাড়ে-হিমজুৱে গম পাইছোঁ।

 তেওঁলোকে যুদ্ধৰ আলোচনা নীৰবে শুনি আছে। মই প্ৰসঙ্গক্ৰমে সেই ঘটনাটোকে তেওঁলে কক কলো। খুব মনোযোগ আৰু আগ্ৰহেৰে শুনিলে; কিন্তু এজনে কাহিনীটো কাল্পনিক ঘটনা বুলিহে মন্তব্য কৰিলে—

 “কেপ্তেন মোহন সিং, বি-এচ্‌-চি, এম-বি এজন নাম কৰা বিলাত ফিৰৎ চাৰ্জ্জন। কব নোৱাৰো, কি কুক্ষণত তেওঁ চাকৰীৰ প্ৰাৰ্থী হৈ যুদ্ধত নাম দিছিল। কিছুমানে কয়—অৰ্থৰ তাড়নাত, কিন্তু বহুতৰ ধাৰণা—যুদ্ধৰ নতুন নতুন অভিজ্ঞতা লাভৰ আশাত। যাহক, তেওঁ ইম্ফল মিলিটাৰী বেচ্‌ কেম্প হচপিতালত ( Military Base Camp Hospital, Imphal) এচিচ্‌টেণ্ট্‌ চাৰ্জ্জন হিচাৰ যুদ্ধ ক্ষেত্ৰৰ ওচৰতে কাম কৰিছিল। ডাক্তৰৰ জীৱনটো কবলৈ গলে, ঘড়ী আৰু ৰোগীৰ টেটুত বন্ধা। এদিন ৰাতিপুৱা আঠ বজাত ডাক্তৰ মোহন ‘ৰাউণ্ডত' (Round) ওলাইছে, এনেতে ঘৰৰ পৰা এখন Express Telegram—জৰুৰী তাঁৰ পালে— “"Marrige Settled—Come sharp— Mother Serious” তাঁৰখনে একেলগে দুখ- সুখৰ ৰাতৰি বহন কৰি আনিছে—ডাক্তৰ মোহনৰ কাৰণে। বেচেৰা মোহন অতিশয় বিবুদ্ধিত পৰিল। যুদ্ধৰ ধংস-লীলাৰ মাজত বিয়াব ধুম ধাম—এফালে মৃতাৰ আহ্বান আৰু আন পিনে মধুৰ মিলন, সৃষ্টিৰ আনন্দ। কথাবোৰ কেনে সামঞ্জৰ্স্য হীন, নিৰৰ্থক যেন লাগে। নৰীয়া পাটিত পৰি থকা বৃদ্ধ মাকৰ কাৰণে মোহন বেচিকৈ বিচলিত হয়। ডাঙৰ লৰাৰ বিয়া—মাকৰ কি আনন্দ হিয়াভৰা আশীৰ্ব্বাদ!

 হিতাকাঙ্খী সকলৰ বহু অনুৰোধ স্বত্তেও, লণ্ডনৰ পৰা আহি ডাক্তৰ মোহনে বিয়া-বাৰুত একেৰাৰে মন দিয়া নাছিল। বহুতে বোধহয় ভুল বুজি মোহনক এজন woman hater, unromantic fellow বুলি মৃদু উপহাস কৰিছিল। কিন্তু জীৱনৰ প্ৰকৃত উদ্দেশ্য আক অভিপ্ৰায় তেওঁ এদিন মোৰ আগত ব্যক্ত কৰিছিল যে, আজীৱন কাল বৰলা হৈ থাকি কেৱল অধ্যয়ন আৰু ডাক্তৰী গবেষণা কাৰ্য্যত লিপ্ত থাকিব। অন্য লোকৰ মতামতক বিশেষ ভ্ৰুক্ষেপ নকস্তি নিজস্ব কৰ্ত্তব্যত মন প্ৰাণ ঢালি দিছিল।

 তাঁৰ খন হাতত লৈ মোহনে সকলো কথা ভাবি চালে—বিয়া—ভবিষ্যত জীৱনৰ দায়ীত্ব বোৰ। সেই সময়ত হচপিতাল খনত অসম্ভব কাম হেঁচা অসংখ্য যুদ্ধাহত ৰোগী। এনেস্থলত বিয়াৰ কাৰণে ছুটী আশা কৰিৰ নোৱাৰি। ইপিনে বুঢ়ী মাক নৰীয়া পাটিত। তেওঁ ঘৰলৈ যাবই লাগিব। মাকে তাঁৰ কৰিছে।

 বৰ কম সময়ৰ ভিতৰতে আশাতীত ধুমধামেৰে মোহন-উষাকুমাৰীৰ বিয়া হৈ গল। মোহনে ঘৰৰ বাধা, মৰণকো ভ্ৰাওকান কৰি ইম্ফললৈ আকৌ যাত্ৰা কৰিলে; ৰণলৈ তেওঁ যাবই লাগিব।

 মুখৰ ওপৰত দিনে ৰাতিয়ে জাপানী বিমানৰ অবিৰাম হো-হো শব্দ, কামান, বন্দুক, টেঙ্কৰ গৰ্জ্জন। তাৰ তুলনাত মোহনৰ বিয়াৰ বাজনা, আয়তী সকলৰ মঙ্গল উৰুলি জোকাৰ, শঙ্খধ্বনি, হোমাগ্নী এই সকলো বোৰেই কিবা বুজিষ নোৱাৰা অলীক সপোন যেন অনুমান হল।

 ইপিনে মোহনৰ কইনা উষাৰ অসম্পুৰ্ণ ফুল শয্যাৰ মালা ফুল মৰহি গৈ বাসৰ ঘৰৰ সুগন্ধি সৌৰভ বতাহত বিলীন হৈ গল। তাইৰ মনৰ ৰঙীন কুসু- মটিও অনাদৃত হৈ লেৰেলি গল। তাই মনতে ভাবে তেনেহলে এইখন বিয়ানে ব্যঙ্গ?

 মাকৰ একমাত্ৰ লৰাৰ, কত হাবিলাসত্ব বিয়াখন মোহনৰ মাকে দেখা পালে আৰু পালে এজনী দিপলিপ বোৱাৰী নিজৰ ছোৱালীৰ দৰে। উষাৰ একান্ত সেৱা যত মোহনৰ মাকে নৰীয়া পাটিৰ পৰা গা টঙালে। কিন্তু উষাৰ অৱস্থা? কুমাৰী হৃদয়ৰ সকলো প্ৰেম উপচাৰ বাৰ্থ অনাদৃত হ’বনেকি কোনে জানে?.........কিন্তু মান-অভিমান, দান-প্ৰতিদন, ভোগ-ত্যাগ আৰু দ্বন্দ-আপোচ প্ৰেমৰে ৰীতি।

 বিয়াৰ পিচত মাজে সময় মোহনৰ পৰ৷ উষাই চিঠি পায়। প্ৰেমপূৰ্ণ, সৰল ভাষাৰ দিঘলীয়া চিঠি লিখিবৰ ডাক্তৰ মোহনৰ সময় ক'ত? বাতৰি কাকতত ঊষাই পঢ়িবলৈ পায়—বৰ্ম্মাদেশ, মণিপুৰ, ইম্ফল, কোহিমা আদি ঠাইত জাপানীৰ বোমা বৰ্ষণ, নতুন ঠাই দখল —– অমানুষিক ধ্বংস লীলা। মানুহৰ মুখত শুনে নানা ৰকম উৰা বাতৰি। স্ত্ৰীৰ সন্দেহ! তাইৰ মনেও পুৰুষ চৰিত্ৰৰ বিষয়ে বহু কথা ভাবে।

 ওচৰ চুবুৰীয়া তিৰোতা সকল, কেতিয়াবা উষাৰ কোনো বন্ধু বান্ধবীও আছে। ঊষাৰ অৱস্থা দেখি বেজাৰ কৰে। এতিয়া ঊষাৰ আগৰ ৰূপ লাবণ্য নাই।

 উষাৰ কাৰণে সকলো উদ্বিগ্ন হল। অনতিপলমে তাইৰ মাক-বাপেকে এজন ভাল ডাক্তৰৰ পৰামৰ্শ ললে ডাক্তৰে। ঊষাৰ দুৰ্ব্বল, ক্ষীণ, ৰক্তহীন শৰী- ৰলৈ চাই মন্তব্য কৰিলে, শীঘ্ৰে বায়ু পৰিবৰ্ত্তন দৰকাৰ। ঊষাক ছিলঙলৈ নিয়াই স্থিৰ কৰিলে।  ডাক্তৰ মোহনৰ সৰু ভায়েক কিৰণ সিংহই বি-এ পৰীক্ষা দি ঘৰতে বহি আছিল। পৰীক্ষাৰ ফলাফল বাহিৰ হবলৈ আৰু কেই মাহ মান তেতিয়াও বাকী। গতিকে কিৰণে তাৰ মাক আৰু নবৌৱেকৰ লগত এদিন ছিলঙলৈ যাত্ৰা কৰিলে। কিৰণৰ কাৰণেও ভালেই হল, কিজানি ৰাজধানীত থাকিলে তাৰ ভাল চাকৰী এটাৰ সংস্থান হবও পাৰে।

 খাচীয়া পাহাৰৰ কোনো এক বিশিষ্ট স্বাস্থ্য নিবাসত তাৰে চিকিৎসক ডাক্তৰ মেথুৰ (Mr. Mathew ) চিকিৎসাধনীত থাকিলে প্ৰায় ৪৷৫ মাহ কাল। ডাক্তৰ মোহন মিলিটাৰী চাকৰীত যেতিয়া, টকা-পয়ছাৰ প্ৰশ্ন নুঠে। প্ৰকৃতিৰ নন্দন কানন ছিলঙৰ ৰমনীয় শোভাৰাশি, মুক্ত-বায়ু, প্ৰাণবস্তু সজীৱতা, শৈলবিহাৰ, অপাৰ খাদ্য বস্তু আৰু নানা আমোদ-প্ৰমোদ——মুঠতে এটি সুন্দৰ, আনন্দময় পৰিবেশে ঊষাৰ হেৰোৱা স্বাস্থ্য-যৌবন পুনৰ ঘুৰাই আনিলে। তাইৰ লোভনীয় স্বাস্থ্য দেখি আত্মীয় সকল সুখী হ’ল। দুই এজনী বান্ধবী ঈৰ্ষান্বিতাও হ'ল। এই শুভ সংবাদ যুদ্ধ ক্ষেত্ৰত ব্যস্ত থকা মোহনৰ কাণত পৰিলগৈ ভনীয়েক কমলাৰ চিঠিৰ জৰীয়তে। চিঠিত উল্লেখ আছিল যে, কিৰণে চাকৰী নাপালে; পৰীক্ষাতো ফেল মাৰিলে আৰু ঊষাও সন্তান সম্ভবা..............ইত্যাদি।

 উভয় পক্ষৰ অবিৰাম যুদ্ধৰ মাজতো এদিনাখনৰ এটা আনন্দ উৎসৱৰ কথা। সীমান্তৰ কোনো এখন যুদ্ধত শত্ৰুৰ পলায়ন আৰু মিত্ৰ পক্ষৰ জন্ম হোৱাত, সামৰিক কৰ্তৃপক্ষই Victory Day ৰবিবাৰে—‘বিজয়ত্ব দিন' বুলি ঘোষণা কৰিল। এই খবৰত উক্ত হচ্‌পিতালত সকলো ডাক্তৰ-চাৰ্জন, নাৰ্চ -ৰোগী সকলোৱে এদিনৰ কাৰণে স্বস্তিৰ নিশ্বাস কাঢ়িলে। সেই মুকলি দিনটোত সৈন্য বাহিনীৰ মাজত দিনে-ৰাতিয়ে পান-ভোজন, গান-বাজনা, আমোদ প্ৰমোদ, ছায়াছবি আৰু ডাঙৰ অফিচাৰ সকলৰ কাৰণে ‘বল-ডেন্সৰ ব্যৱস্থা আছিল। সেই বিজয় উৎসৱৰ দিনটো সকলোৰে কাৰণে উপভোগ্য।

 এন্ধাৰ গোপন অভিসাৰ! মোহনেও চাইকেলৰ ব্ৰেক টানিলে। হুচেইনে ফলে—“Get down my boy. Thank God, She is in. After all, you are a lucky Chap.” — আনন্দ উল্লাসত অভিভাৱকৰ দৰে হুচেইনে মোহনক আদেশ কৰে। মোহনে দেখিলে সৰু, চাইন বোৰ্ড এখনত স্পষ্ট লেখা আছে— “Miss Margarette Matron, Nurses’ Quarters;” Base Camb Hospital” —তেওঁ এগৰাকী খাচীয়া মহিলা; পৰিচিত কিম্বা অপৰিচিত ভদ্ৰ অতিথি সকলৰ প্ৰীতি আপ্যায়নত পটিয়সী। এই বিষয়ে তেওঁৰ যথেষ্ট সুনাম আৰু খাতিৰ আছে। উপাৰ্জ্জনো আছে যথেষ্ট।

 ডাক্তৰ হুচেইনৰ অভিপ্ৰায় বুজিব পাৰি, মোহনে বিষণ্ণ ভাৱে কলে, “I am very sorry, Mr. Hussain Really I was not prepared for it: Please excuse me and let me go.”—উত্তৰলৈ আপোক্ষই নকৰি মোহন গুচি গ’ল।

 অৱশ্যে ডাক্তৰ মোহনে বিবাহিত স্বাক্ষী হিচাবে, হুচেইনৰ অভিপ্ৰেত কুকৰ্ম্ম সমৰ্থন নকৰি ভালেই কৰিলে। কিন্তু এইটোও ঠিক যে, এই জগ- তত সকলোৱে আদৰ্শব্যক্তি হব নোৱাৰে। প্ৰতিকূল অৱস্থাৰ মাজত বহু- তেই কঠোৰ নৈতিকতা, সংৰক্ষনশীলতা বজাই ৰখা কেতিয়াবা অসম্ভব হৈ পৰে৷ ডাক্তৰ হচেইনো যুদ্ধলিপ্ত মৰনমুখী এজন সৈনিকহে মাত্ৰ।

 চিন্তাই চিন্তা মাতি আনে। সেই দিনাৰ ঘটনাৰ পিচত মোহনৰ মগ- জুত বাহ ললে—মানুহৰ প্ৰতি সন্দেহ আৰু অবিশ্বাস। মোহনে নিজেই জানে, নিজ চকুৰে কত দেখিলে, যুদ্ধৰ সময়ত সমাজৰ শিথিলতা, ব্যভিচাৰ! তাৰ ফলত শ‍ই শ‍ই যুদ্ধজাত জাঁৰজ সন্তানৰ আবিৰ্ভাব। উষাৰ চৰিত্ৰত নিজৰ সন্তানই বিষয়েও নানা দুঃচিন্তা মোহনৰ মনলৈ আহে। ওথেলোৰ দৰে সৰল চিতিয়া, দুৰ্ব্বলমনা মানুহে তেওঁৰ প্ৰিয়তমা ডেচ্‌ দিমোনাৰ প্ৰতি অবিচাৰ কৰিলে—আচৰিত হব লগীয়া একো নাই।

 ঘোৰ অন্ধকাৰ আউসী ৰাতি এজন সৈনিকৰ সাজ-পাৰ পিন্ধা যুৱকে পৰ্ব্বত-পাহাৰ ভাঙি নানা বুদ্ধিৰে সঙ্কটজনক ঠাইবোৰ অতিক্ৰম কৰি ৰাতি ৯ বজাত এটা সৰু ষ্টেচনত নামি পৰিল। ষ্টেচনৰ পৰা এটা সৰু ৰাস্তা গাৱঁৰ পিনে গৈছে। এনে সময়ত গৰুৰ গাড়ী বা ৰিক্সা পাবলৈ উপায় নাই। পিঠিত বোজাটো, গাত মিলিটাৰী সাজ-পাৰ, ভৰিত বুটজোতা। টৰ্চৰ পোহৰত সি সাৱধানে বেগাই গাৱঁৰ ফালে খোজ ললে। তাতে বতৰ আছিল ডাৱৰীয়া। এন্ধাৰ ৰাতি। — গাৱঁৰ বোকা-পানীৰে ভৰা খলা বমা বাট। মাজে মাজে তাৰ ভৰি পিচলি যায়। ভাগৰ, ভোক-পিয়াহ; তথাপি সি আগুৱাই গৈছে। ইফালে বিজুলীৰ চমকনি, ধুমুহাৰ আগ-জাননী। তাৰ মনৰ বেগ যেন ধুমুহা বিজুলীতকৈয়ো প্ৰৱলতৰ হব।

 অৱশেষত এটা ডাঙৰ ঘৰৰ সন্মুখত সি ৰৈ গল। গেটৰ ওচৰলৈ গৈ দেখে, গেট বন্ধ তলা-চাবি লগোৱা। ঘৰৰ পিচ ফালেদি গৈ ওখ দেৱালখন পাৰহৈ হাউলীত প্ৰবেশ কৰে। তেতিয়া মাজ ৰাতি। পশ্চিমৰ বাগিছা খনৰ ফালে তেতিয়াও খিৰিকী খন খোলা আছে। এটি ক্ষীন আলো আহি বাগিছাত পৰিছে। সন্তৰ্পণে চোৰৰ দৰে চাৰিওফালৈ এবাৰ চকু ফুৰাই লৈ সেই খোলা খিৰিকীৰ ফালে আগবাঢ়ে। সি বুটজোতা পিন্ধিয়েই খিৰিকীৰ মাজেৰে জাপ দিলে ঘৰৰ ভিতৰত।

 গভীৰ ৰাতি হঠাতে এনে এটা ভীষণ শব্দ শুনি ঘৰৰ ভিতৰৰ পৰা ‘চোৰ—চোৰ’ বুলি কোনোবাই আৰ্ত্তনাদ কৰিলে। সি পুৰুষ, আন গৰাকী তিৰোতা—হিতাহিত জ্ঞান শূন্য। এজন উন্মত্ত, আনজন ভয়াৰ্ত্ত আক তন্দ্ৰালু। প্ৰবেশকাৰীৰ এহাতে পিস্তল আন হাতে টৰ্চ। টৰ্চৰ পোহৰত তেওঁ স্পষ্টকৈ দেখিলে, এখনি পবিচিতাৰ মুখ—কোলাত এটি সুন্দৰ কেচুৱা৷ চাই থাকোতে মুহুৰ্ত্তৰ ভিতৰতে মুৰ্চ্চা গৈ তিৰোতাজনী মাটিত বাগৰি পৰিল। তাৰ হাতৰ পিষ্টল মুঠিৰ পৰা সুলকি পৰিল। কেচুৱা লৰাটিয়ে মাকৰ বুকুত পৰি চিঞৰি কান্দিব ধৰিলে। এই কৰুণ স্বৰ্গীয় দৃশ্যই বীৰ সৈনিক জনৰ কঠোৰ হিয়া পৰিবৰ্ত্তন কৰিলে। ক্ষন্তেকতে তাৰ উন্মাদতা আৰু মনৰ কুঅভিপ্ৰায় আঁতৰি গল। —ভগবানৰ অশেষ কৰুণা!

 এতিয়া সেই সৈনিকবেশী ডাক্তৰ মোহনে নিজৰ মাৰাত্মক ভুল—নিজৰ তিৰোতা আৰু সন্তানৰ প্ৰতি কৰা অন্যায়-অবিচাৰ বুজিব পাৰিলে। তেওঁ কান্দি থকা কেচুৱাটিক আলফুলকৈ তুলি নিজৰ বুকুত সাবটি ললে। কাৰণ ভেওঁৰ অন্তৰাত্মাই কৈ দিলে—“তুমি পিতৃ হৈ নিজৰ সন্তানৰ প্ৰতি অবিচাৰ কৰিবা নে?”

⸻:০:⸻