সমললৈ যাওক

গল্প সংকলন/শিল্পীৰ হেৰোৱা সপোন

ৱিকিউৎসৰ পৰা

শিল্পীৰ হেৰোৱা সপোন

 জনবহুল ব্যস্ত কলিকতা। কলেজ স্কোয়াৰ পাৰ্কৰ এচুকত ফুটপাথৰ ওপৰতে তাৰ দোকানখন। ৰেলিঙত তাৰ অকা ছবিবোৰ বেছি ভাগেই অমৰ পুৰুষ, বিখ্যাত মনীষী, সাহিত্যিক, দাৰ্শনিক, কবি, দেশৰ নেতা, সমাজ সংস্কাৰক, ধৰ্ম্মবীৰসকলৰ। কেইটামান বগা-কলা ৰেখাৰে মানুহৰ চকুৰ আগত উজ্জল জীৱন্ত কৰি তুলিবলৈ চিত্ৰকৰৰ কি যে অদম্য প্ৰয়াস! দুই এজন পথিকে তাৰ দোকানৰ কাষেৰে যায়, তাৰ ছবিবোৰলৈ চাই যায়; কোনোৱে বা দাম-দৰ সুধিও গুচি যায়।

 এজন দীঘল ক্ষীণকায় মানুহ। অতি নিঃ কিন বেশত ৰেলিঙত মুৰ ৰাখি পেভমেণ্টৰ ওপৰতে সদায় বহি থকা দেখা যায় ৰাতিপুৱাৰ পৰা সন্ধ্যালৈ। বিৰাট চহৰখনৰ কম মানুহে জানে সিয়েই চিত্ৰকৰ, এজন অজ্ঞাত শিল্পী সি। বহু দুৰ্ভ গীয়াৰ দৰে সিও গৰীব, অভাৱগ্ৰস্ত; অৰ্থচিত্তা অন্নবস্ত্ৰৰ চিন্তা সদায় তাৰ পিছে পিছে ফুৰে। অক্লান্ত কষ্ট সাধনাৰ দ্বাৰাও নিজক প্ৰতিষ্ঠা কৰিব পৰা নাই। তাৰ শুকান চিন্তাযুক্ত মলিন মুখখনিত সেই একে কথাই, একে বেদনাই পৰিস্ফুট হৈ উঠে। সাংসাৰিক চিন্তাৰ তাড়নাত পাৰ্কৰ ৰেলিঙত আউজি শুই পৰে সি নিজৰ অজ্ঞাতে। টোপনিত সি নতুন জীৱনৰ বঙীন আশাৰ সপোন দেখে।

*  *  *  *

 এজন বিশ্ববিখ্যাত ইউৰোপীয় বৃদ্ধ ভদ্ৰলোক। তেওঁ অজন্তা গুহা, শান্তিনিকেতন, পুৰী, ভুবেনশ্বৰ আদি অতীত ভাৰতৰ গৌৰৱময় কলা তীৰ্থবোৰ পৰিদৰ্শন কৰি এই মাথোন কলিকতাত পদাৰ্পন কৰিছেহি। মানুহে কয়— তেওঁ হেনো ‘প্যাৰী নেচনেল আৰ্ট গেলাৰী’ৰ এজন অধ্যক্ষ আৰু প্যাৰী বিশ্ব- বিদ্যালয়ৰ সুকুমাৰ কলাৰ এজন প্ৰাক্তন অধ্যাপক। তেওঁ কেইজনমান মানুহৰ লগত কিবা বিষয়ে আলোচনা কৰি কলেজ পাৰ্কত সোমাল। নাম নজনা চিত্ৰকৰৰ সৰু দোকানখনে সেই বিদেশী পৰ্যটক শিল্পাচাৰ্যের দৃষ্টি আকৰ্ষণ কৰে। গভীৰ মনোযোগেৰে তেওঁ ছবিবোৰ চাব ধৰে। হঠাৎ তেওঁ আনন্দ উচ্চাসত চিঞৰি উঠে—“মহান ভাৰত ভূমিৰ য’তে ত’তে কবি-শিল্পীৰ জন্ম হয়।” এই বুলি তেওঁ জেপৰ পৰা এশ টকীয়া নোট এখন উলিয়াই নিঃকিন দোকানী জনব হাতত দি কলে, “তুমি আপত্তি নকৰিবা, মই তোমাৰ এই ছবি দুখন কিনিলোঁ। বোধ হয় শুনিছা, অলপতে প্যাৰী নগৰত এখনি আন্তৰ্জাতিক কলা প্ৰদৰ্শনী হব। ভাৰতৰ প্ৰতিনিধিমূলক চিত্ৰ-শিল্প ভাৰতীয় সুকুমাৰ কলাৰ উৎকৃষ্ট নিদৰ্শনবোৰ সংগ্ৰহ কৰিবাৰ কাৰণে মই ভাৰতৰ নানা ঠাইত ঘুৰি ফুৰিছো।” অজ্ঞাত চিত্ৰকৰৰ নাম-ঠিকনা তেওঁ নিজৰ নোটবুকত টুকি লৈ কলে “প্যাৰীৰ কলা প্ৰদৰ্শনীতে তোমাৰ এই ছবিখন ‘সপোনৰ ভাৰত’ দেখুৱা হব। যদি এইখন বিচাৰক সকলৰ বাচনিত উঠে তেন্তে বাচাধন, তোমাৰ ভাগ্যক শত ধন্যবাদ দিবা।” এই বুলি কৈ তেওঁ গুচি গল নিজৰ গন্তব্য স্থানলৈ চিত্ৰকৰ জনক অবাক আৰু আচৰিত কৰি। ৰিদেশী বৃদ্ধ ভদ্ৰলোক জনৰ সৰল কথাবোৰ সি বিশ্বাস কৰিব নোৱাৰিলে। সি তেওঁৰ পৰা আশাতীত ধন পাইছে। সি যেন সপোনহে দেখিছে। যি হক তাৰ অঁকা ছবি দুখনৰ বিনিময়ত প্ৰচুৰ ধন আৰু আনৰ মুখত নিজৰ কামৰ প্ৰশংসা শুনি নতুন আশা আক আনন্দত তাৰ হৃদয় নাচিব ধৰে। সি ভাবে —কি জানি এনে গৌৰৱময় দিন আহিৰ, যিদিনা সি সচাকৈয়ে সাধনাত সিদ্ধি লভিব, তাৰ শিল্প প্ৰতিভাক সকালোৱে একমুখে স্বীকাৰ কৰিব, দহজনৰ মাজত নিজক প্ৰতিষ্ঠ৷ কৰিব সগৌৰৱে।

 উগুল থুগুল অন্তৰৰে সি লৰালৰিকৈ ছবিৰোৰ সামৰি লৈ ঘৰমুৱা হল। পোনেই সি তাৰ বাল্য লগৰী, যৌৱনৰ প্ৰেমাস্পদ তাৰ অতি মৰমৰ কবিতাৰ ওচৰলৈ গৈ সেই স্মৰণীয় ঘটনাটোৰ কথা বিবৰি কয় গৈ। ভাই শিল্পীৰ বিজয় গৌৰৱত গৰ্ব্বিতা হৈ তাৰ গাত ধৰি নাচিব ধৰে। তাইৰ উদ্‌গণি, অনুপ্ৰেৰণা অথলে যোৱা নাই। তাই শিল্পীৰ সাধনাৰ বাটত প্ৰতি বন্ধক নহয়; তাৰ প্ৰেৰণাৰ উৎস, উৎসাহ দাত্ৰী, শিল্পীৰ গুণমুগ্ধ ছাত্ৰী বা শিষ্যা। সকলোৰে ওপৰি তাই তাক খুব ভাল পায়। দাঁতত ভাত এটি লাগিলেও কমলে কবিতাক জনায়; আনন্দৰ ভাগ তাইক দিহে শান্তি পায়। সময়ে সময়ে তাইৰ কথা ভাবি তাৰ ভাল লাগে। সিও মানুহ। কবিতাক লৈয়ে কল্পনা সৌধ গঢ়ে সি—এখনি সৰু শান্তিপূৰ্ণ সোণৰ সংসাৰৰ কল্পনা কৰে। কিন্তু কঠিন-কঠোৰ বাস্তব। সি বুকুত বল বান্ধি নতুন উদ্যমেৰে কামত লাগি যায়। শিল্প কলাৰ সাধনাত, সুন্দৰৰ আৰাধনাত,সুন্দৰৰ সৃষ্টিত। প্ৰকৃতিৰ বুকুত লুকাই থকা সৌন্দৰ্য সুষমা ৰাশি উদ্ধাৰ কৰিব বিচাৰে অজ্ঞাত শিল্পী কমলে। তাক প্ৰায়ে দেখা যায় ধুনীয়া ফুলনিত, সেউজীয়া ঘাহনিৰ মাজত, শ্যামল পাহাৰৰ টিলাত, হাবি বননিৰ মাজত, কেতিয়াবা খৰস্ৰোতা তটিনী জুৰি জানৰ পাৰত। কোদাল খন্তিৰে ভূগৰ্ভৰ পৰা ধনৰত্ন উলিওৱাৰ দৰে সি তাৰ তুলি আৰু ৰঙৰ সহায়ত মানুহৰ চকুৰ আগত ডাঙি ধৰিব বিচাৰে বিশ্বৰূপ—প্ৰকৃতি-পুৰুষৰ অপূৰ্ব্ব ৰূপ। মানুহৰ অসাধ্য একো নাই। বিৰোধী শক্তিবোৰক পৰাস্ত কৰি জয়যুক্ত হোৱাই জীৱনৰ গৌৰৱ—মানুহৰ ধৰ্ম্ম। কলা চৰ্চ্চাৰ কাৰণে সি গোটেই জীৱনটো উচৰ্গা কৰিব, দৰকাৰ হলে কলাৰ কাৰণে সি তাৰ প্ৰেয়সী কবিতা জনীক এৰি থৈ গুচি যাব ক’ৰবালৈ।

 ভাৰতীয় কলা চৰ্চ্চাৰ অপূৰ্ব্ব উৎকৃষ্ট নিদৰ্শন ‘সপোনৰ ভাৰত’ ছবিখনে এজন অজ্ঞাত শিল্পীক বহুৱালে জগতৰ শ্ৰেষ্ঠ কলাশিল্পীসকলৰ শীৰ্ষস্থা নত সন্মানৰ আসনত। প্যাৰী আন্তৰ্জাতিক প্ৰদৰ্শনীত ২য় পুৰস্কাৰ পালে ভাৰ- তীয় চিত্ৰকৰ কমলে। লগতে পালে বিস্তৰ ধন আৰু জগতত নুমাব নোৱাৰা নাম-যশস্যা। কমলে বিজয় দৰ্পে সগৌৰৱে নিজক প্ৰতিষ্ঠা কৰিলে অভিমানী সমাজৰ বুকুত। বৰ্ত্তমান তাৰ স্থান কলিকতাৰ সেই অৱহেলিত পদদলিত ফুটপাথত নহয়—কুৰি শতিকাৰ বিজুলী বাতিৰে আলোকিত, আধু- নিক বিজ্ঞানে দিয়া আৰাম, সুখ-সুবিধা বিলাসিতা, আভিজাত্য পুৰ্ণ সুদৰ্শন তিনিমহলা অট্টালিকাৰ ‘ফ্লাটৰ (Flat ) ওপৰত। আজি ৰঙা নীল৷ বিজুলী বাতিৰ পোহৰত জিলিকি উঠিছে বিশ্ববিখ্যাত শিল্পী কমলৰ কাৰ্য্যালয় ‘ষ্টুডিয় এভাৰ গ্ৰীন’ (Studio Ever Green )। ভাৰতৰ বৃহত্তম কলিকতা নগৰীৰ অতি সম্ভ্ৰান্ত ঠাইত। আজি কমলৰ নাম নজনা মানুহ খুব কমেই ওলাব। তেওঁৰ সুনাম যশস্যা য’তে ততে, লৰা ডেকা বুঢ়া সকলোৰে মুখে মুখে। আজি কালি তেওঁ সমাজৰ ওখ খাপত সম্ভ্ৰান্ত অভিজাত শ্ৰেণীৰ মাজত বিলাসী আড্ডাবোৰত ( Fashionable Club ) চলা ফিৰা কৰে ‘টেক্সী’ বা ‘কাৰ’ নহলে খোজকে নাকাঢ়ে। কমলৰ চিত্ৰালয় ( Studio ) হৈ উঠে নগৰীৰ সম্ভ্ৰান্ত ধনী শিল্প-কলা মোদীসকলৰ এটা বৃহৎ আড্ডা আৰু ব্যৱ- সায়ৰ কেন্দ্ৰ। কমলৰ আয় উপাৰ্জ্জনো হয় তদনুৰূপ।

 প্ৰতিচ্ছবি চিত্ৰকাৰ (Portrait painter ) হিচাবে কমল সিদ্ধ হস্ত অদ্বিতীয়; শিল্পী মহলত তেওঁৰ খুব সমাদৰ। কম সময়ৰ ভিতৰতে কমলে উন্নতিৰ জখলাভ খোপে খোপে, উঠি গল। কমল আজি সমাজৰ উচ্চ স্তৰত সুপ্ৰতিষ্ঠিত। তেওঁৰ ‘ষ্টুডিয়’লৈ আহে ধনী, বিলাসী ডেকা-গাভৰুৰ দল, চিত্ৰতাৰকা, অভিনেতা-অভিনেত্ৰী চিনেমা ব্যৱসায়ী, বিজ্ঞাপন দাতা আদি হৰেক ৰকমৰ মানুহ। দুৱাৰ মুখত অসম্ভৱ ভীৰ। মানুহৰ হেঁচাত কমলৰ খাৱৰ-শুবৰ এনে কি জিৰণিৰো সময় নাই।

 কলিকতা ৰঙ্গমঞ্চৰ ( stage ) বিখ্যাত অভিনেত্ৰী চিত্ৰতাৰকা শ্ৰীমতী লায়লীৰো কমলৰ কাৰ্য্যালয়ত ঘনাই আগমন দেখি নগৰীৰ মানুহবিলাক কম আচৰিত হোৱা নাই। কেতিয়াবা দুয়োজনে একেলগে বালিগঞ্জত লেক’ৰ পাৰত, সন্ধ্যাবেলা পাৰ্কত, অভিজাতপূৰ্ণ চৌৰিশী অঞ্চলত লায়লীৰ মটৰত সান্ধ্য ভ্ৰমণ, দুয়োজনে Metro আৰু Light House প্ৰেক্ষাগৃহত ৰাতিৰ প্ৰদৰ্শনী (Night show ) চাইছে। কেতিয়াবা সম্ভ্ৰান্ত ‘নৈশ ক্লাব’ বোৰত নাচ গান আৰু আহাৰ কৰিছে। কমলৰ কাৰণে জীৱনৰ ইও এক নতুন অভিজ্ঞতা। যি হ’ক জীৱনৰ নতুন ৰূপত, নতুন অভিজ্ঞতাৰ লগত তেওঁ নিজকে খাপ খুৱাই লৱ পাৰিছে। জগত খনৰ দৰে জীৱনটোও পৰিৱৰ্তনশীল।

 বহুতে কয়—কলকতীয়া ভাৰা ঘৰৰ মূৰ ঘুৰোৱা অতিপাত ভাৰাখিনি বচাবৰ কাৰণে কমলে তাৰ চিত্ৰ-কাৰ্য্যালয় স্থানান্তৰিত কৰিছে তেওঁৰ বান্ধবী অভিনেত্ৰী লায়লীৰ আপোন ঘৰ পাচ মহলা অট্টালিকা “নুৰ মঞ্জিল” লৈ। অথচ সকলোৱে জানে কমলৰ আয়-উপাৰ্জ্জন প্ৰচুৰ আৰু ব্যয়ও তদ্ৰূপ! কমল আৰু লায়লী দুয়ো কলাৰ পূজাৰী এজন চিত্ৰকৰ, আনজন অভিনেত্ৰী। দুয়োৰা মিলাপ্ৰীতি, মিলন বা একত্ৰবাস কোনো অস্বাভাৱিক বা বিসদৃশ কথা নহয়। কিন্তু তাকে দেখি শিল্পীৰ কথা—নগৰৰ সাধাৰণ মানুহৰ কথাৰ বিষয় হৈ পৰে। অধিক কৌতূহলী সকলে প্ৰতীক্ষা কৰে কিবা অৱশ্যম্ভাবী ঘটনালৈ।

 খৰৰ ৰাখোতা সকলে জানিব পাৰে, শ্ৰীমতী লায়লীয়ে মোহিনীৰ দৰে আকৰ্ষণীয় শক্তিৰে, বিজয়িনীৰ দৰে বিজয় গৰ্ব্বে নিজৰ অভিষ্ট দেৱতাক পৰ্ব্বতৰ ওখ টিঙৰ পৰা হেলাৰঙে নমাই আনি নিজৰ প্ৰেম কক্ষত স্থাপন কৰিলে। বিজ্ঞলোক সকলে প্ৰমাণ গণে। কিন্তু উপায় হীন নীৰব দৰ্শকৰ নিচিনা নীৰৱে চাই থাকে কমলন ঘটনাৱলীলৈ। সুৰুচি বৰ্জ্জিত বিলাস আৰামত সুখ য়লিলত এজন বিশ্ব বিশ্ৰুত কলা কুশলীয়ে ডুব দিলে — মধুৰ লোভত নে, শিল্পৰ সাধনাত?

 অহা লণ্ডন কলা প্ৰদৰ্শনী ( London Art Exhibitian) ত দিবৰ কাৰণে কমলে এখন ডাঙৰ ছবি আকিছে। ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেওঁ অবিৰাম পৰিশ্ৰম কৰিছে ছবিখন সম্পূৰ্ণ কৰিবলৈ। ছবিৰ মডেল বা আৰ্হি লায়লী নিজেই। থিয়েটাৰৰ জৰুৰী ‘ৰিহাচল’ বাদ দিও কমলৰ লগতে ষ্টুডিঅ'ত অনেক সময় থাকিব লগা হৈছে। বাধ্য হৈ নিজৰ অন্নিচ্ছা সত্ত্বেও কামৰ সময়ত লায়লীক এৰি দিছে। তথাপি তাইৰ স্বাধীন ইচ্ছাত বাধা নাই! বিশেষতঃ এতিয়া তাই মালিকনী—সকলো বিষয়তে। লায়লী যেনিৰা চালক আৰু কমল পৰিচালিত।

 কেতিয়াবা হঠাৎ কবিতা জনীৰ কথ৷ তাৰ মনত পৰে। কবিতা আৰু লায়লীৰ মাজত যেন ভালেখিনি প্ৰভেদ দেখে কমলে আৰু তাইক ওচৰত পাবৰ ইচ্ছা কৰে। কাৰণ যি তাইক এবাৰ অন্তৰেৰে ভাল পাইছে, সি কেতিয়াও কবিতাক পাহৰিব নোৱাৰে। কিন্তু উপায় হীন, পথচ্যুত, অৱ- স্থাৰ দাস হৈ পৰিছে কমল।

 যথা সময়ত “কুমাৰী” নামৰ তেল ছবিখন ( Oil painting ) সম্পূৰ্ণ কৰি লণ্ডনৰ কলা প্ৰদৰ্শনীলৈ পঠালে। কিন্তু বৰ আচৰিত কথা যে— লণ্ডনৰ চিত্ৰাধ্যক্ষসকলে কমলৰ ছবিখন গ্ৰহণ নকৰিলে। আন্তৰ্জাতিক প্ৰতিযোগিতাত ভাৰতৰ প্ৰতিনিধিমলক সুৰুচি সম্পন্ন কলাকাৰ্য্য নহয় বুলি তেওঁলোকে ছবিখন ফিৰাই দিলে। কমলে বিষম আঘাত পায়, হতাশা আৰু আত্মগ্লানিত তাৰ মন ভৰি উঠে। এই পৰাজয়ত কলিকতাৰ বিজ্ঞ সমাজ, শিল্প চিত্ৰ-কলামোদীসকলো কম দুঃখীত আৰ আচৰিত হোৱা নাই। কাৰণ এইবাৰ আন্তৰ্জাতিক পৰাৰ এটা আৰু প্ৰাপ্য আসন ভাৰতে হেৰুৱাইছে। ইয়াতকৈ আৰু দুখৰ বিষয় কি হব পাৰে? কমলৰ হল কি? — তেওঁলোকে দুখ ক’ব।

 অৱশেষত কমলে নিজস্ব ভুল বুজিব পাৰিছে, কলংকিনীৰ মায়া জালত পৰি সি জ্ঞান জাক জীৱনৰ মূলমন্ত্ৰ মহাব্ৰত পাতলিছে। লগতে সি হেৰু- ৱাইছে- ধন উপাৰ্জ্জন, সুনাম—যশস্যা আৰু হেৰুৱাইছে —এখনি নিৰ্মল হিয়াৰ পবিত্ৰ প্ৰেম। তাৰ আজি জীৱনৰ সুখ-শান্তি নাই, কলা সৃষ্টিৰ আনন্দ নাই। জীৱনৰ এটি মাৰাত্মক ভুলৰ কাৰণে। এজন বিশ্ববিখ্যাত কলাকাৰ সি। কিন্তু হায়! সংসাৰৰ পাকচক্ৰত পৰি তাৰ ধৰ্ম্ম—“সত্য শিৱ সুন্দৰৰ পূজা,’ সুন্দৰ আৰাধনা, সুন্দৰৰ উপসনা সি অবলীলাক্ৰমে পাহৰি গৈছে—এজনী অভিনেত্ৰীৰ কৃত্ৰিম প্ৰেম-মদিৰাৰাগী পান কৰি। “নুৰ মঞ্জিল”ৰ বিষাক্ত পৰিবেশ ত্যাগ কৰি শিল্পী কমলে পলাই যাবৰ ইচ্ছা কৰে। বাচিবৰ এতিয়াও সময় আছে। কিন্তু যাব কলৈ? ৰঙীন কাচঁকে মহামূল্য হীৰাৰত্ন বুলি বুকুত সাবটি থাকিব নোৱাৰে। কমল কলাৰ পূজাৰী—সুন্দৰক সৃষ্টি কৰাই যে তাৰ কাম।

 শিল্পীয়ে অনুতাপ অগণিত, অসহ্য যন্ত্ৰণাত ছটফট কৰে। তাৰ ভৰিৰ তলত জ্বলন্ত অগ্নিকুণ্ড, চাৰিও পিনে ঘোৰ অন্ধকাৰ। যি ফালেই চায়, সি- ফালে লোভ-সনা মৰীচিকাৰ অভিনব খেলা। উপায়হীন, দিশহাৰ৷ শিল্পীয়ে ভয়ত কান্দিব ধৰে; মাজে মাজে চিঞৰি উঠে, “আলো! আলো! মাত্ৰ এধানি পোহৰ!’’ এবাৰ ঘোৰ অন্ধকাৰৰ মাজেৰে সাহসেৰে চাই পঠিয়ায়। আচ- ৰিত কথা! অন্ধকাৰ ঠেলি পূবেৰুণৰ দৰে এটি ক্ষীণ পোহৰ ক্ৰমে ক্ৰমে প্ৰতিভাত হৈ কমলৰ পিনে আগবাঢ়ি আহিছে। সি চকু দুটা মোহাৰেনিজক সচেতন কৰিবলৈ। হাতত প্ৰদীপটে৷ লৈ এজনী দেৱী নে মানৱী ধীৰে ধীৰে আহি কমলৰ সন্মুখত উপস্থিত। প্ৰদীপৰ আভাত ভালকৈ নিৰিক্ষণ কৰি কমলে দেখে—তেওঁ দেৱী, অপেশ্বৰী বা আন কোনো মানবী নহয়— তাৰেই পৰিচিতা দেবীৰূপা কবিতা। মুখমণ্ডল দিব্য জ্যোতিৰে উদ্ভাষিত, মুখত মধুৰ হাঁহি। শিল্পীয়ে আনন্দত আত্মহাৰা হৈ মাতিব চেষ্টা কৰে, কিন্তু আচৰিত কথা, সি মাতিব নোৱাৰে, কিহবাই যেন মুখত সোপা দিছে। আকোৱালি ধৰিবলৈ সি আগবাঢ়ি যায়; কিন্তু ছায়ামূৰ্ত্তী কবিতাই পিছুৱাই যায়। সি কোনোমতে তাইক ধৰিব নোৱাৰে। মেঘৰ কোলাত বিজুলীৰ দৰে মধুৰ হাঁহি এটি মাৰি ছায়া মূৰ্ত্তীয়ে গম্ভীৰ ভাবে কয়,— “প্ৰিয়তম তুমি দিশহাৰা, এন্ধাৰত পথ হেৰুৱাই পোহৰ বিচাৰিছা।” এইয়া চোৱা, মোৰ হাতত তোমাৰ জীৱন প্ৰদীপ। এইটোৱেই ৰাস্তা, চাই লোৱা। মই আলো, মই ৰাস্তা আৰু ময়েই তোমাৰ পথ প্ৰদৰ্শক। ভয় নাই। এই দিব্য আলোৰ সহায়ত তুমি আগবাঢ়া। সদায় মনত ৰাখিবা, — তুমি শিল্পী, কলাকাৰ, সুন্দৰৰ পূজাই তোমাৰ জীৱনৰ ব্ৰত। এই পথে আগবাঢ়া!” এই বুলি কৈ ছায়া মূৰ্ত্তী অন্তৰ্ধ্যান হল। দুধাৰি আনন্দৰ চকুলো বাগৰি যায়—শিল্পীৰ শুকান গালৰ ওপৰেদি। সাগৰত মহামূল্য মানিক হেৰালে, যদিও শিল্পীয়ে আজি প্ৰকৃত পথৰ সন্ধান পাইছে।

 বাস্তবৰ কঠোৰ খুন্দাত অজ্ঞাত শিল্পীৰ সোনালী হুখকৰ সপোন হেবাই যায় : সি বাৰে বাৰে তাক পাবলৈ ইচ্ছা কৰে। কিন্তু এজন গ্ৰাহকৰ মাতত তাৰ টোপনি ভাঙে——তাৰ ৰঙীন কল্পনাবোৰ ভাঙি চুৰমাৰ হৈ যায়। এজন মানুহে তাক ফটা ছোলাটোত ধৰি মাতিব ধৰিছে, “হেৰা, নুঠা কেলেই? ৺ৰামকৃষ্ণৰ ছবিখন মোক লাগে। খুব সুন্দৰ আৰু হুবহু হৈছে ছবিখন। দামনো কিমান?

 —এটকা মাত্ৰ।

 —অ আই, আজি কালি ৰূপ এটকা জানো কম? বাৰু, আঠ অনাত দিবানে?

 —ভাল লৈ যাওক। ছবিখন আপোনাৰ পছন্দ হৈছে। মোৰ কাৰণে সেয়ে যথেষ্ট।

 ৰাতিৰ এন্ধাৰ ঘনীভূত হৈ আহিছে। এটি এটিকৈ ফুট পাথৰ গ্যাচলাই টবোৰ জ্বলিব ধৰিছে। ৰাতিৰ বাসস্থান, আহাৰ নিদ্ৰাই অজ্ঞাত শিল্পীক সোঁৱৰাই দিলে, “এইবাৰ ফিৰিবৰ হল।” আধুলিটো জেপত ভৰাই আৰি থোৱা ছবিবোৰ তাৰ ভঙা ছুটছেটোত সামৰি ললে। তাৰ দিনটোৰ পাৰি- শ্ৰমিক, ৰাতিৰ সম্বল —সেই আঠ অনা পইচাকে লগত লৈ লাহে লাহে ঘৰৰ ফালে খোজ লয়। তথাপি তাৰ কোনো অনুতাপ বা দুখ নাই। তাৰ একমাত্ৰ শান্তনা যে, আজি কালিৰ মানুহে শিল্প কলাক সমাদৰ কৰিব ধৰিছে। তাৰ দৰে অজ্ঞাত শিল্পীৰো সামান্য প্ৰতিভা মানুহে স্বীকাৰ কৰিছে। সিদিনা কাগজত খবৰটো পঢ়ি তাৰ কি যে আনন্দ। ——‘জনপ্ৰিয় ছৰকাৰে ৰাজধানীত পাঁচ- লাখ টকা ব্যায় কৰি এটা জাতীয় সঙ্গীত কলা মন্দিৰ স্থাপন কৰিছে, আৰু মাননীয় প্ৰধান মন্ত্ৰীয়ে মন্দিৰৰ দ্বাৰ মুকলি কৰিছে। ভাৰতৰ নানা ঠাইৰ পৰা বিখ্যাত কবি, নাট্যকাৰ, সঙ্গীতজ্ঞ, কলাবিদ সকলে উৎসৱত যোগ- দান কৰে।’

 তেনেহলে, সি বাটে বাটে ভাবি যায়, —তাৰ দৰে এজন নগন্য অজ্ঞাত শিল্পীৰ হেৰোৱা সপোনটো এদিন নিশ্চয় বাস্তৱত পৰিনত হবই।

⸻:০:⸻

/>